কংগ্ৰেছ দলৰ
সাধৰণ সম্পাদক মুকুল
শৰ্মাৰ সৈতে আমাৰ পৰিচয়
এজন কটনিয়ানৰ। তেখেত
আমাৰ প্ৰজন্মৰ এজন চিনিয়ৰ কটনিয়ান। ১৯৮৭ চনত তেওঁ
কটন কলেজৰ সাধাৰণ সম্পাদক পদত
জয়ী হৈছিল। কলজেত নাম
লগোৱাৰ পিছতে সেইটো আমাৰ প্ৰথমটো নিৰ্বাচন আছিল। সেই সময়ত
কটন কলেজৰ নিৰ্বাচনত কোনো
প্ৰাৰ্থী জয়ী হোৱাৰ ক্ষেত্ৰত
সাতটাকৈ ল'ৰাৰ আবাস
আৰু দুটাকৈ ছাত্ৰীনিবাসৰ
আবাসীসকলেই বিশেষ ভূমিকা লৈছিল। বিশেষকৈ ছাত্ৰীনিবাসকেইটাৰ ভোটে নিৰ্ণায়ক ভূমিকা লৈছিল, কিয়নো দুয়োটা
ছাত্ৰীনিবাস লগ গৈ প্ৰায় চাৰে
তিনিশমান ভোট। নিৰ্বাচনী প্ৰচাৰ
চলোৱাৰ সময়ত মুকুল
শৰ্মাৰ ব্যক্তিত্বই আমাৰ
সকলোকে মোহিত কৰিছিল। তেওঁৰ আছিল নিজৰ
মোহনীয় ব্যক্তিত্বৰে সকলোকে
সন্মোহিত কৰি পেলাব পৰা এক বিৰল
গুণ— যি আনৰপৰা
পৃথক, য'ত অলপো
কৃত্ৰিমতা নাছিল। নিৰ্বাচনৰ প্ৰচাৰৰ
সময়ত ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা
বিষয়বোৰৰ সন্দৰ্ভত দিয়া উত্তৰত তেখেতৰ
লেঠাৰি-নিচিগাকৈ ওলাই অহা
নিভাঁজ অসমীয়া শব্দবোৰে
আমাক মুগ্দ্ধ কৰিছিল। এজন
তাৰ্কিক হিচাপেই সেই সময়ত আমি
তেখেতক বিশেষভাৱে জানিছিলোঁ।
সেই সময়বোৰ আছিল আছিল
পৃথিৱীক জনাৰ বাবে সাংবাদিক
প্ৰণয় ৰয়ৰ দূৰদৰ্শনৰ পৰ্দাত ‘দ্য
ৱৰ্লড দিচ উইক'ৰ দৰে
অনুষ্ঠান চাই নিজকে ‘আপডেট' কৰাৰ যুগ
-- যিটো অনুষ্ঠানক আমি
চমুকৈ টি ডব্লিউ টি ডব্লিউ বুলি কৈছিলোঁ। কটন কলেজৰ
ইউনিয়ন হলত এখনৰ পিছত এখনকৈ
শুনি গৈছিলোঁ তেওঁ
অংশগ্ৰহণ কৰা তৰ্ক
প্ৰতিযোগিতাবোৰ। শুনিবলৈ আমি
ৰৈ থাকিছিলোঁ। সেই সময়ৰ কটন কলেজৰ জ্যোতিষ্কৰ
দৰে উজ্জল তাৰ্কিকসকলৰ অন্যতম
আছিল মুকুল শৰ্মা, ননী গোপাল মহন্ত, ৰিণ্টু গোসবামী, হিমন্ত বিশ্ব শৰ্মা, অপৰ্ণা দেৱী আদি।
প্ৰত্যেকৰে নিজৰ নিজৰ
একোটা শৈলী আছিল।
মুকুল শৰ্মাৰ তৰ্ক
কৰাৰ আকৰ্ষণীয় দিশটো আছিল
অনাড়ম্বৰ আয়োজন আৰু
বচা বচা অসমীয়া শব্দৰ
নিখূঁত প্ৰয়োগৰ মাজেৰে
দাঙি ধৰা ধাৰাল
যুক্তিবোৰ। অসমীয়া ভাষাৰ বচা বচা
বুটাৰে গঢ়ি তোলা
শব্দৰ মেটমৰা ভঁৰালটো বৰ
ঈৰ্ষণীয় আছিল, প্ৰয়োগো আছিল
চমৎকাৰ । অসাধাৰণ বাগ্মীতাৰে
তেওঁ সেই শব্দৰ সময়ৰ
তৰ্ক প্ৰতিযাগিতাবোৰত বাজীমাৎ
কৰিছিল।
অমায়িক ব্যৱহাৰেৰে
এজন জাতীয়তাবাদী চেতনাৰ
এই ব্যক্তিজন প্ৰকৃত অৰ্থতেই
সেই সময়ৰ এজন
ছাত্ৰনেতা আছিল। জাতীয়তাবাদী
চেতনাৰ হলেও বিপৰীত মতাদৰশৰ
ছাত্ৰ - ছাত্ৰীৰ সৈতে আলাপ -আলোচনা
কৰাৰ সময়তো তেখেতৰ মনত
অলপো সংকীৰ্ণতা দেখা
পোৱা নাছিলোঁ -- যিটো সেই
সময়ৰ এজন ছাত্ৰ নেতাৰ
ক্ষেত্ৰত এক বিৰল ধৰণৰ
কথা আছিল। সেই
সময়ত ভাৱ হৈছিল, অসমৰ
সমাজ জীৱনক সন্মুখৰপৰা
নেতৃত্ব দিবলৈ মুকুল
শৰ্মাৰ এক আয়োজন
আছিল। সেই সময়ত আমি
তেখেতক ভবিষ্যতৰ অসমৰ ৰাজনৈতিক
জীৱনৰ এজন নেতা হিচাপেই গ্ৰহণ কৰিছিলোঁ।
তেখেত এজন সাংসদ অথবা বিধায়ক
হিচাপে নিৰ্বাচিত হোৱাৰ সুযোগ পালে
বিধানসভা বা সংসদৰ মজিয়াত
কেনেদৰে ভাষণ দিব, সেই
কথাবোৰ আমি পাতিছিলোঁ।
নব্বৈৰ দশকটো অসমৰ
ৰাজনৈতিক আৰু সমাজ জীৱনৰ
দুয়োটা দিশৰপৰাই ঘটনাবহুল
আৰু গুৰুত্বপূৰ্ণ আছিল। এটা সময়ত জাতীয়তাবাদী
শিৱিৰৰ মুকুল শৰ্মাই
কংগ্ৰেছ দলত যোগ
দিলে বুলি খবৰ পাইছিলোঁ। অলপ আচৰিতো হৈছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত আমি সকলোৱেই দেখিছিলোঁ
সমাজ আৰু ৰাজনৈতিক
জীৱনৰ ধামখুমিয়াত মুকুল শৰ্মাৰ দৰে
নীতি আৰু আদৰ্শৰ ৰাজনীতি কৰিবলৈ আগবাঢ়ি
অহাসকল কিদৰে ক'ৰবাত অপাংক্তেয়
হৈ পৰি ৰ'ল। তোষামোদ, চল- চাতুৰী, ধনবলৰ প্ৰয়োগ আৰু
আনক ঠেলি - হেঁচি আগুৱাই যোৱাৰ ৰাজনীতিত
মুকুল শৰ্মাৰ দৰে সৎ আৰু
বিবেকৰ তাগিদাৰে চলা
লোকসকলে হয়তো দলৰ
নিষ্ঠাবান দলীয় কৰ্মী হোৱাৰ সুযোগ
লাভ কৰিলে, কিন্তু যোগ্যতাৰ হিচাপত দলে তেওঁলোকক
কি দিলে --
তাক মানুহে দেখা নাপালে। কেতিয়াবা টেলিভিছনৰ পৰ্দাত বিভিন্ন বিষয়ত
দলক প্ৰতিনিধিত্ব কৰিবলৈ আহি বিতৰ্কত
ভাগ লওতেও আমি
কোনো উত্তেজনা প্ৰকাশ নকৰাকৈ
দিয়া যুক্তিৰ মাজেৰে তেওঁৰ
বাগ্মীতাভৰা কথাবোৰ মন দি
শুনিছিলোঁ। আমাৰ
মনত তেতিয়াও এক আফচোচ
আছিল -- যোগ্যতাৰ মাপকাঠী
ক্ষমতা আৰু ভোগৰ
প্ৰাচুৰ্যৰে নিৰ্ধাৰণ কৰা সমকালীন ৰাজনীতিত পাবলগীয়া
আসনখন তেওঁক দিয়া ন'হল
বুলি। যিজন মানুহৰ
বিতৰ্ক বিধানসভা বা সংসদৰ মজিয়াত শুনিবলৈ
পাম বুলি আশা কৰিছিলোঁ, তেওঁৰ
প্ৰতিভাক টেলিভিছনৰ মজিয়াত
দলক প্ৰতিনিধিত্ব কৰাতেই
সীমাবদ্ধ কৰি ৰখা হ'ল। কবলৈ গ'লে
ভোগ আৰু ক্ষমতাৰ
ৰাজনীতিত আনৰ দৰে
প্ৰাপ্য আসনখন তেওঁ
আঁজুৰি আনিবলৈ নাজানিলে।
কিন্তু তাৰ বাবেই তেওঁ
আমাৰ চকুত নিকা ভাৱমূৰ্তিৰে উজলি
উঠিবলৈ সক্ষম হৈছিল। দীৰ্ঘদিনধৰি ক্ষমতাত থকা দল এটাৰ আগশাৰীৰ
সদস্য হোৱাৰ পিছতো মানুহজনৰ
পত্নী এখন ব্যক্তিগত
বিদ্যালয়ৰ শিক্ষয়িত্ৰী, আবেলি টিউশ্যনো
কৰে। আচৰিত কথা নহয় যে, সমকালীন
ৰাজনীতিৰ নেতিবাচক দিশবোৰে তেওঁক ক্ষোভ আৰু হতাশাৰ
গৰ্ভলৈ তিল তিলকৈ ঠেলি দিছিল । আনকি
এজন আইনবিদ হিচাপেও
সফল জীৱনৰ শিখৰলৈ আৰোহণ
কৰাৰ সম্ভাৱনীয়তা তেওঁৰ
মাজত আছিল।
যি কি
নহওক, আমাৰ
ছাত্ৰজীৱনত লগ পোৱা
ছাত্ৰনেতাজন শেষ পৰ্যন্ত এজন ‘মানুহ' হৈ মানুহৰ
মাজতে থাকি গ'ল। জীৱনৰ কোনো
মুহূৰ্ততে তেওঁ সংকীৰ্ণতাক
প্ৰশৰয় দিয়া আমি নেদেখিলোঁ। বাটে - ঘাটে
কেতিয়াবা লগ পালে চিনিয়ৰ
কটনিয়ান এজনে জুনিয়ৰ এজনক লগ পালে
আত্মীয়তাৰে কথা পতাৰ দৰেই সদায়
খবৰ - বাতৰি লৈছিল, নিজৰো খা-খবৰ জনাইছিল। সকলোৰে ক্ষেত্ৰত আছিল একেই
ব্যৱহাৰ। একেবাৰে অসময়ত
আমাৰ প্ৰিয় চিনিয়ৰ
কটনিয়ান এজন আমাৰ মাজৰপৰা গুচি
গৈছে। এই সময়ে তেখেতৰ
দৰে মানুহৰ যোগ্যতাৰ
মৰ্যদা দিয়া নাই।
হয়তো এই সময় মুকুল
শৰ্মাৰ দৰে ৰাজনীতিবিদৰ হাতত নাই। কব
পাৰি যে, এই সময়
এতিয়া মূল্যবোধৰ ৰাজনীতিৰ
সতে নাই। আৰু, এই কথাও
সমানেই সঁচা যে, আমি সকলোৱেই
এই সময়ক প্ৰতিনিধিত্ব
কৰিছোঁ। তেখেতক বিদায়
দিবলৈ সেইদিনা নৱগ্ৰহ শমশানলৈ
বিভিন্ন ৰাজনৈতিক দলৰ
প্ৰতিনিধিসকল আহিছিল, বন্ধু - বান্ধৱসকল
আহিছিল আৰু আহিছিল আমাৰ
সময়ৰ কটনিয়ানসকল। আমাৰ
সকলোৰে চকুত আছিল সেই
আফচোচ্। আমি ভগাই
লৈছিলোঁ আমাৰ সময়ৰ এক
তীক্ষ্নধী আৰু বাগ্মীতাভৰা
কণ্ঠই আমাৰ মাজৰপৰা
অসময়ত এনেদৰে মেলানি মগাৰ বেদনা। সিদিনা আমাৰ সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটত মূল্যবোধৰ ৰাজনীতিক
উৰ্ধত তুলি ধৰা এজন ৰাজনীতিকৰ চিতাৰ জুইকুৰা এই কঠিন
বাসতৱৰ ‘মেটাফৰ' হৈ
উঠিছিল, আৰু তৰ্কৰ
সভাত বাজীমাৎ কৰাৰ দৰেই
সিদিনাও তেওঁ তেনেকৈয়ে বাজীমাৎ
কৰি গুচি গৈছিল।
ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment