Wednesday 4 April 2018

প্ৰজন্মৰ সম্পৰ্কক সংযোগ কৰা কবিজন - তেওঁ য’ত বাস কৰে, তাত তেওঁ বিচৰণ কৰে





ফটো উৎস - ফেচবুক 
প্ৰকাশ- জনমভুমি, ৰঙালী বিহু সংখ্যা 
সম্পাদক - উপল বৰা
ৰঙালী বিহু সংখ্যা সম্পাদনা - মৃদুল হালৈ 


যিখনি  জগতত  কবিয়ে  বিশ্বাস  কৰে,  তেওঁ তাত মাথোঁ বাস নকৰে,  তেওঁ তাত বিচৰণ কৰে -- প্ৰজ্ঞাৰে  আৰু   কতৃত্বৰে ।সেই  জগতত ভৰি  থৈ  দি নবীনে অভিভাৱকৰ  ছায়া  এটিয়ে   কাষতে  ঘূৰি- পকি   থকা যেন  পায়। এই  নবীনজন সমকালীন,  আৰু  তেওঁ সকলো  কালৰো।  অসমীয়া সাহিত্যৰ এগৰাকী  উল্লেখনীয়  কবি অগ্ৰজ হৰেকৃষ্ণ  ডেকা  বোধহয় এই ঠাইখিনিতেই আটাইতকৈ সফল আৰু সিদ্ধহস্ত--তেওঁ মাথোঁ কিছুমান  নজহা-  নপমা  কবিতাৰ  সোৱাদেই  আমাৰ সাহিত্যক  দিয়া  নাই-- সকলো  কালতেই বাস  কৰা  নবীনৰ  হাতত  তুলি  দিব পৰাকৈ তেওঁ সাঁচি  ৰাখিছে ভাৰসাৰ  এটি  অনুপম  ৰহঘৰা। অনেক  প্ৰজন্মই  বাস  কৰা  সময়বোৰৰ   ব্যৱধান (gap) আৰু  শূন্যগৰ্ভত (vaccum) তেওঁ  সমকালীনৰ  সোঁৱৰণি  অথবা   ইতিহাসৰ  বিৱৰণীবোৰৰ  সৈতে  সৰ্বতিকালৰ  এটি  সংযোগ  স্থাপন  কৰি  দিয়ে।  সাহিত্যক  গভীৰভাৱে  গ্ৰহণ  কৰিব  খোজা  তৰুণ   প্ৰজন্মই  যেতিয়া   এটি  খোপনিৰ   বাবে  আশা  কৰে এখনি  মুখ,  তেওঁ তাত   সমুজ্জল  হৈ   ধৰা  দিয়ে  --মাথোঁ  কায়িক  অৱয়ৱ এটিৰে  নহয়  -- প্ৰজন্মৰ মাজৰ    সম্পৰ্ক  স্থাপনত  বিশ্বাস  জন্মাব  পৰা কুশলী শব্দবোৰেৰে --আৰু চেতনাৰে ।বিভিন্ন   কালত   বাস   কৰা প্ৰজন্মবোৰৰ  মাজত  সম্পৰ্ক  স্থাপন   কৰাৰ   কৃতিত্বই   হৰেকৃষ্ণ  ডেকাৰ    কবিতাৰ  পঠন   আমাৰ  বাবে  অনন্য  কৰি  তোলে -- কিয়নো  ইয়াত  আছে  আবিস্কাৰ  আৰু  পুনঃ আবিস্কাৰ।   এক  দীঘলীয়া  প্ৰস্তুতিৰ  মাজেৰে  প্ৰজন্মৰ  মাজৰ   সম্পৰ্ক   স্থাপনৰ  প্ৰক্ৰিয়াটোক  নিজৰ  কাব্যশৈলীত  তেওঁ   এটা   নিকপ-কপীয়া  ৰূপ  দিছে -- আৰু শব্দবোৰক  অনেক  প্ৰজন্মই   ভাৰসা কৰিব পৰা  চিকুণ শিল্প-কৰ্মলৈ  পৰিণত  কৰি  তুলিছে।  প্ৰজন্মৰ  সম্পৰ্কৰ  এই  সংকটৰ  কালত  আমাৰ  মাজত বাস  কৰা  এজন   কবিয়ে এই  কঠিন  কামটো  কৰি  গৈছে  উত্তৰ  প্ৰজন্মৰ  সাহসৰ  বাবে।

এই কাম তেওঁ  নিজৰ অলক্ষিতেও  কৰা নাই-- অতি সন্তৰ্পণ কোনো  এটি মূহূৰ্তত  তেওঁ  হয়তো  অনুভৱ  কৰিছিল একধৰণৰ  তাগিদাএটি  দায়িত্ববোধ--সমাজৰ  বাবে  আৰু   উত্তৰ পুৰুষৰ  বাবে। ইমান  গধূৰ আছিল সেই দায়িত্ববোধ  যে,  মনৰ  মাজত  বাস কৰা  এখনি  সমুদ্ৰক  প্ৰতীক  হিচাপে  লৈ    প্ৰাক-স্নাতক দ্বিতীয় বৰ্ষত  থাকোঁতেই  লিখি উলিওৱা  সমুদ্ৰ ভীতি'  নামৰ  কবিতাটিত তেঁও  সেই   বয়সতে  নিজকে পিতৃ বুলি  উল্লেখ  কৰিছে । পাঠক হিচাপে  এই  কথা   আমি মনত  ৰাখোঁ যে,  শাৰীৰিক আৰু  মানসিক গঠনৰপৰা  নাড়ীৰ  বান্ধোনেৰে বান্ধ খাই থকা এজন জৈৱিক পিতৃ'ৰ(biological father) ধাৰণাই পৰিপক্ক  ৰূপ লোৱাৰ  বহু আগতেই  বোধৰ  জগতত  তেওঁ  সহস্ৰ  সন্তানৰ  পিতৃত্ব  ধাৰণ  কৰিছে-- সেই সন্তানৰ ভবিষ্যতৰ চিন্তাৰে  দুৰু  দুৰু হৈছে।   আৰু ভাৰ উচ্ছাসেৰে নহয় -- দায়িত্বপূৰ্ণ  শব্দৰ  মাজেৰে  তাক কবিতাটিত  প্ৰতিষ্ঠা কৰিছেও।   অসমীয়া  সাহিত্যৰ  বহুলভাৱে পঠিতআলোচিত  আৰু সমাদৃত এই  কবিতাটিৰ অনেক ব্যাখ্যাই দিব পৰা  যায়। তেখতে  নিজে   কবিতাটিৰ  সমুদ্ৰখন   অনন্তকালৰ' (infinity) প্ৰতি  জিজ্ঞাসা বুলি উল্লেখ কৰিছে। কিন্তু পঠনৰ অভিজ্ঞতাই  আমাক ক'লে  যে --   অনন্তকাল'ৰ  প্ৰতি  থকা   জিজ্ঞাসাৰ  সমান  শক্তিশালী  এটি   অন্তঃস্ৰোত হৈছে সৰ্বতিকালৰ প্ৰজন্মবোৰে  বাস  কৰা  ঠাইবোৰত    প্ৰাসংগিক হৈ থাকিবৰ   বাবে   তেওঁ  চেতনত  ধাৰণ কৰি  লব খোজা  এটি   ¦ফটিক  পানীৰ  উঁহ  -- একেবাৰে তলিলৈকে  দেখা পোৱা  এটি  নিৰ্মল পানীৰ  নিজৰা  -- আমাক তেওঁ  জনাই  দিলে  যে,  কবিতালৈ   যেতিয়া  আহিব  খনিকৰী   শব্দবোৰ,  সেইবোৰে  সেই   স্ফটিক  পানীৰ নিজৰাটিত  স্নান  কৰি  আহিব  লাগিব --

মই নিজেই পিতৃ। জন্ম দিছোঁ সহস্ৰ সন্তান।
কৰিছোঁ পালন সিহঁতক।
সিহঁতৰ নয়নক আলো দিছোঁ।
কণ্ঠত যাচিছোঁ মোৰ হৃদয়ৰবিবেকৰ ভাষা।
কালৰ অক্ষয় গীত এইবাৰ শুনাব খুজিছোঁ  সিহঁতক।
সেইবাবে বিচাৰি আহিছোঁ শংখ সমুদ্ৰত।” (সমুদ্ৰ ভীতি)


এই  দায়িত্ব  উপলব্ধি  কৰি তেঁওদুৰুকৈ ক'লে  তেতিয়া হঠাতে লাগে ভয় --কোনেনো চিনিব মোক ।  কোনেনো চিনিব মোৰ সহস্ৰ সন্তান”  বুলি --  তেতিয়া আমি গম পালোঁ  তেওঁ  আচলতে সেই বয়সতে  টুকুৰিয়াই চাব  খুজিলে  জীৱন  পাৰ  হৈ  মহাজীৱনৰ   দুৱাৰ --   শুনিলে তাৰ    আহ্বান  ।   সেই  মহাজীৱনলৈ  দুয়োটি  হাত মেলি  তেওঁ  আবাহন কৰিলে,   আকুলভাৱে  আবাহন কৰিলে --  আৰু  কবিৰ  মনৰ  সেই  ভীতি'  আমাৰ   বাবে  হৈ উঠিল  এটি আবাহনী। মহাজীৱনৰূপী  সেই   সমুদ্ৰত  তেওঁ   অৱগাহন কৰিলে -- ইমান অকাতৰে যে,  কবিৰ  জীৱন-জিজ্ঞাসাই  এটি গঙাচিলনীৰ  ৰূপ   ল'লে -- মহাজীৱনৰ   বিশাল সমুদ্ৰৰ  বুকুৰে   সি   পাৰি  দিলে তাৰ ডেউকা -- প্ৰজন্মৰ  মাজৰ সম্পৰ্ক স্থাপনৰ  দায়িত্বৰে  অনন্ত  পিপাসাৰ সেই ডেউকা  ক্ৰমাৎ  বিশাল হৈ  আহিল।  কবিয়ে  জীৱনত  যিমানবোৰ  শব্দ  লিখিলেসেই সকলোবোৰ শব্দই সমুদ্ৰ ভীতি'ৰ  সময়ত জন্ম পোৱা  গঙাচিলনীজনীৰ বিশাল ডেউকা  দুখনিয়ে  আৱৰি ৰাখিবৰ  জোখাৰে  সি গোটাই  ল'লে শকতি।   আহি  আহি  প্ৰৌঢ় বয়সত জীৱনৰ  আগডুখৰিৰ সেই  উপলব্ধি  নিজেই  এক অসম্ভৱ ৰূপক হৈ উঠিল -- দেখিছোঁ  সমুদ্ৰ  নিজে  নিৰ্বিকাৰ। চিৰদিন গৰ্ভৱতী। মোৰোতো  হৃদয়জুৰি সৃষ্টি - চেতনাৰ বীজ ব্যাপ্ত আজি।”    আমি জানোঁ  প্ৰৌঢ়ত্বৰ  বিয়লিত  চিৰদিন  গৰ্ভৱতী  সমুদ্ৰৰ দৰেই তেওঁ  আপাতত নিৰ্বিকাৰ,  আৰু  সমগ্ৰ চেতনাত এতিয়াও   ব্যাপ্তি  আাছে   সৃষ্টি-চেতনা।  আজিও  সৃষ্টিশীল। তেওঁ ভাগৰা নাই।   আৰু  আমি দেখোঁ  কোনেনো চিনিব মোৰ সহস্ৰ সন্তান”  বুলি কৰা   আশংকা পৰৱৰ্তী  সময়ৰ  ৰাজনৈতিক পৰিবেশত  কিদৰে  সঁচা হৈ   উঠিল  --  তালৈ  কবিয়ে কিদৰে সঁহাৰি জনালে।

তেওঁৰ  কবিতাৰ  নবীন  আৰু   প্ৰবীণৰ  দ্বন্দ  আৰু   সংঘাতবোৰ,  মান   আৰু   অভিমানবোৰ,   কামনা  আৰু   আশীৰ্বাদবোৰনিচুকণি  আৰু  আনকি  অভিভাৱকৰ  কতৃত্বসুলভ  এছাৰিডাল  পৰ্যন্ত   ইমান  মনোৰম   যে,  অনুভুতিয়ে  শব্দৰূপ পৰিহাৰ  কৰে   আৰু  হৈ   উঠে  সম্পৰ্কৰ  মাজৰ  এধাৰি  মালা --  তেওঁ   তাত  গাঁথি  যায়  প্ৰজন্মৰ  ইতিহাস।    শতিকাৰ বঙিয়াৰে  বাগৰি যোৱা আমাৰ ৰাজ্যৰ  অস্ত্ৰ -সংঘাতৰ বিভিষিকাময়  দিনবোৰৰ নিৰ্মম  বাগধাৰাৰ এচোৱা তুলি আনোঁতে এটা  শতিকাৰ [বিংশ শতিকা] শেষৰ দিনটোত  সেই  সহস্ৰ  সন্তানবোৰৰ একাংশৰ কাষলৈকে --যাৰ সৈতে কবিৰ  মাতদৰ্শগত  বিৰোধ  আছিল --- বিষণ্ণ হৃদয়েৰে চাপি  গৈছে।  আৰু  সংঘৰ্ষৰ সাহিত্যৰ  বাগধাৰাৰ  এটি  পাৰ  তুলি   আনি   অতীতৰ সোঁৱৰণিৰ  ইতিহাসৰ  হাত  ধৰি  এক  অসম্ভৱ  ইতিহাস গঢ়িব  খোজা  সহস্ৰ সন্তানক কৈছে  --

আমাৰ ল'ৰাহঁত হাবি-বন কাটি পাহাৰলৈ যোৱা বুলিও শুনিছোঁ। দিকচৌ
বাট। সিহঁতে পাহাৰৰ চুড়াৰপৰা দূৰৰ তৰা এটা বিচাৰিবলৈ গৈছে।
তৰাটো হাতী- পটিৰ সিটো মূৰত আছে। আমাৰ হাতী-পটিৰ 
সোঁ-মাজত
এটা ক'লা নক্ষত্ৰৰ গহ্বৰ আছে।  সেই ৰাহুটোৱে গো-গ্ৰাসে
আন নক্ষত্ৰবোৰ খায়। আমাৰ ল'ৰাহঁতে মুনি-চুণি তৰাটো বোলে তাৰ 
ভিতৰেদিও দেখা পায়।
.........
.........
পূজাৰ বেলিয়ে ৰাঙলী বুৰুজ ৰঙা কৰিছে।
সিহঁতে বিচৰা দূৰৰ তৰাটো ক'লা গহ্বৰৰ ওচৰ চাপিছে।
তাত সি জাহ যাব। কৃষ্ণ-গহ্বৰৰ চৌদিশে কিন্তু বহুত    পোহৰনক্ষত্ৰবিদে                                                                                              
কৈছে। ঘৰৰ লৰাহঁত,  সেই পোহৰত তহঁতে নিজৰ মুখবোৰ চা। হাতবোৰ
চা।  তাত লাগি ধৰা তেজৰ কৰাল চিনিবিনে বোপাহঁত· লুইতৰ পানী 
উভতি নবয়জানিবিনে বোপাহঁত·” [৩১ ডিচেম্বৰ২০০০চন]

যদি আমাৰ আফচোচ হয় যে --  ধমকনিৰ  ঢাপটি  পাৰ হৈ  কবিয়ে  চাব  নুখুজিলে নেকি  মূলসুঁতি'ৰ  দপদপনি আৰু শোষণৰ  বিৰুদ্ধে  সম্পদৰ  অধিকাৰ  আৰু আত্ম-অধিকাৰ  সাব্যস্তকৰণৰ নিৰ্মম যাত্ৰাৰ  দলিলত  লাগি অহা  নিজৰ সন্তানৰ তেজৰ চেঁকুৰাবোৰ --  এই  ভূমিৰ  গছে- পাতেআকাশে- বতাহে  লাগি  থকা সোৱঁৰণিৰ   হৃদয়বিদাৰক  কাহিনীৰ উচুপনিবোৰক  লগ  লগাই  নিজৰ  অধিকাৰ বিচাৰি   এদিন যে  এই   উপত্যকা  অস্ত্ৰৰ  ঝন্ ঝননিত পৰিণত  হৈছিল --লুইতৰ পানী  উভতি  নবয়  বুলি  জানিও  যিবোৰ সন্তানে  জাঁপ দিছিল  জুইত--হওক সি এটি  বৃথা  আস্ফালন,  তথাপিও  সি জানো এটি  প্ৰতিবাদ  নাছিল --নাছিল জানো  তাত পিতাপুৰুষস্বৰূপ  কবিৰ কলমেৰে  নায্যতাপ্ৰাপ্তি  আদায় কৰিব পৰা এধানি  মৰ্যদা-- বিশেষকৈ যেতিয়া কাঢ়ি লোৱা হয় মুখৰ মাতবুকুৰ উশাহ ।কবিতাৰ  পাখি লগা শব্দবোৰে  নকৰিলেনেকি  অতিক্ৰম  এই   ঢাপটি ।আৰু  আমি আশ্ৰয়  লবলগীয়া হয়  তেওঁৰ  গল্পত (যিহেতু কবি একেধাৰে গল্পকাৰঔপন্যাসিকনিৱন্ধকাৰ আৰু  সাহিত্য সমালোচকো) -বন্দীয়াৰনামৰ সেই গল্পটিত -- য'ত এক নিৰ্মম  পৰিণতিত  সেনাবাহিনীৰ কেপ্তেইনজনে ওৱান ট্যেৰাৰিষ্ট কিলড'  বুলি কোৱাৰ লগে লগে  কথকে  মোচৰ খাই  উঠি  যন্ত্ৰণাকাতৰ  হৈ    কৈছে টেৰাৰিষ্ট”   আৰু  আঃ নৌ” বুলি --তেতিয়াই  শুনা  পাওঁ মৰ্যদাপ্ৰাপ্তিৰ সেই  আৰ্তি। এই  সন্তানসকলৰ প্ৰতি  মংগলকামী শব্দৰ উচ্চাৰণ  আছে  
‘ তোমালোকলৈকবিতাত --
তোমালোকো আঁহা।
একেলগে আমি মেজিটো জলাই দিম।
জুইকুৰা ওখকৈউঠিব। কেঁচা বাঁহবোৰ
হিলৈৰ দৰে ফুটিব। আমি তিলপিঠা
মাহকৰাই মাঘৰ জুইকৰালৈ দলিয়াই দিম।
তাত  লিখা থাকিব সাতামপুৰুষীয়া চেনেহৰ আখৰবোৰ। আমাৰ মুখবোৰ
জিলিকি উঠিব আৰু আমি একেলগে হৈ ধ্বনি দিম।
[তোমালোকলৈ] 
অসমৰ  অস্ত্ৰ- সংঘাতৰ  আন এটি বাগধাৰা কবিয়ে ইমান নিৰ্মম কথকতাৰে সজাইছে যে পঠনৰ সময়ত গাৰ নোম- কূপপৰ্যন্ত শিয়ৰি উঠে।  কবিয়ে  ৰঙা ৰেলগাড়ী এখনত উঠিছে'ত উঠিলে  সাগৰখন পাবলৈ বুলি  পাহাৰত  থকাবোৰে গেৰিয়াই  কৈছে। যাত্ৰাকালত  কবিৰ  ঘৰৰ পিৰালিত পৰি থকা মূৰ নথকা ভগ্ন মূৰ্তি এটি  ৰঙা ৰেলগাড়ীৰ ভিতৰলৈ  সোমাই  আহি  কবিক এটা মূৰ খুজিছে। আৰু  কবিৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত  মূৰ নোহোৱা এই মূৰ্তিয়ে   উন্মোচনৰ কৰিছে  অস্ত্ৰ -সংঘাতৰ লগতে  এক  গণতান্ত্ৰিক আন্দোলনৰ বুকুত  নিপহালি দিব খোজা ভয়ংকৰ দিনৰ  সোৱঁৰণিক।

খঙেৰে কয়, “মূৰ এটা দে,মূৰ এটা দে।
দিছিলোঁ নহয় বুৰঞ্জীৰ পৰা মূৰবোৰ আনি
ধৰি ৰাখিবলৈ কিয় নোৱাৰিলি·”
 সি ফুচফুচাই কয়,  ফুচফুচাই কয়,
সেইবোৰ মূৰ নালাগে নহয়।
 কি   মূৰ লাগে কি মূৰ লাগে·”
 সি ফুচফুচাই কয়,
নেলীৰ পথাৰত বহুতো মূৰ আছে শুই,
লক্ষীপথাৰৰ গছৰ তলতো খান্দিলে পাবি।
তাৰ এটা দেতাৰ এটা দে।
মই তাক ডবাৰ চুকলৈ দলিয়াই দিওঁ
গিৰ গিৰ গিৰ বুৰঞ্জীৰ শৱদ শুনিবলৈ পাওঁ
খাণ্ডৱ বনৰ ওপৰেৰে ৰঙা ৰেল যায়,
যদুনগৰীত ৰয়।
সাগৰলৈ বোলে সেইটোৱেই বাট
পাহাৰৰপৰা কোনোবাই গেৰিয়াই কয়।
[ৰঙা ৰেলগাড়ীখন]

প্ৰজন্মৰ সম্পৰ্কৰ  বান্ধোনৰ  আন  উল্লেখনীয়  কবিতা শিপা'ত তেওঁ বিশ্বমুখী  যাত্ৰাত বিশ্বাসী  আপাতত শিপাৰপৰা     বি¿২৬ন্ন হৈ পৰা প্ৰজন্মৰ  প্ৰতিও আস্থা  ৰাখিছে ।   আৰু কৈছে --
সি ৰ'দৰ শিহৰণ লবলৈ শিকিছেসি বিস্তাৰিত
হবলৈ শিকিছেসি তাৰ বীজত শিপাক লুকুৱাই ৰাখিবলৈ শিকিছে  ।
সি আকাশ চুই   ব্ৰহ্মাণ্ডলৈ ধিয়াই  যাবলৈ শিকিছেতাতেহে তাৰ
পৰিচয়।  শিপাত তাক বিচাৰি নুফুৰিবা। শিপাৰ শিহৰণে
তাৰ ডাল-পাত নঁকপায়। ” [শিপা]

তাৰুণ্যৰ দোক-মোকালিত  আবাহনী  মাতে  মাতি  অনা   সমুদ্ৰখনৰ  বুকুৰে  উৰি ফুৰা  গঙাচিলনীজনীৰ  দুয়োখনি  ডেউকাৰ  তলত  প্ৰবীণ বয়সত  আহি  ভৰ  কৰিছেহি  নতুন  দিনৰ  প্ৰজন্মই  আনি  দিয়া   উপলব্ধিৰ  এইবোৰ  শব্দই।  পেশাগতভাৱে  তেওঁ  এজন মেন ইন ইউনিফৰ্ম। সেয়েহে  কবিৰ  বহুতো  কবিতাৰ  শাৰী তেওঁৰ  পেশাগত  বৃত্তিটোৰ  দৰেই   --                   সাহিত ্যৰ  জগতত  বিবেকৰ  দ্বাৰা  নিৰ্দেশিত  এক ধৰণৰ  কাংক্ষিত  টহলদাৰী । আনে  সততে সাক্ষাৎ   নোহোৱা ঘটনাৰো মুখামুখি হয় তেওঁ।  এদিনাখন তেওঁ   কাৰ্ফিউ  ঘোষণা   কৰা  চহৰ  এখনৰ  ৰাতিতকৈও নিহপালি দিয়া   দিনৰ আলিত  আৰক্ষীৰ বিশেষ পোচাকযোৰ  পিন্ধি  টহলদাৰী কৰিছিল।   আৰু   এগৰাকী  আচৰিত  আইতাক  লগ পাইছিল । আইতাই  টহলদাৰী দলটোক ধমক দি  কৈছিল --

খাকী হলৌবোৰেৰে বোপা তহঁতক দ'ত যেন দেখি'
[লগৰ টহলদাৰীকেইটাই হুংকাৰি উঠিল।]
আইতাই ক'লে, ‘দিনটো খুজি গধূলি এমুঠি সিজাই খাওঁ
আল্লাঈশ্বৰ একোকে বুজি নাপাওঁ
এৰাভেটিৰ বাৰান্দাত ৰাতিতো পৰি থাকোঁ। তাকো
তহঁতে দখল কৰিলি।

তাৰপিছত  হ'ল কি--এজাক  চপল হাঁহি  ওলাই আহি  চহৰৰ    কাৰ্ফিউ ভাঙি  দিলে,  আইাৰ মুখত   এটা সধুকথা ওলাল আৰু   আৰু   টহলদাৰীসকল সধুুকথাটোত  বিলীন হৈ গ'ল। 

হঠাতে দেখিলোঁ ই কি ঘৰৰ দুৱাৰবোৰ মেল খাই গৈছে। 
এখন। আন এখন । আৰু এখন।
চপল হাঁহিৰ খলকনি তুলি সিহঁত ওলাই আহিছে।
কাৰ্ফিউ ভাঙি সিহঁতত ওলাই আহিছে।
সিহঁতৰ মুখৰ ফটিক পোহৰে বাটটো জিলিকাই  তুলিছে।
আইতাক বেৰি সিহঁতৰ সৰু দেহাবোৰ।
যেন এৰাভেটিৰ চোতালত  সৰু  ফুল কিছুমান
জকমকাই উঠিল
যেন তেতিয়াই আকাশৰ গাত  বাখৰৰ  দৰে তৰাবোৰো ফুটিল।
টহলৰ কথা পাহৰি গ'লোঁ। সিহঁতৰ সতে  আইতাৰ সাধুকথা আমিও শুনিলোঁ।

কবিতাৰ  চোতালত   আইতাৰ  সাধুকথাত  বিলীন হৈ গ'লেও  আচলতে  টহলৰ কথা তেওঁ পাহৰি যোৱা  নাই --কবলৈ গ'লে  তাৰ  সম্প্ৰসাৰণহে  হ'ল  -কিয়নো  কবিয়ে   নিজকে   পাৰি  দিলে    সমাজ- বাস্তৱতালৈ । তেওঁ এতিয়াও এজন  টহলদাৰী।  এসময়ৰ   মেন ইন ইউনিফৰ্ম'জনে দায়িত্বৰপৰা  অৱসৰ  লোৱাই   নাই।  পেশাগত বৃত্তিৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত সমাজৰ প্ৰতি  টহলদাৰী চকুযোৰ তেওঁ সন্তৰ্পণে  জীয়াই   ৰাখিছে  --   সংকীৰ্ণতাত   হয়তো কেতিয়াবা  বিৰক্ত  হৈছে,  অথবা  কেতিয়াবা গভীৰ আশাবাদেৰে  বিধৌত হৈছে।   আপাতদৃষ্টিত  কবিৰ ভংগীটো    সমুখলৈ  চাই   থকা  নিৰ্বিকাৰ ভংগীমা যেন  এটি   লাগে -- কিন্তু  নিভৃতত    অতিশয়  সতৰ্ক -- সমুদ্ৰ ভীতি'ৰ সমুদ্ৰখনৰ দৰেই  নিৰ্বিকাৰ,  কিন্তু  গৰ্ভৱতী।  এখনি  সমুদ্ৰকেই  আজীৱন  লালন - পালন  কৰি  সেই  সমুদ্ৰকেই  দ  কৰি    গৈছে   গভীৰলৈ।   কবি  নিজে  ইমানেই  সতৰ্ক যে,  চকু  হৈ  উঠে বোধৰ  ত্ৰিবিম  বীক্ষণ (stereoscopic vision)--নিয়তি  চৰাইজনীৰ  তীক্ষ্ণ  চকুহালিৰ  দৰেই --চৌপাশ  যিমানেই  তমসাৰে  আছন্ন  নহওক কিয়,  প্ৰয়োজনৰ সময়ত  লক্ষ্য  ঢুকি পাবলৈ সি  তাৰ  দৃষ্টি   ইৰ্ষণীয়ভাৱে তেওঁ  প্ৰসাৰিত কৰি  লবই  আনুভূমিক  আৰু  উলম্ব --  উভয়  দিশে।  শকতি  গোটাই  সকলো  ফালে নিৰ্মোহ  হৈ  চাব   পৰাকৈ  হৈ  উঠিব  তীক্ষ্ণ এয়াই   কবিৰ  জীৱনীশক্তিও।  এক  অন্তৰ্দাহী  জীৱনীশক্তি ।  চেতন  আৰু  অৱচেতনৰ  জালিকাবোৰত  থকা  ছয়া- ময়াৰ  সহস্ৰ  কুন্দ্ৰাক্ষ   খুঁটিয়াই  খুঁটিয়াই  ডাষ্টবিনৰ  আৱৰ্জনাৰপৰা  জীয়াই  থকাৰ  ৰস  উলিয়াই  লোৱা এজনী কাউৰীৰ  দৰে -- তাত  কেৱল তাড়ণাই  নাথাকে থাকে বেদনাও।  কিন্তু তেওঁ যে অভিভাৱক -- সকলো  কালৰ  প্ৰজন্মৰ মাজত সম্পৰ্ক স্থাপন  কৰিব খোজা   মানৱতাৰ,  সুস্থ  জীৱনবোধৰ  এজন  উপাসক -- এটি   শুভংকৰ।   সেয়েহে  কেৱল  শব্দৰ  সাধনাতেই নিজকে ব্যস্ত ৰাখিব পৰা  নাই।   সকলো অসূয়া- অপ্ৰীতিৰ বিৰুদ্ধে  আৰু    ৰজাঘৰৰ  কূট - চক্ৰান্তৰ  বিৰোধিতা কৰি  ৰাজপথতো  ঠিয়  দিয়ে তেওঁ।  প্ৰতিবাদ  কৰে । সংযমী  আৰু  প্ৰতিবাদী  হবলৈ শিকায়।   নৈৰাজ্যৰ  উপত্যকাৰ  সোঁ- মাজলৈ আহি  মূৰ  দাঙি  ঠিয়  দিয়ে   দৃঢ়তাৰে।    গুৱাহাটী মহানগৰীৰ বুকু   শুৱাই থকা দীঘলীপুখুৰীৰ  চাৰিওকাষে যেতিয়া  প্ৰতিবাদী সমদলত  অগ্ৰজ  কবিয়ে  খোজ  দিয়ে -- সেই  সমদলৰ নেজত  ঠিয়  দি  তৰুণ  প্ৰজন্মৰ  সৃষ্টিশীল  প্ৰাণী  এটিও  আশ্বাস্ত  হয়,  সাহস পায়  --   সমুদ্ৰ  ভীতি'ৰ   সৃষ্টি   আৰু   মহাজীৱনক একাকাৰ  কৰিব  খোজা  তৰুণজনৰ   আবাহনীৰ  সৈতে  বিচাৰি  পায়   প্ৰজন্মৰ   সংযোগ ।