Friday 30 March 2018

গল্প -- সোঁৱৰণিৰ ভাগি যোৱা উঁকিবোৰৰ পিঠিৰে







সোঁৱৰণিৰ ভাগি যোৱা উকিবোৰৰ পিঠিৰে




প্ৰকাশ - সাদিন, বসন্ত সম্ভাৰ সংখ্যা, ২০১৮

সম্পাদক - অনুৰাধা শৰ্মা পূজাৰী 




এই পাহাৰে  কথা  কয়নে  উচুপি উঠে ।এই  উচুপনিক  আমি পাহাৰৰ টিঙে টিঙে বগাই ফুৰা উঁকি বুলি অভ্যাসতে ভুল  কৰোঁ নেকি।  কিমান দূৰলৈকে বিয়পি পৰে পাহাৰৰ উচুপনি--শকতি কিমান তাৰ! নেপাইনৰ  গছৰ  চিৰিলি  পাতবোৰে  বুকুতে  শুৱাই থয় --  এছাটি চেঁচা বতাহৰ বা দি ।


ভূমিৰ  তলৰ  ক'লা  ক'লা সোণবোৰেও শুহি লয় নেকি--সৰি পৰা ডাৱৰৰ পানীৰ সতে!

ভূমিৰ তলৰ ক'লা সোণ পাহাৰী ভূমিৰ সোঁৱৰণিৰ সোণ! 


সময়ে সময়ে আমিও পাহাৰৰ উচুপনিক ভৈয়ামলৈ কুলু-কুলুকৈ নামি অহা নদীৰ সুৰ বুলি ভুল কৰোঁ ।হৈ উঠোঁ দূৰৈৰ মানুহ। আমাৰ বাবে মাথোঁ নিশাৰ এটি উদযাপন হৈ উঠে শাৰী শাৰী পাইনৰ ডালত ওলমি  থকা  কজলা  চকুবোৰৰ বোধ--বোধৰ জেউতি। ভৈয়ামৰপৰা পাহাৰৰ সীমান্তৰ ৱাৰসকলৰ এই  ভূমিলৈ  উঠি  অহাৰ   এঁকা- বেঁকা  বাটৰ  উজনি  আৰু  ভটিয়নিবোৰৰ  হেলনীয়া পিঠিত বাস কৰি অহা  শতিকাৰ  পুৰণি  পাইনৰ   শাৰী  শাৰী  গছৰ  ডালবোৰলৈ  ডাৱৰৰ  সিপাৰৰ গণিব নোৱাৰা তৰাবোৰ নামি  আহে ।নামি  আহে  কজলা  চকু হৈ। আৰু আমি ওপৰলৈ থৰ লাগি চালে সেউজীয়াৰ মাজৰপৰা তিৰ্-বিৰ্ কৰি উঠে। সিঁচি দিব খোজে এচমকা  জেউতি-- বোধ, পৰম্পৰা  আৰু  ঐতিহ্যৰ । আমি   মূৰটি  দোঁৱাই  এই  আশীৰ্বাদ   লবলৈ এলাহ   কৰোঁ  ভৈয়ামৰ  সহজাত  অহমিকা সানি। 


আমি তেওঁলোকৰ চকুৰ পানীৰ আমঠুসজীয়া ডাৱৰবোৰো  ভুলতেই  আকাশৰ  বুকুৰে  সৰি  পৰা  মুকুতা   বুলি ভাবোঁ। উলাহতে  পাহাৰৰ  বুকুৰ  কুঁৱলীৰ  শুকুলা  সূতাৰ   মাজেৰে  কণা-মুনাকৈ বগুৱা বাই  যাওঁ আমিডিংজ্ৰি  গছৰ  শিপাই   সাজি  দিয়া  জীয়া  জীয়া দলংবোৰৰ  ৰাংপতাত  আমাৰ   সাধুকথাবোৰক  উমলিবলৈ দি  মজা  লওঁ  আমোদৰ-- ওপঙা টঙীঘৰত উঠি দূৰ-দিগন্তৰ সৌ ছুবুৰীয়া অজান্তি  দেশখনৰ  বুকুলৈ পাৰি দিওঁ চকু । অথবা,  ৱাৰ ভূমিৰ  কোৱাইৰ  বেহাবোৰ   জীয়াই   ৰাখি  মূৰে-ভৰি  কঢ়া  শ্ৰমেৰে  খাই-বৈজীয়াই  থকা  গাওঁবোৰ  গাঁঠি   মাৰি  থোৱা শিলৰ অকণি  অকণি   বাটবোৰেৰে  নিজকে হেঁচুকি  হেঁচুকি  আগবঢ়াই  দিওঁ।  অপেচৰীৰ একোচা চুলিৰ এধাৰি জীৱন্ত বেণী  হৈ  পাহাৰে  পাহাৰে গাওঁবোৰ  গাঁথি   মাৰি  থোৱা  অকণি অকণি   বাটবোৰ   ‘কিংচ ৱে'   বুলি  কৈ  চমকি উঠোঁ।   সহজতে  পাহৰি  যাওঁ  যে,   গছৰ  সৰি পৰা  পাত আৰু  ডাৱৰৰ  বুকুৰ   সৰি পৰা  পানীয়ে  মাত- কথা দি আজিও সজীৱ  কৰি  পাহাৰৰ   গাওঁবোৰ   গাঁঠি মাৰি  থোৱা  এই  বেণীধাৰেৰেই সুদূৰৰ   কালাইন আৰু সন্মুখৰ  সৌ  অজান্তি  দেশখনলৈ বণিজ বেহাবলৈ  নিওঁতেবাঁহেৰে গুঠি  লোৱা  হোৰাবোৰৰ  পিঠিত  উঠি   কোৱাইৰ   শুকান  টুকুৰাবোৰ গুচি  যায়। 



গুচি  যায়  অকণি  অকণি  শিশুবোৰ-- বোকোচাত  কিতাপৰ  টোপোলা  বান্ধি  পাঠশালাৰ   মজিয়ালৈ। 



আমি  নাজানোঁ  গছৰ  শিপাৰ  জীয়া  জীয়া  দলঙবোৰ সাজি  দিয়া আৰু  গাওঁবোৰ গাঁথি মাৰি থোৱা   বেণীধাৰত পাৰি  দিয়া  শিলৰ  টুকুৰাবোৰ   কঢ়িয়াই  অনা  ৱাৰ  ভূমিৰ   তাহানিৰ সেই  আঙুলিবোৰৰ  সোৱঁৰণি। কোনে কঢ়িয়াইছিল  এই  শিল।  দলিচাৰ  দৰে দিবলৈ   পাৰি  অপেচৰীৰ  চুলিৰ  বেণীধাৰিত!  চেঁচা  বতাহে   দহি  নিয়া  পাহাৰী মানুহৰ  কালৰ   অতীত  হোৱা   সজাল  হাতৰ  আঙুলিবোৰৰ  সোৱঁৰণি   আমি  আৰু    বুটলিব   নোৱাৰোঁ।  আঙুলিবোৰ   সোঁৱৰণি হ'ল  আৰু  জীয়াই থাকিল  ডিংজ্ৰি  গছৰ শিপাৰ জীয়া  দলঙৰ  স্থপতি-- শিলেৰে  বন্ধোৱা  অকণি  অকণি বাটবোৰ।  



আমাৰ  জনাৰ  আগ্ৰহটি   আধৰুৱা  কৰি   উদযাপনৰ  আমেজেৰে  ফুৰি- চাকি উভতি  আহোঁতে  আমি  গমেই  নাপাওঁ যে,   ৱাৰ  ভূমিত  শিপা  মাথোঁ  এখন জীয়া  দলঙেই    নহয় --শিপাবোৰ একোডাল   জীয়া  জীয়া  জখলাও -- গছৰ  বুকুত বাহ সাজি  থাকিবলৈ  লোৱা  অজান্তি  পখীৰ   বিনন্দীয়া   মাত- কথা- সুহুৰি সামৰি  লৈ  শিপাবোৰ  তললৈ  বগাই  আহে  গছৰ  বুকুৰে-- পাহাৰৰ  ভয়  লগাঠিয়   গৰাবোৰত  অপেচৰীৰ   বেণী হৈ   গাঁথি  থোৱা   বাটবোৰ   লগ  লগাই   সাজি   দিয়ে  জীয়া জীয়া একোডাল জখলা।  সেই  জখলাৰে  জেইনচেম   পিন্ধি, ডাৱৰ  আৰু কুঁৱলীৰ  সতে  লুকা-ভাকু   খেলি  হোৰাত   কাপোৰ  ভৰাই  খুপি  খুপি   শিপাৰ  দলঙৰ   তলৰ   নদীৰ  পানীৰ    যাদুকৰী   উঁহটিলৈ  নামি  আহে কংসকল।   নামি  আহে   কাপোৰ  ধুবলৈ।   আৰু   যেতিয়া  পানীৰ  ধাৰটি  ৱাৰ  জীৱনৰ  কথন- মথনেৰে  উমলি-  জামলি  সৰকি   অহা ৰ'দৰ  পোহৰত জিল-মিল কৰি   উঠে -- তাতেই  ভোল গৈ  আমি  পিঠিত  হোৰাটো  বান্ধি  জীয়া  জীয়া  জখলাবোৰ খুপি খুপি  বগাই  কংসকলে   গাৱঁলৈ  উঠি যোৱাৰ  দূৰ্গম  বেণীধাৰিৰ  কথাকুৱঁলীৰ   সূতা  আৰু  ডাৱৰবোৰ ঠেলি ঠেলি বগুৱা  বাই  উঠি  যোৱা  শিপাৰ  জখলাডালৰ  কথা পাহৰি  যাওঁ।   



অপেচৰীৰ বেণীধাৰি,   জীয়া  জীয়া  দলঙ  আৰু   জীয়া জীয়া   জখলাবোৰৰ  মাজৰ   বান্ধ  খাই   থকা   উঁকিবোৰত ওলমি থকা আঁতুৰ  সমন্ধবোৰ  আমি  পাহৰি  যাওঁ । অপায়-মৰক  খেদিবলৈ কুম্বিৰাজসৱে কুকুৰা কণীৰ মঙল  চাই  চৰাই,   ছাগলীগাহৰি  আৰু  গৰু বলিৰ  বাবে  দিয়া   বিধানবোৰ  বতাহলৈ  বিয়পি অহাৰ  দুৰু দুৰু  মাতবোৰআকাশত   চিটিকি পৰা  বলিৰ  তেজৰ   ৰংবোৰ  আমি  পাহৰি যাওঁ।  



পাহৰি যাওঁ আমি। 



লিপি নথকাৰ  দোষত  পাহাৰৰ  সোৱঁৰণিক  আমি  ইতিহাস  নহয়   বুলি  ভাবি ল'লোঁ  । পাহাৰৰ  হেলনীয়া  পিঠিৰ   উজনি আৰু ভটিয়নিবোৰত  বাস  কৰা  পাইন গছৰ  ডালত পিৰিকিয়াই  থকা  চকুবোৰৰ  বোধৰ  জেউতিক  আমি অৱহেলা কৰিলোঁ ।মুখৰপৰা বাগৰি  বাগৰি  আহি  থাকোঁতে   দুখন পাহাৰৰ  অতল তলিৰ দৰে বিয়পি  থকা  প্ৰজন্মবোৰৰ মাজৰ উঁকিবোৰৰ শূন্যতাতমান আৰু   অভিমানৰ গৰ্ভবোৰত জানোচা এই সোৱঁৰণি ক্ৰমশঃ  ধূসৰ হৈ  গৈ  থাকিল-- হেৰাই  যোৱা  জীৱনৰ  সঁচাৰ  কাঠি  হৈ  --শোকৰ বিৱৰণী  হৈ।  এয়াই  আছিল  দোষ।  পাহাৰী  মানুহৰ  দোষ।  পাইনৰ  গছৰ  চকুৰপৰা  নামি  অহা বোধৰ জেউতিৰ   দোষ।  ইজনে-সিজনক   ৰিঙিয়াই  মাতিবলৈ   সাজি  লোৱা  অজলা  উঁকিবোৰৰ   দোষ। ডাৱৰৰ  পানী পাই  ফুলি  উঠা  কপৌফুলৰ  দোষ।  আমি  তাক  সহজেই   উপেক্ষা কৰিলোঁ।



লিখিবলৈ  আখৰ  নথকাৰ বােব তেওঁলোকে হেৰুৱাবলৈ ধৰিছিল সোঁৱৰণি। আমিও  বাৰু  দস্যু  হৈ  খাপ পিতি  ল'লোঁ নেকি  তাৰ  সুযোগ--যুগমীয়া সম্পৰ্কত  লগালোঁ  কেনা -- পাহাৰ  আৰু  ভৈয়ামৰ,   আমাৰ  অহমিকাৰে।    সময় থাকোঁতে ই   আমাৰ  লিপিৰে   চহকী বিশ্বাসৰ   হাতখনি  আগবঢ়াই  দি  কাষলৈ  চপাই  নলÊলোঁ  নেকি, লেখি থৈ  যাবলৈ পাহাৰৰ সোৱঁৰণিৰ  অপৰূপ   বিৱৰণী।  নিদিলোঁ   নেকি   প্ৰশ্ৰয়  আলসুৱা  জীৱনৰ জোনাকীৰ  ঢিমিকিক! আৰু  আমাৰ  অহমিকাৰ সুযোগ  লৈয়েই   সাত  সাগৰ তেৰ নদীৰ সিপাৰৰপৰা  বগুৱা বাই  আহিল নেকি তেওঁলোক--  দিবলৈ  অচিনা  লিপি, বুকুৰ  সাহস, লিখি থৈ  দিবলৈ আইৰ  মুখৰ মাত।  



হেঁপাহেৰে  মেলি  দিছিল  পাহাৰী  দুৱাৰ  আৰু  খিৰিকিবোৰ  অচিনা  এছাটি   বতাহৰ   বাবে।  অচিনা  ভকতিত   থাপনা  কৰিছিল  বিশ্বাস --  লিপিৰ  হেঁপাহত, সোৱঁৰণিবোৰ  ধৰি ৰখাৰ হেঁপাহত। সোৱঁৰণি  ধৰি ৰখাৰ, সোৱঁৰণি  ওভতাই   পোৱাৰওভতাই  নোপোৱাৰ  আৰু  পায়ো   হেৰুৱাৰ  কিবা এটা  বুজিব  নোৱাৰা   খোৰোং  আছিল  নেকি  সেই  ভাৰসা! পাহৰণিৰ  বুকুৰপৰা  সোৱঁৰণি তুলি আনিবলৈ  গৈ  বাৰে  বাৰে উজুটি  খাই  পাহাৰে  নিজকে  আজি  এই   শোকৰ    কথাকেই  কয় --  ডাৱৰৰ  বুকুৰপৰা সৰি পৰা পানীৰ দৰে যি শোক।  



শোকৰ  সোৱঁৰণিৰ  উত্তৰাধিকাৰ  জাৰৰ  এছাটি  নিৰ্মম  বতাহ   হৈ  পাহাৰী  মানুহজাকৰ  বুকুলৈ  বাৰে  বাৰে  উভতি আহে।  সেই  বতাহৰপৰা  হাত  সাৰিবলৈ  তেওঁলোকে  কেটেপাৰে   ধৰাশায়ী কৰা   উৰণীয়া কেৰ্কেটুৱা  জুইত  সেকি খায়ঘনে  ঘনে ধঁপাতৰ চুৰট হোপে। সেলেঙি  বোৱাই  কোৱাই  খায়।  ধঁপাতৰ ধাৰ আৰু  কোৱাইৰ   চোকা  টুকুৰাই   লেলাৱটিৰ  জালিকা  কাটি   বুকুৰ  গভীৰত   বেমাৰৰ  বাহ  সাজিলে পাহাৰৰ  বুকুতে  লীন  হৈ  যায়  দেহা   আৰু  মনৰ  যাতনা। পাহাৰৰ ভাঁজবোৰৰ দৰেই  তেওঁলোক-- চুটি-চাপৰ। হোৰা টনা পিঠিবোৰ  পাহাৰৰ   ভাঁজৰ  দৰেই  কুঁজা।   মনটি উথলি  উঠিলে   মাৰি  দিয়ে  একোটা  দীঘলীয়া   উকি   ইজনে- সিজনলৈ   বুলি--পাহাৰৰ  টিঙে   টিঙে  ৰিং হৈ  বিয়পি  যায়।  নিজৰ  চিনাকি  দিবলৈ  উপৰি পুৰুষলৈ  সেৱাটি  জনাই   পাহাৰত  শুই  থকা  সমাধিত  গুজি দিয়ে  আকাশলৈ টোঁৱাই  থকা  ম'নলিথ! সমাধিৰ  স্মাৰক  হৈ পবিত্ৰ অৰণ্যৰ  বুকুত  মূৰ গুজি পৰি থাকে । সযতনে পালন কৰে উপৰিপুৰুষৰ  বসতি  বুলি  পবিত্ৰ   অৰণ্য। অজান্তি   বিৰিখৰ  সতে  কথা পাতি  আকাশৰ শূন্যতালৈ চাই থাকে শিলৰ এই  প্ৰাচীন, চেপেটা আৰু জোঙা  জোঙা টুকুৰাবোৰে কেতিয়াবা  তিনিঠেঙীয়া টেবুল এখনৰ দৰে  পৰি থাকে ।উৰি ফুৰা ডাৱৰে আলে-ফুলে  চুই  যায়,   চুই   যায়।  কঢ়িয়াই   আনে  তললৈ  উপৰি পুৰুৰ  সোৱঁৰণিৰ   ভগা-ছিগা  বতৰা।  গাওঁবোৰ  গাঁঠি  মাৰি   থোৱা শিলৰ  টুকুৰা  পাৰি  সজা  বাটবোৰত  লাগি  থকা  তাহানিৰ  আঙুলিবোৰৰশিপাবোৰ   গাঁথি   মাৰি সাজি থোৱা জীয়া  দলংবোৰত  লাগি থকা  তাহানিৰ  আঙুলিবোৰৰ  এচমকা কেনেবাকৈ আহে  নেকি  লাগি  তাতে  নিচুকণি   হৈ।



সমাধিৰ বুকুত পুতিবলৈ কোনে কঢ়িয়াইছিল গছৰদৰে  ওখ, জোঙা এই  শিলৰ  টুকুৰাবোৰ!খোজ  কাঢ়িছিল নেকি জীয়া  জীয়া  শিলবোৰে  সুদূৰৰ  নাৰটিয়াঙৰপৰা জোৱাই  হৈ  চোহৰালৈ,   স্নংপেডং  অথবা  ডাৰাঙ  গাঁৱলৈ!শিপাৰ দলং সজা   আঙুলিবোৰৰ  সোঁৱৰণিৰ  দৰেই  পুৰাকথাৰ পৰা  ওলাই  আহিব খোজা তাহানিৰ মাৰ নামৰ  অতিকায়  মানৱসমাজ এখনৰ  ভগা-ছিগা  সোৱঁৰণিৰ   টুকুৰা একোটা  তেওঁলোকে হাত মেলি  খেপিয়াই  ধৰিব  খোজে--যাৰ  হাতৰ আঙুলিয়ে টানিছিল  শিল, সাজি  দিছিল  দলং পুৰাকথাৰ  এই অতিকায় মানৱসমাজ  ধূসৰ  পাহৰণি হৈ ডাৱৰৰ   মাজলৈকে গুচি যায়। তাহানিৰ  কালৰেপৰা  পাহাৰক  সাৱটি  লোৱা  এটি  জনগোষ্ঠীয়  প্ৰৱাহৰ   নিৰৱধি  চলি  অহা   শিষ্টাচাৰ   মানি  লৈ  খুপি  খুপি খোজকঢ়াৰ  দৰেই  তেওঁলোকে  কথাও কয়   সৰু   সৰুকৈ--ইমান সৰু! আমি ভাবিবই  নোৱাৰোঁ কেনেবাকৈ  এদিন  পাহাৰৰ  বতাহে  উৰুৱাই  নিব  পাৰিব   বুলি  দূৰৈৰ  কোনোবা অচিন  মূলসুঁতিলৈ এই সোৱঁৰণি।



আমি ভৈয়ামবাসীয়ে এলাহতে সহজকৈ  ভাবি লওঁ যে,   মূলঁসুতিৰ  বুকুত  খুন্দা এটি মাৰিবলৈ পাহাৰী  বতাহজাকৰ   শকতি   নাই।  অথচ চোৱা,   কাটি  দিয়া   হৈছে-- কি  নিৰ্মমভাৱে  কাটি  দিয়া   হৈছে  পাহাৰী  বতাহৰ   পাখি--দূৰৈৰ  অচিনা  তৰোৱালেৰে--আৰু জনগোষ্ঠীৰ পৰিচিতিৰ সৰল  হুমুনিয়াহবোৰ  এছাৰ  খাই  ফুৰিছে  পাহাৰৰ পিঠিয়ে  পিঠিয়ে ।ইমান  চিনাকি  এই পাখি কটাৰ  খেল --যিদৰে   কাটি  দিয়া  হৈছে   ভৈয়ামৰ  জুৰ  মলয়াৰ  পাখি --   পচোৱা  বতাহৰ  পাখি --  এছাটি   কুৰুৱাৰ  পাখি।  আমি  দূৰৈৰ  এটা কোণত   থকাৰ  অজুহাতত।   অথচ   অলসতাৰ  বাবেই আমি  আজিও  বৰকৈ  ভবা নাই  মূলসুঁতি নামৰ  তৰোৱালখনে  আমাৰ   বতাহৰ   পাখি   কটাৰ   খেলখনৰ  নিৰ্মম  বিৱৰণীবোৰৰ  কথা । চোৱা --আমাৰ  বিৱৰণীবোৰৰ  দৰেই  পাহাৰৰ   বিৱৰণীবোৰো  সম্পদ  কøণ কৰিব নজনাৰ  দোষত কৰ্ফাল খাই  পৰিছে  কিদৰে--কিদৰে  নিষিদ্ধ  কৰা  হৈছে ভূমিৰ তলৰ ক'লা সোণচূণশিলৰ  টুকুৰাপাহাৰৰ বুকুৰ মাজত সোমাই  থকা  শিল।  নিষিদ্ধ  কৰা  হৈছে  কেটেপাৰে  নমাই   অনা  উৰণীয়া কেৰ্কেটুৱাৰ   মঙহ,   নদীৰ বালি,   পবিত্ৰ  অৰণ্যৰ  বিৰিখ! 



আনকি  অজলা উকিবোৰো! উকিবোৰ ছিঙি নিছে প্ৰজন্মৰ মুখৰ  । 



'ত নিৰ্ণয়  হয় সিদ্ধান্তৰ·  সম্পদ কৰ্ষণৰ নিষিদ্ধতাৰ সিদ্ধান্তৰ! আমাৰ  সম্পদ  কৰ্ষণ কৰিবলৈ যাওঁতে  কেতিয়াবা আমি অজানিতে কৰা ভুলৰ এটি   শুধৰণিৰ  সুযোগ নিদিয়াকৈ। চোৱা--কেনেদৰে   তাহানিৰ  চিকাৰ  আৰু  বীৰগাথাৰ  ধেনুকাঁড়বোৰে  হতাশাৰ  তীৰ  খেলৰ   ক'লা  গুহাত  সোমাই   উচন কৰিছে  জনগোষ্ঠীয়  উকি উকিবোৰৰ  হেঁপাহ!আকূল সমন্ধৰ  হেঁপাহ!পাখি   কটা   বতাহৰ সোঁতত  উৰিব নোৱাৰা   উঁকিবোৰ হামখুৰি খাই পৰিছেগৈ  সোৱঁৰণি  হ'ব  নোখোজা  নিগনিৰ   গাঁতৰ দৰে  ক'লা সোণ  খান্দি   উলিওৱা  খোৰোংবোৰত ।উঁকি ছিঙি  নিয়া  প্ৰজন্মৰ  হতাশা    চুৰটৰ    ধোঁৱা  হৈ   উৰি  গৈছে  শুকুলা  ডাৱৰৰ  বুকুলৈ।  পাহাৰী  বতাহৰ  পাখি  কাটি  সোমাই   আহিছে  অচিনা  বতাহ। মূলসুতিলৈ   প্ৰতিনিধি  নিৰ্বাচন  কৰি  পঠোৱাৰ  এই   বতাহছাটিৰ    গধূৰ  ডেউকাতে  সোমাই   আহে  অজানিতে  ক'লা  যাদুৰ  লিপিবোৰ-- বোধপৰম্পৰা  আৰু   ঐতিহ্যক  নিধন কৰাৰ ।ভাৰসা  কৰিব  খুজি  বাৰে  বাৰে  প্ৰৰোচিত  হয়  সমাধিৰ  ম'নলিথ --পাইন গছৰ চকু -- চকুৰ  বোধ --বোধৰ ডেউতি।   পাহাৰী  দুইতাৰাৰ  সুৰ  হেৰুওৱা  প্ৰজন্মই   অচিনা  ৰাগীত  পাইনৰ   কজলা  চকুৰপৰা   নামি   অহা  বোধৰ  জেউতিক  অনাদৰ  কৰিলে পাখি  কটা  পাহাৰী  বতাহৰ   আৰু   শকতি   নাথাকে  প্ৰজন্মক    শুধৰাই  দিয়াৰ ।  



শকতি   নাথাকে   প্ৰতিৰোধৰ।



অথচ তাহানি আছিল  প্ৰতিৰোধ এঘড়ী  যুঁজাৰ । এঘড়ী  যুঁজিছিল  তেওঁলোকে অচিনা বতাহৰ   বিৰুদ্ধে   শতিকাৰ বঙিয়াৰে   তাহানিতে   নামি  অহা  ঘোঁৰাৰ  কদমৰ  বিৰুদ্ধে।  সোৱঁৰণি হোৱা নাই  এতিয়াও যুঁজি মৰা, আৰু মাৰি নিয়াৰ বৰণীয়া  বীৰগাথা।  আমি পাহাৰলৈ উঠি  অহাৰ  বাটত  পাহাৰৰ হেলনীয়া পিঠিত সৰি থকা শুকান  পাতৰপৰা  এতিয়াও   পিৰিকিয়াই  উঠে  নেকি  কটা  যোৱা  মূৰৰ  চকুবোৰে!তাহানিৰ  খাছি  দৰবাৰৰ  চিয়েমসকলৰ  শৌৰ্যসিদ্ধান্ত  আৰু  দৃঢ়তাই  অচিনা বগা  চাহাবৰ  কটা মূৰ পাহাৰত পেলাই দিয়াৰ প্ৰতিৰোধৰ  বিৱৰণী এটাৰপৰা  উঠি   অহা   প্ৰজাসৱৰ  কটা যোৱাৰ  মূৰৰ   চকুবোৰে পাহাৰৰ  নংখলাওৰ   ঝুমৰ  পথাৰবোৰত এতিয়াও পিৰিকিয়াই  উঠে  নেকি--  আহেনে  তাৰ  পৰা  উঠি  প্ৰেৰণাৰ  এছাটি   বাণী  পাহাৰী  বতাহৰ  পিঠিৰে!আহেনে  উঠি  প্ৰেৰণাৰ  এছাটি   বাণী  নংখলাওৰ  ঝুমতলীৰ  পিঠিৰে --বগা  চাহাবে  চমজাই যোৱাৰ পিছত শতিকাৰ বঙিয়াৰে  পাৰ হৈ  আহোঁতে আমি  নিৰ্বাচন কৰা  ক'লা  চাহাবে  যেতিয়া  পাহাৰী  বতাহৰ  পাখি  কাটে  দূৰৈৰ  অচিন  তৰোৱালেৰে!  



বসন্তৰ  সৰি পৰা পাতৰ  দৰে  উৰি  ফুৰে   খেয়ালী  ডাৱৰ। এনে লাগে যেন   হাতেৰে  খেপিয়াই  ধৰি  আনি উমলি থাকিব  পাৰি।  ডাৱৰৰ   সতে  উমলি   পাৰি  নেকি  পাহৰিব  ভোক   আৰু   পিয়াহৰ  অতল তলি।   আহা।  হাত মেলি  চুই চোৱা। দেখিবাডাৱৰ  বুলি  আচলতে  একোৱেই  নাই।  ধূলিকণাৰ সতে সখি  বান্ধি  উৰি ফুৰা পানীৰ এই  টোপাল বৰ আলাসতে  সৰি  পৰেসৰি পৰে। আৰু আমাৰ   চকুত  জিলিকি উঠে  ডাৱৰৰ তলে তলে  দুশ টকাৰ  দিন-হাজিৰাত শিলৰ টুকুৰা ভাঙি  বাটৰ  কাষত  জুম   বান্ধি  কামত মূৰ  গুজি থকা সৌ  কংসকল, কামৰ হেঁচাত মুখত দিবলৈ পাহৰি  যায় হেঁপাহৰ কোৱাই ।   অচিনা কামৰ  বোজাৰ  নিমাত  হৈ  আহে যাদুকৰী পানীত ৱাৰ জীৱনৰ  কথন -মথন।  



এই ডাৱৰৰ বুকুৰপৰা  বুটলি লব  পাৰি জানো  শোকৰ  সোঁৱৰণি। সোৱঁৰণিৰ  নিৰ্মম উত্তৰাধিকাৰ।  



ওপঙা  টঙীঘৰত  উঠি  চাব পৰা  সৌ  অজান্তি  দেশখন  সন্মুখত  লৈ  এলানি সুউচ্চ  পাহাৰেৰে   এয়া  স্নংপেডং গাওঁ।  পাহাৰৰ  তলত  স্ফটিক  পানীৰ  ধাৰটিৰে  উমগট  নদী  এক বিস্ময়   জলধি।  ডেৰশ  ফুটৰ গভীৰত চৰি ফুৰা  মাছশিলৰ  টুকুৰাৰ সৰু- ডাঙৰ পাহাৰবোৰ, আৰু শেলুৱৈৰ  জগতখনো ফটফটীয়াকৈ হৈ উঠে  য'ত! কুৱঁলীৰ সূতা  ফালি অহা বেলিৰ পোহৰ পৰিলে উমগট নদীয়ে   জলফাইৰঙী আচল এখনৰ  বৰণ  ধৰে।  ডিজিটেল  কেমেৰাৰ ফ্ৰে'মত  পাহাৰ  আৰু  উমগট্  নদী  এক  আচৰিত দাপোন হৈ  ধৰা দিয়ে  --হৈ উঠে  সীমান্তৰ  ৱাৰসমাজৰ জীৱনৰ যাদুকৰী  ৰূপক!  আপাতদৃশ্যমান স্থিৰ, অবিচল  পাহাৰ  নদীৰ  দাপোনৰ তলত  হৈ   উঠে  চঞ্চলঅস্থিৰ।  জোৰকৈ  বতাহ  বলিলে অস্থিৰ পাহাৰী  নদীৰ  দাপোনত  ওপৰৰ  প্ৰাজ্ঞ  পাহাৰ  নাচি  উঠে   উদ্দাম  লহৰীৰে।  হৈ  উঠে  সীমান্তত  বাস  কৰাৰ  অজুহাতেৰে  ব্যৱসায়ত  পটু  ৱাৰসকলৰেই  জীৱনৰ চমকনি । অচিনা  মূলসুঁতিয়ে  জাপি দিয়া  নিষিদ্ধতাই  আনি দিয়া সংকটত দুৰু  দুৰুকৈ কঁপি উঠা তেওঁলোকৰ  বুকুৰ কঁপণি এতিয়া  আৰু  কেৱল  উমগট  নদীৰ  ওপৰেৰে  বৈ যোৱা বতাহ, আৰু   বতাহত  কঁপি উঠা নদীৰ  সোঁতটিয়েই  দেখা  পায়।



আমিও  উমান লব  পাৰোঁ  বুকুৰ  ভিতৰৰ  এই  কঁপণিৰ--বতাহে  জোকাৰি  যোৱা  নৈৰ সোঁতত পাইনৰ কজলা চকুৱে দিয়া বোধৰ জেউতিৰ  এচমকা  থাপনা কৰি । 



এতিয়া  আৰু   কংসকলৰ  কথন-মথনেৰে ৱাৰ সমাজৰ  এচমকা জীৱন   জিলিকি   নুঠে  উমগট নদীৰ  জলধিত।পিঠিত হোৰাটি বান্ধি এগৰাকী  কং অপেচৰী সাজি শিপাৰ জীয়া জখলাৰে নামি নাহে।  দুপৰীয়াৰ  সাজ  খাই  উঠি   নদীৰ বুকুলৈ  আহি  কাঠৰ একোখন   নাৱত  ভাগৰুৱা  দেহাটি  এৰি দি  লৰ-চৰ নোহোৱাকৈ  তেওঁ খাপ পিতি  ৰৈ থাকে-- ৰৈ  থাকে আপচু   জলকুঁৱৰীৰ   দৰে  অবিন্যস্ত   চুলিৰে --বৰশীত  মাছে  আহি  খুটিওৱালৈ বাট চাই  চাই।  বৰশীত  মাছ  এটা  আহি  খুটিয়ালে লৰ- চৰ কৰি উঠে  আপচু  জলকুৱঁৰীৰ   ভাগৰুৱা  দেহা।  বিয়লিলৈকে   বৰশী টোপাবলৈ  অহা  এনে অসংখ্য    নাৱেৰে  ভৰি উঠে  উমগট  নদীৰ   বুকু।এনেকৈ   নিশ্চুপ   হৈ  নদীৰ বুকুৱে বুকুৱে পৰি থকা  কংসকলে   উমগট    নদীৰ ধাৰটিক    নীৰৱতাৰ   এক  শিয়ৰি  উঠা  কথনলৈ  পৰিণত  কৰি  তোলে।  আকাশখন দুটুকুৰা কৰি  মাথোঁ মাজে মাজে  ভাহি আহে পানীত চৰি থকা মাছৰ চিকাৰী  অজান্তি  পখীৰ  কান্দোন।



আমাৰ ঈৰ্ষাৰ পাহাৰী  মাতৃতান্ত্ৰিক  পৰম্পৰাৰ এই  আপচু জলকুঁৱৰী  পৰিয়ালৰ সম্পত্তিৰ গৰাকী--  মাতৃয়ে  সম্পত্তিৰ  উত্তৰাধিকাৰ  তুলি  দিয়ে  জীয়ৰীৰ  হাতত।  এয়াযে  সোঁৱৰণি  নহয়--শিপাৰ জীয়া  দলংবোৰৰ দৰেইজীয়া জীয়া জখলাবোৰৰ দৰেইঅপেচৰীৰ বেণীধাৰিৰ  দৰেই--এয়া পৰম্পৰা, বোধৰ  ঐতিহ্য।  ঠিয়  ঠিয় টিংবোৰৰ  উজনি আৰু  ভটিয়নিবোৰত  জেউতি চৰাই  থকা  এই  বাখৰুৱা  সম্ভেদটি   আচম্বিতে  পাই  আমি    শিহৰিত  হৈ উঠোঁ -- আৰু  থাওকতে   পাহৰিও যাওঁ যেপাহাৰী   মাতৃতান্ত্ৰিকতা  মাথো  সম্পত্তিৰখীয়া নহয় --পাহাৰৰ কংসকলৰ  বাবে   এতিয়া মাথোঁ  দুগুণ  বোজা, ঘৰুৱা যতন   আৰু  উপাৰ্জনৰ।বৰশীত  মাছে খুটিওৱাৰ দৰেই ভাগ্যৰ  এই চকৰি, কেমেৰাৰ ফ্ৰে'মত  এগৰাকী  কঙে  বিনাই  উঠাৰ দৰেই--নচিৱ  কা খেল'।  



আমি  পাহৰি যাওঁ  সহজতে --পাহাৰী   পৰম্পৰাৰ   আদৰ  নুবুজা  মূলসুঁতিৰ  বলিয়া  বতাহে   কিদৰে  সংকুচিত কৰি  আনিছে ঐতিহ্য  আৰু  পৰম্পৰাই  ৰঙাই  থোৱা  কংসকলৰ  পবিত্ৰ  এখনি আসন  --   যিদৰে  নিষিদ্ধ  কৰিছে  সম্পদৰ কৰ্ষণ!  


পাহৰি যাওঁ আমি। 



পৰিয়ালৰ  সম্পত্তিৰ  ৰখীয়া  উমগট  নদীৰ  বুকুৰ আপচু  জলকুঁৱৰীসকলে   নীৰৱ  কথকতাৰ  ঢৌবোৰৰ  মাজেৰেই  হাত মেলি  ধৰি  আনিব   খোজে   পুৰাকথাৰপৰা আন এটি বিৱৰণী । আৰু   সমাহিত হ'ব   খোজে   নীৰৱে ।   জীৱনলৈ নামি   অহা বেদনাৰ  ধাৰবোৰ গা-পাতি লৈ   বিনম্ৰ   হব  খুজি  তেওঁলোকে   চাই   পঠিয়াই  সৌ  মিলনৰ  ভূমিলৈ--বিনয়েৰে  এতিয়াও যৌৱনা  হৈ ৱাৰসমাজক নিচুকাই  থকা  সৰুভনী    উমগট্  নদী আৰু  পাহাৰৰ  শিখৰে  শিখৰে দৌৰি-ঢাপৰি  ফুৰা  উগ্ৰ ডাঙৰ  ভনী  চ্ছ্ৰাৰ নদী আহি   লগ  হোৱাৰ  মিলনৰ  ভুমি  এই  স্নংপেডং  গাওঁ।  পাহাৰৰ  টিঙে টিঙে উতলা হৈ লৱৰি -ঢাপৰি  চ্ছ্ৰাৰ  নদী হৈ  উঠিছিল   শীৰ্ণকায় । তলেৰে  বৈছিল   সমাহিত  ভনীয়েক  উমগট্--ৱাৰসকলক  নিৰ্মল, স্ফটিক  জলধিৰ সঁফুৰাটি  মেলি  দি   বুটলি  লৈছিল জীৱনৰ  চেনেহ- মুকুতা। আৰু   ইমান মৰম  পোৱা  দেখি ঈৰ্ষাপৰায়ণ  হৈ   উঠিছিল  টিঙে টিঙে ঘূৰি ফুৰা চ্ছ্ৰাৰ--স্নংপেডং  গাৱঁৰ  ঠিক  এইখিনিতে লগ হৈএকেলগে বাট বুলি ঈৰ্ষাৰ খংছাটি ৰোধিব নোৱাৰি  সন্মুখৰ সৌখন অজান্তি  দেশলৈ  গৈ  জাফলং  নামৰ ঠাইত মাটিৰ   বুকুত   দিছিল  পাঁচোটাকৈ  আঙুলিৰে   এটি  ঠেকেচনি-- য'ৰপৰা পাঁচধাৰ  পানী বৈ   গ'ল  পাঁচোদিশে  অজান্তি  দেশৰ  বুকুৰে । এচমকা  ক'লীয়া ডাৱৰ  হৈ   অজান্তি  দেশৰ  সীমনাত  এতিয়াও   ৰৈ যোৱা  ৱাৰজীৱনৰ  এটি   ধাৰৰ   বিননিয়ে  এইটি  পাৰৰ  কংসকলৰ   বুকুত   এতিয়াও  এটি  কঁপণি তোলে--আপচু  জলকুঁৱৰী  হৈ   মাছৰ  আশাত   খাপ  পিতি ৰৈ থকা   কংসকলে   নাজানে  খবৰ  --  কেনে আছে  সেইটি  জীৱনৰ  ধাৰা  অজান্তি  দেশত।  খোজ কাঢ়েনে  এতিয়াও শিপাৰ  জীয়া   দলংবোৰেৰেজীয়া  জীয়া জখলাৰেআছেনে  তাতো এতিয়াও  গাওঁবোৰ  গাঁথি  মাৰি  থোৱা   অপেচৰীৰ  দীঘলীয়া বেণীআকাশলৈ মূৰ  তুলি  আছেনে  পাহাৰৰ  পিঠিয়ে  পিঠিয়ে  শাৰী  শাৰী  কোৱাইৰ  বাৰী!  



তেওঁলোকে মাথোঁ  সমাহিত হ'ব জানে  উমগট্  নৈৰ   স্ফটিক জলধিৰে--দহি   নিয়া  শুকান  বসন্তয়ো যাক   কৰি  ৰাখে   বিনম্ৰতাৰে   সজীৱ  সৰ্বতিকালে ।  প্ৰকৃতিৰ    সম্পদৰ  কৰ্ষণ  নিষিদ্ধ  হোৱাৰ আগেয়ে   প্ৰতি  টন চূণশিল  ৰপ্তান কৰি দহ ডলাৰ  উপাৰ্জন কৰা  স্নংপেডং  গাঁৱৰ  ৰপ্তািকাৰীসকলে  এতিয়া  উমগট্  নদীৰ  বুকুত  পৰি  মাছ   বেচি   জীয়াই   থাকি  সমাহিত  হ'ব  জানে। পানীত  চৰি ফুৰা  জীৱৰ  প্ৰতি  শ্ৰদ্ধা অটুট   ৰাখি  বৰশীৰে   মাছ  টানে।নিষিদ্ধ কৰি  লয়  মাছ  মৰা  জালবোৰ  নিজৰ  সতে  হোৱা বুজা- পৰাৰে--পাইন   গছৰ চকুৰ পৰা  নামি অহা বোধৰ জেউতিৰে।  অলপীয়া সাঁচনেৰে গঢ়ি তোলে  তিলে  তিলে  এটি  দুটি  হ'ম-ষ্টে',  মাতি  আনে অতিথিউমগট  নদীৰ  পৰা তুলি অনা মাছেৰে আপ্যায়ন  কৰে এসাঁজ  ভাতেৰে, আৰু আমালৈ চেনেহৰ সঁফুৰাটি  আগবঢ়াই   দিয়ে   মূলসুঁতিৰ  বতাহছাটিৰ    অগোচৰে।  



আপচু জলকুঁৱৰীসৱ  ঘৰমুৱা হ'লে  কুৱঁলীৰ  সূতাবোৰত ওলমি  ওলমি  ডাৱৰৰ  বুকুৰে  নামি  আহে   শেঁতা  জোনবাই   উমগট্   নদীৰ   বুকুলে ।  স্ফটিক   জলধিৰ   দাপোনত  নাওখনি  বাই   জোনবায়ে   গাই  এটি  নিচুকণি  গীত--শিলে শিলে বৈ যোৱা  জলধিৰ  কল্-কল্  ৰৱ  আৰু ৰাতিৰ  বুকু ছিঙি   ভাহি   অহা  নিশাচৰী পতংগৰ  কান্দোনৰ  লহৰে লহৰে ।  সেই  নিচুকণি গীত শুনি  পাহাৰৰ  পিঠিত  ঘৰ  পাতি  বাস কৰা ৱাৰসমাজে  নিশাটোলৈ  দুচকুৰ পতা  জপাই  দিয়ে ।  



 আৰু  আমি অতিথিসৱে এই  জোনাকী মায়াসনাত  ৱাৰজীৱনৰ এচেৰেঙা ৰং  চাবলৈ  খুলি  লওঁ  আমাৰ  কেমেৰা। এৰা।  কেমেৰাৰ  ফ্ৰে'মৰ  ভিতৰত  বহুতো কথা  নিখূঁতকৈ  চাব পাৰি -- এটি  সৰু  প্ৰেক্ষাও  ইয়াত  হৈ  উঠে  কিমান যে  নিখূঁত -- ডিটেইলড!পুংখানুপুংখ।  ঝুমকৰি চাব  পাৰি  চকুৰপৰা  সৰি  পৰিব  নোখোজা লোতকৰ   অতল  জলধিৰ গ্ৰথন--বুকুৰ  হাড়বোৰৰ  যিমান   দলৈ  কাটিলে  চকুৰ  পানীয়ে  লয়  বীজলুৱা  শেলুৱৈৰ   বৰণ--আপচু   জলকুঁৱৰীৰ  দাঁতৰ ফাঁকৰ  কোৱাইৰ   ৰাঙী ।  পাইনৰ গছৰ  কজলা চকুৰ বোধৰ জেউতি  বুকুত  থাপনা  কৰি  কেমেৰাৰ  সৰু  পৰ্দাখনৰপৰা  লেপটপ  এটাৰ বুকুলৈ তুলি আনি  বহলকৈ  জুখি চাব  পাৰি  দাগ  কাটি  কাটি   বুকুৰ  ভিতৰলৈ গৈ থকা হুমুনিয়াহবোৰ ।  যেন চকুৰ সমুখেৰে  উমগট্  নদীৰ  বুকুৰ  তৰাঙৰ পৰা  গভীৰলৈ ছোঁ মাৰি গুচি যোৱা  এজাক  সমুথিৰাৰঙী  মাছ! চাব  পাৰি  এই   জেউতিৰে  বুকুৰ  এই  ভিতৰনামৰ জেগাটুকুৰাৰ  শেষ   ক'ত-- বাহঁৰ   জখলাৰে  নামি   যোৱা  ভূমিৰ   তলৰ  ক'লা সোণৰ  খনিবোৰৰ  দৰে নেকি,   চূণশিলৰ  টুকুৰাবোৰ   দৰে  নেকিশিলৰ  টুকুৰাবোৰৰ দৰে  নেকি, যাক নিষিদ্ধ কৰা হ'ল   পাহাৰী মানুহে  কৰ্ষণ কৰিব নজনাৰ  অপৰাধত!



শুধৰণিৰ  এটি   সুযোগ  পৰ্যন্ত  নিদিয়াকৈ! 



ভৰ  দুপৰৰপৰা বেলি  ডুবাৰ  পিছলৈ  নাও বাই  উমগট্ নদীৰ  পানীত পৰি  থকা  আপচু  জলকুঁৱৰীৰ  হেৰাই যোৱা   সুখৰ   দিনৰ  সোৱঁৰণিৰ  উলাহবোৰো  চাব  পাৰি  বোধৰ এই জেউতিৰে।যাৰ   বাবেই   নীৰৱ  আজি   পাহাৰৰ  মানুহ।  আলসুৱা জীৱনৰ জোনাকীৰ ঢিমিকি। টিঙে  টিঙে  ৰিং  হৈ  বিয়পি  যোৱা  অজলা  উকিবোৰৰ  আঁত  ।



হয়তো আমিও  এই  নীৰৱতাক  ভুলকৈ বুজে । হৈ  উঠোঁ দূৰৈৰ  মানুহ। এদিনীয়া  ভ্ৰমণৰ   আমোদৰ  ৰং সানি  পাহৰিযাওঁ  থাওকতে। অথবা,   ছন্দবদ্ধ  পাাহৰী জীৱনৰ গতানুগতিক ধাৰা   বুলি  সামৰি থওঁ।   অথচ  আমি  জানোঁ --আমাৰ   ভৈয়ামতো  এতিয়া  আমাৰ  হাড়বোৰ   চেঁচা  পৰি যোৱা  এছাটি  বতাহ   জোৰকৈ  বলে ।  বলিয়া  বা  লাগি  মৰে  আমাৰো  জীৱনৰ আলসুৱা জোনাকীৰ  ঢিমিকি।চকুৰ  পানীবোৰ চেঁপা খাই   আহে   আৰু ভৰিৰ  তলৰ চেপেটা খোৱা  দুবৰি  বনত চিটিকি   পৰে  নিৰ্মম  সোঁৱৰণি।   আমাৰ  চকুৰ পানীয়ে সাৰ দিয়া দুবৰিবনৰ ওপৰেৰে শিপা মেলি আহে মূলসুঁতিৰপৰা  কাৰ্পেট  গ্ৰাছৰ  অচিনা হাবি  দীঘল  হৈ  আহে । শিপা মেলি  আহে   আমাৰ  আপোন   দুবৰি  বনজুপিৰ পৰিচিতিৰ  বিৰুদ্ধেআমাৰ  মাটিত   গজি   উঠা  বিৰিখৰ   বিৰুদ্ধে।  আমাক  উশাহ  দিয়াআমাৰ   চকুৰ  পানীৰে  জীয়াই   থকা   আমাৰ মাটিৰ  তৰু-তৃণ-লতিকাৰ  বিৰুদ্ধে।   আমাৰ  মুখৰ  মাতআমাৰ   শোকৰ  সোৱঁৰণিলৈ  উঠি   আহে    অচিনা কাৰ্পেট  গ্ৰাছৰ  শিপা--তাক  সাৰ- পানী দিয়া অচিনা  বতাহ  এছাটি  ছোঁ  মাৰি  আহি  আমাৰ   মাৰলঘৰত উঠে  । পাখি   কটা বতাহে  নোৱাৰে  উৰুৱাই  নিব  ৰিং মাৰি  উতলা  হ'ব খোজা  আমাৰ  সুৰীয়া   উঁকিবোৰ।



পাহাৰৰ   সমাধিৰ চেঁচা  বতাহে  হাড়লৈকে কঁপাই তোলা  মানুহবোৰৰ  গাত কেনেবাকৈ  লাগেহিনে   ভৈয়ামৰ   এইচাটি   চেঁচা  পৰি  অহা  বতাহৰ  বা।  লাগেহিনে!



তেওঁলোকৰ  সোঁৱৰণিৰ  চকুলোৰ  টোপাল  এই  পাহাৰৰ   ঘাঁহনতি, সৌ  পাইনৰ  গছৰ  কজলা চকুবোৰে  আমালৈ  চটিয়াই  দিয়া বোধৰ জেউতিত, পাহাৰৰ বুকু ভেদি আকাশলৈ উঠি যোৱা  কোৱাইৰ গছবোৰৰ  পাতৰ  চেঁচা  বতাহছাটিৰ সেমেকি উঠা কঁপনিত বিয়পি পৰিছে। আৰু ৱাৰ সকলক  নিচুকাই  নিশাটিলৈ  শুৱাই থবলৈ উমগট্   নদীৰ  জলধিলৈ  ওলাই   অহা  জোনবাইৰ  শেঁতা পোহৰত  মেলি ধৰা  কেমেৰাৰ  ফ্ৰে'মত এই বিৱৰণীবোৰ নিৰহ-নিপানী  হৈ  উঠিছে। ইমান আপোন! 



' পাহাৰৰ মানুহ! 

পাহাৰৰ  পিঠিত  বাস কৰা  পাইন  গছৰ প্ৰাচীন  কজলা  চকুৱে  বোধি  দিয়া  মানুহ!

শিপাৰ  জীয়া দলঙৰ  বুকুৰে,   জীয়া  জখলাৰ  বুকুৰেঅপেচৰীৰ  চুলিটাৰিৰ  বেণীধাৰিৰে  অহা- যোৱা কৰা মানুহ!



দুয়ো  হাত মেলি  দে!ভগাই  লওঁ  বতৰা। শকতি  দিওঁ  একেলগে  অজলা উঁকিবোৰে   বাস  কৰা পাহাৰী বতাহক -- ভৈয়ামৰ  জুৰ  মলয়াক --পচোৱা বা-ছাটিক --এছাটি  কুৰুৱাক। 







---------

(টোকা- ৱাৰ --  মেঘালয়  আৰু   বাংলাদেশ  সীমান্তত বাস কৰা খাছিসকলৰ এটা ঠালতেওঁলোকৰ কিছু সংখ্যক বাংলাদেশতো বাস কৰে। তেওঁলোক বেপাৰত পটু.। 

কং- খাছিসকলে মহিলাক কৰা সম্বোধনবাচক  শব্দ
জেইচেম - খাছি মহিলাৰ পৰম্পৰাগত পোচাক।

কোৱাই - খাছি পাহাৰৰ তামোল।) 















ননকে - খাগ্ৰাবাৰী 
প্ৰকাশ - গৰীয়সী, ২০১৪ পূজা সংখ্যা







 আমাৰ চেতনত  সাৰে আছিল সেই  ননকে-খাগ্ৰাবাৰী ।  

ননকে- খাগ্ৰাবাৰীলৈ  যোৱাটো আছিল সপোনৰ  দৰে । কলোৱেই  ননকে- খাগ্ৰাবাৰীলৈ  যাবলৈ খুজিছিল।  তালৈ যোৱাৰ  অনুমতি  পত্ৰ   লাভ কৰা   নিৰ্দিষ্ট কোঠাটিত ৰৈ থাকিছিল।  বহু  লোকৰ   সমাগমে  ননকে- খাগ্ৰাবাৰীৰ  সকলোকে  বিবুধিত  পেলাব -  এই আশংকা  কৰি  তালৈ যাবলৈ একপ্ৰকাৰ  বাৰণেই  কৰা হৈছিল।  আৰু  বেচ  কিছুদিন অপেক্ষা কৰাৰ  পিছতহে  অনুমতি  পোৱা গৈছিল।  জানোচা  ননকে- খাগ্ৰাবাৰীলৈ যোৱাৰ  বাটেই  ভুল কৰি পেলালোঁএই   বুলি যিসকলক  সুধিছিলো -  তেঁওলোকে  একমুখে কবলৈ  ধৰিছিল -  ভুল  নাই কৰা, সৌফালেনদীখনিৰ  পাৰেৰেজাৰণিখনৰ সোঁদিশেমথাউৰিটোৱেদি  নামি গৈপুৰি  ছাই  হৈ যোৱা খাগৰিডৰাৰ  কাষেৰে,  এৰাসুঁতিৰ ধু ধু বালিত । সেয়াই   ননকে - খাগ্ৰাবাৰী ।.......গৈ  থাক  মাইভয় নাখাবি।    

অনেক  সত্যই  ননকে- খাগ্ৰাবাৰীত  হাতত  হাত  ধৰি ঘুৰি ফুৰিছিল । সত্যৰ সেই  ৰূপ  আছিল অতিকে বিক্ষিপ্ত,    অতিকে  খণ্ডিত  আৰু কদাকাৰ। কেতিয়াবা  ভাৱ হৈছিল,   ননকে- খাগ্ৰাবাৰীত  সত্য নিজেই  দিকভ্ৰান্ত । আৰু সত্য  নিজেই যেতিয়া  দিকভ্ৰান্ততেতিয়া  ননকে-খাগ্ৰাবাৰীলৈ  অহাসকলো  জানো বিভ্ৰান্ত  হৈ  নপৰিব!  বাস্তৱতে সেইটোৱেই  ঘটিছিল।   ননকে - খাগ্ৰাবাৰীত এটি  সত্যৰ ওপৰত আন  এটি  সত্যৰ  অধিস্থাপনা  হৈছিল  আৰু বৰ্তমানৰ সত্যৰূপে  পূৰ্বৰ সত্যাৱস্থা ঢাকি ধৰিছিল। যিদৰে সৌ প্ৰকাণ্ড  এক্সকেভেটৰবোৰেৰে  কঢ়িয়াই  নদীৰ পাৰত  বালিৰ নতুন  তৰপ দিয়া  হৈছিল আৰু বৰ্তমানৰ  তৰপটোৱে  নদীৰ  বালিৰ পূৰ্বাৱস্থা পুতি পেলাইছিল।পূৰ্বৰ সত্যই  প্ৰাণপ্ৰণে চেষ্টা কৰিও তাৰ আচল ৰূপ প্ৰকট  কৰিব পৰা নাছিল।  আনকি এক্সচস্কেভেটৰেৰে কঢ়িয়াই  নদীৰ পাৰত   বালিৰ যি  নতুন তৰপ দিয়া হৈছিল, সেয়াও ঢাকি  তাৰ ওপৰত তৰি  দিয়া  হৈছিল শাৰী শাৰী  তম্বু ।  যিসকলে এই  তম্বুবোৰ দান কৰিছিল  আৰু সেইবোৰ  তৰি  দিবলৈ যোগান  ধৰিছিল ইউনিফৰ্ম পিন্ধা  যি স্বেচ্ছাসেৱক -- ননকে-  খাগ্ৰাবাৰীত   এতিয়া আপাতত  তেঁওলোকে কোৱা  বা  কবলগীয়া কথাবোৰ, তেঁওলোকে দান কৰা  তম্বুবোৰেই  যেন সকলো  সত্যৰ অৱশেষ হৈ  প্ৰকট  হৈ পৰিছিল। 

আমাৰ চকুৰ  সমুখত  ৰমক-জমককৈ  সাজিছিল ননকে- খাগ্ৰাবাৰীয়ে। দূৰৈৰ পৰা  ক্ষুদ্ৰ  ক্ষুদ্ৰ  টিলাৰ দৰে  লাগিছিল নকে - খাগ্ৰাবাৰীৰ  নীলবৰণীয়া  তম্বুবোৰ।  ননকে -খাগ্ৰাবাৰীত  গৰম  ভাতৰ ধোঁৱা ওলাইছিল তম্বুৰ তলৰপৰা ।নতুনকৈ  বহুওৱা দমকলৰ নলীবোৰ তেতিয়াও  নিমজ হোৱা নাছিল।  তম্বুৰ  চুকত আছিল শাৰী  শাৰী প্লাষ্টিকৰ তিৰপাল  তৰি  দি নতুনকৈ সজা পায়খানাবোৰ। পায়খানাৰ লেতেৰা গোন্ধ ওলাব পৰাকৈ সেইবোৰ পুৰণা হোৱাই  নাছিল। ননকে -খাগ্ৰাবাৰীত পাহাৰ হৈ আছিলদান- উচৰ্গাৰে অহা ৰেচন  সামগ্ৰী, কাপোৰ- কানি । বিদেশী ফল-মুল পৰ্যন্ত  আহিছিল।  ননকে-খাগ্ৰাবাৰীত পখৰা-পাখৰি  কাপোৰ  পিন্ধা  জোৱানবোৰে  হাতত  কাৰ্বাইন লৈ বুটজোতাৰে গিৰিপ গাৰাপ  শব্দ  কৰি,   শাৰী পাতি  টহল দিছিল। ননকে- খাগ্ৰাবাৰীত জোৱানৰ কাৰ্বাইনৰ  উদ্যত  নলীয়ে  দিছিল  মুখৰ  নিৰাপত্তাৰ  ভাষা । ননকে-খাগ্ৰাবাৰীত  ডাক্তৰসকলে  ঘড়ীৰ  কাটাৰ সৈতে খোজ  কাঢ়ি   শিৱিৰ পৰিছালনা কৰিছিল, অংগনবাদী কৰ্মীসকলে  তেঁওলোকক  গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ তথ্য  দাখিল কৰিছিল । ননক -খাগ্ৰাবাৰীত  আসন্নপ্ৰসৱা  প্ৰসুতি নাৰীক এম্বুলেন্সেৰে হস্পিতাললৈ নিয়াৰ  ব্যৱস্থ কৰি দিয়া  হৈছিল  বিপুলায়োজনেৰে। ননকে- খাগ্ৰাবাৰীৰ  সমুখতেই  সজাই  থোৱা হৈছিল এখনি ম'বাইল মেডিকেল ভান -   'ত আনকি অস্ত্ৰোপচাৰ পৰ্যন্ত  কৰিব পৰা গৈছিল।  কাপোৰ- কানি পুৰি ছাই  হৈ  গৈছিল  বাবে  এতিয়া তেঁওলোকৰ  শৰীৰত যি  বস্ত্ৰ দেখা পোৱা গৈছিল, সেই  সকলোবোৰেই  নতুন আছিল। ননকে- খাগ্ৰাবাৰীত  ইফাল- সিফাল কৰি থকাসকলৰ  খোজত  মাৰ  নকঢ়া  নতুন  কাপোৰৰ খম-খমনি পৰ্যন্ত  শুনিবলৈ পোৱা গৈছিল। জলাশয়ৰ  নতুন  পানীৰ চঞ্চল  পানীমকৰাৰ দৰে  শিশুবোৰে   চট-ফটা ফুৰিছিল।  ষ্টিলৰ নতুন, পৰিস্কাৰ  কাঁহীত  গৰম  ভাত খাবলৈ দিয়া হৈছিল  ননকে-খাগ্ৰাবাৰীত। যিসকলে  ননকে-খাগ্ৰাবাৰী আহি পাইছিলহি, তেঁওলোকে  ৱাহ  ৱাহ  দি কৈছিল -- কি  সুন্দৰ, কেনে  পৰিপাটি, এয়া দেখোন আমাৰ  ভাৱনাৰ  সিপাৰৰ  বিস্ময়কৰ  ননকে- খাগ্ৰাবাৰী !স্ ননকে -খাগ্ৰাবাৰীত  নাই  কি!! দৃষ্টিয়ে  যিমান দূৰলৈ  কৰিব পাৰে'লৈকে  প্ৰসাৰি থাকে বোধৰ জগততালৈকে  বিয়পি আছিল  এখনি  ননকে -খাগ্ৰাবাৰী।  তেঁওলোকে ন'টবুক, ষ্টীল  অথবা  মুভি কেমেৰাবোৰলেপটপ  অথবা  আইপেডবোৰ সাজু কৰি লৈছিল।

ননকে-খাগ্ৰাবাৰীত  মায়াৰ  প্ৰপঞ্চই  ধৰিছিল তৃতীয় নয়ন  ছানি  প্ৰপঞ্চ ভেদি,   তৃতীয়  নয়ন মেলি কাণখন  উণাই দিলে  উখল- মাখল তম্বুৰ  তলৰ  হিয়া দহি  নিয়া   তলসুঁতীয়া সুৰ এটি  ভাহি আহিছিল ।  তাতেই   কিল্ বিল্ ৰিছিল  সিহঁতে -- যিসকল আছিল  তম্বুৰ  তলত। এনে   লাগিছিল যেন  অনেক  বিক্ষিপ্ত, খণ্ডিত  আৰু নিকৰুণ  ঘটনাৰাজিৰপৰা  পলাই  আহি  প্ৰকৃত  সত্যই  এইসকলৰ  মলিয়ন গাতেই ভেঁজা দিছিলহি। ননকে-খাগ্ৰাবাৰীৰ তম্বুৰ তলত সিহঁতে  বাস কৰিছিল গাঁতৰ নিগনিৰ  দৰে। মুখৰ  কঠিন কপাটত  আছিল  বাদুলী-সঁচাৰ। কান্দিবলৈ যিমান ভয় কৰিছিল,   কথা কবলৈ ভয় কৰিছিল তাতোকৈয়ো  বেচি ।  মাছৰ টোপোলাত অহা  বৰফৰ  দৰে  চেঁচা পৰিছিল।  চকুৰ নিমখ  বালিয়ে  শুহি  লৈছিল -- যিদৰে শুহি  লৈছিল  ননকে-খাগ্ৰাবাৰীৰ  তেজ। ডিঙিৰ নলীৰে সৰকি  গৈছে নেকি  তপত ভাতৰ ধোঁৱামাৰণ  অস্ত্ৰৰ  কেইজাঁইমান গুলী -- এই কথাবোৰ  সিহঁতক  সুধিবলৈ সাহস  কৰা নাছিল  কোনেও ননকে -খাগ্ৰাবাৰীত।

এৰা।  ননকে-খাগ্ৰাবাৰীত  ৰঙা  হৈ পৰিছিল নদী । যেন  তেজৰপৰা তেজলৈকে বিয়পি আছিল নদী--  তেজৰ পৰা তেজলৈকে আছিল তাৰ  সুঁতিঅথবা  সেই   নদীয়ে এৰি  থৈ  অহা  কোনো  এটি   এৰাসুঁতি। চেতন আৰু  অৱচেতনৰ মাজেৰে বৈ আছিল তেজৰ সে স্ৰোতস্বিনী নদী, যাৰ নাম  ননকে-খাগ্ৰাবাৰী। তেজৰ বাটেৰেই  আহিছিল সিগ্ৰাসি  লৈছিল মগজুবোধৰ আকুতি।আহি আহি যিসকলে ননকে- খাগ্ৰাবাৰী পাইছিলহি, তেঁওলোকৰ সকলোৱেই যি কথা কৈছিল, বা  যি কথা কবলগীয়া  হৈছিলসেই  সকলোবোৰেই   আছিল তেজৰ বিষয়ে, অথবা তেজক   নিৰ্ভৰ  কৰি।  বোঁৱতী  নদীৰ ধাৰাল সোঁতৰ দৰেই  কথা-বাৰ্তালৈ   নামি আহিছিল স্ৰোতৱতী তেজৰ ধাৰ। ননকে- খাগ্ৰাবাৰীৰ  মানুহবোৰ  খঙতে তেজৰ   দৰেই ৰঙা পৰিছিল  আৰু নিমিষতে  দুখত  ক'লা পৰি  গৈছিল মৰি অহা তেজৰ দৰে । এই কথা হয়তো  ননকে- খাগ্ৰাবাৰীলৈ   আহিব নোৱাৰাসকলেবা   আহিবলৈ নিবিচৰাসকলে  বিশ্বাসেই   নকৰিব  যে, তেজৰ  লুণীয়া সোঁত বৈ আনকি বাটৰ দুবৰি পৰ্যন্ত  মৰি গৈছিল। বহুদিন ধৰি এজাক  বৰষুণ   আহি  জীপাল  কৰাহি  নাছিল  ননকে-  খাগ্ৰাবাৰীক । বহুদিন ধৰি  ননকে -খাগ্ৰাবাৰীৰ বিৰিখে এটি  থেৰেজুপকা  ধাৰণ কৰা নাছিল। পাটমাদৈ  চৰাইটিয়ে   কন্দা  নাছিল।  ফুলা  নাছিল  বসন্তৰ  কেতেকী। আৰু এই  বিষম    দৈন্যদশাৰ মাজতেই   ননকে - খাগ্ৰাবাৰী  জীয়াই  আছিল । এখনি   বিমূৰ্ত  সৰস্বতীৰ  দৰে সাৱলীল  অন্তঃস্ৰোতেৰে  জীয়াই   আছিল  ননকে- খাগ্ৰাবাৰী।তেঁওলোকৰ চেতনত   ননকে- খাগ্ৰাবাৰী জীয়াই আছিল। আৰু তাতে যেন  লবলৈ  ধৰিছিল  জীৱনদায়িনী সাৰ আৰু  পানী। 

এয়াই আছিল  ননকে-  খাগ্ৰাবাৰী। সকলোৱেই আহি আহি এবাৰ চুই   পাবলৈ মৰিয়া হৈ  উঠা ননকে- খাগ্ৰাবাৰী।  তেঁওলোকে  কৈছিল --  ননকে-খাগ্ৰাবাৰীয়েই  মানৱতাৰ নিষ্ঠুৰতম  বধ্যভূমি। গৰ্ভৱতী নাৰীৰ পেটৰপৰা পূৰ্ণ  বিকশিত যি শিশুক দুফাল কৰি দলিয়াই দিয়া হ', টানি উলিয়াই  অনা হ'ল ফুলৰ দৰে কোমল  কলিজা,    সেয়াইতো  ননকে-খাগ্ৰাবাৰী। নেতাতোকৈয়ো  নিষ্ঠুৰ  আন কিবা  হ'ব পাৰে! ননকে-খাগ্ৰাবাৰীয়েই সন্ত্ৰাস আৰু  যাতনাৰ  নিষ্ঠুৰতম নাম। ভাৱ হৈছিল -- তেঁওলোকে  মিছা  কোৱা নাছিল।  আনসকলে  ফুচফুচাই  কৈছিল --এয়া  গোকাট   মিছা।  সত্যৰ অপলাপ।  ননকে -খাগ্ৰাবাৰী পুৰি  ছাই হৈ গ'লেও ইয়াত এনে  ঘটনা ঘটাৰ নজিৰ নাছিল। জিৰ  নাছিল । এঁওলোকে  কিহবাৰ লোভতেই  এই   বিজতৰীয়া সাধুটিৰ   আমদানি  কৰিছিল। ভাৱ হৈছিল --এইসকলেও মিছা কোৱা নাছিল।  ননকে-  খাগ্ৰাবাৰীত সকলোৱেই  সমান বিশ্বাসেৰে  সকলো কথাই  কৈছিল।  

ননকে- খাগ্ৰাবাৰীত এতিয়ালৈকে  যিসকল  জীয়াই  আছিল, সিহঁত  পুৰণি হবলৈ ধৰা তেজৰ দৰে কেচেমা-কেচেমকৈ গোন্ধাইছিল।  যিবোৰ ইতিমধ্যেই  মৰি  গৈছিল আৰু  বহুদিনৰ পিছত  নদীৰ  বুকুৰ  গ্ৰাহ- মগৰৰ দৰেই  সিহঁতৰ পুৰণি যোৱা শৱদেহবোৰ ভীম্বাকাৰ হৈ ভাহি উছিঠিল, সেইবোৰ অৱ্যশ্যে তেজৰ দৰে গোন্ধোৱা নাছিল । তেজ মৰি  মৰি সেইবোৰ ক'লা হৈ পৰিছিল। পুৰণি হবলৈ ধৰা তেজেৰে কেচেমাকেচেমকৈ  গোন্ধোৱাজীয়াই থকা  মানুহবোৰে  সিহঁতক  আত্মীয় বুলি  চিনাক্ত  কৰিবলৈ  ঢাপলি মেলিছিল  - এইটো  অমুকৰ শৱ,   এইটো  তমুকীৰ  আৰু সৌ- কেইটা  ল'ৰা-ছোৱালীৰ।আস  আস।শিশুকেইটিও সাৰি যোৱা নাছিল। বন্দুকধাৰীৰ  বন্দুকৰ আগৰে দৌৰি দৌৰি ভয়তে  নদীতেই  জঁপিয়াই দিছিল বেচেৰাহঁতে। সাতুঁৰিবলৈ জানিলেও ভয়তেই নদীৰ পানীত হাত -ভৰি মাৰিবলৈ পাহৰি গৈছিল চাগে।  হয় হয়। এনেকুৱাই  হৈছিল  চাগে.....ননকে-  খাগ্ৰাবাৰীলৈ আহি পোৱাসকলে তেনেদৰেই গুণা- গঁথা কৰি, অনুমান কৰিছিল। ৰাতিৰ কথা।ননকে- খাগ্ৰাবাৰীত  কোন মানুহ  কেনেদৰে  মৰিলজানিবলৈনো  কাৰ  আহৰি আছিল দেহি!   ননকে- খাগ্ৰাবাৰীত সেই নিশা জোন মৰিছিল ।  ঘোৰ  অমাৱস্যাৰ  অন্ধকূপ মহাশূন্যত  লুকাই  আছিল জোন।  মৰি অহা জোনৰ নিশা প্ৰাণৰ ভয়তেই সিহঁতে কাশৰ ফুটুকী তৰা, জোনাকী পৰুৱা আৰু  বন্দুকধাৰীৰ অস্ত্ৰৰ  নলীৰপৰা ওলোৱা সজীৱ গুলীৰ পোহৰক  সাৰথি কৰিয়েই  দৌৰ মাৰিছিল। দৌৰি দৌৰি  নদীখন পাইপানীতেই  জঁপিয়াই  দিছিল চাগে ।হয় হয় তেনেকৈয়ে  মৰিছিল  চাগে।  এনেদৰেই  গুণা- গঁথা কৰি, অনুমান কৰিছিল  তেঁওলোকে। 

ননকে- খাগ্ৰাবাৰীত কেইবাদিনো ধৰি  পানীৰ তলত  ডুবি থকাৰ বাবেই এতিয়া গ্ৰাহ-মগৰৰ  দৰেই  ফুলি উঠিছিল  শৱবোৰ। চুই   দিলেই  যেন  এৰাই আহিব   শৰীৰৰ চনকা  মাংসৰ একো  টুকুৰা  পিণ্ড! পাৰত তুলি পিছত ৰৌদ্ৰোজ্জল  প্ৰখৰতাত  শৱবোৰ গেলা মাছৰদৰে গোন্ধাইছিল।  মুখকেইখন  কাপোৰেৰে সোপা   মাৰি ধৰি সিহঁতেই নিৰাপত্তাৰক্ষীৰ গাড়ীৰ ভিতৰলৈ দলিয়াই দিছিল শৱবোৰ -মৃতক  বুলি  ছীল-মোহৰ লগাবৰ বাবে।ৰাইফলৰ নলীৰে ওলোৱা সজীৱ  গুলীবোৰৰ আগেৰে দৌৰি  অহাৰ  পিছতেই  খালি হৈ  পৰা গাঁওখন জুইৰ পোহৰেৰে ভমককৈ  উজলিনিমিষতেই  ছাই  হৈ  গৈছিল।ছাই গৈ  গৈছিল গোহালিত গৰুগঁৰালৰ  ছাগলী। বান্ধনত থকা  গৰু- ছাগলীৰ গোন্ধ  মনুহৰ  পোৰাৰ গোন্ধৰ  সৈতে  একাকাৰ  হৈ,   ননকে-  খাগ্ৰাবাৰীৰ  বতাহতে ই   বহুদিনলৈ   ওপঙি  আছিল । 
ননকে- খাগ্ৰাবাৰীত মৰি যোৱাসকলক মৃতক  বুলি  ছীল-মোহৰ লগোৱাটো   জীয়াই  থকাবোৰৰ   বাবে  কিমানৰুৰী আছিলতেঁওলোকে সেই  কথা আলোচনা কৰিছিল। চাওক, তেঁওলোকে কৈছিল, ননকে-  খাগ্ৰাবাৰীৰ কেইটামান পৰিয়ালৰ  তিনিজনকৈ সদস্য মৰা গৈছে। দুখৰ কথা নিশ্চয় ।  কিন্তু  মৰণোত্তৰ পৰীক্ষা কৰি ছীল-মোহৰ লগাৰ পিছত  ৰাজ্য আৰু  কেন্দ্ৰীয়  চৰকাৰে  সুকীয়াকৈ  প্ৰতিজনৰ  নামতেই অন্ততঃ চাৰে  তিনিলাখকৈ  টকা দিয়াৰ কথা কৈছে। গৃহদাহৰ ক্ষতিপূৰণৰ টকা, আৰু  এতিয়া দান-উচৰ্গাৰে আহি   সামগ্ৰীবোৰৰ  কথাটো  বাৰু বাদেই  দিলোঁ। গোষ্ঠীদাহত  পৰিয়ালে পতি  অন্ততঃ এজনকৈতো গৈছেই! অংকতো ভাবি চাওকচোন।  ননকে-  খাগ্ৰাবাৰী মালামাল হৈ যাব।  এদিন  মালামাল  হৈ  যাব  এই ননকে-খাগ্ৰাবাৰীৰ মানুহ। হিক্ হিক কৈ হাঁহিছিল তেঁওলোকে।   চকুবোৰ জল-মল কৰি উঠিছিল।  আনকি ন্দুকৰ গুলী খাই  হস্পিতালত পৰি থকা কেইটামানক   আল্লাই  মাৰি নিবলৈ তেঁওলোকৰ পৰিয়ালে কৰা প্ৰাৰ্থনা পৰ্যন্ত  নিজৰ কাণেৰেই শুনি আহিছোঁ --  চোৰৰ ৰেই  ইফালে সিফালে চাই, অতি  সতৰ্কতাৰে কৈছিল  তেঁওলোকে। এনে  লাগিছিল যেন  তেঁওলোকে  কথা কোৱা  নাছিলএমুঠি বিষাক্ত  উশাহ  এৰি  দিছিল  ননকে-খাগ্ৰাবাৰীৰ গোমা বতাহত গুমগুমাই থকা  উত্তেজনাৰ  থৰ থৰ  চিদ্ৰবোৰলৈ! মনে মনে  থাকক, অনুগ্ৰহ  কৰি  মনে মনে থাকক।কাণত সোপা দি আন এজনে আৰ্ত-চিৎকাৰ কৰি উঠিছিল।  এইবোৰ  কথাই   ননকে- খাগ্ৰাবাৰীৰ  কি  উপকাৰ সাধিব?   মই জীৱনত  অনেক  ননকে- খাগ্ৰাবাৰী পাৰ  হৈ আহিছোঁ, আৰু ক'তোৱেই এখন ননকে- খাগ্ৰাবাৰী মালামাল হৈ যোৱা নাই। আনকি  ক'ৰবাত  আই-বোপাইসকলে  জীয়ৰীক নিশাটোৰ  বাবে বেচিহে  খাবলৈ   ধান-চাউল উলিয়াব লগা হৈছিল। আৰু   কত   কি  কদাকাৰ  ঘটনা তেঁও  পূৰ্বৰ  বক্তাৰ  মুখতেই ভেকাহি মাৰি উঠিছিল।  

এইসকলৰ কোনজনৰ বাৰ্তা বেচি শক্তিশালী  আছিল,   ননকে- খাগ্ৰাবাৰীৰ গোমা  বতাহ  চাই  একোকেই ধৰিব পৰা নগৈছিল। পিছৰজনে ভেকাহি  মাৰি  উঠোতে অকালতেই  বিধবা হোৱা মেহেৰুণ নেছাৰ  ছবিখন তেঁওৰ চকুতেই ভাহি  উঠিছিল। আলোপতি  চৰৰ  ঘৰ-ভেটি নদীয়ে  ভহাই  নিয়াৰ  পিছত মেহেৰুণ নেছা ননকে- খাগ্ৰাবাৰীৰ ছামাদ আলীৰ তিনি নম্বৰ বেগম হৈ  তাৰ ঘৰলৈ আহোঁতে খুড়ায়েকৰ  বয়সীয়া ছামাদ আলীৰ সতি- সন্ততি দেখা পাইছিলহি। স্বামীৰ ঘৰত  পূৰ্বৰ দুজনী বেগমৰ সতি- সন্ততিৰে ভৰা সংসাৰত  চকুৰ কূটা, দাঁতৰ শূল  হৈ জীয়াই আছিল মেহেৰুণ নেছা । সেই মেহেৰুণ নেছাৰ  গৰ্ভতেই   তিনিটিকৈ সন্তানৰ  জন্ম দি  এদিন ছামাদ আলীৰ  ইন্তেকাল  হৈছিল। ছামাদ  আলীৰ তেৰ বিঘা  মাটি   ভাগ ভাগ  হৈ  গৈছিল  পূৰ্বৰ দুজনী বেগমৰ আঠোটাকৈ  সন্তানৰ  নামত। আৰু  এৰাপলৰীয়া  হিচাপেই   তাই  তিনিটি  এমা-ডিমা  সন্তানেৰে  ইঘৰ-সিঘৰ কৰি ভাত উলিয়াইছিল।  ননকে- খাগ্ৰাবাৰীৰ গোষ্ঠীদাহত  তাইৰ  দুয়োটি নাবালক  পুত্ৰই  বন্দুকৰ গুলীৰ  আগেৰেই দৌৰি দৌৰি পানীত জঁপিয়াই দিছিলহি। তৃতীয়টিক  বুকুতে সাৱটি তায়ো জঁপিয়াই দিছিল  আৰু এখন হাতেৰেই নদীত সাঁতুৰি থাকোতে কোলাৰ কেঁচুৱা হাতৰপৰা নদীৰ পানীতেই সৰি পৰিছিল।  ইয়াৰ পিছত   আৰু  জ্ঞান নাছিল মেহেৰুণ নেছাৰ ।  নদীৰ  বালিত  সম্পূৰ্ণ আভৰণহীন  হৈ  মুৰ্ছা গৈ পৰি থকা মেহেৰুণ নেছাক পিচদিনা  ৰাইজে বিচাৰি  উলিয়াইছিলহি । কোনোবা এজনে নিজৰ লুঙীখনেৰেই   ঢাকি দিছিল মেহেৰুণ নেছাৰ  আভৰণহীন  শৰীৰ  আৰু  দাঙি আনি তম্বুৰ তল পোৱাইছিলহি।  যোৱা  কেইদিনত  এটি  এটিকৈ তাইৰ কেউটি  সন্তানৰ নিথৰ দেহা নদীৰ বুকুত ভাহি  উঠিছিল গ্ৰাহ - মগৰৰ দৰেই।  মৰণোত্তৰ পৰীক্ষাৰ  পিছত মৃতকৰ তালিকাত সিহঁতৰ নাম সোমাইছিল।ননকে- খাগ্ৰাবাৰীৰ বতাহত   তিনিটিকৈ  সন্তান হেৰুওৱাৰ  পিছত মেহেৰুণ নেছাই চৰকাৰৰ  ঘৰৰপৰা  পাবলগীয়া ক্ষতিপুৰণৰ অংকটোৱেই ভাহি আছিল।  ছামাদ আলীৰ পূৰ্বৰ  বেগমৰ  সন্তানসকল  আহি ওলাইছিলহি আৰু  আতৌ-পুতৌকৈ  বেৰি- কুৰি আছিল তাইক।   মেহেৰুণ নেছাৰ  হৈ  সিহঁতেই চিনাক্ত কৰিছিল মৃতকক, কবলগীয়া কথা কৈছিল ।নীলবৰণীয়া তম্বুৰ তলিত বিধবা   মেহেৰুণ নেছাই কান্দোনৰ ভাষাকেই  হেৰুৱাই পেলাইছিল  আৰু  ঘনে  ঘনে  মাথো  মুৰ্ছা গৈছিল। 

এগৰৰাকী বিদূষী  অধিবক্তাও আহিছিল ননকে-খাগ্ৰাবাৰীলৈ। আদালতৰ মজিয়াৰপৰা ৰাজনীতিৰ পথাৰলৈ  হিবলৈ খুজিছিল তেঁও। ননকে- খাগ্ৰাবাৰী লৈ আহি থাকোতে  ঘূণুক - ঘাণাককৈ শুনিবলৈ পাইছিল  দহবছৰীয়া  ৰুবেয়াৰ খাতুনৰ  কথা। বিদূষী অধিবক্তাই  ভাবি আহিছিল যে, তেঁও দহবছৰীয়া  ৰুবেয়াৰ  পঢ়া - শুনাৰ দায়িত্ব বহন কৰিবলৈ সিদ্ধান্ত  লোৱা বুলি ননকে-খাগ্ৰাবাৰীতেই ঘোষণা কৰি দিব। সংঘৰ্ষপীড়িননকে-খাগ্ৰাবাৰীৰ এজনী কণমানি সাহসী ছোৱালীৰ  দায়িত্ব  গ্ৰহণ  কৰা   বুলি   সংবাদমাধ্যমত  প্ৰচাৰ   লাভ কৰিব  পাৰিলেই দলত  কিছু  মসৃণ   হৈ   পৰিব তেঁওৰ   ৰাজনীতিৰ   পথাৰলৈ   অহাৰ  বাট।  কথাটো   ভাবি অতিশয় উত্তেজিত হৈ পৰিছিল বিদূষী অধিবক্তাগৰাকী  আৰু ননকে-খাগ্ৰাবাৰী আহি পায়েই   চিৎকাৰ কৰিছিল  - কণমানি  ৰুবেয়া খাতুন    ক'·  লৈ ব'লাচোন মোক তেঁওৰ  কাষলৈ । তেঁও ৰুবেয়া  খাতুনৰ   কাষ   পাইছিলগৈ। সেই  সময়ত  এটি মুভি কেমেৰা লৈ ঘেৰি ধৰা এটি ভিৰৰ  সমুখত  ৰুবেয়াই  কৈ আছিল কেনেকৈ সেই  নিশা ভাত খাই উঠোঁতেই তাই পিচফালৰপৰা একেলগে বহুত  শব্দ  ফট-ফট  কৰি আহি থকা শুনিবলৈ পাইছিল । কেনেকৈ তাই   দেখিছিল   দৌৰ  দিয়া গাৱঁৰ মানুহবোৰ। কেনেকৈ তায়ো দৌৰ দিলে আৰু  নদীত  জাঁপ  মাৰি দিলেহি। তাই কৈ গৈছিল কেনেকৈ   নদীৰ  বুকুলৈয়ো বন্দুকৰ গুলী  আহিছিলনদীখন পোহৰ গৈ গৈছিল। কেনেকৈ তাই   মাজে  মাজে  বুৰ  মাৰি  সাতুঁৰি থাকিল   আৰু  পাৰ দেখা পাই   বালিত  শুই দিলে ।কোনোবাই মোক  ইয়ালৈ লৈ আহিল। ইয়াতে  আমাক সৱেই খাবলৈ দিছেপিন্ধিবলৈ কাপোৰ দিছে। বিস্কুটো পাইছোঁ খাবলৈ। ইয়াত বৰ ভাল। কিন্তু মোৰ ছোট  ভাই  আৰু  আব্বাজান গুলী খাই মৰি গ'ল। মই  আৰু  মা  বাচি গ'লোঁ । পৰিপাটিকৈ কৈ  গৈছিল কণমানি ৰুবেয়াই।  তাইৰ  চকুত অলপো  পানী নাছিল। তাইৰ পানীৰ দৰে সৰল  মুখখনিলৈ চায়েই   বিদূষী  অধিবক্তাই  অনুশোচনাত ভুগিবলৈ  আৰম্ভ কৰিছিল। ভুল হৈছে'ৰবাত ভুল হৈ গৈছে মোৰ। বন্দুকৰ গুলীৰ  আগেৰে  পাৰ হৈ,   তৰাৰ   ফুটুকী পোহৰক সাৰথি কৰি  নদীৰ  বুকুত  সাতুঁৰি জীৱনৰ পাৰ পোৱা এই কণমানি  ৰুবেয়াৰ হাতত ধৰি  ৰাজনীতিৰ পথাৰলৈ আহিব খোজাৰ সিদ্ধান্তটো  ভুল হৈছে মোৰ -- তেঁও নিজকেই কৈছিল। কণমানি ৰুবেয়াৰ চকুৰেই  তেঁওৰ চেতনালৈ উঠি আহিছিল এখনি  নতুন ননকে- খাগ্ৰাবাৰী। তেঁও সিদ্ধান্ত  সলনি কৰিছিল।  তেঁও নিশ্চয়েই  কণমানি ৰুবেয়াৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। কিন্তু সেই কথা কোনেও গম পোৱা নাছিল কণমানি ৰুবেয়াৰ  আম্মীজানৰ  বাহিৰে। বিদূষী  অধিবক্তাগৰাকীয়ে  ননকে- খাগ্ৰাবাৰীৰ মানৱ অধিকাৰৰ বিষয়টো লৈ  আদালতৰ মজিয়াত এখনি  সফল  ন্যায়িক যুদ্ধত অৱতীৰ্ণ হৈছিল।

যিদিনাই নকে-খাগ্ৰাবাৰীত এই টনাবোৰ ঘটিছিল, সেই দিনাৰেপৰাই নকে-খাগ্ৰাবাৰী আহি  সোমাই   পৰিছিলহি  ঘৰবোৰত। ঘৰৰ আচবাৱ  পৰ্যন্ত, পাকশালৰ কেৰাহী পৰ্যন্ত বিয়পি পৰিছিল তাৰ নিৰ্য্যাস। আহাৰ-  নিদ্ৰা- মৈথুনৰ নিচিদ্ৰ বৈভৱলৈ সোমাই  আহিছিল এখনি  ননকে-  খাগ্ৰাবাৰী। খবৰ  কাগজবোৰ  ননকে-খাগ্ৰাবাৰী  হৈ  পৰিছিল;   আলোচনীবোৰ  ননকে-খাগ্ৰাবাৰী  হৈ পৰিছিল।  টেলিভিশ্যনৰ পৰ্দাবোৰ হৈ পৰিছিল   ননকে-খাগ্ৰাবাৰী । কম্পিউটাৰৰ  স্ত্ৰীণব্যক্তি-বিশেষৰ  ব্লগ, ফেচবুক, টুইটাৰ  আৰু  ৱে'বচাইটবোৰ  হৈ পৰিছিল  ননকে-খাগ্ৰাবাৰী । আনকি  ননকে-খাগ্ৰাবাৰীৰ নামতেই  নতুন নতুন  ব্লগ  আৰু বেৱচইট  খোলা হৈছিল। অনুৰাগীসকলে ক্লেশৰ অনুভুতিৰে ভৰাই তুলিছিল চ'চিয়েল নেটৱৰ্কিং চাইটৰ পৃষ্ঠা।  ননকে- খাগ্ৰাবাৰী ইমানেই আগ্ৰাসী হৈছিলইমানেই শক্তিশালী হৈছিল যে জ্যেষ্ঠজনে কনিষ্ঠৰ  মানসিক অৱস্থাৰ  কথা চিন্তা কৰি টেলিভিশ্যনৰ চেনেলবোৰ সলাই    দিছিল।  কম্পিউটাৰত  সিহঁতৰ বাবে  মনোৰঞ্জনৰ  অনলাইন ক্ৰীড়া  আপল'ড কৰি দিছিল । কিন্তু এইবোৰে মনৰপৰা মচি  দিব পৰা  নাছিল  ননকে- খাগ্ৰাবাৰীক।  চকু  মুদিলেই  চকুৰ আগত  ভাহি উঠিছিল   ননকে-খাগ্ৰাবাৰী। নদী  হৈ বোৱা  তেজথেতেলা খাই পৰা  মঙহ  আৰু  নদীৰ  বুকুত  শাৰী  শাৰীকৈ শুৱাই থোৱা শৱদেহবোৰৰ খবৰ দি ভাগৰি পৰা কিছু সাংবাদদাতাৰ চেতনাত ননকে-খাগ্ৰাবাৰীয়ে এনেদৰে খোপনি পুতি লৈছিল যে, খাবলৈ-বলৈ এৰি তেঁওলোকে  ননকে-খাগ্ৰাবাৰীৰ কথাকেই  কৈ কৈ অৱশেষত  বাটতেই  মূৰ্ছা গৈ বাগৰি পৰিছিল আৰু  জ্ঞান পায়েই হিষ্টিৰিয়া বেমাৰীৰ দৰে  হাও-মাওকৈ ৰাস্তাতেই কান্দিবলৈ ধৰিছিল এই বুলি - মই পাগল হৈ  যাম,   পাগল   হৈ  যাম   ননকে- খাগ্ৰাবাৰীৰ ৰূপ দেখি।ৰেহাই দে মোক, আল্লাৰ দোহাই, গবানৰ শপত। ননকে-   খাগ্ৰাবাৰীৰ সকলোবোৰ  ঘটনাৰ  চাক্ষুস সাক্ষী বুলি তেঁওলোকক আৰক্ষীয়ে তলৱ  কৰি লৈ গৈছিল । ননকে -খাগ্ৰাবাৰীৰ মি নোপোৱা খবৰো তহঁতে কেনেকৈ পাৱ' - এইবুলি নিৰ্বিচাৰ  জেৰাৰে  মানসিক  অত্যাচাৰ দি থকা-সৰকা কৰিছিল।  অৱশেষত তেঁওলোকক  মানসিক চিকিৎসাৰ  বাবে পঠাবলগীয়া হৈছিল আৰু  তাতো হাত - ভৰি এছাৰি তেঁওলোকে অস্পষ্টকৈ চিয়ঁৰি ফুৰিছিল-- ননকে- খাগ্ৰাবাৰী! ননকে- খাগ্ৰাবাৰী!! কোনোৱে সেই  চিৎকাৰ হৈ-ধ্বনি বুলি ভুল কৰিছিল, কোনোৱে জিন্দাবাদ  ধ্বনি বুলি ভুল কৰিছিল।  তেঁওলোকৰ বহুকেইজন স্কিৎজ'ফ্ৰেনিক হৈ পৰিছিল। তেঁওলোকৰ মগজুৰ  সাঁচত   বহি  ৰৈছিল এখন ননকে-খাগ্ৰাবাৰী। তেঁওলোকে বিচৰণ কৰিবলৈ   ধৰিছিল   সেই   ননকে- খাগ্ৰাবাৰীত ।
 
এয়াই আছিল  ননকে- খাগ্ৰাবাৰী।  নিজানৰৰ পৰা নিজানলৈ বিয়পি আছিল ননকে-  খাগ্ৰাবাৰী। নিজানৰ পৰা নিজানলৈ  বিয়পি আছিল তাৰ অপচ্ছায়া। সকলোৱে  কৈছিল - শেষ হৈ  যাওক  এই  অসহনীয়  ননকে-খাগ্ৰাবাৰী।বুন্দামাৰ হওক। নিপাত যাওক এই  কূটৰ, অনুৰ্বৰা ননকে-খাগ্ৰাবাৰী।কেৱল সংবাদ প্ৰতিষ্ঠানৰ মালিককেইজনেই ভগবানক  ভুৰি ভুৰি  প্ৰাৰ্থনা কৰিছিল-  আস  জীয়াই থাওকবহুদিন ধৰি জীয়াই থাওক  ননকে-খাগ্ৰাবাৰী।  জীয়াই থাওক অগণি, ধ্বংস   আৰু   মৃতসকলৰ  কবৰত  গঢ়ি   উঠা  এই  ননকে- খাগ্ৰাবাৰী।

চাৰণ কবি আৰু কথক সমাজো  আহি ওলাইছিল। ননকে-খাগ্ৰাবাৰীক বৰ্ণনা কৰিবলৈ  পূতঃসলিলা বৰ্ণমালাৰ এটি  দুটি গাঁথা  বিচাৰি  তেঁওলোক হায়ৰাণ হৈ  ননকে-খাগ্ৰাবাৰীলৈ আহিছিলকিন্তু ইমান উদাৰ  আছিল যে ননকে-খাগ্ৰাবাৰীতমসাৰ  তিমিৰৰ  পাকলগা  ধুৱলী- কুঁৱলীৰ মাজেৰেই একোটি  সৰল  প্ৰাৰ্থনাৰ দ্যুতি হৈ  সিবিলাকৰ হাতত  পৰিছিলহি  কবিতাৰ  একোটি  পাতনিগল্পৰ একোটি  আধাৰ আৰু  উপন্যাসৰ  একোখনি পৃষ্ঠভূমি।  তেঁওলোকে নতুনকৈ দেখিছিল ননকে-খাগ্ৰাবাৰীক।অন্তৰ ভৰি আহিছিল।  গৱেষক- ছাত্ৰসকলে নতুন  গৱেষণাৰ  বাবে  মাটি খুছৰিছিলহি  ননকে- খাগ্ৰাবাৰীৰ।ননকে-খাগ্ৰাবাৰী সন্ত্ৰাস, দমন নে  অৱদমন -- তেঁওলোকে বিভোৰ হৈ  সুধিছিল ননকে- খাগ্ৰাবাৰীকেই ।
 
ননকে- খাগ্ৰাবাৰীলৈ  বাচভৰ্তি  মানুহ  সমদল কৰি  আহিছিল।  ইমান মানুহৰ সমাগম দেখি নোপোৱা ননকে-খাগ্ৰাবাৰীৰ  বাট-পথ, ৰু - তৃণ, নৈ আৰু জলাশয়বোৰে ভয়তেই  থৰথৰকৈ কঁপিছিল। সভাথলীলৈ   নিগনিৰ গাঁতৰপৰা  উলিয়াই  অনা হৈছিল সিহঁতক, যাৰ মলিয়ন গাত  সত্যই ভেঁজা দি  আছিল । নীলবৰণীয়া  তম্বুৰ তলিৰপৰা তেঁওলোকে টানি আনিছিল সেইসকলকযিসকলৰ  ডিঙিৰে  গৰম ভাতৰ ধোঁৱা  সৰকি পাৰ  হ'ব খোজা নাছিল, কিয়নো পোৰা  যোৱা আপোনজনৰ গোন্ধটি   আহি  তেঁওলোকৰ  ডিঙিতে ই  সোপা   মাৰি   ধৰিছিলহি।  ফ্লেগ আৰু ফেষ্টুণেৰে সজ্জিত  বাচত  সমদল কৰি, দান - উছৰ্গাৰ মেটমৰা সম্ভাৰ লৈ তেঁওলোকে   মাইক  ফুঁকি ননকে - খাগ্ৰাবাৰীত যি তৰ্জন-গৰ্জন কৰিছিলনিজৰ অধিকাৰ বিচাৰি  আগন্তুক  যি জিহাদৰ  ঘোষণা কৰিছিলআৰু  প্ৰয়োজন হ'লে  হাতত  অস্ত্ৰ  তুলি লৈ  বিপ্লৱ  কৰাৰ যি হুংকাৰ দিছিল -- নিগনিৰ গাঁতত থকাসকলে তাতেই থৰকাছুটি হেৰুৱাইছিল। এঁওলোকে  আকৌ এখন  ননকে- খাগ্ৰাবাৰীৰ জন্মবেদনা চাবলৈ খুজিছে নেকি  -- নিগনি গাঁতত থকাসকলে ভাবিছিল।সত্যই তেঁওলোকৰ গাতেই ভেঁজা লৈ থকাৰ বাবেই তেঁওলোকে জানিছিলযে  ননকে- খাগ্ৰাবাৰী  আচলতেই  এনে এক  সাৰহীন  অস্ত্ৰ-বিপ্লৱৰ  অন্তহীন নিঠুৰ  পৰিণতিহে  আছিল।ইমান  দুৰ্বল হৈ থকাসকলক এনেকৈ  উত্তেজিত কৰাৰ কিনো  দৰকাৰ -- কোনোৱে  বিৰবিৰকৈ  কবলৈ খুজিছিল। আপুনি মনে মনে থাককদেশৰ  সংখ্যালঘূ হৈ   জন্ম লোৱাৰ   বেদনা   কিমান  মৰ্মন্তুদ সেই  কথা  আপুনি  নুবুজিব -  আন এজনে   ধমক দি উঠিছিল। এখন  নতুন  ননকে- খাগ্ৰাবাৰীৰ  সৈতে এখনি পুৰণি ননকে-খাগ্ৰাবাৰীৰ দ্বন্দ  হৈছিল,  মানসিক সংঘাত হৈছিল। পুৰণি  ননকে-খাগ্ৰাবাৰীৰ চেতনাত জীৱনেই  সাৰকথা  আছিল -- দেশ, সংখ্যালঘূৰ ধাৰণা অথবা জিহাদ সি বুজি  পোৱা  নাছিল। সঁচাকৈয়েননকে-  খাগ্ৰাবাৰীত  এনেকৈয়ে নেক সত্যই একেলগেই হাতত হাত ধৰি  ঘুৰি ফুৰিছিল আৰু তাৰ  মাজেৰেই  স্থিত  হৈ,   ঠিয় দিবলৈ চেষ্টা কৰিছিল ননকে-  খাগ্ৰাবাৰীয়ে।

সকলোৱেই  দেখিছিল ননকে- খাগ্ৰাবাৰীক । অথচ কোনোৱেই দেখা নাছিল তাৰ  পূৰ্ণৰূপ ।  কোনোবাই   ননকে-খাগ্ৰাবাৰীক হত্যাকাৰীৰ ৰূপতেই চাবলৈ খুজিছিল।  কোনোবাই  মানৱতাৰ পবিত্ৰ তীৰ্থ  বুলি তালৈ  পৰিভ্ৰমণ  কৰিবলৈ আহিছিল। কোনোবাই  ননকে- খাগ্ৰাবাৰীলৈ  আহি  পোৱাৰ  পিছত  উপলব্ধি কৰিছিল  ননকে- খাগ্ৰাবাৰী  দেখোন  এক  দুৰ্ভেদ্য পোতাশাল --  কিয়নো  বন্দুকৰ নলীৰ ধোঁৱা,    মানুহ  আৰু  পশুবোৰৰ  পোৰা যোৱা  গোন্ধে  ভেটি ধৰিছিল তেঁওলোকৰ   উশাহৰ    বাট। কোনোৱে  আকউ   মুকুতিৰ সৰগ  বুলি   তাতেই দেখিবলৈ ধৰিছিল  স্বাধীনতাৰ   সপোন। শান্তিৰ  ৰক্ষকসকলে  ননকে- খাগ্ৰাবাৰীক সজাই- পৰাই তোলাৰ কৃতিত্বৰেই পদোন্নতিৰ সপোন দেখিছিল।যিদৰেই চাব খুজিছিল তেঁওলোকেননকে- খাগ্ৰাবাৰীক  সেই  ৰূপতেই দেখিছিল। ননকে- খাগ্ৰাবাৰীয়ে সেই ৰূপতেই তেঁওলোক ধৰা দিছিল। কুঁহেলিকাৰ পৰা বাস্তৱলৈ এখনি  বিমূৰ্ত  ননকে- খাগ্ৰাবাৰী অমিতাভ পোহৰেৰে জ্যোতিস্মান হৈ  মূৰ্তিমান  হৈছিল  আৰু  বাস্তৱৰপৰা কুঁহেলিকালৈ এখনি মূৰ্তিমান ননকে- খাগ্ৰাবাৰী  বিমূৰ্ত হৈ  ধুৱলী- কুঁৱলী  আচ্ছাদনলৈ  সোমাই  গৈছিল।     

এই সকলোবোৰৰ  মাজতেই  ননকে-খাগ্ৰাবাৰীৰ  খণ্ডিত -বিখণ্ডিত অৱয়ৱ আৰু তাৰ অপসৃয়মান  ছায়াৰ ছোঁ-ঘৰটিয়ে  যেন বিতত  কৰি  ৰাখিছিল  সকলোকে। বহু কথাই  কৈছিল তেঁওলোকে। কৈছিল যে, তেজৰ ৰং  ৰঙা আৰু সেয়াই তেজৰ পৰিচয়।কিন্তু ননকে -খাগ্ৰাবাৰীত তেজে  ভয়ানক চিনাকি  ধাৰণ কৰিছিল- তেজ  হৈ পৰিছিল খুনী।  কোনোৱে  অৱশ্যে এইবুলিও  কৈছিল যেএই তেজ  মুছলমানৰ তেজ। সি জানো  নতুন  কথা- তেঁওলোকেই পুনৰ কৈছিল। বেচি দিন হোৱা নাই --এই  নদীখনৰেই সৌটো পাৰত  এদিন দেখা গৈছিল আনসকলৰ তেজ -- বড়ো আৰু আদিবাসীৰ । ঠিক  এই  নদীখনিৰ দৰেই বৈ গৈ বৰলুইতত  বিলীন হোৱা আন এখনি নদীয়ে এদিন নিছিল  গাৰো  আৰু  ৰাভা মানুহৰ তেজ ।অনেক গিৰিখাদশিলুৱা কন্দৰ অতিক্ৰমি অহা এখনি  পাহাৰী  নদীয়ে  বৈ আনছিল কাৰ্বি,   কুকিমাৰ আৰু ডিমাচাসকলৰ তেজ।  মৰাদেহৰ  সৈতে  উটি  আহিছিল তেঁওলোকৰ  জনগোষ্ঠীয় আদি পিতা- আদি মাতা আৰু  আদিম টোটেমৰ খমলা বন্ধা তেজ।সেই তেজেৰেই ৰঙা হৈ পৰিছিল  নদী -- তেঁওলোকে কৈছিল। 
 
যিসকলে তেজৰ এই  কথাবোৰ জানিছিল,   কেৱল  তেঁওলোকেইহে  ননকে-খাগ্ৰাবাৰীলৈ  আহিবলৈ সাহস কৰিব পাৰিছিল। নিচাগ্ৰস্তৰ দৰে  আহিছিল তেঁওলোক ননকে-খাগ্ৰাবাৰীলৈ। ননকে-খাগ্ৰাবাৰীয়ে তেঁওলোকক ইয়াৰ মাটিলৈ টানি  আনিছিল। মাথো  সকলোৱেই ভয় কৰিছিল সেইসকলক -- যিসকল তেজৰ চিনাকি দিয়াৰ দায়িত্বত  আছিল। কাঁচৰ  বটলৰ  সুস্বাদু  চৰ্বতৰ দৰেই  তেঁওলোকে  জিহ্বাত  দি  চাকি চাইছিল  তেজঅনুভৱ  কৰিছিল  তাৰ স্বাদ -- কিয়নো তেজ ভেদে হেনো কেৱল স্বাদটোহে  বেলেগ;   ৰং- গন্ধ আৰু  স্পৰ্শ -- সকলো  একেই আছিল যিসকল আহি আহি ননকে-খাগ্ৰাবাৰী পাইছিলহি তেঁওলোকে এই   কথাবোৰ কৈ  কৈ খঙে- দুখে ভাত- পানী পাহৰি পেলাইছিল। তেঁওলোকে ভাবি লৈছিল যে, এই কলোবোৰ তেজৰেই ইতিহাসত হয়তো এই ননকে-খাগ্ৰাবাৰীও এক  হৈ গৈছেবিলীন হৈ  পৰিছে।ননকে-খাগ্ৰাবাৰীৰ আৰু বেলেগ  অস্তিত্ব নাই। কোনে জানে -- হয়তোবা  অতীতৰ  সেই সিন্ধু, ঝিলামচিনাৱশতদ্ৰুইৰাৱতীনীল  নদী আৰু আমাৰ বৰলুইতৰ  আগিয়াঠুৰীটো বিলীন হৈ আছিল এখন  ননকে-খাগ্ৰাবাৰীতেঁওলোকৰ কোনোবাই  কব খুজিছিল। তেওলোকে  জানিছিল যেএইবোৰ কেৱল তেঁওলোকৰ অন্তৰৰ  সান্তনাৰ বাণী আছিল। কিন্তু  তেঁওলোকে  সঁচাকৈয়ে  জানিছিল  জানোযে এনেবোৰ ভাৱনাৰ মাজেৰে হয়তো  ননকে- খাগ্ৰাবাৰী নিজেই    মহতী  হৈ  উঠিছিল!

ননকে- খাগ্ৰাবাৰীত  প্ৰতিটো মাত প্ৰতিধ্বনি হৈ পৰিছিল। প্ৰতিটো মাত ভাহি আছিল ননকে-খাগ্ৰাবাৰীৰ আকাশত। ননকে-খাগ্ৰাবাৰীৰ   বতাহত।ভাহি আছিল পানীৰ কলমৌ পাতত।  নিজান দুপৰীয়া  ৰিঁ  ৰিঁ  কৈ   কন্দা  জিলী কীটৰ  অসহনীয়  সুৰ  এটি   হৈ সোমাই  গৈছিল  গৰ্ভলৈ। পোহৰ  আৰু  এন্ধাৰৰ সহস্ৰ কুন্দ্ৰাক্ষখলপা-খলপি  সাম্ৰাজ্যত সাজিছিল টোকোৰা পখীৰ  বাহ ।    

এয়াই আছিল ননকে-খাগ্ৰাবাৰী । নন-
কেডেষ্ট্ৰেল খাগ্ৰাবাৰী । জৰীপ নোহোৱা  খাগ্ৰাবাৰী গাঁও।  গোষ্ঠীদাহত উচন যোৱা বাঁহবাৰীৰ ননকে- খাগ্ৰাবাৰী আশ্ৰয় শিৱিৰ।  সকলোৱেই  ইয়ালৈ আহিবলৈ ব্যগ্ৰ হৈ   পৰিছিল।গাড়ীত  আহি তেঁওলোক  নদীৰ  কাষতেই  নামি দিব লাগিছিল।  তাৰপৰা খোজকাঢ়িছিল, সৰু  নাৱেৰে    পাৰ হৈছিল এটি দুটি সুঁতি, আকউ খোজ কাঢ়িছিল জাৰণি ভাঙি, গজি উঠা খাগৰি এডৰাৰ কাষেৰে আহি পাইছিলহি ননকে - খাগ্ৰাবাৰী।  তেঁওলোক আহিছিল  দল  বান্ধি  অথবা  অকলশৰে।  ৰ'দৰ  পোহৰত  ননকে - খাগ্ৰাবাৰীৰ ৰ'দত শুকাই ব'ৰষুণত ভিজি শাঁও পৰা শাৰী শাৰী  নীলাবৰণীয়া  তম্বুবোৰ  এতিয়াও  দূৰৰপৰা   ক্ষুদ্ৰ  ক্ষুদ্ৰ টিলাৰ দৰেই  লাগিছিল।  পৰুৱাৰ  লানিৰ দৰে  লাগিছিল তাত  চলা-ফিৰা কৰি থকাসকলক ।  এতিয়া আৰু তেঁওলোকৰ খোজত  মাৰ নিদিয়া নতুন  কাপোৰৰ খম-খমনি শুনিবলৈ পোৱা নগৈছিল। গৰম  ভাতৰ ধোঁৱাই তেঁওলোকক  আমনি  কৰা  নাছিল, কিয়নো  ননকে-খাগ্ৰাবাৰীত এতিয়া পন্তা-কৰ্কৰাৰ বাবেও দবৰা- দবৰি  লাগিছিল। একঘেয়ামিৰে  আমনি   লাগিছিল  ননকে -খাগ্ৰাবাৰীৰ শিৱিৰৰ  ডাক্তৰসকলৰ । তেঁওলোক হৰলৈ গুচি গৈছিলগৈ। ১০৮ এম্বুলেন্সত  উঠি  হস্পিতালত কেঁচুৱা জনম দিবলৈ পোৱা  দিনকেইটা  সুগন্ধি চুৰমা, আঁত সানি থোৱা এটি এমা-ডিমা সাধুকথাৰ দৰেই সলপি আছিল ননকে-খাগ্ৰাবাৰীৰ তিৰোতাবোৰে ।উখল-মাখলবোৰ  তল পৰি  অহাৰ  লগে লগেই  নিৰাপত্তাৰ দিশটো পুনৰীক্ষণ কৰি  পখৰা- পখৰি কাপোৰ পিন্ধি হাতত উদ্যত কাৰ্বাইন লৈ নিৰাপত্তাৰ ভাষা দিয়াসকলক ননকে-খাগ্ৰাবাৰীৰপৰা  লৈ যোৱা  হৈছিল।     

ননকে-খাগ্ৰাবাৰীত  পুৰণা  হৈ  পৰা পায়খানাৰ  দুৰ্গন্ধ  ভাহি আহিছিল।  বাৰিষাৰ তেজহাগনিয়ে  অপায় মৰক হৈ গ্ৰাসি আনিছিল   ননকে-খাগ্ৰাবাৰীক। বন্দুকৰ গুলীত মৰাৰ দৰেই  তেজহাগনিত  মৰিছিল, মেলেৰিয়াত মৰিছিল । ননকে-খাগ্ৰাবাৰীত  বেমাৰী  কঢ়িয়াই  নিবলৈ এখনি ঠেলাগাড়ীও  মহাৰ্ঘ  হৈ পৰিছিল। তেঁওলোকে   কোৱাৰ দৰে কোনো পবিত্ৰ জিহাদে স্পৰ্শ কৰা নাছিল ননকে-খাগ্ৰাবাৰীক। যিসকলে  এদিন  ননকে-খাগ্ৰাবাৰীৰ গোষ্ঠীদাহত উচন যোৱা মানুহবোৰ মালামাল হৈ যাব বুলি কৈছিল, তেঁওলোকে ননকে-খাগ্ৰাবাৰীৰপৰা ওলাইআহিয়েই  বিভিন্ন  প্ৰকল্প  তৈয়াৰ  কৰি  দুহাতৰ মুঠিৰে  সৰকাই   আনিছিল  আন্তৰ্জাতিক পুঁজি   আৰু দেশে- বিদেশে আলোচনাচক্ৰবোৰত ননকে- খাগ্ৰাবাৰীৰ কথা কৈ চকুপানীৰ এখনি নদী ভহাই দিছিল। সেই  নদীৰেই  উটি আহিছিল পাত-হালধীয়া সোণৰ জাহাজ। এদিন তেঁওলোক নিজেই  মালামাল  হৈ  গৈছিল। আৰু  ননকে -খাগ্ৰাবাৰীত সকলো হৈ পৰিছিল আগৰ দৰেই।

মৰা জোনৰ নিশাই আৱৰি ধৰিছিলহি  ননকে-খাগ্ৰাবাৰীক।আমাৰ ইতিহাসৰ  দীঘলীয়া যাত্ৰাৰ এক  অনন্য কৰুণ অনুভুতি হৈ এনেদৰেই জীয়াই আছিল ননকে-খাগ্ৰাবাৰী । ভূগোলৰ এখিলা বিৱৰ্ণ পাতৰ পৰা বুৰঞ্জীৰ সাৰগ্ৰাহী চেতনাস্ৰোতলৈ  উঠি  আহিছিল  ননকে-খাগ্ৰাবাৰী। 

সেইকাৰণেই  কৈছোঁ যে ননকে-খাগ্ৰাবাৰীলৈ অহাটো আছিল এক সপোনৰ দৰে। সকলোৱেই ননকে-খাগ্ৰাবাৰীলৈ আহিবলৈ বিচাৰিছিল।যিসকলে পদব্ৰজে, নদী ভাঙি, ৰাসুঁতিৰ ধু ধু বালিত  আহি ননকে-খাগ্ৰাবাৰী  বিচাৰি পাইছিলহিতেঁওলোক  সকলোৱেই  ননকে- খাগ্ৰাবাৰীৰ   অনন্ত  মৰুভূৰ  কাৰুণ্যত নিজৰ  তুচ্ছতাকেই   অনুভৱ কৰিছিল।  সকলোৱেই  আশা  কৰিছিলএয়াই  হওক  এখনি  শেষ  ননকে-খাগ্ৰাবাৰী জন্ম নহওক আন এখনি ননকে-খাগ্ৰাবাৰীৰ।  যদিও   বহুদিন ধৰি এজাক  বৰষুণ  আহি  জীপাল  কৰাহি নাছিল ননকে- খাগ্ৰাবাৰীকবিৰিখে ধাৰণ  কৰা  নাছিল  এটি থেৰেজুপকা অথবা  পাটমাদৈ  চৰাইটিয়ে কন্দা  নাছিল -- তথাপিও তেঁওলোকে  সেই  আশা কৰিছিল।  সামৰ্থ যিমানেই ক্ষুদ্ৰ   নহওক কিয়, আশাৰো কিছু মূল্য  থাকে -- তেঁওলোকে ভাবিছিল। আশাতেই পানী  থাকে, গজে মেঘ আৰু সৰি  পৰে  পলসৰ ব'ৰষুণ হৈ -- তেঁওলোকে কৈছিল।

সকলোৰে  সমুখতেই  এখনি  ননকে-খাগ্ৰাবাৰীয়ে বিশাল হৈ কালাতীত দিগন্তলৈ আগবাঢ়ি  গৈ  আছিল....গৈ  আছিল। ননকে-খাগ্ৰাবাৰীৰ  সেই বিশালায়তনত তেঁওলোক যেন  সঁচাকৈয়ে কৃশ হৈখৰ্বকায়ী হৈ  পৰিছিল ।  



ৰত্না ভৰালী তালুকদাৰ 
 আগষ্ট,  ২০১৪






কিলিং চংক্ৰেৎ

প্ৰকাশ - গৰাসয়ী, ২০০৯  



 — ৰত্না ভৰালী তালুকদাৰ

(আগডোখৰৰ নিৰ্মিতিঃ
 
এটা পুৰাতনৰ সাধু আৰু এটা বিনিৰ্মিত সাধু বাটেৰে গৈ আছিল বাট আছিল পাহাৰীয়া গতিকে সাধু দুটাৰ আমনিও লাগিছিল উঠা- নমা কৰি কৰি বাটতে ইটোৱে সিটোক  লগ পালে দুয়োটাই বোলে বাট চমুৱাবলৈ কাহিনীকে   শুনোঁ আহা পুৰাতনৰ সাধুৱে বোলে তোমাৰ কাহিনী কোৱা ইটোৱে বোলে, নহয়, তোমাৰটো আগে কোৱা ইয়াৰ পিছত দুয়ো ঠিক কৰিলে কাহিনী সিহঁতে একেলগেই কৈ যাব ৰু  কোনখিনিত মিল আছে  কোনখিনিত গৰমিল কৰিবলগীয়া  আছে বিচাৰি উলিয়াব এইদৰে কাহিনী কৈ কৈ সাধু  দুটা আগবাঢ়িল......)

[এক]

পাহাৰ হৈছে  আৰলেংসকলৰ কলিজাৰ এফাল আৰু পাহাৰৰ আমঠু হৈছে  কুলু কুলুকৈ বৈ যোৱানাচনী লাংছ' কাকবাহঁৰ গজালিৰ দৰে বাঢ়িছিল পাহাৰবোৰ বাঢ়ি বাঢ়ি ডাৱৰৰ দেশ পালেগৈ তেতিয়া সিহঁতে চু বলৈ পালে আকাশৰ পানী সিহঁতৰ  বুকু সাৰুৱা হৈ উঠিল আৰু তাতেই  জন্ম 'লে কাহিনীয়ে পাহাৰে জন্মোৱা কাহিনীবোৰ  আৰলেংসকলে মুখত ধৰি ৰাখিলে আৰলেংসকলে তেঁওলোকৰ মুখতে সাৰ দিলে পানী দিলে আৰু জীয়াই ৰাখিলে কাহিনী পবিত্ৰ  হৰলাং  পি  আৰলেংসকলে গালে
কাথি ৱাংবে আকলাং
লংলে আংকৰ পাচৰাণ
ছিনিং আংকৰ জিহুৰ মান
লাছি পাচ'ৰাণ জলাং
ধান নহাৰ দিনতো, মাটিৰ তলৰ শিপা, আকাশত ওলমি থকা ফল খাওতেও আৰলেঙে পবিত্ৰ মদ বনাইছিল --   কেনে সুখৰ কথা, নহয়নে!  

হেম্ফু  দেৱতাই বোলে আৰলেংসকলে বৰ সুখ পাওক আৰু সুখ পাওক আৰু হেম্ফু  দেৱতাই দেৱভনী ৰাছিনজাক পাহাৰৰ ৰাংমুক্ৰাঙৰ  'ৰা  লংমুক্ৰাঙৰ সৈতে  বিয়া পাতি দিলে
সুখৰ কথা নহয়নে ! আস তেনেই সুখৰ কথা
 
তাৰপিছত, এদিনাখন  ' কি  বাছাপী আইতাই বোলে, “হে' মোৰ  স্বামী দেৱতা আমাৰ সিঁচৰিত হৈ থকা আৰলেং প্ৰজাসকলক একগোট কৰি গাঁও এখন পাতক এনে কৰিলে কাচেনৰ দিনতে  আৰলেংসকলৰ প্ৰথম গাঁও পতা হৈছিল  বুলি  ইতিহাসে '
 
- সুখৰ কথা নহয়নেআস তেনেই সুখৰ কথা হয় হয় বৰ সুখৰ কথা
 
পাহাৰে আৰলেংসকলক সকলো দিলে আৰহি দিলে, ইংচুম  দিলে, ফাং গছ দিলে, ' তেৰাং, 'দুদু পখী দিলে........ এনেকৈ নিজৰ নিজৰ ফৈদবোৰ বাচি লোৱাৰ পিছত  আৰুনো বাকী থাকিল কি· আৰলেংসকলে ঢেৰ সুখ পালে, ঢেৰ সুখ পালে  
পাহাৰবোৰো ওখ হৈ গৈ থাকিল এদিন আৰলেংসকলে নেদেখাতে পাহাৰৰ বুকুত গজিল শিল একেবাৰে নিভৃতত 'লা 'লা শিলবোৰ  পাহাৰৰ গাতে ভেজা দি আকাশলৈ উঠি '
 
এদিন 'লা শিল থকা গাৱঁলৈ  আৰলেং এজনে  জীয়ৰীক  বিয়া দিলে এদিন তেঁও  জীয়ৰীৰ খবৰ কৰিবলৈ ' তেঁও কি দেখিলে?  তেঁও দেখিলে শিল থকা গাঁওখনৰ আৰলেংসকলে নাঙঠ - পিঙঠ হৈ গাবোৰ 'লা 'লা শিলবোৰত ঘঁহিবলৈ ধৰিছে আৰলেংজনে দেখিলে এইদৰে ঘঁহি থাকোঁতে তেঁওলোকৰ দেহা বাঘৰ দৰে হৈ  পৰিছেকি কথা, কি বতৰা আৰলেংজনৰ মুখৰ মাত মুখতে হেৰাল ঘঁহি থাকোঁতে সিহঁতৰ হাত  ৰু ভৰিবোৰত  বাঘৰ হাতোঁৰা গজি উঠিল আৰু দেহাবোৰো হৈ পৰিল বাঘৰ দৰেই আৰলেংজনৰ চকুৰ সমুখতে গাঁওখনৰ আৰলেংবোৰ বাঘলৈ পৰিণত ' আৰু ডাঙৰ ডাঙৰ গোঁজৰণি মাৰি  সিহঁতে কাষৰ গাঁওবোৰলৈ ঢাপলি মেলিলে —  চিকাৰ ধৰিবলৈ
 
বিয়লি চিকাৰ কৰি বুটলি অনা জন্তুবোৰ লৈ বাঘবোৰ উভতি আহিল শিলত গা ঘঁহি ঘঁহি আকৌ আৰলেং হৈ পৰিল  জন্তুৰ মাংসৰে মজা কৰি ভোজ খালে
জীয়ৰীৰ খবৰ কৰিবলৈ যোৱা আৰলেংজনে  যাদু- বস্তুটোৰ মাটিত পৰা খোজৰ চিন   চাইহে বুজিলে এয়া ভগৱান বস্তু টেকী বা বংক্ৰুই  বাঘ নহয় যাদু বস্তুটোৰ খোজৰ চাপত পাচোঁটা আঙুলিৰ চিন পৰিছে
 
এইবাৰহে আৰলেংজনৰ মুখৰ মাত হেৰাল
 
কিলিং চংক্ৰেৎ!  
এয়া কিলিং চংক্ৰেৎ- খোজৰ চাপ

আৰলেঙৰপৰা বাঘৰ ৰূপ ধৰিব পৰা যাদুবিদ্যা
- দেও লগা কথা, নহয়নে  হয়, একেবাৰে দেও লগা  কথা তেনেই দেও লগা কথা
বুধিয়ক আৰলেংজনে জীয়ৰীৰ ঘৰৰপৰা উভতি আহোঁতে  লাহেকৈ 'লা শিলৰ টুকুৰা এটা সামৰি 'লে এইদৰেই  পাহাৰত কিলিং চংক্ৰেৎ-  যাদুবিদ্যা বিয়পি পৰিল
——
দিনবোৰ গৈ গৈ  বগা বগা চাহাবৰ দিন পালেহি বগা বগা চাহাবে কিলিং লংৰিৰ আৰলেংসকলৰ পৰা খাজনা উঠাবলৈ যাওক কিলিং লংৰিৰ আৰলেংসকলে বোলে খাজনাহে লাগেনে· এইবুলি  বগা বগা চাহাবৰ চকুৰ সমুখতে 'লা  'লা শিলত গা ঘঁহি ঘঁহি সিহঁত  বাঘ হৈ পৰিল
 
কিলিং চংক্ৰেৎ হৈ পৰিল
 
চাহাবৰ চকুৰ সমুখতে সিহঁত কিলিং চংক্ৰেৎ '
পোনতে  বগা বগা চাহাবৰ তৎ হেৰাল বুজি পোৱাৰ পিছত খঙত জলি উঠিল খং খাই চাহাবে ব্লাষ্টিং কৰি আকাশলৈ উঠি যোৱা জীয়া জীয়া শিলবোৰ চুৰ- মাৰ কৰি পেলালে
হায় হায় জীয়াই থকা শিলবোৰ বধি চুৰ- মাৰ কৰি পেলালে তেনেই চুৰ- মাৰ কৰি পেলালে তেনেহলে আৰলেংসকলে কিলিং চংক্ৰেট-ৰ  যাদু ৰূপ ধৰিবলৈ এৰি দিলে নেকি?
[দুই

নিংছ' আছঙৰ  আইদেউসকলে বাকৰিত মেল মাৰিছিল বাহিৰত কুহুমীয়া ' জিৰ্ জিৰ্ বতাহত কঁপি আছিল তেঁওলোকৰ পীনি - পে'কক  তেঁওলোকৰ তেজগোৰা মুখ আৰু উদং, স্বাস্থ্যবান কলাফুল 'দজাকে  চুই আছিল 'দজাকৰ প্ৰতি অকণো মৰম লগা নাছিল নিংছ'সকলৰ তেঁওলোকৰ সমুখত এয়া থৰ লাগিছে নিবোকা পাহাৰ থৰ লাগিছে  লাংছ'বোৰ
সেয়েহে আইদেউসকলৰ মনবোৰ গোমা সৌৱা চেদ- ভেদ নোহোৱাকৈ ফুলিছে পাহাৰৰ ৰঙাফুল  জুই জুমৰ মাটি মোকলাবলৈ দিয়া হাবিত দিয়া পবিত্ৰ জুই নহয় এয়া আৰলেংসকলৰ বাবে তেনেই অচিনাকি জুই আহিছে  এইকুৰা যিবিলাকে ইংচুম গছৰ পাতৰ দৰে পখৰা- পাখৰি কৰি থয়  শৰীৰআৰু          ৰিত  পিন্ধে ফাং গছৰ পাতৰ ৰঙৰ বুটসিহঁতেই মাতি আনিছে এইকুৰা জুই  
ভয় লগা কথা নহয়নে? বৰ ভয় লগা কথা একেবাৰে ভয় লগা কথা
বাছাপী আইতাই সাৱধান কৰি কৈছিল, নিংছ'সকল, কিলিং চংক্ৰেৎ নামৰ সেই ভয়ংকৰ যাদুকৰটো যিদিনা আহিব বাঘৰ ভেশেৰে, তোমালোক দুৱাৰ মাৰি 'ৰা- ছোৱালী লৈ সোমাই  পৰিবা ভিতৰত লাগিলে সি ছাগলীকে  নিয়ক, গাহৰিকে নিয়ক..... পিচে, আইদেউসকলে শুনিবলৈ পাইছে এই যাদু- বাঘৰ ছলন হেনো তেনেই আচহুৱা কথাবোৰ শুনি নিংছ' আইদেউসকলৰ বুকুখন ৰম ৰমকৈ পোৰে
আৰলেংসকলে প্ৰথমতে ভাবিছিল হয়তো জুমৰ পথাৰত কেতিয়াবা হঠাতে ওলোৱাদি ওলাইছেহি ভগবান বস্তুটেকি নহ'লে বংক্ৰুই সৰ্বজান্তা এই দুই প্ৰাণী হৈছে হাবিৰ ৰক্ষা কৰোতা অন্তৰ্যামী চকুৰে পঢ়ি থয় আৰলেঙৰ মনৰ ভিতৰ চিনি লয় পাপৰ ভৰেৰে পৰিপূৰ্ণ আত্মা আৰু যিজন মহাপাপী, তেঁওক এদিন টানি নিয়েহি  যেতিয়া টেকি বা বংক্ৰুইয়ে টানি নিয়ে কোনো আৰলেং, তেতিয়া তেঁওৰ পুনৰ জনম নহয় চমাংকান নহয় উচেপীয়ে নাগায় গীত সেয়েহে তেঁওৰ বাবে বন্ধ হৈ পৰে চাৰ্হে গীতৰ সুৰেৰে নিৰ্দেশিত  পথেৰে গৈ স্ফৰ্গলোকৰ পৰা পৰিয়ালৰ মাজলৈ উভতি অহাৰ পথ
 
পিচে, আৰলেংসকলে বুজিব পাৰিলে এয়া টেকি বা বংক্ৰুইতো নহয়েই, আনকি পুৰাতন কিলিং চংক্ৰেতৰ   চলনৰ সৈতেও আছে তাৰ বহুতো অমিল
 
এনেকৈ বাকৰিত মেল পাতি দুখৰ কথা গাই থাকোতেই আইদেউসকলে দেখিলে সৌৱা দেখোন  কাৰোবাক বোকোচাত বান্ধি কেকোঁ-জোকোঁকৈ  আহিব লাগিছে  ৰংকিমি গাৱঁৰ ডলা সিং  ইংতি তাৰ খোজটোতে আইদেউসকলে কিহবাৰ গোন্ধ এটা পালে আইদেউসকলক তাতে দেখা পাই  ডলা সিং  ইংতি তেনেই লেতু সেতু হৈ পৰিল বোকোচাৰ ছোৱালীকণক দেখুৱাই সি খঙে - দুখে ৰেপি ৰেপি কটা  বুকুখন উদঙাই হিয়ালি-জিয়ালিকৈ গাবলৈ ধৰিলে
ছাংলিং পেন ক্লিৰণি
নাজাং নাছেৰলি[]
ক্লিমমে তাইনেৰি
বাং, ৰংৰ' জুই পাৰণি
পে চেংজইমেজি........ 
তাৰ বিননিত তেঁওলোক মজি যোৱাৰেই কথা কিন্তু হঠাতে এগৰাকীয়ে সম্বিৎ ঘুৰাই পালে বোলে, হেৰ' ধৰ ধৰ, ছোৱালীকণক দাংকোলাকৈ ধৰ  হস্পিতাললৈ ', হস্পিতাললৈ ' ...তেঁওলোকে ডিফু সদৰ হস্পিতাললৈ ঢাপলি   মেলিলে
এইদৰে নিংছআইদেউসকলে আচহুৱা ধৰণৰ  কিলিং চংক্ৰেৎ- এটাৰ মেলা চিকাৰৰ  কাহিনী এটাৰ সৈতে  যুঁজিবলগাত পৰিল
 
[তিনি

যেতিয়া ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি আৰু ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধা দল  দুটাই হেমপ্ৰেক আৰু ডিমাৰাজিৰ দাবীত পাহাৰত ৰঙাফুল ফুলাবলৈ ধৰিলে তেতিয়া সিহঁতক দমন কৰিবলৈ পঠিয়াই দিয়া ' এটা আনুষ্ঠানিক দল ইয়াৰ বাবে দলটোক পাহাৰৰ হাবিলৈ নি প্ৰশিক্ষণো দিয়া ' সিহঁতে  ইতিমধ্যেই  শিকিছিল চাৰ্চ  অপাৰেছন আৰু  কাউণ্টাৰ অপাৰেছন সিহঁতে  ইতিমধ্যেই  শিকি ছিল ফে'ইক এনকাউণ্টাৰ এতিয়া সিহঁতে হেমপ্ৰেক আৰু ডিমাৰাজিৰ ফৈদৰ দৰে হাবিৰ মাজত হাবি 'বলৈ শিকি ল'লে  সিহঁতে শিকিলে আৰলেংসকলে পাহাৰৰ পৰা, হাবিৰ পৰা বুটলি লোৱা সনাতন মূল্যবোধৰ শিকনিক ধ্বংস কৰি তেঁওলোকৰ মনৰ বল ভাঙিব পৰা মন্ত্ৰ এই সকলো বিষয়তে পাৰ্গত হৈ দলটো  এদিন পাহাৰৰ বুকু দুফাল কৰি ধহ- মহাই  যোৱা ৰেলগাড়ী এখনত উঠি পাহাৰ পালেহি

 
এই দলটোৱেও ইংচুম গছৰ পাতৰ দৰে পখৰা- পাখৰি পোচাক আৰু ফাং গছৰ পাতৰ ৰঙৰ বুট  পিন্ধিছিল হাততো আছিল বন্দুক ভিতৰৰ কথাটো ', হাতত বন্দুক  থাকিলে পাহাৰৰ হাবিত ইংচুম গছৰ পাতৰ দৰে  পখৰা-পাখৰি পোচাক আৰু  ফাং গছৰ পাতৰ ৰঙৰ বুট  পিন্ধাটোৱেই সহজ তেতিয়া সিহঁত হৈ পৰে হাবিৰ দৰে  
এই নতুন দলটোৰ মুখৰ কথা আৰলেংসকলে বুজি পোৱা নাছিল অৱশ্যে আন দুটা দলৰ দৰে এই দলটোৱে পাহাৰত  লুকাই লুকাই বন্দুক নুফুটালে বৰং সিহঁতে কান্ধত বন্দুক লৈ মুকলিমুৰীয়াকৈ ৰাস্তাত টহল দিলে আৰু আৰলেংসকলক নিৰ্ভয় দিবলৈ চেষ্টা কৰিলে..... এসময়ত আৰলেংসকলেও ভাবিবলৈ আৰম্ভ কৰিলে -  হয়তো তেঁওলোকক সকাহ দিবলৈকে সিহঁত তালৈ আহিছে

 
পাহাৰৰ ভাঁজত সোমাই থাকিবলৈ ভালপোৱা আৰলেংসকল হৈছে নিৰ্জু। হাই- উৰুমি ভাল নোপোৱা নিচক  উতনুৱা নহয়  কাজেই, ইংচুম গছৰ পাতৰ দৰে পখৰা-পাখৰি পোচাক আৰু ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধি পাহাৰত ৰঙাফুল ফুলোৱা দলবোৰক দমন কৰিবলৈ যোৱা নতুন দলটোৱে আৰলেংসকলৰ মন যোগোৱাত লাগিল কিয়নো নিৰ্জু  আৰলেংসকলক ভেটি কৰিয়েই সিহঁতে  লব লাগিব শত্ৰুৰ গোপন আস্তানাৰ সম্ভেদ  সেয়েহে  বুজি নোপোৱা মাত- কথাৰেই সিহঁতে   আৰলেংসকলৰ কাষ চাপিবলৈ চেষ্টা কৰিলে আৰু, পাহাৰৰ  আৰলেংসকল এবাৰ আশ্বস্ত 'লে কাষ চাপিবলৈনো কিমান পৰ? সিহঁতে জুম চপাব নোৱাৰা আৰলেংসকলক খাবলৈ   যোগাৰ দিলে, কাম দিলে, চাং ঘৰ সাজি দিলে, পুৰি যোৱা গাঁও পাতি দিলে

এইদৰে সিহঁতে ফুচুলাই ফুচুলাই আৰলেংসকলে মুখতে সাৰ দি পানী দি জীয়াই থোৱা কাহিনীবোৰৰ বৃত্তান্ত জানি পেলালে সিহঁতে জানিলে ইংচুমআৰহি  আৰু ফাং গছৰ বৃত্তান্ত সিহঁতে জানিলে 'দুদু, 'লেং'তেৰাং, ৱজাৰু  পখীৰ বৃত্তান্ত চাৰ্হে গীতত আৰলেংসকল অহা- যোৱা কৰাৰ ইতিহাস সিহঁতে জানিলে  চকুৰ সমুখতে নেদেখা হৈ যোৱাৰ ৰংবিন মায়া তিছ' চমাংকানৰ  নিষিদ্ধ আলৌকিক কাণ্ড
 
এই সকলোবোৰ সিহঁতে জানি পেলালে সিহঁত বিস্ময়ত অভিভূত হৈ পৰিল ইমান কাহিনী দিব পাৰেনে পাহাৰে আৰলেংসকলক! ইমান মৰম দিব পাৰেনে!   
এইদৰে আৰলেংসকলে সাৰ দি পানী দি মুখতে জীয়াই খোৱা কাহিনীবোৰ খুছৰি উলিয়াই দলটোৱে নিশা  নিশা শত্ৰুপক্ষক বিচাৰি উলিওৱাৰ ৰণ- কৌশল ৰছনা কৰিবলৈ ধৰিলে এই ৰণ- কৌশলেই অতি নিখুঁত বুলি  প্ৰমাণিত ' কিয়নো পাহাৰে আৰলেংসকলক শাক- পাচলি- ধান- আদা- মাকৈ - লাংছ'- হাবি সকলোৰে  জন্মৰ কাহিনী দিছিল আৰু  আৰলেংসকলে মুখতে সাৰ দি, পানী দি সিহঁতক জীয়াই ৰাখিছিল আৰলেংসকলে কেতিয়াও মিছা কথা নকৈছিল দলটোৱে কাহিনীবোৰ চিজিলকৈ সজাই-পৰাই দেখিবলৈ পালে যে, কাহিনীবোৰেই তৈয়াৰ কৰি থৈছে আৰলেংসকলৰ জান - জুৰি- নিজৰা- নিষিদ্ধ অৰণ্যৰ বতৰাশত্ৰুৰ অহা- যোৱা কৰা বাট - জিৰণিৰ গোপন  আস্তানা   
অৱশেষত সিহঁতে জানিবলৈ পালে কিলিং চংক্ৰেৎ  যাদুবিদ্যাৰ কথা.... যিজন বুঢ়া আৰলেঙে সন্ধিয়া এটাত সিহঁতক এই বিশেষ কাহিনীটো কবলৈ ধৰিলে, তেঁওলৈ সিহঁতে আগবঢ়াই দিলে অতি উৎকৃষ্ট মদ বুঢ়া আৰলেঙ জনে বৰ সুখ পালে আৰু, এবাৰ সুখ পালে আৰলেঙৰ মুখখন হৈ পৰে বৈ যোৱা নাচনী লাংছ'  থমকি ৰবলৈ পাহৰি যায়
 
বুঢ়া আৰলেংজনে কৈ ' কেনেকৈ এদিন 'লা শিল থকা গাৱঁলৈ আৰলেং এজনে জীয়ৰীক  বিয়া দিলে তেঁও কৈ ' এদিন জীয়ৰীৰ খবৰ কৰিবলৈ গৈ তেঁও কেনেকৈ দেখিলে শিল থকা গাঁওখনৰ আৰলেংসকলে  নাঙঠ - পিঙঠ হৈ গাবোৰ 'লা 'লা শিলবোৰত ঘঁহি থকা তেঁও কৈ ' শিলত গা-ঘঁহি  থাকোঁতে কেনেদৰে  মানুহবোৰে বাঘৰ ৰূপ 'লে কেনেদৰে বাঘৰপৰা আকৌ মানুহ ' কেনেদৰে আৰলেংজনে গম পালে সিহঁত কিলিং চংক্ৰেৎ বুলি বুঢ়া আৰলেংজনে কৈ ' কেনেদৰে বগা বগা চাহাববোৰে কিলিং লংৰিৰ  আৰলেংসকলৰ পৰা খাজনা উঠাবলৈ গৈছিল কেনেদৰে বগা বগা চাহাবৰ চকুৰ সমুখতে 'লা 'লা শিলত গা ঘঁহি  ঘঁহি সিহঁত  বাঘ হৈ পৰিছিল কিলিং চংক্ৰেৎ হৈ পৰিছিল আৰু কেনেদৰে  বগা বগা চাহাববোৰে খং খাই ব্লাষ্টিং কৰি আকাশলৈ উঠি যোৱা জীয়া জীয়া শিলবোৰ চুৰ- মাৰ কৰি পেলাইছিল এই  সকলোবোৰ কাহিনী  বুঢ়া আৰলেংজনে  গাই  গাই শুনাই দিলে
 
দলটোৰ নেতাজন হতাশ হৈ পৰিল
 
তেনেহ'লে কাহিনীৰ ইয়াতে শেষ ' বগা চাহাবে ব্লাষ্টিং কৰি শিলবোৰ চুৰ- মাৰ কৰি দিয়াৰ পিছত আৰুনো  বাকী থাকিল কি?
বুঢ়া আৰলেংজনৰ চকু দুটা পিৰিকিয়াই উঠিল নাতি বয়সৰ দলনেতাজনলৈ বুঢ়াৰ অকণমান চেনেহো জাগিল

বোপা, এইফালে আহকচোন- এইবুলি থৰক বৰককৈ বুঢ়াই ঘৰৰ ভিতৰৰফালে খোজ 'লে দলনেতাজনে বাধ্য হৈ তেঁওৰ পিচ 'লে ঘৰৰ ভিতৰ সোমাই বুঢ়াই চন্দুকৰ দৰে বাহেঁৰে সজা বাকচ এটিলৈ  সেৱা এটি জনালে

হে হে হে, দেখিছা চাহাবে ব্লাষ্টিং কৰি শিলবোৰ চুৰ- মাৰ কৰিছিল  কিন্তু ব্লাষ্টিং কৰোতে টুকুৰাবোৰ  উফৰি ইফালে সিফালে পৰা নাছিলনে? শুনক তাৰ পৰাই আমাৰ পিতা- পুৰুষ আৰলেংসকলে চাহাবৰ চকুত  ধূলি মাৰি বুটলি আনি কেইটামান শিলৰ টুকুৰা ইয়াতে থাপনা কৰিলে.......হে হে হে ....

এইবুলি বুঢ়াই মদৰ জালত থৰক বৰক গাটো চোঁচোৰাই দলনেতাজনৰ কাষলৈ নিলে আৰু বৰ সাৱধানেৰে  'লে, — দেও  বস্তু নাতিল'ৰা পেৰাত সুমুৱাই থৈছোঁ আজিলৈ গাত  ঘঁহি চোৱা নাই কেলেইনো মিছাতে লোকৰ অপকাৰ কৰো দেও-বস্তু বাবেহে হেম্ফু দেৱতাক সেৱা এটি জনাই পিতা- পুৰুষ আৰলেঙে সাঁচি ৰাখিছে  নাতিল'ৰা আমিও হৃদয়ত ইয়াকেহে ধৰিছোঁ তুমি দেও- বস্তুক মানি চলিবা,  তোমাকো দেও-বস্তুৱে মানিব কিলিং চংক্ৰেৎ - যাদুবিদ্যাৰ মহিমা জানো এতিয়া আছে .....হে হে হে

নিচাৰ জালতে পূৰ্ব-পুৰুষৰপৰা সাঁচি থোৱা গোপন কথা এটিৰ সম্ভেদ দি আৰলেংজনে  চাগৈ সুখেই পালে ইংচুম গছৰ পাতৰ দৰে পখৰা-পাখৰি পোচাক আৰু ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধি আহিলেও নাতিবয়সীয়া এই আলহীকেইটাই আৰলেংসকলক চাংঘৰ সাজি দিছে, গাঁও পাতি দিছে উৎকৃষ্ট মদৰ  বটলটি  আৰু  এৰী  লেটাৰ  ভজাৰে তেঁও দলনেতাক আপ্যায়নো ভালকৈয়ে কৰিলে

———

পিচদিনা নিশা দলনেতাই চকুলৈকে ঢাকি মাস্ক এখন পিন্ধি 'লে আৰু হাতত সাৰে ভাৰিত সাৰে গৈ  বৃদ্ধ  আৰলেংজনৰ ঘৰত টুকুৰিয়ালেগৈ বৃদ্ধই দুৱাৰ খোলাৰ লগে লগেই হিচ হিচকৈ পিষ্টলৰ নলীৰপৰা ওলোৱা কেইটামান শব্দ ৰাতিটোৰ বুকুত সোমাই পৰিল

হয়তো কোনেও একো নুশুনিলেই.................নিমিষতে  বুঢ়া আৰলেঙজনৰ পৰিয়ালৰ সকলো শেষ '  কোনোৱেই নাবাচিল কেনিও এটা চিঞৰ ফুটি নোলাল 'দুদু  পখীটোৱেও বিননি নুতুলিলে গছৰ ডালত পৰি ঘটনাটো দেখি থকা 'দুদু পখীজনী ভয় খাই উৰি ' নিমাতে আয়ৈ দেহি, তায়োতো জানিছে  পাহাৰতএতিয়া  বন্দুক কিমান সহজ নিধন কিমান সহজ ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা-পাখৰি কৰি আৰু ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট  পিন্ধি অহাজন কোনটো দলৰ  আছিল বৃদ্ধ আৰলেঙজনে ধৰিবই নোৱাৰিলে  

সকলোকে বধি দল নেতাই চন্দুকৰ দৰে বাঁহেৰে সজা বাকচটোৰ কাষলৈ ' লাহেকৈ তাৰ ঢাকনিখন খুলিলে আৰু উলিয়াই আনিলে 'লা- 'লা শিলৰ টুকুৰাবোৰ তাৰ চকুযোৰ তিৰবিৰাই উঠিল কাপোৰ সোলোকাই সি নঙঠা ' আৰু নঙঠা গাটো শিলতþ ঘহিবলৈ ধৰিলে ঘঁহি থাকোঁতেই তাৰ আঙুলি বাঘৰ হাতোঁৰালৈ পৰিণত ' চাওতে চাওতে  তাৰ বাঘৰ ৰূপ সম্পূৰ্ণ হৈ উঠিল
 
এতিয়া সি কিলিং চংক্ৰেৎ চিকাৰলৈ কৰিবলৈ সাজু

....শিলত  গা ঘঁহি সি পূৰ্বৰ ৰূপ 'লে ...তাৰ মুখত  ক্ৰুৰ হাঁহি এটি ফুটি উঠিল হয়তো সি ভাবিলে..... যুদ্ধ জয় হৈয়েই ' দেখোন

-------

দলটোৰ পিচদিনাৰ চাৰ্চ অপাৰেচনৰ ঠাই  আছিল ৰংকিমি গাঁও অপাৰেচনলৈ যাওতে দলনেতাই শিলৰ টুকুৰাকেইটা  গোপনে লগত 'লে

সীমামূৰীয়া গাওখনলৈ গৈহে  দলটো আচৰিত ' গাৱঁত দেখোন আৰলেংসকল নায়েই কেৱল আলৰ  বুঢ়া- বুঢ়ীসকলে চাঙত অলস হৈ পৰি আছে  আৰু চোতালবোৰত শিশুবোৰে উমলি আছে দলটোৱে সৰু  'ৰা এটিৰপৰা বস্তিৰ কাংবুৰাৰ সম্ভেদ 'লে 'ৰাটিয়ে  ডলা সিং ইংতিৰ ঘৰলৈ আঙুলিয়াই বতৰা দিলে যে গাঁৱৰ মানহবোৰ  জুমলৈ গৈছে

কাংবুৰাৰ ঘৰত কোন আছে·

- কাংবুৰাৰ জীয়ৰী কাদম আছে

- গাৱঁত ডেকাল'ৰা নাই নে· ডাঙৰ মানুহ নাই নে·

ওহোঁ জুমলৈ '

'ৰাটি  আচৰিতো হ', আমোদো পালে ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি  আৰু  ভৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধা দলটোৱে দেখোন হেনা-হুচাকৈ সিহঁতৰ মাত- কথাকে কৈছে কিন্তু 'ৰাটিৰ  মুখৰ কথা শুনি দলটোৰ ইটোৱে সিটোলৈ এনেকৈ চোৱা- চুই কৰিলে যে.........সিহঁতৰ চকুবোৰ সৰু 'ৰা- ছোৱালীৰ জাকটোৰ বাবে আচিনাকি হৈ  আহিল 'ৰা-ছোৱালীৰ জাকটোৱে মাথোঁ দলটোৰ নেতাৰ দৰে লগাটোৱে শিলৰ টুকুৰা এটা উলিয়াই কাংবুৰাৰ  ঘৰৰফালে বাট লোৱাহে দেখিবলৈ পালে

ইফালে ভিতৰত কাদম আছিল কঁকালত তাঁত এখন বান্ধি জাং বৰং এখন বৈ কাদমৰ মাকনাঠেংপী মহিলা আত্মসহায়ক  গোটৰ' সদস্যা আৰু সুবিধা পালেই এনেকৈ জাংবৰং  বৈ তেঁওলোকে বিক্ৰী কৰি দুপইচা  উলিয়ায় মাকে ৰং - বিৰঙী জাংবৰং বৈ টকা উপাজÊ  কৰা দেখি কাদমৰো গা উঠিল তাই মাকৰপৰা কঁকালত বান্ধি লোৱা তাঁতত জাংবৰং  ববলৈ শিকি পেলালে আৰু এতিয়া আৰু সময় পালেই তাঁতত বহে আজিও মাক- দেউতাকক জুমলৈ পঠিয়ায়েই তাই খৰ-খেদাকৈ তাঁতৰ পাটত বহিছিলহি নহ'লে মাকে তাইকো জুমলৈ  লগ ধৰিছিল এনেকৈ তাঁতৰ পাটত বহিলেই ৰঙিয়াল কাদমৰ মুখেৰে গুণগুণকৈ গানৰ কলি নিগৰি নিগৰি ওলাই   আহে


কোনোবা এজন অহা যেন পাই তাঁতৰ পাটৰপৰা কাদমে মূৰটো তুলি চালে বহুদেৰি তাঁতৰ পাটত তলমূৰকৈ থকা  বাবেই নেকি, তাই চকু ওপৰলৈ তুলি মূৰ- ফুৰণিহে উঠা যেনেই পালে তাই গম পালে ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি  আৰু  ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধাটোৱে দেখোন তাইলৈ বৰ ঘিণ লগাকৈ চাইছে কাদমে চাই থাকোতেই সি কাপোৰ- কানি খুলি নঙঠা হ' আৰু শিলচটাত গাটো  ঘহিঁবলৈ 'লে

.........এতিয়া কাদমে চকুৰ আগত দেখিলে এটা বাঘ তাইৰ মূৰ-ফুৰণিটো বাৰু আজিহে ইমান আপদীয়া হ'ব লাগেনে· বাঘটো বগুৱা বাই বগুৱা বাই তাইৰ ফালে আগুৱাই আহিছে নেকি? সি তাইক থপিয়াই নিবহি নেকি?
কাদমে চকুৰ টিপ এটা মাৰিবলৈ পাহৰি গ'ল।  চিঞৰ এটা মাৰিবলৈ পাহৰি গ'ল। বাঘটোৱে গোটেই পাহাৰটোত পুৰঠ হানচেৰঙৰ বাকলিৰ ৰঙ সানি তেনেই লেতেৰা কৰি পেলালে - একেবাৰে ফেনেকি পেলালে......।  ইমান নিজান দুপৰটো — ইমান নিৰৱ কোনেও নাজানিলে নে? — ৰিঁ ৰিঁ কৈ কন্দা চাকচন পোকটোৱেও নাজানিলে নে?  ল'ৰা- ছোৱালীৰ জাকটো ক'লৈ গ'ল? চাঙত পৰি থকা আলৰ বুঢ়া- বুঢ়ীকেইটা কলৈ গ'ল?

মলয়া বতাহজাকে কিন্তু কাদমৰ গাৰপৰা উঠি বাঘ এটাই গাত শিল এটা ঘঁহি ঘঁহি আঁতৰি যোৱাটো ঠিকেই দেখিবলৈ পালে। বতাহজাকে  সৱ বুজিলে। কাদমৰ কুমলীয়া দেহাটো বতাহজাকে আলফুলকৈ চুই থাকিল। গধূলি মাক- দেউতাক জুমৰ পৰা উভতি অহালৈকে বতাহজাক তাইৰ কাষতে ৰৈ ৰৈ তাইক জীয়ন দি থাকিল।
-----

(মাজডোখৰৰ নিৰ্মিতিঃ 

এই সকলোবোৰ ঘটনা ঘটাৰ সময়ত সাধু দুটা আছিল পাহাৰত। সিহঁতে পাহাৰৰ এই  নতুন কাণ্ড - কাৰখানা বোৰৰ আহ-পাহ ফঁহিয়াই চাইছিল। সিহঁতে ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি আৰু ভ ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধা দলবোৰৰ কাম-কাজ ফঁহিয়াই চাইছিল। আৰলেংসকলৰ কষ্টই সিহঁতক বৰ দুখ দিছিল। কিন্তু সিহঁতে চেষ্টা কৰিছিল নিৰ্মোহ হৈ জীয়াই থাকিবলৈ। অৱশ্যে পুৰাতনৰ সাধুটোৰ কষ্ট হৈছিল বেচি। কিয়নো, তাৰ জীউটো আছিল আৰলেংসকলৰ প্ৰাচীন লোকগাথাত। যি একেবাৰে থান- বান হৈ পৰিছিল। সেয়েহে সি জীয়াই থাকিবলৈকে বহুত জটিল কথা নতুনকৈ শিকিবলগীয়াত পৰিছিল। কিন্তু ইটো  সাধুৱে তাক ধেৰ সহায় কৰিলে। ভাল শিক্ষক এজনৰ দৰেই সি জটিল কথাবোৰ নিৰহ- নিপানীকৈ সখিয়েকক বুজাবলৈ চেষ্টা কৰিলে। গতিকে পুৰাতনৰ সাধুটো মৰি ন'গল। ইয়াৰ পিছত যিখিনি ঘটিল সেয়া সিহঁতে  একেলগেই দেখিলে।) 
[চাৰি]


ৰংকিমি গাৱঁৰপৰা চৈধ্য মাইলৰ পাহাৰীয়া ৰাস্তাটো কেকোঁ- জোকোঁকৈ বগাই আহিছিল ডলা সিং ইংতি। বোকোচাত তাৰ বাৰবছৰীয়া জীয়ৰী কাদম। আঁহটো তাইৰ তেনেই কুমলীয়া।  জুমৰ তলিৰ হেংথে এটিৰ জালিৰ দৰে। আস্।  হেংথে এটিৰ জালিৰ দৰে। বৰ মৰমৰ জীয়ৰী তাই ডলা সিং ইংতিৰ। একেবাৰে  দেহলাওকণ। জাংবৰং বোৱাৰ হেঁপাহত জুমৰ তলিলৈ যাবলৈ মন কৰা নাছিল তাই। গধূলিবেলিকা জুমৰপৰা উভতি আহিহে  ডলা সিং ইংতিয়ে দেখিলে মুচ- কঁচ গৈ পৰি থকা দেহলাওজনীক। বতাহে চুই চুই তাইক জীয়ন দি আছিল।  পানী এফোঁটাও মুখত পৰা নাছিল তাইৰ। মানুহটো এতিয়া জীয়ৰীৰ তেজেৰে তেনেই লুতুৰি- পুতুৰি হৈছে। তাৰ দেহলাওজনীয়ে গোটেই গাটোতে পুৰঠ হানচেৰঙৰ বাকলিৰ ৰঙ সানিছে ।
কি হ'ব এতিয়া?  কি আথেকাৰ হ'ব? এয়াযে আৰলেংসকলৰ সমাজত তেনেই নোহোৱা- নোপজা কথা। 
নিংছ' আইদেউসকলৰ বুকু ঢপ-ঢপাই থাকিল। তেঁওলোকে যেন আন কথা চিন্তা কৰিব নোৱাৰা হ'ল। ঠাইতে হেম্ফু  দেৱতালৈ তেঁওলোকে সেৱা জনালে, হে' প্ৰভূ ছোৱালীকণক জীয়াই ৰাখা, আমাৰ আয়ুস দিও জীয়াই ৰাখা। নিংছ' আছঙৰ আইদেউসকলে ডলা সিং ইংতিৰ কাষে কাষেই থাকিল। কাদমৰ মাকৰ কাষে কাষেই  থাকিল। তেঁওলোকে যিমান পাৰে সিমান কৰিলে । 
হস্পিতালৰ বিচনাত পৰি থকা কুমলীয়া হেংথেৰ জালিৰ দৰে ছোৱালীকণলৈ চাই থকা আইদেউসকলৰ বুকুত চাকচন  পোকটোৱে ৰিঁ ৰিঁ কৈ কান্দি উঠিল। তেঁওলোকে হাহাকাৰ কৰি উঠিল। ক'ৰ পৰা জানো বল পালে  নিংছ' আছঙৰ আইদেউসকলে পাহাৰৰ আৰলেংসকলৰ গোটেইবোৰ নিংছ'ক ৰাস্তালৈ টানি  আনিলে। তেঁওলোক থানালৈ গ'ল। সংবাদকৰ্মীৰ কাষলৈ গ'ল। মানৱ অধিকাৰ আয়োগৰ মুখে মুখে মুখ পাতি ধৰিলে। ইমানকথা  আহিল তেঁওলোকৰ মুখলৈ। ইমান বল আহিল তেঁওলোকৰ গালৈ।  তেঁওলোকে পাহাৰত হুলস্থুল লগাই দিলে।
তিনিদিনৰ দিনাহে কাদমৰ হুচ আহিল। তাইৰ হুচ অহাত ডলা সিং ইংতিৰো হুচ আহিল। মাকৰো হুচ আহিল।  নিংছ' আছঙৰ আইদেউসকলৰো হুচ আহিল। যেতিয়া কথা কব পৰা হ'ল, তেতিয়া কাদমে সেহাই সেহাই  বোলে কিলিং চংক্ৰেৎ-ৰ  আচল ৰূপটো তাই চিনি থৈছে। 
আকৌ এবাৰ হুলস্থুল লাগিলনে? সংবাদ কৰ্মীসকল দৌৰি আহিল। থানাখনৰ পুলিচবোৰ দৌৰি আহিল। নিংছ'সকলে হৈ - হাল্লা কৰি দিলে। সৱেই হেঁচা দিলে, সৱেই হেঁচা দিলে। ছোৱালীকণে ন্যায়টোকে পাওক। 
এনেকৈ হেঁচা পৰাৰ পিছত সেইদিনাৰ ৰংকিমি গাৱঁত চাৰ্চ অপাৰেছনৰ দায়িত্বত থকাবিলাকৰ তালিকা বিচৰা  হ'ল। আইডেণ্টিফিকেচন পেৰেড  হ'ল। জুমৰ তলিৰ কুমলীয়া হেংথেৰ জালিৰ দৰে ফুলকুমলীয়া আমাৰ  কাদমজনী,তাই কিন্তু অকণো ভয় নকৰিলে। নিংছ' আছঙৰ আইদেউসকলৰ সৈতে গৈ তাই আইডেণ্টিফিকেচন পেৰেডত যোগ দিলেগৈ। কিন্তু ক'তা? কিলিং চংক্ৰেৎ-ৰ আঁৰৰ আচল ৰূপ লোৱাটো দেখোন তাত নায়েই। 
তেনেহ'লে·  আৰলেংসকলৰ পাহাৰবোৰ পুৰঠ হানচেৰং  কৰি তোলা অনেক কাহিনীৰ এটা হৈ এই কাহিনীও হেৰাই  গ'ল নেকি·.....হেৰাল নেকি· .......হেৰাল নে???
কাদমে দেখোন কাৰো কথা নুশুনে· চকু মেলিলেই তাই সমুখত দেখে কিলিং চংক্ৰেৎ । সি আহে। হাবিৰপৰা লুকাই  লুকাই আহে। আগৰ দৰেই আহে । সি পূৰ্বৰ ৰূপলৈ উভতি যোৱা নাই।  কিলিং চংক্ৰেৎ হৈয়েই হাবিত সি লুকাই লুকাই আছে। তাই  কিলিং চংক্ৰেৎ টো চকুৰে দেখিয়েই থাকিল, দেখিয়েই থাকিল।


আয়ৈ দেহি। কুমলীয়া হেংথেৰ  জালিৰ দৰে ছোৱালীজনীলৈ চাই মাক- বাপেকৰ বুকুখন মোঁচৰ খাই আহে।  ডাক্তৰে  কয় বোলে মনত বেয়াকৈ ভয় সোমাই তাই পাগলী হ'ল। বাপেকৰ মনে জানো মানে? মাকৰ মনে জানো মানে?

জীয়েকলৈ চাই হায় ঐ বিয়ৈ কৰি থকা ডলা সিং ইংতিয়ে এদিন বহাৰপৰা ঠিয় দিলে। সি জুমৰ তলিলৈ যোৱাৰপৰা কুমলীয়া হেংথেৰ জালিৰ আঁহৰ দৰে ছোৱালীকণলৈ চাই বুকুখন মোঁচৰ খাই অহালৈকে গোটেই  কথাটো ভালকৈ  ভাবিলে। বহুত সময় ভাবিলে।

[পাঁচ ]

আৰলেংসকল হৈছে অস্ত্ৰ নোহোৱাকৈ য়ে চিকাৰ ধৰাত পাকৈত।  কিয়নো, পাহাৰে আৰলেংসকলক দি থৈছে ফান্দ সজাৰ অনেক কাহিনী। হাতত যদি ফান্দেই আছে  অস্ত্ৰৰনো কিহৰ প্ৰয়োজন? আৰলেংসকলে মুখতে সাৰ দি পানী দি ফান্দ সজাৰ কাহিনীবোৰ জীয়াই ৰাখিছে। ডলা সিং ইংতিয়ে সেয়েহে এদিন আৰলেংসকলক  গোটাই- পিতাই বোলে, হে' প্ৰভুসকল, কিলিং চংক্ৰেৎ- ক যদি কাদমে দেখিছেই, তেন্তে তাইত ভাৰসা ৰাখক।সি মৰা নাই। আমি কিলিং চংক্ৰেৎ -ক ধৰিবলৈ ফান্দকে সাজোঁ আহক। জীয়াই আছে যদি সি ফান্দতে পৰিব।
আৰলেংসকলে বোলে, কেনে নাহক কথা। এনেহেন যাদু- বস্তু ফান্দত সোমাবহিনে? ইফালে প্ৰাণ যোৱাৰো ভয়। 
ডলা সিং ইংতি ফোঁপাই উঠিল। সি এজাউৰি বক্তৃতাকে গাই দিলে। বোলে, আৰলেংসকল, আপোনাসকলে   এবাৰ ভাবি চাওকচোন আমাৰ পুৰাতন কাহিনীৰ কিলিং চংক্ৰেৎ- এ কেতিয়াবা ফুলকুমলীয়া জীয়ৰীক বেয়া চকুৰে চাইছেনে? নে কোনোবা আৰলেঙৰ গাতেই হাত দিছে?  আমাৰ কল্পনাৰ কিলিং চংক্ৰেৎ - এ বাঘৰ ৰূপলৈ গাঁৱে-গাঁৱে ফুৰি গাহৰি- ছাগলী চিকাৰ কৰিহে বুটলি নিয়ে। তাকেই আমি ভয়ানক যাদু বস্তু বুলি ভয়  কৰোঁ। আৰলেংসকল এইটো কিলিং চংক্ৰেৎ আমাৰ কাহিনীত জীয়াই থকা যাদু-বস্তু  নহয়। ই আমাৰ  সাতামপুৰুষৰ পৰম্পৰাৰ বাহিৰৰ। পাহাৰে আমাক দিয়া আমাৰ পুৰাতন মূল্যবোধৰ কাহিনীৰ বাহিৰৰ নষ্ট  যোৱা বস্তু। ইয়াক আমি পুৰুষে পুৰুষে আমাৰ মুখত সাৰ দি পানী দি জীয়াই ৰখা কাহিনীৰ মাজত জাহ যাবলৈ দিমনে? দিয়াটো জানো উচিতনে, এনে অপ-সংস্কৃতিক পুলিতে বধি থোৱাহে উত্তম?  আৰলেংসকল, ভাবি  চাওক — নষ্ট যোৱা কাম কৰাৰ বাবেই সি কিলিং চংক্ৰেৎ-ৰপৰা আৰলেঙৰ ৰূপ ঘূৰাই পোৱা নাই। বাঘ হৈ  হাবিয়ে হাবিয়ে ঘুৰি ফুৰিছে। আমি একগোট হ'লে  হাবিয়ে হাবিয়ে ফান্দ পাতি তাক সহজেই ধৰিব পাৰিম। কওকচোন প্ৰভুসকল, পাৰিমনে নাই? 
এইবাৰহে আৰলেংসকলে বোলে, হয় হয়। সজ সজ। এইষাৰকে দেখোন আমি ভাবি উলিয়াব পৰা নাছিলোঁ। — এইবুলি আৰলেং সকলে এখন ফান্দ, দুখন ফান্দ, ঢেৰ ফান্দ সাজি উলিয়ালে। 
এদিন সঁচাকৈয়ে কিলিং চংক্ৰেৎ ফান্দত পৰিল। ফান্দত  পৰা অসহায় জীৱটোলৈ চাই আৰলেংসকলে দেখিলে যাদু-স্তুটোৰ মুখখনে এবাৰ বাঘ লয়, এবাৰ পূৰ্বৰ মুখখন লয়, কিন্তু গাটো একেই থাকে। সি নিজৰ ৰূপো লব পৰা নাই, যাদু বস্তুৰ ৰূপো লব পৰা নাই।
আৰলেংসকলে ফান্দৰ কাষলৈ পাগলী কাদমক লৈ আহিলেগৈ। কাদমে বোলে, হয় হয় এয়াই, এয়াই। জাংবৰং বৈ থাকোতে মই দেখা পোৱা মুখখন এয়াই ।

———
ইয়াৰ পিছত  ডলা সিং ইংতিৰ বহুখিনি কাম নিংছ আছঙৰ আইদেউসকলেই সমাধা কৰি দিলে। তেঁওলোকে কাদমক  সাহ দিলে, পিত দিলে, স্কুলত নাম লগাই দিলে। এনেকৈ কাদমৰ আৰু এটা জীৱনৰ আৰম্ভণি হ'ল। আৰু, বহু দিনৰ পিছত,  এদিন কাদমৰ বিয়াত ডলা সিং ইংতিয়ে গোৱা স্তুতিগীতটো পাহাৰবোৰত  বিয়পি  পৰিল, 

হে' ফিথে ফুথে.....হে' ঈশ্বৰ...
এই হাজাৰ বছৰৰ শিলৰ সাঁকো হেন কটকটীয়া,
সোণৰ হাৰ হেন মোৰ জী- জোঁৱাইৰ
পবিত্ৰ বন্ধন দীৰ্ঘজীৱি হওক
সতি- সন্ততিৰে আনন্দমুখৰ  জীৱন ধাৰণ কৰি,
বগলীহেন চৰাইবোৰৰ চিৰবসতিৰ  স্থল
সেই চিৰসেউজ বিলৰ দৰে হওঁক,
হে প্ৰভূ, তোমালৈ মোৰ আন্তৰিক প্ৰণাম।
আৰণাম।
———

( শেষডোখৰৰ নিৰ্মিতিঃ  

এই স্তুতিগীতটি  শুনি পুৰাতনৰ সাধুটোৱে যেন জীউটাহে ওভতাই পালে। আস  কিমানদিন হ'ল এনে এষাৰ  গীত  শুনিবলৈকে তাৰ বুকুখনে ধৰফৰাই থকা নাছিলনে ? দুচকুৰে তাৰ সৰসৰকৈ পানী পৰিবলৈ ধৰিলে । তাৰ এনেহেন থৌকি-বাথৌ অৱস্থা দেখি ইটো সাধুৰো চকুপানী ওলাওঁ ওলাওঁ হ'ল। কিন্তু সি নিজকে সামৰি ল'লে। দুয়োটা সাধুৱে বুজিলে, সমুখৰ বাট এটাই আৰু বৰ জটিল। জীৱনক তুমি যিমানেই নিৰ্মিতি নিদিয়া কিয়, হাতে হাত ধৰি যোৱাৰ বাহিৰে গত্যন্তৰ নাই। এইষাৰ কথা  উপলদ্ধি কৰি গভীৰ মমতাৰে দুয়োটা সাধুৱে পৰস্পৰক এবাৰ আকোঁৱালি লৈ ক'লে - কাৰদম।) 



--
ৰছনা কাল ২০০৭ চন। প্ৰকাশ – গৰীয়সী



[গল্পত ব্যৱহাৰ হোৱা বিবাহৰ গীত দুটি বিদৰছিং ক্ৰ'ৰ “কাৰ্বিসকলৰ বিবাহ নামৰ প্ৰবন্ধটিৰপৰা লোৱা হৈছে।কাৰ্বি লোকাচাৰ, পৰলৌকিক বিশ্বাস আদিৰ বিশ্লেষণৰ ক্ষেত্ৰত বসন্ত দাসৰ “কাৰ্বি সংস্কৃতিৰ ধাৰা নামৰ  পুথিখনৰ সহায় লোৱা হৈছে।

টোকা- আৰলেং —কাৰ্বিসকলে নিজকে আৰলেং বুলি কয়, যাৰ অৰ্থ মানুহ। টেকী--ঢেকীয়াপতীয়া বাঘ। বংক্ৰুই - নাহৰফুটুকী বাঘ। কাৰ্বি জনবিশ্বাসত বাঘে খোৱাটো বৰ ডাঙৰ পাপ। এনেলোকে পুনৰ জন্ম লৈ পৰিয়ালৰ মাজলৈ উভতি আহিব নোৱাৰে। লাংছ'— নিজৰা। চমাংকান - কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান। চাৰ্হে গীত - চমাংকানৰ গীত।  উচেপী — চাৰ্হে গীত গোৱা তিৰোতা। ইংচুন  —শিৰীষ গছ । ফাং - গমাৰী গছ। আথেকাৰ- কাৰ্বিসকলৰ শুচি কৰি লোৱা প্ৰথা। চাকচন — এবিধ পোক । হেমপ্ৰেক —কাৰ্বি উগ্ৰপন্থীয়ে দাবী কৰা কাৰ্বি ৰাজ্য।  ডিমাৰাজি-— ডিমাচা উগ্ৰপন্থীয়ে দাবী কৰা ডিমাচা ৰাজ্য। হেংথেগোমধান। কাংবুৰাগাঁওবুঢ়া। গাং বৰং- কাৰ্বিসকলে ঘৰতে বৈ লোৱা মোনা  চকচু,- ধান, হেং- কচু , ফিৰই- কাঠআলু। বংহম -ৰঙালাও।  হানচেৰং   টেঙামৰা। নিংছ'-- কাৰ্বি মহিলা বুজোৱা শব্দ।- ৱ' তেৰাং -ধনেশ পখী। ৱ'দুদু —হুদু । ৱ'থুং- কপৌ চৰাই।  ছাংলিং পেনক্লিৰণি...... পে চেংজইমেজি..কাৰ্বিসকলৰ পৰম্পৰাগত বিবাহত কইনা খোজা-মেলা কৰাৰ সময়তকইনাৰ বাপেকে গোৱা গীত এটিৰ আগলি অংশ। গীতাংশৰ ভাৱটো এনে  — হে' বিয়ৈ- বিয়ৈনী, আমাৰ কন্যা ইমানেই নাবালক যে, তাই এতিয়াও সমনীয়াৰ সৈতে                       খেলিয়েই দিন পাৰ কৰিছে...... ] 

(পটভূমি – নব্বৈৰ দশকৰপৰা কাৰ্বিভূমিত কাৰ্বিসকলৰ একাংশ উগ্ৰপন্থী গোটে এখন পৃথক কাৰ্বি ৰাজ্য ‘কাৰ্বি হেমপ্ৰেক’ আৰু ডিমাছাসকলৰ একাংশ উগ্ৰপন্থী গোটে আন এখন পৃথক ৰাজ্য ‘ডিমাৰাজি’ৰ বাবে কৰা সশস্ত্ৰ সংগ্ৰাম কৰিিছল।  উগ্ৰপন্থী কাম-কাজ আৰু গোষ্ঠী-সংঘৰ্ষ দমন কৰা উদ্দেশ্যে মোতায়েন কৰা নিৰাপত্তাৰক্ষীৰ হাতত অনেক নাৰী ধৰ্ষিতা হৈিছল। এনে এগৰাকী ধৰ্ষিতা কিশোৰীৰ সংগ্ৰামেই এই গল্পৰ পটভূমি)