Thursday, 9 November 2017

ঘৰ ঘৰ খেলিবা? আহা।




 ৰত্না ভৰালী তালুকদাৰ

প্ৰিয় পাঠক—  গল্পৰ আৰম্ভণিতে আপোনাক এইবুলি সম্বোধন কৰাত এক মজা আছে। আপুনি এজনেই হওক বা এশজন —    কথা হৈছে, এজন কথাকাৰৰ বাবে পাঠক সদায় নমস্য।
 
 ধৰা হ'ল আপোনাৰ ঘৰ এখন আছে। কিয়নো, আপুনি গল্প পঢ়িবলৈ এখন আলোচনী কিনাৰ তাগিদা অনুভৱ কৰিছে। পঢ়াৰ পিছত কিছুদিনলৈ  আলোচনীখন  সজাই থোৱা আমাৰ অভ্যাস। এখন ঘৰ নহলে আপুনি আলোচনীখন ক'ত সজাই ৰাখিব·? 

গতিকে দেখা গ'ল যে - প্ৰথমতে ঘৰ, তাৰপিছতহে আলোচনী বা গল্প। সমাজশাস্ত্ৰয়ো অন্ন, বস্ত্ৰ — তাৰপিছতে ঘৰ, অথাৎ  বাসস্থানৰ কথা কোৱা নাই জানো?

আপুনি যেতিয়া ঘৰ সাজিছিল, তেতিয়া ইয়াৰ স্পেচ সম্পৰ্কে আপোনাৰ কেনে ধাৰণা আছিল· ঘৰৰ দেৱালে কিমান স্কোৱাৰ ফুট  ঠাই  আগুৰি থাকিব?· কিমান স্কোৱাৰ ফুট হ'ব খালি স্পে'চ?· এই খালি স্পে'চ  আপুনি কি  কামত ব্যৱহাৰ কৰিব· ?

এসময়ত এইসৱ অমূলক  চিন্তা  আছিল। খুব বেছি  টিনৰ টূপ ভঙা তিনি বা চাৰিকুঠলীয়া এটা পকী ঘৰ, আগ বাৰান্দা আৰু পাছ বাৰান্দা। পাগৰ ঘৰ, গোঁসাইঘৰ, ধানৰ ভঁৰাল আৰু গোহালি খেৰৰ ছালৰ  আৰু কেঁচা মজিয়াৰ হলেও গৃহিণী আছিল তুষ্ট ।
 
ঘৰক আগুৰি যি বিশাল স্পে'চ আছিল তাৰ নাম আগচোতাল আৰু পাছচোতাল। আগচোতাল শুৱনি আৰু  সম্ভ্ৰান্ত। তাত আছিল নঙলামুখৰ  নাহৰ, ন- খোৱাৰ সকাম, তৰাখচিত আকাশৰ তলত আইতাৰ হাচতিত পাক খাই সাধুৰ সেলেঙি,  হুচৰিৰ আশীৰ্বাদ।  

ৰহস্যঘন   আছিল  পাছচোতাল। মুণিচুণি সন্ধিয়াৰ ধূসৰ  বলয়ত ওলমি থকা আধা- আলো আধা ছায়া চৈতন্যৰ   অলেখ   প্ৰকোষ্ঠৰ দৰেই। পাছচোতালৰ জাজৰি চোতাল সৰাকিজনীৰ ফিচ্ ফিচনি, ষাঁঠৰ পকা কঁঠালৰ হুতাহ, পকা খৰিছাৰ বাব লেলাৱতি,   বে'ইৰ তলৰ ফুছুৰি, শাহু- বোৱাৰীৰ চুপতি  আৰু বিধূতি তিৰোতাৰ ওফোন্দ  খুন্দ খাই আছিল।
 
তেতিয়া স্পে'চৰ চিন্তা সুকীয়াকৈ মগজুলৈ অহাৰ আহৰি  নাছিল। আনকি হাহঁ-  কুকুৰা, হাপা, জহামাল  গাতঁৰ শিয়ালৰ বাবেও আছিল উভৈনদী স্পে'চ।
 
এতিয়া কিন্তু ঘৰ এটা সাজিবলৈ হ'লে মূল কথা স্পে'চ ।বিশেষকৈ, এই ব্যস্ত নগৰীত ঘৰ সাজিবলৈ হলে  আপুনি স্পে'চ সম্পৰ্কে  কছৰৎ কৰিবই লাগিব। আপুনি যদি পোন্ধৰশ স্কোৱাৰফুটৰ ঘৰ এটা সাজে, তেন্তে  কেনেবাকৈ দীঘলে দীঘলে এক স্কোৱাৰফুট  বঢ়াই দিলে, অন্য কথা বাদ দি কেৱল খৰছৰ হিচাপ ধৰিলেও,  তাৰবাবে অতিৰিক্ত খৰছ পৰিব একলাখ টকা।
 
পিচে, ৰ'ব।  আমি গে'টৰপৰাই আৰম্ভ কৰোঁ।  

বাৰ ফুট ওখ গ্ৰিলৰ এই  সুদৃশ্য গে'টত অপূৰ্ব কাৰু - কাৰ্য আৰু ৰঙৰ সমাহাৰ। শিল্প আৰু প্ৰযুক্তিক একাকাৰ  কৰি  তাত  স্থাপন কৰা হৈছে  অত্যাধুনিক চেঞ্চৰ ব্যৱস্থা। নিজৰ মহত্ব প্ৰকাশ কৰি গে'টে ঘোষণা কৰিছে  ভতৰৰ ঘৰৰ ঐতিহ্য, অপূৰ্ব সৌন্দৰ্যচেতনাত সংপৃক্ত  হৈ থকা ঘৰৰ মালিকৰ ৰুচি, পছন্দ আৰু জীয়াই থকাৰ দম্ভ।

যশস্বিনীৰ হাতে এই গে'ট স্পৰ্শ কৰিলে। ঠিক যেন, আঁৰ কাপোৰ টানি দিয়া হ'ল আৰু  উন্মুক্ত হৈ পৰিল  কাৰ্পেট গ্ৰাছৰ এক সেউজীয়া লন, নৈৰ পলস পেলাই  তৈয়াৰ কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ পাহাৰৰ দৰে মাটিৰ ঢিপত  লেপেট খাই থকা কোমল- অঁহীয়া বিদেশী ঘাঁহৰ লনৰ এক নয়নাভিৰাম দৃশ্য — খোজ পৰিলে যি ঘাঁহনিয়ে  ভৰিৰ তলুৱাত সানি দিয়ে বডি ম্যাচাজ পাৰ্লৰত নিয়োজিত তৰুণীৰ এপ্ৰণৰ  তলিৰে ওলাই অহা সুগঠিত হাত আৰু লিহিৰি আঙুলিয়ে দিয়া টিপা- টিপিৰ অলস আৰাম। 

একে সময়তে,  ইয়াৰ মোহনীয়তাই আপোনাৰ নয়নযুৰিত সানি দিলে এক সাৰ্থক আমেজ। বডি ম্যাচাজ পাৰ্লাৰৰ তৰুণীৰ নিতম্বত ওলমি থকা মিনিস্কাৰ্টৰ তলত দোঁ খাই পৰা, শৰতৰ শুভ্ৰ এযুৰি কহুৱাফুলৰ দৰে কোমল অথচ উদ্ধত, প্যেডিকিঅ'ৰ কৰি ৰখা ভৰিযোৰৰ দৰেই এই মোহনীয়তা —  যি মায়া প্ৰপঞ্চ তেঁও তৈয়াৰ  কৰিছে  আপোনাৰ শৰীৰত ম্যাচাজৰ টিপা- টিপিৰ অলস আৰাম দিয়াৰ সময়তে চকুযুৰিত সানি দিবলৈ অকণ আমেজ —  যেন, আপুনি পাৰ্লাৰত দিয়া ভিজিটটোৰ বিনিময়ত  দিয়া এয়া উপৰি পাওনা।
লনৰ কাষে কাষে টাবৰ শাৰী শাৰী প্লেনটেশ্যন।  

ঠিক ইয়াৰপৰাই এৰি দিয়া গৈছে কিছু স্পে'চ।  শূণ্য স্পে'চ।  হাত এখন আগবঢ়াই দিলেহে ধৰিব পাৰি এই  স্পে'চ একেবাৰে শূণ্য নহয়। অথবা, এনেকৈ কব পাৰি যে, এয়া শূণ্যতাৰ  মাথো এক সমাহিত, শীতল আৰু  বায়ৱীয় ৰূপ নহয়। এই স্পেচৰ এক অহংকাৰ আছে । একধৰণৰ মদমত্ততা আছে। 

ঘৰ সজাৰ সময়ত সমূখত  গেটৰপৰা কিছু স্পে'চ এৰি দিয়াৰ ধাৰণাটো অভিজিতৰ আছিল।

— চোৱা। সমুখৰপৰা পোনে পোনে চল্লিছফুটৰ এই স্পে'চটো এৰি দিলেও ঘৰৰ বাবে পচিছ শ স্কোৱাৰফুট  আৰু তিনিখন গাড়ীৰ বাবে গেৰেজৰ জেগা ৰৈ যাব। গতিকে এই জেগাটো এৰি দিয়াই যাওক।  

ইয়াৰ পিছতে সি ঘৰৰ সৈতে স্পে'চৰ সম্পৰ্ক বিষয়ত এক নাতিদীৰ্ঘ বক্তৃতা দিলে। এখন ঘৰে কয় তোমাৰ  সামাজিক মৰ্যদাৰ কথা। এই মৰ্যদা পাবলৈ হলে তুমি মগজু খটুৱাব লাগিব ঘৰৰ আয়তন আৰু অভিজাত্যৰ  কাৰু - কাৰ্যত। আন ঘৰৰ পৰা ই কিহত পৃথক। ঘৰৰ গোপনীয়তাতো যাতে থাকি যায় মৰ্যদাৰ প্ৰলেপ। ঘৰৰ  এনে আয়তন পাবলৈ তোমাৰ শোৱানিকোঠা ৰাস্তাৰ ওপৰত উঠিলেও সামাজিক মৰ্যদা হানি নহয়।কিন্তু যদিহে  সমূখৰপৰা  চল্লিচফুটৰ স্পে'চ এটা এৰি দিয়া তেন্তে  ই   হ'ব সোণত সুৱগা —  অৰ্থাৎ এই স্পে'চে  জাহিৰ কৰিব তোমাৰ সামাজিক প্ৰতিপত্তিৰ কথা। 

কিন্তু স্পে'চৰ ধাৰণা তুমি ৰাস্তাৰ ওপৰলৈ তুলিব নোৱাৰা।আকৌ, কিহৰ বাবে কিমান স্পে'চ দিবা· এই দায়িত্ব তোমাৰ  নিজৰ। ই এক গোপনীয় কথাও হ'ব পাৰে। তোমাৰ ৱাল-আলমিৰাৰ অলংকাৰ থোৱা গোপন কুঠৰিৰ স্পে'চ, বেংকৰ ল'কাৰৰ স্পে'চ — অত্যন্ত গোপনীয় কথা। 

আৰু, তোমাৰ জীৱনত মোৰ স্পে'চ ·? যেতিয়া সময়ে জীৱনক  টানি নিছে  দ্ৰুতস্পীডৰ ৰেলগাড়ীৰ গতিত,তেতিয়া এই চিন্তাক প্ৰশ্ৰয় দিয়াৰ কি প্ৰয়োজন· এই স্পীডত থকা অৱস্থাত নিজৰ নিজৰ ট্ৰেকত হু- হুৱাই  আগলৈ যোৱাজনেই তীক্ষ্ণধী। সফল। স্পে'চ এৰি দিয়াৰ অৱসৰ নাই। স্পে'চ নোপোৱাৰ খেদো নাই।
প্ৰিয় পাঠক, ব্যস্ত সময় আৰু সফলতা খেদাৰ অজুহাতত প্ৰিয়জনলৈ কিছু স্পে'চ এৰি দিয়াৰ অৱসৰ,  অথবা তেঁওৰহৃদয়ৰ স্পে'চ হাচিল কৰাৰ অভিমানৰ বাবে আকণ স্পে'চ এতিয়া সঁচাকৈয়ে নাই নেকি? কায়দা কৰি হলেও আপুনি স্পে'চ সংক্ৰান্তত প্ৰিয়জনৰ সৈতে অভিমান অথবা মানভঞ্জনৰ মজা অকণ লব নোৱাৰেনে?
এজন পৈণত  আৰ্কিটেক্টৰ দৰে?·

স্পে'চ সন্দৰ্ভত এজন আৰ্কিটেক্টক লগ ধৰক। তেঁও আপোনাক স্পে'চৰ ধাৰণা ঠিকে  ৰাখি সন্তুষ্ট হোৱাৰ কিটিপ শিকাই দিব। ডাঙৰ কোঠালিটো সৰু কৰি দেখুৱাব খোজে নেকি?· তেন্তে বেৰত ডাঠ ৰং দিয়ক, কোঠা লাংখা-লিংখি  বস্তুৰে ভৰাই দিয়ক। সৰু কোঠালিটো ডাঙৰ কৰি দেখুৱাব খোজে নেকি?· বেৰত বগা বা অফ-হোৱাইট ৰং দিয়ক, লাংখা-লিংখি বস্তু  কোঠাৰ বাহিৰ কৰি দিয়ক। কায়দা দেখিলে? স্পে'চ একেই থাকিল, কিন্তু দেখাত কোঠালিৰ আকাৰ বেলেগ হ'ল।  

কিন্তু স্পে'চৰ ধাৰণাৰ সন্দৰ্ভত এজন মনোৰোগ বিশেষজ্ঞক সাক্ষাৎ কৰকচোন। তেঁও মনৰ ভিতৰৰ স্পে'চৰ বিভিন্ন তৰপ আৰু বিন্যাসত পূথিগত সূত্ৰৰ এনে কেৰামতালি কৰিব যে, আপুনি সুস্থ মগজুৰে তেঁওৰ চেম্বৰত সোমাই যোৱা মানুহজন একেবাৰে পাগল হৈ ওলাই আহিবলগীয়াও হব পাৰে - কি ঠিক?

কথা হ'ল, মানুহে আৰ্কিটেক্টৰ কাষ চপাতকৈ চিধাই মনোৰোগ বিশষজ্ঞৰ ওছৰলৈ ঢাপলি মেলে। সকলোতে একধৰণৰ মনৰ অসুখৰ গজালি আৱিস্কাৰ কৰি ফুৰে। মুস্কিল এয়াই।

যশস্বিনী আৰু অভিজিতৰ কথালৈ আহোঁ। তেঁওলোকৰ জীৱনত  ইজনে সিজনৰ বাবে দিয়া স্পে'চৰ ভূমিকা নগণ্য। কিন্তু গেট  আৰু চৌহদৰ বেৰৰ ভূমিকা উল্লেখযোগ্য। ইহঁত যেন জড়বস্তু নহয়, জীৱনৰ চৈতন্যমূৰ্তি। সোণাৰিয়ে যিমান যত্ন কৰি সোণৰ অলংকাৰ গঢ়ে সিমান যত্নৰে লোহাৰ গ্ৰিলত ফুল বচা হৈছে। গতিকে ইহঁতে সোণৰ অলংকাৰৰ গাম্ভীৰ্যৰে কথা কয়। প্ৰসিদ্ধ চাৰণ কবিৰ সৈতেহে ইহঁতৰ ৰিজনি দিব পৰা যায়। এই  অৱস্থিতিৰ বাবে গেটৰ বাহিৰত থকাসকলে ভিতৰৰ প্ৰাচুৰ্য্যৰ উপস্থিতি অনুমান কৰি লব পাৰে, অথচ পাব নোৱাৰে ৱাল- আলমিৰাত  অলংকাৰ থোৱা গোপন কুঠৰিৰ স্পে'চৰ ধাৰণা। আকৌ, এই অপূৰ্ব সামঞ্জস্যৰ বাবেই, অন্ততঃ  ভিতৰত থকাৰ সময়ত যশস্বিনীৰ চকুলৈ কিছুমান দৃশ্য নাহে । বাহিৰৰ স্পে'চত থকা নৰ্দমাৰ  গেদেৰি, ডাষ্টবিনৰ জাবৰ, দুৰন্ত স্তনযুগল প্ৰকট কৰি যোৱা যুৱতীৰ দল চকুত নপৰে। 

তথাপিও গোলমাল লাগে।  অভিজিতে পানী পানীকৈ বুজাই দিলেও গোলমাল লাগে। স্পে'চ আৰু ঘৰৰ মাজত সম্পৰ্ক কি? ইহঁতৰ তফাৎ  নো কি?

তাইৰ ঘৰটোৰ কথাকেই  কোৱা যাওক। প্ৰায়েই তাইৰ অনুভৱ হয় যে, এয়াৰ কণ্ডিচনাৰ, ভিট্ৰিফাইড টাইলচ,মাৰ্বলৰ চাদত জিম আৰু তাৰ কোণেৰে দেখা পোৱা জোনৰ প্ৰতিপদ আৰু আঁউসী — ইম্প'ৰটেড চোফাত বহি অ'ভাৰিৰ ফাইব্ৰয়ড সমম্পৰ্কীয় চেঁপা গল্প,  বাথ - ক্যুবিকলত শৰীৰত  জিৰজিৰকৈ পানী পৰাৰ সাংগীতিক মূৰ্ছনা —  এইবোৰৰ ফাঁকে  ফাঁকে কণ কণ স্পে'চ কিছুমানৰ অস্তিত্ব আছে , যিবোৰ কেতিয়াও আজলি পাতি ধৰিব নোৱাৰি — কিয়নো, সেইবোৰ অহৰহ ভাসমান — ইকৰাৰ বেৰৰ  যিটো ঘৰত তাই জন্ম পাইছিল, সেই ঘৰটোৰ জলঙাৰে ৰ'দৰ পোহৰত সোমাই অহা ধূলিকণাবোৰৰ দৰে। 

হয়, ধূলিকণাবোৰৰ দৰে। তেতিয়া ধূলিকণা ধৰাৰ খেলৰ এক মজা আছিল। এতিয়া একধৰণৰ যন্ত্ৰণা হয়।  স্পে'চ,  মানে খালি ঠাই। শূণ্য। শূণ্যতা মানেই অসন্তুষ্টি। অথচ,  প্ৰায়েই তাই কামনা কৰে শূণ্য ঠাইবোৰ   ভৰি পৰক অকণমান স্বস্তিৰে, তৃপ্তিৰে, অন্ততঃ এটি  সন্তুষ্টিৰে।

তথাপিও মূল কথাটো ঘৰ। কিন্তু ঘৰ মানে কি? পৰিবেশ বিজ্ঞানত ঘৰ সম্পৰ্কে মামূলি সংজ্ঞা এটা দিয়া হৈছে। ঘৰ মানে যেনিবা কাঠ- বাঁহ- খেৰ আৰু বেতৰ সূত। অথবা ইটা- লোহা- চি মেণ্ট - টিনপাত। কেতিয়াবা উভয়ৰ সানমিহলি মিশ্ৰণ এটা। অৱশ্যে ইয়াত সামাজিক নিৰপত্তাৰ দিশটো কিছু পৰিমাণে ওলোমাই দিয়া হৈছে। 

ইয়াৰ পৰা স্পে'চৰ ধাৰণা পোৱাটো সম্ভৱনে·?

কিমান স্পে'চ আগুৰি থাকিলে ঘৰ এটা ঘৰ হ'ব?· পৰিবেশ বিজ্ঞানৰ সূত্ৰৰ দূৰ্বলতা হ'ল, ঘৰৰ ভিতৰৰ আবাসীৰ হা- হুমুনিয়াহ, ইজনে সিজনক দিয়া ফাঁকি, জাপি দিয়া দোষাৰোপ, চলন- ফিৰণ, সদনাম- বদনাম, মৰম- স্নেহৰ জেগাবোৰ ই সাঙুৰি লোৱা নাই — যিবোৰ আজিৰ পৰিবেশত দৰকাৰী কথা।

 স্কুল- কলেজত পৰীক্ষাৰ নম্বৰেই আছিল শেষ কথা। স্পে'চৰ ধাৰণাই উত্তৰবহীত ঠাই পোৱা নাছিল। কিন্তু  তেতিয়া পৰীক্ষাৰ বহীৰ বাহিৰৰ এখন জগত আছিল। তাত প্ৰাচীন বটবৃক্ষৰ দৰে কিছুমান মানুহ আছিল, যাৰ হাতৰ মুঠিত আছিল ‘পৃথিৱী আমাৰ ঘৰ'ৰ দৰে বিচিত্ৰ সংজ্ঞা। 

উদাহৰণ — নবীন ককা। শতচ্ছিন্ন চাইকেল, ফিচিকা পাঞ্জাৱী, শোতোৰা- শেতোৰ ছাল। বিশিষ্ট স্বাধীনতা সংগ্ৰামী আছিল নবীন ককা। বোধহয়, তেখেত আছিল পঞ্চায়ত পৰ্যায়ৰ কিবা এটা দলীয় বিষয়বাব থকা কংগ্ৰেছীকৰ্মী। সমবায়লৈ অহা ৰেহাই মূল্যৰ কাপোৰ, বিভিন্ন আচনিৰ  অধীনত দুখীয়া মানুহলৈ  অহা টিনপাতৰ বাণ্ডিল, হালৰ গৰু কিনাৰ বাবদ অহা টকাৰ খবৰ দিবলৈ তেঁও দিনটো চাইকেল কোবাই টহলি ফুৰিছিল। 

নবীন ককাৰ আটাইতকৈ মূল্যবান সম্পত্তি আছিল তেঁওৰ ঘৰৰ নাচপতিজোপা। অন্ততঃ ককাই বিভিন্ন  খবৰ  বিলাবলৈ যাৰ যাৰ ঘৰত ভৰি থৈছিল, সেইবোৰ ঘৰৰ মানুহজাকৰ এটাও ককাৰ নাচপতিজোপাৰ সোৱাদ  চেলেকাৰপৰা বাদ পৰা নাছিল। আনহাতে, ককাৰ ঘৰত ভৰি থোৱাসকলে নাচপতিৰ দিনত নাচপতি এচকলৰ বাহিৰে আনকি ৰঙা চাহ এটোপালো চেলেকিবলৈ পোৱা নাছিল।

ককাৰ বাবে ‘পৃথিৱী আমাৰ ঘৰ' হলেও ককাৰ ঘৰৰ ভিতৰত সোমালে আপোনাৰ নিজকে অন্তহীন নিৰৱতাৰে ভৰা এক স্পে'চৰ জগতত বিচৰণ কৰা যেন লাগিব। ককাৰ ঘৰত  স্পে'চ  আছিল  অফুৰন্ত। পাকঘৰৰ এলান্ধুত স্পে'চ, নিমখৰ টেকেলিত  স্পে'চ, ধানৰ ডুলিত  স্পে'চ, মূধচৰ তৰা দেখা স্পে'চ। স্পে'চ। মানে, খালি ঠাই।  ভাতৰ চৰুৱেও খালি ঠাইৰ অত্যাচাৰৰপৰা ৰেহাই পোৱা নাছিল। 

ককাৰ ঘৰৰ খালি ঠাইৰ তুলনা দিবলৈ দৰিয়াডুবিৰ পাৰৰ মৰিশালিৰ নিমাওমাওখিনিৰ বাহিৰে অন্য তুলনা যেন নাই। আইতাৰ যৌতুকত দিয়া কুন্দত কটা ফুলৰ পালেঙখনো কিহবাই কুটি কুটি বিচিত্ৰ স্পে'চৰ নক্সা তুলিছিল। এয়া সহ্য হৈ চৈতন্যত জাহ যায় অৱশ্যে। কিন্তু  আইতাৰ চকুৰ কোটৰৰ গহ্বৰসদৃশ স্পে'চৰ পৰা  ওলাই অহা ঢেলা চাৱনি?·এয়া যেন সহ্যৰ কথা নহয়। 

ককা যেতিয়া মৰিল, তেতিয়া শ্ৰাদ্ধৰ বাবে কোনেও চিন্তা কৰিবলগীয়া ন'হল। কেইবাখনো গাৱঁৰ ৰাইজ উজাৰখাই পাৰিল। হৰিধ্বনি দি ভোজ খোৱাৰ অন্তত, গিয়াতালিৰ পিচদিনা নামঘৰত ‘নৃসিংহ বধ' ভাওনা হ'ল। ৰাইজৰ দলদোপ- হেন্দোলদোপত নামঘৰৰ মজিয়াত বহিবলৈ  স্পে'চ বিচাৰি পোৱা আইতাৰ বাবেও অসম্ভৱ হৈ পৰিল। 

ককা ঢুকাওতে বৰপুতেকে পি ইউ পাচ কৰিছিল। পঢ়াত বৰ চোকা আছিল। পঢ়াৰ সূচলহে নাছিল। কিছুদিনৰ পিছত বৰপুতেকে নাচপতিজোপা বেচি দিলে। এই টকাৰে তেঁও চহৰলৈ গৈ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত চাকৰি ললেগৈ। মাষ্টৰৰ বদলি, মেডিকেলৰ চুটী, নতুন চাকৰিত যোগদান, স্কুলৰ প্ৰাদেশিকীকৰণ। চাকৰিত মুঠতে টকা আহিল কোৰোণাৰে ধান চপোৱাৰ দৰে। মগজু থকা ল'ৰা। অভিজ্ঞতাই দেখুৱালে যে, মন্ত্ৰই ফাঁপিলে বিদ্যালয় পৰিদৰ্শক  পৰ্যন্ত ভেৰা হয়। গতিকে তেঁও উত্তৰাধিকাৰ সূত্ৰে দেউতাকৰ পৰা পোৱা ঘৰ  বা স্পে'চৰ ধাৰণা বদলাই  দিলে। 

পোনতে পূৰ হ'ল পেটৰ ভিতৰৰ স্পে'চ । ক্ৰমে ঘৰৰ ভিতৰত  বস্তু থবলৈ স্পে'চৰ অভাৱ ঘটিল। এই অভাৱ  পূৰণ কৰিবলৈ আন স্পে'চ   বাচি  লোৱা হ'ল। এই  অভাৱ ঘটিয়েই থাকিল, ঘটিয়েই থাকিল।আইতাৰ চকুৰ কোটৰৰ স্পে'চখিনিও এদিন পূৰ হৈ আহিল। এতিয়া আইতাই বনকৰা মেখেলা পিন্ধি বেলকনিত বেতৰ  চোফাত বহে আৰু ভৰি নচুৱাই কায়দাৰে বাতৰিকাকত পঢ়ে।

এই গ'ল নবীন ককাৰ কথা। প্ৰাচীন বটবৃক্ষৰ দৰে  আছিল তেঁও। সকলো মানুহ প্ৰাচীন বটবৃক্ষ হোৱা সম্ভৱ নে? মহানগৰীত স্পে'চৰ হাহাকাৰত বটবৃক্ষ এজোপা জীয়ন দি ৰখাটোও একধৰণে অসম্ভৱ কথা। কিয়নো এজোপা বটবৃক্ষই এবিঘা মাটি আগুৰি লয়। এবিঘা মাটি মানে ছয়ত্ৰিশটা ফ্লেটৰ এপাৰ্টমেণ্ট। এই গল্প আপুনি  পঢ়েগৈ মানে এটা ফ্লেটৰ মূল্য হবগৈ অন্ততঃ বাইশ লাখ টকা। অগ্ৰাধিকাৰৰ প্ৰশ্ন এটা দস্তুৰমত  আহি যায়। 

গতিকে ঘৰৰ সাজিবলৈ মানুহে এতিয়া পৰিবেশ বিজ্ঞানৰ সূত্ৰকেই নিৰ্ভৰ কৰিব নোৱাৰে। সেয়ে ঘৰৰ সংজ্ঞা বনাই লোৱা  হৈছে  খুচিমতে । যশস্বিনীৰ এগৰাকী আত্মীয়ৰ ক্ষেত্ৰত  ঘৰ মানে অন্ততঃ কেই বান্দিলমান সোণৰ অলংকাৰ আৰু তিনি বাকচ পাটৰ কাপোৰ। ঘৰ পতাৰ সময়ত  খুজি - মাগি হলেও এইবোৰ তেঁও গোটাই  আনিছিল। সোণৰ অলংকাৰ আৰু পাটৰ কাপোৰ থবলৈ স্পে'চৰ দৰকাৰ নাই। স্পে'চ নাথাকিলেও মূৰত তুলি এইবোৰ লৈ ফুৰিব পাৰি। এই হেঁপাহ চেলেকি ভোক- পিয়াহ পাহৰি যাব পাৰি ।

যশস্বিনীৰ  ঘৰৰ সমূখত এগৰাকী মডেলৰ ঘৰ। তেঁও এতিয়া মুম্বাইত থাকে। মডেলগৰাকীৰ সন্দৰ্ভত এইদৰে লিখা হয় যে, মুম্বাইৰ মডেলিঙৰ জগতত তেঁ ও নিজৰ স্পে'চ  বিচাৰি লবলৈ সক্ষম হৈছে। মুম্বাইৰপৰা মাজে মাজে মডেলিঙৰ এছাইনমেণ্ট লৈ তেঁও  ইয়ালৈ আহে। তেঁও আহিলে ঘৰৰ সমূখৰ শেহতীয়া মডেলৰ বিলাসীগাড়ীৰ লানিৰ  অত্যাচাৰত যশস্বিনীৰ ঘৰৰ গে’ট আৰু দেৱালৰ মহিমা ম্লান পৰি যায়।

এই গৰিমাই মডেলগৰাকীৰ পূৰ্বৰ জীৱনৰ কিছুমান গোপনীয় স্পে'চ, যেনে- পঢ়াৰ ফালে পিঠি দি এক বিত্তবান যুৱকৰ জীৱনত চামিল হোৱা, তেঁওক ভেটি হিচাপে লৈ মডেলিঙৰ জগতলৈ অহা, পিছলৈ তেঁওক এৰি থৈ আৰ্থিক দিশত তেঁওতকৈ শক্তিশালী এজনৰ সৈতে সম্পৰ্ক স্থাপন কৰা—— ক্ৰমে তেঁওকো কবলৈ গ'লে, লেং মাৰি মুম্বাইত থিতাপি লোৱা — এনেধৰণৰ কাহিনী কিছুমান আৰু বেচি গোপন পৰ্যায়লৈ লৈ গৈছে।

তেঁও যেতিয়া কায়দাৰে দেহ- সজ্জা কৰি বিলাসী গাড়ীত বহেগৈ,  বা চাদত উঠি ফটোগ্ৰাফাৰক পজ দিয়ে, তেতিয়া শৰীৰৰ জেউতি চৰাই তামবৰণীয়া আভা এটি বিয়পি পৰে। এনে সময়ত যশস্বিনীৰ তেঁওক বিক্ৰীৰ  বাবে তৈয়াৰ কেৰি থোৱা আপুৰুগীয়া মূৰ্তি যেন লাগে। সামৰ্থ থাকিলেই যেন এই মূৰ্তি পিটিকি চাব পাৰি, পছন্দ আৰু আৰ্থিক সংগতিৰ সংযোগ ঘটিলে কিনি লবও পাৰি — এই ধাৰণাই তাইক হতাশ কৰি তোলে। 

তেঁওৰ বাবে বাবে এখন ঘৰৰ অৰ্থ কি?  আলোচনীত যে লিখা হয়, মুম্বাইৰ মডেলিঙৰ জগতত তেঁওৰ স্পে'চ  বিচাৰি লৈছে — স্পে'চ সম্পৰ্কে তেঁওৰ ধাৰণা কি? মডেলিঙৰ কেইডজনমান এছাইনমেণ্ট· মুম্বাইৰ এটা  এপাৰ্টমেণ্টত টু - বেডৰুম ফ্লেটৰ হুতাহ?· এনে ফ্লেটত ধূলিকণা ধৰিব পাৰিনে·?অথবা, বিভিন্ন এছাইনমেণ্ট  লৈ অ'লৈ- ত'লৈ যাওতে  ৰাস্তাৰ কাষত কেতিয়াবা তেঁও প্ৰাচীন বটবৃক্ষ  এজোপা দেখিছেনে? -- এনে প্ৰশ্ন  আপোনাৰ মনত হব পাৰে। কিয়নো, আপুনি বিভিন্ন কাকত - আলোচনীৰ এজন পাঠক। য'ত তেঁও  লাভ কৰা  কৃতিত্বৰ খতিয়ান দিয়া হয়।

যশস্বিনীৰ ঘৰৰ পিচফালে, তৰ্জাৰ বেৰা দিয়া একোঠলীয়া ভাৰাঘৰ এটাত থাকে এগৰাকী মাতৃ আৰু তেঁওৰ একমাত্ৰ পুত্ৰ। অনিন্দ্যসুন্দৰী এই বড়ো যুৱতীক উচ্চবৰ্ণৰ হিন্দু যুৱক এজনে বিয়া কৰাই সন্তান এটি উপহাৰ দি, মাতৃ - পুত্ৰৰ সৈতে সম্পৰ্ক চেদ কৰিছে। মাতৃয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত কাম কৰে। তদুপৰি পুৱা আৰু  সন্ধিয়া কেইবাটাও টিউশ্যন কৰে। পুত্ৰই পঢ়ে অতি সাধাৰণ মানৰ চৰকাৰী  প্ৰাথমিক বিদ্যালয়ত এখনত। সেই  অনুপাতেই  পুত্ৰৰ সাজ - পোচাক, চাল- চলন, স্মাৰ্টনেছ।

মাতৃয়ে পিছবেলাৰ টিউশ্যনকেইটা কৰিবলৈ ওলাই যায় অত্যাধুনিক - কবলৈ গ’লে, সাজ- পোচাকৰ ক্ষেত্ৰত  চৌখিন আৰু দুৰ্দ্ধৰ্ষ কলেজীয়া ছোৱালীয়ে পৰিধান কৰাৰ দৰে পোচাক পিন্ধি,  একেবাৰে উচ্ছল হৈ। দিনৰ বাকী সময়ত তেঁও কঠিন লেটাত সোমাই থকা পলু।  কিন্তু এই সময়ত পলুটোৱে লেটাৰ পৰা ওলাই গুলপীয়া  পখিলা এটাৰ ৰূপ লয়। পুত্ৰক ভাৰাঘৰত অকলে  এৰি থৈ তেঁও সাজ- সজ্জা কৰি টিউশ্যনলৈ যায়গৈ আৰু ৰাতি  চাৰে ন বজাত কাৰোবাৰ বাইকৰপৰা মালিকৰ গেটৰ সমূখত নামে।

এই মাতৃয়ে সন্তানৰ বাবেনো কিমান স্পেচ দিব পাৰিব?· ইংৰাজী মাধ্যমৰ যি বিদ্যালয়ত তেঁও  শিক্ষয়িত্ৰীৰ কাম কৰে, তাত তেঁওৰ দৰমহা পোন্ধৰশ টকা। তৰ্জাৰ  বেৰৰ যিটো একোঠলীয়া ভাৰাঘৰত তেঁও থাকে, তাৰ ভাৰা বাৰশ টকা। আনকি  বাথৰুম এটাৰ ব্যৱস্থাও নাই বাবে যিমান পাৰে সোনকালে উঠি তেঁও মালিকৰ  কুঁৱাৰ পাৰতে গাত পানী ঢালে।
 
[ স্কুল শিক্ষয়িত্ৰীয়ে গাত পানী ঢলাৰ সময়ত ঘৰৰ মালিকে কি কৰে?· অভিজিতৰ দৰে তেৱোঁ খিৰিকিৰ কাষত চোপ লয় নেকি· চোপ লৈ কেতিয়াবা এই দৃশ্য যযশস্বিনীয়েও উপভোগ কৰে। পুৱতি নিশা কুঁৱাৰ কুহুমীয়া পানীত খলখলাই উঠা ফেহুবৰণীয়া শিক্ষয়ীত্ৰিক দেখিলে তাইৰ নিজকে জাৰ্চীগাইৰ দৰে মঙহৰ ভাৰ হৈ অহা  এটি  স্থুলকায়  প্ৰাণী যেন লাগে। তেনে সময়ত  নিজকে যদি তাই কেতিয়াবা অভিজিত বুলি কল্পনা কৰে,  তেতিয়া দেখা পায় যে, বিচনাত পৰি থকা সেই স্থুলকায় প্ৰাণীটোৰ প্ৰতি ওপজা বিতৃষ্ণাই অভিজিতক খিৰিকিৰ কাষত চোপ  লবলৈ প্ৰৱলভাৱে প্ৰলুব্ধ কৰিছে। ]

এনে হাহাকাৰত  স্পে’চ সম্পকীয় প্ৰশ্ন লৈ শিক্ষয়িত্ৰীক আমনি কৰা অনুচিত।  ‘চিংগল ৱ’মেনৰ সমস্যা,  সংগ্ৰাম,  আত্মবিশ্বাস— এই শিতানত কোনো কাকতে তেঁওৰ কথা লিখিবলৈ একলম স্পে’চ হয়তো দিব পাৰে। তেঁওৰ বিষয়ে লিখা এই আলোচনা পঢ়িবলৈ তেঁওৰ কিন্তু অৱকাশ নাই।

কেতিয়াবা পিচে অফুৰন্ত অৱকাশৰ সোৱাদ পায় যশস্বিনীয়ে। এনে সময়ত  তাই  প্ৰায়েই বাতৰিকাকতৰ বিজ্ঞাপনৰ পৃষ্ঠাৰ বিনামুলীয়া অফাৰবোৰত চকু থয়। বৰ লোভনীয় বিজ্ঞাপনৰ বিনামূলীয়া অফাৰ। উদাহৰণ— এই সপ্তাহত ‘বিশাল শ্বপিং মল’ৰ অফাৰ হৈছে — প্ৰতি কেজিত নব্বৈব্ব টকাৰ বাচমতি চাউলৰ পাঁচকেজি পেকেটৰ সৈতে অন্নপূৰ্ণা ব্ৰেণ্ডৰ পাঁচকেজি আটাৰ পেকেট এটা ফ্ৰি।

চাওক!কেনে আকৰ্ষণীয়  অফাৰ! ‘বিশাল শ্বপিং মলে’ আপোনাক কিচ্চেনৰ এটা চুকৰ স্পে’চ খালি হৈ থকাৰকথা মনত পেলাই দিছে। ইয়াৰ লগে লগে আন এটা চুকৰ স্পে’চ বিনামূল্যে পূৰ কৰি দিয়াৰ দায়িত্ব গাত পাতি  লৈছে। গৃহিণীৰ স্বভাৱসুলভ মিতব্যয়িতাৰ জ্ঞানৰ স্পে’চকণ এতিয়া তেঁওলোকে কব্জাগত  কৰিছে। আপুনি মিছাকৈয়ে মগজু ঘোলা কৰাৰ কি দৰকাৰ?

আৰু চাওক। ‘বিশাল শ্বপিং মল’ৰ কৰ্ম- কৰ্তাই আপুনি কেইটকীয়া চাউলৰ ভাত খোৱা মানুহ, তাত মূৰ ঘমোৱা নাই। তেঁওলোকে আপোনাৰ চহৰত  বাচমতি চাউলৰ ভাত খোৱাৰ হুতাহত ভোগা পৰিয়ালৰ জৰীপ সম্পূৰ্ণ  কৰিহে আপোনাৰ মনত এই লোভনীয় স্পে’চ তৈৰি কৰিছে।
 
কেতিয়াবা আকৌ এনে অৱসৰত সন্ধিয়া মড্যুলাৰ কিচ্চেনত সোমাই অভিজিতৰ বাবে চিকেন তন্দুৰী ৰন্ধাৰ বিলাস হয়। ঠিক   এনে সময়তে কেতিয়াবা ল’ডশ্বেডিং হয়। ডিজিটেল ইনভাৰ্টাৰ থকাৰ বাবে  যশস্বিনীৰ  দিগদাৰ নহয়। দিগদাৰ হয় স্কুল শিক্ষয়িত্ৰীৰ পুত্ৰৰ।
 
মম জলাই, মাতৃ নথকা অৱস্থাত পুত্ৰই চিঞৰি চিঞৰি পঢ়িবলৈ আৰম্ভ ক ৰি দিয়ে। পঢ়ে, নে ঘোপমৰা আন্ধাৰত  আঁতুৰ হৈ চিঞৰে? চেঁপা খাই খাই,  ডিঙিৰ তলিয়েদি ওলাই অহা চিগা- ভগা শব্দৰ ভয়াৰ্ত বলয় কিছুমানে স্পে’চ বিচাৰি নাপাই যেন আন্ধাৰত ওপঙি  ফুৰে। ল’ৰাটিৰ পাঠ পঢ়া সৰুতে দৰিয়াডুবিৰ পাৰৰ মৰিশালিৰ দাঁতিয়েদি যাবলগীয়া  হ’লে যশস্বিনীৰ মুখেৰে ওলোৱা নামঘোষাৰ পদৰ সৈতে এক হৈ পৰে, —  ব্ৰহ্মা আদি  কৰি জীৱ যত, ৰাম ৰাম ৰাম ৰাম ৰাম, মায়া শয্যা মাজে..........ৰাম নামে ভূত খেদে, ৰাম নামে ভূত খেদে।

তেতিয়াই যশস্বিনীৰ ঘৰৰ ভিতৰৰ খালি স্পে’চবোৰত একধৰণৰ ধৰফৰণিৰ আৰম্ভণি হয়। অ’ভাৰিৰ ফাইব্ৰয়ডটো বিশাল হৈ ঘৰৰ স্পে’চবোৰ যেন গ্ৰাস কৰি পেলায়। আনকি তন্দুৰী ৰান্ধিবলৈ চচেজ সানি সাজু কৰি লোৱা নঙঠা মুৰ্গীটোৰ ওপৰতো ফাইব্ৰয়ডটোৰ প্ৰভাৱ পৰে। মুৰ্গীটো চুবলৈকে ঘিণ লাগি যায়। ফাইব্ৰয়ডৰ প্ৰভাৱৰপৰা মুক্তি পাবলৈ ডাক্তৰে সন্তান এটি তু লি লোৱাৰ পৰামৰ্শ দিবলৈ আৰম্ভ কৰি দিছে।  কিন্তু অভিজিত আৰু যশস্বিনী  আহিছে এক সীমাবদ্ধ মানসিক গণ্ডীৰ   মাজেৰে। তাত তুলি লোৱা সন্তানৰ বাবে স্পে’চ  নাই। আনকি নাড়ীত বান্ধ খাই থকাজনৰ বাবেও এতিয়া  আৰু  কিমান স্পে’চ দিব পৰা যায়—  যশস্বিনীয়ে নিজেই টলকিব নোৱাৰে।
 
তথাপিও, কেতিয়াবা তাই একধৰণে মৰিয়া হৈ উঠে। ঘৰখনত শিশু এটিৰ সহ্যাতীত কলকলনিৰ অত্যাচাৰত  এই খালি  ঠাইবোৰ পূৰ হৈ  উঠক। পূৰ হৈ উঠক। ল’ডশ্বেডিঙৰ সময়ত স্কুল শিক্ষয়িত্ৰীৰ পুত্ৰৰ চিঞৰ- বাখৰ বন্ধ হওক।
ভিতৰৰ খালি ঠাইৰ অত্যাচাৰৰপৰা ৰেহাই পাবলৈ কে তিয়াবা বাহিৰলৈ তাই ওলাই যায়। তাৰপিছত  ঘৰ নোহোৱা মানুহ এজাকৰ মাজত সোমাই পৰেগৈ। এইযে, কিছুদিন ধৰি তাই নৈয়ে খহোৱা মানুহৰ ডকুমেণ্টেচনৰ কাম কৰি আছে, সেই অজুহাতকে সাৰথি কৰি ঘৰৰ পৰা ওলাই যায়,  আৰু মানুহজাকৰ মাজত  সোমাই পৰেগৈ।
 
ঘৰ নোহোৱা আৰু ঘৰ পাতিবলৈ স্পে’চ বিচাৰি আঁতুৰ হৈ থকা মানুহ এইবোৰ। তেঁওলোক বাস কৰে মথাউৰিত। ঘৰ পতাৰ স্প”চ বিচাৰি মানুহজাকে  অফিচে- কাছাৰীয়ে ঘূৰ্মুটিয়াই ফুৰাৰ অনন্ত হাহাকাৰৰ মাজতে  তাই নিজলৈ স্পে’চ অকণ উলিয়াই লয় আৰু নিবিড়মনে কামত মজি যায়।
 
কাম কৰি কৰি, আচম্বিতে এদিন তাই উচপ খাই  উঠে । মথাউৰিত এয়া দেখোন শ্ৰীযুত মেঘনাদ পায়েং! প্ৰিয় ছাৰ মেঘনাদ পায়েং। হাইস্কুলৰ হে’ডছাৰ। হে’ হৰি! 

ছাৰৰ শুকান মৰাঠানিৰ দৰে শীৰ্ণ শৰীৰটোলৈ চাই যশস্বিনীয়ে দেখা পায় কানীয়াজান গাৱঁত দুবিঘা মাটি জুৰি থকা ছাৰৰ  পকাখুটাৰ চাং। আগচোতাল আৰু পাছচোতালৰ উপৰিও য’ত আছিল চাঙৰ তল --  উৰালৰ ধান, আপং চেকা চাউলত  থপ্ থপাই থকা গাহৰি পোৱালিৰ জাক আৰু সৰিয়হফুলীয়া আৰু ক’লা- চানেকীয়া আচুসূতাত লেটি লৈ,  সেঙেটা গোন্ধ এটাই  আৱৰি থকা বিচিত্ৰ স্পে’চৰ জগত।

তাই আৰু দেখা পায় ছাৰৰ কৃষ হাতত গঢ়ি উঠা শস্যঋদ্ধ পথাৰৰ দিগন্তবিয়পা স্পে’চ -- এই পুৰা মাটিৰ মটৰমাহ, এই পুৰাত নহৰু, এই পুৰাত সৰিয়হ, খাবলৈ কেইপুৰামান আহুধান, অমনা, ককুৱা, ৰাঙলী বাও --  বেচিবলৈ তুলসী জহা, বেতগুটি  শালি — যি সোঁৱৰণিয়ে ছাৰক এতিয়া নৈৰ পকনীয়া হৈ খেদি ফুৰে।
 
নৈয়ে খহোৱা আথানিত পৰি হে’ডছাৰ মথাউৰিত উঠাৰ কথা আপুনি জানেনে? ছাৰ তেতিয়াই মথাউৰিলৈ উঠি গ’ল যেতিয়া ঘৰ পাতিবলৈ গাৱঁত জেগা, অথাৎ স্পে’চ আৰু  নাথাকিল।ঘৰৰ নিৰাপত্তাৰৰপৰা মথাউৰিৰ অনন্ত হাহাকাৰত ঠিয় দিয়াৰ পথ লোৱাৰ বাবে ছাৰৰ ভাগ্যই দায়ীনে? খোজ - খবৰ লৈ যশস্বিনীয়ে গম পায়,  আচলতে ছাৰে  নিভৃতে মথাউৰিলৈ যো- জা চলাইছিল তেতিয়াই,  যেতিয়া সিহঁতে ঘৰৰ হুতাহত কক-বকাই আছিল। আৰু জলসম্পদ বিভাগৰ প্ৰভাৱশালী ঠিকাদাৰ  অভিজিতে লাভ কৰিছিল নৈখনক সেইখিনিতে ভেটিবলৈ শিলৰ স্পাৰ দিয়াৰ ঠিকা।আপুনি যদি বুদ্ধিমান, তেন্তে এইখিনিতে সংযোগ এটি নিশ্চয় আৱিস্কাৰ কৰিছে।আপোনাৰ অনুমান ঠিক। কিয়নো, এই সংযোগৰ বাবেই ইকৰাৰ বেৰৰ ঘৰত জন্ম লোৱা যশস্বিনী সোমাই পৰিল  সাংগীতিক মূৰ্ছনাৰে পানী নিগৰি অহা বাথ-ক্যুবিকল নামৰ এক অপূৰ্ব স্পে'চত — এজনী জলকুৱঁৰী হৈ।

সেই চেগতে পাৰৰ স্পে'চ সামৰি সামৰি  নৈ মথাউৰিৰ কাষ চাপিল।  নৈয়ে সামৰি ল'লে কানীয়াজান, নাম সোণোৱাল, ওপৰ সোণোৱাল, জাৰণি সোণোৱাল আৰু  হুকোনামুখত ঐনিতমৰ সুৰে আঁটি আঁটি বান্ধি ৰাখিব নোৱাৰা, চনকা মাটিৰ স্পে'চ।

এতিয়া মথাউৰিৰ ঘৰ নোহোৱা  মানুহবোৰৰ মাজলৈ আহিলে যশস্বিনীয়ে দেখা পায়  নৈ ভেটাৰ নামত আলসুৱাকৈ পৰি থকা কংক্ৰিটৰ পুতলা ফেন্সিং, শিলৰ স্পাৰৰ নামত বালিৰ গড়ৰ ওপৰত এক  তৰপীয়া ব'ল্ডাৰ। তাই দেখা পায়—  মথাউৰিৰ ওপৰত সজা ছাৰৰ চাঙৰ তলৰ স্পে'চকণৰ অচিলা লৈ কেনেদৰে সোমাই আহে নৈ — বাৰিষা গৰ্ভ গেলি ওফন্দি অঁফলা হৈ,  আৰু খৰালি চোৰৰ দৰে চোপ লৈ লৈ,  খহনীয়া হৈ। 

কেনেবাকৈ নৈয়ে মথাউৰিৰ এইচোৱা খহাই নিলে নতুনকৈ বহিবলৈ আপুনি ছাৰক আজি স্পে'চ এটুকুৰা  দিব পাৰিবনে?

তেন্তে ছাৰ ক'লৈ যাব? প্ৰিয়  ছাৰ মেঘনাদ পায়েং — যি তেঁওৰ ছাত্ৰসকলৰ দৰে  সূচল স্পে'চত  ঘৰ সজাৰ   আহৰি নাপালে আৰু মথাউৰিত  পৰি ৰ'ল, হৃদয়ত মানুহ গঢ়াৰ তাগিদা লৈ ; শ্ৰেণীকোঠাত নিজেই  বুজোৱা কবিতাৰ স্তৱক হৈ......... অফট  ইন দ্য ষ্টিলী নাইট ......... ফ'ণ্ড মেম'ৰি  ব্ৰিংছ দ্য  লাইট   অৱ আদাৰ দে'ইজ ..... বগা চাউল  খাই পোৱা নাছিলোঁ ঔ আইজনী, ৰেচনৰ চাউল খাই পোৱা নাছিলোঁ  ঔ আইজনী — আহুধান এমুঠি দে, লাইপাত এমুঠি দে। 


ক্ৰমে যশস্বিনীৰ অনুভৱ হয় ছাৰৰ বুকুৰ এই আৰ্তনাদে তাইৰ হৃদয়ৰ সকলো স্পেচ দখল কৰি লৈছে। এই  উপলব্ধি এক  দিব্য অনুভুতিলৈ পৰিণত হয়। থাকি থাকি সি ৰূপ লয় গোপন অপৰাধবোধৰ। বাথ- ক্যুবিকলৰ জলকুৱঁৰী ধৰ-ফৰাই  উঠে। এয়া যেন কদমত চলি থকা বেপেৰোৱা ঘোঁৰা কাবু কৰিবলৈ ঘোঁৰাচহিচৰ  চাবুকৰ কোব সৰৌপ সৰৌপ সৰৌপ।

থাকি থাকি ছাৰ এদিন গুঁজৰি উঠে। মথাউৰিৰ মানুহবোৰ গুঁজৰি উঠে। মৰি মৰি বাচি থকাতকৈ যঁজ দি মৰি  যোৱাই যাওক। এইবুলি কুকুৰা কাটি নৈক উছৰ্গি, বাঁহৰ শলা, বালি ভৰোৱা বস্তাবোৰ লৈ মানুহজাক নৈৰ বুকুলৈ ঢাপলি মেলে। 

ঘৰ পাতিবলৈ স্পে'চ বিচাৰি ফুৰা মানুহজাকে নৈক ভেটিবলৈ এইদৰে সাজু হোৱাৰ কথা ভাহি- ভুঁগৰি যায়। মাউখে উটি সহায় কৰিবলৈ আহে ৰাইজৰ ঢল, খবৰকাগজত লেখি উৎসাহ  দিবলৈ সাংবাদিক, জহামালৰ দৰে গাৰ গেলা গোন্ধ মেলি শাসকীয় ৰাজনীতিক। 

যশস্বিনী?

কুকুৰা কটা পূজাৰ উপচাৰ আপং এবাটি উছৰ্গি যশস্বিনীও নামি পৰে নৈ'ত।  ঘৰ ঘৰ খেলৰ বিভিন্ন স্পে'চত  অৱস্থান লোৱা পীড়নকবোৰ — বডি ম্যাচাজ পালাৰৰ তৰুণী, মুম্বাইৰ মডেলিঙৰ জগতত স্পে'চ বিচাৰি লোৱা  মডেল, লেটাৰ তলিত ওলোৱা-সোমোৱা কৰা স্কুল শিক্ষয়িত্ৰী, অভিজিতৰ পছন্দৰ ম্যেনু হৈ চচেজৰ প্ৰলেপত পৰি থকা নঙঠা মুৰ্গী, নবীন ককাৰ সমাধিত গঢ়ি উঠা এপাৰ্টমেণ্ট আৰু ‘বিশাল শ্বপিং মল'ৰ কৰ্ম- কতাই   তৈৰি কৰা লোভনীয় স্পে'চ  তুচ্ছাতি-তুচ্ছ  হৈ  উঠে আৰু   চাৰিখন বেৰৰ তলিৰ সূচাগ্ৰ্য স্পে'চৰপৰা ঢপলিয়াই তাই  মথাউৰিৰ  জনপদত  ঠিয় দিয়েহি। 

প্ৰিয় পাঠক, ব'লক। আমিও নৈৰ পাৰলৈ যাও।  

চাওক।  পাৰাপাৰহীন জলশৰীৰ লৈ নৈ এতিয়া অপাৰ স্পে'চ আৰু  আকৰ্ষণৰ কেন্দ্ৰভূমিৰে কৃষ্ণগহ্বৰত  পৰিণত  হৈছে। নৈ হৈ পৰিছে  ব্লেকহ'ল। মৰি যোৱা সূৰ্য আৰু  মৰা সূৰ্যৰ মৰি যোৱা সৌৰজগতক লৈ গঠিত  হোৱা অনন্ত  অন্ধকাৰময়, প্ৰাণস্পন্দনহীন স্পেচৰ ঘূৰ্ণিয়মান বলয় — য'ত সোমাই পৰিলে আনকি  পাৰ হৈ  আহিব নোৱাৰে পোহৰৰ ৰশ্মিকণা। 

গৰ্ভ গেলি ওফন্দি উঠা কৃষ্ণগহ্বৰ নৈলৈ সোমাই গৈছে যুঁজ দি জীৱনৰ স্পে'চ হাচিল কৰিবলৈ, নৈয়ে পকনীয়া হৈ খেদি  ফুৰা এজাক মানুহ।  স্পে'চ হেৰুৱাই হেৰুৱাই মথাউৰিত ঠিয় দিয়া মানুহজাকৰ জীৱন আৰু মৰণ  এতিয়া এক সংযোগী বিন্দুত এক হৈ পৰিছেহি। এই সংযোগী স্পে'চকণৰ প্ৰতিয়েই যশস্বিনীয়ে  অনুভৱ কৰিছে  প্ৰচণ্ড আকৰ্ষণ। 

হওক  সি  কৃষ্ণগহ্বৰ। অনন্ত অন্ধকাৰময় স্পে'চৰ ঘূৰ্ণিয়মান বলয়ৰ সমষ্টি। যাৰ আকৰ্ষণে আনকি শোষণ কৰি থয় পোহৰৰ শ্মিকণা।

কিন্তু মানুহৰ সকলো গৌৰৱময় ইতিহাসেই জানো কেৱল বিজয়ৰ ইতিহাস?· কেতিয়াবা জানো জয় হাচিল হোৱা নাই পৰাজয়ৰ মাজেৰে?  অথবা, কেতিয়াবা যুদ্ধখনেই মূলকথা নহয় জানো, য'ত মিছা হৈ পৰে জয় আৰু পৰাজয়ৰ বাজীত দম্ভৰ বিলাস? মেঘনাদ পায়েং ছাৰ আৰু তেঁওৰ অনুগামীসকল? যিসকলে কৃষ্ণগহ্বৰৰ সমুখত যুঁজ দি মৰিবলৈ সাজু হৈছে? ঘৰ ঘৰ খেলৰ হৰা- জিকাৰ ক্ষুদ্ৰ স্পে'চৰপৰা ঢপলিয়াই  য'ত চামিল হৈছেগৈ যশস্বিনী।  

প্ৰিয় পাঠক। গৰ্ভ গেলি ওফন্দি উঠা নৈৰ চিগোঁ চিগোঁ মথাউৰিত ঠিয় হৈ আপুনিও চাগৈ যশস্বিনীৰ প্ৰতি  আপোনাৰ দায়িত্ব অনুভৱ কৰিছে। অনুগ্ৰহ কৰি  আপোনাৰ আৰ্শীবাদৰ হাত তাইৰ শিৰত তুলি, আগবঢ়াই  দিয়ক।

---
গৰীয়সী, জুলাই,২০০৭