নাৰীভাৱনা
The Endless Soliloquy of a River স্বগতোক্তিৰ নৈ
Copyright- Ratna Bharali Talukdar. No part of any item may be reproduced, or utilized in any forms or by any means, electronic or mechanical, including photocopying, recording, or by any information storage and revival system, without prior permission of the blogger. Contact 94351-05414 e-mail ratnabharalitalukdar@gmail.com. The blogger has decided to donate body after death for the benefit of life saving medical research.
Thursday, 16 July 2026
চাইক'ডেলিক গাৰ্ডেন আৰু টোপনি নহা ৰজা
Friday, 3 July 2026
গমাৰ দৰাবিল, বিষণ্ণ কলহী, দোমুখাৰ অপ্ৰজননৰ শিহু
(উমেশ (মানসজ্যোতি) কলিতা আৰু কিশোৰ তালুকদাৰৰ কৰকমলত )
কান্দে অ', ব্যাধৰ ফান্দে পৰি,
কান্দে হৰিণী পহু
উদ্ধাৰ, উদ্ধাৰ, উদ্ধাৰ কৰি
হৰি
কি অ', নামানিলোঁ বাধা মঞি, কালে আছিল চাই
মোৰে মাংস মোৰে বৈৰী, ব্যাধে লৈয়া যাই হৰি
উদ্ধাৰ, উদ্ধাৰ, উদ্ধাৰ কৰি
হৰি
---
ঃজীৱনটো এটা সাধুকথাহে। তাকে বুজি পাংতে
আদবয়স গেল না! কি কৱ ঐ, বিলপিতি!পিতি হা!
বিলখনলৈ চাই গমাই আপোনমনে ক'লে। আজি তাৰ জন্মদিন।
কাল বেলা। অকস্মাতে
গমাই দেখিলে, আকাশ আৰু
বিলখন চুই থকা এটা পানীগছা। বয়স
অৱশ্যে তাৰ ভাটিৰফালে গৈছে।
কিন্তু এই পানীগছা! এই পানীগছা
গমাৰ অচিনাকি নহয়।
এনে ভাগ্য কাৰোবাৰ
হয়নে যে, জীৱনত একেটি জলাহৰ
বুকুতে দুবাৰকৈ পানীগছা দেখা
পায়!
বিলৰ গাতে লাগি থকা
চৰণীয়া পথাৰখনৰ এচোৱা ‘লজিষ্টিক পাৰ্ক'ৰ নামত বহিৰাগতক
গতাই দিবলৈ চৰকাৰৰ জাননী আহিছে। তাৰেই প্ৰতিবাদত
হৈছিল এক সভা। গমা তাৰেপৰাই
উভতিছিল। হঠাতে দেখিলে, সন্মুখত ৰে'লৰ লাইনটোত চিৎভলঙা খাই পৰি আছে তিলক। তিলক
চধৰী । স'ৰি
উছৱৰ জয়ঢোলৰ দৰে
দ্ৰাম হেন পেট। মুখত শুকাই
কৰ্কৰা মৰা বমি। চাৰিওফালে ভেনামাখি
উৰিছে, বমিত
পৰিছে। উশাহ আছেনে?
আছে। টকাৰ গৰমত
এবাৰ গাঁৱৰ বিয়াঘৰত
এটা চানা আপীৰ গাত হাত দি
অশ্লীল ইংগিত দিছিল সি। সেই
জগৰত গমাই তাৰ
মূৰত শিকলিৰে কোব বহুৱাইছিল। চৈধ্যটা
চিলাই পৰিছিল। দাগবোৰ আছেনে? আছে। দে হ'লি, ঠিকে আছে।
কোনোবাই মৰিবলৈকে টেঁটুলৈকে মদ
খুৱাই ৰে'লৰ লাইনত পেলাই
থৈ গৈছে হবপায়। নে, ধেঁকুৰাই নিজেই
কেনেবাকৈ ওলাইছেহি।
তাহানি প্ৰেমৰ খেলা খেলি
বাইআপীক বদনাম কৰি এৰি দিয়া তিলক।
চ ধৰী বংশৰ অহংকাৰ।
আশীৰ দশকত বিদেশী খেদা
আন্দোলনৰ শেষৰ ফালে সি
আছিল আন্দোলন কৰা নেতাৰ ধামাধৰা।
টকাৰ বলতে নেতাৰ কােষ কাষে ঘূৰিছিল। তেতিয়াই প্ৰেমৰ
জালত ফচাই লৈছিল জোনৰ পোহৰ
হেন বাইআপীক। পিছত
চৰকাৰ গঠন হোৱাত মন্ত্ৰীৰ আলধৰা হৈছিলগৈ। কলহীৰ বালিৰ মহলৰ মহলদাৰো হৈছিল। টকাৰ গৰমতে
বাইআপীক বিয়া নাপাতিলে। বদনামী কৰি
এৰি দিলে।
গমাই এতিয়া কি কৰে!
মানুহটো চাইডৰ দেখি মাটিত উঠাই থয়, নে ৰেলৰ চেঁপাত মৰিবলৈ এৰি দিয়ে। ইফালে-সিফালে চাওঁতে দেখিলে নহয়
বিলৰ বুকুৰ পানীগছাটো।
গমা। গমঠা। গোমোঠা।
ওৰফে ৰমেশ। ৰমেশ কলিতা। তেজগোৰা, ৰ'দঘাই মানুহ। হলহইলা মাত। তথাপি লোকে কয়- গমা।
বহু সময়ত গমাই নিজেও
শুনে ৰিণি ৰিণি
মাত,
ঃ সিয়াৰ গৃহেস্থী
ধ্বংস হৈ গেল। ধ্বংস হৈ গেল।
তেজগোৰা
মানুহটো হৈ উঠে গোমোঠা। গমঠা। গমা।
---
বহুদনিৰ আগৰ কথা। বয়স তাৰ সাত, কি আঠ। আগাদিনা পিতাকৰ শ্ৰাদ্ধ
হৈ গৈছে। ফিৰদিনা তাৰ জন্মদিন। অৱশ্যে
নিজৰ জন্মদিনটো সি পাহৰি গৈছিল।
পিতাক নোহোৱা উৰুঙা ঘৰখনত তাৰ জন্মদিনৰ
কথা কাৰো
মনত পৰা নাই। এনেয়েও জন্মদিন বুলি বিশেষ
একো পালন কৰা নহয়। মাকে ভগবানৰ সন্মুখত
এভাগ প্ৰসাদ দিয়ে। এয়ে জন্মদিন পালন।
বুজি উঠিছে গমাই-পিতাক নোহোৱা হ'লে জীৱন কিদৰে সলনি
হয়। এইকেইটা দিনতে সি গোমোঠা
হৈ উঠা
নাই জানো!মুখৰ মাত হেৰাই
গৈছে । বিয়লিৰ ফালে সি বিলৰ
পাৰ পালেহি। ৰামপুৰৰ
শান্তিপাৰাৰ গমাহঁতৰ জুপুৰিটোৰপৰা বিললৈ
কেইখোজমানৰ বাট। নিজানৰ বিল। ৰাঁই-ৰুই
নাই। বেলিয়ে আবেলিপৰা গধূলালৈ
লাহ দিবলৈ ওলাইছে। গাতে লাগি থকা
গো-চৰণীয়া পথাৰখনৰ গৰুবোৰ উভতিবৰ বেলা হৈছে।
এটা মায়াময় পৰিবেশ।
আমন-জিমনকৈ সি
বিললৈকে চাই আছিল। হঠাতে দেখিলে সেই
আচৰিত, অপাৰ্থিৱ দৃশ্য। বাৰিষাৰ বিল সাগৰৰ
দৰে হয়। লোকে বোলে, কাঁকৰাসাগৰ। সি দেখিলে তাৰেই একোণত পানীৰ এটা স্তম্ভ। নাৰিকল গছৰ গা-গছডালৰ দৰে,
বিলৰ সেউজীয়া আৰু কজলাৰ
মাজেৰে নিজৰ গাতে পাক মাৰি মাৰি উঠি গৈ আকাশ চুইছেগৈ।স্তম্ভটোক সন্মুখত লৈ লাহ দিবলৈ ওলোৱা পশ্চিমৰ
বেলিয়ে সানি দিছে হেঙুলীয়া
ৰং।
জলস্তম্ভটো বিলৰপৰা
আকাশলৈ উঠিছে, নে আকাশৰপৰা
বিললৈ নামি আহিছে! অপাৰ্থিৱ
কিবা এক অনুভুতিয়ে তাক জোকাৰি দিলে। স'ৰিৰ দিনাৰ
দধিমথন নাট মেলাওতে
বিলৰ পাৰত যি
অপৰূপ দৃশ্য হয়, তাতোকৈও ধুনীয়া। মাত
হেৰাল তাৰ। অজান ভয়, অচিন শিহৰণত পি
উঠিল। লৰ-চৰ কৰিবলৈও পাহৰি গ'ল। সন্মুখত সেইটো বাঁক, নে দ'তৰ
দৰে কিবা অশৰীৰী জীৱ? কাল হোৱা পিতাকৰ ভুত নেকি? তাক নিবলৈ আহিছে! পাছে, তাক বিস্ময়ত ডুবাই থাওকতে
নাইকীয়া হ'ল সেই জলজ স্তম্ভ।
নিজান বিলৰ পাৰ। নৰমনিচ
এটাও দেখিবলৈ নাই। সি যি দেখিলে, সেয়া অদ্ভূত। কিন্তু কথাটো
সি কাকো কব নোৱাৰিলে। আচলতে ধৰিবই নোৱাৰিলে, চকুৰ আগত কি দেখিছে-সপোন, নে
দিঠক। ভ্ৰম, নে সঁচা।
কাৰোবাক ক'লে জানো বিশ্বাস কৰিব!
মৃতকৰ কাজ-কৰ্ম কৰিবলৈ
সিহঁতে এবিঘা মাটিৰ তামোল-পাণৰ বাৰী এখন বন্ধকত থ’লে। চিকুণাই, পাণৰ গুৰিত মাটি জাপি
নিয়াৰিকৈ ৰখা তামোল-পাণৰ বাৰী। সাইধৰ বাৰীখন কিয়নো বন্ধকত থ’ব লাগে, সেই কথা
তাৰ মনলৈ আহিছে। কিন্তু প্ৰশ্ন কৰিবলৈ সি
শিকা নাই। পাছে বুজিছে- এই
বিশাল পৃথিৱীত বুকুৰ কথা কবলৈ
বিলখনৰ বাদে তাৰ কেও নাই।
হঠাতে মনত ভাৱ হ'ল ক্ষন্তেকতে দেখা দি ক্ষন্তেকতে নাইকীয়া হৈ যোৱা সেই দৃশ্যটো ভয়ৰ নহয়, শংকাৰো নহয়-কিবা যেন
এক কুশল-মংগলৰহে চিন। এটি
আশীৰ্বাদ। আজি তাৰ জন্মদিন।আজিৰ
দিনটোত বিলৰ বুকুত সেই দৃশ্যই কিয় দেখা দিলে!কথাটো মনলৈ অহাত সি
অনুভৱ কৰিলে এটি পুলক। শৈশৱৰ সৰল মনৰ
বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাত মনৰ শংকা তাৰ আঁতৰি গ'ল।
জন্মদিনৰ দিনা সৰুকৈ হলেও কিবা এটা ভাল
কাম কৰিব লাগিব- বুজা-নুবুজাতে তেনে এটা
পণ কৰিলে সি। কথাটো ভাবি কিবা
এটা ভাল লাগিল।
বিলখন গমাৰ সহচৰ হৈ উঠিল। মনত খু-দুৱনি লাগিলেই সি বিলৰ পাৰ
পায়হি। মুখৰ ভিতৰতে কয়,
ঃবিলপিতি। পিতি হা!
ঃঃঃ
পিতাক নোহোৱা হোৱাৰ মাথো দুটা সপ্তাহ পাৰ হৈছে। পিতাক কাল
হোৱাৰ দিনটো সি জানো পাহৰিব পাৰিব! আহাৰৰ
জাগল। আকাশত পৰ্বতৰ
দৰে মেঘ গজিছে । দুমদুমাই
গাজিছে। কেতিয়াবা কলহৰ কানে পানী ঢলাৰ দৰে বৰষুণ নামিছে। কেতিয়াবা কেৰেছীয়াকৈ এছাৰকণিৰ
দৰে বৰষুণ নামিছে। এছাৰকণিবোৰে কুঁৱলীৰ
চাদৰ এখন হৈ পৃথিৱী মেৰিয়াই ধৰিছে।
তাৰ বুকুতো এচপৰা ডাৱৰ। চাইকেলখন সাৰথি কৰি তামোল-পাণৰ
বেহা কৰি ফুৰা পিতাক বিছনাত। তামোল
পাৰিবলৈ গৈ ওপৰৰপৰা সৰি পৰি
মানুহটো আইধা। মানুহৰ ঘৰে ঘৰে তামোলৰ বাৰীৰ
এডাল গছ হাওলাই ওপৰতে সিডাললৈ বগাই
বাপেকে তামোলৰ খোকবোৰ কাটে। পাকৈত গছুৱৈ পিতাক। তথাপি আকাশতে এনেকৈ গছ
বগালে তাৰ জীৱ ওলাই যোৱা যেন লাগে।
পাচে সি যি ভয় কৰিছিল, সেয়াই হ'ল। ইডালৰপৰা সিডাললৈ বগাওতেই
এপাকত খামুচিব নোৱাৰি পিছল খাই মানুহটো ওপৰৰপৰা তললৈ সৰি পৰিল। মানুহে দাংকোলাকৈ
ধৰি আনি বিছনাত দিলেহি। হস্পিতালত
এসপ্তাহ থাকি আহিল। কিন্তু মানুহটোৱে আৰু
বিছনা এৰিব পৰা নাই। হাগা-মূতাও
বিছনাত।
তিনিমাহ ধৰি সৰুপিতাকৰ কান্ধতে পৰিয়ালটোৰ ভাৰ।খেতি নোহোৱাৰ
দিনত সৰুপিতাকেও সৰু-সুৰা বেহা কৰে। বাট-পথ সজা-চিকুণোৱাৰ কাম। আনৰ ঘৰত হাজিৰাৰ
কাম। হাতত যি পায়। উদং ভঁৰাল। বিলপাৰৰ পথাৰ
বাওধানলৈ সুচল। বাৰিষা পানী যিমানে
বাঢিব, বাওধানৰ গছ পানীৰ ওপৰলৈ উজাই আহিব। শইচ নমৰে।পাচে, ফচল কম। ছমাহ, কি চাৰিমাহ খাবলৈ জোৰে। বাকীখিনি
সময় পিতাক আৰু সৰুটো পিতাকৰ
বেহাখনেই সাৰথি। যৌথ পৰিয়াল।
একেটাই চৰু।খোৱাৰ মুখ বাৰখন। সময় বুজি মায়েক, সৰু মায়েকেও আনৰ ঘৰত কাম
কৰিবলৈ যায়। ৰোৱা পোতা।কঠিয়া তোলা।
ধান-চাউল জৰা। বিলপৰীয়া গাওঁবোৰৰ
অনেক তিৰোতাই আকালৰ দিনত
এনে কাম কৰে।
আগাদিনা গধূলাতে চজিনা পাতেদি সিজোৱা দালি-চাউলৰ খিচিাৰিৰ
এভাগ খাই সিহঁত দৰক লাগি আছে । কিবা এটা
হোৱাৰ উমান পাই পলিঅ' বেমাৰত ভোগা সৰুটো ভায়েকেও আজল-মথালি কৰা নাই। এনেই পলিঅ', তাতে তাৰ মুখৰ
মাতষাৰো নাই। বেঙা। মেলা মুখখনেৰে
আং-বাংকৈ চিঞৰি থাকে। চকীত বহিয়ে মাৰ্বল খেলায়। পাকৈত হাত তাৰ। এইকেইদিন হাতল
ছিগা কাঠৰ চকীখনতে বহি তাতেই
মূৰ্তি হৈ আছে। তাৰ তলত আৰু এটা ভায়েক।
জোনৰ পোহৰ হেন বাইআপীয়ে ঘৰৰ ইখন-সিখন কৰে,
স্কুলতো যায়।ককায়েকো হাইস্কুলত। পঢ়া-শুনা লৈয়ে ব্যস্ত।
পঢ়াত ভাল।
বেহা চলাই দুটকা
পালেই পিতাক-সৰুপিতাকে বজাৰৰ কম দৰৰ
আটা কিনি আনে। তাকেই
ভাজি নিমখ দিয়া চাহ, চাহ নাথাকিলে গৰম
পানী ঢালি সান্দহৰ দৰে খাই
সিহঁতে ভোক গুচায়। ভজা আটা পেটত
পৰি ওফন্দি উঠে। বহু সময়লৈ ভোকে আমনি নকৰে। পাচে, চজিনা পাতেদি সিজোৱা
দালি-চাউলৰ খিচিৰি খোৱাৰ
আধাঘণ্টাৰ ভিতৰতে পেটৰ কেঁচু-কুমটি ৰাক্ষস
হৈ উঠে। কিছুদিন ধৰি আটা
ভজা আৰু চজিনা পাতেদি সিজোৱা দালি-চাউলৰ খিচিৰি
ভাতেই সিহঁতৰ খাদ্য।
নিমাওমাও ঘৰ। সেই নীৰৱতাৰ মাজে মাজে বিছনাত পৰি থকা পিতাকৰ
কেঁকনি। অসহ্য বেদনা।অহয় পেটত ৰাক্ষসৰ দৰে
ভোক।হেন সময়তে আহি ওলাওক লগৰীয়া
পদ্দ। চুচুক-চামাককৈ আহি
মাতটো সৰু কৰি তাক ক'লেহি,
ঃদোমুখাত এটা শিহু
লত পচ্ছি। যাং চ' ৰমেশ। শিহু চাবা যাং।
জালত শিহু
পৰিছে/ চাবলৈ মন উত্ৰাৱল হ'ল। আজিলৈকে গোট এটা শিহু
সিহঁতে দেখা নাই। কিন্তু পিতাকক এৰি যাবলৈ সাহ হোৱা নাই। থোৰোঁগোৰোকৈ ক'লে,
ঃবৈৰহান দিছি দেখোঁ!
ঃবৈৰহানক ভয় কচ্ছা! থাক তেনে। মই যাং।'
হাতত সাৰে ভৰিত সাৰে আপাচ'লীৰ জুম এটা দৰাবিলৰ দোমুখা পালেহি। ককায়েক, বাইআপী আৰু বেঙা ঘৰত ৰ'ল। কিছুদিনৰপৰা বাইআপীক সকলোৱে নজৰতে ৰাখিছে। মায়েক, সৰু মায়েকৰো তীক্ষ্ণ নজৰ। বোলে, আপীৰ শান্তি
বিয়াৰ কাল হৈছে। জোনৰ পোহৰ হেন বাইআপীৰ
বুকুত বিলৰ এধানি চকে পখীৰ দৰে
লৰ-চৰ কৰে দুটি পখীগোট।
চেমিজৰ তলেৰে লৰ-চৰ কৰে । লাজতে মুচ-কচ দিয়া বায়েকলৈ সি আঁৰ চকুৰে
চায়। মায়েকে কয়,
ঃইস্কুলৰপেৰে পোনে আহি ঘৰত থাকবি আইহেৰে।
দোমুখা। বিলমুখ। নৈ আৰু বিলৰ মোহনা।
কলহী নৈখনে এইখিনিত ফেৰেঙণি এটা হৈ ভাঁজ লৈছে।কুকুৰমৰা, আমতলা, জীয়াকুৰ, এক নং ৰামপুৰ,
দুই নং ৰামপুৰৰ দৰে উখল-মাখল গাঁওবোৰ চুই যোৱা নৈ ইয়াত জঁয়াৰ।পাৰত
লানিকৈ বিয়াগোম জৰী, পাকৰি, আঁহতৰ গছ। আকাশলৈ যোৱা গছৰ ডালত
দেশৰমানে ৰজাশগুণ, পাতিশগুণৰ বাহা । তলত
শগুণজাকৰ বিষ্ঠা, বাহাৰ পৰা সৰি পৰা ঠাল-ঠেঙুলি,
পোৱালিক খুৱাবলৈ অনা মৰা জন্তুৰ মাংসৰ সৰি পৰা টুকুৰা। গছৰ ঠাল-ঠেঙুলি গোটাই, তাতে সেউজীয়া পাতেৰে সজাই শগুণে সাজে কণী দিয়াৰ বাহা। বিলৰ গাতে লাগি থকা
গো-চৰণীয়া পথাৰ শগুণমাখাৰ বিচৰণৰ থলী। বিলপৰীয়া গাওঁবোৰৰ ঘৰচীয়া
জীৱ-জন্তু মৰিলে তাৰেই এচুকত পেলোৱা হয়। মহাদেৱৰ জঁটাৰ দৰে গছৰ গুৰিৰ বিশাল একোডাল শিপা নৈৰ গৰাৰে তললৈ
সোমাই আহিছে।
সেই ফেৰেঙণিতে বিলমুখ। দোমুখা। বাৰিষা তালৈকে উজাই আহে
পানীৰ তলৰ বিচিত্ৰ, ৰহস্যময় জীৱকূল। এটা শিহুৰ
পৰিয়াল। ব্ৰহ্মপুত্ৰৰপৰা জলজলি নৈয়েদি কলহীলৈ মইচে-মগৰে ভুটুঙাই, টুপাই বুৰ মাৰি
উজাই আহে। দোমুখাৰ ফেৰেঙণিত খেলায়
যোৰ পতাৰ খেলা। বিলৰ মিঠা সোৱাদৰ অভগণ মইচেও তাতেই মেলায় যোৰ পতাৰ
মেলা। নৈ আৰু
বিলৰ মোহনাত উপচি পৰে
মিঠা-সোৱাদৰ মইচ। তাৰেই লোভত পোৱালি
দিবলৈ উজাই- ভুটুঙাই আহে। উশাহ
লবলৈ পিঠিখন উলিয়াই টুপাই বুৰ মৰাৰ
সময়তে চকা-মকাকৈ দেখা যায়। খৰালি নৈৰ পানী তৰাং হ'লে
ভটিয়াই নামি যাযগৈ।
দেখিলেগৈ সিহঁতে।
মাছমৰীয়াৰ জালত লগা এটি গোট শিহু । তাকে বেৰি-কুৰি মানুহৰ ভিৰ। বৰষুণলৈ কেৰেপ নকৰি শিহু চাবলৈ ওলাই আহিছে।
ভিৰ ফালি ল'ৰা-ছোৱালীৰ জাকটো আগুৱাই
গ'ল। জীৱনত
প্ৰথমবাৰলৈ সিহঁতে দেখিলে এটা জীয়া
শিহু। মাটিত পৰি ধৰফৰাই আছে। বাথানৰ ম'হৰ চানা হেন বৰণ। কুমীৰৰ দৰে দীঘল নাক। গোটোং। কোমল।
কৌতূহল দমাব নোৱৰি চুই দিলৈগৈ সি। গা জিকাৰ খাই
উঠিল।
ৰাইজে শিহুৰ মঙহ নাখায়। নবধেও। ব্ৰহ্মপুত্ৰৰ মাজপানীত মইচৰ
চিকাৰ কৰা বিহাৰী মাছুৱৈয়েহে শিহু বধে।
শিহুৰ তেল মালিচ কৰিলে শৰীৰৰ বিষ-কোপ মৰা যায় বুলি বজাৰত বেচিবলৈ আহে। সেই তেল
অৱশ্যে কিনি থয়। শিহুৰ
তেলেৰে বিহাৰী মাছুৱৈয়ে ডাঙৰ মাছ ধৰিবলৈ আটাৰ লগত
সানি টোপ বনায়।
কলহীৰ নৈপৰীয়া মাছুৱৈ, জাল-কেওটৰ সমাজখনে কয়, শিহু পানীৰ তলৰ দেও। যোৰ
পাতিবলৈ উজাই আহি
পানীৰ তলত পোৱালি দিয়া জীৱ। চকুৰে নেদেখা জীৱটোৱে পানীৰ
তলত ঢৌ তুলি সংকেত বিয়পাই
বিচাৰি পায় মইচৰ সন্ধান। কয় তেওঁলোকে,
ঃ শিহু মইচৰ দেখি বাট ধৰা মাছুৱৈৰ সখা। য'তে শিহু, ত'তে মইচ।
এতেকে, বধিবলৈ নাপায়।
গুণা-গঁথা কৰি জালত লগা অমাত জীৱটো পানীত
এৰি দিয়া হ'ল।সি নৈত বুৰ
মৰাৰ এলানি মিহি ঢৌ নৈতে মাৰ গ'ল।সেইফালে চাই সিহঁত উদাস হৈ পৰিল। নৈৰ ভটিয়নী সোঁত ঠেলি জলজলীয়েদি কলহীলৈ
উজাই আহিছে ব্ৰহ্মপুত্ৰৰ পানী। পৰ্বতলৈ বেহা কৰিবলৈ যোৱা বেপাৰীবোৰে কয়,
এনে জাগলত দক্ষিণৰ দিশে খাছিপৰ্বতৰ খ্ৰী, উম খ্ৰীছনিয়া আৰু দোৰুণ নিজৰাও ভৰুণ হৈ উঠে। এই তিনিটি পৰ্বতীয়া আগলী
নিজৰাৰ মোহনাতে কলহীৰ জনম।
নাচনী নিজৰা।উৰি
থকা গাতালাৰ দৰে দেও লগা
জলপ্ৰপাত হৈ উকিয়ামত থিয়কৈ তললৈ নামি একলগে কলহী
নাম লৈছে। শুভ্ৰ গাতালা। ত'ৰেপৰাই নৈ নামি অহাৰ বাটত
উপচি আছে বিশ্বাস আৰু
অবিশ্বাসৰ দোমোজাৰ পৰ্বতীয়া দেও, ভূত, যখিনীৰ ৰহস্যময় সাধু। বিলপাৰৰ
গাওঁবোৰৰ ল'ৰা-ছোৱালীয়ে পৰ্বতীয়া গোষ্ঠীৰ সতে
বেহা কৰা বেপাৰীৰ মুখে সেই সাধু
শুনে।
ভৈয়ামৰ চিনাকি দেও। পৰ্বতৰ খাছি-গাৰো- ৰাভা গোষ্ঠীৰ আচিনা
দেও। শূইনতে জুইৰ ধঁহা উলিয়াই পৰ্বতীয়া
যখিনীয়ে শূইনতে মইচ সেকি খায়। পৰ্বতৰ
টিঙৰপৰাই নৈ-নিজৰালৈ মেলি দিয়ে
লেঙুৰ-পেঙুৰ হাত । কত যে বিচিত্ৰ সামগ্ৰীৰ
বেহা কৰে বেপাৰীবোৰে! কল, তামোল, এৰী
লেটা, মুগা লেটা,
ঝাৰু, মনজিস্থা, যুনি শামুকৰ খোলাৰ গুৰা, টাটু ঘোঁৰা। ভাৱে সি-ডাঙৰ হ'লে সিও এই বেপাৰীবোৰৰ দৰেই পৰ্বতীয়া গোষ্ঠীৰ সতে বেহা কৰিব। কলহীয়ে
জন্ম পোৱা পৰ্বতীয়া আগলি নিজৰাকেইটা চাই আহিবগৈ। ৰ' লাগি
চাই ৰোৱা মানুহক কবহি পৰ্বতৰ দেওবোৰৰ
সাধু। ৰহস্যৰ সাধু।
উৰি থকা গাতালা হৈ থিয়কৈ নমা জলপ্ৰপাতকেইটাই কল্পনাৰ পাৰ
ভাঙে।ভাৱে, এটা সাধু কোৱা মানুহ হ'ব
সি। হলহইলা মাত তাৰ। ৰ'দঘাই, তেজগোৰা মানুহ। সাধু কব জানে ।
ভৈয়ামত চাইকেলত বোজাই তামোল-পাণৰ বেহা কৰা পিতাকৰ
হাতনি-পাচনি কৰিবলৈ গৈ সি দেখিছে কলহীৰ
বুকুলৈ বাট লোৱা নৈ-বিল-লেজাৰ বিচিত্ৰ, ৰহস্যময় জালিকা।
শিহু-মইচৰ সতে পানীৰ সোঁতত যোৰ পতা সাপ, বেং, কাছ, ঊদৰ
কেলি। শিহৰণ। মিৰ্জাৰ কাষেৰে সৌখন ৰাণী নৈ।বৈ আহি জগলীয়াত পৰিছে। পিতাকে কয়, পৰ্বতীয়া গোষ্ঠীয়ে তৈয়াৰ কৰা জুগুলি মদৰ মল উটি অহাৰপৰাই নৈৰ
জগলীয়া নাম। মিৰ্জাৰপৰা চানডুবিলৈ উজালে
বৰিহাটৰ সৰু হেৰামদৰ ফালে থকা সৌখন কাশী-গংগা
নৈ। তিলচা নাম লৈ কলহীতে
পৰিছে।পিতাকে কয়, মহাপুৰুষ মাধৱদেৱ গুৰুৱে কলহীৰপৰা এই নৈৰ বুকুৰেই উজাই
আহি উৰপোট সত্ৰত ভৰি থৈছিল।‘নৃসিংহ যাত্ৰা' নাট লিখি, নাট মেলাইছিল। প্ৰবাদ আছে, মাধৱ গুৰুৱে নিজেই নৃসিংহ অৱতাৰৰ
ভাও দিছিল। তাৰ দৰেই হলহইলা মাত পিতাকৰ।ৰ'দঘাই. তেজগোৰা
মানুহ। খোজ-কাটলত উলাহ। হাতনি-পাচনি কৰি
চাইকেলৰ পিছে পিছে খোজ দি তাৰ ভাগৰ নধৰে। কিছু দূৰৈত জগলীয়াই বহুৱা নৈক লগ পাইছে। দুয়োটি
নৈ লগ হৈ চানডুবিৰপৰা নাচি-বাগি নামি অহা
বাথা নৈত পৰিছেহি। ওপৰেদি কলহীৰ আৰু
এটি ধাৰা চানডুবিৰ ফালে গৈ কলহীতে
পৰিছে।
শিহুৰ পৰিয়ালটো নাচি-বাগি উজাই কেতিয়াবা বাথা নৈ কলহীত পৰাৰ
মোহনালৈ যায়গৈ। পাচে সিহঁতৰ যোৰ পতাৰ সুচল
ঠাই দৰাবিলৰ দোমুখা। পিতাকৰ মুখে এই বিচিত্ৰ
জল-জালিকাৰ সাধু শুনি অপাৰ কৌতূহলত
তাৰ মুখ মেল খাই যায়।ৰস লগাই
সমনীয়াক কয়হি পিতাকৰ চাইকেলৰ পিছে পিছে তাৰ বিচিত্ৰ ভ্ৰমণৰ সাধু। বিচিত্ৰ অভিজ্ঞতাৰ
তাৰ। পৰ্বতীয়া গোষ্ঠীৰ সতে বেহা
কৰা বেপাৰীতকৈও ৰস লগাই, ৰহণ চৰাই সাধু
কয় সি।
বিলৰ পূবলৈ অজগৰৰ পেটৰ দৰে সৌটো বিশাল লেজা। লেজাটোৱে উজাই
গৈ উপৰহালিয়েদি মিৰ্জা হৈ আজাৰাত দিপৰ
বিলক সংযোগ কৰাৰ ঠাইখিনি সি এতিয়াও দেখা নাই। পিতাকে কয়, লেজাটোও দিপৰ-দৰাবিলৰ মইচ
অহা-যোৱা কৰাৰ সুচল বাট। পিতাকে কথা দিছে তাক, চাইকেলত উঠাই
এদিন দিপৰ বিলখন দেখুৱাই আনিবগৈ।
জালত পৰা গোট শিহু চাবলৈ আহি বুকু মোচৰ খাই উঠে। ৰোগৰপৰা
উঠি পিতাকে চাইকেলত উঠাই তাক পৰ্বতৰ
নামনিৰ অময়াপুৰী হেন দিপৰ বিলখন দেখুৱাই আনিব পাৰিবনে?
অহয় পেটত ৰাক্ষস হেন ভোক। ভিতৰৰ কেঁচু-কুমটি ৰাক্ষস হৈ উঠে।
সহয় কান্দে বতৰে, কান্দে আকাশে। দৰাবিল তেতিয়াও
বিয়াধৰ ফান্দত পৰা হৰিণীৰ দৰে হোৱা নাই। মইচে-মগৰে, কাছই-শিহুৱে
নদন-বদন। পাচে গাতালা আৰু বুকুত মেখালা
পিন্ধা তিৰোতাজাকৰ চকু পিত-পিতাই ফুৰে
বিলৰ বুকুৰ দেশৰমানে যুনি শামুকৰ হাত। বাহা
আৰু ক'ত! কৰ্চন, দেওহাঁহ, বতাচৰাই, দলম'ৰা, ঘোগ, বগ, শেন, কনুৱাৰ দৰে বিধে বিধে আলহী আৰু
ঘৰুৱা চৰায়ে যুনি শামুক খাই ফুৰে। খাই উঠি
ইফালে-সিফালে খোলা এৰি যায়। তিৰোতাবোৰে সেই খোলা বুটলি
খলাত ভাজি গুড়া কৰি থয়। সেয়াই তামোল-পাণৰ সতে খোৱা চূণ। দক্ষিণ কামৰূপৰ
গাওঁবোৰত এয়ে চলে। পৰ্বতৰ গোষ্ঠীবোৰৰো আদৰৰ ভৈয়ামৰ যুনি শামুকৰ খোলা খলাত ভাজি গুড়ি কৰা চূণ।
শুভ্ৰ গাতালাৰে তিৰোতাজাকক দূৰৈৰপৰা বিলৰ বুকুত চৰি থকা
কৰ্চন পখীৰ দৰে লাগে। বিলৰ বুকুত বিলত
নামি সিহঁতে আওৰায় উলাহৰ
স'ৰি গীত,
“হৰি গুণ গায়া দধি মথতে লাগয়।
কৃষ্ণক খাৱক লাগি মন্থন কৰায়।”
কোনোজনীয়ে হয়তো
গো-চৰণীয়া পথাৰৰ স'ৰি
উছৱৰ দিনা ৰাইজৰ সাক্ষাততে বৰৰ ডিঙিত মালা পিন্ধায়ে সংসাৰ
কৰিছে। ব'হাগৰ ছয় দিনৰ দিনা দামোদৰীয়া নামঘৰৰ বিগ্ৰহ
উলিয়াই আনি গাওঁ ফুৰায় । গো-চৰণীয়া পথাৰত
মেলায় দধিমথন নাট। ৰাইজ উজাৰ খাই পৰে। এক সৰগীয়
পৰিবেশ। এয়াই স'ৰি উছৱ। স'ৰিৰ দিনাৰ সহজ দস্তুৰ বৰৰ ডিঙিত মালা দিয়াৰ প্ৰথা ।
কেতিয়াবা বৰ-কন্যাৰ মন খায়। পাচে
ঘৰত অমান্তি। তেতিয়া বুধি সাজি বিলপাৰৰ গো-চৰণীয়া পথাৰত স'ৰি উছৱৰ দিনা কইনাই ৰাইজক সাক্ষী কৰি বৰৰ ডিঙিত মালা দি দৰাবৰণ
কৰে। সেয়াই বিয়া।ৰাইজৰ আশীৰ্বদেই বল। ৰাইজৰ আশীৰ্বদতে উধাৰ।
দৰাবৰণৰ সেই দস্তুৰৰপৰাহে বিলৰ নাম দৰাবিল।
দৰাবিল। আদৰৰ বিলদৰা। মইচে-মগৰে শোভন। মাছ ধৰা উছৱৰ দিনা
নামনিৰ ছয়গাওঁ, বামুনগাওঁ, ৰজাপাৰা, বকোৰপৰা উজনিৰ বিজয়নগৰ, উপৰহালি, দখলা, বৰঙা, মিৰ্জালৈকে এই বিস্তীৰ্ণ ভূমিৰ মানুহে
জাকৈ-খালৈ-টঙিজাল লৈ বিলৰ বুকুলৈ নামে ।
সাধুৰ দৰে শুনে সিহঁতে বিলপাৰৰ জেজাৰবড়ি পামৰ গাতে লাগি থকা
তাহানিৰ ম'হৰ বাথানৰ
কথা। পঞ্চাছৰ ভূমিকম্পৰ আগলৈকে বিলৰ বুকুৰে বাৰ মাহে চলিছিল সাউদৰ বণিজৰ
নাও। ব্ৰহ্মপুত্ৰক তেতিয়াও মথাউৰিৰে
বন্ধা হোৱা নাই। বাৰিষা ভৰা নৈৰ পানী সোমাই দৰাবিল চঞ্চল হৈ
উঠে। এয়াই প্ৰবাদৰ কাঁকৰাসাগৰ।
সৌ ছয়গাঁও হৈছে পুৰাকথাৰ চম্পকনগৰ। তাৰেই
ৰজা লখিন্দৰৰ পুত্ৰ চান্দ সদাগৰ। সদাগৰে বণিজৰ
নাও বান্ধে টল-মল কাঁকৰাসাগৰত। উজনিলৈ আৰিমত্ত ৰজাই
খন্দোৱা ৰজাপুখুৰী। পদুমৰ ফুলেৰে গোলাপী হৈ
আজিও জকেমকাই থাকে। তাহানি বিলৰ
বুকুতো আছিল বাৰমাহে পানী। আছিল
তামবৰণীয়া নিকৰি। জাত জাত
পদুম।ভেঁটফুল। পানীত ওপঙি থকা বিচিত্ৰ
ফুলনি।
নভগণৰ কাল। উত্তৰপাৰৰ শ্ৰীহাটী সত্ৰখন শিচে সহিতে ইয়ালৈ উঠি
আহিল। সত্ৰৰ অধিকাৰৰ পূজা-অৰ্চনাৰ
মাটিৰ বাচন যোগাবলৈ ৰজাপুখুৰীৰ কোমল মাটিৰ পাৰত বহিল
কুমাৰসকল। খিদিৰপুখুৰীৰ কাষত মাছুৱৈসমাজ।
সত্ৰৰ হিচাপ-নিকাচ কৰা মজুমদাৰসকলো
এফালে বহিল। কলিতাসকল বহিল তাৰেই কাষত ।
এইভাগে বসতি হ'ল।সত্তৰৰ দশকত গুমি-পলাশবাৰীত মথাউৰি ছিঙি সেই মাটি উটুৱাই আনি ব্ৰহ্মপুত্ৰই দৰাবিলৰ বুকু
তৰাং কৰাৰ পিছতহে বিলৰ শোভা কিছু মোলান পৰিল। কূটৰ মাটিৰ তলত যুনি শামুক হেৰাই গ'ল। গাতালা আৰু বুকুত মেখালা পিন্ধি শামুকৰ খোলা বুটলি থকা
তিৰোতাজাকো দেখিবলৈ নোহোৱা হ'ল।
খিদিৰপুখুৰী সত্ৰ পাতিবলৈ অধিকাৰে পালে তিনি ঢোল মাটি।
সেইকালত জয়ঢোলত চাপৰ মাৰিয়ে
মাটিৰ হিচাপ। এটা অনুমান। এটা চাপৰ
মাৰে, যিমান দূৰ আৱাজ যায়, সেয়া এক ঢোল মাটি। সেই ঠাইলৈ গৈ আৰু এটা চাপৰ মাৰে, ত'ৰেপৰা য'লৈকে আৱাজ যায় ত'লৈকে আৰু এক ঢোল মাটি।এনেকৈয়ে সত্ৰই পালে তিনি ঢোল মাটি। সত্ৰক কেন্দ্ৰ
কৰিয়ে গঢ় ল'লে প্ৰভূ ৰামচন্দ্ৰই জিৰণি লোৱা বুলি প্ৰবাদ থকা
বৃহত্তৰ ৰামপুৰ ।
সপ্তাহৰ ছয়টা দিন পিতাকে গাঁৱে গাৱেঁ গছ বগাই তামোল পাৰি
ফুৰে। পাণো গোটায়। দেওবাৰে তাকেই বেহাবলৈ
যায়। তাতেই আদান-প্ৰদান হয় প্ৰবাদৰ
সাধুৰ। পৰ্বত আৰু ভৈয়ামৰ দেওবোৰৰ। কত সঁফুৰা খোল খায়। ঠুনুকা শৰীৰত কত শিহৰণে
উজনি-ভাটি কৰে। এটা সাধু কোৱা মানুহ হ'ব সি।
পিতাকৰ দৰেই হলহইলা মাত তাৰ। ৰ'দঘাই। তেজগোৰা মানুহ। সাধু কব
জানে ।
ঘৰত মৰণমুখী পিতাক। পেটৰ কেঁচু-কুমটিৰ ৰাক্ষসৰ দৰে ধৰফৰণি।
সন্মুখত উদ্দাম কলহী।উদ্দাম দৰাবিল। ফেনে -ফোটোকাৰে ওফন্দি উঠিছে নৈৰ আগলি
নিজৰা।উপনৈ। বিলমুখ।লেজা। নৈৰ পাৰৰ জৰী, পাকৰি, আঁহত গছ ডালে-পাতে দোঁ খাই
পৰিছে।এখন কজলা পৃথিৱী। দোপালপিতা ব'ৰষুণৰ টোপাল লোৰ কাটি
সেই পৃথিৱীৰ বুকুৰে কৰবালৈ ঢাপলি মেলিছে। তিতি-বুৰি, জুৰুলি-জুপুৰি হৈ আহাৰমাহতো হাড়ৰ ভিতৰলৈকে কঁপি উঠিছে সিহঁত।
হঠাতে শুনিলে, ঢপলিয়াই অহা কোনোবা এটাই তাক গেৰিয়াইছে-
ঃ ৰমেশ! অই ৰমেশ। পিতিয়েৰৰ কিবা এটা হৈছি।
সি ঘৰ পোৱালৈ পিতাক জীয়াই থকা নাছিল। আকাশে কান্দিছে। কান্দিছে বতাহে। পিতাকৰ নিথৰ দেহাটোলৈ চাই তাৰ চকুৰে পানী নোলাল। সন্মুখত মায়েক, বাই আপী, বেঙা, সৰুটো ভায়েক।
কিতাপৰ পাততে মজি থাকিবলৈ ভালপোৱা
ককায়েক। আৰু সৰুপিতিয়েকৰ অভাৱী সংসাৰখন। সি যেন মুহূৰ্ততে ডাঙৰ হৈ গ'ল।মনত পৰিল- ‘ফটকা আনবা লাগে।' পাতি ফটকা। চাইকেলখন লৈ সি
ৰামপুৰৰ বজাৰলৈ ঢাপলি মেলিলে। কোনে জানো
পইচা হাতত তুলি দিলে, সেই কথা আৰু তাৰ মনত নাথাকিল। দক্ষিণ
কামৰূপৰ এই ৰামপুৰ এলেকাৰ ঘৰত কোনোবা হানি
হ'লে পাতি- ফটকা ফুটোৱাৰ দস্তুৰ । ফটকাৰ শব্দতে গঞাই উমান
পায়-মানুহ হানি হৈছে। নিজান গাৱঁত
পাতি-ফটকাৰ আৱাজ জয়ঢোলৰ আৱাজৰ দৰেই বিয়পি যায়। গিয়াতি-ভাগি উধাৰ কৰিবলৈ চাপি-কুচি
আহে।
তামোল-পাণৰ বাৰীখন বন্ধকত থৈ পিতাকৰ কাজ-কৰ্ম কৰি টকলা
মূৰটো লৈ যিদিনা সি বিলৰ পাৰ পালেহি, সেইদিনালৈকে বৰষুণ সামান্য থামিছে। চৰণীয়া পথাৰখনৰ গৰু-ম'হে গৰাকীৰ ঘৰ বিচাৰি
আপোনমনে উভতিবলৈ লৈছে। বিলৰ পাৰত কেও নাই। তাতেই দেখিলে সি সেই অপাৰ্থিৱ,
মহাজাগতিক দৃশ্য।
বহু কষ্টে মিৰ্জাৰ দক্ষিণ কামৰূপ কলেজত অসমীয়াত মেজৰ
লৈ পঢ়িবলৈ যাওতেহে সি বুজিলেগৈ
সেই মগাজগতিক পৰিঘটনাৰ গুঢ়াৰ্থ। সি যি
দেখিছিল, সেয়া আাছিল এটি পানীগছা। সৰগীয় নহয়। প্ৰকৃতিৰ এটি বিৰল, মনোৰম পৰিঘটনাহে মাথো।
---
যৌথপৰিয়াল ভাঙি আলাগ হৈ
নতুন ভিঠাত ঘৰ-বাৰী কৰাৰো বহু কাল পাৰ হোৱাৰ পিছত
যিদিনা সি মায়েকক বাৰীৰ চুকৰ বাঁহগছজোপাত
ওলমি থকা দেখিলে- সেইদিনা তাৰ
মূৰত আকাশখন ভাঙি পৰিছিল। ‘মাই
ঐ, কি কৰিলি ঐ'- বুলি গমাই বাঁহজোপাকে
সাৱটি ধৰিলেগৈ।
তেতিয়া ককায়েক চাকৰিসূত্ৰে
নামৰূপত। আন্দোলনৰ পালিনেতাৰ ধামাধৰা তিলক চধৰী দিচপুৰৰ মন্ত্ৰীৰ
আলধৰা। বালিৰ মহলদাৰ। টকাৰ গৰমত সি বাইআপীক এৰি দিলে। জোনৰ পোহৰ হেন বাইআপীৰ আলাই-বিলাই হ'ল। বদনামো ওলাল। তথাপি গমাহঁতে বহু
চেষ্টা কৰি বায়েকক বিয়া দি উলিয়াই দিছিল। বিয়াৰ
কিছুদিনৰ পিছতে কাল হ'ল বেঙাৰ।
বাঁহৰ চেঁপত ওলমি
থকা মাকক সন্মুখত লৈ গমাই
নিজলৈ উভতি চালে।
ককায়েকে উজনিৰ ছোৱালী বিয়া
পাতিছে। উজনিৰ ৰাংঢালি
Îবৗৱেক । বিয়াৰ পিছতে ঘৰৰ
সতে সম্পৰ্ক ছিঙি দিলে। গমা নিৰূপায়তে পৰিল। ঘৰত
মাক অকলশৰীয়া। সৰুটো ভায়েক
গুৱাহাটীলৈ ওলাই গৈছিল
তামোলৰ বেপাৰত। ভাযেেþক মেট্ৰিক দি
উঠিছে মাথোঁ। গমা
সাতপখলী হাইস্কুলৰ ডেৰশটকীয়া দৰমহাৰ মাষ্টৰ। চাইকেলত
পেডেল মাৰি মাৰি মাষ্টৰৰ চাকৰি
কৰে। অস্থায়ী চাকৰি। স্কুলত
চিংৰা-গজাৰে কেতিয়াবা একাপ
চাহ খাবলৈ পায়। টকাৰ জোৰা মৰি
নাহে। চাইকেলৰ চকা ফুটিলে
পেচ মাৰিবলৈও টকাৰ নাটনি ।
জোৰা মাৰিবলৈ সাতটামান টিউচনো কৰে।
অসমীয়াত মেজৰ লৈ বি এ পাচ পঢ়ি থকাৰ
সময়তে সৰুকালত সাধু
কবলৈ হেঁপাহ কৰা তাৰ মনটোৱে
খোলা ভাঙিলে। ক’ব বুলি ভাবি থকা কাহিনীবোৰেই
লিখিত ৰূপত ওলাই আহিল। কবিতা, গল্প লিখি কলেজৰ
ৰোমাণ্টিকসকলৰ মাজতে শাৰী পূৰাই সি ফাইনেলত নম্বৰ পালে ছাপন্ন শতাংশ। পাচে অনেক
চেষ্টা কৰিও তেতিয়ালৈকে এম এত নাম লগাবলৈ টকা-পইচা গোটাব পৰা নাই
।
প্ৰতি বাৰিষা জলজলীয়েদি কলহীৰ বুকুলৈ ব্ৰহ্মপুত্ৰৰ পানী সোমায়।উজনিৰ খ্ৰী, উম খ্ৰীছনিয়া আৰু দোৰুণ
জলপ্ৰপাতৰ ভটিয়নী ঢলে কলহীক মতলীয়া
কৰে। উজাই আহে শিহু। যোৰ পাতে।নৈ-উপনৈ-বিল-লেজাৰ বিচিত্ৰ জালিকাখনে গমাক শিহৰিত কৰি তোলে। পাছে, সময় সলনি হয়। কলহীৰ মৎস্যজীৱি সমাজখনে এতিয়া মইছ ধৰিবলৈ এৰি ঘাইকৈ নাও লৈ কলহীৰ এবুকু পানীত নামি বালি তুলিবলৈ
আৰম্ভ কৰিছে। পঁয়ত্ৰিশ কিল'মিটাৰ নিলগত অথালি-পথালিকৈ বাঢিছে
কংক্ৰিটৰ গুৱাহাটী। কলহীৰ বালিৰ কদৰ বাঢ়িছে তাত।
সোঁতাল নদীৰ মাজ বুকুত নাও ৰখাই, একোটা বাল্টিৰে বালি তুলি সিহঁতে
নাৱত ভৰায়।এনাও বালি তুলিবলৈ সময় লাগে এবেলা।
সপোনে খেদা মানুহ। দুবেলা বালি তুলিব পাৰিলে দৈনিক এহেজাৰ টকাৰ উপাৰ্জন। পাৰত
বালিৰ মহল। নাৱৰপৰা বালি তুলি মহলত
নমাই দিবগৈ লাগে। দিনটো জুৰি নিমাতে-নিৰলে বালি তোলে মানুহবোৰে। শৰীৰৰ বিন্দু বিন্দু শক্তি যেন তাতেই খেদায়। গধূলাৰপৰাহে নৈৰ
পাৰ খদমদমাই উঠে। মহলদাৰৰ
ট্ৰাকে বালি বোজাই
কৰি গুৱাহাটীলৈ লৈ যায়।
হুলস্থুল,গাড়ীৰ হৰ্ণৰ শব্দ,
লাইটৰ পোহৰত জৰী, পাকৰি আৰু আঁহতৰ
ডালৰ ৰজাশগুণ, পাতি
শগুণবোৰ ক'লৈ গুচি গ'ল?
কোনেও নাজানিলে।
মাছমৰীয়া সমাজখনে বালি তুলি গোট গোট পইচা পোৱা দেখি হায়াৰ
চেকেণ্ডেৰী পাচ কৰাৰ পিছতে গমায়ো কৰি
চাইছিলগৈ সেই কাম। নাৱৰপৰা নামি এবুকু পানীলৈ গৈ কোৰ এখনেৰে পানীৰ তলৰপৰাই বালি
তুলি বাল্টিত ভৰায়। সেই বালি ভৰ্তি বাল্টি পানীৰপৰা উঠাই নাৱত
থঁওতে বুকুৰ কামিহাড় ভাঙি যাব খোজে।
ঘণ্টাৰ পিছত ঘণ্টা পানীত সোমাই থকাৰ পিছত পানীৰ
বীজলে শৰীৰত জোলা ফুটায়। পানীৰপৰা উঠিলেই খজুৱতি। শৰীৰত অসহ্য বিষ।
সেই কাম সি কৰিব
নোৱাৰিলে। বালি তোলা মৎস্যজীৱি সমাজৰ
মতগজ মানুহবোৰৰ আয়ুস
সোনকালেই টুটে। তথাপি গোট গোট টকাৰ
লোভত মানুহ নৈলৈ নামে। চকুৰ আগতে
মৎস্যজীৱি সমাজৰ পৰিয়ালবোৰৰ উপাৰ্জনকাৰী
পুৰুষবোৰ মৰি নোহোৱা
হ'ল। বাঢ়ি আহিল
বালিৰ মহলদাৰৰ প্ৰতাপ। নামনিত ছয়গাওঁ সাজি- কাচি
উঠিল। উজনিৰ বিজয়নগৰত বহিবলৈ লোৱা বহিৰাগত বেপাৰী গোঁজেই গজালি
হ'ল। নানা
চক্ৰান্তত মতগজ মতাবোৰ মৰি
নোহোৱা হোৱা মৎস্যজীৱি
পৰিয়ালৰ মাটি-বাৰী বাঁৰী-বিধবাৰ
হাতৰপৰা বালিৰ মহলদাৰ, বহিৰাগত বেপাৰীৰ খলাতে সোমালগৈ।
বি এ পৰীক্ষা দি মাক আৰু ভায়েকক এৰি গমাই নিজাকৈ গণেশগুৰিৰ
গাহৰি কটা চ'কতে তামোল-পাণ, পাচলিৰ দোকান এখন দি সি
গুৱাহাটীত সংস্থাপিত হ'বলৈ ওলাই আহিল। কেনেবাকৈ এম এ-ত নাম লগাই লোৱাও ইচ্ছা। ৰামপুৰৰপৰা পাচলি বোজাই কৰি বাচত তুলি গণেশগুৰিলৈ নি বেহা কৰা মুখৰ কথা নহয়। ৰ'দে-বৰষুণে গেলি-পচি পাচলি নষ্ট হয়। তামোলৰ বেপাৰত অৱশ্যে পোণত দহ টকা হলেও
লাভ।
টকাৰ জোৰা মাৰিবলৈকে সমনীয়াৰ লগত পৰি এদিন পল্টনবজাৰৰ হোটেলত
ৱে'ইটাৰ কাম কৰিবলৈ
গ'ল। এটা মাহিলী দৰমহা পাব। পাছে, তাতো লাগিল
লেঠা। সমনীয়াৰ পৰামৰ্শমতে সি নিজকে
মেট্ৰিক ফে'ইল বুলি
ক'লে, কিন্তু কোনেও তাক বিশ্বাস নকৰে।
তালৈ পোন্দোৱাকৈ চোৱা লগৰ আনকেইটা ৱেইটাৰþক সি
কৈছিল-
ঃ মই আণ্ডাৰ মেট্ৰিক দে, কাম কৰবা আইহছোঁ।
কিন্তু সিহঁতে পোনেচাটেই ক'লে,
ঃ আপুনি আণ্ডাৰ মেট্ৰিক নহয়।
ঃ এহ। হয় দে।
দিনৰ কামৰ শেষত নিশা ভাত খাই উঠাৰ পিছতে সিহঁতে আকৌ ক'লে,
ঃ পঢ়া-শুনা কৰ্চ্ছা। এতে মৰবা আইহছা।
ঃ এহ নাই। পঢ়া নাই।
অলপ চকুপানীও ওলাব খোজে গমাৰ । মালিক আছিল ভদ্ৰ মানুহ।
ফিৰদিনা গমাক মাতি মালিকে ক'লে,
ঃহেৰি কৰক ।ওহ। কালিক গেলি আহিব।এইটলৈকে পঢ়া কাগজখিনি লৈ
আহিব। আজি যাওক।ঘৰোক যাওক।'
গমা বুৰ্বক হৈ গ'ল।
ঃঘৰক যাবা লাগে। পাছে, ভাৰাটো মোৰ তাতেটো নাই।
ঃ অপোনাৰ অসুবিধা হ'ব। আমাৰ একো অসুবিধা নহয়।
আমি বুজি পাওঁ।
আপুনি পিছত আহিব। ভাৰাতো লৈ যাওক। ডকুমেণ্টখিনি লৈ আহিব। ক্লাছ এইটক গেলি
পঢ়াহে। কালি নাহা নাই। পিছত লৈ আহিব।'
ইমান সুন্দৰকৈ
ইংগিতেৰে নাকচ কৰাৰ পিছত ক'ত আৰু তাত কাম কৰা যায়!
সি লাচিতনগৰৰ এটা
প্ৰেছত সাতশ টকাৰ দৰমহাত কামত সোমাল। তাতেও মেট্ৰিক পাচ বুলি চিনাকি দিলে। সিফালে
গণেশগুৰিৰ পাচলিৰ বেপাৰ,তামোল-পাণৰ বেপাৰ চেগা-চোৰোকাকৈ চলি
থাকিল।সেই চাকৰিত গমাই আগষ্ট মাহৰ গৰমত পঞ্চাশখন
কেচ মেম'ৰ বহী ফেন্সিবজাৰৰ শাৰী ফেশ্বনৰপৰা মূৰত
তুলি কঢ়িয়াই লাচিতনগৰলৈকে খোজ কাঢ়িছিল।
শনিবাৰ। গমাই প্ৰথম
দৰমহা পালে। দৰমহা পাই মন উগুল-থুগুল।
গণেশগুৰিৰ নয়নপুৰত থকা ৰামপুৰৰেই
পুলিন দাসৰ ঘৰত ৰুম ভাৰা হিচাপে দুশ টকা
দিব, খাটখনৰ ভাৰা
পঞ্চাশ টকা দিব। বাকীখিনি টকা সি মাকক
দিবগৈ। এইবুলি পোনে লাচিতনগৰত বাচত উঠি গণেশগুৰিত গাড়ীৰপৰা
নামি ভাবিলে- অলপ চাহ খোাৱা যাওক।চাহৰ দোকানত পইচা দিবলৈ গৈ দেখ পকেট
উদং। পইচা!
দৰমহাৰ পইচাকেইটা
নাথাকিব লাগে!বাচত কোনোবাই
পকেট মাৰি দিছে। চালা জীৱন! চকুপানী ওলাল তাৰ। ভাৰাঘৰৰ মালিক ক'লেগৈ। পুলিন দাস গৰগৰাই উঠিল।
ঃ এহ। অধিকা
মাথা মাৰি আছা। বুৰ্বক তই।কিহৰ
কান্দবা লাগে। শিকিলি তই!শিকিলি। ইবাৰতো
শিকিলি তই। আমি জীৱনত কত ধঁহা ধঁহা দেখছোঁ। ক'ৰ ঢৌ ক'ত মিলে আছোঁ। বাদ দি।'
এইবুলি ঘৰৰ কাষতে
থকা গমাই বাকী খোৱা গেলামালৰ দোকানীক ক'লে,
ঃএই কইলতা, এওঁৰ বাকী অহা মাহৰ বাবেও
দিবি। দৰমহাকেইটা পকেট মাচ্ছে।'
ঃ হ'ব দে, আপুনি কৈছে যেতিয়া দিম দে।'
মাই চাহপাতৰ বেপাৰ এখনো আৰম্ভ কৰি দিলে। ভঙাগড়ৰ
ৰাহুল আলী ডাঙৰ ব্যৱসায়ী। চাহপাতৰ ডাঙৰ ব্যৱসায় আছে। তেওঁৰপৰাই বাকীকৈ চাহপাত আনি ৰামপুৰৰ দোকানে দোকানে দি ভালেই
লাভ কৰিলে সি। এইফালে পাচলি, তামোল লৈ যায়। সিপালৰপৰা
চাহপাত আহে। তেনেতে এদিন খবৰ পালে- সাতপখলী হাইস্কুলত মাষ্টৰৰ
চাকৰিৰ সাক্ষাতকাৰ হ'ব। সেই চাকৰি পালে সি। ডেৰশ টকাৰ দৰমহাৰ অস্থায়ী চাকৰি।
সিদিনা হাইস্কুলৰপৰা
ক্লাছ কৰি বাহিৰ বাহিৰে গৈ সেইদিনা ৰজাপুখুৰীৰ
পাৰৰ কুমাৰৰ গাৱঁত বিয়া
এখন খাই ঘৰলৈ উভতিছিল মাথোন। তেতিয়াই দেখিলে সেই বীভৎস দৃশ্য।
বাঁহৰ চুপাত ওলমি থকা মায়েকৰ দেহা।
ঃ আমি সমাজত
ষ্টেণ্ড হৈ থাকবা খোজোঁ। থিয়া দি থাকবা খোঁজো। কি কাম ক'ল্লি ঐ মাই!দুদিন ধৈৰ্য ধৰ্বা
নল্লি!
মাক আপোনঘাতী
হোৱাৰ ঘটনাই সমাজত মানে-সন্মানে থিয় দি থাকিব খোজাৰ হেঁপাহ যেন
মষিমূৰ কৰি দিলে। গমাৰ চিঞৰত আহি গোট খোৱা কেইটিমানে লগৰীয়াই শৱ নমালে। বাৰে বাৰে সি মায়েকক সাৱটা মাৰি
ধৰিছিল। চেঁচা। আকাল, যাতনা, অপমানত শুকাই যোৱা এটা জঁকা। এইটো দেহাৰেই মানুহজনীয়ে ওৰে জীৱন নিমাতে-নিৰলে বেঙাৰ মতগজ শৰীৰ টনা-আঁজোৰা
কৰিছিল। ঘৰ-সংসাৰ চম্ভালি আছিল। গমাৰ চিঞৰত গগণ বিদাৰিল।
ঃ মাই ঐ!বাইআপীৰ কথা কৈ
কুনবা মন্নাত মাৰাই বুকুত কামাৰ দিলা নেকি ঐ! সমাজত এনে
ধেঁকুৰাৰ অভাৱ নাই।
পিতাক মৰাৰ
সময়ত চাইকেল লৈ দৌৰাৰ দৰে পাতি-ফটকা আনিবলৈ যোৱাৰ দৰকাৰ
নপৰিল। ৰাইজো বৰকৈ চাপি-কুচি
নাহিল। যিকেইটা ডেকা ল'ৰা আহিল, সিহঁতে শুকাই
টেটেৰা মৰা মাকৰ শৰীৰটো বাঁহগছত
ওলমি থকা দেখি কৈছিল,
ঃ হা! অলমি
থাকা পখীৰ বাহা হান হৈছি।
ঃ সিয়াৰ
গৃহেস্থী ধ্বংস হৈ গেল।
ঃ সাধা আপীটোৰ বুকুত চধৰী অলপ কামাৰ দিলানা।
তেনেই কম সময়তে
শুকান দেহা অগ্নিৰ মাজেৰে বিলীন হৈ গ'ল। পিতাক মৰাৰ পিছত গোমোঠা হৈ পৰা গমা এইবাৰ চুপ হৈ গ'ল। পিতাক মৰাৰ পিছত
সৰুপিতাকৰ ওপৰতে ঘৰৰ সমস্ত দায়িত্ব পৰিছিল । লাহেকৈ সৰুপিতাকৰ পৰিয়ালটোৱে বাৰীৰ আনটে া কোণত এটা
খেৰী ঘৰ বনালে। সেয়াই আৰম্ভণি আলাগ
হোৱাৰ। পিতাৰ মৰাৰ অজুহাততে বাইআপীৰো
ধুৱেনি পতা ন'হল। গা ধুুৱাই থৈ
দিলে।
হাইস্কুলৰ
তলৰ শ্ৰেণীত থাকোঁতেই এদিন স্কুলৰপৰা আহি
গমাই শুনিলে, ঘৰত চৰুক লৈ কাজিয়া। খঙৰ ভমকত সিদিনা
ভাতৰ চৰু পাকঘৰৰপৰা উলিয়াই
আনি সি চোতালত দলিয়াই দিছিল।
নিশা ভাত- পানী নোখোৱাকৈয়ে সকলোৱে বিছনালৈ গ'ল। ফিৰদিনা পুৱা একেলগে ভাত খালে যদিও
স্কুলৰপৰা আহি দেখে একেই নাটক। ইবাৰ সৰুটো পিতাকে ক'লে,
ঃ তহঁতে হেৰি
কৰ। বেলেগে খা। মই সহায় কৰিম দে। সৰুটো
মিয়াৰক দেখচ্ছানা?
সৰুপিতাকৰ মুখে
সেই কথা শুনি সিদিনা গমাই বিলৰ পাৰ পালেহি । বিলখনকে ওজৰ দিলে সি,
ঃআমি ষ্টেণ্ড
হৈ থাকবা খোজোঁ। সমাজে ষ্টেণ্ড হৈ থাকবা নেদেই ঐ, বিলপিতি!
চৰু আলাগ হ'ল। সৰু পিতাকৰো উপায় নাই। অলপীয়া উপাৰ্জন। তথাপি দেখুৱাই- লুকুৱাই গমাহঁতৰ বাবে
আটাই হওক, পইচায়ে হওক, চাউলেই হওক কিনি দি খেদায়। পিতাক ঢুকুৱাৰ পিছত ককায়েকৰ
সৈতে লগ হৈ সি সৰুকৈ হলেও তামোলৰ বেপাৰ
কৰি গ'ল, পঢ়া-শুনাও চলাই গ'ল।
সেইবাৰ সি
এইটলৈ উঠিছিল। তেনেতে খবৰ পালে ককায়েকে চাকৰি পাইছে। চি আই এচ এফ-ত। গোপনেই
সাক্ষাতকাৰ দিছিল বোলে। একেবাৰতে
পাচ। পঢ়াৰ হেঁপাহ আধাতে সামৰি ককায়েকে
নামৰূপৰ সাৰ কাৰখানাত চি আই এচ
এফৰ চাকৰি কৰিবলৈ ওলাল।
এটা সাংঘাটিক কাম কৰি দিলে সি ।
হঠাতে ঘৰখন পোহৰ হৈ উঠিল।
ককায়েকে গমাকো ক'লে,
ঃহেৰি কৰ। বেপাৰ-সমাৰ থ।
তই অলপ টিউচন কৰা কৰ। আপীক বিয়া
দিবা লাগে। চধৰীৰ সতে
প্ৰেমৰ খেলাখন দেখচ্ছানা?
আন্দোলন শেষ
হৈছে। নতুন চৰকাৰত স্থানীয় বিধায়ক
শিক্ষামন্ত্ৰী হৈছে। পিতৃভিঠা এৰি গমাহঁতৰ পৰিয়ালটো নতুন ভিঠালৈ আহিল। পুৰণি ভিঠাত থাকিল সৰুটো
পিতাকৰ পৰিয়াল। তিলক চধৰী
মন্ত্ৰীৰ লেমটৌ হৈ উঠিল। জোনৰ
পোহৰ হেন বাই আপী। সাধা।
সপোন দেখি আছিল। হ'বলগীয়া লালাþকে পাচে মন্ত্ৰীৰ লেমটৌ হৈ বায়েকক
পাহৰি গ'ল। বহু চেষ্টা কৰি
মাটি-বাৰী বন্ধকত থৈ তাইক
বেলেগ এটা ল'ৰালৈ বিয়া দিয়া হ'ল। বেঙা ঢুকুৱাৰ পিছতে ককায়েকে
বিয়া পাতিলে। উজনিৰ ৰাংঢালী বৌৱেকে সম্পৰ্ক ৰাখিব নিবিচাৰে। বিপদে-আপদে
ককায়েক ৰপৰা পোৱা সহায় বন্ধ
হৈ গ'ল। সৰুটো ভায়েকৰ
ঘৰতে থৈ গমা জীৱিকাৰ সন্ধানতে গুৱাহাটীলৈ
ওলাইছিল।
সৰুৰেপৰা
যুদ্ধ দিছে সি। ভাবিব নোৱাৰা যুদ্ধ দিছে ।ঘৰখন ষ্টেণ্ড হৈ
থাকক। সমাজত সিহঁতে থিয় দি
থাকক। ক'ত ভুল হৈ গ'ল? কি দুখে খাইছিল মায়েকৰ বুকু? বিলৰ বুকুৰ কাঁকৰাৰ দৰে!
ঃ কি কাম কল্লি
ঐ মাই!
গা চেঁচা পৰি
আহে । প্ৰায়েই মাজৰাতি সাৰ পাই চিঞৰা যায়।
এটা সপোন। চেঁচা শৰীৰ এটা। সি সাৱটা মাৰি
ধৰিছে। সন্মুখত মায়েক। টোপনি আনিবলৈ খুব
গোপনে সি মদ খোৱাৰ
অভ্যাস কৰিলে। পাচে, মদে সকাহ দিলে এদিন বা দুদিন। টোপনি
নাহে। কি কৰা যায়!
হঠাতে কিবা এটা মনলৈ আহিল
তাৰ। বহীখন টানি
আনি লিখি গ'ল কাহিনী। প্ৰথমবাৰলৈ সি
গভীৰবাৱে কিবা এটা লিখিবলৈ ধৰিলে। লাহে লাহে
অশান্ত মন শান্ত
হৈ আাহিল। গমাই লিখি উলিয়ালে তাৰ জীৱনৰ গাথা-‘কলংক'।
সাতপখলী হাইস্কুলৰ
কাম এৰি সি চাহপাতৰ ব্যৱসায়তে
মন ঢালি দি পঢ়াৰ ফালে
মন দিলে। ঘৰৰ দুয়োখন
বিয়া লগ লাগি পোন্ধৰবিঘা খেতিৰ
মাটিয়ে বন্ধকত গ'ল। পিতাক ঢুকাওতে গৈছিল তামোল-পাণৰ
বাৰীখন। সেই সময়ত বাৰীখন বন্ধকত লওতা
মানুহ পোৱাই টান আছিল। ঘৰে ঘৰে আকাল।
পাচে, মাজপথাৰৰ খেতিৰ মাটি
বন্ধকত দিবলৈ ওলোৱাৰ কুৰুং- কাৰাং শুনিয়ে
ঘৰ ওলাইছিলহি বিজয়নগৰত খুটি পুতি বহা বহিৰাগত বণিয়া। জৈন উপাধিৰ বণিয়াই ভবাতকৈও
তিনিগুণ বেছি ধন
দিবলৈ ওলাইছিল। সি দিবলৈ ওলোৱা
মাটিৰ দাম শুনিয়ে ভয়
খালে গমাই। এটা বোধৰ
উদয় হ'ল মনত। জৈন উপাধিৰ বহিৰাগতৰ হাতত সি মাটি বন্ধকী নিদিলে।
কলহী নদীৰ
পাৰৰ মাছমৰীয়া সমাজৰ মাটি -বাৰী
হাত কৰি সাং হোৱাৰ পিছত বণিয়াৰ
জাকটো এইফালে উজাই আহিছে। বিজয়নগৰত খুঁটি পুতি বহা বহিৰাগতৰ
জেপত সোমাই পৰিছে
সমস্ত এলেকাৰ মাটি। কৃষকৰ পৰিয়ালবোৰক
তিনিগুণমাণ অধিকা টকা দিয়াৰ উপৰিও
মাটিত উদ্যোগ বা কোম্পাণী বহুৱালে সিহঁতৰ
পৰিয়ালৰ সদস্যক তাতেই চাকৰি
দিব বুলি প্ৰতিশ্ৰুতি দিয়েই
মাটিবোৰ দখল কৰি ল'লে। চৰকাৰো সিহঁতৰে লগ।
মাক মৰাৰ ছতে ভায়েকেও সাক্ষাতকাৰ দি সেনাবাহিনীত চাকৰি পালে । অৱশ্যে সাতগাঁৱৰ ৰিক্ৰুইটিং
অফিচাৰক অলপ টকা-পইচা দিব লাগা হ'ল। সি ট্ৰেইনিং কৰিবলৈ গ'লগৈ। উদং ঘৰত থাকিবলৈ মন
নকৰি গমা পুনৰ গুৱাহাটীলৈকে আহিল। লাং লাং ঠাং ঠাংকৈ পৰি থকা
ভিঠাটোত স্বাধীন অসমৰ
সপোন দেখা সশস্ত্ৰ উ×গ্ৰপন্থীয়ে সময়ে সময়ে আহি চোপ পাতে। তাতেই বাহা কৰি সংগঠনৰ
কামত হাট- বাট কৰে। বকো, ৰাজাপাৰা, বন্দাপাৰাৰ দৰে
ঠাইবোৰত সংগঠন কৰেগৈ। কিতাপ-পত্ৰ
ছপায়।
ট্ৰেইনিং
সমাপ্ত কৰি টকা-পইচা লৈ ভায়েকে আহি সেই
কাণ্ড দেখি গমাক বিচাৰি গুৱাহাটী পালেহি। ক'লে তাক,
ঃ ঘৰক ব'ল এই। ঘৰখেন কিবা হৈ গেছি।
ককাই-ভায়ে
ডিঙিত ধৰাধৰিকৈ হুৰাওৰাৱে কান্দিলে। এইবাৰ নিগাজিকৈয়ে গমা
উভতি আহিল। বেপাৰৰ উপৰিও গমাই কৰিছিল গাড়ীৰ ইন্সিঅ'ৰেন্সৰ কাম। হাতত টকা
আছিল। দুয়ো মিলি বন্ধকত থকা মাটি
মোকলাবলৈ ঠিৰাং কৰোঁতেহে গমাই উমান পালে, ইতিমধ্যে গাৱঁতে লাগি থকা পথাৰখন বণিয়াৰ
চক্ৰান্তত প্ৰায় শেষ। বিলপাৰৰ বাম
মাটি শালি খেতিৰ বাবে সুচল নাছিল অৱশ্যে।বন্ধকী খুলিবলৈ গৈ গমাহঁতে
দেখিলে এক ভয়ংকৰ
জালত মাজপথাৰৰ পোন্ধৰবিঘা মাটিও কব্জাগত
হৈ পৰিছে। চাৰিওকাষৰ ইণ্ডাষ্ট্ৰিয়েল
শ্বে'ডৰ মাজত
সিহঁতৰ পথাৰৰ মাটি সোমাই
পৰিছে। এতিয়া মাটিডৰালৈ যোৱাৰ
বাট নাই । বিলৰ পাৰৰ গো-চৰণীয়া
পথাৰৰ একোণেৰেহে যাব
পৰা হৈ আছেগৈ।
এখন এখনকৈ
কলহীৰ বুকুত বহিছে তিনিখন
দলং। দুখন পথৰ দলং। এখন ৰে'লৰ। আহল-বহল দলঙৰ খুঁটাৰে সৰকি শিহুবোৰ সেইখিনিৰপৰা উজাব নোৱাৰা হ'ল। বালিৰ মহলদাৰ সলনি হৈছে।
নতুন মহলদাৰে উজনিত খ্ৰী, উম খ্ৰীছনিয়া আৰু
দোৰুণ নদীৰে নামি অহা কলহী
মূল পানীভাগ উজনিৰ কুলছী গাৱঁত ছয়গাঁৱৰফালে
বোঁৱাই তাতেই বালি
তোলা মেছিন বহুৱাই লৈছে।
কুলছী গাৱঁৰপৰাই হাইৱে'ৰ এইচোৱালৈকে শুকাই আহিছে কলহীৰ মূল
সুঁতি । সৌ সিদিনালৈকে তাহানিৰ
এবুকু পানীত পৰি
বালি তোলা নদীৰ বুকু এতিয়া
কূটৰ, ৰঙা মাটি।
মাটি খকুৱা দালালবোৰে তাতে া
পিতপিতাই ফুৰেগৈ। সুযোগ
পালেই মাটিৰ শ্ৰেণী পৰিবৰ্তন কৰি
সিহঁতে নৈৰ বুকুতে দালান তুলিব।
যিডোখৰ ঠাইত বাথা
নৈ কলহীত পৰিছে, তাতেই বহিছে প্ৰসাধনৰ উদ্যোগ । উজনিতো
কৃষকে জলসিঞ্চনৰ বাবে বাথা
নৈ লোৰ কাটি লৈ যোৱাত নৈৰ
শকতিও কমি আহিছে। বাট-পথ বহলোৱাৰ ধমখুমিয়াত জগলীয়া নৈখন ক'ত অন্তৰ্ধান হৈ গ'ল, কোনেও টলকিব পৰা নাই। বাথা
নৈৰ বুকুলৈকে দেৱাল মাৰি উদ্যোগৰ
প্ৰদূষিত বৰ্জ্য পদাৰ্থ, লেতেৰা মল
নৈতে পেলইছে। প্ৰদূষণ নিয়ন্ত্ৰণ
পৰিষদেও নৈৰ পাঁচশমিটাৰ এলেকালৈকে উদ্যোগ নাই বুলি কাগজে-পত্ৰই সিহঁতকে
‘ক্লিন-শ্বিট' দিছে। কাৰো প্ৰতিবাদ কৰাৰ সাহস
নাই। মিঠাপানীৰ বাথা নৈ এনেকৈয়ে
অপমৃত্যুৰ গৰাহত।
কলহীয়ে এতিয়া বাৰিয়া
ব্ৰহ্মপুত্ৰৰে উজাই অহা পানীৰ ভাগ এটাহে পায়।
খাছিপৰ্বতত উৰি থকা শুকুলা
শুভ্ৰ গাতালা হেন খ্ৰী, উম খ্ৰীছনিয়া, দোৰুণ জলপ্ৰপাত বান্ধি জলবিদ্যুৎ উৎপাদন কৰাৰ প্ৰকল্পৰ প্ৰস্তুতি
আৰম্ভ হৈছে। পৰ্বতীয়া গোষ্ঠীৰ
প্ৰতিবাদ কোনে শুনে? ভৈয়ামত নতুন ভূমিনীতি
অনুসৰি হাইৱে'ৰ ডেৰকিলোমটিাৰ এলেকাৰ
কৃষিভূমিত মাটিৰ শ্ৰেণী পৰিবৰ্তন কৰি উদ্যাগৰ বাবে সুচল কৰাৰ
পিছতে কৃষকৰ মাজত লাগিছে হাহাকাৰ।
মাটিৰ বন্ধকী
খোলাৰ পিছত এম এত নাম ভৰ্তি কৰিবলৈ গমাৰ হাতত টকাৰ অভাৱ হ'ল।বাইআপীৰ বিয়াতে উপহাৰ
উঠা ষ্টীলৰ বাচন- বৰ্তনখিনি সিহঁতে
সযতনেই ৰাখিছিল। বায়েকৰ দিহা মতেই সেই বাচন দোকানত আধা দামত বিক্ৰী কৰি এডমিচন
লবলৈ যাওতে চকুৰ পানী ওলাইছিল তাৰ। বায়েকে কৈছিল,
ঃ কিয় দুখ কৰা।
পঢ়াৰ বাবেহে বিক্ৰী কচ্ছা।
তাই নিজৰপৰাও দুশ টকা দিছিল। সেই জনী বাইআপীক কৰা
অপমাণৰ পোতক নোতোলকৈ থকা নাছিল সি। টকাৰ গৰমত তিলক চধৰীয়ে গাৱঁৰ
বিয়া এখনত ছোৱালী এজনীৰ
হাততে ধৰি বেয়া ইংগিত দিছিল।
সেই সুযোগতে সি লোহাৰ শিকলি লৈ তাৰ মূৰত ভয়ংকৰ মাৰ এটা বহুৱাই দিলে। চৈধ্যটা চিলাই পৰিল।
কে'চ হ'ল। আদালতত
বিচাৰৰ দিন পৰিল। গমাই জিলা
দণ্ডাদীশৰ অফিচৰ পিয়নক এশ টকাৰ ঘোচ দি তেখেতৰ
ঘৰৰ ঠিকনা বিচাৰি ঘৰ পালেগৈ।
গম পাইছিল গমাই, তেখেত আছিল এগৰাকী মহিলা। সি
তেওঁৰ আগত সঁচা কথা স্বীকাৰ কৰি দিলে । চিধাকৈ ক'লে,
ঃ বাইআপীক
প্ৰেমত বিশ্বাাসঘাতকতা কৰাৰ
বাবেই তাক মাৰা গেইছে, মাডাম।
আপুনি আদালতত যি কৰে কৰিব।
তেখেতে কি বুজিলে, গমাই উমান
নাপালে। কিন্তু সেই কে'চ আৰু আগ নাবাঢ়িল।
এম এ পঢ়াৰ
সময়তে আহাৰ মাহৰ কলহীখনৰ দৰেই
দহেৰম- মহেৰম কৰি গমাৰ জীৱনলৈ আহিল
দিপীকা। গমাৰ জীৱনৰ প্ৰথম প্ৰেমৰ
উত্তাপ। মিৰ্জা কলেজত দুয়ো অসমীয়াত
এম এ পঢ়ি থকাৰ সময়তে এবাৰ কলেজলৈ
প্ৰসিদ্ধ সাহিতি্যক মামণি ৰয়চম
গোস্বামী আহিছিল। দিপীকাৰ কথামতেই মৰসাহ
কৰি তেখেতক লগ ধৰি সি
ইতিমধ্যে লিখা ‘কলংক' উপন্যাসৰ পাণ্ড¿ুলপিটো
তেখেতকে চাবলৈ দি এষাৰ বাণী লিখি
দিবলৈ অনুৰোধ কৰিছিল।
মামণি বাইদেৱে বৰ মনোযোগেৰে
তাৰ উপন্যাস পঢ়িলে। তাক গুৱাহাটীৰ
ঘৰলৈ মাতিও নিলে। এটি শুভেচ্ছাবাণী লিখি দি ক'লে,
ঃহেৰা ৰমেশ।
এটা কথা। ইমান সুন্দৰকৈ সংঘাতক জয় কৰাৰ কাহিনী লিখি ‘কলংক' নাম কিয় দিছা? এই উপন্যাসৰ নাম হ'ব লাগে
‘সংগ্ৰাম আৰু বিজয়'।
সুন্দৰ কাহিনী লিখিছা তুমি। লিখি থাকিবা।
আৰু শুনা। প্ৰেম কৰিছানে নাই? মানুহে জীৱনত
প্ৰেম কৰিব লাগে, বুজিছানে ?
বিশাল হৃদয়ৰ সেই মহীয়সী নাৰী গমাৰ
জীৱনৰ এচাকি পোহৰ। বাইদেৱে
সিদিনা তাক ভাত এঁসাজ খুৱাইহে এৰিলে। ‘কলংক' নামৰ উপন্যাসে যিদিনা
‘সংগ্ৰাম আৰু বিজয়' নাম লৈ ন-
ৰূপেৰে সাজি-কাচি উন্মোচিত হ'ল, সেইদিনা বাইআপী, ভিনীয়েক, ভাগিন দুটা, দিপীকা
সকলোৱেই আহি গমাক
উৎসাহ দিলে।
তাৰপিছতো
দুয়ো বি এড কলেজত নাম লগাইছিল। দুয়ো লগ হৈ কলেজৰ
প্ৰথম প্ৰাচীৰ পত্ৰিকা
উলিয়াইছিল। আলোচনীৰ সম্পাদকো হৈছিল।
ভায়েকৰ চাকৰি, নিজৰ বেপাৰৰ উপাৰ্জন-সকলো মিলি ঘৰখনো পকাকৈ
সাজি লৈছিল। উচ্চশিক্ষিত এই দম্পত্তিয়ে সৰু-সুৰা খুঁটি- নাটিৰ অজুহাততে আজিলৈ
চৰকাৰী চাকৰি নাপালে। আজিও তিনি হেজাৰটকীয়া প্ৰবক্তাৰ এটা অস্থায়ী চাকৰি, চাহপাতৰ ব্যৱসায, এখন গেলা-মালৰ দোকান, খেতিৰ ধান, গৰু-ছাগলী পালনেই সংসাৰৰ আধাৰ। তাতেই মজি
শৰীৰৰ ৰক্ত-মাংস খহাই, কলহীৰ উদ্দাম জলধিৰ
শিহুবোৰৰ দৰে উজাই- ভুটুঙাই,
টুপাই বুৰ মাৰি অ'ৰ ঢৌ ত'ত মিলাই সংসাৰ চলাই গৈছে। দুটিকৈ সন্তানক মানুহ কৰিছে।
যিদিনা বণিয়াই
কিনি লোৱা গাৱঁৰ পথাৰৰ মাটিত মদৰ কোম্পাণী বহুৱাবলৈ কুৰুং-কাৰাং
কৰাৰ কথা ঘূণুক-ঘাণাককৈ বিয়পি পৰিল, সেইদিনাহে ৰাইজৰ হুঁচ আহিল। বৰ চতুৰভাৱে সিহঁতে
গাৱঁৰ প্ৰাথমিক বিদ্যালয়ত
ৰাজহুৱা শুনানি কৰা বুলি দেখুৱাই
গাওঁবুঢ়াৰ ঘৰৰ বন্ধ কোঠাতে শুনানি
গ্ৰহণ কৰি ভুৱা অনুমোদন উলিয়াই
লৈছিল। সেই শুনানিৰ বিষয়ে তথ্য জনাৰ অধিকাৰৰ আইনযোগে জানিবলৈ পাই যিদিনা
প্ৰতিবাদী ৰাজহুৱা সভা বহিল, সেইদিনা আনহে নালাগে স্বয়ং
ডি এচ পি আহি গমাক ধমক দি
গৈছিলহি। অবাইচ মাত মাতি আৰক্ষী বিষয়াই গমাক ধমক দিছিল। ৰাইজে মাৰ
বান্ধি থিয þ দিয়াত মদৰ কোম্পাণী হবলৈ
নাপালে। পাচে তেতিয়াৰেপৰাই ৰাইজক হাত
কৰাৰ প্ৰলোভন দৃঢ় হ'ল। সন্তানক কোম্পাণীত চাকৰি দিয়াৰ
প্ৰলোভনেৰে যিবোৰৰপৰা মাটি ল'লে--সিহঁতেই গমাহঁতৰ বিৰোধী হৈ
থিয় দিয়ে। আমাৰ সন্তানে
চাকৰি-বাকৰি পাব নালাগে নেকি?
তহঁতে মাটি বেচিবলৈ
বাধা নিদিবি।
পুৱতি নিশাতে
উঠি গমাই এদিন গণি চালেগৈ- বিলপাৰৰ
পথাৰত চৌষষ্ঠিটা ইণ্ডাষ্ট্ৰিয়েল শ্বে'ড। সনাতনী
কেন্দ্ৰৰ বেনাৰত আহিছে
নিৰ্মাণ গোষ্ঠী। ভজন-কীৰ্তনৰ আঁৰতে
লুণ্ঠণ চলে। প্ৰতিটো ইণ্ডষ্ট্ৰিয়েল
শ্বে'ড সংযোগ কৰি
পৰিকল্পিত ভাৱে পকাৰ বাট-পথ সজা হৈছে। সন্মুখত বিশাল তোৰণ। লোহাৰ গে'ট। কোম্পাণীত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া কেইটামানক নিৰাপত্তাৰক্ষীৰ দায়িত্ব দিয়া হৈছে। বিনা
অনুমতিত তোৰণৰ ভিতৰলৈ সোমোৱাৰ
কাৰো সাধ্য নাই।
যিদিনা বিলৰ
গাতে লাগি থকা গো-চৰণীয়া পথাৰৰ এক নং
ৰামপুৰ গাৱঁৰ ছশ দহ
নং দাগৰ তিৰাশী বিঘা, দুকঠা, চৈধ্য
লেচা মাটি আৰু দুই নং ৰামপুৰ ১ গাৱঁৰ দুশ চৌৰাল্লিছ নং দাগৰ
ছয়ষষ্ঠি বিঘা, দুকঠা, ছয় লেচাকে
মাটিকে ধৰি মুঠতে এশ পঞ্চাশ বিঘা মাটি নিউ
কলকতা ইণ্টাৰনেচনেল প্ৰাইভেট
লিমিটেডক ‘ল'জিষ্টিক পাৰ্ক' নিৰ্মাণৰ নামত চৰকাৰী দিয়াৰ জাননী ওলাল, সেইদিনা
কিন্তু ৰাইজ জাঙুৰ খায়ে ওলাই
আহিল।
ক্ৰমশঃ বাম
হৈ আহিছে দৰাবিল। মৰি আহিছে কলহী। দোমুখা। বোঁৱতী পানীৰ ধাৰ নথকা
কলহীক মেটেকাই ছানি ধৰিছে। সাঁতুৰিবলৈ
ঠাই নাপাই মেটেকাত আৱদ্ধ
হৈ মৰিছে শিহু। মাজপথাৰৰ ইণ্ডাষ্ট্ৰিয়েল
শ্বে'ডত বহুওৱা
বিস্কুট কোম্পাণীৰপৰা অহা গন্ধই দূষিত কৰিছে বতাহ। চৰণীয়া পথাৰ হাত কৰা মানেই
বিলখনো হাত কৰি লোৱা। এই বিপুল জনবসতিৰ ৰামপুৰত বিলখনেই একমাত্ৰ মুকলি
জেগা। বিল নোহোৱা হ'লে মানুহে ক'ত উশাহ লবগৈ।
ঃঃঃ
চৰকাৰী জাননীৰ
প্ৰতিবাদত হোৱা সেই সভাৰপৰাই উভতি
আহিছে গমা। ৰাইজ কেতিয়াবাই ভাগিল। গমাহঁতে তাতেই বহি আলাপ-আলোচনা কৰোঁতে গধূলাই হ'বৰ হ'ল। এক আচৰিত সংযোগৰ দৰেই ওভতনিৰ বাটত শৈশৱত দেখাৰ দৰেই সি
আজিও দেখিলে বিলৰ বুকুত এটি
পানীগছা। সৰুতে জন্মদিনৰ দিনাই
এনে পানীগছা দেখি সি পণ লৈছিল-নিজৰ জন্মদিনৰ দিনা সৰুকৈ হলেও ভাল কাম এটা কৰিব। আজিও তাৰ জন্মদিন। আজিও একপ্ৰকাৰে
তাৰেই উদ্যোগত অনুষ্ঠিত হৈছে
চৰণীয়া পথাৰ বচাবলৈ প্ৰতিবাদী সভা।
গমাৰ সন্মুখত
তিলক চধৰী। ঢোল হৈ ৰে'ল লাইনত পৰি আছে। গন্ধে-ভাঁপে
অটকাৰ । গমাই চাইডৰ দেখি আঁতৰাই নথলে ৰে'লে কাটি দুচেও কৰি যাব। বিৰক্তিৰে
সি ঢোল হেন মানুহটো দাঙি ৰে'লৰ লাইনৰ চাইডলৈ উঠাই থ'লে।
পানীগছাটো ইতিমধ্যে অন্তৰ্ধান হৈছে। পিতাক নোহোৱাৰ দিন ধৰি সি বিলখনকেই
পিতা বুলি মানি লৈছে। নিৰলত মনৰ
কথা কৈ ছে। গেলা মদাহীটোক চাইডলৈ
আঁতৰাই সি বিলখনকে ক'লে,
------
বিশেষ কৃতজ্ঞতাঃ অশ্বিনী কুমাৰ মজুমদাৰ
ৰত্না ভৰালী তালুকদাৰ


