নাৰীবাদ সম্পৰ্কত পৰহি কিছু কথা লিখিছিলোঁ।
বহুতে ফে’চবুকৰ পাততে সঁহাৰি দিছিল। দুই এগৰাকীয়ে ফোনত আৰু ৱাটছএপ মেছেজ কৰিছিল।ইয়াৰে
তিনিগৰাকীৰ কথাহে কবলৈ মন গৈছে।
এগৰাকী উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ নাৰী, পেশাগতভাৱে শিক্ষক। তেখেতে ক’লে, কথাখিনি তেওঁৰ জীৱনৰ লগত অভিজ্ঞতাৰ সতে হুবহু মিলিছে। গ্ৰন্থ
প্ৰকাশনৰ বেলিকা কিদৰে তেওঁৰ হৈ আনে সিদ্ধান্ত গ্ৰহণ কৰিছিল, তাকেই কৈছিল। এগৰাকী নাৰী বাবেই
পুৰুষতান্ত্ৰিক আধিপত্যবাদ দেখুৱাই কিদৰে
তেখেতক প্ৰাপ্য সন্মানৰপৰা বঞ্চিত কৰা হৈছিল। তেখেতে সুধিলে- আপুনি এই কথাখিনি কিদৰে
জানিলে?
মই কিন্তু জনা নাছিলোঁ।
ফোনত কথা পতা আন এগৰাকীয়ে স্বাধীন ব্যৱসায় কৰে।
এগৰাকীয়ে আকৌ ৱাচটএপত কিছু কথা ক’লে।
সামাজিক মাধ্যমৰ মঞ্চ হিচাপে সাধাৰণতে ফে’চবুকেই আমাৰ প্ৰিয়। আমি লিখা কথাৰ ইয়াতেই সঁহাৰি জনালে ভালপাওঁ। সামাজিক মাধ্যমত লিখা যিকোনো বিষয়ৰ ওপৰত আকৌ এবাৰ কাৰোবাৰ সতে ফোনত সুকীয়াকৈ (বিশেষভাৱে!) কথা পাতিবলৈ সময় নাই। আমাৰ দৰে মানুহৰো সময় কম, এই কথা কোনে বুজে! বহুতেই তেনে কৰি বিৰক্ত কৰে। যেন দিনৰ দিনটো আমি সামাজিক মাধ্যমতে বৰশী টোপাই থাকোঁ!
অৱশ্যে কিছুমানৰ হাত-ভৰি
বন্ধাও থাকে। সকলো কথা সকলোৱে জনাকৈ মুকলি কৰিব নোৱাৰে। অলপ কথা পাতি হাল্কা হবলৈ
বিচাৰে। শিক্ষাৰ সতে জড়িত নাৰীগৰাকীৰ অৱস্থাও এনেকুৱাই।
মুঠতে বুজিলোঁ-সেইদিনা লিখা কথাখিনি কথাখিনি বিভিন্ন
ক্ষেত্ৰত কাম কৰা মানুহৰ (বিশেষকৈ নাৰীৰ) অবিজ্ঞতাৰ হুবহু সতে মিলি গৈছে। বিভিন্ন এন
জি অ’, মানে বেচৰকাৰী খণ্ডত কাম কৰা এগৰাকী অতি উচ্চ শিক্ষিত তেনে নাৰীৰ সতে অৱশ্যে মোৰ কিছু বন্ধুত্বই আছে। তেখেতেও অলেখ
অভিজ্ঞতাৰ বিষয়ে কেতিয়াবা আলোচনা কৰে।
মুঠতে বুজা গ’ল যে, নাৰীবাদ সন্দৰ্ভত আমাৰ সেই বক্তব্য বহুজনৰ অভিজ্ঞতাৰ
প্ৰতিনিধিমূলক হৈ উঠিছে। এয়াই আমাৰ সফলতা
বুলি ভাবোঁ। সাংবাদিক হিচাপে যেতিয়া গোষ্ঠী-সংঘৰ্ষৰ এলেকাবোৰত ৰিপৰ্টিং কৰিবলৈ গৈছিলোঁ,
তেতিয়াই প্ৰথমবাৰৰ বাবে বাস্তৱতাৰ আধাৰত দেখিছিলোঁ
কি ভয়ংকৰ ধৰণে নাৰীক শোষণ কৰা হয়। লাহে লাহে ধাৰণাবোৰ পৰিপক্ক হৈ আহিছিল। কোকৰাঝাৰ
জিলাত গোষ্ঠী সংঘৰ্ষত আক্ৰান্ত হৈ আশ্ৰয়
শিৱিৰত দহবছৰতকৈও অধিককাল থকা লোকসকলক দেখিছিলোঁ । চাৰিওফালে নাৰী সৰবৰাহৰ বেহা,
অথচ কেম্প মেনেজমেণ্ট কমিটিবোৰত এগৰাকীও নাৰীসদস্য নাই! তেওঁলোকে নিজৰ দুৰ্দশাবোৰ কাৰ
আগত ক’ব! এই সকলো কথা ‘জেৰেই হাগ্ৰামায়া গাব’ নামৰ উপন্যাসত লিখা আছে।
‘উইমেন ফিচাৰ্চ চাৰ্ভিচ’ নামৰ এটি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে ৰিপৰ্টিং কৰিছিলোঁ । চল্লিছখন দেশত তেওঁলোকৰ সাংবাদিক আছিল, সকলো মহিলা। আমি এটা দল হিচাপে কাম কৰিছিলোঁ। একোটা প্ৰতিবেদনৰ বাবে ১০,০০০ টকালৈকে মাননি পাইছিলোঁ। এসময়ৰ ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰ আবাসিক সম্পাদক পামেলা ফিলিপ’ছ আছিল আমাৰ সঞ্চালক। জলবায়ু পৰিবৰ্তন আৰু নাৰী, সংঘাতৰ পৰিবেশ আৰু নাৰী- আদি মহিলাৰ সতে সম্পৰ্কিত নানা বিষয়ৰ ওপৰত আমি ধাৰাবাহিকভাৱে প্ৰতিবেদন লিখিছিলোঁ। ধুবৰীৰ ১০ বছৰীয়া বিড়ি শ্ৰমিক এজনীৰ ওপৰত লিখা প্ৰতিবেদন একেসময়তে তেৰখন দেশক প্ৰকাশ হৈছিল। এইবোৰ আমাৰ জীৱনৰ বৰ উৎসাহপূৰ্ণ কথা।
সাংবাদিক হিচাপে আমাৰ জীৱনত তিনিটা ৰাষ্ট্ৰীয়
বঁটা আছে। ইয়াৰে দুটা নাৰী বিষয়ক প্ৰতিবেদনবোৰৰ বাবেই। যিকোনো প্ৰতিকূল পৰিবেশৰ
আটাইতকৈ বোছিকৈ পীডি়তসকলেই নাৰী আৰু শিশু-এই কথাটোকেই বিশ্বাস কৰোঁ। তত্ত্ব আৰু
বাস্তৱৰ সংযোগ ঘটাবলৈ যথেষ্ট পঢ়া-শুনা কৰিবলগীয়া হয়।
গতিকে সকলোৱে ধৰি লব পাৰে, কথা আমি হুজুগত নিলিখোঁ ।মুখচুপতি মাৰিবলৈ, আৰ ঘৰে-তাৰ ঘৰে কতাৰ মহলা দিবলৈ আমাৰ সময় নাই। ৰিপ’ৰ্টিং কৰোঁতে নাৰীবাদ পঢ়িবলগীয়া হয়, সমাজবাস্তৱতাৰ আধাৰত তাক নিৰ্মম কষটি শিলত চাবলগীয়া হয়। আপোনালোকে কিমান শতাংশ নাৰীয়ে পুৰুষক শোষণ কৰে তাৰ যি হিচাপ দিয়ে, তিৰি-মৰদৰ সম্পৰ্কৰ ওপৰত সন্দেহবাদিতাৰ যি লেবেল আমাৰ ওপৰত লগায়- তাৰ সতে আমাৰ প্ৰফেশ্যনেল জীৱনত আমি নাৰীবাদৰ যি অভিজ্ঞতা লাভ কৰোঁ-সেইবোৰৰ কোনো সম্পৰ্ক নাই। জীৱন আমি নিজ হাতে গঢ়ি লৈছোঁ, কাৰোবাক সন্তুষ্ট কৰি নহয়। লাহে লাহে এই সকলোবোৰে আমাৰ ভিতৰত এজন সৃষ্টিশীল লেখকৰো জন্ম দিছে, যি সত্ত্বাক আমি সন্মান কৰোঁ। এই লেখকজনো বাস্তৱৰ অভিজ্ঞতাৰে পুষ্ট এজন লোক। যাৰ এটা তৃতীয় নয়ন থাকে। থকা উচিত। নিজৰপ্ৰতি থকা দায়িত্ব সঠিকবাৱে পালন নকৰাজনেহে ফোনে ফোনে পৰচৰ্চাৰ আশ্ৰয় লবলগীয়া হয়।
এতিয়াও কওঁ- আমাৰ সমাজত বিহু কমিটিৰপৰা আৰম্ভ কৰি প্ৰগতিশীল দল-সংগঠনলৈকে হাজাৰ হাজাৰ সংগঠন আছে। দুই-এক ছাত্ৰ সংগঠনৰ দৰে সংগঠন বাদ দিলে, ৰাজ্যিক বা সৰ্ববাৰতীয় পৰ্যায়ত আন সংগঠনবোৰৰ নেত্বতত কেইগৰাকী নাৰী আছে? কোনোবাই হিচাপ দিব পাৰিবনে? নো, তেওঁলোকৰ যোগ্যতা নাই?
পুৰুষতান্ত্ৰিক মানসিকতাৰ বাবেই নাৰীবাদী সংগঠনতো কেতিয়াবা নাৰী নাৰীৰ শত্ৰু হৈ উঠে। পকচ’ আইনৰ আওতাত আহিবলগীয়াজনো পুৰুষতন্ত্ৰৰ আধিপত্যবাদী মানসিকতাৰ বলতে কেতিয়াবা সাৰি যাব পাৰে। কথাবোৰ মনত ৰখা ভাল।
মূল লিখনিটো ঃ
সামাজিক কামত জড়িত হৈ থকা এগৰাকী নাৰীৰ সকলো সংগ্ৰামৰ ভিতৰতে নিজাকৈ এখন সংগ্ৰাম থাকে। এই সংগ্ৰাম হৈছে
পুৰুষতন্ত্ৰৰ বিৰুদ্ধে নিজৰ মৰ্যদা আৰু স্বাধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰাম। এই সংগ্ৰামখনৰ বাবে নাৰী এগৰাকীয়ে ৰাজপথত
সুকীয়া এখন আন্দোলন কৰিব নালাগে। তেওঁ নিয়োজিত হৈ থকা কৰ্মক্ষেত্ৰ, দল-সংগঠনৰ ভিতৰতে এই যুদ্ধ সফলভাৱে চলাই
নিবলগীয়া হয়।
বিভিন্ন দল-সংগঠনৰ ভিতৰভাগত নি:স্বাৰ্থভাৱে কাম কৰি অহা, মনত কোনো প্ৰশ্ন নকৰাকৈ ৰবটৰ দৰে কেৱল সিদ্ধান্ত পালন কৰি যোৱা কিছু গুণী-জ্ঞানী নাৰী আমি লগ পাই থাকোঁ। তেওঁলোকে একোটা সংগঠনৰ সকলোবোৰ সাংগঠনিক কাম কৰে, সকলোকে মৰমেৰে আৱৰি ৰাখে। কিন্তু বিনিময়ত কি পায়! তেওঁলোকৰ হতুৱাই সকলো কাম কৰাই কামটোৰ সাফল্যৰ
বেলিকা পুৰুষ এজনৰ মোহৰ মাৰি দিয়া হয়। যুক্তি এয়ে যে- 'তোমাৰ নামত মোহৰ মাৰিলে বস্তুটো/ ধাৰণাটো/কিতাপখন/আলোচনীখন নচলিব, গতিকে তেখেতৰ(পুৰুষ এজনৰ) নামতে যাওক দিয়া।'।
যিমানেই গুণী জ্ঞানী নহওক, নাৰীগৰাকীয়েও মানি লয়। ল'বলৈ বাধ্য ।যুক্তি-তৰ্ক কৰিলে যে আনসকলে বেয়া পাব! নাৰীয়ে
যুক্তি-তৰ্ক কৰি পৰিবেশ বেয়া কৰা অনুচিত।
এই মানি লোৱা নীতিৰ বাবেই এটা সময়ত গৈ গৈ যেতিয়া তেওঁক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আন কোনোবাই অগণতান্ত্ৰিকভাৱে তেওঁৰ হৈ সিদ্ধান্ত লৈ লয়, তেতিয়া অন্তৰত দুখ পালেও সহি-সামৰি মনে মনে থাকিবলগীয়া হয়।
আজিৰ সমাজত বিহু সমিতিৰ পৰা আৰম্ভ কৰি প্ৰগতিশীলসকললৈকে হাজাৰ হাজাৰ দল-সংগঠন আছে। এইবোৰৰ সিদ্ধান্ত নিৰ্ণয় প্ৰক্ৰিয়াত নাৰীৰ স্থান ক'ত? তেওঁ জানো নেতৃত্ব ল'ব পাৰিব, সময় দিব পাৰিব- এই প্ৰশ্ন উঠিবই ।
দল-সংগঠনবোৰত নাৰী প্ৰায়ে কাৰোবাৰ বাবে মাতৃতুল্য, কাৰোবাৰ বাবে ভগ্নীসম। কাচিৎহে ব্যতিক্ৰম দেখা যায়।
অৱসৰৰ পিছতো আজিকালি বহু লোক বিভিন্ন সামাজিককামত জড়িত হয়। তাতো নেতৃত্বত পুৰুষৰেই প্ৰাধান্য ।
আচলতে সেই আপোচকামী নাৰীসকল দ্বৈত -সত্তাত ওলমি থাকে। সামাজিক কাম -কাজত জড়িত হোৱাৰ সূত্ৰে মানুহৰ মনত তেখেত আগৰণুৱা বুলি এটা ধাৰণা থাকিলেও বাস্তৱত সি এক প্ৰহসন হৈ উঠে।
এই সকলোবোৰে ক্ষতি কৰে পুৰুষ-নাৰীৰ সমান অধিকাৰৰ বাবে সাহসেৰে আৰু সততাৰে কাম কৰি অহা পুৰুষ আৰু নাৰীসকলৰ। হয়, নাৰীবাদৰ বিষয়টো কেৱল নাৰীৰ বিষয় নহয়। ই পুৰুষ-নাৰী সকলোৰে বিষয়।
বহুতে নাৰীবাদৰ বিষয়টো পতি-পত্নীৰ কাজিয়াৰ দৰে আপাতত স্থুল বিষয়ৰ মাজলৈ সুমুৱাই আনে। এয়া অধ্যয়নহীনতাৰ পৰিচায়ক। কেতিয়াবা নাৰীয়ে পুৰুষক শাৰীৰীক/মানসিক অত্যাচাৰ কৰে আৰু কেতিয়াবা পুৰুষে নাৰীক শাৰীৰীক/মানসিক অত্যাচাৰ কৰে।
বহু সফল পুৰুষ থাকে, যি নিজৰ উত্থানৰ বাটত পত্নীগৰাকীক ব্যক্তিগত সহায়ক বা জখলাৰ দৰে ব্যৱহাৰ কৰে। বহুতো সফল নাৰীও থাকে, যি নিজৰ উত্থানৰ বাটত পতিক ব্যক্তিগত সহায়ক বা জখলাৰ দৰে ব্যৱহাৰ কৰে ।এয়া নাৰীবাদ নহয়।
নাৰীবাদ হৈছে সমাজত নাৰী আৰু পুৰুষ দুয়ো সমানবুলি প্ৰতিষ্ঠা কৰা যুঁজখনত চামিল হৈ থকা পুৰুষ আৰু নাৰীসকলৰ একত্ৰিত যঁজ- যিপুৰুষতন্ত্ৰ নামৰ ব্যৱস্থাটোৰ বিৰুদ্ধে যুঁজ দিয়ে।
কিছু সৌভাগ্যৱান নাৰীয়ে ঘৰতে তেনে একোজন যোদ্ধাক সহযাত্ৰী হিচাপে লাভ কৰে। তলৰ ফটোদুখনেই তাৰ প্ৰমাণ।
প্ৰথমখন বিশিষ্ট ফটো চলচ্চিত্ৰ নিৰ্মাতা এহছান মজিদে তোলা, আনখন কোনে তুলি পঠিয়াই দিছে, ধৰিব পৰা নাই। হাত কেইখন আমাৰ দুজনৰ।

