Thursday 2 May 2019

ৰাষ্ট্ৰীয় খাদ্য সন্মিলনৰ আহ্বান -- জৈৱিক কৃষি গণ- অভ্যাসত পৰিণত কৰক



দেশ এখনৰ স্বাস্থ্য  নিৰ্ভৰ কৰে দেশৰ মানুহৰ  স্বাস্থ্যৰ ওপৰত এক সুষম খাদ্যাভ্যাসেই  দেশৰ মানুহৰ প্ৰকৃত সম্পদ,  স্বাস্থ্যৰ  আধাৰ  কিন্তু  ভাৰতৰ  দৰে এখন দেশ,  যি  খাদ্যৰ  বিচিত্ৰতাৰ  বাবেই   বিখ্যাত, তেনে এক  দেশত  আটাইতকৈ  কম  প্ৰাধান্য পোৱা  দিশটোৱেই  হৈছে  দেশৰ  মানুহৰ  বাবে এক সুষম  খাদ্যাভাস   


খাদ্যাভাসৰ কথা কবলৈ যাওতে  আমি   আমাৰ পৰম্পৰাগত  কৃষিব্যৱস্থা,  কৃষিত প্ৰয়োগ কৰা  কীটনাশকৰ  ব্যৱস্থাপনা,  এক   শক্তিশালী  কীটনাশক  ব্যৱস্থাপনা  আইনৰ প্ৰয়োজনীয়তা,  জৈৱিক কৃষিকাৰ্য  এক  অভ্যাসলৈ পৰিণত   কৰিব পাৰিনে নোৱাৰি -- এই  প্ৰশ্নবোৰ যিদৰে সাঙোৰ খাই থাকে, সেইদৰে  সাঙোৰ খাই থাকে  জীৱন ধাৰণৰ  লগে লগে  সলনি হৈ  পৰা  আমাৰ পাকঘৰবোৰৰ চৰিত্ৰগত  বিশ্লেষণো  অথচ  এই সকলোবোৰ দিশ একেখন মঞ্চত আলোচনা কৰাটো  এক  কঠিন কাম  

যোৱা  মাৰ্চ মাহৰ ১৫ তাৰিখে  চেণ্টাৰ ফৰ  চায়েন্স এণ্ড এনভাইৰণমেণ্টৰদ্বাৰা   (চি এচ ) নতুন দিল্লীত  অনুষ্ঠিত  হোৱা  খাদ্য সম্পৰ্কীয়  ৰাষ্ট্ৰীয় সন্মিলনত  এনে  বহুতো  দিশৰ ওপৰত  আলোকপাত কৰা  হয়  সন্মিলনত  সত্তৰৰ দশকতে  আৰম্ভ  কৰা  শ্ৰীলংকাৰ  জৈৱিক কৃষিৰ  অভিজ্ঞতাৰপৰা আৰম্ভ কৰি,  আকুপাংচাৰ চিকিৎসা পদ্ধতিৰপৰা  অনুপ্ৰাণিত হৈ  ভাৰতৰ সুৰেশ দেশাই নামৰ  জৈৱিক কৃষকগৰাকীয়ে  সম্পৰীক্ষামূলকভাৱে   'ৰ্টি-পাংচাৰ  পদ্ধতিৰে  কিদৰে  গছৰ বিভিন্ন ৰোগৰ নিৰাময়ৰ লগতে   কম পৰিসৰৰ মাটিত খেতিৰ পৰিমাণ তিনিগুণলৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে,  তাৰ এক আকৰ্ষণীয়  বিৱৰণী দাঙি ধৰে   সন্মিলনত  সমান্তৰালভাৱে তিনিটাকৈ, অৰ্থাৎ  মুঠতে ছখন  অধিবেশনত  খাদ্য আৰু খাদ্য-সম্পৰ্কীয়  বিভিন্ন  দিশৰ  ওপৰত  আলোকপাত কৰা হয়

সন্মিলন মুকলি কৰি  চি এচ -  সঞ্চালকপ্ৰধান সুনীতা নাৰায়নে কয় যে, “খাদ্যৰ  সৈতে  পুষ্টি,  প্ৰকৃতি  আৰু   জীৱিকাৰ প্ৰশ্ন জড়িত হৈ  আছে  আমাক এক  কঠোৰ নীতিৰ  আৱশ্যক, যাতে আমি ৰয়াসনিক পদাৰ্থৰ লগতে  আমাৰ খাদ্যৰ ওপৰত কীটনাশক  আৰু এণ্টিবায়'টিকৰ প্ৰৱেশ ৰোধ কৰিব  পাৰোঁ, আৰু  নিজকে  অতি বেছি পৰিমাণে  চৰ্বি,  শৰ্কৰা   আৰু  নিমখৰপৰা নিৰাপদে  ৰাখিব  পাৰোঁ  

আধুনিকতাৰ  লগে লগে আমাৰ নগৰীয়া   পাকঘৰবোৰলৈ   অহা পৰিবৰ্তনসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ  কয় যে,  আধুনিক  জীৱনৰ   ব্যস্ততা  আৰু  মহিলাসকলে  চাকৰি কৰাৰ  অজুহাতত বিশেষকৈ নগৰৰ  পাকঘৰবোৰ বজাৰত সহজতে উপলব্ধ  অত্যধিক  চৰ্বি, শৰ্কৰা,   নিমখেৰে সমৃদ্ধ আৰু  ইতিমধ্যেই  তৈয়াৰ  হৈ  পেকেটত সোমাই থকা  খাদ্যৰে ভৰি  পৰিছে,  যিটো  দেশৰ মানুহৰ  স্বাস্থ্যৰ  বাবে  ভয়ানক  এই সন্দৰ্ভত    প্ৰচলিত কিছুমান  মৌখিক  বিৱৰণী   সলনি  ৰাৰ  সময় আহি  পৰিছে  বুলিও  তেখেতে উল্লেখ কৰে উদাহৰণস্বৰূপে  নাৰীবাদীসকলে  প্ৰায়েই কয় যে -- “নাৰীয়ে পাকঘৰৰপৰা ওলাই আহি  কাম কৰিব লাগে  কিন্তু  পৰিৱৰ্তিত পৰিবেশত নাৰীয়ে কাম কৰাৰ পক্ষে মত পোষণ কৰাৰ সমান্তৰালভাৱে   পুৰুষেও  নাৰীৰ দৰেই  ৰন্ধা-বঢ়া  কৰা উচিত'  বুলিও  কোৱাৰ সময় আহি  পৰিছে  

তেখেতে  কয় যে,  পুৰষে ৰন্ধা - বঢ়াৰ কামটোত  ঘৰৰ নাৰীগৰাকীক  সহায়ৰ  হাত আগবঢ়ালে   পাকঘৰলৈ বজাৰৰ তৈয়াৰী খাদ্য অবাধে  সোমাই  আহি  পৰিয়ালৰ স্বাস্থ্য অপকাৰ  হব পৰা পৰস্থিতিৰ বহুপৰিমাণে  অৱসান '   বহুক্ষেত্ৰত পুৰুষ এজনে ৰন্ধা- বঢ়া কৰাৰ  কামটো বেয়া নাপালেও আমাৰ  প্ৰচলিত  মৌখিক  বিৱৰণীত  পাকঘৰৰ কাম কেৱল মহিলাৰ বাবেই বুলি বিবেচিত হৈ থকাৰ বাবেই পুৰুষে  হাতত  সময় থাকিলেও  পাকঘৰলৈ নোসোমায় আকৌ,  নগৰ এলেকাৰ  বহুতো  কৰ্মৰত  নাৰীয়ে  আজিকালি  পাকঘৰৰ কাম  কৰাটোক হেয় বুলি বিবেচনা কৰে  ফলত গোটেই   পৰিয়ালটো পুষ্টিকৰ  আৰু সুষম  খাদ্যগ্ৰহণৰ পৰা বঞ্চিত হয়

সন্মিলনৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ  কৰি শ্ৰীলংকাৰপৰা  অহা  আৰু  এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰপাব্লিক হেলথ  এণ্ড ক্লিনিকেল ৰিচাৰ্ছ ফেল' আয়ানথি  কুৰুনাৰাথনেই   সত্তৰৰ দশকতে  শ্ৰীলংকাত আৰম্ভ কৰা জৈৱিক কৃষি পদ্ধতিৰ লগতে  প্ৰথম শ্ৰেণীৰ কীটনাশক বন্ধ কৰাৰ  পৰৱৰ্তী সময়ৰ  কৃষিৰ  সাফল্যৰ বিৱৰণী   দাঙি ধৰে তেখেতে কয় যে, শ্ৰীলংকাৰ  দশকৰ পিছত দশক জোৰা  জৈৱিক কৃষি পদ্ধতিৰ সাফল্যই প্ৰমাণ কৰিছে যে, জৈৱিক  কৃষি পদ্ধতিৰে কৰা খেতি আৰু ৰসায়নিক সাৰ তথা কীটনাশক প্ৰয়োগ কৰি কৰা কৃষি-পদ্ধতিৰ খৰছ সমান।  

তেখেতে কয় যে,  শ্ৰীলংকাত প্ৰথম শ্ৰেণীৰ   কীটনাশক  সত্তৰৰ দশকতে বন্ধ কৰি দিয়া হৈছে।  এইক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল যে, ভাৰতত প্ৰথমশ্ৰেণীৰ কীটনাশক এতিয়াও চলি আছে । কৃষিক্ষেত্ৰত এইবোৰ   জধে-মধে  প্ৰয়োগ কৰাৰ বিষময় ফলৰ উপৰিও  ভাৰতত প্ৰতি বছৰে আত্মহত্যাৰ প্ৰৱণতা থকা  হতাশাগ্ৰস্ত  বহুলোকে বছৰি  এনে কীটনাশক  সেৱন কৰিয়েই   মৃত্যুমুখত পৰে। কিন্তু ২০১৪ চনৰপৰা  নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোত এনে লোকৰ তথ্য সন্নিবিষ্ট কৰাৰ বাবে প্ৰয়োজনীয় শিতান এটা নৰখাৰ বাবেই এনেদৰে মৃত্যুমুখত পৰা লোকৰ তথ্য বৰ্তমানে পাবলৈ নাই। 

কৃষিত  কীটনাশক  দ্ৰব্যৰ লগতে মানুহে  আহাৰ হিচাপে গ্ৰহণ  কৰা  পশু-পক্ষীৰ ক্ষেত্ৰত জধে-মধে প্ৰয়োগ কৰা এণ্টিবায়'টিকৰ  প্ৰয়োগেও খাদ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। সমগ্ৰ ভাৰতৰ   কৃষিৰ ক্ষেত্ৰত কীটনাশক প্ৰয়োগ কৰাৰ ক্ষেত্ৰতেই হওক, অথবা মানুহে ভক্ষ হিচাপে গ্ৰহণ কৰা পশু- পক্ষীৰ (ব্ৰয়লাৰ কুকুৰা, গৰু, ছাগলী), অথবা  গাখীৰ হিচাপে গ্ৰহণ কৰা পশুধনৰ ক্ষেত্ৰত জধে-মধে প্ৰয়োগ কৰা এণ্টিবায়'টিকেই হওক --  এইবোৰে   আমাৰ স্বাস্থ্যৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ  সম্পৰ্কেও  অধিবেশনত আলোচনা কৰা হয়।  আমাৰ দেশৰ কৃষিবিভাগৰ অৱস্থা এনেকুৱা যেখেতিয়কে  কৃষি সম্পৰ্কীয় পৰামৰ্শৰ বাবে  গ্ৰাম-সেৱকজনক প্ৰয়োজনৰ সময়ত  কাষতে নাপায়।  সেয়েহে ৰসায়নিক সাৰেই হওক, বা কীট নাশকেই  হওক,   প্ৰয়োগ কৰিবৰ সময়ত খেতিয়কে  সততে   দোকানীজনৰ ওপৰতে নিৰ্ভৰ  কৰে। দোকানীয়েও বিক্ৰীৰ আশাত বেছি বেছিকৈ সাৰ বা কীটনাশক প্ৰয়োগ কৰিবলৈ খেতিয়কক প্ৰৰোচিত কৰে।  

সেইদৰে পশুধনৰ ব্যৱসায় কৰাসকলেও প্ৰয়োজনৰ সময়ত  পশু চিকিৎসকক কাষতে  নাপায় ।  এনে দৰৱ বিক্ৰী  কৰাসকলৰ ওপৰতে তেওঁলোক  ঘাইকৈ  নিৰ্ভৰ কৰে। বেমাৰ-আজাৰ হ'লে   পশুধনৰ হানি হৈ  লোকচান ভৰিবলগীয়া হোৱাৰ ভয়ত  তেওঁলোকে  অবাধ গতিত  এণ্টিবায়টিক  ব্যৱহাৰ  কৰে ।   বহুক্ষেত্ৰত পশুধনৰ  ওপৰত  প্ৰয়োগ কৰা এণ্টিবায়'টিকৰ ক'ৰ্চ সম্পূৰ্ণ নকৰে। এনে  খাদ্য  গ্ৰহণ  কৰাৰ পিছত  মানুহৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক  প্ৰভাৱ পৰাটো নিশ্চিত।   বহনশীল  খাদ্য উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰেহে  যে  সুষম খাদ্য  আৰু  জনসাধাৰণৰ স্বাস্থ্যৰ  মান অক্ষুণ্ণ ৰাখিব পাৰি, সেই বিষয়ে কৃষক অথবা উৎপাদকসকল  অৱগত নহয়।

জাংক ফুড', অৰ্থাৎ তেল-মচলাযুক্ত তৈয়াৰী আৰু পেকেটত ভৰাই থোৱা খাদ্যই শিশুৰ স্বাস্থ্যত পেলোৱা বিৰূপ প্ৰভাৱৰ লগতে বাহিৰৰ কোম্পাণীসমূহে শিশুৰ মনস্তত্বঃ অধ্যয়ন কৰি  প্ৰচাৰ  মাধ্যম,    ডিজিটেল নব্য মাধ্যম আৰু  বিজ্ঞাপনযোগে   সেই   মনস্তত্ব ব্যৱহাৰ কৰি কিদৰে স্বাস্থ্য অনুপযোগী  খাদ্যৰ প্ৰতি আসক্ত কৰি তুলিছে --  সেই  বিষয়টো  ৰাষ্ট্ৰীয় সন্মিলনখনে  উদ্বিগ্নতা  প্ৰকাশ কৰে।  বিশেষভাৱে নগৰত বাস কৰা বহুতো মাতৃয়ে আজিকালি সন্তানক টিফিনত দোকানৰ বস্তু দি পঠিয়ায় --  যিটো দীৰ্ঘকালত  স্বাস্থ্যৰ পক্ষে হানিকাৰক। শিশুৰ মেদবহুলতাৰ বিষয়তো  সন্মিলনে উদ্বিগ্নতা প্ৰকাশ কৰে।   বহুতো শিশুৱে আকৌ  খেলা- ধূলাত  মনোনিবেশ কৰে  আৰু বহুজাতিক কোম্পাণীসমূহে বিজ্ঞাপনৰ   মাধ্যমেৰে  এটা  ধাৰণা  সুমুৱাই দিব বিচাৰে যে, খেলা- ধূলা অথবা পঢ়া-শুনাত পাৰ্গত হবলৈ হ'লে সেই কোম্পাণীবোৰৰ  শক্তিবৰ্ধক পানীয়বোৰ শিশুসকলে গ্ৰহণ কৰাটো খুবেই  জৰুৰী।  ফলত, আপাতত কম  মূল্যত আৰু  অধিক  পুষ্টিসম্পন্নভাৱে   শিশুসকলে যে থলুৱা খাদ্যৰপৰা  প্ৰয়োজনীয়  খাদ্যপ্ৰাণ  আহৰণ কৰিব পাৰে  --  সেই  কথাটো  তল পৰি যায়।  

দেখা যায় যে,   যিকোনো ত্ৰীড়া - প্ৰতিযোগিতা  অনুষ্ঠিত হ'লে   বিজ্ঞাপনদাতাসকল  সততে  শক্তিবৰ্ধক পানীয়ৰ কোম্পাণীয়েই হয়।  সুস্বাস্থ্যৰ বাবে  জিমলৈ যোৱা আৰু  জিমলৈ যোৱাসকলে শক্তিবৰ্ধক পানীয় গ্ৰহণ কৰা -- এনে এটা ধাৰণা  মনত সুমুৱাই  দিবলৈ  অহৰহ চেষ্ট  কৰি থকা হৈছে । এনে বিৱৰণীয়ে আমাৰ পৰম্পৰাগত  কৃষিৰপৰা আহৰণ কৰিব পৰা সুষম খাদ্যপুষ্টি  আৰু  স্বাস্থ্যৰ  ওপৰত আলোচনা হোৱাৰ পথ প্ৰশস্ত নকৰে।   


ৰাষ্ট্ৰীয়  খাদ্য   সন্মিলনৰ আটাইতকৈ আকৰ্ষণীয়  অধিবেশনখনি  আছিল  জৈৱিক  কৃষিৰ।  অন্যতম সমল ব্যক্তি   কৰ্ণাটকৰ  জৈৱিক কৃষিৰ  খেতিয়ক  আৰু  প্ৰশিক্ষক  সুৰেশ   বি দেশায়ে  প্ৰুনিং  টেকনলজিৰে   সৰু  আকাৰৰ মাটিতে  তিনিগুণ  শস্যৰ উৎপাদন  আৰু   আকুপাংচাৰৰপৰা অনুপ্ৰাণিত হৈ  গছৰ  ভেঁকুৰ ধৰাকে ধৰি  বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে  হ'ৰ্টি-পাংচাৰ পদ্ধতিৰ এক অভিনৱ  উপস্থাপনাৰে তেওঁ  সকলোৰে মনোযোগ   আকৰ্ষণ  কৰিবলৈ সক্ষম হয়।  সন্মিলনত  অহা ২০ বছৰৰ  ভিতৰত  জৈৱিক কৃষি পদ্ধতিক  সমগ্ৰ দেশক এক আন্দোলন হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়। 

সমগ্ৰ দেশৰ বহুসংখ্যক কৃষি বিজ্ঞানী,   কীটনাশক ঔষধ  প্ৰস্তুতকাৰী  সংস্থাআই আই টি প্ৰতিষ্ঠানৰ শিক্ষকঅৱসৰপ্ৰাপ্ত উচ্চপদস্থ কৃষিবিষয়াসকল, এদল  জৈৱিক  পদ্ধতিৰ  কৃষকৰ  লগতে কেইজনমান সাংবাদিকে অংশ গ্ৰহণ কৰা এই সন্মিলনত জৈৱিক কৃষকসকলক কেইবাগৰাকীও  অংশগ্ৰহণকাৰীয়ে কৈছিল  যেজৈৱিকভাৱে উৎপাদিত  শাক-পাচলিবোৰ  বজাৰত সহজলভ্য নহয়। সেয়েহে জৈৱিক কৃষিৰে উৎপাদিত সামগ্ৰীৰ বজাৰ নাই। গতিকে  বিশেষকৈ নগৰ এলেকাত কোনোবাই  জৈৱিক পাচলি খাব  বিচাৰিলেও পোৱাৰ  সুযোগ নাই। তেতিয়া এজন  কৃষকে কৈছিল-- মহাশয়আপোনাৰ মনটোৱে যদি  জৈৱিক  পাচলি খাব বিচাৰে, তেনেহ'লে  খেতিয়কে  দুশ কিলোমিটাৰ দূৰৈত থাকি উৎপাদন কৰা  জৈৱিক পাচলিও আপোনাৰ দুৱাৰৰ  খটখটীৰ তলত পাই যাবহি, কিন্তু আপোনাৰ মনটোৱে যদি  এইসকল খেতিয়কৰদ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব নিবিচাৰে,   তেনেহ'লে খেতিয়কে  আপোনাৰ দুৱাৰৰ খটখটীৰ  তললৈ  সামগ্ৰী লৈ আহিলেও কাৰ্যত তেওঁলোক দুশ কিলোমিটাৰ দূৰৈতে ৰৈ যাব।”  এই  তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি  কৃষকগৰাকীয়ে কৈছিল যে, ভাৰতবৰ্ষৰ হাজাৰ বছৰীয়া কৃষি-পদ্ধতি সম্পূৰ্ণ জৈৱিককিন্তু কৃষি বিপ্লৱৰ  নামত   সত্তৰৰ  দশকৰপৰা বজাৰ নিয়ন্ত্ৰিত  আৰু  মাথো  এমুঠি মানুহক লাভাম্বিত কৰিব পৰা   ৰসায়নিক  সাৰ, কীটনাশক দৰৱৰ  প্ৰয়োগেৰে মাতৃস্বৰূপা মাটিৰ গুণাগুণ  ধ্বংস কৰি  যিধৰণৰ কৃষিকাৰ্যৰ পাতনি মেলা হ', সি ৫০ বছৰতে দেশৰ মানুহৰ স্বাস্থ্যলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে আৰু  এই  প্ৰত্যাহ্বান গ্ৰহণ কৰাটোৱেই এতিয়া সময়ৰ আহ্বান।  আকৌ, মাথোন  চাৰ্টিফিকেট নিৰ্ভৰ জৈৱিক কৃষি- পদ্ধতিয়েও এচাম  দালাল আৰু মাফিয়াৰহে জন্ম দিছে। 

সেয়ে   জৈৱিক কৃষি কৰা কেইজনমান খেতিয়কৰ কৃতকাৰ্যতাক  তুলি ধৰাৰ মাজেৰে নহয, সৰ্বস্তৰত জৈৱিক কৃষিক এক গণ -অভ্যাসৰূপে গঢ়ি তোলাৰ ওপৰত সন্মিলনে  গুৰুত্ব  দিয়ে। এই আহ্বানেৰেই সন্মিলনৰ সামৰণি ঘোষণা কৰা হয়।


ৰত্না ভৰালী তালুকদাৰ

দৈনিক জনমভূমি, সম্পাদকীয় পৃষ্ঠা, ৩ মে’,২০১৯ ত প্ৰকাশিত 

http://dainikjanambhumi.co.in/03052019/details.php?date=14-05-2014&page=4&article=2.jpg&cid=28664 

----