Monday 25 May 2020

- অনিল আগৰৱালা ডায়লগ, ২০২০ - ভাৰতৰ পৰিবেশ সাংবাদিকসকলৰ সৰ্বভাৰতীয় সন্মিলন




 (সাদিন বিহু সংখ্যাত প্ৰকাশৰ বাবে এই প্ৰতিবেদন লিখা হৈছিল।  বিহু সংখ্যা সাদিন প্ৰকাশ হৈ নোলোৱা বাবে  ব্লগৰ জৰিয়তেই পপ্ৰকাশ কৰিলোঁ) 

পৰিবেশৰ ওপৰত  সংবাদ  পৰিবেশন  কৰিবলৈ ভালপোৱা  আৰু পৰিবেশ জানিবলৈ সততে ইচ্ছুক হৈ থকা একাংশ সাংবাদিকে ফেব্ৰুৱাৰী মাহৰ ৯ ৰপৰা ১১ তাৰিখলৈ সমবেত হোৱাৰ লগতে নিজৰ দক্ষতা বিকাশৰ ক্ষেত্ৰতো এক  অনন্য সুযোগ লাভ কৰিছিল।   তিনিওটা দিনতে ৰাজস্থানৰ আৰাৱলী পৰ্বতমালাৰ পাদদেশত অৱস্থিত আালাৱাৰৰ  নিমলি নামৰ ঠাইত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰিবেশৰ সাংবাদিকতা কৰি অহা প্ৰায় ৭০ জন সাংবাদিক আৰু ৩০ গৰাকী  পৰিবেশ বিশেষজ্ঞক লৈ  দেশৰ  অগ্ৰণী পৰিবেশ সংস্থা  চেণ্টাৰ ফৰ চায়েন্স এণ্ড এভাইৰনমেণ্ট - এ (চি এচ ই) অনুষ্ঠিত কৰে অনিল  আগৰৱালা  ডায়লগ, ২০২০ –শীৰ্ষক তিনিদিনীয়া  পৰিবেশ  সন্মিলন ।উল্লেখযোগ্য যে,  সংস্থাটোৱে ভাৰতৰ অগ্ৰণী পৰিবেশ কৰ্মী অনিল আগৰৱালাৰ নামত নিমলিত প্ৰায় ৩৫-বিঘা জোৰা  এলেকাত গঢ়ি তোলা প্ৰশিক্ষণ কেন্দ্ৰটোত বিগত ২০১৭ চনৰপৰা প্ৰতিবছৰে  ভাৰতৰ পৰিবেশৰ  ওপৰত সংবাদ পৰিবেশন কৰিবলৈ আগ্ৰহী সাংবাদিক আৰু  সম্পাদকসকলক লৈ এই বিশেষ সন্মিলনৰ আয়োজন কৰি আহিছে। এই সন্মিলনৰ উদ্দেশ্য  হৈছে  দেশৰ বৈচিত্ৰময় প্ৰকৃতি, পৰিবেশ, জলবায়ুৰ  পৰিবৰ্তন আৰু  মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ   মানুহ  আৰু প্ৰকৃতিৰ সম্পৰ্ক লগতে পৰিবেশৰ বিচিত্ৰতাৰ সতে সাংবাদিকসকলক অৱগত কৰোৱা  আৰু পৰিবেশ সংক্ৰান্তীয় জলন্ত সমস্যাবোৰক লৈ সংবাদ পৰিবেশন কৰিবৰ বাবে তেওঁলোকক আগ্ৰহী কৰি তোলা।

সংবাদমাধ্যমত পৰিবেশ সংক্ৰান্তীয় বিষয়বোৰ গুৰুত্বসহকাৰে  প্ৰকাশ  কৰিবলৈ এদল বিশেষভাৱে দক্ষতা থকা  সাংবাদিক প্ৰয়োজন হয়। কিন্তু আমাৰ সংবাদ মাধ্যমৰ প্ৰচলিত ধাৰাটোত  কেৱল পৰিবেশৰ সংক্ৰান্তীয় খবৰ পৰিবেশন কৰিবলৈ সাংবাদিক এজন  সাধাৰণতে  নিয়োগ কৰা নহয়।  ফলত  জলন্ত পৰিবেশজনিত সমস্যাবোৰৰ বহুতো খুটি-নাটি  থা সাংবাদিক সকলে  নজনাকৈ  থাকি যায়।  এইক্ষেত্ৰত  চি এচ ই- য়ে প্ৰতিবছৰে  আয়োজন কৰা এই সন্মিলনখনে আৰু  ধুনীয়া  পৃথিৱীখনৰ বায়ু-পানী-পৰ্বত-ভৈয়াম আৰু হাবিবোৰ  নিৰোগী  কৰি ৰখাৰ ক্ষেত্ৰত  সাংবাদিকসকলে লিখনিৰ মাজেৰে সৃষ্টি কৰিবপৰা সজাগতাৰ ক্ষেত্ৰত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।ইয়াৰ বাবে প্ৰতি বছৰে চি এচ ই- ১ সঞ্চালকপ্ৰধান তথা বিশ্বখ্যাত পৰিবেশ সংক্ৰান্তীয় আলোচনী ডাউন টু আৰ্থ'  বিশিষ্ট  সম্পাদক  সুনীতা নাৰায়নৰ নেতৃত্বত এদল বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত সাংবাদিক তথা বিশেষজ্ঞই  প্ৰস্তুত  কৰা কিছু  নিৰ্দিষ্ট বিষয় নিৰ্বাচন কৰি লৈ ভাৰতৰ পৰিবেশৰ এক বিস্তৃত প্ৰতিবেদন  প্ৰস্তুত কৰে।  উদাহৰণস্বৰূপে, State of India’s  Environment Report, 2020 – শীৰ্ষক প্ৰতিবেদনখনত অধ্যয়নভিত্তিক অধ্যায়সমূহ গুৰুত্ব সহকাৰে  যুগুত কৰা হয়। এইবাৰৰ এই প্ৰতবিদেনত সন্নবিষ্ট  হোৱা  অধ্যায়কেইটা হৈছে -- জলবায়ুৰ পৰিবৰ্তন, প্ৰব্ৰজন, কৃষি, বায়ু প্ৰদূষণ, বন আৰু  বন্যপ্ৰাণী, বহনশীল  বাসভূমি, শক্তি,  প্লাষ্টিক, নদী,  পানী আৰু অনাময়, পানীৰ সংৰক্ষণ, পুষ্টি আৰু হিমালয়। সন্মিলনত এই কেউটা দিশৰ ওপৰতে আলোচনা কৰা হয়



সন্মিলনত ভাৰতৰ পৰিবেশৰ বিষয়ে জানিবলৈ পোৱা বিষয়বোৰৰ বহুতো দিশ আছিল  ইতিবাচক আৰু বহুবোৰদিশ সঁচাকৈয়ে উদ্বেগজনক। সমল ব্যক্তি হিচাপে অহা বিশেষজ্ঞসকলে আকৰ্ষণীয়  বক্তব্যৰে সাংবাদিকসকলক নানা তথ্যৰ যোগন ধৰাৰ লগে লগে তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিছিল। খু-দুৱনিবোৰ জানিবৰ বাবে এই বিশেষজ্ঞসকল আছিল উপযুক্ত ব্যক্তি।  এনে  ইতিবাচক  দিশবোৰৰ ভিতৰত  আকৰ্ষণীয়  আছিল  ভাৰতৰ ব্ৰাঘ্যপ্ৰকল্পৰ  তথ্য।    ব্ৰাঘ্যপ্ৰকল্পৰ জৰিয়hi I'mতে প্ৰথমবাৰৰ বাবে কেমেৰা ট্ৰেপিং পদ্ধতিৰে ভাৰতব বাঘৰ সংখ্যা জৰীপ কৰাৰ পিছত ২০১৮ চনত ভাৰতৰ বাঘৰ সংখ্যা হৈছেগৈ ,৯৬৭। উল্লেখযোগ্য যে, ২০০৬ চনৰ জৰীপ  অনুসৰি  ভাৰতৰ বাঘৰ সংখ্যা আছিল ,৪১১ । ২০১০ চনত এই সংখ্যা  হয়গৈ ,৭০৬ আৰু ২০১৪ চনত ,২২৬।  এই  ক্ৰমাগত বৃদ্ধি  এফালে  যিদৰে উৎসাহজনক, সেইদৰে এই সাফল্যই  প্ৰত্যাহ্বানো  আনি  দিছে। কিয়নো  বৰ্ধিত  সংখ্যাৰ বিপৰীতে বিচৰণৰ বাবে   সীমিত  অৰণ্যভূমিয়ে সৃষ্টি  কৰিছে প্ৰতিবন্ধকতাৰ।  এটা বাঘৰ বাবে অৰণ্যভূমিত  দীঘলীয়া বিচৰণভূমিৰ প্ৰয়োজন হয়।ইয়াৰ অনুপাতে অৰণ্যৰ আকাৰ বঢ়াব পৰা হোৱা নাই।  বিশেষকৈ জিম কৰবেট  ৰাষ্ট্ৰীয় উদ্যানৰ  দৰে অৰণ্যভূমিত বাঘৰ ঘনত্ব  অতি বেছি । গতিকে বিচৰণভূমি বৃদ্ধি  কৰিবৰ বাবে  একমাত্ৰ   সমাধানসূত্ৰ  হিচাপে  পৰম্পৰাগতভাৱে বাঘৰ বিচৰণভূমি নোহোৱা বন্যভূমিলৈয়ো যাতে বাঘৰ বিচৰণ সম্প্ৰসাৰিত কৰিব পৰা যায়, তাৰবাবে বিজ্ঞানীসকলে দীৰ্ঘম্যাদী  কাৰ্যসূচী  গ্ৰহণ কৰিছে।বাঘ  মাংসভোজী হোৱাৰ হেতুকে পৰম্পৰাগত বিচৰণভূমিৰপৰা  সুকীয়া যিকোনো এখন অৰণ্যত পোনে পোনে মুকলি কৰি দিব নোৱাৰি। এনে ক্ষেত্ৰত  পৰম্পৰাগত বাঘে  বাস নকৰা স্থানলৈ  বাঘৰ  বিচৰণ  মুকলি  কৰাৰ  উপায় হিচাপে  অৰণ্যবোৰ  সংলগ্ন  কৰি এক টাইগাৰ কৰিডৰ' গঢ়ি তোলাৰ আঁচনি গ্ৰহণ কৰা হৈছে, 'ত পৰ্যায়ক্ৰমে তেনেবোৰ ঘাঁহ- বন ৰোপণ কৰা হৈছে, যিবোৰ খাবলৈ  বাঘে  আহাৰ হিচাপে গ্ৰহণ কৰা তৃণভোজী জন্তুৰ আগমণ  হব, আৰু পৰম্পৰাগত অৰণ্যভূমিৰপৰা  'ৰিডৰৰ মাজেৰে তেনেকুৱা নতুন এলেকালৈ  বাঘৰ স্বাভাৱিক  প্ৰক্ৰিয়াৰ মাজেৰে  সম্প্ৰসাৰণ হ'ব।  অৱশ্যে, এই গোটেই ব্যৱস্থাবোৰ  কাৰ্যকৰী হবলৈ  অন্তত ২০ বছৰমানৰ প্ৰয়োজন হ'ব। আনহতে অসম বা উত্তৰ-পূব ভাৰতৰ বন্যভূমি স্বভাৱিকবাৱেই এনে অৰণ্য ক'ৰিডৰেৰে সংলন্ন হৈ থকা বাবে ইয়াত তেনেকৈ বিশেষ সমস্যাৰ সন্মুখীন হবলগীয়া নহ'ব বুলিও উল্লেখ কৰা হয়।


 
২০১৮ চনৰ এই   ব্ৰাঘ্য জৰীপ   কেমেৰা  ট্ৰেপিং পদ্ধতিৰে ২০ খন বাঘৰ বসতি থকা ৰাজ্যৰ ,৮১,৪০০ বৰ্গ মাইল এলেকাজোৰা ৰাজ্যক সামৰি প্ৰায় ৪৪,০০০ কৰ্মাচাৰীৰ জৰিয়তে সম্পাদন কৰা হৈছিল।  ২৫,৭৬০-টা  স্থানৰ কেমেৰাত  আবদ্ধ হোৱা ৩৫ নিযুত ফটোত ৭৬,৫২৩ খন বাঘৰ আৰু ৫১,৩৩৭ খন নাহৰফুটুকীৰ ফটো উপলব্ধ হৈছিল। প্ৰত্যাহ্বানৰ কথাটো হৈছে যে, ২০১৪ চনৰপৰা প্ৰতিবছৰে ৬ শতাংশকৈ বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে   বাঘৰ  পৰম্পৰাগত বসতিভূমিৰ ২০ শতাংশ হেৰুৱাবলগীয়াও হৈছে। গতিকে  সংবাদমাধ্যমত বাতৰি পৰিবেশনৰ বেলিকা অধিকাংশ সাংবাদিকেই  বন্যপ্ৰাণী সংৰক্ষণৰ দিশটোত উদ্বিগ্নতা প্ৰকাশ  কৰাৰ সমান্তৰালভাৱে চৌপাশৰ  হাবি-বনবোৰ জনাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ নকৰাৰ কথাটোও বিশেষজ্ঞসকলে উল্লেখ কৰে। সেইদৰে বনাঞ্চলৰ প্ৰসংগ উল্লেখ কৰোঁতে সাধাৰণতে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ   কৰি চলি   অহা মানুহবোৰৰ  জীৱন -জীৱিকাৰ প্ৰসংগটো আওকাণ কৰা হয়।  চি এচ ই -ৰ  সঞ্চালক  সুনীতা নাৰায়নে কয় যে, ভাৰতবৰ্ষ বিশ্বৰ আন প্ৰান্তৰ তুলনাত  পুৰণিকালৰে পৰাই এখন অতি বেছি  জনবসতি  থকা দেশ আৰু অতীজৰেপৰাই  ভাৰতীয়  লোসকলে অৰণ্যৰ সতেই  বাস কৰিছে, অৰণ্যৰ বাহিৰত নহয়  --  এই অৰ্থত ভাৰতৰ অৰণ্যসম্পদো এক কথাত কবলৈ গ'লে  বসতি অৰণ্য (Habitat Forest) হে , সেয়েহে ভাৰতবৰ্ষত মানুহৰ খোজ নপৰা অৰণ্যভূমি অতীতৰেপৰাই তেনেকৈ নাই। এই কথাবোৰৰ বিশদ আলোচনাই সন্মিলনখন আকৰ্ষণীয় কৰি তুলিছিল। 


ভাৰতৰ নদী-ব্যৱস্থাৰ ওপৰতো আলোচনাই ঠাই পাইছিল। ভাৰতবৰ্ষত নদীবোৰৰ এক  ব্যাপক প্ৰাকৃতিক সংযোগী অৱবাহিকা  আছে। এইবোৰৰ ভিতৰত  দেশৰ মুঠ জলভাগৰ ৪০ শতাংশ হিমালয় পাৰ্বত্যমালাৰপৰা সাগৰলৈ কঢ়িয়াই নিয়ে। কিন্তু কেন্দ্ৰীয় জল আয়োগৰ তথ্যই দেখুৱাইছে যে, ১৯৮৪-৮৫ চনৰপৰা ২০১৪-১৫ চনৰ ভিতৰত ঘৰুৱা ব্যৱহাৰ, কৃষি আৰু  উদ্যোগখণ্ডত ব্যৱহাৰ  ইমানেই  বৃদ্ধি পাইছে যে, সিন্ধু নদীৰ জলভাগে  কঢ়িয়াই নিয়া জলভাগৰ  ২৭.৭৮ বিলিয়ন কিউৱিক মিটাৰ কমি গৈছে, যি কাবেৰী নদীৰ সমুদায়  জলভাগৰ সমান। ব্ৰহ্মপুত্ৰত সৰ্বাধিক ৯৫.৫৪৬ বিলিয়ন কিউৱিক মিটাৰ আৰু গংগাত ১৫. বিলিয়ন কিউৱিক মিটাৰ জলভাগ কমি গৈছে। নদীৰ বৈ যোৱা অংশ ২০০৪-০৫ চনৰপৰা ২০১- ১৫ চনৰ ভিতৰত সিন্ধু নৈ এক শতাংশ, গংগা ২. শতাংশ আৰু ব্ৰহ্মপুত্ৰত ০.৬ শতাংশ হ্ৰাস পাইছে। নদীৰ প্ৰদূষণৰ বিষয়েও  অতি গুৰুত্বসহকাৰে আলোচনা কৰা হয়।  অতীত কালৰেপৰাই  নদীত আৱৰ্জনা পেলোৱা হয় যদিও  নদী এখনৰ বোৱতী ধাৰাৰ  স্বাভাৱিক  শোধন ক্ষমতাৰে কিছু  পৰিমাণে  সেই প্ৰদূষণ ৰোধ কৰিবলৈ সক্ষম। কিন্তু ভাৰতৰ বহুবোৰ নদী ইমান বেছিকৈ প্ৰদূষিত যে, সেইবোৰে স্বাভাৱিক শোধন  ক্ষমতা কেতিয়াবাই হেৰুৱাই পেলাইছে। অৱশ্যে ভাতৰত আন অংশৰ নদীৰবোৰৰ তুলনাত উত্তৰ-পূব ভাৰতৰ নদীবোৰ কিছু পৰিমাণে পৰিস্কাৰ। কিন্তু জধে-মধে হোৱা কয়লাখননে বিশেষকৈ অসম, নগালেণ্ড আৰু মেঘালয়ৰ কিছুমান নদীৰ জলধাৰা অতি বেছিকৈ দূষিত কৰি পেলাইছে। নদী-অৱবাহকিাৰ বিলবোৰৰ ওপৰতো সন্মিলনে আলোপাত কৰে।

সন্মিলনত  বায়ু প্ৰদূষণৰ দিশটোৰ ওপৰতো গুৰুত্বসহকাৰে আলোচনা কৰা হয়। বিশেষকৈ দিল্লী মহানগৰীৰ বায়ু প্ৰদূষণৰ দিশটোৰ বিশদ অধ্যয়নভিত্তিক এক আলোকপাত কৰে চি এচ ই-ৰ কাৰ্যবাহী সঞ্চালক অনুমিতা ৰায়চৌধুৰীয়ে। অধ্যয়নৰ সময়ত দেখা গৈছে যে দিল্লী  চৰকাৰে হাতত লোৱা বিভিন্ন কাৰ্যসূচীৰ ফলত  সামগ্ৰীকভাৱে বায়ু প্ৰদূষণ হ্ৰাস পাইছে যদিও  খৰালি কালৰ প্ৰদূষণৰ মাত্ৰা অতি বেছি। হিমালয়ৰ বৰফ, বৰফৰ গলা,  অস্বাভাৱিক  বৰষুণৰ বিষয়ে আলোকপাত কৰি  গভীৰ উদ্বিগ্নতাৰে বিশেষষজ্ঞসকলে কয় যে, হিমালয় এলেকাত বাস কৰা বহুতো জনগোষ্ঠীয়ে জলবায়ুৰ পৰবিৰ্তন'ৰ কথ নাজানিলেও জলবায়ুৰ পৰিবৰ্তনৰ বাবে হোৱা বিৰূপ প্ৰতিক্ৰিয়াবোৰৰ তেওঁলোক ইতিমধ্যেই ভূক্তভোগী।  ইতিমধ্যে  ২০১৯ চনত ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰটেড  মাইউণ্টেইন ডেভেলপমেণ্টে - এ প্ৰথমবাৰৰ বাবে ২০০ বিজ্ঞানী  ৰু গৱেষকক লৈ হিন্দুকোষ এলেকাৰ জম্মু আৰু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ,  উত্তৰাখণ্ড, চিক্কিম, অৰুণাচল প্ৰদেশ, মেঘালয়, নগালেণ্ড, মণিপুৰ,মিজোৰাম, ত্ৰিপুৰা আৰু অসম আৰু পশ্চিমবংগৰ পাহাৰীয়া এলেকাক সাঙুৰি কৰা  পৰ্যালোচনাত কোৱা হৈছে যে, ২০১৫ চনৰ পেৰিছ  ক্লাইমেট এগ্ৰিমেণ্টৰ আধাৰত  চৰকাৰবোৰে  বিশ্বৰ বৰ্ধিত উষ্ণতাৰ সন্দৰ্ভত  ব্যৱস্থা গ্ৰহণ কৰা হলেও ২১০০ চনৰ ভিতৰত এই এলেকাবোৰৰ এক তৃতীয়াংশ বৰফ গলিব। এনে উষ্ণতাবৃদ্ধি সৰ্বাধিক ক্ষতি কৰিবপৰা ৰাজ্যসমূহৰ এক সূচকো বিজ্ঞানীসকলে নিৰ্ণয় কৰিছে আৰু ইয়াৰ ভিতৰতে শীৰ্ষত আছে অসম,  আৰু  ইয়াৰ পিছতে মিজোৰাম। ৰাজনৈতিক মানচিত্ৰবোৰৰ উৰ্ধলৈ গৈ এইক্ষেত্ৰত সামগ্ৰীক আঁচনি গ্ৰহণ কতৰাৰ ক্ষেত্ৰত বুজা-পৰালৈ অহাৰ দিশটোতো গুৰুত্ব দিয়া হয়।  কিয়েনা পাকিস্তানত বৰষুণৰ পৰিমাণ কমিলে তাৰ প্ৰভাৱ ভাৰততো পৰিব, সেইদৰে হিমালয়ৰপৰা ওলোৱা নদীবোৰৰ জলভাগৰ যিকোনো ক্ৰিয়া-প্ৰতিক্ৰিয়াই  বংগোপসাগৰক প্ৰভাৱিত কৰিহব। তাৰ প্ৰভাৱ ভাৰত  আৰু বাংলাদেশ দুয়োখন দেশৰ ওপৰতে পৰিব।সেয়েহে  পৰিবেশ সংক্ৰান্তীয় বাগধাৰাবোৰে ৰাজনৈতিক  মানচিত্ৰৰ উৰ্ধলৈ গৈ আন্তৰ্জাতিক বুজাপৰাৰ পৰিবেশৰ দাবী কৰে। পৰিবেশৰ সন্তুলন অক্ষুণ্ণ  ৰাখিবলৈ হলে আমিযে ৰাজনৈতিক মানচিত্ৰবোৰৰ উৰ্ধলৈ গৈ আন্তৰ্জাতিক সহযোগিতাৰ মাজেৰে  কাম কৰিব লাগিব -- সেই দিশটোৰ ওপৰত কৰা আলোকপাতে  সন্মিলনখন আকৰ্ষণীয় কৰি তুলিছিল। লগতে এই কথাৰ ওপৰতো আলোকপাত কৰা হয় যে, বতৰৰ আগলি বতৰা, প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়াৰ দৰে দিশবোৰত ভাৰতে বিশ্বৰ ভিতৰতে ইৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । যাৰ জৰিয়তে ক্ষয়-ক্ষতিৰ পৰিমাণ বহুপৰিমাণে কমাবলৈ সক্ষম হৈছে, যদিও কৰণীয় বহুতো আছে। 




সন্মিলনত মানৱ প্ৰব্ৰজনৰ দিশটোত আলোকপাত কৰি কোৱা হয় যে, শেহতীয়াকৈ  মানৱসৃষ্ট  সংঘাততকৈ  প্ৰকৃতিসৃষ্ট ঘটনাৱলী যেনে ভূমিকম্প, খৰাং, বান,  আদিৰ  বাবেহে  জীৱন-জীৱিকা  হেৰুওৱা  মানুহৰ  প্ৰব্ৰজন বেছিকৈ হবলৈ ধৰিছে। এইসকলৰ প্ৰব্ৰজন আশাৰ প্ৰবৰ্জন নহয়, বাধ্য হৈ কামৰ সন্ধানত তেওঁলোকে প্ৰব্ৰজন কৰে আৰু অবৈধ মানৱ ব্যৱসায়ৰ পাকচক্ৰত পৰে অথবা অতি অমানৱীয় পৰিবেশত কাম কৰিবলৈ বাধ্য হয়।এইক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় অথবা দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনৰ সঠিক ছবিখন দেখা নাযায়। 

সূৰ্যৰ প্ৰখৰ পোহৰেৰে আশীষধন্য ভাৰতবৰ্ষই ২০১৫ চনতেই  জলবায়ুৰ পৰিবৰ্তনৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি অহা ২০২২ চনৰ ভিতৰত ,০০,০০০ মেগাৱাট সৗৰশক্তি আহৰণৰ লক্ষ্যত উপনীত হবৰ বাবে যি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ ওপৰতো সন্মিলনত আলোচনা কৰা হয়।  ইয়াৰে ৪০,০০০ মেগাৱাট সৌৰশক্তি ঘৰ ছাদত স্থাপন কৰা পেলেনৰপৰাই আহৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ২০১৯ চন পৰ্যন্ত ২,১৪১ মেগাৱাট সৌৰশক্তিহে এনেদৰে আহৰণ কৰা হৈছে।




পৰিবেশ  অনুকূলে বাসস্থানৰ  জৰিয়তে  কম পৰমিাণে বিদ্যুত ব্যৱহাৰ কৰিবপৰা আৰ্হিৰ   বাসস্থানৰ ওপৰত  সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সন্মিলনে  বিশেষভাৱে  গুৰুত্ব  প্ৰদান কৰে।  উল্লেখযোগ্য যে  নিমলিত থকা  চি এচ ই-ৰ  প্ৰায় ৩৫ বিঘা জোৰা  এলেকাত  স্থাপন কৰা আবাসবোৰ ৰাজস্থানৰ মৰুসদৃশ পৰিবেশৰ সতে খাপ খুৱাই  এনেদৰে ডিজাইন কৰা হৈছে যে, সেইবোৰে অতি প্ৰখৰ ৰদৰ তাপ বা শীতকালৰ  অতিপাত শীত বহু  পৰিমাণে প্ৰতিৰোধ কৰিবলৈ সক্ষম।  ইয়াৰ বাবে কোঠাৰ বেৰবোৰ স্পঞ্জৰ দৰে  ফুটা থকা ইটাৰে দুতৰপীয়াকৈ গাঁঠি মাজত বিশেৱে নিৰ্মিত কঠিন স্পঞ্জসদৃশ পদাৰ্থ ব্যৱহাৰ কৰা হৈছে,যাতে সেইবোৰে বাহিৰৰ তাপ অথবা শীত ভিতৰৰ কেঠাত সহজে প্ৰৱেশ  কৰিবলৈ নিদিয়ে। সেইদৰে খিৰিকিৰ আইনাবোৰো মাজত ফাঁক ৰাখি দুতৰপীয়াকৈ দিয়া হৈছে। তেওঁলোকে নিজৰ লেবৰেটৰী শোধন কৰি  ব্যৱহাৰ কৰা প্ৰতিটোপাল পানী  পুনৰ  ব্যৱহাৰ কৰে। এনেদৰে শোধন কৰা পানী  জৈৱ কৃষিপামত দিয়াৰ  লগতে শৌচালয়ত ফ্লাশ্ব হিচাপে ব্যৱহাৰ কৰা হয়। বৰষুণৰ পানীও  সংৰক্ষণ কৰি শোধন কৰি পৃথিৱীৰ গৰ্ভলৈ পঠিয়াই দিয়া হয়, যাক তেওঁলোকে আই  বসুমতীলৈ উপহাৰ' বুলি কয়। আবাসগৃহবোৰৰ পোহৰ সোমোৱা ব্যৱস্থা অতি বিজ্ঞানসন্মত আৰু কম-খৰছী, যাৰ  বাবে ভিতৰত বিদ্যুতৰ  অতি কমকৈ হয়, বা তেনেকৈ নহয়েই। খোৱা-বস্তুকে ধৰি যিকোনো সামগ্ৰী পেলোৱা বা নষ্ট কৰাৰ ক্ষেত্ৰত তেঁওলোক অতি  সতৰ্ক , আৰু  অতিথিৰ বাবে  নিৰ্দষ্টি জাননী দিয়া আছে যাতে খোৱাবস্তু  নষ্ট নকৰে।  আনকি কিমান খাদ্যসামগ্ৰী পেলোৱা হ'ল তাৰ ওজনো কৰে।  বসতি আৱৰ্জনা নিজৰ ঘৰতে যিমান পাৰি  কমাই পেলোৱাৰ পক্ষপাতীসংস্থাটোৰ  মতে আমাৰ ঘৰত সৃষ্টি হোৱা  জৈৱিক আৱৰ্জনাবোৰ ৭০ শতাংশই  পানী, আৰু নিজৰ ঘৰতে এইবোৰ বহুপৰমিাণে কমাই পেলাব পাৰি। তেঁওলোকে জৈৱিক আৱৰ্জনাবোৰেৰে  নিজাকৈ জৈৱিক সাৰ উৎপাদনো কৰে।  শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থাও আনতকৈ  সুকীয়া, 'ত অতি কম পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হয়। সৌৰশক্তিৰে গা-ধোৱা ঘৰত গৰম পানীৰ যোগান ধৰা হয়। এই সকলোবোৰ ব্যৱস্থাৰ বাবে সংস্থাটোৰ  বাসগৃহবোৰৰ  নিৰ্মাণ ব্যয় আন বাসগৃহতকৈ ১০ শতাংশ বেছি  যদিও বিলাসী সামগ্ৰীৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰি তেওঁলোকে সেই ব্যয় সমানুপাতিক কৰি ৰাখিছে  বুলি জানিবলৈ দিয়ে। এইদৰেই  আমাৰ দৈনন্দিন জীৱন-প্ৰণালী পৰিবেশ অনুকূল কৰি তোলাৰ ক্ষেত্ৰতো চি চি ই-য়ে এক  দৃষ্টান্ত দাঙি ধৰি আশাৰ সঞ্জীৱনী জীয়াই ৰাখিবলৈ সক্ষম হৈছে। 



আৰাৱলী পৰ্বতৰ পাদদেশত অনুষ্ঠিত এই কেম্পাচৰপৰা তেওঁলোকে  সাংবাদিকসকলৰ বাবে  বিভিন্ন প্ৰজাতিৰ সাপ, এন্দুৰ, কুকুৰনেচীয়া বাঘ, নাহৰফুটুকী,  টোকোৰা চৰাই, পানীপিয়াকে ধৰি বিভিন্ন চৰাইৰ বাসভূমি আৰু  কাঁইটীয়া জোপোহাৰ গতে  বিশেষকৈ ঢাক' বুলি কোৱা পলাশ গছৰ অৰণ্যৰে ভৰা  আৰাৱলীৰ নিভৃতত  এক ট্ৰেকিঙৰো ব্যৱস্থা কৰিছিল।

এই বছৰ এই সন্মিলনত অসমৰপৰা ভাগ লোৱা আনসকল আছিল দৈনিক অসম কাকতৰ অৰূপ সান্দিল্য, প্ৰতিদিন টাইমৰ মৃণাল তালুকদাৰ আৰু দ্য হিন্দু কাকতৰ ৰাহুল কৰ্মকাৰ।

ৰত্না ভৰালী তালুকদাৰ

Sunday 17 May 2020

কোৱাৰেনটিন্ -৬






আমাৰ মুখৰ বিৱৰণীত লাহে লাহে অদৃশ্য হৈ পৰাৰ পিছত
এই কোৱাৰেনটিন্-ত সকলো হেৰুৱাই
তেওঁলোক যেতিয়া মোৰ দেশৰ মানচিত্ৰৰ
ইমূৰৰপৰা সিমূৰ জুৰি গাওঁমুখী হৈছে

তেওঁলোকৰ ঘাম আৰু ভৰিৰ গোৰোহাৰে নামি অহা
তেজৰ চেঁকুৰাৰে মোৰ দেশৰ হাইৱে
স্বাধীনতাই নিজৰ সাজ সলাইছে

পঞ্চল্লিছ ডিগ্ৰী উত্তাপৰ ৰদৰ কিৰীটি পিন্ধি যেতিয়া
তেওঁলোকে খোজকাঢ়িছে, তেওঁলোকে বোকোচাত
কঢ়িয়াই অনা মৃত সন্তানক লৈ ৰাতিৰ
ওলমি পৰা তৰা আৰু জোনৰ নিচুকণিৰে
এপলক কলমটিয়াইছে

গাঁৱলৈ যোৱা ৰেলখন বিচাৰি ৰেলৰ লাইনেৰে খোজ লৈ
ভাগৰি পৰোঁতে ৰেলখন তেওঁলোকৰ শৰীৰেৰে
পাৰ হৈ গুচি গৈছে, তেওঁলোকে টোপোলাত
বান্ধি অনা পুৰণা ৰুটিৰ ঘূৰণীয়া টুকুৰাবোৰে
ৰেলৰ লাইনৰ চউপাশে পৃথিৱীক
উৰ্বৰ কৰিছে

মোৰ দেশৰ বত্ৰিশ লাখ সাতাশী হাজাৰ বৰ্গকিলোমিটাৰৰ
দীঘ আৰু বাণিৰে গাঁৱলৈ বাট বুলাৰ পৰত

মৰু-পৰ্বত-নদী-গছ-চৰাই আৰু পখিলাবোৰে
তেওঁলোকৰ ফাটি যোৱা জোতা আৰু ছিঙি যোৱা
চেণ্ডেলৰ তলেৰে ভৰিৰ তলুৱাত খোদাই কৰি দিছে
মোৰ দেশৰ অনুপম মানচিত্ৰ

তেওঁলোকৰ উচুপণিবোৰ ডাৱৰ হওতে মেঘৰ সৰি পৰা
পানীবোৰে খোজকঢ়াৰ বাটৰ প্ৰসূতি মাতৃৰ
জৰায়ুখন পখালি দিছে, সামান্য কেঁকাই তেওঁ
নৱজাতকক কোলাত তুলি লৈছে

আৰু ভৰিৰ তলুৱাত খোদাই কৰি লোৱা
মোৰ দেশৰ অনুপম মানচিত্ৰখনেৰে
মাতৃয়ে হাইৱেত ঠিয় দঙা দিছে

হাজাৰ মাইলৰ বাট খোজকঢ়াৰ পথত তেওঁলোকে
কোৱাৰেনটিন্-ৰ জপনা সৰকি পুলিচৰ কোব খাই
অনাহাৰ আৰু অনিদ্ৰাৰে মোৰ দেশৰ প্ৰতিজন মানুহৰ
শৰীৰ ভে্দি গুচি গৈছে--যোৱাৰ বাটত

মোৰ দেশৰ প্ৰতিজন মানুহৰ বস্ত্ৰ খহাই
তেওঁলোকৰ শৰীৰত এই অদ্ভূত খোজকঢ়াৰ
বিৱৰণীবোৰ খোদাই কৰি গৈছে

প্ৰতিজন মানুহৰ চকুত তেওঁলোকে মেলি ধৰিছে
তেওঁলোকৰ ভৰিৰ তলুৱাত মোৰ দেশৰ
মৰু-পৰ্বত-নদী-গছ-পখী আৰু পখিলাবোৰে
খোদাই কৰি দিয়া
মোৰ দেশৰ অনুপম মানচিত্ৰ

তিয়াই গৈছে মোৰ দেশৰ মানুহৰ শৰীৰ
কোৱাৰেনটিন্-ত সকলো হেৰুৱাই
মোৰ দেশৰ দীঘ আৰু বাণিবোৰত খোজকঢ়া
প্ৰসূতি মাতৃৰ জৰায়ুখন পখালি নিয়া
মেঘৰ সৰি পৰা পানীবোৰেৰে

তাৰ পিছৰেপৰা মোৰ দেশৰ মানুহে
শৰীৰত ধাৰণ কৰা নাই নিজৰ শৰীৰ

--ৰত্না ভৰালী তালুকদাৰ

Monday 11 May 2020

মাৰ সোঁৱৰণ





আজি ১১ মে।২০০৩ চনত  শাহু নিৰূপমা তালুকদাৰে এই দিনটোতেই আমাক এৰি গুচি গৈছিল। অৱশ্যে শাহু বুলি লিখাতকৈ ‘মা’ বুলি লিখিবলৈহে মোৰ  ভাল লাগিব।

তেখেত আছিল গুৱাহাটীৰ এটি ভৰলুমুখৰ এটি নামজ্বলা পৰিয়ালৰ জীয়ৰী। দেউতাক  গিৰীশ চৌধুৰী অসমৰ প্ৰথমজন ফৰেষ্ট ইউটিলাইজেশ্যন অফিচাৰ আছিল। সেই সূত্ৰে সমগ্ৰ অসমখন ঘূৰি-পকি ফুৰিছিল।গতিকেই অসমৰ বিভিন্ন ঠাইত মায়ে শিক্ষাগ্ৰহণৰ সুযোগ পাইছিল। মাতৃ প্মাৰিয়ম্ৰবদা চৌধুৰী।  বৰদেউতাক আছিল গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ মন্ত্ৰী ৰোহিণী চৌধুৰী। ১৯৩১ চনৰ আমাৰ মাৰ জন্ম হয়। তেখেতে কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত শিক্ষকতা কৰিছিল। এই বিদ্যালয়খন স্থাপনৰ বাবে তেওঁলোকে বোলে নিজে ছাত্নাৰী সংঘ গঠন কৰি ‘ৰজা হৰিচন্দ্ৰ’ নাটক কৰি বৰঙণি উঠাইছিল। খ্যাতনামা শিল্পী সুদক্ষিণা শৰ্মায়ো সেই নাটকত অভিনয় কৰিছিল।

অসমৰ প্ৰতিষ্ঠাতা কমিউনিষ্টসকলৰ অন্যতম নন্দেশ্বৰ তালুকদাৰলৈ বিয়া নোহোৱা হ’লে মাৰ জীৱন শৈলী হয়তো বেলেগ হ’লহেঁতেন।নন্দেশ্বৰ তালুকদাৰ আছিল বজালীৰ নিত্যানন্দৰ জমিদাৰ ঘলশ্যাম তালুকদাৰৰ সন্তান । গুৱাহাটীত থকা খুৰাকে জাপানত কৃষি বিজ্ঞান পঢ়াবলৈ পঠিওৱাৰ মানসেৰে তেখেতৰ গুৱাহাটীত আনি পঢ়ুৱাইছিল। কিন্তু স্বাধীনতা আন্দোলনৰ ভৰপকে তেখেতৰ জীৱনৰ দিশ সলনি কৰি পেলালে। কটন কলেজত পঢ়ি থাকোঁতেই ছাত্ৰ আন্দোলনত যোগ দি তেখেত জেলত সোমায় আৰু কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহি অসমত  কমিউনিষ্ট দলৰ গঠনৰ কামত গভীৰভাৱে মনোনিবেশ কৰে। আনহাতে মাৰ পৰিয়ালত আছিল সম্ভ্ৰান্ত কংগ্ৰেছৰ তেজ।বিয়াৰ পিছত মা দেউতাৰ আদৰ্শত বিলীন হৈ গ’ল।

১৯৮৯ চনত কটন কলেজত পঢ়ি থকাৰ সময়তে মই ভাৰতৰ ছাত্ৰ ফেডাৰচনৰ সদস্য হওঁ। ইয়াৰ আগলৈকে মই জাতীয়তাবাদী ভাৱধাৰাত বিশ্বাসী আছিলোঁ। কি কাৰণে ভাৰতৰ ছাত্ৰ ফেডাৰচনৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, সেই কথা বিভিন্ন প্ৰসংগত কোৱা হৈছে। সেই সময়ত পাণবজাৰৰ ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ কাৰ্যালয়লৈ প্ৰতিদিনেই যোৱা হয় । নিৰুপমা তালুকদাৰক তেতিয়াই দেখিছিলোঁ। কমৰেড নন্দেশ্বৰ তালুকদাৰৰ পত্নীগৰাকীক দেখিলেই আমি ভয়তে ত্ৰস্তমান হৈছিলোঁ। তেখেতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু মহিলা সমিতিৰ কাম-কাজত অধিক সক্ৰিয় হৈ পৰিছে। ভয় লগাৰ কাৰণটো আছিল তেখেতৰ ব্যক্তিত্ব। উজ্জল নীলা বা সেউজীয়া ৰঙৰ পাটৰ মেখেলা আৰু  কটনৰ চাদৰ পিন্ধি, কপালত ৰঙা ফোঁটটোৰে উজ্জল কিন্তু অতি স্পষ্টবাদী, কালৈকো কেৰেপ নকৰা মানুহগৰাকীৰ সময়ানুবৰ্তিতাৰ লগতে জুখি-মাখি কথা কোৱাৰ স্বভাৱটোৱে সকলোকে ত্ৰস্তমান কৰি ৰাখিছিল। বিনা কাৰণত আমি কাৰ্যালয়ত বহি আড্ডা দিয়াটো সহ্য কৰা নাছিল। হাইস্কুলৰ সামান্য চাকৰিটোৰেই তেখেতে কিদৰে তিনিওটা ল’ৰাক পঢ়াই-শুনাই জাকত-জিলিকা কৰাৰ উপৰিও সৰুটো পুতেকক দিল্লীত পঢ়ুৱাই আছে –সেই বিষয়ে আমি নানা কাহিনী শুনিবলৈ পাইছিলো। ল’ৰাকেইটাই নিজৰ পঢ়াৰ সমানে সমানে আনকো টিউশ্যন কৰি পইচা আনি মাকৰ হাতত তুলি দিয়েহি, কিয়নো সেই সময়ত শিক্ষকৰ দৰমহা কেইবামাহ পৰ্যন্তু বন্ধ হৈ থকাটো এটা সাধাৰণ কথা আছিল—এই কাহিনীবোৰ আমাৰ মাজত প্ৰচলিত আছিল। তেখেতৰ মাতটোও ডাঙৰ আছিল। মিটিংবোৰত প্ৰায়ে সভানেত্ৰীৰ আসন শুৱনি কৰিছিল। তেখেতক সকলোৱে ‘খুৰী’ বুলি মাতিছিল।

যি নহওক, সেইগৰাকী মানুহৰ সৰু পুতেক সুশান্তক ভাল পালোঁ। সেই সময়ত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বেনাৰত কলেজত নিৰ্বাচন খেলি বিপুল ভোটত জয়ী হৈ মই ‘কটনিয়ান’ৰ সম্পাদনাৰ দায়িত্বত আৰু দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ মনে মনে ঠিৰাং কৰি পেলাইছোঁ। ইউনিয়ৰ উপ-সভাপতিৰ পদত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা সুশান্তয়ো মোক উৎসাহ যোগাইছিল। তাৰপিছত ঘটনাক্ৰমৰ পট এনেকৈ পৰিবৰ্তন হবলৈ ধৰিলে যে, স্নাতক তৃতীয় বৰ্ষৰ দ্বিতীয়খন কাকত দিয়েই আমি আদালতত বিয়াৰ বাবে আবেদন কৰিব লগা হ’ল। ভয়ংকৰ আকৰ্ষণীয় ব্যক্তিত্বৰ মানুহগৰাকীয়ে ঘৰলৈ আহিলে ভাত-পানী খুৱায়, কিন্তু একোতে আসৈ নিদিয়ে। তথাপিও মোক সমৰ্থন দিবলৈ আৰু মা-দেউতাক বুজাবলৈ ভৰ বাৰিষা মেচিন নাও পাৰ হৈ, চাপৰি পাৰ হবলৈ হাত নাৱত উঠি ব্ৰহ্মপুত্ৰ পাৰ হৈ মাজুলী পৰ্যন্ত গৈ ওলালগৈ। তাৰপিছত বিয়া হৈ একেবাৰে ৰিহাবাৰীৰ ঘৰ। বিয়াৰ পিছত পৰীক্ষাৰ ফলাফল ওলাল –ফাৰ্ষ্ট ক্লাচ আৰু ডিষ্টিংশ্যন। মায়ে মোক এখন কমলা ৰঙৰ মণিপুৰী শ্বল উপহাৰ দিলে।

লাহে লাহে মাক বুজিবলৈ আৰম্ভ কৰিলোঁ। এই কাম বৰ সহজ নাছিল। সেই সময়ৰ কমিউনিষ্টৰ জীৱন বৰ সহজ নাছিল। কিমান দিনলৈকে ঘৰত নাথাকে তাৰ কোনো নিশ্চয়তা নাই। আত্মগোপনৰ কালত এদিন বোলে খৰিভাৰীৰ বেশেৰে ঘৰৰ আগেৰে পাৰ হৈ গৈছিল। বিয়াৰ আগতে মাৰ আছিল আপাতত এক বিলাসী জীৱন। কিন্তু বিয়াৰ পিছৰ দিনবোৰ পাৰ হ’ল ভয়ংকৰ আৰ্থিক সংকটৰ মাজেৰে। অতি সামান্য দৰমহা, আৰু দৰমহাৰো অনিশ্চয়তা। বিভিন্ন সময়ত জেল খটা, আত্মগোপন কৰা, সাংগঠনিক কামত আঁতৰি থকা আদি কমিউনিষ্টসকলৰ নিয়মীয়া ৰুটিন আছিল। দেউতাই জৰুৰীকালীন অৱস্থাৰ ২০ মাহকে ধৰি জীৱনৰ ৬ বছৰ ৮ মাহ ৰাজনৈতিক কাৰাবন্দীত্ব খাটিছিল। মাজু দাদা(সুশোভন তালুকদাৰ)দহ মাহলৈকে দেউতাই দেখাই পোৱা নাছিল, কাৰাবাসত থাকিবলগীয়া হোৱাৰ বাবেই। ঘৰ চলোৱাৰ দায়িত্ব সম্পূৰ্ণ মাৰ ওপৰত। সন্তান ডাঙৰ কৰা, পঢ়া-শুনাৰ তদাৰক কৰা, অসুখ-বিসুখ হ’লে হস্পিতাললৈ নিয়া, নিজৰ চাকৰি ৰক্ষা কৰা--মায়ে ধৈৰ্য ধৰি সকলো কাম নিজৰ হাতেৰে কৰিছিল। লাহে লাহে এচপৰা এচপৰাকৈ ইটা গোটাই নিজৰ ঘৰখনো বান্ধিছিল। অসমৰ প্ৰায় প্ৰতিজন কমৰেডৰ নিজা ঘৰৰ দৰে আছিল আমাৰ ঘৰখন। মোৰো এইটো সৌভাগ্য যে, বিয়াৰ পিছত আমাৰ ঘৰলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ এই কমৰেডসকলক মই নিজৰ হাতেৰে চাহ একাপ হলেও খুৱাইছিলোঁ। বিশেষকৈ মহিলা সমিতিৰ সদস্যসকলে গুৱাহাটীত মিটিং কৰিবলৈ আহিলে ৰাতিৰ বাচত আহি আমাৰ ঘৰত উঠে আৰু গা-পা ধুই ভাত-পানী খাই মিটিঙলৈ যায়। মায়ে দেউতাৰ সকলো সুখ-দুখ নিজৰ বুলি গ্ৰহণ কৰিলে। অসম আন্দোলনৰ সময়ত এঘৰীয়া হৈ থাকিল। আন্দোলনকাৰীয়ে ৰাস্তাৰপৰা দলিওৱা শিলগুটিৰপৰা ৰক্ষা পাবলৈ ঘৰৰ খিৰিকীবোৰ আলমাৰিৰে ঢাকি ল’লে।  কোনেও মাত-বোল নকৰাৰ সময়বোৰত স্কুলৰ জিৰণি কোঠাত অকলে অকলে কৰ্তব্য পালন কৰিলে। মায়ে এইবোৰ সহ্য কৰিলে।দিনে-ৰাতিয়ে আন্দোলনকাৰীয়ে ঘৰখন ‘ঘেৰাও’ কৰিলে, তেওঁলোকৰ টিটকাৰীবোৰো হজম কৰিলে। কিন্তু মাই সততাৰ বাট এৰি নিদিলে। আন্দোলনকাৰীৰ নিৰ্দেশ মানি আন শিক্ষকসকলে মাৰ সতে কথা পাতিব পৰা নাছিল, কিন্তু মাৰ নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা আৰু আদৰ্শনিষ্ঠাক তেওঁলোকে মনে-প্ৰাণে শ্ৰদ্ধা কৰিছিল। সংগঠনৰ কাম-কাজতো মা আছিল পৰি-পাটি। গুৱাহাটীৰ পাহাৰে-ভৈয়ামে ঘূৰি ঘুৰি কোলাত  কেঁচুৱা লৈও বোলে মহিলা সমিতিৰ সদস্যসকলে সংগঠনৰ কাম কৰিছিল। ১৯৮৯ চনত অৱসৰ লোৱা মানুহগৰাকীয়ে নিয়মিতভাৱে পেঞ্চনটো পাবলৈ ২০০০ চনলৈকে অপেক্ষা কৰিলে, কিন্তু বিভিন্ন কাৰ্যালয়ত পাৰ্টিৰ মানুহবোৰ থকাৰ লগতে কেইবাগৰাকীও বিধায়কো থকা স্বত্বেও কাকো এবাৰ নকলে কামখিনি কৰি দিবলৈ। হাজাৰ কষ্টৰ মাজতো খমখমীয়া কাপোৰসাজেৰে মা সকলোৰে মাজত জোনৰ দৰে উজলি থাকিল। মিটিংবোৰত সময়তকৈ ১৫ মিনিটমানৰ আগেয়েই পায়গৈ, কি কব লাগিব ঘৰত লিখি লৈ এবাৰ যুকিয়াই লয় আৰু সদায়েই আনক কয়গৈ — সময়মতে কিয় অহা নাই বুলি।

তিনিপুত্ৰৰ প্ৰতি মা আছিল এখন সাগৰ। ল’ৰাক ইমান মৰম কৰিব পৰা মাতৃ মই খুব কমেইহে দেখিছোঁ। তেওঁ  বোলে সৰুতে তিনিওকে কৈছিল—‘এটা বাদাম পালেও তিনিওটাই সমানে ভগাই  খাবি।’ তিনিওটা ল’ৰাৰ লগতে দেউতাৰ জন্মদিনত  পায়স বনাবই। মাৰ হাতৰ সেই পায়সৰ সোৱাদ আমি আহৰণ কৰিব নোৱাৰিলোঁ। বিদ্যা-শিক্ষাৰে উজলি থকা তিনিটা ল’ৰাক সকলো ফালে আগবঢ়াই দি মায়ে সেই সৰু চাকৰিটোৰে তিনিকোঠলীয়া অসম আৰ্হিৰ ঘৰটো সাজিলে আৰু অৱসৰৰ সময়ত পোৱা টকাৰে পিচফালে তিনিমহলীয়া বিল্ডিং সাজিব পৰা দুটা কোঠা সাজিলে। মাৰ আশা এয়ে আছিল যে, এই কোঠা দুটাৰপৰাই বঢ়াই নি তিনিমহলীয়া বিল্ডিং এটা সাজি তিনিওটা ল’ৰা একেলগে থাকিব। অসমত কমিউনিষ্ট দল প্ৰসাৰ হোৱাৰ আশাৰে মায়ে হাতৰ-কাণৰ দুপদ অলংকাৰৰ বাহিৰে দেউতাৰ হাতত নিজৰ আন সকলো সোণৰ গহনা পৰ্যন্তু তুলি দিলে।

বোৱাৰীবোৰৰ প্ৰতিও মাৰ মৰম আছিল। মোৰ ২৪ বছৰ বয়সত মোৰ ল’ৰাটো জন্ম হ’ল। পেটৰ ভিতৰত নাড়ীডাল পাক খাই থকাৰ লগতে আন কিবাকিবি সমস্যাত  চিজাৰিয়ান কৰিবলগীয়া হ’ল। মায়ে গোটেই নিশা মোৰ হাত-ভৰি পিটিকি উজাগৰে পাৰ কৰি দিলে। মাৰ সতে দিনটোত মোৰ অনেকবাৰ মতবিৰোধ হয়। হাজাৰ মতবিৰোধিতা থাকিলেও কৰিলেও কাগজৰ বাবে বা আলোচনীৰ বাবে প্ৰবন্ধ এটি লিখি মায়ে সদায় মোক চাবলৈ দি কৈছিল —‘ৰত্না এবাৰ চাই দিয়াচোন।’ নহলে কয়—‘‘ৰত্না চাহ একাপ বনোৱাচোন।” সেই সময়ত এগৰাকী লেখিকা হিচাপে মোৰ কোনো চিনাকি নাছিল। দিল্লীত পঢ়িবলৈ যোৱা ন’হল। গুৱাহাটী বিশ্ববিদ্যালয়খনে মোৰ মন কাঢ়িব নোৱাৰিলে। কিয়নো মন পৰি আছিল দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদবোৰত। পঢ়া-শুনা বৰবাদ হোৱাৰ পিছত হীনমান্যতাত ভোগাৰ সময়খিনিত মায়ে কিমান যে সাহস দিলে। ঘৰলৈ অহা সকলোকে চিনাকি কৰি দি কয়—“তাই বৰ ভাল লিখে।” মা ঢুকুৱাৰ এমাহ পিছতে যেতিয়া ‘গৰীয়সী’ত আলোচনীত মোৰ প্ৰথমটো গল্প ওলাইছিল, তেতিয়া মাক মৃত্যুৰ সিপাৰৰপৰা ধৰি আনি গল্পটো দেখুৱাবলৈ মন গৈছিল। প্ৰতিগৰাকী বোৱাৰীকে মায়ে এনেকৈ সন্মান কৰিছিল, আৰু মনিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই দিছিল।

বামপন্থী ৰাজনীতিৰ মানুহ হিচাপে দেউতা খুব হেঁচাত আছিল। মৃত্যুৰ সময়লৈকে তেখেতৰ চাৰিবাৰ হাৰ্ট এটেক হৈছিল। যৌৱনৰ সময়বোৰত আন্দোলন, সংগঠনৰ নামতো শৰীৰৰ ভীষণ ওপৰত অত্যাচাৰ হৈছিল। দেউতাই বিশেষকৈ কৃষকক সংগঠিত কৰাৰ কাম কৰিছিল, যিটো বৰ সহজ  কাম নাছিল। খোৱা- আৰু শোৱাৰ কোনো হিচাপ নাছিল। ডেকাকালত এবাৰ বোলে আত্মগোপন কৰি থাকোঁতে বেলতলাত পাহাৰৰ ওপৰৰপৰা তললৈ সৰি পৰি অচেতন হৈ আছিল। বুঢ়ী মানুহ এগৰাকীয়েহে যত্ন কৰি ভাল কৰিলে। কিন্তু মায়ে ইমান যত্নসহকাৰে দেউতাক আৱৰি ৰাখিছিল যে, কোনেও বেমাৰী বুলি ধৰিবই নোৱাৰিছিল। দুয়ো খুব ভাল ৰান্ধনি আছিল। দেউতাই প্ৰায়ে নহৰু আদি কাটি মাক সহায় কৰি দিয়া দেখিছিলোঁ। মায়ে নিজৰ তিনিওটা ল’ৰাকেই ৰন্ধা-বঢ়াৰপৰা বজাৰ-সমাৰ কৰালৈকে সকলো কাম কৰিবলৈ শিকোৱাৰ বাবে আমাৰ এতিয়া বহুত সহায় হয়।

নিজৰ পৰিয়ালটো আৰু দেউতাৰ পৰিয়ালটোৰ মাজৰ মায়ে কোনো পাৰ্থক্য ৰখা  দেখা নাছিলোঁ।মাক সকলোৱে ভাল পাইছিল। মাৰ ব্যক্তিত্বই আছিল তেনেকুৱা। কাকো আসৈ নিদিয়ে, কিন্তু সকলোৰে খবৰ ৰাখে। এতিয়াও আমাৰ এই সৌহাৰ্দপূৰ্ণ সম্পৰ্কবোৰ অটুট আছে। ভাগিন-ভতিজাবোৰৰ বাবে মা আছিল কাৰোবাৰ বাবে নিৰু পেহী, কাৰোবাৰ বাবে নিৰু মাহী, আৰু  কাৰোবাৰ বাবে নিৰু খুৰী। এগৰাকী বোৱাৰী হিচাপে মই মাৰ আত্মীয়-স্বজন আৰু দেউতাৰ আত্মীয়-স্বজনৰপৰা সদায়েই উৎসাহ পাই আহিছোঁ, সকলো বোৱাৰীয়েই পাইছে।

নিজৰ যত্নও মায়ে খুব ভালকৈ লৈছিল। আমি কেতিয়াও মাক আল-পৈচান ধৰি নাপালোঁ। অকনমান কিবা হ’লেই ডাক্তৰক ফোন কৰিব আৰু দৰৱ খাই লব। ২০০৩ চনত দুদিনমান মোক কৈছিল পেট আৰু কামিহাড়ৰ মাজত বোলে বিষাই থাকে। তাৰপিছত নিজেই ক’লে- ‘এস্, বুঢ়া হ’লে এনেকুৱা হবই আৰু।’ আনকি ২৬ ফেব্ৰুৱাৰীৰ দিনা নিজৰ কোঠাতে ষ্ট’ভটো পাতি লৈ সুশান্তৰ জন্মদিনৰ পায়সো ৰান্ধিলে। পিচদিনা আমি ডাক্তৰৰ ওচৰলৈ মাক লৈ গ’লোঁ। ইতিমধ্যে মাৰ লিভাৰৰপৰা অগ্ন্যাশয়লৈকে কেন্সাৰ ৰোগ বিয়পিছে।

এই খবৰ পাই গোটেই অসমৰ ইমূৰৰপৰা সিমূৰলৈকে কমৰেডসকল আহি খবৰ কৰিলে। সকলোৰে এটাই ভয় আছিল যে, --“এতিয়া বুঢ়া(এইবুলি মৰমতে কৈছিল) কেনেকৈ থাকিব।” দেউতাই শেষলৈকে মাক এৰি নিদিলে। কোনোৱেই নহাকৈ থকা নাছিল। ডাক্তৰে কোৱাৰ ৭২ দিনৰ দিনা পুৱা চাৰিমান বজাত মাৰ শেষ উশাহটো আমি দেখিলোঁ। ইয়াৰ পিছতে মা ঢুকুৱাৰ ১১ দিনৰ দিনা আমি এটা অনুষ্ঠান কৰিছিলোঁ। এই অনুষ্ঠানৰ পিছতে দেউতাক হস্পিতালত  ভৰ্তি কৰাবলগীয়া হ’ল। হস্পিতালৰ ইনটনচিভ কেয়াৰ ইউনিটত দেউতা তাৰ পিছত ডেৰমাহ থাকিল।

মা আজিও আমাৰ প্ৰেৰণা। তেওঁ গোটেই জীৱন সংগ্ৰাম কৰিলে, আৰু অলপ সুখ পাবলৈ লোৱাৰ সময়তে আমাৰ মাজৰপৰা গুচি গ’ল। মা ঢুকুৱাৰ পিছত আমাৰ  ৰিহাবাৰীৰ ঘৰৰপৰা নৱগ্ৰহ শ্মশানলৈকে সমদল ওলাইছিল। এই সমদলটো ৰঙা পতাকাবোৰে আৱৰি আছিল। কেৱল কমিউনিষ্টসকলেই নহয়, তাহানিৰ আন্দোলনকাৰীসকলেও এই সমদলত খোজ কাঢ়িছিল। মায়ে কেতিয়াও কথাবোৰ ধৰি থকা নাছিল আৰু বিপদে-আপদে, বিয়াই-সবাহে সকলোৰে ঘৰলৈ গৈ মাত একোষাৰ দিছিল। মাৰ কথা ভাবিলে এনে লাগে যেন তেওঁ এতিয়াও আমাৰ মাজতে আছে।

Thursday 7 May 2020




PIC- Sushanta Talukdar 

কোৱাৰনটিন্-৫

কোৱাৰনটিন্-ত কাম হেৰুওৱা সাংবাদিকজনৰ
কি হল বুলি আপুনি মোক সুধি আছে

এতিয়া তেওঁৰ  ভোক লগা নাই, পিয়াহ লগা নাই
কাম হেৰুওৱাৰ পিছত তেওঁ নিজৰ চিভিখন
আপডেট্  কৰি মেইল কৰিবলৈ লাগি গৈছে
আছে নেকি সদ্যহতে উশাহ লব পৰাকৈ কিছু সকাহ

পাৰ্ট টাইম, কেজুৱেল, অনুবাদৰ কাম,
ডিটিপি অথবা যিকোনো--তেওঁ এজন দক্ষ
সাংবাদিক, অভিজ্ঞ কিন্তু সমস্যা এয়ে যে,
অতিমাৰীয়ে মানুহক গোলাম কৰি তোলে
  
সেয়ে বিদায় দিয়াৰ সময়ত মালিকে দিয়া
তিনিটা মাহৰ দৰমহাৰ টকাকেইটা লিৰিকি-বিদাৰি
তেওঁ বিৰবিৰাই একেটা হিচাপকে কৰি আছে

তেওঁৰ ওঁঠৰ বিৰবিৰণিবোৰ নিচুকণি গীতৰ দৰে
লাগিছে নেকি আপোনাৰ? আপুনি তেওঁৰ বাবে
দুখ নকৰিব। তেওঁ সাংবাদিক। তেওঁৰ বাবে
সাংবাদিকতা চাকৰি নহয়— পছন্দহে জীৱনৰ

সমস্যা এয়ে যে, তেওঁ মহানগৰভাৰাঘৰত থাকে
এমা-ডিমা দুটি সন্তান স্কুললৈ যাবলৈ আৰম্ভ কৰিছে
আৰু ক’ৰ্পৰেট খণ্ডৰ চাকৰি কৰা পত্নীৰ সংস্থাপনো
ক’ভিড-১৯ অপদেৱীৰ সন্মুখত তেওঁৰ দৰেই
নিশ্চয়তাত

সমস্যা এয়ে যে, চাকৰিটো হেৰুওৱাৰ পিছত
তেওঁৰ ভোক লগা নাই, পিয়াহ লগা নাই
তেওঁ খাবলৈ পাহৰি গৈছে  

ঘৰখন মৰিশালি হোৱাৰ ভয়ত দিনৰ দিনটো তেওঁ
আঙুলিবোৰ লেপটপৰ কী-পেডত বুলাই আছে  
আৰু, আপডেট্ কৰা চিভিখন পঠিয়াই আছে
অ’লৈ-ত’লৈ, কিন্তু সমস্যা এয়ে যে, অতিমাৰীয়ে
মানুহক গোলামলৈ পৰিণত কৰে, আৰু দক্ষতাৰ
প্ৰয়োজন শেষ হয়

সেয়ে একেটা মেইলতে কিমানবাৰ পঠিয়ালে
তেওঁ চিভিখন, তাৰ হিচাপ নাথাকিল, কাম হেৰুওৱাৰ
পিছত ভোক আৰু পিয়াহৰ দৰেই
তেওঁৰ টোপনিও হেৰাল

এই কথা শুনি আপুনি কৈছে, আপুনিও কেতিয়াবা
শুব নোৱাৰে।কিন্তু আপোনাৰ টোপনি হেৰোৱা
আৰু ক’ভিড-১৯ অতিমাৰীত কাম হেৰুওৱাসকলে
টোপনি হেৰুওৱাৰ মাজৰ পাৰ্থক্যটো অনুগ্ৰহ কৰি
মন কৰিব। কিয়নো, অতিমাৰীয়ে মানুহক গোলাম
কৰি তোলে-- আৰ তেওঁ কোনোপধ্যে গোলাম 
হব খোজা নাই। দেখিছেনে, কিদৰে এতিয়াও তেওঁ
এটা সন্মানজনক বিকল্পকেই বিচাৰি আছে  

দুপৰ নিশা তেওঁ শোৱাপাটিৰপৰা উঠি গৈছে, আকাশৰ
বুদ্ধপূৰ্ণিমাৰ জোনৰ সতে বহু পৰ কথা পাতিছে
অৱশেষত পত্নী আৰু এমা-ডিমা ল’ৰা-ছোৱালীকেইটাৰ
কাষলৈকে উভতিছে তেওঁ। আপুনি চিলিং ফেনত
ওলমি দিয়াসকলৰ তালিকাত কেতিয়াও এজন
সাংবাদিকক নিবিচাৰিব--তেওঁ বিকল্পতহে জীয়াই
থাকিব, আৰু বিকল্প বিচাৰি লব

আৰু সেইবাবেই ক’ভিড-১৯ অতিমাৰীৰ সুযোগত
কামৰপৰা খেদি দিয়া এজন সাংবাদিকৰ বাবে
আপুনি দুখ নকৰিব  

08-05-2020