Sunday 24 February 2019

চাহ বাগিচাৰ শ্ৰমিকে চুলাই খাই মৰিলে




চাহ বাগিচাৰ শ্ৰমিকে চুলাই খাই মৰিলে
আপুনি লালি গুৰক দোষ দিয়ে
দোষ দিয়ে  লালি গুৰৰ গুদামৰ গুপ্তাক 
বাগিচাৰ শ্ৰমিকে চুলাই খাই মৰিলে
মন্ত্ৰীয়ে আন এক বনুৱাৰ লাইনত
স্কুটী বিলাই থকাৰ বতৰা দিয়ে আপুনি

আপুনি জানেনে - আপোনাৰ পুৱাৰ চাহকাপত
চাহ বাগিচাৰ নাৰী শ্ৰমিকৰ ঋতুস্ৰাৱৰ তেজটুপিও থাকে সাৰ হৈ
দিনৰ ৰ’দত বাগিচাত ৮ ঘণ্টা কাম কৰোঁতে
বাবু আৰু চৰ্দাৰসকলৰ চকুৰপৰা সামান্য আঁৰ হৈ
তেওঁ বাগিচাৰ নলাতেই প্ৰস্ৰাৱ কৰে
চ’চিয়েল মিডিয়াত  আপডেট  কৰোঁতে
এবাৰ ভাবি চায়নে  -- বাগিচাৰ মালিকে
নাৰীশ্ৰমিকৰ ঋতুস্ৰাৱ মৰ্যদাৰ প্ৰশ্ন বুলি ভবা নাই বাবেই
তেওঁৰ বাবে বাগানত নাই আচুতীয়া প্ৰস্ৰাৱগাৰ
বাবু আৰু চৰ্দাৰৰ অনুমতি লৈ, সামান্য আঁৰ হৈ,
সেয়ে তেওঁ নলাতেই হাল্কা হয় - ঋুতুস্ৰাৱৰ সময়ত 

১০ বছৰ বয়সত বনকৰা ছোৱালী হবলৈ গৈ মালিকৰপৰা
নিজৰ গা-বচাই ঘুৰি অহাৰ কথা
সফলতাৰে কৈ কিদৰে ‘হাল্কা’ হয়, আপুনি জানেনে?
দেখেনে তিৰ্ বিৰ্ কৰিব নোখোজা চকুৰ টোপালবোৰ
এই কিশোৰীৰ চকুৰ নেদেখা নদীত সাঁতুৰি আহিবলৈ
আপোনাৰ দম থাকিব লাগিব
অথচ আপুনি লালি গুৰৰ কথা কয়

ইয়াত লালি গুৰৰ কি  দোষ, তেওঁ চেপেটা পিঠিত কঢ়িয়াই ফুৰা
ওপঙা ইতিহাসৰ মাজেৰে এবাৰ খোজ কাঢ়ক
আপুনি বুজিব তেওঁযে কিমান অসহায়,
চুলাই বিনে গতি নাই
ৰ’দ আৰু ব’ৰষুণৰ ফাঁকেৰে ৮ ঘণ্টাৰ ডিউটি কৰি
ঘৰলৈ অনা  ১৪৭ টকাৰ ১০ টকাৰহে
চুলাই খায় তেওঁ, ‘হাল্কা’ হয় ঘৰুৱা বোজাৰ

লাইনৰ বাহিৰত থকা ‘ফাল্টু’ শ্ৰমিকবোৰে
বস্তিৰপৰা বাগিচালৈ দৈনিক বাৰ-তেৰ কিলোমিটাৰ 
খোজকঢ়াৰ  কথাও ভাবিব এবাৰনহয়, 
তেওঁ খোজ নাকাঢ়ে, বেলি উঠাৰপৰা বেলি ডুবালৈকে
ঢপলিয়াই থাকে তেওঁ নন্ত বোজাৰ হাহাকাৰত

বিৰতিৰ নিমখ দিয়া চাহপানীটোপাৰ কথাভাবিব
আমাৰ দৰে তেওঁতো আৰু শীতল পানীয় নাখায়!  
পেটত ভাতমুঠি দেৰিলৈকে থাকক বুলিহে
উখোৱা চাউলৰ ভাত খায়
এনেয়েতো আৰৈ চাউলৰ কোনেনো বেয়া পায়
মাটিমাহৰ আঞ্জাত কিমান তৃপ্তি পায়
নদীত  পোৱা মাছক সুমিষ্ট পাচলি বুলি ভাবে
আপুনি জানেনে?

নিজৰ এৰি থৈ অহা  শিপা বিচাৰি ঝাৰখণ্ডত ধূলি-বালিত
অনাই-বনাই উভতি অহাৰ কথা এবাৰ ভাবিব
তেওঁৰ ওঁঠত ঘুৰি ফুৰা উৰিষ্যাত
বাঁহফুলাৰ আধা জীয়া আধা মৰা ইতিহাস শুনিব
শৰাধ কৰিবলৈ আমাৰ দৰে তেওঁৰতো আৰু
চৈধ্যপুৰুষৰ বিলাসী ইতিহাস নাই!

আপুনি কিয় লালি গুৰক দোষ দিছে
লালি গুৰৰ গুদামকাৰী গুপ্তাৰ  কথা কৈছে

চাহ শ্ৰমিকে চুলাই খোৱা বন্ধ কৰিবলৈ আহক
আমি চাহবাগিচাৰ নাৰী শ্ৰমিকৰ মৰ্যদাৰ কথা কওঁ
ঋতুস্ৰাৱত ব্যৱহাৰ কৰিবলৈ টয়লেট সাজি দিয়াৰ কথা কওঁ
৩৫০ টকাৰ হাজিৰাৰ দাবী তোলোঁ 
বাগিচাৰ কণ কণ শিশুবোৰে স্কুললৈ যোৱাৰ কথা কওঁ
কিশোৰীহঁতৰ চকুৰ নেদেখা নদীবোৰত সাঁতোৰ মেলোঁ

ন’হলে তেওঁ চুলাই খাবই
১০ টকাৰ চুলাই খাই ‘হাল্কা’ হবই
শ শ অথবা হাজাৰৰ হিচাপত মৰিবই

আৰু আপুনিও ‘হাল্কা’হে হ’ব উদঙাই লালি গুৰৰ
তৰাং উপখ্যান




ৰত্না ভৰালী তালুকদাৰ
২৪-০২-২০১৯
(২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত বিষাক্ত চুলাই মদ খাই ১৮৫ জন চাহ বাগিচাৰ শ্ৰমিকে মৃত্যুবৰণ কৰে।)   

Thursday 21 February 2019

শংকৰদেৱৰ আদৰ্শৰ নৱমূল্যায়নেই আসমীয়া জাতিক ৰক্ষা কৰিব




  1.  


অসমীয়া  মানুহে শ্ৰীমন্ত  শংকৰদেৱক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কয়। তেখেত যথাৰ্থতেই  সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া।  কিয়নো,  শংকৰদেৱেই  আধুনিক অসমীয়া  ভাষা  আৰু  সংস্কৃতিৰ এক অজৰ -অমৰ  ভেটি  নিৰ্মাণ  কৰি থৈ গৈছে। অসমীয়া ভাষা  আৰু সংস্কৃতিলৈ  শংকৰদেৱে যি  অতূলনীয়  অৱদান আগবঢ়াই থৈ  গৈছে , তাৰবাবেই    শংকৰদেৱৰ  পিছৰ  সাহিত্য  অথবা সংস্কৃতিৰ সাধকসকলে  নতুনকৈ  কষ্ট  কৰিবলগীয়া  হোৱা  নাই।   পূৰ্বপুৰুষে অসীম কষ্টৰে  দূৰ্ভেদ্য  হাবি -জংঘল  আঁতৰাই   ঘৰ   এখনৰ  মজবুত ভেটি  তৈয়াৰ  কৰি  থৈ  যায়,  তেতিয়া  সেই ভেটিৰ ওপৰত থিয়দঙা দিবলৈ উত্তৰপুৰুষে বেছি  কষ্ট  কৰিবলগীয়া নহয়। অসমীয়া জাতিৰ সৌভাগ্য যে, শংকৰদেৱে এই কাম তেতিয়াই কৰি থৈ গৈছে। 

পঞ্চদশ শতিকাত  হাবি-জংঘলেৰে  এইখন   অসমত  জন্মগ্ৰহণ  কৰা এজন মানুহে  কিদৰে  এই অসাধ্য সাধন কৰিব পাৰিলে  সেই  কথা ভাবি  আচৰিত হবলগীয়া হয়। কিদৰে শংকৰদেৱে  আহৰণ কৰিছিল  সেই দিব্যদৃষ্টি?  যি সময়ত  একৈশ শতিকাতো  আমি সত্তাৰ  পৰিচিতি'  বা  অন্তৰ্ভুক্তিকৰণ'ৰ দৰে  বিষয়ত  ৰাজনৈতিক আকাশ  উত্তাল  কৰি ৰাখিছোঁ -- সেই সময়ত  পঞ্চদশ শতিকাতে কিদৰে শংকৰদেৱে সম্ভৱ কৰি তুলিছিল   সকলো  জাতি-জনগোষ্ঠী-ধৰ্ম-বৰ্ণৰ লোককে সামৰি লৈ এক  সংহত  অসমীয়া  জাতি --  যাৰ আধাৰ আছিল  ভাষা, সাহিত্য, সংস্কৃতি  আৰু  সমাজগঠন ।   যাৰ  বাবে তেওঁ  আহৰণ কৰিছিল   গভীৰ  অন্তৰ্দৃষ্টি  আৰু  প্ৰজ্ঞা।  আমি  জানিব লাগিব যে, শংকৰদেৱে নেতৃত্ব দিবলগীয়া হৈছিল এখন নিৰক্ষৰ সমাজক, আজিৰপৰা কেইবাশ  বছৰৰ আগতে ।  তেওঁ য'লৈকে গৈছিল  হয়তোবা  খোজকাঢ়ি,  'হলে নাৱেৰে, সেই সময়ৰ  অসম অটব্য অৰণ্যৰে আগুৰা। যিখন সমাজক  শংকৰদেৱে  জ্ঞানৰ   পোহৰৰ আলোকেৰে আলোকিত কৰিবলগীয়া হৈছিল, সেই সমাজ আছিল  অন্ধকাৰ আৰু  কু-সংস্কাৰৰ গ্ৰাসত।  আকৌ, জীৱনৰ শেষ বয়সত কোচ ৰজাৰ পোৱা  আগ্ৰহৰ  বাহিৰে সমগ্ৰ জীৱনতেই তেওঁ    পাইছিল ৰজাঘৰীয়াৰ অত্যাচাৰ।  অত্যাচাৰৰ প্ৰকোপ ইমানেই বেছিআছিল যে,  মৰমৰ জোঁৱায়েকক  ৰজাই  হাতীৰে  গচকাই  মাৰি পেলাইছিল। তেওঁৰ নিজৰো অলেখ সৃষ্টি বনপোৰা জুয়ে গ্ৰাস কৰিছিল। কিন্তু ব্যক্তিগত জীৱনৰ এই  সন্তাপে  শংকৰদেৱক বিচলিত   কৰিব নোৱাৰিলে। অনাখৰী মানুহৰ মাজত জ্ঞানৰ গৰিমা বিলাই,  তেওঁলোকক এক উন্নত সংস্কৃতিৰে বান্ধি  জাতীয় চেতনাৰে  উজ্জীৱিত কৰি  বিশ্বৰ মানসত  এক  আত্মবিশ্বাসী জাতি হিচাপে অসমীয়াক  প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰেই তেখেতে কাম কৰি গ'ল। হয়,  শংকৰদেৱ  আছিল একশৰণ নামধৰ্মৰ  প্ৰৱৰ্তক। কিন্তু  কেৱল ধৰ্মীয় চেতনাৰ আৱৃত্তত  শংকৰদেৱে যি অতুলনীয় সাহিত্য আৰু সংস্কৃতিৰ সম্ভাৰেৰে  অসমীয়া জাতিৰ ভেটি ৰচনা কৰি থৈ গ', সেই  কথা  ভাবিলে আচৰিত লাগে।

আমি মনত ৰাখিব লাগিব যে, শংকৰদেৱে  এক উন্নত অসমীয়া  ভাষাৰ  প্ৰতিষ্ঠাৰে  সেই কাম কৰি থৈ গৈছে আজিৰপৰা কেইবাশ  বছৰৰ  আগতেই, অথচ বিদেশী নাগৰিক (সংশোধনী) আইন, ২০১৬ -ৰ আধাৰত বাহিৰৰ দেশৰপৰা  হিন্দু বাংলাদেশী আনি এই ৰাজ্যত প্ৰতিষ্ঠা কৰি অসমীয়া ভাষাক সংখ্যালঘূলৈ পৰিণত কৰাৰ বাবেই  ৰজাঘৰীয়া  চক্ৰান্ত কৰিবলৈ এতিয়াও এৰা নাই।  ইয়াৰ আগতেও বৃটিছৰ চক্ৰান্তত অসমীয়া ভাষা অসমৰ দ্বিতীয় ভাষালৈ পৰিণত হৈছিল।  বহুতেই  শংকৰদেৱৰ ভাষাক ব্ৰজাৱলী' অথবা প্ৰাচীন অসমীয়া ভাষা' বুলি  অভিহিত  কৰিব  খোজে,  কিন্তু  অলপ অধ্যয়ন কৰিলেই গম পোৱা যায় শংকৰদেৱ ভাষা কিমান আধুনিক। উদাহৰণস্বৰূপে, কীৰ্তনঘোষাৰ প্ৰথমটি  বাক্যৰ কথাকেই কব পাৰি-- প্ৰথমে  প্ৰণামো  ব্ৰহ্মৰূপী  সনাতন-- এই  বাক্যশাৰী ইমান আধুনিক যে, এতিয়াও কিছু সম্পৰীক্ষাৰে এই বাক্যশাৰীৰে এটা আধুনিক গল্প লিখি পেলাব পাৰি। হয়, শংকৰদেৱে কৈছে -- ধন্য ধন্য ভাৰতবৰিষে'  কিন্তু সেই ভাৰতবøত বাস কৰা অসংখ্য জাতিসত্তাৰ মাজৰ এজন হৈ, সেই জাতিসত্তাবোৰৰ  স্বাধিকাৰৰ কথা গৌৰৱেৰে সহিত্য, সংস্কৃতিত উপস্থাপনা কৰি -- কিয়নো তেখেতে জানিছিল যে, সৰ্বভাৰতীয়া সত্তা বুলি  আচলতে বিশেষ কিবা এটা নাই-- সকলো আঞ্চলিক সত্তাৰ সন্মিলিত ৰূপেই  বৃহৎ সৰ্বভাৰতীয়া ৰূপ। এখন   ফুলনিৰ  নানাৰঙী ফুলৰ দৰে।  সেয়েহে কীৰ্তনপুথিৰ স্বৰ্গৰ নন্দন-কাননৰ ৰূপ বৰ্ণণা  কৰিবলৈ যাওতে শংকৰদেৱে গভীৰ আত্মবিশ্বাসেৰে  অসমৰ গছ-বন-লতিকাৰ কথাকেই লিখি থৈ গৈছে। উত্তৰ ভাৰতীয় সংস্কৃতিৰে  তেওঁ  কৃষ্ণবন্দনা কৰা নাই, কৰিছে  অসমীয়া সংস্কৃতিৰে। যশোদাৰ চৰিত্ৰ অসমীয়া গ্ৰাম্যসমাজৰ নাৰী এগৰাকীৰ অংশহে।   শংকৰদেৱৰ সহিত্য আৰু সংস্কৃতিৰ অধ্যয়নে আমাক এটা কথাই শিকাই যে. কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনতো  সৰ্বভাৰতীয় সত্তাৰ আৱৰ্তৰ এই আঞ্চলকিতাবাদী  সত্তাটো  ভাৰতীয়  ইতিহাসত  সদায়েই  প্ৰাসংগিক হৈ   আছিল।  আৰু বৰ্তমানেও আছে।   দুখৰ  কথা  যে, এই আঞ্চলিকতাবাদী   আৱেগেই  এতিয়া  শাসকপক্ষৰ  কুটিল  ৰাজনীতিৰ  ঢাল ।  হিন্দুত্বৰ  আদৰ্শেৰে  ক্ষমতালৈ অহা   এই   শক্তিসমূহে আঞ্চলিকতাবাদী  আৱেগৰ ভিত্তিত ৰাজনৈতিক  ক্ষমতা দখল কৰি পিছমুহূৰ্ততে সেই আৱেগক  মষিমূৰ  কৰি  ৰাষ্ট্ৰীয়তাবাদৰ   ঢৌ জাপি  দিয়াৰ নামত   হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব   খোজাৰ   উদাহৰণ  এতিয়া  অজস্ৰ।  বিশেষকৈ  অসমত  কংগ্ৰেছৰ  পোন্ধৰ বছৰীয়া শাসনকালৰ অবাধ  দূৰ্নীতিৰ  অচিলা  লৈ আঞ্চলকিতাবাদী  শক্তিৰ  সমৰ্থন গোটাই  বিজেপি  দলে  ক্ষমতালৈ  অহাৰ পিছৰেপৰা  হিন্দুত্ববাদৰ  নামত   অসমীয়া  জাতি- ধ্বংসী  প্ৰক্ৰিয়াৰ  সুচনা কৰিছে।  আনহাতে  অসমীয়া জাতিসত্তাক ধ্বংস কৰাৰ  প্ৰাথমিক চৰ্ত হিচাপেই  হিন্দুত্ববাদী শক্তিসমূহে  অসমীয়া  জনমানসৰ চেতনাত ব্যাপ্তি থকা  উজ্জল  ব্যক্তিত্ববোৰক  অন্ধকাৰলৈ ঠেলি দিয়াৰো  ষড়যন্ত্ৰ ৰছনা ক ৰিছে।  

এই প্ৰচেষ্টাৰ  অংশ  হিচাপেই    অসমীয়া ভাষা- সাহিত্য - সংস্কতিৰ ভেটি  তৈয়াৰ কৰি  থৈ যোৱা    শংকৰদেৱক উৎখাত  কৰাৰ   নিৰলস  প্ৰচেষ্টা   চলিছে ।  দূৰ্ভাগ্যজনকভাৱে,   এই    শক্তিসমূহে  কুকুৰ- শৃগাল -গদৰ্ভৰো আত্মাৰাম বুলি  ইতৰ  প্ৰাণীকো সম-মৰ্যদা  প্ৰদান কৰা  শংকৰদেৱৰ   আদৰ্শক বিকৃত কৰিব  পাৰিলেই  অসমীয়া  আঞ্চলিকতাবাদৰ  আধাৰটি  বিকৃত  কৰিব  পৰা  যাব  বুলি  পতিয়ন  গৈছে।   কিন্তু  আচৰিত কথা যে, অসমীয়া জনমানসত স্থান লবৰ সময়ত  এই শক্তিবোৰে  পোনতে   শংকৰদেৱৰ নামকেই  ব্যৱহাৰ কৰিছে।  উদাহৰণস্বৰূপে,   Íব্বৰ  দশকৰপৰা  শংকৰদেৱ শিশু নিকেতন নামেৰে তেঁওলোকে যিবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয়  গঢ়ি  তুলি অসমীয়া  মধ্যবিত্তৰ হৃদয়ত সোমোৱাৰ  পৰিকল্পনা কৰিছিল -- সেই  বিদ্যালয়বোৰ  যে  গাৰোৰ গোবিন্দ,  মুচলমানৰ  চান্দসাঁই,  নগাৰ নৰোত্তমৰ দৰে  বিভিন্নজনক আকোঁৱালি লোৱা   শংকৰদেৱৰ   উদাৰবাদী  আদৰ্শৰ   বিপৰীতে  মাথোন  হিন্দুত্ববাদৰ  কাৰখানাহে -- সেই  কথা  ইতিমধ্যেই  প্ৰতিপন্ন হৈ  গৈছে। দুখৰ   কথা  যে,  এই   কথাবোৰ পোহৰলৈ অহাৰ  পিছতো  হিন্দুত্ববাদী  শক্তিবোৰে      অসমীয়া আঞ্চলকিতাবাদী চেতনাৰে আলোকিত এচাম  মধ্যবিত্তক এতিয়াও নিৰন্তৰে   আকø  কৰিবলৈ  সক্ষম  হৈছে।  কবলৈ  'লে    অসমীয়া  জাতিৰ   বাবে  কঢ়িয়াই আনিছে   ভয়ানক দিনৰ অশনি সংকেত।  এনে  সময়ত  অসমীয়াৰ জাতীয় চেতনাত  শতিকাজুৰি  পোহৰ  বিলাই অহা  এই  কাণ্ডাৰীসকলৰ জীৱন দৰ্শন  আৰু  তেঁওলোকৰ সৃষ্টিকৰ্ম  গভীৰভাৱে  অধ্যয়ন কৰি  তাৰ পোহৰত জাতিৰ  উন্নয়নৰ  দিশ নিৰ্ণয় কৰাটো অতিশয়  জৰুৰী হৈ পৰিছে। 

ত্ৰয়োদশ শতিকাত অসমলৈ  অহা বিচক্ষণ  ৰাজনীতিবিদ   চুকাফাই  যিদৰে   ৰাজনৈতিক ক্ষেত্ৰত ৰাজ্যখনত  সাত ৰাজ মাৰি এক ৰাজ স্থাপন কৰিবৰ বাবে উদ্যোগ লৈছিল, সেইদৰে ১৪৪৯  চনত জন্ম  গ্ৰহণ  কৰা  শংকৰদেৱে  উদ্যোগ লৈছিল  সামাজিক আৰু বৌদ্ধিক ক্ষেত্ৰত  অসমীয়া জাতিক  ন- কৈ  গঢ়াৰ  সংকল্প।  শংকৰদেৱৰ আদৰ্শ গ্ৰহণ  কৰা  বহুতেই , আৰু  আনকি   প্ৰগতিশীলসকলৰো  একাংশই  আজি   শংকৰদেৱৰ পৰিছয়  মাথো  এজন ধৰ্মগুৰুৰ  পৰিসৰতে আৱদ্ধ কৰি ৰাখিব খোজে। কিন্তু শংকৰদেৱে অসমীয়া সমাজক দিয়া নাই কি·  আসমীয়া  ভাষা - সংস্কৃতি - সাহিত্য  সকলোতে এক নৱজাগৰণৰ  সৃষ্টি  কৰি সেই  কালতেই   অসমীয়া  জাতিৰ  নৱনিৰ্মাণৰ   সৌধ নিৰ্মাণ কৰি  থৈ   গৈছে  এইজন পুৰুষে। আজিৰ  কঠিন ৰাজনীতিৰ  সময়ত   শংকৰদেৱৰ  সাহিত্য  অধ্যয়নৰ  গুৰত্ব  এইবাবেই  প্ৰাসংগিক  আৰু অপৰিসীম যে,  তেখেত  নিজে   আদৰ্শগতভাৱে  সৰ্বভাৰতীয়  সত্তা হোৱাৰ  পিছতো  আঞ্চলকিতাবাদী  সত্তাৰেহে  সমুজ্জল।   আজিৰ এচাম আঞ্চলিকতাবাদী অসমীয়া  মধ্যবিত্তই  ৰাষ্ট্ৰীয়তাবাদৰ দোহাই  দি ধৰ্ম সংপৃক্ত ৰাজনীতিৰ আওতাৰে   হিন্দুত্ববাদৰ  শৰণাপন্ন হোৱাৰ সময়ত এই কথা যিমানেই সোনকালে উপলব্ধি কৰে অসমীয়া জাতিৰ  বাবে  সিমানেই  মংগল।  কেৱল  সাহিত্য  ৰ্কমৰ  মাজতেই  এই  আঞ্চলিকতাবাদী চৰিত্ৰক  প্ৰতিপন্ন কৰাত আৱদ্ধ  নাৰাখি তেখেতে  যি  সাংস্কৃতিক সমল দি থৈ গৈছে তাতো ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠাক সম - মৰ্যদাৰে প্ৰতিষ্ঠা  কৰি  থৈ  গৈছে।   সাহিত্যৰ ক্ষেত্ৰতো তেখেতে এক  আধুনিক  অসমীয়া ভাষাৰ সৃষ্টি   কৰি থৈ গৈছে। তেখেত  নিজে  সংস্কৃতৰ  এজন  বিদগ্দ্ধ  পণ্ডিত আছিল । ভাৰত ভ্ৰমণৰ সময়ত দেশৰ আগশাৰীৰ সংস্কৃত পণ্ডিতসকলৰ সৈতে তেখেতৰ সাক্ষাতো হৈছিল। অথচ উভতি আহি তেখেতে সাহিত্য সৃষ্টি   কৰিলে  অসমীয়া  মানুহে ব্যৱহাৰ কৰা আইৰ মুখৰ ভাষাৰে ।  কীৰ্তনঘোষাৰ  ভাষা  আজিও  আধুনিক।  কিন্তু কীৰ্তনঘোষাৰ  বহু শতিকাৰ  পিছত  প্ৰাকশিত  আৰুণোদই' আলোচনীত  প্ৰাকশিত  অসমীয়া ভাষাৰ গদ্যৰূপ আজি আমাৰ মাজত চলতি কৰিব পাৰিম জানো·   অসমীয়া ভাষাৰ  প্ৰকাশিকা   শক্তিৰ  এই  কালিকাৰ  প্ৰতি  শংকৰদেৱ কেনেকৈ  বা   কিদৰে  ইমান আত্মবিশ্বাসী  হৈ  পৰিল·   এই  ভাষা তেখেতে  কিদৰে  আয়ত্ত  কৰিব   পাৰিলে যে,  আনকি   পঢ়বি নজনা  অনাখৰীজনেও শুনি শুনিয়েই  কীৰ্তন- ঘোষাৰ  পদ  সলসলীয়াকৈ কব পৰা হ'·  হয়তো  প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ কালতেই তেখেতৰ  সংযোগ ঘটিছিল  ভাৰতৰ  অঞ্চলে- অঞ্চলে,   প্ৰান্তে - প্ৰান্তে   বাস  কৰা  ভিন ভিন  জনপদৰ সৈতে। এই  জনপদসমূহৰ  মুখৰ  ভিন  ভিন  মাত - কথা, তেঁওলোকে বহন কৰা  সংস্কৃতিৰ  সৌৰভ, প্ৰাণৰ স্পন্দনে   তেখেতক অভিভূত   কৰি ৰাখিছিল আৰু  অগাধ  প্ৰতিভাধৰ  এই বিস্ময়-পুৰুষজনে  তেতিয়াই  হয়তো  পতিয়ন গৈছিল যে, মহান ভাৰতবৰ্ষৰ আত্মা প্ৰকৃততে  এই আঞ্চলিক সত্তাবোৰৰ  পোহৰত উজলি  উঠা এছটা  বৰ্ণচ্ছটাহে ।

সেয়েহে শংকৰদেৱে যেতিয়া   কীৰ্তন-ঘোষাৰ  হৰমোহন' স্বৰ্গৰ নন্দন -কাননখন আঁকিলে বা বৰ্ণণা কৰিলে, ইন্দ্ৰ আদি দেৱতাই  বাস কৰা  সেই নন্দন- কাননখনৰ  তৰু -তৃণ- লতিকাৰ  তেঁও বিৱৰণ দিলে অসমৰেই  হাবিয়ে -বননিয়ে পোৱা তৰু-তৃণ-লতিকাৰ বৰ্ণণাৰে --

পাছে ত্ৰিনয়ন           দিব্য উপবন
দেখিলন্ত বিদ্যমান 
ফল ফুল ধৰি            জকমক ক ৰি  
আছে যত বৃক্ষমান।।
শিৰিষ সেউতী        তমাল মালতী
লবংগ বাগি গুলাল 
কৰবীৰ বক         কাঞ্চন চম্পক 
ফুল ভ ৰে ভাঙ্গে ডাল।।  
শেৱালি নেৱালি          পলাশ পাৰলি
পাৰজিাত যূতি জাঁই, 
বকুল বন্দুলি          আছে ফুলি ফুলি
তাৰো সীমা সংখ্যা নাই।।

সেইদৰে গজেন্দ্ৰ উপাখ্যানত পোৱা যায় আসমৰ হাবিৰ বন- বিৰিখৰ নিৰন্তৰ  বৰ্ণণা  -

শাল তাল তমাল মন্দাৰ পাৰিজাত
চম্পক আশোক আনো  পুষ্প অসংখ্যাত।।
আম জাম লেবু জৰা জামীৰ খাজুৰি

বলে নাৰকিল তাল তাম্বুল পাকৰি।।
অগৰু চন্দন পদ্ম সৰল সোণাৰু।
আৰো যত তৰু তৃণ সৱে  কল্পতৰু।।

আকৌ,  প্ৰকৃতিৰ নিভাঁজ কোলাত বাস কৰা সহজ -সৰল অসমীয়া মানুহৰ চেতনাত তেঁও  ধৰ্মৰ  বাগাড়ম্বৰ কাৰ্যক্ৰমণিকা  পৰিহাৰ কৰি  প্ৰতিষ্ঠা থৈ  গৈছে এক দেউ এক সেউ, এক বিনে নাহি  কেউ  নীতিৰে  একশৰণ ভাগৱতী ধৰ্ম -  যাৰ  আধাৰত  আছে কৃষ্ণ -চেতনা।  শংকৰদেৱে  আমাক  দি  থৈ যোৱা এই কৃষ্ণ চেতনা কিন্তু  আচৰতিধৰণে অতিশয় সৰল, আমাৰ  নিচেই  আপোন  শিশু কৃষ্ণ হে । যাক  মাতৃ  যশোদায়ো গালি পাৰে এনেদৰে -  ভাণ্ড ভাঙ্গি আৰে  যাইবো কোথা,  খাইবো আজি কৃষ্ণ তোৰ মাথা  (শিশু লীলা, চতুৰ্থ খণ্ড) । এই  যশোদা অচিনাকি   বৃন্দাবনৰ  নন্দ জায়া নহয়, তেঁও যেন  আমাৰ গাঁওখনৰেই  এজনী সৰল তিৰোতা।  এনে অলেখ উপাদানেৰে শংকৰদেৱৰ সাহিত্য সম্ভাৰ  সমৃদ্ধ। সৰ্বভাৰতীয় চেতনাৰ  এই  আঞ্চলকিতাবাদী  ৰূপসজ্জাৰ মাজেৰেই উন্নত সাংস্কৃতিক চেতনাৰ প্ৰৱাহৰ  যি ডাল ডোলেৰে  শংকৰদেৱে  অসমীয়া জনজীৱনক বান্ধি থৈ গৈছে , তাৰ বলতেই সংকটকালত এই  জাতিয়ে  বাৰে বাৰে সঞ্জীৱনী  সুধা  আহৰণ  কৰি  সাৰ পাই  উঠিছে। 

কেৱল  সাহিত্যৰ  উপজীৱ্যতেই  নহয়, শংকৰদেৱে প্ৰৱৰ্তন কৰা সত্ৰীয়া নৃত্যত বড়োসকলৰ বাগৰুম্বা, মিচিংসকল  বিহুৰ লগতে বিহু নাচৰ চেৰেকীপাকৰ সমন্বয় আদিৰ বিষয়ে গৱষেকসকলে বিস্তৃতভাৱে  গৱেষণা কৰিছে। আজি এই কথা বিস্ময়েৰে লক্ষ্য কৰি আমি শংকৰদৱেৰ প্ৰতি শ্ৰদ্ধানত হৈ পৰোঁ যে,  যিসময়ত  ভাৰতবøৰ ভাৰত নাট্যম,  কোচি পুড়ীকে ধৰি  সকলোবোৰ ধ্ৰুপদী নৃত্য বিলুপ্ত হৈ  যোৱাৰ  পিছত  মন্দিৰৰ মূৰ্তিৰ ভংগী আদি ওপৰত  গৱেষণা কৰি  নতুনকৈ মুদ্ৰাবোৰ  ৰছনা কৰিবলগীয়া হৈছিল -- সেই একেসময়তে কিন্তু অসমৰ সত্ৰৰ সাৰিসীমাৰ  ভিতৰত সত্ৰীয়া  নৃত্য  এক জীৱন্ত  ধাৰা  হিচাপে লেঠাৰি-নিচিগাকৈ  নিৰৱচ্ছিন্নভাৱে  পৰিবেশিত হৈ  আহিছিল,  সত্ৰসমূহৰ তীব্ৰ  আৰ্থিক সংকট স্বত্বেও।  অলেখ বান, গৰাখহনীয়া, আৰ্থিক দুৰাৱস্থাৰ মাজতো   শংকৰদেৱে  আমাক   দি থৈ যোৱা অসমীয়া সংস্কৃতিৰ বৰঘৰৰ এই মেটমৰা  সম্ভাৰ  অসমীয়া জাতিয়ে হৰণ- ভগণ  হবলৈ নিদিয়াকৈ  সযতনে ৰাখিছে।    অথচ, আজি সত্ৰৰ বৰঘৰৰ মজিয়াতে শংকৰদেৱৰ চেতনা উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰছনা কৰি কৃষ্ণ-চেতনাৰ  বিপৰীতে ৰাম'ৰ চেতনাক ব্যাপ্ত কৰা হৈছে।  অথচ  এই  ৰাম'  কিন্তু আমাৰ -  পৰম্পৰাৰ প্ৰজাবৎসল ৰাম নহয় -- এই  ৰাম' হিন্দুত্ববাদী এজেণ্ডাৰ  সংকীৰ্ণ  চেতনাৰ পৰা উদ্ভ²ত ।    শংকৰদেৱৰ  শিশু- কৃষ্ণ  চেতনাৰ  বিপৰীতে  হিন্দুত্ববাদী শক্তিয়ে আমদানি কৰা   এই ৰাম'  কিন্তু   আমাৰ  বাবে পৰিচিত নহয় -- আচহুৱা।  এই হিন্দুত্ববাদী ৰাম'ৰ চেতনাত  কিমান  দূৰ সুৰক্ষিত  হৈ ৰ'ব আমাৰ জনজাতীয়সকল,  অন্ত্যজ বৰ্ণহিন্দুসকল,  দলিতসকল,  ধৰ্মীয় সংখ্যালঘূসকল   আৰু সমাজৰ অৰ্ধেক অংশ নাৰীসমাজ --  হিন্দুত্ববাদী  শক্তিসমূহে  ভাৱে  যে   শংকৰদৱেৰ চেতনাক অসমীয়াৰ মনৰপৰা উৎখাত কৰাত  সফল  'লেই   জাতিটোক তেঁওলোকে  থান- বান কৰি পেলাবলৈ  বিশেষ কষ্ট  কৰা প্ৰয়োজন নাথাকিব। সেয়েহে   তেঁওলোকে   সত্ৰনগৰী' হিচাপে  খ্যাত  বৈষ্ণৱ  সংস্কৃতিৰ নাভিকেন্দ্ৰ, বিভিন্ন জাতি-জনগোষ্ঠীৰ  বসতিভূমি   মাজুলীৰ  চিৰ-পৰচিতি  পৰিচিতি  সলাই তেঁওলোকে তাৰ ৰূপ দিব  খুজিছে     আধ্যাত্মিক নগৰী'  বুলি।  ৰজাঘৰৰ  আশীৰ্বাদপুষ্ট হৈ   শংকৰদেৱৰ চেতনাক উৎখাত কৰিবলৈ  বৈষ্ণৱ সংস্কৃতিৰ  নাভিকেন্দ্ৰ   মাজুলীৰপৰাই  আৰম্ভ কৰা হৈছে  প্ৰয়াস। 

এনে জটিল ক্ষণত  শংকৰদেৱৰ আদৰ্শক নতুনকৈ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এটা সময়ত গঢ় লৈ উঠা শংদৰদেৱ সংঘৰ দৰে অনুষ্ঠানৰ সৈতে জড়িতসকলৰ  কৰ্তব্যও গধূৰ।    এই  লেখক নিজেও শংকৰ সংঘৰ সদস্যৰ পৰিয়ালৰ । আমাৰ  দেউতা প্ৰয়াত মুহিধৰ ভৰালী সংঘৰ শৰণ সদস্য আছিল আৰু  বহু বছৰ ধৰি মূল্যৰ সদস্য হিচাপেও আছিল। আজিৰ জটিল সন্ধিক্ষণত শংকৰদেৱৰ  আদৰ্শক  সঠিকভাৱে প্ৰতিফলিত কৰাত শংকৰ সংঘ কিমান সফল হৈছে সেই কথাৰ বিচাৰ শংকৰ সংঘৰ সদস্যসকলে, বিশেষকৈ যুৱসকলে কৰি চাব লাগিব। শংকৰদেৱৰ আদৰ্শৰ মৰ্মত সোমাই তাৰ শাহ আৰ সাৰ- বস্তু যুগৰ উপযোগী কৰি নতুন চিন্তাৰে  আৰু উদাৰভাৱে সমাজৰ মাজলৈ নিব  পাৰিব লাগিব  নতুন পোহৰেৰে, উাদৰভাৱে।  এসময়ত শংকৰদেৱে  বুকুত সুমুৱাই লোৱা  জনজাতীয়  ভাইসকল কিয় আঁতৰি গৈছে   সেই কথা ফঁহিয়াই চোৱাৰ আজি  প্ৰয়োজন আছে।  সংঘৰ  প্ৰতিষ্ঠাতা সোণাৰাম চুতীয়াদেৱৰ আদৰ্শকো আমি নতুনকৈ বিচাৰ কৰিব  লাগিব। তেখেতৰ গভীৰ আদৰ্শনিষ্ঠা, কৰ্মোদ্যম, সাধাৰণ অসমীয়া  মানুহৰ মাজৰ শংকৰদেৱক নতুনকৈ আৱিস্কাৰ কৰোৱাৰ  যি হেঁপাহ  আৰু  আকুলতা  তাক  আমি  বুজিবলৈ চেষ্টা কৰিব লাগিব। এটা সময়ত  অলেখ বাপ- বান্ধৱে দিন- ৰাতি একাকাৰ  কৰি  এশেষ  কষ্টৰে  এই সংঘৰ ভেটি ৰছনা কৰি  থৈ  গৈছে। এই সকলোবোৰৰে  নৱমূল্যায়নেৰে  শংকৰ  সংঘই  জাতীয় জীৱনত নতুন আশাৰ সঞ্চাৰ কৰক, তাকেই কামনা কৰিছোঁ।

------
-- ৰত্না ভৰালী তালুকদাৰ
২২-০২-১৯

Thursday 7 February 2019

পাৰ্থ বিজয় দত্ত -- ভাৰ্চুৱেল পৃথিৱীৰপৰা অহা এক অনন্য সাধুকথা





পাৰ্থবিজয়  দত্তৰ অসুখৰ কথা মই আনতকৈ বহু পলমকৈহে গম পাইছিলোঁ। তাকো ফে'চবুকৰ মজিয়াত।  যেতিয়া গম পালোঁতেতিয়া  গল্পকাৰ বিপাশা বৰাৰ  সৈতে যোগাযোগ কৰিছিলোঁ।বিপাশাই  কিছু কথা  কৈছিল  আৰু  পাৰ্থৰনে  স্বাতীৰ ফোন নম্বৰটো দিছিল। অৱশেষত মই সন্ধিয়া সময়ত পাৰ্থক ফোন কৰিছিলোঁ। মুম্বাইৰ হস্পিতালত তেতিয়া তেওঁ কেম'থেৰাপিৰ  'ৰ্চ সমাপ্ত কৰিছে।ইতিমধ্যে  হাওফাওৰ  কৰ্কট ৰোগৰ বাবে তেওঁৰ এটা হাওফাও আঁতৰাই দিয়া হৈছে। ২০১৭ চনৰ চেপ্তেম্বৰ মাহ আছিল।

সময় পালে সন্ধিয়া ঘৰৰ আগ বাৰান্দাত খোজকাঢ়োঁ । তেনেকুৱাতে পাৰ্থক ফোনত পালোঁ। মুনিচুনিৰ এন্ধাৰৰপৰা পোহৰ বিচাৰি  অহা পখী এটিৰ ডেউকাৰ ধপ-ধপনিৰ দৰে লাগিছিল পাৰ্থৰ মাতটো। মুম্বাইৰ হস্পিতালৰপৰা যেন বতাহত আহি আহিছিল  পাৰ্থই ফোন এৰিব খোজা নাছিলতেওঁৰ   ডেউকাৰ ধপ-ধপনিৰ দৰে মাতটো মোৰ  বুকুৰ  গভীৰলৈ সোমাই গৈছিল। মাতটো শুনি থকাটোৱেই  যন্ত্ৰণা। কেইবাবাৰো কৈছিলোঁ, ‘তোমাৰ কষ্ট হৈছেফোনটো ৰাখি দিয়া।তেওঁ কৈছিল যেকষ্ট হোৱা নাই। এবাৰৰ বাবেও তেওঁ নিজৰ অসুখৰ কথা কোৱা নাছিল।  গভীৰ জীৱন-জিজ্ঞাসাৰে অসমৰ সামাজিক- ৰাজনৈতিক  প্ৰেক্ষাপটৰ চলমান ঘটনাৱলীৰ সম্পৰ্কত জানিবলৈ বিচাৰিলে,  আৰু মোৰ মতামত জানিবলৈ অধীৰ হৈ পৰিল।  মোৰ ভাৱ হৈছিল  কথা কওঁতে পাৰ্থই হয়তো কষ্ট পাইছে,  অথচ  ফোনটো  ৰাখিব খোজা নাই। সেয়ে নিজৰপৰাই  বেছিকৈ কথা কবলৈ ধৰিলোঁ। কিছুমান কথাত তেওঁ মোৰ  সৈতে সহমত প্ৰকাশ কৰিলে। কিছুমানৰ বিৰোধিতা কৰিবলৈ নিজৰ যুক্তি দাঙি ধৰিলে।

আমাৰ প্ৰথম কথা- বতৰা দীঘলীয়া আছিল। ফোনটো ৰাখি মই  নিজে পুলকিত হ'লোঁ।  মই বুজিলোঁ,  জীৱনে   মৰ্যদাপূৰ্ণ  বন্ধুত্বৰ এক অতি সমৃদ্ধ  অথচ  সৰলতাৰে ভৰা প্ৰাণময়  বোদ্ধা মোক উপহাৰ  দিব  খুজিছে ।  ইয়াৰ বাবে সেই সন্ধিয়াটোৰ ওচৰত  মই কৃতজ্ঞ । কিন্তু পাৰ্থৰ  পখীৰ  ডেউকাৰ ধপ-ধপনিৰ  দৰে  মাতটো  মই সহ্য কৰিব পৰা নাছিলোঁ।  হোৱাটছ এপৰ জৰিয়তেই আমাৰ কথা-বতৰা  আৰম্ভ হ'ল। ইয়াত  বহুত সুবিধা  আছিল। আমি কথা- বতৰা হ'ব খুজিলে লিখি থৈ দিলেই হ'ল। নিজৰ সময় অনুসৰি মতামত ৰাখি যাব পাৰি। এনেদৰে কিমান কথা পাতিলোঁ আমিহয়তো এখন উপন্যাসৰ সমান। অচিৰেই পাৰ্থই  মই বৌদ্ধিক সমৃদ্ধতাৰ বাবে গ্ৰহণ কৰি লোৱা মুষ্টিমেয় কেইজনমান বন্ধুৰ তালিকাত ঠাই ল'লেহি।

ইমান  সমৃদ্ধ হৈও নিজৰ সৃষ্টিশীলতাক লৈ প্ৰথমে  পাৰ্থ আত্মবিশ্বাসী নাছিলবিশেষকৈ  গল্পবোৰ লৈ।  এদিন অসমীয়া সাহিত্যৰ সমকালীন গল্পকাৰসকলৰ বিষয়ে আমি কথা পাতি আছিলোঁ। কেইজনমান গল্পকাৰৰ কথা কৈ মই তেওঁক কৈছিলোঁ --They are amazing storytellers of Assamese literature'‘ পাৰ্থই কৈছিল -‘‘মোৰো মন যায়এদিন আপোনাৰ এই amazing  storytellersসকলৰ তালিকাত মোৰো নাম থাকিব।’”  মই  মুহূৰ্ততে কৈছিলোঁ – ‘Partha, you are an amazing storyteller তেওঁৰ বিশ্বাস হোৱা  নাছিল। মই আকৌ কৈছিলোঁ – ‘You really are”! মই কৈছিলোঁ যেকোনো পৰিস্থিতিতেই মই মিছা  কথা নকওঁ।  তেতিয়া তেওঁ মোক বিশ্বাস  কৰিছিল। তেওঁৰ গল্পভাষাৰ বিৰল সংবেদনাজীৱনৰ প্ৰতি থকা আকুলতা,  গল্পৰ ভাষাৰে ওলাই  অহা এটা নিভাঁজ যোৰহটীয়া ভাষাৰ ঠাচ--এই বৈশিষ্টবোৰ দেখুৱাই দিছিলোঁ।  কৈছিলোঁ যেঅভিজ্ঞতাৰ মাজেৰেই গল্পকাৰৰ জীৱনে পূৰ্ণতা পায়। তাৰ বাবে সময়ৰ প্ৰয়োজন। বাট কিন্তু চমু নহয়। তেওঁক কৈছিলোঁ যেআমি কোনোৱেই অসীম প্ৰতিভাধৰ নহয়। নিজকে ভাঙি-ছিঙি গৈ থাকিব লাগিব। মোৰ জীৱন উপলব্ধিৰ এক নিজস্ব দৰ্শন আছিল। পাৰ্থৰ আন এক দৰ্শন আছিল। আমি পৰস্পৰৰ এই জীৱন দৰ্শনৰ প্ৰতি শ্ৰদ্ধাশীল আছিলোঁ।  তেওঁক কৈছিলোঁ -- “লৰা-লৰি নকৰিবা। লাহেকৈকিন্তু  দৃঢ়তাৰে যোৱা। এদিন  তেওঁ কৈছিলতেওঁৰ সেই কেন্সাৰ  অতি বিৰলধৰণৰ বুলি তেওঁক অস্ত্ৰোপচাৰ কৰা  ডাক্তৰে কৈছিল।  মই লগে লগে কৈছিলোঁ-- ‘‘অসুখৰ কথা নকবা প্লিজ।” কিন্তু  মই  ইণ্টাৰনেটৰ  কিছু  তথ্য  চাইছিলোঁ।   মই  ধৰি লৈছিলোঁ   পাৰ্থৰ হাতত  কিছু সময় আছেহয়তো  পাঁচবছৰ  অথবা দহ বছৰ। পাৰ্থ এজন সৎ আৰক্ষী বিষয়া আৰু  সকলো ক্ষেত্ৰতে  আনতকৈ  বহু তৎপৰ। মই আশা কৰিছিলোঁ কেইটামান অতি উচ্চখাপৰ  গল্পৰে  অসমীয়া সাহিত্য সমৃদ্ধ  কৰি  যাবৰ বাবে পাৰ্থৰ পাঁচটা বছৰেই  যথেষ্ট । মই  অতি আকুলভাৱে এইখিনি সময়ৰ বাবে জীৱনৰ ওচৰত হাত পাতিছিলোঁ। সুশান্তই  মোক কেইবাবাৰো  কৈছিল ভাল গল্প  লিখাৰ  বাবে পাৰ্থক বেছি হেঁচা নিদিবলৈ। এটা  হাওফাওৰে  তেওঁ  আন মানুহৰ  তুলনাত  আধা  জীৱনীশক্তিহে মগজুলৈ প্ৰেৰণ কৰিব পাৰেএই কথা তেওঁ  মোক বাৰে বাৰে কৈছিল। কিন্তু  এইখিনি সময়ত  পাৰ্থই কেৱল  সৃষ্টিশীলতাৰ কাষতেই   নিজকে সমৰ্পণ  কৰিছিল। তেওঁ নিজেই নিজৰ উত্তৰণৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল।  তেওঁ বিচৰাধৰণেই জীৱনটো উপভোগ কৰক বুলি ভাবিও  মই পাৰ্থই  কেইটামান ভাল গল্প লিখক বুলি আশা কৰিছিলোঁ। সেই বছৰৰ অসম প্ৰকাশন পৰিষদৰ  গ্ৰন্থমেলাত তৰুণ গল্পকাৰৰ এখন সমাবেশত ভাগ লবলৈ পাৰ্থ আৰু স্বাতী  গুৱাহাটীলৈ আহিছিল। গুৱাহাটীৰ লেখক বন্ধুসকলে তেওঁলোকক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। সেই সময়তে  আমাৰ লেখক সমাজৰ পাৰ্থৰ  প্ৰতি থকা মৰম আৰু কুশল কামনাৰ উমান পাই মই আচৰিত হৈ গৈছিলোঁ। কোনে যে নিমন্ত্ৰণ  কৰা নাছিল এই সৃষ্টিশীল যুটিটোক!

তেওঁলোক আমাৰ ঘৰলৈও আহিছিল। য'তেই মন যায় তাতেই  ফটো উঠিছিল।স্বাতীয়ে আমাৰ ঘৰৰ বহুত ফটো  উঠাৰ  বহুত  অৱস্থান  আৱিস্কাৰ কৰিছিল। তেওঁলোক যোৱাৰ পিছতহে  আমাৰ ঘৰত  এই  ধুনীয়া ঠাইবোৰ আছে বুলি  গম পাইছিলোঁ। মই  গুৱাহাটীলৈ আহিলে তেওঁলোকক আমাৰ ঘৰতে থকিবলৈ কৈছিলোঁ। হোৱাটছ এপত আমাৰ নিৰন্তৰ কথা-বতৰা চলিছিল ।  পাৰ্থই নিজৰ সাহিত্য সম্পৰ্কে   যথেষ্ট আত্মবিশ্বাসী হৈ উঠিছিল ।  অতি কম সময়তে অভাৱনীয় উত্তৰণ ঘটিছিল তেওঁৰআমি সকলোৱেই এই কথা লক্ষ্য কৰিছিলোঁ। 



২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত গল্প এটাৰ বাবে মেঘালয়ৰ স্নংপেডং গাৱঁলৈ গৈছিলোঁ । তাতেই  উমগট আৰু চ্ছ্ৰাৰ নদীৰ সংগমস্থলী।একুৱাৰিয়ামৰ দৰে স্বচ্ছ এই নদী।  জাক পাতি থকা  সুমথিৰাবৰণৰ মাছবোৰ  পানীৰ তলেৰে সাঁতুৰি ফুৰে।  এই নদীৰে ডিঙা বাই যাওতে এডাখৰ ঠাইত  মই   নদীৰ বুকুত ঠিয় দি থকা দুখন   পাহাৰ দেখিছিলোঁ। পাহাৰ দুখন নদীৰ ওপৰত স্থিৰ হৈ আছিল।  বতাহত কঁপি  থকা  নদীৰ প্ৰাণময়সোঁতাল বুকুত  পাহাৰ দুখনৰ প্ৰতিবিম্ব  কঁপি  আছিল। অদূৰত শিলৰ মাজত নদীখনৰ এক শুভ্ৰ ফেনিল  ৰূপ।নাৱৰীয়াই  সেইখিনিতে মাজনদীত   নাওখন ৰখাই দিলে। পাহাৰ দুখনলৈ চাই মোৰ দিল্লীৰ  নেচনেল মিউজিয়ামত  ইনষ্টিটিউটত  পঢ়ি থকা নিজৰ ল'ৰাটো  আৰু পাৰ্থলৈ  একেলগে  মনত পৰিল। মই ম'বাইলত সেই  অপৰূপ  দৃশ্যটিৰ এটা একমিনিটৰ ভিডিঅবনালোঁ। আৰু দুয়োলৈকে পঠাই দিলোঁ। তেওঁলোকক ক'লো যেআমি  সৃষ্টিশীল লোকসকলো এনেকুৱাই । আনে আমাক নদীৰ ওপৰত দেখা পাহাৰখনৰ দৰেই স্থিৰ বুলি  ভাবে  যদিও ভিতৰি আমি কিন্তু নদীৰ বুকুত প্ৰতিবিম্বিত পাহাৰ দুখনৰ দৰেই অস্থিৰ। কিন্তু এই অস্থিৰতা সৃষ্টিশীল বাবেই সি আমাৰ কাম্য,  আশীৰ্বাদস্বৰূপ। এই ভিডিঅপঠিওৱা  বাবে মোৰ ল'ৰাই মোক ধন্যবাদ দিলে। পাৰ্থ অলপ নিমাতে ৰ'ল ।  তাৰ পিছত  এদিন  'লে তেৱোঁ সেই ঠাইলৈ যাবআৰু  গল্প লিখিব। তেওঁৰ  শাৰীৰীক  অৱস্থাৰ  কথা ভাবি আমাৰ  খুব  ভয় লাগিল। কিন্তু  পাৰ্থ যাবই । বিহুৰ সময়তেই  স্বাতীয়ে ফোন  কৰি ক'লে তেওঁলোকে মেঘালয়লৈ ট্ৰিপ এটা কৰিব খোজে ।  পাহাৰীয়া বতাহে পাৰ্থক অসুস্থ কৰি তুলিব বুলি আমি উদ্বিগ্ন হৈ ৰ'লোঁ। কিন্তু তেওঁলোকে শ্বিলং পিক্,  লেডী হাইদৰী পাৰ্ক,  মাওলিনংচেৰাপুঞ্জী -- এই  সকলোবোৰ ঠাই ফুৰিলে । স্নংপেডং গাৱঁলৈ গৈ আমি থাকি অহা হ'মষ্টে'টোত থাকিলেগৈ । আমাৰ দৰে নদীৰ বুকুলৈ পাৰ্থ যাব পৰা নাছিল। পাৰ্থ  যাব নোৱাৰা  বাবে স্বাতীও ন'গল।তেওঁ পাৰৰ  পৰা  শুনিলে শিলৰ বুকুৰে বাগৰি অহা  নদীৰ কল্ কল্  মাত। মাজনিশা পৰ্যন্ত।  অতি সংবেদনশীলজীৱনক গভীৰ মমতাৰে গ্ৰহণ কৰা এই গল্পকাৰজনে হয়তো গোটেই নিশাটোৱেই শুব নোৱাৰিলে।  ওভতাৰ বাটত তেওঁলোকে আমাৰ ঘৰত এনিশা কটাই গ'ল। সেইদিনা  মানুহৰ বিহু আছিল। ইতিমধ্যে ‘সোঁৱৰণিৰ ভাগি যোৱা উকিবোৰৰ পিঠিৰে’ শীৰ্ষক মোৰ  গল্পটো ‘সাদিন’ বিহু সংখ্যাত প্ৰকাশ পাইছিল। পাৰ্থই সুশান্তৰ সৈতে প্ৰাণ খুলি কথা পাতিছিল। তেওঁ সুশান্তক খুব শ্ৰদ্ধা কৰে ।  ইউ পি এছ চি-ৰ বাবে প্ৰস্তুতি  চলাই থকাৰ সময়ত সুশান্তৰ ‘দ্য হিন্দু'ত প্ৰকাশিত প্ৰতিটো খবৰ অতি মনোযোগেৰে পঢ়া বুলি মোক কৈছিল। মই  পাৰ্থক এটা প্ৰত্যাহ্বান দিলোঁ আৰু ক'লো যে,  তেওঁ যিটো   গল্প লিখিব খুজিছে  তাত মোৰ প্ৰকাশিত  গল্পটোৰ   সামান্য চিত্ৰকল্প এটাৰো যাতে আভাস নাথাকে। ন'হলে আনে ক'ব যে তেওঁ মোৰ গল্পটোৰদ্বাৰা প্ৰভাৱিত হ'ল। যিটো মই কেতিয়াও নিবিচাৰোঁ। তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে। তেওঁ লিখি উলিয়ালে “শ্লৰিভাৰ্ছ মশ্বনত এটা পাহৰৰ কায়কল্পনামৰ গল্পটো যিটো ‘প্ৰকাশআলোচনীয়ে উলিওৱা পঞ্চাশ অনুৰ্ধ গল্পকাৰসকলৰ বিশেষ সংখ্যাত প্ৰকাশিত হ'ল। গল্পটো পঢ়ি পাৰ্থৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমত মই অভিভূত হৈ পৰিছিলোঁ। মই তেওঁক কৈছিলোঁ যেতেওঁৰ    সৈতে একেলগেই ভাল  গল্প এটা লিখাৰ বাবে মই চেষ্টা কৰিম । জুলাই মাহত ‘প্ৰকাশ'আলোচনীৰ   এই বিশেষ সংখ্যাটোৰ লগতে ‘সাতসৰীআলোচনীত ওলাইছিল মোৰ ‘নীল পৰ্বতৰ তেজ'ৰষুণদেওধাৰ কামিহাড়ৰ কাউৰীবোৰনামৰ গল্পটো।  এই সময়ত  ‘ধৰ্ষণ'ৰ দৰে জঘণ্য কাণ্ডক লৈও  ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সাম্প্ৰদায়িক  বাগধাৰাত চলা ষড়যন্ত্ৰবোৰে মোক বিচলিত কৰিছিল আৰু গল্পটোৰ মাজেৰে মই কব বিচাৰিছিলোঁ যে ধৰ্ষণ এক অতি জঘণ্যআমানৱিক ঘটনা মাথো। ইয়াৰ  কোনো ৰাজনৈতিক উদ্দেশ্য নাইযদিও সময়ে সময়ে  ধৰ্ষণ হৈ পৰে  ৰাজনৈতিক বাগধাৰা। এই গল্পটোৱে পাৰ্থক সমাহিত কৰিলে। তেওঁ মোৰ শব্দবোৰ আকৌ এবাৰ বিশ্বাস কৰিলে।



সকলো সময়তে পাৰ্থ মোৰ কাষত আছিল। নিজৰ বৌদ্ধিক চিন্তাৰে অহৰহ সমৰ্থন জনাই গৈছিল। মোৰ অতি  ঘনিষ্ট আৰু তাকৰীয়া বন্ধুমহলৰ এজন টগবগ ব্যক্তিত্ব আছিল তেওঁ। মে'  মাহৰ ১৩ তাৰিখে গুৱাহাটীৰ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে লেখক-শিল্পী সমাজৰ যি প্ৰতিবাদৰ খচৰা আমি কৰিছিলোঁতাত তেওঁ আঁৰৰপৰাই এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিলে । সকলো সময়তে মোক দিহা-পৰামৰ্শ দি থাকিল।  মাত্ৰ চাৰিদিনৰ ভিতৰতে ফে'চবুকৰ জৰিয়তে হোৱা প্ৰচাৰৰ মাজেৰেই এই প্ৰতিবাদী কাৰ্যসূচী হৈছিল।সমগ্ৰ অসমৰপৰা সাহিত্যিকসকল আহিছিল।  ডিব্ৰুগড়ত থাকিয়েই  পাৰ্থই  কটন বিশ্ববিদ্যালয়ৰপৰা এটা দল গোটাই দিলে। অৱশেষত সুধিলে এই প্ৰতিবাদী কাৰ্যসুচীটোৰ  বাবে  ব্যয় কিমান হ'মই ক'লো যেএই অনুষ্ঠানৰ বাবে  বহুতেই আমাক সহায় কৰিব বিচাৰিছিল যদিও অৰিন্দম বৰকটকীয়ে কেৱল  নিজৰ মাজৰপৰা অহা বৰঙণিৰেই অনুষ্ঠানটো হ'ব লাগিব বুলি জোৰ দি ধৰিছিল। সমগ্ৰ অনুষ্ঠানটোত  আমাৰ মাত্ৰ ১১,৫০০ টকাহে ব্যয়  'যিটো আমি কেইজনমানে লগ হৈ বহন কৰিলোঁ। পাৰ্থ খুব সুখী হ'ল। সিদিনা ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ ৰুজু কৰোঁতে ততাতৈয়াকৈ তেখেতৰ ঘৰ পাইছিলোঁগৈ। পাৰ্থই মেছেজ দিছিল –“Go ahead. He is the Hero”. মই কৈছিলোঁ “No, he is super Hero”তেওঁ মানি লৈছিল। “আপুনি নিজে শুদ্ধ বুলি ভবা কামটো কবিৰই নেকিকাৰো বাধা নামানে নেকি? -- এনেদৰে সুধিছিল মোক। মই কৈছিলোঁ --কৰিবই লাগিব।” মোৰ লিখাৰ অত্যন্ত নিৰ্মম সমালোচক আছি পাৰ্থ। কেতিয়াবা কব লগা হৈছিল-- “তুমি পুলিচ হয় বাৰুকিন্তু ইমান থাৰ্ড ডিগ্ৰী এপ্লাই নকৰিবা। মোৰ বিশ্বাস হেৰাই যাব।  অসম্ভৱ সৰলতাৰে অন্তৰ ভৰি থকাৰ বাবেই তেওঁ বৰ স্পষ্টভাৱে সমালোচনা কৰিছিল।

তেওঁ আমাৰ ঘৰলৈ অহা চৰাইবোৰ,  বাৰান্দা  আৰু  চাদৰ  চৰাইবোৰ ভাল পাইছিল। অৱশ্যে চাদলৈ উঠি গৈ চৰাইবোৰ চাবলৈ তেওঁ চিৰি বগাব পৰা  নাছিলকল্পনাতে চাইছিল। কেতিয়াবা ভিডিঅবনাই চৰাইবোৰৰ কাহিনীবোৰ পঠাই দিলে বৰ ভাল পাইছিল।  মই শিশু উপন্যাসখন  লিখি থাকোঁতে পাৰ্থক ক'লো- “তোমাক এটা চৰিত্ৰ  বনাই দিমবেয়া পাবা নেকি। তেওঁ ক'লে -- “বনাওককোনো কথা নাই।'  উপন্যাসত  তেওঁক   ঘৰচিৰিকাবোৰৰ ‘মহা'   আৰু স্বাতীক ‘মাহীবনাই দিলোঁ। পাৰ্থই  খুব উপভোগ কৰিলে। ক'লে --মই আপোনাৰ উপন্যাসখনৰ কথা লিখিম। বৰদিনৰ দিনা সেই লিখাটো দৈনিক জনমভমিত ওলাল। মই বৰদিনৰ চাণ্টাক্লজৰ উপহাৰটো  এনেকৈয়ে  অভাৱনীয়ভাৱে পালোঁ।  পাৰ্থই মোক তেনকৈ এটা surprise দিলেমই কৃতজ্ঞ যে,  তেওঁ সমালোচকৰ দৃষ্টিৰেই লিখিলে।

মাজতে পাৰ্থই  এদিন ক'লে গুৱহাটীৰ এটা আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰপৰা তেওঁ  পৰৱৰ্তী গল্পৰ সংকলনটো উলিওৱাৰ কথা ভাবিছেঅৱশ্যে  আৰু কিছু  ভাল গল্প লিখি লোৱাৰ পিছতহে। মই কৈছিলোঁ লিখি পেলোৱা গল্পবোৰ ডিটিপি কৰি থবলৈযাতে কিতাপখন উলিয়াওতে কম সময় লাগে। পাৰ্থই  আৰু এঢাপ আগুৱাই   প্ৰাৰম্ভিক   প্ৰুফটোও চোৱাই থৈছিল। যোৱা নবেম্বৰত মাহৰ উত্তৰ-পূব গ্ৰন্থমেলাত  পাৰ্থ  আৰু মই একেলগে গল্প পাঠ কৰিলোঁ। পাৰ্থ আমাৰ ঘৰতে আছিল।  আমি খুব উপভোগ কৰিলোঁ।  কিছুদিন ধৰি গল্প নিলিখাৰ বাবে সিদিনা মই ক'লোঁ --পাৰ্থ মই নতুন গল্পৰ কাম আৰম্ভ কৰিছোঁ। তোমাৰ লগত competition  কৰি লিখিম। তোমাতকৈ ভালকৈ লিখিম। পাৰ্থই উত্তৰ দিলে- “ময়ো দি আছোঁ competition আপোনাক।  তেওঁ মোক এটা অসম্ভৱ competition দিলে। পাৰ্থৰ পদোন্নতি হৈছিল অতিৰিক্ত  আৰক্ষী অধীক্ষকৰূপে তিতাবৰৰ বেটেলিয়নলৈ। ১৯ জানুৱাৰীৰ দিনা ৰাতি ১০ বজাত  স্বাতীৰ এটা মেছেজ আহিল যে পাৰ্থই কোৱাৰ্টাৰ চাবলৈ যোৰহাটলৈ আহোঁতেই  হস্পিতালত ভৰ্তি হ'বলগীয়া গ'ল। মই  লগে লগে তৰুণ গল্পকাৰ পঞ্চানন হাজৰিকাক ফোন কৰিলোঁ। তেঁওলোকে  খুব সহায় কৰিলে।  পাৰ্থক মই সহজতে বনাব পৰা এটা চুপৰ বিষয়ে কৈছিলোঁ।  পঞ্চাননে পাৰ্থৰ বাবে এই চুপ পৰ্যন্ত  বনাই  দিছিল । আমাৰ সকলোৰে বাবে হিয়াৰ আমঠু আছিল পাৰ্থ। তেওঁৰ শাৰীৰীক অৱস্থাৰ কথা জানি সুশান্ত আৰু মই যোৰহাটলৈকে  যাবলৈ ওলাইছিলোঁ। সুশান্তই কিছুমান অমোঘ সত্যৰ কথা কৈছিল।  তেওঁ পাৰ্থৰ অসুখৰ বহুত কথা পঢ়ি পেলাইছিল। তেওঁ আশা  কৰিছিল যেমই এইবোৰ কথা জনাৰ দৰকাৰ। অৱশেষত আমি ভাবিলোঁ যেআগতীয়াকৈ বিদায় লবলগীয়া হলেও পাৰ্থই  যাতে  গুৱাহাটীৰ ভাল চিকিৎসালয় এখনত আটাইতকৈ ভাল  চিকিৎসা পায়গুৱাহাটীত তেওঁৰ মৰমৰ লেখকসকলৰ উমাল  সান্নিধ্য পায়আটাইতকৈ ভাল পৰিবেশত থাকে--তাৰবাবেই তেওঁ গুৱাহাটীলৈ অহাৰ দৰকাৰ।এম্বুলেন্সত উঠি  তেওঁ গুৱাহাটীলৈ আহিল ।  বাটত কিবা অঘটন হব পাৰে বুলি আমি উদ্বিগ্ন হৈ আছিলেঁ। কিন্তু পাৰ্থ আহিল। সৌভাগ্যক্ৰমে এই সময়তে  অসমৰ  কেন্সাৰ ৰোগীসকলৰ কল্যাণৰ হকে নিজকে উচৰ্গা কৰা মুম্বাইৰ অসম ভৱনৰ যুটীয়া আবাসিক আয়ুক্ত দেৱাশীষ শৰ্মাও এইখিনি সময়ত  গুৱাহাটীতে আছিলযাক পাৰ্থই  নিজৰ দেউতাকৰ দৰে শ্ৰদ্ধা কৰে। দেৱাশীষ শৰ্মাই আমাক কিছু মনে মানি লব নোখোজা  তথ্য দিলে। পাৰ্থক মুম্বাইত অস্ত্ৰোপচাৰ কৰা আৰু খুব মৰম কৰা খ্যতনামা  চিকিৎসক  তপন শইকীয়াও পিছৰ দিনা গুৱাহাটীলৈ আহিবলগীয়া আছিল। তেওঁ হস্পিতাললৈ আহি পাৰ্থক চালে। আৰু পৰিয়ালৰ লোকসকলৰ সৈতে কথা হ'ব খুজিলে। সেই সময়ত স্বাতীক কিবা এটা খুৱাবৰ বাবে বন্ধু এগৰাকীয়ে লৈ গৈছিল। স্বাতীৰ খুৰা আৰু ময়েই তেখেতৰ সন্মুখত ঠিয় দিবলগীয়া হ'ল। অতি বিখ্যাত এই চিকিৎসকগৰাকীয়ে কিছু কথা ক'লেকিন্তু  মুখৰ কথাতকৈও  তেওঁৰ শৰীৰৰ ভাষা  এক ভয়ংকৰ  সত্য হৈ মোৰ সন্মুখত ধৰা দিলে।  সন্ধিয়া স্বাতীয়ে ক'লে যেএই চিকিৎসকগৰাকীয়ে পাৰ্থৰ সন্মুখত ঠিয় দিওতে তেওঁৰ মুখ চায়েই পাৰ্থয়ো নিজৰ আমোঘ সত্যৰ বিষয়ে গম পাই গ'ল। পাৰ্থ খুব বুধিয়ক আৰু তীক্ষ্ণ আছিল। কোনেও ফাঁকি দিব নোৱাৰে।

ইয়াৰ পিছৰ কথাবোৰ আছিল সাধুকথাৰ দৰে। পাৰ্থক চাবলৈ সকলোবোৰ লেখকআত্মীয়বন্ধুৰ ভিৰ লাগিল ।  সাহিত্যিক  গীতালি বৰাই সন্ধিয়া কাণৰ কাষত ফুচফুচাই ক'লে-- ‘‘ৰত্নাবাপাচ শতাংশ আশাও নাই নেকি?” মই তেওঁক পাৰ্থৰ  কিতাপখনৰ সপোনটোৰ কথা ক'লো। গীতালিয়ে ক'লে,- “পাৰ্থৰ এই সপোনটো আমি নিজৰ অৰিহণাৰে সফল কৰি তুলিম।” পিছদিনা পাৰ্থক চিকিৎসা সম্পৰ্কীয় কিছু কথা কবলগীয়া আছিল। আই চি ইউত থকাৰ বাবে এঘণ্টাকৈহে  মানুহক চাবলৈ দিয়া হৈছিল এবাৰ দিনৰ ১২ বজাত আৰু এবাৰ সন্ধিয়া ৫ বজাত। ইপিনে চাবলৈ অহা মানুহৰ ভিৰ। আমি এক মিনিটমানকৈ সময় ভগাই লৈছিলোঁ। পাৰ্থৰ বাবে দিয়া শুভেচ্ছাবোৰ বাহিৰতে কাগজত লিখি দি থৈ অহা হৈছিল। স্বাতীয়ে মোক কিতাপখনৰ পৰিকল্পনাটোৰ বিষয়ে পাৰ্থৰ লগত কথা হবলৈ ক'লে।  ইয়াৰ বাবে পাৰ্থৰ অনুমতিৰ দৰকাৰ আছিল। মই পাৰ্থৰ কাষলৈ গ'লোঁ।  তেওঁ ক'লে-- “আপুনি কওক”' আকৌ ক'লে“you speak” মই ক'লোঁ -- ‘‘কম।” কথাখিনি কবৰ বাবে তেওঁৰ হাতৰ  বাউসীটোকে থাপ মাৰি ধৰিবলগীয়া হ'ল।  তেওঁক ক'লো-- “পাৰ্থতুমিটো এতিয়া এটা journey কৰিব লাগিব। আমিও তোমাৰ বন্ধুবোৰে তোমাৰ লগে লগে আন এটা journey কৰোঁ বুলি ভাবিছোঁ। তোমাৰ গল্পৰ সংকলন এটাকে  উলিয়াই আমি তোমালৈ আমাৰ শুভেচ্ছা পঠিয়াই থাকোঁ। তুমি ভাল পালে আকৌ যেতিয়া লিখিবাতেতিয়া আন এটা সংকলন উলিয়াবা।  এইখিনি সময়তে  আমি দুয়োজনে অত্যন্ত সংহত হৈ জীৱনৰ কাষত  নতজানু হ'লোঁ যাতে আৱেগ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকেচকুৰ পানী নসৰে। পাৰ্থ মোতকৈ বাৰ বছৰৰ সৰু। তেওঁৰ ধৈৰ্য দেখি আকৌ এবাৰ  তবধ  মানিলোঁ। এই সময়খিনিৰ ওছৰত মই সদায় কৃতজ্ঞ হৈ ৰ'ম। তেওঁ ক'লে --“ Edit কৰিব লাগিব। সকলো গল্প দিব নোৱাৰি।মই  'লোঁ যেসকলো তেওঁৰ কথামতেই  'ব। সংকলনৰ নামো তেঁৱেই দিব। পাৰ্থ মান্তি হ'ল। এই দিনটো ২৩ জানুৱাৰী আছিল। আমাৰ পিছতে স্বাতী আৰু মৌচুমী নামৰ আৰ্ট  অৱ লিভিঙৰ সদস্য এগকাৰী পাৰ্থৰ কাষলৈ গ'ল। মৌচুমীয়ে পাৰ্থৰ বাবে   অলপ ধ্যান কৰিলে। তেওঁ মোক ক'লে পাৰ্থৰ গাত হাত দি তেওঁৰ কাণদুখন গৰম হৈ গ'ল। পাৰ্থৰ গাত বোলে তেওঁ ‘এনাৰ্জি লেভেলবৰ কম পালে। ধ্যান কৰা মানুহে মানুহৰ গাত হাত থ'লে ‘এনাৰ্জি লেভেলটোবোলে গম পাই যায়। তাৰপিছত তেওঁ মোৰ সোঁহাতখন খামুচি ধৰি ক'লে -- বাপৰেআপোনাৰ গাত ইমান এনাৰ্জি আছে।” এই কথাবোৰ মই বিশ্বাস নকৰোঁ।কিতাপখনৰ সামগ্ৰীক পৰিকল্পনাটোত মই উত্তেজিত হৈ আছিলোঁ,  অতি কম সময়ৰ ভিতৰত কৰিবলগীয়া কঠিন কাম এটা আছিল।   তেওঁৰ কথাকেইটা মনত  থাকি গ'ল।


সন্ধিয়ালৈ পাৰ্থক কেবিনলৈ অনা হ'ল। গীতালী বৰাই ৰাতি মোক ফোন কৰি জনালে যেপাৰ্থৰ মনটো ভাল লগাবলৈ তেওঁ পাৰ্থৰ কেবিনৰ খিৰিকীৰে দেখা পাই থকা জি এচ ৰ'ডৰ চলমান জীৱনটোৰ কথাপাহাৰটোৰ কথা কবলৈ চেষ্টা কৰিছিল। কিন্তু পাৰ্থই বোলে তেওঁৰ হাতখন থাপ মাৰি ধৰি ক'লে-- “গীতালি বাআপুনি আৰু ৰত্নাবাই মোৰ কিতাপখন পৰি যাবলৈ নিদিব। ভালকৈ কৰিব।” গীতালিয়ে মোক ক'লে যে পাৰ্থই  আচলতে এতিয়া প্ৰকাশ কৰিবলগীয়া কিতাপখনতেই বাস কৰিবলৈ লৈছে।  মই দেৱাশীষ শৰ্মাক কিতাপখনৰ পৰিকল্পনাৰ কথা কৈ  সুধিলোঁ আমাৰ হাতত কিমান সময় আছে। তেখেতে ক'লে, -- “Ratna, we have time. We have time in days. And his condition allows a chemotherapy,  then we have time in months.” এই কথা শুনাৰ পিছত আমি এটা হোৱাটছ এপ গ্ৰুপ খুলি লৈ বৰঙণি সংগ্ৰহ কৰি অতি কম সয়মতে পাৰ্থৰ গল্পৰ সংকলটো উলিয়াই তেওঁৰ হাতত তুলি  দিলোঁ। আমাৰ লক্ষ্য আছিল যে মানসিকভাৱে অত্যন্ত সুস্থ অৱস্থাত থাকোঁতেই আমি পাৰ্থৰ হাতত সংকলনটো তুলি দিম আৰু মাথোন শব্দৰ সাধনা কৰাসকলৰপৰাহে  কিতাপৰ  বাবে  বৰঙণি লম। স্বাতীয়ে যুদ্ধকালীন ক্ষিপ্ৰতাৰে গল্পবোৰ মেইল কৰাই অনাই দিলে।      

কমল কুমাৰ তাঁতীয়ে যোৱা বছৰৰ আৰম্ভণিতে মোক তেওঁৰ কবিতাৰ বিষয়ে কিছু কথা লিখি দিবলৈ অনুৰোধ   কৰিছিল। এই লিখনি পঢ়ি পাৰ্থয়ো মোক কৈছিল এদিন যেন ময়ো তেওঁৰ গল্পৰ বিষয়ে লিখোঁকিন্তু কিছু ভাল গল্প লিখাৰ পিছতহে।  মই সেইদিনা নিশা ২.৩০ বজাত  উঠি ‘পাৰ্থবিজয় দত্তৰ গল্পৰ দৰ্শননামৰ লিখনিটো লিখিবলৈ  বহিলোঁ।  লিখি থাকোঁতে মাজে মাজে ভাৱ হ'সঁচাকৈয়ে  মই লিখি যোৱা এই শব্দবোৰে পাৰ্থৰ  জীৱন আৰু মৰণৰ মাজত এখন দেৱাল হৈ ঠিয় দিবনে! মই ভাৱবাদী নহওঁকিন্তু পাৰ্থক আমাৰ মাজতে ধৰি ৰখাৰ তীব্ৰ বাসনাই মোৰ মনত এই ভাৱৰ জন্ম দিলে।  দুপৰীয়া পাৰ্থক কেবিনত পঢ়ি শুনালোঁ। তাৰ আগতে এবাৰ সুশান্তৰ আগত পঢ়ি ৰিহাৰ্চেল এটা কৰি ল'লোঁ যাতে আৱেগিক নহওঁ। নাকত কৃত্ৰিম বতাহৰ পাইপডাল ভৰাই আধা-শোৱা অৱস্থাৰে পাৰ্থই কথাবোৰ শুনিলে। এইকেইদিন তেওঁ আধা-শোৱা অৱস্থাতেই আধা-টোপনিৰ জগতত বাস কৰিছে। সুধিলোঁ, ‘‘ঠিকে আছেনে?” তেওঁ মূৰ দুপিয়ালে। মই ক'লোঁ-- ‘‘তুমিও কিবা এটা লিখিব লাগিব। পাৰ্থই ক'লে - “নালাগে।” মই জোৰ দি কলোঁ- ‘‘লাগিবই।  লিখিব নোৱাৰিলে তুমি কৈ যাবামই লিখি লৈ যাম। পিচদিনা তেওঁ প্ৰাক্ কথন নামৰ সেই আচৰিত লিখাটো মোৰ হাতত তুলি দিলে-- নাকত কৃত্ৰিম বতাহৰ পাইপ ভৰাই আধা-শোৱা অৱস্থাৰে লিখি উলিয়াইছিল তেওঁ। কিতাপখনৰ বাবে অহৰহ লাগি  তেওঁক প্ৰাণময় উত্তাপেৰে ভৰাই ৰখা বন্ধুসকলৰ প্ৰতি লিখা কৃতজ্ঞতাৰ তালিকাখন পৰ্যন্ত নিজে চালে। তেওঁ সন্তুষ্ট হোৱাকৈ শিল্লী মনোজ  চক্ৰৱৰ্তীয়ে তিনিবাৰকৈ বেটুপাত আঁকিলে।  দৈনিক জনমভূমিৰ মৃদূল হালৈক লিখাটো শীঘ্ৰে  প্ৰকাশ কৰিবৰ বাবে অনুৰোধ জনালোঁমনৰ ভিতৰত ভয় আছিল কিবা এটা অঘটন ঘটিব লাগিলে পাৰ্থই  অন্ততঃ এই লিখাটোকে দেখি যাব। মৃদূলে পিচদিনাৰ কাকততে প্ৰকাশ কৰিলে।




কেবিনৰ কোঠাটোত পৃথিৱীৰ সমস্ত আকুলতা তেওঁৰ চকুলৈ উঠি আহিছিল।পাৰ্থক চাই উভিত অহাৰ বাটত সেই আকুলতাই মৰিশালিৰ ৰূপ লৈছিল। কবি বিজয় শংকৰ বৰ্মন আৰু মই সেই চকুহালিৰ কথা পাতি ফোনত  একেলগে উচুপি উঠিছিলোঁ। অৰিন্দম বৰকটকী আৰু মই একেলগে নিস্তব্ধ হৈ গৈছিলোঁ। কমল কুমাৰ তাঁতীয়ে কান্দি কান্দি  মোক কৈছিল - “কত সময় আমি অবাৱত নষ্ট কৰোঁ। আমাৰ জীৱনৰ কিছু মূল্যবান  সময়   যেন পাৰ্থৰ জীৱনত সংযোগ হৈ যায়। আৰু অলপ সময় থাকক পাৰ্থ আমাৰ মাজত।” গল্পকাৰ জুৰি বৰুৱাৰ সতে কথা হওতে  আমি পাতিছিলোঁ কিতাপখনৰ বাবেই পাৰ্থই কেনেদৰে জীয়াই  উঠিছে। পৰশমণি গগৈয়ে অতি জৰুৰীভাৱে গল্পবোৰ মেইল কৰি দিলে । তেঁৱেই গল্পবোৰ  ডিটিপি কৰাৰ লগতে প্ৰাৰম্ভিক প্ৰুফ চাই থৈছিল। প্ৰকাশ’  আলোচনীৰ অৰ্চনা শইকীয়াই দিনে- ৰাতিয়ে একাকাৰ কৰি প্ৰুফ চাই দিলে।  জুৰি বৰা বৰগোহাঞিয়ে চাবুৱাৰপৰা পাৰ্থৰ খবৰ কৰিবলৈ আহোঁতে এদিন প্ৰেছত থাকি শেষমূহূৰ্তৰ কাম আগবঢ়াই দিলে । পাৰ্থক অতি ভালপোৱা অমিতাভ ফুকনেও  চাবুৱাৰপৰা  চুটি লৈ দেখা  কৰিবলৈ আহিল আৰু   বেটুপাতপ্ৰেছ -- এই সকলোবোৰ কামত সহায়  কৰি দিলে।   এটা গল্প লক্ষীনন্দন বৰগোহাঞিয়ে  নিজেই  দুঘণ্টাৰ ভিতৰতে ডিটিপি কৰি দিলে।  গল্পকাৰ জুৰি বৰুৱাৰ বেংক একাউণ্টতেই পইচা জমা দিবলৈ কোৱা হ'ল। শ্বৰীফা খাতুন চৌধুৰীলুটফা হানুম চেলিমা বেগমস্বাতীবিতোপন বৰবৰাস্বামীম নাচৰিণকুশল দত্তৰাজীৱ বৰাজোনালী পাটোৱাৰী বৰালিপিমণি দত্তআৰ্চনা শইকীয়ামণিকা দেৱীনৱজিত চেলেংপঞ্চানন হাজৰিকাজুৰি বৰা বৰগোহাঞিলোপামুদ্ৰা ভট্টাচাৰ্যডিম্পী মহন্তলক্ষীনন্দন বৰগোহাঞিকমল কুমাৰ তাঁতীবিপাশা বৰাবিজয় শংকৰ বৰ্মনঅৰ্চনা বৰঠাকুৰ পায়েল হাজৰিকাজুৰি বৰুৱাদেৱাংগ পল্লৱ শইকীয়ালীনা শইকীয়ামৃদূল হালৈবৰ্ণালী বৰগোহাঁই -- আমি সকলোৱেই এটা পৰিয়ালৰ দৰে আৱেগ-অনুভুতিৰ অসম্ভৱঃ সমুদ্ৰ এখনত উটি-ভাহি ৰ'লোঁ।  অৱশেষত  অতি আটকধুনীয়া কিতাপখন আমি পাৰ্থৰ হাতত তুলি দিলোঁ।  পাৰ্থই আমাৰ মৰমক অতি সম্ভ্ৰমেৰে গ্ৰহণ কৰিলে।



কিমান যে মানুহ  আহিল  পাৰ্থৰ কাষলৈ! লেখকবন্ধুআত্মীয়পৰিয়াল,  আৰক্ষীবিভাগ সকলোৰে সম্ভ্ৰম তেওঁ অৰ্জন কৰিলে।  যোৰহাটত আৰক্ষীয়ে পাৰ্থক বিভাগীয়  বিশেষ  সন্মান জনালে। এক ধৰণৰ বিৰল  নম্ৰতা আৰু সৰলতাৰেই তেওঁ  এই সকলোবোৰ অৰ্জন কৰিলে। মৰমৰ লেখকসকলৰ মাজত থাকিয়েই তেওঁ বিদায় লৈছে। তেওঁৰ এই সৌভাগ্য  আমাৰ বাবে  ইৰ্ষণীয়।  পাৰ্থৰ সৈতে অতিবাহিত কৰা এই সময়খিনিৰ বাবে মই তেওঁৰ ওছৰত কৃতজ্ঞসুশান্তই কোৱাৰ দৰেই পাৰ্থই এক সোণসেৰীয়া বন্ধুত্ব মোৰ  দুহাতত তুলি দি গৈছে। যি তুলনাবিহীন।    




08-02-2019