Tuesday, 20 October 2026

মাজুলীৰ বিশিষ্ট উদ্যোগী ‘ভীম ভিটা’ৰ স্ৰষ্টা ইন্দুকল্প ভৰালীৰ সোঁৱৰণত




 যোৱা ১৬ আক্টোবৰ, ২০২৬  নিশা প্ৰায় ১১.৩০ বজাত আঅমাৰ মৰমৰ ভাতৃ মাজুলীৰ বিশিষ্ট উদ্যোগী ইন্দুকল্প ভৰালীৰ (জিন্টু ) মৃত্যু হয়। এই মৃত্যু আকস্মিক নাছিল। ২০২৫ চনৰ ৯ জুন তাৰিখে ভাইটিৰ অতি বিৰল মগজুৰ Glioblastoma Grade 4 কৰ্কটৰোগৰ টিউমাৰৰ অপাৰেছনৰ কেইদিনমানৰ পিছতেই আমি সেই অমোঘ পৰিণতিৰ বিষয়ে সাজু হ’ব লগা হৈছিল। এই ৰোগ ইমান বিৰল যে, পৰ্যাপ্ত গৱেষণা পৰ্যন্ত পাবলৈ কঠিন।

+++

১৭ অক্টোবৰ পুৱা আমি গুৱাহাটীৰপৰা মাজুলীলৈ ৰাওণা হ’লো। সেই সময়তেই মাজুলীৰেই বিশিষ্ট সাহিত্যিক জুৰি বৰা বৰগোহাঞিয়ে মোলৈ ফোন কৰে। তেওঁকো তেওঁৰ ভাতৃ দীপু বৰাই পুৱাতেই খবৰটো জনাইছিল। এই বিষয়ে জুৰি বৰা বৰগোহাঞিয়ে সামাজিক মাধ্যমতো এটা লিখনি লিখে। ঠিক সেই সময়ৰেপৰাই লেখক-সাহিত্যিক-নাট্য শিল্পী-সাংবাদিক-শিক্ষাগুৰু-নাৰী সংগঠনৰ সদস্য  আৰু স্কুলীয়া বন্ধুবৰ্গকে ধৰি অসংখ্যজনে ফোন কৰি  আৰু ফোনত বাৰ্তা প্ৰেৰণ  কৰি সংবেদনা জ্ঞাপন কৰে। বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ অৰূপা পটংগীয়া  কলিতা বাইদেউ আৰু কলেজৰ শিক্ষাগুৰু আইনু বাইদেউৰ(ড০ উপলা বৰুৱা)-ৰপৰা আৰম্ভ কৰি তৰুণ প্ৰজন্মৰ কবি-গল্পকাৰলৈকে অলেখেই শোক-বাৰ্তাৰে সমবেদনা জ্ঞাপন কৰে। পৰিয়ালৰ এক মৰ্মন্তুদ আঘাত আৰু আৱেগৰ ধামখুমিয়াত অত্যন্ত যান্ত্ৰিকভাৱেই হয়তোবা সকলোকে সঁহাৰি দি গৈছিলোঁ। ইন্দুকল্প ভৰালী যে মোৰ ভাতৃ হয়, সেই বিষয়ে বহুতে নাজানিছিল। খুব কম সংখ্যকে ভাইটিৰ মগজুৰ  বিৰল কৰ্কটৰোগৰ বিষয়ে  গম পাইছিল যদিও, সেইজনেই যে মাজুলীৰ উদ্যোগী ইন্দুকল্প , সেই কথা গম পোৱা নাছিল। জুৰি বৰা বৰগোহাঞিয়ে তেওঁৰ লিখনিটোত আমাৰ সম্পৰ্কৰ বিষয়ে লিখা বাবেই সকলোৱে এই সংযোগটো ধৰিব পাৰিলে।



সন্ধিয়া ঘৰ পাই আৱেগ বিহ্বল পৰিবেশত একো কথাই মগজুত নোসোমাল। কিন্তু  পিচদিনা পুৱাই এটা কথা ভাবিবলৈ বাধ্য হৈ পৰিলোঁ যে, এজন উদ্যোগীৰ মৃত্যূৱে ভিন ভিন ক্ষেত্ৰৰ ইমানবোৰ লোকক শোকবাৰ্তা প্ৰেৰণ কৰিবলৈ কিদৰে প্ৰেৰিত কৰিছে! এই উত্তৰ বিচাৰি পাবলৈ সৰহ সময় লগা লাছিল। ভাইটি জিন্তুৱে  মাজুলীৰ অতি প্ৰতিকূল পৰিবেশত উদ্যোগ আৰু গ্ৰাম্য-অৰ্থনীতিক এক অতূল্য সৃষ্টিশীল পৰ্যায়লৈ লৈ গৈছিল, বিনিময়ত একো নিবিচৰাকৈয়ে। এয়াই আছিল ভিন ভিন ক্ষেত্ৰৰ ইমানবোৰ মানুহ আৱেগিক হৈ পৰাৰ মূল কাৰক।

ব্যৱসায়ৰ ক্ষেত্ৰখনত অতি উদ্ভাৱনীৰ পৰিচয় দিব পাৰিছিল সি। কিন্তু বাৰীৰ চুকৰ এলাগী ভীমকলজোপাৰে সি  ‘ভীম ভিটা’ৰ সফলতাৰ সাধু (success story) টোৰ মাজেৰে  সি যিধৰণৰ উদ্ভাৱনীৰ পৰিচয় দিবলৈ সক্ষম হৈছিল, সি আছিল সকলোতকৈ  অনন্য।

+++

১৯৭৩ চনৰ ১০ মাৰ্চত ভাইটিৰ জন্ম হয়। সময়তকৈ আগতেই। মায়ে কোৱা মতে জন্মতে সি আছিল এটা সাতমহীয়া কেঁচুৱা, আঠিয়া কল এটাৰ সমান। উমাল কাপোৰত ভৰাই থৈ ডাঙৰ কৰিবলগীয়া হৈছিল। সৰুৰেপৰাই অতি স্বাধীন, নিজে সিন্ধান্ত লোৱা, সকলো কাম নিয়াৰিকৈ কৰা এটা উদ্যোগী মন আছিল। সৰুতেই দেউতাক কৈ দিছিল,  বেছি পঢ়া-শুনা নকৰে। ব্যৱসায় কৰিব। মনত পৰে, দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতে চাইকেলৰ হাফ পেডেল মাৰি কমলাবাৰী চাৰিআলিলৈ চুলি কাটিবলৈ গৈছিল। মায়ে চুলি কটাৰ বাবদ তিনি টকা দিছিল। দুটকাৰে চুলি কাটি বাকী এটা টকাৰে মাছৰ বজাৰৰপৰা বিৰিণা ঠাৰি এডালত চিলাই চৈধ্যটা কাৱৈ মাছ কিনি ঘৰলৈ লৈ উভতিছিল। পিছে, মাছৰ বজাৰত সোমোৱা বুলি জানিলে ঘৰত কোব খাব বুলি গম পাই গাৱঁৰে এগৰাকী মহিলাৰ হাতত মাছখিনি ঘৰলৈ দি বহু পিছত লাহেকৈ ঘৰ সোমাইছিলহি। তেতিয়ালৈ অৱশ্যে মাৰ খং মাৰ গৈছিল।

দেউতা মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল। মা নিজে পতা এম ই স্কুলৰ শিক্ষক।  দেউতাৰ  মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ তিনিদিনীয়া অনুষ্ঠানত  সি প্ৰথমবাৰৰ বাবে ভিজোৱা বুট-মগু-তামোল-পাণৰ দোকান দি ব্যৱসায়ৰ হাতেখড়ি শিকিছিল। সেয়াই আছিল ব্যৱসায়িক  লাভ আৰু লোকচানৰ সতে প্ৰথম পৰিচয়। সেই সময়ত সি অষ্টম শ্ৰেণীৰ ছাত্ৰ। ব্যৱসায় কিদৰে কৰে, তাৰে অভিজ্ঞতা লবলৈকে সি এই কামটো কৰিছিল আৰু দেউতাৰপৰা অনুমতিও আদায় কৰি লৈছিল।




পঢ়া-শুনাৰ লগে লগে এনে অলেখ trial and error-ৰ মাজেৰে তাৰ ব্যৱসায়িক জীৱনটোৱে কুৰুং-কাৰং কৰি থাকিছিল। যোৰহাটলৈ গৈ শাক-পাচলিৰ wholesale ব্যৱসায়, গুৱাহাটীলৈ আহি দাদাৰ সৈতে চাওমিনৰ ব্যৱসায়কে ধৰি বিভিন্ন দিশত হাত পকাবলৈ ধৰে। এটা উদাহৰণ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। এবাৰ মাজুলীত বিশটা  ল’ৰাৰ সৈতে জোঁট বান্ধি চাপৰিত ২২ বিঘা মাটিত আলুখেতি কৰিছিল। চাপৰিৰ সাৰুৱা মাটিত আলুবোৰ প্ৰকাণ্ড প্ৰকাণ্ড হ’ল।  একোটা আলুৰ ওজন বোলে আধাকেজি হৈছিলগৈ। তেতিয়া ‘সাৰ দিয়া আলু’ বুলি বেপাৰীয়ে সেই আলু কিনিবলৈ অমান্তি হ’ল। সেইফালে লোকচান ভৰিল। ডেইৰী ব্যৱসায় কৰিবলৈও মন মেলিছিল যদিও ‘গৰুৰ লগত থাকিলে নিজেও গৰু হৈ লব লাগিব’, অৰ্থাৎ দিনটো গৰুৰ লগতে ব্যস্ত হৈ থাকিব লাগিব বুলি তাৰপৰা আঁতৰিল।

বোধহয় যোৱা শতিকাৰ শেষৰ বৰ্ষতে (সঠিক সময় পাহৰিছোঁ)  ‘প্ৰান্তিকত আঠিয়াকলৰ পৰা পাউদাৰ কৰি শিশু খাদ্য প্ৰস্তুত কৰিব পৰা যায় বুলি এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। দুই এজনে পৰীক্ষা কৰিও চাইছিল। এই প্ৰবন্ধটো দেউতাই তাক দেখুৱালে। কথাটো তাৰ পছন্দ হ’ল। কিন্তু এখন আলোচনীত প্ৰকাশ হোৱা এটা বিদ্যায়তানিক প্ৰবন্ধপৰা তাৰ বাস্তৱিক অনুবাদ আছিল অতি কঠিন কাম। প্ৰথম অৱস্থাত ভাইটিয়ে কিছু আঠিয়াকল গুৰি কৰি, সেই গুৰি খাদ্য হিচাপে মাজুলী আৰু যোৰহাটৰ বিভিন্ন ঠাইৰ মানুহৰ ঘৰে ঘৰে গৈ সেই গুৰি শিশুক খুৱাবলৈ দি বহী এখনত সকলোৰে নাম-ঠিকনা লিখি ল’লে। নিৰ্দিষ্ট সময়ৰ মূৰত পুনৰ সেই লোকসকলৰ ঘৰলৈ গৈ feedback লিখি আনিলেগৈ। তেতিয়া প্ৰায় সকলোৱেই কৈছিল যে, সেই কলৰ গুৰি খোৱাৰ পিছত শিশুসকলৰ পায়খানা অলপ কঠিন হৈছে। তেতিয়া দেউতাৰ সৈতে আলোচনা কৰি সি বহীখন লৈ যোৰহাটৰ অসম কৃষি বিশ্বিবদ্যালয়ৰ অধ্যাপকসকলৰ কাষ চাপিল। বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে তাৰ সেই প্ৰচেষ্টাক অত্যন্ত গুৰুত্বসহকাৰে ল’লে। নিৰ্দিষ্ট সময় লৈ তেওঁলোকে এটা ফৰ্মূলা উলিয়াই, অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণত কি কি পুষ্টি মিহলালে সি এক উপকাৰী শিশুখাদ্য হবগৈ তাৰ এক বিৱৰণী তাৰ হাতত তুলি দিলে।

এয়াই আৰম্ভণি। মহা উদ্যমেৰে সি কামত নামিল। ‘ভীম ভিটা’ নামটো তাৰেই উদ্ভাৱন আছিল।  কিন্তু ব্যৱসায়ৰ বাট সিমান সহজ নাছিল। ‘ভৰালী প্ৰফেচাৰৰ পুতেক কলৰ বেপাৰী হ’লগৈ’ বুলি বহুতেই ইতিকিঙো কৰিছিল। সমস্যা আনধৰণেও আছিল। প্ৰধানত পূঁজিৰ সমস্যা। তদুপৰি চেৰেলেক-ফেৰেক্স আদিৰে ভৰি থকা শিশুখাদ্যৰ বজাৰখনত সি  কিদৰে সোমাব? উপযুক্ত নিৰ্দেশনা দিবলৈও সঠিক ব্যক্তি কাষত নাই। মনত পৰে, এবাৰ খাদী আৰু  গ্ৰামোদ্যোগ কেন্দ্ৰৰপৰা এক লাখ টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও সিনো কেনেকৈ ঋণ পৰিশোধ কৰিব, সেই চিন্তাতে দেউতাই নিজাববীয়াকৈ আগতীয়াকৈয়ে ঋণ পৰিশোধ কৰি দিয়ে। ফলত বেংকত তাৰ CIBIL বেয়া হৈ গ’ল আৰু পৰৱৰ্তী পৰ্যায়ৰ ঋণ পোৱাৰ ক্ষেত্ৰতো বহু অসুবিধা হ’ল। তাৰে মাজতে প্ৰথমটো মেচিন গুৱাহাটীৰ ফাঁচীবজাৰৰপৰা ক্ৰয় কৰি আমি আটায়ে নাইট চুপাৰত তুলি দিলোঁ।  ঘৰত মেচিন নমাই  মহা আড়ম্বৰেৰে ভাইটিৰ ‘ভীম ভিটা’ৰ প্ৰচেষ্টাত ঠেলা এটা মাৰি দিলোঁ।  বহু পৰীক্ষা-নীৰিক্ষাৰ মাজেৰে ‘ভীম ভিটা’ই  গতি লবলৈ ধৰিলে।কেতিয়াবা বৰষুণৰ বতৰত টেমাৰ ভিতৰত ‘ভীম-ভিটা’ সেমেকি যায়। আকৌ এটা গৱেষণা আৰম্ভ হয়।   

আটাইতকৈ ডাঙৰ সমস্যা আছিল বজাৰত প্ৰৱেশ কৰা। বিশেষকৈ ‘চেৰেলেক’ ব্ৰেণ্ডৰ সন্মুখত ‘ভীম ভিটা’ আছিল হাতীৰ আগত নিগনিৰ দৰে। শিশু খাদ্যৰ বজাৰ সম্পূৰ্ণৰূপে অনা অসমীয়া দখলত। ভাইটিয়ে তেতিয়াও ব্যৱসায়িক কথা-বতৰা কব জনা হোৱাই নাই। কোনেও পাত্তা  নিদিয়ে।

প্ৰথমৰেপৰাই ‘গৱেষণা’ আৰু ‘বজাৰ’ দুয়োটা দিশতে সি মনোনিবেশ কৰিবলগীয়া হ’ল।





আৰু এটা কথা কব লাগিব। মাজুলীৰ বাট-পথ তেতিয়া প্ৰায়  অগম্য।এতিয়াও সুগম বুলিব নোৱাৰি ।  ভীম-ভিটাৰ বাবে কেঁচামাল ভীমকল মাজুলীত উভৈনদী। কিন্তু আন সকলোবোৰ সামগ্ৰী বাহিৰৰপৰা যায়। গুৱাহাটীৰপৰা কনটেইনাৰ, আন  সামগ্ৰীৰ গাড়ী  গৈ নিমাতীঘাটত ৰৈ  যায়। তাৰপৰা মানুহ লগাই নাৱলৈ নমাব লাগে। সিপাৰে নাৱৰপৰা আকৌ গাড়ীত উঠাব লাগে। আকৌ যেতিয়া ‘ফাইনেল প্ৰডাক্ট’ হৈ বাহিৰলৈ ওলাই আহে, তেতিয়াও এটা পাৰে ঘাটত গাড়ীৰপৰা নাৱলৈ নমাব লাগে আৰু সিপাৰে নাৱৰপৰা গাড়ীলৈ উঠাব লাগে। এই সকলোবোৰ ব্যয় সামৰি লৈয়ে মূল্য নিৰূপণ। চাৰে চাৰিশ গ্ৰামৰ একোটা টেমাত পঞ্চল্লিছটা ভীমকল থাকে। এটা নিৰ্দিষ্ট জোখৰ আঠিয়াকলহে লব পাৰি। কেঁচা বা অধিক পকা কল ব্যৱহাৰৰ অযোগ্য।  সেই সময়ত বেছিভাগ মানুহৰে  মতামত আছিল এয়ে যে,  ‘লোকেল’ বস্তুত কিয় ইমান দাম?

অমানুষিক কষ্ট। কিন্তু মানুহে সহজে ‘ভীম ভিটা’ কিনিবলৈ ৰাজী হোৱা নাছিল।

ভূতৰ ওপৰতে দানৱৰ দৰে ‘ভীম ভিটা’ৰ গাতে  ভেঁজা দি একেই ধৰণৰ অন্য  শিশুখাদ্যও বজাৰত ওলাবলৈ ধৰিলে। দেখাক দেখি তেনে খাদ্য উলিয়াই বজাৰ দখল কৰিবলৈ ধৰিলে।  ‘ইন্দুকল্প ভৰালী মোৰেই বৰদেউতাৰ ল’ৰা। তেওঁ ভীম ভিটা উলিয়াইছে, মই এইটো উলিয়াইছোঁ’ বুলি কৈ বজাৰ দখল কৰা উদ্যোগীৰো সৃষ্টি হ’ল।  মানুহেও হৰেকৰকমৰ কথা কয়। কাৰো নিজা অভিজ্ঞতা নাই। শুভাকাংক্ষীৰ ভাৱেৰে কলেও কথাবোৰৰ বাস্তৱিকতা নাথাকে। এনে অৱস্থাত ভাইটিয়ে মাথোন প্ৰচণ্ড ইচ্ছাশক্তি আৰু কৰ্মস্পৃহাক নিৰ্ভৰ কৰিয়েই ‘ভীম ভিটা’ৰ সম্পৰীক্ষা চলাই গ’ল। এটা সময়ত যিসকলে তাৰ product বজাৰত সোমোৱাত বাধা প্ৰদান কৰিছিল, সেইসকলেই ‘ভীম ভিটাৰ’ৰ CNF লবলৈ আগবাঢ়ি আহিল।

সেই প্ৰত্যাহ্বানৰ সময়বোৰত অসম কৃষি বিশ্বিবদ্যালয়ৰ কেইগৰাকীমান অধ্যাপক, কৃষি বিভাগৰ কেইজনমান বিষয়াৰ উৎসাহ  আৰু বিশেষকৈ মাজুলী আৰু যোৰহাটৰ সাংবাদিকসকলৰ সহযোগিতা কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব। প্ৰথম অৱস্থাত  স্থানীয় সাংবাদিকসকলৰ বাতৰিবোৰেই লাহে লাহে ‘ভীম ভিটা’ৰ বিজ্ঞাপনৰ দৰে হৈ উঠিছিল। বিভিন্ন বাতৰিকাকতৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ সংবাদকৰ্মীসকলেও উৎসাহেৰে সেই বাতৰিবোৰ প্ৰকাশ কৰিছিল।

আমাৰ দেউতা প্ৰয়াত মুহিধৰ ভৰালীৰ এগৰাকী বন্ধু নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নাৰায়ন চন্দ্ৰ গোস্বামীদেৱে এজন সত্ৰাধিকাৰৰ সকলো প্ৰটক’ল ভাঙি চাইকেল চলাই আমাৰ ঘৰত উপস্থিত হৈ ভাইটিক সফল হবলৈ আশীৰ্বাদ দি আহিছিল। ই এক বিৰল দৃষ্টান্ত।

তৰুণ গগৈৰ চৰকাৰৰ সময়ত, বোধহয় দ্বিতীয়টো কাৰ্যকালৰপৰা গুৱাহাটীত নিয়মীয়াকৈ ‘উদ্যান শস্য প্ৰদৰ্শনী’ হৈছিল। কেইবাবাৰো আন্তৰ্জাতিকভাৱেই এনে প্ৰদৰ্শনী হৈছিল। বাংলাদেশ, ভূটান আৰু আন দেশৰপৰা অহা ব্যৱসায়িকসকলৰ সতে হোৱা আলাপ-আলোচনাই তাৰ মনৰ দিগন্ত বহল কৰি তুলিছিল। আত্মবিশ্বাস বাঢ়িছিল।  জিলা উদ্যোগ কেন্দ্ৰবোৰৰ অধীনতো বিভিন্ন মেলা হৈছিল। বিভিন্ন মেলা, প্ৰদৰ্শনী আদিত  ‘ভীম ভিটা’ই প্ৰথম,  দ্বিতীয় স্থান দখল কৰিছিল। বাতৰিকাকতত এইবোৰ খবৰ হৈছিল।

এইদৰে মানুহৰ মুখে মুখেই ‘ভীম ভিটা’ই প্ৰসাৰতা লাভ কৰিলে। মুখৰ প্ৰচাৰেই বিজ্ঞাপন হৈ উঠিল।  যিসকলে পূৰ্বতে অৱজ্ঞাসূচকভাৱে কথা কৈছিল, তেওঁলোকেই  বজাৰৰ বাবে আগবাঢ়ি আহিল। আজিকালি দুটাকৈ ফ্লে’ভাৰত ‘ভীম ভিটা’ বজাৰত উপলব্ধ হৈছে।

লাহে লাহে আন এজন ভাইটি বেদব্ৰত ভৰালীৰ লগ হৈ ‘লুইত মাজুলী’ মিঠাতেল আৰম্ভ কৰে। এইবাৰ  তেলৰ মেচিন আনিবলৈ দুয়ো গুজৰাট পালেগৈ। গুজৰাটৰ বিভিন্ন মেচিন নিৰ্মান কৰা শাৰী শাৰী উদ্যোগবোৰ দেখি সিহঁতে যিদৰে বিচুৰ্তি খালে, সেইদৰেই গুজৰাটী ব্যৱসায়ীয়েও  কোনো উদ্যোগ নথকা ‘মাজুলী’ৰ কথা শুনি আচৰিত হ’ল। নিজৰ ঘৰলৈ নি এঁসাজ পৰম্পৰাগত গুজৰাটী খাদ্যৰে দুয়োকে আপ্যায়ন কৰি যিটো ‘তেলৰ মেচিন’ সিহঁতৰ হাতত তুলি দিলে, সেইটো আকাৰত এটা চুটকেচৰ দৰে আছিল। ফ’ল্ডিং আকাৰৰ সেই মেচিনটো ঘৰলৈ আনি কম্পিউটাৰত চি ডি ভৰাই চাই চাই সিহঁতে নিজেই install কৰি ল’লে। এই মিঠাতেলৰো প্ৰাৰম্ভিক প্ৰত্যাহ্বান আছিল। কিন্তু পূৰ্বৰ অভিজ্ঞতাৰে সমৃদ্ধ হোৱাৰ বাবে সেইবোৰৰৰ মোকাবিলা কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হব  লগা ন’হল।

ইয়াৰ পিছতে নিৰিবিলি হ’মষ্টে’ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত এই হ’মষ্টে’ক ‘গেষ্ট গাউচলৈ’ উন্নীত কৰা হয়। ইতিমধ্যে এটা বাহঁৰ ফেক্টৰীও আৰম্ভ কৰে। নিৰিবিলি গেষ্ট হাউচৰ সকলো আচবাব এই ফেক্টৰীতে তৈয়াৰ কৰা।

ভাইটিৰ ব্যৱসায়িক সফলতাৰ আঁৰৰ কাৰণ বিচাৰ কৰি চালে কৰ্মচাৰীসকলৰ সবলীকৰণৰ দিশটো অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে ওলাই আহে। বিশেষকৈ মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ দিশটোক সদায় অগ্ৰাধিকাৰ দিয়া হয়। ‘ভীম ভিটা’ উদ্যোগত কেইবাখনো গাৱঁৰ মহিলাসকলে কাম কৰে। এই মহিলাসকলক গাড়ীৰে অনা -নিয়া কৰা হয়। যিসময়ত উদ্যোগৰ আৰ্থিক স্বাৱলম্বিতা নাছিল, তেতিয়াও গাড়ীৰেই মহিলাসকলক অনা-নিয়া কৰা হৈছিল। হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো কৰ্মচাৰীসকলক সঠিক সময়ত দৰমহা-বনাচ দিয়া, তেওঁলোকৰ দিহা-পৰামৰ্শও গ্ৰহণ কৰা- এইবোৰ ভাইটিৰ কিছুমান গুণ আমি লক্ষ্য কৰিছিলোঁ।

দ্বিতীয় দিশ  হিচাপে সকলোকে সামৰি লোৱাৰ (inclusiveness) মানসিকতাই দৃষ্টি আকৰ্ষণ কৰে। ভাইটিয়ে সকলোকে স্বাৱলম্বী হবলৈ উৎসাহ দিয়ে, প্ৰয়োজনবোধে সহায়ো কৰি দিয়ে। শাক-পাচলিৰ বেপাৰী, মাছৰ ব্যৱসায়ীৰপৰা  আৰম্ভ কৰি উচ্চপদস্থ বিষয়ালৈকে সকলোৰে সতে সমান ব্যৱহাৰ।

তৃতীয়তে, বিলাসবহুল জীৱন পৰিত্যাগ কৰাৰ দৃঢ়তা।  ভাইটীৰ এটাই  সপোন আছিল যে, মাজুলীৰ দৰে পিচপৰা ঠাইতো যে উদ্যোগ গঢ়ি তুলিব পাৰি, যুৱক-যুৱতীক সস্তীয়া কামৰ সন্ধানত ওলাই যাবলৈ নিদিয়াকৈ সংস্থাপিত কৰিব পাৰি তাকেই প্ৰমাণ কৰি দেখুওৱা। কোনো ধৰণৰ মেল-মিটিঙৰ সম্বৰ্ধনা, বঁটা-বাহনলৈ আশা নকৰি নিজৰ জীৱনৰ মাজেৰেই সেই দৃষ্টান্ত দাঙি ধৰিব বিচাৰিছিল। বহুতকে সহায় কৰিছিল, কিন্তু নীৰৱে।  অনেকৰ বাবে ভইটি এক নিদৰ্শন।  ইয়াৰ পূৰ্বে মাজুলীত বান নিয়ন্ত্ৰণ বিভাগৰ ঠিকা, ৰাস্তা-ঘাট সজাৰ ঠিকা, বাচ বা নাও ক্ৰয় কৰা আদিৰ দৰে কিছু সীমিত দিশৰ জৰিয়তেহে মানুহে টকা উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ সুযোগ আছি্ল। কিন্তু বাৰীৰ চুকৰ আঠিয়াকলৰ দৰে non-glamorous product  এটাক সাৰথি কৰি লৈ, সম্পূৰ্ণ একক প্ৰচেষ্টাৰে উদ্যোগ গঢ়ি তুলিও যে মানুহে স্বাৱলম্বী হোৱাৰ লগতে দোপতদোপে  উন্নতি কৰি যাব পাৰি তাৰ নিদৰ্শন ভাইটিয়ে ৰাখি থৈ গ’ল। কোনো ধৰণৰ মাদকদ্ৰব্য, ধূম-পাণ অথবা তামোল এখন খোৱাৰপৰাও বিৰত আছিল। বিলাসবহুল জীৱন নাছিল। সফল ব্যৱসায়ী হিচাপে চৰকাৰী মেল-মিটিঙলৈ আমন্ত্ৰণ পালে কেতিয়াবা ডাঙৰ ডাঙৰ বিষয়া, মন্ত্ৰী আহে। আমি ‘চ্যূট’ এযোৰ চিলাই পিন্ধি যাবলৈ কওঁ। নহলে সস্তীয়া এযোৰ কিনি লবলৈকে কওঁ।  কিন্তু নতুনকৈ পাঁচশটকীয়া চাৰ্ট কিনি লৈ তাকে এটা পিন্ধিয়েই মেল-মিটিঙত বহেগৈ। এযোৰ দামী বা কমদামী ‘চ্যুট’ তাৰ পিন্ধাই ন’হল।   শেষৰফালে আমাৰ সতে কথা পাতিবলৈও যেন সময় কমি আহিছিল। সম্পূৰ্ণৰূপে নিজৰ কামৰ মাজত মজি গৈছিল।



অলেখ বিশিষ্ট ব্যক্তিয়ে ভাইটিৰ ‘নিৰিবিলি গেষ্ট হাউচ’ত আতিথ্য গ্ৰহণ কৰিছে। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গো আছিল। ভাইটিৰ গেষ্ট হাইচৰ প্ৰতিটো কোঠাৰ একোটা নাম আছে। জুবিন গাৰ্গ থকা কোঠাটোৰ নাম ভাইটিয়ে তেওঁৰ নামেৰেই ৰাখিলে। জুবিন গাৰ্গৰ হতুৱায়েই  কোঠাৰ উদ্বোধন কৰি নামফলক আঁৰি দিয়াইছিল। অতি নিৰিবিলি পৰিবেশত জুবিন গাৰ্গে কিছু সময়ত তাত আছিলষ আহাৰ গ্ৰহণ কৰিছিল। ‘ৰৈ ৰৈ বিনালে’ৰ  কাম শেষ কৰি নিৰলে তাত কেইটিমান দিন অতিবাহিত  কৰাৰ  কথাও ভাইটিক কৈ আহিছিল। বিদায় লোৱাৰ সময়ত ভাইটিয়ে তেওঁক টোকোৰা চৰাইৰ বাহ এটি উপহাৰ দিছিল। জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ খবৰ ভইটিক  দিয়া হোৱা নাছিল, কিয়নো যিকোনো উদ্বিগ্নতাৰপৰা ভাইটিক আঁতৰত ৰাখিবলৈ চিকিৎসকে উপদেশ দিছিল।

অসম্ভৱঃ কৰ্মোদ্যম আছিল ভাইটিৰ। নিজৰ পৰিয়ালক লগত লৈ ব্যৱসায় কৰিছিল। এনেদৰেই কব নোৱাৰাকৈয়ে পৰিয়ালটোও empowered হৈ গ’ল। কোনোধৰণৰ চৰকাৰী স্বীকৃতি, বঁটা অথবা চৰকাৰী exposure tour  আশা নকৰা ভাইটিয়ে নিজৰ খৰছত পৰিয়ালসহ বিদেশলৈ গৈ বিদেশৰ  কিছু eco-tourism সম্পৰ্কীয় ধ্যান-ধাৰণা ব্যৱসায়ত খটুৱাই সম্পৰীক্ষা কৰাৰ উদ্দেশ্যেৰে পাচপৰ্ট আৰু আন যাৱতীয় যা-জোগাৰ কৰি আছিল। কেতিয়াবা সৰু-সুৰা মূৰৰ বিষৰ বাদে আন বেমাৰ-আজাৰো নাছিল। কিন্তু ২০২৫ চনৰ মে’ মাহৰ ২৮ তাৰিখে গা ধুই নামঘৰত প্ৰাৰ্থনা কৰিবলৈ লৈ সি প্ৰাৰ্থনাৰ শাৰীবোৰ পাহৰি গৈছিল। মনৰ খু-দুৱনি মাৰিবলৈ যোৰহাটলৈ আহি ডাক্তৰক দেখুৱাওতেই এক অমোঘ আশংকাই পৰিয়ালৰ সকলোকে বিতত কৰি তুলিছিল। ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়া হৈছিল। কাৰো ওচৰত  হাত নপতাকৈ অত্যন্ত ব্যয়বহুল চিকিৎসা গ্ৰহণ কৰিছিল। ভাই-বোৱাৰী কবিতাই সন্মুখত থাকি সমানে সমানে যি যুঁজ দিলে,  সেয়া অবিস্মৰণীয় বুলি কব লাগিব। মাজুলী মহাবিদ্যালয়ত পঢ়া মাজুলীৰে  কুহিয়াৰবাৰী গাৱঁৰ কবিতাই  দিল্লীত ডাক্তৰৰ সমানে সমানে কথা পাতি সকলো সিদ্ধান্ত সাহসেৰে লৈ গ’ল। সৰু ভাইটি বেদব্ৰতও অহৰহ কাষত আছিল।

জীৱনত কাৰো প্ৰতি আক্ষেপ নৰখা ভাইটিয়ে হঠাতে আহি পৰা দুৰ্যোগক সহজে গ্ৰহণ কৰিব নোৱাৰিলে।   নিজৰ সন্তান দুটিৰ পঢ়া-শুনা, ব্যৱসায়িক পৰিকল্পনাৰ অলেখ সপোনবোৰ আধৰুৱা হৈ ৰ’ল। তেজ কদমত চলি থকা এক স্বাধীন আৰু স্বাভিমানী জীৱনলৈ  হঠাতে যতি নামি আহিল। অসম্ভৱ স্বাভিমানী বাবেই ভাইটিয়ে নিজৰ শাৰীৰীক অৱস্থা  আনক দেখুৱাবলৈ ৰাজী হোৱা নাছিল। কিন্তু এটা কথা কব লাগিব। ভাইটিয়ে ব্যৱসায়িক কথা-বতৰাবোৰ ইমান নিয়াৰিকৈ ৰাখিছিল যে, অসুখত ভূগি থকাৰ সময়ত  বা বৰ্তমানেও তাক চলাই যাবলৈ বিশেষ অসুবিধা হোৱা নাই। এই সকলোবোৰৰ মাজেৰে  দুই সন্তান পাহি আৰু পৃথুও যেন হঠাতেই পৰিপক্ক হৈ উঠিল।  

ভাইটিৰ মৃত্যুৰ খবৰে সমগ্ৰ অসম জোকাৰি দিছে। যিসকলে স্বাৱলম্বিতাৰ ডাঙৰ ডাঙৰ ভাষণ দিয়ে, থলুৱা অৰ্থনীতিৰ  কথা কয়- তেওঁলোকৰ চকুৰ সন্মুখতেই সকলোৰে অলক্ষিতে ভাইটিয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ  এক বৈপ্লৱিক কাম থৈ গৈছে। কাৰো ওচৰত হাত নপতাকৈ। কোনো উদ্যোগিক প্ৰশিক্ষণ নোহোৱাকৈ। কোনো  ডাঙৰ ডিগ্ৰী নোহোৱাকৈ। কোনো চৰকাৰী বঁটা অথবা exposure tour নোহোৱাকৈ। প্ৰবল অন্তৰ্দৃষ্টিৰে। অফুৰন্ত প্ৰাণশক্তিৰে। এক কথাত ভাইটি নিজেই নিজৰ উদাহৰণ।

ভাইটিৰ  সমগ্ৰ জীৱনেই এক সুমধুৰ সোঁৱৰণি। প্ৰেৰণাৰ  এখন খোলা কিতাপ।  

---

ৰত্না ভৰালী তালুকদাৰ 

Thursday, 15 October 2026

প্ৰিয়ংকা দাসৰ ‘মাৰফৎ পাঠশালা’




তৰুণ প্ৰজন্মৰ গল্পৰ কথনত যেতিয়া পঠনৰ উপৰিও গল্পৰ পেন’ৰমিক(panoramic) অথবা কেলেইড’স্কপিক (kaleidoscopic) দৃশ্যৰ সংৰচনা চাই আপ্লুত হব পাৰি, তেতিয়া এক সুখানুভুতিয়ে মন ভৰাই তোলে। তৰুণ গল্পকাৰ প্ৰিয়ংকা দাসৰ ‘মাৰফৎ পাঠশালা’ শীৰ্ষক গল্পসংকলনটি পঢ়িবলৈ হাতত তুলি লৈ এই দুটা শব্দ প্ৰথমে মনলৈ আহিল। কেইটামান গল্পৰ পেন’ৰমিক (panoramic) আৰু কেইটামান গল্পৰ কেলেইড’স্কপিক (kaleidoscopic) দৃশ্যপটে  মন ভৰাই তোলে। প্ৰিয়ংকা দাস লিখকৰ স্বাধীনতা লৈ লিখিবলৈ ভালপোৱা এগৰাকী স্বাধীন গল্পকাৰ। সংকলনখনৰ  প্ৰতিটো গল্পই স্বাধীন একোটা গল্প।

গল্পকাৰৰ হিচাপে তৰুণ,  প্ৰিয়ংকা দাসৰ এইখন প্ৰথম সংকলন। গল্পবোৰ যথেষ্ট দীঘল। দীঘলকৈ লিখে তেওঁ। কিন্তু পঢ়ি আমনি নালাগে। গল্পৰ নিৰ্মিতিত ইমানবোৰ উপ-শীৰ্ষক(sub-head) বা পাঠ্য-বিৰতি থাকে যে, পঠন সদায় হৈ উঠে আকৰ্ষণীয়। গল্পবোৰে অলেখ সমকালীন  দৃশ্যপট আৰু সেইবোৰৰ ভগ্নাংশ পাঠকৰ মনলৈ কঢ়িয়াই আনে।

 

কবলৈ গ’লে, অসমীয়া সাহিত্যৰ  বেছিভাগ  সমালোচকেই যদিওবা একবিংশ শতিকাৰ দ্বিতীয় দশকলৈকে অসমীয়া সাহিত্যৰ ‘ৰামধেনু’ যুগৰ আৱেশত (hangover)মজি আছিল,  অসমীয়া গল্প-সাহিত্যত ‘ৰামধেনু’ যুগৰ আলস্য আৰু অৱসাদগ্ৰস্ততা কিন্তু ভাঙি দিছিল নব্বৈৰ দশকৰ গল্পকাৰসকলেই। নব্বৈৰ প্ৰাৰম্ভণিতে উদাৰবাদী অৰ্থনীতিৰ আগমণৰ ফলত সাহিত্যৰো নতুন নতুন বাগধাৰাবোৰৰ সতে অসমীয়া সাহিত্যৰ পোনপটীয়া সংযোগ ঘটিল। লিখকসকলে পোনে পোনে ইংৰাজী ভাষাত পঢ়িবলৈ ধৰিলে। বাংলা ভাষালৈ অনুবাদ হৈ অসমীয়ালৈ সাহিত্যৰ ৰস অহাৰ সুঁতিটো ক্ষীণকায় হৈ আহিল। নব্বৈৰ দশক আছিল অসমৰ ৰাজনৈতিক অস্থিৰতাৰো দশক। অসমীয়া গল্পও এঙামুৰি ভাঙি নতুন নতুন সম্পৰীক্ষাৰ মাজেৰে ওলাই আহিল। অৰূপা পটংগীয়া কলিতাৰ ‘দৈৱকীৰ দিন’, ‘মৰুভূমিত  মেনকা’ , হৰেকৃষ্ণ ডেকাৰ ‘বন্দীয়াৰ’ৰ, অপূৰ্ব শৰ্মাৰ ‘বাঘে টাপুৰ ৰাতি’ দৰে সফল গল্পবোৰ, যিবোৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে নতুন গল্পভাষাৰ প্ৰেক্ষা তৈয়াৰ কৰি দিছিল, সেইবোৰৰ বিষয়ে আজি অতি কমেইহে আলোচনা কৰা হয়।

নব্বৈৰ দশকৰ সমাজজীৱনৰ প্ৰচণ্ড বিশৃংখলতা আৰু কোলাহলৰ গৰ্ভেৰে অহা নতুনত্বৰ মাজত  যিকেইজন অসমীয়া গল্পকাৰে জন্ম লভিলে, প্ৰিয়ংকা দাস তাৰেই অন্যতম। নব্বৈৰ দশকৰ আৰম্ভণিতে তেওঁৰ জন্ম। আন এটা উল্লেখনীয় সংয়োগ হৈছে যে, তেওঁ যেতিয়া গল্পসমূহ যেতিয়া লিখিবলৈ আৰম্ভ কৰিছে, তেতিয়া তথ্য-প্ৰযুক্তি আৰু সামাজিক মাধ্যমে মানুহৰ জীৱনক  আন কিছু নতুন প্ৰেক্ষাত উপনীত কৰাই দিছেহি।

অৰ্থাৎ অসমীয়া গল্প সাহিত্যই আন এটি পৰ্বান্তৰলৈ গতি কৰিবলৈ লৈছে।

নতুন অৰ্থনীতি, তথ্য-প্ৰযুক্তিৰ অভাৱনীয় বিকাশ, তাৰ সুফল আৰু কুফল, বাৰিষাৰ মেঘৰ দৰে ছানি ধৰা ভোগবাদ, অস্থিৰতা, সামাজিক জীৱনৰ অৱক্ষয়, প্ৰজন্মৰ হতাশা- এই সকলোবোৰক লৈ সাহিত্যত সম্পৰীক্ষা কৰাৰ প্ৰয়াসৰ মাজেৰে প্ৰিয়ংকা দাসৰ  গল্পসমূহে  আমাক বিশ্বাস আৰু ভাৰসা দি গৈছে। নিসন্দেহে তেওঁ অসমীয়া গল্পৰ জগতৰ এক বলিষ্ঠ কণ্ঠ। সাংঘাটিকধৰণে গাল্পিক তেওঁৰ ভাষা। কিন্তু তেওঁ কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গল্প লিখা নাই। কাহিনীত গভীৰ পৰ্যবেক্ষণ আছে, পৰ্যবেক্ষণৰপৰা অহা সমাজসত্য আছে আৰু আছে সাহিত্যৰ প্ৰতি নিষ্ঠা।  গল্পবোৰ পঢ়িলেই উমান পোৱা যায় যে, অনাগত সময়ত  গল্পকাৰৰ কবলৈ আছে অনেক কথা।

এটা গল্পৰ মাজেৰে পাঠকে কি বিচাৰে? এটা নিটোল কাহিনী। কিন্তু আজিৰ পাঠকে কেৱল এটা নিটোল কাহিনীতে সন্তুষ্ট নহয়। সচেতন পঢ়ুৱৈয়ে গল্পত বিচাৰে সমাজসত্য। তাৰ প্ৰতিফলন। প্ৰিয়ংকা দাসেও নিটোল কাহিনী কবলৈ  চেষ্টা কৰিছে। ‘অপত্য’, ‘আলাগ্’ ‘হাইবাৰনেচন এনৰেক্সিয়া’ৰ দৰে গল্পবোৰত  একোটা সৰলৰৈখিক গল্প কোৱা নাই। এটা প্লটৰ ভিতৰলৈ সোমাই আহিছে অলেখ প্ৰাসংগিক ঘটনাৰ প্ৰবাহ, যিবোৰে কাহিনীটো আকৌ মেদবহুল কৰিও তোলা নাই - বৰঞ্চ সেইবোৰ কথনৰ প্ৰয়োজনীয় আংগিক হৈ পৰিছে।

সংকলনখনিৰ ‘অপত্য’ বা ‘আলাগ্’ৰ দৰে গল্পসমূহ কেৱল সুখপাঠ্যই নহয়, পাহৰিব নোৱাৰাকৈ মনত ৰৈ যোৱা । এইবোৰত  আছে একোখন বিশাল প্ৰেক্ষাৰ পেন’ৰমিক দৃশ্য। এই গল্প দুটিৰ কাৰু-কাৰ্যবোৰো চমঠকাৰ। ‘অপত্য’ গল্পটোত স্থানীয় ‘মহোহো’ উছৱৰ গাতে ভেজা দি থকা স্থানীয় এটি লোকাচাৰ অতি  সফলভাৱে ‘মেটাফ’ৰ’ হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ সামৰণিও চমৎকাৰ। মৰ্মস্পৰ্শী। পাঠকৰ সিদ্ধান্তৰ বাবে সামৰণি এৰি দিয়া হৈছে।পিতৃয়ে এৰি থৈ যোৱাৰ পিছত মাতৃৰ ছায়াই আৱৰি ৰখা সেই কণমানি অভাগাৰ শেষ পৰিণতি কি হ’লগৈ- তাৰ মৰ্মন্তুদ কল্পনাই পাঠকক শুবলৈ নিদিব। ‘আলাগ্’ গল্পত আছে মাছমৰীয়া সমাজজীৱনৰ এচমকা সংবেদী গাথা। মৎস্যজীৱি সমাজক লৈ অসমীয়া সাহিত্যত অলেখ গল্প-ুউপন্যাস আছে। অসমীয়া সমাজজীৱনে যেতিয়ালৈকে তেওঁলোকক ভিতৰুৱাল কৰি নলব, ‘আলাগ্’ বুলি ভাবি থাকিব, তেতিয়ালৈকে গল্প-উপন্যাস লিখা হৈ থাকিব বুলি কব পাৰি। কেতিয়াবা হোমেন বৰগোহাঞিৰ ‘মৎস্যগন্ধা’ৰ দৰে, কেতিয়াবা ‘দৈৱকীৰ দিন’ৰ বা কেতিয়াবা প্ৰিয়ংকা দাসৰ ‘আলাগ্’ৰ দৰে – প্ৰজন্মৰ ব্যৱধানত। এই দুয়োটি গল্প  সমাজবাস্তৱতাৰ অতি গভীৰ সংবেদনাৰপৰা জন্ম হৈছে। বিৱৰণী  মৰ্মস্পৰ্শী। বহল প্ৰেক্ষাত গল্পৰ ভেটি বহুওৱা হৈছে। দুয়োটি গল্পৰ পৰিহাসে পাঠকক জুৰুলা কৰি পেলায়।  গল্পকাৰৰ অৱস্থান স্পষ্ট।

প্ৰিয়ংকা দাসে গল্পত ফেন্টাছিও ব্যৱহাৰ কৰিছে। সমকালীন বহু কেতিয়াবা গল্পকাৰে ৱেৱ’ চিৰিজৰ মছলাৰে ফেণ্টাছীৰ উপাদান গল্প-উপন্যাসলৈ লৈ আহে। গল্প পঢ়ি ‘চিনেমা’ বা ‘ৱেব চিৰিজ’ চোৱা যেনহে লাগে। তেনে বহু বিফল প্ৰচেষ্টাৰ বিপৰীতে প্ৰিয়ংকা দাসৰ গল্পত ফেণ্টাছী আহিছে সমাজজীৱনৰ গভীৰ প্ৰেক্ষাৰপৰা। ‘হাইবাৰনেচন এনৰেক্সিয়া’ৰ গল্পত বায়প’লাৰ ৰোগক ইমান সফলভাৱে সমাজজীৱনৰ গভীৰ প্ৰেক্ষাত সম্পৰীক্ষা কৰিছে যে, ভাবিলে আশ্বৰ্য যেনেই লাগে। কিয়নো কিয়নো মানুহৰ জটিল মানসিক অৱস্থাৰ তলা-নলা গমি-পিটি গল্পলৈ অনাটো সঁচাকৈয়ে দুৰূঢ় কাম। গল্পটোৰ এক আচৰিত কেলেইড’স্কপিক (kaleidoscopic) অভিব্যঞ্জনা আছে। অনেক দিশৰপৰা ইয়াত সমাজসত্যৰ ‘প্ৰিজম’বোৰ চাব পাৰি। আপোনাৰ যদি বায়’পলাৰ ৰোগ আছে, মানসিক অস্থিৰতা আছে, তেনেহলে আপোনাৰ প্ৰেমেও আপোনাক অস্বীকাৰ কৰিব পাৰে। এয়া গল্পৰ আপাত সত্য। গল্পৰ বায়প’লাৰ ৰোগীয়ে ‘পখিলা’ অৱস্থাত নহয়, ‘লেটা’ অৱস্থাত দেখিবলৈ পোৱা ভূতপোৱালিবোৰ কোন? সমাজৰ উচ্চিষ্ট বুটলি ফুৰা হাৰি যোৱা মানুহবোৰ নেকি? কোনে সিহঁতক মূল বসতিভূমিৰপৰা উচ্ছেদিত কৰিলে। নগৰৰ চুৱাপাতনিলৈ প্ৰক্ষেপিত কৰিলে? উন্নয়নে? মাটিখকুৱাবোৰৰ লালসাই? এই হাৰি যোৱা  মানুহবোৰ বাৰু  আমাৰ অৱচেতনতহে বাস  কৰে নেকি? স্বাভাৱিক, পখিলা হৈ উৰি ফুৰাৰ সময়ত সিহঁতৰ অস্তিত্ব আমি পাহৰি যাওঁ । প্ৰিয়ংকা দাসে পাঠকক ঘটনাৰ সৰলৰৈখিক বিৱৰণীৰ সুখপাঠ্য আমেজ  দিবলৈ কোনোমতেই ৰাজী নহয়। সেয়েহে প্ৰসংগক্ৰমে গল্পলৈ আহিছে নাৰী নিৰ্যাতন। গিৰীয়েকৰ পিটন স্বাভাৱিক বুলি ধৰি লোৱা তিৰোতাৰ বিৱৰণী। অত্যাচাৰৰপৰা হাত সাৰিবলৈ বিবাহৰ পিছত  ওপজা  ঘৰখনলৈ উভতি গৈ ককাই-ভাইৰ ওলোমা-বাদুলি হোৱাতকৈ স্বামীগৃহকেই নিৰাপদ বুলি কপাল ধিয়াই থকা তিৰোতাবোৰ।  বৈধব্যৰ মাজেৰে শাস্তিৰপৰা ৰেহাই পোৱা  সেই নাৰীয়ে সন্তানৰ মাজেৰে পোৱা সুখৰ কালত দেখোন নীৰৱতালৈ গুচি সোমাই গ’ল। তেওঁ পাঠকৰ বিবেকক এই তুমুল জোকাৰণিবোৰ দিবলৈ  বিচাৰে। গল্পৰ সামৰণিৰ দ্বান্দ্বিক চেতনাও চমৎকাৰ।

প্ৰিয়ংকা দাসৰ নামনি অসমৰ কথিত ভাষাবোৰ সাহিত্যত সম্পৰীক্ষা কৰাৰ প্ৰচেষ্টাও অতি আদৰণীয়। এই ভাষা তেওঁ সাহিত্যৰ আপুৰুগীয়া অলংকাৰৰ দৰেই ব্যৱহাৰ কৰিছে, যাতে পাঠকৰ মনোযোগ গল্পৰ মূল বিষয়ৰপৰা ক্ষণিক সময়ৰ বাবেও ফালৰি কাটি নাহে।

আমাৰ প্ৰজন্মৰ গল্পকাৰ-ঔপন্যাসিকসকলৰ বিৱৰণীলৈ সশস্ত্ৰ বিদ্ৰোহী গাথাকে ধৰি অসমৰ অস্থিৰ ৰাজনৈতিক ইতিহাস, ইতিহাসৰ সোঁৱৰণি আৰু তাৰ অৱশেষ যিদৰে সততে উঠি আহে- প্ৰিয়ংকা দাসৰ দৰে প্ৰজন্মৰ গল্পত সেই উপাদান বা অৱশেষবোৰ অনুপস্থিত।পূৰ্বৰ প্ৰজন্মৰ ৰক্তাক্ত ইতিহাসৰ উত্তৰাধিকাৰিত্বৰ বোজা ববলৈ এই প্ৰজন্ম যেন ৰাজী নহয়। কিন্তু সেই ৰক্তাক্ত, বিশ্বাসঘাতক সময়ে আমাৰ সমকালীন সমাজজীৱন ক’লৈ লৈ আহিল আৰু ক’ত পোৱালেহি-তাৰ সুক্ষ্মাতিসুক্ষ্ম পৰ্যবেক্ষণ গল্পত আছে। সুখৰ কথা প্ৰজন্মৰ অনেকেই সমাজসত্যক উপৰুৱাকৈ সাহিত্যৰ ভিতৰুৱা কৰিবলৈ প্ৰয়াস কৰাৰ বিপৰীতে প্ৰিয়ংকা দাসৰ দৰে গল্পকাৰে প্ৰত্যয়েৰে, গভীৰ আত্মবিশ্বাসেৰে কথাবোৰ কবলৈ চেষ্টা কৰিছে। একোটা গল্পৰ আঁত ধৰিয়েই সমাজবাস্তৱতাৰ অনেক প্ৰসংগ তেওঁ তুলি আনিছে। এইবোৰ একোজন সমাজবিজ্ঞানীৰো কাম। দায়িত্ব। এজন সাৰ্থক সৃষ্টিশীল লেখক যথাৰ্থতেই এজন সমাজবিজ্ঞানীও। গল্পকাৰ সাহসীও। এইটোও ভাল লগা কথা। এগৰাকী সাহসী গল্পকাৰেহে সমাজবাস্তৱতাৰ নিৰ্মোহভাৱে সম্পৰীক্ষা কৰিব পাৰে। স্থিতাৱস্থাবাদীয়ে নহয়।

এই চুটি সমালোচনাত্মক আলোচনাত তেখেতৰ তিনিটা গল্পৰ প্ৰসংগ উল্লেখ কৰাৰ অৰ্থ এনে নহয় যে, আনবোৰ গল্প শক্তিশালী হোৱা নাই। পাঠকক তেখেতৰ গল্পৰ সতে পৰিচিত কৰোৱাৰ তাগিদাতহে এই তিনিটা গল্পক উদাহৰণ হিচাপে লোৱা হৈছে। বিশেষকৈ একোটা গল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া, ভাঙি-পিটি ন-কৈ গঢ়াৰ কলা-কৌশল, পুৰণি পৃথিৱী নকৈ চোৱাৰ বাবে কৌতূহলী  চকুযুৰি- এই সকলোবোৰৰ বাবেই প্ৰতিটো গল্পই পঠনযোগ্যতা ধৰি ৰাখিছে।  এই গল্প সংকলনটিয়ে সমালোচকক আকৰ্ষণ কৰিছেনে নাই, তাৰ বিশেষ উম-ঘাম পোৱা নাযায়। কিন্তু সাহিত্যত নতুনক আদৰিবলৈ লোৱাৰ সময়ত যদি আমি প্ৰিয়ংকা দাসৰ দৰে গল্পকাৰৰ গল্পবোৰৰ প্ৰাসংগিকতাক অস্বীকাৰ কৰোঁ, তেনেহলে নতুন প্ৰজন্মলৈ অসমীয়া সাহিত্যৰ বাট সুগম নহয় বুলিহে কব লাগিব।

গল্পকাৰলৈ আমাৰ শুভেচ্ছা থাকিল ।

প্ৰকাশকঃ বৰ্ণ, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী

 

ৰত্না ভৰালী তালুকদাৰ


Tuesday, 13 October 2026

 কাফকাৰ পঁইতাচোৰা


Pic- Pixabay



তেওঁলোক  পঁইতাচোৰা‌ 


পঁইতাচোৰা ৰহস্যৰ জীৱ, বিৱৰ্তনত  

নিযুত নিযুত বছৰ  নিজকে সলনি কৰা নাই 

হোৱা নাই সলনি  চৰিত্ৰৰ 

চতুৰ। বুধিয়ক। বিচিত্ৰ 


মূৰ ছিঙি গলেও 

জী উঠে পঁইতাচোৰা জীৱন্ধৰী


আপোনাৰ হাঁহি উঠিছে, ঘৃণাৰ হাঁহি   

খয়েৰী ৰঙৰ এই কুন্ধচ জীৱবিধ  

জাক জাক

কিল বিল  


নৰ্দমাবোৰ পুতি পেলা 

ক'ত থৈছ হিট স্প্ৰে'


হিট স্প্ৰে' মাৰি বধা পঁইতাচোৰাৰ  ফটো তুলি 

গুলজাৰ সামাজিক মাধ্যম 


বজাৰপৰা আনি  উছৱ বিশেষ সংখ্যাৰ শব্দবোৰ 

চলাথ কৰি দিছোঁ, আছে নেকি 

মেটাফ'ৰ এটা অজেয় পঁইতাচোৰাৰ 

প্ৰজন্ম খয়েৰ ৰঙৰ পঁইতাচোৰা হৈ উঠাৰ  

আচৰিত পৰ্বান্তৰৰ


বজাৰৰ 'হিট স্প্ৰে' কিনি কিনি

সিহঁতে পঁইতাচোৰা বধিছে 

বন্দুক-বেয়নেট-লাঠি


দোকান খালি

অসহায় দোকানী 

হাত দাঙি দিছে

হিট স্প্ৰে' নাই


ব্লিংকিটত ষ্টক শেষ হৈ গৈছে 

পঁইতাচোৰা নিধনৰ কেমিকেল শেষ,  কোম্পাণী অসহায়


তথাপি পঁইতাচোৰা ওলাই আছে 

অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে  

আপোনাৰ কাণে-মূৰে বগাইছে

অচল কৰি  আই টি চেলৰ ঘৃণাৰ পাঠশালা


উছৱ বিশেষ‌ শব্দ  সাহিত্যৰ প্ৰেম-বিৰহ-নিসৰ্গৰ মেটাফৰত 

পঁইতাচোৰাৰ পৰ্বান্তৰৰ  মেটাফৰ এটা

বিচাৰি আছোঁ, চলাথ কৰি দিছোঁ 


কিন্তু  সময় হাৰি গৈছে, নে মেটাফ’ৰ    

 

সৃষ্টিত সময় খোদিত নহলে 

বৰ নি:কিন হৈ মৰে


কোন? কাফকা নহয়।

Thursday, 8 October 2026

 

‘আলফাৰ অসমাপ্ত ইতিহাস

 (প্ৰথম খণ্ড)






‘আলফাৰ অসমাপ্ত ইতিহাস (প্ৰথম খণ্ড)’ স্বাধীন অসমৰ দাবীত  এদল যুৱকে কৰা  তিনি দশকজোৰা সশস্ত্ৰ সংগ্ৰামৰ আভ্যন্তৰীণ পথিক এজনৰ কথকতা। স্বভাৱিকতে গ্ৰন্থখনিত আছে সশস্ত্ৰ সংগ্ৰামখনৰ এক আভ্যন্তৰীণ প্ৰেক্ষা(insider perspective)ৰ বিৱৰণী। আৱেগৰ উৰ্ধত ঘটনাক্ৰমৰ দ্বান্দ্বিক (dialectical)বিৱৰণীয়ে ইয়াৰ ঘাই আকৰ্ষণ।  গ্ৰন্থখনিৰ লেখক সংযুক্ত মুক্তি বাহিনী, অসম বা থোৰতে  আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া।

আলফাৰ তিনি দশকজোৰা এই সশস্ত্ৰ সংগ্ৰামখনৰ গুপ্তহত্যা, মুক্ত হত্যা, চক্ৰান্ত  অথবা প্ৰতিশোধজনিত হত্যাৰ বিৱৰণীৰে ৰঙা-ৰাঙলী হৈ উঠা অসমৰ ভূ-ৰাজনীতিৰ এইচোৱা ইতিহাসক লৈ অলেখ সৃষ্টিশীল সাহিত্য আৰু গদ্যশিল্প ৰছনা হৈছে। এয়া সশস্ত্ৰ সংগ্ৰামখনৰ এটি তাৎপৰ্যপূৰ্ণ দিশ। জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমনি ফুকনৰপৰা আৰম্ভ কৰি তৰুণ প্ৰজন্মলৈকে অনেক লেখকৰ হাতেৰে এই কৰুণ সংগ্ৰামৰ গাথা নিঃসৰিত হৈছে। এই ধাৰা এতিয়াও অব্যাহত। কেইবাজনো আভ্যন্তৰীণ কথকেও সশস্ত্ৰ সংগ্ৰামখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি গ্ৰন্থ ৰছনা কৰিছে। আন এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়চম গোস্বামীয়ে সশস্ত্ৰ সংগ্ৰামৰ  নেতৃত্বৰ সতে আলোচনাৰ মধ্যস্থতাকাৰী হবলৈও আগবাঢ়ি আহিছিল।

তথাপি কব লাগিব যে সংগঠনটোৰ জন্ম, ইতিহাস আৰু দীঘলীয়াকালৰ যন্ত্ৰণা আৰু অভিজ্ঞতাৰ দ্বান্দ্বিক, বস্তুনিষ্ঠ বিশ্লেষণেৰে আভ্যন্তৰীণ প্ৰেক্ষাৰ সফল ছবি এখনৰ  এখন সুখপাঠ্য গ্ৰন্থ পাবলৈ টান। সংগঠনৰ আভ্যন্তৰীণ কথকসকলৰ সৰহভাগৰ লেখাতেই পোৱা যায় সৰলৰৈখিক  (linear) কাহিনী। অথবা একোগৰাকী ৰমন্যাসিক বিপ্লৱী। সংগঠনটোৰ বাহিৰৰ লেখক এজনৰ বাবে গোপন আৰু ৰাষ্ট্ৰৰদ্বাৰা নিষিদ্ধ সংগঠন এটাৰ ভিতৰুৱা কথাবোৰ লিখি উলিওৱা সহজ নহয়।

অনুপ চেতিয়াৰ গ্ৰন্থখনে এইক্ষেত্ৰত এক বিশাল শূন্যতা পুৰণ কৰিছে বুলি একে আষাৰে কব পাৰি। ইয়াত আছে সশস্ত্ৰ সংগঠন এটা নিজৰ হাতেৰে গঢ়ি তোলাৰ আনন্দ, বেদনা আৰু যন্ত্ৰণা। আৰু আছে বিৱৰণীৰ বহুমাত্ৰিকতা (layered narration)। এজন সংগ্ৰামীৰ মানসিকতাৰে লিখা কথকতাত আৱেগ-বিহ্বলতাক স্থান দিয়া হোৱা নাই। ভূ-ৰাজনীতিৰ আন্তৰ্জাতিক প্ৰেক্ষাপটত অসমৰ সেই সংগ্ৰামখনে ক’ত আৰম্ভ হৈ কি দিশলৈ গতি কৰিছিল-তাৰ  বিৱৰণী ইয়াত আছে। সত্তৰ-আশীৰ দশকৰ সেই ল’ৰাবোৰে বাট-পথ নথকা পৰ্বতীয়া হাবিৰে খোজকাঢ়ি গৈ গৈ  ভাৰত-ম্যানমাৰৰ সীমান্তৰ মুক্তাঞ্চল আৰু তাৰপৰা কাচিন পাইছিলগৈ। মেলেৰীয়া, মখলং লাগি বাটত মৰিছিল। নগা বিদ্ৰোহীৰ ভাতৃঘাটী সংঘৰ্ষৰ মাজত সোমাই পৰিছিল। শ্ৰীলংকাৰ এল টি টি ই, খালিস্তানী উগ্ৰপন্থীৰ সতে হাট-বাট কৰিছিল। নগা,মণিপুৰী, বড়োকে ধৰি বিভিন্ন জাতি-গোষ্ঠীৰ সশস্ত্ৰ সংগ্ৰামৰ সতে সম্পৰ্ক গঢ়ি তুলিছিল। কৰবাত অস্ত্ৰ-শস্ত্ৰ দি সশস্ত্ৰ সংগ্ৰামৰ ভেটি গঢ়িও দিছিল। বাংলাদেশ, ভূটানৰ দৰে ছুবুৰীয়া ৰাষ্ট্ৰত ঘাটি পাতিছিল। পাকিস্তানী  চোৰাংচোৱা সংস্থাৰ সতে সম্পৰ্ক গঢ়ি তুলিছিল। তালিবান উগ্ৰপন্থীৰ তলত প্ৰশিক্ষণ লৈছিল। জেনেভা, লণ্ডন, জাৰ্মানীলৈ গৈ মানৱ অধিকাৰৰ প্ৰশ্নত আন্তঃৰাষ্ট্ৰীয় মহলত নিজৰ দাবী সাব্যস্ত কৰিছিল। অস্ত্ৰ কিনিবলৈ বেংকক, থাইলেণ্ড পৰ্যন্ত গৈছিল। পৰ্বতবোৰ বগোৱাৰ দৰে সাগৰো ব্যৱহাৰ কৰিছিল। ব্যৰ্থ হৈছিল। আকৌ প্ৰস্তুতি কৰিছিল।

লেখ-জোখ নোহোৱা জাতি-গোষ্ঠী-ধৰ্মৰ-ভাষাৰ বৈচিত্ৰতাক সামৰি লৈ বিশ্ব সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিচিত ভাৰতবৰ্ষৰ অতি শক্তিশালী চোৰাংচোৱা  ব্যৱস্থাৰ চকুত ধূলি দিয়েই তেওঁলোকে এইবোৰ কৰি ফুৰিছিল। দাগ লাগিছিল ‘ৰাষ্ট্ৰদ্ৰোহী’ৰ । সংগঠন নিষিদ্ধ কৰা হৈছিল। এই নিষিদ্ধ সংগঠনৰ সদস্যবোৰে কেতিয়াবা ধুবুৰীয়েদি, কেতিয়াবা ত্ৰিপুৰা হৈ বাংলাদেশলৈ গুচি গৈছিল। সেইদৰেই ভূটানলৈ গৈছি্ল।  ভুৱা পাচপ’ৰ্ট বনাই  বিভিন্ন দেশ ঘূৰি ফুৰিছিল। প্ৰাণৰ সংশয় আছিল। অনেকে প্ৰাণ দিছিল। তথাপি নতুন নতুন ল’ৰা সংগঠনত সোমাইছিল। সেই ল’ৰাবোৰৰ বহুতে সশস্ত্ৰ সংগ্ৰামৰ বিষয়ে একো নাজানিছিলেই। সংগ্ৰামে গতি কৰিছিল অনেক বিভ্ৰান্তিৰ মাজেৰে। চক্ৰান্তবোৰত দিশহাৰা হৈ পৰিছিল।  ঠগ, প্ৰবঞ্চণাৰো সন্মুখীন হৈছিল।

আটাইতকৈ ডাঙৰ কথাটো হৈছে যে, এই সকলোবোৰৰ মাজেৰে জনসাধাৰণ হৈ পৰিছিল পণবন্দী। দশকৰ পিছত দশক। অতি নিষ্ঠুৰ বিৱৰণী। কিন্তু এয়া  বাস্তৱ। কেৱল বাস্তৱ নহয়। এয়া অসমৰ এচোৱা ইতিহাস। আজিৰ প্ৰেক্ষাপটত সেই  দৃষ্টিৰেই অসমৰ সশস্ত্ৰ বিদ্ৰোহী সংগ্ৰামৰ সময়চোৱাক বিশ্লেষণ কৰিব লাগিব। নিৰ্মোহভাৱে।

লিখকে গ্ৰন্থখনত  বহু কথা মুকলিকৈ লিখিছে। ৰছিয়াৰ অভিযন্তা চাৰ্গেই গ্ৰীটচেংকোৰ হত্যা, মাজুলীত সঞ্জয় ঘোষৰ হত্যা, ধেমাজিৰ বোমা বিস্ফোৰণৰ দৰে ঘটনাবোৰৰো স্পষ্টীকৰণ দিছে। সংগ্ৰামৰ বিভিন্ন দিশৰ অলেখ সমালোচনা–আত্মসমালোচনাৰে ভৰি থকা গ্ৰন্থখনিত যিটো দিশ অতিকৈ আকৰ্ষণীয় হৈ উঠিছে, সেয়া হৈছে সশস্ত্ৰ সংগঠন এটা গঢ়ি তোলাৰ সাংগঠনিক  দক্ষতা আৰু কাৰু-কাৰ্যবোৰ। অলফা হৈছে অসমৰ সেই সময়ৰ সশস্ত্ৰ সংগঠন যাৰ এটা পূৰ্ণ পৰ্যায়ৰ সেনাবাহিনী আছিল । এটা সমৰকক্ষ আছিল। এইবোৰ গঢ়ি তুলিছিল ধন-বিত নথকা আৰু স্বাধীন অসমৰ সপোনে খেদি ফুৰা কেইটামান ল’ৰাই- যি দুখ-ভাগৰ নোহোৱাকৈ ৰেলে-বাচে-চাইকেলেৰে-খোজেৰে অসমৰ প্ৰান্তে-প্ৰান্তে ঘূৰি ফুৰিছে।সদস্য হবলৈ ল’ৰা গোটাইছে। অস্ত্ৰৰ প্ৰশিক্ষণ লৈছে। প্ৰশিক্ষণ দিছে। ৰাজনৈতিক পাঠদান কৰিছে। সংগঠনৰ ভিতৰুৱা ফৈদবোৰৰ আভ্যন্তৰীণ সংঘাত মোকাবিলা কৰিছে। মুকলিকৈ লিখা কথাবোৰৰ লগতে অলেখ ইংগিত বা সংকেতো কিতাপখনত আছে। ঘটনাক্ৰমৰ ভূ-ৰখাসকলে এইবোৰৰ পম খেদিও কিছু সমল পাব।  

বহুতো নাৰীও এই সংগঠনৰ সতে যুক্ত হৈছিল। তেওঁলোকে পুৰুষ সদস্যসকলৰ পত্নী হবলৈকে,  ভাত-পানী ৰান্ধিবলৈকে, বা আঘাতপ্ৰাপ্তসকলৰ সেৱা-শুশ্ৰুষা কৰিবলৈকে গৈছিলনে? সুখৰ কথা যে, এই নাৰীসকলৰ বিভিন্নগৰাকীয়ে সংগঠনৰ বিভিন্ন স্তৰত কেনে কাৰ্য সমাপণ কৰিছিল, সৰুকৈ হলেও তাৰো বিৱৰণী গ্ৰন্থখনিত আছে।

আলফাৰ এই সশস্ত্ৰ সংগ্ৰামখনে সফলতাৰ মুখ দেখাৰ সম্ভৱনা কিমান আছিল? এখন সশস্ত্ৰ সংগ্ৰামৰ বাবে জনসাধাৰণৰ সমৰ্থনৰ প্ৰয়োজনীয়তা আছে নে নাই? সমাজবাস্তৱতা আছেনে নাই? বিদেশী ৰাষ্ট্ৰত খোপনি পুতিবলৈ গৈ নেতৃত্বই কি হেৰুৱালে? যদিহে কিবা পালে, তেন্তে কি পালে? বিপ্লৱৰ বিদ্ৰোহী সেনানী শিৱিৰ পাতি  থাকিব লাগেনে জনসাধাৰণৰ মাজতে থাকিব লাগে। সশস্ত্ৰ সংগ্ৰাম এখনত জনসাধাৰণ আৰু গেৰিলাৰ সম্পৰ্ক সন্দৰ্ভত ‘মাছ আৰু পানী’ৰ বহু আলোচিত বিৱৰণীৰ প্ৰাসংগিকতা কি? কাৰাবাসৰ সময়চোৱাক সাংগঠনিক কামত  ব্যৱহাৰ কৰাৰ পৰিসৰ কিমান? এনে অলেখ প্ৰশ্নৰ উকমুকনি গ্ৰন্থখনিৰ জৰিয়তে পাঠকলৈ এৰি দিয়া হৈছে। লিখকে নিজে কোনো সিদ্ধান্তলৈ অহা নাই ।দায় সাৰিবলৈ চেষ্টা কৰা নাই। সংগ্ৰামৰ দোষ-ত্ৰুটিৰ বিচাৰ ৰাইজৰ আদালতলৈ এৰি দিছে। গ্ৰন্থখনিৰ এয়াই সৌন্দৰ্য।  

একোজন বিপ্লৱী-বিদ্ৰোহী একে সময়তে মানৱীয় গুণেৰে একেজন মানুহো। যদিওবা ইয়াত আৱেগ-অনুভুতিক স্থান দিয়া হোৱা নাই, তথাপি সংগ্ৰামৰ আদিকালৰ অনিশ্চিত জীৱনত হঠাতে গৈ ওলোৱাত কোনো সতীৰ্থই ডাকোৱা কুকুৰা মাৰি এঁসাজ খুওৱাৰ কথা সোঁৱৰণ কৰা, ব’ৰ্ডিং স্কুলত দূৰ্ঘটনাগ্ৰস্ত হোৱা সন্তানৰ খবৰ লবলৈ সময়মতে উপস্থিত হব নোৱাৰাৰ দোষত চকুপানী ওলোৱা, মাতৃ অথবা পত্নীৰ প্ৰতি প্ৰেমৰ অনুভুতি প্ৰকাশৰ দৰে  দুই-এটা বিৱৰণীৰ মাজেৰে বিদ্ৰোহী সত্তাৰ আঁৰৰ মানৱিক গুণৰাজিৰ সত্তাটিয়ে গ্ৰন্থখনিত চকা-মকাকৈ ভুমুকি নমৰা নহয়।  

গ্ৰন্থখনিত অলেখ পুনৰাবৃত্তি আছে। কিছুমান ঘটনা কেইবাবাৰো উল্লেখ কৰা হৈছে। অধ্যায়বোৰ আগতীয়াকৈ পৰিকল্পনা কৰি ঘটনাক্ৰম সজাই লোৱা হ’লে তেনে পুনৰাবৃত্তিৰপৰা মুক্ত হ’লহেঁতেন বুলি একেআষাৰে কব পাৰি। কিন্তু এয়া দোষৰ কথা নহয়। অনুপ চেতিয়া এজন লেখক নহয়, এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সাধাৰণ সম্পাদক। এচোৱা ৰক্তাক্ত সময়ৰ ইতিহাস লিপিবদ্ধ কৰাৰ স্বাৰ্থত তেখেতে লেখকৰ পৰিচিতি লৈছে। তদুপৰি এই কিতাপখন আলফাৰ সমগ্ৰ ইতিহাসৰ এক দলিলো নহয়।

আৰু এটা কথা।সেই সময়ত এফালে উগ্ৰপন্থীৰ কাৰ্যকলাপ আৰু আনফালে ৰাষ্ট্ৰ নিৰ্দেশিত সেনাবাহিনীৰ হাতত জনসাধাৰণ পণবন্দী হৈ পৰিছিল। সশস্ত্ৰ বিদ্ৰোহ এক দুঃসাহসিক অভিযান নাছিল। সি এক ৰক্তাক্ত ইতিহাস। সংগ্ৰামত অলেখ নীৰিহৰ মৃত্যু হৈছিল। অনেকেই চিৰদিনলৈ ঘূণীয়া হৈছিল। নেতৃত্বই এনে পৰিস্থিতি কেনেদৰে বিশ্লেষণ কৰিছিল? সেই নিৰ্মম উপলব্ধি গ্ৰন্থখনিত পাবলৈ নাই। লগতে তাত্ত্বিক দিশবোৰ যেনে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰশ্নত অসমৰ জাতি-গোষ্ঠীবোৰৰ মাজৰ উমৈহতীয়া সম্পৰ্ক, ৰাজনৈতিক দিশত জাতি-গোষ্ঠীসমূহৰ উমৈহতীয়া অভিজ্ঞতাৰ(shared experiences) অংশীদাৰীত্বৰ দৰে মূল প্ৰশ্নৰ ক্ষেত্ৰতো গ্ৰন্থখনিত স্পষ্টতা নাই।

তথাপি কব লাগিব, অসমৰ ইতিহাসৰ এক জটিল  সশস্ত্ৰ বিদ্ৰোহৰ  ধাৰাৰ অলেখ সত্যৰ মাজৰ এচমকা সত্যই  ইয়াত নিৰ্ভেজাল ৰূপত ভুমুকি মাৰিছে। সকলো  প্ৰতিকূলতা আৰু প্ৰত্যাহ্বানৰ সন্মুখত এই সশস্ত্ৰ বিদ্ৰোহে কেইবা দশক ধৰি  দেশৰ ৰাজনীতি তোল-পাৰ কৰি ৰাখিছিল। সংগঠনটোৰ সাংগঠনিক কথা-বতৰাবোৰ ফঁহিয়াই  চাবলৈ এইখন নিশ্চয়েই এখন নিৰ্ভৰযোগ্য গ্ৰন্থ। এইখিনিতেই গ্ৰন্থখনিৰ প্ৰাসংগিকতা থাকিব। যিয়েই নহওক, অসমৰ ৰাজনীতিৰ এইচোৱা ইতিহাসক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

অনুপ চেতিয়াই দীৰ্ঘকালৰ বাবে কাৰাবাস খাটিছিল। গ্ৰন্থখনিৰ গতিশীল বিৱৰণীৰপৰা উমান পাব পাৰি যে, সুদীৰ্ঘকালৰ কাৰাবাসৰ সময়তো তেখেতে নিজকে সাংগঠনিকভাৱে তৎপৰ কৰি ৰাখিছিল আৰু সংগঠনৰপৰা বিচ্ছিন্ন বুলি অনুভৱ কৰা নাছিল।

লিখকলৈ শুভকামনা জ্ঞাপন কৰিছোঁ।


গ্ৰন্থখনিৰ সম্পাদনা কৰিছে -কৃষ্ণা দেৱী চৌধুৰীয়ে 

প্ৰকাশক- বাণী প্ৰকাশ মন্দিৰ, পাণবজাৰ গুৱাহাটী 


ৰত্না ভৰালী তালুকদাৰ 

Ulfar Asomapto Itihas (Pratham Khanda) | Book discussion


Ulfar Asomapto Itihas (Pratham Khanda) | Book discussion

Wednesday, 30 September 2026

 

সপোনৰ হাঁহি – সপোনজ্যোতি ঠাকুৰৰ গল্প সংকলন 





সপোনজ্যোতি ঠাকুৰ মানুহৰ কাহিনী কবলৈ ভালপোৱা গল্পকাৰ। তেখেতৰ গল্পৰ মাজলৈ সচেতন পাঠকক কিহে টানি নিয়ে? এই প্ৰশ্নৰ উত্তৰ হিচাপে প্ৰথমে গল্পকাৰৰ ভাষাৰ কথাই মনলৈ আহে। গল্পত তেখেত সদায় এক খেয়ালী সত্ত্বা। ভিন্ন মেজাজ।  খেয়ালী গল্পকাৰ এজনে কৈ যায়  সমকালীন গভীৰ সমাজবাস্তৱতাৰ কিছুমান কাহিনী- যিবোৰৰ উপস্থাপনা হাস্য-মধুৰ। কেতিয়াবা পৰিহাস।  শ্লেষ, ব্যংগ আৰু উপহাসবোৰে নাটকীয় কথনভংগীৰ কাহিনীক  পাঠকৰ বাবে আকৰ্ষণীয় কৰি তোলে। গল্পকাৰৰ এই ভাষা ইৰ্ষণীয় আৰু নিজা। বহুপৰিমাণে এই ভাষা স্বতঃস্ফুৰ্ত আৰু সাৱলীল।  তেখেতৰ এনে এক গল্পভাষা আয়ত্ত কৰিছে, যাক  আনে নকল কৰিব নোৱাৰে।

আৰু আছে সুক্ষ্মাতিসুক্ষ্ম পৰ্যবেক্ষণ। চিনাকি পৃথিৱী এখনৰ কোনেও নেদেখা জগত এখনৰ অতি সুক্ষ্ম কাৰুকাৰ্য কিছুমান তেওঁ পাঠকলৈ লৈ আহে। কিন্তু এইবোৰৰ বিস্তৃত বিৱৰণী দিয়াতকৈ গল্প পাঠ কৰাহে শ্ৰেয়, কিয়নো তেতিয়াহে পোনে পোনে গল্পৰ ৰসাস্বাদন কৰিব পাৰি।

সপোনজ্যোতি ঠাকুৰৰ শেহতীয়া গল্প সংকলন ‘সপোনৰ হাঁহি’ মুঠ তেৰটা গল্পৰ সংকলন। একে আষাৰে কবলৈ গ’লে পূৰ্বৰ গল্পসংকলনকেইখনৰ দৰেই এইখনৰ গল্পবোৰো সুখপাঠ্য। সংকলনখনৰ গল্পবোৰৰ এটা বৈশিষ্ট আছে। প্ৰতিটো গল্পৰ নায়কৰ নাম ‘সপোন।’ প্ৰতিটো গল্পৰ সপোন ‘চৰিত্ৰ’টো  ভিন্ন মেজাজী আৰু ভিন্ন ধৰণে খেয়ালী। গতিকে আমনি নলগা। ভিন্ন প্ৰেক্ষাত এই চৰিত্ৰটিক উপস্থাপনা কৰাৰ কৌশলে পাঠকক আগ্ৰহী কৰি তুলিছে।  

পূৰ্বৰ গল্পসমূহৰ দৰেই এইখন সংকলনটো গল্পকাৰো বিষয়বস্তুৰ ভিন্নতাক মধ্যবিত্তীয় আৰু নিম্ন-মধ্যবিত্তীয় সমাজখনৰ দৈনন্দিন জীৱন-প্ৰণালীৰ সমাজবাস্তৱতাৰ আধাৰত বিশ্লেষণ কৰিছে।

সপোনজ্যেোতি ঠাকুৰে প্ৰতিটো চৰিত্ৰৰ গল্পৰ পাৰ্শ্বচৰিত্ৰবোৰো আকৰ্ষণীয়কৈ গল্পত উপস্থাপন কৰে। বিশেষকৈ তেওঁ সৃষ্টি কৰা নাৰী চৰিত্ৰবোৰ, যিবোৰ কেতিয়াবা সপোন নামৰ চৰিত্ৰটোৰ ভগ্নী, পত্মী, মাতৃ অথবা বন্ধু-সেইবোৰে সপোন নামৰ খেয়ালী চৰিত্ৰটোক অহৰহ সমৰ্থন আৰু সহযোগিতা যোগাই গৈছে। সেই পাৰ্শ্ব-চৰিত্ৰবোৰে জানে- সপোনে কেতিয়া হাঁহে, কেতিয়া কান্দে আৰু কেতিয়া আঘাত পায়। আচলতে  এয়াও সংকলনটিৰ কৌতূহলৰ বিষয়।  

তথাপি কব লাগিব যে, কৌতূহলোদ্দীপক হোৱা স্বত্বেও দীঘলীয়া সময় ধৰি গল্প লিখা সপোনজ্যোতি ঠাকুৰৰ ‘সপোনৰ হাঁহি’ৰ  গল্পবোৰ একঘেয়ামী আৰু পুনৰাবৃত্তিৰপৰা মুক্ত নহয়। বিশেষকৈ গল্পবোৰৰ নায়কৰ নাম ‘সপোন’ আৰু গল্পকাৰৰ নামো ‘সপোন’  হোৱাৰ বাবে গল্পকাৰৰ জীৱন আৰু গল্পৰ নায়কৰ অভিজ্ঞতাবোৰ বহুক্ষেত্ৰত অভিন্ন হৈ উঠিছে। ফলত স্ৰষ্টা অৰ্থাৎ, বাস্তৱৰ ‘সপোন’ আৰু গল্পৰ ‘সপোন’ৰ  মাজৰ  সীমাৰেখা টনা দৰ্শকৰ বাবে কঠিন কাম হৈ উঠিছে। বহু সময়ত গল্পবোৰ  আত্মকথনৰ দৰেও হৈ  উঠিছে।

ৰাস-ভাওনা আৰু বৈষ্ণৱ সংস্কৃতিৰ সাংস্কৃতিক উপাদানবোৰক সপোনজ্যোতি ঠাকুৰে প্ৰায়েই চিত্ৰকল্প  হিচাপে সঘনে  ব্যৱহাৰ কৰে। এনে সম্পৰীক্ষা নিশ্চয় আদৰণীয়। কিন্তু এনে চিত্ৰকল্পবোৰেই সঘনে ব্যৱহাৰ কৰাৰ বাবে বিষয়-বৈচিত্ৰতা থাকিলেও গল্পৰ কথনত নতুন সোৱাদ পাবলৈ সময়ে সময়ে কঠিন হৈ উঠে।

গল্প আৰু নাটক-- উভয়তে পাৰদৰ্শিতা থকা সপোনজ্যোতি ঠাকুৰৰ নাটক আৰু গল্পৰ মাজত যদি তুলনা কৰা হয়,তেনেহ’লে কব লাগিব যে, নাট্যজগতত তেখেত যেন অধিক স্বাধীনতা লয়। চৰিত্ৰবোৰক সময় দিয়ে। তাত এজন গল্পকাৰৰ উপস্থিতি অনুভৱ কৰা নাযায়। কিন্তু সময়ে সময়ে তেওঁৰ গল্পৰ মজিয়ালৈ সোমাই আহে এজন নাট্যকাৰ- তেওঁৰনাম সপোনজ্যোতি ঠাকুৰ। হয়তোবা তেখেতে নাটক ৰছনাৰ কাৰ্য গল্পৰ নিৰ্মাণতকৈ অধিক গুৰুত্বসহকাৰে লয়। বা, স্বচ্ছন্দ্য অনুভৱ কৰে। সেয়েহে নাটকৰ পূৰ্ণবিকশিত সত্তাটিক গল্পৰ মজিয়াত পাবলৈ যেন কিছু কঠিন।

প্ৰকাশক -পূৰ্বায়ন প্ৰকাশন


-ৰত্না ভৰালী তালুকদাৰ 


Hopunor hahi – a collection of short stories by Saponjyoti Thakur

সপোনৰ হাঁহি – সপোনজ্যোতি ঠাকুৰৰ গল্প সংকলন - NEZINE's Podcast | Podcast on Spotify

 

Thursday, 16 July 2026

 নাৰীভাৱনা


তাতেই কমাই আছে দুৰাকাছজনীয়ে
সৌ গৰাটোত
নেদেখা নাওখনে তাইক এৰি থৈ কোবাই উজাই গৈছে
আকাশত এপাহ ঘন্টাকৰ্ণ
হালধি সানি জুই হৈ জ্বলিছে

পানীৰ তলত মাকৰ এটা সাধুকথা
বহুদিনৰ আগৰ কথা

তাৰপিছতে মাকে চাপৰিত উঠিছিল
এটা এটাকৈ বলিৰ তলত পাৰিছিল কণী

আৰু প্ৰকৃতিৰ নিয়ম মানি চলা সকলোবোৰ মূৰ্খ তিৰোতাৰ দৰে তাই পানীলৈ উভতি গৈছিল
কণী ফুটি পোহৰ‌ দেখিয়ে দুৰাপোৱালীজনীয়ে নদীলৈ বুলি
মেলিলে যিটোহে ঢাপলি

দিন‌ গ'ল মাহ গ'ল
পানীৰ‌ তলৰ সকলো দুৰাকাছৰ দৰে
তাইৰো এটি সাধুকথা হ'ল

তাৰপিছতে চাপৰিৰ বালিলৈ তাই মেলিলে ঢাপলি
বালিৰ তলত এটা এটাকৈ কণীবোৰ পুতি থাকোঁতে উণা-মূণাকৈ মনত পৰিল
বালি ফুটি চকু ফুটা তাহানিৰ বিৱৰণী
সেমাকা চাপৰি তাইৰ ওপজা ঘৰ

সেই ভাৱনাটোকে লৈ কণীবোৰ চাপৰিত এৰি আহি তাই নৈৰ গৰাত কমাই আছেহি
নেদেখা নাওখনে তাইক অকলে এৰি থৈ গুচি গৈছে
পৃথিৱীৰ সকলো মূৰ্খ তিৰোতাৰ দৰে তাই এতিয়া সোঁৱৰণিকাতৰ হ'ব
কোনখন আপোন ঘৰ - চাপৰি, নে নৈ

জানেনে তাই, নাৰীৰ নিজা ঘৰ নাই

 চাইক'ডেলিক গাৰ্ডেন আৰু টোপনি নহা ৰজা






+++
মহানগৰীৰ উৰণীয়া সেঁতুৰ খুটাত
আঠ হেজাৰ বৰ্গ মিটাৰৰ ভাৰ্টিকেল গাৰ্ডেন
অতূল্য, অভিনৱ, অনন্য
বাটৰুৱা গছবোৰ কটাৰ পিছৰ এই চাইক'ডেলিক গাৰ্ডেন
সেউজীয়া বগাই যায় লোহাৰ পিঞ্জৰাত
অভূতপূৰ্ব সেউজকৰণ
প্ৰশ্ন নকৰিবা সাংবাদিকগণ
লোহাৰ পিঞ্জৰাত
ৰজা সুৰক্ষিত ৰাজধৰ্ম সুৰক্ষিত
উৰণীয়া সেঁতুৰ খুটাত আজি কোনেও আঁকিব নোৱাৰে হাৰ্টথ্ৰবৰ ছবি

এইবুলি আশ্বস্ত হৈ মহানগৰ পৰিভ্ৰমণ কৰিবলৈ ওলাওঁতে
ৰজাই দেখিলে ওলমি থকা হাজাৰ হাজাৰ চকু

হাৰ্টথ্ৰবৰ জীৱন্ত চকুবোৰে
চাইক'ডেলিক গাৰ্ডেনৰ কৃত্ৰিম সেউজীয়াত
পিৰিকিয়াই আছে

দুৰ্ঘটনা আচলতে কেতিয়াবাই ঘটিছে
নিশা ৰজাৰ টোপনি নাহে

ক'ৰপৰা আনে ধৰি
টোপনিৰ এটা নিচুকণি