Thursday 7 March 2024

 

আন্তৰ্জাতিক নাৰী দিৱসঃ

ৰত্না ভৰালী তালুকদাৰ 



ফটোঃ ঋতুপৰ্ণা

ৰাষ্ট্ৰসংঘৰ আহ্বানঃ


আজি ৮ মাৰ্চ। আন্তৰ্জাতিক নাৰী দিৱস। ৰাষ্ট্ৰসংঘই  প্ৰতিবছৰে  ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস পালনৰ বাবে একোটি বিষয় নিৰ্বাচন কৰে। ৰাষ্ট্ৰসংঘই ২০২চনৰ বাবে এই দিৱস উদযাপনৰ বাবে বাচি লোৱা বিষয়টি হৈছে Invest in women: Accelerate progress. এই বিষয়টিৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নাৰী দিৱসৰ মূল বাৰ্তাত কোৱা হৈছে যে, সমসাময়িক বিশ্বত  ভূ-ৰাজনৈতিক  সংঘাতৰপৰা আৰম্ভ কৰি  বাঢ়ি অহা দৰিদ্ৰতা আৰু জলবায়ুৰ পৰিবৰ্তনৰ যিবোৰ বিষম পৰিস্থিতিয়ে খলকনি তুলিছে—এই  সকলোবোৰ প্ৰত্যাহ্বান  নাৰীক সবলীকৰণ কৰাৰ  মাজেৰেই সমাধান কৰিব পৰা যাব।   নাৰীৰ ওপৰত বিনিয়োগ কৰাৰ মাজেৰে বিশ্বত স্বাস্থ্যসন্মত, নিৰাপদ, আৰু সকলোৰে বাবে সমানতাৰ সুযোগৰ সৃষ্টি কৰাৰ লগে লগে সমাজ পৰিবৰ্তনৰ ফিৰিঙতিও জলাব পৰা যাব বুলি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ মূল বাৰ্তাত কোৱা হৈছে । 

ৰাষ্ট্ৰসংঘৰ মূল বাৰ্তাত কোৱা হৈছে যে নাৰী আৰু পুৰুষৰ মাজৰ বৰ্তমানৰ এই অসাম্য চলি থাকিলে ২০৩০ চন পৰ্যন্ত ৩৪২ নিযুত নাৰী আৰু কন্যাশিশু অতিশয় দৰিদ্ৰতাৰ কবলত থাকিব লাগিব। নাৰীৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ নিশ্চিত কৰিব লাগিলে চৰকাৰসমূহে লিংগ-সঁহাৰিজনক বিত্তীয় ব্যৱস্থাৰ প্ৰৱৰ্তনৰ লগতে ৰাজহুৱা শিতানত ধন ব্যয় কৰি সামাজিক নিৰাপত্তাৰ দিশে কাম কৰিব লাগিব বুলি ৰাষ্ট্ৰসংঘই সকীয়াই দিছে।লগতে কৈছে যে, নীতি-নিৰ্দ্ধাৰকসকলে বিশ্বজুৰি নাৰীসকলে তেওঁলোকৰ উপাৰ্জনৰ বাবে যি কাম কৰে তাৰ লগে লগে তেওঁলোকৰ উপাৰ্জন নথকা কামৰ যথোচিত  মূল্য আৰু স্বীকৃতি প্ৰদান কৰিব লাগিব। নাৰীসকলে পুৰুষৰ তুলনাত তিনিগুণ বেছি উপাৰ্জন নথকা কাম কৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰসংঘই কৈছে যে, যদিহে এই পৰিশ্ৰমে অৰ্থ উপাৰ্জনকাৰী কামৰ মৰ্যদা লাভ কৰে, তেনেহ’লে সেই পদক্ষেপে ঘৰুৱা উৎপাদন ৪০ শতাংশলৈকে বৃদ্ধি কৰিব বুলিও ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছে ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, ভাৰতবৰ্ষত নাৰী সংগঠনবোৰে আৰু নাৰীবাদীসকলে গৃহিণীৰ ঘৰুৱা কাম-কাজৰ অৰ্থকাৰী মূল্য  দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ সতে জড়িত কৰিব উপযুক্ত স্বাকৃতি প্ৰদান কৰিব লাগে বুলি দীৰ্ঘদিনধৰি দাবী উত্থাপন কৰি আহিছে। অৱশ্যে এই কথা কোৱাৰ লগে লগে আন নালাগে স্বয়ং গৃহিণীসকলো( যি অৰ্থ উপাৰ্জন কৰা কামৰ সতে জড়িত হোৱা নাই) উচপ খাই উঠে। তেওঁলোকে সন্তানৰ লালন-পালনৰ বাবে, ৰন্ধা-বঢ়া আৰু সমস্ত ঘৰুৱা কাম-কাজ কৰি যি টকা ৰাহি কৰে, তাৰ হিচাপ তেওঁলোকৰ সন্মুখত দাঙি ধৰিলে বহুতো নাৰীও উচপ খাই উঠে—কিয়নো শতিকাৰ পিছত শতিকা ধৰি তেওঁলোকে এয়া ‘সেৱা’ বুলিয়েই গণ্য কৰি আহিছে। এজন পুৰুষে আড্ডা দিবলৈ যথেষ্ট সময় পায়, কিন্তু নাৰীৰ জীৱনত ‘আড্ডা’ৰ  বাবে খুব কম সময়হে থাকে—কামৰ মাজে মাজে তেওঁলোকৰ কথা পতাৰ সুযোগকো  বহুসময়ত ‘পৰচৰ্চা’ বুলি হেয় প্ৰতিপণ্ণ কৰা হয়। এইবোৰ কথা বহুসময়ত নাৰীসকলে নিজেই উপলব্ধি কৰিব নোৱাৰে।

মহামান্য উচ্চতম ন্যায়ালয়ৰ গুৰু্ত্বপূৰ্ণ ৰায়ঃ

কিন্তু যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে এক গুৰু্ত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে য’ত কোৱা হৈছে যে—গৃহিণীসকলে ঘৰুৱা কাম-বন কৰি সমাজলৈ যি উৎপাদনমূলক বৰঙণি আগবঢ়ায়, সেয়া অৰ্থ উপাৰ্জন কৰি লাভ কৰা দৰমহাতকৈ কোনো গুণে কম নহয়। তেওঁলোকৰ এই কামক ‘ৰাষ্ট্ৰীয় আয়’  হিচাপে গণ্য কৰিব লাগে বুলিও ৰায়টোত কোৱা হৈছে।  উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান আৰু ৰাষ্ট্ৰসংঘৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ বাৰ্তাই নাৰীৰ সমানাধিকাৰৰ  সংগ্ৰামখনৰ দিশত নাৰীবাদীসকলক এখোজ আগুৱাই নিলে বুলি কব  পাৰি।

শ্ৰমশক্তিত নাৰীঃ

ভাৰত চৰকাৰৰ Periodic Labour Force Survey (PLFS) য়ে প্ৰকাশ কৰা অনুসৰি জানুৱাৰী ২০২৩-ৰপৰা ডিচেম্বৰ ২০২৩ পৰ্যন্ত দেশৰ অৰ্থকাৰী শ্ৰমশক্তিত পুৰুষৰ অংশ ৭৮.৩ শতাংশ, নাৰীৰ বেলিকা ই ৪১.৩ শতাংশ। গ্ৰামাঞ্চলত এই হাৰ পুৰুষৰ ৭৯.৩ আৰু ৪৯.৩। পৰিয়ালৰ কল্যাণৰ বাবে পুৱাৰপৰা ৰাতি দুপৰলৈকে লেখ-জোখ নোহোৱা নাৰীৰ বুজন পৰিমাণৰ কাম-কাজক যে এনে জৰীপে  যথোচিত মৰ্যদা প্ৰদান কৰা নাই, সেয়া এই পৰিসংখ্যাৰ মাজেৰেই প্ৰকাশ হোৱা নাইনে? আশা কৰিব পাৰি যে, ৰাষ্ট্ৰসংঘৰ সকীয়নী আৰু মহামান্য উচ্চতন ন্যায়ালয়ৰ ৰায়দানক পৰৱৰ্তী জৰীপৰ সময়ত মৰ্যদাসহকাৰে গ্ৰহণ কৰি হ’ব।

 আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমিঃ

ৰাষ্ট্ৰসংঘই ১৯৭৫ চনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় আৰু সেই বৰ্ষৰপৰাই ৮ মাৰ্চ দিনটোক ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী দিৱৰূপে স্বীকৃতি দিয়ে। তেতিয়াৰেপৰাই নাৰীৰ অধিকাৰ আৰু নাৰী আৰু পুৰুষৰ সমতা প্ৰতিষ্ঠাৰ দিৱস হিচাপে ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসৰূপে সমগ্ৰ বিশ্বতেই পালন কৰা হৈ আহিছে।

আন্তৰ্জাতিক নাৰী দিৱস পৃথিৱীৰ দেশে দেশে থকা কৰ্মজীৱি নাৰীসমাজৰ হেঁপাহৰ দিৱস। বিংশ শতিকাৰ উদ্যোগিক বিপ্লৱৰ গৰ্ভত ইয়াৰ অংকুৰণ প্ৰোথিত হোৱাৰ বাবেই এই কথা গভীৰভাৱে উপলব্ধি কৰাৰ প্ৰয়োজন যে, আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভুমিত আছে নাৰীৰ  সমান অধিকাৰ আকাংখ্যা। আজিৰ তাৰিখত বহুতৰ বাবে আন্তৰ্জাতিক নাৰী দিৱস মানেই কাৰোবাৰ বাবে যদি এক উৎসৱমুখৰ পৰিবেশ, আন কাৰোবাৰ আকৌ নাৰীবাদক লৈ কৰা তুচ্ছ-তাচ্ছিল্য।এই কতা মনত ৰখা প্ৰয়োজন যে,  পুৰুষ নাৰীৰ ব্যক্তিগত সম্পৰ্কৰ বাদ-বিবাদ নাৰীবাদ নহয়।  কবলৈ গ’লে অলেখ  পুৰুষে  নাৰী-পুৰুষৰ সমান মৰ্যদাৰ সংগ্ৰামখনৰ বাবে নিজকে উৎসৰ্গা কৰিছে। নাৰী আৰু পুৰুষৰ ‘বাইনেৰী’ পৰিচিতিৰ আওতাৰ বাহিৰত ‘নন-বাইনেৰী’ পৰিচিতিৰ বাবে এটি অংশৰ যি আকুলতা আৰু হেঁপাহ—সেয়াও আজিৰ গুৰুত্বপূৰ্ণ চৰ্চিত বিষয়। আজিৰ নাৰীবাদী সংগ্ৰামে নন-বাইনেৰী পৰিচিতিৰ কঠিন সংগ্ৰামখন আওকাণ কৰিলে নিজেই অপাংক্তেয় হৈ পৰাৰ সম্ভাৱনাই অধিক।

বহুতো নাৰীয়ে এতিয়াও কয়, নাৰীত্বৰ উদযাপনৰ বাবে বেলেগ এটা দিৱস পতাৰ যুক্তিযুক্ততা ক'? কব পাৰি যে, সমতাৰ বাবে আৰু সমান অধিকাৰৰ বাবে পুৰুষ, নাৰী আৰু নন-বাইনেৰী সত্তাৰ সংগ্ৰামে আজিও তাৰ ইপ্সিত ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই, বৰং  সমকালীন সাম্প্ৰদায়িক কাম-কাজৰ মাজেৰে দেশৰ পৰিস্থিতিত সি অতি জটিল পৰিবেশৰ মাজলৈহে গৈছে।

এনে জটিল পৰিবেশতো এই সংগ্ৰাম প্ৰতি সংবেদনাৰ বিপৰীতে অনেকেই কব খোজে, নাৰীৰ বাবে এটি বিশেষ দিবসৰ প্ৰয়োজনীয়তা কিমান? বিধানসভা বা লোকসভাৰ দৰে নিৰ্বাচনত ৩৩ শতাংশ সংৰক্ষণৰ বাবে আমি যি সংগ্ৰাম কৰি আহিছোঁ, তাৰ যুক্তিযুক্ততা ক’ত? পিতৃতান্ত্ৰিক মানসিকতাক বহন কৰা ‘ফিমেল পেট্ৰিয়াৰ্ক’সকলো এনে সংগ্ৰামখন পিচুৱাই নিয়াৰ বেলিকা উদ্যমী হৈ উঠে। কিন্তু এনে প্ৰশ্নবোৰৰ পৰিপ্ৰেক্ষিততেই আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমিৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজনীয়তা আহি পৰে।আমি মনত ৰখাৰ দৰকাৰ যে, এই দিৱসৰ মূল বাৰ্তাটোৱেই নাৰীৰ অধিকাৰৰ সৈতে জড়িত, এই অধিকাৰ হৈছে ঘৰৰ চাৰিবেৰৰ লগতে কৰ্মক্ষেত্ৰত নাৰীৰ অধিকাৰ আৰু সমমৰ্যদাৰ সংগ্ৰাম, যি আজিও প্ৰাসংগিক।

উনবিংশ শতিকাৰ উদ্যোগিক বিপ্লৱেহে পোনপ্ৰথমবাৰ বাবে প্ৰথম বিশ্বৰ নাৰীক পাকঘৰ আৰু ঘৰৰ চাৰিবেৰৰপৰা সংগঠিত কৰ্মক্ষেত্ৰলৈ উলিয়াই আনে। শিল্পবিপ্লৱত প্ৰয়োজন হোৱা এইসকল কৰ্মজীৱি নাৰীৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত মৰ্যদাপূৰ্ণ আসন আৰু অধিকাৰ লাভৰ লগতে নিজকে বিকশিত কৰাৰ হেঁপাহেই আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ চালিকা শক্তি। কম মজুৰিত নাৰীক শ্ৰমিক হিচাপে খটুওৱাৰ কৌশলেই নাৰীক ঘৰৰ চাৰিবেৰৰপৰা কৰ্মক্ষেত্ৰলৈ লৈ আনিছিল। আমি মনত ৰাখিব লাগিব যে, সেই শিল্পবিপ্লৱৰ সময়ৰেপৰাই শ্ৰমজীৱি নাৰীয়ে দাবী কৰি অহা আমাৰ বহু প্ৰত্যাশিত এই অধিকাৰ আমি আজিও অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। বিশেষকৈ আৰ্থ-সামাজিকভাৱে পিচপৰা নাৰীসকলে। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উলহ-মালহেৰে পালন কৰাৰ সময়ত এই কথা আমি মনত ৰাখিব লাগিব যে, যিসকল নাৰীয়ে উনবিংশ অথবা বিংশ শতিকাতেই সমগ্ৰ বিশ্বৰ শ্ৰমজীৱি নাৰীক একত্ৰিত কৰাৰ বাবে বিশ্বৰ সমাজবাদী শিৱিৰৰ তৎপৰতাত এই দিৱসৰ বীজ ৰোপণ কৰিলে সেইসকল নাৰীৰ আনকি ভোট দানৰ অধিকাৰো নাছিল। ঘৰুৱা কাম-বন কৰি উদ্যোগিক খণ্ডলৈ গৈ ষোল্ল ঘণ্টা পৰ্যন্ত কম মজুৰিত নিৰৱচ্ছিন্নভাৱে কাম কৰিব লাগিছিল, তেওঁলোকৰ অধিকাংশই আছিল প্ৰব্ৰজিত শ্ৰমিক। তেওঁলোকৰ বাবে কৰ্মক্ষেত্ৰত নাছিল কোনো টয়লেটৰ ব্যৱস্থা।

১৮৫৭ চনৰ ৮ মাৰ্চত আমেৰিকাৰ নিউয়ৰ্কৰ বস্ত্ৰউদ্যোগত কাম কৰা নাৰী শ্ৰমিকসকলে তেওঁলোকৰ কামৰ সময় ১০ ঘণ্টালৈ হ্ৰাস কৰাৰ লগতে নিম্ন মজুৰিৰ প্ৰতিবাদ কৰি ৰাজপথত এটা ডাঙৰ সমদল উলিয়ায়। ইতিহাসৰ বুকুত ৰাজপথত সংগঠিত নাৰীৰ এয়াই প্ৰথম প্ৰতিবাদী কাৰ্যসূচী। নকলেও হ'ব যে এই শান্তিকামী নাৰীসমাজৰ ওপৰত আৰক্ষী বৰ্বৰভাৱে জঁপিয়াই পৰিছিল। কিন্তু আৰক্ষীৰ বৰ্বৰ আক্ৰমণক নেওচি এই প্ৰতিবাদৰ পিছতে নাৰীসকলে প্ৰথমটো নাৰী শ্ৰমিক সংস্থা গঢ়ি তুলিবলৈ সক্ষম হয়। এই ঘটনাই শ্ৰমজীৱি নাৰীৰ অধিকাৰৰ বিষয়টোক লৈ এক আলোড়ণৰ সৃষ্টি কৰে।

ইয়াৰ পৰৱৰ্তী সময়ৰ সুদীৰ্ঘ কালৰ নাৰী আন্দোলনৰ আন এক উল্লেখনীয় ঘটনা হৈছে ১৯০৭ চনত ষ্টুটগাৰ্টৰ প্ৰথমখন বিশ্ব নাৰী সন্মিলন, 'ত ৫২ গৰাকী নাৰী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। ১৯০৮ চনৰ মাৰ্চ মাহত আমেৰিকাৰ বস্ত্ৰ উদ্যোগত কাম কৰা ১৫,০০০ নাৰী শ্ৰমিকে কামৰ সময় হ্ৰাস কৰা, মজুৰি বৃদ্ধি, শিশু শ্ৰমিকৰ নিয়োগ বন্ধ কৰা আৰু ভোটৰ অধিকাৰ বিচাৰি আন এক প্ৰতিবাদী সমদল উলিয়ায়, সমাজবাদী দলে নাীৰসকলক সংগঠিত কৰাত আগ-ভাগ লয়। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ নাৰী সমাজবাদীসক লে নাৰীৰ ৰাজনৈতিক অধিকাৰ দাবী কৰি সমগ্ৰ দেশ জুৰি প্ৰতিবাদী কাৰ্যসুচী আৰু সভা অনুষ্ঠিত কৰে গ্ৰহণ কৰে । এয়াই প্ৰথম ‘ৰাষ্ট্ৰীয় নাৰী দিৱস।' ১৯১০ চনত কোপেনহেগেনত হোৱা দ্বিতীয় বিশ্ব নাৰী সন্মিলনত বিভিন্ন দেশৰ সমাজবাদী দল, ট্ৰেড ইউনিয়ন, কৰ্মজীৱি নাৰীৰ ইউনিয়ন আদিক প্ৰতিনিধিত্ব কৰি ১৭ খন দেশৰ ১০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই সন্মিলনতে জাৰ্মানীৰ অগ্ৰণী সমাজবাদী নেত্ৰী ক্লাৰা জেটকিনে সমগ্ৰ বিশ্বৰ কৰ্মজীৱি নাৰীৰ বাবে এক ‘আন্তৰ্জাতিক কৰ্মজীৱি নাৰী দিৱস' এটা পালন কৰাৰ বাবে মত দাঙি ধৰে। সন্মিলনে সিদ্ধান্ত লয় যে, প্ৰতি বছৰে প্ৰতিখন দেশত একেটা নিৰ্দিষ্ট দিনতে ‘নাৰী দিৱস' পালন কৰিব। কোপেনহেগেন সন্মিলনত নাীৰ প্ৰতিনিধিসকলে আলোচনা কৰা কেতবোৰ বিষয় আছিল যুদ্ধ আৰু শান্তি, ফেচীবাদ বিৰোধৰ বাবে নাৰীৰ দায়িত্ব, ৮ ঘণ্টাৰ কামৰ দাবী, আৰু নাৰীৰ নিশাৰ সময়ৰ শ্ৰমৰ ওপৰত বিতৰ্ক।

কোপেনহেগেনৰ সন্মিলনৰ পিছত ১৯১০ চনত অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু চুইজাৰলেণ্ডত এক নিযুত নাৰী-পুৰুষ সমবেত হৈ ১৯ মাৰ্চৰ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে । ১৯১৩-১৪ চনত বিশ্বযুদ্ধৰ প্ৰতিবাদ হিচাপে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ৰাছিয়াত ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে আৰু ইউৰোপৰ সকলোবোৰ ঠাইত ৮ মাৰ্চত এই দিৱস পালন কৰা হয়। ১৯১৭ চনচ যুদ্ধৰ প্ৰেক্ষাপটতেই ৰাছিয়াৰ নাৰীসকলে ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে (যিটো জৰ্জিয়ান কেলেণ্ডাৰ মতে ৮ মাৰ্চ)‘ব্ৰেড এণ্ড পিচ' (ৰুটি আৰু শান্তি) শীৰ্ষক প্ৰতিবাদী কাৰ্যসুচী কৰে আৰু ৰাছিয়াৰ ভাৰপ্ৰাপ্ত চৰকাৰে নাৰীক ভোটাধিকাৰৰ অধিকাৰ প্ৰদান কৰে।

এয়াই হৈছে আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমি।

ৰূঢ় বাস্তৱতাঃ

এই পটভূমিৰ পৰিধি ভাঙি আজি আমি বহুদূৰ আগুৱাই আহিলোঁ, কিন্তু এই সুদীৰ্ঘ যাত্ৰাটিত দেখা পালোঁ যে, আন্তৰ্জাতিক নাৰী দিৱসৰ মূল যি ‘স্পিৰিট' বা দৰ্শন, তাৰ মূলগত দিশবোৰৰ সৈতে আজিও নাৰীয়ে যুদ্ধ কৰিবলগীয়া হৈছে। উনবিংশ শতিকাৰ নাৰী শ্ৰমিকৰ কঠিন সংগ্ৰামৰ ফলত আজি নাৰীয়ে ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে ঠিকেই। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত নাৰীৰ স্থান ক'? নাৰী এতিয়া মূলত ৰাজনৈতিক দলৰ ভোটবেংক। নাৰীয়ে এতিয়াও কেৱল প্ৰতিনিধি নিৰ্বাচন কৰি পঠিওৱাৰ অধিকাৰহে লাভ কৰিছে।

ইয়াৰ শেহতীয়া স্পষ্ট উদাহৰণ আহিবলগীয়া লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হবলৈ শাসকীয় দলে যি প্ৰাৰ্থীতালিকা ঘোষণা কৰিলে তাতেই স্পষ্টকৈ দেখা পোৱা নাইনে? ১৪ টা লোকসভাৰ সমষ্টিৰ বাবে মাত্ৰ এগৰাকী  নাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।অথচ হিতাধিকাৰী সৃষ্টি কৰিবৰ বেলিকা নাৰীকেই তেওঁলোকে প্ৰথন পছন্দ হিচাপে নিৰ্বাচিত কৰিছে।অৰ্থাৎ বেছিভাগ ৰাজডনৈতিকদলৰ বাবেই এতিয়া নাৰী হৈছে ‘ভোটবেংক’ মাত্ৰ।  

এই পুতৌজনক  ছবিখনৰ আঁৰত আছে আমাৰ সমাজৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা যি নাৰীসমাজক এতিয়াও সুৰক্ষা দিব পৰা নাই।অসমৰ চাহ উদ্যোগৰ দৰে অতিকৈ সংগঠিত উদ্যোগক্ষেত্ৰত নাৰীক অতি স্পৰ্শকাতৰ সময়তো উপযুক্ত মৰ্যদা প্ৰদান কৰা হোৱা নাই। অসমৰ চাহ উদ্যোগত প্ৰায় ১০ লক্ষ নাৰী শ্ৰমিকে কাম কৰে। মুকলি আকাশৰ তলত ৰ'দে-ব'ৰষুণে তেওঁলোতে দিনৰ ৮ ঘণ্টাকৈ কাম কৰে। কিন্তু আশ্বৰ্যৰ কথা এয়ে যে, এই ৮ ঘণ্টাৰ কামৰ সময়ত তেওঁলোকৰ বাবে বাগিচাৰ কতৃপক্ষই কোনোধৰণৰ টয়লেট বা খোৱাপানীৰ ব্যৱস্থা কৰা নাই। সংগঠিত চাহ উদ্যোগত যেতিয়া নাৰী শ্ৰমিকে এনে বৰ্বৰ অৱস্থাত শতিকাৰ পিছত শতিকা জুৰি কাম কৰি আহিছে, তেতিয়া অসংগঠিত নিৰ্মাণ খণ্ডত কাম কৰা নাৰী শ্ৰমিকৰ অৱস্থা কেনে হ'ব সেয়া সহজেই বুজিব পাৰি। ঘৰ চাদ ধালাই, ইটাৰ ভাটা আদিত কাম কৰা এই মহিলা শ্ৰমিকসকলৰ বাবে কামৰ কোনো নিৰ্দিষ্ট সময় নাই । অসমৰ চহৰে- নগৰে স্থাপিত হোৱা শ্বপিং মলসমূহত এতিয়া বহুতো ছোৱালীয়ে কাম কৰে। তেওঁলোকৰ দৰমহা, যৌন বিষয়ক নিৰাপত্তা আদি দিশবোৰক সামৰি লৈ নিৰ্দিষ্ট গৱেষণা বা তথ্য এতিয়াও পোহৰলৈ অহা নাই।

উচ্চশিক্ষা আৰু নাৰীঃ

নাৰীবাদী সংগ্ৰামৰ এনে বহুতো প্ৰশ্নৰ প্ৰাসংগিক হৈ থকাৰ সময়ত ৰাষ্ট্ৰসংঘই Invest in women: Accelerate progress’ শীৰ্ষক বাৰ্তাৰ মাজেৰে নাৰীৰ ঘৰুৱা কাম-কাজক স্বাকৃতি প্ৰদান কৰিবলৈ নীতি-নিৰ্দ্ধাৰকসকলক দিয়া সকীয়নীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। কব পাৰি যে, নাৰীৰ শিক্ষাই নাৰীবাদী সংগ্ৰামখন এখোজ আগুৱাই নিয়াৰ বেলিকা দুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব পাৰে। আমাৰ দেশত ২৭.১ শতাংশ শিক্ষাৰ্থীয়েহে  উচ্চশিক্ষাৰ ক্ষেত্ৰত প্ৰৱেশ লাভ কৰিবলৈ সুযোগ পায়। ২০২১-২২ বৰ্ষৰ সৰ্বভাৰতীা উচ্চশিক্ষাৰ জৰীপে দেখুৱাইছে যে, ২৯.৩ পুৰুষৰ বিপৰীতে ২৪.৯ শতাংশ নাৰীয়েহে উ্চ্চশিক্ষা লাভ কৰাৰ সুযোগ পাইছে। গ্ৰামাঞ্চলত ২৫.৮ শতাংশ পুৰুষৰ বিপৰীতে মাত্ৰ ২০.৭ গৰাকী নাৰীয়ে উচ্চশিক্ষা লাভ কৰাৰ সুযোগ পায়।

শিক্ষকৰ বেলিকাও নিম্ন আৰু মাধ্যমিক পৰ্যায়ত নাৰী শিক্ষকৰ পয়োভৰ দেখা পালেও উচ্চশিক্ষাৰ বেলিকা ৬৮.৮ পুৰুষ শিক্ষকৰ  বিপৰীতে নাৰী শিক্ষকৰ শতকৰা হাৰ মাত্ৰ ৩১.২। অলেখ আৰ্থ-সামাজিক, ঐতিহাসিক প্ৰত্যাহ্বান পাৰ হৈ হৈ নাৰীয়ে এই পৰ্যায় পাইছেহি। নতুন শিক্ষানীতিৰ আধাৰত চৰকাৰে এতিয়া পদূলিয়ে পদূলিয়ে বিশ্বিবদ্যালয় খুলিবলৈ উদ্যোগ লৈছে বুলি ক’লেও ভুল কোৱা নহ’ব।দক্ষতা আৰু যোগ্যতা থকা স্বত্বেও কিন্তু এই বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য পদত নাৰীক কেতিয়াও নিযুক্তি দিয়া নহয়।

বুনিয়াদী শিক্ষাঃ

কিন্তু একেই সময়তে সময়ত আমাৰ বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰখনত কি ঘটিছে সেই কথা চোৱাও প্ৰয়োজনীয় হৈ পৰে। United District Information System for Education Plus-ৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি প্ৰাথমিক পৰ্যায়ত ছোৱালীৰ ড্ৰপআউট লৰাতকৈ কম( ছোৱালাৰী ২.৩ শতাংশ আৰু ল’ৰাৰ ৪.২)। মাধ্যমিক পৰ্যায়তো ছোৱালীৰ ড্ৰপ আউট ৩.২শতাংশ আৰু ল’ৰাৰ ৬ । কিন্তু উচ্চপৰ্যায় পোৱাৰ লগে লগে নৱম-দশম শ্ৰেণীত আমাৰ ৰাজ্যত ২৯.৭ শতাংশ ল’ৰা আৰু ৩২.১ শতাংশ ছোৱালীয়ে বিদ্যালয় এৰি য়ায়। এই পৰিমাণ যি সমগ্ৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰতে সৰ্বাধিক। হয়তো সেইবাবেই আমাৰ ৰাজ্যত বাল্যবিবাহ (২০-2৪ বয়সমীমাৰ, যিসকলৰ ওঠৰ বছৰ বয়সৰ আগতেই বিয়া হৈছে) ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৫-ৰ ৩০.৮ শতাংশৰ পৰা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০২০-ত বৃদ্ধি পাই ৩১.৮ শতাংশ হ’লগৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এইখিনি সময়ত বাল্যবিবাহৰ হাৰ শতকৰা ২৬.৮-ৰপৰা ২৩.৩লৈ কমি আহিল। চৰকাৰে কিশোৰীসকলে বয়ঃসন্ধি হোৱাৰ সময়ৰপৰাই ড্ৰপআউটৰ হাৰ বাঢ়ি অহাৰ ছবিখন নোহোৱা কৰিবলৈ উপযুক্ত পৰিকাঠামো গঢ় দিয়াৰ বিপৰীতে বাল্যবিবাহক আইন-শৃংখলাৰ দিশেৰে চাই নিজেই হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে। , অসমৰ ছাত্ৰীয়ে বিজ্ঞান আৰু গণিতৰ দৰে বিষয়ত এতিয়াও বহু পিচ পৰি আছে। অসমত পঞ্চমমানৰ ১৪.১৩ শতাংশ ছাত্ৰীয়েহে সৰল হৰণ অংক কৰিব পাৰে। আকৌ অষ্টমমানৰ ২৬.২ শতাংশ ছাত্ৰীয়েহে হৰণ অংক কৰিব পাৰে। (এনুৱেল ষ্টেটাচ অৱ এডুকেচন ৰিপ’ৰ্ট,২০২২)। তেনেক্ষেত্ৰত ‘ষ্টেম’ অৰ্থাৎ বিজ্ঞান, প্ৰযুক্তি, ইঞ্জিনিয়াৰিং আৰু মেডিকেলত ছাত্ৰীৰ সংখ্যা বঢ়াবলৈ নতুন শিক্ষানীতিয়ে যিবোৰ পদক্ষেপ লৈছে, সেয়া অসাৰ হৈ নপৰিবনে? এনে সময়তে ৰাষ্ট্ৰসংঘৰ মূল বিষয়ৰ আঁৰত থকা মূল প্ৰশ্নবোৰ গভীৰভাৱে চোৱাৰ প্ৰয়োজনীয়তা আহি পৰে।

যিক্ষেত্ৰত একেবাৰে বুনিয়াদী পৰ্যায়ত অংগনবাড়ী কৰ্মীসকলে দিনৰ পিছত দিন ধৰি আন্দোলন কৰিও চৰকাৰৰ সঁহাৰি লাভ কৰা নাই, তেনে অৱস্থাত নাৰীৰ উ্চ্চশিক্ষাৰ বেলিকা চৰকাৰৰ পদক্ষেপ কি হ’ব সেয়া সহজেই অনুমেয়।

কোনো সন্দেহ নাই যে, ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসৰ পটভূমিত এই সমাজ ৰূপান্তৰৰ  দ্বান্দ্বিক বিশ্লেষণৰ মাজেৰ ওলাই অহা এনে জটিল ছবিবোৰ পৰিহাৰ কৰি কেৱল নাৰী হোৱাৰ আনন্দত মতলীয়া হোৱাৰ প্ৰয়োজনীয়তা নাইকূ পাৰি যে, সাম্প্ৰদায়িক চৰকাৰৰ পদক্ষেপে নাৰীক আগুৱাই অহাৰ সুযোগ  দিয়া নাই, বৰঞ্চ  থকাখিনিও কৰ্তন কৰি পিতৃতান্ত্ৰিক কাঠামোক শক্তিশালী কৰাৰ মাজেৰে নাৰীক ‘ভোট বেংক’ নামৰ এবিধ বিশেষ প্ৰজাতিলৈহে পৰিণত কৰিছে।

 

৮ মাৰ্চ, ২০২৪