ডাঃ নমিতা বৈশ্যৰ গল্প
তেখেতে মূলত মধ্যবিত্ত জীৱনৰ পাৰিবাৰিক সম্পৰ্কবোৰ কথা কয়। মধ্যবিত্তৰ জীৱনৰ এই সম্পৰ্কবোৰৰ কথকতাক গল্পৰ পৃথিৱীলৈ অনা উচিত, কিয়নো পৃথিৱীত বোধহয় মধ্যবিত্তৰ জীৱনবোৰেই আটাইতকৈ জটিল।তেঁওলোকৰ থাকে আকাংক্ষা। থাকে প্ৰতিষ্ঠা লাভৰ হেঁপাহ। অৱদমন। উচ্চাকাংখ্যা। স্থিতিৰ সচেতনতা। সীমাবদ্ধ space-ৰপৰাই তেওঁলোকে পৃথিৱী এখন জয় কৰাৰ সপোনবোৰ দেখি থাকে। সেইবাবেই তেওঁলোকৰ পাৰিবাৰিক জীৱন মসৃণ আৰু সহজ নহয়। ইমানবোৰ উপাদান একে সময়তে দৃশ্যমান আৰু অদৃশ্য হৈ থাকে বাবেই বোধহয় মধ্যবিত্তৰ জীৱনৰপৰা গল্পবোৰ টানি আনি কৈ থাকিবলৈ প্ৰেক্ষাৰ অভাৱ কেতিয়াও নহয়। ডাঃ নমিতা বৈশ্যৰ গল্পবোৰে দৃশ্যমান জগতনৰ কথা কোৱাৰ লগে লগে অদৃশ্যতাৰপৰাও চিত্ৰকল্প গল্পলৈ লৈ আহিছে। গল্প পঢ়িলে একেটা গল্পৰ পেটৰপৰাই অনেক সাধুকথা ওলাই গৈ থকা যেন লাগে, যিবোৰ সুখপাঠ্য আৰু সামাজিক সত্যক অৱৰি ৰখা। কেতিয়াবা সম্পৰ্কৰ কথকতাৰ মাজেৰেই তেওঁ গল্পত আভাস দিয়ে গভীৰ সামাজিক প্ৰেক্ষাৰ।
প্ৰায়েই তেওঁ কবলৈ ভাল পায় সম্পৰ্কবোৰৰ ভংগুৰতাৰ কথা। এই কথাটোকে কৈ থাকিবলৈ তেওঁ যেন বিভিন্নধৰণে উপায় বাচি লৈছে। এই সম্পৰ্কবোৰৰ সাধুবোৰ শুনি থাকিবলৈকেও আমনি নালাগে। যাদুকৰী কথকতা, চলনা, চুটি চুটি বাক্যৰে সমাজ সত্য উন্মোচন কৰি যায়।
এটা কথা সঁচা যে, যি মানৱিক সম্পৰ্কৰ ব্যাখ্যান গল্পকাৰে আমাক দিয়ে-- সেইবোৰ সংযোগ অথবা ভংগুৰতাৰ আঁৰত থাকে গভীৰ সামাজিক প্ৰেক্ষা। কেতিয়াবা তেওঁ সেই সামাজিক প্ৰেক্ষাকো স্পৰ্শ কৰি যায়। গল্পকাৰে প্ৰেক্ষাৰ কিছু গভীৰলৈ গ’লে সেই প্ৰেক্ষা সমুজ্জ্বল হোৱাৰ সম্ভাৱনীয়তাৰে গল্পত জাতিস্ককাৰ হয়। ধৰা হওক, আপুনি কোনোবা দুস্কৃতিকাৰীয়ে চুৰ্চুমৈ কৰি থৈ যোৱা ফুলনি এখন দেখা পালে। এতিয়া আপুনি নিজৰ অভিজ্ঞতাৰে বতাহ-ধুমূহাই চুৰ্চুমৈ কৰা বাগিচাখনৰ কথাৰে এটা সুন্দৰ গল্প ক’ব পাৰে।দুস্কৃতিকাৰীৰ হাতত ফুলি উঠা ফুলবোৰ চুৰ্চুমৈ হৈ পৰাৰ কাহিনী অতি বেদনাদায়ক। অথবা, আপোনাৰ সেই বাগিচাখনৰ কথা বিতংকৈ জানিবলৈ মন গ’লে আপুনি সেই মালীজনক বিচাৰি উলিয়াবও পাৰে—যাৰ কঠিন হাতৰ যাদুৰে গঢ় লৈ উঠিছিল সেই বাগিচা ফুলিছিল ফুল। কিদৰে তেওঁ মাটিডোখৰৰ বিষয়ে গৱেষণা কৰিছিল য’ত তেওঁ গঢ়ি তুলিব হেঁপাহৰ ফুলনি। দেখিবগৈ পাৰে মালীৰ চকুপানী। অব্যক্ত বেদনা। যি প্ৰেক্ষাক বহল কৰি যায়।
তেওঁৰ গল্পৰ আৰু একধৰণৰ আমেজ পোৱা যায়। অসমীয়া গল্পত সংলাপপ্ৰধান মহিলা গল্পকাৰ সংখ্যা বৰ বেছি নহয়। এনে গল্প লিখাও কঠিন। ডাঃ নমিতা বৈশ্যৰ গল্পবোৰ আচৰিতধৰণে সংলাপপ্ৰধান। চতুৰ, বুদ্ধিদীপ্ত আৰু চমৎকাৰী সংলাপৰ প্ৰক্ষেপ তেওঁৰ গল্পভাষাৰ অলংকাৰ। হয়তো তেওঁ গল্পটো কাগজত লিখাৰ আগতেই মনৰ মাজত সম্পুৰ্ণকৈ এবাৰ লিখি লয়। আৰু সংলাপবোৰে বোধহয় তেতিয়াই সাজি পেলায়। কথনৰ বৰ্ণণাধৰ্মিতাক তেওঁ কেতিয়াবাই অতিক্ৰম কৰি গৈছে।
তেওঁ এই সংলাপপ্ৰধান গল্পবোৰে আমাক লৈ মনত পেলাই দিয়ে মনোৰমা দাস মেধিৰ গল্পবোৰলৈ—যাৰ বিষয়ে আমি আজিকালি খুব কমেইহে কথা পাতোঁ। অৱশ্যে মনোৰমা দাস মেধিৰ গল্পৰ মূল আছিল অতি গভীৰত, যাক ঢুকি পোৱা আমাৰ দৰে লেখকৰ বাবে সম্ভৱ নহয়।
তেওঁলৈ শুভেচ্ছা।
ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment