ৰত্না ভৰালী তালুকদাৰ
মালবিকা চহৰীয়াৰ চকু ব্লেক-ব'ৰ্ডত নিবদ্ধ হৈ থাকিল। কিন্তু অন্তঃজগতত তাই এক দৃশ্যাংশৰ সৃষ্টি কৰিলে। সেই দৃশ্যাংশত এল পি স্কুলৰ শিক্ষয়িত্ৰী দীপিকা নাথ অৱতীৰ্ণ হ'ল ছাত্ৰী এজনীৰ ভুমিকাত। মালবিকা চহৰীয়াই দীপিকা নাথক চুলিত ধৰি ভালকৈ চৰ কেইটামান শোধাই দিলে। অপমানত দীপিকা নাথৰ কাণ- মুৰ ৰঙা পৰিল। কিন্তু মালবিকা ক্ষান্ত নহ'ল। তাই জানে সৌৰজগত বানান নিখিব নোৱাৰাটো দীপিকাৰ বাবে অপমানৰ কথা নহয়, এই অপমান তাইৰহে। গতিকে, দীপিকাই বানানটো শুদ্ধকৈ লিখিব নোৱাৰালৈকে মালবিকা চহৰীয়াই তাইক ৰেহাই নিদিলে। অৱশেষত যতন কৰি দীপিকাই ব'ৰ্ডত লিখিউলিয়ালে- সৌৰজগত। মালবিকা চহৰীয়া ক্ষান্ত হ'ল।
অন্তঃজগত। গতিকেই ইয়াত সকলো সম্ভৱ। সি আপোনাৰ একান্তই ব্যক্তিগত, আপোন খেয়াল নিৰ্ভৰ। আপুনি আপোনাৰ ইচ্ছামতে তালৈ যাওক, বিচৰণ কৰক আৰু ৰং-তামাচাৰ স্বাদিষ্ট উপকৰণেৰে খুচিমত দৃশ্যপট তৈয়াৰ কৰক।
কিন্তু বাস্তৱৰ পৰিদৃশ্যত দৃশ্য আৰু কাৰক নিজৰ অস্তিত্ব সম্পৰ্কে তীব্ৰভাবে সচেতন। বাস্তৱৰ দৃশ্যসজ্জাত বা ঘটনাৱলীত ব্যক্তিবিশেষৰ নিয়ন্ত্ৰণ নাথাকে। তদুপৰি সামাজিক আচৰণৰ দৰে বিধিগত আচাৰ- বিধিৰে ঘটনাবোৰ পাৰস্পৰ সম্পৰ্কিত।
গতিকে শিশুৰ মধুময় শিক্ষাৰ আচনিৰ প্ৰশিক্ষাৰ্থী এল পি স্কুলৰ শিক্ষয়িত্ৰী দীপিকা নাথে ‘সৌৰজগত' বানানটো লিখিব নোৱাৰা বাবে মালবিকাই তেঁওক শাস্তি দিব পৰা নাই ।
আন এটা কথাৰ বাবেও তাই বলিয়া খঙটো দমন কৰিব লগা হৈছে। ডাক্তৰৰ উপদেশ। থাইৰয়ড পেচেন্ট মালবিকা চহৰীয়াই গৰ্ভধাৰণ কৰাৰ সময়ৰে পৰাই মনক নিয়ন্ত্ৰণত ৰাখিবলৈ ডাক্তৰে পৰামৰ্শ দিছে। উত্তেজনাই গৰ্ভস্থ শিশুটিৰ অহিত মাতিব।
অৱশ্যেই অন্তঃজগতৰ এই উৎকট দৃশ্যাংশৰ কথা ভাবি তাই এটা আমোদ পালে। এই আমোদ তাইৰ উঠি অহা উগ্ৰ খংটো প্ৰশমিত কৰাৰ দৰৱৰ দৰে হ'ল। তাই মাতটো কোমলাই প্ৰশিক্ষাথ¹কসুধিলে,
- - ‘ভালকৈ চাওকচোন। সেইটো জানো সৌৰজগত হৈছে?’
উপায় নাই। প্ৰশিক্ষাৰ্থীৰ চকু ব্লেকব'ৰ্ডত স্থিৰ । কিন্তু ঠিক কোনখিনিত ভুল হৈছে প্ৰশিক্ষাৰ্থীয়ে ধৰিব পৰা নাই। এই মূহুৰ্তত দীপিকা নাথক দাৰ্শনিক যেনেই লাগিছে। মানৱ জীৱনৰ কোনো এক অনন্ত ৰহস্যৰ সন্ধানত নিমগ্ন সেই দাৰ্শনিক। তেঁওৰ কাণৰ পৰ্দা যেন বাহিৰৰ শাব্দিক কোলাহলে স্পৰ্শ কৰিব পৰা নাই।
কালি মালবিকাৰ কৰিৎকৰ্মা সহকৰ্মী মায়াৰ ক্লাছত দুধনৈ এলেকাৰ বিপুল দৈমাৰী নামৰ শিক্ষকজনে দীৰ্ঘ ‘ঈ'- শুদ্ধ ৰূপত লিখিব নোৱাৰিলে। আপাততঃ স্পষ্টবাদী মায়া। ঘপকৈ তাই বিপুল দৈমাৰীক কিমান টকা খৰছ কৰি চাকৰিত সোমাইছিল সুধি দিছিল।
মায়াৰ প্ৰশ্নটো মালবিকাই দীপিকা নাথক সোধাৰ দৰকাৰ নাছিল। দীপিকা নাথৰ চিষ্টেম আৰু বিপুল দৈমাৰীৰ চিষ্টেমৰ এটা সামান্য তফাৎ আছে। দীপিকা নাথ ডি আই অফিচৰ বৰকেৰাণীৰ মিচেচ। এটা সময়ত মালবিকা চহৰীয়া দুৰ্দান্ত প্ৰশাসনিক বিষয়াৰ জীয়েক আছিল। সেই সময়বোৰত তাই ভাবিছিল, চৰকাৰী বিভাগবোৰত অন্ততঃ শতকৰা দহজনকৈ হলেও সৎ বিষয়া আছে। সেইবাবেই পচি যোৱা চিষ্টেমটো ধুপুচকৈ খহি পৰা নাই। এঁওলোকৰ সততা হৈছে চিষ্টেমটো খহাই পেলোৱাৰ সৰ্বশেষ ঢোকা - দ্য আলটিমেট চাপ'ৰ্ট ।
কিন্তু চাকৰিত সোমোৱাৰ পিছত অজস্ৰ দীপিকা নাথ, বিপুল দৈমাৰীয়ে তাইক চকুত আঙুলি থৈ চিনাই দিছে -চিষ্টেমটো এনেকৈয়ে তৈয়াৰ কৰা আছে- পচি গৈছে, এই খহি পৰো, এই খহি পৰো, অথচ খহি পৰা নাই। আমাৰ গণতন্ত্ৰৰ এইটো এটা নিটোল, পৰিপক্ক চাল। পচা চিষ্টেম এটাৰ অহৰহ মেৰামতি চলিছে। কিন্তু সেইখিনি লৈহে -য'ৰপৰা সি আৰু খহি নপৰে।
-‘ঠিক আছে। আপুনি বহকগৈ। ....আপুনিয়েই বানানটো শুধৰাই দিয়কগৈচোন। '- এইবুলি মালবিকাই দীপিকাক ব'ৰ্ডৰপৰা আঁতৰাই প্ৰি-চাৰ্ভিচ ট্ৰেইনিঙত অহা জিতেন দাস নামৰ ডেকা ল'ৰাটিক মাতিলে।
প্ৰি-চাৰ্ভিচ ট্ৰেইনিঙত অহাবোৰৰ মগজুবোৰ আপাতত সতেজ । তেঁওলোকৰ শিকাৰ আগ্ৰহো বেচি। পৰিহাস এয়ে যে এপয়নমেন্টৰ বিভিন্ন মেৰপেচত এঁওলোকৰ শতকৰা দহভাগেও শিক্ষক হবলৈ নাপায়গৈ। এঁওলোক হয়গৈ স্থানীয় নিবনুৱা সংস্থাৰ সম্পাদক, ন'হ'লে স্ব-নিৰ্ভৰশীল ৰোজগাৰ যোজনাৰ সদস্য।
জিতেন ডেকাই দীপিকা নাথে লিখা ‘সৌ' আখৰৰ পিছত ‘ৰ' বহুৱাই আৰু ‘জ' আখৰৰ পিছত ‘গ' বহুৱাই বানানটোশুদ্ধ কৰি মালবিকাক সাময়িক সকাহ এটা দিলে। ‘মধুময় শিক্ষা প্ৰদান' - আঁচনিৰ পৰৱৰ্তী কাৰ্য্যসুচীৰ বাবে বাবে মালবিকাৰ এতিয়া তিলমানো আগ্ৰহ নাই। তাই প্ৰাথমিক পৰ্য্যায়ৰ কণ কণ শিশুৰ পাঠদান কেনেদৰে আনন্দময় কৰি তুলিব পাৰি সেই বিষয়ে প্ৰায় ভাটৌৱে মতাৰ দৰে এটা বক্তৃতা দি দিলে। এই সময়ত পেটৰ ভিতৰৰ কেচুৱাটোৱে তাইক দুবাৰ লথিয়াইছে। কিন্তু লাথ খোৱাৰ আমেজ লোৱাৰ খেয়াল তাইৰ হোৱা নাই।
মালবিকাৰ চহৰীয়াৰ এতিয়া এডভান্স ষ্টেজ। মাতৃৰ গৰ্ভধাৰণৰ এই ষ্টেজটোত উপজিবলৈ দুৰ্নিবাৰ বিদ্ৰোহ কৰিথকা শিশুবোৰে প্ৰায় মানুহৰ অৱস্থা এটা পায়হি। মাকৰ মনোযোগ পাবলৈ প্লেচেন্টাৰ ভিতৰত সিহঁতে অহৰহ কচৰৎ কৰে। খৰ-বাগৰৰ কচৰৎ। কচৰতৰ প্ৰতি মাকবোৰ কেতিয়াবা অমনোযোগী হয়। এই, মালবিকা চহৰীয়াৰ দৰে পৰিস্থিতিত পৰিলে। তেতিয়া সিহঁতে মাকৰ পেটত লাথিয়াই, বোধহয় জীৱনৰ অস্তিত্ব জনাই দিবলৈকে।
মালবিকা চহৰীয়াই মধুময় শিক্ষা আচঁনিৰ এই প্ৰশিক্ষণ তথা কৰ্মশালাৰ সমল বিষয়া হবলৈ পাই উৎসাহ পাইছিল। এই উৎসাহৰ কাৰণ আছিল দুটা । প্ৰথমতে, এইটো তাইৰ চাকৰি জীৱনৰ প্ৰথম কাৰ্য্যসূচী। প্ৰাথমিক শিক্ষকৰ প্ৰশিক্ষণৰ এই জিলা পৰ্যায়ৰ প্ৰতিষ্ঠানটোত তাই যোগদান কৰা মাত্ৰ দুমাহ হৈছে । এইটো তাইৰ প্ৰথম প্ৰশিক্ষণ কাৰ্যসুচী। গতিকে তাই উৎসাহী হোৱাটো স্বভাবিকেই আছিল।
দ্বিতীয়টো কাৰণটো ব্যক্তিগত। এই কাৰ্য্যসুচীৰ জৰিয়তে আওপকীয়াকৈ তাইৰ শৈশৱৰ সপোনটোৰ সৈতে কেনেবাকৈ এটা যোগাযোগ এটা হৈ গৈছে।
----
কিন্তু মধুময় শিক্ষা প্ৰদান আচনি দিনে দিনে তাইৰ বাবে প্ৰত্যাহ্বানমুলক হৈ পৰিছেহি।চ্যালেঞ্জিং হৈ পৰিছেহি। ইয়াত যিটো কথাৰ ওপৰত গুৰুত্ব দিয়া হৈছে — শিশুক সপোন দেখুওৱা, তাৰ বা তাইৰ কল্পনাৰ পৃথিৱীখনবিকশিত কৰা —সেইটো এটা নিতান্তই কঠিন কাম।
কল্পনা। মধুময় শিক্ষাত শিশুৰ কল্পনাৰ জগতখন লৈ বিভিন্ন পৰীক্ষা-নীৰিক্ষা কৰা হৈছে।বহুসময়ত মালবিকাৰ এই পৰীক্ষা-নীৰিক্ষাবোৰ মেডিকেল চাৰ্জাৰী এটাৰ দৰে লাগিছে - ইয়াৰ ফলাফল মাত্ৰ দুটা — পজিটিভ বা নিগেটিভ। কিন্তু শিশুৰ কল্পনাত পজিটিভ আৰু নিগেটিভৰ মাজৰ পৰ্যায় এটাও আছে, সেইটোক আচঁনিখনৰ জঁকাটো তৈয়াৰ কৰোতে গুৰুত্ব দিয়া হোৱা নাই।
দেশৰ অন্যান্য আচঁনি যুগুতোৱাসকলৰ দৰে মধুময় আচনি তৈয়াৰ কৰা সকলেও ভাৰতৰ শতকৰা আশীজন মানুহৰ ঘৰত টেলিভিছন আছে বুলি বিশ্বাস কৰে। জ্যেষ্ঠ শিক্ষা বিষয়াই মধুময় আচনি জনপ্ৰিয় কৰিবলৈ সেইবাবে টেলিভিছন মাধ্যম ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছিল।
তথাপিও তাই সন্তুষ্টি লব পৰাকৈ এই আচঁনিখনত কিছু সমল আছে । প্ৰথমবাৰৰ বাবে বুনিয়াদী শিক্ষাত শিশুৰ কল্পনাক, সপোনক গুৰুত্ব দিয়া হৈছে — এইটো এটা ভাল কথা, এটা যোগাত্মক দিশ।
কিন্তু সপোন দেখুওৱাটো এক সমস্যা। সপোন দেখুওৱাৰ দায়িত্ব প্ৰদানৰ কথাটোও আন এক সমস্যা। তিনি-চাৰিবছৰীয়া কুমলীয়া বাঁহবোৰক সপোন দেখুওৱাৰ দায়িত্ব কাক দিয়া যায় ? দীপিকা নাথ আৰু বিপুল দৈমাৰীৰ হাতত দায়িত্ব এৰি দি নিশ্চিন্ত হব পৰা জানো?
ধৰি লোৱা হ'ল অংকুৰ শ্ৰেণীৰ এদল ছাত্ৰ-ছাত্ৰীক আপুনি শিক্ষা দিছে। আপুনি সিহঁতক কি ক’ব? ওঁহো, এতিয়াই কিতাপৰ কথা নহয়। আপুনি সিহঁতক কওকচোন- ‘ আজি আমি নপঢ়ো দেই। আজি আমি খেল এটা খেলিম। সপোন সপোন খেল। এতিয়া তোমালোকে পাঁচমিনিট ডেস্কত মূৰ পেলাই চকু মুদাচোন।'-এইবুলি আপুনি টেবুলত আপোনাৰ মূৰটো পেলাই চকু মুদি দেখুৱাব। (এইক্ষেত্ৰত ধৰি লোৱা হৈছে যে শিশুবোৰে শিক্ষকক অনুসৰণ কৰি ডেস্কত মূৰ পেলাই চকু মুদিব আৰু একোটা দিবাস্ফপ্নত বিভোৰ হব। শিশু মানেই যে অনুকৰণপ্ৰিয়।) এতিয়া আপুনি সকলোকে সপোন দেখিবলৈ কওক।
পাঁচ মিনিটৰ পিছত আপুনি প্ৰত্যেককে সোধকচোন কোনে কি সপোন দেখিলে। ওঁহো, উধা-মুধাকৈ নহয়, আপুনি খুউব মনোযোগেৰে প্ৰতিটো শিশুৰ সপোনবোৰ শুনক। কেৱল শুনক, কিন্তু বৰ মনোযোগেৰে। কাৰণ সপোনেই সিহঁতৰ ব্যক্তিত্বৰ প্ৰতিফলন কৰিব, সপোনে বেকগ্ৰাউণ্ডৰ প্ৰতিফলন কৰিব। কোনোবাই হয়তো হিংসাত্মক সপোন এটাও দেখিছে। সপোনতে হয়তো সি কাৰোবাক মাৰি পেলাইছে। নিত্য-সন্ত্ৰাস, নিত্য-হত্যা, আৰু নিত্য-অপহৰণৰক কাৰকবোৰে হিংসুক সপোন এটাক প্ৰভাৱম্বিত কৰিবই, ইয়াত একো অস্বাভাৱিকতা নাই।
এতিয়া আপুনি তাৰ সপোনটো শুধৰাবলৈ যাব নোৱাৰে। বৰং আপুনি তাৰ পৰিবেশ, মানে বেকগ্ৰাউণ্ডটো অধ্যয়ন কৰক, পয্যবেক্ষণ কৰক, পৰিস্থিতি বিশ্লেষণ কৰক আৰু ইয়াক উন্নত কৰাত অৰিহণা যোগাওক। এইক্ষেত্ৰত আপোনাৰ ভুমিকা শিক্ষকৰো হব পাৰে, অভিভাৱকৰো হব পাৰে (আপোনাৰ সুবিধা অনুয়াযী।)
মুঠতে তাৰ চিন্তাধাৰাক আপুনি যোগাত্মক দিশলৈ আনক। তাৰ সপোনটোক আপুনি গঠনমুলক দিশলৈ প্ৰভাৱিত কৰক। আপুনি তাৰ পাথেয় হওক। এদিন দেখিব, এই সপোন সিহঁতৰ জীৱন হৈ পৰিছে। - এই এটা সপোনৰ পাথেয় দীপিকা নাথ, বিপুল দৈমাৰী হব পাৰিবনে?
মালবিকাৰ পিতৃ-মাতৃয়ে পাৰিছিল নেকি?
কোনোবাই কৈছিল, কোনোবাই নহয়, তাইৰ মনলৈ আহিল কবি নীলমনি ফুকনে কৈছিল,সকলো মানুহেই শৈশৱত এটা সপোনৰ লালন-পালন কৰে। এই সপোনটোকে লৈয়েই পিচৰ সময় চোৱা সি বা তাই জীয়াই থাকে। স্বাভাৱিকতে, সি বা তাইৰ ভবিষ্যতৰ ফ্ৰেমৱৰ্কটো শৈশৱতেই তৈয়াৰ হৈ যায়। এইক্ষেত্ৰত চুড়ান্ত পৰিহাসটো হ'লগৈ এয়ে যে (কবিৰ মতে), কোনো শিশুৱেই শৈশৱত গম নাপায় যে তাৰ ভবিষ্যতটোৰ ফ্ৰেমৱৰ্কটো সি নিজেই নিজৰ অজ্ঞাতে তৈয়াৰ কৰি পেলাইছে।
(নীলমনিয়ে বোধহয় আৰু কৈছিল- বহুদিন আগতে, পাটিদৈ, তৰাদৈ, তিলফুল আৰু ঋতুবোৰৰ স্পৰ্শত নিস্কলুষ হৈথকা শৈশৱৰ গাঁওখনে শিশু নিলমনিৰ ভবিষ্যতৰ কবিতা লিখাৰ ফ্ৰেমৱৰ্ক তৈৰি কৰি দিছিল। কিন্তু ক'ত কৈছিল বাৰু?)
মালবিকাৰ শৈশৱ তৰাদৈ, পাটিদৈ আৰু তিলফুলৰ শৈশৱ নাছিল। পিচে, নীলমনিৰ শৈশৱটো পোৱা হ'লে তাই জানো কবিতা লিখিলেহেঁতেননে? এই পৃথিৱীৰ বহুত শিশুৱেই তৰাদৈ, পাটিদৈ, তিলফুলৰ শৈশৱ লৈ ডাঙৰ হৈছে। সিহঁত সকলোৱেই নীলমনি হৈছে নেকি? প্ৰিয় কবি নীলমনি?
মহানগৰীৰৰ বুকুত প্ৰশাসনিক বিষয়া আৰু লাইফ ইনন্সিওৰেঞ্চ কোম্পানীৰ কাৰ্য্যালয় সহায়িকাৰ একমাত্ৰ কন্যা মালবিকা বৰুৱাই শৈশৱত এল পি স্কুলৰ শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখিছিল। ইউনিফৰ্ম পিন্ধা এজাক অকণি অকণি ল'ৰা-ছোৱালীক তাই পঢ়ুৱাই আছে। বাৰান্দাত শাৰী পাতি সিহঁতে প্ৰাৰ্থনা কৰিছে - এ জয় ৰঘুৰ নন্দন এ, ৰাঘৱ ৰাম এ, জয় ৰঘুৰ নন্দন। (পিচলৈ তাই গম পাইছিল, শতকৰা নÍব্বটা শিশুৱেই এই সপোনটো দেখে। কিন্তু সেই বুলিয়েই সপোনটোৰ বিশেষত্ব নাইকিয়া হৈ যাব নেকি? শতকৰা নÍব্বটা শিশুৰ সপোনৰ বিশেষত্ব?)
মালবিকাৰ সপোনটো আৰু অকণমান দীঘলীয়া আছিল। সেই দীঘলীয়াডোখৰত তাই কল্পনা কৰি লৈছিল যে, তাই পঢ়ুওৱা স্কুলখনত তাইৰ দুয়োজনী ছোৱালীয়ে স্কুলৰ ল'ৰা-ছোৱালীৰ সৈতে বৰ মনোযোগেৰে তাইৰপৰা শিক্ষা গ্ৰহণ কৰিছে। হয়তো সেই সময়ত তাই দুজনী ছোৱালীৰ মাক হবলৈ হাবিয়াস কৰিছিল। এইযে, দুজনী ছোৱালীৰ মাক হোৱাৰ সপোনটো। ইয়াৰো চাগৈ এটা ফ্ৰেমৱৰ্ক আছিল। আছিল, চেন্ট পাৰ্চেন্টেই আছিল।
বাস্তৱ আৰু সপোন পৰস্পৰ পৰিপুৰক। বাস্তৱ ন'হ'লে সপোন নহয়, সপোন ন'হ'লে বাস্তৱ হয় জানো?
যিয়েই নহওক মালবিকা বৰুৱা এল পি স্কুলৰ শিক্ষয়িত্ৰী ন'হ'লগৈ। এইক্ষেত্ৰত অন্তৰায় হৈ উঠিল তাইৰ বাঘা বাঘা ৰিজাল্টবোৰ । সেইদৰে, তাই দুজনী ছোৱালীৰ মাক হোৱাৰ সম্ভৱনাটোও এতিয়া ধূসৰ ।প্ৰথম মাতৃত্বৰ সোৱাদ লবলৈ সাজু হওতেই এই এডভান্স ষ্টেজত, মালবিকা আৰু আবিৰৰ প্ৰায় চেপাৰেচন হোৱাৰ দৰে এটা ধোঁৱা-ধোঁৱা অৱস্থা। বিয়াৰ কিছুদিনৰ পিছতে, তাই দ্বিতীয়বাৰলৈ ফচি গৈছিল আবিৰৰ জালত । মৰমৰ দাবীত মাজে মাজে হাৰিবলৈ তাই আবিৰৰপৰা শিকি লৈছিল। কিন্তু আবিৰে পিচলৈ বৰ বেচিকৈ চান্স লবলৈ আৰম্ভ কৰিলে। মৰমৰ দাবীত হাৰি যোৱাত উন্মাদনা আছে। কিন্তু যদি প্ৰশ্নটো আদৰ্শৰ হয়? আদৰ্শৰ প্ৰশ্নত হাৰি যাবলৈ ভাল নাপালে মালবিকাই ।
কিন্তু বেকগ্ৰাউণ্ডটো, সপোনটো চাগে তাইৰ অস্থি-মজ্জাত মেৰ খাই আছিল। আছিল। অসামৰিক জিলা মেজিষ্টে্ৰটৰ সন্মানীয় চাকৰি এৰি নামনি অসমৰ এই পিচপৰা জেগা ডোখৰত বুনিয়াদি শিক্ষা প্ৰশিক্ষণৰ জিলা প্ৰতিষ্ঠানটোত যোগ দিবলৈ হবলৈ তাই ইমান হুতাশ হ'লযে?
আবিৰে কৈছে, তাইৰ অজস্ৰ বিকাৰৰ ভিতৰত এইটোও এটা বিকাৰ।
মালবিকাৰ শৈশৱত মধুময় শিক্ষা প্ৰদানৰ দৰে কোনো আচঁনি লোৱা হোৱা নাছিল। সেইকাৰণে তাইৰ সপোন বোৰ অসংলগ্ন হ'ল নেকি? সপোনৰ বিকাশ ন'হ'ল, সপোন বিকাৰ হৈ পৰিল!
----
মালবিকাই এতিয়া তাইৰ কোৱাৰ্টাৰটোৰ অকণমানি বাৰান্দাখনত হেলান দিয়া চকী এখনত বহি আছে। গুৰুতৰ সমস্যা হৈছে।মধুময় শিক্ষা প্ৰদান আঁচনিখনৰ থুনপাকটো দীপিকা নাথ, বিপুল দৈমাৰীৰ মগজুত সুমুৱাই দিয়াটো এটা সাংঘাটিক সমস্যা হৈ পৰিছে। এটা উপায়, সহজ উপায় এটা বিচাৰিছে তাই।
লাহে লাহে তাই জৰায়ুৰ ভিতৰৰ কেচুৱাটোৰ এটা দুটা লাথ খোৱাৰ আমেজ পাবলৈ ধৰিছে। তাইৰ ধাৰণা হ'ল কেচুৱাটো এইকেইদিনত বৰকৈ বাঢ়িছে । তাৰ ওজন বাঢ়িছে। হয়তো তিনি কেজি, হয়তো চাৰে তিনি কেজি। সি চাগৈ আনবিলাক শিশুতকৈ অলপ বেচি পৈণত হৈ জন্ম লব। কিন্তু, এই ধাৰণাটো কেনেকৈ তাইৰ মূৰলৈ আহিছে? তাইৰ কেঁচুৱাটো আন কেঁচুৱাতকৈ পৈণত হোৱাৰ ধাৰণাটো?
এইকেইটা দিনত তাই মধুময় শিক্ষাৰ বিষয়ে বহুত কষ্ট কৰিছে। প্ৰাণ ঢালি দিছে তাই। সপোনৰ নামত তাইৰ প্ৰাণঢালি কাম কৰিবলৈ মন গৈছে। এটা সূত্ৰ ওলাই আহক। দীপিকা নাথ আৰু তাইৰ মাজত এটা সংযোগ হওক। এই কষ্টৰ সুফল তাইৰ কেচুৱাটোৱে পেটৰ ভিতৰত লব পাৰিছেনেকি? অভিমন্যুৰ দৰে? সি গৰ্ভৰ ভিতৰতে সপোন দেখিবলৈ আৰম্ভ কৰিছেনে? আঃ এইকেইদিন তাইৰ যেন সুভদ্ৰা- ঘুমটি নাহক। অভিমন্যুৰ দৰে তাইৰ গৰ্ভৰ শিশুটিৰ শিকা আধৰুৱা নহওক। তাই যেতিয়া মাকৰ পেটত আছিল তেতিয়া তায়ো এই খেলটো খেলিছিল নেকি বাৰু? লাথ মৰাৰ খেল? গঢ়ন-বাঢ়নৰ সময়চোৱাত কিন্তু তাই মাক-দেউতাকক সচাকৈয়ে লাথ মাৰিছিল, অৱশ্যে কল্পনাত। পিচলৈ, মানে বুজন হোৱাৰ পিছত দেখা-দেখিকৈয়ে। লাথ খাই ভেবেকোচা হোৱা পিতৃ-মাতৃক চাই তাই পৰিতৃপ্ত হৈছিল। মাক-দেউতাকৰ কথা মনলৈ অহাৰ লগে লগে মালবিকা চিধাই শৈশৱলৈ গতি কৰিলে। এইটোৱেই বাট। মালবিকাই শৈশৱলৈ যোৱাৰ এইটো আচল বাট। মাক-দেউতাকৰ কথা মনলৈ আহিলে তাই ফটফটীয়াকৈ নিজৰ শৈশৱটোকে দেখা পায়। এইটো কিয় হয় বাৰু? মালবিকাৰৰ বন্ধু এজনীয়ে বোলে মেকুৰী দেখিলেই তাইৰ শৈশৱটোক দেখা পাইছিল। সৰুতে তাইৰ এটা মৰমৰ মেকুৰী আছিল, পিচলৈ মেকুৰীটো তাই আৰু তাইৰ শৈশৱৰ মাধ্যম হৈ পৰিল।
শৈশৱলৈ যাবলৈ এটা মাধ্যম লাগে নেকি? তেনেহলে মালবিকাৰ মাধ্যমটো মেকুৰী এটা হোৱা হ'লে বেছি ভাল আছিল।
পিচে, তাই দেখোন মধুময় শিক্ষা আচঁনিৰ কথাহে ভাবিছিল। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰিৰ মগজুত এই আচঁনিৰ থুনপাকটো সুমুৱাই দিয়াৰ উপায় এটা উলিয়াই দিয়াৰ কথা ভাবিছিল।তাইৰ শৈশৱৰ সপোনটোৰসৈতে কণ কণ শিশুবোৰৰ যোগসূত্ৰ স্থাপন হওক। নব্বৈ শতাংশ শিশুৰ সপোনবোৰ জী উঠক।
এৰা, এই যোগসূত্ৰটো কৰিব খোজা বাবেই চাগৈ তাইৰ শৈশৱ তাইৰ কাষলৈ আহিছে। তায়ো এবাৰ নিজকে ফট-ফটীয়াকৈ চাই লবলৈ সাজু হল। কি ঠিক, তাই হয়তো শৈশৱৰপৰাই এটা সূত্ৰ পাব পাৰে, হয়তো সি বাজীমাৎ কৰি দিবও পাৰে। নতুন নতুনকৈ নিজক আবিস্কাৰ কৰি থকাত তাইৰ আপত্তি নাই। ই এটা মজাৰ খেল। আপুনি নজনাকৈ থকা আপোনাৰ কিছুমান কথা নতুন নতুনকৈ আপোনাৰ আগত ওলাই থাকিব, টেলিভিছনৰ পৰ্দাত ওলোৱাৰ দৰে।
অকণমানি শহাটোৱে মন্দমতি নামৰ অত্যচাৰী সিংহটোক মাৰিবলৈ বুদ্ধি পাঙি গৈ আছিল। হঠাতে সি কুঁৱা এটা দেখা পালে। কুঁৱাৰ ফটফটীয়া পানীত সি নিজক দেখা পালে। লগে লগে সি নিজক আবিস্কাৰ কৰিলে। নতুনকৈ আবিস্কাৰ কৰিলে। তাৰ মগজুলৈ এটা আইডিয়া আহিল। তাৰ আইডিয়াই বাজীমাৎ কৰিলে। সিংহ মৰিল। পশ্যসিংহ মদন্মত্ত, শশকেন নিপাতিত।
---
খেলটো সচাকৈয়ে মজাৰ হৈছে। এয়া তাইৰ অন্তঃজগতৰ পৰিদৃশ্য নহয়, বৰং এটা ওভতনি যাত্ৰা। এই যাত্ৰা তাইৰ ভেটি, তাইৰ বাস্তৱৰ ভেটি। কিয়নো শৈশৱ যদি বৰ্তমানৰ প্ৰতিধ্বনি, বৰ্তমান ভবিষ্যতৰ প্ৰতিধ্বনি। গীতা শাস্ত্ৰত কৈছে- তোমাৰ কালিয়ে তোমাৰ আজি নিৰূপণ কৰিছে, তোমাৰ আজিয়ে নিৰূপণ কৰিব তোমাৰ কাইলৈ।
তাইৰ শৈশৱৰ ভেটিটোত অজস্ৰ চৰিত্ৰ আছে, কিন্তু চব জোঁট-পোঁট খাই আছে । আৰু চব থাকিলেও তাৰে ভিতৰত প্ৰধানকৈ তায়েই আছে, মাক আছে, দেউতাক আছে। বহু পিছত আহি উপস্থিতি হোৱা আবিৰ নামৰ চৰিত্ৰটোৰো এক গুৰুত্বপুৰ্ণ ভুমিকা আছে । তাই দেখিলে- নাবালিকা মালবিকাৰ হাতৰ মুঠিত অফুৰন্ত সময়। কিন্তু সময় হ'ল অজগৰৰ দৰে। প্ৰকা‘ মুখ মেলি সময় ৰৈ আছে তাইক গিলিবলৈ। নাবালিকা মালবিকা সেই অজগৰৰ মুখত অসহায়। এটা ভায়েক, এজনী ভনীয়েক, মা আৰু দেউতাৰ অকমাণ সান্নিধ্যই হয়তো অজগৰৰ মুখৰপৰা তাইক বচাব দিব পাৰে ।...... কিন্তু ঘটনাক্ৰমে সেইবোৰ সংঘটিত হোৱা নাই। সেয়ে পিতৃ- মাতৃৰ আউটিং, ডিনাৰ পাৰ্টিৰ সন্ধ্যাবোৰত তাইক নিঃসংগতাৰ অজগৰডালে গিলি আনিছে।
(মালবিকাই দুজনী ছোৱালীৰ মাক হোৱাৰ সপোন দেখিছিল। তাইৰ দুয়োজনী ছোৱালীক তাই নিজৰ স্কুলত পঢ়ুওৱাৰ সপোন দেখিছিল। ইয়াৰ ফ্ৰেমৱৰ্কটো আছিল নিঃসংগতা। সৰ্বনশীয়া নিঃসংগতা। মালৱিকাই কিজানি নিজৰ সন্তানক নিঃসংগতাৰ অজগৰৰ মুখত পৰিবলৈ নিদিয়াৰ ধুসৰ সপোন এটাকেই দেখিছিল।)
এই পৃথিৱীৰ সকলোবোৰ দূৰ্নীতিপৰায়ণ আৰু ভোগী পিতৃ-মাতৃৰ আন সন্তানৰ দৰে মালবিকাও কিছু দূৰ বিকাৰগ্ৰস্ত মানসিকতাৰে ডাঙৰ হৈছে। অভিমানী, জেদী বা চুড়ান্ত বদমেজাজী বুলি কব পৰা যায়। শিশু অৱস্থাত কেতিয়াবা এই মানসিকতাক উপভোগ কৰিবও পৰা যায়, কাৰণ তেতিয়া সিহঁত নিৰীহ অৱস্থাত থাকে।
কিন্তু বিকাৰগ্ৰস্ততাই যদি বয়সৰ লগে লগে সৰীসৃপৰ দৰে গা-টোতে মেৰিয়াই ধৰে·আৰু মন যেতিয়া বিকাৰগ্ৰস্ত হয়, তাৰ প্ৰভাৱো বাহিৰৰ আচৰণত পৰিবলৈ বাধ্য। স্বাভাৱিকতে বিকাৰগ্ৰস্ততা তাইৰ বাহিৰৰ স্বভাৱতো পৰিস্ফুট হৈছে। স্কুলীয়া পৰ্য্যায়ত এই বিকাৰবোৰ আকোঁৰ-গোজালি আৰু সৰু -সুৰা এটা দুটা ঘটনাৰ ভিতৰতে সীমাবদ্ধ আছে। এক কথাত সেইবোৰ পৰিধিৰ ভিতৰত । মেনেজেবল্।
কিন্তু কলেজলৈ যোৱাৰ লগে লগে পাখি দুখন বৰ ডাঙৰকৈ মেল খালে। তাইৰ বিকাৰগ্ৰস্ততাত তাইৰ পিতৃ- মাতৃও চিন্তিত হৈ পৰিল। চিন্তিত নহয়, ভীষণ দুঃচিন্তা। নকলেও হব, এই দুঃচিন্তাই মালবিকাক পৰিতৃপ্ত কৰিলে । প্ৰতিশোধৰ পৰিতৃপ্তি।
মালবিকাই কলেজলৈ যোৱাৰ কিছুদিনৰ পিছতে সাম্যবাদী ধৰণৰ আদৰ্শ এটাৰ চিকাৰ হোৱাটোৱেই এই বিকাৰৰপ্ৰথমটো জলন্ত প্ৰমাণ হিচাপে মাক-দেউতাকৰ চকুত পৰিছেহি। কিন্তু তাইৰ সাম্যবাদ ঠিক চিজিল ধৰণৰ মতবাদ এটাও নহয়। সেইটো তাইৰ নিজস্ব দৰ্শন, কিছুদূৰ উতনুৱা।
..........কিন্তু নাটকৰ পৰৱৰ্তী পৰ্য্যয়ত দেখিবলৈ তেঁওলোকৰ বাবে অন্যান্য উপকৰণ তেতিয়াও ৰৈ আছিল। মালবিকাৰ সাম্যবাদ আৰু পঢ়া-শুনা চলিছিল সমান স্পীডত।চলি আছিল বিভিন্ন ঘটনা আৰু পৰিঘটনাৰ মাজেৰে। এটাই আনটোৰ ওপৰত হেতা-ওপৰা কৰিব পৰা নাই। তাৰ মাজতে, তাই অভিনয়ৰ প্ৰতিও আকৰ্ষিত হ'ল। এইবোৰে কেতিয়াবা তাইক নায়িকাৰ মৰ্য্যদা দিছে, কেতিয়াবা খল-নায়িকাৰ গ্লানি দিছে।
মুৰ্তিমান যোগী সকলৰদৰে বিকাৰগ্ৰস্ত মালবিকাকো খ্যাতি বা অপযশে স্পৰ্শ কৰা নাই।
তাইৰ ৰিজাল্টবোৰ ভাল হৈছে। ইৰ্ষণীয়। বাঘা বাঘা ৰিজাল্ট। এইসময়তে - মানে, গ্ৰেজুৱেট ডিগ্ৰী লোৱাৰ চুড়ান্ত বৰ্ষটোতে তাই ফচি গৈছে। তাই আবিৰৰ প্ৰেমত পৰিছে। আবিৰ, যি সেইসময়ৰ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নতুন অৰ্থনৈতিক - উদাৰীকৰণ নীতিৰ ঘোৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে পথ-নাটক লিখি বাটে বাটে প্ৰদৰ্শন কৰি ফুৰিছিল—য'ত প্ৰধান ভুমিকাত আছিল মালবিকা।
অৱধাৰিতভাবেই পঢ়া-শুনাৰ অন্তত মালবিকা- আবিৰৰ বিয়া হৈছে — এইক্ষেত্ৰত সিহঁতৰ মিলনেই মূখ্য, বাকীবোৰৰ অৱস্থান বা বাধা বা বুজনি গৌণ। ইতিমধ্যে এ পি এচ চি দিয়াৰ পিছত গুৱাহাটীতে মালবিকাৰ জিলা মেজিষ্ট্ৰেট হিচাপে প'ষ্টিং হৈছে, তাই আই এ এচলৈকে হাকুটি মেলিছিল, কিন্তু বিয়াৰ প্ৰশ্ন আহিল - সেয়ে, পৰৱৰ্তী কিছুসময়ৰ ভিতৰতে সেইটো হাচিল কৰিব বুলি পৰিকল্পনা কৰিছে - আৰু আবিৰ· আবিৰে সাংবাদিকতাৰ পেচাটোকে ভাল পালে।--ঠিক এইখিনিৰেপৰা সময় পাখিলগা কাড়তকৈও বেগী হৈ পৰিছে। সময়ক তাই কব্জাত ৰাখিব পৰা নাই।
কামৰ ব্যস্ততা, ব্যস্ততাৰ লগে লগে চিষ্টেমটো, যিটোৱে তাইৰ উশাহ-নিশাহ পৰ্য্যন্ত চেপি ধৰিছে, সেই চিষ্টেমৰ প্ৰতি হতাশা, অকণমান উশাহ লৈ বাচি থাকিবলৈ এটা বিকল্প পথৰ সন্ধানত হাবাথুৰি বা আবিৰৰ ভাষাত তাইৰ আন এটা বিকাৰ - এইবোৰৰ ঘূৰ্ণীবতাহত মালবিকাই তৎ ধৰিব পৰা নাই - ঠিক কোনখিনিৰপৰা আবিৰৰ আদৰ্শগত পতনৰ পয্যায়টো আৰম্ভ হৈছে। অযোধ্যাত সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে গুৱাহাটীত উধাতু খোৱা, চৰকাৰৰ উদাৰীকৰণৰ বিৰুদ্ধে পথ-নাটক কৰি ফুৰা প্ৰতিবাদ উত্তাল আবিৰ - সাংবাদিকতাৰ বৃত্তি লৈয়েই সম্পুৰ্ণ বেলেগহৈ গৈছে। অচিনাকি।
অচিনাকি। মালবিকাই সেই আবিৰক চিনি নাপায়। নিত্য-নতুন চাল খেলাত সি ব্যস্ত হৈছে, চালবোৰত চাণক্য- চতুৰ পাৰ্গতালি দেখুৱাইছে, সিদ্ধি লাভ কৰিছে। আবিৰ সিদ্ধ-পুৰnষ হৈ উঠিছে।
দেখা গৈছে, দিন যায় মানে এই তাৰ চালবোৰত অন্যায়ভাবে মালবিকা সংপৃক্ত হোৱাটো আবিৰে মনে-প্ৰাণে কামনা কৰিছে। মালবিকাৰ পদবী, প্ৰথম শ্ৰেণীৰ বিষয়াৰ সা-সুবিধা, দু্ৰ্নীতিগ্ৰস্ত দেউতাক আৰু মাকৰ চাকৰিৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা অগাধ সম্পত্তিক আবিৰে ঢাল হিচাপে লব খোজা— এনে ধৰণৰ উত্তেজনাই তাইক সংকুচিত কৰি পেলাইছে..... তাই যেন এটি শামুক, গাটোত কব নোৱাৰাকৈ গঢ় লৈ উঠিছে এটা খোলা, খোলাৰ ভিতৰৰ গাটো ঘিণলগাকৈ বিজলুৱা, তাইৰ চৌপাশ জেকা, এধানি সূৰ্যৰ পোহৰৰ ৰেশ তাত নাই।
এসময়ত এই খোলাৰপৰা ওলাবলৈ চটফটাই উঠিল তাই। অৱশ্যে, বিনিময়ত তাই কিছু কষ্ট কৰিবলগা হ'ল। মালবিকাই শেষত আবিৰকে গুড বাই দিব লগা হৈছে। তাই আবিৰৰ সংগ এৰি দিছে , প্ৰায় চেপাৰেচনৰ দৰে ধোৱাঁ ধোৱাঁ তাৰ ৰূপ। যোৱা দুমাহ ধৰি কাৰো হকা-বাধা নামানি তাই এই নতুন চাকৰিটোক ঠেৰু কৰি সোমাই আছেহি — দুৰু দুৰু উৎকণ্ঠাৰে মাতৃ হোৱাৰ বাবে সাজু হৈছে — একেবাৰে অকলশৰে এই প্ৰস্তুতি, আৰু আগন্তুক নৱজাতকৰ প্ৰতি কিঞ্চিৎ দায়িত্বৰ চিন ৰাখি আবিৰে এটা ফোন কল পৰ্য্যন্ত কৰা নাই।
এইখিনিতে অসংলগ্ৰ চিন্তাক মালবিকাই চিজিল কৰি ল'লে। তাই এতিয়া মধুময় শিক্ষা আঁচনিলৈ ঘুৰি আহিছে। প্ৰশিক্ষাৰ্থীবোৰৰ মাজলৈ ঘুৰি আহিছে। কল্পনাৰে তাই প্ৰশিক্ষাৰ্থীসকলৰ ব্যক্তিগত জীৱনৰ একোটা জুমুঠি সাজি উলিয়ালে আৰু তন্ন তন্নকৈ চাবলৈ লাগিল সেই জুমুঠিৰ শাহবোৰ - শৈশৱৰপৰা বৰ্তমানলৈ ...তেজ আৰু মাংসৰপৰা অন্ন আৰু বস্ত্ৰলৈ।
-----
পিচদিনা মালবিকাই মধুময় শিক্ষা প্ৰদান আচনিৰ অধীনত প্ৰশিক্ষণ লৈ থকা শিক্ষক- শিক্ষয়িত্ৰিসকলক থূপ পাতি বহিবলৈ ক'লে। আৰু এইদৰে কথা আৰম্ভ কৰিলে,
-‘আজি ক'ৰ্চৰ কথা বাদ দিয়কচোন। আজি বাৰু আমি আমাৰ শৈশৱৰ সপোনবোৰকে ৰোমন্থণ কৰো আহকচোন।'
দেখা গ'ল, প্ৰথমতে এক দোধোৰ-মোধোৰ অৱস্থা । কণ কণ শিশুক সপোন দেখুৱাবলৈ অহা শিক্ষকসকলে পাহৰি পেলাইছে তেঁওলোকৰ জীৱনৰ শৈশৱ সপোন । শৈশৱ তেঁওলোকে পাহৰি গল। জীৱনৰপৰা শৈশৱ হেৰাই গ'ল। তেঁওলোকৰ শৈশৱ যেন বহু দূৰৈত এৰি থৈ অহা নৈ এখনৰ এটা ক্ষুদ্ৰ সুঁতি। সেই সুঁতিত পানী কমি কমি এসময়ত শুকাই গৈছে - কালক্ৰমত তাত এটা বাট হৈছে - সেই বাটৰ বুকুৰে অহা-যোৱা কৰিছে মানুহ। শৈশৱ নোহোৱা মানুহ। শৈশৱ নোহোৱা মানুহৰ পদযাত্ৰা। আতংকগ্ৰস্তা মালবিকা শিঁয়ৰি উঠিল - মানুহো এনেকৈ নিঃস্ব হৈ যাব পাৰে, আঃ কি ভয়ানকভাবে নিঃস্ব হব পাৰে মানুহ।
কিন্তু, কিন্তু সেয়া এজনে আৰম্ভ কৰি দিছে -- আঃ তেঁও তেঁওৰ শৈশৱ হেৰাই পালে। লগে লগে যেন নৈৰ পানী আগৰ সুঁতিলৈ ঘুৰি আহিছে, মৰাসুঁতিলৈ ঘুৰি আহিছে নৈ। পানী আহিল, বাৰিষা আহিল, আহিল ফেনে-ফোঁটোকাৰে ঢল -- সেয়া, তেঁওৰ পিছত আন এজনে কৈছে, তেঁওক আন এজনে ফ'ল' কৰিছে , আৰু -- আৰু আনুষ্ঠানিকতাৰ তৰপ এৰাই গৈছে- তেঁওলোক স্মৃতি ৰোমন্থণত মগ্ন হৈছে -- তেঁওলোকে হাহিঁছে, ৰোমাঞ্চিত হৈছে, আনন্দ আৰু বেজাৰৰ চকুলো টুকিছে, দোষ স্বীকাৰ কৰিছে। কলুষতা আঁতৰি গৈছে — সকলো কলুষতা আঁতৰি গৈছে আৰু সকলোৱে নিজৰ শৈশৱৰপৰা বাটৰপৰা একোটাহঁত নিটোল সপোন দেখিবলৈ আৰম্ভ কৰিছে । ঠিক শিশুৰ দৰে।
ঠিক শিশুৰ দৰে । তেঁওলোকে বিৰবিৰাইছে —শিশুৰ মাজলৈ যাবলৈ শিশু হব লাগিব। শিশুৰ মাজলৈ যাবলৈ শিশু হব লাগিব। শিশুৰ অন্তৰৰ অধিকাৰী হব লাগিব প্ৰথমতে, - সৌৰজগত, দীৰ্ঘ ঈ পিছৰ পয্যায়ত।
মালবিকা চহৰীয়ায়ো দেখোন অন্তৰত এক নতুন শক্তি লাভ কৰিছে, প্ৰগলভ শক্তি। ক'ৰপৰা আহিছে এই উদ্যম, এই প্ৰগলভতা·..... মৰাসুঁতিৰ পৰা, শুকান সুঁতিৰপৰা - য'ত এতিয়া ভৰ-বাৰিষাৰ জীয়াঢল। পুৰ্ণ গভা মালবিকা চহৰীয়াই ভৰবাৰিষাৰ জীয়াঢলত সাঁতুৰি-নাদুৰি উন্মনা হৈ পৰিছে। মালবিকাই সাঁতুৰিছে, অভিমন্যুৱে সাঁতুৰিছে।
--
কিছুদিনৰ পিছত মালবিকাক ওচৰৰ বিদ্যালয় এখনলৈ যোৱা দেখা গ'ল -ভ্যেৰিফিকেচনৰ বাবে। সম্ভৱ এই ভ্যেৰিফিকেচনৰ পিছতেই তাই দীঘলীয়া চুটি লব -- মেটাৰনিটি লিভ।
দেখা গ'ল যে, তাই জনজাতি অধু্যষিত বিদ্যালয় এখনলৈ সোমাই গৈছে - যিখন ঘটনাক্ৰমে আঁৰ- বেৰ নথকা মুৰৰ ওপৰত এখন মাত্ৰ চালি থকা চিংগল টিচাৰ স্কুল, অৰ্থাৎ এজন শিক্ষকৰ দ্বাৰা পৰিচালিত বিদ্যালয় হোৱা স্বত্বেও ইয়াৰ ফলাফল খুব ভাল হয় --কাৰণ গাৱঁৰেই শিক্ষিত নিৱনুৱা কেইজনমানে (এঁওলোকে আত্ম- সহায় গোট খুলি উপাৰ্জনৰ পথ উলিয়াই লোৱা আৰম্ভ কৰিছে) ছাত্ৰ-ছাত্ৰীবোৰক বিনা মাছুলে পঢ়াই আছে—
এতিয়া তালৈ গৈ মালবিকা চহৰীয়াই কি কৰিলে?
মালবিকা চহৰীয়াই বিদ্যালয় শিক্ষকৰ অভিবাদন গ্ৰহণ কৰিলে। তাৰপিছত তাই ল'ৰা-ছোৱালীবোৰৰ সমূখত ঠিয় হ'লগৈ। আৰু ক'লে,
- ‘ মইনাহঁত, আজি বাৰু তোমালোকে পঢ়া-শুনা কৰিব নালাগে। তোমালোকে মূৰটো ডেস্কত পেলাই চকু মুদাচোন।'— এইবুলি তাই নিজৰ মূৰটো ডেস্কলৈ হাওলাই পুনৰ ক'লে,- ‘ও, এতিয়া তোমালোকে সপোন এটা দেখিবলৈ আৰম্ভ কৰাচোন।'
নিস্পাপ ফুলৰ দৰে প্ৰস্ফুটিত শিশুবোৰৰ সৈতে মালবিকা চহৰীয়াই নিজেও চকু মুদি পৰম তৃপ্তিত সপোন এটা দেখিবলৈ আৰম্ভ কৰি দিলে।
----
( গৰীয়সী-জুলাই, দুহেজাৰ তিনি)