তেওঁ যেতিয়া কবিতাৰ কথা কয়, তেতিয়া তেওঁ
একেসময়তে দুখন নদীৰ কথাও
কয় । এখন দৃশ্যমান --
তাত তেওঁ আঁকিব খোজে কিছুমান আচৰিত
ব্যঞ্জণা-- “লুইত খাবলু জীয়াঢলে
জানে । সৰু ল'ৰাই কোৰোকাৰে জোন সজা বালিয়ে । আখৈ ভজাদি ভাজে
ডাঙৰৰ বুকু ” । কিন্তু কবিয়ে
নদীতকৈও বেছিকৈ কৈছে
খহনীয়াবোৰৰ কথা। কিহৰ খহনীয়া· মানৱতা, মূল্যবোধ,
নে প্ৰেমৰ।
কিহবাৰ তাড়ণাত পৰিয়াল এটাই আপোনঘাতী
হৈ যেতিয়া জলজাহ যায়
-- আমাৰ বিবেকলৈ তেওঁ লৈ আহে গৰা খহাৰ খবৰ
। তেতিয়া নদীখন
অদৃশ্য হৈ পৰে,
কিন্তু পাঠক হিচাপে
আমি জানো যে, য'ত খহনীয়া থাকে, তাতেই থাকে একোখন প্ৰাচীন
নদী । হয়তো তাত আছিল সেউজীয়া
উপত্যকা -- যি এতিয়া নাই। তাত এতিয়া
আকাল। আমাৰ মনত সজীৱ হৈ উঠি ব খোজে নদীৰ
পাৰৰ ঘৰবোৰৰ গোবৰ মাটিৰ গোন্ধ, মাটিৰে লিপা এখন
বেৰ, ঘৰৰ মাৰলি, ওলমি থকা পাভতি
চাং, খৰিকাত
দি থোৱা মাছৰ এডাল শলা
-- তাহানিৰ সুখৰ দিনৰ ৰূপকথাবোৰ।
যি এতিয়া বাস্তৱতে নাই, কিন্তু চেতনাৰ
ফ্ৰে'মত বন্ধাই
থোৱা সেঁাৱৰণিৰ এখনি পুথিচিত্ৰৰ দৰে আছে, পাঠকে বুকুত কঢ়িয়াই ফুৰিছে
সেই পুথিচিত্ৰৰ ঐতিহ্য, তাৰ বিৱৰ্ণ
হেঙুল - হাইতালৰ ৰং। কবিয়ে দিব
জানে বিৱৰণী, মৰি অহা যৌৱনৰ --
গজলীয়া ডেকাজাকৰ এজন হৈ
তাইৰ বুকুত বাঁহী এটা থৈ সি
পানী বিচাৰি গ'লগৈ মৰুময় প্ৰান্তৰলৈ
..............................................
...............................................
বিয়ালৈ সঁচা দুপইচা বাঢ়ক বুলি ব'হাগতো নাহি
শিমলুফুলীয়া ল'ৰাটো বৰফৰ বাকচত আহিল
উলটি
[শব্দৰ অক্ষমতা]
ইয়াত নদীৰ কল কল শব্দ
নাই, গৰাবোৰ
সৰি পৰাৰ ভয়লগা বিৱৰণীও
নাই -- আছে বান আৰু খহনীয়াৰ পিছৰ
শেষ হৈ নহা সংগ্ৰাম, য'ত মৰি আহে যৌৱন
-- মৰা যৌৱন সন্মুখত লৈ চোতালৰ আজাৰৰ তলত
তলমূৰকৈ থাকে কবিৰ গাওঁ ।
তেওঁ কৈ গৈছে খহনীয়াৰ পিছৰ
কাহিনীবোৰ -- যি কাহিনীয়ে
সকলো গ্ৰাস কৰি মানৱতাকো শেষ কৰি দিব খোজে। কবিতাৰ
পাঠক যদি নৈপৰীয়া, তেতিয়া ক¿বতাৰ শব্দবোৰ
তেওঁৰ বুকুত হাতুৰীৰ
দৰে বাজিব -- আৰু পাঠকে দেখা নাই এখন
নৈ, দেখা নাই সৰি পৰা গৰাবোৰ, তেতিয়াও শব্দবোৰ
তেওঁৰ বুকুত হাতুৰীৰ দৰেই
বাজিব -- কিয়নো কবিয়ে অনায়াসে
গতি কৰিছে ‘ক্ষেত্ৰ'লৈ(Field) আৰু বোধ
আহিছে ‘ক্ষেত্ৰ'ৰপৰা (Field)-- নদী আৰু খহনীয়াবোৰ য'ত থাকে। শব্দবোৰ
কবিৰ নিজা এক ভাষা হৈ আহিছে বাবে পাঠকৰ
চেতনাক সি বাৰে বাৰে
জোকাৰি যায় । কবিয়ে বিচাৰি
পাইছে তেওঁৰ ভাষা, তেওঁ জানে
কিছু কথা
কব লাগিব ৰূঢ় বাস্তৱৰ।
সংবেদনা হেৰাই যোৱাৰ ভয়ত জীৱনৰ
ৰূঢ় বাস্তৱতাৰপৰা তেওঁ ফালৰি
কাটি অহা নাই, চুই চাবলৈ ভয় কৰা নাই জীৱনৰ নিৰ্মমতাক -- তেওঁ
প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, এটা পক্ষত অৱস্থান
লৈছে। কেৱল কবিতা লিখিবৰ
বাবেই তেওঁ কবি হোৱা
নাই, বৰং জীৱনক চুই চাইছে কবিতাৰে
। সেয়েহে কবিতাত
আছে বাস্তৱৰ পথাৰবোৰৰ
এটা কেঁচা অৱয়ৱ(raw form), তেওঁ তাক
ধৰি ৰাখিছে, প্ৰতিপালন কৰিছে। মাত্ৰাধিক পৰিশীলিত
চাক-চিক্যৰ মাজলৈ অনুভুতিক
জোৰ- জবৰদস্তি টানি নিয়াও নাই ।
ফলত মানুহৰ কথাবোৰ
প্ৰাণৰ কথা হব পাৰিছে। এয়া পাঠকৰ
বাবে পৰম সন্তুষ্টি।
আপাতত আচহুৱা শব্দৰ লানি
যেন লাগে কেতিয়াবা শব্দবোৰ , কিন্তু
শব্দৰ মাজে মাজে ভাহি আহে গৰখীয়া সবাহ
অথবা সন্ধিয়াৰ বিহু হুচৰিৰ দলে গিৰিহঁতক
দিয়া আৰ্শীবাদৰ দৰে দীঘল , কৰুণ সুৰবোৰ-- ,
হলৌ হৈ সপোনৰ টকৌ বগাই তিতোঁ জৌ জৌ দুখৰ নিয়ৰ
ক'ৰ পানী ক'লৈ গ'ল টকৌ মৰি মৰু হ'ল
শুকাইছোঁ কুশল ক ল্যাণ আৰ্শীবাদৰ দোকোলটকা বান
সুখ সৰিব ভোক গুচিব কৌটিকলীয়া চিকৰাপোক
খহিব
ৰঙা পানী পুৰাতন ঘাট মাৰ মাৰ কাট কাট
[মুকুতিৰ সন্ধি]
এক অৰ্থত কবি ভাগ্যবান। তেওঁৰ আছে নদীয়ে অনা আকাল, আকালৰ ভোক ,
আৰু ভোকৰ পিটপানী
-- তাক তেওঁ পৰিণত কৰিব খুজিছে
শকতিলৈ। শব্দৰ সাধনা কৰা
আন বহুতৰ দৰে তেওঁ এক
‘কৃত্ৰিম আকাল'ৰ আশ্ৰয়ত হায়ৈ বিয়ৈ কৰিবলগীয়া
হোৱা নাই। তেওঁ জানে
-- মাজুলীবোৰ খহিছে,
এথানি- এবানি হৈছে জীৱন।
তেওঁ নিজেও এথানি- এবানি হৈছে। খহনীয়াবোৰে
হামৰাও কাঢ়ি খেদি আনিছে
। তাৰপৰাই তেওঁ পাঠকৰ বাবে লৈ আহিছে সেই শব্দ, যি পাঠকক কোলাহলৰপৰা
নিৰ্জনতালৈ লৈ যায়। তেওঁ গাঁতলৈ সোমাইছে, আৰু বোকোচাত কঢ়িয়াই
আনিছে নিৰ্জনতাক -- যি নিৰ্জনতা
আমাৰ কাংক্ষিত নহয়,
কিয়নো সি অস্থিৰ
সময়ৰ ইতিহাস, নৈৰ গৰা সৰি পৰাৰ
দৰেই নিৰলসে তাত সৰি পৰে প্ৰমূল্য, সৰি পৰে মানৱতা।
মানুহে যেতিয়া হেৰুৱাই পেলাব
জীৱনৰ প্ৰমূল্য, সেই মানৱতাহীন
পৃথিৱীৰ প্ৰতিটো কথাই হৈ পৰিব অস্বাভাৱিক, কুণ্ডলী পকাই অহা ধোঁৱাৰ দৰে ধূসৰ, বিসংগতিৰে ভৰা, সৰ্বত্ৰে ভৰি উঠিব অকালকুষ্মাণ্ড, কবিতাৰ ভাষাও হ'ব আচৰিত
। বানত উটি অহা জাজৰিৰ দৰে শব্দবোৰ উটি - ভাহি
ঢপলিয়াই আহি বুকুত খুন্দা মাৰি
দিবহি --- ইমান কৰুণ যে, শব্দৰ জাজৰিয়ে
বুকুখনহেঁচা মাৰি ধৰিব --
দিলোঁ লাউ গজিলে তৰৈ বগালে ধুন্দুলি
কাউৰী বাঁহত কুলিয়ে পাৰিলে কণী
জগিলে চুঙা বাদুলি
[মুকুতিৰ সন্ধি]
কেতিয়াবা মৰণসদৃশ নীৰৱতাৰপৰা
কবিয়ে তন্ময়তা ভাঙি পাঠকক সৰৱতালৈ
টানি আনি ব। যেন সেই জাপানী
হাইকু --- নিতাল- নিস্তব্ধ পুখুৰীৰ নিথৰ জলৰাশিৰ নীৰৱ তন্ময়তা
ভাঙি সৰি
পৰিল বেং -- ‘টুপ্লুং'কৈ শব্দ এটা হ'ল আৰু নীৰৱতাৰ
তাঁৰ ছিঙি পৰিল। আপাত
সৰল ছবিৰে সজা চিত্ৰকল্পৰেই আহে বেং এটা পুখুৰীৰ পানীত
জঁপিয়াই পৰি তন্ময়তা ভাঙি
দিয়াৰ কঁপণি । অসমীয়া
সহিত্যত চৌ-ৰ দৰে সঘন
ব্যৱহৃত চিত্ৰকল্পটিৰেই কবিয়ে অসহায় জনজীৱনৰ আন
এচোৱা মৰ্মন্তুদ কাহিনী কৈছে,
যি কাহিনীয়ে
ভাঙি দিয়ে নীৰৱ তন্ময়তা
-- পুখুৰীৰ নিথৰ পানীত জঁপিয়াই পৰি তন্ময়তা ভঙা জাপানী হাইকুৰ
বেংটোৰ দৰে --
এদিন বাৰীত চৌ হৈ চালোঁ
ফুল চিঙিলে ফল খালে কাউৰীয়ে আহি ঠেঁাট
ধৰালে
মুখ লাগতীয়ে থুৱাই ক'লে---
জহনীত যোৱা বনিয়নটোৰ ফুটাবোৰ নথকা হ'লে....
ভঙা সপোন ঘাৰ ছিঙা আকাংক্ষা
বঞ্ছনা-গঞ্জনাৰ জুমুঠিৰে আমি পমুৱা বাৰীৰ চৌ
ছিঙিছে নিছে ভাঙিছে
খাইছে.....
[চৌ]
চেতনাৰ এনে জঠৰ তন্ময়তা
ভাঙি দিয়া আন এটি মৰ্মস্পৰ্শী কবিতা হৈছে ‘জলজাহ' -- য'ত নদীত জাহ গৈ আপোনঘাতী
হোৱা পৰিয়াল এটাক ‘কে'ইচ ষ্টাডি'শ্চন্তুaব্দঙ্গ ব্দব্ধuস্তুম্ভগ্ৰ হিচাপে লোৱা হৈছে । কিহৰ দুখত পৰিয়ালটো আপোনঘাতী হ'ল তাৰ কোনো
আভাস নাই, কিন্তু গণতান্ত্ৰিক দেশৰ কল্যণকামী চৰকাৰৰ সকলো আঁচনি, সা- সুবিধাৰ পৰা বঞ্চিত
অসহ ায়, নিমাখিত প্ৰাণীবোৰে
আপোনঘাতী হোৱাৰ পৰিস্থিতি য়ে পাঠকক
ভূপেন হাজৰিকাৰ নজহা- নপমা
‘পানেইৰ পোনাকণ' গীতটিৰ
হৃদয়স্পৰ্শী অনুভুতিৰ মাজলৈ আমাক টানি নিছেþ ---
নিমাখিত প্ৰাণলৈ সদায় মৰমৰ হাতবাউলি
হাত পাতি হাত পাতি শূন্য হাতত অবুজ সঁথৰ
তাৰ পাছত সেঁাত সাৱটি উশাহৰ যুঁজত বাট হেৰোৱা
নিনাও তিনিটা মাত
আই বোপাই পুতলী
.............................
..............................
মৃতদেহ বিচৰা মানুহে মাছবোৰ পালে
গধুৰ বতাহজাকে পাৰৰ প্ৰাণবোৰ চুলে
তিনিদিনৰ মূৰত জলজাহৰ শৱদেহে ক'লে
আঁচনিৰ বিচনিৰ বাত শঁাত নপৰে দুখ।
[জলজাহ]
কবি
পৰিৱৰ্তিত সময়ৰ প্ৰতি সচেতন
, যি প্ৰভাৱিত
কৰে সম্পৰ্কক, গতানুগতিকতা ভাঙি সম্পৰ্কক নতুনকৈ বিচাৰ কৰে। সম্পৰ্কক
মাথো দূৰত্বলৈ ঠেলি নিদিয়ে, কাষলৈ চপায়ো
আনে নতুন ধৰণে --
সম্পৰ্কক নতুনকৈ সূত্ৰায়িত কৰে । এই নতুন
সম্পৰ্কৰ সাধুবোৰৰ প্ৰতি তেওঁ
কাণ উৎকৰ্ণ হৈ আছে, দৃষ্টিক কৰি ৰাখিছে সজাগ। অৱশেষত মানুহেতো
মানুহকেই বিচাৰে, বিচাৰে আপোনজনৰ
সহচৰ্য, পৰিৱৰ্তিত
সময়ৰ লগত নিজকে খাপ খুৱাই লয়,
গঢ়ি তেলে সম্পৰ্কৰ নতুন সূত্ৰ।
সেই কথা তেওঁ জানে। সেয়েহে
তাহানিকালত গাৱঁত চাইকেল
চলাই লঘোণতকৈও গধুৰ ককৰ্থনা পোৱা আইতাজনী আৰু নাতিৰ মাজৰ
সম্পৰ্কই লয় নতুন মোৰ --
ঢাপে ঢাপে সলনিৰ সাধু
আজি শুধ বগা তাহানিৰ কাজিলা - দাঁত
চাইবাৰ যুঁজত মৰে খেতৰ আৰু বাঁক।
................................................
.................................................
আইতাই চাই বেৰত একেটাই ঘড়ী
সলনি হৈছে ছন্দ শুনোতাৰ অৰ্থৰ ব্যাপ্তি
হাত এৰি বুজন নাতিৰ হাত ধৰি তেওঁ খেপিয়াই মানুহ মাটি
সলনিৰ সাধুত বিচিত্ৰ চৰিত্ৰ
সঁজাৰপৰা ওলাই অন্য এচা সাধুৰ সঁজাত সোমায়
আইতাই নাতিক সোধে কাণে কাণে
ইনবক সত আজি মোৰ মেইল আছেনে
(আইতা আৰু নাতিনীৰ সাধু )
আচৰিত নহয় যে, এনেকুৱা বিধস্ত সময়ৰ বিৱৰণী দিয়াৰ সময়তো কবিয়ে সন্ধান
কৰে প্ৰেমৰ -- যিহেতু প্ৰেম মানে বিশ্বাস
-- প্ৰেম নিচুকণিও। নৈপৰীয়া মানুহে ভলুকা বাহঁৰ গোঁজ পুতি
নৈৰ খহনীয়া ভেটিব খোজে
। নৈপৰীয়াৰ প্ৰিয়
বাৰীৰ ঢাপৰ ভলুকা বাহঁজুপিৰ গজালিৰ
দৰেই তেওঁ নোপোৱা
প্ৰেমক প্ৰতিপালন কৰিছে নিজস্ব কথকতাৰে
---
মোৰ কাষত পৰম বিশ্বাসেৰে তাই। বেয়াকে চাব
নোৱাৰোঁ চুব নোৱাৰোঁ
জাৰণি- শীতল বাটত বেলিটো মৰিবৰ বাবে কিমান যে বাট চালোঁ
এপলক আন্ধাৰ লাগে মোক। পুৱা আবেলি মৰে জানো বেলি·
বুকুখন ইমান বুৰ্বক। এফাকি বিহুনামেই যথেষ্ট
আছিল। দুচিৰাকৈ
দেখুৱাবলৈ ন'হল। মূৰটোও সমানেই
বুৰ্বক নে বুৰ্বকামিৰ প্ৰেম
কথাটো ভাল হ'ল নে ন'হল নুবুজোঁতেই তাই সিহঁত হ'ল
ভলুকা গজালিটো বুকুত ৰুই আলিছিগাত
ভৰি নথওঁ বুলি
গ'লগৈ দলঙৰ দেশলৈ, বাহজোপা
ডাঙৰ কৰাৰ ভাৰ মোৰ।
[জাংথনীয়া পানীত]
কবিয়ে কৈছে ‘এন্ধাৰতো ফুটে ফৰিং'। ফৰিং
ফুটা জোনাকৰ একেটাই বিৱৰণী।
কিন্তু কবিয়ে যেতিয়া এন্ধাৰতো ফৰিং ফুটে বুলি কয়, তেতিয়া
তাক সকলো অসূয়াৰ
বিপৰীতে এক প্ৰবল আশাবাদৰ
অপৰূপ চিত্ৰকল্প বুলি সহজতে ভাবি লোৱাৰ উপৰিও আহিব পাৰে তাৰ সুকীয়া বিৱৰণী । এন্ধাৰত
ফুটা ফৰিং হৈ উঠিব পাৰে মায়াপী।
যেনেকৈ, নামনি অসমৰ ৰাভা জনজাতিৰ লোককথাত এটি অসফল প্ৰেম কাহিনী আছে বসুন্দৰ
আৰু তচ্ছ্ৰায়ৰাজুৰ । এই
প্ৰেমকাহিনীত ছলনাৰ বলি হৈ বসুন্দৰে
বিৰাট সৰোবৰৰ পাৰৰ বিৰিণৰি বনত উৰি ফুৰা
মায়াপী ফৰিং কেঁচাই
কেঁচাই ভ ক্ষণ কৰি এটা বিৰাটাকায়
পক্ষীলৈ পৰিণত হয়, আৰু দেও দি
দি উৰি গুচি যায়। প্ৰেম হয় ব্যৰ্থ
। জীৱন প্ৰেমহীন হয়। কবিয়ে যেতিয়া এন্ধাৰত ফৰিং
ফুটাৰ শব্দবোৰ কয়, তেতিয়া মনলৈ ভহি আহিব খোজে ভোগবাদী সময়ৰ নিৰ্মম বাস্তৱতাই
গ্ৰাসি অনা ৰাভা লোককথাৰ
বিৱৰণীৰ সেই মায়াপী ফৰিঙৰ
সাধুৰ দৰে প্ৰেমহীন সময়ৰ কথা -- যি বাস্তৱতাক
তেওঁ বাৰে বাৰে তুলি ধৰিব খোজে
কবিতাৰে। সেই বাবেই হয়তো তুলি ধৰিব খোজে অৰণ্য
ধ্বংস কৰি মহানগৰ সাজি বাস কৰা
মানুহে ছাদত অৰণ্য পাতি চৰাইৰ সৰু সৰু ছুবুৰি সাজি দি
নিজকে প্ৰকৃতিপ্ৰেমী সজোৱাৰ
বিধ্বংসী হুতাহৰ কথা, অথবা চহৰৰ
বিলাসী ফ্লেটৰ আবাসীসকলৰ কঙালী জীৱনবোৰৰ কথা ।
গছবোৰ আঁতৰিলেও চৰাইবোৰ নগৰত থাকিল
ছাদত বাহ সজা চৰাইৰ কথা ভাবি
কিছুুমান গছ নগৰলৈ আহিল
...........................................
...........................................
অৰণ্যৰ গছ আইদেউৰ বিয়াৰ পালেঙৰ খুঁটি
সপোন সৰোৱা হাকুটি
আৰু এদিন চহৰখন গাওঁ চাবলৈ গ'ল
শুকান পথাৰে কান্দি - কাটি ডাৱৰ ভেটা পাহাৰক শাওপাত দিলে
বাজী পেটতো উদঙাই শিল জগোৱা পাহাৰে দুখেৰে ক'লে -----
গছ নোহোৱা মাটি কেৱল মাটি
বানে বৰষুণে ধুই থাকিলে
পাহাৰ খহিবলৈ কেইৰাতি
[গছ]
এনে বোধ আৰু উপব্ধিৰেই
কবিয়ে কৈ গৈছে কিছুমান অদৃশ্য নদীৰ কথা, তাৰ অদৃশ্য খহনীয়াবোৰৰ কথা। অদৃশ্য -- এইবাবেই যে,
প্ৰাত্যহিকতাত ব্যস্ত যান্ত্ৰিক
মানুহে বুকু জুৰি বৈ
থকা সেই নেদেখা নদীখনৰ কল-কলনি, গৰাবোৰ
সৰি পৰাৰ হুমুনিয়াহ চাবলৈ আহৰি
নাপায়, অনুভৱ নকৰে তাৰ নিৰন্তৰ
উপস্থিতি। কবিয়ে পাঠকক সেই নদীখন
আৰু সৰি পৰা গৰাবোৰৰ কথা সেঁাৱৰাই
দিয়াটো নিজৰ কৰ্তব্য বুলি বিবেচনা
কৰিছে। জনতাৰ নিভাঁজ সুখ আৰু দুখৰ অনুভুতিবোৰৰপৰা সাহিত্য
আঁতৰি অহাৰ সময়ত কবিয়ে উপলব্ধি
কৰা এই
দায়িত্ববোধ এক আশাৰ বতৰা। সকলোবোৰ ব্যঞ্জনাই
যে পাগত উঠিছে সেয়াও শুদ্ধ
নহয়। কিন্তু বুজা যায় যে, তেওঁ এক দীঘলীয়া যাত্ৰাৰ বাবে প্ৰস্তুত হৈছে
-- সুখৰ কথা যে, তেওঁৰ হাতত সময়ো আছে।
সাম্প্ৰতিক ৰংচঙীয়া জীৱনৰ বিকৃত
কোলাহল, সাহিত্যৰ
আচহুৱা উচৱৰ বতৰৰ
শীত-তাপ নিয়ন্ত্ৰিত কোঠাত
আড়ম্বৰপূৰ্ণ সভাগৃহৰ সৰৱ মেলাত যিসকলে
সাহিত্যৰ মূলসুঁতিৰ ভিতৰতে
থকা, নেদেখা এই নদীখনৰ বোধ আৰু কল- কলনিৰ
উপস্থিতিক উপেক্ষা কৰিব খোজে, তেওঁলোকে
কবিৰ বীক্ষাকো নিশ্চয়েই
উপেক্ষা কৰিব খুজিব।
কিন্তু আমি জানো,
আধুনিক অসমীয়া সাহিত্যৰ ভেটি নিৰ্মাণ
কৰি থৈ যোৱা জগত গুৰু শ্ৰীমন্ত
শংকৰদেৱেও সাহিত্যৰ নিৰ্মাণত প্ৰক্ৰিয়াত
সৰগীয় নন্দন- কাননৰ বৰ্ণণাত
অসমৰ গ্ৰাম্যজীৱনৰ চহা ছবিকেই আঁকি যুগমীয়া
কৰি থৈ
গৈছে --- মৰণহীন সাহিত্যৰ সাধনাৰ বাবে আজীৱন চহা-
গাৱঁলীয়া জনজীৱনৰ মাজতেই
জীৱন পাত কৰিছে।
জনজীৱনৰ ছন্দতেই আছে প্ৰাণস্পৰ্শী
সাহিত্যৰ সাৰবস্তু, হাঁহি আৰু কান্দোনৰ অনুপম ৰহঘৰা। এতেকে
কবিয়ে দিব খোজা বিৱৰণীবোৰৰ বাবে ভয় খাবলগীয়া নাই,
কিয়নো কবিতাৰ
সহৃদয় পাঠকে সদায়েই
বাট চাই ৰ' ব কবিতাৰ এই নেদেখা নদী আৰু নেদেখা
খহনীয়াবোৰলৈ এবাৰ হলেও উভতি
চাবলৈ ।