Sunday, 28 April 2024

 

সামাজিক-ৰাজনৈতিক  সংবেদনা আৰু শ্ৰেণীদ্বন্দৰ পৃষ্ঠত  দিলীপ  ফুকনৰ  ইমে'ইজ (image) আৰু  মেটাফ'ৰবোৰে  (metaphor) অসমীয়া সাহিত্যক প্ৰদান কৰা ঋদ্ধি

 --ৰত্না ভৰালী তালুকদাৰ



গভীৰ সামাজিক-ৰাজনৈতিক সংবেদনাক  পৃষ্ঠত ৰাখি বোৱতী ধাৰাৰে লানি নিছিগাকৈ অহা  ইমে'ইজ (image)  আৰু মেটাফ'ৰবোৰে (metaphor) দিলীপ  ফুকনৰ  সাহিত্যক  গাঢ় কৰি তুলিছে।  অসমীয়া   কাব্যসাহিত্যৰ  এগৰাকী উল্লেখনীয় কবি  আৰু উপন্যাসিক দিলীপ ফুকনে তেওঁৰ সাহিত্যকৃতিৰ  মাজেৰে  আমাক কি দিলে বুলি প্ৰশ্ন কৰিলে, পোনচাটেই মনলৈ অহা উত্তৰটো  হৈছে  যে, একেবাৰে নতুন  ধৰণে  সৃষ্টি কৰা  ইমে'ইজ আৰু  মেটাফ'ৰবোৰৰ মাজেৰে কিছুমান হৃদয়বিদাৰক  কাহিনী নতুনকৈ লিখি  তেওঁ পাঠকক দিলে--যিবোৰ নিৰ্মম আৰু কৰুণ  হৈয়ো জীৱনদায়িনী আশাৰে বিধৌত।

সৃষ্টিশীল লোক এজনে, বিশেষকৈ কবিয়ে  মন পছন্দৰ একোটা  ইমে'ইজ  বা মেটাফ'ৰ বিচাৰি পাবলৈ দিন-ৰাতি একাকাৰ কৰি কালাতিপাত  কৰে--সততে নিৰ্জনতাত বাস  কৰে  আৰু  প্ৰায়েই  হতাশাত  বুৰ  যায়। এই নিৰ্জনতা  পলায়নবাদিতা নহয। এয়া  কোলাহলমুখৰ, নিৰ্মম  বাস্তৱতাৰপৰাই  নিজৰ  বাবে বিচাৰি  উলিওৱা  ক্ষণিকৰ সৃষ্টিশীল নিৰ্জনতাহে। এনে নিৰ্জনতাৰ কালত খূব  কম  সংখ্যক  সৌভাগ্যবান  কবি  অথবা সাহিত্যিকৰ হাততহে  কালৰ  সত্যক ধৰি ৰখা  সেই   ইমে'ইজ  আৰু  মেটাফ'ৰবোৰ বোৰে ধৰা দিয়ে--যিবোৰ সাহিত্যৰ গুণৰে সমাদৃত  আৰু একে আষাৰে পাঠকৰ মন জয় কৰিব পৰাকৈ অন্তৰস্পৰ্শীও। 

দিলীপ ফুকনৰ সাহিত্যৰ পঠনে আমাক সেইধৰণৰ পূৰ্ণতাৰ মাজলৈ লৈ যায়, যিখিনি ঠাইত উপনীত হ'লে ভাৱ হয় যে প্ৰকাশৰ মুখ দেখিবলৈ কবিৰ হাতলৈ কিছুমান ছবি অথবা প্ৰতীক  নিজে  নিজেই  আহি  উপস্থিত  হ'লহি--তেওঁ সেইবোৰ কষ্ট কৰি বিচাৰিবলগীয়া হোৱা নাই। এইবোৰ যেন উচ্ছল  বোৱতী সুঁতি।নিমজ। এটা কথা ঠিক যে, অসমৰ দৰে সুষমা-নিৰুপমা প্ৰকৃতিৰ মাজত থকা কবিৰ বাবে  কবিতাৰ পংক্তিলৈ  এইবোৰ তুলি  অনাটো  সিমান কঠিন কাম  নহয়--কিন্তু   কঠিন কাম হৈছে গভীৰ জীৱন সত্যৰ  মাজেৰে  একোখন ছবি, প্ৰতীক বা ৰূপকবোৰ পাৰ  কৰাই  অনাটোহে। দিলীপ ফুকনৰ  সাহিত্যত নিৰ্মাণ আছে। কিন্তু গভীৰ মানৱতাবোধ, নিম্নবৰ্গৰ  মানুহৰ প্ৰতি বিৰল মমত্বগাওঁ পাতি বাস কৰা মানুহবোৰৰ সহজাত জীৱনবোধ আৰু সৰলতাৰ প্ৰতি থকা অকুলতা, প্ৰকৃতিৰ সতে দীঘলীয়া সময়ৰবাবে একাত্ম হৈ থাকিব পৰা গুণবোৰে তেওঁৰ  কবিতা আৰু উপন্যাসৰ শাৰীবোৰক  আচৰিতধৰণৰ জীৱনীশক্তি প্ৰদান কৰিছে বাবে  নিৰ্মাণ  প্ৰক্ৰিয়াই অতি  স্বচ্ছন্দ্যে পাঠকৰ  হৃদয় স্পৰ্শ কৰে।

এই কামটো তেওঁ কিদৰে সম্ভৱ কৰি তুলিছে? কোনখিনি জেগাত তেওঁ সমসাময়িকসকলতকৈ  পৃথক। আৰু  অনন্য। এইখিনিতেই যেলোকজীৱনৰ সমগ্ৰতা  আৰু  লোকজীৱনে ধৰি ৰখা  প্ৰৱাহমান সংস্কৃতিক  গভীৰ অন্তৰ্দৃষ্টি  আৰু  মমতাৰে চাবলৈ তেওঁ যি চকুযুৰি ব্যৱহাৰ কৰিছে, সেই চকুযুৰি দ্বান্দ্বিক। সামাজিক-ৰাজনৈতিক চেতনাৰে(social-political consciousness) পুষ্ট।আৰু এবিধ সঁজুলি তেওঁৰ আছেযি সঁজুলি ব্যৱহাৰ কৰিব নাজানিলে  সামাজিক-ৰাজনৈতিক চেতনায়ো অভীপ্স লক্ষ্যৰ দিশে সঠিকভাৱে খোজ দিবলৈ নোৱাৰে--সেয়া  হৈছে প্ৰখৰ  শ্ৰেণীচেতনা। কিন্তু যিটো  কথাই আমাৰ দৃষ্টি কাঢ়ি নিয়ে সেয়া হৈছে সামাজিক-ৰাজনৈতিক চেতনা  আৰু  শ্ৰেণীচেতনাক   প্ৰখৰ কৰি তুলিবলৈ অলংকাৰ হিচাপে তেখেতে সাহিত্যলৈ লৈ আনিছে লোকজীৱন আৰু লোক-সংস্কৃতিৰ  বিৰল  অনুসন্ধিৎসা--যিটো একক। যাৰ অবিহনে হয়তো  গভীৰ  সামাজিক আৰু ৰাজনৈতিক চেতনা শ্ল'গানলৈ পৰিণত হৈ  পৰিলেহেঁতেন।

 কেইটিমান কবিতাৰ শাৰীঃ

সোমবৰী' নামৰ কবিতাটি কথাই ধৰা যাওক। সোমবৰী আদিবাসী মাতৃ। ৰুক্ষ।শুকান। অসহায়। কবিতাটিত এখন   ইতিহাস শায়িত হৈ আছে ।ইতিহাসৰ নিৰ্মাণৰ নিৰ্মম প্ৰক্ৰিয়াত কোন-কাহানিবাতে সোমবৰী ভূমিৰপৰা উৎখাত(uprooted)হৈছে। কিন্তু  কবিতাত এই  ইতিহাস লিখা হোৱা নাই। চেতনাৰ গভীৰ সামাজিক- ৰাজনৈতিক পৃষ্ঠত  এই   ইতিহাস  শুই আছে--যি অদৃশ্য হৈও দৃশ্যমান।  কবিতাত আছে সোমবৰীৰ কাহিনী।  আদবাসী মাতৃ সোমবৰীয়ে জন্ম দিছে সাতটাকৈ শিলৰ সন্তান।  দিলীপ ফুকনৰ কবিতাত শিল প্ৰায়েই  মৃত  অথবা পৰাজিত  মানুহৰ প্ৰতীক  হৈ উঠে।  কবিতাটোত ইমে'ইজ অৰ্থাৎ ছবি, আৰু মেটাফ'ৰ অৰ্থাৎ ৰূপকবোৰ এজাক ছিন্নমলূ মানুহৰ জীৱনৰ নিৰ্মম দুখ, ক্ষোভৰ মাজেৰে  ইমান  শৃংখলতিভাৱে ওপৰা-ওপৰি (overlapping) হৈ  গৈছে যে, এই ওপৰা-ওপৰিত  সোমবৰী বাস  কৰা সমাজখনৰ  প্ৰতিজন মানুহ  হৈ  পৰিছে অস্বাভাৱিক । অসংলগ্ন। সেই জীৱনক জীৱন বুলি কব পৰা যায়নে?  কবিতাটোৰ দৃশ্যগত(visual) উপস্থাপনা ইমান জীৱন্ত যে,  পাঠকে  অতি  ভয়ংকৰ পঠনৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়। এনে কবিতা শৰীৰত বা মননত  হজম কৰি দিয়া সহজ কথা নহয়।

দিলীপ ফুকনৰ  কবিতাৰ এটা বৈশিষ্ট  হৈছে  যে,  প্ৰায়েই  তেওঁৰ কবিতাৰ কিয়দাংশ উদ্ধৃতি নোৱাৰি। কিয়নো এটা  শব্দৰ সতে তাৰ পিছৰটো, এটা শাৰীৰপৰা তাৰ পিছৰটো ইমান মিহিকৈ নেদেখা সূতাৰে গথা হৈ থাকে যে,  ৰসঘন ইমে'ইজ তথা মেটাফ'ৰৰ ওপৰা-ওপৰিৰ বাবে টুকুৰা এটা ছিঙি লৈ পৃথকভাৱে ব্যাখ্যা আগবঢ়াব পৰা নাযায়। এনেক্ষেত্ৰত  সমগ্ৰ কবিতাটোকেই উদ্ধৃতিৰ  আওতালৈ আনিবলগীয়া হয়। বহুসময়ত তেওঁ কবিতাক ব্যাখ্যাতীত পৰ্যায়লৈ  লৈ  গৈছে। ইমান নিৰ্মম বিৱৰণী  ব্যাখ্যাই যেন সৰু কৰিহে পেলাব!তাতকৈ বাৰে বাৰে  মূল কবিতা পঠন কৰি ভয়ংকৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হোৱাই ভাল।  

 সোমবৰী

(নেপথ্যতঃ এঘাৰ মিলিয়িন চাহপাত উৎপাদনেৰে

কোম্পাণীৰ অভিলেখ স্থাপন/ বিশ্বৰ বজাৰত পালে সৰ্বোচ্চ দাম)

 

বাগিচাত বোনাছৰ বাতৰি বিয়পি পৰাৰ দিনটোতে

হয়, সেইদিনাই সোমবৰীয়ে প্ৰসৱ কৰিলে

সপ্তমটো শিলৰ শিশু।

শিলাপিণ্ডলৈ চাই তাই এসোপা থুই মাৰি দিলে।

 

যোচেফে  শুৱাই  থৈ আহিল সপ্তমটো শিলৰ সন্তান

মাটিৰ গৰ্ভত আৰু সাত গিলাছ ফটিকা পিলে/

সি আজিও মাদলৰ মাতহে শুনে,

তাৰ কম্পিত ক'লা উদং কলাফুল, তাৰ নষ্ট তনু ধৰি ৰখা

ছয়া-ময়া এজনীৰ সতে পাৰ নাচি নাচি হ'ল ওৰেটো বাট

কাল্পনকি কঁকালত ধৰি।

 

ধুনীয়া ধুনীয়া নাম দিলে সোমবৰীয়ে

ভূ- শায়িত সাতোটা সন্তানৰ,

কেঁচাপাত ছিঙি চটিয়ালে সঞ্জীৱনীজল

সাতোটাৰে  মূৰত।

 

তাইৰ হাতৰ আঙুলিবোৰ ঢৌ খেলি খেলি

ঢৌ খেলি খেলি যেন এখন হাৰমণিয়ামত আঙুলি বুলাইছে

বোবা কণ্ঠ ফাটি ওলাব খুজিছে এখন কজলা নৈ।

সোমবাৰে

সোমবৰীয়ে আকৌ এবাৰ থুৱাই দিলে।

অসমৰ চাহবাগিছা, ইয়ালৈ  লৈ অহা তাহানিৰ  প্ৰব্ৰজিত আৰু পৰাজিত মানুহবোৰৰ  তথ্য-পাতি, কবিতাগল্প-উপন্যাসেৰে সাহিত্যৰ  ভঁৰাল উপচি আছে। কিন্তু  গভীৰ সামাজিক-ৰাজনৈতিক চেতনাৰ পৃষ্ঠত শ্ৰেণীদ্বন্দৰ মাজেৰে উঠি অহা ‘সোমবৰী'ৰ  দৰে  নিৰ্মাণ, অনুসন্ধিৎসা আৰু দৰদ   প্ৰায় বিৰল বুলিবই পাৰি।

 অলৌকিক  এসন্ধ্যা'ৰ কেইটামান শাৰী তুলি দিয়াৰ লোভো সামৰিব নোৱাৰি--

 মাদল বাজিছে।

তিং লা তিতাংঃ ধিংলা ধিতাং

 

এই মাদল বাদক,গায়ক আৰু নাচনীহঁত মৰা।

কালি চুলাই সেৱন কৰি যিসকল মৰিল

তাৰ ভিতৰত ইঁহতো আছিল। ইঁহতৰ ডেডবডিবোৰ

এতিয়াও পৰি আছে। পুলিচ-প'ষ্টমৰ্টেম

মেডিকেল--এনেকুৱা কিছুমান ঝামেলা আছে,

সময় লাগিব। সুৰুঙা পাই ইঁহত অলপ ওলাই আহিছে

...

...

মাদল বাজিছে ।

সুহুৰি মাৰিছে। কামজুই  নুমাব নোৱাৰি কিছুমান দৰ্শক মঞ্চত উঠিছে।

হাত মেলি খেপিয়াই ফুৰিছে নাচনীৰ কঁকাল, বাৰে বাৰে শূন্যতাই এচাৰ মাৰি এৰুৱাইছে

হাত, বাৰে বাৰে খেপিয়াই ফুৰিছে কঁকাল।

'ত পাব কঁকাল? কঁকালবোৰ যে কালিয়েই হাৱা হৈ গ'?'

 

এনে তীক্ষ্ণ  দ্বান্দ্বিক  অন্তৰ্দৃষ্টি আছে লোকজ চেতনাৰে অহা ‘আয়তীসকল দৰে কবিতাত। ঐতিহ্যচেতনাত যেতিয়া দ্বান্দ্বিক অন্তৰ্দষ্টি সংশ্লেষিত হয়,  তেতিয়াই হয়তো কাব্যলৈ উঠি আহে নতুন ইমে'ইজ আৰু মেটাফ'ৰৰ এনে অনুপম শাৰী--

 কোন কাহানিবাতে মৰি এঙাৰ হোৱা আয়তীসকল

আকৌ ওললাহি,

মুখত ঐৰাম,..আকৌ সেই বিয়ানাম

দুৰ্বাঘাটে পানী তোলে...

 

সেই একেই--

কোনোবাগৰাকীৰ ডিঙিত গঁৰল

কোনোবাগৰাকী কূঁজা হৈ পৰা

কাৰোবাৰ ভৰিত শামুকীয়া।

পৰিত্যক্ত প্ৰাচীন ভাস্কৰ্যৰ দৰে তেওঁলোকৰ মুখবোৰ

 

ছাই আৰু ধোঁৱাৰে ধূসৰিত মুখবোৰ

অন্ধকাৰ গুহাৰ দৰে মুখবোৰ

মৰণৰ পাছতো ওৰণিৰে ঢকা আছিল।

পঢ়ি  থকাৰ সময়ত  কেতিয়াবা কেতিয়াবা   এইবোৰ  সাহিত্যৰ  stream of consciousness বাগধাৰাৰ  অন্তৰ্মুখী চেতনাৰ   স্বগতোক্তি  বা স্ব-কথনৰ (monologue) দৰে  শোকৰ  অন্তহীন  গাথা যেন  লাগে। যদিওদৰাচলতে এইবোৰ আহৰিত হৈছে   গভীৰ  সামজিক-ৰাজনৈতিক  প্ৰেক্ষা  আৰু দ্বান্দ্বিক চেতনাৰপৰাহে।

 নাৰীৰ  প্ৰতি থকা সন্মান,   বিৰল  সংবেদনাৰ বাবেই  বহুতো সফল কবিতাই তেওঁৰ হাতত  আশ্বৰ্যকৰ নিৰ্মাণ লাভ কৰিছে। এইবোৰ মাথোন উপৰুৱা ইননি-বিননি নহয়। উপযুক্ত  আৰু প্ৰাসংগিক  প্ৰেক্ষাত এইবোৰ  প্ৰতিষ্ঠা কৰা হৈছে। দ্ৰৌপদী,   তৰমূজ কুঁৱৰীৰ সাধুৰ দৰে কবিতা পাহৰিব নোৱাৰা অভিজ্ঞতা। পাঠকে উমান পায়, মাথোন সাহিত্যিকৰ  নাৰীকেন্দ্ৰিক তৰাং gossip বা পৰচৰ্চাৰ মাজেৰে তেওঁ  নাৰীৰ বেদনা উপলব্ধি কৰিবলৈ বিচৰা নাই।  দিলীপ ফুকনৰ  নাৰীকেন্দ্ৰিক  কবিতাৰ  পঠনে আমাক   নাৰীৰ ‘ঐতিহাসিক পৰাজয়ৰ'ৰ দৰে নাৰীবাদী তত্বৰ মাজলৈ অজানিতে লৈ যায়।  ‘শিলাচ্ছবি' নামৰ বহুচৰ্চিত কবিতাচিত  ঐতিহ্য চেতনাৰ সমান্তৰালধাৰাৰে এনে  সংবেদনাহ  কিদৰে  জীৱনদায়িনী শব্দ লৈ আহিছে  তাক চাবলৈ কেইটিমান শাৰীয়েই যথেষ্ট

 

‘দ-পৰ্বতীয়াৰ সেই ছোৱালী দুজনীক লৈ

কেইদিনমান ভাল জমিলে।

দুজনী শিলৰ কন্যা

নাম গঙ্গা যমুনা

কাগজত এটা বিজ্ঞাপন ওলাল

গঙ্গাক দৰা লাগে কাষ্ট ৰিলিজিয়ন ন' বাৰ

যমুনাক  চাকৰি লাগে

শতাব্দী শতাব্দী জুৰি থিয় হৈ থকাৰ অভিজ্ঞতা আছে'

এইদৰেই  কবিয়ে পাঠকক এক বিস্ময়কৰ সংবেদনাৰ বাটেৰে লৈ  যায়। অৱশ্যে সকলো কবিতাই এনেকুৱা বিস্ময়কৰ কাহিনী আমাক কোৱা নাই। কিন্তু দিলীপ ফুকনে অসমীয়া সাহিত্যত সামাজিক-ৰাজনৈতিক-দ্বান্দ্বিক-নাৰীবাদ- প্ৰকৃতিপ্ৰেম-লোকজ আৰু  ঐতিহ্যচেতনা  আদি  বিভিন্ন  বাগধাৰাৰ আলোকেৰে পঢ়ি চাব পৰাকৈ এলানি সাৰ্থক কবিতা আমাৰ হাতত তুলি দিছে। তেওঁৰ প্ৰতিটো কবিতাই linear কথনশৈলীৰ  সীমাবদ্ধতাক অতিক্ৰম কৰিব পৰাটোও এটা সুখৰ কথা। কিয়নোএনেধৰণৰ প্ৰেৰণাদায়ী কবিতা  মাথোন কবিতাই নহয়, বৰঞ্চ নতুন প্ৰজন্মৰ কবিৰ  বাবে এই কবিতাবোৰ একোখন কৰ্মশালাৰ দৰেও । 

দৈৱাৎ এহালি দেওহাঁহ, দুনাই অগ্নিত আখৈ ফুটে, দৈকলা সাঁতোৰে য', জলপদুমৰ পানচৈ  আদিৰ দৰে  গ্ৰন্থৰ নামাকৰণৰ বাবে যিসকলে দিলীপ ফুকনৰ সাহিত্যত মাথোন ঐতিহ্যবাহী, লোকজ চেতনাহে দেখা পায়--তেওঁলোকে  এনেধৰণৰ সাহিত্যৰ  বিচিত্ৰতাক সীমাবদ্ধ কৰি পেলোৱা যেনহে  লগে।

 জলপদুমৰ পানচৈঃ

 দিলীপ  ফুকনৰ ‘জলপদূমৰ পানচৈ' হৈছে এখন অনুপম লীৰিকেলধৰ্মী (Lyrical) উপন্যাস, 'ত জীৱন হেৰুওৱা এচাম মানুহৰ জীয়াই  থকাৰ সংগ্ৰামৰ সতে তেওঁলোকৰ  অধিকাৰৰ  প্ৰতিষ্ঠাৰ এখন বিৰতিবিহীন  সংগ্ৰাম  সমান্তৰাল  ধাৰাৰে  আগবাঢ়ি  আহিছে  আৰু  দুয়োখন  সংগ্ৰাম  কাবি্যক কথকতাৰ মাজত একাকাৰ  হৈ  গৈছে। ইয়াত আছে  কৃষকৰ বেদনা। গাওঁ পাতি  বাস কৰা এজাক  মানুহে  গাওঁ হেৰুওৱাৰ বেদনা। তেওঁলোক কৃষিজীৱি। কেতিয়াবা তেওঁলোকৰ গাওঁবোৰ নদীয়ে ভাঙিছে, কেতিয়াবা মানুহৰ নিষ্ঠুৰতাৰ বাবে তেওঁলোক  নিজৰ বসতিৰপৰা উৎখাত হৈছে।

মানুহৰ  থাকে  গাওঁ পাতি নিগাজিকৈ  বাস কৰাৰ চিৰকলীয়া হেঁপাহ আৰু  আকুলতা। শইচে -মৎসে অনুপম  গাওঁ একোখনে এতিয়াও ধৰি ৰাখে  মানুহৰ  প্ৰাচীন  সভ্যতা। কিন্তু গাওঁ  উচন যায়। কেতিয়াবা  বাহিৰা শক্তিৰ আক্ৰমণত, কেতিয়াবা মাৰি-মৰকত, কেতিয়াবা নদীয়ে গাওঁ  ভঙাৰ  বাবে আৰু কেতিয়াবা নিজৰ  মানুহৰেই  আক্ৰোশত।  তথাকথিত প্ৰভাৱশালী গোষ্ঠীয়ে subdued বুলি মোহৰ মাৰি দিয়া এই গাওঁ পাতি বাস কৰা নিৰন্ন মানুহৰ জীৱন কিমানধৰণে যে  সমৃদ্ধ  হ'ব পাৰে!এধনি এধানি জীৱনত  থাকিব পাৰে কত সাঁথৰ। লোকগাথা। আৱেগ আৰু  হেঁপাহ। এটি  প্ৰজন্মৰপৰা আন  এটি  প্ৰজন্মলৈ এইবোৰ বাগৰি আহে। নিৰ্মাণ হয় একোটা সংস্কৃতিৰ।  নিৰ্মাণ হয় গাওঁকেন্দ্ৰিক সভ্যতাৰ। নিৰ্মাণ হয় জীৱন। জীৱনে পাৰ ভাঙি যায়।

সেই গাওঁ যেতিয়া হেৰায়, মানুহে  হেৰুৱায়  আজন্মৰ  বসতিস্থল আৰু খেতিৰ পথাৰ-- আৰু সৰ্বোপৰি ন্যস্তস্বাৰ্থজড়িত  মানুহৰ ষড়যন্ত্ৰই যেতিয়া ভাঙি দিয়ে সকলো প্ৰতিবাদ আৰু প্ৰতিৰোধ--তেতিয়া গাওঁ  পাতি বাস কৰা  মানুহবোৰৰ কি হয়? মানৰ আক্ৰমণৰ কালৰপৰা  দেশে স্বাধীনতা লাভ  কৰাৰ পিছলৈকে এচোৱা বিস্তৃত সময়ক সামৰি লৈ ধনশিৰি-ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক ঠাইখণ্ডত বাস কৰা মানুহবোৰৰ জীৱনৰ সংগ্ৰাম আৰু প্ৰতিৰোধ  কেতিয়াবা  প্ৰকৃতিসৃষ্ট  আৰু কেতিয়াবা মানৱসৃষ্ট ষড়যন্ত্ৰ আৰু আক্ৰোশত বাৰে বাৰে পৰাজিত হৈ পৰাৰ অনুপম  কাহিনীয়েই হৈছে  ‘জলপদুমৰ পানচৈ'। প্ৰখৰ সামাজিক-ৰাজনৈতিক চেতনা, শ্ৰেণীচেতনালোকসম্পদৰ অনুপম ব্যৱহাৰৰ মাজেৰে  জীৱন-মৰণ-প্ৰেম-প্ৰতিবাদ-প্ৰতিৰোধ-শঠতা-ষড়যন্ত্ৰৰ অনুপম  দলিল হৈ  উপন্যাসৰ কাহিনীয়ে গতি কৰিছে।

 উপন্যাসৰ পঠনে আমাক কয় যে মানুহৰ বাবে জীৱন-মৰণৰ সংগ্ৰামখন, প্ৰতিবাদ আৰু প্ৰতিৰোধবোৰেই জীৱনৰ  সাৰকথা। জয় অথবা পৰাজয় নহয়। জয়-পৰাজয়ৰ হিচাপ নথকা এনে সংগ্ৰামী কাহিনী কবলৈ আচলতে প্ৰয়োজন হয় লেখকৰ একধৰণৰ নিজস্ব  দৰ্শনৰ। হয়। ইয়াত তেওঁ মানুহৰ সংগ্ৰাম, প্ৰতিবাদ আৰু প্ৰতিৰোধ আনিছে। কিন্তু সেয়া তত্ব আধাৰিত নহয়। প্ৰতিকূল  প্ৰকৃতি- যি একেধাৰে সৰ্বশক্তিমান আৰু ক্ষয়ংকৰীঅসহায় মানুহবৰ্ণবাদী চেপেনা, মানুহৰ শঠতা আদিৰ পৃষ্ঠত এইবোৰ  দুখ-হতাশা-ক্ষোভৰ মাজেৰে লাভাৰ দৰে উদগীৰণ হৈছে। আৰু অসহাসয়তাৰ  অতল সাগৰত বাৰে বাৰে বুৰ গৈছে।কিমান যে কৰুণ! লগতে চৰকাৰী উন্নয়নৰ তত্ত্বকো উপন্যাসৰ কথকতাই  সমানেই  contest কৰিছে, প্ৰত্যাহ্বান জনাইছে। বান-গৰাখহনীয়াৰপৰা হাত সাৰিবলৈ মথাউৰি নিৰ্মাণ  উপযুক্ত ব্যৱস্থা হয়নে? এনে  প্ৰশ্নবোৰ ইয়াত আছে। আৰ্থিক সংকটৰ চেঁপাই সততাৰে  জীৱন কটাব বিচৰা বৰ্ণবাদী প্ৰতিভূসকলকো আজি  ক'লৈ লৈ গৈছে?এনেকুৱা বহুতো নিকৰুণ ছবিৰে উপন্যাসখনৰ পাত ভৰি আছে। লোকজ চেতনাৰপৰা আহৰিত আৰু  গৱষেণালব্ধ  অসংখ্য উপমা, আচাৰ-নীতি, গীত-মাত, সাঁথৰ, পুৰাকথাৰ  মাজেৰে এই কথনে অনন্য বিস্তাৰ লাভ কৰিছে বুলি কব পাৰি। অসমীয়া সাহিত্যৰ যিসমূহ সৃষ্টিৰ কথনত সমাজৰ অনুচ্ছাৰিত আৰু অনুচ্ছ কণ্ঠক গভীৰ মমতাৰে  সবলভাৱে  তুলি ধৰা হৈছে, সেইবোৰৰ ভিতৰত ‘জলপদুমৰ পানচৈ' অন্যতম  বুলি কব পাৰি।

তেনেহ'লে উপন্যাসখন কোনোবাখিনিত ব্যৰ্থ  হৈছে নেকি? ব্যৰ্থ হোৱা নাই। বিশেষকৈ  তলসুঁতীয়া সমাজখনৰ  ছন্দোময় জীৱনৰ উখল-মাখলবোৰৰ অলেখ অচিনাকি দিশ গভীৰ অন্তৰ্দৃষ্টিৰে  উপলব্ধি কৰি, সাহিত্যত  উপযুক্ত মান-মৰ্যদাৰে সেইবোৰ প্ৰতিষ্ঠা কৰি তেখেতে এক মহৎ কৰ্ম সম্পাদন কৰিছে। তথাপি,   কবলৈ গ'লে কবিতাত গভীৰ সামাজিক- ৰাজনৈতিক পৃষ্ঠত   ইমে'ইজ  বা  মেটাফ'ৰ  সৃষ্টিত কবি দিলীপ ফুকনে  যিমান পৰিমাণে  একাগ্ৰ সাধনাৰ  প্ৰমাণ দিছে, উপন্যাসৰ ক্ষেত্ৰত সেয়া প্ৰতিফলিত হোৱা নাই।  বহুসময়ত এইবোৰ বাহুল্য  হৈছে আৰু ক'ৰবাত উপৰুৱাও হৈছে। ‘নিৰ্মাণ' (construct) হোৱাৰ বিপৰীতে ‘উল্লেখ' (documentation)হৈ পৰিছে।  আৰু মূল  বক্তব্যক  ঢাকি  ধৰিছে। ক্ষেত্ৰ-অধ্যয়নৰ মাজেৰে তুলি অনা  সাহিত্যত কেতিয়াবা এনে হয়। বহু  কষ্টে  তুলি  অনা  উপাদান  এৰিবলৈ সত  নাযায়, ফলত  কেতিয়াবা সি মূল বক্তব্যক ঢাকি ধৰে। আচলতে এইবোৰ সাহিত্যৰ  অলংকাৰহে । অলংকাৰ যিমানলৈকে সুন্দৰ, ঢিলা-সোলোকা  নোহোৱাকৈ  যিমান নিখুঁতভাৱে  প্ৰয়োগ কৰিব পাৰি--ঠিক  তালৈকেহে ভাল লাগে। অলংকাৰৰ বহুল পয়োভৰে সৌন্দৰ্য বৃদ্ধি নকৰে, বহুক্ষেত্ৰত হানিহে কৰে।

দিলীপ ফুকনৰপৰা ভবিষ্যতে শব্দৰ এনে আশ্বৰ্যকৰ নিৰ্মাণ অধিক সণ্ঢালনিকৈ পাম  বুলি  আশা  কৰিলোঁ।

-----



No comments:

Post a Comment