Friday 24 August 2018

উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰিবলৈ চৰকাৰ মৰিয়া হৈ উঠাৰ কাৰণ কি?




ৰত্না ভৰালী তালুকদাৰ
অসমীয়া প্ৰতিদিন, ২৫-০৮-২০১৮

গ্ৰন্থ এটা জাতিৰ দাপোন। আধুনিক বিশ্বত গ্ৰন্থক পাঠকৰ মাজলৈ নিয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থমেলাসমূহে যি ভূমিকা  পালন কৰিছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অসমৰ মানুহৰ গ্ৰন্থ অধ্যয়ন আৰু গভীৰ জ্ঞানৰ প্ৰতি আগ্ৰহ সীমিত বুলি এটা অভি়যোগ আছে। কিন্তু অসমৰ মানুহৰ মনতো গ্ৰন্থৰ প্ৰতি আদৰ আৰু শ্ৰদ্ধা আছে. আু গুৱাহাটীৰ মাজ-মজিয়াত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা দুখনকৈ আপাতত বৃহৎ  পৰিসৰৰ গ্ৰন্থমেলাই তাকেই প্ৰমাণ কৰিছে। যোৱা কেইবাটাও বছৰৰপৰা গ্ৰন্থমেলা আয়োজক সমিতিয়ে গ্ৰন্থ বিক্ৰীৰ এক খতিয়ান দি আহিছে আৰু এই খতিয়ানেও তেওঁলোকৰ গ্ৰন্থ ব্যৱসায় লাভজনক হোৱা বুলিয়েই প্ৰতিপন্ন কৰিছে।

আশীৰ দশকত  অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনে অসমৰ গ্ৰন্থৰ জগতখন পঢ়ুৱৈৰ কাষলৈ চপাই নিয়াত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। পৰৱৰ্তা সময়ত ইয়াত সংযোজন হয় সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত উত্তৰ-পূব গ্ৰন্থমেলাৰ। এটা সময়ত গুৱাহাটীৰ জজ খেলপছাৰ আৰু পৰৱৰ্তী সময়ত চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰখেলপথাৰত নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা দুয়োখন গ্ৰন্থমেলাই শীতকালত গুৱাহাটীত গ্ৰন্থ সম্পৰ্কীয় এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে। মাজতে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰলৈ গ্ৰন্থমেলা স্থানান্তৰিত কৰা হয় যদিও পঢ়ুৱৈ তথা গ্ৰন্থ অনুৰাগীৰ আশানুৰূপ সঁহাৰি নোপোৱা বাবে পুনৰ চানমাৰি খেলথাৰলৈ ওভতাই অনা হয়। গ্ৰন্থমেলাৰ বতৰৰ শেহতীয়া সংযোজন হৈছে যোৱা কেইবছৰমানৰপৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰিবলৈ লোৱা আঞ্চলিক পৰ্যায়ৰ গ্ৰন্থমেলাবোৰ।   

গ্ৰন্থমেলাই অসমৰ মানুহৰ মাজত সংহত পঠনৰ অভ্যাস আৰু এক সফল গ্ৰন্থ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছেনে নাই, সেই কথা সময়ে কব। কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে, গ্ৰন্থমেলামূহে ৰাজ্যত গ্ৰন্থসম্পৰ্কীয় এক  সচেতনতা গঢ়ি তোলা, লেখক-পাঠকৰ মাজত সম্পৰ্ক গঢ়ি তোলা আৰু প্ৰকাশিত গ্ৰন্থসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাত এক উল্লেখনীয় মাধ্যমৰ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।  গ্ৰন্থমেলা অনুষ্ঠিত হৈ থকাৰ কেইদিনত মেলাথলীত গ্ৰন্থ বিক্ৰীয়েই নহয়, বিক্ৰীৰ লগে লগে গ্ৰন্থবোৰৰ প্ৰদৰ্শনীও হয়, যিটো গ্ৰন্থমেলাৰ অন্যত উদ্দেশ্যে। আগ্ৰহী পাঠকে প্ৰিয় গ্ৰন্থখন কিনিব নোৱাৰিলেও চকুৰে দেখিবলৈ পায়, পৰৱৰ্তী সময়ত ক্ৰয় কৰা হেঁপাহ এটা পুহি ৰাখে। কোনো এটা প্ৰকাশন গোষ্ঠীৰ বাবে তেওঁলোকে প্ৰকাশ কৰা গ্ৰন্থসম্ভাৰ এনেদৰে প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱাটোও এটা গৌৰৱৰ কথা। লগতে লেখক-পাঠক-গ্ৰন্থ অনুৰাগীৰ সমাবেশৰো থলী হৈ পৰে গ্ৰন্থমেলাৰ বাকৰি। আলোচনাচক্ৰ, গ্ৰন্থ উন্মোচনী সভা, লেখকৰ আড্ডাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অউষ্ঠিত কৰা হয় বিভিন্ন প্ৰতিযোগিতাৰ। আগ্ৰহী পঢ়ুৱৈ আৰু গ্ৰন্থ অনুৰাগীৰ মনোযোগৰ লগতে প্ৰকাশক, এজেণ্ট, ডিষ্ট্ৰিবিউটৰৰ সমাবেশ, গ্ৰন্থ সম্পৰ্কত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ – এই সকলোবোৰেই  ‘গ্ৰন্থ’ আৰু ‘গ্ৰন্থ উদ্যোগ’ – এই শব্দযুগলক আৱৰ্ত কৰি সৃষ্টি কৰে এক মোহনীয় পৰিৱেশৰ। বিশেষকৈ শীতকালত গুৱাহাটীত অনুষ্ঠিত হোৱা উত্তৰ-পূব গ্ৰন্থমেলা আৰু অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা দুখনে যোৱা দশককেইটাত মহানগৰীৰ লেখক-ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈৰ বাবে গ্ৰন্থৰ সৈতে জড়িত এক উমাল পৰিৱেশৰ লগতে ঐতিহ্যৰো  সৃষ্টি কৰিবলৈ সক্ষম হৈছে । মহানগৰীত প্ৰায় এটা মাহৰ বিৰততে দুখনকৈ আপাতত বৃহৎ পৰিসৰৰ গ্ৰন্থমেলা কেইবাবছৰো ধৰি সফলভাৱে অনুষ্ঠিত হৈ অহাৰ কথাটোৱেও গ্ৰন্থৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। লগতে আঞ্চলিক পৰ্যায়ত হোৱা গ্ৰন্থমেসলাৰ পৰিসৰ বৃদ্ধি হোৱাটোও আশাৰ কথা।বৰ্তমানে বিশেষকৈ নতুন প্ৰজন্মৰ  মাজত জনপ্ৰিয় হৈ উঠা অনলাইন পঠনৰ অভ্যাস, চ’ছিয়েল নেটৱৰ্কিং চাইটৰ সৈতে নিবিড় সংযোগৰ বাবে এই প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী নহয় বুলি সততে যি অভিযোগ শুনা যায়, গ্ৰন্থমেলাৰ সফলতাই সেই অভিযোগ কিন্তু বহু পৰিমাণে নস্যাৎ কৰে।

এনে এক পৰিৱেশৰ মাজতে ২০১৮ বৰ্ষৰ উত্তৰ-পূব গ্ৰন্থমেলাখন বাতিল কৰাৰ বাবে চৰকাৰে আক্ৰোশমূলকভাৱে লোৱা পদক্ষেপ্ আমাক হতাশ কৰিছে। গণতান্ত্ৰিক দেশ এখনত জনসাধাৰণে চৰকাৰৰপাৰ যিধৰণে বিভিন্ন ক্ষেত্ৰত কল্যাণকামী পদক্ষেপ আশা কৰে, সেইজৰে বৌদ্ধিক টিন্তা-চৰ্চাৰ সুস্থ পৰিৱেশ এটা বাহল থকাটোও আশা কৰে। কিন্তু জনসাধাৰণৰ ভোটেৰে নিৰ্বাচিত হৈ অহা চৰকাৰ এখনেই যেতিয়া আপাত প্ৰৱাহমান বৌদ্ধিক চিন্তা-চৰ্তাৰ পৰিবেশ এটা ৰ প্ৰতি হঠাতেই আক্ৰোশমূলক হৈ তাক বন্ধ কৰি দিয়াৰ দিশে অগ্ৰসৰ হয়, তেতিয়া সচেতন নাগৰি সমাজ এখন উদ্বিগ্ন হোৱাটো স্ববাৱিক কথা। গুৱাহাটীত অনুষ্ঠিত  হৈ অহা দুখনকৈ গ্ৰন্থমেলাৰ অসম প্ৰকাশন পৰিষদৰ উদ্যেগত হোৱাখনত চৰকাৰে নিজা উদ্যোগ গ্ৰহণ কৰে।সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যাগত অনুষ্ঠিত হোৱা উত্তৰ-পূব গ্ৰন্থমেলা সংস্থাৰ নিজা প্ৰয়াস। গতিকে এইখন মেলাত অংশগ্ৰহণ কিৰবৰ বাবে চৰকাৰে প্ৰকাশকসকলক কোনো সা-সুবিধা প্ৰদান কৰিবলগীয়া নহয়, সংস্থাই নিজেই এই উদ্যোগ গ্ৰহণ  কৰে। উত্তৰ-পূব গ্ৰন্থমেলাৰ আন এটি দিশ হৈছে যে, উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা অহা বিপনীয়েও ইয়াত অংশ লয় আৰু কেউখন ৰাজ্যৰেই লেখক-পঢ়ুৱৈৰ বাবে ইয়াত এক উৎসাহজনৰ পৰিৱেশৰ সৃষ্টি হয়। যিহেতু চৰকাৰে কোনা সহায় অথবা সাহায্য আগবঢ়াবলগীয়া নহয়েই, তাৰ পিছতো গ্ৰন্থমেলাখন বনধ কৰি দিবৰ বাবে আকোঁৰগোজ হৈ উঠাৰ কাৰণ কি?

উত্থাপিত অভিযোগ অনুসৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অহা নবেম্বৰ মাহত গ্ৰন্থমেলাখনি অনুষ্ঠিত  কৰিবৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কতৃপক্ষক আবেদন জনায় আৰু এপ্ৰিল মাহতে ইয়াৰ বাবে দিবলগীয়া আগধন জমা দি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে। কিন্তু অসম প্ৰকাশন পৰিষদে এই সময়চোৱাতে ১৪ নবেম্বৰ শিশু দিৱস উদযাপন কৰাৰ অচিলাৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কতৃপক্ষক শিশু গ্ৰন্থমেলা অখন অনুষ্ঠfত কৰাৰ অজুহাতত উত্তৰ-পূব গ্ৰন্থমেলা বাতিল কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। চৰকাৰে যদি একে সময়তে এখন শিশু গ্ৰন্থমেলা অনুষ্ঠিত কৰে, তাত আপত্তি থকাৰ কোনো প্ৰশ্নআহিবই নোৱাৰে। কিন্তু তাৰবাবে ইতিমধ্যে সকলো আনুষ্ঠানিকতাৰে এখন গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বাকৰিখনলৈ আক্ৰোশমূলক চকু দিয়াৰ প্ৰয়োজন কি? এখন শিশু গ্ৰন্থমেলাৰ বাবে লতাশিল খেলপথাৰ বা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে বিকল্প স্থানো নথকা নহয়। উত্থাপিত অভিযোগ অনুসৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰি প্ৰয়োজন হ’লে উত্তৰ-পূব গ্ৰন্থমেলাৰ বাকৰিতে শিশু গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ সুবিধা কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো শিক্ষমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব গ্ৰন্থমেলা বাতিলৰ সিদ্ধান্তত অটল হৈ আছে।  গ্ৰন্থমেলাৰ আয়োজকসকলে সকলো আনুষ্ঠানিকতা বিদিগতবাৱে পালন কৰি প্ৰস্তুতি তীব্ৰতৰ কি তোলাৰ সময়ত চৰকাৰৰ অনে স্বেচ্চাচাৰিতাই প্ৰমাণ কৰিছে যে, চৰকাৰখন গণতান্ত্ৰিক চেতনাৰ প্ৰতি উদাসীন, লগতে জনসাধাৰণৰ বৌদ্ধিক কৰ্ষণৰ অনুষ্ঠানবোৰৰ প্ৰতিও ভীতিগ্ৰস্ত। অভিযোগ অনুসৰি মূখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টাগৰাকীৰ সৈতে হোৱা সাক্ষাতেও এতিয়লৈকে কোনো ফল দিব পৰা নাই।

অসমৰ পুথি প্ৰকাশক আৰু বিক্ৰেতাসকলক উপাৰ্জনৰ এক প্ৰধান অংশ পাঠ্যপুথিৰ চপা আৰু বিতৰণৰ ব্যৱসায় সংস্থাৰ হাতৰপৰা কাঢ়ি আনি চৰকাৰে ইতিমধ্যেই প্ৰৱল আৰ্থিক সংকটৰ মুখলৈ ঠেলি দি তেওঁলোকক ভাতে মৰাৰ ব্যৱস্থা কৰিলে। ইয়াৰ পিছতেই সংস্থাৰদ্বাৰা আয়োজিত গ্ৰন্থমেলাৰ প্ৰতি এনে আক্ৰোশমূলক আচৰণ। মহানগৰীৰ মাজ-মজিয়াত অনুষ্ঠিত কৰিবলৈ লোৱা উত্তৰ-পূব গ্ৰন্থমেলাখন বাতিল কৰাত চৰকাৰ সফল হ’লে শেহতীয়াকৈ বিভিন্ন ঠাত অনুষ্ঠিত কৰিবলৈ লোৱা আঞ্চলিক অথবা জিলাভিত্তিক গ্ৰন্থমেলাবোৰৰ প্ৰতিও যে বিভিন্ন অজুহাত উলিয়াই একেদৰেই আক্ৰোশমূলক  স্থিতি গ্ৰহণ নকৰিব, তাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। অনুমান কৰিবলৈ অসুবিধা নহয় যে, চৰকাৰৰ এনে আক্ৰোশমূলক স্থিতিয়ে ৰাজ্যখনৰ গ্ৰন্থ আন্দোলনৰ লগতে বৌদ্ধিক জগতখনলৈকো তেনে এক অশনি সংকেতেই কঢ়িয়াই আনিছে।