Thursday 7 March 2019

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ঐতিহাসিক পটভূমিঃ বৰ্তমানৰ বাস্তৱতা





অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পৃথিৱীৰ দেশে দেশে  থকা  কৰ্মজীৱি  নাৰীসমাজৰ  হেঁপাহৰ দিৱস। উনবিংশ শতিকাৰ উদ্যোগিক বিপ্লৱৰ গৰ্ভত  ইয়াৰ অংকুৰণ প্ৰোথিত।  সেয়েহে  আজিৰ  আন্তৰ্জাতিক  নাৰী  দিৱসৰ পটভুমিত আছে  পুৰুষৰ সতে আমাৰ সমান অধিকাৰ আকাংখ্যা।  আজিৰ তাৰিখত  বহুতৰ  বাবে  আন্তৰ্জাতিক  নাৰী দিৱস  মানেই কাৰোবাৰ বাবে  যদি  এক  উৎসৱমুখৰ পৰিবেশ, আন কাৰোবাৰ আকৌ নাৰীক লৈ  তুচ্ছ-তাচ্ছিল্যৰ বিষয়। বহুতো  পুৰুষে  নাৰী-পুৰুষৰ সমমৰ্যদাৰ সংগ্ৰামৰ বাবে  নিজকে উৎসৰ্গা  কৰিছে।  বিপৰীতে,  বহুতো নাৰীয়েও কোৱা শুনা যায় যে,  নাৰীত্বৰ উদযাপনৰ  বাবে  বেলেগ এটা দিৱস  পতাৰ যুক্তিযুক্ততা  ক'ত?  অথবা,  বিধানসভা  বা লোকসভাৰ  দৰে নিৰ্বাচনত  ৩৩ শতাংশ সংৰক্ষণৰ বাবে  সংগ্ৰাম কৰাৰ যুক্তি-যুক্ততা  ক'ত? এনে প্ৰশ্নবোৰৰ পৰিপ্ৰেক্ষিততেই  আন্তৰ্জাতিক নাৰী  দিৱসৰ ঐতিহাসিক পটভুমিৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়োজনীয়তা আহি পৰে।  আমি  মনত ৰখাৰ দৰকাৰ  যে, এই দিৱসৰ  মূল  বাৰ্তাটোৱেই নাৰীৰ  অধিকাৰৰ সৈতে জড়িত, এই  অধিকাৰ  হৈছে  কৰ্মক্ষেত্ৰত  নাৰীৰ  অধিকাৰ আৰু সম-মৰ্যদাৰ সংগ্ৰাম, যি আজিও প্ৰয়োজনীয়। 

উনবিংশ শতিকাৰ  উদ্যোগিক  বিপ্লৱে পোনপ্ৰথমবাৰ  বাবে প্ৰথম বিশ্বৰ  নাৰীক  পাকঘৰ  আৰু  ঘৰৰ  চাৰিবেৰৰপৰা  সংগঠিত  কৰ্মক্ষেত্ৰলৈ উলিয়াই আনে ।  শিল্প বিপ্লৱত  প্ৰয়োজন হোৱা  এইসকল   কৰ্মজীৱি নাৰীৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত  মৰ্যদাপূৰ্ণ  আসন  আৰু  অধিকাৰ  লাভৰ  লগতে নিজকে বিকশিত  কৰাৰ হেঁপাহেই   আজিৰ   আন্তৰ্জাতিক  নাৰী  দিৱসৰ  চালিকা শক্তি।  আমি  মনত ৰাখিব লাগিব যে, সেই সময়ৰেপৰাই শ্ৰমজীৱি নাৰীয়ে দাবী কৰি অহা  আমাৰ  বহু  প্ৰত্যাশিত  এই  অধিকাৰ  আমি আজিও  অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।  বিশেষকৈ  আৰ্থ- সামাজিকভাৱে পিচপৰা  নাৰীসকলে।  আজি  আন্তঃৰাষ্ট্ৰীয় নাৰী  দিৱস  উলহ-মালহেৰে পালন কৰাৰ  সময়ত  এই কথা আমি  মনত ৰাখিব লাগিব যে, যিসকল নাৰীয়ে  উনবিংশ অথবা বিংশ  শতিকাতেই  সমগ্ৰ বিশ্বৰ শ্ৰমজীৱি  নাৰীক  একত্ৰিত কৰাৰ  বাবে  বিশ্বৰ  সমাজবাদী শিৱিৰৰ  তৎপৰতাত এই  দিৱসৰ  বীজ ৰোপণ কৰিলে  সেইসকল   নাৰীৰ নাছিল  ভোটাধিকাৰ। ঘৰুৱা  কাম - বন কৰি  উদ্যোগিক খণ্ডলৈ  গৈ ষোল্ল ঘণ্টা  পৰ্যন্ত নিৰৱচ্ছিন্ন ভাৱে  কাম কৰিব লাগিছিল, তেওঁলোকৰ অধিকাংশই আছিল  প্ৰব্ৰজিত শ্ৰমিক।  তেওঁলোকৰ  বাবে  কৰ্মক্ষেত্ৰত নাছিল টয়লেটৰ ব্যৱস্থা। অতি অস্বাস্থ্যকৰ পৰিবেশত কাম কৰিবলৈ তেওঁলোক বাধ্য হৈছিল।     

১৮৫৭  চনৰ ৮ মাৰ্চত   আমেৰিকাৰ  নিউয়ৰ্কৰ  বস্ত্ৰ  উদ্যোগত  কাম  কৰা নাৰী  শ্ৰমিকসকলে  তেওঁলোকৰ কামৰ সময় ১০ ঘণ্টালৈ হ্ৰাস কৰাৰ  লগতে  নিম্ন  মজুৰিৰ প্ৰতিবাদ কৰি  ৰাজপথত  এক  বৃহৎ  সমদল উলিয়ায়।   ৰাজপথত  সংগঠিত নাৰীৰ  এয়াই প্ৰথম প্ৰতিবাদী  কাৰ্যসূচী। নকলেও হ'ব যে,  এই শান্তিকামী  নাৰীসমাজৰ ওপৰত আৰক্ষী বৰ্বৰভাৱে জঁপিয়াই  পৰিছিল।  কিন্তু আৰক্ষীৰ বৰ্বৰ  আক্ৰমণক নেওচি  নাৰীসকলে প্ৰথমটো নাৰী শ্ৰমিক সংস্থা  গঢ়ি  তুলিবলৈ সক্ষম হয়। এই  ঘটনাই শ্ৰমজীৱি  নাৰীৰ অধিকাৰৰ বিষয়টোক লৈ এক আলোড়ণৰ সৃষ্টি কৰে।



ইয়াৰ পৰৱৰ্তী সময়ৰ  সুদীৰ্ঘ  কালৰ নাৰী আন্দোলনৰ  আন এক উল্লেখনীয় ঘটনা হৈছে  ১৯০৭ চনত ষ্টুটগাৰ্টৰ   প্ৰথমখন  বিশ্ব নাৰী সন্মিলন,  য'ত ৫২ গৰাকী নাৰী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।   ১৯০৮ চনৰ মাৰ্চ  মাহত  আমেৰিকাৰ বস্ত্ৰ   উদ্যোগত কাম কৰা   ১৫,০০০ নাৰী  শ্ৰমিকে  কামৰ সময়  হ্ৰাস কৰা, মজুৰি বৃদ্ধি, শিশু শ্ৰমিকৰ নিয়োগ বন্ধ কৰা  আৰু ভোটৰ অধিকাৰ বিচাৰি  আন এক  প্ৰতিবাদী  সমদল উলিয়ায়, সমাজবাদী দলে নাৰীসকলক সংগঠিত কৰাত  আগ- ভাগ লয়।    ১৯০৯  চনৰ ২৮ ফেব্ৰুৱাৰীত  আমেৰিকাৰ  নাৰী সমাজবাদীসক লে নাৰীৰ  ৰাজনৈতিক  অধিকাৰ  দাবী কৰি  সমগ্ৰ দেশ জুৰি  প্ৰতিবাদী  কাৰ্যসুচী আৰু  সভা  অনুষ্ঠিত  কৰে  গ্ৰহণ কৰে । এয়াই  প্ৰথম ‘ ৰাষ্ট্ৰীয়  নাৰী দিৱস।'  ১৯১০ চনত   কোপেনহেগেনত হোৱা দ্বিতীয়   বিশ্ব নাৰী সন্মিলনত বিভিন্ন দেশৰ সমাজবাদী দল, ট্ৰেড  ইউনিয়ন, কৰ্মজীৱি  নাৰীৰ  ইউনিয়ন  আদিক  প্ৰতিনিধিত্ব কৰি ১৭ খন দেশৰ ১০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই সন্মিলনতে  জাৰ্মানীৰ অগ্ৰণীসমাজবাদী নেত্ৰী ক্লাৰা জেটকিনে  সমগ্ৰ বিশ্বৰ  কৰ্মজীৱি   নাৰীৰ বাবে  এক ‘আন্তৰ্জাতিক কৰ্মজীৱি  নাৰী দিৱস'  এটা পালন কৰাৰ বাবে মত দাঙি ধৰে।  সন্মিলনে সিদ্ধান্ত লয় যে, প্ৰতি বছৰে প্ৰতিখন দেশত  একেটা নিৰ্দিষ্ট দিনতে ‘নাৰী দিৱস' পালন কৰিব।  কোপেনহেগেন সন্মিলনত  নাৰী  প্ৰতিনিধিসকলে  আলোচনা কৰা কেতবোৰ বিষয় আছিল  যুদ্ধ আৰু শান্তি, ফেচীবাদ বিৰোধৰ বাবে নাৰীৰ দায়িত্ব, ৮ ঘণ্টাৰ কামৰ দাবী,  আৰু নাৰীৰ নিশাৰ সময়ৰ  শ্ৰমৰ ওপৰত  বিতৰ্ক।
  
কোপেনহেগেনৰ  সন্মিলনৰ পিছত ১৯১১ৰ চনত  অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু চুইজাৰলেণ্ডত এক নিযুত নাৰী-পুৰুষ সমবেত হৈ ১৯ মাৰ্চৰ  তাৰিখটো  আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে । ১৯১৩-১৪ চনত বিশ্বযুদ্ধৰ প্ৰতিবাদ হিচাপে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ৰাছিয়াত ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে   আৰু  ইউৰোপৰ সকলোবোৰ ঠাইত ৮ মাৰ্চত এই দিৱস পালন কৰা হয়। ১৯১৭ চনচ যুদ্ধৰ  প্ৰেক্ষাপটতেই  ৰাছিয়াৰ নাৰীসকলে  ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে  (যিটো জৰ্জিয়ান কেলেণ্ডাৰ মতে ৮ মাৰ্চ) ‘ব্ৰেড এণ্ড পিচ' (ৰুটি আৰু শান্তি) শীৰ্ষক  প্ৰতিবাদী কাৰ্যসুচী     কৰে আৰু ৰাছিয়াৰ  ভাৰপ্ৰাপ্ত চৰকাৰে নাৰীক ভোটাধিকাৰৰ অধিকাৰ প্ৰদান কৰে। 

অৱেশষত ৰাষ্ট্ৰসংঘই  ১৯৭৫ চনটো আন্তৰ্জাতিক নাৰী বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় আৰু সেই   বৰ্ষৰপৰাই ৮ মাৰ্চ  দিনটোক ৰাষ্ট্ৰসংঘই  আন্তৰ্জাতিক নাৰী দিৱৰূপে স্বীকৃতি দিয়ে। তেতিয়াৰেপৰাই  নাৰীৰ  অধিকাৰ আৰু  নাৰী আৰু পুৰুষৰ  সমতা প্ৰতিষ্ঠাৰ  দিৱস হিচাপে  ৮ মাৰ্চ   আন্তৰ্জাতিক নাৰী  দিৱসৰূপে  সমগ্ৰ  বিশ্বতেই পালন কৰা  হৈ আহিছে। 


ৰাজনৈতিক  ক্ষেত্ৰৰ নাৰীৰ ইস্পিত  স্থানঃ

এই  সুদীৰ্ঘ  পৰিক্ৰমাত দেখা গৈছে যে,   আন্তৰ্জাতিক নাৰী দিৱসৰ মূল যি ‘স্পিৰিট' বা দৰ্শন,  তাৰ মূলগত  দিশবোৰৰ  সৈতে আজিও  নাৰীয়ে  যুদ্ধ  কৰিবলগীয়া  হৈছে। উনবিংশ  শতিকাৰ  নাৰী শ্ৰমিকৰ কঠিন  সংগ্ৰামৰ ফলত   আজি নাৰীয়ে ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে  ঠিকেই।  কিন্তু  ৰাজনৈতিক ক্ষেত্ৰত নাৰীৰ  স্থান ক'ত?  নাৰীয়ে কেৱল প্ৰতিনিধি নিৰ্বাচিত কৰি পঠিওৱাৰ  অধিকাৰহে  লাভ কৰিছে। ৰাজনৈতিক ক্ষমতা অবিহনে অৰ্থনৈতিক বা সামাজিক ক্ষমতা অৰ্থহীন। সংসদ  আৰু  বিধানসভাৰ  মজিয়াত ৩৩ শতাংশ  নাৰীৰ  প্ৰতিনিধিত্বৰ বাবে আমি চলাই অহা সংগ্ৰামৰ আজিও  শেষ হোৱা নাই।  আজি ২০১৬ চনৰ নিৰ্বাচনত  অসম বিধান সভাৰ  নাৰীৰ  প্ৰতিনিধিত্ব  ১২৫ গৰাকী বিধায়কৰ  মাত্ৰ ৮গৰাকী, অৰ্থাৎ ৬.৩৫ শতাংশ। ২০১১ চনৰ বিধানসভাত এয়া আছিল ১১.১০ শতাংশ।   ২০১৪ চনৰ  লোকসভাত  মহিলা সাংসদ মাত্ৰ ৬১, অগৰাকী অৰ্থাৎ ১১.২৩ শতাংশ। আনহাতে পঞ্চায়তত ৫০ শতাংশ মহিলাৰ প্ৰতিনিধিত্ব আছে। এই মহিলাসকলৰ কৰ্মদক্ষতা আৰু  সাফল্যই প্ৰমাণ কৰিছে যে, উপযুক্ত মঞ্চ লাভ কৰিলে তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম।



নাৰীৰ বিৰুদ্ধে  অপৰাধঃ
একবিংশ শতিকাত  বিশ্বৰ সকলো দেশতেই  কাগজে-কলমে আৰু আইনী ব্যৱস্থাৰে নাৰী বহুপৰিমাণে সুৰক্ষিত। কিন্তু বাস্তৱত?  ভাৰতবৰ্ষৰ দৰে দেশত য’ত নাৰীক  এহাতে  পূজা  কৰা  হয়,  আৰু আনফাালে ধৰ্মীয় তথা নানা সামাজিক সংকীৰ্ণতাৰে পুৰুষৰ ভোগৰ  সামগ্ৰী হিচাপ ব্যৱহাৰ কৰা হয়, তাত বিজ্ঞানৰ  অগ্ৰগতি স্বত্বেও  আৰু নাৰীৰ  স্থান ক্ৰমাগতভাৱে অৱনমিত  হৈছে । তথ্যই  ইয়াক প্ৰমাণ  কৰিছে।  দেশত  নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ  ক্ৰমাগতভাৱ বাঢ়িছে। নেচনেল ক্ৰাইম ৰেকৰ্ড  ব্যুৰোৰ তথ্যই দেখৱাইছে যে, ২০১৫ চনত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা আছিল  ৩,২৯,০০০। ২০১৬ চনত  মাত্ৰ  এবছৰৰ ভিতৰতে   এই সংখ্যা  ৩,৩৮,০০০ লৈ বৃদ্ধি  পাইছে।   নাৰী  ধৰ্ষণৰ সংখ্যা ২০১৫ চনৰ ৩৪,৬৫১-ৰ বিপৰীতে ২০১৬ চনত ৩৮,৯৪৭ হৈছেগৈ ।

এই তথ্য অনুসৰি ২০১৬ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত নাৰীৰ  বিৰুদ্ধে হোৱা অপৰাধৰ বৃদ্ধিৰ হাৰ ৫৩.৬ শতাংশ আছিল, কিন্তু অসমৰ ক্ষেত্ৰত এই হাৰ  ১৩১.৩  শতাংশ। ৰাষ্ট্ৰীয় পৰ্যায়ত এই অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাত ধৰা হয়।

অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে   ২০১৮ চনৰ ফেব্ৰুৱাৰীত   বিধানসভাৰ মজিয়াত দাখিল কৰা এক তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষত ৰাজ্যখনত ১,৫৫২  টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। আনহাতে ২০১৭ চনৰ জানুৱাৰীৰপৰা ২০১৮ চনৰ জানুৱাৰী পৰ্যন্ত ১,৪৫৭ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। এই ৩,০০৯ টা ধৰ্ষণৰ গোচৰৰ বিপৰীতে মাত্ৰ ১,৭৮৬ জন ব্যক্তিকহে কৰায়ত্ত কৰা হৈছে আৰু ১,৬৯৭ চনৰ বিৰুদ্ধে চাৰ্জচীট দাখিল কৰা হৈছে।  মাত্ৰ ৭৬ জনকহে অপৰাধী বুলি সাব্যস্ত কৰা হৈছে। ২০১৬-১৭ বৰ্ষত ৰাজ্যত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ সংখ্যা আছিল ৮,৭৭১। ২০১৭ চনৰ জানুৱাৰী মাহৰপৰা ২০১৮ চনৰ জানুৱাৰী মাহৰ ভিতৰত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা ৮,৩৩৫। (দ্য টাইমচ অৱ ইণ্ডিয়া, ফেব্ৰুৱাৰী ২০)

মন্ত্ৰীগৰাকীয়ে বিধানসভাৰ মজিয়াত দিয়া আন এক তথ্যত প্ৰকাশ যে, ২০০৬ চনৰপৰা ২০১৮ চনৰ মাৰ্চ মাহ পৰ্যন্ত  অসমত ধৰ্ষণৰ বাবে ৮৭ গৰাকী নাৰীক, যৌতুকজনিত ১,৬০৬ গৰাকী নাৰীক আৰু ডাইনীৰ সন্দেহত  ৮০ গৰাকী নাৰীক হত্যা  কৰা হৈছে।  (দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, এপ্ৰিল ২০১৮)



উদ্যোগ খণ্ডৰ নাৰীঃ
তথ্যই দিয়া এই ছবিখনৰ আঁৰত আছে আমাৰ সমাজৰ  আৰ্থ-সামাজিক আৰু ৰাজনৈতিক  যি আমাৰ নাৰীসমাজক সুৰক্ষা দিব পৰা নাই।  চাহ উদ্যোগৰ দৰে  অতিকৈ সংগঠিত  উদ্যোগক্ষেত্ৰতো  নাৰীক  অতি স্পৰ্শকাতৰ সময়তো  উপযুক্ত  মৰ্যদা  প্ৰদান কৰা  হোৱা   নাই।অসমৰ চাহ উদ্যোগত প্ৰায় ১০ লক্ষ নাৰী শ্ৰমিকে  কাম কৰে। মুকলি আকাশৰ তলত ৰ'দে-ব'ৰষুণে  তেওঁলোতে দিনৰ ৮ ঘণ্টাকৈ কাম কৰে। কিন্তু আশ্বৰ্যৰ কথা এয়ে যে,  এই ৮ ঘণ্টাৰ কামৰ সময়ত তেওঁলোকৰ বাবে বাগিচাৰ কতৃপক্ষই  কোনোধৰণৰ টয়লেটৰ ব্যৱস্থা কৰা নাই। এই নাৰী  শ্ৰমিকসকলে বাগানত কাম কৰি থকাৰ সময়ত অনবৰতে বাবু বা চৰ্দাৰসকলে পহৰা দি থাকে। এনে অৱস্থাত আনকি ঋতুস্ৰাৱৰ  দৰে স্পৰ্শকাতৰ সময়তো তেওঁলোকে  বাবু বা চৰ্দাৰৰপৰা  সামান্য একাষৰীয়া হৈ বাগানৰ নলাতেই প্ৰস্ৰাৱ কৰিবলগীয়া হয়।  এনে গাৰ নোম শিয়ৰি উঠা অৱস্থাৰ মাজতেই তেওঁলোকে দুহাতৰ আঙুলিৰে পাত ছিঙি দেশৰ ভিতৰতে  অৰ্ধেক পৰিমাণৰ   চাহ উৎপাদনত বিশিষ্ট  ভূমিকা  গ্ৰহণ  কৰে আৰু দৈনিক মাত্ৰ ১৪৭ টকাৰ মজুৰি পায়।

সংগঠিত  চাহ উদ্যোগত  যেতিয়া  নাৰী শ্ৰমিকে এনে  বৰ্বৰ অৱস্থাত  শতিকাৰ পিছত শতিকা জুৰি কাম কৰি আহিছে,  তেতিয়া অসংগঠিত  নিৰ্মাণ খণ্ডত কাম কৰা নাৰী শ্ৰমিকৰ অৱস্থা কেনে হ'ব  সি সহজেই অনুমেয়। ঘৰ চাদ ধালাই, ইটাৰ ভাটা আদিত কাম কৰা মহিলা শ্ৰমিকসকলৰ বাবে কামৰ কোনো নিৰ্দিষ্ট সময় নাই । অসমৰ চহৰে- নগৰে  স্থাপিত হোৱা  শ্বপিং মলসমূহত  এতিয়া  বহুতো ছোৱালীয়ে কাম কৰে। তেওঁলোকৰ দৰমহা,  যৌন বিষয়ক  নিৰাপত্তা আদি দিশবোৰক সামৰি লৈ   নিৰ্দিষ্ট গৱেষণা  বা তথ্য এতিয়াও পোহৰলৈ অহা  নাই।




ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ, ২০১৬

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ, ২০১৬ -ত  প্ৰকাশ পোৱা  তথ্য  অনুসৰি ১৫-১৯ বছৰ বয়সৰ ১৪ শতাংশ ছোৱালীয়েই  সন্তান জন্ম দিয়াৰ অভিজ্ঞতাৰে পুষ্ট।  ২৯ শতাংশই ঘৰতে শিশুৰ জন্ম দিয়ে। অসমত  ৭৯ শতাংশ মহিলাই ঋতুস্ৰাৱৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰিবলৈ  সক্ষম নহয়।  এই জৰীপ মতে ১৫-৪৯ বয়সসীমাৰ মাত্ৰ ১৯ শতাংশ মহিলাহে  কৰ্মৰত। ইয়াৰে ৯১ শতাংশই  টকা উপাৰ্জন কৰে, যাৰ ভিতৰত ১৮ শতংশই টকাৰ লগতে আন সামগ্ৰী গ্ৰহণ কৰে আৰু ৭ শতাংশই একো উপাৰ্জন নকৰে। ৪০ শতাংশ মহিলাই ভাৱে যে তেওঁলোকক স্বামীয়ে মাৰ- ধৰ কৰাৰ অধিকাৰ আছে। ১৫-৪৯ বয়সসীমাৰ ২৩ শতাংশই শাৰীৰীক  হিংসা আৰু ৫ শাতংশই যৌন হিংসাৰ বলি হৈছে। ২৫ শতাংশ মহিলাই স্বামীৰদ্বাৰা নিৰ্যাতিত হয়। মদ্যপান কৰা স্বামীৰ হাততেই অধিক পৰিমাণে নিৰ্যাতিত হয়, যাৰ শতাংশ ৫৫।


অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪

অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪ অনুসৰি  গাওঁ অঞ্চলৰ ১৫.৬ শতাংশ আৰু নগৰৰ ৭.৬ শতাংশ ছোৱালীয়ে  ১৫-১৯ বছৰ বয়সতে বিয়া হৈ যায়।  নিৰক্ষৰ মহিলাৰ  ৩৮.৫ শতাংশই ১৫-১৯ বছৰ বয়সত বিয়া হৈ যায়।  ৰাজ্যত মহিলাৰ কৰ্মত অংশ গ্ৰহণ মাত্ৰ ৯ শতাংশ, পুৰুষৰ ৫৪ শতাংশ। নিৱনুৱাৰ হাৰ পুৰুষৰ ক্ষেত্ৰত ৮.ৰ আৰু নাৰীৰ ক্ষেত্ৰত ৩৮.৩ শতাংশ ।

আন্তৰ্জাতিক নাৰী আন্দোলনৰ ঐতিহাসিৰ পটভূমিয়ে সুদীৰ্ঘকাল অতিক্ৰম কৰি অহাৰ পিছতো আমাৰ দেশৰ আৰু ৰাজ্যৰ নাৰীৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অধিকাৰ আৰু মৰ্যদাপ্ৰাপ্তিৰ ছবিখন এয়াই। আাৰ হেঁপাহৰ আন্তৰ্জাতিক নাৰী দিসৱ পালনৰ উলহ-মালহৰ বেলিকা  আমি নিশ্চয়েই পৃথিৱীৰ দেশে দেশে থকা নাৰীৰ সম-মৰ্যদাৰ সংগ্ৰাম আৰু আকূলতালৈ আমাৰ সংহতি প্ৰকাশ কৰিম, কিন্তু লগতে এই দুখলগা ছবিখন পৰিবৰ্তন কৰাৰ বাবেও সমানেই কাম কৰি যাব লাগিব।  ।


ৰত্না ভৰালী তালুকদাৰ
(নগাওঁ গাৰ্লচ কলেজৰ আন্তৰ্জাতিক নাৰী দিৱসৰ ভাষণৰ আধাৰত । ফটো - নিজা আৰু কলেজ কতৃপক্ষৰ সৌজন্যত) 
08-03-2019