Sunday 28 April 2024

 

সামাজিক-ৰাজনৈতিক  সংবেদনা আৰু শ্ৰেণীদ্বন্দৰ পৃষ্ঠত  দিলীপ  ফুকনৰ  ইমে'ইজ (image) আৰু  মেটাফ'ৰবোৰে  (metaphor) অসমীয়া সাহিত্যক প্ৰদান কৰা ঋদ্ধি

 --ৰত্না ভৰালী তালুকদাৰ



গভীৰ সামাজিক-ৰাজনৈতিক সংবেদনাক  পৃষ্ঠত ৰাখি বোৱতী ধাৰাৰে লানি নিছিগাকৈ অহা  ইমে'ইজ (image)  আৰু মেটাফ'ৰবোৰে (metaphor) দিলীপ  ফুকনৰ  সাহিত্যক  গাঢ় কৰি তুলিছে।  অসমীয়া   কাব্যসাহিত্যৰ  এগৰাকী উল্লেখনীয় কবি  আৰু উপন্যাসিক দিলীপ ফুকনে তেওঁৰ সাহিত্যকৃতিৰ  মাজেৰে  আমাক কি দিলে বুলি প্ৰশ্ন কৰিলে, পোনচাটেই মনলৈ অহা উত্তৰটো  হৈছে  যে, একেবাৰে নতুন  ধৰণে  সৃষ্টি কৰা  ইমে'ইজ আৰু  মেটাফ'ৰবোৰৰ মাজেৰে কিছুমান হৃদয়বিদাৰক  কাহিনী নতুনকৈ লিখি  তেওঁ পাঠকক দিলে--যিবোৰ নিৰ্মম আৰু কৰুণ  হৈয়ো জীৱনদায়িনী আশাৰে বিধৌত।

সৃষ্টিশীল লোক এজনে, বিশেষকৈ কবিয়ে  মন পছন্দৰ একোটা  ইমে'ইজ  বা মেটাফ'ৰ বিচাৰি পাবলৈ দিন-ৰাতি একাকাৰ কৰি কালাতিপাত  কৰে--সততে নিৰ্জনতাত বাস  কৰে  আৰু  প্ৰায়েই  হতাশাত  বুৰ  যায়। এই নিৰ্জনতা  পলায়নবাদিতা নহয। এয়া  কোলাহলমুখৰ, নিৰ্মম  বাস্তৱতাৰপৰাই  নিজৰ  বাবে বিচাৰি  উলিওৱা  ক্ষণিকৰ সৃষ্টিশীল নিৰ্জনতাহে। এনে নিৰ্জনতাৰ কালত খূব  কম  সংখ্যক  সৌভাগ্যবান  কবি  অথবা সাহিত্যিকৰ হাততহে  কালৰ  সত্যক ধৰি ৰখা  সেই   ইমে'ইজ  আৰু  মেটাফ'ৰবোৰ বোৰে ধৰা দিয়ে--যিবোৰ সাহিত্যৰ গুণৰে সমাদৃত  আৰু একে আষাৰে পাঠকৰ মন জয় কৰিব পৰাকৈ অন্তৰস্পৰ্শীও। 

দিলীপ ফুকনৰ সাহিত্যৰ পঠনে আমাক সেইধৰণৰ পূৰ্ণতাৰ মাজলৈ লৈ যায়, যিখিনি ঠাইত উপনীত হ'লে ভাৱ হয় যে প্ৰকাশৰ মুখ দেখিবলৈ কবিৰ হাতলৈ কিছুমান ছবি অথবা প্ৰতীক  নিজে  নিজেই  আহি  উপস্থিত  হ'লহি--তেওঁ সেইবোৰ কষ্ট কৰি বিচাৰিবলগীয়া হোৱা নাই। এইবোৰ যেন উচ্ছল  বোৱতী সুঁতি।নিমজ। এটা কথা ঠিক যে, অসমৰ দৰে সুষমা-নিৰুপমা প্ৰকৃতিৰ মাজত থকা কবিৰ বাবে  কবিতাৰ পংক্তিলৈ  এইবোৰ তুলি  অনাটো  সিমান কঠিন কাম  নহয়--কিন্তু   কঠিন কাম হৈছে গভীৰ জীৱন সত্যৰ  মাজেৰে  একোখন ছবি, প্ৰতীক বা ৰূপকবোৰ পাৰ  কৰাই  অনাটোহে। দিলীপ ফুকনৰ  সাহিত্যত নিৰ্মাণ আছে। কিন্তু গভীৰ মানৱতাবোধ, নিম্নবৰ্গৰ  মানুহৰ প্ৰতি বিৰল মমত্বগাওঁ পাতি বাস কৰা মানুহবোৰৰ সহজাত জীৱনবোধ আৰু সৰলতাৰ প্ৰতি থকা অকুলতা, প্ৰকৃতিৰ সতে দীঘলীয়া সময়ৰবাবে একাত্ম হৈ থাকিব পৰা গুণবোৰে তেওঁৰ  কবিতা আৰু উপন্যাসৰ শাৰীবোৰক  আচৰিতধৰণৰ জীৱনীশক্তি প্ৰদান কৰিছে বাবে  নিৰ্মাণ  প্ৰক্ৰিয়াই অতি  স্বচ্ছন্দ্যে পাঠকৰ  হৃদয় স্পৰ্শ কৰে।

এই কামটো তেওঁ কিদৰে সম্ভৱ কৰি তুলিছে? কোনখিনি জেগাত তেওঁ সমসাময়িকসকলতকৈ  পৃথক। আৰু  অনন্য। এইখিনিতেই যেলোকজীৱনৰ সমগ্ৰতা  আৰু  লোকজীৱনে ধৰি ৰখা  প্ৰৱাহমান সংস্কৃতিক  গভীৰ অন্তৰ্দৃষ্টি  আৰু  মমতাৰে চাবলৈ তেওঁ যি চকুযুৰি ব্যৱহাৰ কৰিছে, সেই চকুযুৰি দ্বান্দ্বিক। সামাজিক-ৰাজনৈতিক চেতনাৰে(social-political consciousness) পুষ্ট।আৰু এবিধ সঁজুলি তেওঁৰ আছেযি সঁজুলি ব্যৱহাৰ কৰিব নাজানিলে  সামাজিক-ৰাজনৈতিক চেতনায়ো অভীপ্স লক্ষ্যৰ দিশে সঠিকভাৱে খোজ দিবলৈ নোৱাৰে--সেয়া  হৈছে প্ৰখৰ  শ্ৰেণীচেতনা। কিন্তু যিটো  কথাই আমাৰ দৃষ্টি কাঢ়ি নিয়ে সেয়া হৈছে সামাজিক-ৰাজনৈতিক চেতনা  আৰু  শ্ৰেণীচেতনাক   প্ৰখৰ কৰি তুলিবলৈ অলংকাৰ হিচাপে তেখেতে সাহিত্যলৈ লৈ আনিছে লোকজীৱন আৰু লোক-সংস্কৃতিৰ  বিৰল  অনুসন্ধিৎসা--যিটো একক। যাৰ অবিহনে হয়তো  গভীৰ  সামাজিক আৰু ৰাজনৈতিক চেতনা শ্ল'গানলৈ পৰিণত হৈ  পৰিলেহেঁতেন।

 কেইটিমান কবিতাৰ শাৰীঃ

সোমবৰী' নামৰ কবিতাটি কথাই ধৰা যাওক। সোমবৰী আদিবাসী মাতৃ। ৰুক্ষ।শুকান। অসহায়। কবিতাটিত এখন   ইতিহাস শায়িত হৈ আছে ।ইতিহাসৰ নিৰ্মাণৰ নিৰ্মম প্ৰক্ৰিয়াত কোন-কাহানিবাতে সোমবৰী ভূমিৰপৰা উৎখাত(uprooted)হৈছে। কিন্তু  কবিতাত এই  ইতিহাস লিখা হোৱা নাই। চেতনাৰ গভীৰ সামাজিক- ৰাজনৈতিক পৃষ্ঠত  এই   ইতিহাস  শুই আছে--যি অদৃশ্য হৈও দৃশ্যমান।  কবিতাত আছে সোমবৰীৰ কাহিনী।  আদবাসী মাতৃ সোমবৰীয়ে জন্ম দিছে সাতটাকৈ শিলৰ সন্তান।  দিলীপ ফুকনৰ কবিতাত শিল প্ৰায়েই  মৃত  অথবা পৰাজিত  মানুহৰ প্ৰতীক  হৈ উঠে।  কবিতাটোত ইমে'ইজ অৰ্থাৎ ছবি, আৰু মেটাফ'ৰ অৰ্থাৎ ৰূপকবোৰ এজাক ছিন্নমলূ মানুহৰ জীৱনৰ নিৰ্মম দুখ, ক্ষোভৰ মাজেৰে  ইমান  শৃংখলতিভাৱে ওপৰা-ওপৰি (overlapping) হৈ  গৈছে যে, এই ওপৰা-ওপৰিত  সোমবৰী বাস  কৰা সমাজখনৰ  প্ৰতিজন মানুহ  হৈ  পৰিছে অস্বাভাৱিক । অসংলগ্ন। সেই জীৱনক জীৱন বুলি কব পৰা যায়নে?  কবিতাটোৰ দৃশ্যগত(visual) উপস্থাপনা ইমান জীৱন্ত যে,  পাঠকে  অতি  ভয়ংকৰ পঠনৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়। এনে কবিতা শৰীৰত বা মননত  হজম কৰি দিয়া সহজ কথা নহয়।

দিলীপ ফুকনৰ  কবিতাৰ এটা বৈশিষ্ট  হৈছে  যে,  প্ৰায়েই  তেওঁৰ কবিতাৰ কিয়দাংশ উদ্ধৃতি নোৱাৰি। কিয়নো এটা  শব্দৰ সতে তাৰ পিছৰটো, এটা শাৰীৰপৰা তাৰ পিছৰটো ইমান মিহিকৈ নেদেখা সূতাৰে গথা হৈ থাকে যে,  ৰসঘন ইমে'ইজ তথা মেটাফ'ৰৰ ওপৰা-ওপৰিৰ বাবে টুকুৰা এটা ছিঙি লৈ পৃথকভাৱে ব্যাখ্যা আগবঢ়াব পৰা নাযায়। এনেক্ষেত্ৰত  সমগ্ৰ কবিতাটোকেই উদ্ধৃতিৰ  আওতালৈ আনিবলগীয়া হয়। বহুসময়ত তেওঁ কবিতাক ব্যাখ্যাতীত পৰ্যায়লৈ  লৈ  গৈছে। ইমান নিৰ্মম বিৱৰণী  ব্যাখ্যাই যেন সৰু কৰিহে পেলাব!তাতকৈ বাৰে বাৰে  মূল কবিতা পঠন কৰি ভয়ংকৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হোৱাই ভাল।  

 সোমবৰী

(নেপথ্যতঃ এঘাৰ মিলিয়িন চাহপাত উৎপাদনেৰে

কোম্পাণীৰ অভিলেখ স্থাপন/ বিশ্বৰ বজাৰত পালে সৰ্বোচ্চ দাম)

 

বাগিচাত বোনাছৰ বাতৰি বিয়পি পৰাৰ দিনটোতে

হয়, সেইদিনাই সোমবৰীয়ে প্ৰসৱ কৰিলে

সপ্তমটো শিলৰ শিশু।

শিলাপিণ্ডলৈ চাই তাই এসোপা থুই মাৰি দিলে।

 

যোচেফে  শুৱাই  থৈ আহিল সপ্তমটো শিলৰ সন্তান

মাটিৰ গৰ্ভত আৰু সাত গিলাছ ফটিকা পিলে/

সি আজিও মাদলৰ মাতহে শুনে,

তাৰ কম্পিত ক'লা উদং কলাফুল, তাৰ নষ্ট তনু ধৰি ৰখা

ছয়া-ময়া এজনীৰ সতে পাৰ নাচি নাচি হ'ল ওৰেটো বাট

কাল্পনকি কঁকালত ধৰি।

 

ধুনীয়া ধুনীয়া নাম দিলে সোমবৰীয়ে

ভূ- শায়িত সাতোটা সন্তানৰ,

কেঁচাপাত ছিঙি চটিয়ালে সঞ্জীৱনীজল

সাতোটাৰে  মূৰত।

 

তাইৰ হাতৰ আঙুলিবোৰ ঢৌ খেলি খেলি

ঢৌ খেলি খেলি যেন এখন হাৰমণিয়ামত আঙুলি বুলাইছে

বোবা কণ্ঠ ফাটি ওলাব খুজিছে এখন কজলা নৈ।

সোমবাৰে

সোমবৰীয়ে আকৌ এবাৰ থুৱাই দিলে।

অসমৰ চাহবাগিছা, ইয়ালৈ  লৈ অহা তাহানিৰ  প্ৰব্ৰজিত আৰু পৰাজিত মানুহবোৰৰ  তথ্য-পাতি, কবিতাগল্প-উপন্যাসেৰে সাহিত্যৰ  ভঁৰাল উপচি আছে। কিন্তু  গভীৰ সামাজিক-ৰাজনৈতিক চেতনাৰ পৃষ্ঠত শ্ৰেণীদ্বন্দৰ মাজেৰে উঠি অহা ‘সোমবৰী'ৰ  দৰে  নিৰ্মাণ, অনুসন্ধিৎসা আৰু দৰদ   প্ৰায় বিৰল বুলিবই পাৰি।

 অলৌকিক  এসন্ধ্যা'ৰ কেইটামান শাৰী তুলি দিয়াৰ লোভো সামৰিব নোৱাৰি--

 মাদল বাজিছে।

তিং লা তিতাংঃ ধিংলা ধিতাং

 

এই মাদল বাদক,গায়ক আৰু নাচনীহঁত মৰা।

কালি চুলাই সেৱন কৰি যিসকল মৰিল

তাৰ ভিতৰত ইঁহতো আছিল। ইঁহতৰ ডেডবডিবোৰ

এতিয়াও পৰি আছে। পুলিচ-প'ষ্টমৰ্টেম

মেডিকেল--এনেকুৱা কিছুমান ঝামেলা আছে,

সময় লাগিব। সুৰুঙা পাই ইঁহত অলপ ওলাই আহিছে

...

...

মাদল বাজিছে ।

সুহুৰি মাৰিছে। কামজুই  নুমাব নোৱাৰি কিছুমান দৰ্শক মঞ্চত উঠিছে।

হাত মেলি খেপিয়াই ফুৰিছে নাচনীৰ কঁকাল, বাৰে বাৰে শূন্যতাই এচাৰ মাৰি এৰুৱাইছে

হাত, বাৰে বাৰে খেপিয়াই ফুৰিছে কঁকাল।

'ত পাব কঁকাল? কঁকালবোৰ যে কালিয়েই হাৱা হৈ গ'?'

 

এনে তীক্ষ্ণ  দ্বান্দ্বিক  অন্তৰ্দৃষ্টি আছে লোকজ চেতনাৰে অহা ‘আয়তীসকল দৰে কবিতাত। ঐতিহ্যচেতনাত যেতিয়া দ্বান্দ্বিক অন্তৰ্দষ্টি সংশ্লেষিত হয়,  তেতিয়াই হয়তো কাব্যলৈ উঠি আহে নতুন ইমে'ইজ আৰু মেটাফ'ৰৰ এনে অনুপম শাৰী--

 কোন কাহানিবাতে মৰি এঙাৰ হোৱা আয়তীসকল

আকৌ ওললাহি,

মুখত ঐৰাম,..আকৌ সেই বিয়ানাম

দুৰ্বাঘাটে পানী তোলে...

 

সেই একেই--

কোনোবাগৰাকীৰ ডিঙিত গঁৰল

কোনোবাগৰাকী কূঁজা হৈ পৰা

কাৰোবাৰ ভৰিত শামুকীয়া।

পৰিত্যক্ত প্ৰাচীন ভাস্কৰ্যৰ দৰে তেওঁলোকৰ মুখবোৰ

 

ছাই আৰু ধোঁৱাৰে ধূসৰিত মুখবোৰ

অন্ধকাৰ গুহাৰ দৰে মুখবোৰ

মৰণৰ পাছতো ওৰণিৰে ঢকা আছিল।

পঢ়ি  থকাৰ সময়ত  কেতিয়াবা কেতিয়াবা   এইবোৰ  সাহিত্যৰ  stream of consciousness বাগধাৰাৰ  অন্তৰ্মুখী চেতনাৰ   স্বগতোক্তি  বা স্ব-কথনৰ (monologue) দৰে  শোকৰ  অন্তহীন  গাথা যেন  লাগে। যদিওদৰাচলতে এইবোৰ আহৰিত হৈছে   গভীৰ  সামজিক-ৰাজনৈতিক  প্ৰেক্ষা  আৰু দ্বান্দ্বিক চেতনাৰপৰাহে।

 নাৰীৰ  প্ৰতি থকা সন্মান,   বিৰল  সংবেদনাৰ বাবেই  বহুতো সফল কবিতাই তেওঁৰ হাতত  আশ্বৰ্যকৰ নিৰ্মাণ লাভ কৰিছে। এইবোৰ মাথোন উপৰুৱা ইননি-বিননি নহয়। উপযুক্ত  আৰু প্ৰাসংগিক  প্ৰেক্ষাত এইবোৰ  প্ৰতিষ্ঠা কৰা হৈছে। দ্ৰৌপদী,   তৰমূজ কুঁৱৰীৰ সাধুৰ দৰে কবিতা পাহৰিব নোৱাৰা অভিজ্ঞতা। পাঠকে উমান পায়, মাথোন সাহিত্যিকৰ  নাৰীকেন্দ্ৰিক তৰাং gossip বা পৰচৰ্চাৰ মাজেৰে তেওঁ  নাৰীৰ বেদনা উপলব্ধি কৰিবলৈ বিচৰা নাই।  দিলীপ ফুকনৰ  নাৰীকেন্দ্ৰিক  কবিতাৰ  পঠনে আমাক   নাৰীৰ ‘ঐতিহাসিক পৰাজয়ৰ'ৰ দৰে নাৰীবাদী তত্বৰ মাজলৈ অজানিতে লৈ যায়।  ‘শিলাচ্ছবি' নামৰ বহুচৰ্চিত কবিতাচিত  ঐতিহ্য চেতনাৰ সমান্তৰালধাৰাৰে এনে  সংবেদনাহ  কিদৰে  জীৱনদায়িনী শব্দ লৈ আহিছে  তাক চাবলৈ কেইটিমান শাৰীয়েই যথেষ্ট

 

‘দ-পৰ্বতীয়াৰ সেই ছোৱালী দুজনীক লৈ

কেইদিনমান ভাল জমিলে।

দুজনী শিলৰ কন্যা

নাম গঙ্গা যমুনা

কাগজত এটা বিজ্ঞাপন ওলাল

গঙ্গাক দৰা লাগে কাষ্ট ৰিলিজিয়ন ন' বাৰ

যমুনাক  চাকৰি লাগে

শতাব্দী শতাব্দী জুৰি থিয় হৈ থকাৰ অভিজ্ঞতা আছে'

এইদৰেই  কবিয়ে পাঠকক এক বিস্ময়কৰ সংবেদনাৰ বাটেৰে লৈ  যায়। অৱশ্যে সকলো কবিতাই এনেকুৱা বিস্ময়কৰ কাহিনী আমাক কোৱা নাই। কিন্তু দিলীপ ফুকনে অসমীয়া সাহিত্যত সামাজিক-ৰাজনৈতিক-দ্বান্দ্বিক-নাৰীবাদ- প্ৰকৃতিপ্ৰেম-লোকজ আৰু  ঐতিহ্যচেতনা  আদি  বিভিন্ন  বাগধাৰাৰ আলোকেৰে পঢ়ি চাব পৰাকৈ এলানি সাৰ্থক কবিতা আমাৰ হাতত তুলি দিছে। তেওঁৰ প্ৰতিটো কবিতাই linear কথনশৈলীৰ  সীমাবদ্ধতাক অতিক্ৰম কৰিব পৰাটোও এটা সুখৰ কথা। কিয়নোএনেধৰণৰ প্ৰেৰণাদায়ী কবিতা  মাথোন কবিতাই নহয়, বৰঞ্চ নতুন প্ৰজন্মৰ কবিৰ  বাবে এই কবিতাবোৰ একোখন কৰ্মশালাৰ দৰেও । 

দৈৱাৎ এহালি দেওহাঁহ, দুনাই অগ্নিত আখৈ ফুটে, দৈকলা সাঁতোৰে য', জলপদুমৰ পানচৈ  আদিৰ দৰে  গ্ৰন্থৰ নামাকৰণৰ বাবে যিসকলে দিলীপ ফুকনৰ সাহিত্যত মাথোন ঐতিহ্যবাহী, লোকজ চেতনাহে দেখা পায়--তেওঁলোকে  এনেধৰণৰ সাহিত্যৰ  বিচিত্ৰতাক সীমাবদ্ধ কৰি পেলোৱা যেনহে  লগে।

 জলপদুমৰ পানচৈঃ

 দিলীপ  ফুকনৰ ‘জলপদূমৰ পানচৈ' হৈছে এখন অনুপম লীৰিকেলধৰ্মী (Lyrical) উপন্যাস, 'ত জীৱন হেৰুওৱা এচাম মানুহৰ জীয়াই  থকাৰ সংগ্ৰামৰ সতে তেওঁলোকৰ  অধিকাৰৰ  প্ৰতিষ্ঠাৰ এখন বিৰতিবিহীন  সংগ্ৰাম  সমান্তৰাল  ধাৰাৰে  আগবাঢ়ি  আহিছে  আৰু  দুয়োখন  সংগ্ৰাম  কাবি্যক কথকতাৰ মাজত একাকাৰ  হৈ  গৈছে। ইয়াত আছে  কৃষকৰ বেদনা। গাওঁ পাতি  বাস কৰা এজাক  মানুহে  গাওঁ হেৰুওৱাৰ বেদনা। তেওঁলোক কৃষিজীৱি। কেতিয়াবা তেওঁলোকৰ গাওঁবোৰ নদীয়ে ভাঙিছে, কেতিয়াবা মানুহৰ নিষ্ঠুৰতাৰ বাবে তেওঁলোক  নিজৰ বসতিৰপৰা উৎখাত হৈছে।

মানুহৰ  থাকে  গাওঁ পাতি নিগাজিকৈ  বাস কৰাৰ চিৰকলীয়া হেঁপাহ আৰু  আকুলতা। শইচে -মৎসে অনুপম  গাওঁ একোখনে এতিয়াও ধৰি ৰাখে  মানুহৰ  প্ৰাচীন  সভ্যতা। কিন্তু গাওঁ  উচন যায়। কেতিয়াবা  বাহিৰা শক্তিৰ আক্ৰমণত, কেতিয়াবা মাৰি-মৰকত, কেতিয়াবা নদীয়ে গাওঁ  ভঙাৰ  বাবে আৰু কেতিয়াবা নিজৰ  মানুহৰেই  আক্ৰোশত।  তথাকথিত প্ৰভাৱশালী গোষ্ঠীয়ে subdued বুলি মোহৰ মাৰি দিয়া এই গাওঁ পাতি বাস কৰা নিৰন্ন মানুহৰ জীৱন কিমানধৰণে যে  সমৃদ্ধ  হ'ব পাৰে!এধনি এধানি জীৱনত  থাকিব পাৰে কত সাঁথৰ। লোকগাথা। আৱেগ আৰু  হেঁপাহ। এটি  প্ৰজন্মৰপৰা আন  এটি  প্ৰজন্মলৈ এইবোৰ বাগৰি আহে। নিৰ্মাণ হয় একোটা সংস্কৃতিৰ।  নিৰ্মাণ হয় গাওঁকেন্দ্ৰিক সভ্যতাৰ। নিৰ্মাণ হয় জীৱন। জীৱনে পাৰ ভাঙি যায়।

সেই গাওঁ যেতিয়া হেৰায়, মানুহে  হেৰুৱায়  আজন্মৰ  বসতিস্থল আৰু খেতিৰ পথাৰ-- আৰু সৰ্বোপৰি ন্যস্তস্বাৰ্থজড়িত  মানুহৰ ষড়যন্ত্ৰই যেতিয়া ভাঙি দিয়ে সকলো প্ৰতিবাদ আৰু প্ৰতিৰোধ--তেতিয়া গাওঁ  পাতি বাস কৰা  মানুহবোৰৰ কি হয়? মানৰ আক্ৰমণৰ কালৰপৰা  দেশে স্বাধীনতা লাভ  কৰাৰ পিছলৈকে এচোৱা বিস্তৃত সময়ক সামৰি লৈ ধনশিৰি-ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক ঠাইখণ্ডত বাস কৰা মানুহবোৰৰ জীৱনৰ সংগ্ৰাম আৰু প্ৰতিৰোধ  কেতিয়াবা  প্ৰকৃতিসৃষ্ট  আৰু কেতিয়াবা মানৱসৃষ্ট ষড়যন্ত্ৰ আৰু আক্ৰোশত বাৰে বাৰে পৰাজিত হৈ পৰাৰ অনুপম  কাহিনীয়েই হৈছে  ‘জলপদুমৰ পানচৈ'। প্ৰখৰ সামাজিক-ৰাজনৈতিক চেতনা, শ্ৰেণীচেতনালোকসম্পদৰ অনুপম ব্যৱহাৰৰ মাজেৰে  জীৱন-মৰণ-প্ৰেম-প্ৰতিবাদ-প্ৰতিৰোধ-শঠতা-ষড়যন্ত্ৰৰ অনুপম  দলিল হৈ  উপন্যাসৰ কাহিনীয়ে গতি কৰিছে।

 উপন্যাসৰ পঠনে আমাক কয় যে মানুহৰ বাবে জীৱন-মৰণৰ সংগ্ৰামখন, প্ৰতিবাদ আৰু প্ৰতিৰোধবোৰেই জীৱনৰ  সাৰকথা। জয় অথবা পৰাজয় নহয়। জয়-পৰাজয়ৰ হিচাপ নথকা এনে সংগ্ৰামী কাহিনী কবলৈ আচলতে প্ৰয়োজন হয় লেখকৰ একধৰণৰ নিজস্ব  দৰ্শনৰ। হয়। ইয়াত তেওঁ মানুহৰ সংগ্ৰাম, প্ৰতিবাদ আৰু প্ৰতিৰোধ আনিছে। কিন্তু সেয়া তত্ব আধাৰিত নহয়। প্ৰতিকূল  প্ৰকৃতি- যি একেধাৰে সৰ্বশক্তিমান আৰু ক্ষয়ংকৰীঅসহায় মানুহবৰ্ণবাদী চেপেনা, মানুহৰ শঠতা আদিৰ পৃষ্ঠত এইবোৰ  দুখ-হতাশা-ক্ষোভৰ মাজেৰে লাভাৰ দৰে উদগীৰণ হৈছে। আৰু অসহাসয়তাৰ  অতল সাগৰত বাৰে বাৰে বুৰ গৈছে।কিমান যে কৰুণ! লগতে চৰকাৰী উন্নয়নৰ তত্ত্বকো উপন্যাসৰ কথকতাই  সমানেই  contest কৰিছে, প্ৰত্যাহ্বান জনাইছে। বান-গৰাখহনীয়াৰপৰা হাত সাৰিবলৈ মথাউৰি নিৰ্মাণ  উপযুক্ত ব্যৱস্থা হয়নে? এনে  প্ৰশ্নবোৰ ইয়াত আছে। আৰ্থিক সংকটৰ চেঁপাই সততাৰে  জীৱন কটাব বিচৰা বৰ্ণবাদী প্ৰতিভূসকলকো আজি  ক'লৈ লৈ গৈছে?এনেকুৱা বহুতো নিকৰুণ ছবিৰে উপন্যাসখনৰ পাত ভৰি আছে। লোকজ চেতনাৰপৰা আহৰিত আৰু  গৱষেণালব্ধ  অসংখ্য উপমা, আচাৰ-নীতি, গীত-মাত, সাঁথৰ, পুৰাকথাৰ  মাজেৰে এই কথনে অনন্য বিস্তাৰ লাভ কৰিছে বুলি কব পাৰি। অসমীয়া সাহিত্যৰ যিসমূহ সৃষ্টিৰ কথনত সমাজৰ অনুচ্ছাৰিত আৰু অনুচ্ছ কণ্ঠক গভীৰ মমতাৰে  সবলভাৱে  তুলি ধৰা হৈছে, সেইবোৰৰ ভিতৰত ‘জলপদুমৰ পানচৈ' অন্যতম  বুলি কব পাৰি।

তেনেহ'লে উপন্যাসখন কোনোবাখিনিত ব্যৰ্থ  হৈছে নেকি? ব্যৰ্থ হোৱা নাই। বিশেষকৈ  তলসুঁতীয়া সমাজখনৰ  ছন্দোময় জীৱনৰ উখল-মাখলবোৰৰ অলেখ অচিনাকি দিশ গভীৰ অন্তৰ্দৃষ্টিৰে  উপলব্ধি কৰি, সাহিত্যত  উপযুক্ত মান-মৰ্যদাৰে সেইবোৰ প্ৰতিষ্ঠা কৰি তেখেতে এক মহৎ কৰ্ম সম্পাদন কৰিছে। তথাপি,   কবলৈ গ'লে কবিতাত গভীৰ সামাজিক- ৰাজনৈতিক পৃষ্ঠত   ইমে'ইজ  বা  মেটাফ'ৰ  সৃষ্টিত কবি দিলীপ ফুকনে  যিমান পৰিমাণে  একাগ্ৰ সাধনাৰ  প্ৰমাণ দিছে, উপন্যাসৰ ক্ষেত্ৰত সেয়া প্ৰতিফলিত হোৱা নাই।  বহুসময়ত এইবোৰ বাহুল্য  হৈছে আৰু ক'ৰবাত উপৰুৱাও হৈছে। ‘নিৰ্মাণ' (construct) হোৱাৰ বিপৰীতে ‘উল্লেখ' (documentation)হৈ পৰিছে।  আৰু মূল  বক্তব্যক  ঢাকি  ধৰিছে। ক্ষেত্ৰ-অধ্যয়নৰ মাজেৰে তুলি অনা  সাহিত্যত কেতিয়াবা এনে হয়। বহু  কষ্টে  তুলি  অনা  উপাদান  এৰিবলৈ সত  নাযায়, ফলত  কেতিয়াবা সি মূল বক্তব্যক ঢাকি ধৰে। আচলতে এইবোৰ সাহিত্যৰ  অলংকাৰহে । অলংকাৰ যিমানলৈকে সুন্দৰ, ঢিলা-সোলোকা  নোহোৱাকৈ  যিমান নিখুঁতভাৱে  প্ৰয়োগ কৰিব পাৰি--ঠিক  তালৈকেহে ভাল লাগে। অলংকাৰৰ বহুল পয়োভৰে সৌন্দৰ্য বৃদ্ধি নকৰে, বহুক্ষেত্ৰত হানিহে কৰে।

দিলীপ ফুকনৰপৰা ভবিষ্যতে শব্দৰ এনে আশ্বৰ্যকৰ নিৰ্মাণ অধিক সণ্ঢালনিকৈ পাম  বুলি  আশা  কৰিলোঁ।

-----



Wednesday 17 April 2024

 

নব্বৈৰ দশক, পৰিচিতি সত্তাৰ আন্দোলন, বিশ্বায়ন, নব্য উদাৰবাদী অৰ্থনৈতিক নীতিৰ আলোকত অসমীয়া গীতি সাহিত্য: ৰমন্যাসিক বিদ্ৰোহৰ(Romantic rebellion)পৰা ৰমন্যাসিক বিষণ্ণতালৈ(Romantic melancholy)ওভতনি যাত্ৰা নেকি!



নব্বৈৰ দশক, পৰিচিতি সত্তাৰ আন্দোলন, বিশ্বায়ন, নব্য উদাৰবাদী অৰ্থনৈতিক নীতিৰ আলোকত অসমীয়া গীতি সাহিত্য: ৰমন্যাসিক বিদ্ৰোহৰ(Romantic rebellion)পৰা ৰমন্যাসিক বিষণ্ণতালৈ(Romantic melancholy)ওভতনি যাত্ৰা নেকি!

নব্বৈৰ দশকটো অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক কেইবাটাও দিশৰপৰা অতিকৈ গুৰুত্বপূৰ্ণ । আশীৰ দশকৰ  অসমৰ ৰাজনৈতিক প্ৰেক্ষাই নব্বৈৰ দশকত পৰিচিতি সত্ত্বাৰ আন্দোলনৰ মাজেৰে জলন্ত ৰূপ গ্ৰহণ কৰে। স্বাধীন অসমৰ সশস্ত্ৰ সংগ্ৰাম, পৰ্বত-ভৈয়ামৰ  সৰু-বৰ জাতি-জনগোষ্ঠীসমূহৰ পৰিচিতি সত্ত্বাৰ আন্দোলনৰ গণতান্ত্ৰিক আৰু সশস্ত্ৰ প্ৰকাশ, ৰাষ্ট্ৰৰ ষডযন্ত্ৰ, পৰস্পৰৰ অবিশ্বাস, গুপ্তহত্যা আৰু নিৰ্বিচাৰ মুক্তহত্যাৰ সৰ্বনাশী পৰিবেশে ৰাজনৈতিক আকাশ কঁপাই তুলিছিল। উগ্ৰপন্থী কাৰ্য-কলাপ, গোষ্ঠী-সংঘাত, সেনা অভিযানেৰে পৰিপূৰ্ণ নব্বৈৰ দশকৰ সেই ভয়াবহ দিনবোৰৰ কথা আজি মনত পেলাবলৈ আৰু মন নাযায়!

সেই নব্বৈৰ দশকৰ আৰম্ভণিতে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা বিশ্বায়ন আৰু নব্য উদাৰবাদী অৰ্থনৈতিক নীতিয়ে আনি দিয়া সুযোগ আৰু প্ৰত্যাহ্বানে অসমৰ বিশেষকৈ যুৱ প্ৰজন্মক বিশেষভাৱে প্ৰভাৱিত কৰিছিল নতু উদাৰবাদী অৰ্থনীতিয়ে প্ৰতিশ্ৰুতিৰ লগতে পৰম্পৰাগত প্ৰমূল্যবোৰলৈ কঢ়িয়াই আনিছিল শংকা। তীব্ৰ প্ৰতিযোগিতা, যোগ্য-ভোগ্যা বসুন্ধাৰাৰ নীতিৰে সমাজ ব্যক্তিকেন্দ্ৰিকতাৰ ফালে আগবাঢ়িল। সশস্ত্ৰ সংগ্ৰাম এচামৰ বাবে উদ্যোগলৈ পৰিণত হ’ল। ৰাজনৈতিক প্ৰেক্ষা ক’লীয়া ডাৱৰে ঢাকি ধৰাত এহাতে সংস্থাপন আৰু আনহাতে কিছু সুখ-স্বাচ্ছন্দ্যৰ জীৱন বিচাৰি অসমৰ ডেকাশক্তি বাহিৰলৈ প্ৰব্ৰজিত হবলৈ বাধ্য হ’ল। এওঁলোকৰ কোনো কোনোৱে দক্ষ মানৱসম্পদ (skilled manpower)হিচাপে প্ৰব্ৰজিত হ’ল ৰ্প’ৰেট খণ্ডউজ্জ্বল ভবিষ্যতৰ প্ৰতিশ্ৰুতি থকা চাকৰিবোৰ কৰিবলৈ। কোনো কোনোৱে অদক্ষ শ্ৰমিক (unskilled labourer) হিচাপে প্ৰব্ৰজিত হ’ল হোটেল, ৰেষ্টুৰেণ্ট, কাঠমিস্ত্ৰি, ৰাজমিস্ত্ৰি, যোগালি, বিউটি পাৰ্লাৰ আদি বিভিন্ন ক্ষেত্ৰসৰু সৰু কাম কৰিবলৈ। উচ্চশিক্ষা লাভৰ বাবেও বহুতেই দেশ-বিদেশলৈ ঢাপলি মেলিলে।কবলৈ গ’লে দক্ষ মানৱসম্পদেই হওক বা অদক্ষ শ্ৰমিকেই হওক তেওঁলোক আছিল মূলতঃ অসমৰপৰা প্ৰব্ৰজন কৰা যুৱশক্তি, যিসকলৰ  উভতি অহাৰ সম্ভাৱনা কমেই আছিল।লাখে লাখে এনেকৈ যুৱশক্তি ওলাই যোৱাৰ ঘটনা নব্বৈৰ দশকতেই আৰম্ভ হৈছিল। দূৰণিত তেওঁলোকৰ বাবে কাষত আছিল আপোনজনক এৰি থাকিবলগীয়া হোৱাৰ বেদনা।

হঠাতে অহা এই পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰভাৱ সাহিত্যত কিদৰে প্ৰতিফলিত হ’ল, সেই বিষয়ে যদি আজি উভতি  চাওঁ, তেনেহ’লে দেখা পাম যে লব্ধ-প্ৰতিষ্ঠিত অসমীয়া কবি-সাহিত্যিকে কাব্য, গল্প বা উপন্যাসৰ মাজেৰে এই কালন্তক সময় সাহিত্যত ধৰি ৰাখিবলৈ সক্ষম হ’ল। নব্বৈৰ দশকত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দৰে সম্পাদকৰ হাতত ‘গৰীয়সী’ৰ পাতত কবি-সাহিত্যিকসকলে নিজকে প্ৰকাশ কৰিবলৈ লাভ কৰিলে অবাধ স্বাধীনতা। এই বিষয়ে কিছু কথা ইতিমধ্যেই লিখা হৈছে। কবলৈ গ’লে অসমীয়া সাহিত্যৰ ‘ৰামধেনু’ যুগৰ এঙামুৰি ভাঙি দিলে নব্বৈৰ দশকৰ সাহিত্যই—এই দশকৰপৰাই সাহিত্যই এক নতুন দিশে গতি কৰিবলৈ ল’লে। অসমীয়া কবি-সাহিত্যিকসকলে সেই সময়ৰ সংঘাতময় পৰিবেশক সাহিত্যলৈ ইমান সজোৰে তুলি আনিলে যে conflict literature বুলি এটা বাগধাৰাৰেই সৃষ্টি হ’ল। এই স্ৰোত এতিয়াও প্ৰৱহমান হৈ আছে। নতন নতুন গৱেষকে এই ধাৰাৰ সাহিত্যৰ ওপৰত গৱেষণা কৰিবলৈ এতিয়াও আগবাঢ়ি আহিয়েই আছে।

এই সৃষ্টিসমূহৰ সমান্তৰালভাৱে গীতি-সাহিত্যৰ ধাৰাটোৱে আগবাঢ়িব পাৰিলেনে?আচৰিত কথা এয়ে যে, নব্বৈৰ দশকৰ সেই সংঘাতময় পৰিবেশৰ প্ৰকাশ এটা সুনিৰ্দিষ্ট বাগধাৰা হৈ অসমীয়া গীতি-সাহিত্যত প্ৰতিফলিত ন’হল। 

কিয়? 

গীতি-সাহিত্য অসমীয়া সাহিত্যৰ অন্যতম  সমৃদ্ধিশালী অংশ। লোকগীত, বনগীত, বিহুনাম, আইনাম, ধাইনাম, বিয়ানাম, ফুলকোঁৱৰৰ গীত, বাৰীকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, মণিৰাম দেৱানৰ গীতৰ দৰে পৰম্পৰাৰপৰা উঠি অহা সমৃদ্ধ গীতসমূহক বাদ দিলে আধুনিক গীতি-সাহিত্যৰ ধাৰাৰ দিশলৈ  চকু দিলে দেখা যায়  যে, মুষ্টিমেয় সংখ্যক গীতক বাদ দিলে অসমৰ গীতি-সাহিত্যৰ সৰহভাগেই একধৰণৰ ৰমন্যাসিক বিষণ্ণতাকেই(Romantic melancholy)প্ৰতিফলিত কৰিছে। অপূৰ্ব, সুন্দৰ শব্দচয়নেৰে জাতীয়জীৱন বা গ্ৰাম্যজীৱনৰ খণ্ডিত অথবা সামগ্ৰীক ছবি একোখনৰ ৰোমাণ্টিক প্ৰতিফলন থকা গীতসমূহৰেই পয়োভৰ বেছিকৈ দেখা যায়। ৰমন্যাসিক বিষণ্ণতা(Romantic melancholy)ধাৰাত সমাজ পৰিবৰ্তনৰ মোহন মন্ত্ৰৰ প্ৰকাশ নাথাকে, বৰঞ্চ  ভাললগাৰ এক বিষাদময় আৱেশে শ্ৰোতাক মুহি ৰাখে। আধুনিক অসমীয়া গীতি-সাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালাৰপৰা আৰম্ভ কৰি পাৰ্বতি প্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈৰ দৰে স্বনামধন্য গীতিকাৰসকলে লিখা গীতসূহৰ সৰহভাগেই ৰমন্যাসিক বিষণ্ণতাৰ অপৰূপ ধাৰাক প্ৰতিনিধিত্ব কৰিছে। অৱশ্যে চহা লোকশিল্পীয়ে সমাজে বান্ধি দিয়া নিয়ম চেনেহ জৰীৰে ছিঙি পৰিবৰ্তনৰ কথাও কেতিয়াবা নোকোৱা নহয়। আমাৰ বিহুনামতে আছে-

“তোলৈ চাওতে   জপনা দেওতে

বিন্ধিলে অঘৈয়া হুলে,

তোৰো মনে গ’ল  মোৰো মনে গ’লে

কি কৰিব কলিতা কূলে”।

 

উপযুক্ত ৰাজনৈতিক প্ৰেক্ষাত সচেতনভাৱে “ব’ল ব’ল ব’লকৃষক শক্তি দলঅ’ বনুৱা সমনীয়াআগবাঢ়ি যাওঁ‌ ব’, “স্বাধীনচিতীয়া, হালোৱা ডেকা-ৰণুৱা”-ৰ দৰে সমাজ ৰূপান্তৰৰ গীতেৰে বিষ্ণুপ্ৰসাদ ৰাভা, ‘সুমলাৰ জীয়েকক চাবলৈ আহিলোঁ, সোণাপুৰত কিহবাৰ জুই’ৰ দৰে গীতৰ সৃষ্টিৰে কেশৱ মহন্তই অসমীয়া গীতি-সাহিত্যত ৰমন্যাসিক বিষণ্ণতাৰ এঙামুৰি ভাঙি দি সমাজ ৰূপান্তৰৰ গীত ৰচিলে। সংগীত সূৰ্য ভূপেন হাজৰিকাই বিংশ শতিকাৰ চল্লিছৰ দশকৰপৰাই সমাজ ৰূপান্তৰৰ মোহন মন্ত্ৰ থকা গীতৰ সৃষ্টিক এককভাৱেই এটা বিপ্লৱৰ দিশে আগুৱাই লৈ গ’ল। ১৯৩৯ চনত মাত্ৰ তেৰ বছৰ বয়সত নিজে লিখা দ্বিতীয়টি গীত ‘অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম’ শীৰ্ষক গীতটি আছিল অসমৰ গীতি সাহিত্যৰ অভিনৱ প্ৰকাশ। সেই তেতিয়াৰেপৰাই ভূপেন হাজৰিকাই দশকৰপৰা দশকৰ পিছত দশক ধৰি সমাজ ৰূপান্তৰৰ লগতে গভীৰ আশাবাদৰ গীতেৰে অসমীয়া গীতি সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিলে।কি নাই তেওঁৰ গীতত! এই অবিস্মৰণীয় গীতিকাৰগৰাকী সমাজ ৰূপান্তৰৰ গীতৰ লগতে আছিল সমান্তৰালভাৱে বিভিন্ন ধাৰাৰ গীতৰ স্ৰষ্টা। উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলোবোৰ জনগোষ্ঠীক তেওঁ যিদৰে গীতত স্থান দিছে, অসমীয়া জাতিৰ আৱেগকো সিমান মৰ্যদাৰে প্ৰতিষ্ঠা কৰিছে। অসম আৰু অসমীয়াৰ আৱেগ ‘ব’হাগ’ আৰু ‘ব্ৰহ্মপুত্ৰ’-এই দুইটি সম্পদক লৈ ভূপেন হাজৰিকাই গীতি-সাহিত্যত যিমান সম্পৰীক্ষা কৰিছে, যিমানবোৰ প্ৰশ্নৰ উত্থাপন কৰি আমাৰ চেতনাক মথি পেলাইছে-সেয়া বোধহয় আন গীতিকাৰ বাদেই, সাহিত্যিকসকলেও কৰা নাই। হয়তো সেইবাবেই প্ৰেমৰ গীতৰ সৃষ্টিৰ বেলিকাও তেখেত অনন্য।

এই ধাৰাৰ হাত ধৰি কবলৈ গ’লে, সন্ত্ৰাসজৰ্জৰ নব্বৈৰ দশকৰ সেই কাল-অমানিশাৰ দিনবোৰ অসমীয়া গীতি-সাহিত্যলৈ চেগা-চোৰোকাকৈ নহাকৈও থকা নাই। সমাজ ৰূপান্তৰৰ মোহন মন্ত্ৰ নাথাকিলেও এনে গীতত আছিল ৰমন্যাসিক বিদ্ৰোহৰ (Romantic rebellion)আৱেশ। উদাহৰণস্বৰূপে, জুবিন গাৰ্গে প্ৰথম অৱস্থাৰ ৰমন্যাসিক বিষণ্ণতাক (Romantic melancholy)প্ৰতিনিধিত্ব কৰি গোৱা গীতবোৰৰ পৰিধি পাৰ হৈ যেতিয়া ‘সোণৰে সজোৱা পঁজা’,‘আমি যেন যন্ত্ৰ’,‘মৃত্যু এতিয়া সহজ’ৰ দৰে চেতনাক জোকাৰি দিয়া গীত অভিনৱ সংগীতসজ্জাৰ মাজেৰে শ্ৰোতাক উপহাৰ দিলে, তেতিয়া সকলোৱেই গভীৰ আশাৰে তেওঁৰ ফালে দৃষ্টি নিক্ষেপ কৰিবলৈ বাধ্য হ’ল। ৰাজনৈতিক অস্থিৰতা আৰু নব্য উদাৰবাদী অৰ্থনীতিৰ কেঁকোৰা চেঁপাই হাহাকাৰ লগোৱা সেই সময়ৰ অসহায়  যুৱপ্ৰজন্মকেই যেন ‘আমি যেন যন্ত্ৰ’ৰ কথাংশই প্ৰতিনিধিত্ব কৰিছে! গীতটিৰ সংগীতৰ উপস্থাপনাও অভিনৱ। দৰাচলতে নব্বৈৰ দশকৰ নব্য উদাৰবাদী অৰ্থনীতি আৰু বিশ্বায়নে প্ৰজন্মলৈ প্ৰমূল্যৰ প্ৰত্যাহ্বান অথবা ব্যক্তিকেন্দ্ৰিকতাকেই আমদানি কৰা নাছিল। বিশ্বায়নৰ হাত ধৰি প্ৰযুক্তিৰ মাজেৰে  আহিল পূৰ্বৰ সংগীতৰ পৰম্পৰা ভাঙি সম্পৰীক্ষাৰ মাজেৰে নতুনকৈ সজোৱা সংগীতসজ্জা—যাক একে আষাৰে ‘বৈপ্লৱিক’ বুলিয়েই কব লাগিব। অসমৰ সংগীত শিল্পীসকলে  প্ৰযুক্তিয়ে আনি দিয়া এই সুযোগ আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাটো আশাৰ কথা।

এটা সময়ত অসমত জুবিন গাৰ্গে নব্য-সংগীতসজ্জাৰ সম্পৰীক্ষাৰ প্ৰায় এককভাৱেই নেতৃত্ব লৈছিল। অভিনৱ সংগীতসজ্জাৰে সজোৱা ‘সোণৰে সজোৱা পঁজা’, ‘আমি যেন যন্ত্ৰ’, ‘মৃত্যু এতিয়া সহজ’ৰ দৰে গীতবোৰ যেতিয়া শ্ৰোতালৈ আগবঢ়াই দিলে, তেতিয়া সেইবোৰ গীতে স্থবিৰ ৰাজনৈতিক বতাহ, সেনাৰ অত্যাচাৰত জৰ্জৰিত প্ৰজন্মক এক নতুন আশাৰে উদ্বাউল কৰি তুলিলে। বহিৰ্প্ৰবজিত (out migration) হবলৈ বাধ্য হোৱা প্ৰজন্ময়ো দূৰণিত ঘৰৰপৰা হোৱা বিচ্ছেদৰ দুখ পতিয়াবলৈ নিজৰ প্ৰজন্মৰ এই শিল্পীক অভাৱনীয় আকুলতাৰে আঁকোৱালি ল’লে। সেই সময়ত জুবিন গাৰ্গৰ এনে গীতবোৰ ইমান তেজাল আছিল যে, ৰমন্যাসিক বিদ্ৰোহৰ (Romantic rebellion)আৱেশ পাৰ হৈ তেওঁ সমাজ পৰিবৰ্তনৰ মোহনমন্ত্ৰৰ গীত গাবগৈ বুলি আমাৰ দৰে শ্ৰোতাই আশা কৰিছিল। আচৰিতধৰণে, ৰমন্যাসিক বিদ্ৰোহৰ (Romantic rebel)ৰপৰা তেওঁ  ৰমন্যাসিক বিষণ্ণতালৈ (Romantic melancholy)যেন এক ওভতনি যাত্ৰাহে কৰিলে। ফলত কি হ’ল? সমকালীন ৰক্তাক্ত সময়, অস্থিৰ জনজীৱন,  গোষ্ঠী-সংঘাত, নৃগোষ্ঠীয় বিশ্বাসহীনতাৰ ছবি গীতবোৰে আৰু ধৰি নাৰাখিলে।

জুবিন গাৰ্গৰ কণ্ঠটো শুনিলে দেৱকান্ত বৰুৱাই বিখ্যাত ‘সাগৰ দেখিছা’ কবিতাত উল্লেখ কৰা,

‘মাজনিশা সাৰপাই  শুনিছানে কেতিয়াবা

কেতেকীৰ হিয়া ভগা মাত,

শুনিছানে এটিবাৰো   পখীৰ ডিঙিত কান্দে

মানুহৰ বুকুৰ সম্বাদ’

 -ৰ দৰে কবিতাৰ পংক্তিলৈ মনত পৰে।মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাতটোৰ দৰে হাহাকাৰবোৰেই যেন জুবিন গাৰ্গৰ কণ্ঠ। হয়তো এই হাহাকাৰ অসমীয়া জাতিয়ে ৰাষ্ট্ৰৰ কুটিল ৰাজনৈতিক চক্ৰান্তত ক্ৰমাগতভাৱে নিজকে হেৰুওৱাই অহা বেদনাৰপৰা উঠি অহা হাহাকাৰ। একধৰণে তেওঁ অসমীয়া জাতিৰ আৱেগৰ এক প্ৰতিনিধি (representative)আছিলৃ- যি কথা  তেওঁ নিজেও কোনোদিনে দায়বদ্ধভাৱে উপলব্ধি কৰিবলৈ হয়তোবা নোৱাৰিলে। আক্ষেপ হয় যে, জুবিন গাৰ্গৰ দৰে শিল্পীৰ কণ্ঠই  অসমীয়া জাতিয়ে ক্ৰমাগতভাৱে নিজেকে হেৰুওৱাই অহাৰ হাহাকাৰবোৰৰ বেদনা বৈ অনাৰ পিছতো তাৰ সঠিক প্ৰয়োগৰ বাবে নাথাকিল সমাজ পৰিবৰ্তনৰ মোহন মন্ত্ৰ থকা সময়োপযোগী গীতি-সাহিত্যৰ সম্ভাৰ।

প্ৰযুক্তিৰ হাত ধৰি অহা সংগীতসজ্জাৰ বৈপ্লৱিক প্ৰয়োগ দেখা যায় সমসাময়িক অংগৰাগ পাপন মহন্তৰ সংগীততো--বিশেষকৈ ফ’ক-ফিউজন (folk-fusion)বোৰত তেওঁ অপূৰ্ব। কবলৈ গ’লে ফ’ক-ফিউজনৰ হাত ধৰিয়েই তেওঁ এক অনবদ্য যাত্ৰা কৰিছে। সেইদৰে, জয় বৰুৱাৰ সংগীত যাত্ৰাত আছে অনবদ্য সংগীতসজ্জাৰে ঐতিহ্যৰ সন্ধান, অতীত অথবা ইতিহাসৰ প্ৰতি আকূলতা। ইবচনলাল বৰুৱাৰ গীতেৰে সজোৱা এই সংগীতৰ মাজেৰে  সমাজ পৰিবৰ্তনৰ মোহন মন্ত্ৰৰ গীত তেওঁলোকে হয়তো গোৱা নাই, কিন্তু এই গীতবোৰত সমাজ সচেতনতাৰ উন্মেষ আছে। ইচ্ছা কৰিয়েই হয়তোবা সমাজৰ ইতিহাসলব্ধ তিক্ত অভিজ্ঞতাক সমাজ পৰিবৰ্তনৰ তীক্ষ্ণ, ধাৰাল  শব্দৰ মাজেৰে গীতৰ সভালৈ অনাৰপৰা আঁতৰি আছে।

এই প্ৰজন্মৰ লগতে তেওঁলোকৰ পৰৱৰ্তী এদল শিল্পী অসমৰপৰা ওলাই গৈ, বা ইয়াতে থাকি কঠোৰ পৰিশ্ৰমেৰে অপূৰ্ব সাংগীতিক যাত্ৰা কৰিছে, কিন্তু তাতো যেন সংগীতৰ আত্মাস্বৰূপ সমাজৰ ৰূপান্তৰৰ বাণী থকা অপৰূপ মোহন মন্ত্ৰৰ কালিকালগা শব্দবোৰৰ অভাৱ। ‘আহ ঐ আহ খেতি কৰবাক লগি, কান্ধত নাঙাল লং, আহ ঐ আহ আখৰ চিনবাক লগি, হাতত কিতাপ লং, অ দিনে-ৰাতি কেন্‌কে খাইছা, সেন্থে কৰা খেতি”ৰ দৰে গীতেৰে অভিনৱধৰণে সংগীত জগতত প্ৰৱেশ কৰা দীক্ষুৰ পৰৱৰ্তী গীতসমূহতো এনে আশাবাদ অথবা ৰূপান্তৰৰ ছবি দেখা  পোৱা নাযায়।

এই উপলব্ধিখিনি বুজাবলৈ ‘বৰষুণ’ বিষয়ক কেইটিমান গীতৰ বিষয়ে উল্লেখ কৰিব পাৰি। নৱকান্ত বৰুৱাৰ ৰছনাৰে বীৰেন্দ্ৰনাথ দত্তই গাইছিল ‘বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন, ওঁঠত কদম ফুলৰ হাঁহি, বিজালী লতাৰে তোমাৰ কবৰী বন্ধন”।গীতটি  অতি উচ্চ পৰ্যায়ৰ সাহিত্যিক মূল্য থকা বৰ্ষা-বন্দনা বুলিব পাৰি—এনে অপূৰ্ব শব্দচয়ন অসমীয়া গীতি সাহিত্যত প্ৰায় বিৰল। সমাজ পৰিবৰ্তনৰ আশাৰে কৃষকৰ হাহাকাৰ, গ্ৰাম্য অসমৰ  ছন্দক উজ্জীৱিত কৰি ভূপেন হাজৰিকাই লিখা এটি গীতত বৰষুণ হৈ পৰিছে  জীৱনৰ নতুন ‘মেটাফ’ৰ( metaphor), য’ত এজাক ব’ৰষুণ কেৱল ব’ৰষুণ হৈ থকা নাই--সি হৈ পৰিছে কৃষকৰ সংগ্ৰামৰ সঞ্জীৱনী সুধা—      

                                                                                    “মেঘে গিৰ্ গিৰ্ কৰে

আহা হিৰ্ হিৰ্ মেঘে কৰে,

এজাক যেন বৰষুণ

আহো আহো কৰে

বহুদিনে চন পৰা

মোৰ গাঁৱৰ মাটিডৰা

চহ কৰি সেউজ কৰিম

আনন্দে নধৰে,

ধান নিদিওঁ, ঋণো নলওঁ

সুদো নিদিওঁ আৰু,

মহাজনৰ নিঠুৰ বুধি

সহো কেলেই বাৰু,

বহুতো যে ঘাম সৰালো

তেজো বুকুৰ বহু দিলো

কাঁচিখনত শাণ দিলো

সাহস ভৰি পৰে….”

শ্ৰোতাৰ কাণত সঘনে বাজি থকা ‘বৰষুণ’ বিষয়ক পৰৱৱৰ্তী পৰ্যায়ৰ তিনিটাকৈ গীত হৈছে (১) জুবিন গাৰ্গৰ কণ্ঠৰ-- টোপাল টোপাল বৰষুণে আহি, চকুৰ পতাত আজি চুমা দি যায়, মেঘৰ নাচোনে পৃথিৱী কঁপালে, সেউজ অহাৰ আজি বাতৰি পায় , উপচি আহে কলিজাৰে জোৱাৰ, কোহে কোহে শুণে গীতি নৱ ৰসাল....(২) দীক্ষুৰ কণ্ঠৰ—নামি আহা বৰষুণ, সৰু সৰু আঙুলিৰ ফাঁকেৰে নামি আহা বৰষুণ, চকুৰ কাজল তিয়াই, বুকুৰ আঁচল কঁপাই,,  এজাক প্ৰেমৰ খৰিকাজাঁই ...(৩) অনিন্দিতা পালৰ কণ্ঠৰ—ক’ৰ এজাক সপোন যেন ব’ৰষুণ, ধূলিৰ ওৰণি ঠেলি ভাহি আহে, কোমল মাটিৰ গান গুণ গুণ গুণ.. । কেউটি গীতেই শব্দালংকাৰ, সংগীতসজ্জাৰ দিশেৰে অনন্য। কিন্তু গীতি-সাহিত্যৰ দিশেৰে সমাজ ব্যৱস্থাৰ ৰূপান্তৰৰ মোহন মন্ত্ৰ থকা গীতটি অৱশ্যেই ভূপেন হাজৰিকাৰ। পাৰ্থক্য এইখিনিতেই। 

সমকালীন সময়ৰ এই শিল্পীসকলৰ জনপ্ৰিয়তাৰ বাবেই অসমৰ গাঁৱে-ভূঞে বিহুকেন্দ্ৰিক সন্মিলনবোৰো অবাধ হাৰত আয়োজিত হবলৈ ধৰিছে। আচৰিতধৰণে ভূপেন হাজৰিকাৰ দৰে স্বনামধন্য শিল্পীয়ে অসমীয়া জাতিৰ প্ৰতীক বুলি ‘বহাগ’ আৰু ‘ব্ৰহ্মপুত্ৰ’ক লৈ অসমীয়া গীতি-সাহিত্যত যিধৰণৰ যাউতীযুগীয়া ‘মেটাফ’ৰ’(metaphor) বোৰৰ সৃষ্টি কৰিছিল-ব’হাগক ‘অসমীয়া জাতিৰ আয়ুস ৰেখা’ আৰু ‘গণজীৱনৰ সাহ’ বুলি কৈছিল—গাঁৱে গাঁৱে বিয়পি পৰা বিহুকেন্দ্ৰিক সন্মিলনবোৰত এইধৰণৰ গভীৰ গীতি-সাহিত্যৰ প্ৰতিফলন দেখা পোৱা নাযায়। গ্লেমাৰ, উপৰুৱা চাক-চিক্যৰ আঁৰত জনজীৱনৰ ছন্দ আৰু হাহাকাৰ ক’ৰবাত হেৰাই গৈছে, গীতৰ কথাংশলৈ সেইবোৰ উঠি অহা নাই।

ভূতৰ ওপৰতে দানহৰ দৰে একবিংশ শতিকাৰ প্ৰথমটো দশকৰপৰা সুলভ হৈ পৰা অসমীয়া ভাষাকেন্দ্ৰিক বৈদ্যুতিমাধ্যমৰ সংবাদ প্ৰতিষ্ঠানবোৰে এই শিল্পীসকলৰ অনুষ্ঠানবোৰৰ ‘লাইভ টেলিকাষ্ট’ দেখুৱাবলৈ ধৰিলে—যিবোৰত, “বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ,  জুহালতে জুতি লবি সাজৰ বাটি লৈ, অ’ বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ, কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ”ৰ দৰে তৰাং গীতৰ প্ৰচাৰহে সণ্টালনি হৈ পৰিল।

প্ৰকৃত শিল্পী একোজন যুগদ্ৰষ্টা। তেওঁ নিজে বিনন্দীয়া সৃষ্টিৰ আলোকেৰে আলোকিত হোৱাৰ লগতে সমকালীন সমাজৰ ব্যক্তিসকলকো সেই আলোকেৰে আলোকিত কৰিবলৈ বিচাৰে। সেয়েহে  সকলো শিল্পীৰ এক প্ৰাথমিক চৰ্ত হৈছে সমাজৰ প্ৰতি দায়বদ্ধতা। নিজৰ আচৰেণেৰে, সৃষ্টিৰ মাজেৰে তেওঁ এই দায়িত্ব পালন কৰি যায়। মনত পৰে, ১৯৮১ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষ্যত ভূপেন হাজৰিকাৰ সংগীতৰ অনুষ্ঠান প্ৰথমবাৰৰ বাবে চোৱাৰ শিহৰণকাৰী মুহূৰ্তলৈ। এখন টেবুলত হাৰমনিয়াম-তবলা আৰু কেইপদমান সামান্য বাদ্যযন্ত্ৰৰে অনুষ্ঠান আৰম্ভ কৰিবলৈ আহি তেখেতে পোনতে পৰিবেশন কৰিছিল—‘মোৰ গীতৰ হেজাৰ শ্ৰোতা, তোমাক নমস্কাৰ’ৰ দৰে অনুপম সৃষ্টিৰে। সেই সময়ত বয়স আছিল মাথো দহ বছৰ, কিন্তু মঞ্চত শিল্পীৰ আচৰণৰ মাজেৰেই যেন বুজি উঠিছিলোঁ সামাজিক দায়বদ্ধতাৰ প্ৰকাশ! সেইদৰেই গণশিল্পী খগেন মহন্তৰ সংগীত পৰিবেশনৰ অনুষ্ঠান চোৱাৰো শিহৰণকাৰী অভিজ্ঞতা আছে।এইসকলে যেন পৰিবেশনাৰ মাজেৰে শ্ৰোতাৰ বৌদ্ধিক স্তৰ উন্নত কৰি তোলাৰ প্ৰয়াসহে কৰে আৰু সংগীতৰ originality-ৰ মাজলৈ লৈ যায়, যি আমাৰ অন্তৰ সমাহিত (soothing)কৰে। সেয়েহে আজিকালি যেতিয়া ‘ফিউজন’ (fusion) সংগীতৰ মায়াজালত আধুনিক মঞ্চবিহুত ‘তো ঘঁ ইপাএ, মো ঘঁ সিপাএ মাজতে বোঁৱতী নৈ, চআই হোৱা হলে…অ চআই হোৱা হ’লে…’বুলি শুনা পাওঁ, তেতিয়া পুৰণিসকলৰ পৰিবেশনাৰ শৈলীলৈ মনত পেলাই মনতে আশ্বাস লভোঁ যে, মঞ্চ উপস্থাপনাৰ সিপাৰে সমৃদ্ধ গীতি-সাহিত্যৰ মজিয়াত ঐতিহ্যৰ চেতনাৰে বৈ অহা ‘তোৰ ঘৰ ইপাৰে, মোৰ ঘৰ সিপাৰে, মাজতে বোৱতী নৈ, চৰাই হোৱা হ’লে উৰি গলোঁহেঁতেন দুকাষে দুপাখি লৈ’’ বুলি স্বভাৱ কবিৰ মুখেৰে ওলাই কালিকা লগা নামষাৰহে যুগমীয়া হৈ ৰব।

অসমত প্ৰগতিশীল, বাওপন্থী চিন্তাৰে গণসংগীতৰো এক সমৃদ্ধ ধাৰা আছে।কেশৱ মহন্ত, মঘাই ওজা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, খগেন মহন্তৰ দৰে স্বনামধন্য শিল্পীয়ে ইয়াৰ ঐতিহ্য ধৰি ৰাখিছে। কিন্তু নব্বৈৰ পৰৱৰ্তী সময়ৰ  জাতীয় জীৱনৰ, কৃষক জীৱনৰ অঙাৱনীয় সংকটৰ প্ৰতিফলন এই ধাৰাৰ গীতসমূহতো এতিয়া দেখিবলৈ পোৱা নাযায়। নতুন নতুন গণসংগীতৰ সৃষ্টি হ’বলৈ লাগিলে তাৰ সৈতে এখন উদ্দীপনাময় গণসংগ্ৰাম লাগিব।গণসংগ্ৰামেই হৈছে গণসংগীতৰ জীপাল ক্ষেত্ৰ। সময় বাগৰিছে, দেশৰ উন্নতি হৈছে, কিন্তু কৃষক-শ্ৰমিকৰ সংকট আঁতৰিছে জানো? গাঁৱত এতিয়া ধনী মহাজন নাই সঁচা, কিন্তু তাতোকৈও ভয়ংকৰ শতৰু বাহিৰৰপৰা সোমাই আহিছে মাটি দখল কৰিবলৈ। বুলডজাৰেৰে কৃষকক মাটিৰপৰা উৎখাত কৰিছে।  খহনীয়াত পৰি হাজাৰ হাজাৰ মানুহ মথাউৰিত জীয়াই আছে। এসময়ত বাওপন্থীসকলে ধনী মহাজনৰ হাতৰপৰা মাটি দখল কৰিবলৈ সংগ্ৰাম কৰিছিল। সৃষ্টি হৈছিল গীতৰ মাজেৰে—“ধ্বংস কৰ, ধ্বংস কৰ, ধনীৰ অহংকাৰ, দয়া-মায়া নকৰিবি, ক্ষমাৰ দিন যে গ’ল, হাল-কোৰ-দা হাতুৰী লৈ, ৰণলৈ যাও ব’ল”-ৰ দৰে  থৰ থৰ শব্দৰ। আজি সেই উদ্দীপনাময়, অভিনৱ উদ্ভাৱনী কৌশলৰ গণসংগ্ৰাম এখন নাই। হয়তো সেইবাবেই গণসংগীতৰ  ধাৰাও নিস্তেজ!

সংগীতেই হওক বা সাহিত্যই হওক— সৃজনীশীলতা কিন্তু এক গ্লেমাৰাছ কাৰবাৰ নহয়। স্ৰষ্টা কোনোমতেই জনসাধাৰণৰপৰা বিচ্ছিন্ন হ’ব নোৱাৰে। তেওঁলোকৰ দুখ-দুৰ্দশা, হাহাকাৰবোৰৰপৰা নিজকে পৃথক কৰি তুলিব নোৱাৰে। সৃজনীশীলতাক লালন(maintain) কৰাটোও এক কলা-এই কলাৰ বাবেও সাধনাৰ প্ৰয়োজন, যাৰ অভাৱে স্ৰষ্টাক ভুল পথে লৈ যায়। 


-ৰত্না ভৰালী তালুকদাৰ 

১৭-০৪-২০২৪