Wednesday 1 January 2020

কা-বিৰোধী সংগ্ৰামলৈ জনসাধাৰণে তীক্ষ্ন দৃষ্টি ৰাখিছে






প্ৰকাশ – আমাৰ অসম,০২।০১।২০২০
-- ৰত্না ভৰালী তালুকদাৰ

বিজেপি চৰকাৰে  দেশৰ লগতে বিশেষকৈ অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মতামত উপেক্ষা কৰি  নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (কা)  প্ৰণয়নৰ কৰা পিছতে হিন্দুত্ববাদী শক্তিবোৰে ভাৰতবৰ্ষত তেওঁলোকে  স্থাপন কৰিব বিচৰা হিন্দুৰাষ্ট্ৰখন গঠনৰ দিশত এখোজ আগবাঢ়িল বুলি উল্লাসিত হৈ পৰিল।  হিন্দুৰাষ্ট্ৰৰ স্বাৰ্থতেই   চৰকাৰে কাৰ্যত ২০১৪ চন পৰ্যন্ত  চুবুৰীয়া বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰপৰা অহা হিন্দু, শিখ, জৈন, পাৰ্চি, বৌদ্ধ আৰু খৃষ্টান ধৰ্মৰ লোকৰ বাবে  নাগৰিকত্বৰ দুৱাৰ খুলি দিয়াৰ উপৰিও কেৱল উকা কাগজতে তেনে লোকে আবেদন কৰাৰ সুবিধা প্ৰদান কৰাৰ মাজেৰে অনন্তকাললৈ এই তিনিওখন দেশৰপৰা  অহা  প্ৰব্ৰজনকাৰীৰ বাবে নাগৰিকত্বৰ দুৱাৰ  খুলি দিলে। বিভাজনৰ  ৰাজনীতিৰে  আন্তঃৰাজ্যিক পাৰপত্ৰ থকা ৰাজ্যসমূহৰ লগতে ষষ্ঠ অনুসূচীৰ  এলেকা এই আইনৰ আওতাৰপৰা বাহিৰত থাকিব বুলি ঘোষণা কৰিলেও  কাৰ্যত এই এলেকাবোৰতো  কেৱল নাগৰিকত্ব বাহিৰে আন সকলো সুবিধা  লাভ কৰিব।  প্ৰব্ৰজনৰ বোজাত কোঙা হৈ পৰা অসমে পূৰ্বৰেপৰাই ইয়াৰ বিৰোধিতা কৰি আহিছিল।  
সকলো আশা  মষিমূৰ হোৱাত সৰ্বস্তৰৰ ৰাইজ পাৰ ভাঙি ৰাজপথলৈ নামি আহিল। জনসাধাৰণৰ এই শক্তিক বিভাজনৰ ৰাজনীতিৰে বিপথে পৰিচালিত কৰিবলৈ চৰকাৰে কোনো ষড়যন্ত্ৰ  বাকী ৰখা নাই। দমন, প্ৰলোভনৰ লগতে সংগ্ৰামী জনসাধাৰণক লৈ বিভিন্ন কূট-কৌশল ৰছনা কৰা হৈছে ।  মানুহৰ মনলৈ  অজস্ৰ সন্দেহ তীৰ প্ৰেৰণ কৰা হৈছে। নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে  সকলো অংশৰ  দল-সংগঠন, লেখক- শিল্পীকে ধৰি সকলো অংশৰ  ৰাইজে  জনমত গঠন কৰাৰ উপৰিও আন্দোলন কৰি  আহিছিল। বিধেয়কখন আইনলৈ পৰিণত হোৱাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপেই   সকলো অংশৰ  জনসাধাৰণে প্ৰতিবাদ কৰিবলৈ বাটলৈ  নামি আহিছিল। পৰৱৰ্তী সময়ত দেখা গৈছে যে  বিভিন্ন  পক্ষত সংগ্ৰামী  জনসাধাৰণ  সমবেত  হৈছে।  কংগ্ৰেছ দলেও সভা-সমিতি পাতি  বহুতো লোকক  কা-বিৰোধী আন্দোলনত সমবেত কৰিছে।  সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত দিনে হাজাৰ হাজাৰ লোক বিভিন্ন ঠাইত সমবেত হোৱাটো অতি লক্ষণীয় কথা। সদৌ  অসম ছাত্ৰ সন্থাৰ সৈতে শিল্পীসমাজো যুক্ত হৈ  প্ৰতিবাদী  সভাবোৰত  গীত-অভিনয় পৰিবেশনৰ  মাজে মাজে  ৰাজনৈতিক পৰিপক্কতাৰ  পৰিচয় দি  সময়োপযোগী বক্তৃতাও দাঙি  ধৰিছে। অসমৰ ৰাইজে তেওঁলোকৰ কথাবোৰো মনোযোগেৰে শুনিছে।
ইতিমধ্যে  কৃষক  মুক্তিৰ নেতা  অখিল গগৈক ১০ বছৰীয়া পুৰণি গোচৰত বন্দী  কৰি  কাৰাৰুদ্ধ  কৰি ৰখাৰ উপৰিও আন কেইবাজনকো বন্দী কৰিছে।  সমগ্ৰ ৰাজ্যতে  তেওঁলোকক ম ুকলি কৰি দিবলৈ  আন্দোলনত জড়িত  সকলো  পক্ষৰ পৰা  প্ৰতিবাদৰ জোৱাৰ উঠিলেও চৰকাৰে কাণসাৰ দিয়া নাই। কা-বিৰোধী আন্দোলনৰ প্ৰায় দুসপ্তাহ উকলি যোৱাৰ পিছত  একাংশ  নেতাক গ্ৰেপ্তাৰ কৰা কাৰ্যই চৰকাৰে আন্দোলনকাৰীৰ মাজত বিভাজনৰ  অনাৰ ষড়যন্ত্ৰকে  প্ৰতিফলিত কৰিছে।  বহুতেই শিল্পীসমাজৰ অংশগ্ৰহণে  আন্দোলনটোৰ  মাজৰে  সাংস্কৃতিক প্ৰতিবাদৰ ধাৰাটোক আদৰণি জনাইছে  আৰু  এক নগন্য অংশই ইয়াক ৰাজনৈতিক সচেতনতা অনাৰ বিপৰীতে কেৱল  নাচ -গানৰ অনষ্ঠানলৈ  পৰ্যবেসিত  হব পাৰে বুলি সকীয়াই দিছে। কিন্তু  শিল্পীসমাজে চৰকাৰে তেওঁলোকলৈ আগবঢ়োৱা প্ৰলোভনৰ টোপ নস্যাৎ কৰি  ৰাজনৈতিক সচেতনতাৰ  পৰিচয় দিছে আৰু আনোদলনকো সুদৃঢ় কৰাত ভূমিকা পালন কৰিছে। এই মুহূৰ্তত কোনো সন্দেহ বা অপপ্ৰচাৰে লক্ষ লক্ষ মানুহক প্ৰতিবাদী সভাত উপস্থিত হোৱাৰপৰা আঁতৰাই ৰাখিব পৰা  নাই।  এই অভূতপূৰ্ব জনজোৱাৰে  ৰাজ্যখনৰ জনসাধাৰণৰ  যিকোনো ধৰ্মৰ  বিদেশী অনুপ্ৰৱেশকাৰী আৰু প্ৰব্ৰজনকাৰীৰ সন্দৰ্ভত ঘণীভূত হৈ  থকা হোৱা প্ৰবল আশংকাৰ  কথাকেই  সুচাইছে। 
নতুন ৰাজনৈতিক বিকল্পৰ  প্ৰসংগও উত্থাপন হৈছে। বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ দৰে ব্যক্তিয়েও  ডিব্ৰুগড়ৰ সভাত  প্ৰয়োজন হ'লে এনে শক্তি  গঠনৰ কথা ঘোষণা কৰিছে। এনে অৱস্থাত কা-বিৰোধী আন্দোলনখনৰ বহুবোৰ দিশ  আকৰ্ষণীয় হৈ  উঠিছে। অসমীয়া  ধৰ্মনিৰপেক্ষ  আৰু  উদাৰ গণতান্ত্ৰিক চেতনাৰ  মধ্যবিত্ত সমাজখন সদৌ অসম ছাত্ৰসন্থাৰ দৰে সংগঠনৰ তলত  বেছিকৈ সমবেত হৈছে।  বহুতেই  সন্দেহ ব্যক্ত কৰিছে যে,  সংগঠনটোৰ পূৰ্বৰ বহু  নেতা বিজেপি বা অগপৰ দৰে দলত থাকিও জাতিধ্বংসী বিধেয়কখনৰ  বিৰুদ্ধে অৱস্থান লব নোৱাৰাৰ লগতে বিগত নিৰ্বাচনত সংগঠনটোৱে গেৰুৱা দলটোক ক্ষমতালৈ অহাত নানাধৰণে সহায় কৰাৰ ফলশ্ৰুতিত তেওঁলোকৰ নেতৃত্বত হোৱা আন্দোলনে কি পৰ্যায় পাবগৈ সেয়া কোনেও ন-দি কব নোৱাৰে। এনে অৱস্থাত আহিবলগীয়া দিনবোৰত  আন্দোলনৰ  ধাৰালৈ সকলোৱে তীক্ষ্ণ নজৰ ৰাখিব। বহুতেই আকৌ সকলোবোৰ শক্তিয়ে একোটা নুন্যতম কাৰ্যসূচীৰ আধাৰত উমৈহতীয়াভাৱে যুঁজ দিয়াৰ মতপোষণ কৰিছে।  কিন্তু  কা-আইনৰ সন্দৰ্ভত সকলোৰে মত এটাই যে  জাতিধ্বংসী আইনখন বাতিল হব লাগে।

কা-আইন বাতিলৰ যুদ্ধ এতিয়া আদালতৰ মজিয়াত। কিন্তু  জনসাধাৰণ এতিয়াও ৰাজপথত।  এইক্ষেত্ৰত বাৰে বাৰে উচ্চাৰিত হৈছে এক  আঞ্চলিক ৰাজনৈতিক বিকল্প । অসম  বা উত্তৰ-পূৰ্বাঞ্চলত  ঞ্চলিকতাবাদ এটা প্ৰাসংগিক  ৰাজনৈতিক  বিষয়।  ঞ্চলিকতাবাদ সম্পৰ্কে পৰীক্ষা-নীৰিক্ষা  হৈছে।কিন্তু ফল সুখদায়ক নহয়। জলন্ত সমস্যাবোৰ চিনাক্ত কৰি তাৰ আধাৰত সফল সংগ্ৰাম কৰাৰ ক্ষেত্ৰত আঞ্চলিকতাবাদী শক্তিবোৰ যিমান সফল, ক্ষমতাৰ গাদীত বহাৰ পিছত একেই সমস্যাবোৰৰ সমাধানৰ কৰাৰ বেলিকা কিন্তু অতি  দুৰ্বল। ৰাইজে কৈছে যে, কেৱল ভোটৰ স্বাৰ্থতেই  কংগ্ৰছ আৰু বিজেপিয়ে  দীৰ্ঘদিনৰ অবৈধ  প্ৰব্ৰজনকাৰীলৈ ৰঙা দলিচা পৰাৰ  ষড়যন্ত্ৰৰ  প্ৰতি তেওঁলোক  বীতশ্ৰদ্ধ ।ৰাইজৰ এনে মনোভাৱে পুনৰ আঞ্চলিকতাবাদৰ  কাষলৈকে তেওঁলোকক লৈ আহিছে। ভাৰতৰ দৰে অসংখ্য ভাষা-সংস্কৃতি-ধৰ্মৰ  পৰিচিতি থকা  বৃহৎ দেশ এখনত আঞ্চলকিতাবাদৰ প্ৰাসংগিকতা, সম্ভাৱনীয়তা আৰু লগতে  দুৰ্বলতাবোৰ  চিনাক্ত কৰি  তাক  অতিক্ৰম কৰাৰ  তাত্বিক  আৰু  বৌদ্ধিক দিশবোৰত  আঞ্চলিকতাবাদী  শিৱিৰটোৱে কেনেধৰণে গুৰুত্ব আৰোপ কৰিছে? অসমীয়া ভাষা-সংস্কৃতি বুলি কোৱাৰ লগে  লগে একেখন ৰাজ্যতে কাষে কাষে থকা বড়ো, মিচিং, কাৰ্বি, ৰাভা বা আনসকলৰ ভাষা-সংস্কৃতিৰ কথা আহি পৰে। উত্তৰ-পূৰ্বাঞ্চলৰ আন জাতি-জনগোষ্ঠীৰ কথাও আহি পৰে। আঞ্চলকিতাবাদী ৰাজনীতিয়ে এই  প্ৰশ্নবোৰ কেনেদৰে মোকাবিলা কৰিব।  সদৌ অসম ছাত্ৰসন্থাৰ কা-বিৰোধী আন্দোলনৰ ক্ষেত্ৰত লগত থকা ৩০-টা জনগোষ্ঠীয় সংগঠনৰ  সক্ৰিয় সহযোগ আছে । আঞ্চলকিতাবাদৰ প্ৰসংগত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকৰ আঞ্চলিক শক্তিবোৰক লৈ তেওঁলোকে কিবা পৰিকল্পনা কৰিছে নেকি· সদৌ অসম ছাত্ৰ সন্থাৰ লগতে শিল্পীসমাজৰ কাষত  ঠিয় হোৱা বিপুল সংখ্যক  ৰাইজৰ মনতো  এই প্ৰশ্নবোৰ  আছে।
ক্ষমতাত থকা আৰ এছ এছ নিয়ন্ত্ৰিত বিজেপি দলৰ ফেচিবাদী চৰিত্ৰ, সাম্প্ৰদায়িকতাবাদ লগতে নাগৰিকত্ব(সংশোধনী) বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমৰো  বুদ্ধিজীৱিমহলে এক বৃহৎ পৰিসৰৰ বিদ্যায়তনিক বিতৰ্কৰ সুচনা  কৰি আহিছে যাৰ নেতৃত্ব প্ৰদান কৰিছে ড০ হীৰেন গোহাঁইৰ দৰে লোকে, যি ৰাজপথৰ সংগ্ৰামতো সমানেই সপ্ৰতিভ। ৰাজ্যৰ নাগৰিক সমাজৰ লগতে বাওঁ-গণতান্ত্ৰিকমহলেও বৌদ্ধিক বিতৰ্কৰ লগতে সংগ্ৰাম অব্যাহত ৰাখিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে  সংগ্ৰামী শক্তি হিচাপে এক অংশৰ জনসাধাৰণক একত্ৰিত কৰাত ভূমিকা পালন কৰিছে। শেহতীয়াকৈ বিভিন্ন শিক্ষানুষ্ঠানৰছাত্ৰসমাজে ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচীৰে সকলো অংশৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ  যিকোনো ৰাজনৈতিক প্ৰসংগৰ প্ৰতি গোটেই উত্তৰ-পূৰ্বাঞ্চলেই  সচতেনভাৱে দৃষ্টি নিক্ষেপ কৰে বাবে সংগ্ৰামৰ প্ৰতি জনসাধাৰণে তীক্ষ্ন নজৰ ৰাখিব। এই সকলোবোৰ শক্তিৰ মাজত বিভাজন অনাৰ যিকোনো প্ৰচেষ্টাও তেওঁলোকেই  ব্যৰ্থ কৰিব লাগিব।

বহুতেই জাতিধ্বংসী কা-আইন বাতিলৰ সপক্ষে হোৱা অভূতপূৰ্ব  জনসমাবেশক বিদ্ৰোহ বুলি অভিহিত কৰিলেও এয়া  সমাজ পৰিবৰ্তনৰ বিদ্ৰোহ  বুলি ভাবিলে ভুল হ'ব। ভাৰতৰ আন ৰাজ্যৰ বাবে  বিষয়টো ধৰ্মনিৰপেক্ষতাৰ ওপৰত আঘাত আৰু ধৰ্মৰ নামত বিভাজিত কৰাৰ ৰাজনীতি।কিন্তু  অসমীয়া  বাবে সি ইয়াৰ উপৰিও জাতিৰ অস্তিত্ব ৰক্ষাৰো যুদ্ধ,  'ত এটা জাতিয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে যুদ্ধ কৰিছে ধৰ্মৰ ভিত্তিত দেশৰ  জনসাধাৰণক  ভাগ ভাগ কৰিব খোজা এক ফেচীবাদী, সাম্প্ৰদায়িক অপশক্তিৰ বিৰুদ্ধে ।আইনখনে ধৰ্মনিৰপেক্ষ ৰূপ পালেই অসম ৰক্ষা নপৰে, ৰক্ষা পৰিব অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰি ১৯৭১-ৰ পিছত অহা প্ৰতিজন বিদেশীক চিনাক্তকৰণ কৰি বহিস্কাৰ কৰাৰ মাজেৰেহে। এই সংগ্ৰামত ধৰ্মনৰিপেক্ষ, গণতান্ত্ৰিক, উদাৰবাদী  অসমীয়া মধ্যবিত্তৰ  অংশগ্ৰহণেই  আটাইতকৈ  বেছি, যদিও কৃষক আৰু  শ্ৰমিকৰ মাজলৈও সি বিয়পিছে। স্বভাৱিকতে এই যুদ্ধখনত মানুহৰ জীৱন-জীৱিকাৰ লগতে দেশৰ গভীৰ অৰ্থনৈতিক সংকটৰ দৰে বিষয়বোৰে প্ৰাধান্য নোপোৱাৰ সম্ভৱনাই বেছি, যদিও উপযুক্ত ৰণকৌশল মাজেৰে  ফেচীবাদী শক্তিক এঘৰায়ী কৰাৰ সংগ্ৰামত এই দিশবোৰে শক্তিশালী ভূমিকা পালন কৰিবলৈ  সক্ষম হ'ব বুলি আশা কৰিব পাৰি।