Wednesday 11 September 2019

২০১৭-১৮ চনৰ সৰ্বভাৰতীয় উচ্চশিক্ষাৰ জৰীপৰ আলোকত ভাৰতৰ উচ্চশিক্ষা



ভাৰতবৰ্ষক  এতিয়া  যুৱ  প্ৰজন্মৰ দেশ বুলি  কোৱা  হৈছে   দেশৰ বিপুল  সংখ্যক   যুৱপ্ৰজন্মৰ সামগ্ৰীক  বিকাশৰ প্ৰাথমিক চৰ্ত  হৈছে  উচ্চশিক্ষাৰ সুযোগ লাভ কৰা  দেশ এখনৰ  সাৰ্বিক  বিকাশৰ পথ  মুকলি   হয়  যুৱপ্ৰজন্মই  উচ্চশিক্ষা লাভ  কৰাৰ সুযোগ লাভ  কৰিবলৈ সক্ষম 'লে   ১৮-২৩ বছৰ বয়সসীমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ  উচ্চশিক্ষাৰ ক্ষেত্ৰত   অংশগ্ৰহণ  কৰাৰ সুযোগেই   মানৱ  সম্পদ বিকাশৰ   প্ৰাথমিক চৰ্ত কিন্তু   দেখা  গৈছে যে ২০১৭-১৮ শিক্ষাবৰ্ষতো  এই বয়যসসীমাৰ  মাত্ৰ  এক চতুৰ্থাংশ ছাত্ৰ- ছাত্ৰীয়েহে  উচ্চশিক্ষা লাভ  কৰিবলৈ  সক্ষম হৈছে তদুপৰি, তাৰ মাজতো আছে  লিংগ ভিত্তিক বৈষম্য, জাতিগত বৈষম্য
 
২০১৭-১৮ চনৰ সৰ্বভাৰতীয় উচ্চশিক্ষা জৰীপ অনুসৰি  এই চনত ১৮-২৩ বছৰ বয়সসীমাৰ মাত্ৰ ২৫.জ্জ্ব শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে উচ্চশিক্ষাত নাম ভৰ্তি কৰিছে এই বৰ্ষত মুঠতে ৩৬.৬ নিযুত ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষাত নামভৰ্তি  কৰে  তাৰ ভিতৰত  ছাত্ৰৰ সংখ্যা ১৯.২ নিযুত  আৰু ছাত্ৰীৰ সংখ্যা  ১৭.৬ নিযুত  ছাত্ৰীৰ  নামভৰ্তিকৰণৰ হাৰ ৪৭.৬ শতাংশ ছাত্ৰৰ ক্ষেত্ৰত  ২৬.৩ শতাংশই  নামভৰ্তি কৰাৰ বিপৰীতে  ছাত্ৰীৰ ক্ষেত্ৰত ২৫.৪ শতাংশই  নামভৰ্তি কৰিছে এই বৰ্ষৰ ১৮-১৩ বছৰ বয়সসীমাৰ  সৰ্বমুঠ নামভৰ্তিকৰণৰ   অনুসূচীত জাতিৰ  শিক্ষাৰ্থীৰ  উচ্চশিক্ষাত নামভৰ্তি  কৰিছে মাত্ৰ ২১.৮ শতাংশই   অনুসূচীত  জনজাতিৰ ক্ষেত্ৰত এই  শতাংশ মাত্ৰ ১৫.৯ 

এই শিক্ষাবৰ্ষত ১৮ -২৩ বছৰ বয়সসীমাৰ ৭৯.২ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই স্নাতক পৰ্যায়ৰ শিক্ষাগ্ৰহণৰ বাবে নামভৰ্তিকৰণ  কৰিছে পিএইচ ডি পৰ্যায়লৈ শিক্ষাগ্ৰহণ কৰাৰ সুযোগ মাত্ৰ  . শতাংশ  ছাত্ৰ- ছাত্ৰীয়েহে লাভ  কৰিছে স্নাতক  পৰ্যায়তো কলা  শাখাতেই সৰ্বাধিক ৩৬. শতাংশ  ছাত্ৰ- ছাত্ৰীয়ে নামভৰ্তি কৰিছে বিজ্ঞান শাখাত ১৭.১ শতাংশ, আভিযান্ত্ৰিক শাখাত  ১৪.১ শতাংশ আৰু বাণিজ্য শাখাত ১৪.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে  নামভৰ্তি  কৰিছে

সামগ্ৰীকভাৱে, ২০১৭-১৮ বৰ্ষত উচ্চশিক্ষা গ্ৰহণ  কৰি থকাসকলৰ  মাজত  অনুসূচীত  জাতিৰ মুঠ  ১৪.৪ শতাংশ আৰু অনুসুচীত  জনজাতিৰ মাত্ৰ .২ শতাংশ ছাত্ৰ-ছাত্ৰী  আছে  অন্যান্য পিচপৰা শ্ৰেণীৰ  ক্ষেত্ৰত এই  শতাংশ ৩৫ মুছলিম ছাত্ৰ-ছাত্ৰীয়ে উচ্চশিক্ষাৰ  মুঠ ছাত্ৰ-ছাত্ৰীৰ  শতাংশ আৰু আন সংখ্যালঘূসকলে .২  শতাংশ অধিকাৰ কৰিছে

এই বৰ্ষত দেশত শিক্ষা  গ্ৰহণ কৰি থকা বিদেশী ছাত্ৰ- ছাত্ৰীৰ  সংখ্যা ৪৬,১৪৪  চৰকাৰী সাহায্যপ্ৰাপ্ত, অথবা সাহায্য নোপোৱা মহাবিদ্যালয়কে ধৰি ৭৮  শতাংশ মহাবিদ্যালয়েই  বেচৰকাৰী', কিন্তু ইয়াত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ  শতকৰা হাৰ মাত্ৰ ৬৭.৩ শতাংশ  এই বৰ্ষত উচ্চশিক্ষাৰ ক্ষেত্ৰত ১২,৮৪,৭৫৫ জন শিক্ষক নিয়োজিত হৈ আছে, যাৰ ভিতৰত পুৰুষৰ শতকৰা হাৰ ৫৮ আৰু মহিলাৰ ৪২ সৰ্বভাৰতীয়  পৰ্যায়ত  প্ৰতি ১০০ জন পুৰুষ শিক্ষকৰ বিপৰীতে ৭২ গৰাকী    মহিলা শিক্ষক আছে  ছাত্ৰ আৰু শিক্ষ কৰ অনুপাতৰ ক্ষেত্ৰত দেখা গৈছে যে,  প্ৰতি ৩০ জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক  আছে

২০১৭ চনত মুঠতে ৩৪,৪০০ জনক পি এইচ ডি ডিগ্ৰী  প্ৰদান কৰা হৈছে, যাৰ ভিতৰত পুৰুষৰ সংখ্যা ২০,১৭৯ আৰু মহিলাৰ সংখ্যা ১৪,২২১  চৰকাৰী উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহতে সৰ্বাধিক  ৩১.৬  শতাংশ শিক্ষাৰ্থী আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহত আছে ২০.৬ শতাংশ, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ১৫.৮  শতাংশ, আৰু ডিমড্  তথা বেচৰকাৰী বিশ্ববিদ্যালয়ত আছে ১৩.৪ শতাংশ

উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত চালে দেখা যায় যে, সৰ্বমুঠ নামভৰ্তিকৰণৰ ক্ষেত্ৰত  সামগ্ৰীকভাৱে উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনে সৰ্বভাৰতীয় পৰ্যায়ৰ সৈতে প্ৰায় একে পৰ্যায়ত আছে যদিও অসম আৰু  নগালেণ্ড  ৰাজ্য  যথেষ্ট  পিচপৰি আছে  ২০১৭-১৮ চনত   সামগ্ৰীকভাৱে  উত্তৰ-পূব ভাৰতৰ ১৮ -১৩ বছক বয়সসীমাৰ   ২৫. শতাংশ শিক্ষাৰ্থীয়ে  উচ্চশিক্ষাত নামভৰ্তি কৰে  চিক্কিমত সৰ্বাধিক ৩৭.৪, মণপিুৰত ৩১.৮, অৰুণাচল প্ৰদেশত ২৯.৮ মিজোৰামত ২২.৭ ত্ৰিপুৰাত ২১.২ , অসমত মাত্ৰ ১৮.২আৰু নগালেণ্ডৰ ১৭.৮ জনে উচ্চশিক্ষাত নামভৰ্তি  কৰিছে।  এই বৰ্ষত চিক্কিম, মেঘালয,নাগালেণ্ড, আৰু  মণিপুৰত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ নামভৰ্তিকৰণৰ হাৰ  বেছি। চিক্কিমত ৩৩,৯ শতাংশ ছাত্ৰৰ বিপৰীতে ৪১.১ শতাংশ ছাত্ৰী, মেঘালয়ত ২৪.২ শতাংশ ছাত্ৰৰ বিপৰীতে ২৫.১ শতাংশ ছাত্ৰী, মণিপুৰত ৩১.৩শতাংশ ছাত্ৰৰ বিপৰীতে ৩২.২শতাংশ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অৰুণাচল প্ৰদেশত ৩১.৫ শতাংশ ছাত্ৰৰ বিপৰীতে ২৭.৮ শতাংশ ছাত্ৰী, অসমত ১৮.৬ শতাংশ ছাত্ৰৰ বিপৰীতে ১৭.৮ শতাংশ ছাত্ৰী, নাগালেণ্ডত ১৭.৮ শতাংশ ছাত্ৰৰ বিপৰীতে ১৭.৯  শতাংশ ছাত্ৰী আৰু ত্ৰিপুৰাত ২৩.৭ শতাংশ ছাত্ৰৰ বিপৰীতে ১৮.৮ শতাংশ ছাত্ৰীয়ে উচ্চশিক্ষাত নামভৰ্তি কৰিছে। 

২০১৭-১৮  বৰ্ষত ছাত্ৰ- শিক্ষকৰ অনুপাত মহাবিদ্যালয় আৰু বিশববিদ্যালয় পৰ্যায়ত সৰ্বভাৰতীয় পৰ্যায়ত ৩০১ বিপৰীতে অৰুণাচল প্ৰদেশত ৬০, অসমত ৩৫, মণিপুৰত ৩৮, মেঘালয়ত ৪১, মিজোৰামত ১৯, নাগালেণ্ডত ৯, চিক্কিমত ২১ আৰু ত্ৰিপুৰাত ৩৬। সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰতিখন মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰে গড়ে ৬১৮ জনে । এই তথ্য  অৰুণাচল প্ৰদেশত ৮১০, অসমত ৯৮৩,  মণিপুৰত  ১১৫৬,  মেঘালয়ত ১০১৭, মিজোৰামত ৬১২, নাগালেণ্ডত ৪৮৪, চিক্কিমত ৭৩৭, ত্ৰিপুৰাত ১,১৫৬।

-ৰত্না ভৰালী তালুকদাৰ





No comments:

Post a Comment