কিছু জীয়া সাধু, কিছু মৰি যোৱা সাধু
(প্ৰকাশ - নিবেদন, জানুৱাৰী, ২০১৮। সম্পাদনা - অৰিন্দম বৰকটকী। Published -Nibedan, January 2018 issue. Editor- Areendom Barkataki)
এজাক ব'ৰষুণৰ
মাজেৰে সৰকি আহোঁ।
ডাৱৰৰ বুকুৰ পৰা
সৰি পৰা পানী নহয় এয়া -- জীৱনে য'ত পোখা মেলে,
সাৰুৱা হয় মাটি। এয়া যেন তাহানিৰ যুগৰ বোকোচাত আমিয়েই
সাজি লোৱা চিকাৰীধনুৰে জাকি মাৰি অহা কাঁড়। ঘোঁৰাৰ গোবৰত
ঘাতকী বিৰিখৰ অনুপাণ মিহলাই, ওপৰদেৱতালৈ ধিয়াই
আমিয়েই সাজিছিলোঁ তাহানিৰ
বিষ লগা কাঁড় ।এনেকৈ
আমিয়েই আছিলোঁ দুদ্ধৰ্ষ, প্ৰাচীন
জনগোষ্ঠী।
এৰি অহা
মুৰংঘৰত জঁয়াৰ নিশা
উঠিব নেকি জাগি
আদিম টোটেম! মঙলতীৰ চ'ৰাত সাঁচিপতীয়া পুথিৰ
ঘাতকী নিদানে কেৰ-মেৰ কৰিব নেকি, আকাশলৈ
লেলিহান হব নেকি,
বতাহত আহিব নেকি
ভাহি কুটুম্বৰ মঙহৰ গোন্ধ ।
চিকাৰী চকুবোৰে
মেলি দিয়ে শুং। সন্দেহৰ
চকুবোৰে মেলি দিয়ে শুং।এঁওলোক বেদখলকাৰী! অবৈধ
বনাঞ্চল দখলকাৰী। জাকি মাৰি অহা
কাঁড়ৰ ব'ৰষুণেৰে সৰকি
আহোঁ। নাকত লাগে
আহি নৈয়ে চেলেকা গাৱঁৰ
পকা ডিমৰুৰ সুবাস।
চতিয়ানা ফুলাৰ নিৰ্য্যাস।
ভুঁইতলীৰ টঙীত খাবলৈ, পিবলৈ আৰু
মৰমীক চাবলৈ আকলুৱা হেঁপাহ।
তাত আমাৰ
গাওঁ আছিল। এই
কথা ভাবিলেই বুকুত ৰম-ৰমাই উঠে
ঢাপৰপৰা তুলি অনা
বিহলঙনী, বনৰীয়া শাকৰ আগ মিহলোৱা পিঠাৰে টল-মল আপং পানীৰ
গোন্ধ । চাঙৰ তলৰ সিজোৱা দানাত নোক - নোকাই
ফুৰা নোদোকা গাহৰিৰ
মাত। মৌগুটি উৰি
ফুৰা সৰিয়হ ফুলৰ
হালধীয়া গালিচা এখনে
দেও পাৰি উঠে।
ইয়াত চাং
নাছিল। আমি হেৰুৱাইছিলোঁ আমাৰ
মুখৰ বৰষুণ নমোৱাৰ
গীত। আকাশত উৰি
ফুৰা শুকুলা ডাৱৰ আৰু গিৰিসাই
নামি অহা ক'লীয়া ডাৱৰৰ
আবাহনী । পানীৰ জুৰিটি শুকাই গৈ চকুপানীৰ
শুকাই নহা জুৰি
হৈছিল।আৰু আমি হৈছিলোঁ
চাপৰি হেৰুওৱা হঁয়কলি পখী।
চাপৰি হেৰালে ক'তনো পাতিব
যোৰ হঁয়কলি পখীয়ে।সাজিব বাহ ।ফুটিব পোৱালি।
আমচাং! আমচাং!
চেগুন বনৰ পাত।
এজুপি এজুপিকৈ চেগুন গছ
ঢলি পৰিছিল। আমি
আমচাঙৰ পাহাৰত চোপ পাতিছিলোঁ। হে' চেগুন
বনৰ দেৱতা, থিতাপি লবলৈ আমাক এফেৰি শকতি দিয়া ।
পাখিলাহি পখিলাই উমলি থকা, ডালে-পাতে চেক- চেকী, মইনা চৰায়ে সুহুৰিয়াই
ফুৰা আমচাঙৰ চেগুন বনে
বুজা নাছিল আমাৰ দোৱনীয়া মাত। আমাৰো নাছিল গিয়ান চেগুন
বনৰ পখী, অজগৰ, চকৰিফেঁটি,
হৰিণ পহু আৰু উৰণীয়া কেৰ্কেটুৱাই কয়
কিনো সাঁথৰ। চেগুনৰ
গা চুই পাহাৰত
দঃঞি-পলই লুকা-ভাকু খেলিলে
তধা লাগি চাওঁ।
সেউজী পাতৰ মাজে
সৰকি আহে নেকি চকা-মকা সোণৰ চেকুৰা।
ঢপলা পাতৰ চন্দ্ৰতাপৰ মাজে
নেদেখা হৈ পৰে
নেকি তিৰবিৰ আকাশৰ
কাৰপুণপুলি । পানীত মুখ
চাই দঃঞি-পলই উঠা-নমা কৰিবলৈ
ইয়াত বৰনৈ- জীয়াঢল - বগীনদী নাই, অ' চেগুন। হস্তীদেৱতাৰ
লোদোৰ-পোদোৰ ভৰিৰ দৰে পোন তোৰ গা-গছ, হস্তীদেৱতাৰ
কাণৰ দৰে ঢপলা তোৰ পাত।
হস্তীদেৱতাই জাক পাতি
আহিলে চেগুন বনৰ পাহাৰখনে লৰক্-ফৰক্ কৰে ।
খহি পৰে আমাৰ
মূৰৰ ওপৰৰ চাল । চেদেলি-ভেদেলি হয়
বুকুৰ মেথনি, পাগৰ
নিচলা চৰু। আমি চাং
হেৰুওৱা মানুহ,
অ'
চেগুন।চকুৰ পচাৰতে অহা বানত
নৈয়ে অনা বালিয়ে তিনি হাতলৈ পুতিছিল
ভেটিৰ মাটি ।বৰষুণ নামি
সাৰ দিয়া পথাৰ ।
মথাউৰিত বহি মৰিবলৈকো
জেগা নাছিল। টকা ঘটি
খাবলৈ দিন হাজিৰা এটাৰো উপায়
নাছিল।
খৰালিৰ ৰ'দত
শুকাই, কৰ্কৰীয়া
মাৰি খহি পৰা তোৰ গাৰ
শুকান পাতৰ দৰে
আমাৰ গাতো এটি
জীৱন মৰে -- সাৰ
পাই উঠে জানো
আন এটি জীৱন। লাম-লাকটু বান্ধি চেগুনৰ বনত
লবলৈ আহোঁতে সংগোপনে
চোপ, দুখনি
ভৰিয়ে আমাৰ নদী হৈ
গাব খোজা নাছিল
যৌৱনৰ নিঃতম। এৰি
অহা সুঁতিলৈ ডিঙি
মেলি চাব পৰা
নাছিল। ঘূণাসুঁতি, জেংৰাইমুখত উপৰিপুৰুষৰ কবৰৰ
তলত আধা পুতি
এৰি অহা ডুখৰীয়া
জীৱনে হাত মেলি, ভৰি মেলি
ৰিঙিয়াই মাতিছিল মাথো
ঘনে ঘনে।
অচিনা ধূমুহাই কোবাই
ভাঙিছিল কুৰুৱা চৰাইৰ বাহ।
লাওপুলি বগোৱাৰ দৰে
বগাই আহিছিলোঁ । কোমোৰাপুলি বগোৱাৰ দৰে
বগাই আহিছিলোঁ। বতাহৰ সোঁতে সোঁতে ছাঁ হৈ আহোঁতে
কোঙা হৈ আহিছিল আমাৰ হাত
আৰু ভৰি। কোনে চিঙি নিব
খোজে ঘনে ঘনে
আশাৰ কুমলীয়া আগ। বনৰীয়া
জীৱৰ মাত-কথাৰ সাঁথৰ ভাঙি
ফুৰা চেগুনৰ বনে আমাক আদৰিব খোজা
নাছিল পহিলাতে । নদীত হেৰাই যোৱা
ৰূপালী বালিৰ চৰ যেন
বুকুৰ তৰাং খোলা চাব খোজা নাছিল পহিলাতে। ভৈয়ামৰ মুকলি নদীত
চৰি ফুৰা নাৱৰ
দৰে নিৰহ-নিপানিকৈ চলা-ফিৰা
কৰা আমাৰ হাত
আৰু ভৰিবোৰে শিকিছিল
পাহাৰত উঠা-নমাৰ নতুন নিয়ম।
খুপি খুপি খোজকঢ়াৰ
নতুন নিয়ম। পাহাৰত
গাঁত খান্দি খোৱাপানী
উলিওৱাৰ নতুন নিয়ম।
আধাকঠা মাটিৰ দখল
আৰু একোঠালি ঘৰতেই
সৰগী সপোন দেখাৰ বেথা
লগা নিয়ম ।
চেগুনৰ আঁৰে আঁৰে খুপি খুপি জীয়াই থাকিবলৈ শিকোঁতে বিতত হৈছিল জিভাৰ সাৱধানী মাত,
ডিঙিৰ ঘটিকাৰ সেপ।বনৰ
ৰখীয়াসৱে হাতত বন্দুক খাজি, চিকাৰী চকু পিন্ধি আহিব নেকি খেদি--এই কথা গুণি চকুৰ টোপনি হেৰাইছিল চকুতে ।
এৰি অহা চাপৰিত
ৰঙাবেলিৰ লগে লগে
ৰাঙলী হৈছিলোঁ নেকি --জোনৰ
লগে লগে জোনাকী হৈছিলোঁ নেকি --কুকুৰাৰ
ডাকৰ লগে লগে সাৰ পাই
উঠিছিল নেকি এই হিয়া --চেগুনৰ
কঠুৱা বনে এই কথা সোধা নাছিল পহিলাতে।
ইয়াত আমাৰ
কুটুম্ব নাছিল।আমি আছিলোঁ
দলনিত মেলি দিয়া
মাক হেৰুওৱা এজাক পোনামাছ ।কাৰ্চিং-কৰ্তাঙক সুমৰি পাহাৰৰপৰা
নামিছিলোঁ। এই মহানগৰীৰ এজন
হৈ খাবলৈ-ববলৈ,
টকা ঘটিবলৈ এমুঠি
নিনাও।ধূলি হৈ মিলিব
খুজিছিলোঁ বাটৰ ধূলিত।
ইমান মানুহ ।ইমান কোবাল এই
মহানগৰী। ইমান তীব্ৰ এই গতি । আকাশলৈ মূৰ দঙা
হাউলিৰ চুকে-কোণে বাহ সজা এন্ধাৰ আৰু পোহৰৰ লুকা-ভাকুত
টল-মল ইমান চতুৰ এই জীৱন।ভূ নাপাওঁ।ভূ
নাপাওঁ।সঁচা-মিছাৰ মায়াজালে আৱৰি
ধৰে চকু । হেৰাই
যাব খোজা কাৰ্চিং-কৰ্তাঙক সুমৰি
বুকু সাৱটি ধৰোঁ ঘনে ঘনে।
চেগুনৰ তলৰপৰা ওপজিপুৱাতে
আহি ছয়মাইলৰ শ্ৰমিকৰ
ডিপোত পাতিছিলোঁ শাৰী। বেচিছিলোঁ শৰীৰৰ
ঘাম সনা শ্ৰম। আহুধানৰ
ডাঙৰি টনা মোটোহা আঙুলি কয়লাৰ লেতেৰা ডিপো, বিস্কুটৰ কাৰখানা,
শ্বপিং মল আৰু কোম্পাণীৰ
শ্ব'ৰুমৰ ঘোপমৰা
এন্ধাৰলৈ পাৰি দিছিলোঁ।
বোকা আৰু মাটিৰে গোন্ধোৱা
গাত ওলোমাই লৈছিলোঁ
কোম্পাণীৰ খহটা ইউনিফৰ্ম
চোলা। ঘড়ীৰ কাটাত
চলা জীৱনত মিনিটৰ হীন-দেৰিৰ
হিচাপত কটা যোৱা দৰমহা
হিচাপ কৰোঁতে -- মালিকৰ হুটা মাত,
লেতেৰা মস্কৰা গা-
পাতি ধৰোঁতে চকু লৈ আহিছিল
নামি এৰি অহা
চাপৰিৰ নিকৰুণ নদী।
আহুধান নিৰোৱা আৰু
এৰি লেটা কটা
আমাৰ পাজি আঙুলিয়ে টকা ঘটিবলৈ
চুব খোজা নাছিল আনৰ ঘৰৰ চুৱা
বাচন-বৰ্তন। জীৱনৰ মহঙা দীঘ আৰু বাণি সুচল কৰিবলৈ সেয়ে একোঠলীয়া
জুপুৰিৰ কণমানি চোতাল আমি
গাঁঠিব খোজোতে ক'লা-ৰঙা - কলপতীয়া চানেকী সূতাৰে-- তুলিব খোজোতে তাঁতৰ
পাটত সৰিয়হফুলৰ পাহি --চেৰেকীৰ সেমেকা সূতাৰ চিকুণ
পাকত কাজী হৈ
উঠিব খোজা জীৱনৰ এচমকা
হাঁহি দেখি তধা লাগি
চাইছিল চেগুনৰ কঠুৱা বনে ।ঘৰুৱা বন সামৰি,
পাহাৰৰ এঢলীয়াত পতা
তাঁতৰ পাটত বহি
নিজৰ লগতেই লওঁতে
ভগাই এৰি অহা জীৱনৰ বেথা,
তধা লাগি চাইছিল
চেগুনৰ কঠুৱা বনে।পাতৰ নিয়ৰ কণা আৰু আমাৰ
শুকাই নহা চকুৰ পানী একেলগে
সৰোঁতে মাটিত, লাহেকৈ
আপোন হব ধৰিছিল আমাৰ সতে চেগুনৰ কঠুৱা
বনে। তেহে দেখিছিলোঁ আমি চেগুনৰ কঠুৱা গাত জাকি মাৰি থোৰ মেলা
কপৌফুলৰ পাহি।
দিন হাজিৰাৰ টকাই শুহি
নিছিল জীৱন।দিন হাজিৰাৰ টকাত জীপ লব খুজিছিল জীৱন।এৰি অহা চাঙৰ উম সনা
জুহাল আৰু পাহাৰৰ একোঠলীয়া জুপুৰিৰ এচুকৰ পাকঘৰত ওলমি আছিল
জীৱন ।বেপাৰীৰ গামলাৰ ইউৰিয়া
সাৰ খোৱা মিৰিকা- ভাঙনমাছৰ জুটিত জিভাই লব
খুজিছিল বাচি নৈৰ
পৰা তুলি অনা
কুঢ়িমাছ - লাইশাক জোলৰ সোৱাদ
।
চিকাৰী চকুবোৰে
মেলি দিয়ে সন্দেহৰ
কাইঁটীয়া শুং। কোন
এই নৈপৰীয়া অপৰাধী জাতি। মাটি
হেৰুৱাই, ভেটি হেৰুৱাই
ভাঙিবলৈ আহে আমচাং পাহাৰৰ
চেগুনৰ বন। তাঁতৰ
পাটত বোৱা ৰঙীন চাদৰ - মেখেলা ঘৰে
ঘৰে বেচি পায়
জানো অতগাল টকা। বাৰিষাই-খৰালিয়ে সুলভ হৈ
উঠা মহানগৰীৰ বাণিজ্য মেলাৰ
উচৱৰ চোতালে চোতালে মাছ পোৰা, গাহৰি পোৰা আৰু
কেকোঁৰা পোৰা বেচি
পায় জানো অতগাল টকা।
পোতোকা নপৰে কিয়
নদীৰ পাৰৰপৰা অহা
বুলি কোৱা বানে ভঙা গাভৰুৰ দুগালৰ
টোল। চেগুন বনৰপৰা ওলাই
অহা এছাটি বতাহে
ভৈয়ামলৈ নিয়ে নেকি উৰুৱাই
পাহাৰৰ সঁচা - মিছা সাঁথৰৰ
সাধু ।
কোৱাৰ মুখে, চিলাৰ মুখে
যায় নেকি বাগৰি
বতৰৰ ভয় লগা
খবৰ। কোৱাৰ মুখে, চিলাৰ মুখে যায়
নেকি বাগৰি আকৌ এবাৰ আমি
নিঠৰুৱা হোৱাৰ খবৰ। চলে নেকি ভয়
লগা জৰীপ, চেগুন বনত
চোপ পতা জুপুৰিঘৰৰ ।
চিকাৰী চকু
পিন্ধি, হাতত
বন্দুক খাজি,
চেগুনৰ পাহাৰ
লৰক ফৰক কৰিবলৈ
হস্তীদেৱতাক সষ্টম কৰি
ঘনে ঘনে কিয়,
অ'
আমাৰ ভোট খোৱা
স্বদেশৰ গৰাকী।মূৰত ওলোমাই দিয়হি আদালতৰ চমন ।বিতত হওঁ কাৰ হাতত ধৰি মুঠা বান্ধো ধৰিব নোৱাৰি। আহুধানৰ ডাঙৰি
বন্ধা, জীয়াই
থাকিবৰ বাবে এন্ধাৰৰ
বুকুলৈ পাৰি দিয়া
মোটোহা আঙুলিবোৰে আকাশৰ বুকুলৈ
মুঠি মাৰি উঠে।ডিঙিৰে ওলাই আহে
কাতৰ চিঞৰ -- তেজ দিম, মাটি নিদিওঁ।তেজ দিম, মাটি
নিদিওঁ।ডিঙিতেই মাৰ যায় কাতৰ চিঞৰ। লোহাৰ পঘাৰে বান্ধি ফাটেকলৈ
নিয়হি টানি,
অ'
আমাৰ ভোট খোৱা স্বদেশৰ
গৰাকী।মেলি দিয়হি জাতি-অজাতিৰ বীজ সিঁচা
চাতুকৰ পিয়দা । সোঁতৰ খাগৰি কঁপাৰ দৰে কঁপি উঠে বুকু, থৰ লাগে চেগুন,
নিজৰ ভিতৰতে শতৰু শালি দুৰ্বল হয় মন।
যৌৱন মেলিবলৈ নাছিল নেকি আমাৰ এটা হৰিণা অহাৰ বাট।
হৰিণা অহাৰ বাট!
যৌৱন উটুৱাই
দিয়াৰ অ' আমাৰ
হেঁপাহৰ হৰিণা অহাৰ বাট!
ৰাঁই - ৰুই নোহোৱা
ক'ৰ এজাক
শুকান বতাহ আহি
শুহি লয় আমাৰ
আত্ৰাণি! কোন
আদালতত হিচাপ উঠে -- ইমান
ইমান মাটি। আমাৰ জানো
জনা নাই কাৰ কাৰ
ভাগত পৰে কিমান কিমান
মাটি। আমি জানো দেখা নাই কাৰ হিচাপৰ খাতাত উঠে কিমান
কিমান মাটি। টকা ঘটি খাবলৈ আমচাং
হাবিৰ বুকুৰ সৌ চিমেণ্টৰ কোম্পাণীত আমিয়েই দিয়া নাই জানো গাৰ ঘাম আৰু শ্ৰম!
চুণশিলৰ গুৰিয়ে বাহ সাজি সিঁচি
দিয়া ক্ষয়ৰোগৰ বীজ বুকুৰ মাজত সানি লোৱা নাই! উশাহত লোৱা
নাই জানো চেগুনৰ বনলৈ
এৰি দিয়া কয়লাৰ কোম্পানীৰ
বিষ সনা ধূলিৰ
বতাহ! এনেকৈ
শুকাই লেৰেলা পৰা নাই জানো আহুধানৰ
ডাঙৰি টনা মোটোহা আঙুলি। আমাৰ জানো জনা নাই সন্দেহৰ
কাইঁটীয়া শুঙে নাপায় কিয় ঢুকি মজবুত
দেৱালৰ চিমেণ্ট আৰু কয়লাৰ কোম্পানী। থমকি ৰয়গৈ কিয়
তাত একচকেভেটৰৰ চকা।
আদলতৰ চমনত কিয় আহি
পৰে বাধা, মুখৰ কথাৰ হয়
লৰক্-ফৰক্ ।
নিশাৰ গাড়ী
আহি চেগুনৰ বন তচ-নচ কৰোঁতে,
বনৰ ৰখীয়াৰ সতে হলি-গলি
কৰি মাটিৰ দালাল আহি হাতত লওঁতে খাজি
কাহানিও চকুৰে নেদেখা এ কে ফ'ৰ্টি চেভেন বন্দুক--চেগ বুজি দখলী মাটিৰ নিচলা পৰিয়াল লাহেকৈ নিওঁতে উঠাই দূৰলৈ নিৰলে --একেচিটা
মাটিকেই হাজাৰজনৰ মাজত কৰোঁতে বেচা-কিনা—দুপ্ দাপ্ দুপ্ দাপ্ শৱদত কঁপি
উঠোঁতে পাহাৰ -- হৰিণা পহুজনী নিথৰ হঁওতে
--নিতাল মাৰোঁতে নিশাৰ পখিটিৰ কুৰুলি-- বুকুত উশাহ বান্ধি, এন্ধাৰ আৰু চেগুনৰ পাতৰ আঁৰত ল'ৰা- ছোৱালীৰ সতে
আমিয়েই জানো বচোৱা নাই আমাৰ পৰাণ। হোৱা জানো নাই আমি নিশাৰ এন্ধাৰত চেগুনৰ
বিৰিখৰ দৰেই নিথৰ, নিমাত।
চেগুনৰ পাতৰ এই চন্দ্ৰতাপৰ মাজে দেখি জানো তিৰ্ বিৰ্ আকাশৰ
কাৰপুণপুলি ।
এটা কোঠালিৰ জোখাৰে,
খুপি খুপি দিব
খোজা খোজকেইটাৰ জোখাৰে, আমাৰ উশাহৰ
জোখাৰে নাই নেকি -- নাই জানো এধানি
সোণসেৰীয়া মাটি এই দেশৰ মাটিত।চাপৰি হেৰোৱা আমি হয়ঁকলি পখী। লাওপুলি বগোৱাৰ দৰে বগাই
ফুৰোঁ। কোমোৰাপুলি বগোৱাৰ দৰে বগাই ফুৰোঁ। দুয়োহাত মেলি কিয় নোৱাৰোঁ ধৰিব
লৃগাঙৰ চাৰিমুঠি মেদেলা
শাকৰ আগ।উচৱৰ গেনা মানি নোৱাৰোঁ লব
এধানি জিৰণি। আমাৰ জীৱন
জানো দুহাতেৰে আজলিপাতি খাঁওতে
আঙুলিৰ ফাঁকেৰে সৰি পৰা বগীনদী-জীয়াঢল-বৰনৈৰ পানী।
তানিদেৱতাৰ সন্তান আমি
বসুমতীৰ গৰ্ভত এমুঠি আহুধান সিঁচাৰ আৱাহনী মাতিছিলোঁ নেকি--কম্বং ফুলাৰ মায়াসনাত উতনুৱা হৈছিলোঁ নেকি--বেজাৰত হেৰাইছিল নেকি এপতীয়া
হোৱাৰে পৰা, দুপতীয়া হোৱাৰে পৰা সাৰ দি, পানী দি মুখতেই
জীয়াই ৰখা যৌৱনৰ নিঃতম।আনে ঢুকি নোপোৱা যি বেজাৰে দহি নিলে জীৱন --নৈ হেৰোৱাৰ,
চাপৰি হেৰোৱাৰ, বাওধান দাবলৈ দ মাটি হেৰোৱাৰ, বনফৰিং- উইচিৰিঙা
পুৰি খাবলৈ নোপোৱাৰ।
আদালতৰ চমন লৈ,
পখৰা পোচাক পিন্ধি, হাবি সাজি আহ ।কাকনো
শতৰু সাজি বাৰে বাৰে পাত এই ৰণচালি। কন্দুৱা বতাহ মাৰি চেঁপি ধৰি আমাৰ নিশকতীয়া বুকু।ৰবৰৰ গুলীৰে চেদেলি-ভেদেলি কৰি প্ৰতিৰোধৰ দুৰ্বল বেষ্টনি। বিজয়ৰ ডংকাত কঁপি উঠে নেকি চেগুনৰ বন ।দুপ্-দাপ্ দুপ্-দাপ্ শৱদত কঁপি উঠে নেকি,
হিলৈ ফুটাদি ফুটে
নেকি, তল-ওপৰ হয় নেকি পাহাৰৰ বুকু ।হৰ্-হৰাই পৰে নেকি
সৰি ঘৰৰ বেৰ।মাউতৰ আদেশত
মজবুত শুঁৰেৰে সৰাই পেলাওতে নিচলা চালৰ টিন -- ঘৰ ভাঙিবলৈ টকা সাধি অনা হস্তীদেৱতাৰ
চকুৰে সৰ্ সৰকৈ নিগৰি আহে
নেকি পানী। বতাহৰ সোঁতে সোঁতে ছাঁ হৈ আহোঁতে মুখৰপৰা
হেৰাই যোৱা নিঃতমৰ লঠঙা সুৰে চেগুনৰ বুকুৱে-
পিঠিয়ে ধৰে
নেকি শালি ।
চিলঠ হোৱা হ'লে,
মাটি পেঞ্চিল হোৱা হ'লে নিজেই লিখিলোঁহেঁতেন নেকি বিধাতাই সাজি দিয়া
কপালত হেঁপাহৰ নতুন
লৃগাং।
নিগাজী ঠিকনাৰ কাগজ বুকুত
চেঁপি ঢপলিয়াই ফুৰোঁ সলনি কৰি কৰি ঘৰৰ ঠিকনা।ইমান শকতি তোৰ, ইমান শকতি ।চকুৰ
আগতে খহে,
চকুৰ আগতে ভাগে দুচকুৱে চাব খোজা আমাৰ সপোন।দাখন ধৰি লৈ
মাৰোঁ নেকি চোঁচা । একচকেভেটৰৰ চকাৰ
তলত অফলিয়াই মৰোঁ নেকি মূৰ।বুকুৰ মেথনি চিঙি
সাৱটি ধৰোঁ নেকি খহি পৰা নিঠৰুৱা ঘৰৰ বেৰ। ইচকুল কৰি অহা ল'ৰা- ছোৱালীবোৰে
চকুৰ আগতে ভাগি পৰা ঘৰটি দেখি উঠে নেকি উচুপি । হাততে
হেৰায় নেকি সপোন আমাৰ বুকুৰ চৰাইপোৱালি
ডাঙৰ কৰাৰ ।
আমচাঙৰ হাবিত চোপ পতা
মাটিৰ দালাল আৰু চোৰাং বেপাৰীৰ সতে
একাকাৰ কৰি আমাৰ বেজাৰ, মেচিনেৰে
খহাই দিওঁতে আমাৰ ভেটিৰ নিশকতীয়া বেৰ, একুৰা মঃনু-আৰৃগৰ জুই বুকুতে ভমকাই উঠি মাৰ যায় বুকুতে।
জুৰিটিৰ পানী শুকাই যায়।হৈ পৰে চকুৰ শেষ নোহোৱা পানী ।
নাড়ীৰ টুকুৰা চিঙি আহিব নলগাৰ
বাটেৰে বুলিলোঁ নেকি বাট। ধৰিলোঁ নেকি লাগি নৈয়ে অনা জীৱনৰ লেতেৰা জাঁজিত। উমান নাপাওঁ আমি
উমান নাপাওঁ, খেপিয়াই বুকু পাতি ধৰোঁ হেৰাই যাব খোজা কাৰ্চিং-কৰ্তাঙক
আমাৰ বুকুতে ।
জগৰ লাগিব নেকি সোধো যদি কিহৰ
বেজাৰত হেৰাল আমাৰ জীৱনৰ নৰাছিগা । উচৱৰ
চোতালত নপৰিল মিগমৰ দুভৰিৰ ধূলা । মিদাকৰ
জঃছাগ উফৰি পৰিল । নতুন চাঙৰ পহিলা
বোৱাৰী পমা গছৰ
জখলাৰে আহিল পিছলি । চাপৰি হেৰোৱা
আমি হয়ঁকলি পখী,
অ' আমাৰ
ভোট খোৱা স্বদেশৰ
গৰাকী। কম নেকি এবাৰ ‘ওভতাই দে'
বুলি এৰি অহা
জীৱনৰ হেপাঁহৰ পঃৰাগ, অ' আমাৰ ভোট
খোৱা স্বদেশৰ গৰাকী।
হাবিৰ ৰখীয়াৰ দলে হাতত
বন্দুক খাজি দিছেহি টহল হাবি সাজি আহি ।দখল ওফৰাই বনৰ মাজত পাতিছে বেটেলিয়ন কেম্প।খৰালিৰ শুকান
মাটিয়ে লৈছে শুহি আমাৰ নিকৰুণ গাথা। ইমান
কোলাহল। উচ্ছেদ চলাবলৈ আৰু উচ্ছেদ চাবলৈ আজি ইমান হেঁপাহ। ইমান মানুহ আহি কৰিছেহি ভিৰ ।ইমান
কথাৰ আখৈ আজি ফুটিছে মুখত ।
হাতে হাতে হাতৰ মুঠিত
ফুৰিছে ঘূৰি আমচাং পাহাৰৰ ‘জি আই এচ'
মেপ।
ইমান নিজান এই বুকুৰ ভিতৰ
। চাপৰিত দি অহা কবৰৰ দৰে ইমান খালি এই মনৰ ভিতৰ। পৰি আছে ভঙা-ছিঙা ঘৰৰ দেৱাল।কৰতেৰে
কাটি থোৱা তাঁতৰ শালত ওলমি আছে জঁট লগা জীৱনৰ সূতা।শিলেৰে পুতি থোৱা খোৱাপানী উলিয়াবলৈ পাহাৰত খান্দি লোৱা
গাঁত। চেদেলি-ভেদেলি হৈ ইচকুলৰ কিতাপ।
ৰাতিটো আহিছে
নেকি নামি হাত-ভৰি মেলি। তিৰ্ বিৰ
আকাশত সাজিছে নেকি
কাৰপুণপুলি! পাহাৰৰ বুকুৰে
নামি গৈ দঃঞি , উঠি আহিছে
নেকি পঃল এই জোনাকী ৰাতি ।চকুলৈ আহিছে নেকি উঠি সোঁতে সোঁতে এৰি অহা ঠেৰুছিগা জীৱনৰ ছয়া-ময়া সপোন। এখনি
চেগুনৰ বনে বাট ভাঙি মেলিছে নেকি মথাউৰিলৈ উভতি যোৱাৰ বাট -- দুহাতত তুলি লৈ উচ্ছেদৰ টোপোলা।
পুতি থৈ আহিছোঁ নেকি
চাপৰিৰ কবৰত কুটুম্বৰ নিথৰ দেহা । মথাউৰিত বহিবলৈ
খেলিছে নেকি তেজৰ খেল,
আকাশলৈ লেলিহান হৈছে নেকি, বতাহত আহিছে নেকি
ভাহি মঙহৰ গোন্ধ ।
সাৰে আছোঁ, সাৰে
আছোঁ এই উজাগৰী ৰাতি চেগুনপাতেৰে সৰা নিয়ৰৰ সতে চকুপানী টুকি।
ষাড়গৰুৰ হাড়ত লিখি থোৱা
কোনোবা কালৰ কণা-মুণা বুৰঞ্জীত উঠিছে
নেকি বিনাই দুচলীয়া চাংঘৰৰ আদিম গাথাই ।
সাৰ পাই উঠিছে নেকি মুৰংঘৰৰ মাৰলিত তাহানিৰ দেৱতাই ।মঙলতীৰ চ'ৰাত চেঃদৃ-মেল'
আমাৰ আদিপিতা
আৰু আদিমাতাই দিছে নেকি পুনু এটি অপায়ৰ বতৰা -- চেগুনৰ বনৰপৰা উফৰি
পৰাৰ।
কাৰপুণ্ পুলিয়ে সজোৱা এই ৰাতি জোনৰ লগে লগে আকউ এবাৰ হওঁ নেকি জোনাকী
-- হেৰাই যোৱা কুকুৰাৰ
ডাকৰ লগে লগে সাৰ পাই উঠোঁ নেকি--নদীৰ সোঁতে সোঁতে উজাই ধৰোঁ নেকি একাঁজলি হেঁপাহৰ পানী।
যৌৱন মেলিবলৈ যাঁও নেকি
বিচাৰি নতুন এটা হৰিণা অহাৰ বাট।
অ'
আমাৰ ৰাই-ৰুই নোহোৱাৰ নিজানত যৌৱন উটুৱাই দিয়াৰ আকূল
প্ৰাণৰ বাট।
হৰিণা অহাৰ বাট!
-------------
(টোকা -- দঃঞি-পঃল-মিছিংসকলৰ আৰাধ্য দেৱতা জোন আৰু বেলি।মিদং-বিয়া, জঃছাগ -বিয়াৰ
নিশা দৰা- কইনাই গ্ৰহণ কৰা পবিত্ৰ আহাৰ, কম্বং - নৰাবগৰী,
মিছিংসকলৰ
মৰমৰ নৰাবগৰীৰ ফুল ফুলিলে বহাগ অহাৰ
বাতৰি আহে, নিঃতম--গীত, অইঃনতিম- প্ৰণয়ৰ
গীত, লৃগাং- আলি-আয়ে-লৃগাং, মিছিংসকলৰ গুটি
সিঁচাৰ পৰৱ, নৰাচিগা অথবা
পঃৰাগ -- শস্য চপোৱাৰ পৰৱ, মিগম -- আলহী,
কাৰপুণপুলি -- আকাশৰ
তাৰকাৰাজ্য, মঃনু-আৰৃগ --
ঝুম খেতি, একালত মিছিংসকলে
পথাৰত জুই লগাই ঝুম খেতি কৰিছিল, চেঃদৃ-মেল'
মিছিংসকলৰ আদিপিতা আৰু
আদিমাতা, গেনা - উচৱ আদিৰ পিছত
বা বিভিন্ন উপলক্ষ্যত
কেইদিনমান কাম- বন বন্ধ কৰি গেনা
মনা হয়। ‘জি আই এচ' মেপ - গ্লবেল
ইনফৰমচেন চিষ্টেম মেপ।
নৈপৰীয়া মিছিংসকলৰ
পৰম্পৰাগত বিশ্বাস,
উচৱ- পাৰ্বণ,
ৰীতি- নীতিৰ
অধাৰত থকা গীত- মাত- বিশ্বাস আৰু
লোকাচাৰৰ আধাৰত এই গল্পৰ কেইবাটিও চিত্ৰকল্প নিৰ্মাণ কৰা হৈছে। শ্ৰদ্ধাৰ
লিখকসকল ক্ৰমে টাবুৰাম টাইড, নাহেন্দ্ৰ পাদুন,
গণেশ চন্দ্ৰ মিৰিৰ কেইবাটিও প্ৰৱন্ধ
আৰু গ্ৰন্থৰ সহায় লোৱা হৈছে। এই বিশিষ্ট
লেখকসকললৈ অশেষ কৃতজ্ঞতা
জনালোঁ।]
ৰত্না ভৰালী তালুকদাৰ
নৱাজউদ্দিন মিঞা আৰু মই য'ত কথা পাতিছিলোঁ, সেয়া আছিল অপাৰ জলভূমিৰ মাজৰ এডোখৰ মৰুময় তপত বালি। এইমাত্ৰ নৈ নামি যোৱা বালিডোখৰ পাৰ হঁওতে ভৰি দুখন বাৰে বাৰে পলসত সোমাই গৈছিল। পিঠিৰ লেপ - টপ বেগ, ডিঙিৰ ডিজিটেল কেমেৰা, হাতনি বেগ আৰু কেমেৰাৰ ষ্টেণ্ডডালৰ ভাৰ চম্ভালি কোনোমতেই খোজ কাঢ়ি সেই পলসৰ দেশ পাৰ হ'ব পৰা নাছিলোঁ। ৰু - ৰুৱাই বলিছিল বতাহ । কিছুদিনৰ আগতে নৈ নামি যোৱাৰ পিছত বালি শুকাই পৰা ওখ ঠাইবোৰৰপৰা বতাহে আচলত বালিকণা উৰুৱাই আনিছিল । গৰু নে ম'হ এটাৰ ওফ ন্দি উঠা শ এটা নদীৰ পানীত ভাহি আহিছিল। বতাহে উৰুৱাই অনা ধাৰ থকা বালিৰ কণা আৰু ওফন্দি উঠা শ- টোৰ গেলা গোন্ধেৰে গোটেইখন ধুৱলী - কুৱঁলী হৈ পৰিছিল। আমাৰ দুয়োৰে মূৰৰ ওপৰত আছিল ভৰ দুপৰৰ বেলি।
মজিয়ালৈ দলিয়াই দিয়া থু আৰু খেকাৰত লাগি থকা সেই বীজাণু বতাহত ওপঙি ফুৰিছিল। নিশা টুকুৰা - টুকুৰ হৈ পৰা চিয়ঁৰ একোটাৰ সৈতে সিহঁতে চেঁচুকৰ এন্ধাৰত ঘিণ লগা বীৰ্য এৰি আহিছিল। সমাজে অনুমতি নিদিয়া কদাকাৰ কামবোৰ কৰি সিহঁতে যি নিঃকিন কাগজী মুদ্ৰা উপাৰ্জন কৰিছিল, তাত গান্ধীবাপুৰেই বিৱৰ্ণ চিত্ৰপট এখনি খোদাই কৰি থোৱা আছিল।
আহ নৱাজউদ্দিন মিঞা, জোনবাই চুই চাওঁ
নৱাজউদ্দিন মিঞা আৰু মই য'ত কথা পাতিছিলোঁ, সেয়া আছিল অপাৰ জলভূমিৰ মাজৰ এডোখৰ মৰুময় তপত বালি। এইমাত্ৰ নৈ নামি যোৱা বালিডোখৰ পাৰ হঁওতে ভৰি দুখন বাৰে বাৰে পলসত সোমাই গৈছিল। পিঠিৰ লেপ - টপ বেগ, ডিঙিৰ ডিজিটেল কেমেৰা, হাতনি বেগ আৰু কেমেৰাৰ ষ্টেণ্ডডালৰ ভাৰ চম্ভালি কোনোমতেই খোজ কাঢ়ি সেই পলসৰ দেশ পাৰ হ'ব পৰা নাছিলোঁ। ৰু - ৰুৱাই বলিছিল বতাহ । কিছুদিনৰ আগতে নৈ নামি যোৱাৰ পিছত বালি শুকাই পৰা ওখ ঠাইবোৰৰপৰা বতাহে আচলত বালিকণা উৰুৱাই আনিছিল । গৰু নে ম'হ এটাৰ ওফ ন্দি উঠা শ এটা নদীৰ পানীত ভাহি আহিছিল। বতাহে উৰুৱাই অনা ধাৰ থকা বালিৰ কণা আৰু ওফন্দি উঠা শ- টোৰ গেলা গোন্ধেৰে গোটেইখন ধুৱলী - কুৱঁলী হৈ পৰিছিল। আমাৰ দুয়োৰে মূৰৰ ওপৰত আছিল ভৰ দুপৰৰ বেলি।
ক'লা
ৰঙৰ
বোৰ্খা
পিন্ধি
মহিলাৰ
দল
এটা
ধীৰে
ধীৰে
শাৰী
পাতি
গৈ আছিল।
শুকান দেহ।
ৰ'দত শুকাই চৌ- ফলীয়া হোৱা
একোচটা
কাঠৰ দৰে । পাৰত ৰৈ
থকা কেৰাছিন তেলেৰে
চলা
মেচিন
লগোৱা
চেল'
নাৱত উঠি সিহঁত
টাউনলৈ
যাব । বতাহত
বাৰু
সিহঁতৰ
ঘামে
ভিজা
শৰীৰৰ
টেঙা টেঙা
গোন্ধটো
ভাহি
আহিছে
নেকি।
ক'লা ক'লা বোৰ্খাৰ
তলত
এই
দুপৰৰ টৌ টৌ
ৰ'দজাক
মূৰত
লৈ
সিহঁতক
হাড়গিলাৰ
জাক
এটা
যেন
লাগিছিল ।
হঠাতে মোৰ
শৰীৰত
সিদিনা
লগ
পাই
অহা
এনে
এধানি
এধানি
হাড়গিলাৰ
জাক
এটা
খপ- জপাই
উঠিল।
চৰৰ
বুকুৰে
ওলাই
আহি
নৈৰ
পাৰৰ
তৰ্জাবেৰৰ
ঘৰৰ
তলত
পৰি
থকা
এধানি
এধানি
এজাক
হাড়গিলা । কোনে পেলাই থৈ
গ'ল।
নৈ ভাঙি
হেৰোৱা
পঁজাবোৰৰ
শূন্যতাই
টানি
আনিলে
নেকি।
ইমান অসহায় ! যে,
নিজৰ
ছাঁটো দেখিও
উচপ
খাই
উঠিছিল।
ক'লা
বোৰ্খাই
ঢাকি
ৰখা
দেহৰ
তলত
পিৰিকিয়াই
থকা
চকু
কিছুমানহে
ওলমি
আছিল।
ইমান
নিৰ্মল
আৰু
বিষাদে
ধোৱা চকু । মই
নিজৰ
চকু
তললৈ
নমাই
আনিছিলোঁ। বোৰ্খাৰ
তলৰপৰা
মই
দেখা নোপোৱা ওঁঠবোৰেৰে
সিহঁতে
কিছু
প্ৰশ্নৰ
উত্তৰ
দিছিল। যেন
উৰুঙা
বাটত
মৰণৰ
সংগীতে
আৱৰি ৰখা
এক
শোভাযাত্ৰাৰ
মাজেৰে
অহা- যোৱা
কৰিছিলোঁ। এখনি
ভয়ংকৰ
ছবিয়ে
মোৰ
সমুখত
অগা- দেৱা
কৰিবলৈ ধৰিছিল।
বোৰ্খা
ভেদি
স্পষ্টকৈ
দেখিবলৈ
পাইছিলোঁ
কঁপি
কঁপি
ফুলি
উঠিব ধৰা
পদুমকলিৰ
দৰে
নতুন
বুকু। অনুমান কৰি
লৈছিলোঁ অচিৰেই
তচ - নচ
হৈ
পৰিবলগীয়া
কুমলীয়া
জৰায়ুবোৰ । যেন ফুটিয়াই
খাবলৈ
দিয়া
ৰবাব টেঙাৰ কোঁহ।
তেজত ওঁঠ
পখালি
ৰাঙলী
হৈ
পৰিব
নেকি
সময়।
এখন
বেচৰকাৰী
আৱাসিক
মাদ্ৰাচাৰ
তলত
পাঁচ
ৱক্ত
নামাজ। ধৰ্মীয়
তালিম।
মচোৱা গোম
সাপৰ
দৰে
চুচৰি ফুৰা
গুজৱ । আৰু
কি,
আৰু
কি।
কাঁড়ৰ
দৰে
হৈ
উঠিছিল চাটি - ফুটি
কৌতূহল । ৰঙা-
নীলা-
হালধীয়া- সেউজীয়া
কুৰুচা
সূতাৰে কৰা
কিছুমান চানেকি
সিহঁতে
তুলি
ধৰিছিল। পাঁচ
ৱক্ত নামাজৰ
মাজে
মাজে
ঠুনুকা
আঙুলিৰে কৰা
বৃত্তিমুখী শিক্ষণৰ
চিন।
তাজমহল,
টুপী,
টেবুল
ঢাকনি । এধানি এধানি
চকুবোৰে
নিজৰ
হাতেৰে
তৈয়াৰ
কৰা
কুৰুচা
সূতাৰ
ঐশ্বৰ্য - বিভূতি
দেখুৱাই
মোৰ
প্ৰশংসাৰ
দাবী কৰিছিল। কেনে
আছিল
মোৰ
সেই
পৰাজয় যে -- বুকু ফাটি চুৰ্চমৈ
হৈ পৰিব খুজিছিল, অথচ দূৰত্ব ইমান বেছি
যে বোৰ্খা ভেদি যাচি দিব নোৱাৰিলোঁ এটি চুমা । কি এই হাহাকাৰ
যে সময় শিল হ'ল --
আৰু মই নতজানু
হৈ ৰ'লোঁ সন্দেহ
আৰু আশংকাৰ চুচৰি
ফুৰা এডাল মচোৱা গোম আৰু ইতিহাসৰ ভাঙিব নোৱাৰা সাঁথৰ সমুখত লৈ।
- “ওলাই আহক! ওলাই আহক! আপুনি দেৰি কৰিছে।”
সময় শেষ
হৈছিল। পহৰা দি থকা কঠুৱা মাত কি ছুমান
বাহিৰৰপৰা ঠহৰ ঠহৰকৈ কাণলৈ সোমাই আহিল। পদুম কলিৰ
দৰে ফুলি উঠিব খোজা
বুকু, কুমলীয়া জৰায়ু,
আৰু চকুবোৰ মোতকৈও
বেছিকৈ চক খাই উঠিল। একমাত্ৰ
মহিলা গৱেষকৰ পৰিচিতিটোৰ সুবাদতেই
এই ব্যক্তিগত প্ৰচেষ্টাৰে চলা আবাসিক
মাদ্ৰাচাটিলৈ আহিব পাৰিছিলোঁ । কথা হবলৈ মাথো
দহ মিনিট সময় দিয়া হৈছিল।
এই দহ মিনিটৰ ইতিহাস
পাৰ হৈ বোৰ্খাৰ তলৰ
চকুবোৰ ৰেপি ৰেপি মোৰ শৰীৰৰ ভিতৰলৈ
সোমাই পৰিল। থাকি থাকি এধানি হাড়গিলাৰ বোৰ্খাৰ তলৰ চকুবাৰে
মোৰ শৰীৰত পিৰিকিয়াই উঠিল।
জানো জানো বোৰ্খাৰ তলৰ জৰায়ু আমাৰ গোপন গৱেষণাৰ
বিষয়।
এদেও দুদেও কৈ নামিছিল
নৈ। পানী যুৱলিত কেইটামান ডৰিক চৰাই আপোনমনে উমলি আছিল। নামি যোৱা
নৈৰ কিছু
কিছু অংশত চৰবাসী মিঞাসকলে কৰা খেতিৰ মাটিৰ বড়ো ধানৰ আগলিবোৰেৰে
জিৰ জিৰকৈ বতাহে ঢৌ
খেলাই আছিল। যেন ৰূপালী বালিৰ ওপৰত
পাৰি থোৱা সেউজীয়া
বিচনাচাদৰ। হাত মেলোঁ, চুই চাওঁ ঢৌ খেলি থকা এই ধাননিৰ জিৰ্ জিৰ্ স্থাপত্য।
বাৰে বাৰে পলসত সোমাই
পৰিছিল ভৰি । মোৰ দূৰ্গতিৰ প্ৰতি
সমূলি কাণসাৰ নাছিল নৱাজউদ্দিন মিঞাৰ।
এযোৰ চাফাৰী চ্যুট পিন্ধিছিল সি। ভৰিত
ৰবৰৰ চেণ্ডেল। অথনি নৈৰ সিটো পাৰৰপৰা
মোক আনিবলৈ যাওতে সি ডিঙিত
এখন ফুলাম গামোচা
ওলোমাই লৈছিল আৰু এতিয়া সেইখনকেই
মুৰত মাৰি লৈ ৰ'দ আৰু বতাহৰপৰা ৰক্ষা পাব খুজিছিল।
বতাহৰ সোঁ-সোৱনি ভেদি নৱাজউদ্দিন মিঞাই কি কব খুজিছিল মোৰ কাণত সোমোৱাহি
নাছিল। অকণো মেদ নথকা তাৰ অভ্যস্ত
শৰীৰটোৱে পলসৰ ওপৰেৰে জপং জপংকৈ
খোজ দি
মোতকৈ বহুদূৰ আগবাঢ়ি গৈছিলগৈ।
এই এটা মানুহৰ পিচে পিচে আগবাঢ়িছিলোঁ । এই বতাহ, এই
মৰুময় তপত বালি, এই টৌ টৌ ৰ'দ, এই নৈৰ বুকুত বাৰে বাৰে উফৰি পৰা জীৱন, এইমাত্ৰ নামি যোৱা নৈৰ বুকুৰ পলসত পোত যাব খোজা ভৰি
-- এনে লাগিছিল যেন
এই সকলোবোৰৰ বিৰুদ্ধে
যুঁজিবলৈ নৱাজউদ্দিন মিঞাই
তাৰ চাৰে ছয় ফুটৰ শৰীৰটোকেই
ঢাল কৰি লৈছিল।
ইমান অবিচলিত! যে, একোৱেই টলাব পৰা
নছিল। লগ
পোৱাৰপৰাই কোনোবাখিনিত নৱাজউদ্দিন
মিঞাৰ প্ৰতি এক সহজ আত্মীয়তাৰ
সুৰ অনুভৱ কৰিছিলোঁ।
এই আত্মীয়তা যেন বতাহৰ
শূন্যতাত কঁপি থকা এডালি লাহি সূতা । এইযে বানে গৰকা
জীৱন। নৈয়ে সামৰি লব খোজা ঠগী। ৰাতিৰ
বুকুত নৈৰ গৰা সৰি পৰা । লঘোণে - উজাগৰে মৰা নাছিল আমাৰ কীৰ্তনঘোষাৰ একুট একুট সাধু । বুকুৰ
উশাহ বুকুত গিলি জীয়াই আছিল
। কি কি
নৈ পাৰ হৈ আহিলোঁ,
যে আমি পাতিব পাৰিলোঁ
অতবোৰ কথা। স্বগতোক্তিৰ নৈ নেকি!
যে, নিৰৱধি বৈ থাকে বুকু জুৰি । কি এই ইকৰা পাতৰ পাল তৰা নাৱত উঠোঁ, নামোঁ --
য'ত আমাৰ বাবে ৰৈ নাথাকে
এষাৰ নিচুকণি। আহিছিল
নেকি মৰি এই পানী। এৰা,
পানী মৰে । পানী মৃতক হয় । দুৰ্গন্ধ ওলায়। ঐ নৱাজউদ্দিন
মিঞা, পানী মৃতক হয়
। আৰু তোৰ গাত পোত গৈ থকা হাজাৰটা কবৰ সাৰ পাই উঠে
।
মোৰ গাতো হবলা পোতা কবৰত বাহ সজা পোকবোৰে
লেউ লেউ কৰে ।
নৱাজউদ্দিন মিঞাই ৰসিকতা কৰি বাৰে বাৰে কৈছিল --
‘তহঁতৰ
এইচ
কাষ্টৰ
মানুহবোৰ...তহঁতৰ এইচ কাষ্টৰ মানুহবোৰ। ' বহু দেৰিলৈকে কথাটো বুজি পোৱা নাছিলোঁ। তাৰপিছত ঘপ কৰে মনলৈ আহিছিল, ‘এইচ কাষ্ট' -- এক পৰিচিতি। নাই নাই । হাহাকাৰ কৰি দিছিলোঁ । কি দৰকাৰ মোক এই পৰিচিতিৰ । ওপজাৰ সময়ত আমি কি সাজ পিন্ধোঁ । শুন। ওপজোঁতে আমি সকলো নাঙঠ। তাৰ পিছত দিয়া
হয়
হাড়গিলাৰ
পোচাকৰ
দৰে
পৰচিতিৰ আপচু সাজ। কিন্তু নৱাজউদ্দিন মিঞা এখন ভয়ংকৰ দাপোন হৈ উঠিছিল । আমাৰ হাতত আমোঘ শকতি -- এখন দেশৰ
নিগাজি ঠিকনা।
সুৰক্ষিত
ধৰ্ম। আৰু সি নিজে ! এই দেশৰ চৰৰ বুকুৰ এজন মিঞা । যি নিগাজি হৈও ঠিকনাবিহীন হৈ ৰ'ল দেশৰ
ইতিহাসত । বা, ঠিকনা থাকিও যি নিগাজী হব নোৱাৰিলে। অথবা, এই দুয়োটা বাগধাৰাত পাভ লুটি খাই ওলমি ৰ'ল। ক'ৰপৰা উঠি আহিছে এই ইতিহাস । এটা এটাকৈ সি জীৱনৰ এঘাৰটা সাধুকথা মোৰ
দুহাতত
তুলি দিছিল। প্ৰতিটো সাধু একেটা সাধুৰেই পোৱালি আছিল। আজলি পাতি লৈছিলোঁ নৈয়ে গিলা বালিৰ দৰে জৰ জৰকৈ আঙুলিৰ ফাঁকেৰে সৰকি পৰিব খোজা
সেই
সাধু। এই নৈয়ে জাৰজ পোৱালিৰ দৰে বাৰে বাৰে সিহঁতক প্ৰত্যাখ্যান কৰিছিল। কাঠৰ ফ্ৰেমত গজালি লোৱা টিন পাতৰ
ফ'ল্ডিং ঘৰবোৰ নাৱত তুলি দি, বকুত বান্ধি লৈ এটা চৰৰপৰা আন এটা চৰলৈ
ঢপলিয়াই
ফুৰিছিল। মৰাখেতিৰ ঠানিৰে সজা ঘৰবোৰত অনেক প্ৰজন্মই পাৰ কৰি অহাৰ পিছত বহু কষ্টে থিয় কৰোৱা এই টিনৰ ঘৰবোৰ কেনেদৰে হৈ পৰিছিল চৰৰ বুকুৰ সম্ভ্ৰান্ত জীৱনৰ প্ৰতীক ! আৰু নৈয়ে কিমান নিষ্ঠুৰ খেল খেলিছিল । ঘণ্টাদিয়েকৰ ভিতৰতে কাঠৰ ফ্ৰেমৰ পৰা সোলোকাই নাৱত তুলি
নি
নতুনকৈ
বহা
চৰত
কোনোবা
এটি
ঘৰ
তুলিছিলগৈ । গোহালিৰ গৰু, ম'হ, বাহৰ পাৰ - হাঁহ - কুকুৰা । নতুনকৈ লগোৱা সৌৰশক্তিৰে চলা লাইট, ফেন, নতুনকৈ কিনা টেলিভিশ্যনৰ চেট । জীৱনৰ ছয়ত্ৰিশটা বছৰ আৰু এঘাৰ বাৰ ঘৰ সলোৱা। হয় হয়।
এঘাৰটা
সাধুকথা
একেটা
সাধুৰেই
পোৱালি
আছিল । উঘা আৰু চেৰেকীৰ মাজত ঘূৰি ফুৰা জঁট লগা সূতাৰ দৰে
। পানীৰ বুকুত জাহ যোৱা আৰু উঠি অহা অলেখ ইতিহাস নিৰহ - নিপানী
হৈ
উঠিছিল। বেলিয়ে লাহ দিছিল। হেঙুলীয়া আভাই চৰৰ বুকু
আৱৰি ধৰিছিল। নদীৰ পানীত শুই পৰিছিল সূৰ্য।
নিচা
খাই
ৰাগী
লগা
জীৱৰ
দৰে
আমি
সেই
ইতিহাসৰ
বুকুৰে
চলা - ফিৰা কৰিবলৈ ধৰিছিলোঁ। উশাহ গোটা হৈ আহিছিল।
কি
এই
মহাৰ্ঘ
সময়ত
আমি
এই
ঠাইতে ৰৈ নিজকে চাইছোঁ, -- যে নৈৰ প্ৰতি তাৰ নাই ঘৃণা, নাই
অভিমান
-- মোৰ দৰেই ! যে , -- সি ভাল পায় নৈৰ বুকুৰ চৰ, চৰৰ বুকুৰ কহুৱা, কহুৱাৰ বুকুৰ বতাহ আৰু বতাহৰ বুকুত পাল তৰি ফুৰা
এইখনি
আকাশ - মোৰ দৰেই!
নৈ আমাৰ বুকুৰ সাকোঁ। লেপটপৰ বুকুত কোনখন প্ৰতিবেদনে লিপিবদ্ধ কৰিব এই কথা । ডিজিটেল কেমেৰাই কোনটো ফ্ৰে'মত
বান্ধি
থ'ব এই ছবি । ইণ্টাৰনেটৰ মায়াপী জালিকাই ক'লৈ
কঢ়িয়াই
নিব
এই
বতৰা । যাঃ , দলিয়াই দিলোঁ। আহ নৱাজউদ্দিন মিঞা এই সাকোঁত উঠোঁ।
পৰিচিতিৰ
সাজ - পোচাক দলিয়াই মুখামুখি হঁও লঠঙা সত্যৰ। সিহঁতে সত্য মৰি যোৱা বুলি ঘোষণা কৰিছে । আৰু মৰি যোৱা সত্যৰ
পিচৰচোৱা
ইতিহাস
বিচাৰি
মই
ইয়াত
ঘূৰ্মুটিয়াই ফুৰিছোঁহি।
চা,
সত্য
মৰি যোৱা বুলি ঘোষণা
কৰি
সিহঁতে
কেনেকৈ
সৱ
কথা
সহজ
কৰি
পেলাইছে। চাল্লা বাংলাদেশী দালাল, ভাবিছ নেকি সিহঁতে আকাশৰ বুকুত কংক্ৰিটৰ ছাদ সাজি তহঁতক তুলি থ'ব·
এই
নৈৰ
বুকুৰে
তেজৰ
আৰু এখন নৈ বৈ যাব।
কাটি
উটুৱাই
দিব তহঁতক । এই চুচৰি - বাগৰি, লঘোণে - উজাগৰে
গোটোৱা তোৰ এম ফিল, পি এইচ ডি --
এই তোৰ চৌখিন ব্লগ -- সৱ মৰি যোৱা সত্য হ'ব। মৃতক হ'ব নৈ, দুৰ্গন্ধ ওলাব
।
ভেঙুচালি কৰিব খুজিও শেহলৈকে কৰুণ হৈ আহিছিল মোৰ মাত।এই বীভৎস ৰসিকতাত নৈ উচপ খাই উঠিছিল। ৰাতিৰ বুকুত ঠলৰকৈ সৰি পৰিছিল এচপৰা গৰা। কিন্তু সিহঁতে মৃত্যু ঘোষণা কৰিব পাৰিলে নেকি
এই
নৈৰ, নৈৰ বুকুৰ চৰৰ, চৰৰ বুকুৰে উঠি অহা জোনৰ -- এইবুলি সি ৰসিকতাটো মোলৈ ঘূৰাই দিছিল। আমাৰ মূৰৰ ওপৰেৰে আকাশত ধাৰাল কাঁচি এখন হৈ ওলমি আছিল জোনবাই । মাহে ৰমজানৰ জোনৰ দৰে। আকাশৰ শেতা জোন কঁপি উঠিছিল। তেনেহ'লে
কিয়
আমাক
নাকচ
কৰিব
এই ইতিহাসে, এই ভূগোলে ।
জোৰকৈ হাঁহিব খুজিছিল
সি। চকু ৰঙা পৰি উঠিছিল।
জানো জানো মিঞাৰ পোৱালি চকুৰ নিমখ নদীত পুতি ওলাই অহা তোৰ হাঁহি কিমান গধূৰ ।
আমাৰ
সমুখত এখনি অগাইধনি হাবি
গজি উঠিছিল । সেই কাননৰ
তৰু - তৃণ - লতিকাই
আমাক মেৰিয়াই
ধৰিছিল। গহৰা
গজা বনৰীয়া
ফুলৰ সুগন্ধিয়ে আমাক
মতলীয়া কৰিছিল। ইমান মুখৰ! যে, কোনেও
কাৰো কথা নুশুনা অৱস্থা। আচ্ছা,-- এইবুলি
সি ক'লে -- অলৌগুটি তলৌগুটি খেলোঁ আহ। মোৰ
হাতত এটা সাধুকথা
দে।
আৰু তাক দিবলৈ
ধৰোঁতে মোৰ
হাতত এখিলা আগলি
কলাপাত ওলাল। কেঁচা মিথৈ , চাম কঁঠালৰ
ফুট, বুট - মাহ - আদা, কলে- নাৰিকলে
সজোৱা বৰসবাহৰ প্ৰসাদৰ
এখিলা পাত। দিনটো নামঘৰৰ
কেঁচা মজিয়া
তালে- খোলে - হাত চাপৰিয়ে, নেগেৰা- খঞ্জৰীয়ে
তল- ওপৰ হৈ
আছিল।
নিগাজী ঠাই
বিচাৰি নৈ- কিনাৰৰপৰা নতুনকৈ
থিতাপি লৈছিলোঁহি আমি
তাত।
পিতাই কেইবামাহৰো দৰমহা একেলগে পাইছিল। সৰহকৈ
বৰঙণি দিছিল বৰসবাহলৈ। নতুন
জেগা।
মাছে - পানীয়ে
মিলি থকাৰ দৰে কথা । সন্ধিয়া
নামঘৰৰ বৰদেউৰীয়ে নিজ হাতে দিছিলহি
আগলি কলাপাতত প্ৰসাদৰ
সেইখিলা পাত।
এতিয়া
সাধুৰ মজাটো শুন। পিতাই
ভাদমহীয়াৰ বৰসবাহৰ তেল- শলিতাৰ
গোন্ধে আমোলমোল সেই
প্ৰসাদৰ পাত
ওভতাই দিলে । ৰাইজৰ সতে
মিলি নামঘৰত নাম
ধৰাৰ অধিকাৰ অন্ত্যজ
শূদিৰৰ নাছিল । সেয়ে বৰঙণি
লৈও আমালৈ
নিমন্ত্ৰণ নাহিল বৰসসবাহৰ
মজিয়াত বহাৰ
।
অমোঘ বান্ধোন। অদৃশ্য শিকলি। লাই
পোৱা শূদিৰে গললৈকে
জঁপিয়ায় । মনে সহা
নাছিল বৰদেউৰীৰ ।
ৰাইজে বাৰণ কৰিলেও আমি
এমা- ডিমা ল'ৰা- ছোৱালীকেইটালৈ
আগলি পাতখিলা সজাই তেখেতে
চুচুক - চামাককৈ
আমাৰ ঘৰ ওলাইছিলহি।
এটা
সন্ধিয়াৰ বুকুৰে চুচৰি
আহিছিল মচোৱা গোম
। মুণিচুণি পৰত
পিতা আৰু বৰদেউৰী
বৰপিতাইৰ তৰ্ক- বিতৰ্কৰ মাজত
সমুখত বৰসবাহৰ প্ৰসাদৰ
আগলি কলপাতখিলা লৈ
থৰ হৈ আছিলোঁ। কাঠগড়াৰ আচামীৰ দৰে। মন
উচ-পিচাই আছিল। বৰপিতাই উভতি গ'লেই
জঁপিয়াই পৰিমগৈ প্ৰসাদৰ
পাতত।
তৰ্কা- তৰ্কিত
কীৰ্তনঘোষাৰ একূট
একূট সাধু থান - বান হৈ
গৈছিল।
কেঁচা মিথৈ, চাম
কঁঠালৰ ফুট, কলে- নাৰিকলে
সজোৱা সেমেকা গোন্ধটো
পেটৰপৰা উজাই আহিছিল। হেঁপাহৰ
পখী এটি চকুৰ আগেৰে
উৰি যোৱাৰ দৰে
প্ৰসাদৰ পাতখিলা বৰদেউৰীয়ে
শিৰত তুলি কঢ়িয়াই
অনা বৰ পাচিৰ ওপৰেৰে
উভতি গৈছিল।
সেই
নামঘৰত ভাওনা নাচালোঁ। সেই
নামঘৰ মচা কুঁৱাৰ পানী
নাখালোঁ।
তথাপি দেখিলোঁ সংকীৰ্ণতাৰ
মায়াজাল, চুৱা - ভালৰ অসূয়া দূৰ্গতিৰ
আস্তৰণ ভেদি
একোজন বৰদেউৰী পোহৰ
হৈ উঠা। তেল- শলিতাৰ গোন্ধে
আমোল- মোল
আগলি কলাপাতত প্ৰসাদৰ
পাতখিলা লৈ মুণি-চুণিৰ
বুকুৰে খোজ কঢ়া । মনে নসহা
কোমল জেগা এডোখৰৰ
অচিলা লৈ বুকুৰ
মাজত উজলি উঠা
এই এচটা পোহৰ
-- পিতাই
চিনাই দিয়া -- হৃদয়ত তুলি
ল'লোঁ। ঐ
নৱাজউদ্দিন মিঞা আমাৰ
নৈত সংকীৰ্ণতা আৰু
ভালপোৱাই একেটি ঘাটত
নাও বান্ধিছিল। গোড়ামি ভাৱনা
আৰু প্ৰেমৰ অনুভুতিয়ে
একেটি ঘাটত পানী খাইছিল।
এই বুলি
হাঁহি মাৰি সাধুকথাৰ ঘাই গুটি
তাৰ হাতত
দিলোঁ।
চকু
ৰঙা পৰি উঠিল।
জানো
জানো শূদিৰৰ পোৱালি
চকুৰ নিমখ নদীত
পুতি ওলাই অহা তোৰ
হাঁহি কিমান গধূৰ।
নৱাজউদ্দিন
মিঞাৰ বিবি জামাতুন নেছা
আখলত সোমাইছিল। আখলঘৰৰ
মাংস ৰন্ধাৰ ফুৰফুৰীয়া
গোন্ধ ভাহি আহিছিল। সৌ সিদিনা
মাত্ৰ দেশৰ ৰাজধানীত
এই মাংসক নিষিদ্ধ
বুলি ঘোষণা কৰা
হৈছিল।
চৰৰ বুকুৰ মানুহবোৰৰ
মাজত এই নিষেধাজ্ঞাৰ
কথাটো কাঁইট এডালৰ
দৰে খোঁচ খাই
আছিল। সিহঁতৰ
আখলঘৰৰ এই পৰম
উপাদেয় সুস্বাদু ব্যঞ্জণৰ
ওপৰত কৰা নিষেধাজ্ঞাক সিহঁতে সহজে
মানি লব পৰা
নাছিল। অতি স্পৰ্শকাতৰ হৈ পৰিছিল
সময়।
ভুল সময়ত আহিলোঁ
নেকি· এই সময়ত
মোৰ দৰে ‘এইচ কাষ্ট'ৰ
মানুহ এইদৰে আহি
ওলোৱাটো সিহঁতে সহজে
লব পৰা নাছিল। নৱাজউদ্দিন
মিঞাৰ অভয় বাণীয়ে আশ্বস্ত
কৰিব পৰা
নাছিল সিহঁতক। চৰৰ বুকুত চুচৰি ফুৰিছিল
সন্দেহৰ মচোৱা গোম
সাপ।
মই সিহঁতক হালধীয়া
কপৌফুলে ভৰি থকা
য়ুংথাম উপত্যকা নামৰ পাহাৰীয়া
ঠাই এখনৰ জুৰণিত
‘এইচ কাষ্ট'ৰ
মানুহবোৰৰ ঘৰত এইবিধ
উপাদেয় মাংস ভক্ষণ কৰাৰ সাধুকথা
কৈছিলোঁ। সীমান্তৰ বৰফে ঢাকি ৰখা সেই
খন পৃথিৱীত দীঘলীয়া
শীতকালবোৰ পাৰ কৰিবলৈ
এই মঙহ আখলঘৰত
কাটি শুকুৱাই ৰখাৰ বাদে আন উপায় নথকাৰ
কথা কৈছিলোঁ। এই জীৱটিৰ নাড়ী-ভুৰুৰ
ভজাৰ সৈতে বাঁহৰ চুঙাত সজাই দিয়া কণীধানৰ
নিচা লগা কুহুমীয়া
পানীয় বাঁহৰ নলিচাৰে
চুপি খোৱাৰ পিছত শুধ বগা বৰফত জোনৰ পোহৰ পৰি উদ্দাম হৈ উঠা মায়াপী
নিশা এটাৰ কথা
কৈছিলোঁ। নিচা লগা ভৰিৰে দুপিয়াই
দুপিয়াই জোনৰ তলৰ বৰফত নচাৰ সাধু
ৰ' লাগি শুনিছিল
সিহঁতে । সঁচায়ে আছে নেকি তেনে এখনি ঠাই এই দেশত ।
আছে আছে। এই দেশতে আছে । পাহাৰৰ ওপৰতে
আছে। নৱাজউদ্দিন মিঞাৰ
চোতালত সৌৱা হাত মেলিলেই পোৱা
নৈৰ বতাহ সাৱটি
অপাৰ্থিৱ সুন্দৰতাত আমাৰ
বুকু খোল খাই গৈছিল
। বিস্ময়ত সিহঁতৰ
চকু ডাঙৰ হৈ গৈছিল। কিমান
বগা বৰফৰ শুভ্ৰতা ? নৈৰ বুকুখনৰ
দৰে নেকি· হয় হয়। নৈৰ
এই উদং
বুকুখনৰ দৰেই । খহে নেকি
তাতো গৰা । গৰা· গৰা নখহে ।
খহে পাহাৰ। নদী- বান্ধৰ কংক্ৰিট
সুৰংগই তল -ওপৰ কৰা পাহাৰৰ ভংগুৰ বুকুৰ মাটি সৰি পৰে। গাঁৱে- মানুহে উচন যায়। তেনে
উচন যোৱা গাঁও ভ্ৰমি
অহাৰ পিছত দুভৰিৰ
ফটা গোৰোহাত লাগি থকা
ধূলিবোৰ দেখুৱাইছিলোঁ সিহঁতক।
হা-কৰি মুখ মেলি শুনিছিল। এক অদ্ভুত দৰদ আৰু সহানুভুতিৰে ঠাইতে
“আল্লাই ৰেহেম কৰক” বুলি সেই অজান্তিমুলুকৰ গাঁওবাসীৰ
বাবে দোৱা মাগিছিল।
নৈৰ উদং বুকুখনৰ দৰে খোল খাইছিলোঁ
আমি। ওপৰত শেতা জোন । মাহে
ৰমজানৰ জোনৰ দৰে।থাকি থাকি আমাৰ নাকৰ পাহি ফুলি উঠিছিল।
চাৰি ভাইৰ সৈতে নৱাজউদ্দিন মিঞাৰ বিশাল সংসাৰ । ঘৰৰ কাষৰ সৌ প্ৰকাণ্ড
ঢিপটোৰপৰা গৰুৰ হেম্বেলনি
ভাহি আহিছিল। তাৰ বিশাল গো- সম্পদ
আৰু খীৰতি ম'হৰ জাকটোৰ স্বাস্থ্যৰ কথা ভাবি সি নিজৰ
ঘৰতকৈও ওখকৈ সিহঁতৰ
বাবে ঢিপটো বনাইছিল
আৰু বৰ পৰিস্কাৰকৈ
ৰাখিছিল, যাতে মহ - ডাঁহে আমনি নকৰে।উন্নত
প্ৰজাতিৰ গৰুবোৰ ‘হিট' উঠা, পেট চলাৰ
দৰে বেমাৰ - আজাৰৰ চিকিৎসাও প্ৰায় নিজেই শিকি পেলাইছিল। তাৰ যতন আৰু নদীৰ জুৰ বতাহজাকৰ বাবেই গৰু আৰু ম’হৰ জাকটোকে
তেনেকৈ ৰোগে আমনি কৰা
নাছিল।
চৰত খহনীয়া লাগিবলৈ আৰম্ভ কৰিছিল।নৈ আহি সৌ এশমিটাৰ দূৰত ৰৈ আছিলহি।
থাকি থাকি ঠলৰকৈ ৰাতিৰ বুকুত
সৰি পৰিছিল গৰা। যিকোনো মুহূৰ্ততে
আকৌ এবাৰ ‘শ্বিফট'
হবৰ বাবে মানুহবোৰ
সাজু হৈ আছিল।
প্ৰকাণ্ড চোতালখনৰ কাষে কাষে কাঠৰ ফ্ৰে'মত টিনৰ ফ'ল্ডিং ঘৰবোৰ। মাংসৰ
জোলৰ সুগন্ধিয়ে মলমলাই উঠিছিল। চুই চাইছিলোঁ নদীৰ পানীৰ দৰে নিজৰ নিয়মত চলা
সীমান্তৰ এই জীৱন।
সিদ্ধ অথবা নিষিদ্ধ কোনো কথাই ইয়াত কাৰো আদেশ মানি
চলা নাছিল। সকলো কথাই নিজৰ পৰিভাষা
লৈছিল। এই ভাৰত-বাংলাদেশ সীমান্তৰ চৰ এলেকাত সকলোৱে নিজৰ নিজৰ হাতেৰে
লিখি লৈছিল ইতিহাস।
ইতিহাসৰ ছাত্ৰ নৱাজউদ্দিন
মিঞাই লঘোণে - উজাগৰে
গোটোৱা এম ফিল, পি এইছ ডিৰ চাৰ্টিফিকেটবোৰ চাকৰিৰ
বাবে কামত নাহিলেও সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা সুৰক্ষা বাহিনীৰ জোৱানসকলৰ পৰা শ্ৰদ্ধা আদায় কৰাৰ বাবে আপুৰুগীয়া
সম্পদ হৈ উঠিছিল । তাৰ
তিনিখনকৈ মেচিন লগোৱা নাও সি সীমান্ত নিৰাপত্তাৰক্ষীক ভাৰাত
দি থৈছিল। ইয়াৰ উপৰিও আন তিনিখন নাৱেৰে
চৰৰপৰা পাৰলৈ দৈনিক যাত্ৰী
অনা-নিয়া কৰিছিল।
নাওকেইখনক লৈ গৰ্বৰ শেষ
নাছিল নৱাজউদ্দিন মিঞাৰ।
“পানী কি কথা· যিদৰে বাটত তহঁতৰ
গাড়ী, সেইদৰেই পানীত মোৰ নাও।” চকু গৰ্বত নাচি উঠিছিল।
যেন এইখন দেশৰ সিয়েই ৰজা।
সি আছিল জিলাৰ আটাইতকৈ
সফলতম দুগ্দ্ধ উৎপাদক।
বিভাগৰপৰা কেইবাবাৰো সি পুৰস্কাৰ পাইছিল।
দুগ্দ্ধ পালনৰ ৰাজ্যিক কৰ্মশালাবোৰৰ নিয়মিত সমল ব্যক্তি হিচাপে
আমন্ত্ৰণ পাইছিল। আজোককাৰ দিনৰ গাখীৰৰ ব্যৱসায় ক্ৰমে ডাঙৰ কৰি আনিছিল।
বিহাৰৰ পৰা কিনি অনা লাখটকীয়া উন্নত প্ৰজাতিৰ কেইবাজনীও
গৰুৰে ভৰি আছিল তাৰ
বাথান। দৈনিক দুশ লিটাৰ গাখীৰ
নিজৰ নাৱেৰেই নি সি
পাৰৰ টাউনত বিক্ৰী
কৰিছিল। সৌ সিদিনালৈকে গৰুৰ
চোৰাং ছালানৰ ব্যৱসায়টো
বন্ধ নোহোৱা পৰ্যন্ত বি এচ এফৰ জোৱানৰ
সৈতে লগ হৈ সি সিমান্তৰ
ইপাৰে -সিপাৰে চলা ৰমৰমীয়া গৰুৰ চোৰাং বজাৰ এখনৰ পৰাও যথেষ্ট
লাভ উপাৰ্জন কৰিছিল।
সৌৰ-পেনেলবোৰেৰে উজলাই তুলিছিল ঘৰ। দামী টেলভিচনৰ চেট কি নিছিল।
চিলাই লৈছিল চাফাৰী চ্যুট।
বেংকলৈ গ'লে মেনেজাৰে নিজেই চকীৰপৰা
উঠি আহি সন্মান দিছিল তাক । তাৰ বেংক একাউণ্টৰ সমীহ আদায়
কৰিব পৰা শকতি ইমানেই বেছি আছিল।
অথচ এই টকাৰে
নিগাজি ঠিকনা এটাৰ বাবে টাউনত মাটি এডোখৰ
কোনোমতেই কিনিব পৰা নাছিল। বাৰে বাৰে বিভিন্ন
বিসংগতি দেখুৱাই তাক মাটি
এডোখৰ কিনাৰপৰা বঞ্চিত কৰা হৈছিল। ঠিক এইটো জেগাতেই বাৰে বাৰে হাৰি গৈছিল সি। আজোককাকে চহৰত গাখীৰ বিক্ৰী
কৰিবলৈ বৃটিছৰপৰা লাভ কৰা পঞ্জীয়ন নম্বৰৰ
কাগজখন সযতনে ৰখা টিনৰ বাকচ এটাৰ পৰা উলিয়াই
মোক দেখুৱাইছিল সি। চৰ ভাগোঁতে
ঘৰ সলোৱাৰ সময়ত এই দেশৰ নাগৰকিত্বৰ প্ৰমাণ
থকা সকলো কাগজ-পত্ৰৰে
ঠাই খাই থকা টিনৰ বাকচটি
নৈৰ বুকুত হাতচানি হবলৈ
নিদিয়াকৈ ৰাখিছিল । এটা প্ৰজন্মৰপৰা আন এটা
প্ৰজন্মই সাঁচি ৰখা নথি। টিনৰ বাকচটোত সযতনে খোৱা বাহঁৰ
সাফঁৰ মৰা চুঙা এটাও
দেখুৱাইছিল সি । পৰিয়ালটিৰ ঐতিহ্যৰ
চিনৰ দৰেই সেই সাফঁৰ মৰা চুঙাটি
সি সাঁচি ৰাখিছিল। টিনৰ বাকচ
নথকাৰ কালত সেই চুঙাতে
উৰপিুৰুষে সাঁচি থৈছিল নাগৰিকত্বৰ
প্ৰমাণ দিবলৈ দৰকাৰ হোৱা সকলো
নথি। বাৰে বাৰে নিজকে এই দেশৰ মানুহ বুলি
প্ৰমাণ দি দি ভাগৰি নপৰা নৱাজউদ্দিন
মিঞাই মোলৈ চাই হাঁহিছিল।
চকুৰ নিমখ নদীত পুতি
ওলাই অহা হাঁহি ।
এই সাধুবোৰ
মাথো তাৰেই সাধু নাছিল।
এই দেশৰ নৈৰ
বুকুত অলেখ উপৰিপুৰুষৰ
কবৰ জাহ যোৱাৰ
প্ৰমাণ সাৱটি থকা টিনৰ
বাকচবোৰ একো একোডাল মচোৱা গোম সাপ
হৈ চৰৰ বুকুত ঘৰ পতা মানুহজাকৰ বুকুত চুচৰি ফুৰিছিল।
নৱাজউদ্দিন মিঞাই এই মুহূৰ্তত আগন্তুক
পঞ্চায়ত নিৰ্বাচনত টিকট পাবৰ বাবে কিছু টকা বিনিয়োগ কৰাৰ কথা ভাবি আছিল। “ইনছাল্লাহ!আল্লাই
কৰিলে এইবাৰ ইলেকচনত টিকেট পাই যাম।
” যোৱা
ৰমজানত স্থানীয় বিধায়কে
তাৰ ঘৰত চৰৰ সকলোকে
দাৱাত দি একেলগে খানা খাইছিল। তেতিয়াৰেপৰাই
উচ্চাকাংখী হৈ উঠিছিল সি।
নৱাজউদ্দিন মিঞাই জানিছিল -- ৰাজনৈতিক শক্তি
আহৰণ কৰিব পাৰিলেই নিগাজি
ঠাই এখনত সতি - সন্ততিৰ বাবে মাটি এডোখৰ কিনাটো সুচল হৈ উঠিব।
মৰিয়া হৈ উঠিছিল সি।
নৈয়ে গিলা অনেক সাধুৰ মাজতো পুহি ৰখা সপোনৰ এই সাধুবোৰ
সি মোৰ হাতত তুলি দিছিল। ফকিৰগঞ্জত নদীৰ পাৰৰ শহুৰেকৰ
ঘৰত থৈ
জাতীয় বিদ্যালয়ত পঢ়োৱা ল'ৰাটোক লৈ তাৰ গৰ্বৰ
শেষ নাছিল। আঠবছৰীয়া ল'ৰাটোক ঘৰৰপৰা আতঁৰত ৰাখি মনটো শাঁত পৰি থকা নাছিল তাৰ। ডাঙৰ
হ'লে সি পুতেকক ডে'ইৰী ডেভেলপমেণ্টৰ ক'ৰ্চ এটা
কৰোৱাই আনিব। উন্নতমানৰ গো- পালনেৰে
পুতেক এজন বিয়াগোম
গো- পালক হ'ব। নাই নাই। চৰকাৰী চাকৰি বিচাৰি জীৱনটো নষ্ট কৰিবলৈ সি নিদিয়ে তাক।নিজৰ ম'বাইলত ভৰাই থোৱা অডিঅ' টে'ইপ
এটা শুনাইছিল । পুতেকে কৰা জ্যোতিপ্ৰসাদ
আগৰৱালাৰ ‘অসমীয়া ডেকাৰ উক্তি'ৰ আবৃত্তি।
আবৃত্তি কৰি বিভিন্ন ঠাইত পুৰস্কাৰ পোৱাৰ ট্ৰফী
দেখুৱাইছিল। মচোৱা গোম সাপ হৈ বুকুত চুচুৰি ফুৰা সেই দেওলগা টিনৰ বাকচত সযতনে
ৰখা পুতেকৰ প্ৰমাণপত্ৰবোৰ দেখুৱাইছিল।
নৈৰ উদং বুকুখনৰ দৰে খোল খাইছিলোঁ আমি ।কহুৱাৰ ফাঁকেৰে
সৰকি অহা বতাহত সজীৱ হৈ
উঠিছিলোঁ। থাকি থাকি ফুলি উঠিছিল
আমাৰ নাকৰ পাহি।
মই তাক সিদিনা দেখা পোৱা এধানি
এধানি হাড়গিলাৰ জাকটোৰ
কথা কৈছিলোঁ। এৰি অহাৰ
দিন ধৰি থাকি থাকি সিহঁতৰ চকুবোৰে
মোৰ গাত পিৰিকিয়াই
উঠাৰ কথা কৈছিলোঁ।
সি ভেবা লাগি চাইছিল ।ইমান ভাল পাব লাগিলে নিজেই দুখৰ অথাই পানীত পৰিবি। আকৌ হাঁহি উঠিছিল সি। লঘোণ আৰু উজাগৰ নিশাই চেপি থকা ঠাইবোৰত গঢ়ি উঠা আবাসিক
মাদ্ৰাচাবোৰৰ অলেখ বৃত্তান্ত কৈ শুনাইছিল।
কুসংস্কাৰ আৰু বাল্যবিবাহৰ
যন্ত্ৰণাই দগ্দ্ধ কৰা, ফুঁটিয়াই খাবলৈ সজাই দিয়া ৰবাব
টেঙাৰ কোঁহৰ দৰে তচ - নচ
হৈ পৰা সেহ কুমলীয়া
জৰায়ুবোৰৰ বহুতো ছয়া- ময়া
অলি - গলিৰে সি মোক
পাৰ কৰাই নিওতে
বাৰে বাৰে শিয়ৰি উঠিছিলোঁ।
দিনৰ ভাগৰৰ শেষত সকলো শুই নিঃপালি দিছিল। মোৰ চকুলৈ
টোপনি নামি অহা নাছিল। মোক শুবলৈ দিয়া কোঠাটোত
দুখন বিছনা আছিল। এখনত মই আৰু আনখনত
নৱাজউদ্দিন মিঞাৰ পৰিবাৰ
জামাতুন নেছা শুইছিল। তাইৰ
বুকুখনত নৱাজউদ্দিন মিঞাৰ
তৃতীয় সন্তানটি লিপিট
খাই আছিল । টিনৰ
বেৰ ভেদি
নদীৰ এচাটি বতাহো সোমাই আহিব পৰা নাছিল।
ইচাট-বিচাট কৰি পৰি ৰৈছিলোঁ। চৰুৰ
জঞ্জাল সামৰি ভাগৰত লাল-কাল
দিছিল তাই। জগা কাঠৰ
দৰে পৰি আছিল। কাপোৰ-কানিৰ সাথন নাছিল। সৌৰশক্তিৰে চলা টেবুল ফেনখন মোৰ বিছনাৰফালে
ঘূৰাই থোৱাৰ বাবে তাইৰ ফালে বতাহ যোৱা নাছিল। গৰমত মানুহজনী সিজি আছিল। মই বিছনাৰপৰা
উঠি আহি ফেনখন তাইৰফালে বতাহ লগাকৈ ঘূৰাই
দিলোঁ।হঠাতে মানুহজীলৈ মোৰ চকু গ'ল। বুকুৰ কাপোৰ
খহি পিয়াহ দুটা ওলাই আছে। বুকুতে তাইৰ কেঁচুৱাটো।এখনি
অদ্ভুতধৰণে মায়াসনা ছবি। অকস্মাতে মোৰ তাইৰ সেই পিয়াহত মুখ দি নিগৰি অহা
অমৃতৰ ধাৰাটি চাকি চাবলৈ মন গ'ল।মই তাইৰ বুকুত হাতখন থ'লোঁ । জামাতুন নেছা উচপ খাই সাৰ পাই উঠিল।বুকুত
চুচৰি ফুৰা মচোৱা গোমডালেহে যেন ‘হিচ্চ...' কৈ ফেঁট তুলি উঠিল । শুনা। মই ফিচ-ফিচাই ক'লোঁ -- ভয় নকৰিবা। মই চাকি চাব খোজো এই পিয়াহৰ
পৰা নিগৰি অহা অমৃতৰ সোৱাদ ।আছে জানো এই অমৃতৰ
বেলেগ কিবা সোৱাদ। সুকীয়া পৰিচিতিৰ সোৱাদ। শুনা । এইবোৰ
কথা জানিবৰ বাবেই
মই অলেখ ঠাই ভ্ৰমি
দুভৰিৰ ফটা গোৰোহাত
অলেখ ধুলিকণা সুমুৱাই ফুৰিছোঁ। আমাৰ ইতিহাসত চলা-ফিৰা কৰা এজন
নতুন পৰ্যটক হ’বৰ বাবেই
অত সাধনা কৰিছোঁ।
তাই নিশেব্দ
পৰি ৰ'ল। তৰ্জনী আঙুলিটিৰে মই সেই অমৃতৰ ধাৰাটিৰ এটোপাল তুলি আনি চাকি চালোঁ ।
তাৰপিছত তাইৰ কপালত চুমা এটা আঁকি দিলোঁ।
আৰু বাহিৰলৈ ওলাই আহিলোঁ
। আকাশত ওলমি থকা সৌৱা জোনবাই।
মাহে ৰমজানৰ জোনৰ দৰে
। শেতা আৰু কঁপি থকা । তলত তেনেই নিলগেৰে ব্ৰহ্মপুত্ৰ বৈ গৈছে ।থাকি থাকি ঠলৰকৈ ৰাতিৰ
বুকুত সৰি পৰিছে গৰা। মোৰ সাতো
জনমৰ চিনাকি এই গৰা
সৰি পৰাৰ শব্দ । জানো
জানো নদীত নহয় --
শূন্যৰপৰা পৰা গৰা সৰি পৰে
শূন্যৰ
বুকুত ।
এই নদী । নদী
আমাৰ বুকুৰ সাকোঁ। আহ নৱাজউদ্দিন মিঞা সাকোঁত উঠোঁ। আহ এই জোনবাই চুই চাওঁ।
কলী ঔচ -- বগী ঔচ -- ঘেকেচ্।
------
[ ‘এইচ কাষ্ট' -- ধুবৰীৰ
চৰ এলেকাবোৰৰ কিছু মুছলমানসকলে হিন্দু লোকক বুজাবলৈ ব্যৱহাৰ কৰে । ]
ৰত্না ভৰালী তালুকদাৰ
১৩ জুন, ২০১৭ চন।
অয়ে নাথুৰাম
(প্ৰকাশ - প্ৰকাশ, জুলাই ২০১৫ )
অয়ে নাথুৰাম কৰিলি
কি কৰ্ম
বাপুজীক মাৰি তই কৰিলি অধৰ্ম
শুনা যায় -
১৯৪৭ চনৰ
চৈধ্য
আৰু
পোন্ধৰ
আগষ্টৰ
সন্ধিক্ষণত
মধ্যৰাত্ৰি
যেতিয়া
আমাৰ দেশে
স্বৰাজ লাভ কৰিছিল
- গান্ধীবাপুই
একাষৰীয়াকৈ
এটি
কুঠৰীত সোমাই
নিৰলে
উচুপিছিল । শুনা যায়
- দয়াৰ
সুকাঠী
পৰশ লৈ
কোনোজন
আহি
মচি
দিব
দুধাৰি লোতক
- সেহি
মধ্যৰাত্ৰি
এনে
এটি
সাদৰী
পুৰুষ
নাছিল
গান্ধীবাপুৰ
কাষত । স্বৰাজ
লাভৰ
সেহি
মধ্যৰাত্ৰি
সদ্যেজাত
ভাৰতবৰ্ষৰ
মাটি
তেজৰ
দুটিকৈ
সৰ্বনাশী
স্ৰোতেৰে
ৰঙা-
ৰাঙলী
হৈ
পৰিবৰ
আশংকাৰে
কঁপি
উঠিছিল।
তেজৰ সেই
দুয়োটি
ধাৰ
আছিল
অভিন্ন -
বৰণত
ৰঙা আৰু
সোৱাদত
নিমখ।
তথাপিও
তেঁওলোকে
দিছিল
দুয়োটি
স্ৰোতৰ
দুটি কৈ নাম -
ৰাম
আৰু
ৰহিম ।
শুনা যায় - সেহি
মধ্যৰাত্ৰি
ভাৰতবাসীৰ
পৰম
আকাংখিত
স্বৰাজ
ঘৃণাৰ
বীজলেৰে
পখালি
আহিছিল । সেহি
বীজলত
জনম
লভি
দুখনি
বিষধৰী
নদীৰ
দৰে
দুয়োধাৰি
তেজৰ
স্ৰোত
গান্ধীবাপুৰ
বুকুৰ
দিশেই
ঢাপলি মেলিছিল। তেঁও
যে
জাতিৰ
পিতা আছিল।
ৰাম
আৰু
ৰহিম
যে তেঁওৰেই
পৰাণৰ
আদৰুৱা
প্ৰাণ
আছিল।
সেয়েহে
কুঠৰীৰ
ঘিট-মিটীয়া
এন্ধাৰত
গান্ধীবাপুই
সহিব
নোৱাৰা বেজাৰত কঁপি
উঠিছিল
।
বিষধৰী
নদীৰ
হলাহল
আকুণ্ঠে
পাণ কৰি
নীলকণ্ঠী
হ'ব পৰা নাছিল
গান্ধীবাপুই ।
গান্ধীবাপুক
নিৰলে
কুঠৰীত
উচুপিবলৈ
দি
তেঁওলোক
পথলৈ
নামি
আহিছিল।
মধ্যৰাত্ৰিৰ
অভিজিত
ক্ষণত
তেঁওলোকে দেশবাসীক
সম্বোধন কৰি
স্বৰাজ
উপহাৰ
দিছিল,
নৱভাৰতৰ
জন্ম
ক্ষণৰ
পবিত্ৰ
শংখত
ফুঁ
দিছিল
আৰু
টিপ
টপ
লাইটৰ
আলোকেৰে
আতচবাজী
আৰু
ফটকা
ফুটাইছিল।
আলোকৰ
সাজে
সাজি
উঠিছিল
মধ্যৰাত্ৰিৰ
পথমালা।
ফটকা,
আতচবাজী
আৰু
বৰণীয়া ফানুচৰ
মায়াপী
দিপাৱলীৰ
মাজেৰে
সবাই
পাইছিল
আমাৰ
স্বৰাজ লাভৰ অমোঘ বতৰা
।
শুনা
যায়
- লোক নিন্দা
পাব
বুলি
তেঁওলোক
সজাগে
আছিল।
লুকুৱাই
থব
খুজিছিল
গান্ধীবাপুৰ
চকুপানী । কিন্তু
সেহি
মধ্যৰাত্ৰি
কাৰো
বাধা
নামানি
এন্ধাৰ
কুঠৰীৰপৰা
গান্ধীবাপুৰ
চকুৰ পানী
ঢল
হৈ
নিগৰিছিল।
নিচিগা
ধাৰেৰে
সেই
ঢল
কেতিয়াবা দোকোলটঁকা
বান হৈ,
আৰু
কেতিয়াবা
মুষলধাৰ
ব'ৰ'ষুণ হৈ
নামি
আহিছিল
আমাৰ
দেশৰ
মাটিলৈ । গান্ধীবাপুৰ চকুলোৰ
নজহা - নপমা
ধাৰেই
নতুনকৈ
জনম
লভা
আমাৰ
দেশৰ
মাটিত
চেতনাৰ
সাৰ
দিছিল,
পানী দিছিল ।
সেহি
কৰুণতাত
আশাৰ পুলি - পোখাই
গজালি মেলিছিল ।
-------
শুনা যায়। এনে কথা এতি য়াও কদাচিত শুনিবলৈ পোৱা যায় - নহয়নে, হেৰি!
এই বুলি শৰণীয়া পাহাৰখনিৰ টিঙৰ গান্ধীমণ্ডপটিৰ নিলগৰ পাহাৰৰ মাটি বে- দখল কৰি সজা দালান এটিৰ নিজান কোঠা এটিত, এখনি বগী ধকেধকী চাদৰ পাৰি থোৱা সুকোমল শয্যাত পৰি থুৰিমলা আয়ে বিৰবিৰকৈ আপোনতে কথা পাতিবলৈ আৰম্ভ কৰি দিছিল। এনে সময়তে আইক দেখিলে এনে লাগিছিল যেন তেঁও আজন্মৰ চিনাকি কোনো এটি সুহৃদক কাষতে বহুৱাই লৈ গান্ধীবাপুৰ আখ্যান এটিহে বখানিছিল। খোজে- কাটলে এতি য়াও কিছু তজবজীয়া হৈ থকা থুৰিমলা আইৰ বয়সে ভাৱজগতৰ চেতন আৰু অৱচেতনৰ কণা - মুণাত বিচৰণ কৰাৰ পৰ আহি পোৱাত আজি- কালি তেঁওৰ সপোন আৰু দিঠকৰ দিকচৌ বাটত সঘনেই খেলি -মেলি লাগিবলৈ ধৰিছিল । দোভাগ ৰাতি প্ৰায়েই আইৰ টোপনিৰ আলি - মুলি জাল কাটি গৈছিল । আৰু তেনে নিজান পৰত আয়ে একান্তে তেখেতৰ প্ৰয়াত পতিদেৱ, একালৰ মুক্তিযোদ্ধা প্ৰয়াত হৰিবৰ বৰকাকতীৰ নিবিড় সাক্ষাৎ পাবলৈ ধৰিছিল। আইৰ পতিদেৱ জীয়াই থকাৰ কালত তেখেতৰ ইমান নিবিড় সান্নিধ্য লাভ কৰাৰ সৌভাগ্য আইৰ হোৱা নাছিল। সেয়েহে এতিয়া ভাটী বয়সৰ চেতন আৰু অৱচেতনৰ ক ণা- মুণাত প্ৰতি মধ্যৰাত্ৰি পতিদেৱৰ সৈতে হোৱা সেই সাক্ষাতে যেন অনন্ত জুৰণিৰ সহস্ৰ বাহু মেলি আইৰ সমুখত ওপচাই দিছলিহি পাৰ ভঙা অমিয়া। এহি বিনন্দীয়া পৰত পতিদেৱৰ অতিকৈ প্ৰিয় গান্ধীবাপুৰ আখ্যানৰ সাৰ কথা নিবিড়কৈ আলচি থুৰিমলা আই আপোনতেই মগন হৈ পৰিছিল ।
জীৱনৰ অনেক খকা- খুন্দাই জুৰুলা কৰা থুৰিমলা বৰকাকতীক ভাটী বয়সত সৌ সিদিনাহে তেঁওৰ অজামিল পুত্ৰই বছৰি বানে ভাঙি নিঠৰুৱা কৰা গাঁওখনিৰপৰা নিজৰ লগত আনি ৰাখিছিলহি। গান্ধীবাপুৰ অনুগামী হৰিবৰ বৰকাকতীয়ে জীৱনকালত স্বৰাজ লাভৰ আন্দোলনত অনেকবাৰ জেল খাটিছিল, পুলিচৰ অত্যাচাৰ পাইছিল। ভাৰতৰ স্বৰাজ লাভৰ যি মধ্যৰাত্ৰিত এন্ধাৰ কুঠৰীত গান্ধীবাপুৰ পাৰ ভঙা চকুলো নিগৰি আহিছিল, সেই সম্বাদ লভি হৰিবৰ বৰকাকতীৰো হিয়াখনি ৰম ৰমকৈ দহিবলৈ ধৰিছিল। স্বৰাজ লাভৰ পিছতো দেশৰ প্ৰতি দায়িত্ব কমি যোৱা বুলি তেখেতে অনুভৱ কৰা নাছিল। আজলী পত্নীৰ সাদৰী দুহাতত সংসাৰৰ সঁচাৰ - কাঠি চমজাই তেখেতে ঠন ধৰি উঠা সমাজখনি ন-কৈ গঠন কৰাৰ কামত মন- প্ৰাণ সঁপি দিছিল। অকলশৰীয়াকৈ ঘৰ - সংসাৰৰ জঞ্জাল সামৰি চকুৰে দিক বিদিক নেদেখা হৈছিল থুৰিমলা আয়ে। একেটি মাথোন পুতেকক পঢ়ুওৱাৰ নামত মাথো ঘৰখনিৰ খেতিৰ মাটিকেইডৰা বন্ধকত গৈছিল । দীঘলীয়া পিত্ত ৰোগে পেটত দেগদেগীয়া ঘাঁ কৰাৰ পিছত এদিন হৰিবৰ বৰকাকতীয়েও চিকিৎসা নোপোৱাকৈয়ে সংসাৰৰপৰা বিদায় মাগিছিল। ঘৰুৱা অনাটনত নাকনি - কাননি খায়ো পৰীক্ষাত ভাল ফলাফল দেখুৱাই গুৱাহাটীৰ কলেজত পঢ়ি থকা থুৰিমলা আইৰ পুত্ৰই সেহি সময়তে অজামিল হোৱাৰ দিশে ভৰি থৈছিল। পঢ়া - শুনা আধাতেই সামৰি আইৰ দুৰাচাৰী পুত্ৰই গাঁৱৰ বাকী থকা বাৰীৰ মাটি বেচি মহানগৰীত ব্যৱসায় আৰম্ভ কৰিছিল। অতিশয় ভয়লগা, এন্ধাৰৰ কুটিল নখ- দন্তৰ আঁচোৰে নেফা- নেফ কৰা, তামসিক লালসাৰ আছিল সেহি অজামিল উত্থানৰ জঁয়াৰ, পাক লগা বাট।
পতিৰ আদৰ্শকে আজীৱন সামৰি ৰখা থুৰিমলা আয়ে চেতনা থকালৈকে অজামিল পুত্ৰৰ সৈতে হলি- গলি কৰা নাছিল। মহানগৰীৰ পুত্ৰ -বোৱাৰী, নাতি- নাতিনীৰ যযাতি যাপনৰ সিপাৰে সৌ সিদিনালৈকে বানে ভঙা গাঁওখনিত গাঁওবাসীৰ ভৰসাত আয়ে শাকে - ভাতে ই মহঙা দিন পাৰ কৰিছিল।
ভূমি মাফিয়া হিচাপে কুখ্যাতি অৰ্জা থুৰিমলা আইৰ অজামিল পুত্ৰই নিজৰ ভেৰোণীয়া গুণ্ডাবাহিনীৰ সহযোগত শৰণীয়া পাহাৰখনিত গান্ধীমণ্ডপৰ প্ৰায় নিলগতেই মাটি এডোখৰ বে- দখল কৰি সুৰম্য অট্টালিকা এটি তুলিছিল। ইতিমধ্যে ন্যায়ালয়ৰ এক কঠোৰ নিৰ্দেশ অনুসৰি চৰকাৰে পাহাৰৰ মাটিৰ দখল কৰাটো বে-আইনী বুলি ঘোষণা কৰিছিল আৰু তাৰ কাণ্ডক লৈ চাৰিওফালে হৈ চৈ লাগিছিল। ন্যায়ালয়লৈ সঁহাৰি জনাই প্ৰশাসনে শৰণীয়া পাহাৰত কেইবাবাৰো উচ্ছেদ অভিযান চলাইছিল আৰু নতুনকৈ দখল লৈ সজা ঘৰবোৰ ভাঙি দিছিলহি। সেহি সময়তে সি চেতন আৰু অৱচেতনৰ কাণি - মুণিলৈ যোৱা থুৰিমলা আইক নিজৰ লগত ৰাখিবলৈ লৈ আহিছিলগৈ । তাম্ৰপত্ৰপ্ৰাপ্ত প্ৰয়াত মুক্তিযোদ্ধা হৰিবৰ বৰকাকতীৰ পত্নী থুৰিমলা বৰকাকতীক আগ কৰি লৈ আইৰ অজামিল পুত্ৰই ওপৰমহলত
কথাটি নিস্পত্তি কৰিছিল।
কথাটিৰ থান-থিত লগাত মনৰ সুখতে
সি থুৰিমলা আইক বগী ধকেধকী
সুকোমল শয্যা পাৰি দিছিল,
সু-খাদ্য আৰু পথ্যৰে
আইৰ কোঠা উভৈনদী কৰি তুলিছিল
আৰু আল-পৈচান ধৰা মানুহেৰে আইৰ কোঠা
ওৱাদানি কৰি পেলাইছিল।
থুৰিমলা আইৰ দুটিকৈ নাতিৰ সৰুটিয়ে কম বয়সতে
দিল্লী মহানগৰীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত এজন হৃদৰোগ
বিশেষজ্ঞ হিচাপে সুনাম অৰ্জন কৰিছিল।
কদাচিতহে সি ঘৰলৈ আহিছিল।
ওপৰমহলাৰ কেনো এটি কোঠাতে দিনে - নিশাই নিষিদ্ধ
ড্ৰাগচৰ নিচাত ডুবি থকা
আইৰ ডাঙৰ নাতি য়ে কদাকাৰ ৰূপ ধাৰণ কৰিছিল। গাৰ
ভেকেটা- ভেকেট দুৰ্গন্ধ মেলি, জঁট লগা চুলিৰে নিজৰ গু-মূত সাৱটি সি তাতেই পৰি থাকিছিল।
ছালৰ তলত তাৰ মাছুৱৈৰ
জালৰ দৰে নীলবৰণীয়া সিৰাবোৰে
পোখা মেলিছিল। নিচা ভগাৰ সময়তহে কদাচিত সি
ফয়ল কাগজৰ তলিত জুই জলাই বগা
পাউদাৰ খোৱা হাতৰ পুৰি যোৱা বুঢ়া আঙুলিৰে
নিজৰ গু-মূত নিজেই চাফা কৰিছিল।
এনে এটি নিচাসক্ত
প্ৰাণীৰ প্ৰতি কেনেবাকৈ
আকৰ্ষিত হৈ নাতি- বোৱাৰী
নিজেই চাপি আহিছিল। আইৰ অজামিল
পুত্ৰৰ সুৰম্য অট্টালিকাৰ
ওপৰ মহলাত পুত্ৰবধূই
নিজৰ গু- মূতৰ পংকত লেকাট ভূঞ্জি
মৰণৰ দিশে গতি কৰা পুত্ৰক সমুখত লৈয়েই
নাতি - বোৱাৰীৰ সৈতে এটি ছাত্ৰীনিবাস খুলিছিল
আৰু তাৰেই আঁৰ লৈ
আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত নিষিদ্ধ
ড্ৰাগচ আৰু নিশাৰ বেপাৰ এটি চলাই গৈছিল ।
চেতন আৰু অৱচতেনৰ ছায়াঘন
বিয়লিত থুৰিমলা আয়ে এই তামসিক
বৃত্তান্ত জনাৰ উপায় নাছিল ।
ডিমেনচিয়া অপদেৱীয়ে কেশ ঘন হাতৰ পাক লগা আঙুলিৰে
জুৰণীয়া সোৱঁৰণিৰ কূটা কঢ়িয়াই অদূৰতে
সৌ আইৰ সমাধি
সাজু কৰিছিল। তেনে গভীৰ
নিসংগতাত অনন্ত জুৰণিৰ
সহস্ৰ বাহু মেলি আইক পতিদেৱ
আৰু গান্ধীবাপুই আইক আৱৰি ধৰিছিলহি।
ভাটী বয়সৰ এই দিনকেইটি পুত্ৰৰ
সৈতে কটাবলৈ অহাটো
তথাপিও যেন আইৰ বাবে হৈ উঠিছিল
এজোলোকা আৰ্শীবাদ । পুত্ৰগৃহৰপৰা থুৰিমলা
আয়ে হাত মেলিলেই
ঢুকি পোৱাতে সৌৱা শৰণীয়া পাহাৰৰ নিৰিবিলিত
প্ৰশস্ত, সমাহিত গান্ধীমণ্ডপ। মণ্ডপৰ গান্ধী স্মাৰকটিৰ সমীপতে
শৰণীয়া পাহাৰটিৰ টিঙৰ এটি কঠিন ভেটিত, শুভ্ৰ ৰঙী এটি সূদীৰ্ঘ, পূৰ্ণ অৱয়ৱ মূৰ্তিৰ ৰূপত ঠিয়দঙা
দি আছিল গান্ধী বাপুই। ফানতিৰ
দৰে তেঁওৰ পাদুকা, বতাহত এই উৰোঁ এই উৰোঁ
আলোৱান, বাওহাতৰ মুষ্টিভিক্ষাৰ
জোলোঙা আৰু সোঁহাতে
লাখুটি এডাল লৈ থকা গান্ধীবাপুক
দেখিলেই আইৰ এনে লাগিছিল
যেন বাপুই প্ৰজাসৱৰ কল্যাণৰ
হকে আকউ এটিবাৰ
পদযাত্ৰাৰ বাবেহে সাজু হৈছিল
। ১৯৪৬ চনত গান্ধীবাপুই অসম ভ্ৰমণৰ কৰাৰ কালত চৈধ্য বছৰ
বয়সতে বি বাহ পাশত আবদ্ধ হোৱা নৱ পৰিণীতা থুৰিমলাই
পতিৰ সহিতে জাতিৰ পিতাৰ দৰিশন
লাভ কৰাৰ বিৰল সুযোগ পাইছিল ।
সেহি দৰিশন বিৰল তীৰ্থ সম পূণ্য বুলি গণ্য কৰি আয়ে নিঃকিন জীৱনকেই সাৱটি লৈছিল।
আইক চোৱা-চিতা কৰা
চিকিৎসকৰ পৰামৰ্শ অনুসৰি
অজামিল পুত্ৰই কিছু বেলা খোজ
কঢ়াই আনিবলৈ এটি ভৃত্যৰ যোগাৰ কৰি দিছিল । ভৃত্যটিৰ সৈতে আয়ে
পুৱা - গধূলিৰ কিছু পৰ নিতৌ
নাতিদূৰৈতে থকা মণ্ডপৰ গান্ধীবাপুৰ
চৰণত কটাই আহিছিলগৈ।
মণ্ডপৰ সমাহিত বাকৰিত বাপুৰ সুবিশাল মূৰ্তিটিলৈ
চকু দিলেই এক অনাবিল প্ৰশান্তিয়ে
আইক আৱৰি ধৰিছিলহি।
পতিদেৱৰ সৈতে বাপুৰ আখ্যান আলচ কৰি বিমল শান্তি পোৱাৰ দৰেই মণ্ডপৰ বাকৰিতো বাপুৰ সতে দুষাৰ
কথা পাতি আই আপোনতেই মগন হৈ পৰিছিল।
আয়ৈ দেহি! যিজনা শিলাকুটীয়ে
শৰণীয়া পাহাৰৰ টিঙত এটি বিশাল মূৰ্তিৰ আকাৰত
গান্ধীবাপুক থাপনা কৰিছিল
- তেঁও বাৰু মুৰ্তিটিক প্ৰজাসৱৰ চেতনাৰ প্ৰহৰীৰ
ৰূপত দেখা পাইছিল নেকি - আয়ে নিজকেই সুধিছিল।
প্ৰজাসৱে এদিন গান্ধীবাপুৰ সমুখেদি
লেগাম চিগা ঘোঁৰাৰ
দৰে তেজ কদমত চেকুঁৰিব
- সেইজনা শিলাকুটীয়ে এটিবাৰ
এনেকৈ ভাবি পাইছিল নেকি· ......আস
। পগলা ঘোঁৰাৰ
চেকুঁৰত চিটিকি পৰাজনৰ
বিননিয়ে জানোচা গান্ধীবাপুৰ হিয়া দহে! চাব
নোখোজা কথাবোৰে জানোচা
অঘৈয়া হুল হৈ গান্ধীবাপুৰ চকু শালি ধৰে
-এই ধৰণৰ চেনেহী
ভাৱনাই থুৰিমলা আইক বিতত কৰিছিল।
যিসকল সদাশয় লোকে নিতৌ পুৱা-গধুলি অথবা
গান্ধী জয়ন্তীৰ দিৱসটিত গান্ধীমণ্ডপৰ শীতল দুবৰি
বনৰ দলিচাত দুভৰিৰ
ধূলা দিছিলহি-তেঁওলোকক
আইৰ বৰকৈ ব্যস্ত
যেন লাগিছিল। গান্ধী মণ্ডপৰ সমাহিত বাকৰিত বহি কিছু পৰ একান্তে গান্ধীচেতনা হৃদি
স্থিত কৰিব -মনত এনে ভাৱনা
লৈ আহিছিল জানো কোনোজন! ঢেলা চকুৰে বাপুৰ মুৰ্তিটিলৈ চকু দি আয়ে নিজকেই সুধিছিল।
আস্ !অনন্ত নিৰৱতাত
ডুব গৈ
থকা গান্ধীমণ্ডপৰ বাকৰিত
বহি থাকি থুৰিমলা
আইৰ এনে লাগিছিল
যেন অন্তৰত গুজৰি থকা
কিছু আখ্যান আলচ কৰিবলৈ গান্ধীবাপুই
এটি সুহৃদ বিচাৰিহে
হাবাথুৰি খাইছে! মনৰ সেই হাবাথুৰিতেই
পূৰ্ণাৱয়ৱ শুভ্ৰ মূৰ্তিটিৰ
মু'খনিও কেনেবাকৈ অঁভজা হৈ পৰিছিল নেকি! প্ৰাতঃভ্ৰমণ কৰিবলৈ গান্ধীমণ্ডপৰ
বাকৰিলৈ অহা অনেকেই
ইচ ইচ কৰি কোৱা আয়ে শুনিবলৈ পাইছিল - “হায়! ৰ'দ-
বতাহ আৰু ব'ৰষুণৰ আঘাতত মূৰ্তিটি কেনে কঠুৱা হৈ পৰিছে!”
হিক! হিক!
হিক !হিক !
দোভাগ নিশা আইৰ ভাৱনাক চেদেলি- ভেদেলি কৰি ওপৰ মহলৰ পৰা বেসুৰা খিকিন্দালি
ভাহি আহিল। আই খপ-জপ কৰি উঠিল।
ক'ৰ বাত বনৰজাৰ চিকাৰত
হৰিণা পৰিল নেকি! তেজে -তুমৰলি বেভিচাৰী
তৰোৱালে ৰাতিটো দুচেও
কৰি গ'ল নেকি! আই বিতত হৈ পৰিল।
আইৰ ভাৱনাৰ সমভাগী হৈ গান্ধীৰাজাৰ
গীত এফাঁকি আইৰ কাষলৈ চাপি আহিল । আয়ে গুণ গুণকৈ
গাবলৈ ধৰিলে -
বাপুজীৰ
উপাসনাৰ সময় এতিয়া হ'ল
ধীৰে ধীৰে
বাপুজী মন্দিৰকে গ'ল
হেন সময়তে
নাথু মনতে গুণিলা
উপযুক্ত সময় বুলি
গুলী এটা দিলা
গান্ধীবাপুই ৰাম আৰু ৰহিম নামৰ দুয়োধাৰি
তেজৰ স্ৰোত একে টি সময়তে
পৰাণৰ আদৰুৱা প্ৰাণ কৰি
লোৱাৰ বাবেই খঙত জলি আছিল নাথুৰ দল । সেয়েহে
সন্ধিয়াৰ প্ৰাৰ্থনাসভাৰ নিমিত্তে
গান্ধীবাপুই উপাসনাগৃহলৈ সোমাই
যাওতে সিদিনা নাথুৱে
খাপ পিতি থাকিল।
চেগ বুজি নাথুৱে গান্ধীবাপুক
সেৱা এটি কৰিবলৈ
হাউলি দিলে। সেয়াই
উপযুক্ত সময় বুলি
নাথুৱে এটি এটিকৈ
গান্ধীবাপুৰ বুকুত তিনিটি
গুলী দিলে। বাপু মাটিত ঢলি পৰিল।
প্ৰাৰ্থনা সভালৈ অহা মানুহৰ
শেষ হব নোখোজা হাহাকাৰৰ
মাজতে বাপুৰ প্ৰাণ পখী উৰা মাৰিলে । স্বৰাজ
লাভৰ মধ্যৰাত্ৰিৰপৰা এন্ধাৰ কুঠৰীত
সোমাই নিৰলে উচুপিবলৈ ধৰা গান্ধীবাপুৰ
চকুলোৰ ধাৰ দুটিও
শুকাই চকুৰ কোটৰত কৰাল মাৰি ধৰিলে।.......যেতিয়া গান্ধীবাপুৰ
দেহাটি চিতাত তোলা হ'ল -
তেঁওৰ চ কুলোৰ কৰাল মৰা ধাৰ দুটিও চিতাভস্মৰ
সৈতে মিহলি হৈ গ'ল। সেহি চিতাভস্মৰ এধানি
এধানি নিজাকৈ পাবলৈ
নিচিগা ধাৰেৰে মানুহৰ
সোঁত ববলৈ ধৰিলে।
গান্ধীবাপুৰ অনুগামী সহস্ৰজনৰ
সেই অনন্ত স্ৰোত,
হেজাৰ -বিজাৰ হতভাগাৰ শেষ হব নোখোজা
ক্ৰন্দনৰ ধ্বনিৰ মাজত নতুনকৈ স্বৰাজ
পোৱা ভাৰতবøৰ চেতনাই
এটি যেন লহৰ তুলিলে।
সেই লহৰৰ
এটি এটি কঁপণি প্ৰজাগণৰ
চেতনা থৰ
থৰ কৰি, নিজান দুপৰত
জীয়া সৰীসৃপ এটি সঁ
সঁ কৈ
চুঁচৰি যোৱাৰ অনুভুতিৰে
বুকুৰ গভীৰলৈ সোমাই আহিল ।
গভীৰ বিষাদ, বুজাব নোৱাৰা
আক্ৰোশ আৰু মৰণ স্পৰ্শি অহা চেতনাৰ চেঁচা পৰশত সৰ্বজনৰ অন্তৰ কঁপি উঠিল।
যি মহত্তৰ
জীৱনৰ সন্ধানে গান্ধীবাপুক
সমুদ্ৰৰ গভীৰতা দিলে - মৰণৰ কঠিন, ধাতৱ পৰশে
যেন তাক অমৰ কৰি
তুলিলে।
তেঁওলোকৰো সম্বিৎ
ঘূৰি আহিল। কোনোবাই
যেন তেঁওলোকৰ গাত চাবুকৰ সৰৌপ সৰৌপ কোবহে বহুৱালে ।
নতুন ভাৰতৰ নতুন উন্মেষৰ
চেতনাৰে উদ্বুদ্ধ হৈ দেশ নিৰ্মাণ কৰিবলৈ সাজু হোৱাৰ ক্ষণটিত
তেঁওলোকে সঁচাকৈয়ে এটিবাৰ
গান্ধীবাপুক অমৰ কৰি তুলি বলৈ
পণ কৰি ল'লে।
গান্ধীবাপুক সৰ্বজনে
নিৰন্তৰে কাষতে পাবৰ নিমিত্তে তেঁওলোকে
সৰ্বত্ৰে গান্ধীবাপুৰ চিত্ৰপট
এখনি আঁৰি থোৱাটো নিয়ম কৰি দিলে। এনেদৰেই
গান্ধীবাপুৰ চিত্ৰপট এখনিয়ে
স্বৰাজ পোৱা ভাৰতৰ আৰক্ষী থানা, চৰকাৰী
অফিচ, স্কুল - কলেজৰ দেৱালত শোভা কৰিবলৈ ধৰিলে।
খোলা ময়দানবোৰৰ নতুন নাম হ'ল - গান্ধীময়দান
। গান্ধীবাপুৰ পূৰ্ণাৱয়ৱ
আৰু আবক্ষ মূৰ্তিৰে
ৰাজহুৱা উদ্যান উপচি পৰিল। গান্ধী স্মাৰকেৰে উপচি পৰিল চহৰ আৰু নগৰ। গান্ধীবাপুৰ নামত আহিবলৈ ধৰিলে বিদেশৰ পৰ্যটক।
জাতিৰ পিতাৰ অহিংস চেতনা সৰ্বহৃদয়ত
ইমান প্ৰভাৱী আছিল যে তেঁওলোকে স্বাধীন
ভাৰতৰ প্ৰতিখনি কাগজী
মুদ্ৰা গান্ধীবাপুৰ চিত্ৰপট
এখনিৰে শোভিত কৰিবলৈ
ঠিৰাং কৰিলে।
এনেদৰেই গান্ধীবাপু
হৈ পৰিল সৰ্বজনৰ
চেতনা, স্বাধীন ভাৰতৰ বিবেক, আমাৰ নৈতিকতাৰ দূত।......তেঁওলোকে প্ৰজাসৱৰ
হকে গান্ধীবাপুক অনায়াসলব্ধ
কৰি তুলিলে।
- শুনা যায়। এনে কথা এতিয়াও কদাচিত শুনা যায়। নহয়জানো,
হেৰি !
আয়ে বিৰবিৰকৈ, গুপুত কথাষাৰি কোৱা দৰে
পতিদেৱক উদ্দ্যেশি কবলৈ ধৰিলে --
ইমান অনায়াসে সৰ্বজনে
গান্ধীবাপুক কাষতে পাবলৈ ধৰিলে
যে, এখন্তেক নিৰলে বহি গান্ধীবাপুৰ
আখ্যানৰ সাৰকথা শুনিবৰ
নিমিত্তে কাৰো আৰু হেঁপাহেই নাথাকিল ।
ভাগৰে আইক
হেঁচা মাৰি ধৰিলে। আই বহুপৰলৈ মৌন হৈ ৰ'ল। আইৰ চকুৰ পতাহালি লাগো লাগো
যেন কৰিলে।
-----
পূৱে ঢাল ফাঁট
দিলে।
শৰণীয়া পাহাৰৰ
নাভিৰ কোমল বতাহ এছাটি
বৈ আহিল। মণ্ডপৰ বাকৰিৰ
তগৰ আৰু খৰিকাজাঁই
ফুলৰ পাপৰিয়ে সেই বতাহক
সুগন্ধি দিলে। আকাশলৈ
মুৰ দাঙি থকা সহস্ৰ
বিৰিখৰ ফুলে-পাতে জিৰণি লোৱা পখীসৱ, পাখিলাহি পখিলা, মৌগুটি
আৰু মধুকৰে নত শিৰে
প্ৰভাতী সৰুযক আৱাহণ
কৰিবলৈ ধৰিলে। ধীৰে ধীৰে পূৱৰ আকাশত আবিৰ চটিয়াই বেলিটিয়ে দেখা
দিলে । বেলিৰ কিৰণ পৰি
গান্ধীবাপুৰ দুখানি চৰণ পখালি দি বলৈ
দুবৰি বনৰ থুপি নিয়ৰ মুকুতাৰ
দৰে তিৰ-বিৰাই উঠিল।
আন দিনাৰ দৰেই আজিও
গান্ধীবাপুই গভীৰ আকুলতাৰে
সেহি পূবেৰুণক হৃদি স্থিত কৰি, দিনটোৰ বাবে যেন সঞ্জীৱনী সুধা গ্ৰহণ কৰিলে।
দূৰৈৰ পৰা থুৰিমলা
আইক ভৃত্যটিৰ সৈতে লাখুটি এডালত ভেঁজা
দি আহি থকা দেখা
গ'ল। আঢ়ৈ
কিলোমিটাৰ জোৰা অকোঁৱা- পকোৱা পথটি উজাই নিতৌ
মণ্ডপৰ বাকৰিলৈ অহা দুটিমান প্ৰাতঃ ভ্ৰমণকাৰীও ইতিমধ্যে
আহি পাবৰ হৈছিল ।
তেঁওলোকে বাকৰিত দুভৰিৰ
ধূলা থৈয়েই মহানগৰীৰ
দুখানি চৰণ স্পৰ্শি
নামি যোৱা সৌ নামনিৰ লৌহিত্যৰ
দিশে মু কৰি প্ৰাণায়াম কৰিব,
তাৰপিছত দুটিমান কচৰৎ কৰিব আৰু শেষত প্ৰভাতী পখীৰ দৰে কিচিৰ-
মিচিৰ কৰি আপোনতে দুষাৰি
কথা পাতি বিভোৰ হ'ব। সেই মধুৰ বাৰ্তালাপৰ
শেষত এতিয়াও আন এটি পদযাত্ৰাৰ
বাবে উম্মুখ হৈ থকা যেন লগা গান্ধীবাপুৰ
সুবিশাল মূৰ্তটিলৈ এটিবাৰ
চাই কোনোটিয়ে হয়তো ইচ ইচ
কৰি উঠিব - “হায়!
ৰ'দ- বতাহ আৰু ব'ৰষুণৰ আঘাতত গান্ধীবাপুৰ
মুখ'নিয়ে কেনে কঠুৱা
ৰূপ লৈছে, নহয়নে!”
আৰু, তেঁওলোক উভতি যাবগৈ।
ইতিমধ্যে থুৰিমলা
আই বাপুৰ কাষ পাইছিলহি। আয়ে চাগৈ ৰামধুন
এফাঁকিৰেই গান্ধী প্ৰশস্তি কৰিলেহেঁতেন
-ঠিক তেনেতে হঠাৎ
বাপুৰ চৰণ যুগলৰ তলৰপৰা
অহা এটি সমস্বৰ
অট্টহাঁহিৰ খলকনিত শৰণীয়া
পাহাৰখনি যেন দুচেও হৈ পৰিল। থুৰিমলা
আই চক খাই উঠিল ।
কোনোমতে ঢলি নপৰাকৈ
আয়ে ভৃত্যটিৰ গাতে ভেজা
দিলে। আই আৰু তেঁওৰ ভৃত্যই
দেখিলে গান্ধীবাপুৰ সুবিশাল
মূৰ্তিটিৰ দুখানি চৰণৰ থোৱা ভেটিত বিকট হাঁহিৰে
আধা- শোৱা, আধা বহা অৱস্থাত
অতি বিকৃত ভংগী এটাৰে সেয়া আইতাৰ নাতি-বোৱাৰী। নাতি-বোৱাৰীক ঘেৰি লৈ চেঙেলীয়া ল'ৰা- ছোৱালীৰ এটি উশৃংখল দল । আইৰ
ভৃত্যটিয়ে দেখিলে যে, ছোৱালীকেইজনী তাইৰেই
ছাত্ৰীনিবাসৰ আবাসী । আগনিশাৰ
অভিসাৰৰ সমাপ্তি ঘটাই পুৱতিৰ সতেজ বতাহ
লবলৈকে সিহঁতে হয়তো শেহ নিশাৰ ফালে গান্ধীমণ্ডপৰ
নিৰিবিলিত আহি পাইছিলহি। নিশাৰ অত্যাচাৰ, টোপনি খতিয়ে চেমনীয়া
ল'ৰা- ছোৱালীৰ দলটিক লেবেজান কৰি তুলিছিল । সেই কথা বুজি পাই অসাঠন
কাপোৰ-কানিৰে থুৰিমলা আইতাৰ নাতি-বোৱাৰীয়ে আধা- বহা, আধা শোৱা অৱস্থাত
দুয়োখনি ভৰি মেলি অতিশয়
বিকৃত ভংগী এটি কৰি, কুৎসিত
ফুচুৰিৰে সিহঁতৰ মাজলৈ লেতেৰা
উত্তেজনা এটা বিয়পাই
দিব খুজিছিল। নিশাৰ অত্যাচাৰ, মলঙি যোৱা
প্ৰসাধন আৰু বিকৃত ভংগীমাৰে সেই অৱস্থাত তাইক যখিনীৰ দৰে লাগিছিল। তাৰেই
পৰণিতিতেই বিকৃত অট্টহাঁহিত
মণ্ডপৰ বাকৰি কঁপি উঠিছিল। জোৰকৈ
হাঁহি ৰখাবলৈ গৈ এটাই গান্ধীবাপুৰ
দুখানি চৰণতেই হলহলাই
বমি কৰি দিলে। হালধীয়া
পিত পানীৰ দৰে তাৰ
বমি আৰু
বীজল বাপু থিয় হৈ থকা ভেটিটোৰে
বৈ আহিল।
দৃশ্যটি ইমান কদাকাৰ
আছিল যে, আইৰ ভৃত্যটিৰ
গাৰ নোম- কূপ পৰ্যন্ত শিঁহৰি
উঠিল। আইতাক লাহেকৈ ধৰি সি গান্ধীবাপুৰ সুবিশাল মুৰ্তিটিৰ পিচপিনে লুকুৱাই
দিলে আৰু নিজেও লুকাই থাকিল।
ইতিমধ্যেই নিতৌ প্ৰাতঃভ্ৰমণ
কৰিবলৈ মণ্ডপলৈ অহাসকলৰ কেইবাজনো এটি দুটিকৈ
আহি বাকৰি পাইছিলহি। তেঁওলোকে দলটিৰ
উদ্ভণ্ডালিত মূক হৈ পৰিল। সিহঁতৰ কাৰোবাৰ হাতত চোকা অস্ত্ৰ থাকিব পাৰে নেকি, কেনেবাকৈ
পিষ্টল অথবা এটি ৰিভলৰভাৰো থাকিব পাৰে নেকি -এই আশংকাতে তেঁওলোক কিছু পৰ
কিংকৰ্তব্যবিমোৰ হৈ পৰিল। অনেক পৰৰ
পিচতহে তেঁওলোকৰ চেতনা আহিল।
তেঁওলোকৰ দুজনমানে অত্যুৎসাহী
হৈ দলটিক নানা প্ৰেশ্নৰে ব্যতিব্যস্ত
কৰি তুলিলে। গান্ধীমণ্ডপৰ
পবিত্ৰ বাকৰি অসামাজিক
কাম-কাজেৰে কলুষিত নকৰিবলৈ সকীয়াই দিলে আৰু তৎকালেই
সেই স্থান পৰিত্যাগ কৰিবলৈ দলটিক নিৰ্দেশ
দিলে। নাতি-বোৱাৰীয়ে তেঁওলোকৰ মুখ পাতি ধৰাত
দুজনমানে আনকি পকেটৰপৰা ম'বাইল ফোন উলিয়াই
আৰক্ষীৰ জৰুৰী সেৱাৰ নম্বৰটিত ডায়েলো
কৰিলে। এইবাৰ আইতাৰ নাতি-বোৱাৰীৰ সৈতে চেঙেলীয়া ল'ৰা- ছোৱালীৰ দলটি হিংস্ৰ হৈ উঠিল।
এটি সময়ত গান্ধীমণ্ডপত
মূলগে'টত আৰক্ষীৰ গাড়ী আহি ৰোৱাৰ
শব্দ শুনা গ'ল। প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা
দলটিয়ে আচৰিত হৈ দেখিলে যে, আৰক্ষীয়ে
সাং বাদিকৰ দল এটিকো লগতে
লৈ আহিছে। তেঁওলোকক কোনে খবৰ দিলে বুলি তেঁওলোকে গুণা-গঁথা কৰিবলৈ লওতেই আৰক্ষীৰ
গাড়ী দেখি আইতাৰ নাতি-বোৱাৰীয়ে চেমনীয়া ল'ৰা- ছোৱালীৰ দলটিক এটি
ইংগিত দিলে । সেই ইংগিত বুজি
শৰণীয়া পাহাৰৰ চিনাকি, সুৰুকীয়া
বাটেৰে যেনি - তেনি সোমাই সিহঁত
হাবিৰ মাজত নেদেখা হৈ পৰিল।
থুৰিমলা আইৰ অকলশৰীয়া নাতি-বোৱাৰী
দুগুণে হিংস্ৰ হৈ উঠিল। গে'টৰপৰা
আৰক্ষী আৰু সাংবাদিকৰ
দল আহি বাকৰিত
ভিতৰ সোমাই মানে তাই শৰীৰৰ
বস্ত্ৰ এপদ এপদকৈ
দলিয়াই প্ৰায় বিবস্ত্ৰ ৰূপ ধাৰণ
কৰিলে । চকুৰ পানীৰ নিচিগা ধাৰৰ মাজেৰে গান্ধীবাপুৰ
শপত খাই তাই আৰক্ষীক
অভিযোগ কৰিলে যে মণ্ডপৰ প্ৰায় নিলগতেই
থকা তাইৰ
সৌ ঘৰখনিৰপৰা প্ৰাতঃভ্ৰমণ
কৰিবলৈ মণ্ডপলৈ অহাৰ সময়তে দলটিয়ে
অকলশৰীয়াকৈ পাই তাইৰ সৈতে অসামাজিক কাম- কাজত লিপ্ত
হৈছে। এই কথা দুচকুৰ
নিচিগা লোতক বোৱাই তাই সাংবাদিকৰ
দলটিকো ব্যক্ত কৰিলে। তাইৰ পাকৈত অভিনয় দেখি প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা দলটিৰ মুখৰ ভাষা হেৰাই গ'ল। আৰক্ষীৰ
সোধা- পোচা, সাংবাদিকৰ সাক্ষাতৰ পিচত সকলোকে থানালৈ লৈ যোৱা হ'ল।
গান্ধীমণ্ডপ নিজুম পৰিল। সকলোটি
আঁতৰ হোৱাত গান্ধীমূৰ্তিৰ পিচফালে
নিতাল মাৰি থকা থুৰিমলা আইৰ ভৃত্যটিয়ে আইক টনা-আজোঁৰা
কৰি কেকোঁ-জেকোঁকৈ উলিয়াই লৈ গ'ল।
গান্ধীমণ্ডপৰ বাকৰিলৈ
অহা মহানগৰীৰ এগৰাকী
অকলশৰীয়া মহিলাক প্ৰাতঃভ্ৰমণৰ
সুযোগ লৈ এচাম বিকৃত সংবাদমাধ্যমত সেই বাতৰিটি পুৱাতেই
হৈ পৰিল বিশেষ
খবৰ। যিহেতু বিষয়টোত
জাতিৰ পিতা বাপুৰ আদৰ্শ আৰু চেতনা জড়িত
হৈ আছিল, সেয়েহে খবৰটোৱে
নিমিষতে চৰ্চা লভিলে।
বহুদিনৰ বিৰতিত প্ৰজাসৱেও
যেন এটিবাৰ সাৰ পাই উঠিল।
সংবাদমাধ্যমৰ অবিৰাম প্ৰচাৰে
তেঁওলোকক কাগজী মুদ্ৰা
আৰু দেৱালত ওলমি থকা গান্ধীবাপুৰ
পৰিচিত চিত্ৰপটখনিৰ উৰ্ধলৈ লৈ গ'ল আৰু বাপুৰ দৰ্শন সম্পৰ্কীয় চেতনা এটি জগাই তুলিলে। প্ৰজাসৱে
অ'ত-ত'ত জুম বান্ধি,
অফিচৰ দুপৰীয়াৰ আহাৰৰ বিৰতিত
আৰু সন্ধিয়া খোজকাঢ়িবলৈ যোৱাৰ পৰত গান্ধীমণ্ডপৰ কাহিনীটিকেই
আলচ কৰিবলৈ ধৰিলে।
সংবাদমাধ্যমে বাতৰিটি বিশেষভাৱে
গুৰুত্ব প্ৰদান কৰি প্ৰচাৰ
কৰাৰ লগে লগে বাপুৰ
আদৰ্শক খামুচি থকা বিভিন্নজনক বিচাৰি-খোচাৰি মতামত গ্ৰহণ কৰিলে,
গান্ধীমণ্ডপক কলুষিত কৰাৰ পৰ্যায়লৈ ঠেলি দিয়াৰ বাবে
প্ৰশাসনক ক্ষুৰধাৰ সমালোচনা
কৰিলে। এই সকলোবোৰে প্ৰজাসৱৰ মনত ইতিমধ্যে জাগৰুক
হৈ উঠা চেতনাটিক
অঁফলা ভাঙি অহা ঢৌ এটিলৈ পৰিণত কৰি তুলিলে।
যিসকলে শৰণীয়া পাহাৰৰ অকোঁৱা-পকোৱা
পথটি বগাই এটিবাৰলৈও
গান্ধীমণ্ডপলৈ যোৱাৰ তাড়ণা
এটি অনুভৱ কৰা নাছিল,
পাহাৰখনিৰপৰা আকাশলৈ মুৰ তুলি
থকা বিৰিখ বনৰ মাজে
এটিবাৰ উশাহ লৈ পোৱা নাছিল
-- তেঁওলোকেও যেন আজি তালুৰ মজিয়াত অনুভৱ কৰিলে এটি দংশন,
বুকুত এডাল কাঁইটৰ খোঁচ ।
পাপৰ জোলোঙাত মলঙি উঠা দিৱসটি
বোকোচাত বৈ ভাগৰুৱা ডাকোৱালৰ দৰে বেলিটিয়ে পশ্চিমলৈ
ঢাল খায় মানে সেহি চেতনা
কুৰুকি কুৰুকি সৰ্বজনৰ
বুকুৰ গভীৰত প্ৰৱেশ
কৰিলেগৈ আৰু লেগাম
চিগা ঘেঁাৰাৰ দৰে তেজ কদমত চেঁকুৰি
বলৈ ধৰিলে । গান্ধীমণ্ডপৰ
বাকৰিত ঠিয়দঙা দি, দুপৰীয়াৰ ৰ'দত শুকাই কৰাল মৰা বমিৰ দুৰ্গন্ধক
সাৱটি গান্ধীবাপুই এই সকলো কথা দেখি থাকিল।
----
বাটোৰে দুবৰি মই
ফেলাও উভালি
গান্ধী
আহিব বুলি ,
গান্ধী
আহিছে পদূলিত বহিছে
আনাগৈ চোঁৱৰে
বৰি।
সন্ধিয়া
নামি আহিল। থুৰিমলা আয়ে অজামিল
পুত্ৰৰ ঘৰত সুললিত সুৰেৰে গোৱা গান্ধীৰাজাৰ
গীতটি শৰণীয়া পাহাৰখনিলৈ বিয়পি পৰিল ।
শণখেৰ বৰণীয়া ডেউকা কোবাই চিলনী
পখীসৱে মহানগৰীৰ উদ্বাস্তু পিতনিৰপৰা
গধূলিৰ বুকুৰে সোঁ সোঁ
কৈ উৰি আহিল আৰু শৰণীয়া পাহাৰৰ বিৰিখ বনৰ মাজে এন্ধাৰত
নেদেখা হৈ গ'ল। গান্ধীমণ্ডপলৈ সৰ্বগ্ৰাসী
নিৰৱতা নামি আহিল। ঘন ক'লা এন্ধাৰে
চৌপাশ আৱৰি ধৰিলে । কিন্তু এপৰলৈহে । অলপ পিছতেই
সেই এন্ধাৰ খেদি পকা
ডিমৰুৰ গুটিৰ দৰে আকাশত থোপা- থুপিকৈ
তৰা ফুটিবলৈ ধৰিলে। থুপিতৰাই সজোৱা দোলনাত পৰম উলাহে তামৰ এখনি কাঁহীৰ দৰে
বহি জোনবায়ে ৰাগী লগা
সুৰ এটি হৈ দুলিবলৈ ধৰিলে । সেই মায়াপী সুধাৰ সৈতে ফেৰ মাৰি
মহানগৰীৰ পাহাৰে - ভৈয়ামে জলি উঠিল অসংখ্যাত বিজুলীবাঁতি
। গুৱাহাটী- শ্বিলং পথ, মণিৰাম
দেৱান পথ আৰু মাদাৰ টেৰেচা পথৰ বিজুলীবাঁতিৰ মালা মৰকত
মণিৰে গথা জৰীৰ দৰে তিৰবিৰ কৰিবলৈ
ধৰিলে।
এই টগবগ
উলাহৰ বিপৰীতে অনন্ত নীৰৱতাত
ডুবি থকা শৰণীয়া পাহাৰৰ গান্ধীমণ্ডপৰ
বাকৰি যেন ত্ৰিশংকু
হৈ ওলমি থাকিল। গান্ধীবাপুই
লাহেকৈ মূৰ্তিটিৰপৰা নামি দিলে। লাখুটিডাল
হাতত লৈ গান্ধীবাপুই আনদিনাৰ
দৰেই খৰখেদাকৈ তেঁওৰ নৈশ চফৰলৈ সাজু হ'ল। নাথুৱে
বুকুত গুলী দিয়াৰ আগেয়ে যিমান উচাহেৰে বাপুই
দেশ জুৰি পদযাত্ৰা কৰি ফুৰিছিল, এতিয়াও
সমান উচাহেৰেই তেঁও প্ৰতি নিশা আনে নিঃপালি
দিয়াৰ পৰত মূৰ্তিৰ
কঠিন খোলাৰপৰা ওলাই আহি প্ৰিয়সকলৰ
কাষত এটিবাৰ ঠিয়দঙা
দি, তেঁওৰ সুকোমল হাতখনিৰ
পৰশ বুলাই আহিছিলগৈ।
বাপুক সাজু হোৱা দেখি শৰণীয়া
পাহাৰৰপৰা আকাশলৈ মুৰ দাঙি থকা সহস্ৰ
বিৰিখে নত হৈ তেঁওক প্ৰণিপাত
কৰিলে। পাহাৰৰ নাভিৰ
কোমল বতাহ এছাটি
বৈ আহিল। বাকৰিত
নতুনকৈ ফুলিবলৈ লোৱা তগৰ আৰু খৰিকাজাঁই ফুলৰ পাপৰিয়ে সেই বতাহক সুগন্ধি
দিলে।
গান্ধীবাপু নামি আহিল
সুগন্ধিত বতাহৰ সুৰভিৰ
মাজে, শৰণীয়া পাহাৰৰ
অকোঁৱা - পকোৱা ভাঁজে ।
শৰণীয়া পাহাৰৰপৰা
উলুবাৰী অভিমুখী ওখোৰা- মোখোৰা পথটিৰে
বাপু গুজুং গুজুংকৈ আহি থাকিল।
গোট খাই থকা আৱৰ্জনাৰ লেতেৰা দ'মে বাপুৰ দুখানি চৰণ
লেতেৰা কৰিলে। মাজপথলৈকে
উলিয়াই দিয়া ঘৰবোৰৰ
সংকীৰ্ণ বতাহে বাপুৰ বাট ভেটি ধৰোঁ
যেন কৰিলে। এনেকৈয়ে তেঁও শৰণীয়া - উলুবাৰী পথৰ কস্তুৰবা
আশ্ৰম পালেহি। তাতেই ৰাতিৰ বুকুতে ওলমি থকাৰ দৰে এচুকত
ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধীৰ ক'লা ৰঙৰ আবক্ষ মূৰ্তি
এটি তলমুৰকৈ বিমøমনে আছিল। ৰাষ্ট্ৰমাতাৰ
প্ৰতিমূৰ্তিৰ ডিঙিত কোনোবা
কাহানিতেই সুমুৱাই দিয়া গেন্ধাই ফুলৰ মালা এধাৰি শুকাই,
লেৰেলি গৈছিল। ৰ'দ- ব'ৰষুণ- বতাহ আৰু ধূলিকণাই
কোবাই জুৰুলা কৰা গেন্ধাই ফুলৰ মালাধাৰি শুকাই, মৰহি ফাঁচীৰ জৰী এডালৰ
দৰে ৰাষ্ট্ৰমাতাৰ ডিঙিত ওলমি
আছিল। তেনে ৰূপত ৰাষ্ট্ৰমাতাক দেখি সহিব নোৱাৰা
সন্তাপ এটিৰে বাপুৰ বুকুখন
তোলপাৰ কৰি উঠিল। সেই হাহাকাৰ তেঁও পাঁজৰত গাথি ল'লে আৰু উলুবাৰী ফ্লাই-অ'ভাৰৰ
তলেৰে পল্টনবজাৰ অভিমুখে
পোনাই দিলে।
গুৱাহাটী
ৰে'লষ্টেচনৰ পদসেঁতুখনিৰে উঠি আহি তেঁও প্লেটফৰ্মৰ
মজিয়া পালেহি। মহানগৰীৰ উচ্ছিষ্ট খাই লেকাট ভূঞ্জা পথবাসীসকলে তাতেই নিশাটোৰ বাবে আশ্ৰয় লৈছিল। সিহঁতৰ
কোনোবাটো আছিল দাগী অাৰু কোনোবাটো জঘণ্য পাপাচাৰত নিমজ্জিত। সিহঁতৰ অনেকেই নিয়মিতভাৱে জে'ললৈ অহা-যোৱা কৰিছিল। ক্ষয়ৰোগৰ বীজাণুৱে জালি কটা
মৌচাকৰ মৌগুটিবোৰৰ দৰে সিহঁতৰ বুকুত খোপনি পুতিছিল। সিহঁতে প্লেটফৰ্মৰ
মজিয়ালৈ দলিয়াই দিয়া থু আৰু খেকাৰত লাগি থকা সেই বীজাণু বতাহত ওপঙি ফুৰিছিল। নিশা টুকুৰা - টুকুৰ হৈ পৰা চিয়ঁৰ একোটাৰ সৈতে সিহঁতে চেঁচুকৰ এন্ধাৰত ঘিণ লগা বীৰ্য এৰি আহিছিল। সমাজে অনুমতি নিদিয়া কদাকাৰ কামবোৰ কৰি সিহঁতে যি নিঃকিন কাগজী মুদ্ৰা উপাৰ্জন কৰিছিল, তাত গান্ধীবাপুৰেই বিৱৰ্ণ চিত্ৰপট এখনি খোদাই কৰি থোৱা আছিল।
দোভাগ নিশা গান্ধীবাপু সিহঁতৰ কাষ পাইছিলহি।
দুখানি হাতেৰে তেঁও চেঁাৱৰৰ দৰে আলে - ফুলে
সিহঁতৰ গালে- মুখে চেনেহী পৰশ বুলাই
দিছিল। স্বৰাজ লাভৰ আগেয়ে
বগা চাহাবৰ আগত গান্ধীবাপুই এদিন ফুটনি মাৰি কৈছিল এইবুলি যে, স্বৰাজ পোৱাৰ
পিছত ভাৰতৰ প্ৰজাগণে নিজৰ ভাগ্য গঢ়ি লব। সেয়েহে মুৰৰ ওপৰত এখনি চাল নথকা এই পথবাসীসকলৰ প্ৰতি গান্ধীবাপুৰ
চেনেহৰ শেষ নাছিল। ষ্টেচনৰ লেতেৰা প্লেটফৰ্মত বীজাণুৰে ভৰি থকা মজিয়াত নিশাটোৰ বাবে পাৰি লোৱা শোৱনিপাটীলৈ
আহি তেঁও কেঁচুৱাক নিচুকোওৱাৰ দৰেই সিহঁতক
এধানি মৰম সানি দিছিলহি।
বাপুৰ দুহাতৰ পৰশ পাই সিহঁতৰ চকুৰ পতা
আল- ফুলকৈ লাগি ধৰিলে।
বাপুই লুইতৰ দিশে
দুখানি চৰণ চলাই দিলে।
ৰেলৰ ষ্টেচনৰ নিঠৰুৱাজাকৰ
দৰেই শুক্ৰেশ্বৰ মন্দিৰৰ সমুখৰ পদপথতো এজাক পথবাসীয়ে
আতুঁৰ হৈ বাপুলৈ বাট চাই
আছিল। তেঁও সিহঁতকো এফেৰি মৰম সানি দিলে আৰু
আগবাঢ়িল। ওপৰত গলা জোনাক, আৰু শুক্ৰেশ্বৰ
মন্দিৰৰ সমুখৰ পদপথত ফুল বেচা শাৰী শাৰী দোকানৰ ৰজনীগন্ধা ফুলৰ সুবাস বাপু চলাৰ পথলৈ নামি আহি আদৰণি জনালে ।
ফৰিং ফুটা জোনাকত ৰজনীগন্ধা ফুলৰ মায়াময়
নিৰ্যাস পথৰপৰা লুইতৰ শুধ বগা জলধিলৈ বিয়পি পৰিল। অদূৰত সৌ
কাছমাৰি ঘাটত ‘কামাকাজি' নামৰ লুইতৰ পানীত
ওপঙি থকা ডিস্ক'থেকখনিত উদ্দাম সংগীত, উচলি উঠা
নাচোন আৰু নিচালগা পানীয়ৰ স'তে নিশাটো মাংসল, গোলাপী
হৈ উঠিছিল। ডিস্ক'থেকৰ ভিতৰলৈ যোৱাৰ কাউন্টাৰটিৰ
কৃত্ৰিম আলো- ছায়াৰ জলঙাত গান্ধীবাপুৰ চিত্ৰপট
খোদাই কৰি থোৱা চকচকীয়া
কাগজী মুদ্ৰাবোৰ পাখি গজা উঁই পৰুৱাৰ
দৰে উৰি ফুৰিছিল। বাপুৰ ডিঙিটো শুকাই
যোৱা যেন লাগিল। লুইতৰ পানী
এচলু পিবলৈ তেঁও ‘কামাকাজি'ৰ কাষেৰে
থিয় গৰাটিৰে নামিদিলে। সেইখিনিতে ‘কামাকাজি'ৰ ছায়াটি
ক'লা দৈত্য এটাৰ দৰে
হৈ পৰিছিল। বাপু আগুৱাবলৈ
লওতেই কোনোবা এটি ধৰ- মৰ
ক ৰি ওলাই আহিল আৰু তেঁওক ওফৰাই পেলাওঁ যেন কৰি বিম্বাশৱদে ঢাপলি মেলিলে। সি ওলাই
যোৱাৰ লগে লগে আন এটি শ্ৰীহীন
প্ৰাণীয়ে সেই নিগুটি
এন্ধাৰৰপৰা কেঁকাই ওলাই আহিল। তাইৰ
শৰীৰৰ মেখেলাসদৃশ নামমাত্ৰ কাপোৰখনি
খহি পৰিছিল, মৰহি পৰা
যৌন প্ৰদেশেৰে বেঙুণীয়া তেজৰ সেোঁতা এটি নামি আহিছিল । এইমাত্ৰ
পাৰ হৈ যোৱা ধুমুহা
এটিয়ে বিধস্ত কৰা শৰীৰটো
চোঁচোৰাই আনি তাই বাপুৰ সমুখতে লুইতৰ বলুকাত ঢলি পৰিল। তাইৰ চাৰিওকাষে ধৰ- মৰ কৰি দৌৰি যোৱা প্ৰাণীটিয়ে
দলিয়াই যোৱা সোঁত- মোচ
খোৱা কেইখিলামান কাগজী মুদ্ৰা
বাপুৰ চিত্ৰপটৰ সৈতে মেটুৰা খাই আছিল। বাপুৱে চেনেহী
হাতেৰে তাইৰ অসাঠন কাপোৰ -
কানি যতনাই দিলে, কাগজী মুদ্ৰাকেইখিলা
কাপোৰৰ ভাঁজত আনে নেদেখাকৈ সুমুৱাই
থ'লে, আৰু লুইতৰ
পানী এচলু পি তেঁও পাৰলৈ উঠি আহিল।
সৌখন ফাঁছীবজাৰ আৰক্ষী থানা। বাপুৱে ভৰলুৰ দিশে খোজ লওঁতেই
থানাৰ বিপৰীত দিশে পদপথৰ কাষতে বিলাসী গাড়ী এখনি ৰখাই এদল যুৱক নামি আহিল । পদপথত ভৰি
দিয়েই সিহঁতে পকেটৰপৰা মাৰণ অস্ত্ৰ উলিয়ালে
আৰু কেইজাঁইমান গুলী ফুটালে। সেই শব্দত পদপথত সামান্য কাপোৰ পাৰি শেতেলি পতাসকল ধৰমৰাই উঠিল।
উজনি অসমৰ কোনোবা এখনি গাৱঁৰপৰা বাহিৰৰ ট্ৰাক ড্ৰাইভাৰ এটিয়ে নিজৰ ঘৰলৈ নিয়াৰ প্ৰতিশ্ৰুতিৰে বিয়া কৰাই আনি কিবাস্বৰূপে মাজপথতে এৰি থৈ
যোৱা সীতা গুৰুং নামৰ গাখীৰতে
হালধিৰ বোল সনা বৰণৰ কন্যা এটিয়েও কিছুদিন
ধৰি এইসকল পথবাসীৰ লগতে আশ্ৰয় লৈছিল। গুলীৰ শব্দ শুনি ফাঁছীবজাৰ আৰক্ষী থানাৰ জোৱানসকলে থানাৰ দেৱালত ওলমি থকা গান্ধীবাপুৰ চিত্ৰপটখনিৰ তলেদিয়েই লৰা- ঢপৰা
কৰি ওলাই আহি ল। কিন্তু অত্যাধুনিক মাৰণ অস্ত্ৰ লৈ পদপথত টহল দিয়া দলটিক দেখি আৰক্ষীৰ জোৱানৰ থৰকাছুটি হেৰাল। দলটিয়ে বিচাৰি - খোচাৰি পদপথবাসীসকলৰ মাজৰপৰা সীতা গুৰুঙক টানি- আঁজুৰি
সিহঁতৰ গাড়ীৰ তলিলৈ দলিয়াই দিলে। যাবৰ পৰত বাপুৰ চিত্ৰপট খোদাই কৰি থোৱা
এনুৰা কাগজৰ মুদ্ৰা সিহঁতে পদপথত সিঁচৰিত
কৰি থৈ গ'ল। দলটি যোৱাৰ পিছতে অতপৰে নিমাতে থকা আৰক্ষীৰ জোৱানৰ দলটি বাটৰ সিটো
মুৰৰ পৰা আহি পদপথ পালেহি
আৰু সিঁচৰিত হৈ থকা
কাগজৰ মুদ্ৰাবোৰ বুটলিবলৈ ধৰিলে। পদপথবাসীয়ে জিভা সলপি
সেই দৃশ্যটি চাই থাকিল।
বাপুৰ আৰু আগুৱাবলৈ মন ন'গল। আজিলৈ তেঁও চফৰ শেষ কৰিলে । ওভতাৰ বাটত পল্টনবজাৰ থানাৰ ভিতৰতো বাপুৱে এবাৰ ভুমুকি মাৰিলে। সংবাদ মাধ্যমত
দিনৰ দিনটো মিছা খবৰ এটা গুলজাৰ কৰি, প্ৰজাগণৰ চেতনাত তোলপাৰ লগাই থানাখন
এতিয়া নিজুম পৰি আছে। এটি প্ৰাণীও
নাই। তেঁও কোবাই খোজ দিলে। ফোঁপাই
-জোপাই শৰণীয়া পাহাৰখনি বগাই বাপুৱে মণ্ডপৰ
নিলগতে থকা থুৰিমলা আইৰ অজামিল পুত্ৰৰ ঘৰৰ চৌহদ পালেগৈ। নিশাৰ জলঙাৰে
ওপৰমহলাৰপৰা হিক - হিক- হিক-হিক খিকিন্দালিৰ শব্দ ভাহি
আহিছিল। তেঁও ওপৰমহলা পালেগৈ। তাতেই অথনি গান্ধীমণ্ডপলৈ অহা পল্টনবজাৰ আৰক্ষী থানাৰ
জোৱান আৰু সাংবাদিকৰ
দলটিক সমুখত লৈ থুৰিমলা আইতাৰ পুত্ৰবধূ
আৰু নাতি- বোৱাৰী হাঁহি - খিকিন্দালিত মচগুল
হৈ আছে। অথনি ‘কামাকাজি' নামৰ ডিস্ক'থেকটিৰ কাউন্টাৰটিত গান্ধীবাপুৰ চিত্ৰপট খোদাই
কৰি থোৱা চক চকীয়া কাগজী মুদ্ৰাবোৰ পাখি গজা উঁই
পৰুৱাৰ দৰে উৰি ফুৰাৰ দৰেই এতিয়া কোঠাটোৰ ভিতৰতো উৰি ফুৰিছে ।
আন দিনাৰ নৈশ চফৰবোৰৰ
দৰেই আজিও ৰে'ল ষ্টেচনৰ
প্লেটফৰ্ম, ‘কামাকাজি'ৰ কাউন্টাৰ, লুইতৰ
বলুকা আৰু পদপথৰ কাণ্ডটিৰপৰা
আৰম্ভ কৰি আইৰ পুত্ৰবধূ আৰু নাতিবোৱাৰীৰ
কোঠাটি পৰ্যন্ত - বাপুৰ চকুৱে
সহিব নোৱাৰা এই কদাকাৰ অভিসাৰবোৰত পাখি গজা উঁই পৰুৱাৰ
দৰে উৰি ফুৰা কাগজী
মুদ্ৰাত যিমানবাৰেই তেঁওৰ চিত্ৰপটখনি খোদাই কৰি থোৱা
দেখিবলৈ পালে - সিমানবাৰেই বাপুৱে
নাথুৱে দিয়া তিনিটি গুলী আকৌ
এটি বাৰ বুকুৰ তলিৰে পাৰ হৈ
যোৱা যেন অনুভৱ কৰিলে।
বাপু থুৰিমলা
আইৰ কোঠা পালেগৈ । ভিতৰত আয়ে একান্তমনে আপোনতে
বিৰ বিৰকৈ বাপুৰ আখ্যান বখানি আছিল। বাপু
স্বয়ং আহি প্ৰৱেশ কৰা দেখি আইৰ দুচকু বিমল শান্তিৰে উপচি
পৰিল। আইৰ চকুহালিত দুহাতৰ পৰশ দি
বাপুৱে দুচকুৰ পতা জাপ খুৱাই দিলে। তেতিয়াই আইৰ শৰীৰৰ
বন্তিগছি ওলাই আহি বাপুৰ দুহাতত ধৰা দিলে। বন্তিগছি
দুহাতেৰে আজলি পাতি আনি বাপু
বাহিৰ পালেহি আৰু দুয়োখনি
হাতেৰে ওপৰলৈ তুলি ধৰিলে।
আইৰ জীৱনৰ বন্তিগছি
তৰা এটি হৈ পৰিল। ওপৰৰ অসংখ্য
তৰাৰ মাজৰ সিও এটা হৈ পৰিল। তালৈকে
চাই বাপুৱে এবাৰ মিচিকিয়ালে
আৰু মণ্ডপৰ মূৰ্তিটিৰ কঠিন খোলাত সোমাই দিলেগৈ।
তেঁও দিনটোলৈ মূৰ্তি
হৈ পৰিল।
----
কিছুদিন
পাৰ হৈ গ'ল।সিদিনাৰ মণ্ডপৰ
বাকৰিৰ কাণ্ডটিয়ে এনে খলকনি তুলিলে
যে, প্ৰশাসনে এক অভিলাষী পৰ্যটন আঁচনি গ্ৰহণ কৰি গান্ধীমণ্ডপখনি নতুনকৈ সজাই-পৰাই
তুলিবলৈ বাধ্য হ'ল। শৰণীয়া পাহাৰলৈ অহা পথটি নিমজ কৰি
আটকধুনীয়াকৈ সজাই তোলা হ'ল। আলোকৰ সাজে সজোৱা হ'ল শৰণীয়া পাহাৰৰ পথমালা। অসামাজিক কাম-কাজ বন্ধ কৰিবলৈ
নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ল। অত দিনে বন্ধ হৈ থকা গান্ধী স্মাৰকটি প্ৰশাসনে
এতিয়া পৰ্যটকৰ বাবে মুকলি কৰি দিলে।
এদিনাখন
প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি প্ৰৰোচনাৰ বলি হৈ আৰক্ষীৰ থানাত সোমোৱা প্ৰাণী এটিয়ে দুৰ্নাম সহিব নোৱাৰি নিজানে এটি নিৰুদ্দেশ যাত্ৰা কৰিছিল - গান্ধীবাপুই তেঁওৰ নৈশ চফৰৰ কালত প্ৰাণীটিৰ উঁৱলি যোৱা দেহাটি মহানগৰীৰ চৰণ স্পৰ্শি নামি যোৱা লুইতৰ পানীৰে
ভটিয়াই গৈ থকা দেখিবলৈ
পাইছিল - দ'ম খাই
থকা খবৰৰ
উচ্ছিষ্টৰ মাজত এই কথাটিও নাগৰিকসকলৰ
অগোচৰেই ৰৈ গৈছিল।
গান্ধীমণ্ডপৰ
শ্ৰী সলনি হৈ পৰিল। প্ৰাতঃভ্ৰমণ কৰিবলৈ এতিয়া বহু মানুহে
ভিৰ কৰিবলৈ ধৰিলে। তেঁওলোকে বাকৰিত দুভৰিৰ ধূলা দিয়েই
সৌ লুইতৰ দিশে মু কৰি প্ৰাণায়াম কৰিবলৈ আৰম্ভ কৰিছিল, দুটিমান কচৰৎ
কৰিছিল আৰু প্ৰভাতী পখীৰ দৰে কিচিৰ-মিচিৰ কৰি আপোনতে দুষাৰি কুশল বাৰ্তা বিনিময় কৰি বিভোৰ হৈ পৰিছিল।
আৰু এদিনাখন গান্ধীবাপুৰ বিশাল মূৰ্তিটিলৈ এটিবাৰ চাই,
তেওঁলোকৰেই কোনোবা এটিয়ে ইচ ইচ কৰি উঠিল “হায়! ৰ'দ, ব'ৰষুণ আৰু বতাহৰ
আঘাতত বাপুৰ মূৰ্তিটি কেনে কঠুৱা হৈ পৰিছে, নহয়নে!”
----------
[তৰুণ গল্পকাৰ সুপ্ৰকাশ ভূঞাৰ হাতত....]
বিঃ দ্ৰঃ
- গল্পত
উল্লেখিত ‘গান্ধীৰ গীত' কেইফাঁকি অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ভৱপ্ৰসাদ চলিহাৰ
‘অসমীয়া আখ্যান গীত সংগ্ৰহ' নামৰ পুথিৰপৰা
লোৱা হৈছে।