Sunday, 10 December 2023

 

জুৰি বৰুৱাৰ গল্পবোৰ




জুৰি বৰুৱাৰ গল্প এটা পঢ়িবলৈ লৈ শেষ  কৰাৰ লগে লগে ভাৱ হয় তেওঁৰ যেন এনে আৰু  অনেক  গল্প   আমক কবলৈ সাঁচি ৰাখিছে। এখন নিম্নবৰ্গীয় সমাজৰ আমি নেদেখা বাস্তৱৰ অনেক সত্য তেওঁ কাহিনীকথনলৈ তুলি আনি আমাক পোহৰ দিবলৈ তেওঁ  সাজু হৈ আছে। কবলৈ গ’লে জুৰি বৰুৱা নিজেই গল্পৰ এটা শেষ নোহোৱা ভাণ্ডাৰ। যথাৰ্থ ফিল্ডৰ মানুহ--কষ্ট কৰে, গাৰ ঘাম পেলায়, মগজুৰ কছৰৎ কৰে।

তেওঁ তালৈ যায়,  কেৱল গল্পৰ বাবেই নহয়। যায়গৈ জীৱনক জানিবলৈ।

কোৱা হয় যে সৃষ্টিশীল মানুহৰ এটা তৃতীয় নয়ন থাকে। সেইবাবেই সচৰাচৰ আনে নেদেখা  জগতখনো সৃষ্টিশীল মানুহে দেখা পায়।  তাৰপৰা লৈ আহে অজানাৰ  সন্ধান। গল্পকাৰ হিচাপে জুৰি  বৰুৱা নবীন হলেও তেওঁৰ গল্পৰ   প্ৰতি আমাৰ আগ্ৰহ কেৱল এই তৃতীয় নয়নটোৰ বাবেই নহয়। জুৰিয়ে পাঠকৰ হাতত গল্প এটা তুলি দিবলৈ যি  প্ৰেক্ষাপট  ৰছনা কৰে, তাৰবাবে যেন এটা  তৃতীয় নয়ন নহয়-বৰঞ্চ  দশোদিশৰপৰা অনেক  চকুৰ সন্ধান কৰে।আচলতে আধিপত্যবাদী সমাজৰ চেঁপাত লুকাই থকা নিম্নবৰ্গীয় সমাজ এখনৰ  নেদেখা সত্যবোৰ তেওঁৰ সন্মুখত এনেদৰে উদ্বাসিত হয়, যে সেইবোৰ চাবলৈ তেওঁক যেন হাজাৰ হাজাৰ চকুৰ প্ৰয়োজন হৈ পৰে। চকুবোৰ তেওঁ  শৰীৰত  বান্ধি  লয় । চকুবোৰে  প্ৰেক্ষাপটত পিটপিটাই  ফুৰে-- যেন গাৱঁৰ  খেলপথাৰ  এখনৰ  তীব্ৰ  উত্তেজনাময়  খেলত   ৰবাবটেঙা এটাৰ সেত ঘুৰি ফুৰা এজাক বিটলীয়া  ল'ৰা।

গল্পৰ গতি দুৰ্বাৰ। খেলৰ  শেষ  কি হ'বগৈ সততে ধৰিব পৰা  নাযায়।  এটা linear গল্প কবলৈ গল্পকাৰ  ৰাজী  নহয়। সেয়েহে গল্পকাৰে কবলৈ বাচি লোৱা পৃষ্ঠভূমি জটিল। প্ৰায়েই  বিধস্ত। কেতিয়াবা কঠুৱা আৰু বীভৎসও। আনে  সততে তালৈ  খোজ  দিবলৈ নাযায়।তেনে এক ক্ষেত্ৰৰপৰা গল্প তুলি  অনাৰ  বাবে গল্পকাৰৰ পৰিকল্পিত methodology থাকে। ক্ষেত্ৰ অধ্যয়ন থাকে। সেই  অভিজ্ঞতা সকলো সময়তে  সুখকৰ  নহবও পাৰে।  তাৰ পিছতহে  চৰিত্ৰচিত্ৰণ। গল্পকাৰ   গল্পত  dialectically  আগবাঢ়ে,  আৰু  সন্ধান কৰে  মানৱতাৰ।  অনেক  প্ৰশ্নৰ  মাজেৰে।  মনৰ   প্ৰশ্নবোৰেই  জুৰি  বৰুৱাৰ  গল্পৰ  গতি।   কিন্তু   উত্তৰ বিচাৰি  গল্পকাৰে  প্ৰায়েই  বিচাৰি   পায়গৈ  কিছুমান  অদ্ভূত  পৰিহাস।  যিহেতু  কেইবাটাও চকুৰে  তেওঁ নিৰ্দিষ্ট প্ৰেক্ষাপট এটা চাবলৈ বিচাৰে, সেয়েহে  আনে দেখা  নোপোৱা বা চাবলৈ  নিবিচৰা  ৰূপকল্পবোৰো সাহসেৰে দাঙি আনে। আনিবলগীয়া হয়।

তাৰ ফলতেই  পাঠকৰ  চেতনাত কোবাই থকা চাবুকডাল  সুকীয়া হৈ পৰে। বহু গল্পৰ গল্পকথাত কথকৰ  বাবে  কথনৰ আমেজ লাভ কৰাৰ আনন্দ নাথাকে। জুৰি বৰুৱাও গল্পৰ নামত পাঠকক পঠনৰ আনন্দ দিয়াত যেন নাৰাজ। বৰঞ্চ তেওঁ পৰিহাসৰ বেদনাকেই দিব। একে আষাৰে  কবলৈ গ'লে জুৰি বৰুৱা শক্তিশালী গল্পকাৰ  আৰু দীঘলীয়া  সময়ৰ  বাবে সাজু । বহল  প্ৰেক্ষাৰ সাধুবোৰ  অজস্ৰ খুটি-নাটি, প্ৰশ্নৰ জৰ্জৰ বাণবোৰৰে জটিল প্ৰেক্ষাৰ দীঘল গল্প কবলৈ।

সেইবাবেই জুৰি বৰুৱাৰ কলমত যেতিয়া  বহল পৰিসৰৰ প্ৰেক্ষাৰপৰা তুলি অনা গল্প এটা এখন বাতৰি কাকতৰ আধাপৃষ্ঠাৰ টনাটনি space-ত কোনোমতে সামৰি থোৱা অৱস্থাত দেখাা পাওঁ, তেতিয়া একপ্ৰকাৰে খঙো উঠে, দুখো লাগে। শেহতীয়াকৈ এখন বাতৰি কাকতত তেনে এটি (নামটো বোধহয় ‘গোলাপ আৰু কাঁইট'  আছিল)  গল্প দেখা পাই আচৰিত হৈ পৰিলোঁ। দুখ এইবাবেই লাগিল যে, এই কঠিন সময়ত অনেক গল্পকাৰৰ বাবে সাহিত্য আলোচনীৰ পৃষ্ঠাবোৰত ইস্পিত space নাই। সেইবাবেই হয়তো প্ৰকাশৰ বাবে দৈনিক কাকতে বান্ধি দিয়া সীমাবদ্ধ space-ৰ কথা ভাবিয়েই তেওঁ গল্পটোৰ আয়তন কমাই পেলালে। এটা আপাত দীঘল  পৃষ্ঠৰ  ল্পক বাতৰিকাকতৰ  আধাপৃষ্ঠাৰ space-ত সামৰি থৈ দিলে। 

ফলত কি হ’ল? পাঠক বিভ্ৰান্ত হোৱা নাইনে?

এটা সময় আছিল যেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দৰে যশস্বী সম্পাদকে  গল্পকাৰক অবাধ স্বাধীনতা দিছিল। সেইবাবেই তেখেতৰ সম্পাদনাত প্ৰকাশিত নিজৰেই কিছুমান গল্প পঢ়ি এতিয়া লাজ লাগে, যিবোৰ গল্প সম্পৰীক্ষাৰ নামত নষ্ট কৰি পেলাইছিলোঁ। কিন্তু তেখেতে সেইবোৰো ‘আপুনি ভাল লিখিছে’ বুলি কৈছিল, অৰ্থাৎ সম্পৰীক্ষাক আদৰণি জনাইছিল। হয়তো ভবিষ্যতে  ভাল লিখিব পাৰিব বুলি আশা কৰিয়েই তেনেকৈ কৈছিল। মানুহেতো আশাতেই জীয়াই থাকে! আপুনি যদি পৰীক্ষা-নীৰিক্ষা নকৰে, তেনেহ’লে নিজৰ বাটটো চিনি পাব কেনেকৈ?

কিন্তু এতিয়া সময় সলনি হৈছে। গল্পকাৰৰ স্বাধীনতাক ‘ৰাজনৈতিক গোন্ধ’ থকাৰ অপবাদত(!) নাকচ কৰা হয়। এয়া নিৰ্যাতন।অৱশ্যে বৰ্ষীয়ান, অগ্ৰজ যশস্বীসকলক ওপৰত তেনে নিৰ্যাতন চলোৱা দেখা পোৱা নাযায়। হয়তোবা এয়াও এক অজুহাত। সম্পাদনাৰ মেজৰপৰা যেতিয়া বাৰ্তা আহে—‘আপুনি আমাৰ আলোচনীত প্ৰকাশ কৰিব লাগিলে গল্পৰ এইখিনি সম্পাদনা কৰি দিব লাগিব বুলি’ তেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়ৰ দৰে সম্পাদকে লেখকক প্ৰদান কৰা স্বাধীনতালৈ মনত পেলাই আশ্বস্ত হোৱাৰ বাহিৰে আন গতি নাথাকে। সেয়েহে নিজকে প্ৰকাশ কৰাৰ বাবে বিকল্প space-সৃষ্টি কৰিবলৈ আমি বাধ্য, কিয়নো কাৰোবাৰ শ্ৰুতলিপি শুনিয়েই জানো আমি নিজৰে প্ৰকাশ কৰাৰ হাবিয়াসবোৰ মৰি যাবলৈ দিম!   

তৰুণ প্ৰজন্মৰ সৃষ্টিশীল লোকসকলে এটা কথা মনত ৰাখিব লাগে--সাময়িক প্ৰেক্ষাত হয়তোবা আপুনি ক’ত নিখিছে, সেয়া দৰকাৰী কথা হ’ব পাৰে—কিন্তু সময়ৰ প্ৰেক্ষাত আপুনি কি লিখিছে, সেয়াহে দৰকাৰী কথা। কালাতীত সত্যৰ প্ৰকাশ সাহিত্যলৈ আনিব নোৱাৰিলে আপুনি ক’ত লিখিছে সেয়া প্ৰাসংগিক হৈ নাথাকে।

সেইবাবেই জুৰি বৰুৱাৰ শেহতীয়া গল্পটো পঢ়ি দুখৰ লগতে খঙো উঠিল। খং এইবাবেই উঠিল, যে space-ৰ কথা ভাবিয়েই  তেওঁ শক্তিশালী গল্প এটা টানি-টুনি সৰু কৰি থোৱাৰ কি যুক্তি থাকিব পাৰে! সময় অনুকুলেই হওক বা কঠিনেই হওক-- যিকোনো সময়তে পাঠকে আমাৰপৰা আমি কব বিচৰাধৰণে ভাল গল্পবোৰ আশা কৰি থাকে। তেন্তে  সেই পাঠকক নিৰাশ কৰাৰ অধিকাৰ গল্পকাৰৰ আছেনে? নাই।  যদিহে সৃষ্টিশীল সত্তাই desired space পোৱা নাই, তেনেহ’লে সেই space নিজেই  সৃষ্টি কৰি লব লাগিব। তেওঁতো  সাধাৰণ মানুহ নহয়! তেওঁ সৃষ্টিকৰ্তা-যি সৃষ্টি কৰিব পাৰে।যদি গল্প সৃষ্টি কৰিব পাৰে, তাক পাঠকৰ কাষলৈ নিয়াৰ ক্ষেত্ৰত নিজৰ space সৃষ্টি কৰিব নোৱাৰাৰ কি যুক্তি আছে? তথ্য-প্ৰযুক্তিয়ে আনি দিয়া এই অভাৱনীয় সুযোগৰ সময়ত পাঠকৰ কাষলৈ আমাৰ সাহিত্য লৈ যোৱাৰ বেলিকা আমি জানো অসুবিধা পাইছোঁ!

সাহিত্যত কালৰ সীমা অতিক্ৰম কৰাৰ ক্ষমতা জুৰি বৰুৱাৰ আছে। হয়তো সেইবাবেই বহুতে এনেধৰণৰ লেখকক ভয় কৰে। আত্মবিশ্বাস নোহোৱা কৰি তেওঁলোকক পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰে। কিন্তু এটা কথা, কঠিন সময়ত সুন্দৰ সৃষ্টিৰে নিজকে ধুনীয়াকৈ লৈ যোৱাটোহে মধুৰতম কলা। আমাক অহৰহ প্ৰেৰণা দিয়া মানুহক নিৰন্তৰে ভাল পাই থকা, তেওঁলোকৰ কথাবোৰ ৰেহা  লগাই পাঠকলৈ আগবঢ়াই  দিয়াতকৈ সুন্দৰ বাট আমাৰ সন্মুখত আন কি আছে! গল্প কবলৈ জুৰি বৰুৱাৰ দৰে মেধাবী গল্পকাৰৰ plot অভাৱ নাই,  spaceতেওঁ নিজাকৈ সৃষ্টি কৰি ল’লেই হ’ল!    

জুৰিলৈ শুভকামনা ।

----

ৰত্না ভৰালী তালুকদাৰ 

2 comments: