Sunday 8 September 2019

সহমতৰ ভিত্তিতেই আঁতৰাব লাগিব এন আৰ চিত ৰৈ যোৱা আসোঁৱাহ




 প্ৰকাশ- দৈনিক ম, ০৯-০৯-২০১৯ 
 ৰত্না ভৰালী তালুকদাৰ –



ম চুক্তিৰ স্বাক্ষৰিত হোৱাৰ ৩৪ বছৰৰ পিছত অমে এখন ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জী লাভ কৰিলে।উন্নীত নাগৰিকপঞ্জীৰ  বাবে আবেদন কৰা ৩.৩০ কোটি আবেদনকাৰীৰ মাজৰপৰা  চুড়ান্ত  তালিকাত  বাদ পৰা  ১৯.০৬  লাখ লোকৰ সংখ্যাটোৰ ন্দৰ্ভত বিভিন্নজনে নানা মন্তব্য দিছে। অমলৈ অবাধ হাৰত অবৈধ বিদেশী প্ৰব্ৰজনকাৰীৰ স্ৰোত চলি থকা বুলি বিভিন্ন মহলে আৰু আনকি সংদ-বিধানভাৰ মজিয়াতো কেইবালাখো এনে অবৈধ প্রব্রজনকাৰীৰ তথ্য দিয়া হৈছিল কিন্তু সেই তথ্যবোৰৰ প্ৰামাণিক ভিত্তি নাছিল এই তথ্যবোৰৰ ওপৰত  ভিত্তি কৰি বিভিন্ন দল-সংগঠনে চলোৱা প্ৰচাৰে ধাৰণ মানুহৰ মনত বিদেশীৰ ংখ্যা ন্দৰ্ভত এক ধাৰণাৰ জন্ম দিছিল।

এটা কথা মনত ৰাখিব লাগিব যে, ‘অবৈধ বাংলাদেশী প্ৰব্ৰজন’ সন্দৰ্ভত এন আৰ চি য়ে  শেষ কথা কৈ দিয়া নাই  গাঁথনিগত দুৰ্বলতাৰ বাবে  প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে, আৰু  বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে তদুপৰি দেখা গৈছে যে, বহুত পৰিয়ালত কেইজনমান সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে আন কেইজনমানৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এইসকল লোকৰ বাবে জাননী পোৱাৰ ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত আবেদন কৰিবলৈ ১২০ দিনৰ সময়সীমা বান্ধি দিয়া হৈছেবিদেশী ন্যায়াধীকৰণেও নাগৰিকত্বৰ ওপৰত শেষ কথা নকয়, যিহেতু বিদেশী ন্যায়াধীকৰণৰ ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰলগতে উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰাৰ সুযোগ থাকিব

কলো কথা চালি-জাৰি চোৱাৰ অন্ততঃ যিকল লোক প্ৰকৃততে বাদ পৰিবগৈ তেওঁলোকক  এতিয়া ‘ৰাষ্ট্ৰহীন’ নাগৰিক হিচাপে ঘোষণা কৰা নহয় বুলি ইতিমধ্যে বৈদেশিক মন্ত্ৰণালয়ে ঘোষণা কৰিছে । যিকলে ন্যায়িক প্ৰক্ৰিয়াৰ ন্মুখীন হ’ব তেওঁলোকেও ন্যায়ালয়ৰ ৰায়দান নোপোৱা পৰ্যন্ত কলোবোৰ অধিকাৰ লাভ কৰিব বুলিও বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। যিয়েই নহওক,  হয়তো  এন আৰ চি প্ৰক্ৰিয়াটোৰ কিছু  গাঁথনিগত দুৰ্বলতা থাকিব পাৰে। কিন্তু তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোক নস্যাৎ  কৰি দিব পৰা নাযায়

এই দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত যিসকল প্ৰকৃততে আবৈধ বিদেশী বুলি চিনাক্ত হবগৈ, তেওঁলোকৰ প্ৰকৃত অৱস্থান কি হব? চৰকাৰে শীঘ্ৰেই এই বিষয়ে স্পষ্ট কৰা উচিত, যাতে ইয়াকে  লৈ অসমৰ মাজখন বিভাজিত কৰিবলৈ বিভেদকামী ক্তিবোৰে প্ৰশ্ৰয় নাপায়। এইেক্ষত্ৰত এক মানৱীয়  দৃষ্টিভংগীৰ প্ৰয়োজন।  বিভিন্নজনে বিভিন্ন মত ব্যক্ত কৰিলেও এই কথা সত্য  যে, এন আৰ চি প্ৰক্ৰিয়াটো আছিল অসমৰ জনসাধাৰণে দীৰ্ঘদিনধৰি লাভ কৰা এক অভিজ্ঞতাৰ সন্দৰ্ভত উপনীত হোৱা এক সহমত, যাৰ ভিত্তিবৰ্ষ  আছিল অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চ ইয়াৰ বিপৰীতে  ভাৰতবৰ্ষৰ আন ৰাজ্যত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন  

অসম চুক্তিৰ ৰূপায়নৰ দ্বাৰাই বিদেশী স্যা  মাধান কৰা ম্ভৱ বুলি ৰাজ্যখনৰ জনসাধাৰণে এক সহমতত উপনীত হৈছিল। এই হমতৰ ফলশ্ৰুতি হিচাপে লাভ কৰা হ’ল উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। এতিয়া প্ৰয়োজন ৰৈ যোৱা আসোঁৱাহবোৰ আঁতৰাই তাক শুদ্ধ ৰূপত প্ৰস্তুত  কৰাৰ বাবে আন এক হমতৰ, ইয়াক স্যাৎ কৰি নহয় ।   


No comments:

Post a Comment