Tuesday, 6 February 2018

সমালোচনা আৰু অন্যান্য



------



‘উত্তৰ ঔপনিবেশিক কবিতা” -  কবিতাত মতাদৰ্শৰ  সন্ধান  










অসমীয়া  সাহিত্যৰ  তৰুণ  কবি  কমল  কুমাৰ  তাঁতীৰ  নামটো  আমাৰ  বাবে আদৰৰ । আদৰৰ, এইবাবেই যে -- অসমীয়া কবিতাৰ সমৃদ্ধ জগতখন  নতুনত্ব আৰু সম্পৰীক্ষাৰে উজ্জীৱিত কৰিব খোজা কবিয়ে  সমসাময়িক আন বহুতো কবি -  সাহিত্যিকৰ  বিপীৰতে  সজোৰে  ঘোষণা কৰিছে যে, এজন  লিখকৰ  বাবে   লিখা-মেলা কৰাটো  এক  ৰাজনৈতিক কাৰ্য।  সহিত্যৰ  বৰণীয়া  আলি বাট  যিসকলৰ    বিৱৰণী আৰু  গাথাৰে  তেঁও  সজাই তুলিব - সেই  বিষয়ে  কবি   ইমান  স্পষ্ট,  তাৰ  বাবে  কৰিবলগীয়া  প্ৰস্তুতি   ইমান   একক   আৰু    নিৰলস  যে --   আমি  কবিলৈ  চাই  ৰওঁ,   অপেক্ষা   কৰোঁ  সেই  শব্দবোৰৰ   বাবে, বোধৰ অনুভুতিবোৰৰ  বাবে  --  কবিয়ে  আমাক  অপেক্ষা  কৰিবলৈ  বাধ্য  কৰে।  আমি জানোঁ,   তেঁও যেতিয়া  কয়  এজোপা  গছৰ  কথা,  তেতিয়া  সেই  গছ  হৈ  পৰে  এজোপা  ৰাজনৈতিক গছ  --  যেতিয়া  তেঁও  কয় শিপাৰ  কথা, অথবা   শিপাৰ  পৰা ছিঙি  পৰা  ইতিহাসৰ   কথা  তেতিয়া  সেই   শিপা  আৰু    শিপাবিচ্ছিন্নতা উভয়েই   ৰাজনৈতিক  --  এক কথাত  কবিৰ বাবে  পানী,  আকাশ,  বতাহ   আৰু  আনকি  সৰি   পৰা  হুমুনিয়াহ  এটিও  এক   ৰাজনৈতিক   ইতিহাস  -- তেঁও নিজে  সেই  ইতিহাসৰ  ৰখীয়া, চকীদাৰ।   আমি  এইটোও  জানোঁ যে,   সভ্যতাৰ   কপাট   খুলি   ৰাজনীতিৰ  যি   গাথা  তেওঁ  উন্মোচন কৰিব  সি  অতিকৈ  কৰুণ --  মানুহৰ দীঘলীয়া  সভ্যতাৰ কেইবাটাও  শতিকাত বিয়পি থকা   বাট   এটিৰ   শোকৰ  কাহিনী।  আৰম্ভণি  তাৰ  ঔপনিবেশিকতাবাদৰ  গভীৰত  নিজৰ ভূমিৰপৰা  খেদা খোৱা এজাক মানুহৰ,  আৰু  সি  শতিকাৰ   বঙিয়াৰে   আহি   সৃষ্টি  কৰিলে  উত্তৰ- ঔপনিবেশিকতাবাদ  নামৰ এটি বাগধাৰাৰ -- য'ত  মাটি - পানী- বতাহ হেৰুওৱাৰ  বেদনাৰ  ছিন্নমূল  হুমুনিয়াহবোৰেই  নাই   --  তাত আছে  জনগোষ্ঠীৰ  জাতীয়  সংস্কৃতি  আৰু  আইৰ  মুখৰ ভাষা   হেৰুওৱাৰ বেদনা।  এই  সকলোবোৰ হেৰুৱাই   জনগোষ্ঠীৰ ক্ৰন্দন  যেতিয়া  বতাহত  ওপঙি ফুৰে --  আমি  শুনা  পাওঁ শোকৰ  ইতিহাসৰ পাতৰপৰা উঠি অহা  চাবুকৰ  সৰৌপ সৰৌপ কোব,  দেখা  পাওঁ   কিদৰে ভাঙি দিয়া  হৈছে  তেওঁলোকৰ  স্বাধিকাৰ  প্ৰতিষ্ঠাৰ  সংগ্ৰাম।   আত্মপ্ৰত্যয়ৰপৰা  আত্মবিশ্বাসহীনতালৈ  এই  কাহিনীৰ   আজিও  অন্ত পৰা  নাই।  


আৰু  এই চেতনাৰ পৃষ্ঠত    চমৎকাৰভাৱে   আমি  পালোঁ  এজন কবি --  যি  বহন কৰিছে   এই   শোকৰ   উত্তৰাধিকাৰ  --  বহন  ক ৰিছে  ওপঙা  ইতিহাসৰ  বোজা -- নিম্নবৰ্গ  সমাজৰ  ঐতিহ্য।  উত্তৰ - উপনিবেশিকতাৰ যুগত  বাস কৰা  পৃথিৱীৰ  বাসিন্দা  হিচাপে  এই বোজাক  তেওঁ   মাথোঁ   কাৰুণ্যৰ   গাথাৰ  মাজত  আৱদ্ধ কৰি  ৰাখিব  পৰা নাই।  কঠোৰ বিদ্যায়তানিক    চৰ্চাৰে  নিৰ্মোহ   দায়িত্বলৈ  পৰিণত   কৰিছে ।  ইমান পৰিচ্ছন্ন  তেওঁৰ এই  বাট যে, কোনো সময়তে কবি  সংকীৰ্ণ  হোৱা      নাই,  তৰাং  শ্ল'গানেৰে  কলুষিত  কৰা  নাই  --   বৰং সজাই  তুলিছে  এগছি  চাকিৰ দৰে,  বোধ আৰু   ইতিহাস চেতনাৰ পৃষ্ঠত মেদহীন কাবি্যক  ভাষাৰে --  আৰু  আমি দেখোঁ  প্ৰস্তুতিৰ এই  পৰ্ববোৰত   কিদৰে  কবিয়ে সচেতনভাৱে উৎকøতাৰ  দিশে  এটি  যাত্ৰা  কৰিব  খুজিছে। তেওঁ  জানে  তেওঁ  কাক  প্ৰতিনিধিত্ব  কৰিব,  সেয়েহে    ইমান  সজোৰ  আৰু  সবেগ  কবিতাত  তেঁওৰ উপস্থিতি -- যেন এচটা  আদিম  শিল -- চেঁচা  পৰি যোৱা  বোধৰ  জগতৰপৰা সাৰ পাই  উঠি  অহা  এটি  চিকুণ   অনুভৱ ।  ইমান   দৃশ্যমান তেওঁৰ  এই  খোজ  যে,  পাঠকে  শুভেচ্ছাৰ বাণীৰে  তাক  ওপচাই  দিয়ে,  কিয়নো  পাঠকে  অনুভৱ কৰে যে,  আৰুনো  কোনে ক'লেহেঁতেন  এনেদৰে  এইখন  সমাজৰ  কথা,  যদিহে  তেওঁ নিজে  কব  নুখুজিলেহেঁতেন।   



কমল কুমাৰ তাঁতী  পদাৰ্থবিজ্ঞানৰ  ছাত্ৰ।  আৰু  ইতিহাস চেতনাৰ বাটত তেঁও  গ্ৰহণ  কৰিলে  মাৰ্কসবাদৰ দৰ্শন।   হয়তো এয়াই সেই বিৰল  সন্ধিক্ষণ, যাৰ বাবে কমলৰ কবিতা ইমান ‘একক'।   যদিওবা  প্ৰতিটিয়েই  ‘অনন্য'  নহয়।  আৰু  সেই দুৰাশা  আমিও  নকৰোঁ।  প্ৰস্তুতিৰ বাবে  পঢ়ি  থকা  অৱস্থাতেই তেঁও অধ্যয়ন কৰিলে নিম্নবৰ্গৰ ইতিহাস, উত্তৰ- ঔপনিবেশিকতাবাদ, উত্তৰ- আধুনিকতাবাদ  অথবা  ৰাষ্ট্ৰৰ ধাৰণা ।  দ্বন্দমূলক  বস্তুবাদৰ চেতনা আৰু  বিদ্যায়তনিক ক্ষেত্ৰৰ  জ্যোতিৰ্বজ্ঞিান আৰু জ্যোতি-পদাৰ্থবিদ্যাৰ আলোকেৰে  তেওঁ  যেতিয়া  বিশ্লেষণ  কৰিব  খুজিলে তেওঁ  বিচৰণ  কৰা  জগতখন,  তেঁও  ইমান  নিৰ্মোহভাৱে সংশ্লেষণ কৰিলে, যে তেওঁ  লাভ  কৰিলে  সেই  মুকুতা -- আৱেগৰ জাল  ফালি  ওলাই  অহা  যুক্তিৰ  কষটি  শিলটি -- তেওঁ তাক বিনম্ৰতাৰে গ্ৰহণ  কৰিছে । আমি  জানোঁ  সাহিত্যৰ নিৰলস  সাধনাত কিমান প্ৰয়োজন এই বিনম্ৰতাৰ। কবিৰ বাবে   হয়তো এয়াই  আৰম্ভণি আছিল --  তত্বৰপৰা সমাজ  বাস্তৱতালৈ। 



২০০৭ চনত কমলে প্ৰকাশ কৰিছিল প্ৰথমখন কবিতাৰ পুথি --  ‘মাৰাংবুৰু  আমাৰ পিতা।' সেই সময়ত কবিৰ মাজত  আমি  পাইছিলোঁ  মাৰাংবুৰুৰ  এজন  পুত্ৰ-- যি বাস কৰে একেলগে আদিমতাত  আৰু  উত্তৰ-ঔপনিবেশিকতাত ।  এঘাৰ বছৰৰ বিৰতিত তেওঁ প্ৰকাশ  কৰিছে ‘উত্তৰ ঔপনিবেশিক কবিতা” । অসমীয়া লিখকৰ গ্ৰন্থপ্ৰকাশৰ আগ্ৰহৰ উখল-মাখলৰ এই যুগত দুখন কবিতাৰ  কিতাপৰ মাজৰ  প্ৰকাশৰ সময়ৰ  এঘাৰ  বছৰৰ বিৰতি  ধেমালি  কথা নহয়  -- কিন্তু  কবিৰ কোনো লৰালৰি  নাই --- কিয়নো তেঁও জানে তেঁও  মাথোঁ কবি নহয় -- এটি  স্থিৰ সত্তা,  নিজে  অন্বেষণ  কৰিব   খোজা  এক  ইতিহাসৰ  কৰুণ  খোজবোৰৰ  মাজেৰে  চলাফুৰা কৰা এজন  দায়িত্বশীল, নিৰ্মোহ  ভ্ৰমণকাৰী।   ‘মাৰাংবুৰু  আমাৰ পিতা' কাব্যপুথিৰ  শেষৰফালে   তেওঁ  নিজৰ  [প্ৰজাতীয়] চিনাকি দি  কৈছিল --


 “ আমাৰ পিতা মাৰাংবুৰু আমাৰ সৃষ্টিকৰ্তা

আমি ওপজিছোঁ তেওঁৰ হাড়ৰপৰা তেওঁৰ শিপাৰপৰা।”



আৰু  “উত্তৰ ঔপনিবেশিক কবিতাৰ” আৰম্ভণিতে তেঁও কৈছে--


“আমি জলকুৱঁৰীৰ ৰখীয়াবোৰে

নৈৰ গভীৰ তলৰপৰা গৈ

যেতিয়া নৈৰ পাৰ পালোঁগৈ


তেতিয়া বণিকসকলৰ শেষ জাহাজখন

এন্ধাৰ ফালি গুচি গৈছে --

নৈৰ বুকুৰ সকলো সম্পদ আত্মসাৎ কৰি


নৈৰ পানী সৰকি বৈছিল বালিৰ চেকুৰা

বালিত জমা হৈ থকা

তেজৰ শতিকাজোৰা চেকুৰাবোৰ

কৰাল মাৰি ধৰিছিল


জলকুৱঁৰীৰ শৰীৰে

জীৱন্ত নাৰীৰ ৰূপ লৈছিল

..........................

..........................

আমি জলকুৱঁৰীৰ ৰখীয়া

জলকুৱঁৰীৰ দেশৰ সচেতন বিশ্বাসী ৰখীয়া।”



যি আদিম  সৃষ্টিকৰ্তাৰ  নাড়ীৰ টুকুৰাৰে বাগৰি  আহি  তেওঁ পৃথিৱীৰ  মুখ দেখিলে,  সেই  ঐতহ্য তেওঁ বহন কৰি আনিলে --  আহি আহি   কবিয়ে   নিজৰ  অৱস্থান  ল'লে ।  উত্তৰ - ঔপনিবেশিকতাৰ  ‘আন্তঃৰাষ্ট্ৰীয় পানীৰ  ৰাজনীতি'ৰ  যুগত যেতিয়া  নদীবান্ধ অথবা  নদীৰ- সংযোগীকৰণৰ  ৰাজনীতিৰে  সদাগৰবোৰে   নদীৰ   বুকুৰ  সম্পদ  লুট কৰি  লৈ গৈছে আৰু  নদীৰ  অনন্য-উদ্ভাসিত সৌন্দৰ্যস্বৰূপ   আমাৰ  সপোনৰ  ই২৬াধাৰী জলকুৱঁৰীজনী   তৰাং খোলা  হৈ  পাৰত  পৰি  ৰৈছে -- তেতিয়া  তেওঁ সেই জলকুঁৱৰীৰ  ৰখীয়া হৈয়েই  ৰৈছে -- নদীৰ অৱশেষ অস্তিত্বৰ তেঁও বিশ্বাসী ৰখীয়া হৈ ৰৈছে -- দায়িত্বৰপৰা তেওঁ  আতঁৰি অহা নাই। তেওঁ ভাবে এয়া তেঁওৰ কৰ্তব্য, যেতিয়া তেওঁ কয় --


আমি  সুধিলোঁ কছাৰী বুঢ়াক

আমিনো কোন·


 বগা চাহাবৰ ভৰিৰ তলত চেঁপা খাই থকা কচুপাত

অশ্বাৰোহী ঘোঁৰাই  গৰকি যোৱা পুখুৰীৰ পানী

বন্দুকৰ গুলীৰ শব্দত ভয় খাই উঠা ভয়াতুৰ কলিজা


আমি  সুধিলোঁ  কছাৰী বুঢ়াক

আপুনিনো কোন·


মই বুৰঞ্জীঃ দুটা লুপ্ত শতিকাৰ বুৰঞ্জী

মই উপনিবেশবোৰৰ বুৰঞ্জী

মই উপনিবেশবোৰৰ মানুহৰ বুৰঞ্জী




ইমান  সংহত হৈ,  কলাসন্মতভাৱে তেঁও  গ্ৰহণ  কৰে  জীৱনৰ  ক্লেদ,  গ্ৰহণ   কৰে  বেদনা।   কিয়নো তেওঁ জানে, তেওঁ  মাথোঁ এজন  ব্যক্তি নহয়,  তেওঁ  এজন  প্ৰতিনিধি, তেওঁ ‘represent'  কৰিছে  বঞ্চিতজনৰ  ইতিহাস। সেয়েহে  তেঁওৰ  সাব্যস্তকৰণ, তেঁওৰ   ‘assertion' ইমান মূৰ্তিমান,  ইমান  প্ৰকাশ্য যে চেতনাৰ বিন্ধাবোৰ কাটি কাটি দ লৈ  সেমাই  যায়।  জুখি - মাখি,  নিয়াৰিকৈ   তুলি অনা  শব্দবোৰ তেওঁৰ   কাব্যভাষাৰ  অলংকাৰ।    কিন্তু  মাথোঁ সেয়াই নহয়  --  ইয়াৰ  উপৰিও আছে  দ্বন্দ,  সংঘাত।  তেঁওৰ দ্বিতীয়খন  কবিতাৰ পুথি  ‘উত্তৰ- ঔপনিবেশিক কবিতা'ত   তেওঁ  গ্ৰহণ কৰা  মতাদৰ্শগত ধাৰণা  আৰু  দ্বন্দবোৰেই তেঁওৰ  কবিতাৰ  শব্দ  হৈ  উঠিছে।   ২০০৭ চনত  প্ৰকাশিত তেওঁৰ   এক  প্ৰবন্ধ  সংকলন ‘নিম্নবৰ্গ, সমাজ, ঐতিহ্য'ত কমল কুমাৰ তাঁতীয়ে  ‘উত্তৰ-ঔপনিবেশিকতা প্ৰসংগঃ কিছু প্ৰাৰম্ভিক আলোচনা' শীৰ্ষক  প্ৰৱন্ধত লিখিছে   ‘ideology"  অথবা ‘মতাদৰ্শ' এই শব্দটোৱে কেৱল ৰাজনৈতিক  মত বা  ধাৰণাবোৰকে নুবুজায়, বৰং ই  আমাৰ সকলোৰে মানসিক ঠাঁচ। গঠন(mental framework), আমাৰ সকলোবোৰ বিশ্বাস-প্ৰত্যয়, সংস্কাৰ ধাৰণা আৰু সমগ্ৰ বিশ্বখনৰ সৈতে আমাৰ সম্পৰ্কবোৰৰ প্ৰকাশভংগীক নিৰ্দেশ কৰে। আমাৰ সামাজিক চিন্তা-চৰ্চাৰ সবাতোকৈ জটিল, আৰু ছয়াময় ( elusive)  সংজ্ঞাবোৰৰ ভিতৰত এটা ‘মতাদৰ্শ'-- এই প্ৰশ্নটোৱে  এক অবিৰত বিতৰ্কৰ সুচনা কৰিছে -- যাৰ কেন্দ্ৰস্থলত  আছে  এটি  গুৰুত্বপূৰ্ণ  প্ৰশ্ন --  আমাৰ সামাজিক ধাৰণাবোৰ কেনেদৰে উদ্ভৱ   হয় আৰু  তাৰ বিৱৰণ আমি কেনেদৰে দিব পাৰোঁ·” --  এই   প্ৰশ্নই  কবিৰ  জীৱনৰ চালিকাশক্তি।   এই   উক্তিৰপৰাই  কবিতাৰ   শৰীৰ  গঠন কৰিবলৈ তেওঁ  কিমান সংগোপনে সাজু  হৈছিল,  তাৰ  উমান   পাব  পাৰি।   সেয়েহে  কবিয়ে   একেটি   ইতিহাসৰ সুঁতিলৈ উভতিব খুজিলেও আমি তাত ভাৱৰ লেহুকা পুনৰাবৃত্তি  নাপাওঁ-- কিয়নো  উত্তৰ-ঔপনিবেশিকতা  এক বিশাল  প্ৰেক্ষা আৰু   কবিয়ে নিজকে অনবৰতে কৰি  থকা  প্ৰশ্নবোৰৰ খুন্দিয়া-খুন্দিবোৰে  তেওঁক  প্ৰতিনিয়ত  আৰু  এটি  নতুন  প্ৰশ্নৰ  সৈতে পৰিচয় কৰাই  দিয়ে।  কবিতাত  তাৰ পৰিপক্ক  ৰূপ এটা সকলো  সময়তে   নাপালেও আমি লেহন কৰিব পাৰোঁ  শব্দৰ অপূৰপ বিন্যাসবোৰ,   সন্মুখীন  হওঁ   কবিয়ে  চিনাই দিয়া প্ৰশ্নবোৰৰ। ‘মৃত   আৰু জীৱিতৰ  নৈ'ত এই সন্ধানী  প্ৰশ্ন   ইমান জীৱন্ত  যে ঐতিহ্যৰ বিস্তৃতি পাৰ হৈ  আহি  সি  আমাৰ সন্মুখত বাৰে  বাৰে বাৰে দোলা দি থাকে --



“মই আৰু মোৰ সন্তান-- দুয়ো জীয়াই থকাৰ প্ৰতিটো মুহূৰ্ততে

মোৰ অভ্যন্তৰলৈ আগমণ ঘটে -- মগজুৰ সিৰাই সিৰাই নিৰ্বিধাই

বৈ যাব খোজা আৰু এখন নৈৰ,  সেই নৈ

মৃতক আৰু জীৱিতৰ নৈ।

....................................

.....................................


স্বপ্ন আৰু দিঠকৰ ধূলিময় মাজমজিয়াত মই উন্মুখ হৈ  ৰওঁ –

মৃতক আৰু  জীৱিতৰ নৈখনৰ  মাজৰ   নাতিদীঘল সাকোঁখনত ৰৈ --

শুনি থাকোঁ জীৱিত  আৰু মৃতসকলৰ গোপন ক্ৰন্দনময় Îবাঁ

স্পষ্টভাৱে দেখা পাওঁ মৃত আৰু জীৱিতসকলৰ মুখাবোৰ , আৰু

মুখাবোৰৰ আঁৰৰ শেঁতা-হালধীয়া ঘোলা চকুবোৰ

....................................

...................................



মই আৰু মোৰ সন্তান -- কেতিয়াবা জীৱিত কেতিয়াবা মৃত

তথাপিও মোক আৰু মোৰ সন্তানক যে জীয়াই  ৰাখে  এই নৈখনে  ।

মৃত আৰু জীৱিতৰ নৈখনে  ।





আৰু  এটা  কবিতা ‘সদাগৰৰ আঙুলি'ৰ  বিষয়ে  উল্লেখ  কৰাৰ লোভ সামৰিব নোৱাৰি--

...........................................

..........................................


“এতিয়া আৰু এই দেশ আমাৰ

 দেশ হৈ থকা নাই।

এতিয়া আৰু এই মাটি আমাৰ

মাটি হৈ থকা নাই


মোৰ দেশ মোৰ বায়ু মোৰ পানী

মোৰ  হাবি মোৰ নদী মোৰ দেশৰ মানুহ


এই  সকলো --

দূৰৈৰ কোনোবা ধনী সদাগৰৰ

নাঙলৰ  গৰু --


মোৰ এই কথা শুনি

মোৰ ছাঁটোৱে মাত লগালে



সেই সদাগৰৰে আঙুলিত জমা হৈছে

আমাৰ দেহবোৰৰ কেঁচা ৰস

আৰু তেজ”



অযৌন’ শীৰ্ষক তিনিটা  কবিতাৰ  শাৰীবোৰত  আছে  দৃশ্যগত উপস্থাপনাৰ  সুখময়  চিত্ৰকল্প।   আচলতে  কমল কুমাৰ  তাঁতীৰ  কবিতাত সততে  দেখা পোৱা  চিত্ৰকল্পৰ দৃশ্যগত  উপস্থাপনাই  পঠনৰ  এক বিমল আনন্দৰ সোৱাদ দিয়ে।  আৰু  পুনৰ  পঠনৰ বাবে উচতনি যোগায়।   একে সময়তে   কবিৰ  আন কিছু  কবিতাৰ পঠনে আন এক প্ৰশ্নৰ অৱতাৰণাও কৰে ।  উত্তৰ- ঔপনিবেশিকতাৰ  কথা  কবলৈ যোৱা  সম্পৰীক্ষাবাদী  এই  উত্তৰ- আধুনিক  কবিয়ে  কোনো কোনো সময়ত  চলাই নেকি  শব্দৰ  আৰু  ভাৱৰ  বিন্যাসৰ  ওপৰত  প্ৰয়োজনাধিক কেঁচী - কটাৰী --  ‘আধৰুৱা' ‘বিকল্প ৰাজনীতি' ‘ফুল নুফুলাৰ কহিনী'ৰ দৰে কবিতাত যি  হৈ  পৰে  স্পষ্ট।  উত্তৰ- আধুনিকতাৰ সম্পৰীক্ষাক আদৰণি জনায়ো আমি কবলৈ বাধ্য যে, সাহিত্য  মূলত ৰস- বস্তু  আৰু  সৃষ্টিকৰ্তাই  অত্যধিকভাৱে মেদহীন, সমাহিত কৰিবলৈ যোৱাৰ প্ৰয়াসে  কাব্যৰ ৰস  আস্বাদনৰপৰা পাঠক কেতিয়াবা বঞ্চিত কৰে।  তত্বৰ পৰা  সমাজ বাস্তৱতালৈ  স্বছন্দে  গতি কৰা  কবিয়ে পুনৰ তত্বৰ   জগতলৈ  উভতিব  বুলি  সংশয় হয়।   


আৰু  এটা  কথা।  মতাদৰ্শৰ প্ৰশ্নক কাব্যভাষাৰ মূল  উপজীব্য কৰি লোৱা কবিয়ে শোকৰ ইতিহাসৰ  চমৎকাৰ বিৱৰণী দাঙি ধৰিবলৈ সক্ষম হৈছে,  নিসন্দেহে তেওঁ এই বিৱৰণীৰ এক  টল-মল  কথক। কিন্তু  এই  উত্তৰণৰ  পিছত    আমি  কবিক এতিয়া  আৰু  মাথোঁ  শোকৰ  বিৱৰণীৰ  অনন্য কথকৰ  ৰূপতেই  চাবলৈ  নিবিচাৰিম।  মতাদৰ্শগত ৰ দিশেৰে  চলাৰ    বাটত   তেঁও  শ্ৰেণীশত্ৰু   ‘দূৰৈৰ ধনী সদাগৰ'জন --    যাৰ হাতত  আমাৰ দেশ আৰু দেশৰ   বায়ু, পানী, হাবি, নদী  আৰু মানুহ   হৈ  পৰিছে ‘নাঙলৰ গৰু'   --    তেওঁক   চিনাক্ত  কৰিছে  ঠিকেই  --  যি কথা ‘উত্তৰ - ঔপনিবেশিকতাৰ কবিতা'ৰ পাতে পাতে  স্পষ্ট।  আটাইতকৈ  ডাঙৰ কথা যে, তেঁও  এক অৱস্থান  গ্ৰহণ  কৰিছে।   পৰৱৰ্তী সময়ত   এই    দেওনাখন  পাৰ  হৈ  কবিয়ে এই  ঔপনিবেশিক  আৰু  উত্তৰ- ঔপনিবেশিক    বাগধাৰাৰ  নিম্নত বাস কৰাসকল --  যিসকলে    জনগোষ্ঠীয় অথবা   জাতীয়  সংস্কৃতি,  ভাষা,  মাটি - ভেটি হেৰুৱাই   দৰিদ্ৰতাৰ  কবলত  পিষ্ট  হৈ  ডলাৰ বগৰীৰ দৰে  চটফটাই  আছে   --  আৰু   যিসকলক লৈ  কূটিল ৰাজনীতিৰ  আজিও শেষ  হোৱা নাই  --   কবিয়ে  নিজৰ বোধৰ  জগতত   এইসকল লোকৰ  চেতনা  আৰু  স্বাধিকাৰ  প্ৰতিষ্ঠাৰ   এখন  সংগ্ৰামৰ  পাতনিৰে  নিজকে এজন ভবিষ্যদ্ৰষ্টাৰ   স্থানলৈ কঢ়িয়াই    নিবলৈ  সক্ষম   হ'বনে, সেই  দিশটোও  আমি   চাই   ৰ'ম -- কিয়নো এই পৃথিৱীত কেতিয়াবা  বিৰল  প্ৰতিভাধৰ   কবিসত্তাৰ  জন্ম  হয়,  যি  সকলো  বাধা  নেওচি  জাতিৰ  ভবিষ্যদ্ৰষ্টাৰ   শাৰীলৈ  গুচি যায়।  গভীৰ  প্ৰজ্ঞাৰে  জীৱনৰ  প্ৰতি  খিলা  পাত  তন্ন - তন্নকৈ চাব খোজা   কমল  কুমাৰ তাঁতীয়ে  আমাৰ  এই  প্ৰত্যাশাৰ  উমান  পাব  বুলি  আমি  ধৰি  লৈছোঁ।   



------------

( কমল কুমাল তাঁতীৰ  প্ৰকাশিতব্য কবিতাৰ পুথি ‘উত্তৰ-ঔপনিবেশিক  কবিতা’ত সন্নিবিষ্ট হবলগীয়া কবিতাসমূহৰ ওপৰত এটি আলোকপাত) 


প্ৰকাশ -- দৈনিক জনমভূমি 
-- ৰত্না ভৰালী তালুকদাৰ





 ড০ ভুপেন  হাজৰিকা -  তেওঁৰ  গীত,  তেওঁৰ দৰ্শন 










অসমৰ সৰ্বকালৰ এগৰাকী  বোদ্ধা  গায়ক,  গীতিকাৰ  আৰু   সুৰকাৰ  ড০ ভূপেন  হাজৰিকাৰ গীতৰ  দৰ্শন  এটি নিৱন্ধত সামৰি লোৱাটো   এটি  সহজ  কাম নহয়। তেখেতৰ গীতি সাহিত্যৰ  জগতখনত   প্ৰৱেশ কৰিলে  উন্মোচিত  হয়  দেশ    আৰু   কালৰ  পৰিধি  ভাঙি   মানুহ,   সমাজ  আৰু   জাতীয়  জীৱনৰ   নজহা-নপমা  এক  দিগন্তবিয়পা  প্ৰেক্ষা।ড০ ভূপেন হাজৰিকাৰ  গীতি-সাহিত্যৰ দৰ্শনৰ অপাৰ  বিস্ময়   এমুঠি শব্দৰ  মাজেৰে কবলৈ যোৱাটো আমাৰ বাবে প্ৰায় দুঃসাহস । এয়া বিস্তৃত গৱেষণাৰ  বিষয়। 
আচলতে ড০ ভূপেন  হাজৰিকাৰ  গীত  বুলি  ক'লে  মাথো ‘সুধাকণ্ঠ'  নামৰ  সত্তাটোৰ   ব্যাপ্তি  আৰু   বিস্তৃতিৰ   দীঘ   আৰু  বাণিবোৰেই   শেষ কথা  হৈ  নপৰে -- কিয়নো তেঁওৰ  আছিল  এক  দায়বদ্ধ  শিল্পীৰ  পৰিচিতিৰে   ৰুচিসন্মত  শ্ৰোতা  গঢ়ি  তোলাৰ   প্ৰত্যয়দীপ্ত   প্ৰয়াস।   সেয়েহে  গীত পৰিবেশনৰ  মাজে  মাজে মঞ্চৰ  সমুখত থিয় দি  গীত  শুনিবলৈ  ৰৈ থকা   হাজাৰ  হাজাৰ  সন্মোহিত  শ্ৰোতালৈ  উদ্দেশ্যি তেওঁ  বোধসম্পন্ন  শব্দ  প্ৰক্ষেপ কৰে সচেতনভাৱে  -- “মোৰ গীতৰ  হেজাৰ শ্ৰোতা তোমাক  নমস্কাৰ, গীতৰ  সভাত  তুমিয়েতো  প্ৰধান অলংকাৰ”  বুলি যাৰ আৰম্ভণি হয় -- যি  অদৃশ্য  ঢৌৰ দৰে   মঞ্চ  পাৰ  হৈ  শ্ৰোতাৰ  মাজলৈ  বিয়পি  পৰে-- এক কথাত  কবলৈ  গ'লে  শ্ৰোতাক তেওঁ গীত শুনিবলৈ বাধ্য কৰে কেৱল হৃদয়েৰে নহয় --মস্তিষ্কৰেও।যিহেতু সংগীত একেটি সময়তে তেঁওৰ বাবে মস্তিষ্কৰ   কৰ্ষণ। হাৰমনিয়ামৰ ৰীডত  আঙুলি বোলাই বিনম্ৰ গায়কীৰে  শিল্পীসত্তাটিয়ে  মঞ্চ জাতিস্কাৰ  কৰি তোলাৰ এক আশ্বৰ্যকৰ যাদু,   যাক তেওঁ ব্যৱহাৰ কৰে গীতৰ জৰিয়তে শ্ৰোতাৰ সৈতে সংযোগ  স্থাপনৰ  ক্ষেত্ৰত অতিশয়  সচেতনভাৱে-- আৰু তেখেতৰ গীতৰ সভাত  উপস্থিত থকা  এজনৰ বাবে যিখনি ছবি হৈ পৰে এটি  অতিপ্ৰাকৃতিক  উপস্থাপনা  -- সোঁৱৰণিত  জাহ  যাব নোখোজা  এখনি স্থিৰ  ছবি।  সবাৰো উপৰি থাকে গীতৰ   কথা --   শ্ৰোতাৰ    প্ৰাণ  চুই  যোৱা   বচা  বচা,  কোমল আৰু  নিভাঁজ শব্দৰাজিৰে গঢ়ি তোলা   সুষমামণ্ডিত,  স্পষ্ট বক্তব্য । ড০ ভূপেন   হাজৰিকাৰ   গীতৰ  শৰাইত থকা এই সকলোবোৰ  অৰ্ঘ্য  যেন   অসমীয়া  মানুহৰ  বাবে  নোহোৱা -  নোপজা  এক  অভিজ্ঞতা  আছিল ।আৰু  ড০ ভূপেন হাজৰিকাৰ  উত্তৰ পুৰুষৰ  বাবে  আজিও  বিস্ময়।   আমাৰ দৰে  পাঠকৰ বাবে  আন এক  বিস্ময়কৰ  অভিজ্ঞতা  হৈছে  তেখেতৰ গীতসমূহৰ  পঠনৰ  মাজৰে বাৰে বাৰে কৰা অহা-যোৱা। 

মানুহৰ  সভ্যতাক কঁপাই যোৱা  ৰাজনৈতিক  ঘটনা  আৰু পৰিঘটনাৱলীৰ উত্থান আৰু পতনৰ  কাহিনীৰে  টল-মল  বিংশ  শতিকাৰ  প্ৰথমভাগত  জন্ম  তেঁওৰ ।  ড০ ভূপেন   হাজৰিকাৰ  বিশ্ববীক্ষাক  এই  ৰাজনৈতিক   ঘটনাপ্ৰৱাহে  যথাৰ্থতে প্ৰভাৱিত কৰিছে ।বিশ্বপ্ৰেক্ষাৰ ৰাজনৈতিক ঘটনাৱলীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰোঁতে  তেখেতে নিজে  স্থিৰ কৰি লোৱা   লক্ষ্যৰে  গভীৰ বিদ্যায়তানিক   অনুসন্ধিৎসা  প্ৰয়োগ  কৰিছে আৰু গীতৰ মাজেৰে তাক  প্ৰকাশ কৰাৰ সময়ত হৈ  উঠিছে  এজন মানৱতাবাদী-- “বহু যাযাবৰ  লক্ষ্যবিহীন ।  মোৰ পিচে আছে পণ।   ৰঙৰ খনি য'তেই দেখিছোঁ ভগাই দিয়াৰ  মন” [১৯৬৮]--এই উদ্দেশ্যেৰে ।গৱেষক ছাত্ৰ  হিচাপে  পঞ্চাশৰ দশকত আমেৰিকাৰ  কলম্বিয়া  বিশ্ববিদ্যালয়ত লাভ  কৰা বিশ্বসংযোগে  স্থানীয়প্ৰেক্ষা আৰু  বিশ্বপ্ৰেক্ষাৰ  মাজত  সম্পৰ্ক   স্থাপনৰ  ক্ষেত্ৰত  এজন  শিল্পী  হিচাপে তেখেতক  কৰি তুলিছিল বিৰল  অন্তৰ্দৃষ্টিসম্পন্ন  আৰু  আশ্বৰ্যময় এক  বিশ্বনাগৰিক -- ভৌগোলিক পৰিধি  অতিক্ৰম  কৰি তেখেত হৈ উঠিছিল পৃথিৱীৰ বুকুৰ মানহ। কিন্তু আন্তৰ্জাতিক   কাৰ্য-কলাপসূহৰ চৰিত্ৰ নীৰিক্ষণ কৰি নিজৰ গীতৰ শব্দ চয়ন কৰোঁতে তেখেতে এজন  শিল্পী  হিচাপে  নিজৰ   প্ৰাথমিক  পৰিচিতিটোৰপৰা   এটি বিন্দুও আঁতৰি অহা নাই।ৰূপহী অসমৰ বুকুৰে বৈ যোৱা  লুইতত যিদৰে  অলেখ নৈ- উপনৈ জাহ  গৈছে--নিজৰ নিজৰ  অস্তিত্ব আৰু  শকতিৰে  কেতিয়াবা  সমাহিত হৈ  আৰু কেতিয়াবা গৰ্জনমুখী   বানৰ ঢলেৰে বৈ আহি  লুইতৰ বুকুত পৰাৰ পিছত  সেই নৈ-উপনৈৰ   জলধিৰ  যিদৰে  কোনো  পৃথক পৰিচিতি  বিচাৰি  উলিওৱাৰ উপায়  নাথাকে--সেইদৰেই  ড০ ভূপেন  হাজৰিকাৰ  গীতৰ  সামগ্ৰীক   দৰ্শন  মানৱতাবাদৰ প্ৰৱাহমান নদীখনত  জাহ গৈছে   অসংখ্য  সৰু- বৰ  সুঁতি। আজি ড০ ভূপেন হাজৰিকাৰ দৰে শিল্পীসত্তাৰ পৰিচিতিক কোনো কোনোৱে   মাথো  জাতীয়তাবাদী দৃষ্টিৰে  চাব খোজাৰ বিপৰীতে  আন কোনোৱে শিল্পীজীৱনৰ  প্ৰাৰম্ভিক পৰ্যায়ত  ভাৰতীয়  গণ নাট্য সংঘৰ  সৈতে থকা তেখেতৰ নিবিড় সম্পৰ্কৰ আঁত ধৰি   আন এক  সংগ্ৰামী  পৰিচিতিৰে চাব খোজে আৰু তেঁওৰ আন  পৰিচিতিক উপেক্ষা কৰে।   এই কথা সঁচা যে শিল্পীসত্তাটিৰ গীতৰ অন্তঃস্ৰোতত এই দুয়োটি  কাৰক আছিল দুটি শক্তিশালী  ঢৌ--আৰু পানীৰ তলৰ  অদৃশ্যমান  এই ঢৌৰ  খুন্দিয়া-খুন্দিয়েই সত্তাটিৰ আপাতদৃশ্যমান গৰ্জনবোৰ  সমুজ্জল, ধাৰাল  কৰি তুলিছে। ‘এন্ধাৰ কাতিৰ নিশাতে' অথবা ‘পৰহি পুৱাতে'ৰ  দৰে  গীতবোৰ ইয়াৰ  জলন্ত  উদাহৰণ। তেখেতৰ  গীতসমূহৰ  কথা আৰু  সেইবোৰৰ   ৰচনাকালৰ সময়ৰ  নিৰ্মোহ  বিশ্লেষণৰ মাজেৰে  এই শিল্পীসত্তাক প্ৰকৃত অৰ্থত  দাঙি  ধৰিবলৈ সক্ষম হ'ব পৰা যাব  বুলি আশা কৰিব পাৰি।কুৰি শতিকাৰ ষাঠিৰ দশকৰ আপাত ঘৰগোনা চহা অসমীয়াৰ মনত মিছিছিপি  নদীৰপৰা ভল্গা আৰু লুইতৰ  সলিলৰাশিৰ  বৰণ একেই বুলি মনত প্ৰত্যয় জন্মাব পৰা মিঠাসুৰীয়া কণ্ঠটিয়ে   শিল্পীজীৱনৰ দূৰন্ত তাৰুণ্যৰ সময়চোৱাত মানুহক   ভালপোৱাৰ  লগতে   সংগ্ৰামী গণচেতনাৰ প্ৰগাঢ় বিশ্বাসৰ অতল জলধিতো ডুব মাৰি  আহিছিল। শিল্পীজীৱনৰ আৰম্ভণিতে   জ্যোতিপ্ৰসাদ আগৰৱালা (যি  শেষ  জীৱনত  কাৰ্পেটৰপৰা  ঘাঁহনিলৈ  নামি অহা  বুলি  সদৰ্পে ঘোষণা   কৰিছিল) আৰু   সৈনিক-শিল্পী  বিষ্ণুৰাভাৰ  সান্নিধ্য  লাভ কৰিছিল তেখেতে । তেখেতৰ গীতি-সহিত্যত আছে মানুহৰ  কল্যাণৰ  হকে প্ৰতিশ্ৰুতিভৰা আৰু  আলোকময়  যাত্ৰাৰ   স্পষ্ট  ৰাজনীতি।  ইয়াৰ  লগতে  তেঁও এক সজোৰ আঞ্চলিক কণ্ঠও ।এই  আঞ্চলিকতাৰ  চেতনা কিন্তু আমাৰ বহুতৰ মনৰ গভীৰত সোমাই থকাৰ দৰে হীনমন্যতাৰ ‘প্ৰান্তীয়'  চেতনা নহয়-- সি  ‘মূলসুঁতি'ত খলকনি তোলা  এক টগ্ বগ্ কণ্ঠহে।গভীৰ  ৰাজনৈতিক বীক্ষাসম্পন্ন শিল্পীগৰাকীয়ে  নিজৰ গীতসমূহ কোনো নিৰ্দিষ্ট  ৰাজনৈতিক দৰ্শনৰ  প্ৰপাগণ্ডা  অথবা   শ্ল'গান হ’বলৈ দিয়া নাই আৰু  সেয়েহে   অৱশেষত  তেঁওৰ  শিল্পীসত্তা  নজহা-নপমা  হৈ ৰৈছে  হৃদয় উদ্বেলিত কৰা চিৰসেউজ   আৰু   সৰল  শব্দৰাজিৰে,  যি শব্দ  অকণিৰপৰা  বৃদ্ধলৈকে  সকলোৱে  দ্বিধাহীনভাৱে  আওৰাব পাৰে   -  


 “মানুহে   মানুহৰ  বাবে
যদিহে অকণো নাভাৱে 
অকণি  সহানুভুতিৰে
ভাবিব  কোনেনো কোৱা ” [১৯৬০]
বিষ্ণুৰাভা, হেমাংগ বিশ্বাস আৰু ভাৰতীয় গণনাট্য সংঘৰ উদ্দীপনাময় চেতনাৰে উদ্বুদ্ধ হৈ ভাৰতীয় গণ নাট্য সংঘৰ মূল বাণীৰে “ৰাইজ  আজি ভাৱৰীয়া দেশেই নাটঘৰ”, “একা-বেঁকা বাটেৰে কঢ়িয়াও কঢ়িয়াও বৰ বৰ মানুহৰ দোলা” অথবা “সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ  ফিৰাই আনিম”  বুলি কব পৰা স্ৰষ্টাগৰাকী একেটি সময়তে “আজিৰ  অসমীয়াই  নিজক নিচিনিলে অসমতে  ভগনীয়া হ'ব”  বুলি  জাতিক  সকীয়নি দিব পৰা এজন প্ৰকৃত জাতীয়তাবাদী।আজিৰ অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ৰেক্ষাৰ এটি  মৰ্মন্তুদ প্ৰশ্ন --  অসমীয়া কোন--  এই  প্ৰশ্নটিৰ উত্তৰ দিবলৈ  গীতটি বহু পৰিমাণে  সক্ষম – 
“আনৰ লগতে অসমীয়া অসমতে
যদিহে নেবাচে  বাৰু ক'তনো বাচিব
মোৰ আইক ভাল পাঁও বুলিলে 
আনৰ আইৰ জানো ঘিণ কৰাটো বুজাব·
 প্ৰতি অসমীয়া আমি   ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি
লুইতৰ  পাৰৰে মাটিক
মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল
নতুন ৰূপৰ অসমীয়া
আমি সেইভাৱে থাকিলেই হ'ব
নহলে আমাৰ ‘ৰাজহাড় নাই'  বুলি
বিশ্বই বৰকৈ হাঁহিব”
আৰু  সকীয়াই  দিছে  এইবুলি
“তুমি বিশ্বৰ শৰীৰত
পংগু অংগ হ'লে
বিশ্বই  জানো ভাল পাব।”[১৯৬৮] 
কিন্তু   এনেদৰে সকীয়াই   দিবলৈ  এই  শিল্পীসত্তা  নিজেনো কিমান  অসমীয়া  সেই  কথাও  নিজেই  কৈ গৈছে –
“লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ। 
জন্ম ললোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ”  --
এনেকৈ   কোৱাৰ পিছত আৰুনো   বাকী  থাকিল  কি?

চীন-ভাৰতৰ যুদ্ধ,  ভাষা আন্দোলন, অসম আন্দোলন,  জাত- কূল,  ধৰ্মীয়  ভেদা- ভেদৰ  সমালোচনা  কৰি  সামাজিক প্ৰেক্ষাপটৰ গীত,  নিভাঁজ  প্ৰেমৰ গীত - এই সকলোবোৰ পৰিস্থিতি  আৰু   পৰিবেশৰ  গীত তেখেতে ৰছনা  কৰি,  সুৰ দি, পৰিবেশন কৰিছে। গভীৰ ৰাজনৈতিক প্ৰেক্ষাই সচতেন কৰি ৰখা  শিল্পীসত্তাটিয়ে গীতৰ  শব্দ  চয়ন কৰিবৰ বেলিকা যেন নিজেই যেন ধাৰণ কৰি লয়   জনজীৱনৰ ধমনীৰ এটি এটি স্পন্দন।তেওঁৰ গীতত শব্দ প্ৰয়োগৰ   সুক্ষ্মাতিসুক্ষ্ম  কাৰুকাৰ্যবোৰৰ কৰ্ষণ পৰ্যবেক্ষণ কৰি  আমি   সুখানুভুতিৰে   ইমানেই   আশ্বৰ্য-চকিত হৈ  পৰোঁ যে, কোনো কোনো সময়ত বহুবৰ্ণী  অসমীয়া  সমাজখনৰ  জটিল  আৰ্থ-সামাজিক-ৰাজনৈতিক জঁটবোৰৰ আঁহে  আঁহে  থকা  প্ৰতিডাল  নাড়ীৰ  স্পন্দন উপলব্ধি কৰিব পৰাকৈ তেখেত এজন মনোবিশ্লেষক আছিল যেনো অনুভৱ হয়।গণ সংযোগৰ বিদ্যায়তানিক  শিক্ষাৰ সমান্তৰালভাৱে শিল্পীজীৱনৰ আৰম্ভণীতে পাহাৰ- ভৈয়াম গচকি জনমানসৰ  বুকুলৈ  কৰা  যাত্ৰাবোৰেই এনে বিৰল  জীৱনবীক্ষাৰ গঢ় দিলে বুলি পতিয়ন যাব পাৰি।   যেতিয়া তেঁও কয়, 
“ব'হাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে
লখিমি আদৰে
শৰৎ  নিশাই  তৰাৰে সজায়  আইৰে কেশ
ভাৰতৰে পূৰ্ব  দিশত সূৰ্য উঠাৰ দেশ”  [১৯৬৯] 
অথবা –
“ব'হাগ এটি মাথো ঋতু নহয়
নহয় ব'হাগ এটি মাহ অসমীয়া  জাতিৰ  ই  আয়ুসৰেখা
গণজীৱনৰ ই সাহ’” [১৯৮০
তেতিয়া আমি  লাভ কৰোঁ  এটি  সাংস্কৃতিক  সংজ্ঞা - আমাৰ পৰিচিতিৰ  । 
কিন্তু গীতৰ বিষয়, বক্তব্য আৰু সুৰৰ  সম্পৰীক্ষা তাতেই  ৰৈ নাথকিল আৰু আকাশলৈ চাব খোজা পখিটিয়ে মেলি ধৰিলে দুখনি ডেউকা আকাশৰ দিশে। আমেৰিকাৰপৰা উভতি আহি তেখেতে ভাৰতীয়   গণনাট্য  সংঘৰ  সৈতে জড়িত হৈ পৰাৰ সময়তে  সৃষ্টি  কৰা এটি  অবিস্মৰণীয় গীত হৈছে ‘এন্ধাৰ কাতিৰ নিশাতে'।  নিচুকণি  গীতৰ সুৰৰ আধাৰত সেই সময়ৰ চহাজীৱনৰ  দৰিদ্ৰতা,  অনাহাৰৰ সমুখত  ভোকত আতুঁৰ হোৱা শিশু এটিক  কোলাত লৈ অসহায় এগৰাকী  মাতৃৰ বিলাপ,  মুখত খুদকণ এটি দিব নোৱাৰি নিচুকণি গীতেৰেই  টোপনি নিওৱাৰ প্ৰয়াস  আৰু শেষত   আৰু  পুত্ৰক  হেৰুওৱাৰ শোকে কেনেকৈ   তেঁওক  বিদ্ৰোহিনী  কৰিলে তাৰেই   বৰ্ণণা আছে  এই  গীতটিত। ইমান  জীৱন্ত সেই কৰুণতা,  ইমান বাংময়  সেই অসহায়তাৰ প্ৰকাশ,  ইমান  মৰ্মন্তুদ তাৰ ইন্দ্ৰজাল যে,  বাৰে বাৰে আমি  শিহৰিত হঁও-- অসমীয়া  জনমানসৰ এটি নিচুকণি গীতৰ  সুৰৰ  উপজীব্যতেই কিদৰে সৃষ্টি সম্ভৱ হ'ল এই বিদ্ৰোহৰ গীতটিৰ-- যি  আমাক  বাৰে   বাৰে চমকিত কৰে।সেই সময়ৰ ভাৰতীয় গণনাট্য সংঘৰ  সৈতে  থকা নিবিড়  সম্পৰ্কৰ ফলত  স্থাপিত  হোৱা  মাটি  আৰু  মানুহৰ  সংগ্ৰামৰ পৰিচিতিয়েই তেনে এটি নজহা-নপমা গীতৰ সৃষ্টি কৰিবলৈ তেখেতক প্ৰেৰণা দিলে বুলি পতিয়ন যাব পাৰি। বাৰে বাৰে সমুখত  লৈ লিৰিকি-বিদাৰি থাকিবলৈ  মন যায়  শব্দৰ সেই  অপৰূপ চয়ন,  বাৰে  বাৰে চুই চাবলৈ মন যায় সেই শিহৰণ, সেই উত্তাপ- 
“ পিঠা পিঠা কৰিছিলি অ' বুকুৰ সোণ
নিসনিও নিদিলো মোৰ পঁজাৰ জোন
তই  মৰিশালিৰ চিতাজুইত
আলফুলে টোপনি যা
অয় বাচা টোপনি যা
পানেইৰ চকু দুটি হ'ল ফিৰিঙতি
শেষ হ'ল তপত চকুলো
“‘চকুৰ পানীবোৰ  শুকুৱাই  পেলালো।
এইবাৰ পণ লৈ ৰণলৈ ওলালোঁ....।”
পোনটিৰ মৰাশ দুই হাতে দাঙি লৈ
বিদ্ৰোহী পানেয়ে নতুন আশা লৈ
শ শ পানেইৰ বাটটি ল'লেগৈ
পৃথিৱী উঠিলে কঁপি
হেজাৰ পানেয়ে চিঞৰি উঠিলে
আকাশত সুৰুযে ৰঙাকৈ আঁকিলে
ন সমাজৰে ছবি।” [১৯৫৩] 
ঠিক ইয়াৰ এবছৰৰ ভিতৰতে তেখেতে লিখিলে আন এটি কালজয়ী গীত ‘পৰহি পুৱাতে'।  গাৱঁৰ ডেকাই  মাছ  মাৰিবলৈ যোৱাৰ ছবিখন অসমৰ গ্ৰাম্যসমাজ এখনৰ সনাতন ছবি।ডেকা ল'ৰাই মাছ মাৰিবলৈ যোৱা,  গাভৰু ছোৱালীয়ে জাকৈ বাবলৈ যোৱাৰ পৰিচিত দৃশ্যটিক লৈ বিহুনামকে ধৰি   অসংখ্য  গীত-মাতৰ সৃষ্টি হৈছে। কিন্তু ড০ ভূপেন হাজৰিকাৰ আদৰ্শগত প্ৰত্যয়ৰ ফলশ্ৰুতিত এই পৰিচিত  ছবিখনত  ভোগসৰ্বস্বতাৰ বিপৰীতে মূৰ্ত হৈ উঠিল পঞ্চাশৰ দশকত অসমৰ  গাৱঁৰ  অদম্য সাহসী  গাৱঁলীয়া ডেকা  এটিয়ে (‘ৰংমন'  নামটিৰ  পৰাই  এই ধাৰণা হয়) প্ৰকৃতিৰ  তাণ্ডৱৰ  সকলো  প্ৰতিকূলকাত  নেওচা দি দৈনন্দিন জীৱনত সমুখীন হোৱা এক কঠোৰ-কঠিন সংগ্ৰাম --গীতৰ বিৱৰণীত এই সংগ্ৰাম হৈ উঠিছে জীৱন আৰু মৰণৰ মৰ্মন্তুদ খেল--জয় অথবা পৰাজয় তাত যেন মূল্যহীন। মানুহৰ সভ্যতাৰ  দীঘলীয়া যাত্ৰাপথৰ এই সংগ্ৰাম আমাৰ অতিকৈ পৰিচিত--কিয়নো সি হাতৰ মুঠিৰপৰা সৰি পৰিব খোজা  জীৱনক বাৰে বাৰে তুলি  অনাৰ  এক নিৰৱধি প্ৰয়াস --এখনি   শোকৰ  ছবি ।অসমীয়া সাহিত্যৰ  অন্যতম  দিগগজ,  কথাশিল্পী  মহিম বৰাৰ  গল্প ‘মাছ  আৰু  মানুহ'ৰ পঠনৰ দৰেই  গীতটি   কাৰুণ্যৰ হেঙুলী  আভাৰে  উদ্ভাসিত  -- আৰু এনেকৈয়ে এই  ছবিখনি পঞ্চাশৰ দশকৰ সৰলপ্ৰাণ  চহাৰ এচমকা   জীৱনৰ স্থিৰচিত্ৰ হৈ,  যাউতীযুগীয়া  হৈ ৰৈছে। সোণত সুৱগা  চৰোৱাৰ দৰে এই সংগ্ৰামৰ মালাধাৰি তেঁও গাঁঠিলে বচা বচা শব্দৰে আটকধুনীয়াকৈ  এনেদৰে, যেন এটি শব্দ তিলমানো ইফাল-সিফাল হ'লেই  খহি  পৰিব  সেই   সুষমা –
“ পৰহি  পুৱাতে     টুলুঙা  নাৱতে
ৰংমন মাছলৈ  গ'ল
মাছকে মাৰিবলৈ      নালাগে যাবলৈ
ধুমূহা আহিবৰ হ'ল
ক'ৰবাত কেনেবাকৈ   ঘঁৰিয়ালে বধিব
বৈ যাব তেজৰে ঢল
গধূলিৰে পৰতে      বৰহমপুত্ৰৰ মাজতে
ৰংমন নাইকীয়া হ'ল।”  [১৯৫৪] 
১৯৪৭  চনত ভাৰতবৰ্ষই স্বাধীনতা  লাভ  কৰে। এই  ভাৰত আছিল  দৰিদ্ৰ ভাৰত।এই দৰিদ্ৰ  জনতাৰ প্ৰতি তেখেতে অনুভৱ কৰিছিল গভীৰ ব্যাথা-এগৰাকী শিল্পী হিচাপে অনুভৱ কৰিছিল তেখেতৰ  দায়িত্ব  --  লগতে  সমসাময়িক শিল্পী সমাজৰপৰাও আশা কৰিছিল সহযোগিতা  --
“ নামি  আহা সুন্দৰৰে সেনা শিল্পী দল
এৰা সপোন ধেমালি
বাধা যদি নিদিয়া পিশাচী এন্ধাৰক
ধৰা  হ'ব  ৰণেৰে ৰাঙলী
বাটে পথে যায় চোৱা সৌৱা পালে পাল
মুৰ্মূৰ্ষু জীৱিত  নৰ কঙ্কাল
সিহঁতৰ কাৰণে আশাৰ গীত গোৱা
জীৱনত সিহঁতৰ ৰহণ  বোলোৱা।”
১৯৭০ চনত লিখা আন এটি আবিস্মৰণীয় গীত -- ‘শীতৰে সেমেকা  ৰাতি'  --  যাৰ  মাজেৰে তেঁও  গভীৰ   দায়বদ্ধতাৰে  ঘোষণা   কৰিলে  কাৰ  বাবে  হ'ব খোজে তেঁও  এটি  উত্তাপ--কাৰ  বাবে  এক   প্ৰতাপ --  কাৰ বাবে  নিৰাপত্তা   -- সবাৰো উপৰি অকপটভাৱে  ক'লে  কাৰ   বাবে  তেঁও  হ'ব  খোজ এটি   সুধাকণ্ঠ --   আৰু  আমি শুনিবলৈ পালোঁ শিল্পীপ্ৰাণৰ   আকূল আকাংক্ষা  --
“ শীতৰে সেমেকা ৰাতি
সেমেকা শীতৰে ৰাতি
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগি পৰা পঁজাটিৰ
তুঁহ জুই একুৰাৰ
উমি উমি জলি থকা
ৰক্তিম যেন এটি উত্তাপ হঁও
শীতৰে সেমেকা ৰাতি
খাদ্যবিহীন কোনো দীন মজুৰৰ
প্ৰাণতে লুকাই থকা
ক্ষূধা অগণিৰ
বাটতে ভমকি উঠা
প্ৰচণ্ড যেন এটি  প্ৰতাপ হওঁ
প্ৰতাপ হওঁ  মই প্ৰতাপ হওঁ
শীতৰে সেমেকা ৰাতি
সংখ্যালঘূ কোনো সম্প্ৰদায়ৰ
ভয়াৰ্ত মনটিৰ
নুফুটা আৰ্তনাদ
নিজেই প্ৰকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ
নিৰাপত্তা হওঁ নিৰাপত্তা হওঁ
শীতৰে সেমেকা ৰাতি
কণ্ঠৰুদ্ধ কোনো সুগায়কৰ
প্ৰভাত আনিব পৰা
অথচ নোগোৱা
এটি অমৰ গীতৰ বাবে
মই যেন এটি সুধাকণ্ঠ হওঁ, 
 সুধাকণ্ঠ  হওঁ।” 
ইমান স্পষ্ট  অন্তৰৰ এই আকূল আকাংক্ষা যে,  গীতৰ ব্যাখ্যাৰ কোনো প্ৰয়োজন নাই।  আৰ্তজনৰ  বাবে  শিল্পীসত্তাই নিজৰ স্থিতিৰ স্পষ্টবাদিতা প্ৰকাশ কৰি সৃষ্টি কৰা  এই   গীত  অসমীয়া  শ্ৰোতৰ  বাবেই  আছিল এক নতুন অভিজ্ঞতা।    
আশীৰ দশকৰ অসম আন্দোলনৰ জনজাগৰণেও এই শিল্পীসত্তাক প্ৰভাৱিত কৰিছে আৰু এই আন্দোলনৰ পটভূমিত তেখেতে কেইবাটিও গীত ৰচনা কৰিছে।  এই আটাইকেইটা গীতৰ ভিতৰত হৃদয়স্পৰ্শী এটি গীত হৈছে
“লুইতপৰীয়া  ডেকা বন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুঁজত নামিছা
মৃত্যু শপত খাই।”
বিশেষকৈ যেতিয়া তেখেতে অকপটে স্বীকাৰ  কৰে –
“পুৰণি পুৰুষে হাত সাৱটি
বহুতো হেৰুৱালে
উদাৰতাক শতৰুৱে দুৰ্বলতা  বুলি ল'লে”
 আৰু
“পৃথিৱীয়ে  আজি তোমাৰ পিনে
ডিঙি মেলি মেলি চায়” – 
বুলি  লুইতপৰীয়া ডেকাসমাজক আহ্বান জনালে,  তেতিয়া  আমি যেন আমাৰ শিৰত অনুভৱ কৰোঁ আশীৰ্বাদ,  শুভাশীষেৰে ভৰা এখনি হাত।  
বিশ্বপ্ৰেক্ষাৰ  লোকজীৱনৰ  প্ৰতি থকা উৎস্যুকতা আৰু বোধসম্পন্ন প্ৰজ্ঞাই তেঁওক অনুপ্ৰাণিত কৰিছিল চৌপাশে চাবলৈ,  সৰু সৰু কণ্ঠবোৰ তুলি ধৰিবলৈ, ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা অৱনত হবলৈ। দিচাংমুখৰ  ডেকাটিৰপৰা টিৰাপ সীমান্তৰ  নক্তে,   ৱাংচু ,  টাংচাসকল, চাহ  বাগিছাৰ  বনুৱাসকল,   চিয়াঙৰ গালং,  মিজোৰাম, নগালেণ্ড, মেঘালয় -- সমগ্ৰ উত্তৰ-পূব খনেই তেঁওৰ গীতত  ভাস্বৰ  হৈছে এটি ‘মন্তাজ'ৰ  দৰে । তুলি ধৰিছে বিহুনাম, কামৰূপী লোকগীত,    নাও খেলৰ গীত, ভক্তিমূলক গীত,   আজান ফকীৰৰ গীত, গোৱালপৰীয়া  লোকগীত । ড০ ভূপেন হাজৰিকাৰ গীতত উত্তৰ - পূব ভাৰতৰ  লোক- উপাদান  আন এক  গৱেষণাৰ বিষয় হ'ব পাৰে। 

এনে এক  দুৰন্ত  শিল্পীসত্তাৰ প্ৰেমৰ  ভাৱনাৰ   প্ৰতিও  আমাৰ থাকে  দুৰ্বাৰ আকৰ্ষণ। আৰু আমি সাহ পাওঁ, কিয়নো আন গীতৰ দৰেই ড০ ভূপেন হাজৰিকাৰ প্ৰেমৰ গীতো সুন্দৰৰ বাটত হৃদয়াৱেগ আৰু মস্তিষ্কৰ কৰ্ষণৰ অপূৰ্ব মথন মাথো--সাৰে থকা নিশাৰ বতাহৰ  মৃদু  কঁপনিত  যি  তুলি যায় তীক্ষ্ণ লহৰী--আৰু আমাক আশ্বস্ত কৰে,  যেতিয়া  আমি শুনোঁ জিৰ্ জিৰ্  ব'ৰষুণৰ দৰে সাংগীতিক  মূৰ্চনাৰে  -- 

“ বিমুৰ্ত মোৰ নিশাটি যেন
মৌনতাৰ সূতাৰে বোৱা  এখনি নীলা চাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে সুৰ আৰু
জীয়া জীয়া আদৰ.....”   
আৰু এই মূৰ্চনাৰ সৈতে অপৰূপ যুগলবন্দী হৈয়েই যেন নীৰৱ ৰাতিৰ জঠৰতা ভাঙি ‘গোলাপী জামুৰ লগ্ন'ৰ পাতৰপৰা জোনাকী দ্যুতিৰ  উপচাৰ লৈ  প্ৰিয় কবি নীলমনি  ফুকনে আগবঢ়াই দিয়ে এখনি হাত  --বিমূৰ্ত নিশাৰ মৌনতাৰ  সূতাৰে  বোৱা  নীলা  চাদৰখনিৰ নিয়ৰৰ  টোপাল যেন শূন্য ঠাইবোৰ, নীৰৱ মৰম বাৰিষাৰ উচ্ছল শাওণ  আৰু  ভাদবোৰ তেওঁ  ওপচাই  দিয়েহি   পদুমনি  পুখুৰীৰ মন্দ্ৰিত  এছাটি  বতাহেৰে--থোৰ মেলা  তালপাতৰ  ব'ৰষুণজাকেৰে--এনে এক  মায়াসনা পৰিবেশতেই যেন  কবিয়ে  লাহেকৈ  উন্মোচিত  কৰে  তেঁওৰ  অৰণ্যৰ ভিতৰৰ  সাৰেং  চৰাইৰ  মাত –
“  অৰণ্যত, আৰণ্যৰ ভিতৰত
সাৰেং চৰাইৰ মাত
মেলি দিয়া দুটি বাহু
মাৰ যক থুপিতৰা বাহ 
তোমাৰ চুলিৰ গোন্ধত
পদুমনি পুখুৰীত মন্দ্ৰিত বতাহ
দেহত, তোমাৰ দেহৰ ভিতৰত
এতিয়া এপাহ ৰঙা ফুল
থোৰ মেলা তাল পাতটোত
ধাৰাসাৰ ব'ৰষুণজাক
তোমাৰ স্তনৰ ৰক্ত তোমাৰ ওঁঠত”
[ মৈথুন সংগীত, নীলমনি ফুকন ] 
প্ৰেম যেতিয়া সৃষ্টিশীলতাৰ অমল, সমাহিত উৎস-- তেতিয়া সাহিত্যৰ  ৰামধেনুবুলীয়া গীত আৰু কবিতাৰ এই অপৰূপ যুগলবন্দীৰ অভিনৱ সাক্ষাৎ লাভ কৰি আমাৰো শিহৰণ জাগে--সি  আমাৰ  বাবে হৈ  পৰে  জীৱন  অন্বেষণৰ বাটৰ  অসম্ভৱ  সহচৰী।

এনে এক  গভীৰ  প্ৰজ্ঞা   আৰু   অন্তৰ্দৃষ্টিসম্পন্ন গণমুখী  শিল্পীগৰাকীৰ   সৃষ্টিশীলতাৰ সন্মোহণী আজীৱন একে থাকিলেও গভীৰ ৰাজনৈতিক  বীক্ষাৰপৰা  জন্ম লভা দৰ্শন কিন্তু সকলো গীতৰ  কথাংশত সদায়েই একে ধৰণে প্ৰতফিলিত হোৱা দেখিবলৈ পোৱা নাযায়।  সুদীৰ্ঘ কাল ধৰি  অসমৰ বাহিৰত থাকিলেও  এই  শিল্পীসত্তা  গণবিচ্ছিন্ন  হৈ  পৰা  বুলি ভাবিব নোৱাৰি। কিন্তু গীতৰ মাজেৰে মানুহৰ  কল্যাণৰ  ৰাজনীতিৰ কথা কোৱা  মানুহজনে ব্যক্তিগত জীৱনত সময়ে  সময়ে  গ্ৰহণ কৰিছে কৌশলী ৰাজনৈতিক অৱস্থান, যিয়ে  তেঁওৰ  অনুগামীসকলৰ মনত প্ৰশ্নৰ উদ্ৰেক নকৰাও নহয়। ১৯৪৯ চনত  চিকাগোৰ ষ্টেচনত  বহি  
“ঝক ঝক  ৰেল
চলে মোৰ
ৰেল চলে মোৰ ৰেল চলে
সাম্য ৰিঙিয়াই
শান্তি  উকিয়াই ৰে'ল চলে” 
বুলি লিখা শিল্পীগৰাকীয়ে জীৱনৰ  বিয়লিবলুকাত  ধৰ্ম- সংপৃক্ত ৰাজনীতিৰ আওতাৰে  নিৰ্বাচনত  অৱতীৰ্ণ  হৈ  সকলোকে  হতচকিত  কৰিও  তুলিছিল।আনকি  পৰিৱৰ্তিত  সময়ৰ  সৈতে তাল মিলাই   কেইবাটিও  গীতৰ  কথাও  তেখেতে সলনি কৰিছে -- যাৰ  ভিতৰত ‘প্ৰতিধ্বনি শুনো' গীতটিৰ কথাংশ অন্যতম। ভাৰতবৰ্ষ আৰু  চীনদেশে  প্ৰায়  একেসময়তে  স্বাধীনতা লাভ কৰিছিল  আৰু  নবাগত  চীনৰ প্ৰতি শুভেচ্ছামূলক বাণীৰে তেখেতে  প্ৰথমে  এই গীতটি ৰছনা কৰিছিল ।   ড০ পৰমানন্দ  মজুমদাৰে  তেখেতৰ গ্ৰন্থ  “চেতনা প্ৰবাহ -- জয়ন্তীৰপৰা গণনাট্য সংঘলৈ”  --  শীৰ্ষক গ্ৰন্থত এই প্ৰসংগটো এনেদৰে উল্লেখ কৰিছে -- “চীন বিপ্লৱৰ পটভূমিত তেঁও  অপূৰ্ব  প্ৰকাশভংগীৰে, সুন্দৰ শব্দ-সুষমাৰে লিখিলে  ‘প্ৰতিধ্বনি শুনো' গীতটিঃ   প্ৰতিধ্বনি শুনো  মই   প্ৰতিধ্বনি শুনো ।  ভাৰতৰ সিপাৰে  পাহাৰ সিপাৰৰ।  নিশাৰ  চিঞৰটিৰ  প্ৰতিধ্বনি  শুনো। .......জাগি উঠা মহাচীনে হাজাৰ চিঞৰ মাৰে। তাতে ঠেকা  লাগি হাজাৰ পাহাৰ ভাগি পৰে । মানৱ সাগৰত কোলাহল শুনো।  নতুন চীনৰ মই প্ৰতিধ্বনি শুনো। এই গীতটি পোনতে ‘জয়ন্তী'ৰ পাতত ওলাইছিল। ‘জয়ন্তী'ৰ গীতটি আছিল দীঘল। তাত  ভালেমান চীনা শব্দৰো প্ৰয়োগ  কৰা হৈছিল।  তলত টোকা সন্নিবিষ্ট কৰি গীতিকাৰে শব্দবোৰৰ  ব্যাখ্যা  দিছিল। এই গীতটি ১৯৫৫ চনত চীনলৈ  যোৱা দিলীপ  শৰ্মাই  সেই  দেশত পৰিবেশন কৰিছিল। ”  ( প্ৰৱন্ধ--  ভূপেন হাজৰিকা  আৰু গণনাট্য সংঘৰ চেতনা, গ্ৰন্থ --  চেতনা প্ৰবাহ -- জয়ন্তীৰপৰা গণনাট্য সংঘলৈ”) এই  গীতটিৰ  আৰু   কিছু   কথা এনেধৰণৰ আছিল -- “হ'ব পাৰে ই। ‘হোৱাংহো'ৰ।শোক ভৰা কথা।হব পাৰে ই।   ‘কোমিনটাঙ'ৰ।ঘৃণাৰ নিষ্ঠুৰতা।  ‘ হংকঙ'ৰ। পূঁজিপতিৰ।শোষণে অনা বেথা। মহাচীনৰ  গতিটিক। ভেটিব নোৱাৰো। তাৰে সুৰৰ। ঘনে ঘনে ।প্ৰতিধ্বনি শুনো” -- আদি  (‘জয়ন্তী'ত প্ৰকাশ হোৱা মূল  গীতটিৰপৰা । উৎস-  পৰমানন্দ মজুমদাৰ,   চেতনা প্ৰবাহ-- জয়ন্তীৰপৰা  গণনাট্য সংঘলৈ)।   পৰিৱৰ্তিত  প্ৰেক্ষাত  এই    শব্দাংশৰ  পৰিবৰ্তন  ঘটোৱা  হৈছে   এনেদৰে  --

“হ'ব পাৰে কোনো গাভৰুৰ শোকভৰা কথা
হ'ব পাৰেকোনো আইতাৰ নিশাৰ সাধুকথা
 হ'ব পাৰে কোনো ৰংমনৰ কঠিয়াতলীৰ বেথা
চিনা চিনা  সুৰটিক  চিনিব নোৱাৰো ”  

মূল  গীতটিৰ  কথাংশৰ  এই  পৰিবৰ্তনবোৰে  শিল্পীসত্তাৰ  কৌশলী  ৰাজনৈতিক  স্থিতিৰ   বাৰ্তা  বহন কৰিলেও শব্দৰ অসম্ভৱ যাদুবল  প্ৰয়োগ কৰি  তেওঁ  কিন্তু   তাৰ   নান্দনিক সৌন্দৰ্যৰ  হীন -দেৰি  নোহোৱাকৈ ৰাখিব পাৰিলে।   
এয়াই তেওঁৰ কৃতিত্ব।  ব্যক্তিসত্তাৰ  সীমাবদ্ধতাক  সৃষ্টিৰ   সংকীৰ্ণতালৈ  আহিবলৈ  নিদিয়াটোৱেই এই বিৰল প্ৰতিভাধৰ,  দূৰন্ত শিল্পীসত্তাৰ যুগজয়ী  কৃত্বিত্ব। শিল্পীসত্তাটিৰ গীতৰ দৰ্শনত পোহৰ পোলোৱাৰ বেলিকা এই দিশবোৰৰ প্ৰতি  চকু দিয়াটোও  প্ৰয়োজন।   ব্যক্তিজীৱনৰ  সাময়িক  ত্ৰুটি-বিচ্যুতি স্বত্বেও আজিৰ অসমৰ আকাশৰ এই  এখনিয়েই  ৰামধেনু--যালৈ চালে চ'তাই পৰেবতৰপৰা চিৰিলুইতলৈ  বাস কৰা প্ৰতিটি অনুভুতিশীল  প্ৰাণীৰ হিয়া-মন শাঁত পৰি  যায়।  পাহাৰ-ভৈয়াম একাকাৰ কৰি সমন্বয়ৰ গীত গোৱা এই এটি মাথোঁ  সুধাকণ্ঠী  নক্ষত্ৰ -- যাৰ অনল পোহৰত জাতিয়ে সাহ পায়।   অসমীয়া জাতিয়ে  নিজে  নুমুৱাই  নেপেলালে  ড০ ভূপেন  হাজৰিকাই  দি যোৱা গীতৰ প্ৰজ্ঞাবন্তিৰ পোহৰগছি নিজৰ শকতিৰেই আমাৰ মাজত  অক্ষয়-অব্যয় হৈ ৰ'ব । 

--------
প্ৰসংগ পুথি --

চেতনা প্ৰৱাহ, জয়ন্তীৰপৰা গণনাট্যলৈ -- পৰমানন্দ মজুমদাৰ
ভূপেন হাজৰিকাৰ  গীত  আৰু জীৱন ৰথ --ডক্টৰ দিলীপ কুমাৰ দত্ত
নীলমনি ফুকনৰ সম্পূৰ্ণ কবিতা   

- ৰত্না ভৰালী তালুকদাৰ  






বিষ্ণুৰাাভা, তুমি সাৰে আছে, সাৰে আছোঁ আমি 



যিজনা ক্ষণজন্মা মনিষীয়ে এখন হাতত  বন্দুক   তুলি লৈ  আৰু আনখন হাতেৰে  গীত - কবিতা লিখি  জনসাধাৰণৰ বাবে  মুক্তিৰ  দেউল সাজিছিল আৰু  ৰজাঘৰৰ ৰোষত পৰি  ৰঙাঘৰৰ ভাত খাইছিল -  বিৰল প্ৰতিভাধৰ হোৱা  স্বত্বেও  ৰঙা   দলিচাৰে  বাট   নুবুলি সাধাৰণ জনতাৰ প্ৰকৃত মু্ক্তিৰ হকে কাম কৰিবলৈ গৈ অকাল   দৰিদ্ৰতাক  সাৱটি  লৈ সাধাৰণ  মানুহক  বুকুৰ আপোন কৰি লৈছিল – যি আছিল জনতাৰ শিল্পী, সৈনিক শিল্পী, আৰু বিপ্লৱী শিল্পী সেইজন আধুনিক  অসমীয়া  সংস্কৃতিৰ  বৰভেটি নিৰ্মান কৰোঁতাসকলৰ  অন্যতম বিষ্ণু প্ৰসাদ ৰাভাৰ  জন্ম  ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত। ১৯৬৯ চনৰ  ২০ জুনত তেখেতৰ  মৃত্যু।  একেধাৰে কবি, সাহিত্যিক,  নাট্যকাৰ, চিত্ৰকৰ, অভিনেতা, নৃত্য- কুশলী আৰু এজন নৃতত্ববিদ  এইজনা  মনিষী আছিল  অতিশয় মেধাৱী। সেই  সময়তে  প্ৰথম বি বভাগত  প্ৰৱেশিকা পৰীক্ষাত  উত্তীণ  হোৱা  বিষ্ণুৰাভাৰ  বাবে  নিশ্চয়েই   স্বাচ্ছন্দ্যৰ জীৱন  এটাই  বাট চাই আছিল। কিন্তু  সেই বাটেৰে  নগৈ তেখেত নামি আহিল  জনতাৰ প্ৰাণৰ  উন্মেষেৰে  কোলাহল  বোকা- পানীৰে  ভৰা   কণ্টকাকীৰ্ণ  পথলৈ ।
 
পৰাধীন  ভাৰতৰ  স্বাধীনতাকামী  আন্দোলনৰ  ধামখুমিয়াত সেই আন্দোলনৰ এগৰাকী  অক্লান্ত যোদ্ধা হৈ  তেখেতে  সপোন দেখিলে  শ্ৰেণীহীন,  জাতি - দল  বিভেদবিহীন  অভিনৱ  এক  নতুন  সমাজতন্ত্ৰৰ ।  পৰাধীন  ভাৰতৰ  সম্ৰাজ্যবাদী শতৰুক  চিনাক্ত কৰিবলৈ যাওতে  তেখেতে  চিনি উলিওৱাত ভুল কৰা নাছিল  দেশপ্ৰেমৰ নামাৱলী  ধাৰণ কৰা  স্বদেশী শতৰুকো। তেখেতে জানিছিল যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া একাংশ আপোচকাৰী  নেতাক হাতত সাধাৰণ কৃষক, বনুৱা, আৰ্তজনৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক মুক্তি সম্ভৱ নহয়।  আৰু  সেয়েহে এঙাৰৰ টুকুৰাৰে এদিন  দেৱালত  এই  বুলি লিখিবলৈ কুণ্ঠাবোধ কৰা নকৰিলে  --

ৰাজ্যে  আছে  দুইটি  পাঠা 

একটি কালো, একটি  চাদা

ৰাজ্যেৰ  যদি মংগল চাও

দুইটি পাঠাই বলি দাও।

আনহাতে, বিষ্ণুৰাভাৰ  জীৱনাদৰ্শনৰ বৈশিষ্ট্য  এইখিনিতে যে, হাতত বন্দুক  লৈ  এই শ্ৰেণীহীন,  ‘অভিনৱ এক সমাজতন্ত্ৰ'ৰ সপোন দেখাৰ  সময়ত তেখেত  অসমৰ  বৰলুইতৰ বুকুৰে  নিগৰি  অহা চিৰ জ্যোতিস্মান  সাংস্কৃতিক  ঐতিহ্যৰ  প্ৰতি  হৈ   উঠিছে  অতিশয়  শ্ৰদ্ধালু --  তেঁও  বুলিছে সেই    বাটেৰেই  বাট -- যি বাটেৰে   শংকৰদেৱ  আৰু  জ্যোতিপ্ৰসাদে নিৰ্মাণ    কৰি  গৈছে  অসমীয়া  সংস্কৃতিৰ বৰপেৰা । জ্যোতিপ্ৰসাদৰ দৰেই তেখেতে পুনৰ আৱিস্কাৰ কৰিছে অসমীয়া জাতিৰ বৰ ভেটি স্থাপন কৰোঁতা শংকৰদৰেৱক। জগত  গুৰু   শ্ৰীমন্ত  শংকৰদেৱৰ বিষয়ে কবলৈ গৈ তেখেতে লিখিছে -- “আজি  শংকৰদেৱৰ  যিকোনো সাহিত্য বা  কৃষ্টি  বাদ দিলে অসমীয়াৰ  মৃত্যু হ'ব। শংকৰ নাথাকিলে  অসমীয়াৰ একোৱেই নাই। ..আজিৰ অসমীয়া গীত, বাদ্য, নৃত্য, সাহিত্য, ভাৱনা, নাম, কীৰ্তন, বৰগীত,  নামঘৰ, খোল, মৃদং, তাল, ভাঁজঘৰ, দোলযাত্ৰা, হাটী,  ধনপুঁজি [bank] সমাজ, ধৰ্ম, বিচাৰ, নীতি, আইন,  নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ,  বৈৰাগ্য, সমাধি, সকলো শংকৰদেৱে   অসমীয়াক দি  গৈছিল। ”  [অসমীয়া কৃষ্টি]   এই সাংস্কৃতিকঐতিহ্য তথা কৃষ্টিৰ বিষয়ে  গভীৰভাৱে  কৰা  অন্বেষণে তেখেতক   এই  উপলব্ধি  প্ৰদান কৰিছিল যে,  কৃষ্টি  স্থিতিশীল  হব নোৱাৰে।  আৰু   তেখেতে  এই  কথা উপলব্ধি  কৰিছিল যে অসমীয়া  কৃষ্টি   সাধাৰণ  অসমীয়া   খাটি  খোৱা লোকৰ  প্ৰাণত লুকাই  থকা  বতৰাৰ  মাজতে আছে ।  সেই কৃষ্টিৰ  ধাৰক আৰু  বাহক খেতিয়কজনকেই   পৃথিৱীৰ  প্ৰথম বিপ্লৱী বীৰ বুলি অভিহিত কৰি   তেঁও  লিখিছিল   -- 
হেৰউ কৃষক   

প্ৰথম  বিপ্লৱী  বীৰ প্ৰকৃতিৰ  বক্ষ  বিদাৰক

ধৰণীৰ   বুকু ফালি

নাঙলৰ  ফাল  তুলি 

পোনে পোনে  তয়ে  লখিমিক লভিছিলি।
 আৰু  এইজনা  কৃষ্টিৰ  সাধক   কৃষকক  পৃথিৱীৰ প্ৰথম বিপ্লৱী বীৰ বুলি স্বীকৃতি  প্ৰদান কৰিও   কৃষ্টি   প্ৰগতিশীল হোৱাৰ  প্ৰয়োজনীয়তাৰ কথাহে  তেখেতে স্পষ্টকৈ   কৈছে -- “বাস্তৱৰ  প্ৰয়োজনত  যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত  যি শকতি, জীৱন যাত্ৰাৰ  বাস্তৱ   উদ্দেশ্য সিদ্ধিত যি মকুতি,  সেয়াহে  আচল কৃষ্টি,  প্ৰকৃত সংস্কৃতি (Real Culture)  জীৱন  যাত্ৰাৰ ঘাত- প্ৰতিঘাততে জীৱন যাত্ৰাৰ ৰূপান্তৰ হয় -- সেই ৰূপান্তৰিতা  সংস্কৃতিৰ অলম  লৈ জীৱন যাত্ৰা ও প্ৰগতিৰ বাটত   আগুৱাই যায়। গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি,  সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত। যি জাতিৰ কৃষ্টি - সংস্কৃতি প্ৰগতিশীল নহয় স্থিতিশীল, সেই  জাতিৰ জীৱন যাত্ৰাও ধীৰ - স্থিৰ হয়।”  [ বক্তৃতা- ৰংপুৰীয়া ৰাইজলৈ ] 
আনহাতে,   কৰ্ষণেই  কৃষ্টি  বুলি  কৈও   তেখেতে এইবুলি আমাক সাৱধানবাণী  শুনাই থৈ  গৈছে যে -- “সেই কৃষ্টিৰ  যেতিয়া সংস্কাৰ হয়, তেতিয়া সেই সংস্কৃত  কৃষ্টিয়েই হয় সংস্কৃতি আৰু সেই সংস্কৃতিৰ যেতিয়া বৈদেশীয় মিনাৰ চাপ পৰে, সেই মীনাকৃতা সংস্কৃতিয়েই হয় কালচাৰ। সেই কালচাৰে আদিম কৃষ্টিৰ  ডিঙি চেপি  ধৰি  মাৰিব খোজে তেতিয়া কৃষ্টিৰ    যদি  যুগোপযোগী  ৰূপান্তৰ নহয়, তেতিয়া  সেই  প্ৰাচীন কৃষ্টিৰ মৃত্যু হয়।”[ বক্তৃতা- ৰংপুৰীয়া ৰাইজলৈ ]  আজিৰ আমাৰ সংস্কৃতিক ওপৰত   অচিনা বৈদেশীয় মিনাৰে চেপি অনাৰ সময়ত এই সাৱধানবাণীৰ প্ৰতি আমি সচেতন হব লাগিব। সংস্কৃতিৰ  গতিশীলতাত  বিশ্বাসী হৈ   উঠাৰ সময়ত   ‘অগ্নিযুগৰ  ফিৰিঙতি  মই  নতুন  অসম গঢ়িম,  সৰ্বহাৰাৰ  সৰ্বস্ব পুনৰ  ফিৰাই  আনিম  বুলি” কোৱাৰ  মাজেৰে   ঐতিহ্যৰ  প্ৰতি  শ্ৰদ্ধাশীল  হোৱাৰ  সমান্তৰালভাৱেই ঐতিহ্যৰ  ভেটিটোক  নতুন চিন্তাৰ  উন্মেষেৰে  বিজ্ঞানসন্মত ৰূপ   দিয়াৰ প্ৰাসংগিকতাও  আপোচহীনভাৱে প্ৰকাশ  কৰিছে।   
সৰ্বহাৰাৰ  মুকুতিৰ  সপোন দেখাৰ সময়তো  সমান্তৰালভাৱেই  তেখতে  এক  প্ৰকৃত  আঞ্চলকিতাবাদী  সত্তা।বহুক্ষেত্ৰত এই আঞ্চলিকতাবাদী সত্তাই আনেটা সত্তাক প্ৰায় ঢাকি ধৰিছে। তেখেতে  বলিষ্ঠভাৱে  কৈছে  --
যাউতী - যুগীয়া,

 বৰগীত  অমিয়া,

 বনগীত সুৰীয়া 

গোৱা অসমীয়া  প্ৰাণ  মন ভৰি।
এই  আঞ্চলিক  সত্তাৰ স্বৰূপ  উপলব্ধি  কৰিবলৈ  যাওতে  সমগ্ৰ  উত্তৰ - পূব ভাৰতৰ  নৃগোষ্ঠীয়  দলিচাখনে  তেখেতক  হাত- বাউল দি  মাতিছিল।হাতত বন্দুক তুলি লৈ জনসাধাৰণৰ মুক্তিৰ সপোন দেখাৰ সময়ত যেতিয়া তেঁওৰ মুৰৰ ওপৰত স্বাধীন দেশৰ চৰককাৰে পুৰস্কাৰ ঘোষণা কৰিছে, তেতিয়া আত্মগোপনৰ কালচোৱাত তেঁও লুকাই লুকাই হাবিত থকা নাছিল—জনসাধাৰণ মাজতেই মাছে পানীত থকাৰ দৰে মিলি থাকি গভীৰভাৱে এই জনজাতি অধ্যয়নৰ কাম হাতত লৈছিল। বিজ্ঞানসন্মতভাৱে  তেখেতে উত্তৰ-পূব  ভাৰতৰ  জনগোষ্ঠীসমূহৰ এক ক্ষেত্ৰভিত্তিক    নৃতাত্বিক  অধ্যয়ন কৰিছিল-- য'ত  বহুতো সমল  থূপ খাই  আছে।  এই  অধ্যয়ন  অসম্পূৰ্ণ হৈ  ৰলেও  সি যে তেখেতৰ জীৱন দৰ্শনৰ এক অবিচ্ছেদ্য অংগ আছিল  সেই  কথা উক্ত অধ্যয়নৰ মাজেৰে গম পোৱা যায়। বিষ্ণুৰাভাৰ সপোনৰ সাম্যবাদী সমাজজখনত এই জাতি-জনগোষ্টীবোৰৰ বুকুৰ উশাহ-নিশাহ,  সংস্কৃতি আৰু অৰ্থনীতিক সবলভাৱে প্ৰতিষ্ঠা কৰাৰ  সপোন দেখিয়েই তেখেতে এই কাম নিষ্ঠাৰে কৰি গৈছিল।

মানৱ  প্ৰজাতিৰ সামগ্ৰীক বিৱৰ্তনৰ  প্ৰক্ৰিয়াৰ  সৈতে সংযোগ কৰি   তেখেতে  এই   অধ্যয়ন  কৰিছিল।   ‘মানৱ জাতি'  নামৰ সুদীৰ্ঘ  প্ৰৱন্ধটিত তেখেতে  মানুহৰ  বিৱৰ্তনৰ  বিৱৰণী  দিওতে   আদিম  সাম্যবাদী  সমাজৰ কথা উত্থাপন  কৰাৰ বেলিকা   প্ৰসংগক্ৰমে  মাতৃতান্ত্ৰিক ব্যৱস্থাৰ  কথা উল্লেখ  কৰাৰ  সময়ত তেখেতে  খাচিসকলৰ উদাহৰণ  দিছে।  অসমৰ  কাৰ্বিসকলৰ (তেখেতৰ বৰ্ণণাত  ‘মিকিৰ')  শিলৰ  উপাসনাৰ দৰে প্ৰথাৰ নৃতাত্বিক  ব্যাখ্যা,   ভূমিপূত্ৰ   বড়োসকল,   মিচিংসকল,  ছুবুৰীয়া অৰুণাচল  প্ৰদেশৰ জনগোষ্ঠীসকলৰ বিষয়ে  কৰা অধ্যয়নসমূহ তেঁওৰ ভিতৰৰ নৃতত্ববিদজনকেই  সমুজ্জল কৰি তোলা  নাই --  এই  অধ্যয়ন যে তেখেতৰ  সাম্যবাদী দৰ্শনৰ  চেতনাস্ৰোতৰ যে অবিচ্ছেদ্য অংগ আছিল  সেয়াও  পৰিস্ফুট হৈছে।    শংকৰদেৱে  যিদৰে    ভাগৱতৰ সাৰকথা  হাতী মাৰি  ভুৰুকাত  ভৰোৱাৰ দৰে  ‘গুণমালা'ত পুথিত লিখি থৈ গৈছে -- সেইদৰে  বিষ্ণুৰাভাই  অসমীয়া জাতিৰ  ইতিহাস “অসমীয়া  কৃষ্টি”  নামৰ  সুদীৰ্ঘ  নিবন্ধটিত  লিখি  থৈ  গৈছে – যি এক মূল্যবান দলিল। 
সাম্যবাদৰ  সপোন   দেখি  হাতত বন্দুক  তুলি লোৱা  সৈনিক শিল্পীজনে  উত্তৰ-পূব ভাৰতৰ  পাহাৰে -  কন্দৰে  বাস কৰা এই  বিচিত্ৰ জাতি - জনগোষ্ঠীসমূহৰ অধ্যয়ন  আৰু   ইয়াৰ  সমান্তৰালভাৱে বৰলুইতৰ  দুয়োপাৰে বস-  বাস   কৰা মূলসুঁতিৰ  অসমীয়া  সমাজখনৰ স্পন্দিত জনজীৱনৰ  বিস্তৃত অধ্যয়ন কৰাৰ  প্ৰাসংগিকতা  আজিৰ  পৰিস্থিতিত আমি  অনুধাৱন  কৰিব লাগিব।  ৰজাঘৰীয়া  চক্ৰান্তকাৰীৰ  সন্দেহত  পাহাৰে -  কন্দৰে  আত্মগোপন  কৰিবলগীয়া  হোৱাৰ কালতো কি ভাৱনাই   তেঁওক অহৰহ  এইদৰে  পৰিচালিত  কৰিছিল যে --   এখন শ্ৰেণীহীন ,  সাম্যবাদী  সমাজৰ সপোন দেখাৰ বেলিকাও  কিন্তু  এই  জাতি- জনগোষ্ঠীসমূহৰ  কৃষ্টি - সংস্কৃতি  আৰু  প্ৰাণৰ স্পন্দনক  সেই   সমাজত প্ৰতিষ্ঠা  কৰিব পাৰিব  লাগিব। যে, এই  আঞ্চলকিতাবাদী  সত্তাৰ  সজোৰ উপস্থিতিৰ  মাজেৰেহে  প্ৰস্ফুটিত হ'ব সেইসমাজ য'ত থাকিব ৰাভাৰ সপোনৰ সেই সোণামুৱা গাঁও-
 “ধুনীয়াকৈ শুৱনীকৈ চেনেহী শুৱনি

হিয়াৰে আমঠু জিউ  সৰু গাঁও খনি  

দুখীয়াৰ মনত দুখীয়াৰে সৰগ যেনহে  পাঁও,

আমি সোণামুৱা গাঁও।”  
 [গেঙণি  -ৰেঙণি]  
অৰ্থাৎ, সমাজতান্ত্ৰিক  আদৰ্শক স্থাপন কৰা বেলিকা ৰাভাই  এই আঞ্চলিক  কৃষ্টি --- যাক তেখেতে নিজেই  ‘বাস্তৱৰ  প্ৰয়োজনত  যাৰ জনম, মানুহৰ জীৱন সংগ্ৰামত  যি শকতি,  জীৱন যাত্ৰাৰ  বাস্তৱ   উদ্দেশ্য সিদ্ধিত যি মকুতি'  তাকেই  উৰ্ধত তুলি ধৰিছে।    
বৰ্তমানৰ গোলকীয়  সংস্কৃতি,  ভোগবাদ  আৰু    বজাৰ  সংস্কৃতিয়ে বিষ্ণুৰাভাৰ  দৰে সৈনিক শিল্পীয়ে  তুলি আনিবলৈ অহৰহ চেষ্টা  কৰা  এই থলুৱা  কৃষ্টিৰ –সংস্কৃতি – অৰ্থনীতিৰ প্ৰতি প্ৰতি   এহাতে   যিদৰে  প্ৰত্যাহ্বান আহিছে । আমাৰ কৃষকে নিজৰ স্বাধীনতাৰে খেতি কৰিবলৈ পোৱা নাই? বহুজাতিক কোম্পাণীৰ হেঁচাত প্ৰতি কিলোগ্ৰামত ৫০০-৬০০ টকা দৰত তেঁওলোকে হাইব্ৰীড বীজ কিনিবলগীয়া হৈছে। তেঁওলোকক কোৱা হৈছে থলুৱা ধানৰ সঁচ বেয়া।আমাৰ মাটিৰ নিজস্ব গুণেৰে সমৃদ্ধ আমাৰ থলুৱা ধানৰ  বীজ বেয়া বুলি খেতিয়কৰ মাজক মহামাৰীৰ দৰে প্ৰচাৰ চলোৱা হৈছে। হাইব্ৰীড ধানৰ  খেতি কৰিবলৈ গৈ তিনিগুণ ৰসায়নিক সাৰ প্ৰয়োগ কৰিবলগীয়া হৈছে। ইয়াৰ  পিছত হয়তোবা উৎপাদিত শস্যৰ বাবে তেঁওৱলোকে বজাৰ পোৱা নাই। অথবা খেতিত ধানৰ পৰিৱৰ্তে পতান ওলাইছে। আমাৰ মন্দিয়া. জিনজিয়াৰ আলু খেতিয়কে বটাৰ দাঁতিত আলু পেলাই দিছে আৰু আমাক  খাবলৈ মুখত তুলি দিয়া হৈছে বহুজাতিক কোম্পাণীৰ চিপচ্। আমাৰ চৰকাৰ খেতিয়কৰ দুখ বুজা চৰকাৰ নহয়। বহুজাতিক কোম্পাণীৰ শ্ৰুতলিপিত চলা চৰকাৰ। আমি কি খাম, কি পিন্ধিম—সকলো তেঁওলোকে তৈয়াৰ কৰি দিছে – আমাৰ পছন্দৰ অধিকাৰ নাই। বিষ্ণুৰাভাই ‘পৃথিৱীৰ প্ৰথম বিদ্ৰাহী বীৰ প্ৰকৃতিৰ বক্ষ উদাৰক’ বুলি স্বীকৃতি দিয়া কৃষকজন এতিয়া বিপন্ন, বিপন্ন তেঁওৰ অৰ্থনীতি, বিপন্ন কৃষ্টি। 
 
সেইদৰেই  ভাৰতৰ মূল  নাভিকেন্দ্ৰপৰা  পৰকল্পিতভাৱে  আমদানি  কৰিব  খোজা আৰু  আমাৰ অসমীয়া জাতিসত্তাৰ ওপৰত জাপি দিব খোজা  হিন্দুত্ববাদৰ  একক  সংস্কৃতিয়ে  আমাৰ  অঞ্চলকিতাবাদী  সত্তাটিক সাৰ-পানী দি জীয়াই ৰখা  থলুৱা  সংস্কৃতিৰ  প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই কথা এতিয়া গোপন হৈ থকা নাই যে,  অসমৰ বৈষ্ণৱ সংস্কৃতিৰ  নাভিকেন্দ্ৰ মাজুলীৰ সত্ৰসমূহৰপৰা শংকৰদৱক উৎখাত কৰি হিন্দুত্ববাদী আদৰ্শৰ  ‘ৰাম'  স্থাপন কৰাৰ প্ৰচেষ্টা  চলিছে ।  ‘সত্ৰীয়  সংস্কৃতিৰ  প্ৰাণকেন্দ্ৰ'  হিচাপে অতদিনে প্ৰসিদ্ধি   লাভ কৰা মাজুলীৰ সাজ-পোচাক পৰ্যন্ত  সলাই  ‘আধ্যাত্মিক নগৰী'লৈ পৰিণত  কৰা  হৈছে। এই সকলোবোৰ যেতিয়া  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নামৰ  অনুষ্ঠানৰ পৃষ্টপোষকতাত চলে -- তেতিয়া আমি ভীতিগ্ৰস্ত হৈ পৰোঁ।  কিয়নো  আজিৰপৰা ছশ বছৰৰো   আগতে শংকৰদেৱে অসমীয়া জাতিৰ বৰভেটি  নিৰ্মাণ কৰিবৰ  বেলিকা ‘এক - দেউ -এক -সেউ এক বিনে নাহি  কেউ’ৰ আদৰ্শৰে   জাতি-ভেদ,  জাত-পাতৰ ভেদা-ভেদ পৰিহৰি   নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মুছলমানৰ চান্দসাইকে ধৰি সকলো ধৰ্ম আৰু  বৰ্ণৰ   মানুহক নিজৰ প্ৰখ্যাত শিষ্যসকলৰ তালিকাত সুমুৱাই লৈছিল। আমাৰ সত্ৰীয়া নৃত্যত বিহু, বাগৰুম্বা, মিছিং বিহু, খেৰাইকে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকনৃত্যৰ সমলক উপযুক্ত মৰ্যদাৰে প্ৰতিষ্ঠা কৰিছিল। সংস্কৃতিৰ সমম্বয় সাধান কৰিছিল। সোয়েহে আধুনিক অসমক ভেটি স্থাপন কৰাৰ সময়ত জ্যোতিপ্ৰসাদে বাৰে বাৰে শংকৰদৱেক আৱিস্কাৰ কৰছে। বিদেশৰ পৰা শিক্ষা লাভ কৰি উভতি আহি বুজি উঠিছে অসমীয়া নামঘৰৰ স্থাপ্যত্যৰ মহিমা। সেই পদ অনুসৰণ কৰি বিষ্ণৰাভায়ো শংকৰদেৱৰ বিশাল প্ৰতিভাৰ শৰণাপন্ন হৈছে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকায়ো এই কামেই কৰিছে আৰু আক্ষেপৰ সুৰতেই লিখিছে  – “মোক গুৰু লাগে  মই শিক্ষিত শিষ্য, জগতক জাননী দিলোঁ, জগতৰে গুৰু শ্ৰীমন্ত শংকৰ অন্ধলাই নিচিনিলোঁ,  হে গুৰু শংকৰ” বুলি । কিন্তু  বৰ্তমানৰ ধৰ্মৰ সাজ-পোচাক পিন্ধি অহা ৰাজনীতি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিন্দুত্ববাদী আদৰ্শ তথা তেঁওলোকৰ সপোনৰ হিন্দুৰাষ্ট্ৰই  বৰ্ণবাদী ব্যৱস্থাৰহে  কঠোৰভাৱে পোষকতা কৰে ।  এই ব্যৱস্থাত অন্ত্যজ তথা জনজাতীয় লোকসকল আৰু বেছি অৱহেলিত হৈ ৰোৱাৰ সম্ভাৱনাই আধিক। দেশৰ ধৰ্মীয় সংখ্যালঘূ  সম্প্ৰদায়ৰ লোকসকলৰ কথা বাদেই দিলোঁ। যিজনা বিষ্ণুৰাভাই  সাম্যবাদী  আদৰ্শক আকোঁৱালি  লবৰ বেলিকাও অসমীয়া সমাজ জীৱনত   শংকৰদেৱৰ  ঐতিহ্যৰ  প্ৰতি শ্ৰদ্ধানত হৈ   সাৱধানবাণী শুনাইছিল  -- ‘‘আজি  শংকৰদেৱৰ  যিকোনো সাহিত্য বা  কৃষ্টি  বাদ দিলে অসমীয়াৰ  মৃত্যু হ'ব” -- বুলি  আজি কিন্তু   হিন্দুত্ববাদী আদৰ্শ  প্ৰচাৰৰ  বাবেই অসমীয়া জাতিৰ  নৈতিকতাৰ লগতে  আমাৰ আঞ্চলকিতাবাদী  উপাদানেৰে  সমৃদ্ধ  কৃষ্টি -সংস্কৃতিক বিনষ্ট  কৰাৰ  অংশ  হিচাপে   আমাৰ  মনৰপৰা শংকৰদৱেক  মচি  দিয়াৰ  নিকৃষ্ট ষড়যন্ত্ৰ  চলাৰ উমান আমি পাইছোঁ।    তেঁওলোকে অসমীয়া চেতনাৰপৰা এজন আঞ্চলিকতাবাদী শংকৰদেৱক উৎখাত কৰিবলৈ উঠি-পৰি লাগিছে আৰু তাৰ বাবেই বাচি লৈছে বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰসমূহ। তেঁওলোকে ভাবিছে শংকৰদেৱৰ চেতনাত উৎখাত কৰিব পাৰিলেই সহজ হৈ পৰিব জ্যোতি চেতনাক উৎখাত কৰা পথ, ৰাভাৰ চেতনাক উৎখাত কৰাৰ পথ, অসমীয়াৰ উদাৰ আঞ্চলিকতাবাদক ধ্বংস কৰা পথ। শ্ৰদ্ধাৰ ৰাইজ আমি তাক হবলৈ নিদিও। আমাৰ জাতীয় জীৱনক ধ্বংস কৰাৰ এই  প্ৰচেষ্টা  প্ৰতিহত  কৰিবৰ  বাবে আমি শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ  দৰে মহান   অসমীয়াসকলৰ আদৰ্শক সৰোগত কৰা বাদে আন উপায় নাই। তাৰ বাবেই আমি তেঁওলোকৰ সাহিত্য পঢ়িব লাগিব, দৰ্শন উপলব্ধি কৰিব লাগিব।   

এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ। তেঁওলোকে আমাৰ উন্নয়নৰ সোপান ৰচনা কৰিব পৰা নাই। স্বাধীন ভাৰতৰ নাগৰিকৰ সপোন পূৰণ কৰিব পৰা নাই। সেয়েহে  আমাৰ খেতিয়কজনে যাতে ভাত-কাপোৰৰ কথা চিন্তা কৰিবলৈ সময় নাপায়-- সেইবাবেই মনত সুমুৱাই দিয়া হৈছে সাম্প্ৰদায়িকতাবাদৰ বীজ।  আমাৰ স্বাভিমানৰ প্ৰতীৰক শংকৰদেৱৰ উদাৰবাদী ধৰ্মীয় চেতনা,  উদাৰবাদী আঞ্চলিকতাবাদক আমাৰ চেতনাৰ পৰা মচি পেলোৱাৰ ষড়যন্ত্ৰ।  তেঁওলোকে ষড়যন্ত্ৰ কৰিছে যাতে আমি হিন্দু হৈ থাকোঁ, মুছলমান হৈ থাকোঁ-- কিন্তু মানুহ হবলৈ নাপাওঁ।  
ইয়াৰ সমান্তৰালভাৱে আমি এই  কথাও  আজি  গভীৰভাৱে উপলব্ধি  কৰাৰ প্ৰয়োজন যে,  অসমৰ যিসমূহ  জাতি - জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ কথাটিয়ে  সৈনিক  শিল্পীগৰাকীৰ মনত  অহৰহ জোকাৰণি তুলিছিল -- তেঁওলোকৰ নিজকে বিকশিত কৰাৰ  সপোনবোৰ  আমি যেন  সেই নিৰ্দিষ্ট  জনগোষ্ঠীটোৰ  কেইটিমান  ৰাজনৈতিক  দাবী  বুলি  অথবা   তেঁওলোকৰ নিজস্ব সংগঠনবোৰৰ দাবী বুলি ভাবি নলওঁ।  অসমৰ  চাৰিসীমাত  বাস  কৰা সকলোবোৰ জনগোষ্ঠীৰ আৰ্থ- সামাজিক- শৈক্ষিক - সাংস্কৃতিক উত্তৰণৰ বাবে অসমৰ  শুভবুদ্ধি সম্পন্ন   প্ৰতিজন লোক দায়বদ্ধ । আজি অসমৰ পৰিস্থিতি এনেকুৱা যে,  ৰাভাসকলৰ  সমস্যাসমূহৰ বাবে কেৱল ৰাভাসকলহে মাত মাতে ।  সেইদৰে  বড়োসকলৰ  দাবীসমূহৰ ক্ষেত্ৰত তেঁওলোকৰ জনগোষ্ঠীৰ নেতৃত্ব প্ৰদান কৰা লোকসকলেহে তুলি ধৰিব লাগে - তেনে এক  ধাৰণা পোষণ কৰা হয়। একেখন ৰাজ্যতে থাকিও আমি যেন বেলেগ  বেলেগ ৰাজ্যৰ বাসিন্দা।  সকলোৰে মন ক্ষোভত উতলি  থকা  জুই।   আৰু  জনসাধাৰণৰ মাজত  বিভাজনৰ সৃষ্টি কৰি  ক্ষমতা  ভোগ কৰাসকলে ইয়াৰে সুযোগ লৈ  প্ৰাপ্যৰপৰা আমাক বঞ্চিত  কৰি ৰাখিছে।  আজি জনজাতীয় লোকসকলৰ হাতৰপৰা মাটি বেলেগৰ  হাতলৈ  গৈছে। নৈৰ পাৰত বাস কৰা মিচিংসকল  অহৰহ  খহনীয়াৰ কবলত পৰিছে।  ভেটি- মাটিত থাকিবলৈ ঠাই নাপাই যেতিয়া তেঁওলোকে চৰকাৰী মাটিত  বহেগৈ,  তেতিয়া  জাতি-মাটি আৰু  ভেটিৰ সপোন দেখুৱাই ক্ষমতালৈ  অহা চৰকাৰখনে  তেঁওলোকক  বুলডজাৰ  চলাই  উচ্চেদ কৰে । গুৱাহাটীৰ  পাহাৰৰ  ৰিজাৰ্ভ  ফৰেষ্টৰ    বুকু বেদখল  কৰি বহা  বিয়াগোম চৰকাৰী বিষয়া, দীপৰ বিলৰ  পাৰৰ  বহিৰাগত বণিয়াক তেঁওলোকে  উচ্ছেদ কৰিব নোৱাৰে কিয়? আমি মাত  নামাতোঁ।  হাত সাৱটি বহি থাকোঁ।  এনে অৱস্থাত  এই ঠেৰুছিগা লোকসকলে  বিষ্ণুৰাভাৰ  সপোনৰ  লোক  কৃষ্টি - সংস্কৃতি হাতৰ মুঠিত  ধৰি ৰাখিব পাৰিবনে?   ডাঙৰ মাছে  সৰু  মাছ গিলাৰ  দৰে কথা ।  এই ৰাজনীতি বুজি পাবলৈ হ'লে আমি বিষ্ণুৰাভাৰ  আদৰ্শ  পঢ়িব লাগিব,  বুজি পাব লাগিব। আৰু উপলব্ধি  কৰিব  পাৰিব  লাগিব কিয় তেঁও ভাল পাব পাৰিছিল মানুহক।  কিয় তেঁও তুলি লৈছিল এহাতে  বন্দুক  আৰু  আনখন হাতেৰে  গান - কবিতা আৰু তুলিকা।  সৈনিক শিল্পীগৰাকীয়ে কৈছিল -- “মানুহে মোৰ শিল্পী বুলি কয়। মই যদি শিল্পী হঁও,  বিধাতাৰ  আৰ্শীবাদত মই শিল্পী হোৱা নাই -- ৰাইজৰ আশীৰ্বাদতহে শিল্পী হৈছোঁ।” - আজি  আমি  নিজকে  শিল্পী বুলি কঁও,  লিখক বুলি কঁও, ৰাভা দিৱস পাতোঁ। সমাজৰ  পৰিবৰ্তনৰ দূত  বুলি  কঁও। কিন্তু  আমাৰ মূৰত ৰাইজৰ  আশীৰ্বাদৰ হাত নাই।  কিয়নো  সমাজৰ সেৱা,  ৰাইজৰ সেৱা  এতিয়া  কেৰিয়াৰ, প্ৰফেশ্যন। আমাৰ নামৰ পিচফালে দীঘল দীঘল ডিগ্ৰী, প্ৰকাশিত কিতাপৰ তালিকা। কিন্তু জনসাধাৰণে আমাৰ ভাষা বুজি নাপায়।আমি জনসাধাৰণৰ মাজলৈ নাযাওঁ।  শিপা বিচ্ছিন্ন আমি। নিজৰ মানুহৰ মাজতে থাকিও আমি তোঁওলোকক বাবে আচিনাকি। তেঁওলোকৰ সমস্যা আমি বুজি পাওঁ পুথিগত বিদ্যাৰে, অন্তৰেৰে নহয়। সৈনিক  শিল্পীগৰাকীয়ে কৈছিল   --  “পূজাৰ মাটিৰ  প্ৰতিমাত  প্ৰাণ নাই।  প্ৰাণ  প্ৰতিষ্ঠা কৰিব কোনে?”আমিও এতিয়া প্ৰাণহীন পূজাৰ প্ৰতিমাৰ দৰেহে। ৰাভাৰ এই  প্ৰশ্নটিকে  মই নিজকে সুধিছোঁ  যে, নিৰ্জীৱ পূজাৰ প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰিব কোনে? আৰু  আপোনালোকলৈও ঠেলি দিছোঁ।

(ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন গোৱালপাৰা জিলাই অনু্ষ্ঠিত কৰা বিষ্ণুৰাভা দিৱস,  ২০১৭ৰ ভাষণ)


 

No comments:

Post a Comment