অসমৰ সৰ্বকালৰ এগৰাকী বোদ্ধা গায়ক, গীতিকাৰ
আৰু সুৰকাৰ ড০ ভূপেন
হাজৰিকাৰ গীতৰ দৰ্শন এটি নিৱন্ধত সামৰি লোৱাটো এটি
সহজ কাম নহয়। তেখেতৰ গীতি
সাহিত্যৰ জগতখনত প্ৰৱেশ কৰিলে
উন্মোচিত হয় দেশ
আৰু কালৰ পৰিধি
ভাঙি মানুহ, সমাজ
আৰু জাতীয় জীৱনৰ
নজহা-নপমা এক দিগন্তবিয়পা
প্ৰেক্ষা।ড০ ভূপেন হাজৰিকাৰ গীতি-সাহিত্যৰ দৰ্শনৰ অপাৰ বিস্ময় এমুঠি শব্দৰ মাজেৰে কবলৈ যোৱাটো আমাৰ বাবে প্ৰায় দুঃসাহস । এয়া বিস্তৃত গৱেষণাৰ বিষয়।
আচলতে ড০ ভূপেন
হাজৰিকাৰ
গীত বুলি ক'লে
মাথো ‘সুধাকণ্ঠ' নামৰ
সত্তাটোৰ ব্যাপ্তি আৰু
বিস্তৃতিৰ দীঘ আৰু বাণিবোৰেই শেষ কথা
হৈ নপৰে -- কিয়নো তেঁওৰ আছিল
এক দায়বদ্ধ শিল্পীৰ
পৰিচিতিৰে ৰুচিসন্মত শ্ৰোতা
গঢ়ি তোলাৰ প্ৰত্যয়দীপ্ত প্ৰয়াস।
সেয়েহে গীত পৰিবেশনৰ মাজে
মাজে মঞ্চৰ সমুখত থিয় দি গীত
শুনিবলৈ ৰৈ থকা হাজাৰ
হাজাৰ সন্মোহিত শ্ৰোতালৈ
উদ্দেশ্যি তেওঁ বোধসম্পন্ন শব্দ
প্ৰক্ষেপ কৰে সচেতনভাৱে -- “মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত
তুমিয়েতো প্ৰধান অলংকাৰ” বুলি যাৰ আৰম্ভণি হয় -- যি
অদৃশ্য ঢৌৰ দৰে মঞ্চ
পাৰ হৈ শ্ৰোতাৰ
মাজলৈ বিয়পি পৰে-- এক কথাত
কবলৈ গ'লে শ্ৰোতাক তেওঁ
গীত শুনিবলৈ বাধ্য কৰে কেৱল হৃদয়েৰে নহয় --মস্তিষ্কৰেও।যিহেতু সংগীত একেটি সময়তে তেঁওৰ বাবে মস্তিষ্কৰ
কৰ্ষণ। হাৰমনিয়ামৰ ৰীডত আঙুলি বোলাই বিনম্ৰ গায়কীৰে শিল্পীসত্তাটিয়ে মঞ্চ জাতিস্কাৰ কৰি তোলাৰ এক আশ্বৰ্যকৰ যাদু, যাক তেওঁ ব্যৱহাৰ কৰে গীতৰ জৰিয়তে শ্ৰোতাৰ সৈতে সংযোগ স্থাপনৰ
ক্ষেত্ৰত অতিশয় সচেতনভাৱে-- আৰু তেখেতৰ গীতৰ সভাত
উপস্থিত থকা এজনৰ বাবে যিখনি ছবি হৈ পৰে এটি
অতিপ্ৰাকৃতিক উপস্থাপনা -- সোঁৱৰণিত
জাহ যাব নোখোজা এখনি স্থিৰ
ছবি। সবাৰো উপৰি থাকে গীতৰ কথা --
শ্ৰোতাৰ প্ৰাণ চুই
যোৱা বচা বচা, কোমল আৰু
নিভাঁজ শব্দৰাজিৰে গঢ়ি তোলা সুষমামণ্ডিত, স্পষ্ট বক্তব্য । ড০ ভূপেন হাজৰিকাৰ গীতৰ
শৰাইত থকা এই সকলোবোৰ অৰ্ঘ্য
যেন অসমীয়া মানুহৰ
বাবে নোহোৱা - নোপজা
এক অভিজ্ঞতা আছিল ।আৰু
ড০ ভূপেন হাজৰিকাৰ উত্তৰ
পুৰুষৰ বাবে আজিও
বিস্ময়। আমাৰ দৰে পাঠকৰ বাবে
আন এক বিস্ময়কৰ অভিজ্ঞতা
হৈছে তেখেতৰ গীতসমূহৰ পঠনৰ
মাজৰে বাৰে বাৰে
কৰা অহা-যোৱা।
মানুহৰ সভ্যতাক কঁপাই যোৱা
ৰাজনৈতিক ঘটনা আৰু পৰিঘটনাৱলীৰ উত্থান আৰু পতনৰ কাহিনীৰে
টল-মল বিংশ শতিকাৰ
প্ৰথমভাগত জন্ম তেঁওৰ ।
ড০ ভূপেন হাজৰিকাৰ
বিশ্ববীক্ষাক এই ৰাজনৈতিক
ঘটনাপ্ৰৱাহে যথাৰ্থতে প্ৰভাৱিত
কৰিছে ।বিশ্বপ্ৰেক্ষাৰ ৰাজনৈতিক ঘটনাৱলীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰোঁতে
তেখেতে নিজে স্থিৰ কৰি লোৱা লক্ষ্যৰে
গভীৰ বিদ্যায়তানিক
অনুসন্ধিৎসা প্ৰয়োগ কৰিছে আৰু গীতৰ মাজেৰে তাক প্ৰকাশ কৰাৰ সময়ত হৈ উঠিছে এজন মানৱতাবাদী-- “বহু যাযাবৰ লক্ষ্যবিহীন । মোৰ পিচে আছে পণ। ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ মন”
[১৯৬৮]--এই উদ্দেশ্যেৰে ।গৱেষক ছাত্ৰ হিচাপে
পঞ্চাশৰ দশকত আমেৰিকাৰ কলম্বিয়া
বিশ্ববিদ্যালয়ত লাভ কৰা বিশ্বসংযোগে স্থানীয়প্ৰেক্ষা আৰু
বিশ্বপ্ৰেক্ষাৰ মাজত সম্পৰ্ক
স্থাপনৰ ক্ষেত্ৰত এজন
শিল্পী হিচাপে তেখেতক
কৰি তুলিছিল বিৰল অন্তৰ্দৃষ্টিসম্পন্ন আৰু
আশ্বৰ্যময় এক
বিশ্বনাগৰিক -- ভৌগোলিক পৰিধি
অতিক্ৰম কৰি তেখেত হৈ উঠিছিল পৃথিৱীৰ বুকুৰ মানহ। কিন্তু আন্তৰ্জাতিক
কাৰ্য-কলাপসূহৰ চৰিত্ৰ নীৰিক্ষণ কৰি নিজৰ গীতৰ শব্দ চয়ন কৰোঁতে তেখেতে এজন শিল্পী হিচাপে
নিজৰ প্ৰাথমিক পৰিচিতিটোৰপৰা এটি বিন্দুও আঁতৰি অহা নাই।ৰূপহী অসমৰ বুকুৰে বৈ যোৱা লুইতত যিদৰে অলেখ নৈ- উপনৈ জাহ গৈছে--নিজৰ নিজৰ অস্তিত্ব আৰু শকতিৰে কেতিয়াবা
সমাহিত হৈ আৰু কেতিয়াবা
গৰ্জনমুখী বানৰ ঢলেৰে বৈ আহি লুইতৰ বুকুত পৰাৰ পিছত সেই নৈ-উপনৈৰ
জলধিৰ যিদৰে কোনো
পৃথক পৰিচিতি বিচাৰি উলিওৱাৰ উপায়
নাথাকে--সেইদৰেই
ড০ ভূপেন হাজৰিকাৰ গীতৰ
সামগ্ৰীক দৰ্শন মানৱতাবাদৰ প্ৰৱাহমান নদীখনত জাহ গৈছে
অসংখ্য সৰু- বৰ সুঁতি। আজি ড০ ভূপেন হাজৰিকাৰ দৰে শিল্পীসত্তাৰ পৰিচিতিক কোনো কোনোৱে মাথো
জাতীয়তাবাদী দৃষ্টিৰে চাব খোজাৰ
বিপৰীতে আন কোনোৱে শিল্পীজীৱনৰ
প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতীয় গণ নাট্য সংঘৰ
সৈতে থকা তেখেতৰ নিবিড় সম্পৰ্কৰ আঁত
ধৰি আন এক সংগ্ৰামী
পৰিচিতিৰে চাব খোজে আৰু তেঁওৰ আন পৰিচিতিক উপেক্ষা কৰে। এই কথা সঁচা যে শিল্পীসত্তাটিৰ গীতৰ অন্তঃস্ৰোতত এই দুয়োটি
কাৰক আছিল দুটি শক্তিশালী ঢৌ--আৰু পানীৰ তলৰ
অদৃশ্যমান এই ঢৌৰ খুন্দিয়া-খুন্দিয়েই সত্তাটিৰ আপাতদৃশ্যমান গৰ্জনবোৰ
সমুজ্জল, ধাৰাল কৰি তুলিছে। ‘এন্ধাৰ কাতিৰ
নিশাতে' অথবা ‘পৰহি পুৱাতে'ৰ
দৰে গীতবোৰ ইয়াৰ জলন্ত
উদাহৰণ। তেখেতৰ গীতসমূহৰ কথা আৰু
সেইবোৰৰ ৰচনাকালৰ সময়ৰ নিৰ্মোহ
বিশ্লেষণৰ মাজেৰে এই
শিল্পীসত্তাক প্ৰকৃত অৰ্থত দাঙি
ধৰিবলৈ সক্ষম হ'ব পৰা যাব
বুলি আশা কৰিব পাৰি।কুৰি শতিকাৰ ষাঠিৰ দশকৰ আপাত ঘৰগোনা চহা অসমীয়াৰ মনত মিছিছিপি নদীৰপৰা ভল্গা আৰু লুইতৰ সলিলৰাশিৰ
বৰণ একেই বুলি মনত প্ৰত্যয় জন্মাব পৰা মিঠাসুৰীয়া কণ্ঠটিয়ে শিল্পীজীৱনৰ দূৰন্ত তাৰুণ্যৰ সময়চোৱাত মানুহক ভালপোৱাৰ লগতে
সংগ্ৰামী গণচেতনাৰ প্ৰগাঢ় বিশ্বাসৰ অতল জলধিতো ডুব মাৰি আহিছিল। শিল্পীজীৱনৰ আৰম্ভণিতে জ্যোতিপ্ৰসাদ আগৰৱালা (যি শেষ
জীৱনত কাৰ্পেটৰপৰা ঘাঁহনিলৈ
নামি অহা বুলি সদৰ্পে ঘোষণা
কৰিছিল) আৰু সৈনিক-শিল্পী বিষ্ণুৰাভাৰ
সান্নিধ্য লাভ কৰিছিল তেখেতে ।
তেখেতৰ গীতি-সহিত্যত আছে মানুহৰ
কল্যাণৰ হকে প্ৰতিশ্ৰুতিভৰা আৰু
আলোকময় যাত্ৰাৰ স্পষ্ট
ৰাজনীতি। ইয়াৰ লগতে
তেঁও এক সজোৰ আঞ্চলিক কণ্ঠও ।এই
আঞ্চলিকতাৰ চেতনা কিন্তু আমাৰ বহুতৰ মনৰ গভীৰত সোমাই থকাৰ দৰে হীনমন্যতাৰ ‘প্ৰান্তীয়' চেতনা নহয়-- সি
‘মূলসুঁতি'ত খলকনি
তোলা এক টগ্ বগ্ কণ্ঠহে।গভীৰ
ৰাজনৈতিক বীক্ষাসম্পন্ন শিল্পীগৰাকীয়ে
নিজৰ গীতসমূহ কোনো নিৰ্দিষ্ট
ৰাজনৈতিক দৰ্শনৰ প্ৰপাগণ্ডা অথবা
শ্ল'গান হ’বলৈ দিয়া নাই আৰু
সেয়েহে অৱশেষত তেঁওৰ
শিল্পীসত্তা নজহা-নপমা হৈ ৰৈছে হৃদয় উদ্বেলিত কৰা চিৰসেউজ
আৰু সৰল শব্দৰাজিৰে, যি শব্দ অকণিৰপৰা বৃদ্ধলৈকে
সকলোৱে দ্বিধাহীনভাৱে আওৰাব পাৰে
-
“মানুহে মানুহৰ
বাবে
যদিহে অকণো নাভাৱে
অকণি সহানুভুতিৰে
ভাবিব কোনেনো কোৱা ” [১৯৬০]
বিষ্ণুৰাভা, হেমাংগ বিশ্বাস আৰু ভাৰতীয় গণনাট্য সংঘৰ উদ্দীপনাময় চেতনাৰে উদ্বুদ্ধ হৈ ভাৰতীয় গণ নাট্য সংঘৰ মূল বাণীৰে “ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ”, “একা-বেঁকা বাটেৰে কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ দোলা” অথবা “সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম” বুলি কব পৰা স্ৰষ্টাগৰাকী একেটি সময়তে “আজিৰ
অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব” বুলি জাতিক
সকীয়নি দিব পৰা এজন প্ৰকৃত জাতীয়তাবাদী।আজিৰ অসমৰ ৰাজনৈতিক আৰু
সাংস্কৃতিক ৰেক্ষাৰ এটি মৰ্মন্তুদ প্ৰশ্ন -- অসমীয়া কোন--
এই প্ৰশ্নটিৰ উত্তৰ দিবলৈ গীতটি বহু পৰিমাণে সক্ষম –
“আনৰ লগতে অসমীয়া
অসমতে
যদিহে নেবাচে বাৰু ক'তনো বাচিব
মোৰ আইক ভাল পাঁও বুলিলে
আনৰ আইৰ জানো ঘিণ কৰাটো বুজাব·
প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি
লুইতৰ পাৰৰে মাটিক
মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল
নতুন ৰূপৰ অসমীয়া
আমি সেইভাৱে থাকিলেই হ'ব
নহলে আমাৰ ‘ৰাজহাড় নাই' বুলি
বিশ্বই বৰকৈ হাঁহিব”
আৰু সকীয়াই দিছে
এইবুলি
“তুমি বিশ্বৰ
শৰীৰত
পংগু অংগ হ'লে
বিশ্বই জানো ভাল পাব।”[১৯৬৮]
কিন্তু এনেদৰে সকীয়াই দিবলৈ
এই শিল্পীসত্তা নিজেনো কিমান
অসমীয়া সেই কথাও নিজেই
কৈ গৈছে –
“লৌহিত্যৰে বহল
পাৰক প্ৰণিপাত কৰোঁ।
জন্ম ললোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ” --
এনেকৈ কোৱাৰ পিছত আৰুনো বাকী
থাকিল কি?
চীন-ভাৰতৰ যুদ্ধ, ভাষা আন্দোলন, অসম আন্দোলন, জাত- কূল, ধৰ্মীয় ভেদা- ভেদৰ
সমালোচনা কৰি সামাজিক প্ৰেক্ষাপটৰ গীত, নিভাঁজ প্ৰেমৰ গীত - এই সকলোবোৰ পৰিস্থিতি আৰু পৰিবেশৰ
গীত তেখেতে ৰছনা কৰি, সুৰ দি, পৰিবেশন কৰিছে। গভীৰ ৰাজনৈতিক প্ৰেক্ষাই সচতেন কৰি ৰখা শিল্পীসত্তাটিয়ে গীতৰ শব্দ
চয়ন কৰিবৰ বেলিকা যেন নিজেই যেন ধাৰণ কৰি লয় জনজীৱনৰ ধমনীৰ এটি এটি স্পন্দন।তেওঁৰ গীতত শব্দ প্ৰয়োগৰ
সুক্ষ্মাতিসুক্ষ্ম
কাৰুকাৰ্যবোৰৰ কৰ্ষণ পৰ্যবেক্ষণ
কৰি আমি
সুখানুভুতিৰে ইমানেই আশ্বৰ্য-চকিত হৈ পৰোঁ যে, কোনো কোনো সময়ত বহুবৰ্ণী অসমীয়া সমাজখনৰ
জটিল আৰ্থ-সামাজিক-ৰাজনৈতিক জঁটবোৰৰ আঁহে
আঁহে থকা প্ৰতিডাল
নাড়ীৰ স্পন্দন উপলব্ধি কৰিব পৰাকৈ
তেখেত এজন মনোবিশ্লেষক আছিল যেনো অনুভৱ হয়।গণ সংযোগৰ বিদ্যায়তানিক
শিক্ষাৰ সমান্তৰালভাৱে শিল্পীজীৱনৰ আৰম্ভণীতে পাহাৰ- ভৈয়াম গচকি জনমানসৰ বুকুলৈ
কৰা যাত্ৰাবোৰেই এনে বিৰল জীৱনবীক্ষাৰ গঢ় দিলে বুলি পতিয়ন যাব পাৰি। যেতিয়া তেঁও কয়,
“ব'হাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে
লখিমি আদৰে
শৰৎ নিশাই তৰাৰে সজায়
আইৰে কেশ
ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ” [১৯৬৯]
অথবা –
“ব'হাগ এটি মাথো ঋতু নহয়
নহয় ব'হাগ এটি মাহ অসমীয়া জাতিৰ
ই আয়ুসৰেখা
তেতিয়া আমি লাভ কৰোঁ এটি
সাংস্কৃতিক সংজ্ঞা - আমাৰ
পৰিচিতিৰ ।
কিন্তু গীতৰ বিষয়, বক্তব্য আৰু সুৰৰ সম্পৰীক্ষা তাতেই ৰৈ নাথকিল আৰু আকাশলৈ চাব খোজা পখিটিয়ে মেলি ধৰিলে দুখনি ডেউকা আকাশৰ দিশে। আমেৰিকাৰপৰা উভতি আহি তেখেতে ভাৰতীয় গণনাট্য
সংঘৰ সৈতে জড়িত হৈ পৰাৰ সময়তে সৃষ্টি কৰা এটি
অবিস্মৰণীয় গীত হৈছে ‘এন্ধাৰ কাতিৰ নিশাতে'।
নিচুকণি গীতৰ সুৰৰ আধাৰত সেই সময়ৰ চহাজীৱনৰ দৰিদ্ৰতা, অনাহাৰৰ সমুখত ভোকত আতুঁৰ হোৱা শিশু এটিক
কোলাত লৈ অসহায় এগৰাকী মাতৃৰ বিলাপ, মুখত খুদকণ এটি দিব নোৱাৰি নিচুকণি গীতেৰেই টোপনি নিওৱাৰ প্ৰয়াস আৰু শেষত
আৰু পুত্ৰক হেৰুওৱাৰ শোকে কেনেকৈ তেঁওক
বিদ্ৰোহিনী কৰিলে তাৰেই
বৰ্ণণা আছে এই গীতটিত। ইমান জীৱন্ত সেই কৰুণতা, ইমান বাংময়
সেই অসহায়তাৰ প্ৰকাশ, ইমান
মৰ্মন্তুদ তাৰ ইন্দ্ৰজাল যে, বাৰে বাৰে আমি
শিহৰিত হঁও-- অসমীয়া জনমানসৰ এটি নিচুকণি গীতৰ সুৰৰ
উপজীব্যতেই কিদৰে সৃষ্টি সম্ভৱ হ'ল এই বিদ্ৰোহৰ গীতটিৰ-- যি
আমাক বাৰে বাৰে চমকিত কৰে।সেই সময়ৰ ভাৰতীয় গণনাট্য সংঘৰ
সৈতে থকা নিবিড় সম্পৰ্কৰ ফলত
স্থাপিত হোৱা মাটি আৰু
মানুহৰ সংগ্ৰামৰ পৰিচিতিয়েই তেনে এটি নজহা-নপমা গীতৰ সৃষ্টি কৰিবলৈ তেখেতক প্ৰেৰণা দিলে বুলি পতিয়ন যাব পাৰি। বাৰে বাৰে সমুখত
লৈ লিৰিকি-বিদাৰি থাকিবলৈ মন
যায় শব্দৰ সেই অপৰূপ চয়ন, বাৰে
বাৰে চুই চাবলৈ মন যায় সেই শিহৰণ, সেই উত্তাপ-
“ পিঠা পিঠা
কৰিছিলি অ' বুকুৰ সোণ
নিসনিও নিদিলো মোৰ পঁজাৰ জোন
তই মৰিশালিৰ চিতাজুইত
আলফুলে টোপনি যা
অয় বাচা টোপনি যা
পানেইৰ চকু দুটি হ'ল ফিৰিঙতি
শেষ হ'ল তপত চকুলো
“‘চকুৰ
পানীবোৰ শুকুৱাই পেলালো।
এইবাৰ পণ লৈ ৰণলৈ ওলালোঁ....।”
পোনটিৰ মৰাশ দুই হাতে দাঙি লৈ
বিদ্ৰোহী পানেয়ে নতুন আশা লৈ
শ শ পানেইৰ বাটটি ল'লেগৈ
পৃথিৱী উঠিলে কঁপি
হেজাৰ পানেয়ে চিঞৰি উঠিলে
আকাশত সুৰুযে ৰঙাকৈ আঁকিলে
ঠিক ইয়াৰ এবছৰৰ ভিতৰতে তেখেতে লিখিলে আন এটি কালজয়ী গীত ‘পৰহি পুৱাতে'। গাৱঁৰ ডেকাই
মাছ মাৰিবলৈ যোৱাৰ ছবিখন অসমৰ
গ্ৰাম্যসমাজ এখনৰ সনাতন ছবি।ডেকা ল'ৰাই মাছ মাৰিবলৈ
যোৱা, গাভৰু ছোৱালীয়ে জাকৈ
বাবলৈ যোৱাৰ পৰিচিত দৃশ্যটিক লৈ বিহুনামকে ধৰি
অসংখ্য গীত-মাতৰ সৃষ্টি হৈছে। কিন্তু
ড০ ভূপেন হাজৰিকাৰ আদৰ্শগত প্ৰত্যয়ৰ ফলশ্ৰুতিত এই পৰিচিত ছবিখনত
ভোগসৰ্বস্বতাৰ বিপৰীতে মূৰ্ত হৈ উঠিল পঞ্চাশৰ দশকত অসমৰ গাৱঁৰ
অদম্য সাহসী গাৱঁলীয়া ডেকা এটিয়ে (‘ৰংমন' নামটিৰ পৰাই
এই ধাৰণা হয়) প্ৰকৃতিৰ তাণ্ডৱৰ
সকলো প্ৰতিকূলকাত নেওচা দি দৈনন্দিন জীৱনত সমুখীন হোৱা এক
কঠোৰ-কঠিন সংগ্ৰাম --গীতৰ বিৱৰণীত এই সংগ্ৰাম হৈ উঠিছে জীৱন আৰু মৰণৰ মৰ্মন্তুদ খেল--জয় অথবা পৰাজয় তাত যেন মূল্যহীন। মানুহৰ সভ্যতাৰ দীঘলীয়া যাত্ৰাপথৰ এই সংগ্ৰাম
আমাৰ অতিকৈ পৰিচিত--কিয়নো সি হাতৰ মুঠিৰপৰা সৰি পৰিব খোজা
জীৱনক বাৰে বাৰে তুলি
অনাৰ এক নিৰৱধি প্ৰয়াস --এখনি
শোকৰ ছবি ।অসমীয়া সাহিত্যৰ অন্যতম
দিগগজ, কথাশিল্পী
মহিম বৰাৰ গল্প ‘মাছ
আৰু মানুহ'ৰ পঠনৰ দৰেই
গীতটি কাৰুণ্যৰ হেঙুলী আভাৰে
উদ্ভাসিত -- আৰু এনেকৈয়ে এই ছবিখনি পঞ্চাশৰ দশকৰ সৰলপ্ৰাণ চহাৰ এচমকা
জীৱনৰ স্থিৰচিত্ৰ হৈ, যাউতীযুগীয়া
হৈ ৰৈছে। সোণত সুৱগা চৰোৱাৰ দৰে এই সংগ্ৰামৰ মালাধাৰি তেঁও গাঁঠিলে বচা বচা শব্দৰে আটকধুনীয়াকৈ এনেদৰে, যেন এটি শব্দ তিলমানো ইফাল-সিফাল হ'লেই খহি
পৰিব সেই সুষমা –
“ পৰহি পুৱাতে টুলুঙা
নাৱতে
ৰংমন মাছলৈ গ'ল
মাছকে মাৰিবলৈ নালাগে যাবলৈ
ধুমূহা আহিবৰ হ'ল
ক'ৰবাত কেনেবাকৈ ঘঁৰিয়ালে বধিব
বৈ যাব তেজৰে ঢল
গধূলিৰে পৰতে বৰহমপুত্ৰৰ মাজতে
ৰংমন নাইকীয়া হ'ল।” [১৯৫৪]
১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ
কৰে। এই ভাৰত আছিল দৰিদ্ৰ ভাৰত।এই দৰিদ্ৰ জনতাৰ প্ৰতি তেখেতে অনুভৱ কৰিছিল গভীৰ ব্যাথা-এগৰাকী
শিল্পী হিচাপে অনুভৱ কৰিছিল তেখেতৰ দায়িত্ব --
লগতে সমসাময়িক শিল্পী সমাজৰপৰাও
আশা কৰিছিল সহযোগিতা --
“ নামি আহা সুন্দৰৰে সেনা শিল্পী দল
এৰা সপোন ধেমালি
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা হ'ব ৰণেৰে ৰাঙলী
বাটে পথে যায় চোৱা সৌৱা পালে পাল
মুৰ্মূৰ্ষু জীৱিত নৰ কঙ্কাল
সিহঁতৰ কাৰণে আশাৰ গীত গোৱা
জীৱনত সিহঁতৰ ৰহণ বোলোৱা।”
১৯৭০ চনত লিখা আন এটি আবিস্মৰণীয় গীত -- ‘শীতৰে সেমেকা ৰাতি' --
যাৰ মাজেৰে তেঁও
গভীৰ দায়বদ্ধতাৰে ঘোষণা
কৰিলে কাৰ বাবে হ'ব খোজে তেঁও এটি
উত্তাপ--কাৰ বাবে এক
প্ৰতাপ -- কাৰ বাবে নিৰাপত্তা
-- সবাৰো উপৰি অকপটভাৱে ক'লে কাৰ
বাবে তেঁও হ'ব খোজ
এটি সুধাকণ্ঠ -- আৰু
আমি শুনিবলৈ পালোঁ শিল্পীপ্ৰাণৰ
আকূল আকাংক্ষা --
“ শীতৰে সেমেকা ৰাতি
সেমেকা শীতৰে ৰাতি
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জলি থকা
ৰক্তিম যেন এটি উত্তাপ হঁও
শীতৰে সেমেকা ৰাতি
খাদ্যবিহীন কোনো দীন মজুৰৰ
প্ৰাণতে লুকাই থকা
ক্ষূধা অগণিৰ
বাটতে ভমকি উঠা
প্ৰচণ্ড যেন এটি প্ৰতাপ হওঁ
প্ৰতাপ হওঁ মই প্ৰতাপ হওঁ
শীতৰে সেমেকা ৰাতি
সংখ্যালঘূ কোনো সম্প্ৰদায়ৰ
ভয়াৰ্ত মনটিৰ
নুফুটা আৰ্তনাদ
নিজেই প্ৰকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ
নিৰাপত্তা হওঁ নিৰাপত্তা হওঁ
শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্ৰভাত আনিব পৰা
অথচ নোগোৱা
এটি অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ,
সুধাকণ্ঠ
হওঁ।”
ইমান স্পষ্ট
অন্তৰৰ এই আকূল আকাংক্ষা যে, গীতৰ ব্যাখ্যাৰ
কোনো প্ৰয়োজন নাই। আৰ্তজনৰ বাবে
শিল্পীসত্তাই নিজৰ স্থিতিৰ স্পষ্টবাদিতা প্ৰকাশ কৰি সৃষ্টি কৰা এই
গীত অসমীয়া শ্ৰোতৰ
বাবেই আছিল এক নতুন অভিজ্ঞতা।
আশীৰ দশকৰ অসম আন্দোলনৰ জনজাগৰণেও এই শিল্পীসত্তাক প্ৰভাৱিত কৰিছে আৰু এই
আন্দোলনৰ পটভূমিত তেখেতে কেইবাটিও গীত ৰচনা কৰিছে। এই আটাইকেইটা গীতৰ ভিতৰত হৃদয়স্পৰ্শী এটি গীত
হৈছে
“লুইতপৰীয়া ডেকা বন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুঁজত নামিছা
মৃত্যু শপত খাই।”
বিশেষকৈ যেতিয়া তেখেতে অকপটে স্বীকাৰ
কৰে –
“পুৰণি পুৰুষে হাত সাৱটি
বহুতো হেৰুৱালে
উদাৰতাক শতৰুৱে দুৰ্বলতা বুলি ল'লে”
আৰু
“পৃথিৱীয়ে আজি তোমাৰ পিনে
ডিঙি মেলি মেলি চায়” –
বুলি লুইতপৰীয়া ডেকাসমাজক আহ্বান
জনালে, তেতিয়া আমি যেন আমাৰ শিৰত অনুভৱ কৰোঁ আশীৰ্বাদ, শুভাশীষেৰে ভৰা এখনি হাত।
বিশ্বপ্ৰেক্ষাৰ লোকজীৱনৰ প্ৰতি থকা উৎস্যুকতা আৰু বোধসম্পন্ন প্ৰজ্ঞাই তেঁওক
অনুপ্ৰাণিত কৰিছিল চৌপাশে চাবলৈ, সৰু সৰু কণ্ঠবোৰ
তুলি ধৰিবলৈ, ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা অৱনত হবলৈ। দিচাংমুখৰ ডেকাটিৰপৰা টিৰাপ সীমান্তৰ নক্তে, ৱাংচু , টাংচাসকল, চাহ বাগিছাৰ
বনুৱাসকল, চিয়াঙৰ গালং, মিজোৰাম, নগালেণ্ড, মেঘালয় -- সমগ্ৰ
উত্তৰ-পূব খনেই তেঁওৰ গীতত ভাস্বৰ হৈছে এটি ‘মন্তাজ'ৰ দৰে । তুলি ধৰিছে বিহুনাম, কামৰূপী লোকগীত, নাও খেলৰ গীত, ভক্তিমূলক গীত, আজান ফকীৰৰ গীত, গোৱালপৰীয়া লোকগীত । ড০ ভূপেন হাজৰিকাৰ গীতত উত্তৰ - পূব
ভাৰতৰ লোক- উপাদান আন এক
গৱেষণাৰ বিষয় হ'ব পাৰে।
এনে এক দুৰন্ত শিল্পীসত্তাৰ প্ৰেমৰ ভাৱনাৰ
প্ৰতিও আমাৰ থাকে দুৰ্বাৰ আকৰ্ষণ। আৰু আমি সাহ পাওঁ, কিয়নো আন গীতৰ
দৰেই ড০ ভূপেন হাজৰিকাৰ প্ৰেমৰ গীতো সুন্দৰৰ বাটত হৃদয়াৱেগ আৰু মস্তিষ্কৰ কৰ্ষণৰ অপূৰ্ব মথন মাথো--সাৰে থকা নিশাৰ বতাহৰ মৃদু
কঁপনিত যি তুলি যায় তীক্ষ্ণ লহৰী--আৰু আমাক আশ্বস্ত কৰে, যেতিয়া আমি শুনোঁ জিৰ্ জিৰ্ ব'ৰষুণৰ দৰে সাংগীতিক মূৰ্চনাৰে
--
“ বিমুৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে সুৰ আৰু
জীয়া জীয়া আদৰ.....”
আৰু এই মূৰ্চনাৰ সৈতে অপৰূপ যুগলবন্দী হৈয়েই যেন
নীৰৱ ৰাতিৰ জঠৰতা ভাঙি ‘গোলাপী জামুৰ লগ্ন'ৰ পাতৰপৰা
জোনাকী দ্যুতিৰ উপচাৰ লৈ
প্ৰিয় কবি নীলমনি ফুকনে আগবঢ়াই
দিয়ে এখনি হাত --বিমূৰ্ত নিশাৰ মৌনতাৰ সূতাৰে
বোৱা নীলা চাদৰখনিৰ নিয়ৰৰ টোপাল যেন শূন্য ঠাইবোৰ, নীৰৱ মৰম বাৰিষাৰ উচ্ছল শাওণ আৰু ভাদবোৰ তেওঁ
ওপচাই দিয়েহি পদুমনি
পুখুৰীৰ মন্দ্ৰিত এছাটি বতাহেৰে--থোৰ মেলা তালপাতৰ ব'ৰষুণজাকেৰে--এনে এক মায়াসনা পৰিবেশতেই যেন কবিয়ে
লাহেকৈ উন্মোচিত কৰে
তেঁওৰ অৰণ্যৰ ভিতৰৰ সাৰেং
চৰাইৰ মাত –
“ অৰণ্যত, আৰণ্যৰ ভিতৰত
সাৰেং চৰাইৰ মাত
মেলি দিয়া দুটি বাহু
মাৰ যক থুপিতৰা বাহ
তোমাৰ চুলিৰ গোন্ধত
পদুমনি পুখুৰীত মন্দ্ৰিত বতাহ
দেহত, তোমাৰ দেহৰ ভিতৰত
এতিয়া এপাহ ৰঙা ফুল
থোৰ মেলা তাল পাতটোত
ধাৰাসাৰ ব'ৰষুণজাক
তোমাৰ স্তনৰ ৰক্ত তোমাৰ ওঁঠত”
[ মৈথুন সংগীত, নীলমনি ফুকন ]
প্ৰেম যেতিয়া সৃষ্টিশীলতাৰ অমল, সমাহিত উৎস-- তেতিয়া সাহিত্যৰ ৰামধেনুবুলীয়া গীত আৰু কবিতাৰ এই অপৰূপ যুগলবন্দীৰ অভিনৱ সাক্ষাৎ
লাভ কৰি আমাৰো শিহৰণ জাগে--সি আমাৰ
বাবে হৈ পৰে
জীৱন অন্বেষণৰ বাটৰ অসম্ভৱ
সহচৰী।
এনে এক গভীৰ প্ৰজ্ঞা
আৰু অন্তৰ্দৃষ্টিসম্পন্ন গণমুখী শিল্পীগৰাকীৰ
সৃষ্টিশীলতাৰ সন্মোহণী আজীৱন একে থাকিলেও গভীৰ ৰাজনৈতিক বীক্ষাৰপৰা
জন্ম লভা দৰ্শন কিন্তু সকলো
গীতৰ কথাংশত সদায়েই একে ধৰণে প্ৰতফিলিত হোৱা দেখিবলৈ পোৱা নাযায়। সুদীৰ্ঘ কাল ধৰি অসমৰ বাহিৰত থাকিলেও এই
শিল্পীসত্তা গণবিচ্ছিন্ন হৈ
পৰা বুলি ভাবিব নোৱাৰি। কিন্তু গীতৰ মাজেৰে মানুহৰ
কল্যাণৰ ৰাজনীতিৰ কথা কোৱা মানুহজনে ব্যক্তিগত জীৱনত সময়ে সময়ে
গ্ৰহণ কৰিছে কৌশলী ৰাজনৈতিক অৱস্থান, যিয়ে তেঁওৰ
অনুগামীসকলৰ মনত প্ৰশ্নৰ উদ্ৰেক নকৰাও নহয়। ১৯৪৯ চনত চিকাগোৰ ষ্টেচনত বহি
“ঝক ঝক ৰেল
চলে মোৰ
ৰেল চলে মোৰ ৰেল চলে
সাম্য ৰিঙিয়াই
শান্তি উকিয়াই ৰে'ল চলে”
বুলি লিখা
শিল্পীগৰাকীয়ে জীৱনৰ বিয়লিবলুকাত ধৰ্ম- সংপৃক্ত ৰাজনীতিৰ আওতাৰে নিৰ্বাচনত
অৱতীৰ্ণ হৈ সকলোকে
হতচকিত কৰিও তুলিছিল।আনকি পৰিৱৰ্তিত সময়ৰ
সৈতে তাল মিলাই কেইবাটিও গীতৰ
কথাও তেখেতে সলনি কৰিছে --
যাৰ ভিতৰত ‘প্ৰতিধ্বনি শুনো' গীতটিৰ কথাংশ
অন্যতম। ভাৰতবৰ্ষ আৰু চীনদেশে
প্ৰায় একেসময়তে স্বাধীনতা লাভ কৰিছিল আৰু
নবাগত চীনৰ প্ৰতি শুভেচ্ছামূলক বাণীৰে
তেখেতে প্ৰথমে এই গীতটি ৰছনা কৰিছিল । ড০ পৰমানন্দ
মজুমদাৰে তেখেতৰ গ্ৰন্থ “চেতনা প্ৰবাহ -- জয়ন্তীৰপৰা গণনাট্য সংঘলৈ” -- শীৰ্ষক গ্ৰন্থত এই প্ৰসংগটো
এনেদৰে উল্লেখ কৰিছে -- “চীন বিপ্লৱৰ পটভূমিত তেঁও অপূৰ্ব
প্ৰকাশভংগীৰে, সুন্দৰ শব্দ-সুষমাৰে লিখিলে ‘প্ৰতিধ্বনি শুনো' গীতটিঃ প্ৰতিধ্বনি শুনো মই
প্ৰতিধ্বনি শুনো । ভাৰতৰ
সিপাৰে পাহাৰ সিপাৰৰ। নিশাৰ
চিঞৰটিৰ প্ৰতিধ্বনি শুনো। .......জাগি উঠা মহাচীনে হাজাৰ চিঞৰ
মাৰে। তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাগি
পৰে । মানৱ সাগৰত কোলাহল শুনো। নতুন চীনৰ
মই প্ৰতিধ্বনি শুনো। এই গীতটি পোনতে ‘জয়ন্তী'ৰ পাতত ওলাইছিল। ‘জয়ন্তী'ৰ গীতটি আছিল
দীঘল। তাত ভালেমান চীনা শব্দৰো
প্ৰয়োগ কৰা হৈছিল। তলত টোকা সন্নিবিষ্ট কৰি গীতিকাৰে শব্দবোৰৰ ব্যাখ্যা
দিছিল। এই গীতটি ১৯৫৫ চনত চীনলৈ
যোৱা দিলীপ শৰ্মাই সেই
দেশত পৰিবেশন কৰিছিল। ” ( প্ৰৱন্ধ-- ভূপেন হাজৰিকা আৰু গণনাট্য সংঘৰ চেতনা, গ্ৰন্থ -- চেতনা প্ৰবাহ -- জয়ন্তীৰপৰা গণনাট্য সংঘলৈ”) এই
গীতটিৰ আৰু কিছু
কথা এনেধৰণৰ আছিল -- “হ'ব পাৰে ই। ‘হোৱাংহো'ৰ।শোক ভৰা কথা।হব পাৰে ই। ‘কোমিনটাঙ'ৰ।ঘৃণাৰ নিষ্ঠুৰতা। ‘ হংকঙ'ৰ। পূঁজিপতিৰ।শোষণে অনা বেথা। মহাচীনৰ
গতিটিক। ভেটিব নোৱাৰো। তাৰে সুৰৰ।
ঘনে ঘনে ।প্ৰতিধ্বনি শুনো” -- আদি (‘জয়ন্তী'ত প্ৰকাশ হোৱা মূল গীতটিৰপৰা । উৎস- পৰমানন্দ মজুমদাৰ, চেতনা প্ৰবাহ-- জয়ন্তীৰপৰা গণনাট্য সংঘলৈ)। পৰিৱৰ্তিত
প্ৰেক্ষাত এই শব্দাংশৰ
পৰিবৰ্তন ঘটোৱা হৈছে
এনেদৰে --
“হ'ব পাৰে কোনো
গাভৰুৰ শোকভৰা কথা
হ'ব পাৰেকোনো আইতাৰ নিশাৰ সাধুকথা
হ'ব পাৰে কোনো ৰংমনৰ
কঠিয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নোৱাৰো ”
মূল গীতটিৰ কথাংশৰ
এই পৰিবৰ্তনবোৰে শিল্পীসত্তাৰ
কৌশলী ৰাজনৈতিক স্থিতিৰ
বাৰ্তা বহন কৰিলেও শব্দৰ অসম্ভৱ যাদুবল প্ৰয়োগ কৰি
তেওঁ কিন্তু তাৰ
নান্দনিক সৌন্দৰ্যৰ হীন
-দেৰি নোহোৱাকৈ ৰাখিব পাৰিলে।
এয়াই তেওঁৰ কৃতিত্ব।
ব্যক্তিসত্তাৰ সীমাবদ্ধতাক সৃষ্টিৰ
সংকীৰ্ণতালৈ আহিবলৈ নিদিয়াটোৱেই এই বিৰল প্ৰতিভাধৰ, দূৰন্ত শিল্পীসত্তাৰ
যুগজয়ী কৃত্বিত্ব। শিল্পীসত্তাটিৰ গীতৰ দৰ্শনত পোহৰ পোলোৱাৰ বেলিকা এই দিশবোৰৰ প্ৰতি চকু দিয়াটোও প্ৰয়োজন। ব্যক্তিজীৱনৰ
সাময়িক ত্ৰুটি-বিচ্যুতি স্বত্বেও আজিৰ অসমৰ আকাশৰ এই এখনিয়েই ৰামধেনু--যালৈ চালে চ'তাই পৰেবতৰপৰা চিৰিলুইতলৈ বাস কৰা প্ৰতিটি অনুভুতিশীল প্ৰাণীৰ হিয়া-মন শাঁত পৰি যায়। পাহাৰ-ভৈয়াম একাকাৰ কৰি সমন্বয়ৰ গীত গোৱা এই এটি মাথোঁ সুধাকণ্ঠী
নক্ষত্ৰ -- যাৰ অনল পোহৰত জাতিয়ে সাহ পায়। অসমীয়া জাতিয়ে নিজে নুমুৱাই
নেপেলালে ড০ ভূপেন হাজৰিকাই
দি যোৱা গীতৰ প্ৰজ্ঞাবন্তিৰ পোহৰগছি নিজৰ শকতিৰেই আমাৰ মাজত অক্ষয়-অব্যয় হৈ ৰ'ব ।
--------
প্ৰসংগ পুথি --
চেতনা প্ৰৱাহ, জয়ন্তীৰপৰা গণনাট্যলৈ -- পৰমানন্দ মজুমদাৰ
ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ --ডক্টৰ দিলীপ কুমাৰ দত্ত
নীলমনি ফুকনৰ সম্পূৰ্ণ কবিতা
- ৰত্না ভৰালী তালুকদাৰ