Sunday 21 April 2019

চিৰযৌৱনা কটন কলেজৰ দুটা বছৰ -- উভতি চোৱা






১৯৮৭  চনত মাজুলী আউনীআটি  হেমচন্দ্ৰ  উচ্চ মাধ্যমিক  বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ  হৈ  কটন কলেজৰ কলা শাখাত নাম ভৰ্তি কৰিবলৈ  আহোঁ।  ঘৰৰপৰা  মোক যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত বিজ্ঞান শাখাত  পঢ়াতো বিচাৰিছিল । কিন্তু   মই  কলা  শাখাত পঢ়িব  বিচাৰিছিলো ।  আৰু  পছন্দ আছিল  কটন  কলেজ।  নামভৰ্তিৰ  আগদিনা   আবেলি  দেউতাৰ  সতে মই  পাণবজাৰত  এযোৰ জোতা  কিনিবলৈ  আৰু  কলেজখন এবাৰ চাবলৈ  আহিছিলোঁ।  কটন  কলেজৰ  বিশাল চৌহদটোৰ  সন্মুখত ৰৈ সেইদিনা  এবাৰ  থমকি  'লোঁ। সময়খিনি  আছিল  বহু  কথা  ভবাৰ, নিজৰ বাবে এটা প্ৰস্তুতিৰ ।  জ্ঞানৰ   অন্বষেণ  কৰিবলৈ  বাচি লোৱা এই চিৰ যৌৱনা  কটন কলেজৰ   বিশাল  চৌহদ,   পাণবজাৰৰ  মসৃণ  বাট,    জনবহুল  আৰু  সুন্দৰী  মহানগৰীৰ  মাদকতা -- কিবা এটা  ভাল  লাগিছিল। ভাল   লাগিছিল   প্ৰিয়  লুইতখন,  মোৰ জন্মস্থানৰ  লুইত, যি অনেক চহৰ - নগৰ পাৰ  হৈ  মহানগৰীলৈ  বৈ  আহিছে ।  ভৰ  বাৰিষা আছিল। ঘৰত পানী সোমাও সোমাও হৈ  আছিল।  ফুলৰ  টাবৰপৰা  আৰম্ভ  কৰি  বহু  বস্তু ওপৰত তুলি থৈ আহিছিলোঁ।  ভাইটিয়ে কৈছিল  - ভেটিলৈ  পানী উঠি আহিলেই পাণগছৰ পাণবোৰ  পাৰি বিক্ৰী   কৰি  দিম।' মনত  এটা  দুচিন্তা  আছিল। কৈশোৰ  আৰু  যৌৱনৰ  দুৱাৰমুখত  অবাক  বিস্ময়  আৰু   পুলক  ভৰা চকুৰে কটন কলেজ  আৰু গুৱাহাটী  মহানগৰীক  বুজিবলৈ চেষ্টা কৰিছিলোঁ। এই বিস্ময় আৰু পুলক আজিও জীয়াই   ৰাখিবলৈ চেষ্টা কৰিছোঁ। । 

কলাগুৰু  বিষ্ণুৰাভা প্ৰেক্ষাগৃহত দুৰ্বাদল  গতিত  নামভৰ্তিকৰণ  প্ৰক্ৰিয়া আৰম্ভ হ'ল।   মুঠ  নম্বৰসহ  মাইকত  নামবোৰ ঘোষণা কৰা হৈছিল।  এটা আমেজভৰা অভিজ্ঞতা।  নিজৰ নিজৰ স্বাভিমান লৈ  ছাত্ৰ-ছাত্ৰীসকল  বহি আছিল। নাম উচ্চাৰণ কৰাৰ লগে লগে মঞ্চলৈ উঠি গৈছিল। গোটেই অসমৰ মেধাবী  ছাত্ৰ-  ছাত্ৰীসকল  আহিছিল নেকি!  অৱশেষত  নলিনীবালা দেৱী  ছাত্ৰীনিবাসত চিট পালোঁ।   আবেলি ট্ৰাংক  আৰু বেডিং লৈ  ছাত্ৰীনিবাসত সোমালোঁ। ছাত্ৰীনিবাসৰ  কোঠাতো  মোৰ বাবে আছিল  পৰম বিস্ময় ।   ছয়জনীয়া কোঠাটোত  এগৰাকী  তিনচুকীয়াৰ, এগৰাকী ডিব্ৰুগড়ৰ,  এগৰাকী ডিমা হাচাওৰ, এগৰাকী শ্বিলঙৰ, এগৰাকী অৰুণাচলৰ আৰু মই মাজুলীৰ।  স্নাতক চুড়ান্ত  ৰ্ষৰপৰা  উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষলৈকে।   যেন  বৰ অসমৰ  ক্ষুদ্ৰ এটা সংস্কৰণ। বৰ সোনকালেই  আমি  ইজনীয়ে- সিজনীৰ কাষ চাপি গ'লোঁ, আপোন হ'লোঁ। 

মোৰ সকলো ভাল লাগিছিল। হোষ্টেলৰ ৰেগিঙৰপৰা আৰম্ভ  কৰি চিনিয়'ৰ বাইদেউৱে প্ৰেমিকক লগ কৰিবলৈ যাওতে   লগতে আলধৰা' হৈ যোৱালৈকে  --   মেচৰ  বজাৰ   কৰাৰ পৰা  চুপাৰ  বাইদেউৰ গালি খোৱালৈকে  -- একোৱেই বেয়া লগা নাছিল।  'ষ্ট গ্ৰেজুৱেশ্বন চুড়ান্ত বৰ্ষৰ বাইদেউ এগৰাকী আছিল। ৰেগিঙৰ সময়ত বাইদেৱে কৈছিল, “মোৰ নাম অগ্নিশিখা, বুজিছ!বাইদেৱে মোক  সুধিলে --  শৰাইঘাট দলঙৰ চকীদাৰ কোন·” মই ক'লো -- চিলাৰায়ৰ প্ৰতিমূৰ্তি।'  ৰেগিং  উদ্ভাৱনীমূলক   আছিল। ৰেগিঙৰ  সময়তে গম পোৱা গৈছিল কাৰ কি প্ৰতিভা আছে। কিছুদিনৰ পিছতে হবলগীয়া মহাবিদ্যালয় সপ্তাহৰ বাবে তেনেকৈয়ে যেন নতুনকৈ অহা  ছাত্ৰীসকলৰ প্ৰতিভা বিচাৰি উলিওৱা হৈছিল। আমাৰ এটা ৰেগিঙৰ গানো আছিল -- আমি কটনৰ ছাত্ৰী, এদিন হম বিয়াৰ পাত্ৰী, আমাৰ যে পাত্ৰহে নাই। হায়  হায় হায় হায় হায়,  নাই  নাই   নাই  নাই , আমাৰ যে পাত্ৰহে নাই!  খুব জমনি গান।

নবাগত আদৰণি সভাৰ মাজেৰে   ৰেগিঙৰ পৰ্ব সমাপ্ত  'ল। কটন কলেজৰ গোটে ইবোৰ  আবাসৰ  প্ৰতিনিধিৰ লগতে ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলো আহিল।  এটা সুন্দৰ সাংস্কৃতিক সন্ধিয়া হ'ল।   সেইদিনা আমাক  ইমান যে  বিশেষধৰণে আদৰা হ', সেই কথাটোৱে মোক  আজিও  অনুপ্ৰেৰণা  দিয়ে।   আদৰণি সভাৰ  শেষ হোৱাত   অতিথিসকলৰ লগতে একেলগে আমাক খাবলৈ দিয়া  'ল।   আমাৰ  প্ৰথম বøৰ আবাসীবোৰক পাল পাতি ৰান্ধনিসকলৰ সৈতে বজাৰ কৰিবলৈ পঠোৱা হৈছিল ।  কি কি বস্তু কিনা হ'ল লিখি আনি মেচ মেনেজাৰক জমা দিব লাগে । কাছাৰী বজাৰত মেচৰ বজাৰ কৰা হৈছিল।  নলিনীবালা দেৱী ছাত্ৰীনিবাসৰ   আবাসীৰ সংখ্যা  প্ৰায় ১৮০।   ব্ৰহ্মপুত্ৰৰ পাৰৰ এই  বজাৰখনৰ পৰা শাক- পাচলি- মাছ কিনি খুব ভাল লাগিছিল।  বজাৰ কৰাৰ এই অভিজ্ঞতাই  এতিয়াও কামত দিয়ে।  কেতিয়াবা তাতেই কলেজৰ শিক্ষকসকলকো লগ পাওঁ। বিশেষকৈ  আবাসিক কলনিত থকাসকলক ।  শ্ৰেণীকোঠাত ভয় কৰা শিক্ষকসকলেই তাত  আমাক ইমান সুন্দৰকৈ   মাত দিয়ে! পৰীক্ষাৰ সময়ত চিনিয়ৰসকলে  বাটচ'ৰাত  দুটা বাল্টিত পানী  ভৰাই তাত ফুল দি থয়  আৰু ধূপ - ধুনাৰে সজোৱা থাল এখনৰপৰা   কপালত সেন্দূৰৰ  ফোঁট এটা দিয়ে।  পৰীক্ষাৰ প্ৰস্তুতি যিয়েই নহওক লাগিলে,  তেওঁলোকৰ শুভেচ্ছাৰেই  মনটো ভৰি যায়।  সন্ধিয়া  প্ৰাৰ্থনাসভাৰ অন্ততঃ  হাজিৰা লোৱা হয়।

সৰস্বতী পূজাত আবাসৰপৰা এখন প্ৰাচীৰ পত্ৰিকা উলিওৱা হয়।  কলেজৰ  আটাইকেইটা  আবাসৰ প্ৰাচীৰ পত্ৰিকাবোৰৰ প্ৰতিযোগিতা হয়।  লগতে তোৰণৰ ।  সৰস্বতী পূজাৰ নান্দনিক  আৰু  বৌদ্ধিক কাৰবাৰবোৰত  উৎসাহ আৰু  উদ্দীপনাৰে  মজি গৈছিলোঁ।   পৰৱৰ্তী সময়ত  স্নাতক  প্ৰথমবৰ্ষতো  মই এইটো  ছাত্ৰীনিবাসতে  থাকিবলৈ পালোঁ আৰু  প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক হ'লোঁ। মনৰ অনন্দতে দুখন পত্ৰিকা উলিয়ালোঁ -- এখন ব্যংগ। প্ৰতিযোগিতাৰ   বিচাৰক  বিশিষ্ট কবি  সমীৰ তাঁতীয়ে  পিছত  ব্যংগ পত্ৰিকাখন লৈ গ'  আৰু  গোটেইখিনি লিখা   সেই সময়ৰ আজিৰ অসম' কাকতত প্ৰকাশ কৰি  দিলে। সেই সময়ত তেখেতে কাকতখনৰ সাহিত্যৰ পৃষ্ঠাটো  সম্পাদনা কৰিছিল।   উচ্চতৰ মাধ্যমিকতে  কথাবোৰ ভালকৈ শিকি লৈছিলোঁ  বাবেই  স্নাতকত  নিজৰ উদ্ভাৱনীবোৰ এনেকৈ কামত  খটুৱাইছিলোঁ।  স্নাতক দ্বিতীয় বøকটনিয়ান'ৰ সম্পাদক হ'লোঁ। বাজেট আছিল মাত্ৰ ৪৯,০০০ টকা।  ইমান কম টকাত  আলোচনী উলিওৱা অসম্ভৱ কথা।   অৱশেষত  শিক্ষকসকলক সৈমান কৰাই বিজ্ঞাপন আনি অসমৰ ভিতৰতে প্ৰথমখন  অফচেট' প্ৰিণ্টিঙৰ মহাবিদ্যালয়ৰ  আলোচনী  উলিয়ালোঁ।  লগতে বিজ্ঞাপনযোগে পইচা গোটাই কৰা  প্ৰথমখন  মহাবিদ্যালয় আলোচনী। সেই সময়ত লাৱণ্য প্ৰেছ আৰু আধুনিক চপাশালতহে  কম্পিউটাৰ আছিল।  আলোচনীৰ বেটুপাতৰ  বাবেও  প্ৰতিযোগিতা  পাতিছিলোঁ।   হিন্দুস্তান পেপাৰ মিলত আবেদন কৰি  ৰেহাই মূল্যত (মাত্ৰ ১৯,০০০ টকাত)  ফাঁচীবজাৰৰ গুদামৰপৰা  কাগজ কিনি ঠেলাত উঠাই সুশান্ত তালুকদাৰ  (তেতিয়াৰ ছাত্ৰ একতা সভাৰ উপ-সভাপতি) আৰু  মই ঠেলাৰ পিচে পিচে খোজকাঢ়ি উজান বজাৰৰ লতাশিলত থকা  লাৱণ্য প্ৰেছত জমা দিছিলোঁহি।  খুব ভাল লাগিছিল।  উচ্চতৰ মাধ্যমিকৰ দুটা  বছৰৰ অভিজ্ঞতাবোৰে  এইবোৰত  সহায় কৰিছিল।
ছাত্ৰীনিবাসৰ কোঠাটোত ছয়জনীয়ে একেলগে পঢ়িবলৈ অসুবিধা। সেয়ে অফ পিৰিয়ডত  পুথিভঁৰালতে কিছু   পঢ়া-শুনাৰ কাম আগবঢ়াই থৈ দিছিলোঁ। কিছুদিনৰ আগতে সহপাঠী আৰু বৰ্তমানৰ  তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসাংবদিকতা বিভাগৰ মুৰব্বী অভিজিত বৰায়ো এই কথাটো সোঁৱৰাই দি কৈছিল,“তুমি লুইেব্ৰৰীত খুব পঢ়া -শুনা কৰিছিলা।পুথিভঁৰালটো সঁচাকৈয়ে  খুব ভাল লাগিছিল।   কেতিয়াবা  ডাইনিং  হলত  পঢ়িছিলোঁগৈ।  প্ৰশস্ত মেজবোৰত  পঢ়া-শুনা কৰি ভাল লাগিছিল।   ৰান্ধনিসকলে বিশেষকৈ  মাংস থকাৰ দিনা  কেতিয়াবা  মনে মনে অলপ টেষ্ট কৰি চাবলৈ দিছিল। পঢ়া-শুনাৰ কামটো সোনকালে সামৰি চৌপাশৰ  পৃথিৱীখন  অন্বেষণ  কৰি পুলকিত হৈছিলোঁ।  উচ্চতৰ মাধ্যমিক  দ্বিতীয় বøত থাকোঁতে কটনিয়ান'ত মোৰ প্ৰথমটো কবিতা  প্ৰকাশ  'ল। প্ৰাচীৰ পত্ৰিকাবোৰতো  কবিতা   প্ৰকাশ  হৈছিল।   উৎসাহভৰা দিন আছিল সেইবোৰ। ছাত্ৰীনিবাস  আৰু  ছাত্ৰবাসবোৰ  আছিল ভবিষ্যতৰ উজ্জল  তাৰকাসকলৰ  চৰ্চাৰ  থলী। অতি উজ্জল আৰু মেধাবী আছিল তেওঁলোক। কিন্তু   বহুতেই পিচলৈ চৰ্চা এৰি দিলে।
চাৰিওফালৰ উখল- মাখলৰ মাজত অন্বেষণ কৰিব পৰাকৈ নিজৰ এখন জগত  বিচৰি পালোঁ --  এয়াই আছিল  সেই দুটা বøৰ সময়খিনিয়ে  দিয়া জীৱনৰ  আশীৰ্বাদ।  কলেজৰ প্ৰথম দিনটো  শ্ৰেণীকোঠা বিচাৰি হাবাথুৰি খাওতেই গ'ল। প্ৰথম দৰ্শনতেই  ক টনৰ  প্ৰেমত পৰিলোঁ, সেইবাবেই হয়তো  ইয়াতেই  নিজৰ  জীৱন সংগীও   বিচাৰি পালোঁ।    প্ৰায়বোৰ শিক্ষকেই পাঠবোৰ  এবাৰ  ইংৰাজীত  আৰু  এবাৰ  অসমীয়াত বুজাই দিছিল।  ভাল  লাগিছিল। এতিয়া  অনুভৱ   হয় যে,  আমাৰ মৰমৰ কলেজখনে প্ৰতিজন ছাত্ৰ- ছাত্ৰীকেই   তেওঁলোকৰ  ইস্পিত স্পে'' দিব  পৰাকৈ নিজকে উন্মুক্ত কৰি ৰাখিছিল। লব  পৰা বা  নোৱাৰাটো  তেওঁলোকৰ নিজৰ কথা আছিল।  মই যে  আনকি এন চি চি- টো যোগদান কৰিছিলোঁ আৰু  চাংসাৰীৰত  কোনোবাফালে  পাহাৰ এখনত দুদিন ৰাইফলৰ  ট্ৰেইনিং  লৈছিলোঁ। আমাক কেইবা ৰাউণ্ড গুলী ফুটাবলৈ  দিয়া হৈছিল।    ভাল লাগিছিল ।  ঘৰৰপৰা সীমিত পইচাহে পঠাব পাৰিছিল। হিচাপ কৰি চলিব লাগে।  তাৰেই সাঁচি থৈ বন্ধত  ঘৰলৈ গ'লে                কিবা- কিবি নতুন বস্তু লৈ যাও।  মায়ে খুব ভাল পায়।  এতিয়াও এইবোৰ ঘৰত আছে।

সামাজিক  আৰু  ৰাজনৈতিক ক্ষেত্ৰত  দুয়োটা বø  অসম আন্দোলনৰপৰা  অহা হতাশা  আৰু  উগ্ৰপন্থীৰ সমস্যাৰে ভাৰাক্ৰান্ত সময় আছিল।  অনেক  কথাই  মোক  উত্তেজিত কৰি ৰাখিছিল।   ১৯৮৮ চনত সমগ্ৰ অসমৰ ৰেকৰ্ড ভংগ কৰি এটা বান আহিল।  কলেজৰ  গৰম বন্ধৰ নিয়ম অনুসৰি  ছাত্ৰীনিবাসৰ মেচ বন্ধ কৰি দিয়া হ'ল। সিফালে  ৰহাত বানত   বাট  ছিঙি বাচ বন্ধ। অৱশেষত কেইজনীমান লগ হৈ নিশা  তেজপুৰ হৈ যোৰহাটলৈ যাবলগীয়া  বাচ এখনত উঠিলোঁ। মোৰ কাষত এজন অচিনাকি যুৱক। গোটেই নিশা ভয়তে টোপনি নাহিল। যোৰহাটৰ এজন খুৰাৰ ঘৰত পুৱাৰ ফ্ৰে'  হৈ  নিমাতি ঘাটলৈ গৈ ফেৰীৰ আশাত পৰ দি  'লোঁ। নদীৰ পানী বৰকৈ বঢ়াৰ বাবে   চৰকাৰে ফেৰী সেৱা বন্ধ কৰি দিছিল।  এনেকৈ ৰৈ থাকিবলগীয়া  যাত্ৰী ১০জনমান হ'লগৈ । দুজনী চিনাকি ছোৱালীও  ওলাল।  নিমাতীঘাটত আবেলিলৈকে ৰৈ থাকিলোঁ।  চকুৰ আগত চপৰা-চপৰে খহিছিল  ককিলামুখ ।  খহনীয়াত  শেষ হবলৈহে   বাকী আছিল।    চাৰিওফালে  মানুহৰ  অভাৱনীয়  কষ্ট।   দুপৰীয়া এঘৰে মাটি নি দুফাল হোৱাকৈ সিজা  মাটিমাহৰ জোল,  এটা হাঁহৰ কণী  চাৰিফাল কৰি ভগাই দি উখোৱা চাউলৰ ভাত এঁসাজ খুৱালে।  তেওঁলোকৰ ভেটিতো পানী। অৱশ্যে ঘৰত সোমোৱা নাছিল।  আবেলি কেনেবাকৈ ফেৰী এখন আহি ওলাল -- বেমাৰ হোৱা   উগ্ৰপন্থী সংগঠনৰ  সদস্য এজনক নৈ   পাৰ কৰাবলৈ । তাতেই  উঠি গৈ দক্ষিণপাটৰ  ঘাটেৰে  গৈ  নিশা  কমলাবাৰীৰ আমাৰ  ঘৰ পালোঁ। দেউতাৰ (তেখেত কলেজৰ অধ্যাপক আছিল।) ছোৱালী  বুলি জানি এজনে মটৰ চাইকেলেৰে ঘৰত থৈ আহিল। ঘৰত চিন্তা কৰিব বুলি কেনেকৈ  আহিলোঁ, কি খালোঁ --  এইবোৰ কথা নকলোঁ। এয়াই  আমাৰ জীৱন আছিল।  আমাৰ ঘৰত দৰিদ্ৰতা  নাছিল,   কিন্তু আমাৰ জীৱনত  বান  আছিল ।  আৰু আছিল খহনীয়া।  আমাৰ চকুৰ সন্মুখতে  মাজুলীখন খহনীয়াত  জহি- খহি গৈছিল।  এবাৰ ঘৰত পানী সোমোৱা  অৱস্থাতে আমি বানৰ সাহায্য বিচাৰি নাৱে নাৱে আহি চৰকাৰী কাৰ্যালয়লৈ আবেদন কৰিবলৈ   দুখন নাৱত অহা  আত্মীয়ক নাৱৰ ওপৰতে গুৰ, দৈ আৰু কোমল চাউলৰ জলপান খুৱাইছিলোঁ, দেউতাই ভৰ বাৰিষাৰ মাজতে এইবোৰ যোগাৰ  কৰি  থৈছিল।  বান  'লে আমি  বিছনাৰপৰাই  গুণাৰ  বৰশী  টোপাই  ভাতৰ টোপ দি এলেং মাছ  ধৰিছিলোঁ।   কিমান মানুহ  মৰিছিল বানত!  বানৰ পিছৰ   ডায়েৰীয়া  আৰু  দুৰ্ভিক্ষত!  বানৰ পিছত নতুনকৈ  গজা কলপুলিৰ  পচলাবোৰেই  আছিল বহুতৰ  চৰুৰ    পাচলি ।   আমাৰ ঘৰৰ   কাষৰ প্ৰাথমিক  স্বাস্থ্যকেন্দ্ৰৰ পৰা ঠেলাৰ  মৰাশ হৈ  উভতি  গৈছিল তেওঁলোক । ৰাতি কোনোবা মৰিলে মৃতকৰ  আত্মীয়ৰ চিঞৰে নিশাটো দুফাল কৰি নিছিল।  আৰু   আমি  আন্দোলনত জ্বলি যোৱা মৃতকৰ দেহা  দেখিছিলোঁ ১৯৮৩ চনত।    গৰ্ভৱতী হৈ   মৰি যোৱা  আবিয়ৈ ছোৱালীবোৰ  দেখিছিলোঁ, সিহঁতৰ  কাহিনীবোৰ জানিছিলোঁ।  জুইৰ অঙঠা বুকুত  সাৱটি   দুখৰ  সাগৰৰ  মাজেৰে  সাঁতুৰি   অহা আমি এটা প্ৰজন্ম,  আমাৰ   বুকুত সেই   আৰ্তনাদ  বহি ৰৈছে।   অৱশেষত  মই শব্দৰ ওপৰত ভাৰসা কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ।  কটন  কলেজত নাম ভৰ্তি কৰিবলৈ অহাৰ দিনা  এইবোৰ কথা মোৰ মনলৈ আহিছিল। নিজৰ বাবে   এটা  বাট  বিচাৰি  লবলৈ  উচ্চতৰ মাধ্যমিকৰ দুটাকৈ বৰ্ষ  মোৰ  বাবে অতি  প্ৰয়োজনীয় আছিল --  'ত সদায়েই আছিল  নতুন  উপলব্ধি, চিত্ত চঞ্চল কৰি ৰখা উত্তাল সময়ৰ মাদকতা,   বন্ধুত্বৰ  আব্দাৰ - অভিমান - আলাপ- আলোচনা। নৃতত্ব  বিভাগৰপৰা  যোৱা  ক্ষেত্ৰভিত্তিক অধ্যয়নৰ অভিজ্ঞতাই মোৰ জীৱনৰেই  গতি সলনি কৰিলে।  মই এতিয়াও  সেই  মেথড'লজিকেই  অনুসৰণ কৰোঁ,  শিক্ষকসকলে আমাক কেনেদৰে  ক্ষেত্ৰত  শ্ৰদ্ধাশীল  আৰু  বিনম্ৰ হোৱাৰ শিক্ষা দিছিল  --   মই  পাহৰা  নাই।  আজিলৈকে  সেয়ে হয়তো   মোৰ  'তো  অসুবিধা হোৱা নাই।   সাংবাদিকতাৰ  জীৱনত বিভাগৰ  অনুমতি নথকাকৈয়ে  স্পৰ্শকাতৰ   মাকুম  কয়লাখনিৰ তললৈকে গৈ ক্ষেত্ৰ  অনুসন্ধান কৰিছোঁ,  চৰকাৰে  অনুমতি নিদিয়াৰ পিছতো  চাকমাসকলৰ মাজলৈ গৈ অধ্যয়ন কৰিছোঁ বা  চিক্কিমৰ গৃহবিভাগৰ অনুমতি নোহোৱাকৈয়ে ভাৰত -চীন সীমান্তৰ  অতি স্পৰ্শকাতৰ লাচুং, লাচেন, অথবা জংগুৰ দৰে এলেকাত থাকি লৈ কাম   কৰিছোঁ, অস্ত্ৰ  -সংঘাতৰ থলী অগম্য ঠাইবোৰলৈ গৈছোঁ। কেনেকৈ গৈছোঁ, কিদৰে কথা  পাতিছোঁ আৰু লেখাৰ সমল গোটাইছোঁ --   এই  প্ৰশিক্ষণ উচ্চতৰ মাধ্যমিকতে  নৃতত্ববিভাগৰ  শিক্ষাগুৰুসকলে  দিছিল।  মেধা আৰু  ব্যক্তিত্বৰে উজ্জৱিত  বন্ধুসকলৰ  প্ৰতিজনেই  এগছি পোহৰ আছিল।  অনেক বন্ধু আৰু  সহপাঠীৰ  শুভ  ইচ্ছা, হাত-বাউলবোৰে  মোক সমৃদ্ধ   কৰিছে , জীৱনৰ নতুন  উপলব্ধি  দিছে।  প্ৰতিদানত  তেওঁলোকৰ বাবে  মই   একো কৰিব পৰা নাই,  যিদৰে  ১৯৮৭-৮৯ চনৰ কটনৰ  কলেজৰ উচ্চতৰ মাধ্যমিক বৰ্ষৰ শিক্ষাৰ্থীসকলৰ সমাবেশৰ  আয়োজনতো একো সহায়  কৰি দিব পৰা     নাই।  কিন্তু  মই  জানো, এই অক্ষমতাৰ বাবে  তেওঁলোকে মোক নিশ্চয়েই ভুল নুবুজে  --   কিয়নো এই বাট পোৱাৰ নহয়, হেৰুওৱাৰহে।   

ৰত্না ভৰালী তালুকদাৰ