নব্বৈৰ দশক, পৰিচিতি সত্তাৰ আন্দোলন, বিশ্বায়ন, নব্য উদাৰবাদী
অৰ্থনৈতিক নীতিৰ আলোকত অসমীয়া গীতি সাহিত্য: ৰমন্যাসিক
বিদ্ৰোহৰ(Romantic rebellion)পৰা ৰমন্যাসিক
বিষণ্ণতালৈ(Romantic melancholy)ওভতনি
যাত্ৰা নেকি!
নব্বৈৰ দশক, পৰিচিতি সত্তাৰ আন্দোলন, বিশ্বায়ন, নব্য উদাৰবাদী
অৰ্থনৈতিক নীতিৰ আলোকত অসমীয়া গীতি সাহিত্য: ৰমন্যাসিক
বিদ্ৰোহৰ(Romantic rebellion)পৰা ৰমন্যাসিক
বিষণ্ণতালৈ(Romantic melancholy)ওভতনি
যাত্ৰা নেকি!
নব্বৈৰ দশকটো অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক কেইবাটাও দিশৰপৰা অতিকৈ গুৰুত্বপূৰ্ণ । আশীৰ দশকৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাই নব্বৈৰ দশকত পৰিচিতি সত্ত্বাৰ আন্দোলনৰ মাজেৰে জলন্ত ৰূপ গ্ৰহণ কৰে। স্বাধীন অসমৰ সশস্ত্ৰ সংগ্ৰাম, পৰ্বত-ভৈয়ামৰ সৰু-বৰ জাতি-জনগোষ্ঠীসমূহৰ পৰিচিতি সত্ত্বাৰ আন্দোলনৰ গণতান্ত্ৰিক আৰু সশস্ত্ৰ প্ৰকাশ, ৰাষ্ট্ৰৰ ষডযন্ত্ৰ, পৰস্পৰৰ অবিশ্বাস, গুপ্তহত্যা আৰু নিৰ্বিচাৰ মুক্তহত্যাৰ সৰ্বনাশী পৰিবেশে ৰাজনৈতিক আকাশ কঁপাই তুলিছিল। উগ্ৰপন্থী কাৰ্য-কলাপ, গোষ্ঠী-সংঘাত, সেনা অভিযানেৰে পৰিপূৰ্ণ নব্বৈৰ দশকৰ সেই ভয়াবহ দিনবোৰৰ কথা আজি মনত পেলাবলৈ আৰু মন নাযায়!
সেই নব্বৈৰ দশকৰ আৰম্ভণিতে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত গ্ৰহণ কৰা বিশ্বায়ন আৰু নব্য উদাৰবাদী অৰ্থনৈতিক নীতিয়ে আনি দিয়া সুযোগ আৰু প্ৰত্যাহ্বানে অসমৰ বিশেষকৈ যুৱ প্ৰজন্মক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। নতুন উদাৰবাদী অৰ্থনীতিয়ে প্ৰতিশ্ৰুতিৰ লগতে পৰম্পৰাগত প্ৰমূল্যবোৰলৈ কঢ়িয়াই আনিছিল শংকা। তীব্ৰ প্ৰতিযোগিতা, যোগ্য-ভোগ্যা বসুন্ধাৰাৰ নীতিৰে সমাজ ব্যক্তিকেন্দ্ৰিকতাৰ ফালে আগবাঢ়িল। সশস্ত্ৰ সংগ্ৰাম এচামৰ বাবে উদ্যোগলৈ পৰিণত হ’ল। ৰাজনৈতিক প্ৰেক্ষা ক’লীয়া ডাৱৰে ঢাকি ধৰাত এহাতে সংস্থাপন আৰু আনহাতে কিছু সুখ-স্বাচ্ছন্দ্যৰ জীৱন বিচাৰি অসমৰ ডেকাশক্তি বাহিৰলৈ প্ৰব্ৰজিত হবলৈ বাধ্য হ’ল। এওঁলোকৰ কোনো কোনোৱে দক্ষ মানৱসম্পদ (skilled manpower)হিচাপে প্ৰব্ৰজিত হ’ল কৰ্প’ৰেট খণ্ডত উজ্জ্বল ভবিষ্যতৰ প্ৰতিশ্ৰুতি থকা চাকৰিবোৰ কৰিবলৈ। কোনো কোনোৱে অদক্ষ শ্ৰমিক (unskilled labourer) হিচাপে প্ৰব্ৰজিত হ’ল হোটেল, ৰেষ্টুৰেণ্ট, কাঠমিস্ত্ৰি, ৰাজমিস্ত্ৰি, যোগালি, বিউটি পাৰ্লাৰ আদি বিভিন্ন ক্ষেত্ৰৰ সৰু সৰু কাম কৰিবলৈ। উচ্চশিক্ষা লাভৰ বাবেও বহুতেই দেশ-বিদেশলৈ ঢাপলি মেলিলে।কবলৈ গ’লে দক্ষ মানৱসম্পদেই হওক বা অদক্ষ শ্ৰমিকেই হওক তেওঁলোক আছিল মূলতঃ অসমৰপৰা প্ৰব্ৰজন কৰা যুৱশক্তি, যিসকলৰ উভতি অহাৰ সম্ভাৱনা কমেই আছিল।লাখে লাখে এনেকৈ যুৱশক্তি ওলাই যোৱাৰ ঘটনা নব্বৈৰ দশকতেই আৰম্ভ হৈছিল। দূৰণিত তেওঁলোকৰ বাবে কাষত আছিল আপোনজনক এৰি থাকিবলগীয়া হোৱাৰ বেদনা।
হঠাতে অহা এই পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰভাৱ সাহিত্যত কিদৰে প্ৰতিফলিত হ’ল, সেই বিষয়ে যদি আজি উভতি চাওঁ, তেনেহ’লে দেখা পাম যে লব্ধ-প্ৰতিষ্ঠিত অসমীয়া কবি-সাহিত্যিকে কাব্য, গল্প বা উপন্যাসৰ মাজেৰে এই কালন্তক সময় সাহিত্যত ধৰি ৰাখিবলৈ সক্ষম হ’ল। নব্বৈৰ দশকত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দৰে সম্পাদকৰ হাতত ‘গৰীয়সী’ৰ পাতত কবি-সাহিত্যিকসকলে নিজকে প্ৰকাশ কৰিবলৈ লাভ কৰিলে অবাধ স্বাধীনতা। এই বিষয়ে কিছু কথা ইতিমধ্যেই লিখা হৈছে। কবলৈ গ’লে অসমীয়া সাহিত্যৰ ‘ৰামধেনু’ যুগৰ এঙামুৰি ভাঙি দিলে নব্বৈৰ দশকৰ সাহিত্যই—এই দশকৰপৰাই সাহিত্যই এক নতুন দিশে গতি কৰিবলৈ ল’লে। অসমীয়া কবি-সাহিত্যিকসকলে সেই সময়ৰ সংঘাতময় পৰিবেশক সাহিত্যলৈ ইমান সজোৰে তুলি আনিলে যে conflict literature বুলি এটা বাগধাৰাৰেই সৃষ্টি হ’ল। এই স্ৰোত এতিয়াও প্ৰৱহমান হৈ আছে। নতন নতুন গৱেষকে এই ধাৰাৰ সাহিত্যৰ ওপৰত গৱেষণা কৰিবলৈ এতিয়াও আগবাঢ়ি আহিয়েই আছে।
এই সৃষ্টিসমূহৰ সমান্তৰালভাৱে গীতি-সাহিত্যৰ ধাৰাটোৱে আগবাঢ়িব পাৰিলেনে?আচৰিত কথা এয়ে যে, নব্বৈৰ দশকৰ সেই সংঘাতময় পৰিবেশৰ প্ৰকাশ এটা সুনিৰ্দিষ্ট বাগধাৰা হৈ অসমীয়া গীতি-সাহিত্যত প্ৰতিফলিত ন’হল।
কিয়?
গীতি-সাহিত্য অসমীয়া সাহিত্যৰ অন্যতম সমৃদ্ধিশালী অংশ। লোকগীত, বনগীত, বিহুনাম, আইনাম, ধাইনাম, বিয়ানাম, ফুলকোঁৱৰৰ গীত, বাৰীকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত, মণিৰাম দেৱানৰ গীতৰ দৰে পৰম্পৰাৰপৰা উঠি অহা সমৃদ্ধ গীতসমূহক বাদ দিলে আধুনিক গীতি-সাহিত্যৰ ধাৰাৰ দিশলৈ চকু দিলে দেখা যায় যে, মুষ্টিমেয় সংখ্যক গীতক বাদ দিলে অসমৰ গীতি-সাহিত্যৰ সৰহভাগেই একধৰণৰ ৰমন্যাসিক বিষণ্ণতাকেই(Romantic melancholy)প্ৰতিফলিত কৰিছে। অপূৰ্ব, সুন্দৰ শব্দচয়নেৰে জাতীয়জীৱন বা গ্ৰাম্যজীৱনৰ খণ্ডিত অথবা সামগ্ৰীক ছবি একোখনৰ ৰোমাণ্টিক প্ৰতিফলন থকা গীতসমূহৰেই পয়োভৰ বেছিকৈ দেখা যায়। ৰমন্যাসিক বিষণ্ণতাৰ(Romantic melancholy)ধাৰাত সমাজ পৰিবৰ্তনৰ মোহন মন্ত্ৰৰ প্ৰকাশ নাথাকে, বৰঞ্চ ভাললগাৰ এক বিষাদময় আৱেশে শ্ৰোতাক মুহি ৰাখে। আধুনিক অসমীয়া গীতি-সাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালাৰপৰা আৰম্ভ কৰি পাৰ্বতি প্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈৰ দৰে স্বনামধন্য গীতিকাৰসকলে লিখা গীতসূহৰ সৰহভাগেই ৰমন্যাসিক বিষণ্ণতাৰ অপৰূপ ধাৰাক প্ৰতিনিধিত্ব কৰিছে। অৱশ্যে চহা লোকশিল্পীয়ে সমাজে বান্ধি দিয়া নিয়ম চেনেহ জৰীৰে ছিঙি পৰিবৰ্তনৰ কথাও কেতিয়াবা নোকোৱা নহয়। আমাৰ বিহুনামতে আছে-
“তোলৈ চাওতে জপনা দেওতে
বিন্ধিলে অঘৈয়া হুলে,
তোৰো মনে গ’ল মোৰো মনে গ’লে
কি কৰিব কলিতা কূলে”।
উপযুক্ত ৰাজনৈতিক
প্ৰেক্ষাত সচেতনভাৱে “ব’ল ব’ল ব’ল, কৃষক
শক্তি দল, অ’ বনুৱা সমনীয়া, আগবাঢ়ি যাওঁ ব’ল”, “স্বাধীনচিতীয়া, হালোৱা ডেকা-ৰণুৱা”-ৰ
দৰে সমাজ ৰূপান্তৰৰ গীতেৰে বিষ্ণুপ্ৰসাদ ৰাভা, ‘সুমলাৰ জীয়েকক চাবলৈ আহিলোঁ, সোণাপুৰত
কিহবাৰ জুই’ৰ দৰে গীতৰ সৃষ্টিৰে কেশৱ মহন্তই অসমীয়া গীতি-সাহিত্যত ৰমন্যাসিক
বিষণ্ণতাৰ এঙামুৰি ভাঙি দি সমাজ ৰূপান্তৰৰ গীত ৰচিলে। সংগীত সূৰ্য ভূপেন হাজৰিকাই
বিংশ শতিকাৰ চল্লিছৰ দশকৰপৰাই সমাজ ৰূপান্তৰৰ মোহন মন্ত্ৰ থকা গীতৰ সৃষ্টিক এককভাৱেই
এটা বিপ্লৱৰ দিশে আগুৱাই লৈ গ’ল। ১৯৩৯ চনত মাত্ৰ তেৰ বছৰ বয়সত নিজে লিখা দ্বিতীয়টি
গীত ‘অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম’ শীৰ্ষক
গীতটি আছিল অসমৰ গীতি সাহিত্যৰ অভিনৱ প্ৰকাশ। সেই তেতিয়াৰেপৰাই ভূপেন হাজৰিকাই দশকৰপৰা
দশকৰ পিছত দশক ধৰি সমাজ ৰূপান্তৰৰ লগতে গভীৰ আশাবাদৰ গীতেৰে অসমীয়া গীতি সাহিত্যক এক
অনন্য মাত্ৰা প্ৰদান কৰিলে।কি নাই তেওঁৰ গীতত! এই অবিস্মৰণীয় গীতিকাৰগৰাকী সমাজ ৰূপান্তৰৰ
গীতৰ লগতে আছিল সমান্তৰালভাৱে বিভিন্ন ধাৰাৰ গীতৰ স্ৰষ্টা। উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলোবোৰ
জনগোষ্ঠীক তেওঁ যিদৰে গীতত স্থান দিছে, অসমীয়া জাতিৰ আৱেগকো সিমান মৰ্যদাৰে প্ৰতিষ্ঠা
কৰিছে। অসম আৰু অসমীয়াৰ আৱেগ ‘ব’হাগ’ আৰু ‘ব্ৰহ্মপুত্ৰ’-এই দুইটি সম্পদক লৈ ভূপেন হাজৰিকাই
গীতি-সাহিত্যত যিমান সম্পৰীক্ষা কৰিছে, যিমানবোৰ প্ৰশ্নৰ উত্থাপন কৰি আমাৰ চেতনাক মথি
পেলাইছে-সেয়া বোধহয় আন গীতিকাৰ বাদেই, সাহিত্যিকসকলেও কৰা নাই। হয়তো সেইবাবেই প্ৰেমৰ
গীতৰ সৃষ্টিৰ বেলিকাও তেখেত অনন্য।
এই ধাৰাৰ হাত ধৰি কবলৈ গ’লে, সন্ত্ৰাসজৰ্জৰ নব্বৈৰ দশকৰ সেই কাল-অমানিশাৰ দিনবোৰ অসমীয়া গীতি-সাহিত্যলৈ চেগা-চোৰোকাকৈ নহাকৈও থকা নাই। সমাজ ৰূপান্তৰৰ মোহন মন্ত্ৰ নাথাকিলেও এনে গীতত আছিল ৰমন্যাসিক বিদ্ৰোহৰ (Romantic rebellion)আৱেশ। উদাহৰণস্বৰূপে, জুবিন গাৰ্গে প্ৰথম অৱস্থাৰ ৰমন্যাসিক বিষণ্ণতাক (Romantic melancholy)প্ৰতিনিধিত্ব কৰি গোৱা গীতবোৰৰ পৰিধি পাৰ হৈ যেতিয়া ‘সোণৰে সজোৱা পঁজা’,‘আমি যেন যন্ত্ৰ’,‘মৃত্যু এতিয়া সহজ’ৰ দৰে চেতনাক জোকাৰি দিয়া গীত অভিনৱ সংগীতসজ্জাৰ মাজেৰে শ্ৰোতাক উপহাৰ দিলে, তেতিয়া সকলোৱেই গভীৰ আশাৰে তেওঁৰ ফালে দৃষ্টি নিক্ষেপ কৰিবলৈ বাধ্য হ’ল। ৰাজনৈতিক অস্থিৰতা আৰু নব্য উদাৰবাদী অৰ্থনীতিৰ কেঁকোৰা চেঁপাই হাহাকাৰ লগোৱা সেই সময়ৰ অসহায় যুৱপ্ৰজন্মকেই যেন ‘আমি যেন যন্ত্ৰ’ৰ কথাংশই প্ৰতিনিধিত্ব কৰিছে! গীতটিৰ সংগীতৰ উপস্থাপনাও অভিনৱ। দৰাচলতে নব্বৈৰ দশকৰ নব্য উদাৰবাদী অৰ্থনীতি আৰু বিশ্বায়নে প্ৰজন্মলৈ প্ৰমূল্যৰ প্ৰত্যাহ্বান অথবা ব্যক্তিকেন্দ্ৰিকতাকেই আমদানি কৰা নাছিল। বিশ্বায়নৰ হাত ধৰি প্ৰযুক্তিৰ মাজেৰে আহিল পূৰ্বৰ সংগীতৰ পৰম্পৰা ভাঙি সম্পৰীক্ষাৰ মাজেৰে নতুনকৈ সজোৱা সংগীতসজ্জা—যাক একে আষাৰে ‘বৈপ্লৱিক’ বুলিয়েই কব লাগিব। অসমৰ সংগীত শিল্পীসকলে প্ৰযুক্তিয়ে আনি দিয়া এই সুযোগ আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাটো আশাৰ কথা।
এটা সময়ত অসমত জুবিন গাৰ্গে নব্য-সংগীতসজ্জাৰ সম্পৰীক্ষাৰ প্ৰায় এককভাৱেই নেতৃত্ব লৈছিল। অভিনৱ সংগীতসজ্জাৰে সজোৱা ‘সোণৰে সজোৱা পঁজা’, ‘আমি যেন যন্ত্ৰ’, ‘মৃত্যু এতিয়া সহজ’ৰ দৰে গীতবোৰ যেতিয়া শ্ৰোতালৈ আগবঢ়াই দিলে, তেতিয়া সেইবোৰ গীতে স্থবিৰ ৰাজনৈতিক বতাহ, সেনাৰ অত্যাচাৰত জৰ্জৰিত প্ৰজন্মক এক নতুন আশাৰে উদ্বাউল কৰি তুলিলে। বহিৰ্প্ৰবজিত (out migration) হবলৈ বাধ্য হোৱা প্ৰজন্ময়ো দূৰণিত ঘৰৰপৰা হোৱা বিচ্ছেদৰ দুখ পতিয়াবলৈ নিজৰ প্ৰজন্মৰ এই শিল্পীক অভাৱনীয় আকুলতাৰে আঁকোৱালি ল’লে। সেই সময়ত জুবিন গাৰ্গৰ এনে গীতবোৰ ইমান তেজাল আছিল যে, ৰমন্যাসিক বিদ্ৰোহৰ (Romantic rebellion)আৱেশ পাৰ হৈ তেওঁ সমাজ পৰিবৰ্তনৰ মোহনমন্ত্ৰৰ গীত গাবগৈ বুলি আমাৰ দৰে শ্ৰোতাই আশা কৰিছিল। আচৰিতধৰণে, ৰমন্যাসিক বিদ্ৰোহৰ (Romantic rebel)ৰপৰা তেওঁ ৰমন্যাসিক বিষণ্ণতালৈ (Romantic melancholy)যেন এক ওভতনি যাত্ৰাহে কৰিলে। ফলত কি হ’ল? সমকালীন ৰক্তাক্ত সময়, অস্থিৰ জনজীৱন, গোষ্ঠী-সংঘাত, নৃগোষ্ঠীয় বিশ্বাসহীনতাৰ ছবি গীতবোৰে আৰু ধৰি নাৰাখিলে।
জুবিন গাৰ্গৰ কণ্ঠটো শুনিলে দেৱকান্ত বৰুৱাই বিখ্যাত ‘সাগৰ দেখিছা’ কবিতাত উল্লেখ কৰা,
‘মাজনিশা সাৰপাই শুনিছানে কেতিয়াবা
কেতেকীৰ হিয়া ভগা মাত,
শুনিছানে এটিবাৰো পখীৰ
ডিঙিত কান্দে
মানুহৰ বুকুৰ সম্বাদ’
-ৰ দৰে কবিতাৰ পংক্তিলৈ মনত পৰে।মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাতটোৰ দৰে হাহাকাৰবোৰেই যেন জুবিন গাৰ্গৰ কণ্ঠ। হয়তো এই হাহাকাৰ অসমীয়া জাতিয়ে ৰাষ্ট্ৰৰ কুটিল ৰাজনৈতিক চক্ৰান্তত ক্ৰমাগতভাৱে নিজকে হেৰুওৱাই অহা বেদনাৰপৰা উঠি অহা হাহাকাৰ। একধৰণে তেওঁ অসমীয়া জাতিৰ আৱেগৰ এক প্ৰতিনিধি (representative)আছিলৃ- যি কথা তেওঁ নিজেও কোনোদিনে দায়বদ্ধভাৱে উপলব্ধি কৰিবলৈ হয়তোবা নোৱাৰিলে। আক্ষেপ হয় যে, জুবিন গাৰ্গৰ দৰে শিল্পীৰ কণ্ঠই অসমীয়া জাতিয়ে ক্ৰমাগতভাৱে নিজেকে হেৰুওৱাই অহাৰ হাহাকাৰবোৰৰ বেদনা বৈ অনাৰ পিছতো তাৰ সঠিক প্ৰয়োগৰ বাবে নাথাকিল সমাজ পৰিবৰ্তনৰ মোহন মন্ত্ৰ থকা সময়োপযোগী গীতি-সাহিত্যৰ সম্ভাৰ।
প্ৰযুক্তিৰ হাত ধৰি অহা সংগীতসজ্জাৰ বৈপ্লৱিক প্ৰয়োগ দেখা যায় সমসাময়িক অংগৰাগ পাপন মহন্তৰ সংগীততো--বিশেষকৈ ফ’ক-ফিউজন (folk-fusion)বোৰত তেওঁ অপূৰ্ব। কবলৈ গ’লে ফ’ক-ফিউজনৰ হাত ধৰিয়েই তেওঁ এক অনবদ্য যাত্ৰা কৰিছে। সেইদৰে, জয় বৰুৱাৰ সংগীত যাত্ৰাত আছে অনবদ্য সংগীতসজ্জাৰে ঐতিহ্যৰ সন্ধান, অতীত অথবা ইতিহাসৰ প্ৰতি আকূলতা। ইবচনলাল বৰুৱাৰ গীতেৰে সজোৱা এই সংগীতৰ মাজেৰে সমাজ পৰিবৰ্তনৰ মোহন মন্ত্ৰৰ গীত তেওঁলোকে হয়তো গোৱা নাই, কিন্তু এই গীতবোৰত সমাজ সচেতনতাৰ উন্মেষ আছে। ইচ্ছা কৰিয়েই হয়তোবা সমাজৰ ইতিহাসলব্ধ তিক্ত অভিজ্ঞতাক সমাজ পৰিবৰ্তনৰ তীক্ষ্ণ, ধাৰাল শব্দৰ মাজেৰে গীতৰ সভালৈ অনাৰপৰা আঁতৰি আছে।
এই প্ৰজন্মৰ লগতে তেওঁলোকৰ পৰৱৰ্তী এদল শিল্পী অসমৰপৰা ওলাই গৈ, বা ইয়াতে থাকি কঠোৰ পৰিশ্ৰমেৰে অপূৰ্ব সাংগীতিক যাত্ৰা কৰিছে, কিন্তু তাতো যেন সংগীতৰ আত্মাস্বৰূপ সমাজৰ ৰূপান্তৰৰ বাণী থকা অপৰূপ মোহন মন্ত্ৰৰ কালিকালগা শব্দবোৰৰ অভাৱ। ‘আহ ঐ আহ খেতি কৰবাক লগি, কান্ধত নাঙাল লং, আহ ঐ আহ আখৰ চিনবাক লগি, হাতত কিতাপ লং, অ দিনে-ৰাতি কেন্কে খাইছা, সেন্থে কৰা খেতি”ৰ দৰে গীতেৰে অভিনৱধৰণে সংগীত জগতত প্ৰৱেশ কৰা দীক্ষুৰ পৰৱৰ্তী গীতসমূহতো এনে আশাবাদ অথবা ৰূপান্তৰৰ ছবি দেখা পোৱা নাযায়।
এই উপলব্ধিখিনি বুজাবলৈ ‘বৰষুণ’ বিষয়ক কেইটিমান গীতৰ বিষয়ে উল্লেখ কৰিব পাৰি। নৱকান্ত বৰুৱাৰ ৰছনাৰে বীৰেন্দ্ৰনাথ দত্তই গাইছিল ‘বৰষা তোমাৰ চকুত মেঘৰ অঞ্জন, ওঁঠত কদম ফুলৰ হাঁহি, বিজালী লতাৰে তোমাৰ কবৰী বন্ধন”।গীতটি অতি উচ্চ পৰ্যায়ৰ সাহিত্যিক মূল্য থকা বৰ্ষা-বন্দনা বুলিব পাৰি—এনে অপূৰ্ব শব্দচয়ন অসমীয়া গীতি সাহিত্যত প্ৰায় বিৰল। সমাজ পৰিবৰ্তনৰ আশাৰে কৃষকৰ হাহাকাৰ, গ্ৰাম্য অসমৰ ছন্দক উজ্জীৱিত কৰি ভূপেন হাজৰিকাই লিখা এটি গীতত বৰষুণ হৈ পৰিছে জীৱনৰ নতুন ‘মেটাফ’ৰ( metaphor), য’ত এজাক ব’ৰষুণ কেৱল ব’ৰষুণ হৈ থকা নাই--সি হৈ পৰিছে কৃষকৰ সংগ্ৰামৰ সঞ্জীৱনী সুধা—
“মেঘে গিৰ্ গিৰ্ কৰে
আহা হিৰ্ হিৰ্
মেঘে কৰে,
এজাক যেন বৰষুণ
আহো আহো কৰে
বহুদিনে চন পৰা
মোৰ গাঁৱৰ
মাটিডৰা
চহ কৰি সেউজ
কৰিম
আনন্দে নধৰে,
ধান নিদিওঁ,
ঋণো নলওঁ
সুদো নিদিওঁ
আৰু,
মহাজনৰ নিঠুৰ
বুধি
সহো কেলেই বাৰু,
বহুতো যে ঘাম
সৰালো
তেজো বুকুৰ বহু
দিলো
কাঁচিখনত শাণ
দিলো
সাহস ভৰি পৰে….”
শ্ৰোতাৰ কাণত সঘনে বাজি থকা ‘বৰষুণ’ বিষয়ক পৰৱৱৰ্তী পৰ্যায়ৰ
তিনিটাকৈ গীত হৈছে (১) জুবিন গাৰ্গৰ কণ্ঠৰ-- টোপাল টোপাল
বৰষুণে আহি, চকুৰ পতাত আজি চুমা দি যায়, মেঘৰ নাচোনে পৃথিৱী কঁপালে, সেউজ অহাৰ আজি
বাতৰি পায় , উপচি আহে কলিজাৰে জোৱাৰ, কোহে কোহে শুণে গীতি নৱ ৰসাল....(২) দীক্ষুৰ
কণ্ঠৰ—নামি আহা বৰষুণ, সৰু সৰু আঙুলিৰ ফাঁকেৰে নামি আহা বৰষুণ, চকুৰ কাজল তিয়াই,
বুকুৰ আঁচল কঁপাই,, এজাক প্ৰেমৰ খৰিকাজাঁই ...(৩) অনিন্দিতা পালৰ কণ্ঠৰ—ক’ৰ
এজাক সপোন যেন ব’ৰষুণ, ধূলিৰ ওৰণি ঠেলি ভাহি আহে, কোমল মাটিৰ গান গুণ গুণ গুণ.. । কেউটি
গীতেই শব্দালংকাৰ, সংগীতসজ্জাৰ দিশেৰে অনন্য। কিন্তু গীতি-সাহিত্যৰ দিশেৰে সমাজ ব্যৱস্থাৰ ৰূপান্তৰৰ
মোহন মন্ত্ৰ থকা গীতটি অৱশ্যেই ভূপেন হাজৰিকাৰ। পাৰ্থক্য এইখিনিতেই।
সমকালীন সময়ৰ এই শিল্পীসকলৰ জনপ্ৰিয়তাৰ বাবেই অসমৰ গাঁৱে-ভূঞে বিহুকেন্দ্ৰিক সন্মিলনবোৰো অবাধ হাৰত আয়োজিত হবলৈ ধৰিছে। আচৰিতধৰণে ভূপেন হাজৰিকাৰ দৰে স্বনামধন্য শিল্পীয়ে অসমীয়া জাতিৰ প্ৰতীক বুলি ‘বহাগ’ আৰু ‘ব্ৰহ্মপুত্ৰ’ক লৈ অসমীয়া গীতি-সাহিত্যত যিধৰণৰ যাউতীযুগীয়া ‘মেটাফ’ৰ’(metaphor) বোৰৰ সৃষ্টি কৰিছিল-ব’হাগক ‘অসমীয়া জাতিৰ আয়ুস ৰেখা’ আৰু ‘গণজীৱনৰ সাহ’ বুলি কৈছিল—গাঁৱে গাঁৱে বিয়পি পৰা বিহুকেন্দ্ৰিক সন্মিলনবোৰত এইধৰণৰ গভীৰ গীতি-সাহিত্যৰ প্ৰতিফলন দেখা পোৱা নাযায়। গ্লেমাৰ, উপৰুৱা চাক-চিক্যৰ আঁৰত জনজীৱনৰ ছন্দ আৰু হাহাকাৰ ক’ৰবাত হেৰাই গৈছে, গীতৰ কথাংশলৈ সেইবোৰ উঠি অহা নাই।
ভূতৰ ওপৰতে দানহৰ দৰে একবিংশ শতিকাৰ প্ৰথমটো দশকৰপৰা সুলভ হৈ পৰা অসমীয়া ভাষাকেন্দ্ৰিক বৈদ্যুতিন মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানবোৰে এই শিল্পীসকলৰ অনুষ্ঠানবোৰৰ ‘লাইভ টেলিকাষ্ট’ দেখুৱাবলৈ ধৰিলে—যিবোৰত, “বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ, জুহালতে জুতি লবি সাজৰ বাটি লৈ, অ’ বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ, কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ”ৰ দৰে তৰাং গীতৰ প্ৰচাৰহে সণ্টালনি হৈ পৰিল।
প্ৰকৃত শিল্পী একোজন যুগদ্ৰষ্টাও। তেওঁ নিজে বিনন্দীয়া সৃষ্টিৰ আলোকেৰে আলোকিত হোৱাৰ লগতে সমকালীন সমাজৰ ব্যক্তিসকলকো সেই আলোকেৰে আলোকিত কৰিবলৈ বিচাৰে। সেয়েহে সকলো শিল্পীৰ এক প্ৰাথমিক চৰ্ত হৈছে সমাজৰ প্ৰতি দায়বদ্ধতা। নিজৰ আচৰেণেৰে, সৃষ্টিৰ মাজেৰে তেওঁ এই দায়িত্ব পালন কৰি যায়। মনত পৰে, ১৯৮১ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষ্যত ভূপেন হাজৰিকাৰ সংগীতৰ অনুষ্ঠান প্ৰথমবাৰৰ বাবে চোৱাৰ শিহৰণকাৰী মুহূৰ্তলৈ। এখন টেবুলত হাৰমনিয়াম-তবলা আৰু কেইপদমান সামান্য বাদ্যযন্ত্ৰৰে অনুষ্ঠান আৰম্ভ কৰিবলৈ আহি তেখেতে পোনতে পৰিবেশন কৰিছিল—‘মোৰ গীতৰ হেজাৰ শ্ৰোতা, তোমাক নমস্কাৰ’ৰ দৰে অনুপম সৃষ্টিৰে। সেই সময়ত বয়স আছিল মাথো দহ বছৰ, কিন্তু মঞ্চত শিল্পীৰ আচৰণৰ মাজেৰেই যেন বুজি উঠিছিলোঁ সামাজিক দায়বদ্ধতাৰ প্ৰকাশ! সেইদৰেই গণশিল্পী খগেন মহন্তৰ সংগীত পৰিবেশনৰ অনুষ্ঠান চোৱাৰো শিহৰণকাৰী অভিজ্ঞতা আছে।এইসকলে যেন পৰিবেশনাৰ মাজেৰে শ্ৰোতাৰ বৌদ্ধিক স্তৰ উন্নত কৰি তোলাৰ প্ৰয়াসহে কৰে আৰু সংগীতৰ originality-ৰ মাজলৈ লৈ যায়, যি আমাৰ অন্তৰ সমাহিত (soothing)কৰে। সেয়েহে আজিকালি যেতিয়া ‘ফিউজন’ (fusion) সংগীতৰ মায়াজালত আধুনিক মঞ্চবিহুত ‘তো ঘঁ ইপাএ, মো ঘঁ সিপাএ মাজতে বোঁৱতী নৈ, চআই হোৱা হলে…অ চআই হোৱা হ’লে…’বুলি শুনা পাওঁ, তেতিয়া পুৰণিসকলৰ পৰিবেশনাৰ শৈলীলৈ মনত পেলাই মনতে আশ্বাস লভোঁ যে, মঞ্চ উপস্থাপনাৰ সিপাৰে সমৃদ্ধ গীতি-সাহিত্যৰ মজিয়াত ঐতিহ্যৰ চেতনাৰে বৈ অহা ‘তোৰ ঘৰ ইপাৰে, মোৰ ঘৰ সিপাৰে, মাজতে বোৱতী নৈ, চৰাই হোৱা হ’লে উৰি গলোঁহেঁতেন দুকাষে দুপাখি লৈ’’ বুলি স্বভাৱ কবিৰ মুখেৰে ওলাই কালিকা লগা নামষাৰহে যুগমীয়া হৈ ৰব।
অসমত প্ৰগতিশীল, বাওপন্থী চিন্তাৰে গণসংগীতৰো এক সমৃদ্ধ ধাৰা আছে।কেশৱ মহন্ত, মঘাই ওজা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, খগেন মহন্তৰ দৰে স্বনামধন্য শিল্পীয়ে ইয়াৰ ঐতিহ্য ধৰি ৰাখিছে। কিন্তু নব্বৈৰ পৰৱৰ্তী সময়ৰ জাতীয় জীৱনৰ, কৃষক জীৱনৰ অঙাৱনীয় সংকটৰ প্ৰতিফলন এই ধাৰাৰ গীতসমূহতো এতিয়া দেখিবলৈ পোৱা নাযায়। নতুন নতুন গণসংগীতৰ সৃষ্টি হ’বলৈ লাগিলে তাৰ সৈতে এখন উদ্দীপনাময় গণসংগ্ৰাম লাগিব।গণসংগ্ৰামেই হৈছে গণসংগীতৰ জীপাল ক্ষেত্ৰ। সময় বাগৰিছে, দেশৰ উন্নতি হৈছে, কিন্তু কৃষক-শ্ৰমিকৰ সংকট আঁতৰিছে জানো? গাঁৱত এতিয়া ধনী মহাজন নাই সঁচা, কিন্তু তাতোকৈও ভয়ংকৰ শতৰু বাহিৰৰপৰা সোমাই আহিছে মাটি দখল কৰিবলৈ। বুলডজাৰেৰে কৃষকক মাটিৰপৰা উৎখাত কৰিছে। খহনীয়াত পৰি হাজাৰ হাজাৰ মানুহ মথাউৰিত জীয়াই আছে। এসময়ত বাওপন্থীসকলে ধনী মহাজনৰ হাতৰপৰা মাটি দখল কৰিবলৈ সংগ্ৰাম কৰিছিল। সৃষ্টি হৈছিল গীতৰ মাজেৰে—“ধ্বংস কৰ, ধ্বংস কৰ, ধনীৰ অহংকাৰ, দয়া-মায়া নকৰিবি, ক্ষমাৰ দিন যে গ’ল, হাল-কোৰ-দা হাতুৰী লৈ, ৰণলৈ যাও ব’ল”-ৰ দৰে থৰ থৰ শব্দৰ। আজি সেই উদ্দীপনাময়, অভিনৱ উদ্ভাৱনী কৌশলৰ গণসংগ্ৰাম এখন নাই। হয়তো সেইবাবেই গণসংগীতৰ ধাৰাও নিস্তেজ!
সংগীতেই হওক বা সাহিত্যই হওক— সৃজনীশীলতা কিন্তু এক গ্লেমাৰাছ কাৰবাৰ নহয়। স্ৰষ্টা কোনোমতেই জনসাধাৰণৰপৰা বিচ্ছিন্ন হ’ব নোৱাৰে। তেওঁলোকৰ দুখ-দুৰ্দশা, হাহাকাৰবোৰৰপৰা নিজকে পৃথক কৰি তুলিব নোৱাৰে। সৃজনীশীলতাক লালন(maintain) কৰাটোও এক কলা-এই কলাৰ বাবেও সাধনাৰ প্ৰয়োজন, যাৰ অভাৱে স্ৰষ্টাক ভুল পথে লৈ যায়।
-ৰত্না ভৰালী তালুকদাৰ
১৭-০৪-২০২৪
No comments:
Post a Comment