Monday 2 November 2020

কোৱাৰেনটিনড, আৰু খিৰিকীমুখ

 



 

The Blind perfumes of the earth opens

and since there are no roads                                     

no one  will come, only

 Solitude sounding

like the singing of a bell

 --Pablo Neruda

  মৃতকল্পৰ বেলা আৰম্ভ ' 

মূৰৰ  ভিতৰত  যন্ত্ৰণাৰ  এটা গুটি   তাতেই    অৱসন্নতাৰ  কাঁইটীয়া  লতা   গজি   উঠিল  পোখা মেলিলে   বগাই ' আৰু  মৃন্ময়ীক  জপটিয়াই  ধৰিলে  যেন  মুনিচুনিৰ   এন্ধাৰেহে  তাইৰ   বাটটো  আৱৰি  ধৰিলে  চকুৰ পতা  তাইৰ  ধীৰে  ধীৰে   দোঁ  খাই   আহিল  হাত- ভৰি কোঁচ খাই  মানুহজনী  লেতু-সেতু  হৈ  পৰিল  চোং  সলাই  সলাই  তাই  মহানগৰীৰ অলিয়ে- গলিয়ে  আৰু  লেতেৰা  কোঠাবোৰত  পাতি  লোৱা  আফিংখোলাত   সৰু সৰু   চিৰিঞ্জেৰে  হলাহল  ঢালি   বন্ধ কৰি   থোৱা   সিৰা- উপসিৰাবোৰ  যেন  খোল  খাই   পৰিছে  আৰু  বিদ্ৰোহ  কৰি  শৰীৰ  ফালি  ওলাই  আহিব  খুজিছে  তাইৰ  ছালৰ  তলৰ  বিন্দুবোৰৰপৰা  নামি  অহা  ঘামত মানুহজনী  চপচপীয়া '  ঢুলঢুলীয়া  চকুযুৰিৰে   নামি অহা মৰা  চকুলোৰ  নৈ'  তাই  উটি - ভাহি  '  নাকৰপৰা বৈ  অহা   মৰানদীখনে  তাইক  মেৰিয়াই   ধৰিলে  অৱশেষত  তাইৰ  শৌচ  আৰু  প্ৰস্ৰাৱৰ  দ্বাৰেৰে  বৈ  আহিল লেতেৰা  মলৰ নৰ্দমা তাই  লুতুৰি- পুতুৰি ' 

এতিয়া  তাইৰ  জাৰ  লাগিবলৈ ধৰিলে  জিকাৰ  খাই খাই  মানুহজনী  কঁপি উঠিল কুচি- মুচি  নিজৰ  খোলালৈকে  তাই  সোমাই   '                                                     

মৃন্ময়ী  ধৰাশায়ী  হৈ  পৰিল   

এই   ভয়ংকৰ  যন্ত্ৰণাৰ মাজেৰে  গৈ থাকোঁতে  তাই  গৰ্ভৰ  লুণীয়া পানীৰ  হ্ৰদটিত খলখলাই থকা  কণমানি জীৱন্ধৰীটিৰ কথা ভাবিবলৈ  চেষ্টা কৰিলে  সময় বঢ়াৰ লগে  লগে  হ্ৰদটি  ধৰি  ৰখা জোলোঙাখন  লাহে  লাহে  তললৈ  নামিবলৈ  ধৰিছে  তাইৰ  জঁকাৰ  দৰে শৰীৰ,  পিন্ধি লোৱা মৰা মানুহৰ  চকুহাল,  আউল- বাউল  চুলিকোচা আৰু  বেজীৰ খোঁচত ঢপলা  কাঠফুলাৰ  বৰণ লোৱা  ছালচটাৰ  তলেৰে  লাহে  লাহে বাঢ়ি  অহা  এই  জোলোঙাখনে এক দ্ভূ  শিহৰণ  তোলে  তাইৰ  সতে  যোৱা এবছৰ  ধৰি  লিভ টুগেদাৰ' কৰি  থকা আকাশেও মানুহজনীলৈ এপলক  চাব নোৱাৰে, অথচ এবাৰ চালে  চকু  ঘূৰাই  আনিব নোৱাৰে  চাৰিবছৰ ধৰি  সি   পৰিস্কাৰ  জীৱনৰ  মাজত আছে   আৰু  স্বাভাৱিক  জীৱনৰ  আনন্দ  উপভোগ   কৰিছে  তিনি বছৰৰ  আগতে সি   খাৰঘুলি  পাহাৰখনৰ  নামনিৰ  সৌডোখৰতে   তাৰ  নিজৰ দুমহলীয়া  ঘৰটোৰ  তলত   ৰিহে'  কেন্দ্ৰ   এটি  খুলি  তাতেই   সমৰ্পিত হৈছে  সি আশা  কৰে,  তাৰ দৰেই   মৃন্ময়ীও  এদিন পৰিস্কাৰ   জীৱনলৈ  উভতি  আহিব  সি   সময়লৈ  অপেক্ষা   কৰিবলৈ  সাজু  আছিল  কিন্তু   মৃন্ময়ীৰ এই   দশাই   তাক  এক  বুজাব নোৱাৰা  অপৰাধবোধৰ মাজলৈ ঠেলি   দিছে     

 

এয়া এক  আচৰিত অভিজ্ঞতা   অৱসন্নতাৰ  কাঁইটীয়া  লতাই   জপটিয়াই   ধৰাৰ এই  ভয়ংকৰ  দুৰ্যোগৰ  মাজেৰেই   মৃন্ময়ীয়ে  এই  এছাকি  আচৰিত পোহৰ  লাভ  কৰিছে  বিশ্বাস-অবিশ্বাসৰ  মাজতে কেতিয়াবা  তাই  শিহৰিত হৈছে আৰু  কেতিয়াবা  অজান  আশংকাৰে কঁপি উঠিছে পাতল  ছালচটাৰ তলত  হাড়ৰ ওপৰেৰে  নীলা  নীলা  সিৰা- উপসিৰাবোৰ  পৰ্যন্ত দেখা  পোৱা  কংকালসাৰ  শৰীৰটোৰেই  যোৱা  সাত  মাহ   ধৰি এই  এধানি  পোহৰ  তাই   কঢ়িয়াই  লৈ  ফুৰিছে  খুপি  খুপি আগুৱাই  গৈছে  তাই   প্ৰায়েই  চেতনাহীন  অৱসন্নতাৰে  গ্লানি,  অপৰাধবোধ  আৰু  অনুশোচনাবোৰে   তাইৰ  দুৰু  দুৰু  উৎকণ্ঠাক হেঁচা  মাৰি ধৰে  তাইৰ  মাত- কথা, খোজ- কাটল  আৰু  মগজুৰ  আড়ষ্টতাৰ পাকবোৰৰ মাজে   মাজে  অৱসন্নতাৰ  ডাৱৰ  নথকাৰ  সময়ত  সংগোপনে   তাই    এই  জেউতি  দুহাতেৰে তুলি  লবলৈ  চেষ্টা  কৰে    নিজকে কয়-- অন্ততঃ  এটা  দিনৰ  বাবে তাই   পৰিস্কাৰ  হৈ  থাকিব বিচাৰে   এটা দিনৰ  বাবে  এই জেউতিৰ  আভা পূৰ্ণ  ৰূপত  উপভোগ কৰিব  খোজে   

কিন্তু  তাই  হাৰি  যায়  মূৰৰ ভিতৰৰ  প্ৰচণ্ড  বিষ,  চকু  আৰু  নাকৰপৰা  বাগৰি  অহা  মৰা  নদী,   শৌচ আৰু  প্ৰস্ৰাৱৰ  দ্বাৰেৰে  বৈ  অহা ক্লেদৰ  নৰ্দমাত  লুতুৰি-পুতুৰি  হৈ   ঘমি উঠা,  আৰু  প্ৰচণ্ড জাৰত  কঁপি উঠাৰ  ভয়ংকৰ  কালচক্ৰবোৰৰ অসহ্য যন্ত্ৰণাৰপৰা মুক্তি  পাবলৈ  তাই  নিজকে  বাৰে বাৰে  সমৰ্পণ কৰি  পেলায় 

আজিও তাই  ওফন্দি উঠি  লাহে  লাহে  দোঁ  খাই পৰিবলৈ  আৰম্ভ  কৰা   পেটৰ  ওপৰত হাতখন  ৰাখি  এয়া   নিজকে  কৈছে--আজিৰ  দিনটো  তাইক্লিন'  হৈ থাকিব  পৰিস্কাৰ হৈ থাকিব  তাই  চিৰিঞ্জৰ  নলীৰে  বোৱাই   অনা  হলাহল  আজি তাই   শৰীৰৰ  ভিতৰলৈ  যাবলৈ  নিদিয়ে  অকণমান মুকলি  বতাহ   লবলৈ  তাই  খাৰঘূলি  পাহাৰখনৰ  চেপত  এতিয়া বাস  কৰিবলৈ  লোৱা এই  অন্ধকূপ   ঘৰটোৰ  কোঠাটোৰ  খিৰিকী এখন  খুলি দিলে  শৰীৰত  চেতনা থকাৰ   সময়ত  মাজে   মাজে তাই এই  খিৰিকীখন খুলি দিয়ে  খিৰিকীখনৰ কাষতেই  এজোপা শেৱালি  ফুলৰ  গছ  এইখিনিৰপৰা চালে গছজোপা আলাসতে ভাহি থকা যেন লাগে আহিনৰ  পৰিচ্ছন্ন আকাশ কোমল  এজাক  বৰষুণে  পৃথিৱীখন ধুৱাই  থৈ   গৈছে শেষ  ' খোজা  পুৱাটোত  এই  স্নিগ্দ্ধতাৰ  অকণমান ৰেশ  লাগি আছে  no'ভিদ-১৯ অতিমাৰী  কালত  প্ৰশাসনে ঘোষণা  কৰা   লক্ ডাউনে  যোৱা  ছমাহ  ধৰি  জনজীৱন  প্ৰায়  স্তব্ধ কৰি পেলোৱা  মহানগৰীত   প্ৰকৃতিয়ে   এয়া অপৰূপ  সাজেৰে  সাজিছে  

খিৰিকীখন  খুলি তাই  আচৰিত  হৈ  '  মুকুতাৰ দৰে  বগা বগা  ফুলবোৰেৰে   গোটেইজোপা  গছ  ভৰি  পৰিছে   বতাহত  দুলি  দুলি  এটি   দুটি  ফুল  ধীৰে ধীৰে  তললৈ  নামি  আহিছে যেন  শূন্যত  ওলমি  থকা   কণ  কণ  বেলুনৰ  খেলা  আলাসতে  ভাহি থকা গছজোপাৰপৰা সৰি  সৰি  ফুলৰ বেলুনবোৰ  যেন  শূন্যত হেৰাই  গৈছে   এছাটি  বতাহ  বলিছিল  বতাহছাটিয়ে  শেৱালি ফুলৰ কোমল  সুবাস   কঢ়িয়াই   আনিলে   চকু  দুটা   মুদি তাই  প্ৰাণ  ভৰি এই  সুবাস   লবলৈ চেষ্টা কৰিলে  ভাৱ ' এই  স্নিগ্ধ   সুবাসত  তাইৰ  মনৰপৰা  সকলো  গ্লানি  মচ  খাই  গৈছে  সকলো  অপৰাধবোধৰপৰা  তাই  মুক্ত  হৈ  পৰিছে   হাত  মেলি  তাইৰ   বেলুনৰ  দৰে  নামি অহা  ফুলবোৰ   আজলি পাতি  ধৰিবলৈ  মন '  কিন্তু  তাই  দুয়োখন হাতৰ আঙুলিবোৰ   ওফন্দি  উঠি  দোঁ খাই  নামি অহা  পেটটোৰ ওপৰেৰে  বুলাই  দিলে আঠালেটীয়া মাতটোৰে নিজকে কবলৈ  ধৰিলে--  আজিৰ দিনটো  তাই  ক্লিন'  হৈ থাকিব  পৰিস্কাৰ হৈ থাকিব তাই

অতিমাৰীৰ  সময়ৰ লক ডাউনত বাধ্য হৈ মহানগৰীৰ মানুহবোৰ ঘৰতে সোমাই আছেহস্পিতাল আৰু কোৱাৰেনটিন  কেন্দ্ৰবোৰত বিছনাৰ অভাৱ হোৱাত কৰ'না পজিটিভসকলৰ  প্ৰায়বোৰকেই  এতিয়া  ঘৰতে  কোৱাৰেনটিনড্ কৰা হৈছে জটিল ৰোগীয়েহে হস্পিতাললৈ গৈ জৰুৰী সেৱা লাভ কৰাৰ সুবিধা লাভ কৰিছেমাস্ক পিন্ধি অতি  প্ৰয়োজনীয়  কামত  ওলাই  অহা দুই-এক বাটৰুৱাকহে দেখা পোৱা  গৈছে প্ৰশাসনৰ নিৰ্দেশ মানি দুজনৰ মাজত কমেও এক  মিটাৰৰ ব্যৱধান মানি চলা হৈছেদোকানত এক মিটাৰৰ ব্যৱধানত ঠিয় হৈ মানুহে কেৱল অত্যাৱশ্যকীয়  সামগ্ৰী  ক্ৰয় কৰিছে বেছিভাগেই অনলাইন  আৰু ' ডেলিভাৰী সেৱাৰ সুবিধা লৈছে যেন  গোটেইখন মহানগৰী এতিয়া  কোৱাৰেনটিনড্ তাইৰ ভাৱ  হয়, প্ৰণোচ্ছল মহানগৰী এতিয়া তাইৰ দৰেই আড়ষ্ট তাইৰ ভাৱ হয়, চিৰিঞ্জৰ খোঁচবোৰে অদ্ভূত ৰূপ দিয়া বিৱৰ্ণ  কাঠফুলাৰ  দৰে তাইৰ শৰীৰৰ ছালচটা যেন অতিকায় বেংছটা হৈ উঠিছে, আৰু মহানগৰখন মেৰিয়াই ধৰিছে!   

কিন্তু বৰষুণজাকৰ পিছতে এয়া  অপাৰ্থিৱ  নিৰ্জনতাই পুৱাটো, শেৱালিজোপা আৰু কোমল বতাহছাটিক সাৱটি ধৰিছেমৃন্ময়ীৰ এনে লাগিল যেন এটা যাদুকৰী  ঘটনা ঘটিব ৰৈ যাব সময় এই  কণ কণ  শুকুলা  বেলুনৰ দৰে বতাহত দুলি দুলি শেৱালি ফুলবোৰ নামি অহাৰ সময়কণ হাতৰ মুঠিত  লৈ পাখিলাহি  চিলাৰ  দৰে তাই  সন্মুখৰ সকলো  কণ্টকাকীৰ্ণ পথ পাৰ হৈ গুচি যাব গুচি যাব তাই আকাশৰ দৰেই সিপাৰৰ পৃথিৱীৰ  পৰিস্কাৰ   জীৱনলৈ  সি যে  সেইখন  পৃথিৱীত  তাইলৈ  বাট  চাই আছে! তাইৰ  চিকিৎসকে কব--  নাই  নাই  এতিয়া আৰু কোনো  ভয়  নাই তোমাৰ  গৰ্ভৰ  নবাগতই   সুকলমে  এই  পৃথিৱীৰ পোহৰ  দেখিবলৈ পাব এই এষাৰ  কথা শুনাৰ  লগে  লগেই  বিবেকৰ  ভয়ানক দংশন, পাপবোধ  আৰু  স্বীকাৰোক্তিৰপৰা  তাইৰ   জীৱনটো মুক্ত হৈ পৰিব           

খিৰিকীমুখত  ৰৈ   বহুপৰ  ধৰি  তাই  এই  ফেণ্টাছীটোত   উমলি থাকিল  তাইৰ  মাকলৈ  মনত পৰিল     দুখনমান  ফটোৰ বাহিৰে  মাকৰ কোনো স্মৃতি  তাইৰ  নাই  তাইৰ  জন্মৰ এসপ্তাহৰ পিছতে হঠাতে হোৱা এক হাৰ্ট ষ্ট্ৰ'কত মাকৰ  মৃত্যু হৈছিল দেউতাকে বিয়া কৰোৱা আনগৰাকী  মাকৰ ফালৰপৰা তাইৰ  দুটা ভায়েক আছেতেওঁলোক তাইক লৈ একেবাৰেই  উদাসীন সৰুৰেপৰাই খোজ-কাটলৰ লগতে কথা কোৱাত কিছু  আড়ষ্টতা  থকা মৃন্ময়ীৰ হাতৰ মুঠিত স্মৃতি বুলিবলৈ অভিজাত বৰ্ডিং স্কুলত পাৰ কৰি অহা শৈশৱটোৰ বাহিৰে আন একো  নাই তাই  জানে, একাকীত্বৰ এই  পাকলগা বাটবোৰত তাই ভালকৈ  খোজ  কাঢ়িবলৈ  শিকা নাই এঠাৰ দৰে  জিভাত  লাগি  থকা শব্দবোৰেৰে  নিজৰ  কথাবোৰ  কাকোৱেই  বুজাই  কব পৰা  নাই বন্ধত ঘৰলৈ  অহাৰ সময়ত তাইৰ পিছৰগৰাকী মাতৃ অথবা ভায়েক দুটাৰপৰা এষাৰ মৰমৰ মাত, অকণমান আব্দাৰ  পোৱাৰ  স্মৃতি   তাইৰ হাতৰ মুঠিত নাই পিছৰফালে হাইস্কুলৰ ওপৰৰ শ্ৰেণীবোৰত তাই  অৱশ্যে  বিদ্যালয়ৰ  বন্ধৰ  সময়বোৰৰ  বেছিভাগেই  ৰিহে'  কেন্দ্ৰবোৰত পাৰ কৰিছে ব্যৱসায়ত ব্যস্ত  দেউতাককো  তাই  কেতিয়াবাহে  দেখা  পায়

উদাসীনতা--চুঁচৰি অহা এডাল সাপ চেঁচা আৰু নীৰৱ গাৰ নোম জিকাৰ খুৱাই বগাই য়োৱা স্পৰ্শ অৱসন্ন হাবিৰ মাজলৈ টানি নিয়াৰ হিচ হিচ আৰাওনিৰ্জন পৰত সাপডালে হিচ হিচ আৰাওবোৰেৰে তাইক গিলি আনিছিল তেৰবছৰ  বয়সতেই বৰ্ডিং স্কুলৰ আবাসত তাইক অৱসন্নতাৰ শিপাবোৰে তাইক মেৰিয়াই  ধৰিছিলঅৱশ্যে  আফিং  নহয়, তেতিয়া তাই চিকাৰ আছিল ভাংখোলাৰ,যাক সিহঁতেউইড' বুলি কৈছিল বিদ্যালয়ৰ পঢ়া-শুনা, আন কাম- কাজ, আনকি প্ৰাৰ্থনাৰ সভাতো তাই মনোযোগ বহুৱাব পৰা নাছিল কোনো শিক্ষকৰপৰা বিশেষ  আব্দাৰ  পোৱা  নাছিলকাৰোবাৰ মনোযোগলৈ আহিব পৰাকৈ অকণমান আত্মবিশ্বাসো নাছিল তাইৰকিন্তু ভাংখোলাত  তাই  পালে  এদল চিনিয়ৰ ছোৱালীৰ  মৰম সিহঁতে তাইক আদৰি  'লে, আৱৰি ৰাখিলে এই এদল ছোৱালীৰ মাজতে  মৃন্ময়ীয়ে নিজকে বিচাৰি পালে ভাংখোলাৰ প্ৰতিজনী  সদস্যৰেই  আছিল ভাঙি যোৱা  ঘৰ, বঞ্চিত  মৰম  আৰু  টকাৰ পাহাৰৰ একোটা বিৱৰণী ভাঙৰ নিচাত অভিমানৰ ওলমি থকা দলংবোৰৰ ওপৰেৰে খুপি খুপি গৈ আছিল  সিহঁতএজনীয়ে আনজনীৰ ভাৰসা হৈ থিয়  দিছিলটয়লেটৰ কাষৰ  কোনো নোযোৱা  লেতেৰা  ঠাইকণেই  আছিল সিহঁতৰ ভাংখোলা বৰ্ডিঙৰ চকীদাৰ আৰু ৰান্ধনীবোৰে সিহঁতক নিচাৰ যোগান  ধৰিছিল বিদ্যালয় কতৃপক্ষই এই   ভাংখোলাখন আৰু সিহঁতৰ অসংলগ্ন জীৱনৰ কথা নজনাকৈ থকা  নাছিল কিন্তু নতুনকৈ গঢ় দিয়া অভিজাত  বিদ্যালযখনৰ গৃহনিৰ্মাণ, ইনড' ষ্টেডিয়াম, চুইমিং পুল, নতুন বৰ্ডিঙৰ দৰে আন্তঃগাঁথনিৰ বাবে  প্ৰতিজনী ছোৱালীৰ   ঘৰৰপৰা বিদ্যালয়লৈ শকত টোপোলা আহিছিল সেয়ে সিহঁতে বিদ্যালয়ৰপৰা খেদা খাবলগীয়া হোৱা পৰিস্থিতিৰ  উদ্ভৱ হোৱা নাছিল ভাংখোলাৰ এই ছোৱালীজাক আছিল  আন  বহুতৰ তুলনাত  নিৰ্জু সিহঁতে কাকো আমনি  নকৰাকৈ নিজৰ ভিতৰতে দল বান্ধি  একাষৰীয়াকৈ  আছিল নিচাগ্ৰস্ত হৈ নিজৰ খোলাৰ ভিতৰলৈ  সোমাই  যোৱাৰ যাত্ৰাটোৰ বাহিৰে সিহঁতৰ আন কোনো অপৰাধ  নাছিল এনেকৈয়ে তাই  প্ৰায়  সুকলমেই  ক্লাছ  টে'নৰ  দেওনা পাৰ হৈ ' স্কুলৰ বন্ধৰ দিনবোৰত দেউতাকে তাইক ঘৰলৈ অনাৰ পৰিৱৰ্তে খবৰ-খাতি কৰি  শুদ্ধিকৰণৰ  বাবে কোনো এটা  ৰিহে' কেন্দ্ৰলৈ পঠিয়াই  দিছিল হয়তো দেউতাকৰ এটা ক্ষীণ আশাও আছিল যে, এদিন এনেকৈয়ে তাই পৰিস্কাৰ জীৱনৰ মাজলৈ উভতি আহিব পাৰিব

ইয়াৰ পিছত দেউতাকে তাইক আৰু আগুৱাই নিব নোৱৰিলে মৃন্ময়ীৰ খোজ-কাটল আৰু কথা কোৱাৰ আড়ষ্টতা  বাঢ়ি আহিলবিদ্যালয়ৰ জীৱন ওৰ পৰাত মৰি যোৱা চকুহাল পিন্ধি তাই মহানগৰীৰ অলি-গলিৰ  আফিংখোলাবোৰ সহজতে বিচাৰি  'লে তাতেই তাই আকাশক লগ  পালে আউলী-বাউলী চুলিকোচাৰে থুপুক-থাপাককৈ  খোলালৈ  সোমাই অহা মমৰ পুতলাৰ দৰে মৃন্ময়ী আছিল তাৰ বাবে এক বিস্ময় আফিংখোলাৰ আন সদস্যৰ দৰে নিজৰশ্বট' যোগাৰ কৰিবলৈ তাই ঘৰৰ বস্তু চুৰি কৰিবলগীয়া হোৱা  নাছিল বাটেদি যোৱা মহিলাৰ ডিঙিৰ সোণৰ  চেইন টানিবলগীয়া হোৱা নাছিল ব্যভিচাৰৰ আন বাটবোৰেৰেও যাবলগীয়া হোৱা নাছিল তাই তাইৰ  বেংক একাউন্টত প্ৰতিমাহেই নিৰ্দিষ্ট পৰিমাণৰ টকা সোমায় তাইৰ কোনোক্ৰিমিনেল  হিষ্ট্ৰি' নাছিল হয়তো  তাইৰ  অকলশৰীয়া হবলৈহে ভয় লাগিছিল হয়তো তাতোকৈও ভয় কৰিছিল ঘৰখনলৈ যাবলৈ কাচিৎ ঘৰত থাকিলেও  প্ৰায়েই আফিংখোলা আৰু ৰিহে'ববোৰেই আছিল  মৃন্ময়ীৰ  আশ্ৰয়  আফিংখোলাবোৰত মৃন্ময়ীৰ ঘৰখনৰ   নানান  সাধুকথা  বগাই  ফুৰিছিলওঠৰ বছৰ বয়স হোৱাত তাই আইনগতভাৱেই দেউতাকৰপৰা খাৰঘূলি পাহাৰৰ  চেপত দুটা কোঠালিৰে  সতে  থকা এই অন্ধকূপ ঘৰটো লাভ কৰিলেতেতিয়াৰেপৰা তাই ইয়াতেই অকলশৰে বাস কৰিছে এখন আফিংখোলাও বহুৱাই  লৈছে  তাই  

ইয়াৰ বিপৰীতে আকাশৰ জীৱনতক্ৰিমিনেল হিষ্ট্ৰী' সীমা সংখ্যা নাছিল চাৰিবছৰ আগলৈকে খাৰঘুলিৰ এই  এলেকাত সি আছিল এটা জীৱন্ত যমদূতঘৰ, ৰিহে' আৰু কাৰাগাৰ--এয়াই  আছিল তাৰ জীৱন   মৃন্ময়ীৰ দৰেই তাৰো আছিল বৰ্ডিং স্কুলৰ ইতিহাস ঘৰখনৰ একমাত্ৰ লৰা সি এজনী মৰমলগা ভনীয়েকো আছে পশ্চিম  অসমৰ এখন প্ৰখ্যাত বিদ্যালয়ত ৰ্ডিঙত থাকি পঢ়াৰ কালতেই তাকো অৱসন্নতাৰ কাঁইটীয়া লতাবোৰে মেৰিয়াই ধৰিছিল  প্ৰৱেশ পৰীক্ষাৰ  কঠোৰ প্ৰতিদ্বন্দিতাৰ মাজেৰেহে সি সেই বিদ্যালয়ত পঢ়িবলৈ অৰ্হতা অৰ্জন কৰিছিল কিন্তু তাতেই   যে আছিল সেই ভয়ংকৰ সুৰংগ--সৰ্পিল,কদৰ্যময়, কৌতূহল আৰু থৰ থৰ উত্তেজনাৰ গৰ্ভমুখ সি তাত ভৰি দিলে আৰু  অন্ধকাৰ গৰ্ভলৈ সোমাই গৈ থাকিল 

ফেণ্টাছীটোলৈ সোমাই  যাওতে  মূৰৰ   ভিতৰত  আৰম্ভ হোৱা  যন্ত্ৰণা পাহৰি গৈছিল মৃন্ময়ীয়েএনে লাগিছিল যেন পিঠিত দুখন পাখি  গজিছে    পৰিভ্ৰমী কহুৱা ফুলৰ দৰে তাই উৰি গৈছে আলাসত ওপঙি গৈ আছে তাই!অকস্মাত পাহাৰখনৰ কেঁকুৰিটোৰপৰা অহা তীব্ৰ শব্দ এটাই পৃথিৱীয়ে আয়োজন কৰা এই সমস্ত নিৰ্জনতা ভাঙি থান-বান কৰি পেলালে কেঁকুৰিৰপৰা   চাইৰেণ বজাই এম্বুলেন্স এখন ওলাই  গৈছে এম্বলেন্সখনে হয়তো কোনোবা 'ভিড পজিটিভ ছুবুৰীয়াক হস্পিতাললৈ  লৈ গৈছে হয়তো আন কোনো ৰোগত গুৰুতৰভাৱে আক্ৰান্ত কোনোবা ৰোগীক তুলি নিছে এই অন্ধকূপৰ ভিতৰত  মৃন্ময়ীৰ মূৰৰ ভিতৰতো চাইৰেণৰ শব্দটো অসংখ্য প্ৰতিধ্বনি হৈ গুমগুমাই উঠিল তাই গম  পালে--এয়াই   আগজাননী ভয়ংকৰ  আগজাননী মগজুৰ ভিতৰত আৰম্ভ হোৱা এই যন্ত্ৰণাৰ গুটিটোৰপৰাই অৱসন্নতাৰ কাঁইটীয়া  লতাবোৰ গজি উঠিব শৰীৰটো মেৰিয়াই ধৰি কাঁইটীয়া লতাবোৰে আঁকুহি  বখলিয়াই পেলাব তাইক

অসহ্য এই যন্ত্ৰণা।তাই মানুহজনী কোঁচ খাই আহে।বতাহে কোবাই চুৰ্চুমৈ কৰা গলি কলাপাত এখিলাৰ দৰে কঁপিবলৈ ধৰেছালৰ তলৰ সিৰা আৰু উপসিৰাবোৰ ফাটি বাহিৰলৈ ওলাই আহিব নেকি/ কেতিয়াবা তাই  ঘামি-জামি একাকাৰ হ'ল। আৰু কেতিয়াবা প্ৰচণ্ড জাৰত কঁপি  উঠিল। কুঁচি-মুচি  তাই  নিজৰ  খোলালৈকে  সোমাই গ'ল ।

এই যন্ত্ৰণাৰ মাজতো তাই গৰ্ভৰ জোলোঙাখনিয়ে ধৰি ৰখা হ্ৰদটিত কণমানি জীৱটিয়ে লৰ-চৰ কৰাৰ উমান  পালে। লৰ-চৰ কৰিছে, নে তাইৰ দৰেই গৰ্ভৰ ভিতৰত অকণমানি জীৱটিও কঁপি উঠিছে।অৱসন্নতাৰ এই ভয়ানক লতাবোৰ তাইৰ গৰ্ভৰ ভিতৰৰ জোলোঙাখনিয়ে ধৰি ৰখা লুণীয়া পানীৰ হ্ৰদটিৰ আধাৰটিতো পোখাইছেগৈ নেকি! ভয়ংকৰ আচোঁৰবোৰে কণমানি জীৱন্ধৰীটিকো চুৰ্চুমৈ কৰি পেলাইছে নেকি! তাইৰ গৰ্ভত থকা জীৱটিয়ে ভিতৰত খলখলাই উঠাৰ কথা আড়ষ্ট জিভাৰে তাই চিকিৎসকক কয়।আঠাৰ দৰে জিভাখনত লাগি ধৰা কথাবোৰ চিজিলকৈ সৰি নপৰে।চিকিৎসকে তথাপি মনোযোগেৰে তাইৰ কথা শুনিবলৈ চেষ্টা কৰে। অসাৱধানতাবশতঃ মাতৃ হবলৈ আগবঢ়া  আফিংখোলাৰ এই ভাগৰুৱা পথিকৰ কাহিনীবোৰে টানি নিছে  তেওঁক।কিন্তু বাৰে বাৰে তেওঁ তাইক সোঁৱৰাই দিয়ে-- এয়া গৰ্ভত থকা সন্তানে কৰা স্বাভাৱিক লৰ-চৰ নহয়। ভয়ংকৰ সময়ৰ আগজাননী দি তেওঁ তাইক কয়--গৰ্ভৰ সন্তানটিক তাই কঢ়িয়াই অনা দুৰ্যোগৰ এই বতাহজাকে  আগলি কলাপাত এখিলাৰ দৰেই কোবাই চুৰ্চুমৈ কৰি পেলাব। বাৰে বাৰে তেওঁ তাইক সকীয়াই  দিয়ে -- মাথোন এই নবাগত অতিথিৰ বাবেই পংকিলতাৰ বাট এৰি তাই পৰিস্কাৰ হওক! পৰিস্কাৰ হওক!'ভিড-১৯ অতিমাৰীয়ে কোবাই যোৱা এই দুঃসময়ত  গৰ্ভধাৰণ কৰা মহিলাৰ বাবে থকা  প্ৰট'কলবোৰো বৰে বাৰে সোঁৱৰাই দিয়ে তেওঁ।

 

চিকিৎসকে কোৱাৰ দৰেই ক'ভিড-১৯অতিমাৰীকালৰ গৰ্ভাৱস্থাৰ প্ৰট'কলবোৰ আখৰে আখৰে পালন কৰিবলৈ তাই পাৰ্যমানে চেষ্টা কৰিছে।কোনোমতেই যাতে ক'ভিড সংক্ৰমণ নহয়,  তাৰবাবেই অলি-গলিত, ফ্লাই-অ'ভাৰৰ তলৰ লেতেৰা ন্ধাৰৰ আফিংখোলাৰ ভাগৰুৱা পথিকবোৰক ইয়ালৈ অহাটো বন্ধ কৰি দিছে।কিন্তু  অৱসন্নতাৰ  কাঁইটীয়া  লতাবোৰ গজি উঠাৰ কণ্টকাকীৰ্ণ পথত প্ৰতিটো দিনেই তাই ধৰাশায়ী হৈ পৰে। যন্ত্ৰণাই তাইক কাবু কৰি পেলায়।  এনে সময়ত আকাশেও তাইক সহায় কৰিব পৰা নাই।   

 আচৰিত সৰলতাৰে মৃন্ময়ীয়ে চিকিৎসকৰ সন্মুখত বাৰে বাৰে তাইৰ নিচাসক্ত জীৱনৰ সৰল স্বীকাৰোক্তি আৰু  অনুশোচনাৰ নদীবোৰ বোৱাই দিয়ে।অকণমান অনুকম্পা বিচাৰি তাই তুলি ধৰে ৰিহেব' কেন্দ্ৰবোৰত তাই  পাৰ কৰি অহা বিষমুক্তি আৰু অনুশোচনাৰ ভয় লগা বিৱৰণীবোৰ।তাইৰ অৱসন্ন সময়ৰ শৰীৰপৰা বাহিৰ হৈ খোজা চকুৰ পানী,  নাকৰ পানী, ঘাম,  শৌচ আৰু প্ৰস্ৰাৱৰ লেতেৰা মলবোৰৰ অসংখ্য নৰ্দমা আৰু মৰানদীৰ সুঁতিবোৰত বাৰে  বাৰে  লুতুৰি- পুতুৰি হৈ উঠা সেই ভয়ংকৰ বিৱৰণী  শুনি  চিকিৎসক গাৰ নোম  শিয়ৰি উঠে। শৰীৰৰ বিষবোৰ উলিয়াই দিয়াৰ নামত কাঠৰ শলখাত  হাত-ভৰি সুমুৱাই তলা বন্ধ কৰি  অনাহাৰে  বন্ধ  কৰি  ৰখাৰ বিৱৰণী  শুনি তেওঁৰ  মুখৰ মাত হেৰাই যায়।   অনুশাসনৰ  নামত  ৰিহে'ব কেন্দ্ৰবোৰত শৰীৰৰ ওপৰেৰে  পাৰ হৈ যোৱা নিৰ্যাতনৰ  কাহিনীবোৰ শুনি  তেওঁ শিহৰিত হয়। 

 চেতনা থকাৰ সময়ত অন্তৰৰ সততাৰে মৃন্ময়ীয়ে ৰ্ডিঙৰ পায়খানাৰ কাষৰ ভাংখোলা আৰু মহানগৰীৰ বিচিত্ৰ  অলি- গলিত,   ফ্লাইঅ'ভাৰৰ তলত, নিচাসক্ত পথিকৰ লেতেৰা কোঠাত পাতি লোৱা আফিংখোলাৰ বিৱৰণী শুনাই   চিকিৎসকক স্তব্ধ কৰি তোলে। কাহিনী শুনাই শুনাই তাইৰ এঠালেটীয়া জিভাখন ভাগৰুৱা হৈ পৰে। মগজুৰ  ভিতৰত সাৰ পাই উঠে যন্ত্ৰণাৰ  গুটি। পোখা মেলে। তাই গম পায়, অলপ পিছতেই অৱসন্নতাৰ কাঁইটীয়া লতাবোৰ গজি  উঠিব। মেৰিয়াই  ধৰি  আঁকুহি,  বখলিয়াই পেলাব তাইক। তাই চিকিৎসকৰপৰা বিদায়  লয়। কোঠাত পাতি লোৱা আফিংখোলাখনত উবুৰি  খাই  পৰেগৈ।

 লাহে লাহে চিকিৎসকে উমান পায়,  এই ভয়ানক আসক্তি অপৰাধ  নহয়। সিৰা-উপসিৰা আৰু মগজুৰ কোষবোৰ  নিস্ক্ৰিয় কৰি দিয়া এক ভয়ানক বেমাৰ। তেওঁ উপলব্ধি কৰে,  মৃন্ময়ী আৰু তাইৰ আফিংখোলাৰ ভাগৰুৱা পথিকগণ এক ভয়ানক চক্ৰান্তৰ বলি।ভাঙি যোৱা মানৱিক সম্পৰ্কৰ মাজত ডাঙৰ হোৱা অভিজাত ঘৰৰ  অভিমানী  কিশোৰ-কিশোৰীবোৰেই এই চক্ৰবোৰৰ প্ৰাথমিক লক্ষ্য—টাৰ্গেটলাহে লাহে তেওঁ বুজি উঠে--এবাৰ এই পাকচক্ৰত সোমোৱাজনৰ বাবে কিয় ওলাই অহাৰ বাট সহজ নহয়।কিন্তু মৃন্ময়ীয়ে তেওঁৰ অন্তৰখন পাঠ কৰি পেলায়।তাই  জানে--বাৰে বাৰে পৰিস্কাৰ হৈ উঠা আৰু বাৰে বাৰে ৰিলেপ্স'  হৈ নৰকৰ বাটলৈ খোজ দিয়াৰ এই অদ্ভূ  কাহিনীবোৰে চিকিৎসক মনত তাইৰ প্ৰতি কোনো অনুকম্পাৰ সৃষ্টি কৰিব পৰা নাই।এনে অৱস্থাত তাই   গৰ্ভধাৰণ কৰাৰ দৰে দায়িত্বহীন কথা তেওঁ মানি লব পৰা নাই।পৰা হ'লে তেওঁ হয়তো অন্য নিদানৰ ব্যৱস্থা  কৰি দিলেহেঁতেন।কিন্তু মৃন্ময়ী আৰু আকাশ তেওঁৰ ওচৰলৈ আহি পাওতে পলম হৈছিল। তাই আৰু আকাশ-- কোনোজনেই  গৰ্ভত সংগোপনে আহি থিতাপি লোৱা এই পোহৰছাটিৰ উমান পোৱা নাছিল।আকাশে ভাবিছিল মৃন্ময়ীয়ে পৰিস্কাৰ  জীৱনৰ বাটেৰে খোজ লোৱাৰ পিছতহে সিহঁতে বিয়া-বাৰুৰ আনুষ্ঠানিকতা অথবা সন্তান জন্ম দিয়াৰ সিদ্ধান্তৰ   কথা ভাবিব।কিন্তু মৃন্ময়ী আৰু আকাশৰ এই জীৱনত প্ৰায় সলোবোৰ কথাই ঘটিছে অসতৰ্ক মূহূৰ্তত। অৱসন্ন,  চেতনাহীন সময়বোৰত বহু কথাই খেয়াল কৰাৰ বাবে তাইৰ হুচ নাছিল।যেতিয়া উমান পাই চিকিৎসকৰ   কাষলৈ আহিছিল,  তেতিয়াহে দুয়ো গম পাইছিল যে,  চাৰিমাহ ধৰি এই পোহৰৰ চাকিটিয়ে তাইৰ ভিতৰখন উজলাই  আছে।   

সিদিনা চিকিৎসকৰ মুখত নিজৰ গৰ্ভাৱস্থাৰ কথা শুনি  ভয়শংকা আৰু আনন্দৰ বুজাব নোৱাৰা অনুভুতিৰ  চেঁচা জোকাৰণিবোৰে মৃন্ময়ীক থৰ লগাই দিলে। কিবা এটা সিদ্ধান্ত লবলৈ তাইৰ ভয় লাগিছিল।তথাপি সিদিনা আড়ষ্টতাৰ মাজতে চিকিৎসকৰ কোঠাত অংগীকাৰ লৈছিল পৰিস্কাৰ জীৱনৰ। হয়তো এয়াই সেই পোহৰ, যাক সাৰথি কৰি   তাই আকাশৰ হাতত ধৰি সিটো পাৰৰ পৰিস্কাৰ জীৱনলৈ গুচি যাব।তাই পাৰিব।তাই সিদ্ধান্ত লৈছিল--অকণো  লুক-ঢাক নকৰাকৈ চিকিৎসকৰ আগত তাই গ্লানি আৰু অপৰাধবোধৰ স্বীকাৰোক্তিবোৰ দাঙি ধৰিব। 

 কিন্তু চিকিৎসকৰ কাষৰপৰা ঘৰলৈ অহাৰ বাটতেই তাইৰ গাত অৱসন্নতাৰ কাঁইটীয়া লতাবোৰ জি উঠিল যন্ত্ৰণাত কোঙা হৈ সন্ধিয়ালৈকে তাই আফিংখোলাখনৰ কাষলৈ বগুৱা বাই গুচি গ'ল। মৃন্ময়ীয়ে আশা কৰে  চিকিৎসকে এবাৰ সহানুভুতিৰে তাইৰ কথাটো বিবেচনা কৰক।অসতৰ্ক,  অভিমানী আৰু নিজৰ ওপৰত বিশ্বাস নথকাৰ  অকলশৰীয়া কোনো মুহূৰ্তত জীৱনৰ প্ৰথমটো শ্বট' লোৱাৰ মুহূৰ্তৰপৰাই যি ভয়ংকৰ অনুশোচনাৰ বাটেৰে তাই  খোজ কাঢ়িছে--সেই ভয়ংকৰ সত্যক তেওঁ এবাৰ অন্তৰেৰে উপলব্ধি  কৰক।কিন্তু চিকিৎসকে তাইক কাৰাগাৰৰপৰা ওলাই অহা দাগী অপৰাধীৰ দৰেহে ব্যৱহাৰ কৰে।প্ৰতিবাৰৰ ভিজিটৰ সময়ত তেওঁ তাইৰ মগজুতঅপৰাধবোধৰ  নতুন গুটি এটি  পুতি দিয়ে।হয়তো তেঁও আশা কৰে, এনেকৈয়ে পংকিলতাৰ বাট এৰি থৈ এই বিশ বছৰীয়া  যুৱতীয়ে পৰিস্কাৰ জীৱনলৈ উভতি আহিব।কিন্তু চিকিৎসকৰ মুখামুখি 'লেই মৃন্ময়ীৰ ভিতৰত পাপ, অনুশোচনা আৰু স্বীকাৰোক্তিৰ অসংখ্য মৰানদীলৈ বাৰিষাৰ ধল নামি  আহে। তাই থাউনি হেৰুৱাই পেলায়।

 অসহ্যওফন্দি উঠা পেটৰপৰা হাত দুখন তুলি আনি মৃন্ময়ীয়ে মূৰটো হেঁচা মাৰি ধৰিব বিচাৰিলে। কিন্তু অৱশ  হাতদুখন তাই দাঙিব পৰা নাই।কাঁইটীয়া লতাবোৰে এতিয়া তাইৰ সন্মুখলৈ অন্ধকাৰ গুহা এটা টানি আনিছে।   সৌটো অন্ধকাৰ গুহাৰ গৰ্ভমুখ।ভ্ৰম।গুহাটো আগুৱাই আহিছে।তাইৰ ভাৱ হ'ল তাইৰ মূৰটো ডিঙিৰপৰা সুলকি পৰিব।সাতবছৰ ধৰি দিনে দুটাকৈ শ্বট' লোৱা মৃন্ময়ীয়ে আজিও নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গুহাটোৱে তাইক  নিজৰ গৰ্ভলৈ টানি লৈ গ'ভিতৰত কাঁইঁটীয়া লতাবোৰ এন্ধাৰৰ শিপা হৈ পৰিল।ইয়াৰপৰা তাই শেৱালি ফুলবোৰ  বতাহত  দুলি  দুলি বেলুনৰ দৰে  নামি অহাৰ ফেণ্টাছীটোলৈ হাত দুখন মেলি দিব পৰা নাই। বতাহে কঢ়িয়াই অনা  শেৱালি ফুলৰ সুৰভি লবৰবাবে দীঘলকৈ উশাহটো লব পৰা নাই।বতাহ নিথৰ হৈ গৈছে। তাইৰ চকু দুটা  মৰি আহিল।এবাৰ  আকাশলৈ মনত পৰিল। তাই  জানেএই মুহূৰ্তত সি তাইক সহায়  কৰিব নোৱাৰে।  আকাশ  কিয়, এনে মুহূৰ্তত কোনেও তাইক  সহায়  কৰিব  নোৱাৰে। মাথোন  আফিংখোলাৰ ক্লান্ত পথিকসৱেহে জানে-- এয়াই নিচাসক্ত পথিকৰ টাৰ্কি'ৰ শীৰ্ষমুখএয়াই সিহঁতৰ  হাই'জুইত পুৰি মৰিবলৈ চগা উৰি অহাৰ নৃসিংহ   সময়।   

 এই সময়ত আকাশ ৰিহে'ব কেন্দ্ৰটোৰ পৰিস্কাৰ জীৱনৰ দিশে খোজ দিয়াসকলৰ বাবে যুগুতোৱা পাঠদানত ব্যস্ত।  চাৰিবছৰ আগলৈকে মৃন্ময়ীৰ দৰেই সিও ইটোৰ পিছত সিটোকৈ ৰিহে'ব কেন্দ্ৰ বগাই ফুৰিছিল।বিভিন্ন ৰিহে'ব  কেন্দ্ৰত কেতিয়াবা সি তাৰ ক'ৰ্চ সমাপ্ত কৰিছেকেতিয়াবা খেদা খাই ওলাই আহিছে আৰু কেতিয়াবা জীৱনৰ মায়াত পলাই আহিছে।আফিংখোলা আৰু ৰিহে'ব কেন্দ্ৰবোৰৰ মাজত চলা-ফিৰা কৰা প্ৰতিজনেই কঢ়িয়াই ফুৰা বিৱৰণীৰ দৰেই  অতি নিষ্ঠুৰ সেই বিৱৰণীবোৰ সি খুপি খুপি পাৰ হৈছে। আফিংখোলাৰ এটা এটা শ্বট' যোগাৰ কৰিবলৈ ঘৰৰ  এটি এটি মূল্যবান সম্পদ চুৰ কৰি পানীৰ দৰত বিক্ৰী কৰি পেলাইছে।বাটেৰে যোৱা মহিলাৰ ডিঙিৰ সোণৰ চেইন,        হাত-ঘড়ী, 'বাইল ফোনৱালেট--একোৱেই বাদ পৰা নাই। তাৰ এই উদ্ভণ্ডালিবোৰ সহ্য কৰিব নোৱাৰি  দেউতাকৰো  স্বাস্থ্য ভাগি পৰিছিল। দুবাৰকৈ ষ্ট্ৰকত আক্ৰান্ত মানুহজন প্ৰায় শয্যাশায়ীলাজ  আৰু অপমানত তেওঁলোকে আত্মীয়-স্বজনৰ ঘৰলৈ যাবলৈ এৰি দিছিলচুবুৰীয়াৰ বিয়া-বাৰু, মাংগলিক অনুষ্ঠান পৰ্যন্ত ত্যাগ কৰিছিল। যেন তাৰ  লগতেই সকলোৱে এখোজ-দুখোজকৈ মৰণৰ  বাটেৰে  বাট  বুলিছিল  

 কিন্তু চাৰিবছৰৰ আগতে সি এবাৰ উজনিৰ অসমআৰু অৰুণাচল প্ৰদেশৰ সীমান্তত থকা এক ৰিহে'ব কেন্দ্ৰত ভৰ্তি হ'ল।সি ঘৰত থকাটো বিভীষিকা হৈ পৰাৰ বাবেই মাকে তাক এই নতুন ৰিহে'ব কেন্দ্ৰটোলৈ পঠিয়াই দিছিল। জীৱনৰ ইমান লঞ্ছণা-গঞ্জণাৰ পিছতো তাক পৰিস্কাৰ জীৱনলৈ ওভতাই আনিবলৈ মাক আকুল হৈ উঠিছিল। এক অদ্ভূত জেদ তেওঁৰ মনত খোপনি পুতি বহিছিলহি।তেঁও জানিছিল সন্তান পৰিস্কাৰ জীৱনলৈ উভতি  নহালৈকে মাতৃ  হিচাপে তেওঁ  ব্যৰ্থ হৈয়ে ৰব। এই  ব্যৰ্থ জীৱনেৰে মৰণক আদৰিবলৈ তেওঁ সাজু হ'ব পৰা নাছিল। ভয়ংকৰ জেদী  হৈ উঠিছিল তেওঁ।উজনি অসমৰ সেই আঢ্যৱন্ত ৰিহে'বখনৰ কথা শুনি মাকে তাক নিজেই তাক থৈ আহিছিলগৈ।গুৱাহাটীৰ কোনো এখন ৰিহে'ব কেন্দ্ৰই তাক আৰু আশ্ৰয় দিবলৈ বিচৰা নাছিল। একমাত্ৰ মাকক কিছুদিনৰ বাবে সন্তুষ্ট কৰিবৰ  বাবেই সি তালৈ গৈছিল। কিন্তু ৰিহে'বৰ ভিতৰৰ কিছু ঘটনাই তাৰ জীৱনটোকেই সলাই দিলে। কেন্দ্ৰত তাক  অৱসন্নতাৰ কাঁইটীয়া লতাবোৰে মেৰিয়াই ধৰাৰ সময়বোৰত শৰীৰটো বিষমুক্ত কৰাৰ নামত ভৰিত শলখা বান্ধি মাটিৰ তলত কুঁৱাৰ দৰে খান্দি থোৱা গাঁতত পাঁচদিনলৈ পেলাই থ'লে। নিজৰ বমিবিষ্ঠাপ্ৰস্ৰাৱৰ লেতেৰা নৰ্দমাৰ  মাজতে তাক ওপৰৰপৰা খাবলৈ খাদ্য দিয়া হ'ল।অসংখ্য ৰিহে'ব বগাই ফুৰা আকাশে প্ৰথমবাৰৰ বাবে শৰীৰৰ বিষ  উলিয়াই দিয়াৰ নামত কৰা এনে অত্যাচাৰ দেখি শিয়ৰি উঠিল। সামান্য আপত্তি কৰিলেই মালিকে জখলাৰে  গাঁতলৈ   নামি আহি মাৰ-পিট কৰিছিল। এক আদৰ্শ ৰিহে'ব বুলি বাহিৰত বৰকৈ প্ৰচাৰ লাভ কৰা কেন্দ্ৰটোৰ ভিতৰত  পৰিস্কাৰ জীৱনলৈ উভতিব বিচৰা নিচাসক্ত পথিকৰ পৰিশুদ্ধিৰ বাবে তৈয়াৰ কৰা পাঠ্যক্ৰমৰ এই নিৰ্মমকদৰ্য ৰূপ দেখি সি স্তব্ধ হৈ পৰিল।

 উজনি অসমৰ এক কয়লাৰ মাফিয়াই খোলা অসম আৰু অৰুণাচল প্ৰদেশৰ সেই ৰিহে'ব কেন্দ্ৰত এনেকৈয়ে সি  আচৰিত অভিজ্ঞতাৰ সন্মুখীন হ'ল।পাঁচদিনৰ মূৰত গাঁতৰপৰা ওলাই তেতিয়া সি নিয়মীয়া পাঠ্যক্ৰমবোৰ উদাস মনে          কৰি গৈছে।সামান্য ওজৰ-আপত্তি কৰিলেও মালিকৰ  প্ৰচণ্ড মাৰ-পিটৰ ভয়ত মূখ খুলিবলৈ সাহস কৰিব পৰা নাই।  ঘৰলৈ গুচি আহিবলৈ মন গলেও মাকৰ বাবেই সি সাহস কৰিব পৰা নাই। দিন  কেন্দ্ৰটোত নতুনকৈ ভৰ্তি হোৱা  এটি যুৱক অৱসন্নতাত ডুবি থকাৰ সময়তে কয়লা মাফিয়াৰ এটা প্ৰচণ্ড চৰত কৰ্ফাল খাই পৰিল, এডাল লোৰ মাৰিত খুন্দা খাই সি ঠিতাতে মৰি থাকিল।ঘটনাতো চকুৰ সন্মুখতে ইমান আচম্বিতে ঘটিল যে, সিহঁতে  তৰ্কিবই   নোৱাৰিলে। কিন্তু মালিকে চকুৰ পচাৰতে পেণ্টৰ জেপৰপৰা পিষ্টল উলিয়াই  ল'লে। প্ৰাণৰ ভয় দেখুৱাই মালিকে  সিহঁতৰ মুখ বন্ধ কৰি দিলেলৰাটোৰ পিতৃ-মাতৃয়ে হুলস্থুল কৰিছিল যদিও কে'চ ৰফা-দফা হৈ গ'ল। দিচপুৰলৈকে হাত-বাট থকা কয়লা মাফিয়াক আইনে স্পৰ্শ কৰিব নোৱাৰিলে।

 

চকুৰ সন্মুখতে ঘটনাটো ঘটি গৈছিল।কাণতলীয়া চৰটো সি নিজৰ গালতে অনুভৱ কৰিলে।সি যেন বহু বহু যুগলৈ              উভতি গ'ল।সেই সময়ৰ পশ্চিম অসমৰ আটাইতকৈ নামজলা বিদ্যালয়খনত তাক মাক-দেউতাকে নাম ভৰ্তি কৰাই দিছিলগৈ।বৰ্ডিঙৰ জ্যেষ্ঠ ৰূমমেটে ইটো-সিটোকৈ নানা কামৰ আল-পৈচান ধৰাইছিল তাক।অসহ্য হৈ উঠিছিল তাৰ  বন্দীত্বৰ জীৱন। কিন্তু তাৰ অভিমানবোৰ বুজি উঠিবলৈ মাক-দেউতাক যেন সাজু নাছিল।এদিন তাক ৰুমমেটে  নিজৰ জোতাযোৰ চাফা কৰিবলৈ দিলে। তাৰ অকণমানি অন্তৰখন অপমানত মোচৰ খাই উঠিল।সি তাৰ আদেশ পালন নকৰিলে।  তাৰ  ৰুমমেটে  তাক এটা  প্ৰচণ্ড কাণতলীয়া চৰ শোধালে।  তাৰ  কাণেৰে তেজ বৈ  আহিল।  এই ঘটনা বৰ্ডিঙৰ অধীক্ষকৰপৰা বিদ্যালয়ৰ অধ্যক্ষ   আৰু  শেষত  অভিভাৱকৰ মাজ পালেগৈ। তাৰ  ৰুমমেট   আছিল প্ৰাক্তন মন্ত্ৰীৰ  'ৰা। আকাশে  তাৰপৰা উভতি আহিব বিচাৰিলে।  কিন্তু দুয়োপক্ষৰ অভিভাৱকৰ  প্ৰচণ্ড জেদৰ  বাবেই  সি তাতেই  থাকিবলগীয়া হ'ল। অৱশ্যে তাক বেলেগ এটা কোঠালৈ  নিয়া হৈছিল। কিন্তু   কোনেও নুবুজা অভিমানবোৰেই  তাৰ  বাবে  কাল  হৈ উঠিল।  সমনীয়া আৰু ৰুমমেটৰ সতে মিলিব  নজনা  লৰা বুলি তাৰ বদনাম বিয়পি পৰিল।অকলশৰীয়া কোনো এটি সময়ত অন্ধকাৰ সুৰংগৰ মুখত খাপ পিতি থকা আবাসৰ দুৱৰীবোৰে তাক টানি নিলে। ৱম শ্ৰেণী পায়গৈ মানে সি ভয়ানকধৰণে নিচাসক্ত হৈ উঠিল।  তেতিয়ামানে  তাক কাণতলীয়া চৰ শোধোৱা এসময়ৰ জ্যেষ্ঠ আবাসীয়ে সুকলমে পঢ়-শুনা কৰি মেডিকেল কলজেত ভৰ্তি হৈছিলগৈ।  

 উজনি অসমৰ সেই  ৰিহে'বটোত সেই ঘটনা চকুৰ  সন্মুখতে দেখি  হাতত টকা- পইচা  নথকাকৈয়ে  ৰাতিৰ এন্ধাৰত  পলাই আহিছিল সি'ত-ত'ত খকা-খুন্দা খাই লঘোণে-ভোকে ঘৰ আহি ওলাওতে এক  সপ্তাহ  লাগিছিল তাৰ। ঘৰ পাই এইবাৰ সি মাকৰ  কাষত  ঢলি পৰিল। দহ বছৰ পিছত সি যেন পৰিস্কাৰ চকু দুটাৰে  ঘৰখনলৈ  চালে। নিচাগ্ৰস্ত  পথিকৰ পংকিল জীৱনে সৰ্বস্বান্ত কৰি পোলোৱা এখন ঘৰ।দৈনিক দুটাকেতিয়াবা তিনিটা পৰ্যন্ত   শ্বটজোগাৰ  কৰিবলৈ  টকা-পইচা, ঘৰৰ মূল্যবান বস্তুমাকৰ হাতৰ-কাণৰ সকলো চুৰ কৰি  শেষ কৰাৰ  পিছত সি আনকি ঘৰৰ চিলিণ্ডাৰ পৰ্যন্ত কৰি বিক্ৰী কৰি  দিছিল।সি দেখিলে দেউতাক বিচনাত শয়্যাশায়ী ।সেই  সময়ত তাৰ মৰমলগা ভনীয়েকজনীয়ে সাজি-কাজি হোটেলৰ ৰিচেপচনিষ্টৰ কাম এটাৰ বাবে সাক্ষাতকাৰ দিবলৈ যাবলৈ ওলাইছে। 

 এটা প্ৰচণ্ড কাণতলীয়া চৰত তাৰ কাণেৰে তেজ নিগৰি অহা আৰু আন এটা চৰত ৰিহে'ব কেন্দ্ৰৰ  যুৱকটি ঢলি পৰাৰ লগে লগে জেপৰপৰা ওলাই অহা পিষ্টল--এই দুয়োটা দৃশ্য তাৰ চকুৰ সন্মুখেৰে কেলগে পাৰ হৈ গল। তাৰ দুচকুৰে ধাৰাসাৰ পানী বৈ আহিল। সি বুজি পালে--এয়াই সময়, সিদ্ধান্ত লোৱাৰ।

সি সিদ্ধান্ত  ল'লে--সি নিজাকৈ এটা ৰিহে'ব খুলিব।নিজৰ ৰিহে'বখনত সি পৰিস্কাৰ জীৱনলৈ উভতিব খোজা আফিংখোলাৰ ক্লান্ত পথিকৰ বাবে মৰ্যদ পূৰ্ণ জীৱন যাপনৰ  নিজা  পাঠ্যক্ৰম তৈয়াৰ কৰিব।সিহঁতৰ দুমহলীয়া ঘৰটোৰ তলৰ মহলাতো  গুদাম হিচাপে ভাৰা দি থোৱা আছিল। সি তাতেই  তাৰ ৰিহে'বখন খোলাৰ  বিষয়ে  মাকৰ অনুমতি বিচাৰিলে।  

নিজৰ সন্তানটিক পৰিস্কাৰ জীৱনলৈ ওভতাই  আনিবলৈ আকুল হৈ উঠা মাকৰ বাবে এয়া আছিল চমৎকাৰ।তেওঁ কেৱল সন্মতি দিয়াই নহয়, নিজেও সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে তাক। নিজৰ পৰিস্কাৰ জীৱনৰ বাটত  উপাৰ্জনৰ লগতে নিচাসক্তসকলসহায় কৰাৰ উদ্দেশ্যেৰে খোলা এই কেন্দ্ৰটোত সেয়েহে সি এতিয়া  নিজৰ  অভিজ্ঞতাৰেই পৰিশুদ্ধিৰ নিজস্ব কাৰ্যসূচী তৈয়াৰ  কৰি লৈছে। নিজহাতে সি অৱসন্নতাৰ কৰাল গ্ৰাসত  পৰাসকলৰ  বিষমুক্তিৰ  সময়ত হোৱা   বমি-বিষ্ঠা  পৰ্যন্ত  পৰিস্কাৰ  কৰিছেগৰম পানীৰে  গা  ধুৱাই  দিছে। সমাজৰ অনেক  কল্যাণৰ  কামত তেওঁলোকক  নিয়োগ কৰিছে। মাক আৰু ভনীয়েক আচৰিতধৰণে তাৰ সহচৰ  হৈ পৰিছে।  তাৰ এই  পৰীক্ষা- নীৰিক্ষা  আৰু  কাম-কাজবোৰে  পৰিস্কাৰ  জীৱনলৈ  আহিব  খোজাসকলৰ  বাবে নতুন প্ৰেৰণাৰ   সৃষ্টি   কৰিছে।   সাধুকথাৰ দৰেই   বিয়পি পৰিছে  তাৰ কাহিনী । 

 মৃন্ময়ীয়ে গুহাৰ ভিতৰত উশাহ-নিশাহ লবলৈ কষ্ট পাই চট-ফট কৰিবলৈ ধৰিলে।শৰীৰপৰা ওলাই যোৱা মৰানদী  আৰু নৰ্দমাবোৰত সাঁতুৰি-নাদুৰি তাই একাকাৰ হ',   আৰু বাৰে বাৰে জাৰত কঁপি উঠিল।এটা সময়ত তাই এই যন্ত্ৰণাৰ সন্মুখত একেবাৰে কাবু হৈ গ'ল। গৰ্ভৰ কণমানিটিৰ কথা তাইৰ চেতনাৰ বাহিৰলৈ গুচি গ'ল। ভয়ংকৰ যন্ত্ৰণাৰ ওৰ পেলোৱাটোৱেই তাইৰ সাৰ কথা হৈ পৰিল।তাই মৰি যোৱা চকুযোৰ পিন্ধি মৰা মানুহৰ  হাঁহি এটা  মাৰিলে।এই হাঁহি কোঠাটোৰ বেৰত খুন্দা খাই লাগি ধৰিলে।এতিয়া তাইক এটা শ্ব'লাগে। মাত্ৰ এটা শ্বট'তাইৰ সমস্ত চিন্তা এটা শ্বট'ত কেন্দ্ৰীভূত হৈ পৰিল।

 সকলো অস্থিৰতাৰ ওৰ পেলাই মৃন্ময়ীৰ মগজুৰ ভিতৰলৈ শব্দটো সোমাই  আহিল-- টেমা। 

টেমা!টেমা! টেমা!

 মগজুৰ কোষবোৰ খোল খাই গ'ল।শব্দটো জীয়াই উঠিল। এটা সৰীসৃপৰ ৰূপ ল'লে।নহয়। মৃন্ময়ী নিজেই এটা সৰীসৃপ হৈ পৰিল। উঠি যাবলৈ শক্তি নোহোৱাৰ  বাবে এটা সৰীসৃপৰ দৰে তাই মজিয়াত বগুৱা বাবলৈ ধৰিলে।চকুৰ  পানী, নাকৰ  পানী, ঘাম, শৌচ আৰু প্ৰস্ৰাৱৰ মলৰ মৰানদীবোৰৰ মাজেৰে লুতুৰি-পুতুৰি হৈ তাই বগুৱা  বাই  আগুৱাই গ'ল। চেলফখনৰ লুকুৱাই থোৱা জেগাডোখৰত টেমাটো বিচাৰিপালে। এটা সৰু দহ মিলিমিটাৰ জোখৰ  টেমা। আচলতে টেমা  লুকুৱাই থোৱাটো এটা অভ্যাস।টেমা চুৰ কৰিবলৈ য়াত কোনো নাই।  আকাশে  কেতিয়াবাই এই ভয়ংকৰ পথ অতিক্ৰমি পৰিস্কাৰ জীৱনৰ আনন্দ উপভোগ  কৰিছে। এই অন্ধকাৰ চেপৰ কোঠাটো পাৰ হৈ বাটৰ সিপাৰে সি তাৰ ঘৰটোৰ তলৰ মহলাত  খোলা ৰিহে'ব চেন্টাৰৰ  কামত  তাক  আৰক্ষী  প্ৰশাসনেই নানা ধৰণে  সহায় কৰি দিছে।  

আৰক্ষীয়ে টেমা'ৰ যোগান  ধৰা  সৰবৰাহকাৰীৰ  কথা বাদেই,   আনকি প্ৰতিটো  নিচাসক্ত পথিকৰপৰাও  নিয়মিত  হাপ্তা'   লয়। আচৰিত কথা যে সেই আৰক্ষীয়েই তাৰ  ৰিহে'ব খোলাৰ  প্ৰচেষ্টাতো  সমানেই  উৎসাহ দিছে। তাৰ  দহ বছৰৰ নিচাসক্ত জীৱনৰ সৰু-ডাঙৰ  বিভিন্ন অপৰাধবোৰত  তাৰ  চিনাকি হৈ  পৰা   আৰক্ষীসকলে  এই  দুয়োটা কামেই সমান উৎসাহেৰে কৰিছে। মহানগৰীৰ আলি- গলিফ্লাই-অ'ভাৰৰ তলত, ৰেল লাইনৰ চূকৰ  আফিংখোলাবোৰৰ প্ৰতিজন ক্লান্ত পথিকৰ দৰেই সিও জানে--হাপ্তালবলৈ আৰক্ষী  বাধ্য। এডাল  বিশাল   শিকলি  আৰক্ষীয়ে কঢ়িয়াই  ফুৰে--যাৰ এটা মূৰত থাকে নিচা সেৱনকাৰীটেমা যোগনিয়াৰৰ দৰে  লাপি-লুপাবোৰৰপৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগচ সৰবৰাহকাৰী। আৰু  আনটো মূৰত বিয়াগোম ৰাজনৈতিক নেতা, উচ্চপদস্থ  প্ৰশাসনিক  বিষয়া।  আৰক্ষীয়ে  মাত্ৰ   এই  শিকলিডাল  ধৰি  কঢ়িয়াইহে  নিয়ে।  পদ অনুসৰি  এটা  ভাগ  পায়।  এক  নিৰাপদ  ব্যৱস্থাৰে কাম-কাজ  চলি থাকে। আনকি লক ডাউনৰ সময়তো নিচাসক্ত  পথিকে    হাহাকাৰ  কৰবলগীয়া  হোৱা  নাই,  ‘'ৰ্চ'- ৰপৰা  নিয়মিত যোগান  চলি   আছে।

 তথাপিও  আৰক্ষীক  উদাৰহণ  লাগেসফলতাৰ   দৃষ্টান্ত  লাগে।  সেইবাবেই  সময়ে সময়ে ৰেইড' হয়, ড্ৰাগচৰ মাফিয়া ধৰাৰ  বাতৰি প্ৰকাশ  হয়। আকাশে জানেতাৰ  ৰিহে'ব কেন্দ্ৰত  থিতাপি লৈ  পৰিস্কাৰ   জীৱনলৈ উভতি যোৱা পঞ্চাশটামান কিশোৰ-কিশোৰীৰ সফল জীৱনৰ কাহিনীয়ে বিয়াগোম শিকলিডালত ওলমি থকা  ব্যৱস্থাটোৰ  অকণো হানি- বিঘিনী নঘটায়। কিন্তু   আৰক্ষী আৰু   প্ৰশাসনে  দেখুৱাব ৰাকৈ  আকাশ  এতিয়া পংকিল জীৱন পাৰ হৈ অহা সফলতাৰ এটা জীৱন্ত কেইচ ষ্ট'ৰী' ইতিবাচক জীৱনশৈলীৰ বীৰযোদ্ধা।   অনেক  সাংবাদিকক  সি তাৰ জীৱনৰ কথা কৈছে, নেক গৱেষকে তাৰ সতে কথা হৈছে। কেইজনমান আৰক্ষীবিষয়াই অৱশ্যে তাক সঁচাকৈয়ে মৰম আৰু শ্ৰদ্ধা কৰে। তেঁওলোকৰ বাবেই সি কলিকতাত কেইমাহমানৰ আগেয়ে   ৰিক'ভাৰিং  এন'নিমাচ'   সমাজৰ  এক  বিশ্বসন্মিলনত ভাগ লৈছিল, 'ত স মবেত  হৈছিল   পংকিল জীৱন  জয় কৰি পৰিস্কাৰ জীৱনলৈ  উভতি  অহা শত-সহস্ৰজন। কোন নাছিল সেই  সৱৰ মাজত! চিনেমাৰ তাৰকা, ক্ৰীড়াবিদগায়ক--অজস্ৰজন।এজন প্ৰৌঢ়ই তেওঁৰ দুকুৰিবছৰীয়া পৰিস্কাৰ জীৱনৰ কাহিনী কৈ শুনাইছিল। বৰ উৎসাহৰ  কথা হৈছিল। তেওঁলোকে তাকো মঞ্চলৈ  মাতি নিলে।  তাৰ  চাৰি  বছৰীয়া পৰিস্কাৰ  জীৱনৰ কাহিনী কবলৈ দিলে। হল ভৰ্তি অংশগ্ৰহণকাৰীৰ  হাতচাপৰিৰ মাজেৰে তাৰ পৰিস্কাৰ জীৱনৰ  কাহিনী ৰিক'ভাৰিং  এন'নিমাচ'   সমাজে   উদযাপন কৰিলে।  মঞ্চত  কঁকাল ভাঙি  এখোলা  নাচিবলৈ  সি  বাধ্য হল।

 এই  সন্মিলনৰপৰা উভতি আহিয়েই সি  কেৱল  আফিংখোলাৰ  সদস্যবোৰকেই  নহয়--আৰ্তজনক  সহায় কৰাৰ বিভিন্ন কামলৈ  নিজৰ  পৰিধি বঢ়াই  লৈছে।  পূৰ্বৰ  অৱসন্নতাৰ নিচা ইতিবাচক জীৱনৰ  মাদকতালৈ পৰিণত হৈছে।এই মাদকতাই তাক কাবু কৰি  পেলাইছে। ৰিহে'বখনত পৰিস্কাৰ জীৱন আকোঁৱালি লোৱা  এদল যোদ্ধা সি  পাইছে।  দলটো লাহে লাহে ডাঙৰ হৈছে।জীৱনৰ এই নতুন মাদকতাৰ সন্মুখত ৰিলেপ্স' হৈ নৰকৰ   বাটলৈ উভতি যোৱাৰ কোনো শংকা নাই।সেইবাবেই  মৃন্ময়ীৰ  সতে তাৰ লিভ  টুগেদাৰ'ৰ  সিদ্ধান্তত  মাকে  আপত্তি  কৰা  নাই।তেওঁ  জানেতাৰ  সন্মুখৰ  বাট এতিয়া জাতিস্কাৰ । বিভিন্ন সভা-সমিতিত তাক সম্বৰ্ধনা জনাইছে।     আনকি  সমাজসেৱাৰ এই  কামবোৰৰ বাবে  যোৱা বছৰ বিহু সন্মিলনতো তাক  সম্বৰ্ধনা জনোৱা হ'ল।সম্বৰ্ধনা গ্ৰহণ কৰি সি মঞ্চত  কৈছিল--সৌ সিদিনালৈকে সি এই বিহুতলীৰ চূকতে সি কেনেদৰে পৰি আছিল। নিচা কৰি  সৌ সিদিনালৈকে খালে-ডোঙে পৰি থকা লৰাটো এতিয়া পৰিস্কাৰ জীৱন কটাববিচৰা এদল ল'ৰা-ছোৱালী, সিহঁতৰ মাক-দেউতাকৰ বাবে দেৱদূতৰ দৰেই  হৈ  উঠিছে।

 তথাপি  আকাশে নিজকে  জয়ী হোৱা বুলি ভবা নাই। সি জানে,   মৃন্ময়ীয়ে এই পংকিল জীৱনৰপৰা ওলাই তাৰ সতে পৰিস্কাৰ জীৱনত চামিল নোহোৱা পৰ্যন্ত  সি পৰাজিত হৈয়েই  ৰব। সি  আশা  কৰিছে-- তাৰ দৰেই  এদিন  তায়ো কেনেবাকৈ এটি  প্ৰচণ্ড  খুন্দা খাব। সেই খুন্দাই নিৰ্দিষ্ট  সময়ৰ মূৰে মূৰে তাইৰ মগজুৰ ভিতৰত  সাৰ পাই উঠা যন্ত্ৰণাৰ গুটিটো  ধ্বংস কৰি পেলাব।এয়া যে মাথোন ৰিহে' ব কেন্দ্ৰত ভৰ্তি হৈ একোটা ক'ৰ্চ সমাপ্ত  কৰা আৰু ওলাই গৈ মনোবল হেৰুৱাই ৰিলেপ্সহোৱাৰ শত-সহস্ৰ কাহিনী  নহয়এয়া মাদকতাভৰা জীৱনৰ নিচাই  অৱসন্নতাৰ নিচা জয় কৰি পেলোৱাৰ কাহিনী--যাৰ সুযোগ মানুহৰ জীৱনলৈ এবাৰেই আহে।বাৰেই ফুলে জীৱনৰ  এই সঞ্জীৱনী ফুল।আফিংখোলাৰ সকলো ক্লান্ত পথিকে বিশ্বাস কৰাৰ দৰেই আকাশেও বিশ্বাস কৰে- জীৱনে  প্ৰতিজন  মানুহক এটা সুযোগ দিয়ে।সি আশা কৰিছে-জীৱনে এদিন মৃন্ময়ীকো এটা সুযোগ  দিব। সি বাট চাইছে। সি অপেক্ষা  কৰিছে। আকুল হৈ  জীৱনৰ  কাষত  সি  হাত পাতিছে। 

 ৰিহে' পুৱাৰ  কাম সমাপণ কৰি সি মৃন্ময়ীৰ  কাষলৈ  আহিবলৈ  সাজু  হ'ল।  মাক  ওপৰৰপৰা নামি আহিছে মেলি লোৱা দীঘল চুলিকোচা আৰু কপালৰ  ৰঙা ফোঁটটোৰে তেওঁক সৰগৰ দেৱী যেন  লাগিছে। ৰিহে'বৰ  এইখিনি সময়  মাকে  চম্ভালে। মাকে দিনে এটা পাঠো লয়। এই পাঠত তেওঁ এখন মাতৃহৃদয়েৰে বিৱৰি  কয় নিচাসক্ত  পথিকৰ  মাতৃৰ বেদনাৰ কথা। ৰিহে'ব আৰু সিহঁতে লোৱা প্ৰতিটো শ্বট'ৰ  নামত সা-সম্পত্তি, সমাজত  মান-সন্মান হেৰুৱাই আত্নীয়-স্বজন, বন্ধু- বান্ধৱৰ সংসৰ্গৰপৰা  আঁতৰি আহি পৰিয়াল একোটাই মৰিশালিলৈ গতি কৰাৰ এই কাহিনীবোৰ স্বগতোক্তি কৰাৰ ৰে তেওঁ কৈ যায়।কাহিনীবোৰে আচৰিতধৰণে ৰিহে'বৰ পথিকগণৰ মনোজগতক সংযোগ কৰে। 

 আকাশে জানে, ঠিক এইখিনি সময়তে মৃন্ময়ীয়ে  এটা শ্বট' লয়। সি তাইৰ কাষলৈ আহিবলৈ বাইকখন ষ্টাৰ্ট  কৰিলে।

 অন্ধকূপ কোঠাটোত টেমাটো হাতত পৰাৰ লগে  লগেই  মৃন্ময়ীৰ   মগজুৰ  প্ৰতিটো কোষ  সক্ৰিয় হৈ   উঠিল।  বগুৱা বাই তাই আফিংখোলাখনৰ কাষত বহি পৰিলগৈ। এটা শ্বটতৈয়াৰ কৰাৰ পৰ্ববোৰ অকণো খেলি-মেলি  নোহোৱাকৈ তাই সমাপণ কৰিলে।  অতি ক্ষিপ্ৰতাৰেই  তাই  শ্বট'তো  সাজু কৰিলে।

 অকস্মাতে শৰীৰৰপৰা ওলাই  অহা  লেতেৰা নৰ্দমা আৰু মৰানদীবোৰত তাইৰ  ভৰিতো পিছল খালে।অৱসন্নতাৰ  মাজতো তাইৰ গম পালে গৰ্ভত বাঢ়ি অহা লুণীয়া পানীৰ হ্ৰদটিত চিদ্ৰৰ সৃষ্টি হৈছে।মৃন্ময়ী আৰু কাশে আলফুলকৈ ধৰি ৰাখিব  খোজা জীৱনদায়িনী হ্ৰদটি  আৱৰি ৰখা জোলোঙাখন আগতীয়াকৈ ভাঙি পৰিছে।তাই  কঁপি উঠিল।  ক'ৰবাত পাহাৰ খহিছে। মেঘে গাজিছে।এক ভয়ংকৰ ঘূৰ্ণি আহিছে। পাক খাই খাই  অহা বতাহৰ কুণ্ডলীয়ে তাইক  ঘূণিটোলৈ সুমুৱাই নিছে। নিমখীয়া পানীৰ নৈ এখনে  তাইৰ বুৰাই পেলাইছে।তাইৰ গৰ্ভ ভাঙি ওলাই যোৱা  জেঠীৰ          দৰে  অসংখ্য সৰীসৃপ কোঠাটোত বগাই ফুৰিছে। তাই শিয়ৰি  উঠিল। তাইৰ চকু মুদ খাই গ'ল।      

 

--------

 যেন এটা যুগ পাৰ হৈ গল।

 হস্পিতালত মৃন্ময়ীয়ে যমে-মানুহে টনাটনি কৰাৰ মাজত পোন্ধৰদিন কটালে। তাৰপিছত মুকলি হৈ  কাশৰ সতে    আহি তাইৰ  উদং  ঘৰটোত সোমাল।  আকাশৰ  ৰিহে'ব কেন্দ্ৰৰ কোনো এটি সদস্যই ঘৰটো পৰিস্কাৰ কৰি  থৈ গৈছিল। আফিংখোলাখনো বোধহয় সিহঁতে উঠাই  কৰবাত  পেলাই দিছিল। আফিংখোলাৰ কোনো চিন-মোকাম  এতিয়া তাত নাই।

সিদিনা হস্পিতালত আকাশে দুহাতেৰে তুলি ধৰা মৃত সন্তানটি তাই অৱসন্ন চেতনাৰে এবাৰ  দেখিছিল। উদং ঘৰটোত ভৰি দি  মৃন্ময়ীৰ সেই  ছবিখনেই মনত পৰিল। এটা হাহাকাৰ তাইৰ বুকুখনেৰে  নামি গ'ল। তাই  ভিতৰৰ  অন্ধকূপ কোঠাটিৰ খিৰিকীখনৰ মুখত ঠিয় দিলেগৈ। সিদিনাৰ দৰেই এৰি অহা জীৱনটোলৈ ক্ষন্তেক উভতি চালে। ভাৱ হ'ল অভিশপ্ত সময়বোৰ বুকুত বান্ধি লৈ তাই হয়তো জন্মাৱধি কোৱাৰেনটিনড্ হৈয়ে আছিল। অচিনা  মহামাৰীৰ কালব্যাধিয়ে অতদিনে ঘেৰি  আছিল  তাইক। তাইৰ  হাত- ভৰিত, জিভাত আড়ষ্টতাৰ  শিপাবোৰ  পোখাবলৈ দি অৱসন্নতাৰ লতাবোৰে বান্ধি ৰখা গুহালৈ টানি নিছিল তাইক।সেয়া  আছিল এক কোৱাৰেনটিনকাল-- ভয়ানক কালব্যাধিৰ যোৱা সাতমাহৰ যাত্ৰাকালটি যেন তাই উমান নোপোৱাকৈয়ে সেই কোৱাৰেনটিনড্ সময়ৰ  খোলা  ভাঙি ওলাই অহাৰ এক প্ৰস্তুতিহে আছিল! তাইক প্ৰস্তুত কৰিবৰ  বাবেই তাইৰ  গৰ্ভলৈ সেই  পোহৰছাটি আহিছিল নেকি! আস,  অযাচিতে অহা এই পৰম  সম্পদ তাইৰ  জীৱনৰপৰা হেৰাই  গৈছে।  তাই   সেই  সম্পদ   ধৰি  ৰাখিব নোৱাৰিলে। কিন্তু সি যে তাইক দি থৈ গৈছে এটা নতুন জীৱন। এই বাবেই  সেই  দেৱশিশু ক্ষন্তেকৰ  বাবে   তাইৰ কাষলৈ  আহিছিল নেকি!

পোন্ধৰটাকৈ দিন হস্পিতালৰ থকাৰ সময়তো তাইক অৱসন্নতাৰ কাঁইটীয়া লতাবোৰে বাৰে বাৰে মেৰিয়াই  ধৰিছে। উইথড্ৰলৰ সময়ৰ মৰানদী আৰু ডায়েৰীয়াৰ লেতেৰা নৰ্দমাত বাৰে বাৰে ভাহি গৈছে তাই। কিন্তু এইবেলি তাই  হালি পৰা নাই।তইৰ সন্তানটি হেৰাই  গৈছে--আকাশে তাৰ কণমানি মৃতদেহ তাইৰ  চকুৰ সন্মুখত দাঙি ধৰিছে। চিকিৎসকে আশংকা কৰাৰ দৰেই তাৰ স্বাভাৱিক বিকাশ নাছিল। মাতৃত্বৰ পাকলগা মোহনীয়া বাটটোত জন্মাৱধি  আড়ষ্টতাই তাইক মেৰিয়াই ধৰিলে, তাই ভালকৈ খোজকাঢ়িবলৈ নাজানিলে। ভিতৰৰ এই খুন্দাটোৱে তাইক ইমান কাবু  কৰি পেলাইছে যে, আন সকলো যন্ত্ৰণা এতিয়া তুচ্ছ হৈ  গৈছে। 

আকাশে তাইক কৈছেবেবীৰুমত জীয়াই থকাৰ আঠচল্লিছটা ঘণ্টাৰ খন্তেকীয়া সময়কণত কণমানিটিয়ে কিদৰে  দুবাৰকৈ অৱসন্নতাৰ কাঁইটীয়া লতাবোৰৰ আছোঁৰত ক্ষত-বিক্ষত হৈ চিকিৎসকক স্তব্ধ কৰি দিছিল। তাৰ অদ্ভূত  কঁপণি আৰু অস্বাভাৱিক  কান্দোনৰ ভাষা বুজি পাবলৈ সময় লাগিছিল তেওঁলোকক। তেওঁলোকক  সহায় কৰিবলৈকে সি ইণ্টাৰনেটৰপৰা নমাই থোৱা কেইটিমান বিশেষ ভিডিঅ' তেওঁলোকক যোগান ধৰিছিল। কলিকতাত ৰিক'ভাৰিং এন'নিমাচ' সমাজৰ  সন্মিলনত  সি নিচাসক্ত মাতৃৰ গৰ্ভধাৰণৰ কালত  গৰ্ভৰ  ভিতৰতেই  নিচাগ্ৰস্ত  হৈ পৰা নৱজাতকৰ বিৱৰণীবোৰ  শুনি শিয়ৰি  উঠিছিল। যেতিয়া অসাৱধানবশতঃ মাতৃত্বৰ পথেৰে মৃন্ময়ী আগুৱাই গ'তেতিয়াও এই আশংকাই তাক খেদি ফুৰিছিল। অৱশেষত  সি তুলি ধৰা সেই তথ্যবোৰ চাইহে চিকিৎসকে ধৰিব পাৰিছিলনৱজাতক মাতৃগৰ্ভতেই  নিচাগ্ৰস্ততাৰ কবলত পৰা শিশু--এ্য বৰ্ণ এডিক্ত!'  অৱশেষত সি পৃথিৱীৰ কোলা শুৱাই থকাৰ সময়কণত তাৰ  কণমানি শৰীৰটোৱে অৱসন্নতাৰ লক্ষণবোৰৰপৰা পোৱা  ভয়ানক  যন্ত্ৰণাৰ  উপশম  ঘটাবলৈ চিকিৎসকে মাতৃদুগ্ধ নহয়,   তাৰ মুখত গুজি দিছিল মৰফিনৰ অকণি অকণি টোপালবোৰহে। 

 এই সকলোবোৰ বিৱৰণী অকণো লুক-ঢাক নকৰাকৈ আকাশে তাইক দি গৈছিল।কথাখিনি কৈ থকাৰ সময়ত আকাশে    মৃন্ময়ীৰ পৰিস্কাৰ জীৱনৰ বাবে আকুল হৈ জীৱনৰ কাষত হাত পাতিছিল। 

 আৰুসঁচাকৈয়ে আকাশৰ মুখেৰে সেই ভয়ানক বিৱৰণী শুনাৰ পিছত তাই নিজকে অৱসন্নতাৰ মুখত ঢলি পৰিবলৈ দিয়া নাই। হস্পিতালৰ সেই দিনবোৰততাইক আকাশৰ মাক আৰু নীয়েকে  আৱৰি আছে। খবৰ পাই দেউতাকো আহিছে। এদিন তাইৰ আনগৰাকী মাকো আহিছিল।এই সময়খিনিত চিকিৎসকেও হুত সাহস দিছে তাইক।লাহে  লাহে  মৃন্ময়ীৰ ভাৱ হৈছে, য়োৱা কেইমাহত তাইৰ এঠালেটীয়া জিভাখনেৰে কৈ যোৱা  কথাবোৰ চিকিৎসকে ধৈৰ্যেৰে   শুনাৰ পিছত তাইৰ

ভিতৰখনো যেন আচৰিতধৰণে পাতল হৈ পৰিছে। ধীৰে ধীৰে খোলা ভাঙি ওলাই আহিছে তাই।তাইৰ আড়ষ্ট জিভাখনেৰে নামি যোৱা সেই কাহিনীকথনে যেন তাইক বিশবছৰীয়া কোৱাৰেনটিনড্ কালৰ  কৰাল গ্ৰাসৰপৰাহে তাইক মুকলি কৰিলে। তাইৰ কথাবোৰ মনোযোগেৰে শুনাৰ বাবে দুয়ো হাত যুৰি তাই  মনে মনে চিকিৎসকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে।তাৰপিছত হাত দুখন আজলি পাতি ধৰি তাই  হেৰাই যোৱা সন্তানটিক  ক্ষমা খুজিলে।তাইৰ দুচকুৰে দুটোপাল চকুলো নিগৰি আহিল।

 ই চকুলো তাইৰ মৰি যোৱা চকুহালৰ নাছিল।

 তাই আকাশক কাষলৈ মাতি খিৰিকীখন খুলি দিলে। আহিন শেষ হবলৈ এতিয়াও বাকী। খিৰিকীমুখৰ ভাসমান যেন লগা শেৱালিজোপা ফুলৰ ভৰত দোঁ খাই পৰিছে। কণ কণ বেলুনৰ দৰে এটি  দুটি  শুভ্ৰ ফুল বতাহত দুলি  দুলি  নামি  আহিছে।

 পৰিস্কাৰ চকু দুটাৰে  তাই দেখিলে--ফেণ্টাছীটো তাত এতিয়াও লাগি  আছে। 

 মৃন্ময়ীয়ে  আকাশৰ হাতখনত মুঠি মাৰি ধৰিলে।সকলো আড়ষ্টতা আঁতৰাই থৈ আকাশৰ হাতত ধৰি পাখিলাহি চিলাৰ দৰে ফেণ্টাছীটোৰ মাজেৰে তাই পাৰ হৈ গুচি গ'ল।    

 

--------

 

 প্ৰকাশ - গৰীয়সী, নবেম্বৰ, ২০২০