Wednesday 16 August 2017

অয়ে নাথুৰাম.............






অয়ে নাথুৰাম কৰিলি  কি কৰ্ম
বাপুজীক মাৰি তই কৰিলি অধৰ্ম
 
শুনা যায়১৯৪৭ চনৰ  চৈধ্য  আৰু  পোন্ধৰ  আগষ্টৰ   সন্ধিক্ষণত  মধ্যৰাত্ৰি  যেতিয়া   আমাৰ দেশে  স্বৰাজ লাভ কৰিছিল   -  গান্ধীবাপুই   একাষৰীয়াকৈ  এটি   কুঠৰীত সোমাই  নিৰলে  উচুপিছিল   শুনা যায়  -  দয়াৰ  সুকাঠী  পৰশ লৈ  কোনোজন  আহি  মচি  দিব  দুধাৰি লোতক   -  সেহি  মধ্যৰাত্ৰি   এনে  এটি   সাদৰী  পুৰুষ     নাছিল   গান্ধীবাপুৰ  কাষত    স্বৰাজ  লাভৰ  সেহি  মধ্যৰাত্ৰি  সদ্যেজাত  ভাৰতবø  মাটি  তেজৰ  দুটিকৈ  সৰ্বনাশী  স্ৰোতেৰে  ৰঙাৰাঙলী  হৈ  পৰিবৰ   আশংকাৰে  কঁপি  উঠিছিল  তেজৰ সেই   দুয়োটি  ধাৰ   আছিল  অভিন্নবৰণত  ৰঙা আৰু  সোৱাদত    নিমখ  তথাপিও  তেঁওলোকে  দিছিল   দুয়োটি  স্ৰোতৰ  দুটি কৈ নামৰাম  আৰু  ৰহিম   

শুনা যায় - সেহি    মধ্যৰাত্ৰি  ভাৰতবাসীৰ  পৰম  আকাংখিত  স্বৰাজ  ঘৃণাৰ  বীজলেৰে  পখালি  আহিছিল   সেহি  বীজলত  জনম   লভি   দুখনি  বিষধৰী  নদীৰ   দৰে  দুয়োধাৰি  তেজৰ  স্ৰোত  গান্ধীবাপুৰ  বুকুৰ   দিশেই  ঢাপলি মেলিছিল তেঁও  যে   জাতিৰ  পিতা আছিল   ৰাম   আৰু  ৰহিম  যে তেঁওৰেই  পৰাণৰ  আদৰুৱা  প্ৰাণ  আছিল  সেয়েহে  কুঠৰীৰ   ঘিট-মিটীয়া  এন্ধাৰত  গান্ধীবাপুই   সহিব  নোৱাৰা বেজাৰত কঁপি  উঠিছিল 

বিষধৰী  নদীৰ  হলাহল  আকুণ্ঠে  পাণ কৰি  নীলকণ্ঠী  ' পৰা নাছিল  গান্ধীবাপুই
 
গান্ধীবাপুক   নিৰলে  কুঠৰীত  উচুপিবলৈ  দি  তেঁওলোক  পথলৈ   নামি  আহিছিল   মধ্যৰাত্ৰিৰ   অভিজিত  ক্ষণত  তেঁওলোকে দেশবাসীক  সম্বোধন কৰি  স্বৰাজ  উপহাৰ  দিছিল,   নৱভাৰতৰ  জন্ম  ক্ষণৰ   পবিত্ৰ  শংখত   ফুঁ  দিছিল   আৰু  টিপ  টপ  লাইটৰ  আলোকেৰে  আতচবাজী  আৰু  ফটকা   ফুটাইছিল  আলোকৰ  সাজে  সাজি  উঠিছিল   মধ্যৰাত্ৰিৰ   পথমালা  ফটকা,   আতচবাজী   আৰু   বৰণীয়া   ফানুচৰ  মায়াপী  দিপাৱলীৰ  মাজেৰে   সবাই  পাইছিল  আমাৰ  স্বৰাজ লাভৰ অমোঘ বতৰা  
 
শুনা  যায়   - লোক  নিন্দা  পাব   বুলি  তেঁওলোক   সজাগে   আছিল   লুকুৱাই  থব  খুজিছিল  গান্ধীবাপুৰ  চকুপানী   কিন্তু  সেহি    মধ্যৰাত্ৰি   কাৰো   বাধা  নামানি  এন্ধাৰ  কুঠৰীৰপৰা   গান্ধীবাপুৰ  চকুৰ পানী  ঢল  হৈ  নিগৰিছিল   নিচিগা  ধাৰেৰে  সেই  ঢল  কেতিয়াবা দোকোলটঁকা    বান হৈ,   আৰু   কেতিয়াবা  মুষলধাৰ   ''ষুণ হৈ  নামি   আহিছিল  আমাৰ  দেশৰ  মাটিলৈ গান্ধীবাপুৰ   চকুলোৰ    নজহা - নপমা   ধাৰেই  নতুনকৈ    জনম  লভা   আমাৰ  দেশৰ  মাটিত  চেতনাৰ  সাৰ  দিছিলপানী দিছিল   

সেহি   কৰুণতাত  আশাৰ পুলি - পোখাই   গজালি মেলিছিল

-------

শুনা যায়।  এনে  কথা এতি য়াও  কদাচিত  শুনিবলৈ পোৱা যায়  -  নহয়নেহেৰি!
 
এই   বুলি   শৰণীয়া পাহাৰখনিৰ টিঙৰ  গান্ধীমণ্ডপটিৰ  নিলগৰ  পাহাৰৰ    মাটি  বে- দখল কৰি   সজা   দালান  এটিৰ   নিজান  কোঠা  এটিত,   এখনি  বগী ধকেধকী চাদৰ  পাৰি  থোৱা  সুকোমল   শয্যাত  পৰি  থুৰিমলা  আয়ে   বিৰবিৰকৈ  আপোনতে  কথা  পাতিবলৈ  আৰম্ভ   কৰি  দিছিলএনে সময়তে  আইক  দেখিলে  এনে লাগিছিল যেন  তেঁও  আজন্মৰ  চিনাকি  কোনো   এটি   সুহৃদক   কাতে  বহুৱাই   লৈ  গান্ধীবাপুৰ   আখ্যান  এটিহে  বখানিছিল।  খোজে- কাটলে  এতি য়াও  কিছু  তজবজীয়া   হৈ   থকা  থুৰিমলা  আইৰ    বয়সে   ভাৱজগতৰ  চেতন  আৰু   অৱচেতনৰ  কণা - মুণাত  বিচৰণ  কৰাৰ  পৰ  আহি  পোৱাত   আজি- কালি  তেঁওৰ  সপোন  আৰু   দিঠকৰ  দিকচৌ  বাটত  সঘনেই খেলি -মেলি  লাগিবলৈ  ধৰিছিল  ।  দোভাগ   ৰাতি   প্ৰায়েই  আইৰ  টোপনিৰ আলি - মুলি  জাল  কাটি   গৈছিল   । আৰু  তেনে  নিজান  পৰত   আয়ে   একান্তে  তেখেতৰ   প্ৰয়াত  পতিদেৱএকালৰ   মুক্তিযোদ্ধা  প্ৰয়াত  হৰিবৰ  বৰকাকতীৰ  নিবিড়  সাক্ষাৎ   পাবলৈ ধৰিছিল।  আইৰ  পতিদেৱ  জীয়াই   থকাৰ   কালত  তেখেতৰ   ইমান  নিবিড়   সান্নিধ্য  লাভ  কৰাৰ সৌভাগ্য  আইৰ   হোৱা  নাছিল।  সেয়েহে  এতিয়া  ভাটী বয়সৰ  চেতন  আৰু   অৱচেতনৰ  ণা- মুণাত   প্ৰতি  মধ্যৰাত্ৰি  পতিদেৱৰ  সৈতে হোৱা  সেই   সাক্ষাতে   যেন   অনন্ত   জুৰণিৰ  সহস্ৰ  বাহু   মেলি  আইৰ  সমুখত  ওপচাই  দিছলিহি   পাৰ  ভঙা  অমিয়া।  এহি  বিনন্দীয়া  পৰত  পতিদেৱৰ  অতিকৈ  প্ৰিয় গান্ধীবাপুৰ  আখ্যানৰ   সাৰ  কথা   নিবিড়কৈ  আলচি  থুৰিমলা  আই  আপোনতেই  মগন   হৈ পৰিছিল ।  

জীৱনৰ   অনেক  খকা- খুন্দাই   জুৰুলা  কৰা   থুৰিমলা   বৰকাকতীক  ভাটী   বয়সত  সৌ  সিদিনাহে  তেঁওৰ  অজামিল পুত্ৰই   বছৰি   বানে ভাঙি   নিঠৰুৱা  কৰা   গাঁওখনিৰপৰা  নিজৰ  লগত   আনি  ৰাখিছিলহি।    গান্ধীবাপুৰ   অনুগামী   হৰিবৰ  বৰকাকতীয়ে  জীৱনকালত স্বৰাজ  লাভৰ  আন্দোলনত  অনেকবাৰ জেল খাটিছিল,   পুলিচৰ  অত্যাচাৰ  পাইছিল।  ভাৰতৰ  স্বৰাজ  লাভৰ  যি  মধ্যৰাত্ৰিত  এন্ধাৰ  কুঠৰীত  গান্ধীবাপুৰ  পাৰ  ভঙা  চকুলো  নিগৰি  আহিছিলসেই    সম্বাদ  লভি  হৰিবৰ  বৰকাকতীৰো   হিয়াখনি  ৰম ৰমকৈ  দহিবলৈ ধৰিছিল।  স্বৰাজ  লাভৰ  পিছতো  দেশৰ   প্ৰতি  দায়িত্ব  কমি  যোৱা  বুলি তেখেতে  অনুভৱ  কৰা   নাছিল।   আজলী  পত্নীৰ  সাদৰী  দুহাতত  সংসাৰৰ  সঁচাৰ - কাঠি   চমজাই তেখেতে  ঠন ধৰি  উঠা  সমাজখনি  -কৈ  গঠন  কৰাৰ   কামত   মন- প্ৰাণ  সঁপি  দিছিল।  অকলশৰীয়াকৈ  ঘৰ - সংসাৰৰ   জঞ্জাল  সামৰি  চকুৰে   দিক বিদিক   নেদেখা  হৈছিল   থুৰিমলা  আয়ে।  একেটি  মাথোন পুতেকক  পঢ়ুওৱাৰ   নামত  মাথো   ঘৰখনিৰ   খেতিৰ  মাটিকেইডৰা  বন্ধকত গৈছিল ।  দীঘলীয়া  পিত্ত  ৰোগে  পেটত  দেগদেগীয়া  ঘাঁ  কৰাৰ   পিছত  এদিন  হৰিবৰ  বৰকাকতীয়েও   চিকিৎসা  নোপোৱাকৈয়ে    সংসাৰৰপৰা বিদায়  মাগিছিল।   ঘৰুৱা  অনাটনত  নাকনি - কাননি খায়ো   পৰীক্ষাত  ভাল  ফলাফল দেখুৱাই  গুৱাহাটীৰ কলেজত  পঢ়ি  থকা   থুৰিমলা  আইৰ  পুত্ৰই    সেহি    সময়তে  অজামিল  হোৱাৰ  দিশে  ভৰি থৈছিল।  পঢ়া - শুনা  আধাতেই  সামৰি  আইৰ   দুৰাচাৰী   পুত্ৰই  গাঁৱৰ  বাকী  থকা   বাৰীৰ মাটি  বেচি   মহানগৰীত  ব্যৱসায়  আৰম্ভ   কৰিছিল।  অতিশয়  ভয়লগাএন্ধাৰৰ  কুটিল নখ- দন্তৰ আঁচোৰে  নেফা- নেফ  কৰাতামসিক  লালসাৰ  আছিল  সেহি   অজামিল  উত্থানৰ  জঁয়াৰপাক  লগা  বাট।  

পতিৰ  আদৰ্শকে  আজীৱন  সামৰি  ৰখা  থুৰিমলা  আয়ে   চেতনা  থকালৈকে   অজামিল  পুত্ৰৰ  সৈতে   হলি- গলি  কৰা  নাছিল।   মহানগৰীৰ  পুত্ৰ -বোৱাৰীনাতি- নাতিনীৰ  যযাতি যাপনৰ   সিপাৰে সৌ   সিদিনালৈকে   বানে  ভঙা   গাঁওখনিত গাঁওবাসীৰ  ভৰসাত  আয়ে  শাকে - ভাতে    মহঙা   দিন পাৰ  কৰিছিল।  
ভূমি  মাফিয়া  হিচাপে  কুখ্যাতি অৰ্জা  থুৰিমলা আইৰ  অজামিল  পুত্ৰই   নিজৰ ভেৰোণীয়া  গুণ্ডাবাহিনীৰ  সহযোগত  শৰণীয়া  পাহাৰখনিত   গান্ধীমণ্ডপৰ  প্ৰায়  নিলগতেই    মাটি  এডোখৰ  বে- দখল  কৰি   সুৰম্য  অট্টালিকা  এটি   তুলিছিল।  ইতিমধ্যে   ন্যায়ালয়ৰ এক  কঠোৰ  নিৰ্দেশ  অনুসৰি   চৰকাৰে    পাহাৰৰ   মাটিৰ  দখল   কৰাটো   বে-আইনী  বুলি   ঘোষণা   কৰিছিল  আৰু  তাৰ   কাণ্ডক   লৈ  চাৰিওফালে   হৈ  চৈ   লাগিছিল।  ন্যায়ালয়লৈ  সঁহাৰি  জনাই  প্ৰশাসনে    শৰণীয়া   পাহাৰত কেইবাবাৰো  উেচ্ছদ   অভিযান  চলাইছিল   আৰু  নতুনকৈ   দখল   লৈ সজা  ঘৰবোৰ ভাঙি দিছিলহি।   সেহি  সময়তে  সি   চেতন  আৰু   অৱচেতনৰ  কাণি - মুণিলৈ  যোৱা  থুৰিমলা   আইক  নিজৰ  লগত  ৰাখিবলৈ  লৈ  আহিছিলগৈ  ।  তাম্ৰপত্ৰপ্ৰাপ্ত  প্ৰয়াত  মুক্তিযোদ্ধা  হৰিবৰ বৰকাকতীৰ   পত্নী  থুৰিমলা  বৰকাকতীক   আগ কৰি  লৈ   আইৰ  অজামিল পুত্ৰই   ওপৰমহলত   কথাটি   নিস্পত্তি   কৰিছিল।  কথাটিৰ  থান-থিত  লগাত   মনৰ  সুখতে   সি   থুৰিমলা   আইক   বগী  ধকেধকী    সুকোমল শয্যা  পাৰি   দিছিল ,  সু-খাদ্য  আৰু   পথ্যৰে  আইৰ কোঠা  উভৈনদী  কৰি তুলিছিল  আৰু  আল-পৈচান  ধৰা  মানুহেৰে  আইৰ কোঠা  ওৱাদানি  কৰি  পেলাইছিল।  

থুৰিমলা  আইৰ  দুটিকৈ  নাতিৰ  সৰুটিয়ে  কম বয়সতে  দিল্লী মহানগৰীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত  এজন হৃদৰোগ  বিশেষজ্ঞ  হিচাপে সুনাম অৰ্জন কৰিছিল। কদাচিতহে   সি  ঘৰলৈ আহিছিল।  ওপৰমহলাৰ  কেনো এটি  কোঠাতে দিনে - নিশাই   নিষিদ্ধ  ড্ৰাগচৰ  নিচাত  ডুবি থকা   আইৰ  ডাঙৰ  নাতি য়ে কদাকাৰ  ৰূপ  ধাৰণ  কৰিছিল। গাৰ  ভেকেটা- ভেকেট   দুৰ্গন্ধ মেলি,  জঁট  লগা  চুলিৰে নিজৰ গু-মূত সাৱটি সি তাতেই  পৰি থাকিছিল।   ছালৰ  তলত  তাৰ  মাছুৱৈৰ জালৰ দৰে  নীলবৰণীয়া  সিৰাবোৰে  পোখা মেলিছিল।    নিচা ভগাৰ সময়তহে    কদাচিত সি   ফয়ল কাগজৰ তলিত   জুই  জলাই  বগা পাউদাৰ  খোৱা   হাতৰ  পুৰি  যোৱা   বুঢ়া  আঙুলিৰে  নিজৰ গু -মূত  নিজেই  চাফা কৰিছিল।   এনে  এটি   নিচাসক্ত  প্ৰাণীৰ  প্ৰতি  কেনেবাকৈ  আকৰ্ষিত হৈ  নাতি- বোৱাৰী  নিজেই   চাপি আহিছিল।  আইৰ   অজামিল পুত্ৰৰ   সুৰম্য  অট্টালিকাৰ  ওপৰ  মহলাত   পুত্ৰবধূই  নিজৰ গু- মূতৰ  পংকত  লেকাট  ভূঞ্জি মৰণৰ দিশে  গতি কৰা পুত্ৰক  সমুখত লৈয়েই   নাতি - বোৱাৰীৰ  সৈতে  এটি  ছাত্ৰীনিবাস  খুলিছিল  আৰু   তাৰেই  আঁৰ লৈ  আৰক্ষী  আৰু  প্ৰশাসনৰ সহযোগত  নিষিদ্ধ  ড্ৰাগচ  আৰু  নিশাৰ  বেপাৰ  এটি  চলাই   গৈছিল ।   

চেতন  আৰু   অৱচতেনৰ   ছায়াঘন  বিয়লিত  থুৰিমলা  আয়ে   এই  তামসিক  বৃত্তান্ত  জনাৰ উপায়  নাছিল ।  ডিমেনচিয়া  অপদেৱীয়ে কেশ  ঘন  হাতৰ  পাক  লগা  আঙুলিৰে   জুৰণীয়া  সোৱঁৰণিৰ  কূটা  কঢ়িয়াই  অদূৰতে  সৌ  আইৰ   সমাধি   সাজু  কৰিছিল।  তেনে গভীৰ   নিসংগতাত   অনন্ত  জুৰণিৰ  সহস্ৰ  বাহু  মেলি   আইক  পতিদেৱ   আৰু   গান্ধীবাপুই  আইক  আৱৰি  ধৰিছিলহি। 

ভাটী বয়সৰ  এই  দিনকেইটি  পুত্ৰৰ   সৈতে   কটাবলৈ  অহাটো   তথাপিও যেন  আইৰ   বাবে  হৈ  উঠিছিল   এজোলোকা   আৰ্শীবাদ  ।   পুত্ৰগৃহৰপৰা  থুৰিমলা  আয়ে  হাত  মেলিলেই   ঢুকি   পোৱাতে   সৌৱা   শৰণীয়া  পাহাৰৰ  নিৰিবিলিত   প্ৰশস্ত,   সমাহিত   গান্ধীমণ্ডপ।   মণ্ডপৰ   গান্ধী  স্মাৰকটিৰ  সমীপতে  শৰণীয়া   পাহাৰটিৰ  টিঙৰ   এটি   কঠিন  ভেটিত,  শুভ্ৰ  ৰঙী  এটি  সূদীৰ্ঘ,  পূৰ্ণ  অৱয়ৱ   মূৰ্তিৰূপত   ঠিয়দঙা  দি  আছিল   গান্ধী বাপুই।  ফানতিৰ  দৰে   তেঁওৰ   পাদুকা, বতাহত  এই  উৰোঁ  এই   উৰোঁ আলোৱান,  বাওহাতৰ  মুষ্টিভিক্ষাৰ  জোলোঙা  আৰু  সোঁহাতে  লাখুটি এডাল   লৈ  থকা  গান্ধীবাপুক দেখিলেই   আইৰ   এনে লাগিছিল  যেন বাপুই   প্ৰজাসৱৰ  কল্যাণৰ  হকে   আকউ   এটিবাৰ   পদযাত্ৰাৰ  বাবেহে  সাজু  হৈছিল ।  ১৯৪৬ চনত গান্ধীবাপুই   অসম  ভ্ৰমণৰ   কৰাৰ  কালত  চৈধ্য বছৰ  বয়সতে বি বাহ পাশত আবদ্ধ  হোৱা  নৱ  পৰিণীতা  থুৰিমলাই   পতিৰ  সহিতে  জাতিৰ  পিতাৰ   দৰিশন  লাভ  কৰাৰ  বিৰল   সুযোগ  পাইছিল ।  সেহি দৰিশন   বিৰল  তীৰ্থ  সম  পূণ্য  বুলি  গণ্য  কৰি  আয়ে নিঃকিন জীৱনকেই   সাৱটি লৈছিল। 

আইক  চোৱা-চিতা কৰা  চিকিৎসকৰ   পৰামৰ্শ   অনুসৰি  অজামিল  পুত্ৰই  কিছু  বেলা খোজ  কঢ়াই আনিবলৈ  এটি ভৃত্যৰ  যোগাৰ কৰি দিছিল । ভৃত্যটিৰ  সৈতে আয়ে   পুৱা - গধূলিৰ  কিছু পৰ  নিতৌ   নাতিদূৰৈতে থকা   মণ্ডপৰ  গান্ধীবাপুৰ   চৰণত  কটাই  আহিছিলগৈ।  মণ্ডপৰ সমাহিত  বাকৰিত  বাপুৰ  সুবিশাল  মূৰ্তিটিলৈ  চকু   দিলেই   এক   অনাবিল   প্ৰশান্তিয়ে  আইক  আৱৰি  ধৰিছিলহি।  পতিদেৱৰ  সৈতে বাপুৰ  আখ্যান আলচ কৰি বিমল শান্তি  পোৱাৰ            দৰেই  মণ্ডপৰ বাকৰিতো বাপুৰ  সতে দুষাৰ  কথা  পাতি  আই   আপোনতেই  মগন  হৈ  পৰিছিল।   আয়ৈ দেহি/  যিজনা  শিলাকুটীয়ে  শৰণীয়া  পাহাৰৰ  টিঙত  এটি  বিশাল  মূৰ্তিৰ   আকাৰত   গান্ধীবাপুক   থাপনা  কৰিছিল  -  তেঁও  বাৰু   মুৰ্তিটিক  প্ৰজাসৱৰ চেতনাৰ  প্ৰহৰীৰ  ৰূপত  দেখা  পাইছিল নেকি -   আয়ে  নিজকেই  সুধিছিল।  প্ৰজাসৱে  এদিন  গান্ধীবাপুৰ     সমুখেদি   লেগাম   চিগা  ঘোঁৰাৰ   দৰে  তেজ  কদমত  চেকুঁৰিব - সেইজনা   শিলাকুটীয়ে  এটিবাৰ  এনেকৈ  ভাবি পাইছিল নেকি·   ......আস  ।  পগলা  ঘেঁাৰাৰ   চেকুঁৰত   চিটিকি   পৰাজনৰ  বিননিয়ে জানোচা গান্ধীবাপুৰ   হিয়া  দহে /  চাব নোখোজা  কথাবোৰে   জানোচা  অঘৈয়া  হুল  হৈ  গান্ধীবাপুৰ  চকু   শালি  ধৰে  -    এই   ধৰণৰ  চেনেহী ভাৱনাই   থুৰিমলা   আইক  বিতত   কৰিছিল।   যিসকল   সদশয়  লোকে   নিতৌ   পুৱা - গধুলি    অথবা  গান্ধী জয়ন্তীৰ  দিৱসটিত    গান্ধীমণ্ডপৰ  শীতল   দুবৰি বনৰ  দলিচাত  দুভৰিৰ   ধূলা  দিছিলহি -    তেঁওলোকক   আইৰ  বৰকৈ    ব্যস্ত  যেন লাগিছিল। গান্ধী মণ্ডপৰ   সমাহিত   বাকৰিত   বহি   কিছু  পৰ  একান্তে    গান্ধীচেতনা    হৃদি  স্থিত  কৰিব    -  মনত  এনে  ভাৱনা লৈ আহিছিল   জানো  কোনোজনক্ক ঢেলা চকুৰে  বাপুৰ  মুৰ্তিটিলৈ  চকু  দি  আয়ে  নিজকেই  সুধিছিল।  

আস ।  অনন্ত  নিৰৱতাত ডু ব  গৈ  থকা  গান্ধীমণ্ডপৰ  বাকৰিত  বহি  থাকি   থুৰিমলা  আইৰ   এনে   লাগিছিল  যেন    অন্তৰত  গুজৰি  থকা কিছু  আখ্যান   আলচ  কৰিবলৈ  গান্ধীবাপুই  এটি   সুহৃদ   বিচাৰিহে  হাবাথুৰি  খাইছে!   মনৰ  সেই  হাবাথুৰিতেই    পূৰ্ণাৱয়ৱ  শুভ্ৰ  মূৰ্তিটিৰ  মু'খনিও  কেনেবাকৈ  অঁভজা  হৈ  পৰিছিল নেকি! প্ৰাতঃভ্ৰমণ কৰিবলৈ  গান্ধীমণ্ডপৰ  বাকৰিলৈ  অহা  অনেকেই    ইচ    ইচ কৰি  কোৱা  আয়ে  শুনিবলৈ পাইছিল -  “হায়!  ৰ'দ- বতাহ  আৰু ব'ৰষুণৰ  আঘাতত  মূৰ্তিটি  কেনে  কঠুৱা  হৈ পৰিছে!”

হিক! হিক! হিক !হিক !

দোভাগ  নিশা   আইৰ  ভাৱনাক চেদেলি- ভেদেলি কৰি  ওপৰ মহলৰ পৰা বেসুৰা   খিকিন্দালি  ভাহি   আহিল।  আই  খপ-জপ  কৰি  উঠিল। ক'ৰ বাত  বনৰজাৰ  চিকাৰত  হৰিণা পৰিল নেকি! তেজে -তুমৰলি বেভিচাৰী   তৰোৱালে   ৰাতিটো   দুচেও  কৰি   গ'ল নেকি!   আই  বিতত  হৈ পৰিল।  আইৰ  ভাৱনাৰ সমভাগী হৈ  গান্ধীৰাজাৰ  গীত এফাঁকি আইৰ কাষলৈ চাপি আহিল ।   আয়ে  গুণ গুণকৈ  গাবলৈ ধৰিলে -

বাপুজীৰ উপাসনাৰ সময় এতিয়া হ'ল
ধীৰে ধীৰে বাপুজী মন্দিৰকে গ'ল
হেন সময়তে নাথু মনতে গুণিলা
উপযুক্ত  সময়  বুলি গুলী এটা দিলা

গান্ধীবাপুই    ৰাম  আৰু   ৰহিম  নামৰ   দুয়োধাৰি   তেজৰ স্ৰোত   একে টি   সময়তে  পৰাণৰ   আদৰুৱা  প্ৰাণ  কৰি লোৱাৰ   বাবেই  খঙত  জলি  আছিল  নাথুৰ  দল । সেয়েহে  সন্ধিয়াৰ   প্ৰাৰ্থনাসভাৰ   নিমিত্তে  গান্ধীবাপুই   উপাসনাগৃহলৈ  সোমাই   যাওতে  সিদিনা   নাথুৱে   খাপ  পিতি   থাকিল।  চেগ  বুজি নাথুৱে  গান্ধীবাপুক  সেৱা  এটি  কৰিবলৈ  হাউলি  দিলে।  সেয়াই   উপযুক্ত   সময়  বুলি    নাথুৱে  এটি  এটিকৈ   গান্ধীবাপুৰ    বুকুত  তিনিটি   গুলী  দিলে।   বাপু  মাটিত  ঢলি পৰিল।   প্ৰাৰ্থনা সভালৈ  অহা   মানুহৰ  শেষ  হব নোখোজা  হাহাকাৰৰ  মাজতে   বাপুৰ  প্ৰাণ পখী উৰা মাৰিলে ।  স্বৰাজ  লাভৰ  মধ্যৰাত্ৰিৰপৰা  এন্ধাৰ কুঠৰীত  সোমাই   নিৰলে   উচুপিবলৈ ধৰা   গান্ধীবাপুৰ  চকুলোৰ  ধাৰ  দুটিও   শুকাই  চকুৰ  কোটৰত  কৰাল  মাৰি ধৰিলে।.......যেতিয়া  গান্ধীবাপুৰ   দেহাটি  চিতাত  তোলা হ'ল -  তেঁওৰ চ কুলোৰ    কৰাল মৰা  ধাৰ  দুটিও   চিতাভস্মৰ  সৈতে  মিহলি  হৈ   গ'ল।  সেহি  চিতাভস্মৰ  এধানি   এধানি  নিজাকৈ  পাবলৈ   নিচিগা  ধাৰেৰে   মানুহৰ   সোঁত  ববলৈ   ধৰিলে।  গান্ধীবাপুৰ  অনুগামী  সহস্ৰজনৰ  সেই  অনন্ত  স্ৰোত,  হেজাৰ -বিজাৰ   হতভাগাৰ  শেষ হব নোখোজা  ক্ৰন্দনৰ  ধ্বনিৰ  মাজত  নতুনকৈ  স্বৰাজ  পোৱা   ভাৰতবøৰ   চেতনাই     এটি  যেন   লহৰ   তুলিলে। সেই  লহৰৰ  এটি  এটি  কঁপণি  প্ৰজাগণৰ চেতনা  থৰ  থৰ  কৰি,   নিজান দুপৰত  জীয়া  সৰীসৃপ  এটি   সঁ সঁ  কৈ   চুঁচৰি  যোৱাৰ   অনুভুতিৰে   বুকুৰ  গভীৰলৈ সোমাই  আহিল ।  গভীৰ বিষাদ,  বুজাব  নোৱাৰা  আক্ৰোশ  আৰু   মৰণ  স্পৰ্শি  অহা  চেতনাৰ  চেঁচা পৰশত   সৰ্বজনৰ  অন্তৰ   কঁপি  উঠিল। 

যি  মহত্তৰ  জীৱনৰ  সন্ধানে  গান্ধীবাপুক  সমুদ্ৰৰ  গভীৰতা  দিলে -  মৰণৰ  কঠিন,  ধাতৱ পৰশে  যেন  তাক    অমৰ  কৰি তুলিলে।
তেঁওলোকৰো  সম্বিৎ  ঘূৰি  আহিল।  কোনোবাই  যেন  তেঁওলোকৰ  গাত  চাবুকৰ  সৰৌপ সৰৌপ কোবহে   বহুৱালে ।  নতুন  ভাৰতৰ  নতুন   উন্মেষৰ চেতনাৰে  উদ্বুদ্ধ  হৈ  দেশ  নিৰ্মাণ কৰিবলৈ   সাজু  হোৱাৰ   ক্ষণটিত    তেঁওলোকে   সঁচাকৈয়ে  এটিবাৰ  গান্ধীবাপুক  অমৰ  কৰি তুলি বলৈ  পণ কৰি ল'লে। 

গান্ধীবাপুক  সৰ্বজনে  নিৰন্তৰে   কাষতে   পাবৰ  নিমিত্তে   তেঁওলোকে  সৰ্বত্ৰে  গান্ধীবাপুৰ  চিত্ৰপট   এখনি   আঁৰি থোৱাটো  নিয়ম কৰি দিলে।  এনেদৰেই   গান্ধীবাপুৰ  চিত্ৰপট  এখনিয়ে   স্বৰাজ পোৱা ভাৰতৰ  আৰক্ষী থানা,  চৰকাৰী  অফিচ,  স্কুল - কলেজৰ দেৱালত   শোভা  কৰিবলৈ  ধৰিলে।  খোলা   ময়দানবোৰৰ  নতুন  নাম  হ'ল -  গান্ধীময়দান ।  গান্ধীবাপুৰ  পূৰ্ণাৱয়ৱ  আৰু  আবক্ষ   মূৰ্তিৰে  ৰাজহুৱা উদ্যান উপচি  পৰিল। গান্ধী স্মাৰকেৰে  উপচি  পৰিল  চহৰ  আৰু  নগৰ।  গান্ধীবাপুৰ  নামত  আহিবলৈ  ধৰিলে  বিদেশৰ  পৰ্যটক।  জাতিৰ পিতাৰ অহিংস  চেতনা  সৰ্বহৃদয়ত  ইমান প্ৰভাৱী  আছিল  যে  তেঁওলোকে  স্বাধীন   ভাৰতৰ  প্ৰতিখনি   কাগজী  মুদ্ৰা  গান্ধীবাপুৰ  চিত্ৰপট  এখনিৰে  শোভিত  কৰিবলৈ   ঠিৰাং কৰিলে।  

এনেদৰেই   গান্ধীবাপু  হৈ  পৰিল  সৰ্বজনৰ  চেতনা,  স্বাধীন  ভাৰতৰ  বিবেক,  আমাৰ  নৈতিকতাৰ  দূত।......তেঁওলোকে  প্ৰজাসৱৰ  হকে  গান্ধীবাপুক   অনায়াসলব্ধ   কৰি  তুলিলে। 

- শুনা যায়। এনে কথা এতিয়াও কদাচিত শুনা যায়।   নহয়জানো,  হেৰি !  

আয়ে  বিৰবিৰকৈ, গুপুত কথাষাৰি  কোৱা দৰে  পতিদেৱক  উদ্দ্যেশি কবলৈ  ধৰিলে --  ইমান   অনায়াসে   সৰ্বজনে  গান্ধীবাপুক  কাষতে  পাবলৈ  ধৰিলে যে,   এখন্তেক  নিৰলে  বহি   গান্ধীবাপুৰ  আখ্যানৰ  সাৰকথা  শুনিবৰ  নিমিত্তে  কাৰো  আৰু  হেঁপাহেই   নাথাকিল । 
 
ভাগৰে আইক হেঁচা মাৰি ধৰিলে।  আই   বহুপৰলৈ মৌন হৈ  ৰ'ল।  আইৰ  চকুৰ  পতাহালি   লাগো লাগো যেন কৰিলে। 

-----

পূৱে  ঢাল  ফাঁট দিলে। 

শৰণীয়া  পাহাৰৰ   নাভিৰ কোমল  বতাহ   এছাটি   বৈ  আহিল। মণ্ডপৰ  বাকৰিৰ  তগৰ  আৰু   খৰিকাজাঁই  ফুলৰ   পাপৰিয়ে সেই  বতাহক   সুগন্ধি  দিলে।   আকাশলৈ  মুৰ  দাঙি থকা   সহস্ৰ  বিৰিখৰ   ফুলে - পাতে  জিৰণি  লোৱা   পখীসৱ,  পাখিলাহি  পখিলা,  মৌগুটি  আৰু  মধুকৰে  নত শিৰে   প্ৰভাতী  সৰুযক  আৱাহণ   কৰিবলৈ ধৰিলে।  ধীৰে ধীৰে  পূৱৰ  আকাশত  আবিৰ   চটিয়াই  বেলিটিয়ে দেখা  দিলে ।  বেলিৰ  কিৰণ পৰি   গান্ধীবাপুৰ   দুখানি  চৰণ  পখালি  দি বলৈ  দুবৰি  বনৰ  থুপি  নিয়ৰ  মুকুতাৰ  দৰে  তিৰ-বিৰাই  উঠিল। 
 
আন  দিনাৰ  দৰেই    আজিও  গান্ধীবাপুই   গভীৰ  আকুলতাৰে   সেহি   পূবেৰুণক   হৃদি  স্থিত   কৰি,   দিনটোৰ  বাবে যেন  সঞ্জীৱনী সুধা গ্ৰহণ  কৰিলে। 

দূৰৈৰ পৰা  থুৰিমলা   আইক  ভৃত্যটিৰ  সৈতে  লাখুটি  এডালত ভেঁজা  দি   আহি   থকা  দেখা গ'ল।  আঢ়ৈ  কিলোমিটাৰ জোৰা   অকোঁৱা- পকোৱা  পথটি  উজাই   নিতৌ  মণ্ডপৰ  বাকৰিলৈ  অহা   দুটিমান   প্ৰাতঃ ভ্ৰমণকাৰীও   ইতিমধ্যে  আহি  পাবৰ  হৈছিল ।  তেঁওলোকে  বাকৰিত   দুভৰিৰ  ধূলা   থৈয়েই   মহানগৰীৰ  দুখানি  চৰণ   স্পৰ্শি   নামি  যোৱা  সৌ  নামনিৰ   লৌহিত্যৰ  দিশে  মু  কৰি  প্ৰাণায়াম   কৰিব,   তাৰপিছত   দুটিমান  কচৰৎ  কৰিব  আৰু   শেষত    প্ৰভাতী পখীৰ   দৰে   কিচিৰ- মিচিৰ কৰি  আপোনতে  দুষাৰি  কথা  পাতি  বিভোৰ  হ'ব।  সেই  মধুৰ  বাৰ্তালাপৰ  শেষত  এতিয়াও  আন  এটি  পদযাত্ৰাৰ  বাবে  উম্মুখ  হৈ  থকা  যেন  লগা  গান্ধীবাপুৰ  সুবিশাল  মূৰ্তটিলৈ  এটিবাৰ  চাই  কোনোটিয়ে  হয়তো ইচ ইচ  কৰি  উঠিব -   “হায়!  ৰ'দ- বতাহ  আৰু  ব'ৰষুণৰ আঘাতত   গান্ধীবাপুৰ   মুখ'নিয়ে   কেনে  কঠুৱা   ৰূপ  লৈছে,  নহয়নে!”  আৰু, তেঁওলোক  উভতি  যাবগৈ।

ইতিমধ্যে  থুৰিমলা  আই   বাপুৰ  কাষ  পাইছিলহি।   আয়ে   চাগৈ   ৰামধুন  এফাঁকিৰেই গান্ধী প্ৰশস্তি    কৰিলেহেঁতেন -ঠিক   তেনেতে    হঠাৎ  বাপুৰ  চৰণ যুগলৰ  তলৰপৰা  অহা  এটি  সমস্বৰ  অট্টহাঁহিৰ  খলকনিত   শৰণীয়া  পাহাৰখনি  যেন দুচেও  হৈ  পৰিল।    থুৰিমলা  আই  চক   খাই উঠিল ।  কোনোমতে  ঢলি   নপৰাকৈ  আয়ে   ভৃত্যটিৰ  গাতে ভেজা  দিলে। আই   আৰু  তেঁওৰ  ভৃত্যই দেখিলে   গান্ধীবাপুৰ  সুবিশাল  মূৰ্তিটিৰ   দুখানি   চৰণৰ  থোৱা  ভেটিত  বিকট  হাঁহিৰে  আধা- শোৱা,  আধা বহা  অৱস্থাত  অতি  বিকৃত ভংগী এটাৰে  সেয়া  আইতাৰ  নাতি - বোৱাৰী  ।  নাতি- বোৱাৰীক  ঘেৰি  লৈ  চেঙেলীয়া ল'ৰা- ছোৱালীৰ  এটি  উশৃংখল  দল । আইৰ  ভৃত্যটিয়ে দেখিলে যে,  ছোৱালীকেইজনী  তাইৰেই   ছাত্ৰীনিবাসৰ   আবাসী ।  আগনিশাৰ  অভিসাৰৰ  সমাপ্তি  ঘটাই  পুৱতিৰ  সতেজ  বতাহ লবলৈকে  সিহঁতে  হয়তো  শেহ  নিশাৰ  ফালে  গান্ধীমণ্ডপৰ  নিৰিবিলিত আহি  পাইছিলহি।  নিশাৰ  অত্যাচাৰ,  টোপনি  খতিয়ে   চেমনীয়া   ল'ৰা- ছোৱালীৰ  দলটিক লেবেজান  কৰি তুলিছিল । সেই কথা বুজি পাই   অসাঠন  কাপোৰ- কানিৰে  থুৰিমলা  আইতাৰ  নাতি - বোৱাৰীয়ে   আধা- বহা,   আধা  শোৱা  অৱস্থাত  দুয়োখনি  ভৰি মেলি  অতিশয়   বিকৃত   ভংগী  এটি  কৰি,  কুৎসিত   ফুচুৰিৰে  সিহঁতৰ  মাজলৈ লেতেৰা  উত্তেজনা  এটা  বিয়পাই   দিব খুজিছিল।  নিশাৰ অত্যাচাৰ,  মলঙি  যোৱা প্ৰসাধন  আৰু  বিকৃত  ভংগীমাৰে  সেই  অৱস্থাত  তাইক  যখিনীৰ  দৰে  লাগিছিল।  তাৰেই   পৰণিতিতেই  বিকৃত  অট্টহাঁহিত  মণ্ডপৰ  বাকৰি  কঁপি  উঠিছিল।  জোৰকৈ   হাঁহি  ৰখাবলৈ গৈ এটাই  গান্ধীবাপুৰ  দুখানি  চৰণতেই  হলহলাই  বমি  কৰি  দিলে। হালধীয়া  পিত  পানীৰ  দৰে  তাৰ বমি  আৰু  বীজল বাপু  থিয় হৈ  থকা ভেটিটোৰে   বৈ আহিল।  

দৃশ্যটি   ইমান কদাকাৰ  আছিল  যে,  আইৰ  ভৃত্যটিৰ গাৰ  নোম- কূপ পৰ্যন্ত  শিঁহৰি  উঠিল। আইতাক  লাহেকৈ  ধৰি সি গান্ধীবাপুৰ সুবিশাল মুৰ্তিটিৰ পিচপিনে  লুকুৱাই  দিলে আৰু  নিজেও  লুকাই থাকিল।  ইতিমধ্যেই   নিতৌ  প্ৰাতঃভ্ৰমণ  কৰিবলৈ  মণ্ডপলৈ  অহাসকলৰ কেইবাজনো  এটি    দুটিকৈ   আহি   বাকৰি  পাইছিলহি। তেঁওলোকে   দলটিৰ   উদ্ভণ্ডালিত  মূক  হৈ  পৰিল।   সিহঁতৰ কাৰোবাৰ হাতত  চোকা  অস্ত্ৰ  থাকিব পাৰে নেকি,   কেনেবাকৈ  পিষ্টল অথবা এটি  ৰিভলৰভাৰো  থাকিব  পাৰে  নেকি  - এই  আশংকাতে তেঁওলোক  কিছু  পৰ কিংকৰ্তব্যবিমোৰ  হৈ পৰিল।  অনেক পৰৰ  পিচতহে  তেঁওলোকৰ  চেতনা আহিল।  তেঁওলোকৰ   দুজনমানে   অত্যুৎসাহী  হৈ  দলটিক  নানা   প্ৰেশ্নৰে  ব্যতিব্যস্ত  কৰি  তুলিলে।  গান্ধীমণ্ডপৰ  পবিত্ৰ   বাকৰি  অসামাজিক  কাম- কাজেৰে কলুষিত   নকৰিবলৈ সকীয়াই   দিলে  আৰু   তৎকালেই  সেই  স্থান পৰিত্যাগ  কৰিবলৈ  দলটিক  নিৰ্দেশ দিলে।  নাতি-বোৱাৰীয়ে তেঁওলোকৰ  মুখ পাতি ধৰাত  দুজনমানে  আনকি  পকেটৰপৰা   ম'বাইল  ফোন  উলিয়াই   আৰক্ষীৰ জৰুৰী সেৱাৰ  নম্বৰটিত  ডায়েলো  কৰিলে।   এইবাৰ  আইতাৰ নাতি- বোৱাৰীৰ সৈতে  চেঙেলীয়া ল'ৰা- ছোৱালীৰ  দলটি  হিংস্ৰ   হৈ উঠিল।  

এটি সময়ত  গান্ধীমণ্ডপত  মূলগে'টত  আৰক্ষীৰ গাড়ী  আহি ৰোৱাৰ  শব্দ শুনা গ'ল।  প্ৰাতঃভ্ৰমণ  কৰিবলৈ অহা  দলটিয়ে   আচৰিত  হৈ  দেখিলে  যে,  আৰক্ষীয়ে সাং বাদিকৰ  দল এটিকো    লগতে   লৈ  আহিছে।  তেঁওলোকক কোনে খবৰ দিলে   বুলি  তেঁওলোকে  গুণা-গঁথা কৰিবলৈ লওতেই   আৰক্ষীৰ  গাড়ী দেখি  আইতাৰ নাতি- বোৱাৰীয়ে  চেমনীয়া ল'ৰা- ছোৱালীৰ  দলটিক এটি  ইংগিত দিলে ।  সেই   ইংগিত বুজি    শৰণীয়া পাহাৰৰ   চিনাকি,   সুৰুকীয়া  বাটেৰে  যেনি - তেনি  সোমাই সিহঁত  হাবিৰ  মাজত নেদেখা  হৈ  পৰিল। 

থুৰিমলা   আইৰ  অকলশৰীয়া  নাতি - বোৱাৰী  দুগুণে  হিংস্ৰ  হৈ  উঠিল।  গে'টৰপৰা   আৰক্ষী   আৰু   সাংবাদিকৰ   দল  আহি  বাকৰিত  ভিতৰ  সোমাই  মানে  তাই    শৰীৰৰ  বস্ত্ৰ  এপদ  এপদকৈ   দলিয়াই  প্ৰায় বিবস্ত্ৰ  ৰূপ ধাৰণ  কৰিলে ।  চকুৰ  পানীৰ  নিচিগা  ধাৰৰ  মাজেৰে   গান্ধীবাপুৰ   শপত খাই   তাই  আৰক্ষীক  অভিযোগ কৰিলে যে  মণ্ডপৰ প্ৰায় নিলগতেই থকা  তাইৰ  সৌ  ঘৰখনিৰপৰা   প্ৰাতঃভ্ৰমণ  কৰিবলৈ  মণ্ডপলৈ  অহাৰ  সময়তে   দলটিয়ে  অকলশৰীয়াকৈ  পাই  তাইৰ  সৈতে  অসামাজিক কাম- কাজত  লিপ্ত   হৈছে।  এই কথা    দুচকুৰ  নিচিগা লোতক বোৱাই  তাই   সাংবাদিকৰ  দলটিকো  ব্যক্ত কৰিলে।  তাইৰ পাকৈত অভিনয় দেখি   প্ৰাতঃভ্ৰমণ কৰিবলৈ  অহা  দলটিৰ  মুখৰ  ভাষা  হেৰাই  গ'ল।   আৰক্ষীৰ  সোধা- পোচা,  সাংবাদিকৰ  সাক্ষাতৰ   পিচত  সকলোকে  থানালৈ লৈ যোৱা হ'ল। 

গান্ধীমণ্ডপ  নিজুম  পৰিল।  সকলোটি  আঁতৰ হোৱাত  গান্ধীমূৰ্তিৰ  পিচফালে  নিতাল মাৰি  থকা থুৰিমলা  আইৰ    ভৃত্যটিয়ে  আইক  টনা-আজোঁৰা কৰি  কেকোঁ- জেকোঁকৈ উলিয়াই লৈ গ'ল।

গান্ধীমণ্ডপৰ  বাকৰিলৈ  অহা  মহানগৰীৰ  এগৰাকী  অকলশৰীয়া   মহিলাক  প্ৰাতঃভ্ৰমণৰ  সুযোগ লৈ  এচাম  বিকৃত সংবাদমাধ্যমত  সেই  বাতৰিটি  পুৱাতেই   হৈ  পৰিল   বিশেষ   খবৰ।  যিহেতু  বিষয়টোত  জাতিৰ পিতা  বাপুৰ  আদৰ্শ  আৰু  চেতনা  জড়িত হৈ আছিল,   সেয়েহে   খবৰটোৱে  নিমিষতে  চৰ্চা  লভিলে।   বহুদিনৰ  বিৰতিত   প্ৰজাসৱেও  যেন    এটিবাৰ  সাৰ  পাই   উঠিল।   সংবাদমাধ্যমৰ  অবিৰাম   প্ৰচাৰে  তেঁওলোকক  কাগজী   মুদ্ৰা  আৰু  দেৱালত  ওলমি  থকা   গান্ধীবাপুৰ  পৰিচিত   চিত্ৰপটখনিৰ   উৰ্ধলৈ লৈ গ'ল  আৰু  বাপুৰ  দৰ্শন  সম্পৰ্কীয়  চেতনা  এটি   জগাই  তুলিলে।  প্ৰজাসৱে   অ'ত-ত'ত   জুম  বান্ধি,  অফিচৰ দুপৰীয়াৰ  আহাৰৰ  বিৰতিত  আৰু   সন্ধিয়া  খোজকাঢ়িবলৈ  যোৱাৰ পৰত  গান্ধীমণ্ডপৰ   কাহিনীটিকেই  আলচ  কৰিবলৈ  ধৰিলে।   সংবাদমাধ্যমে  বাতৰিটি  বিশেষভাৱে  গুৰুত্ব প্ৰদান  কৰি    প্ৰচাৰ  কৰাৰ লগে  লগে   বাপুৰ  আদৰ্শক  খামুচি থকা  বিভিন্নজনক বিচাৰি-খোচাৰি  মতামত  গ্ৰহণ  কৰিলে,  গান্ধীমণ্ডপক  কলুষিত  কৰাৰ পৰ্যায়লৈ ঠেলি  দিয়াৰ বাবে  প্ৰশাসনক   ক্ষুৰধাৰ  সমালোচনা  কৰিলে।  এই  সকলোবোৰে    প্ৰজাসৱৰ মনত  ইতিমধ্যে  জাগৰুক  হৈ  উঠা  চেতনাটিক   অঁফলা ভাঙি অহা ঢৌ এটিলৈ  পৰিণত কৰি  তুলিলে।  যিসকলে   শৰণীয়া পাহাৰৰ  অকোঁৱা-পকোৱা  পথটি  বগাই    এটিবাৰলৈও  গান্ধীমণ্ডপলৈ  যোৱাৰ    তাড়ণা  এটি  অনুভৱ কৰা  নাছিল,   পাহাৰখনিৰপৰা  আকাশলৈ  মুৰ তুলি  থকা  বিৰিখ  বনৰ  মাজে এটিবাৰ  উশাহ  লৈ  পোৱা  নাছিল   -- তেঁওলোকেও  যেন আজি  তালুৰ  মজিয়াত  অনুভৱ কৰিলে এটি  দংশন,   বুকুত  এডাল কাঁইটৰ  খোঁচ । 

পাপৰ জোলোঙাত  মলঙি  উঠা  দিৱসটি  বোকোচাত  বৈ  ভাগৰুৱা ডাকোৱালৰ দৰে বেলিটিয়ে  পশ্চিমলৈ   ঢাল খায়  মানে  সেহি চেতনা  কুৰুকি   কুৰুকি  সৰ্বজনৰ  বুকুৰ  গভীৰত  প্ৰৱেশ  কৰিলেগৈ  আৰু   লেগাম  চিগা  ঘেঁাৰাৰ  দৰে   তেজ  কদমত  চেঁকুৰি বলৈ  ধৰিলে ।  গান্ধীমণ্ডপৰ  বাকৰিত  ঠিয়দঙা  দি,   দুপৰীয়াৰ  ৰ'দত শুকাই কৰাল মৰা  বমিৰ  দুৰ্গন্ধক সাৱটি  গান্ধীবাপুই  এই  সকলো  কথা  দেখি  থাকিল। 

----

বাটোৰে  দুবৰি        মই ফেলাও উভালি
গান্ধী আহিব বুলি ,
গান্ধী আহিছে       পদূলিত বহিছে
আনাগৈ চোঁৱৰে বৰি।

সন্ধিয়া নামি আহিল।  থুৰিমলা  আয়ে  অজামিল পুত্ৰৰ ঘৰত  সুললিত সুৰেৰে  গোৱা  গান্ধীৰাজাৰ গীতটি  শৰণীয়া পাহাৰখনিলৈ  বিয়পি পৰিল ।   শণখেৰ  বৰণীয়া  ডেউকা  কোবাই   চিলনী   পখীসৱে মহানগৰীৰ  উদ্বাস্তু  পিতনিৰপৰা   গধূলিৰ   বুকুৰে  সোঁ সোঁ  কৈ  উৰি  আহিল  আৰু   শৰণীয়া পাহাৰৰ  বিৰিখ  বনৰ  মাজে এন্ধাৰত  নেদেখা হৈ গ'ল।   গান্ধীমণ্ডপলৈ  সৰ্বগ্ৰাসী   নিৰৱতা নামি আহিল।   ঘন ক'লা  এন্ধাৰে  চৌপাশ  আৱৰি   ধৰিলে । কিন্তু এপৰলৈহে ।  অলপ পিছতেই  সেই  এন্ধাৰ  খেদি   পকা ডিমৰুৰ  গুটিৰ  দৰে  আকাশত  থোপা- থুপিকৈ  তৰা ফুটিবলৈ   ধৰিলে।  থুপিতৰাই সজোৱা দোলনাত  পৰম  উলাহে  তামৰ  এখনি  কাঁহীৰ দৰে  বহি  জোনবায়ে  ৰাগী লগা  সুৰ এটি  হৈ দুলিবলৈ ধৰিলে । সেই  মায়াপী সুধাৰ সৈতে  ফেৰ মাৰি   মহানগৰীৰ    পাহাৰে - ভৈয়ামে জলি  উঠিল  অসংখ্যাত  বিজুলীবাঁতি  ।   গুৱাহাটী- শ্বিলং পথ,  মণিৰাম  দেৱান পথ  আৰু  মাদাৰ  টেৰেচা  পথৰ   বিজুলীবাঁতিৰ  মালা মৰকত  মণিৰে গথা   জৰীৰ  দৰে  তিৰবিৰ  কৰিবলৈ  ধৰিলে। 
 
এই টগবগ উলাহৰ বিপৰীতে  অনন্ত   নীৰৱতাত  ডুবি থকা  শৰণীয়া পাহাৰৰ  গান্ধীমণ্ডপৰ  বাকৰি  যেন  ত্ৰিশংকু  হৈ ওলমি  থাকিল।  গান্ধীবাপুই  লাহেকৈ  মূৰ্তিটিৰপৰা   নামি  দিলে।  লাখুটিডাল  হাতত  লৈ গান্ধীবাপুই  আনদিনাৰ  দৰেই  খৰখেদাকৈ তেঁওৰ  নৈশ  চফৰলৈ   সাজু  হ'ল।   নাথুৱে   বুকুত  গুলী  দিয়াৰ  আগেয়ে  যিমান  উচাহেৰে     বাপুই  দেশ জুৰি  পদযাত্ৰা  কৰি  ফুৰিছিল,  এতিয়াও  সমান  উচাহেৰেই   তেঁও  প্ৰতি   নিশা  আনে   নিঃপালি  দিয়াৰ  পৰত  মূৰ্তিৰ  কঠিন  খোলাৰপৰা  ওলাই  আহি  প্ৰিয়সকলৰ  কাষত  এটিবাৰ  ঠিয়দঙা  দি, তেঁওৰ  সুকোমল   হাতখনিৰ   পৰশ  বুলাই আহিছিলগৈ।  

বাপুক  সাজু  হোৱা  দেখি শৰণীয়া  পাহাৰৰপৰা  আকাশলৈ  মুৰ  দাঙি  থকা   সহস্ৰ বিৰিখে    নত  হৈ  তেঁওক   প্ৰণিপাত  কৰিলে।  পাহাৰৰ   নাভিৰ  কোমল  বতাহ   এছাটি   বৈ  আহিল।  বাকৰিত   নতুনকৈ   ফুলিবলৈ লোৱা  তগৰ  আৰু   খৰিকাজাঁই  ফুলৰ   পাপৰিয়ে  সেই  বতাহক  সুগন্ধি  দিলে।   

গান্ধীবাপু  নামি আহিল  সুগন্ধিত  বতাহৰ  সুৰভিৰ   মাজে,  শৰণীয়া  পাহাৰৰ  অকোঁৱা - পকোৱা  ভাঁজে  । 

শৰণীয়া  পাহাৰৰপৰা  উলুবাৰী  অভিমুখী ওখোৰা- মোখোৰা  পথটিৰে  বাপু গুজুং  গুজুংকৈ  আহি থাকিল।   গোট খাই  থকা  আৱৰ্জনাৰ লেতেৰা দ'মে বাপুৰ  দুখানি চৰণ  লেতেৰা  কৰিলে।  মাজপথলৈকে  উলিয়াই   দিয়া  ঘৰবোৰৰ  সংকীৰ্ণ বতাহে   বাপুৰ বাট  ভেটি  ধৰোঁ যেন কৰিলে।   এনেকৈয়ে   তেঁও শৰণীয়া - উলুবাৰী পথৰ    কস্তুৰবা  আশ্ৰম  পালেহি। তাতেই  ৰাতিৰ  বুকুতে  ওলমি  থকাৰ  দৰে  এচুকত ৰাষ্ট্ৰমাতা  কস্তুৰবা গান্ধীৰ  ক'লা ৰঙৰ আবক্ষ   মূৰ্তি  এটি  তলমুৰকৈ বিমøমনে আছিল।  ৰাষ্ট্ৰমাতাৰ   প্ৰতিমূৰ্তিৰ  ডিঙিত  কোনোবা  কাহানিতেই  সুমুৱাই  দিয়া  গেন্ধাই  ফুলৰ মালা এধাৰি  শুকাই,  লেৰেলি গৈছিল।  ৰ'দ- ব'ৰষুণ-  বতাহ  আৰু   ধূলিকণাই  কোবাই   জুৰুলা  কৰা   গেন্ধাই  ফুলৰ  মালাধাৰি             শুকাই,  মৰহি  ফাঁচীৰ  জৰী এডালৰ  দৰে  ৰাষ্ট্ৰমাতাৰ  ডিঙিত ওলমি  আছিল।  তেনে  ৰূপত ৰাষ্ট্ৰমাতাক দেখি  সহিব নোৱাৰা  সন্তাপ  এটিৰে  বাপুৰ  বুকুখন তোলপাৰ  কৰি উঠিল। সেই হাহাকাৰ তেঁও  পাঁজৰত গাথি ল'লে   আৰু  উলুবাৰী  ফ্লাই-অ'ভাৰৰ  তলেৰে  পল্টনবজাৰ  অভিমুখে  পোনাই  দিলে।  

গুৱাহাটী ৰে'লষ্টেচনৰ  পদসেঁতুখনিৰে উঠি আহি তেঁও প্লেটফৰ্মৰ মজিয়া পালেহি।  মহানগৰীৰ উচ্ছিষ্ট খাই লেকাট ভূঞ্জা পথবাসীসকলে  তাতেই নিশাটোৰ বাবে আশ্ৰয় লৈছিল।  সিহঁতৰ  কোনোবাটো আছিল  দাগী অাৰু কোনোবাটো জঘণ্য  পাপাচাৰত নিমজ্জিত। সিহঁতৰ অনেকেই  নিয়মিতভাৱে জে'ললৈ অহা-যোৱা কৰিছিল। ক্ষয়ৰোগৰ বীজাণুৱে  জালি  কটা মৌচাকৰ মৌগুটিবোৰৰ দৰে  সিহঁতৰ বুকুত  খোপনি পুতিছিল। সিহঁতে প্লেটফৰ্মৰ


মজিয়ালৈ দলিয়াই দিয়া থু আৰু খেকাৰত লাগি থকা সেই  বীজাণু  বতাহত ওপঙি ফুৰিছিল।  নিশা টুকুৰা - টুকুৰ হৈ পৰা  চিয়ঁৰ একোটাৰ  সৈতে সিহঁতে চেঁচুকৰ  এন্ধাৰত  ঘিণ লগা বীৰ্য  এৰি  আহিছিল।  সমাজে অনুমতি  নিদিয়া কদাকাৰ কামবোৰ কৰি  সিহঁতে  যি   নিঃকিন কাগজী মুদ্ৰা উপাৰ্জন কৰিছিল, তাত  গান্ধীবাপুৰেই  বিৱৰ্ণ চিত্ৰপট এখনি  খোদাই কৰি থোৱা আছিল।

দোভাগ নিশা  গান্ধীবাপু সিহঁতৰ  কাষ  পাইছিলহি। দুখানি হাতেৰে তেঁও চেঁাৱৰৰ দৰে আলে - ফুলে  সিহঁতৰ গালে- মুখে চেনেহী  পৰশ বুলাই  দিছিল। স্বৰাজ   লাভৰ আগেয়ে  বগা চাহাবৰ আগত গান্ধীবাপুই এদিন ফুটনি মাৰি কৈছিল এইবুলি যে, স্বৰাজ পোৱাৰ পিছত ভাৰতৰ প্ৰজাগণে  নিজৰ ভাগ্য গঢ়ি লব। সেয়েহে  মুৰৰ  ওপৰত  এখনি  চাল  নথকা এই পথবাসীসকলৰ  প্ৰতি  গান্ধীবাপুৰ চেনেহৰ শেষ নাছিল।  ষ্টেচনৰ লেতেৰা  প্লেটফৰ্মত বীজাণুৰে ভৰি থকা মজিয়াত নিশাটোৰ  বাবে  পাৰি  লোৱা  শোৱনিপাটীলৈ আহি তেঁও কেঁচুৱাক নিচুকোওৱাৰ দৰেই  সিহঁতক এধানি  মৰম  সানি দিছিলহি।  বাপুৰ দুহাতৰ পৰশ পাই সিহঁতৰ  চকুৰ পতা আল- ফুলকৈ লাগি ধৰিলে। 

বাপুই  লুইতৰ দিশে  দুখানি  চৰণ   চলাই  দিলে। ৰেলৰ  ষ্টেচনৰ  নিঠৰুৱাজাকৰ  দৰেই  শুক্ৰেশ্বৰ মন্দিৰৰ সমুখৰ পদপথতো  এজাক  পথবাসীয়ে আতুঁৰ হৈ   বাপুলৈ   বাট  চাই আছিল। তেঁও  সিহঁতকো এফেৰি মৰম সানি  দিলে  আৰু আগবাঢ়িল। ওপৰত গলা জোনাক,  আৰু  শুক্ৰেশ্বৰ  মন্দিৰৰ  সমুখৰ  পদপথত ফুল বেচা  শাৰী শাৰী দোকানৰ    ৰজনীগন্ধা ফুলৰ  সুবাস  বাপু  চলাৰ  পথলৈ  নামি   আহি  আদৰণি জনালে ।  ফৰিং ফুটা  জোনাকত  ৰজনীগন্ধা ফুলৰ   মায়াময়  নিৰ্যাস পথৰপৰা লুইতৰ  শুধ  বগা  জলধিলৈ  বিয়পি  পৰিল।  অদূৰত  সৌ কাছমাৰি ঘাটত ‘কামাকাজি'  নামৰ  লুইতৰ  পানীত ওপঙি  থকা ডিস্ক'থেকখনিত উদ্দাম সংগীত,  উচলি  উঠা নাচোন আৰু নিচালগা পানীয়ৰ স'তে নিশাটো   মাংসল,  গোলাপী  হৈ   উঠিছিল।  ডিস্ক'থেকৰ ভিতৰলৈ যোৱাৰ  কাউন্টাৰটিৰ   কৃত্ৰিম  আলো- ছায়াৰ  জলঙাত  গান্ধীবাপুৰ  চিত্ৰপট  খোদাই  কৰি  থোৱা  চকচকীয়া কাগজী মুদ্ৰাবোৰ পাখি  গজা উঁই  পৰুৱাৰ    দৰে উৰি ফুৰিছিল। বাপুৰ ডিঙিটো শুকাই  যোৱা  যেন লাগিল।  লুইতৰ পানী  এচলু  পিবলৈ  তেঁও ‘কামাকাজি'ৰ  কাষেৰে  থিয় গৰাটিৰে  নামিদিলে।  সেইখিনিতে ‘কামাকাজি'ৰ  ছায়াটি   ক'লা  দৈত্য  এটাৰ  দৰে হৈ  পৰিছিল।  বাপু  আগুৱাবলৈ লওতেই  কোনোবা এটি    ধৰ- মৰ  ক ৰি   ওলাই  আহিল  আৰু  তেঁওক ওফৰাই পেলাওঁ যেন কৰি বিম্বাশৱদে ঢাপলি মেলিলে।  সি ওলাই    যোৱাৰ  লগে লগে    আন   এটি  শ্ৰীহীন  প্ৰাণীয়ে   সেই  নিগুটি  এন্ধাৰৰপৰা কেঁকাই  ওলাই  আহিল। তাইৰ  শৰীৰৰ মেখেলাসদৃশ    নামমাত্ৰ   কাপোৰখনি  খহি  পৰিছিল,  মৰহি   পৰা যৌন  প্ৰদেশেৰে  বেঙুণীয়া তেজৰ সেোঁতা  এটি নামি আহিছিল ।  এইমাত্ৰ   পাৰ  হৈ যোৱা   ধুমুহা  এটিয়ে  বিধস্ত  কৰা   শৰীৰটো চোঁচোৰাই  আনি  তাই   বাপুৰ  সমুখতে লুইতৰ বলুকাত  ঢলি  পৰিল।  তাইৰ চাৰিওকাষে  ধৰ- মৰ কৰি দৌৰি যোৱা   প্ৰাণীটিয়ে  দলিয়াই  যোৱা  সোঁত- মোচ  খোৱা কেইখিলামান  কাগজী   মুদ্ৰা   বাপুৰ  চিত্ৰপটৰ  সৈতে  মেটুৰা  খাই  আছিল।  বাপুৱে চেনেহী  হাতেৰে  তাইৰ  অসাঠন কাপোৰ -  কানি  যতনাই  দিলে,  কাগজী  মুদ্ৰাকেইখিলা  কাপোৰৰ ভাঁজত  আনে নেদেখাকৈ  সুমুৱাই  থ'লে,  আৰু   লুইতৰ  পানী এচলু  পি তেঁও পাৰলৈ উঠি আহিল। 

সৌখন  ফাঁছীবজাৰ আৰক্ষী থানা। বাপুৱে ভৰলুৰ দিশে খোজ  লওঁতেই  থানাৰ বিপৰীত দিশে পদপথৰ কাষতে  বিলাসী  গাড়ী এখনি ৰখাই এদল যুৱক নামি আহিল । পদপথত ভৰি দিয়েই সিহঁতে পকেটৰপৰা মাৰণ অস্ত্ৰ উলিয়ালে  আৰু কেইজাঁইমান গুলী ফুটালে। সেই শব্দত পদপথত  সামান্য কাপোৰ পাৰি শেতেলি পতাসকল ধৰমৰাই উঠিল। উজনি অসমৰ কোনোবা এখনি গাৱঁৰপৰা বাহিৰৰ ট্ৰাক ড্ৰাইভাৰ এটিয়ে  নিজৰ ঘৰলৈ নিয়াৰ প্ৰতিশ্ৰুতিৰে  বিয়া কৰাই আনি কিবাস্বৰূপে মাজপথতে  এৰি  থৈ যোৱা  সীতা গুৰুং  নামৰ  গাখীৰতে হালধিৰ বোল সনা বৰণৰ কন্যা এটিয়েও কিছুদিন  ধৰি এইসকল পথবাসীৰ লগতে  আশ্ৰয় লৈছিল।   গুলীৰ শব্দ শুনি ফাঁছীবজাৰ আৰক্ষী থানাৰ জোৱানসকলে  থানাৰ দেৱালত ওলমি  থকা গান্ধীবাপুৰ  চিত্ৰপটখনিৰ তলেদিয়েই  লৰা- ঢপৰা   কৰি ওলাই আহি ল। কিন্তু  অত্যাধুনিক  মাৰণ  অস্ত্ৰ  লৈ  পদপথত  টহল দিয়া দলটিক  দেখি আৰক্ষীৰ জোৱানৰ  থৰকাছুটি হেৰাল।  দলটিয়ে বিচাৰি - খোচাৰি   পদপথবাসীসকলৰ মাজৰপৰা সীতা গুৰুঙক টানি- আঁজুৰি সিহঁতৰ গাড়ীৰ  তলিলৈ দলিয়াই দিলে। যাবৰ পৰত   বাপুৰ চিত্ৰপট খোদাই   কৰি থোৱা  এনুৰা কাগজৰ  মুদ্ৰা সিহঁতে পদপথত সিঁচৰিত কৰি থৈ গ'ল।  দলটি যোৱাৰ পিছতে অতপৰে  নিমাতে থকা আৰক্ষীৰ জোৱানৰ দলটি  বাটৰ সিটো  মুৰৰ  পৰা আহি  পদপথ পালেহি  আৰু  সিঁচৰিত  হৈ থকা  কাগজৰ মুদ্ৰাবোৰ  বুটলিবলৈ  ধৰিলে। পদপথবাসীয়ে  জিভা  সলপি সেই  দৃশ্যটি  চাই  থাকিল।

বাপুৰ আৰু  আগুৱাবলৈ মন ন'গল।  আজিলৈ তেঁও চফৰ শেষ কৰিলে । ওভতাৰ  বাটত পল্টনবজাৰ থানাৰ  ভিতৰতো বাপুৱে এবাৰ ভুমুকি মাৰিলে। সংবাদ মাধ্যমত দিনৰ দিনটো মিছা খবৰ এটা গুলজাৰ কৰি, প্ৰজাগণৰ চেতনাত তোলপাৰ  লগাই  থানাখন এতিয়া  নিজুম পৰি আছে। এটি  প্ৰাণীও  নাই। তেঁও কোবাই  খোজ দিলে। ফোঁপাই -জোপাই শৰণীয়া পাহাৰখনি বগাই  বাপুৱে মণ্ডপৰ নিলগতে থকা থুৰিমলা আইৰ অজামিল পুত্ৰৰ ঘৰৰ চৌহদ পালেগৈ। নিশাৰ  জলঙাৰে  ওপৰমহলাৰপৰা  হিক - হিক- হিক-হিক খিকিন্দালিৰ  শব্দ  ভাহি আহিছিল। তেঁও ওপৰমহলা পালেগৈ। তাতেই অথনি গান্ধীমণ্ডপলৈ অহা পল্টনবজাৰ আৰক্ষী থানাৰ জোৱান  আৰু  সাংবাদিকৰ  দলটিক  সমুখত লৈ থুৰিমলা  আইতাৰ  পুত্ৰবধূ আৰু  নাতি- বোৱাৰী হাঁহি - খিকিন্দালিত মচগুল হৈ আছে। অথনি ‘কামাকাজি' নামৰ ডিস্ক'থেকটিৰ কাউন্টাৰটিত গান্ধীবাপুৰ  চিত্ৰপট খোদাই  কৰি  থোৱা চক চকীয়া কাগজী  মুদ্ৰাবোৰ পাখি  গজা উঁই  পৰুৱাৰ   দৰে উৰি ফুৰাৰ  দৰেই এতিয়া কোঠাটোৰ ভিতৰতো উৰি ফুৰিছে ।

আন  দিনাৰ  নৈশ  চফৰবোৰৰ  দৰেই  আজিও  ৰে'ল ষ্টেচনৰ  প্লেটফৰ্ম, ‘কামাকাজি'ৰ  কাউন্টাৰ, লুইতৰ বলুকা আৰু  পদপথৰ  কাণ্ডটিৰপৰা  আৰম্ভ  কৰি  আইৰ  পুত্ৰবধূ  আৰু   নাতিবোৱাৰীৰ কোঠাটি  পৰ্যন্ত  -   বাপুৰ  চকুৱে   সহিব  নোৱাৰা  এই  কদাকাৰ  অভিসাৰবোৰত পাখি  গজা  উঁই  পৰুৱাৰ  দৰে  উৰি  ফুৰা  কাগজী মুদ্ৰাত যিমানবাৰেই তেঁওৰ চিত্ৰপটখনি  খোদাই  কৰি  থোৱা দেখিবলৈ   পালে - সিমানবাৰেই  বাপুৱে  নাথুৱে  দিয়া তিনিটি  গুলী  আকৌ এটি বাৰ   বুকুৰ তলিৰে  পাৰ হৈ  যোৱা যেন অনুভৱ কৰিলে।

বাপু  থুৰিমলা  আইৰ  কোঠা পালেগৈ  ।  ভিতৰত  আয়ে   একান্তমনে  আপোনতে  বিৰ বিৰকৈ বাপুৰ  আখ্যান বখানি  আছিল।  বাপু স্বয়ং আহি প্ৰৱেশ কৰা দেখি আইৰ  দুচকু  বিমল  শান্তিৰে   উপচি   পৰিল। আইৰ  চকুহালিত দুহাতৰ  পৰশ দি  বাপুৱে  দুচকুৰ পতা জাপ খুৱাই   দিলে। তেতিয়াই   আইৰ  শৰীৰৰ বন্তিগছি  ওলাই   আহি   বাপুৰ  দুহাতত ধৰা দিলে।  বন্তিগছি  দুহাতেৰে  আজলি পাতি   আনি  বাপু বাহিৰ  পালেহি  আৰু  দুয়োখনি হাতেৰে ওপৰলৈ তুলি ধৰিলে। 

আইৰ জীৱনৰ  বন্তিগছি  তৰা এটি  হৈ  পৰিল।  ওপৰৰ  অসংখ্য  তৰাৰ  মাজৰ  সিও  এটা  হৈ  পৰিল।  তালৈকে  চাই   বাপুৱে এবাৰ  মিচিকিয়ালে  আৰু  মণ্ডপৰ  মূৰ্তিটিৰ কঠিন খোলাত সোমাই  দিলেগৈ। 

তেঁও দিনটোলৈ  মূৰ্তি  হৈ পৰিল।    

----

কিছুদিন পাৰ হৈ  গ'ল।সিদিনাৰ  মণ্ডপৰ  বাকৰিৰ  কাণ্ডটিয়ে এনে খলকনি তুলিলে যে, প্ৰশাসনে এক  অভিলাষী               পৰ্যটন  আঁচনি গ্ৰহণ কৰি গান্ধীমণ্ডপখনি নতুনকৈ সজাই-পৰাই তুলিবলৈ বাধ্য হ'ল।  শৰণীয়া পাহাৰলৈ অহা  পথটি নিমজ কৰি  আটকধুনীয়াকৈ সজাই তোলা হ'ল। আলোকৰ সাজে সজোৱা হ'ল শৰণীয়া পাহাৰৰ পথমালা।  অসামাজিক কাম-কাজ  বন্ধ কৰিবলৈ  নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ল। অত দিনে বন্ধ হৈ থকা গান্ধী স্মাৰকটি প্ৰশাসনে এতিয়া পৰ্যটকৰ  বাবে মুকলি কৰি দিলে।

এদিনাখন প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি প্ৰৰোচনাৰ বলি হৈ আৰক্ষীৰ থানাত সোমোৱা প্ৰাণী এটিয়ে  দুৰ্নাম সহিব নোৱাৰি নিজানে এটি  নিৰুদ্দেশ যাত্ৰা কৰিছিল -  গান্ধীবাপুই তেঁওৰ নৈশ  চফৰৰ কালত প্ৰাণীটিৰ উঁৱলি যোৱা দেহাটি মহানগৰীৰ  চৰণ  স্পৰ্শি  নামি  যোৱা  লুইতৰ  পানীৰে ভটিয়াই  গৈ  থকা  দেখিবলৈ পাইছিল  -   দ'ম  খাই  থকা খবৰৰ  উচ্ছিষ্টৰ  মাজত  এই  কথাটিও  নাগৰিকসকলৰ  অগোচৰেই  ৰৈ  গৈছিল।  

গান্ধীমণ্ডপৰ শ্ৰী সলনি হৈ পৰিল। প্ৰাতঃভ্ৰমণ  কৰিবলৈ  এতিয়া  বহু  মানুহে   ভিৰ  কৰিবলৈ   ধৰিলে।    তেঁওলোকে বাকৰিত দুভৰিৰ  ধূলা দিয়েই  সৌ লুইতৰ দিশে মু কৰি প্ৰাণায়াম কৰিবলৈ আৰম্ভ কৰিছিল,  দুটিমান কচৰৎ  কৰিছিল  আৰু  প্ৰভাতী পখীৰ দৰে কিচিৰ-মিচিৰ  কৰি  আপোনতে  দুষাৰি কুশল বাৰ্তা বিনিময় কৰি বিভোৰ হৈ পৰিছিল।

আৰুএদিনাখন গান্ধীবাপুৰ বিশাল মূৰ্তিটিলৈ এটিবাৰ চাই, তেঁওলোকৰেই কোনোবা এটিয়ে  ইচ  ইচ কৰি উঠিল  “ হায়! ৰ'দ, ব'ৰষুণ  আৰু  বতাহৰ আঘাতত  বাপুৰ  মূৰ্তিটি কেনে কঠুৱা হৈ পৰিছে, নহয়নে!” 


----------
[তৰুণ গল্পকাৰ  সুপ্ৰকাশ ভূঞাৰ হাতত....]
বিঃ দ্ৰঃ -  গল্পত  উল্লেখিত  ‘গান্ধীৰ গীত' কেইফাঁকি  অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ভৱপ্ৰসাদ চলিহাৰ ‘অসমীয়া আখ্যান গীত সংগ্ৰহ' নামৰ পুথিৰপৰা  লোৱা হৈছে।