Saturday 10 August 2019

‘তিনি তালাক' প্ৰথা নিষিদ্ধ আৰু কিছু প্ৰাসংগিক কথা







অৱশেষত কেন্দ্ৰৰ  বিজেপি চৰকাৰে  সংসদৰ   উভয়  সদনত  বিধেয়ক  উত্থাপনৰ মাজেৰে  আইনী  প্ৰক্ৰিয়াৰে  যোৱা ৩০  জুলাই  তাৰিখে ইছলামধৰ্মী লোক সকলৰ  মাজত  প্ৰচলিত তিনি তালাক'  প্ৰথা  নিষিদ্ধ  ঘোষণা  কৰে।  আইনী  প্ৰক্ৰিয়াৰ মাজেৰে  তিনি  তালাক' প্ৰথা  বন্ধ হোৱাৰ লগে  লগে  তালাক'  শব্দটো  তিনিবাৰকৈ  উচ্চাৰণ কৰি পতিয়ে  পত্নীক বিবাহ  বিচ্ছেদ কৰাটো  অপৰাধ বুলি গণ্য কৰা হ'    এনে   অপৰাধৰ  অপৰাধীয়ে   তিনি বছৰ পৰ্যন্ত  কাৰাবাস খাটিব            লাগিব ।  

উল্লেখযোগ্য যে,  ইয়াৰ আগেয়ে  দুবছৰৰ  আগতে  ২০১৭ চনতো  এই বিধেয়ক সংসদৰ মজিয়াত উত্থাপন  কৰা হৈছিল   যদিও  ৰাজ্যসভাৰ মজিয়াত  নাকচ হয়।  এই   প্ৰথা  নিষিদ্ধ  হোৱাৰ পিছতে   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে    টুইট  যোগে  কয়  যে, “ এটা আওপুৰণি  আৰু  মধ্যযুগীয়  প্ৰথাক  অৱশেষত  ইতিহাসৰ  ডাষ্টবিনলৈ নিক্ষেপ কৰা  'ল।  সংসদে তিনি তালাক' বন্ধ  কৰিছে আৰু  মুছলমান  মহিলাসকলৰ ক্ষেত্ৰত হৈ  থকা এটা ভুলৰ   শুধৰণি  কৰিছে।  এয়া  লিংগভিত্তিক ন্যায়ৰ  দিশে এক বিজয়  আৰু    সমাজলৈ  অধিক  সমতা  আনিব।  ভাৰতে আজি  আনন্দোল্লাস  কৰিছে।   প্ৰধানমন্ত্ৰীৰ সূৰতে সুৰ মিলাই  কেন্দ্ৰীয়  আইন  মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও তিনি তালাক' নিষিদ্ধ হোৱাৰ দিনটো এটা ঐতিহাসিক দিৱস'   বুলি উল্লেখ কৰিছে।  

ইছলামৰ পবিত্ৰ গ্ৰন্থ  কোৰাণত  তিনি  তালাক  প্ৰথা'ৰ বিষয়ে উল্লেখ নাই যদিও   শতিকাৰ পিছত  শতিকা  ধৰি  বিভিন্ন  দেশৰ  ইছলামধৰ্মী লোকসকলৰ মাজত  এই  প্ৰথা  চলি আহিছে।   বৰ্তমান  সময়ত   প্ৰযুক্তি  ব্যৱহাৰ   কৰি  কাগজত লিখি,    টেলিফোনযোগে  উচ্চাৰণ  কৰি,    অথবা   ইণ্টাৰনেট  সংযোগ  কৰি   স্কাইপৰ  মাজেৰেও  তিনি  তালাক'  দি    বিবাহ বিচ্ছেদ কৰাৰ ঘটনা  ঘটিছে বুলি  শুনিবলৈ পোৱা  গৈছে ।   ভাৰতৰ চুবুৰীয়া  পাকিস্থান  আৰু   বাংলাদেশকে ধৰি   ইছলামধৰ্মী লোকৰ সংখ্যাধিক্য থকা কেইবাখনো  ৰাষ্ট্ৰত  ইতিমধ্যে  তিনি তালাক'  প্ৰথা নাই।  

সংসদৰ মজিয়াৰ বাহিৰেও   তিনি তালাক'  প্ৰথাৰ দৰে  কুপ্ৰথাৰ বিৰুদ্ধে   ভাৰতৰ কেইবাগৰাকীও  ইছলামধৰ্মী  নাৰীয়ে সাহসেৰে  আইনী  যুদ্ধৰ  বাবে  ইতিপূৰ্বেই আগবাঢ়ি  আহিছিল।  তেওঁলোক  হৈছে  ৰাজস্থানৰ  জয়পুৰৰ  আফ্ৰিন ৰেহমান,  উত্তৰাখণ্ডৰ কাশীপুৰৰ  চায়েৰা  বানু, পশি চম বংগৰ  কলিকতাৰ ইচৰাত জাহাঁ,  উত্তৰ  প্ৰদেশৰ চাহাৰাণপুৰৰ আতিয়া চাব্ৰী,  আৰু  ৰাজ্যখনৰ  ৰামপুৰৰ  এলেকাৰ গুলচন পাৰভীন। এই নাৰীসকলৰ  কোনোবাগৰাকী উচ্চশিক্ষিত আৰু সেইবাবেই বিবাহৰ ক্ষেত্ৰত  অসুবিধা হৈছিল,    আৰু কোনোবাগৰাকীয়ে  হয়তো আনুষ্ঠানিক শিক্ষা   পৰ্যন্ত  লাভ   কৰা  নাই । কিন্তু  তিন তালাক' প্ৰথাৰে পতিয়ে  তেওঁলোকৰ সৈতে বিবাহৰ   বিচেছ   টোৱাৰ পিছত   তেওঁলোকে  সাহসেৰে  ন্যায়ালয়ৰ  মজিয়াত ন্যায়ৰ  হকে যুঁজ দিছে।  ইয়াৰ পূৰ্বেও ছাহ বানু নামৰ মহিলাগৰাকীয়ে পূৰ্বৰ পতিৰপৰা  খোৰাকী বিচাৰি ১৯৭৮ চনতেই আদালতৰ মজিয়ালৈ গৈছিল।

এইকলৰ ভিতৰৰে  চায়েৰা  বানুৰ গোচৰৰ ক্ষেত্ৰত  ভাৰতৰ  উচ্চতম  ন্যায়ালয়ে  ইতিমধ্যেই  ৰায়দান কৰি  থৈছে যে,  তিনি তালাক'  উচ্চাৰণ কৰি  দিয়া  বিচ্ছেদ আইনসন্মত  নহয়, এই   প্ৰথা  সংবিধানৰ নৈতিকতাৰ  পৰিপন্থী     এনেদৰে  উচ্চাৰণ কৰি  বিবাহ বিচেছ  কৰিলে, তেনে বিচেছদৰ  কোনোধৰণৰ   গ্ৰহণযোগ্যতা নাই।   এই  প্ৰথাৰে   পতিৰ ঘৰত   নিৰ্যাতন পোৱা   নাৰী  এগৰাকীয়ে  ভাৰতীয  দণ্ডবিধিৰ ৪১৮ () অধীনত ন্যায়ালয়ত গোচৰ তৰিব  পাৰে।  যিহেতু   উচ্চতম  ন্যায়ালয়ে  তিনি তালাক'   প্ৰথাক  ইতিপূৰ্বেই নাকচ কৰিছে  সেয়েহে  এই  ৰায়দানৰ পিছতো সংসদৰ মজিয়াত ততাতৈয়াকৈ বিধেয়ক  উত্থাপন কৰি   আইনৰ মাজেৰে  দেৱানী'  আদালতৰ বিষয় এটা ফৌজদাৰী'  আদালতৰ বিষয়লৈ  কিয় ঠেলি দিয়া  ', তাকে  লৈ  বিভিন্ন  প্ৰশনৰ  উত্থাপন  হৈছে।  অপৰাধ'   বুলি  চিনাক্ত  কৰিলেই এই   কু- প্ৰথা সমাজৰপৰা  নোহোৱা  হৈ  যাব নেকি --  তাকে  লৈও  বিভিন্ন যুক্তি  আগবঢ়োৱা  হৈছে। আনকি   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৭চনত সেই সময়ৰ উচ্চতম ন্যায়ালয়ৰ  ৰায়ক আদৰণি  জনাই  টুইট যোগে কৈছিল যে,   তিনি তালাক সন্দৰ্ভত মহামান্য উচ্চতম  ন্যায়ালয়ৰ ৰায়দান ঐতিহাসিক। ই মুছলিম মহিলাক সমতা প্ৰদান  কৰিব  আৰু  মহিলাৰ সবলীকৰণৰ এক শক্তিশালী  ব্যৱস্থা হ'ব। ''

উচ্চতম ন্যায়ালয়ৰ সেই  ৰায়দানক  ঐতিহাসিক  বুলি  অভিহিত কৰাৰ পিছতো  দ্বিতীয়বাৰৰ বাবে  ক্ষমতালৈ  অহাৰ পিছত  ততাতৈয়াকৈ  আইন প্ৰণয়নৰ মাজেৰে  তিনি তালাক' প্ৰথাক নিষিদ্ধ  কৰাৰ দিশটোক লৈ বিভিন্ন  মহলে বিভিন্ন  মত পোষণ  কৰিছে।   অনেকেই  কৈছে যে,   এয়া  এক  সামাজিক কু- প্ৰথা  আৰু  গোটেই বিষয়টো   মুছলিম বিবাহ  আইনৰ  অধীনৰ  বিষয়।   এনে ক্ষেত্ৰত  সামাজিকভাৱে, অৰ্থাৎ  সমাজৰ লগতে  পৰিয়ালটোত  নাৰীগৰাকীৰ  স্থান   শক্তিশালী  কৰাৰ ব্যৱস্থাগ্ৰহণৰ   মাজেৰে  এই  প্ৰথা  বন্ধ  কৰাৰ  প্ৰচেষ্টাইহে  অধিক  সুফল দিলেহেঁতেন।  তাকে নকৰি এই  সংক্ৰান্তত  বিজ্ঞমহলৰ সৈতে  কোনো ধৰণৰ আলোচনা  নকৰাকৈয়ে  বিষয়টো   কাৰাবাসযোগ্য   অপৰাধ  হিচাপে  গণ্য  কৰি   সংসদৰ  মজিয়াত  ততাতৈয়াকৈ বিধেয়কৰ মাজেৰে  আইন  হিচাপে গ্ৰহণ  কৰা হৈছে আইন হিচাপে  গ্ৰহণ কৰা আগেয়ে সংসদৰ স্থায়ী  সমিতিত আলোচনাৰ  বাবে  বিষয়টো   প্ৰেৰণ কৰিলে আলাপ- আলোচনাৰ মাজেৰে  পৰিয়ালৰ   মাজত  আৰু   সমাজত   মুছলিম  মহিলাসকলৰ  স্থান  অধিক  মজবুত  কৰাৰ  বাবে  উক্ত  আইনত  যথাযোগ্য  ব্যৱস্থা গ্ৰহণ কৰিব পৰা গ'লহেঁতেন।  লগতে বিচ্ছেদিত  মহিলাগৰাকীয়ে  পাবলগীয়া ক্ষতিপূৰণ আদিৰ  ক্ষেত্ৰত    পুংখানুপুংখভাৱে  আলোচনা  কৰাৰ  সুযোগ   থাকিলেহেঁতেন  বুলিও কোৱা  হৈছে।  নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিকে  ধৰি কেইবাটাও নাৰী সংগঠনে বিষটো সংসদীয় স্থায়ী সমিতিত আলোচনাৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনাই আহিছিল  যদিও চৰকাৰে  তাক                গ্ৰহণ নকৰিলে বুলি  তেওঁলোকে  অভিযোগ কৰিছে। 

কেৱল তিনি তালাক'  উচ্চাৰণ কৰিয়েই  নহয়,  অত্যাচাৰী  আৰু  চতুৰ    পতিয়ে বিভিন্নভাৱে  নিৰ্যাতন দি তিনি তালাক' উচ্চাৰণ  নকৰাকৈয়ো  পত্নীক  পৰিত্যাগ  কৰিব  পাৰে। এনেক্ষেত্ৰত  নাৰীগৰাকীৰ  সুৰক্ষাৰ দিশটো  উক্ত আইনে কিদৰে  চোৱা- চিতা কৰিব · অথবা   এনেদৰে  তিনি তালাক' উচ্চাৰণ  নকৰাকৈয়ো  পৰিত্যক্ত  কৰা  নাৰীসকলৰপৰা সন্তানক  পতিৰ পৰিয়ালে  আঁতৰাই লৈ গ'লে সেই সন্তানৰ  লালন-পালনৰ দি চোৱা- চিতাৰ দিশটো   কি হ'--  এনে বহুতো   সমস্যাৰ ক্ষেত্ৰত  উক্ত আইনত  ব্যাখ্যা  কৰা  হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে।  এই   কথাবোৰ   প্ৰয়োজনীয় এইবাবেই  যে, ভাৰতীয়  সমাজত  ইছলামধৰ্মী নাৰীসকল  পঢ়া- শুনাৰ লগতে আৰ্থিক স্বাৱলম্বিতাৰ  দিশত অতিকৈ পিচপৰা।

তিনি তালাক' বৈধ নে অবৈধ -- সেই  সম্পৰ্কে  তেওঁলোকৰ  সম্প্ৰদায়ৰ নেতাসকলেহে  কোৱা উচিত বুলিও  ইছলামধৰ্মক  প্ৰতিনিধিত্ব  কৰা কেইবাটাও  সংগঠনে অভিযোগ কৰিছে।  তিনি তালাক  নিষিদ্ধ'  আইনৰ বিৰোধিতা কৰি  অল  ইণ্ডিয়া মজলিছ- এ- ইত্তেহাদুল মুছলিমিন দলৰ  সাংসদ আছাউদ্দিন অ'ৱেচিয়ে  টুইট  কৰি  কৈছে  যে বিষয়টো - ২০১৪ চনৰপৰা মুছলিম পৰিচিতি আৰু নাগৰিকত্বৰ ওপৰত হোৱা বহুবোৰ  আক্ৰমণৰ  এটা অংশ হিচাপেহে চোৱা উচিত। উন্মক্তকাৰীৰ                                    হিংসা, আৰক্ষী অত্যাচাৰ,  আৰু ব্যাপকভাৱে আবদ্ধ কৰি আমাক  নত  কৰিব নোৱাৰে।  সংবিধানৰ ওপৰত দৃঢ় আস্থাৰে   আমি বৈষম্য, অন্যায় আৰু  অধিকাৰ অস্বীকাৰ  কৰা কাৰ্যৰ বিৰোধিতা কৰিছোঁ।   

ভাৰতবৰ্ষ  পিতৃতান্ত্ৰিক   সমাজব্যৱস্থাৰ সৌধটোত   সকলো  ধৰ্মৰ  আৰু  সকলো অংশৰ  নাৰীয়েই   নাৰীয়েই  বৈষম্য  আৰু  শোষণৰ বলি  হৈ আহিছে।  হিন্দু  ধৰ্মটো   ভাৰতীয় নাৰীয়ে  প্ৰাপ্য ম্যৰ্যদা লাভ কৰা  নাই।   ভাৰতৰ   ধৰ্মীয়  সংখ্যালঘু   ইছলাম  ধৰ্মৰ   নাৰীসকলৰ ওপৰত বৈষম্যৰ  প্ৰকোপ  আৰু  বেছি।  সামগ্ৰীকভাৱে ভাৰতৰ   নাৰীৰ বিৰুদ্ধে হোৱা ক্ৰমবৰ্ধিত  অপৰাধৰ  ছবিখনে  আমাক  বহু  কথাই   কয়।  ৰাষ্ট্ৰীয়  ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনসুৰি  ২০১৬ চনত  নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা  অপৰাধৰ সংখ্যা আছিল ,৩৮,০০০। ২০১৫ চনত এই সংখ্যা আছিল  ,২৯, ০০০।  অৰ্থাৎ এবছৰতে  নাৰীৰ  বিৰুদ্ধে হোৱা অপৰাধ  ,০০০- তকÍ  অধিক বৃদ্ধি হৈছে।   নাৰীৰ বিৰুদ্ধে হোৱা ধৰ্ষণত ৰুজু হোৱা গোচৰৰ  সংখ্যা  এই দুটা  বছৰত  ক্ৰমে  ৩৪,৬৫১১পৰা বাঢ়ি গৈ   ৩৮, ৯৪৭ হয়গৈ।   ভাৰতৰ সমাজত  নাৰী এগৰাকী কিমান সুৰক্ষিত সেই ভয়ংকৰ  তথ্য পোৱা  যায়  অপৰাধ  ৰ্ষণ  কাৰ্য  সংঘটিত কৰা  অপৰাধীৰ  চৰিত্ৰত।  দেখা গৈছে যে,   নাৰীৰ বিৰুদ্ধে হোৱা ধৰ্ষণ  অপৰাধৰ ৯৪.শতাংশ  অপৰাধীয়েই নাৰীগৰাকীৰ  চিনাকি অথবা  আত্মীয়।  তদুপৰি  আছে  সম্প্ৰদায় নিৰ্বিশেষে  কন্যা ভ্ৰূণ  হত্যা,  বাল্য বিবাহ, যৌতুকজনিত হিংসা  আৰু  হত্যাৰ  দৰে  ব্যাধিবোৰ। বিশেষকৈ   বাল্যবিবাহ মুছলমান  সম্প্ৰদায়ৰ  নাৰীসকলৰ  এক  প্ৰধান  সমস্যা  যাৰ বাবে  তেওঁলোক উচ্চশিক্ষা  লাভৰপৰা  বঞ্চিত  হয়।  হিন্দু ধৰ্মাৰ নাৰীও  বাল্যবিবাহৰ কুপ্ৰথাৰপৰা  মুক্ত  নহয়।  ইপিনে,    কন্যা ভ্ৰূণ হত্যাৰ  দৰে বিষয়টোৱে  ভাৰতবৰ্ষৰ ক্ষমতাৰ অভিকেন্দ্ৰৰ  ৰাজ্যকেইখনমানৰ জনংখ্যাৰ ওপৰত এনে প্ৰভাৱ  পেলাইছে  যে কেইবাখনো ৰাজ্যত প্ৰতিহাজাৰ পুৰুষ  বিপৰীতে নাৰীৰ   অনুপাত   উদ্বেগজনকভাৱে  হ্ৰাস  পাইছে ।  ৰাজধানী ৰাজ্য  নতুনদিল্লীত  প্ৰতি  হাজাৰ পুৰুষৰ  বিপৰীতে   নাৰী  মাত্ৰ  ৮৬৮, হাৰিয়ানাত  ৮৭৯, পঞ্জাৱত  ৮৯৬  । এনে  অনেক  উদাহৰণেৰে তালিকাখন দীঘলীয়া কৰি থাকিব   পৰা যায়, '  সংবিধানে  নাৰী-পুৰুষক  সমান মৰ্যদা  প্ৰদান কৰাৰ পিছতো নাৰীয়ে  চ্ছা থাকিলেও  পুৰষৰ  সমানে সমানে  আগবাঢ়িব পৰা নাই । শিক্ষাৰ ক্ষেত্ৰত  আন সূচকবোৰৰ কথা  বাদ  দি  সৰ্বোচ্চ  পৰ্যায়  পি এইচ ডি লাভৰ  তালিকাখন   চালে দেখা  যায় যে, ২০১৭ চনত  সমগ্ৰ দেশত ৩৪,৪০০ জনক এই ডিগ্ৰী  প্ৰদান  কৰা হৈছিল,  '  নাৰীৰ  সংখ্যা  আছিল মাত্ৰ ১৪,২২১।  এই  পৰিসংখ্যাবোৰৰ ধৰ্মভিত্তিক  তথ্য  অৱশ্যে  দিয়া হোৱা  নাই।

২০১৬ চনৰ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি  ধৰ্মভিত্তিক দিশেৰে চালে  দেখা যায় যে, সকলো ধৰ্ম লোকৰ ভিতৰতে ইছলামধৰ্মী  লোকসকলৰ   চৰকাৰী  কামত   অংশগ্ৰহণ আটাইতকৈ  কম   অৰ্থাৎ  ৩২. শতাংশ  । হিন্দুসকলৰ  ক্ষেত্ৰত  এই পৰিসংখ্যা ৪১ শতাংশ, খৃষ্টানৰ ৪১. শতাংশ,  শিখৰ৩৬. শতাংশ, বৌদ্ধ  ৪৩. শতাংশ, জৈন  ৩৫. শতাংশ,               অন্যান্য ৪৫  আৰু  ধৰ্মৰ নাম  উল্লেখ নকৰাসকলৰ ৩১. শতাংশ।   সকলো  ধৰ্মৰ লোক  মিলি  চৰকাৰী  কামত   অংশগ্ৰহণৰ  শতাংশ ৩৯.  ২০১৪-১৫ চনত  ৰাজহুৱা খণ্ডৰ বেংক আৰু  ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰত   সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলৰ নিযুক্তিৰ হাৰ  আছিল মাত্ৰ ৮.৫৭ শতাংশ     অৱশ্যে পুৰুষ  আৰু নাৰীৰ সুকীয়া তথ্য  এই পৰিসংখ্যাই  দিয়া  নাই।   কেন্দ্ৰীয় চৰকাৰে সবকা  চাথ সবকা বিকাশ' নীতি, যাৰ অধাৰত  সংখ্যালঘূ সম্প্ৰদায়ৰ  লোকসকলৰ  বাবে  বিভিন্ন নীতি  গ্ৰহণ   কৰা  হৈছে,  সেই  নীতিসমূহে এই  ছবিখন সলনি  কৰিব পাৰিছেনে নাই, সেয়া  জানিবলৈ আমি  সময়লৈ অপেক্ষা কৰিব লাগিব।

নাৰী  এগৰাকী  প্ৰকৃততে   সবলীকৰণৰ  দিশে  ধাবিত হ'ব লাগিলে  তাৰ   মূল  আধাৰ হ'  লাগিব   শিক্ষা, অৰ্থনৈতিক  সুৰক্ষা  আৰু  ৰাজনৈতিক  ক্ষমতাহে । এই উদ্দেশ্যেৰেই    সংসদ আৰু বিধানসভাৰ মজিয়াত  মহিলাৰ বাবে ৩৩ শতাংশ   আসন সংৰক্ষণৰ বিধেয়ক গৃহীত কৰাৰ বাবে বিভিন্ন  অংশৰ  প্ৰগতিশীল নাৰী সংগঠনসমূহে দীৰ্ঘদিনধৰি   আন্দোলন  কৰি আহিছে।  কিন্তু ইখনৰ পিছত সিখনকৈ গঠন হোৱা বিভিন্ন দলৰ চৰকাৰে এই দিশটোলৈ  সমূলি মন- কাণ দিয়া   নাই।   তিনি তালাক প্ৰথা'  দৰে  সামাজিক  ব্যাধি   এটা  ফৌজদাৰী  আদালতৰ  মজিয়ালৈ  নি    পত্নীক  তালাক দিয়া  লোকক   অপৰাধী  সজাই জেল  হাজোতলৈ  প্ৰেৰণ কৰিলে   দেশৰ একাংশ  মুছলিম   মহিলাই   কিছু পৰিমাণে  হয়তো সকাহ  লাভ  কৰিব, কিন্তু  ভাৰতবৰ্ষ  মুঠ জনসংখ্যাৰ অৰ্ধেক  অংশৰ   নাৰীয়ে  প্ৰকৃত  সবলীকৰণৰ দিশেৰে আগবাঢ়িব পাৰিব  তেতিয়াহে --  যেতিয়া হিন্দু- মুছলমান নিৰ্বিশেষে  সকলো নাৰীয়ে  সদন  আৰু বিধানসভাৰ মজিয়াত  প্ৰকৃত  ৰাজনৈতি ক  ক্ষমতাৰ  অংশীদাৰ হৈ  নিজে  পিছ   পৰি  থকাৰ  কাৰণসমূহ  আতঁৰাবৰ  বাবে    সিদ্ধান্ত  নিৰ্ণয়ৰ সৰ্বোচ্চ  পৰ্যায়ত  নিজৰ  মতামত  জনাবলৈ  সুযোগ লাভ কৰিব।  ইতিমধ্যে  পঞ্চায়ত পৰ্যায়ত  নিৰ্বাচনৰ মাজেৰে  ক্ষমতাত অংশ লবলৈ  সুযোগ লাভ  কৰা নাৰীসকলে   পঞ্চায়তত নিজৰ  কাৰ্যদক্ষতা  প্ৰমাণ   কৰিবলৈ সক্ষম হৈছে -- গতিকে  বিধানসভা  আৰু সংসদৰ  মজিয়াতো তেওঁলোকে   নিজৰ  কাৰ্যদক্ষতা   প্ৰমাণ  কৰিব নোৱাৰিব  বুলি ভবাৰ অৱকাশ নাই।  দুখৰ  কথা যে,   বৰ্তমানৰ বিজেপি চৰকাৰখনে  দুবাৰকৈ  শাসনত  অধিস্থিত হোৱাৰ   সুবিধা পায়ো  বিধানসভা  ৰু   সংসদৰ  নিৰ্বাচনত  প্ৰাৰ্থীত্বপ্ৰদানৰ  সময়ত   নাৰীৰ বাবে   ৩৩  শতাংশ  আসন  সংৰক্ষণ কৰাৰ  কথা   এবাৰলৈও  উল্লেখ কৰা  নাই। জাতি - ধৰ্ম  অথবা বৰ্ণ নিৰ্বিশেষে   ভাৰতীয়  সমাজখনৰ   মুঠ  জনসংখ্যাৰ  অৰ্ধেক অংশ  নাৰীৰ  নিজকে বিকশিত কৰাৰ এই আকাংখ্যা  পূৰণ কৰাৰ মাজেৰেহে  সকলো  অংশৰ নাৰীয়ে  প্ৰকৃততে  সবলীকৰণৰ দিশেৰে  ধাবিত  '  পাৰিব। 

ৰত্না ভৰালী তালুকদাৰ  
১০-০৮-০১9

No comments:

Post a Comment