Thursday 7 May 2020




PIC- Sushanta Talukdar 

কোৱাৰনটিন্-৫

কোৱাৰনটিন্-ত কাম হেৰুওৱা সাংবাদিকজনৰ
কি হল বুলি আপুনি মোক সুধি আছে

এতিয়া তেওঁৰ  ভোক লগা নাই, পিয়াহ লগা নাই
কাম হেৰুওৱাৰ পিছত তেওঁ নিজৰ চিভিখন
আপডেট্  কৰি মেইল কৰিবলৈ লাগি গৈছে
আছে নেকি সদ্যহতে উশাহ লব পৰাকৈ কিছু সকাহ

পাৰ্ট টাইম, কেজুৱেল, অনুবাদৰ কাম,
ডিটিপি অথবা যিকোনো--তেওঁ এজন দক্ষ
সাংবাদিক, অভিজ্ঞ কিন্তু সমস্যা এয়ে যে,
অতিমাৰীয়ে মানুহক গোলাম কৰি তোলে
  
সেয়ে বিদায় দিয়াৰ সময়ত মালিকে দিয়া
তিনিটা মাহৰ দৰমহাৰ টকাকেইটা লিৰিকি-বিদাৰি
তেওঁ বিৰবিৰাই একেটা হিচাপকে কৰি আছে

তেওঁৰ ওঁঠৰ বিৰবিৰণিবোৰ নিচুকণি গীতৰ দৰে
লাগিছে নেকি আপোনাৰ? আপুনি তেওঁৰ বাবে
দুখ নকৰিব। তেওঁ সাংবাদিক। তেওঁৰ বাবে
সাংবাদিকতা চাকৰি নহয়— পছন্দহে জীৱনৰ

সমস্যা এয়ে যে, তেওঁ মহানগৰভাৰাঘৰত থাকে
এমা-ডিমা দুটি সন্তান স্কুললৈ যাবলৈ আৰম্ভ কৰিছে
আৰু ক’ৰ্পৰেট খণ্ডৰ চাকৰি কৰা পত্নীৰ সংস্থাপনো
ক’ভিড-১৯ অপদেৱীৰ সন্মুখত তেওঁৰ দৰেই
নিশ্চয়তাত

সমস্যা এয়ে যে, চাকৰিটো হেৰুওৱাৰ পিছত
তেওঁৰ ভোক লগা নাই, পিয়াহ লগা নাই
তেওঁ খাবলৈ পাহৰি গৈছে  

ঘৰখন মৰিশালি হোৱাৰ ভয়ত দিনৰ দিনটো তেওঁ
আঙুলিবোৰ লেপটপৰ কী-পেডত বুলাই আছে  
আৰু, আপডেট্ কৰা চিভিখন পঠিয়াই আছে
অ’লৈ-ত’লৈ, কিন্তু সমস্যা এয়ে যে, অতিমাৰীয়ে
মানুহক গোলামলৈ পৰিণত কৰে, আৰু দক্ষতাৰ
প্ৰয়োজন শেষ হয়

সেয়ে একেটা মেইলতে কিমানবাৰ পঠিয়ালে
তেওঁ চিভিখন, তাৰ হিচাপ নাথাকিল, কাম হেৰুওৱাৰ
পিছত ভোক আৰু পিয়াহৰ দৰেই
তেওঁৰ টোপনিও হেৰাল

এই কথা শুনি আপুনি কৈছে, আপুনিও কেতিয়াবা
শুব নোৱাৰে।কিন্তু আপোনাৰ টোপনি হেৰোৱা
আৰু ক’ভিড-১৯ অতিমাৰীত কাম হেৰুওৱাসকলে
টোপনি হেৰুওৱাৰ মাজৰ পাৰ্থক্যটো অনুগ্ৰহ কৰি
মন কৰিব। কিয়নো, অতিমাৰীয়ে মানুহক গোলাম
কৰি তোলে-- আৰ তেওঁ কোনোপধ্যে গোলাম 
হব খোজা নাই। দেখিছেনে, কিদৰে এতিয়াও তেওঁ
এটা সন্মানজনক বিকল্পকেই বিচাৰি আছে  

দুপৰ নিশা তেওঁ শোৱাপাটিৰপৰা উঠি গৈছে, আকাশৰ
বুদ্ধপূৰ্ণিমাৰ জোনৰ সতে বহু পৰ কথা পাতিছে
অৱশেষত পত্নী আৰু এমা-ডিমা ল’ৰা-ছোৱালীকেইটাৰ
কাষলৈকে উভতিছে তেওঁ। আপুনি চিলিং ফেনত
ওলমি দিয়াসকলৰ তালিকাত কেতিয়াও এজন
সাংবাদিকক নিবিচাৰিব--তেওঁ বিকল্পতহে জীয়াই
থাকিব, আৰু বিকল্প বিচাৰি লব

আৰু সেইবাবেই ক’ভিড-১৯ অতিমাৰীৰ সুযোগত
কামৰপৰা খেদি দিয়া এজন সাংবাদিকৰ বাবে
আপুনি দুখ নকৰিব  

08-05-2020


4 comments:

  1. সামপ্ৰতিক সময়ৰ ছবিখনত আপোনাৰ লিখনিয়ে মনত বাৰোকৈয়ে প্ৰভাৱ পেলালে।

    ReplyDelete
  2. আন্তৰিক ধন্যবাদ

    ReplyDelete