Wednesday 28 August 2019

মুকুল শৰ্মা - আমাৰ সময়ৰ এজন প্ৰগলভ কটনিয়ান



pic source -  facebook timeline 

কংগ্ৰেছ  দলৰ  সাধৰণ  সম্পাদক  মুকুল  শৰ্মাৰ সৈতে  আমাৰ  পৰিচয়  এজন   কটনিয়ানৰ।  তেখেত  আমাৰ  প্ৰজন্মৰ এজন  চিনিয়ৰ কটনিয়ান। ১৯৮৭  চনত তেওঁ   কটন  কলেজৰ  সাধাৰণ সম্পাদক  পদত  জয়ী হৈছিল।  কলজেত  নাম  লগোৱাৰ পিছতে   সেইটো   আমাৰ প্ৰথমটো   নিৰ্বাচন আছিল। সেই  সময়ত  কটন  কলেজৰ নিৰ্বাচনত   কোনো  প্ৰাৰ্থী  জয়ী হোৱাৰ  ক্ষেত্ৰত  সাতটাকৈ  ল'ৰাৰ  আবাস  আৰু  দুটাকৈ  ছাত্ৰীনিবাসৰ  আবাসীসকলেই  বিশেষ ভূমিকা লৈছিল। বিশেষকৈ   ছাত্ৰীনিবাসকেইটাৰ ভোটে নিৰ্ণায়ক ভূমিকা  লৈছিল, কিয়নো  দুয়োটা  ছাত্ৰীনিবাস লগ গৈ  প্ৰায়  চাৰে  তিনিশমান  ভোট। নিৰ্বাচনী  প্ৰচাৰ  চলোৱাৰ   সময়ত   মুকুল  শৰ্মাৰ  ব্যক্তিত্বই   আমাৰ  সকলোকে  মোহিত  কৰিছিল। তেওঁৰ আছিল  নিজৰ   মোহনীয়  ব্যক্তিত্বৰে  সকলোকে  সন্মোহিত কৰি পেলাব  পৰা এক বিৰল গুণ যি আনৰপৰা পৃথক'ত অলপো কৃত্ৰিমতা নাছিল।  নিৰ্বাচনৰ  প্ৰচাৰৰ  সময়ত   ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন  কৰা  বিষয়বোৰৰ  সন্দৰ্ভত দিয়া উত্তৰত তেখেতৰ  লেঠাৰি-নিচিগাকৈ  ওলাই  অহা  নিভাঁজ  অসমীয়া   শব্দবোৰে  আমাক  মুগ্দ্ধ  কৰিছিল। এজন  তাৰ্কিক  হিচাপেই সেই  সময়ত আমি  তেখেতক  বিশেষভাৱে জানিছিলোঁ।    

সেই    সময়বোৰ আছিল   আছিল  পৃথিৱীক জনাৰ   বাবে   সাংবাদিক  প্ৰণয় ৰয়ৰ   দূৰদৰ্শনৰ পৰ্দাত  দ্য ৱৰ্লড  দিচ  উইক'ৰ দৰে অনুষ্ঠান চাই নিজকে আপডেট'  কৰাৰ যুগ  -- যিটো  অনুষ্ঠানক   আমি  চমুকৈ টি  ডব্লিউ  টি ডব্লিউ বুলি কৈছিলোঁ।  কটন কলেজৰ  ইউনিয়ন হলত  এখনৰ পিছত  এখনকৈ  শুনি  গৈছিলোঁ  তেওঁ  অংশগ্ৰহণ  কৰা  তৰ্ক  প্ৰতিযোগিতাবোৰ।  শুনিবলৈ  আমি  ৰৈ   থাকিছিলোঁ।  সেই সময়ৰ কটন কলেজৰ  জ্যোতিষ্কৰ  দৰে উজ্জল  তাৰ্কিকসকলৰ  অন্যতম  আছিল   মুকুল  শৰ্মা,  ননী গোপাল মহন্ত,   ৰিণ্টু গোসবামী,   হিমন্ত বিশ্ব  শৰ্মা,   অপৰ্ণা দেৱী   আদি।  প্ৰত্যেকৰে  নিজৰ  নিজৰ  একোটা  শৈলী  আছিল।  মুকুল  শৰ্মাৰ  তৰ্ক  কৰাৰ  আকৰ্ষণীয় দিশটো  আছিল  অনাড়ম্বৰ  আয়োজন   আৰু  বচা  বচা   অসমীয়া শব্দৰ  নিখূঁত  প্ৰয়োগৰ  মাজেৰে  দাঙি  ধৰা  ধাৰাল  যুক্তিবোৰ। অসমীয়া  ভাষাৰ   বচা বচা  বুটাৰে  গঢ়ি  তোলা    শব্দৰ   মেটমৰা  ভঁৰালটো বৰ   ঈৰ্ষণীয় আছিল,  প্ৰয়োগো  আছিল  চমৎকাৰ ।    অসাধাৰণ  বাগ্মীতাৰে    তেওঁ  সেই শব্দৰ  সময়ৰ  তৰ্ক  প্ৰতিযাগিতাবোৰত   বাজীমাৎ  কৰিছিল। 

অমায়িক  ব্যৱহাৰেৰে  এজন   জাতীয়তাবাদী  চেতনাৰ  এই ব্যক্তিজন   প্ৰকৃত   অৰ্থতেই  সেই   সময়ৰ   এজন  ছাত্ৰনেতা  আছিল।  জাতীয়তাবাদী  চেতনাৰ হলেও  বিপৰীত   মতাদৰশৰ  ছাত্ৰ - ছাত্ৰীৰ    সৈতে  আলাপ -আলোচনা  কৰাৰ  সময়তো   তেখেতৰ মনত  অলপো  সংকীৰ্ণতা  দেখা  পোৱা  নাছিলোঁ  -- যিটো সেই  সময়ৰ এজন ছাত্ৰ  নেতাৰ ক্ষেত্ৰত   এক বিৰল  ধৰণৰ  কথা  আছিল।    সেই  সময়ত  ভাৱ  হৈছিল,  অসমৰ  সমাজ  জীৱনক  সন্মুখৰপৰা  নেতৃত্ব  দিবলৈ  মুকুল  শৰ্মাৰ   এক   আয়োজন  আছিল।  সেই সময়ত   আমি  তেখেতক ভবিষ্যতৰ   অসমৰ  ৰাজনৈতিক  জীৱনৰ  এজন নেতা হিচাপেই  গ্ৰহণ  কৰিছিলোঁ।  তেখেত এজন সাংসদ অথবা  বিধায়ক হিচাপে  নিৰ্বাচিত হোৱাৰ সুযোগ   পালে  বিধানসভা   বা সংসদৰ  মজিয়াত  কেনেদৰে  ভাষণ  দিব,  সেই  কথাবোৰ  আমি  পাতিছিলোঁ। 

নব্বৈৰ  দশকটো অসমৰ  ৰাজনৈতিক  আৰু  সমাজ জীৱনৰ  দুয়োটা  দিশৰপৰাই   ঘটনাবহুল    আৰু   গুৰুত্বপূৰ্ণ   আছিল। এটা সময়ত  জাতীয়তাবাদী  শিৱিৰৰ  মুকুল  শৰ্মাই  কংগ্ৰেছ  দলত  যোগ  দিলে বুলি খবৰ পাইছিলোঁ। অলপ আচৰিতো হৈছিলোঁ। কিন্তু পৰৱৰ্তী  সময়ত আমি সকলোৱেই   দেখিছিলোঁ  সমাজ  আৰু  ৰাজনৈতিক  জীৱনৰ ধামখুমিয়াত মুকুল  শৰ্মাৰ দৰে নীতি আৰু  আদৰ্শৰ ৰাজনীতি কৰিবলৈ আগবাঢ়ি অহাসকল  কিদৰে  'ৰবাত  অপাংক্তেয়  হৈ  পৰি  'ল। তোষামোদ,  চল- চাতুৰী,  ধনবলৰ প্ৰয়োগ   আৰু  আনক ঠেলি - হেঁচি আগুৱাই যোৱাৰ ৰাজনীতিত  মুকুল শৰ্মাৰ  দৰে  সৎ  আৰু  বিবেকৰ  তাগিদাৰে  চলা   লোকসকলে  হয়তো  দলৰ  নিষ্ঠাবান  দলীয় কৰ্মী হোৱাৰ  সুযোগ  লাভ কৰিলে,  কিন্তু যোগ্যতাৰ হিচাপত  দলে তেওঁলোকক  কি  দিলে  --  তাক   মানুহে দেখা  নাপালে। কেতিয়াবা  টেলিভিছনৰ পৰ্দাত  বিভিন্ন বিষয়ত  দলক   প্ৰতিনিধিত্ব কৰিবলৈ আহি  বিতৰ্কত   ভাগ  লওতেও  আমি  কোনো উত্তেজনা  প্ৰকাশ  নকৰাকৈ  দিয়া যুক্তিৰ  মাজেৰে    তেওঁৰ   বাগ্মীতাভৰা  কথাবোৰ  মন দি  শুনিছিলোঁ।    আমাৰ  মনত তেতিয়াও  এক  আফচোচ  আছিল --  যোগ্যতাৰ  মাপকাঠী   ক্ষমতা  আৰু  ভোগৰ   প্ৰাচুৰ্যৰে  নিৰ্ধাৰণ  কৰা  সমকালীন  ৰাজনীতিত  পাবলগীয়া   আসনখন  তেওঁক  দিয়া  'হল  বুলি।    যিজন  মানুহৰ   বিতৰ্ক   বিধানসভা বা সংসদৰ মজিয়াত  শুনিবলৈ  পাম   বুলি আশা  কৰিছিলোঁ,  তেওঁৰ প্ৰতিভাক  টেলিভিছনৰ   মজিয়াত  দলক  প্ৰতিনিধিত্ব  কৰাতেই    সীমাবদ্ধ   কৰি ৰখা  'ল।   কবলৈ গ'লে   ভোগ  আৰু  ক্ষমতাৰ  ৰাজনীতিত   আনৰ  দৰে   প্ৰাপ্য  আসনখন  তেওঁ  আঁজুৰি  আনিবলৈ  নাজানিলে।   কিন্তু  তাৰ বাবেই    তেওঁ  আমাৰ   চকুত   নিকা ভাৱমূৰ্তিৰে  উজলি  উঠিবলৈ  সক্ষম হৈছিল।  দীৰ্ঘদিনধৰি ক্ষমতাত থকা দল এটাৰ  আগশাৰীৰ   সদস্য  হোৱাৰ পিছতো    মানুহজনৰ  পত্নী  এখন   ব্যক্তিগত  বিদ্যালয়ৰ   শিক্ষয়িত্ৰী,    আবেলি  টিউশ্যনো  কৰে। আচৰিত  কথা  নহয় যে,    সমকালীন ৰাজনীতিৰ  নেতিবাচক  দিশবোৰে তেওঁক  ক্ষোভ আৰু  হতাশাৰ  গৰ্ভলৈ তিল তিলকৈ  ঠেলি   দিছিল । আনকি  এজন  আইনবিদ  হিচাপেও  সফল   জীৱনৰ শিখৰলৈ  আৰোহণ  কৰাৰ  সম্ভাৱনীয়তা  তেওঁৰ  মাজত  আছিল।

যি  কি  নহওক,   আমাৰ  ছাত্ৰজীৱনত  লগ  পোৱা  ছাত্ৰনেতাজন  শেষ পৰ্যন্ত   এজন মানুহ'  হৈ   মানুহৰ  মাজতে  থাকি  'ল।  জীৱনৰ কোনো  মুহূৰ্ততে   তেওঁ   সংকীৰ্ণতাক  প্ৰশৰয়  দিয়া  আমি নেদেখিলোঁ।   বাটে - ঘাটে   কেতিয়াবা  লগ পালে  চিনিয়ৰ  কটনিয়ান এজনে জুনিয়ৰ  এজনক লগ পালে আত্মীয়তাৰে কথা  পতাৰ দৰেই  সদায়  খবৰ -  বাতৰি লৈছিল, নিজৰো খা-খবৰ জনাইছিল। সকলোৰে ক্ষেত্ৰত  আছিল একেই  ব্যৱহাৰ।  একেবাৰে  অসময়ত  আমাৰ   প্ৰিয়  চিনিয়ৰ  কটনিয়ান এজন  আমাৰ  মাজৰপৰা গুচি  গৈছে।  এই  সময়ে তেখেতৰ  দৰে  মানুহৰ  যোগ্যতাৰ    মৰ্যদা  দিয়া   নাই।  হয়তো  এই  সময় মুকুল  শৰ্মাৰ  দৰে  ৰাজনীতিবিদৰ   হাতত  নাই।  কব  পাৰি  যে,   এই  সময়  এতিয়া মূল্যবোধৰ  ৰাজনীতিৰ    সতে  নাই।    আৰু,  এই   কথাও  সমানেই  সঁচা  যে, আমি   সকলোৱেই   এই  সময়ক  প্ৰতিনিধিত্ব  কৰিছোঁ।  তেখেতক  বিদায়   দিবলৈ সেইদিনা  নৱগ্ৰহ  শমশানলৈ  বিভিন্ন  ৰাজনৈতিক  দলৰ  প্ৰতিনিধিসকল  আহিছিল,  বন্ধু - বান্ধৱসকল আহিছিল  আৰু  আহিছিল  আমাৰ  সময়ৰ  কটনিয়ানসকল।  আমাৰ  সকলোৰে  চকুত আছিল  সেই   আফচোচ্।   আমি   ভগাই  লৈছিলোঁ  আমাৰ  সময়ৰ এক   তীক্ষ্নধী  আৰু   বাগ্মীতাভৰা  কণ্ঠই   আমাৰ  মাজৰপৰা   অসময়ত   এনেদৰে   মেলানি মগাৰ বেদনা। সিদিনা  আমাৰ সময়ৰ ৰাজনৈতিক  প্ৰেক্ষাপটত মূল্যবোধৰ  ৰাজনীতিক  উৰ্ধত  তুলি ধৰা এজন ৰাজনীতিকৰ  চিতাৰ জুইকুৰা  এই  কঠিন  বাসতৱৰ  মেটাফৰ' হৈ  উঠিছিল,  আৰু তৰ্কৰ  সভাত বাজীমাৎ  কৰাৰ  দৰেই  সিদিনাও তেওঁ  তেনেকৈয়ে  বাজীমাৎ  কৰি  গুচি  গৈছিল।

ৰত্না ভৰালী তালুকদাৰ

Sunday 25 August 2019

ড০ অমৰজ্যোতি চৌধুৰী চাৰৰ কিতাপ পঢাৰ আন্দোলন আৰু কিছু অনুভৱ




এই বছৰৰ আগষ্ট মাহৰ এটা ভাল লগা দিশ হৈছে ড০ অমৰজ্যোতি চৌধুৰী চাৰে কিতাপ পঢ়াৰ আন্দোলনৰ পৰিবেশ এটা গঢ় দিয়াৰ বাবে লোৱা প্ৰচেষ্টা। তেখেতৰ প্ৰচেষ্টাই কিতাপ ভালপোৱাসকলৰ মনত এটা আশা জগাই তুলিছে। প্ৰতি শনিবাৰে গুৱাহাটীৰ জিলা পুথিঁভৰালৰ বাকৰিত গ্ৰন্থ বিষয়ক আড্ডাই কিতাপ সম্পৰ্কীয় এটা পৰিবেশ গঢ়ি তুলিছে।
এই অনুষ্ঠানৰ প্ৰতি আগ্ৰহী হৈ গুৱাহাটীৰ বাহিৰতো এনে প্ৰচেষ্টাৰ আৰ্হিত কিতাপ পঢ়াৰ আনন্দ সম্পৰ্কীয় আড্ডা অনুষ্ঠিত হোৱাৰ খবৰ আহিছে। গ্ৰন্থ ভালপোৱাসকলৰ বাবে ইয়াতকৈ ভাল কথা আৰু কি হ’ব পাৰে। চতুৰ্থটো শনিবাৰে পুথিভঁৰালৰ বাকৰিলৈ গৈছিলোঁ । কিছু কথা কবলৈ মন গলেও সময়ৰ অভাৱৰ বাবে গোটেই সময়খিনি তাত থকাটো সম্ভৱ ন’হল। মনৰ কথাখিনি ফোনযোগে ধীৰাজ গোস্বামী ডাঙৰীয়াক কৈছিলোঁ । তেখেতে লিখিতভাৱে জনাবলৈ ক’লে। সেয়েহে ফে’চবুকৰ বন্ধুসকলৰ সৈতেও কথখিনি ভগাই ল’লোঁ।
১। আন্দোলনটো মাথো গ্ৰন্থ সম্পৰ্কীয় আড্ডাতেই সীমাবদ্ধ কৰি নাৰাখি ‘অলপ আড্ডা, অলপ অধ্যয়ন’ – এই ধাৰণালৈ নিব পাৰি।
২। লক্ষ্য অগ্ৰাধিকাৰ সম্পৰ্কীয় কথা এটাও থাকিব। গ্ৰন্থ পঢ়িবলৈ আগ্ৰহী কৰি তুলিবলৈ হ’লে আমি প্ৰথমে কাক লক্ষ্য হিচাপে নিৰ্বাচিত কৰিম? আমাৰ দৃষ্টিত নিশ্চয়েই শিশুসকলেই অগ্ৰাধিকাৰ পাব, কিয়নো কুমলীয়া বাঁহ ভাঁজ লগাবলৈ সহজ। তেওঁলোকেই আমাৰ ভবিষ্যত। একেলগে কিতাপ পঢ়াটো এটা আনন্দদায়ক কাম আৰু এই আনন্দলাভৰ প্ৰতি শিশুকলৰ ধাউতি বঢ়াবলৈ উদ্যোক্তাসকলে জিলা পুঁথিভৰালৰ বাকৰিত আড্ডাৰ লগে লগে অন্ততঃ একোটা ঘণ্টা সেই অঞ্চলটোৰ শিশুসকলৰ সৈতে একেলগে পুথিভঁৰালৰ পঢ়াকোঠাত (reading room) কিতাপ পঢ়াৰ কৰাৰ কথা চিন্তা কৰিব পাৰে।
৩। শিশুসকলৰ আকৰ্ষণ বঢ়াবলৈ আৰু একেসময়তে অনুপ্ৰাণিত কৰিবলৈ উদ্যোক্তাসকলে এই দিনটোত অঞ্চলটোৰ একোজন গণ্য-মান্য আৰু অধ্যয়নশীল ব্যক্তিক আমন্ত্ৰণ কৰি আনি তেখেতৰ সৈতে একেলগে পঢ়াৰ আনন্দ ভগাই দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। নিৰ্দিষ্ট বিদ্যালয়সমূহৰ সৈতে যোগাযোগ কৰি শিশুসকলক একগোট কৰি একোজন বিশিষ্ট ব্যক্তিৰ সৈতে একেলগে কিছুসময় কিতাপ পঢ়াৰ মাজেৰে সময় কটোৱাৰ আনন্দ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব পাৰিলে তেনে গুণী লোকৰ সান্নিধ্যই শিশুৰ মানসিক জগতখন স্বভাৱিকতেই সমৃদ্ধ কৰিব, তেওঁলোকৰ কিতাপ পঢ়াৰ আনন্দ দুগুণে বাঢ়িব আৰু প্ৰজন্মৰ ব্যৱধানো কমিব বুলি আাশা কৰিব পাৰি।
৪। প্ৰতি মাহত শিশুসকলৰ মাজৰ একোজনক ‘এই মাহৰ শ্ৰেষ্ঠ পঢ়ুৱৈ’ নিৰ্বাচিত কৰি কিতাপ একোখন উপহাৰ দিব পাৰি। এনে প্ৰচেষ্টাত আমাৰ দৰে ব্যক্তিয়েও সহায় কৰিবলৈ ভাল পাম।
৫। উদ্যোক্তাসকলে বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলকো আহ্বান জনাব পাৰে যাতে নিজৰ নিজৰ ঠাইৰ পুঁথিভৰালৰ মাজেৰেই হওক, বা ক্লাব আৰু আন সংস্থাৰ মাজেৰেই হওক, প্ৰতি শনিবাৰে এঘণ্টাৰ বাবে সকলোৱে কিতাপ পঢ়াৰ আনন্দ ভগাই লয়। স্থানীয় বিদ্যালয়ৰ মাতৃগোটসমূহৰ সৈতে যোগাযোগ কৰিও শিশুসকলক এনেদৰে একগোট কৰিব পাৰি। নলবাৰীৰ প্ৰেৰণা পুথিভঁৰাল আৰু সমন্বয় পুথিভঁৰালে সেই অঞ্চলত এক দীঘলীয়া সময় ধৰি নীৰৱ অথচ ফলদায়ক গ্ৰন্থ আন্দোলন গঢ়ি তুলিছে। ধুবৰীত ‘ধুবৰী বুক ক্লাৱ’ৰ উদ্যোগত গ্ৰন্থ অধ্যয়নৰ তেনে প্ৰচেষ্টা দেখা যায়। গাৰোপাহাৰত আছে ‘দ্য হানড্ৰেড ষ্ট’ৰী হাউচ’ । সুদূৰ নগালেণ্ডৰ ভাৰত-ম্যানমাৰৰ সীমান্তত আছে ডান চেপ্তাৰৰ ‘ব’ৰ্ডাৰ লাইব্ৰেৰী প্ৰজেক্ট’।এনেদৰে অনেকেই নীৰৱে কাম কৰি আহিছে। এই উদ্ভাৱনী ধাৰণাবোৰ আঁৰত থকা ব্যক্তিসকলৰ বহুমূলীয়া আৰু কষ্টসাধ্য অভিজ্ঞতাবোৰ এই আন্দোলনত যুক্ত কৰাটো অতি দৰকাৰী কথা বুলি ভাবোঁ।
৬। চতুৰ্থ শনিবাৰৰ আড্ডাৰ আমি উপস্থিত থকা সময়খিনিত চ’ছিয়েল মিডিয়া, ডিটিজেল মিডিয়াৰ প্ৰভাৱ সম্পৰ্কে কেইবাজনেও নেতিবাচক মনোভাৱ ব্যক্ত কৰিলে। কিন্তু সকলো কথা ইমান নেতিবাচকো নহয়। বহুত সময়ত দেখা যায় যে, তৰুণ প্ৰজন্মৰ তুলনাত প্ৰবীণসকলৰ একাংশৰহে এনে মিডিয়াৰ প্ৰতি আসক্তি বেছি। প্ৰতি শনিবাৰৰ আড্ডা, অধ্যয়ন আদিৰ কাৰ্যসূচীবোৰ চ’ছিয়েল মিডিয়া বা আন ডিটিজেল মিডিয়াৰ মাজেদিয়েই প্ৰচাৰ কৰিলে তেনে প্ৰচাৰে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ সম্ভাৱনাহে বেছি।



ফটো -- মনোৰম গগৈ

Saturday 10 August 2019

‘তিনি তালাক' প্ৰথা নিষিদ্ধ আৰু কিছু প্ৰাসংগিক কথা







অৱশেষত কেন্দ্ৰৰ  বিজেপি চৰকাৰে  সংসদৰ   উভয়  সদনত  বিধেয়ক  উত্থাপনৰ মাজেৰে  আইনী  প্ৰক্ৰিয়াৰে  যোৱা ৩০  জুলাই  তাৰিখে ইছলামধৰ্মী লোক সকলৰ  মাজত  প্ৰচলিত তিনি তালাক'  প্ৰথা  নিষিদ্ধ  ঘোষণা  কৰে।  আইনী  প্ৰক্ৰিয়াৰ মাজেৰে  তিনি  তালাক' প্ৰথা  বন্ধ হোৱাৰ লগে  লগে  তালাক'  শব্দটো  তিনিবাৰকৈ  উচ্চাৰণ কৰি পতিয়ে  পত্নীক বিবাহ  বিচ্ছেদ কৰাটো  অপৰাধ বুলি গণ্য কৰা হ'    এনে   অপৰাধৰ  অপৰাধীয়ে   তিনি বছৰ পৰ্যন্ত  কাৰাবাস খাটিব            লাগিব ।  

উল্লেখযোগ্য যে,  ইয়াৰ আগেয়ে  দুবছৰৰ  আগতে  ২০১৭ চনতো  এই বিধেয়ক সংসদৰ মজিয়াত উত্থাপন  কৰা হৈছিল   যদিও  ৰাজ্যসভাৰ মজিয়াত  নাকচ হয়।  এই   প্ৰথা  নিষিদ্ধ  হোৱাৰ পিছতে   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে    টুইট  যোগে  কয়  যে, “ এটা আওপুৰণি  আৰু  মধ্যযুগীয়  প্ৰথাক  অৱশেষত  ইতিহাসৰ  ডাষ্টবিনলৈ নিক্ষেপ কৰা  'ল।  সংসদে তিনি তালাক' বন্ধ  কৰিছে আৰু  মুছলমান  মহিলাসকলৰ ক্ষেত্ৰত হৈ  থকা এটা ভুলৰ   শুধৰণি  কৰিছে।  এয়া  লিংগভিত্তিক ন্যায়ৰ  দিশে এক বিজয়  আৰু    সমাজলৈ  অধিক  সমতা  আনিব।  ভাৰতে আজি  আনন্দোল্লাস  কৰিছে।   প্ৰধানমন্ত্ৰীৰ সূৰতে সুৰ মিলাই  কেন্দ্ৰীয়  আইন  মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও তিনি তালাক' নিষিদ্ধ হোৱাৰ দিনটো এটা ঐতিহাসিক দিৱস'   বুলি উল্লেখ কৰিছে।  

ইছলামৰ পবিত্ৰ গ্ৰন্থ  কোৰাণত  তিনি  তালাক  প্ৰথা'ৰ বিষয়ে উল্লেখ নাই যদিও   শতিকাৰ পিছত  শতিকা  ধৰি  বিভিন্ন  দেশৰ  ইছলামধৰ্মী লোকসকলৰ মাজত  এই  প্ৰথা  চলি আহিছে।   বৰ্তমান  সময়ত   প্ৰযুক্তি  ব্যৱহাৰ   কৰি  কাগজত লিখি,    টেলিফোনযোগে  উচ্চাৰণ  কৰি,    অথবা   ইণ্টাৰনেট  সংযোগ  কৰি   স্কাইপৰ  মাজেৰেও  তিনি  তালাক'  দি    বিবাহ বিচ্ছেদ কৰাৰ ঘটনা  ঘটিছে বুলি  শুনিবলৈ পোৱা  গৈছে ।   ভাৰতৰ চুবুৰীয়া  পাকিস্থান  আৰু   বাংলাদেশকে ধৰি   ইছলামধৰ্মী লোকৰ সংখ্যাধিক্য থকা কেইবাখনো  ৰাষ্ট্ৰত  ইতিমধ্যে  তিনি তালাক'  প্ৰথা নাই।  

সংসদৰ মজিয়াৰ বাহিৰেও   তিনি তালাক'  প্ৰথাৰ দৰে  কুপ্ৰথাৰ বিৰুদ্ধে   ভাৰতৰ কেইবাগৰাকীও  ইছলামধৰ্মী  নাৰীয়ে সাহসেৰে  আইনী  যুদ্ধৰ  বাবে  ইতিপূৰ্বেই আগবাঢ়ি  আহিছিল।  তেওঁলোক  হৈছে  ৰাজস্থানৰ  জয়পুৰৰ  আফ্ৰিন ৰেহমান,  উত্তৰাখণ্ডৰ কাশীপুৰৰ  চায়েৰা  বানু, পশি চম বংগৰ  কলিকতাৰ ইচৰাত জাহাঁ,  উত্তৰ  প্ৰদেশৰ চাহাৰাণপুৰৰ আতিয়া চাব্ৰী,  আৰু  ৰাজ্যখনৰ  ৰামপুৰৰ  এলেকাৰ গুলচন পাৰভীন। এই নাৰীসকলৰ  কোনোবাগৰাকী উচ্চশিক্ষিত আৰু সেইবাবেই বিবাহৰ ক্ষেত্ৰত  অসুবিধা হৈছিল,    আৰু কোনোবাগৰাকীয়ে  হয়তো আনুষ্ঠানিক শিক্ষা   পৰ্যন্ত  লাভ   কৰা  নাই । কিন্তু  তিন তালাক' প্ৰথাৰে পতিয়ে  তেওঁলোকৰ সৈতে বিবাহৰ   বিচেছ   টোৱাৰ পিছত   তেওঁলোকে  সাহসেৰে  ন্যায়ালয়ৰ  মজিয়াত ন্যায়ৰ  হকে যুঁজ দিছে।  ইয়াৰ পূৰ্বেও ছাহ বানু নামৰ মহিলাগৰাকীয়ে পূৰ্বৰ পতিৰপৰা  খোৰাকী বিচাৰি ১৯৭৮ চনতেই আদালতৰ মজিয়ালৈ গৈছিল।

এইকলৰ ভিতৰৰে  চায়েৰা  বানুৰ গোচৰৰ ক্ষেত্ৰত  ভাৰতৰ  উচ্চতম  ন্যায়ালয়ে  ইতিমধ্যেই  ৰায়দান কৰি  থৈছে যে,  তিনি তালাক'  উচ্চাৰণ কৰি  দিয়া  বিচ্ছেদ আইনসন্মত  নহয়, এই   প্ৰথা  সংবিধানৰ নৈতিকতাৰ  পৰিপন্থী     এনেদৰে  উচ্চাৰণ কৰি  বিবাহ বিচেছ  কৰিলে, তেনে বিচেছদৰ  কোনোধৰণৰ   গ্ৰহণযোগ্যতা নাই।   এই  প্ৰথাৰে   পতিৰ ঘৰত   নিৰ্যাতন পোৱা   নাৰী  এগৰাকীয়ে  ভাৰতীয  দণ্ডবিধিৰ ৪১৮ () অধীনত ন্যায়ালয়ত গোচৰ তৰিব  পাৰে।  যিহেতু   উচ্চতম  ন্যায়ালয়ে  তিনি তালাক'   প্ৰথাক  ইতিপূৰ্বেই নাকচ কৰিছে  সেয়েহে  এই  ৰায়দানৰ পিছতো সংসদৰ মজিয়াত ততাতৈয়াকৈ বিধেয়ক  উত্থাপন কৰি   আইনৰ মাজেৰে  দেৱানী'  আদালতৰ বিষয় এটা ফৌজদাৰী'  আদালতৰ বিষয়লৈ  কিয় ঠেলি দিয়া  ', তাকে  লৈ  বিভিন্ন  প্ৰশনৰ  উত্থাপন  হৈছে।  অপৰাধ'   বুলি  চিনাক্ত  কৰিলেই এই   কু- প্ৰথা সমাজৰপৰা  নোহোৱা  হৈ  যাব নেকি --  তাকে  লৈও  বিভিন্ন যুক্তি  আগবঢ়োৱা  হৈছে। আনকি   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৭চনত সেই সময়ৰ উচ্চতম ন্যায়ালয়ৰ  ৰায়ক আদৰণি  জনাই  টুইট যোগে কৈছিল যে,   তিনি তালাক সন্দৰ্ভত মহামান্য উচ্চতম  ন্যায়ালয়ৰ ৰায়দান ঐতিহাসিক। ই মুছলিম মহিলাক সমতা প্ৰদান  কৰিব  আৰু  মহিলাৰ সবলীকৰণৰ এক শক্তিশালী  ব্যৱস্থা হ'ব। ''

উচ্চতম ন্যায়ালয়ৰ সেই  ৰায়দানক  ঐতিহাসিক  বুলি  অভিহিত কৰাৰ পিছতো  দ্বিতীয়বাৰৰ বাবে  ক্ষমতালৈ  অহাৰ পিছত  ততাতৈয়াকৈ  আইন প্ৰণয়নৰ মাজেৰে  তিনি তালাক' প্ৰথাক নিষিদ্ধ  কৰাৰ দিশটোক লৈ বিভিন্ন  মহলে বিভিন্ন  মত পোষণ  কৰিছে।   অনেকেই  কৈছে যে,   এয়া  এক  সামাজিক কু- প্ৰথা  আৰু  গোটেই বিষয়টো   মুছলিম বিবাহ  আইনৰ  অধীনৰ  বিষয়।   এনে ক্ষেত্ৰত  সামাজিকভাৱে, অৰ্থাৎ  সমাজৰ লগতে  পৰিয়ালটোত  নাৰীগৰাকীৰ  স্থান   শক্তিশালী  কৰাৰ ব্যৱস্থাগ্ৰহণৰ   মাজেৰে  এই  প্ৰথা  বন্ধ  কৰাৰ  প্ৰচেষ্টাইহে  অধিক  সুফল দিলেহেঁতেন।  তাকে নকৰি এই  সংক্ৰান্তত  বিজ্ঞমহলৰ সৈতে  কোনো ধৰণৰ আলোচনা  নকৰাকৈয়ে  বিষয়টো   কাৰাবাসযোগ্য   অপৰাধ  হিচাপে  গণ্য  কৰি   সংসদৰ  মজিয়াত  ততাতৈয়াকৈ বিধেয়কৰ মাজেৰে  আইন  হিচাপে গ্ৰহণ  কৰা হৈছে আইন হিচাপে  গ্ৰহণ কৰা আগেয়ে সংসদৰ স্থায়ী  সমিতিত আলোচনাৰ  বাবে  বিষয়টো   প্ৰেৰণ কৰিলে আলাপ- আলোচনাৰ মাজেৰে  পৰিয়ালৰ   মাজত  আৰু   সমাজত   মুছলিম  মহিলাসকলৰ  স্থান  অধিক  মজবুত  কৰাৰ  বাবে  উক্ত  আইনত  যথাযোগ্য  ব্যৱস্থা গ্ৰহণ কৰিব পৰা গ'লহেঁতেন।  লগতে বিচ্ছেদিত  মহিলাগৰাকীয়ে  পাবলগীয়া ক্ষতিপূৰণ আদিৰ  ক্ষেত্ৰত    পুংখানুপুংখভাৱে  আলোচনা  কৰাৰ  সুযোগ   থাকিলেহেঁতেন  বুলিও কোৱা  হৈছে।  নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিকে  ধৰি কেইবাটাও নাৰী সংগঠনে বিষটো সংসদীয় স্থায়ী সমিতিত আলোচনাৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনাই আহিছিল  যদিও চৰকাৰে  তাক                গ্ৰহণ নকৰিলে বুলি  তেওঁলোকে  অভিযোগ কৰিছে। 

কেৱল তিনি তালাক'  উচ্চাৰণ কৰিয়েই  নহয়,  অত্যাচাৰী  আৰু  চতুৰ    পতিয়ে বিভিন্নভাৱে  নিৰ্যাতন দি তিনি তালাক' উচ্চাৰণ  নকৰাকৈয়ো  পত্নীক  পৰিত্যাগ  কৰিব  পাৰে। এনেক্ষেত্ৰত  নাৰীগৰাকীৰ  সুৰক্ষাৰ দিশটো  উক্ত আইনে কিদৰে  চোৱা- চিতা কৰিব · অথবা   এনেদৰে  তিনি তালাক' উচ্চাৰণ  নকৰাকৈয়ো  পৰিত্যক্ত  কৰা  নাৰীসকলৰপৰা সন্তানক  পতিৰ পৰিয়ালে  আঁতৰাই লৈ গ'লে সেই সন্তানৰ  লালন-পালনৰ দি চোৱা- চিতাৰ দিশটো   কি হ'--  এনে বহুতো   সমস্যাৰ ক্ষেত্ৰত  উক্ত আইনত  ব্যাখ্যা  কৰা  হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে।  এই   কথাবোৰ   প্ৰয়োজনীয় এইবাবেই  যে, ভাৰতীয়  সমাজত  ইছলামধৰ্মী নাৰীসকল  পঢ়া- শুনাৰ লগতে আৰ্থিক স্বাৱলম্বিতাৰ  দিশত অতিকৈ পিচপৰা।

তিনি তালাক' বৈধ নে অবৈধ -- সেই  সম্পৰ্কে  তেওঁলোকৰ  সম্প্ৰদায়ৰ নেতাসকলেহে  কোৱা উচিত বুলিও  ইছলামধৰ্মক  প্ৰতিনিধিত্ব  কৰা কেইবাটাও  সংগঠনে অভিযোগ কৰিছে।  তিনি তালাক  নিষিদ্ধ'  আইনৰ বিৰোধিতা কৰি  অল  ইণ্ডিয়া মজলিছ- এ- ইত্তেহাদুল মুছলিমিন দলৰ  সাংসদ আছাউদ্দিন অ'ৱেচিয়ে  টুইট  কৰি  কৈছে  যে বিষয়টো - ২০১৪ চনৰপৰা মুছলিম পৰিচিতি আৰু নাগৰিকত্বৰ ওপৰত হোৱা বহুবোৰ  আক্ৰমণৰ  এটা অংশ হিচাপেহে চোৱা উচিত। উন্মক্তকাৰীৰ                                    হিংসা, আৰক্ষী অত্যাচাৰ,  আৰু ব্যাপকভাৱে আবদ্ধ কৰি আমাক  নত  কৰিব নোৱাৰে।  সংবিধানৰ ওপৰত দৃঢ় আস্থাৰে   আমি বৈষম্য, অন্যায় আৰু  অধিকাৰ অস্বীকাৰ  কৰা কাৰ্যৰ বিৰোধিতা কৰিছোঁ।   

ভাৰতবৰ্ষ  পিতৃতান্ত্ৰিক   সমাজব্যৱস্থাৰ সৌধটোত   সকলো  ধৰ্মৰ  আৰু  সকলো অংশৰ  নাৰীয়েই   নাৰীয়েই  বৈষম্য  আৰু  শোষণৰ বলি  হৈ আহিছে।  হিন্দু  ধৰ্মটো   ভাৰতীয় নাৰীয়ে  প্ৰাপ্য ম্যৰ্যদা লাভ কৰা  নাই।   ভাৰতৰ   ধৰ্মীয়  সংখ্যালঘু   ইছলাম  ধৰ্মৰ   নাৰীসকলৰ ওপৰত বৈষম্যৰ  প্ৰকোপ  আৰু  বেছি।  সামগ্ৰীকভাৱে ভাৰতৰ   নাৰীৰ বিৰুদ্ধে হোৱা ক্ৰমবৰ্ধিত  অপৰাধৰ  ছবিখনে  আমাক  বহু  কথাই   কয়।  ৰাষ্ট্ৰীয়  ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনসুৰি  ২০১৬ চনত  নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা  অপৰাধৰ সংখ্যা আছিল ,৩৮,০০০। ২০১৫ চনত এই সংখ্যা আছিল  ,২৯, ০০০।  অৰ্থাৎ এবছৰতে  নাৰীৰ  বিৰুদ্ধে হোৱা অপৰাধ  ,০০০- তকÍ  অধিক বৃদ্ধি হৈছে।   নাৰীৰ বিৰুদ্ধে হোৱা ধৰ্ষণত ৰুজু হোৱা গোচৰৰ  সংখ্যা  এই দুটা  বছৰত  ক্ৰমে  ৩৪,৬৫১১পৰা বাঢ়ি গৈ   ৩৮, ৯৪৭ হয়গৈ।   ভাৰতৰ সমাজত  নাৰী এগৰাকী কিমান সুৰক্ষিত সেই ভয়ংকৰ  তথ্য পোৱা  যায়  অপৰাধ  ৰ্ষণ  কাৰ্য  সংঘটিত কৰা  অপৰাধীৰ  চৰিত্ৰত।  দেখা গৈছে যে,   নাৰীৰ বিৰুদ্ধে হোৱা ধৰ্ষণ  অপৰাধৰ ৯৪.শতাংশ  অপৰাধীয়েই নাৰীগৰাকীৰ  চিনাকি অথবা  আত্মীয়।  তদুপৰি  আছে  সম্প্ৰদায় নিৰ্বিশেষে  কন্যা ভ্ৰূণ  হত্যা,  বাল্য বিবাহ, যৌতুকজনিত হিংসা  আৰু  হত্যাৰ  দৰে  ব্যাধিবোৰ। বিশেষকৈ   বাল্যবিবাহ মুছলমান  সম্প্ৰদায়ৰ  নাৰীসকলৰ  এক  প্ৰধান  সমস্যা  যাৰ বাবে  তেওঁলোক উচ্চশিক্ষা  লাভৰপৰা  বঞ্চিত  হয়।  হিন্দু ধৰ্মাৰ নাৰীও  বাল্যবিবাহৰ কুপ্ৰথাৰপৰা  মুক্ত  নহয়।  ইপিনে,    কন্যা ভ্ৰূণ হত্যাৰ  দৰে বিষয়টোৱে  ভাৰতবৰ্ষৰ ক্ষমতাৰ অভিকেন্দ্ৰৰ  ৰাজ্যকেইখনমানৰ জনংখ্যাৰ ওপৰত এনে প্ৰভাৱ  পেলাইছে  যে কেইবাখনো ৰাজ্যত প্ৰতিহাজাৰ পুৰুষ  বিপৰীতে নাৰীৰ   অনুপাত   উদ্বেগজনকভাৱে  হ্ৰাস  পাইছে ।  ৰাজধানী ৰাজ্য  নতুনদিল্লীত  প্ৰতি  হাজাৰ পুৰুষৰ  বিপৰীতে   নাৰী  মাত্ৰ  ৮৬৮, হাৰিয়ানাত  ৮৭৯, পঞ্জাৱত  ৮৯৬  । এনে  অনেক  উদাহৰণেৰে তালিকাখন দীঘলীয়া কৰি থাকিব   পৰা যায়, '  সংবিধানে  নাৰী-পুৰুষক  সমান মৰ্যদা  প্ৰদান কৰাৰ পিছতো নাৰীয়ে  চ্ছা থাকিলেও  পুৰষৰ  সমানে সমানে  আগবাঢ়িব পৰা নাই । শিক্ষাৰ ক্ষেত্ৰত  আন সূচকবোৰৰ কথা  বাদ  দি  সৰ্বোচ্চ  পৰ্যায়  পি এইচ ডি লাভৰ  তালিকাখন   চালে দেখা  যায় যে, ২০১৭ চনত  সমগ্ৰ দেশত ৩৪,৪০০ জনক এই ডিগ্ৰী  প্ৰদান  কৰা হৈছিল,  '  নাৰীৰ  সংখ্যা  আছিল মাত্ৰ ১৪,২২১।  এই  পৰিসংখ্যাবোৰৰ ধৰ্মভিত্তিক  তথ্য  অৱশ্যে  দিয়া হোৱা  নাই।

২০১৬ চনৰ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি  ধৰ্মভিত্তিক দিশেৰে চালে  দেখা যায় যে, সকলো ধৰ্ম লোকৰ ভিতৰতে ইছলামধৰ্মী  লোকসকলৰ   চৰকাৰী  কামত   অংশগ্ৰহণ আটাইতকৈ  কম   অৰ্থাৎ  ৩২. শতাংশ  । হিন্দুসকলৰ  ক্ষেত্ৰত  এই পৰিসংখ্যা ৪১ শতাংশ, খৃষ্টানৰ ৪১. শতাংশ,  শিখৰ৩৬. শতাংশ, বৌদ্ধ  ৪৩. শতাংশ, জৈন  ৩৫. শতাংশ,               অন্যান্য ৪৫  আৰু  ধৰ্মৰ নাম  উল্লেখ নকৰাসকলৰ ৩১. শতাংশ।   সকলো  ধৰ্মৰ লোক  মিলি  চৰকাৰী  কামত   অংশগ্ৰহণৰ  শতাংশ ৩৯.  ২০১৪-১৫ চনত  ৰাজহুৱা খণ্ডৰ বেংক আৰু  ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰত   সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলৰ নিযুক্তিৰ হাৰ  আছিল মাত্ৰ ৮.৫৭ শতাংশ     অৱশ্যে পুৰুষ  আৰু নাৰীৰ সুকীয়া তথ্য  এই পৰিসংখ্যাই  দিয়া  নাই।   কেন্দ্ৰীয় চৰকাৰে সবকা  চাথ সবকা বিকাশ' নীতি, যাৰ অধাৰত  সংখ্যালঘূ সম্প্ৰদায়ৰ  লোকসকলৰ  বাবে  বিভিন্ন নীতি  গ্ৰহণ   কৰা  হৈছে,  সেই  নীতিসমূহে এই  ছবিখন সলনি  কৰিব পাৰিছেনে নাই, সেয়া  জানিবলৈ আমি  সময়লৈ অপেক্ষা কৰিব লাগিব।

নাৰী  এগৰাকী  প্ৰকৃততে   সবলীকৰণৰ  দিশে  ধাবিত হ'ব লাগিলে  তাৰ   মূল  আধাৰ হ'  লাগিব   শিক্ষা, অৰ্থনৈতিক  সুৰক্ষা  আৰু  ৰাজনৈতিক  ক্ষমতাহে । এই উদ্দেশ্যেৰেই    সংসদ আৰু বিধানসভাৰ মজিয়াত  মহিলাৰ বাবে ৩৩ শতাংশ   আসন সংৰক্ষণৰ বিধেয়ক গৃহীত কৰাৰ বাবে বিভিন্ন  অংশৰ  প্ৰগতিশীল নাৰী সংগঠনসমূহে দীৰ্ঘদিনধৰি   আন্দোলন  কৰি আহিছে।  কিন্তু ইখনৰ পিছত সিখনকৈ গঠন হোৱা বিভিন্ন দলৰ চৰকাৰে এই দিশটোলৈ  সমূলি মন- কাণ দিয়া   নাই।   তিনি তালাক প্ৰথা'  দৰে  সামাজিক  ব্যাধি   এটা  ফৌজদাৰী  আদালতৰ  মজিয়ালৈ  নি    পত্নীক  তালাক দিয়া  লোকক   অপৰাধী  সজাই জেল  হাজোতলৈ  প্ৰেৰণ কৰিলে   দেশৰ একাংশ  মুছলিম   মহিলাই   কিছু পৰিমাণে  হয়তো সকাহ  লাভ  কৰিব, কিন্তু  ভাৰতবৰ্ষ  মুঠ জনসংখ্যাৰ অৰ্ধেক  অংশৰ   নাৰীয়ে  প্ৰকৃত  সবলীকৰণৰ দিশেৰে আগবাঢ়িব পাৰিব  তেতিয়াহে --  যেতিয়া হিন্দু- মুছলমান নিৰ্বিশেষে  সকলো নাৰীয়ে  সদন  আৰু বিধানসভাৰ মজিয়াত  প্ৰকৃত  ৰাজনৈতি ক  ক্ষমতাৰ  অংশীদাৰ হৈ  নিজে  পিছ   পৰি  থকাৰ  কাৰণসমূহ  আতঁৰাবৰ  বাবে    সিদ্ধান্ত  নিৰ্ণয়ৰ সৰ্বোচ্চ  পৰ্যায়ত  নিজৰ  মতামত  জনাবলৈ  সুযোগ লাভ কৰিব।  ইতিমধ্যে  পঞ্চায়ত পৰ্যায়ত  নিৰ্বাচনৰ মাজেৰে  ক্ষমতাত অংশ লবলৈ  সুযোগ লাভ  কৰা নাৰীসকলে   পঞ্চায়তত নিজৰ  কাৰ্যদক্ষতা  প্ৰমাণ   কৰিবলৈ সক্ষম হৈছে -- গতিকে  বিধানসভা  আৰু সংসদৰ  মজিয়াতো তেওঁলোকে   নিজৰ  কাৰ্যদক্ষতা   প্ৰমাণ  কৰিব নোৱাৰিব  বুলি ভবাৰ অৱকাশ নাই।  দুখৰ  কথা যে,   বৰ্তমানৰ বিজেপি চৰকাৰখনে  দুবাৰকৈ  শাসনত  অধিস্থিত হোৱাৰ   সুবিধা পায়ো  বিধানসভা  ৰু   সংসদৰ  নিৰ্বাচনত  প্ৰাৰ্থীত্বপ্ৰদানৰ  সময়ত   নাৰীৰ বাবে   ৩৩  শতাংশ  আসন  সংৰক্ষণ কৰাৰ  কথা   এবাৰলৈও  উল্লেখ কৰা  নাই। জাতি - ধৰ্ম  অথবা বৰ্ণ নিৰ্বিশেষে   ভাৰতীয়  সমাজখনৰ   মুঠ  জনসংখ্যাৰ  অৰ্ধেক অংশ  নাৰীৰ  নিজকে বিকশিত কৰাৰ এই আকাংখ্যা  পূৰণ কৰাৰ মাজেৰেহে  সকলো  অংশৰ নাৰীয়ে  প্ৰকৃততে  সবলীকৰণৰ দিশেৰে  ধাবিত  '  পাৰিব। 

ৰত্না ভৰালী তালুকদাৰ  
১০-০৮-০১9