Friday 2 November 2018

ৰাজধানী পৰিসীমাৰ সম্প্ৰসাৰণে সন্ত্ৰস্ত কৰিছে জনজাতীয় ৰাইজক



ৰাভা  হাছং  স্বায়ত্বশাসিত  পৰিষদ   আৰু  তিৱা স্বায়ত্বশাসিত  পৰিষদৰ এলেকালৈকে সাঙুৰি  অসমৰ  ৰাজধানী  এলেকাৰ  সম্প্ৰসাৰণ  কৰাৰ  বিষয়টোৱে যে  শেহতীয়াকৈ দুয়োখন  পৰিষদৰ পৰিবেশ  উত্তপ্ত  কৰি  ৰাখিছে  আৰু  এই   কথাৰ  উমান এতিয়া  সকলোৱেই   পাইছে।  যোৱা  ২০১৫ চনৰপৰাই  চৰকাৰৰ তেনে এক  পদক্ষেপৰ  বিৰোধিতা  কৰি  ৰাভা  হাছং স্বায়ত্ব শাসিত পৰিষদ  এলেকাৰ  লগতে তিৱা  স্বায়ত্ব  শাসিত পৰিষদ এলেকাতো  বিভিন্ন দল - সংগঠনে  প্ৰতিবাদ  কৰি    আহিছে। ৰাজধানী  এলেকাৰ   সম্প্ৰসাৰণৰ  মাজেৰে  বিভিন্ন   উন্নয়নমূলক  পদক্ষেপৰ  অজুহাতত   নিজৰ  ভূমিৰপৰা  উৎখাত  হৈ পৰাৰ  সংশয়েই  এই   প্ৰতিবাদৰ কাৰণ।  দুয়োখন পৰিষদতে  বিভিন্ন সভা- সমিতি, ৰাজ্যপাল  তথা  মূখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদানৰ লগতে তেওঁলোকৰ সৈতে  অনষ্ঠিত হোৱা   বৈঠক- মাজেৰে  প্ৰতিবাদী  ৰাইজক চৰকাৰৰ পক্ষৰপৰা  বাৰে বাৰে  আশ্বস্ত কৰাৰ পিছতো   বিধানসভাৰ মজিয়াত  বিধেয়কখন উত্থাপন কৰি  ৩০ অক্টোবৰ, ২০১৭-ত তাৰিখে  আইন ৰূপে  গৃহীত  কৰা  হয়। 

 চাবলৈ  'লে   ৰাজধানী এলেকাৰ সম্প্ৰসাৰণে  জনজাতীয়  লোকসকললে বাস কৰা এলেকাৰ জনসাধাৰণৰ মনলৈ আনন্দহে কঢ়িয়াই  আনিব  লাগিছিল।  কিয়নো  ৰাজধানী  এলেকাৰ সম্প্ৰসাৰণ মানেই নতুন নতুন উন্নয়নমূলক  প্ৰকল্প,  বাট - পথৰ উন্নতি  আৰু  নতুন নতুন  কামৰ  সুযোগ  সৃষ্টি।  তেনেক্ষেত্ৰত দুয়োখন  স্বাযত্বশাসিত  এলেকাৰ  জনসাধাৰণ শংকিত  হৈ পৰাৰ   কাৰণ   কি?  সংশয় কাৰণ কি?   যুগৰ  উপেক্ষা  আৰু  শোষণৰ  বাবে  জনজাতীয় লোকে নিজৰ  ভুমিৰপৰা   হবলগীয়া  উৎখাতৰ আশংকা,  সম্পদ  আহৰণৰ ক্ষেত্ৰত   বঞ্ছনাই   এই  বিৰোধিতাৰ  যুক্তিসংগত  কাৰণ ।  যাক  কোনো যুক্তিৰে  নস্যাৎ  কৰিব  পৰা  নাযায়।  এই   কথা নতুনকৈ কোৱাৰ  আৱশ্যক নাই যে,   তাহানিৰ যুগতে  অটব্য  অৰণ্য  ভাঙি  ব্ৰহ্মপুত্ৰ  নদীৰ  দুয়োপাৰ  বসবাসৰ  উপযোগী  কৰি  তুলিছিল  ভূমিপুত্ৰ  জনজাতীয়সক লে    কিন্তু   আজিৰ  তাৰিখত  তেওঁলোকৰ আৰ্থ- সামাজিক - ৰাজনৈতিক  মৰ্যদা কি· ২০১৪ চনৰ  মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি  ৰাজ্যৰ জনজাতীয় লোকসকলৰ মাজতেই দৰিদ্ৰতাৰ হাৰ সৰ্বাধিক -- ৪০ শতাংশ।  উল্লেখযোগ্য যে, এই প্ৰতিবেদন অনুসৰি ৰাজ্যৰ দৰিদ্ৰতাৰ সামগ্ৰীক হাৰ ৩৭ শতাংশ। তদুপৰি আছে  ভুমিৰ ওপৰত অধিকাৰৰ প্ৰশ্ন।  স্বায়ত্ব শাসিত এলেকা হিচাপে  কিছু  পৰিমাণে  ভুমিৰ ওপৰত দখল আছে।  কিন্তু বি টি এ ডি -দৰে  সংবিধানৰ ষষ্ঠ অনুসূচীলৈ নিবলৈ দাবী জনাই আহিও তেওঁলোক সফল হোৱা নাই। এনেক্ষেত্ৰত বিধানসভাৰ মজিয়াত  গৃহীত হোৱা  আইনখনে তেওঁলোকৰ ভূমিৰ অধিকাৰ আৰু বেছি সংকুচিত কৰিব।

এটা কথা  সঁচা যে, আজি অসমৰ ভূমিপুত্ৰ  জনজাতীয় লোকসকলে  যি অধিকাৰ  লাভ কৰিছে,  সেই  সকলোবোৰেই   তেওঁলোকৰ  অধিকাৰৰ বাবে  কৰা   সংগ্ৰামলব্ধ  প্ৰাপ্তি।   এই  সংগ্ৰামবোৰে কিছু সংখ্যক নেতাৰ জন্ম দিয়াৰ লগতে  সামগ্ৰীকভাৱে  তেওঁলোকক  কিছু  ক্ষমতা  আৰু  সুৰক্ষা   প্ৰদান কৰিছে  যদিও সাধাৰণ জনজাতীয়  লোকে পোৱাৰ তুলনাত হেৰুওৱাৰ  হিচাপেই  বেছি।  বাস্তৱতে দেখা যায় যে, জনজাতীয় লোকসকলে বাস কৰা এলেকা এটাৰ  আশে- পাশে  যেতিয়া কোনো উন্নয়নমূলক কাম- কাজ  হবলৈ ধৰে তেতিয়া সেই ঠাইত বাস কৰা জনজাতীয় লোকসকল লাহে  লাহে  অদৃশ্য  হৈ পৰে। ১৯৭২ চনৰ পিছত শ্বিলঙৰপৰা গুৱাহাটীলৈ ৰাজধানী  নামি   অহাৰ  পিছত   ভঙাগড়,  দিছপুৰ, কাহিলীপাৰা,  বেলতলা  আজি  জনজাতি  বসতিপ্ৰধান এলেকাৰপৰা  এই লোকসকল লাহে  লাহে অদৃশ্য  হৈ পৰিল। তেওঁলোকৰ  সৰলতাৰ  সুযোগত অতি কম দামত এই মাটিবোৰ অজনজাতীয় লোকে  গ্ৰাস  কৰাৰ  পিছত ৰাজধানী চহৰৰ ৰেহ- ৰূপেই  হৈ  পৰিল  অনন্য। কিন্তু  সহজ -সৰল সেই মানুহবোৰ  'ত হেৰাই  'ল?  'ত হেৰাই  '  ট্ৰাইবেল বেল্ট'  বুলি এটা সময়ত ঘোষণা  কৰা  জনজাতীয়  আৱেষ্টনীবোৰ। কোনে দখল কৰিলে সেইবোৰ  মাটি·  আজি যেতিয়া তেওঁলোকে নিজৰ হেৰোৱা প্ৰাপ্য  বিচাৰি  মাত মাতে,  তেতিয়া আমিয়েই তেওঁলোক হীনমান্যতাত ভোগা জাতি বুলি  কবলৈ কুণ্ঠাবোধ নকৰোঁ।
অৱশ্যে ৰাজধানী এলেকা  পৰিষদৰ  এলেকালৈকে  সম্প্ৰসাৰণ হোৱাৰ কথাটোৱে কেৱল এলেকাটোৰ জনজাতীয় লোকসকলকেই শংকিত কৰা নাই।  অজনজাতীয় লোকসকলকো সমানেই  উদ্বিগ্ন কৰি তুলিছে। ইয়াৰ  কাৰণ ৩০ অকেটাবৰ, ২০১৭ তাৰিখে অসম  ৰাজ্যিক ৰাজধানী এলেকা  উন্নয়ন নামৰ যিখন আইন গৃহীত কৰা  হৈছে,  তাত  সন্নিবিষ্ট  হোৱা কেতবোৰ দফাই  পৰিষদৰ এলেকাত বাস কৰা  সকলো  লোকৰেই  টোপনি হৰিছে। এই   আইনখনৰ  প্ৰথম  অধ্যায়ৰ ৫ নং দফাত উন্নয়ন শ্চস্তুঙ্গvঙ্গচ্ঞপ্সহ্মঙ্গপ্পঙ্গnব্ধগ্ৰ  শব্দটোৰ সংজ্ঞা দি কোৱা হৈছে যে,  উন্নয়ন' শব্দটোৱে   গৃহনিৰ্মান আৰু    যিকোনো ভূমিৰ লগতে  ভূমিৰ  তলৰ  আৰn  ওপৰৰ  খননৰ লগতে    আৰু    নদী, বিল অথবা আন যিকোনো জলভাগৰ ওপৰত হবলগীয়া সকলো কাৰ্য  সাঙুৰি লব।  লগতে  গৃহনিৰ্মাণ,   পুনৰ উন্নয়ন,   মহকুমাৰ আদিৰ  যিকোনো বস্তুগত পৰিবৰ্তনৰ লগতে   উদ্যোগ, কৃষি, উদ্যান শস্য, ফুলৰ বাগিছা, বননিকৰণ, দুগ্দ্ধ-পাম,  হাঁহ-কুকুৰা পাম, গাহৰি পালন, গৰু-ম'হ পালন, মৎস্য পালন,  আৰু আন ক্ষেত্ৰৰ  সুযোগ আৰু সুবিধাবোৰৰ  প্ৰকল্প আৰু আঁচনিবোৰো সামৰি লৈছে । অকল এয়াই নহয়,   উন্নয়ন হবলগীয়া শ্চব্ধপ্স bঙ্গ স্তুঙ্গvঙ্গচ্ঞপ্সহ্মঙ্গস্তুগ্ৰ কথাষাৰো এইদৰেই পৰৱৰ্তী সময়ত সংজ্ঞাবদ্ধ কৰা হ'ব বুলিও কোৱা হৈছে।

অৰ্থাৎ, এই আইন অনুসৰি  উন্নয়নমূলক কাম-  কাজৰ পৰিসীমা কেৱল ভূমিৰ ওপৰভাগতেই সীমাবব্ধ  হৈ নাথকি মাটিৰ তলৰ খনিজাত' সম্পদো  উন্নয়নৰ  স্বাৰ্থত ব্যৱহাৰ কৰা হ'ব। গতকেই  জনজাতীয় লোকসকলৰ মনত উদ্ভৱ হৈছে সংশয়। অসমৰ আন বহুতো জনজাতীয় এলেকাৰ  ভূমি বিভিন্ন  পাকচক্ৰত  অজনজাতীয় লোকৰ হাতলৈ যোৱাৰ বিপৰীতে   বিপৰীতে ৰাভা  হাছং জনজাতীয় এলেকাৰ ভূমি কিছু  পৰিমাণে সুৰক্ষিত অৱস্থাত আছে। তেওঁলোকে  অসমৰ  পশ্চিম প্ৰান্তত মেঘালয়ৰ  নামনিত পাহাৰে- ভৈয়াম, নদ-নদীৰে   আগুৰা  এটা  অতিকৈ মনোৰম  আৰু  সংহত এলেকাত বাস  কৰে,  যি  অপৰ্যাপ্ত  প্ৰাকৃতিক  সম্পদেৰে  ভৰপুৰ,  সাৰুৱা  আৰু  নদী-নিজৰাৰে  অতিকৈ  মনোৰম। তিৱা স্বায়ত্ব শাসিত  পৰিষদ  এলেকাৰ নিসৰ্গও  মনোৰম ।  দুয়োখন পৰিষদেই  উন্নত পৰিবহন ব্যৱস্থাৰে  সম্পৰ্কিত,  ৰাজধানী  গুৱাহাটীৰ  তেনেই কাষতে  আৰু  সকলোতকৈ ডাঙৰ কথা  চৰকাৰে একট  ইষ্ট পলিচিৰ আধাৰত ৰঙা দলিচা পাৰি   বহুওৱা  বহুজাতিকৰ  প্ৰতিষ্ঠানৰ  চকুত  লগাকৈ  উৰ্বৰ একোডোখৰ ভূমি। পৰ্যটন,  উদ্যোগিক বিকাশৰ  বাবে এক  সাৰুৱা ক্ষেত্ৰ।  সৰ্বদিশেৰে জাতিস্কাৰ হৈ থকা  অথচ,  বৰ্তমানলৈকে  আনৰ চকুত সতকাই  নপৰা এটি এলেকা --  যি  সঁচাকৈয়ে  বহুজাতিক কোম্পাণীৰ লুভীয়া  চুকক  আক¿ø  কৰিব  পৰাকৈ  সক্ষম।  আৰু  এয়াই দুয়োটি  পৰষিদীয় এলেকাৰ   সৰ্বসাধাৰণ লোকৰ চকুৰ টোপনি হৰাৰ  কাৰণ। কিয়নো  দীৰ্ঘদিনৰ অভিজ্ঞতাৰে তেওঁলোক এতিয়া বুজি  উঠিছে যে,  ক্ষমতাত যি দলেই  নাথাকক কিয়,  সাধাৰণ  জনজাতীয় ৰাইজৰ উন্নয়নৰ  কথা  ভাবিব  পৰাকৈ  তেওঁলোক কেতিয়াও  কল্যাণকামী পদক্ষেপ লোৱা নাই , চলে- বলে কৌশলে সুচল  মাটিৰপৰা  উৎখাত  কৰাহে তেওঁলোকৰ চক্ৰান্ত।   উন্নয়নৰ  প্ৰকল্পই  যেতিয়া  কোনোবা ৰামদেৱ অথবা আম্বানীলৈ   ৰঙা দলিছা পাৰি দিব, তেতিয়া  বছৰৰ  এটা সময়ত খেতি আৰু আনটো সময়ত দিন- হাজিৰা কৰি দুবেলা- দুমুঠি যোগাৰ কৰা  সাধাৰণ জনজাতীয় ৰাইজে  কোনো  উদ্যোগৰ বাবে  এৰি  দিবলগীয়া  মাটিডোখৰৰ বিনিময়ত  হয়তো কেতিয়াবা সেই উদ্যোগত  ঠিকাভিত্তিক  চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি এটা পাবলৈ  সক্ষম হ'ব পাৰে, তাতকৈ বেছি  কিন্তু  একো নাপায়। 

আজিৰ প্ৰযুক্তিৰ যুগত  তেওঁলোকে এই কথাও বুজিছে যে,  আধুনিক বিশ্বই  প্ৰক্ষেপ কৰা  সকলো   উন্নয়ন  প্ৰকল্পই জনজাতীয় লোকৰ সংস্কৃতিৰ বিকাশৰ পথ  ৰুদ্ধ  কৰিছে, জনগোষ্ঠীয়  পৰম্পৰাক  সংকটৰ  মুখলৈ ঠেলি দিছে । উন্নয়ন বহনশীল হোৱা নাই।  বিশ্বৰ সকলো প্ৰান্তৰ  জনজাতীয় লোকসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে হাহাকাৰ কৰি চট-ফট কৰিছে । তেওঁলোকৰ নেতৃত্বক  হাত  কৰি লৈ  ক্ষমতাৰ অংশীদাৰিত্ব দি  চক্ৰান্তৰ কূট-কৌশল ৰছনা  কৰাৰ  বাহিৰে তেওঁলোকৰ সাৰ্বিক  উন্নয়নৰ  কথা  চিন্তা  কৰিবলৈ  কোনো দেশৰ  চৰকাৰে  আহৰি পোৱা নাই।  ভাৰতৰ দৰে গণতান্ত্ৰিক আৰু কল্যাণকামী  ৰাষ্ট্ৰত এহাতে  জনজাতীয়  স্বায়ত্ব  শাসনৰ অধিকাৰ প্ৰদান কৰি তাৰ সমান্তৰালভাৱে Îসেই অধিকাৰ   প্ৰহসনলৈ  পৰিণত  কৰাৰ  অহৰহ  প্ৰচেষ্টা  চলি থাকে। 

এই  কথা সঁচা যে, আমি উন্নয়নৰ বিৰোধী নহওঁ। কিন্তু যি  উন্নয়নে সাধাৰণ  জনতাক  আশ্বস্ত  কৰিব নোৱাৰে, মানুহৰ তেজ শুহি খোৱা  বহুজাতিক কোম্পাণীৰ প্ৰতিভূ  আৰু দালালবোৰকে সাৰ- পানী যোগায়,  তেনে  উন্নয়নৰ প্ৰয়োজনেই  বা কি?  এয়াই তেওঁলোকৰ প্ৰশ্ন। সকলোতকৈ ডাঙৰ কথা বিধানসভাত উক্ত আইন গৃহীত কৰা সময়ত  জনমতক উপেক্ষা কৰা হৈছে।  তদুপৰি এই  আইনে এলেকাত বাস কৰা জনজাতীয়সকলৰেই নহয়, সকলো লোকৰেই  ভূমিৰ ওপৰৰ আৰু ভূমিৰ তলৰ সকলো  ক্ষমতা কৰ্তন কৰিছে।  তেওঁলোকৰ  শংকা আৰু  সংশয়ৰ প্ৰতি সময় থাকোঁতেই আমি সকলোৱে এবাৰ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন।