Sunday 31 December 2023

 

গায়ত্ৰী দলে আৰু মনোৰঞ্জন বড়িৰ গল্প




গায়ত্ৰী দলেৰ গল্প


গভীৰ সামাজিক চেতনাস্ৰোতেৰে গল্প কবলৈ আৰম্ভ কৰে গায়ত্ৰী দলেই। তেওঁ বাস কৰা সমাজখনৰ চাল-চলন, শোকৰ  কাৰকবোৰৰ ইমান গভীৰলৈ যাব পৰা গল্পকাৰ খুব কমেইহে আছে। সমাজবীক্ষণৰ বেলিকা তেওঁৰ নিৰীক্ষণৰত চকুযুৰি অতিকৈ ইৰ্ষণীয়। মানুহ তেওঁ চিনি পায় (পায়নে!)। আৰু চিনি পায় সমাজ।

তেওঁৰ সমাজবীক্ষা আৰু জীৱনবীক্ষাৰ অপূৰ্ব সংশ্লেষণ হৈছে তেওঁৰ অনবদ্য কথনশৈলী। ইয়াৰ কাৰণ হয়তো তেওঁৰ নিৰন্তৰ গণসংযোগ আৰু প্রচণ্ড জীবনমুখীতা। তেওঁ কাহিনী নকয়, বৰঞ্চ গল্পলৈ তুলি আনে জীয়া জীৱন। পাঠকক ধৰি ৰাখিবলৈ তেওঁৰ যেন কাহিনীৰ নিৰ্মাণৰ প্ৰয়োজনেই নহয়।

 আৰু এটা কাৰক আছে যি গায়ত্ৰী দলেৰ গল্পভাষাক নিৰৱধি বৈ থকা নিজৰাৰ দৰে সাৰ-পানীৰ অন্তঃস্ৰোত এটা দি থাকেসি হৈছে গোষ্ঠীচেতনা, যাক ethnic consciousness বুলিও কব পাৰি। এই গোষ্ঠী চেতনাৰ তেওঁ এজন আচৰিতধৰণৰ insiderগোষ্ঠী চেতনাৰ এনে আচৰিত insider হৈ এখন multilayered সমাজৰ কথা কব পৰা শক্তিশালী গল্পকাৰ অসমত সুকীয়া এজন আছেনে নাই তাত সন্দেহ আছে। তেওঁ যোতিয়া গোষ্ঠীচেতনাৰ বাহিৰৰ সমাজ খনৰ কথাও কয়, তেতিয়া কাহিনী linear হলেও, তাত  কিন্তু তাত এটা extra layer থাকিবইযি গল্পকাৰৰ আন এক দৃষ্টি আৰু পৰিচিতিৰ বিষয়ে পাঠকক সোঁৱৰাই থাকিব। এয়া যেন সাহিত্যৰ এক বিশেষ অলংকাৰ। কোনো সন্দেহ নাই যে-গল্পকাৰৰ অধ্যয়ন আছে, পৰ্যবেক্ষণ আছে আৰু আছে জীৱনক ভাল পাব পৰা শকতি।

 আচৰিত লাগে ইমান ইৰ্ষণীয় কথনশৈলী  আৰু  গল্পলৈ একোটা জীৱন তুলি আনিব পৰাৰ ক্ষমতা আহৰণ কৰিও বহুসময়ত গল্প এটাৰ শেষলৈকে লেখকৰ যি সংহতি (solidarity) থাকিব লাগে, কেতিয়াবা তাৰপৰা গল্পকাৰ আঁতৰি আহে। আপুনি ইমান গভীৰ প্ৰেক্ষাৰ গল্প এটা যেতিয়া পাঠকলৈ আগবঢ়াই দিব, তেতিয়া শেষলৈকে সি সংহতি বহন কৰি যোৱাটো আৱশ্যকীয়। বহুসময়ত এজন পাঠকক লেখকৰপৰা সুকীয়া সত্ত্বা বুলি গণ্য কৰিব নোৱাৰি। তেনেহ’লে একোটা গল্পত গল্পকাৰৰ মনঃসংযোগ ব্যাহক হ’লে সি পাঠকৰ সতে একধৰণৰ সংহতি স্থাপন কৰিবনে

একোজন গল্পকাৰে যেতিয়া  গভীৰ সামাজিক চেতনাস্ৰোত, অনবদ্য কথনশৈলী আৰু একোটা জীৱন গল্পৰ মজিয়ালৈ তুনি অনাৰ ক্ষমতা ৰাখে-তেতিয়া সেই প্ৰতিভাক লাহে লাহে বিনীল কৰি দিয়াৰ বাবেও আন এচাম ব্যস্ত হৈ থাকে, সুহৃদৰ বেশতেই আহি গল্পকাৰৰ স্পৰ্শকাতৰ জেগোবাৰ ভাঙি চুৰ্চুমৈ থৈ যায়। এনে সময়ত নিৰন্তৰে মনোযোগ ধৰি ৰখাটোৱেই গল্পকাৰৰ প্ৰধান কাম। তেওঁ গোটেই জীৱনৰ বাবেই নিজৰ মনোযোগ ধৰি ৰাখিব লাগিব, মাত্ৰ এটা গল্পত নহয়।  

গল্পকাৰলৈ শুভেচ্ছা।  

  

মনোৰঞ্জন বড়িৰ গল্প

 

মনোৰঞ্জন বড়ি একেসময়তে যাাদু আৰু বাস্তবৰ কথা কব পৰা গল্পকাৰ। বৃত্তিত সাংবাদিক হোৱাৰ সুবাদতেই তেওঁৰ ভাষা মেদহীন। যাদুৰ জগতখন তেওঁ অতীতত এৰি থৈ আহিছে। তেওঁ এতিয়া য’ত বাস কৰিছে, সি জীৱনক কৰ্কশ কৰি পেলোৱা এখন অহৰহ পোখা মেলি থকা নগৰ। ইয়াত আছে এৰি থৈ অহা জগতৰ সোঁৱৰণি।

কাহিনীৰ আৰম্ভণি হয় ঠিক ইয়াৰপৰাই। কাহিনী কবলৈ তেওঁৰ এটা গল্পভাষাৰ প্ৰয়োজন নহয় --কথনে নিজেই কাহিনীত ধৰা দিয়ে। 

তেওঁ এটা নিটোল কাহিনী কয়। পাতল কুঁৱলীৰ আচ্ছাদনৰ দৰে তেওঁৰ গল্পকথাত থাকে এৰি থৈ অহা সোৱঁৰণিৰ দিনবোৰৰ ৰিণি ৰিণি সুৰ। অলপ বিষাদ। এজন গল্পকাৰৰ অভিজ্ঞতাৰ পৃষ্ঠত যেতিয়া নিৰন্তৰভাৱে হেৰুৱাই থকাৰ সোঁৱৰণিৰ এখন সমাজ থাকে-তেতিয়া তাৰ বেদনা আৰু অভিজ্ঞতাই যি গল্পভাষাৰ সৃষ্টি কৰিব পাৰে মনোৰঞ্জন বড়িৰ গল্পবোৰে তাৰ স্বাক্ষৰ বহন কৰে।

আন বহুতো গল্পকাৰৰ দৰেই মনোৰঞ্জন বড়িয়ে নিৰ্মাণৰ সলনি গল্প  এটা  পৰম্পৰাগতভাৱে পাঠকক কৈ যাবলৈ ভালপায়। যি বিষয়বস্তু তেওঁ বাচি লয়, সেইবোৰে  কিন্তু একেসময়তে আশ্বৰ্যকৰ নিৰ্মাণৰ সম্ভাৱনীয়তাও বহন কৰে। আচলতে পূৰ্ণকালীণ সাংবাদিক এজনে যেতিয়া গল্প বা কবিতা লিখে, তেতিয়া সৃষ্টিশীল কৰ্মত মনোনিবেশ কৰিব পৰাকৈ সময়খিনি উলিওৱাটোৱেই হৈ পৰে এটা প্ৰত্যাহ্বান। সেইবাবেই বহুসময়ত বহুতৰপীয়া জীৱনৰ কথা কব পৰা গল্প এটাও কেতিয়াবা সম্ভাৱনাত ৰৈ যায়।

মনোৰঞ্জন বড়িও একৰাগী প্ৰতিনিধি, তেওঁৰ কথনে একেসময়তে  তেওঁ বাস  কৰা নৃগোষ্ঠীয় সমাজখনৰ প্ৰতিনিধিত্বও (representative)  কৰে। তদুপৰি আছে insider persperctive-ৰপৰা গল্প কোৱাৰ সক্ষমতা।  সেইবাবেই গল্পকাৰৰ থাকে একধৰণৰ দায়িত্ব ।  মধুৰ দায়িত্ব। 

 

কিছু অনুভৱঃ

গায়ত্ৰী দলে বা মনোৰঞ্জন বড়িৰ দৰে গল্পকাৰসকলে লিখা গল্পবোৰৰ পঠন এইবাবেই প্ৰয়োজনীয় যে, তেওঁলোকৰ লেখক পৰিচিতি আন গল্পকাৰসকলৰ পৰিচিতিতকৈ অতিৰিক্তভাৱে সমৃদ্ধ। তেওঁলোকে একেসময়তে একোটা গোষ্ঠীকো প্ৰতিনিধিত্ব কৰে বাবে তেওঁলোকৰ সৃষ্টি হৈ পৰে একেসময়তে প্ৰতিনিধিত্বমূলক(representative)আচৰিত কথা এয়ে যে, যি  গোষ্ঠীক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে সেই গোষ্ঠীৰ আছে কেৱল নিৰন্তৰভাৱে হেৰুৱাই যোৱাৰ ইতিহাস—বান অথবা খহনীয়াৰ প্ৰকোপত নিজৰ ভূমিৰপৰা বাৰে বাৰে উফৰি পৰা ইতিহাস।আছে বঞ্চণাৰ ইতিহাস।

এটা সমৃদ্ধ গোষ্ঠীৰ হাতত যেতিয়া বসবাস কৰিবলৈ এডোখৰ ভূমি নাথাকে, তেতিয়া কিমান কৰুণ হ’ব পাৰে তাৰ গাথা! কৰবাত কৰবাত তেওঁলোকে হেৰুৱাই পেলাইছে আইৰ মুখৰ ভাষাও। এই কৰুণ ইতিহাসৰপৰা আহৰিত যি সংগ্ৰাম আৰু বেদনা, কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ আকুলতা—এই সকলোবোৰেই সৃষ্টিশীল লোকসকলৰ শব্দবোৰত কিবা নহয় কিবাস্বৰূপে কালিকা হৈ ওলমি থাকে। যি সাহিত্যত একেসময়তে এক  সুন্দৰতা প্ৰদান কৰি যায়।  সুক্ষ্ম পঠনৰ মাজেৰেহে এই কালিকাবোৰে আমাৰ চকুত ধৰা দিয়ে।

তেওঁলোকে যি বিষয়বস্তুকেই নিৰ্বাচন নকৰক কিয়,  বেদনাৰ ধাৰবোৰে পাঠকক দহি নিবই। এনে কণ্ঠস্বৰ কাব্যসাহিত্যত সততে  শুনিবলৈ পোৱা  যায়  যদিও,  গল্পসাহিত্যত  কিন্তু অতি কম সংখ্যক গল্পকাৰহে আমি লাভ কৰিছোঁ। 

সেইবাবেই তেওঁলোকৰ কণ্ঠ   আমাৰ বাবে আপুৰুগীয়া।    

গল্পকাৰলৈ শুভেচ্ছা।  

--ৰত্না  ভৰালী তালুকদাৰ

Wednesday 27 December 2023

 

মণিকংকনা বৰবৰা, স্ৰোতস্বিনী তামুলী, সৃঞ্জনা শৰ্মাৰ আৰু  আৰণ্যক শইকীয়াৰ গল্প




মণিকংকনা বৰবৰাৰ গল্প

 

মণিকংকনা বৰবৰা গভীৰ অনুৰাগেৰে মানুহৰ কথা কবলৈ ওলাই অহা এগৰাকীৰ গল্পকাৰ। তেওঁ লিখে গ্ৰাম্য পটভূমিৰ গল্প—য’ত গাওঁবোৰ আৰু গাওঁ হৈ নাথাকে। মণিকংকনাৰ গল্পত ভিতৰুৱা আৰু বাহিৰৰ অজস্ৰ ষড়যন্ত্ৰত গাওঁ হেৰাই যায়। এই ষড়যন্ত্ৰবোৰ তেওঁ দেখিছে। শৰীৰত অথবা মনত বহন কৰিছে তাৰ দাগ। তাৰ দ্বন্দ্ব-সংঘাতে তেওঁক জুৰুলা কৰিছে।গল্পত তাৰ নিকৰুণ প্ৰতিফলন ঘটে।  

মণিকংকনা বৰবৰা একেধাৰে এগৰাকী Activist। সৃষ্টিশীল সত্তা যেতিয়া Activist  হয়, তেতিয়া তেওঁ আনে নেদেখা, উমান নোপোৱা এখন আচৰিতধৰণৰ virgin জগতলৈ সোমাই যোৱাৰ সুবিধা পায়—য’ত ইতিমধ্যেই বিচৰণ কৰি থাকে  অলেখ জীৱন্ত সাধুকথাই। তেওঁ শিহৰিত হয়। তেওঁ সেইবোৰ তুলি আনিবও পাৰে বা নিৰ্মাণ কৰিবও পাৰে—তাত তেওঁৰ স্বাধীনতা থাকে। ইয়াত তেওঁ insider perspective-ৰপৰা কথা কব পাৰে।  তেওঁ খুব  কম গল্প লিখিছে, য’ত নিৰ্মাণতকৈ কাহিনীকথনত বেছি গুৰুত্ব দিছে।

সৃষ্টিশীল সত্তা যেতিয়া Activist হয়, তেতিয়া তাৰ কিছুমান শংকাও থাকে। নিজৰ আদৰ্শৰ জগতখনৰ বাহিৰৰ ৰূপ-ৰং-ৰসবোৰলৈ, আন্য জগতৰ নিৰ্যাসবোৰলৈ তেওঁ চকু দিবনে? সৃষ্টিশীলতাৰ জীৱন যে আদৰ্শৰ জীৱনতকৈও বহু বৈচিত্ৰময়। আদৰ্শ য’ত এচাকি পোহৰ।

প্ৰচুৰ অধ্যয়নশীলতা, সততা, ক্ষেত্ৰ অধ্যয়নক সাৰথি কৰি যি বাটেৰে তেওঁ আগবাঢ়ি আহিছে, তালৈ শুভকামনা।

 

স্ৰোতস্বিনী তামুলীৰ গল্প

 

নতুন প্ৰ্ৰজন্মৰ গল্পকাৰ স্ৰোতস্বিনী তামুলীয়ে গল্পকথাৰ মাজেৰে theme আৰু আংগিক—উভয়ক্ষেত্ৰতেই দিব বিচাৰে অভিনৱত্ব। পুনৰাবৃত্তি তেওঁ বেয়া পায়। সৰলৰৈখিক গল্প কবলৈ তেওঁ ৰাজী নহয়। তেওঁৰ গল্পৰ আছে দুৰন্ত গতি, যি সাৱলীল। তাত আছে একধৰণৰ সুন্দৰতা।

 তেওঁ কাহিনী নিৰ্মাণ কৰে-তলৰপৰা ওপৰলৈ নিৰ্মাণ কৰে। সম্পূৰ্ণ নিজস্ব দৰ্শনেৰে। তেওঁ স্বাধীনভাৱে কয়।

মানুহ তেওঁৰ প্ৰিয় বিষয়। হয়তো জীৱনক ভাল পায় মানুহতকৈও বেছি। গল্প কোৱাৰ হাবিয়াসে গল্প বিচাৰি তেওঁক দূৰ-দূৰণিলৈকে লৈ যায়গৈ। য’লৈ যায়গৈ, তাত হয়তোবা বিচাৰে শ্ৰেণীদ্বন্দ্বৰ মাজেৰে উঠি অহা এটা নিকৰুণ জীৱনৰ গল্প। কেতিয়াবা তেওঁ কয় সমান্তৰাল শৈলীৰ কাহিনী—যি কাহিনীত একেটা গল্পৰ মাজেৰে দুটা কাহিনীয়ে parallel journey কৰে। তেওঁ  ক্ষেত্ৰ অধ্যয়নো কৰে। 

 স্ৰোতস্বিনী তামুলীৰ গল্প আগবাঢ়ে নাটকীয়তাৰ মাজেৰে। এই নাটকীয়তা তেওঁ গল্পৰ শেষলৈকে বোৱাই লৈ যায়। তেওঁৰ গল্পৰ পাঠকসমাজ তেওঁ নিজৰ হাতেৰে সৃষ্টি কৰিব বিচাৰে।   

 তেওঁলৈ শুভকামনা।


 সৃঞ্জনা শৰ্মাৰ গল্প

 

সৃঞ্জনা শৰ্মাৰ গল্পবোৰে প্ৰজন্মৰ অস্থিৰতা, উদ্বিগ্নতাৰ এক আচৰিত জগতত বাস কৰেএই গল্পবোৰে পাঠককো একধৰণৰ উদ্বিগ্নতাৰ মাজলৈ লৈ যায়, কিয়নো গল্পৰ যি protagonist তেওঁ সৃষ্টি কৰে, তাৰ কথন অতিকৈ অনিশ্চিত। অজস্ৰ মানুহৰ ভিৰৰ মাজেৰে protagonist যায়গৈ, উদ্বিগ্নতাবোৰে যাত্ৰাকাল অস্থিৰ কৰি তোলে—যেন মূৰৰ ওপৰত কিছুমান অদৃশ্য, আউলী-বাউলী কাঁটা তাৰ। একধৰণৰ fantacyৰ দৰে তেওঁৰ গল্পকথন। যেন এক তীব্ৰ উত্তেজনাপূৰ্ণ  video game চলি আছে, game-ৰ পৰিণতি কি হ’ব তাক আমি নাজানো।

অথচ উৎকণ্ঠাবোৰে আমাক আঁতৰি আহিবলৈ নিদিয়ে। শংকা হয়। কিবা অঘটন ঘটাব নেকি? প্ৰজন্মৰ স্ফলনৰ ইংগিত আহিব নেকি! তেনে নহয়। গল্পৰ লেকাম গল্পকাৰে নিজৰ হাতত ৰাখে।আচৰিত চিত্ৰকল্পবোৰে তাত নিজৰ নিজৰ ভূমিকা পালন কৰি যায়। এইবাবেই তেওঁৰ কথন অভিনৱ।  তেওঁ নিজেই সিদ্ধান্ত লব। আৰু সাহসেৰে পাঠকক জনাই দিব।   

সৃঞ্জনা শৰ্মাৰ গল্পই কয় প্ৰজন্মৰ কয় একাকীত্বৰ কথা। এই একাকীত্ব স্বাৰ্থপৰ অভিভাৱক অথবা স্বাৰ্থপৰ সমাজে প্ৰজন্মক জাপি দিছে। ই সঁচাকৈয়ে এক বুজাব নোৱাৰা কৰুণ অভিজ্ঞতা। এক উন্নত নাগৰিক চেতনা অথবা বাস্তৱতাৰ ৰূপত তেওঁ তাক গল্পত ধৰি ৰাখিছে। উদ্বিগ্নতা আৰু অস্থিৰতা তাৰ বাহ্যিক প্ৰকাশ। প্ৰজন্মই তাক অকলেই face কৰে।

ইয়াতেই ফুটি উঠে প্ৰজন্মৰ আত্মবিশ্বাস। 

তেওঁলৈ শুভকামনা।

 

আৰণ্যশইকীয়াৰ গল্প

 

একধৰণৰ সমাহিত জীৱনবোধ আৰু নিজস্ব এক দৰ্শনেৰে সমাজৰ কিছু বাস্তৱতাক নিৰীক্ষণ কৰি গল্প কবলৈ ভালপোৱা নতুন প্ৰজন্মৰ গল্পকাৰজন আৰণ্যশইকীয়া। তেওঁৰ গল্পত প্ৰজন্মৰ দ্ব্ন্দ্ব-সংঘাত-উদ্বিগ্নতা-অনিশ্চয়তাভৰা টলমল জীৱনৰ প্ৰকাশ নাই। সমাজ বাস্তৱতাক কিছু দূৰৈত ৰৈ চায় তেওঁ। তাৰপৰাই নিৰীক্ষণ কৰে। অৱশেষত ঘটনা এটা নিটোল গল্পৰ ৰূপত কৈ যায়। মানৱীয়তাই কথনক চালিত কৰে।

গল্পৰ নিৰ্মাণতকৈ বিৱৰণীক তেওঁ প্ৰাধান্য দিয়ে। গল্পভাষা মৃদু। নিৰ্মেদ। উত্তেজনা নাই।

কেতিয়াবা তেওঁ উদ্দাম জীৱন প্ৰৱাহৰ কথা কবলৈ comfort zone বাহিৰলৈ আহিবনে? নে বৰ্তমানৰ দৰেই কিছু নিলগত ৰৈ, তাৰেপৰাই পাঠকৰ চেতনাস্ৰোতক জোকাৰি দিয়াকৈ অভিনৱধৰণে গল্প কবলৈ বিচাৰিব? গল্পকাৰে এইক্ষেত্ৰত নিজৰ স্বাধীনতা লব, নিজৰ মতেই আগবাঢ়িব। পাঠকে মাথো অৱশেষত বিচাৰিব এটা মজাৰ গল্প।

গল্পকাৰলৈ শুভেচ্ছা।


ৰত্না ভৰালী তালুকদাৰ 

Tuesday 26 December 2023

 

 

 মল্লিকা হাজৰিকাৰ গল্প




মল্লিকা হাজৰিকাই গল্প কবলৈ কাষৰ আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰাই সমল আহৰণ কৰে। তেওঁৰ কথনশৈলী সৰল আৰু উপস্থাপনা নাটকীয়। পাঠকৰ সৈতে তেওঁ পোনে পোনে সম্পৰ্ক স্থাপন কৰিব বিচাৰে। তেওঁ মূলতঃ এটা কাহিনীৰ বিষয়ে কয়—যি কাহিনী হয়তোবা আমাৰ তেনেই পৰিচিত কিন্তু কথনৰ অভাৱত সি কোৱা হৈ উঠা নাই। পাঠকৰ চকুত পৰা নাই।

এগৰাকী নাৰী লেখকে যেতিয়া ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতিৰ আৱৰ্তটো ভাঙি আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা কথা কবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ সৃষ্টিশীল লোকৰ দায়বদ্ধতাৰ দিশে এখোজ আগবাঢ়ি অহা  বুলি কব লাগিব। অৱশ্যে নাৰী জীৱনৰ কথা যে তেওঁ নক’ব—সেয়া হবই নোৱাৰে।বৰঞ্চ সেই নাৰীজীৱনৰ বা লিংগ পৰিচিতিৰ কথাবোৰ নাৰী সাহসেৰে সাহিত্যলৈ আনাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্ণায়ক ভূমিকা লবই লাগিব। কিন্তু লেখকৰ দৃষ্টি যেতিয়া আৰ্থ-সামাজিক-ৰাজনৈতিক প্ৰেক্ষালৈ ধাবিত হয়, তেতিয়া সৃষ্টিকৰ্তাই এক সম্প্ৰসাৰণ লাভ কৰে—সাহিত্যত এক নতুন মাত্ৰা প্ৰদানৰ  সম্ভাৱনাৰে সমুজ্জল হয়। এনে দৃষ্টিয়ে ‘নাৰী’ অথবা ‘লিংগ’ৰ মূল পৰিচিতি, যাক আমি gender বুলি কওঁ—সেই পৰিচিতিৰো বিস্তাৰ ঘটায়।

আৰ্থ-সামাজিক প্ৰেক্ষাৰপৰা পৰা গল্প কোৱাৰ সুবিধা এয়ে যে, এনে প্ৰেক্ষাবোৰে গল্পকাৰক বিভিন্নধৰণে পৰীক্ষা-নীৰিক্ষা কৰাৰ সুবিধা আনি দিয়ে। কবলৈ গ’লে এই প্ৰেক্ষাবোৰৰপৰা ইমান গল্প কোৱা হৈ গৈছে যে, এটা linear গল্পৰে উজ্জীৱিত পাঠকক ধৰি ৰখাটো আজিকালি প্ৰায় অসম্ভৱ কথাই হৈ পৰিছে। এই দিশটোৱেই বিশ্বৰ গল্পকাৰসকলৰ সন্মুখলৈ  আনি দিছে প্ৰত্যাহ্বান।এনে প্ৰেক্ষাৰপৰা গল্পত কথা কবলৈ অহা চৰিত্ৰবোৰে জীৱনত পাৰ কৰি যায় নানান দ্বন্দ্ব-সংঘাত—যাৰ উৎস সামাজিক চলনবোৰৰ উঠা-নমাত প্ৰোথিত হৈ থাকে।  

গল্পকাৰে যেতিয়া কাৰোবাক protagonist হিচাপে নিৰ্বাচিত কৰে, তেতিয়া পাঠকে protagonist- ৰ কাহিনীকথনৰ সমান্তৰালভাৱে মূল গল্পৰ আশে-পাশে সামাজিক চলনবোৰৰ উঠা-নমাবোৰো চাবলৈ বিচাৰে। সমাজ পৰিবৰ্তনৰ জটিল দিশবোৰ চাবলৈ বিচাৰে। মল্লিকা হাজৰিকাৰ দৰে কৰ্মাজীৱি নাৰীৰ সমস্যাটো হৈছে সামাজিক চলনবোৰৰ উঠা-নমাবোৰ চাবলৈ পোৱা আহৰিকণ। জীৱনে তেওঁলোকৰ হাতৰ মুঠিৰপৰা সময় কাঢ়ি লৈ যায়। কিন্তু সকলো প্ৰত্যাহ্বান পাৰ কৰিব পৰাটোৱেই সৃষ্টিশীল লোকৰ কাম।

এইক্ষেত্ৰত ছুবুৰীয়া বঙালী সাহিত্যৰ প্ৰায়  সমসাময়িক প্ৰেক্ষাৰ দুগৰাকী মহীয়সী নাৰী সাহিত্যিকৰ নাম উল্লেখ কৰিব পাৰি। তেওঁলোক হৈছে মহাশ্বেতা দেৱী আৰু আশাপূৰ্ণা দেৱী। প্ৰথমগৰাকীৰ সাহিত্যই গভীৰ সামাজিক প্ৰেক্ষাক স্পৰ্শ কৰে। তেওঁ আৰ্তজনৰ কণ্ঠক শক্তি দিয়াতেই সমগ্ৰ জীৱন উচৰ্গা কৰিছে। 

আনগৰাকীয়ে মূলতঃ গৃহিণীসকলৰ কথাকেই লিখিলে বুলিব পাৰি। কিন্তু এই গৃহিণীসকলৰ আনে নেদেখা শত-সহস্ৰ দিশৰ ওপৰত আশাপূৰ্ণা দেৱীয়ে ইমানেই পোহৰ পেলালে যে, সেই সাহিত্যই অনন্য মাত্ৰা লাভ কৰি জাতিস্কাৰ হৈ উঠিল। পাকঘৰত ভাৰ-পানী ৰান্ধি আনৰ পৰচৰ্চা আৰু ‘ঘৰেলু পলিচিকচ্’ত সময় অতিবাহিত কৰা নাৰীবোৰৰ মনৰ অনেক গোপন ৰহস্য, জটিল মনস্তত্বঃৰ ওপৰত গল্প লিখিও যে ‘জ্ঞানপীঠ’ৰ দৰে বঁটা লাভ কৰিব পাৰি, সেই কথা আশাপূৰ্ণা দেৱীয়েই জানো প্ৰমাণ কৰি থৈ যোৱা নাই!

গল্পকাৰলৈ শুভেচ্ছা । 

ৰত্না ভৰালী তালুকদাৰ 

 

 

অৰ্চনা বৰঠাকুৰৰ গল্প



এখন নাৰী হৃদয়েৰে একোটা জটিল  সামাজিক প্ৰেক্ষাকো সহজভাৱে  গল্পৰ মাজলৈ লৈ অহা গল্পকাৰগৰাকী হৈছে অৰ্চনা বৰঠাকুৰ।  সাহিত্যত তেওঁ অহৰহ সন্ধান কৰে মানৱীয় প্ৰমূল্যৰ । অৰ্চনা বৰঠাকুৰে নাৰীৰ হৃদয়েৰে  গল্প কয়,  যদিও তাত নাৰীবাদৰ প্ৰসংগ প্ৰায় অনুপস্থিত। আচলতে মানৱিক সম্পৰ্কবোৰৰ প্ৰতি থকা  অনুসন্ধিৎসাৰপৰাই  তেওঁৰ গল্পই যাত্ৰা আৰম্ভ কৰে।  সামাজিক প্ৰেক্ষা অথবা থবা একোটা ব্যক্তিগত অভিজ্ঞতাই  অৰ্চনা বৰঠাকুৰ  গল্পৰ সহজ কথন। 

সহজ, কিন্তু শক্তাশালী  কথন তেওঁৰ গল্পভাষাৰ আটাইতকৈ মূল্যবান অলংকাৰ।  মানৱীয় সম্পৰ্কবোৰৰ অৱলোকনে তাত ৰহণ চৰাই যায়। এটা uncompromising attitude থাকে তেওঁৰ--পাঠকক সন্মুখতে কোৱাৰ দৰে কৈ যায় গল্প। পাঠকৰ সতে স্থাপন কৰে একধৰণৰ face to face connection-কেতিয়াবা স্বগতোক্তিৰ দৰেও কয়। নিৱচ্ছিন্নভাৱে কয়-যেন কাহিনী শেষ নোহোৱালৈকে অনন্তকাললৈকে তেওঁ কৈ যাব। কথনৰ নাটকীয়তাতকৈ নিৰৱধি কৈ যোৱাত বেছি গুৰুত্ব দিয়ে। তেওঁ নিৰ্মাণ (construct) নকৰে, বৰঞ্চ কৈ যায়।    

অৰ্চনা বৰঠাকুৰে গল্পত বৰকৈ পৰীক্ষা-নীৰিক্ষা কৰাৰ পক্ষপাতী নহয়। আংগিকৰ ওপৰতো বিশেষ কাম তেওঁ নকৰে। তথাপিও অৰ্চনা বৰঠাকুৰৰ গল্পই আৰম্ভণিৰপৰা শেষলৈকে পাঠকৰ মনোযোগ ধৰি ৰখাৰ সক্ষমতা বহন কৰে। ইয়াৰ কাৰণ কি? তেওঁ এটা সঠিক plot নিৰ্বাচন কৰে। তাতোকৈও ডাঙৰ কথাটো হৈছে কাহিনীটো তেওঁ বিশ্বাসেৰে আৰু  সততাৰে কৈ যায়। সাহিত্যই যেতিয়া বোকোচাত সততাক বহন কৰি লৈ যায়, তেতিয়া সি একে সময়তে পাঠকৰ হৃদয়লৈও পোনে পোনে বাট লয়—এয়াই সাহিত্যৰ আটাইতকৈ সৰল সত্য। পঠনৰ শেষত পাঠকে গল্পত ঠিক এইখিনয়েই বিচাৰিবগৈ।

এনেকৈয়ে তেওঁ হৈ উঠে প্ৰচলিত সমাজব্যৱস্থাৰ তীক্ষ্ণ পৰ্যবেক্ষক। আৰু সমালোচক। অৱশ্যে,  কবলৈ গ’লে অৰ্চনা বৰঠাকুৰক গল্পসাহিত্যত মানুহ আৰু সমাজৰ এগৰাকী তীক্ষ্ণ পৰ্যবেক্ষকৰ ৰূপতহে বেছিকৈ সাক্ষাপোৱা যায়।

সমাজ বাস্তৱতাৰপৰা আহৰিত অনন্যসুন্দৰ plot নিৰ্বাচন কৰিও অৰ্চনা বৰঠাকুৰে গল্পত কিয় সম্পৰীক্ষা নকৰে, বা  আংগিকৰ বিশেষ পৰীক্ষা-নীৰিক্ষাবোৰ নকৰে—সেই কথা ভাবি কেতিয়াবা আচৰিত লাগে। সম্ভৱতঃ পৃথিৱীত আৰু আমাৰ অসমীয়া ভাষাটো গল্পৰ ক্ষেত্ৰখনতেই বোধহয় আটাইতকৈ বেছি পৰীক্ষা-নীৰিক্ষা হৈছে। চিৰিয়াছ গল্পকাৰে কেনেকৈনো গল্পবোৰ ক’ব, সেই দিশটোত আজিকালি যথেষ্ট সময় দিয়ে। চাবলৈ গ’লে আমাৰ সমাজখনত সাহিত্যত ধৰি ৰাখিবপৰাকৈ ইমানবোৰ উপাদান আছে যে, সেইবোৰ ব্যৱহাৰ কৰি গল্পবোৰ বিভিন্ন ধৰণে কৈ পাঠকক আচৰিত কৰি থাকিব পাৰি। আপুনি যেতিয়া সাহিত্য কৰে, তেতিয়া সেইবোৰ তাত ব্যৱহাৰ কৰাটো এটা দায়িত্বৰ দৰেই  হৈ উঠে। সমাজখনৰ লগতে কেতিয়াবা উপাদানবোৰো মানুহৰ চকুৰ সন্মুখলৈ উঠি আহে।  

আৰু, কবলৈ গ’লে গল্পকাৰৰ কামেই হৈছে সেইটো—সন্মুখৰ জনাৰ পৃথিৱীখনকে নতুন নতুনকৈ কৈ পাঠকক বাৰে বাৰে আশ্বৰ্যচকিত কৰি তোলা। অন্যথা তেওঁ অভিজ্ঞতাৰ ভঁৰালবোৰেৰে non-fiction লিখিবও পাৰিলেহেঁতেন। কিন্তু তেওঁ কবলৈ ভাল পালে একোটা গল্প। সাহিত্যত  নিৰ্মাণৰ (construct)দিশেৰে চাবলৈ হ’লে  গল্প লিখকৰ দায়িত্ব non-fiction লিখকতকৈ অনেক বেছি।

 তেওঁলৈ শুভেচ্ছা ।

ৰত্না ভৰালী তালুকদাৰ 

Friday 22 December 2023

 

প্ৰদ্যুম্ন কুমাৰ  গগৈৰ গল্প



ল্পৰ  পূৰ্বৰ সকলো  কথন, চিৰাচৰিত প্ৰথা, সংজ্ঞা  ভাঙি দিবলৈ বিচৰা তৰুণ গল্পকাৰজন প্ৰদ্যুম্ন কুমাৰ গগৈ। তেওঁ অপ্ৰকৃতিস্থ সময়ৰ আৰু মানুহৰ অপ্ৰকৃতিস্থ  অৱস্থাৰ কথক। গল্পত তেওঁ অপ্ৰকৃতিস্থ সময়ৰ যিবোৰ চিত্ৰকল্প দিছে, যি ভাষাৰে গল্প কৈছে—সেই সময়ৰ আমি বাসিন্দা, সি মানুহৰ সমকালীন সভ্যতাৰ অংশ। গতিকে একধৰণে তেওঁ গল্পকেই কৈছে (বুলি ধৰি লব লাগিব)। তেওঁৰ গল্পত কোনো ঘটনাই স্বাভাৱিক ছন্দৰে ঘটা নাই। তেওঁ পাঠকক ভাবিবলৈ বাধ্য কৰায়—real কি? unreal কি? 

গল্প কি? 

কথন কি?

বহু সময়ত গল্প পঢ়িবলৈ লৈ এৰি দিবলগীয়া অৱস্থা হয়। একধৰণৰ Computerrecycle bin-ত অজস্ৰ বেমেজালিৰ মাজত সোমাই থকা fileবোৰৰ দৰে গল্পকথন। যিবোৰ আমাৰ প্ৰয়োজনত নালাগে বুলি আমি তালৈ পঠিয়াই দিলোঁ। কিন্তু কিছু দিনৰ বিৰতিত recycle bin-ৰ অজস্ৰ বেমেজালিৰ fileবোৰত অলপ হাত চাফাই কৰিলে দেখা যাব— ‘আৰে, এইটো দেখোন চমৎকাৰ file।’ ‘এই ফটোখন পেলাব নোৱাৰি দেই!’ ‘ধেত্তেৰি, এই document টো delete কৰিবলৈ ওলাইছিলোঁ কিয়?’ -- তাৰপিছত সেইবোৰে কথা কবলৈ ধৰে। চেতন আৰু অৰ্ধচেতন অৱস্থাৰ আচৰিত কিছুমান আজগুবি বিৱৰণী। সেইবোৰেই চিত্ৰকল্প।গল্পকাৰে ক’লে--সেইবাবেই গল্প হল,  হয়তো delete হৈ ন’গল। 

তেনেহ’লে গল্পকাৰো সমকালীন মানুহৰ কিছুমান সুস্থ আৰু বিকৃত সপোনৰ অধ্যয়নকাৰী নেকি-an oneirologist? সপোনৰ ব্যাখ্যাকাৰক নেকি?

তেওঁ কয় বেমেজালিবোৰ কথা। বেমেজালিবোৰেই গল্পৰ আংগিক।চিত্ৰকল্প। আৰু গতিও। বিজ্ঞানীসকলে কয়, আমাৰ মগজুৰ recycle bin-ত থকা অজস্ৰ অদৰকাৰী file বোলে টোপনিত দেখা সপোনৰ মাজেৰে মগজুৱে নিস্কাষণ কৰি দিয়ে।সেইবোৰ আন একো নহয়-আচলতে দিঠকৰেই প্ৰতিফলন। প্ৰদ্যুম্ন কুমাৰ গগৈৰ গল্পবোৰে নিদ্ৰাৰত অৱস্থাত  সপোনৰ মাজেৰে নিস্কাষণ হবলৈ ৰৈ থকা মগজুৰ ফাইলবোৰক ধৰি ৰাখে। কথনত দিঠকৰ প্ৰতিফলন ঘটায়। দিঠকৰ কথা নকয়।

বহুসময়ত সেই ধুঁৱলী-কুঁৱলী কথনৰ মাজেৰ গৈ থাকিলে ভাৱ হয়—আচলতে গল্পকাৰে এইবোৰ নিজৰ মনৰ জগতৰ প্ৰকৃতিস্থ অৱস্থাত লিখিছেনে? ধোঁৱাময় নিচাগ্ৰস্ততাত লিখিছে নেকি?

কিন্তু নহয়। তেওঁ এটা চিজিল মনেৰেই এই অ-চিজিল চিত্ৰকল্পৰে অ-চিজিল সময়ৰ গল্পবোৰ লিখিছে। তেওঁ সেইখন জগতৰ আশ্বৰ্যময় খনিকৰ। 

তেওঁলৈ শুভেচ্ছা

ৰত্না ভৰালী  তালুকদাৰ 

 

Monday 18 December 2023

 

বিপাশা বৰাৰ গল্প




ৰোমাণ্টিক বিষণ্ণতা (romantic melancholy)আৰু লোকজ চেতনাৰ প্ৰতি থকা সচেতনতাৰে (folk consciousness)এক fusion-ধৰ্মী কথনশৈলী নিৰ্মাণ কৰি লৈ গল্প কবলৈ আৰম্ভ কৰিছিল বিপাশা বৰাই। একধৰণৰ সন্মোহণ (mesmerism)অথবা মায়াজালৰ(illusion)দৰে সেই কথকতা। এই কথন ইমান স্বতঃস্ফুৰ্ত আছিল যে, সি সকলোৰেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পঠনৰপৰা নিজকে এৰুৱাই আনিব নোৱাৰি।

বিপাশা বৰাই জীৱনক গভীৰভাৱে ভালপায়। শূন্যৰপৰাও জীৱনক নতুনকৈ আৰম্ভ কৰাৰ ক্ষমতা তেওঁ ৰাখে। এগৰাকী সৃষ্টিশীল লোকৰ বাবে এনে ক্ষমতা তেনেই সহজ কথা নহয়। সীমাবদ্ধতাৰ সকলো সীমা পাৰ হৈ তেওঁ জীৱনৰ সকলো সম্ভাৱনীয়তাক স্পৰ্শ কৰিবলৈ বিচাৰে। এই অদম্য, ইতিবাচক জীৱনৰ স্পৃহা তেওঁৰ কথনত অতি স্পষ্ট।

ৰোমাণ্টিক বিষণ্ণতাত আৱেশ সানি লোকজ চেতনাৰ উপাদানেৰে জীৱনৰ গভীৰলৈ যোৱাৰ হেঁপাহ গল্পকাৰৰ ইমান তীব্ৰ আছিল যে, আচৰিতধৰণে সেই জীৱনবোধেৰেই তেওঁ নৃ-গোষ্ঠীয় জীৱন আৰু গোষ্ঠী চেতনাৰ শ্ৰেণীদ্বন্দ্বক সফলভাৱে আৰু একেলগে গল্পলৈ তুলি আনি পাঠকক চমৎকাৰ সম্ভাৱনাৰে আচৰিত কৰি পেলাইছিল। ই আছিল অসমীয়া গল্পসাহিত্যৰ এক নতুন বাগধাৰা--যাৰ অৱলোকন গোষ্ঠীচেতনা অথবা শ্ৰেণীদ্বন্দ্ব বাদেই--নাৰীবাদী বাগধাৰাৰেও কৰিব পৰা যায়। অলেখ দ্ব্ন্দ্বৰ মাজেৰে যি গল্প আগবাঢ়ে। পাঠকক মুহুৰ্মুহু চেতনাৰে এনেদৰে জৰ্জৰিত কৰে যে, আগবাঢ়িব খুজিও আগবাঢ়িব নোৱাৰি। পুৰাকথা অথবা মীথ্ (myth) বোৰে তাত আচৰিত চিত্ৰকল্পৰ নিৰ্মাণ কৰি যায়।ভাৱ হয় এনে মীথ্ (myth) সাজিব পৰাৰ দক্ষতা কেৱল তেওঁৰেই আছে। প্ৰায়েই এই মীথ্ (myth)বোৰ উঠি আহে ন-তাত্বিক গোষ্ঠীচেতনাৰ 

তত্বৰ পৰিসীমাৰ বাহিৰত নিজস্ব এক গভীৰ জীৱনবোধৰপৰাই তেওঁ গল্পভাষালৈ সেই কাহিনী মাথোন নহয়, বৰঞ্চ সমগ্ৰ জীৱন তুলি আনিবলৈ সক্ষম হৈছিল। চিনাকি পৃথিৱী হৈ পৰিছিল অচিনাকি। অচিনাকিখন বিস্ময়ক।  

আচৰিত কথা যে, তেওঁৰ এই অনন্য শক্তিশালী বাগধাৰা আৰু গভীৰ জীৱনবোধৰ সেই গল্পভাষাক পৰৱৰ্তী সময়ত ৰোমাণ্টিক বিষণ্ণতা আৰু লোকজ চেতনাৰ উপাদানৰ প্ৰাধান্যৰে যেন ইচ্ছা কৰিয়েই তল পেলাই থোৱা হ’ল। কোনোবাই হয়তো তেওঁক তেনে সীমিত বাগধাৰাৰ গল্পকাৰ বুলিয়েই পতিয়ন নিয়ালে। গল্পকাৰেও হয়তো সেই কথা মানি ল’লে আৰু সাময়িকভাৱে গভীৰ জীৱনবোধ স্পৰ্শ কৰি তুলি আনিবপৰা সেই শক্তিশালী কথকতাক পাহৰি পেলালে। আশ্বৰ্যকৰ মীথ্(myth)বোৰৰ কালিকাও যেন বহু পৰিমাণে কমি আহিল। ফলত পৰৱৰ্তী সময়ৰ কেইবাটাও গল্প সুখপাঠ্য হলেও পূৰ্বৰ সেই অনন্যসুন্দৰ জীৱনবোধৰ শক্তিশালী গল্পভাষাৰ আৱেশৰ কাষলৈ যেন যাবলৈ পৰা নাছিল।

ৰোমাণ্টিক বিষণ্ণতা, লোকজ চেতনা, সোঁৱৰণি অথবা পাহৰণিৰ চিত্ৰকল্পৰে গল্পত অলেখ কথাই কৈ যাব পাৰি-কিন্তু তেওঁ যে গভীৰ জীৱনবোধৰো গল্পকাৰ! কেতিয়ানো পূৰ্বৰ দৰে কথাবোৰ কবলৈ আৰম্ভ কৰি বুলি বাট চাই থকাৰ সময়তে শেহতীয়াকৈ গল্পলৈ তেনে সংবেদী, গভীৰ জীবনৰ অভিজ্ঞতাৰ সোৱাদ গল্পৰ মাজেৰে দিবলৈ যত্ন কৰিছে-যি আমাৰ দৰে পাঠকক আশ্বস্ত কৰিছে। হয়। কেতিয়াবা এৰি থৈ যোৱা সমৃদ্ধ সুঁতিলৈ নৈ উভতি আহে। এয়া আদৰণীয়। আমি আমাৰ শব্দবোৰ ক’ত থৈ যাম! পাঠকৰ হৃদয়ত। কিন্তু সেই কথাষাৰ আমি নিজকে সুধি চা লাগিব। গল্পকথা কবলৈ আৰম্ভ কৰাৰেপৰা শেষলৈকে লেখকৰ এক দায়িত্ব থাকে—পৰিক্ৰমা সফলতাৰে সমাপ্ত কৰাৰ। নিজকে অতিক্রম কৰাটো সৃষ্টিশীল মানুহবাবে কঠিন কাম, কিন্তু সেই কাম কৰিব পাৰে বাবেই তেওঁ সৃষ্টিশীল।

 গল্পকাৰলৈ শুভেচ্ছা

 ৰত্না ভৰালী তালুকদাৰ

Sunday 17 December 2023

 

 

ভাস্কৰ জ্যোতি বৰুৱাৰ গল্পবোৰ 




ভাস্কৰ জ্যোতি বৰুৱা প্ৰকৃততে চহৰৰ কথা কোৱা গল্পকাৰ। চহৰৰ জটিল বাস্তৱতাৰ পৃষ্ঠত তেওঁ গল্প নির্মাণ কৰে।  কেতিয়াবা আনে এচমকা খণ্ডিত অভিজ্ঞতা। কেতিয়াবা চহৰৰ ইতিহাস নিৰ্মাণৰ প্ৰক্ৰিয়া। উদঙায় ষড়যন্ত্ৰ। তেতিয়া ভাব হয়—এই চহৰবোৰ দৰাচলতে কাৰ? চহৰ যেন মানুহনহয়।চহৰতযথা কৃত্রিমতাত হেৰাই যায় মানুহজীয়া থকাৰ হেঁপাহ। ভাস্কৰ জ্যোতি বৰুৱা গল্পই কয়—চহৰ আচলতে মানুহে গঢ়ে, ষড়যন্ত্ৰ এই নিৰ্মাণৰ অংশ। তাৰ মাজতেই বাস কৰা মানৱতাৰ অনুভুতিয়ে গল্পৰ পাঠকক চমৎকাৰৰ সোৱাদ দিয়ে।

তেওঁগল্পৰ যিবোৰ মানুহ এতিয়াচহত আছে, সেই মানুহবোৰে তাহানিতে গাওঁ এৰি আহিছিল। ভাস্কৰ জ্যোতি বৰুৱাৰ গল্পত তাহানিৰ(গাওঁ এৰাৰ)বিৱৰণী নাই। আছে বৰ্তমানৰ মানুহবোৰৰ গাথা।তেওঁলোকে হয়তো কেইটামান প্ৰজন্ম চহৰত পাৰ কৰিলে। ইয়াতিক্ততাবোৰ হজম কৰি তেওঁলোক এতিয়া অভিজ্ঞ। অযথা যান জঁট, চিঞৰ-বাখৰেৰে চহৰৰ মানুহ তিতিক্ষু হৈ উঠাৰ অভিজ্ঞতা তেওঁৰ গল্পত নাই। বিপৰীতে চহৰত জাহ যোৱা মানুহৰ আনে নেদেখা কাহিনী কবলৈ তেওঁ ভাল পায়। এৰা। মানুহ চহৰত জাহ যায়। হেৰুৱাই পেলায় তাহানিৰ ইতিহাস। এনেধৰণৰ কাহিনী কবলৈ গল্পকাৰৰ নিজা দর্শনলগতে আচলতে একধ আত্মবিশ্বাসৰো প্ৰয়োজন হয়। গল্পত তাৰ স্বাক্ষৰ আছে। পঠনৰ ভলা লগা অভিজ্ঞতাখিনি হৈছে যে, চহৰতেওঁ অন্বেষণকাৰীৰ দৰে চাইছে। কাহিনীশৈলীটো নিজাইয়াত গাওঁ এৰা মানুহবোৰৰ বেদনা নাই। অযথা বিলাপো নাই। যি কথা কবলৈ বিচাৰে সেই প্রেক্ষা তেওঁ জানে বাবেই বিচৰণ ক্ষেত্ৰৰ বাহিৰত গল্প খেপিয়াই নুফুৰে

চহৰৰ মানুহৰ অভিজ্ঞতা ভয়ংকৰ। অজস্ৰ কুটিল ষড়ন্ত্ৰ, বিচ্ছিন্নতাবোধ, একাকীত্ব, লগ পোৱাহ হেঁপাহৰ দৰে কথনৰ মাজেৰে গল্পকাৰে এচোৱা ইতিহাস ধৰি ৰাখিব বিচাৰে। সময়ৰিবর্তনত তাহানিএলাগী চহৰৰ এডোখমাটি যেতিয়া  মূল্যবান হৈ উঠে, পাৰিবাৰিক কথা-কাণ্ড, ষড়ন্ত্র কাহিনীবোৰে তাত পোখা মেলে—তেতিয়া তেওঁ তালৈ এটা সফল গল্প বিচাৰিবলৈ গুচি যায়গৈ। বিলুপ্তপ্ৰায়, খোলাধাৰী কচ্ছপ হৈ উঠে আচৰিত মেটাফ’ৰ।

গল্পকাৰে নিজাকৈ এটা নিটোল কাহিনী কয়। কাহিনীৰপৰা মনঃসংযোগ বিচ্ছিন্ন হৈ কেতিয়াবা আঁত খেলি-মেলিও হয়। কেতিয়াবা কাহিনী জোৰে-জোখাৰে গোটাই নোলোৱাকৈও কাহিনী কৈছে। কবলৈ গলে তেওঁ চহৰৰ অনেক গল্প আমাৰ সফলভাৱে কবলৈ বাকী আছে। পাঠকে উমান নোপোবা অনেক নজনা-নুশুনা কাহিনীসোৱাদ দিবলৈ আছে।  আটাইতকৈ ভাল লগা গল্পটো কবলৈতো বাকী আছেই! এনে গল্পকাৰৰ প্ৰয়োজন আমাৰ আছে। চহৰ নিৰ্মাণৰ কাহিনী কোৱা গল্পকাৰ আমাৰ নাই বুলিলেও হয়। এই কাহিনীবোৰ কোৱাৰ বাবে গল্পই উপযুক্ত মাধ্যম। প্লেটফৰ্ম। নিৰ্মাণৰ প্ৰক্ৰিয়াৰ মাজেৰে ধৈৰ্যসহকাৰে গৈ থকা গল্পকাৰে নিজৰ উত্তৰণৰ বাট নিজেই দেখা পায়। আজিৰ পাঠকে গল্পকাৰৰপৰা দাবী কৰে এটা compact, বুদ্ধিদীপ্ত গল্প। কিয়নো আজিৰ পাঠকজনো অতিকৈ ব্যস্ত মানুহ। বিভিন্ন অভিজ্ঞতাৰে পুষ্ট। কামৰ মজতহে পঢ়িব, পঠনৰ বাবে সুকীয়াকৈ আজৰি সময় নাপায়। আজিৰ পাঠকে পঠনৰ সময়ত গল্পটোক দিব লগা সময়খিনিৰো হিচাপ ৰাখিবলগীয়া হয়।

গল্পকাৰে গল্পৰ মজেৰে সাহিত্যত আশ্বৰ্যৰ নিৰ্মাণৰ ইতিহাস ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। আচলতে সাহিত্য একধৰণে ইতিহাসেই, ই মাথোন কাহিনীকথন নহয়। সাহিত্যৰ মাজেৰে নাগৰিক চেতনাসমৃদ্ধ ইতিহাস কথনৰ বিশেষ ডেগাডোখৰত ৰৈ গল্প কোৱাৰ অপূৰ্ব দক্ষতা ভাস্কৰ জ্যোতি বৰুৱা আছে।

কেতিয়াবা অৱশ্যে কথন শিথিলো হৈছে। বৰ সোনকালেই চিনাকি চহৰ আমাৰ  অপৰিচিত হৈ যায়।মিনিটত হেৰাই যায় পুৰণা গছ। তাত বাস কৰা চৰইবোৰ ক’লৈ যায়গৈ! সিহঁতৰ adaptation লক্ষণবোৰ কি? চহৰত কেৱল মানুহেই জানো adaptation কৰে? গল্পকাৰে চহৰত বাস কৰা মানুহৰ বাহিৰে আন জীৱলৈয়ো এটা দৃষ্টি ৰখাৰ বাবেই কথাবোৰ মনলৈ আহে।  ক্ষণে ক্ষণে চহৰত সলনি হৈ পৰে দেৱালৰ ভাষা। চকুৰ পচাৰতে গঢ়ি উঠা ফ্লাই অ’ভাৰে বুহ কথন ঢাকি পেলায়। নতুন কথনৰ জন্ম দিয়ে। সাহিত্যত এই সকলোবোৰেই অপৰূপ চিত্ৰকল্প হৈ ধৰা দিয়ৰ ক্ষমতা ৰাখে। আৰু কত বিচিত্ৰ চিত্ৰকল্প থাকে! চহৰত মানুহৰ ইতিহাস নির্মাণআঁৰৰ নিৰ্মম কথকতা তেখেতৰ গল্পত ওলাই আহিছে, কিন্তু নিৰৱচ্ছিন্নভাৱে ওলাই আহিবলৈ এতিয়াও যেন বাকী। 

 গল্পকাৰলৈ শুভেচ্ছা

 ৰত্না ভৰালী তালুকদাৰ

Saturday 16 December 2023

 

ডাঃ নমিতা বৈশ্যৰ গল্প  


 তৰুণ প্ৰজন্মৰ একাংশ  গল্পকাৰৰ  জীৱন-জিজ্ঞাসা চৌপাশৰ পৃথিৱীখনৰ বিভিন্ন জটিল ক্ষেত্ৰলৈ যোৱাৰ সময়তে  সহজভাৱে আৰু যাদুকৰী উপস্থাপনাৰে মানুহৰ সম্পৰ্কৰ কথা কবলৈ বিচৰা গল্পকাৰগৰাকী হৈছে  ডাঃ নমিতা বৈশ্য। তেওঁৰ গল্পবোৰ সহজ হৈয়ো জটিল। কেতিয়াবা যদি ভাৱ হয় যে, চৌপাশৰ এই সমস্যাজৰ্জৰ পৃথিৱীত আজিৰ গল্পকাৰসকলে মানুহ সম্পৰ্কবোৰৰ কথা কবলৈ পাহৰি গৈছে নেকি বুলি--তেতিয়াহ’লে ডাঃ নমিতা বৈশ্যৰ গল্পবোৰ নিশ্চয়েই পঢ়ি চাব পাৰে। তেওঁ হৈছে সম্পৰ্ক আৰু সংযোগৰ (relationship and connections) কথাকাৰ। এই সমসাজৰ্জাৰ হতাশাৰ পৃথিৱীত  ডাঃ নমিতা বৈশ্যই গল্পত কোৱা মানুহৰ সম্পৰ্কবোৰে পঠনৰ এক সুকীয়া আনন্দ দিয়ে।

তেখেতে মূলত মধ্যবিত্ত জীৱনৰ পাৰিবাৰিক সম্পৰ্কবোৰ কথা কয়। মধ্যবিত্তৰ জীৱনৰ এই সম্পৰ্কবোৰৰ কথকতাক গল্পৰ পৃথিৱীলৈ অনা উচিত, কিয়নো পৃথিৱীত বোধহয় মধ্যবিত্তৰ জীৱনবোৰেই আটাইতকৈ জটিল।তেঁওলোকৰ থাকে আকাংক্ষা। থাকে প্ৰতিষ্ঠা লাভৰ হেঁপাহ। অৱদমন। উচ্চাকাংখ্যা। স্থিতিৰ সচেতনতা। সীমাবদ্ধ space-ৰপৰাই তেওঁলোকে পৃথিৱী এখন জয় কৰাৰ সপোনবোৰ দেখি থাকে।   সেইবাবেই তেওঁলোকৰ পাৰিবাৰিক জীৱন মসৃণ আৰু  সহজ নহয়। ইমানবোৰ উপাদান একে সময়তে দৃশ্যমান আৰু অদৃশ্য হৈ থাকে বাবেই বোধহয় মধ্যবিত্তৰ জীৱনৰপৰা গল্পবোৰ টানি আনি কৈ থাকিবলৈ প্ৰেক্ষাৰ অভাৱ কেতিয়াও নহয়।  ডাঃ নমিতা বৈশ্যৰ গল্পবোৰে দৃশ্যমান জগতনৰ কথা কোৱাৰ লগে লগে অদৃশ্যতাৰপৰাও চিত্ৰকল্প গল্পলৈ লৈ আহিছে। গল্প পঢ়িলে একেটা গল্পৰ পেটৰপৰাই অনেক সাধুকথা ওলাই গৈ থকা যেন লাগে, যিবোৰ সুখপাঠ্য আৰু সামাজিক সত্যক অৱৰি ৰখা। কেতিয়াবা সম্পৰ্কৰ কথকতাৰ মাজেৰেই তেওঁ গল্পত আভাস দিয়ে গভীৰ  সামাজিক প্ৰেক্ষাৰ।

প্ৰায়েই তেওঁ কবলৈ ভাল পায় সম্পৰ্কবোৰৰ ভংগুৰতাৰ কথা। এই কথাটোকে কৈ থাকিবলৈ তেওঁ যেন বিভিন্নধৰণে উপায় বাচি লৈছে। এই সম্পৰ্কবোৰৰ  সাধুবোৰ শুনি থাকিবলৈকেও আমনি নালাগে। যাদুকৰী কথকতা, চলনা, চুটি চুটি  বাক্যৰে সমাজ সত্য উন্মোচন কৰি যায়।

এটা কথা সঁচা যে,  যি মানৱিক সম্পৰ্কৰ  ব্যাখ্যান গল্পকাৰে আমাক দিয়ে-- সেইবোৰ সংযোগ অথবা ভংগুৰতাৰ আঁৰত থাকে গভীৰ সামাজিক প্ৰেক্ষা। কেতিয়াবা তেওঁ সেই সামাজিক প্ৰেক্ষাকো স্পৰ্শ কৰি যায়। গল্পকাৰে প্ৰেক্ষাৰ কিছু  গভীৰলৈ গ’লে সেই প্ৰেক্ষা সমুজ্জ্বল হোৱাৰ সম্ভাৱনীয়তাৰে গল্পত জাতিস্ককাৰ হয়। ধৰা হওক, আপুনি কোনোবা দুস্কৃতিকাৰীয়ে চুৰ্চুমৈ কৰি থৈ যোৱা ফুলনি এখন  দেখা পালে। এতিয়া আপুনি নিজৰ অভিজ্ঞতাৰে বতাহ-ধুমূহাই চুৰ্চুমৈ কৰা বাগিচাখনৰ কথাৰে এটা সুন্দৰ গল্প ক’ব পাৰে।দুস্কৃতিকাৰীৰ হাতত ফুলি উঠা ফুলবোৰ চুৰ্চুমৈ হৈ পৰাৰ কাহিনী  অতি বেদনাদায়ক।  অথবা, আপোনাৰ সেই বাগিচাখনৰ কথা বিতংকৈ জানিবলৈ মন গ’লে আপুনি সেই মালীজনক  বিচাৰি উলিয়াবও পাৰে—যাৰ কঠিন হাতৰ যাদুৰে গঢ় লৈ উঠিছিল সেই  বাগিচা   ফুলিছিল ফুল।  কিদৰে তেওঁ মাটিডোখৰৰ বিষয়ে গৱেষণা কৰিছিল য’ত তেওঁ গঢ়ি তুলিব হেঁপাহৰ ফুলনি।  দেখিবগৈ পাৰে মালীৰ চকুপানী। অব্যক্ত বেদনা। যি প্ৰেক্ষাক বহল কৰি যায়।

তেওঁৰ গল্পৰ আৰু একধৰণৰ আমেজ পোৱা যায়। অসমীয়া গল্পত সংলাপপ্ৰধান মহিলা গল্পকাৰ সংখ্যা বৰ বেছি নহয়। এনে গল্প লিখাও কঠিন। ডাঃ নমিতা বৈশ্যৰ গল্পবোৰ আচৰিতধৰণে সংলাপপ্ৰধান। চতুৰ, বুদ্ধিদীপ্ত  আৰু চমৎকাৰী সংলাপৰ প্ৰক্ষেপ তেওঁৰ গল্পভাষাৰ অলংকাৰ। হয়তো তেওঁ গল্পটো কাগজত লিখাৰ আগতেই মনৰ মাজত সম্পুৰ্ণকৈ এবাৰ লিখি লয়। আৰু সংলাপবোৰে বোধহয় তেতিয়াই সাজি পেলায়। কথনৰ বৰ্ণণাধৰ্মিতাক তেওঁ কেতিয়াবাই অতিক্ৰম কৰি গৈছে।

তেওঁ এই সংলাপপ্ৰধান গল্পবোৰে আমাক লৈ মনত পেলাই দিয়ে মনোৰমা দাস মেধিৰ গল্পবোৰলৈ—যাৰ বিষয়ে আমি আজিকালি খুব কমেইহে কথা পাতোঁ। অৱশ্যে মনোৰমা দাস মেধিৰ গল্পৰ মূল আছিল অতি গভীৰত, যাক ঢুকি পোৱা আমাৰ দৰে লেখকৰ বাবে সম্ভৱ নহয়।

তেওঁলৈ শুভেচ্ছা।


ৰত্না ভৰালী  তালুকদাৰ 

Friday 15 December 2023

 পঞ্চানন হাজৰিকাৰ গল্প 




গল্পই হওক বা কবিতাই হওক-যেতিয়া সংকলনৰ আকাৰত ওলায়, তেতিয়াই সি অন্য এক মাত্ৰা লাভ কৰে। চিনাকি গল্প, চিনাকি কবিতা অচিনাকি হৈ যায়-পঠনৰ এক সুকীয়া মজা আহে।তাতেই, তৰুণ প্ৰজন্মৰ এজন গল্পকাৰে যেতিয়া তেওঁৰ সংকলনখনৰ নাম ‘আমি’ ৰাখে—তেতিয়া সেই কথাটোৱেই মন-প্ৰাণ একধৰণে উদ্বেলিত নকৰেনে!


নিশ্চয় কৰে। কিয়নো, ‘আমি’ এক inclusive concept-সকলোকে সামৰি লোৱাৰ ধাৰণা। গল্পকাৰে ইয়াত ‘সমূহ’ (collective approach)ৰ কথা কৈছে। সকলোকে সামৰি লোৱাৰ কথা কৈছে-য’ত হয়তো আছে গল্পকাৰ, পাঠক, গল্পৰ চৰিত্ৰ, প্ৰকাশক, আৰু আন সকলো যিসকলে সৃষ্টিশীল প্ৰেক্ষা তৈয়াৰ কৰিবলৈ তেওঁক প্ৰেৰণা দিছে—হয়তোবা ই তাতোকৈও ব্যাপক।

কথাটো উল্লেখনীয়। কিয়নো ব্যক্তিকেন্দ্ৰিকতাৰ হাঁতোৰাত এতিয়া সুকুমাৰ কলাৰ জগতখন ক্ৰমশঃ যেন মোলান পৰি আহিছে।ব্যৰ্থ অভিভাৱক। ব্যৰ্থ সমাজ। পৃষ্ঠপোষকৰ অৱশ্যেই অভাৱ নাই, যদিহে স্বাধীন চিন্তাৰ কথাটো সৃষ্টিশীল সত্তাই আঁতৰাই থয়। সুবিধাবাদীৰ দপদপনিত মানুহৰ কল্যাণৰ হকে নিৰলসভাৱে কাম কৰিব বিচৰা সৃষ্টিশীল সত্তাৰ অৱস্থিতি যেন হেৰাই গৈছে।তেওঁলোক হেৰাই গৈছে অনাদৰত, যথাৰ্থ appreciation-ৰ অভাৱত। হয়। সাহিত্যত এতিয়া যথাৰ্থ appreciation নাই।বহুসময়ত এনে  লাগে সাহিত্যও যেন এতিয়া উপভোক্তাৰ বজাৰৰ এবিধ পৰিবেশ্য কলা। সেই পৰিবেশ্য কলাৰেই সকলোতে আদৰ। নহলেনো ‘অসমৰ তৰুণ  প্ৰজন্মই গল্প লিখিব পৰা নাই’ কথা এষাৰ বজাৰত শুনিবলৈ পাওনে!কোনে বজাৰত এৰি দিছে এইবোৰ কথা!

এনে অৱস্থাত এজন তৰুণ গল্পকাৰে গল্পৰ বেটুপাততেই যেতিয়া আমাক দিয়ে ‘সমূহ’ৰ ধাৰণা, তেতিয়া তেওঁ প্ৰথমেতেই ব্যক্তিকেন্দ্ৰিকতাক contest কৰি বাজীমাৎ কৰি ল’লে বুলি কব পাৰি। সকলোকে সামৰি লৈ তেওঁ ক’লে-‘আমি।’এয়া যেন  এক ব্যতিক্ৰমী আৱাহনী ভংগীমা। সৃষ্টিশীলতাৰ জগতলৈ। তেওঁ পঞ্চানন হাজৰিকা। 

হয়।নতুন নতুন কথাবোৰ, দৃষ্টিভংগীবোৰ সাহিত্যলৈ নতুন প্ৰজন্মৰপৰাই আহিব!সেইবাবেই ইমান আকুলতা থাকে, ইমান অপেক্ষা থাকে নতুনৰ পদধ্বনিলৈ। 

গল্পৰ মাজেৰে জীৱনক গভীৰ অনুৰাগেৰে চাবলৈ বিচৰা বাবেই পঞ্চানন হাজৰিকাৰ গল্প আমাৰ প্ৰিয়। পাঠকে অপেক্ষা কৰে-পঞ্চাননে লিখিছেনে? আকুলতাৰে কয় তেওঁ কথাবোৰ। প্ৰায়েই স্বগতোক্তিৰ মাধ্যমেৰে। একধৰণে তেওঁ নতুন প্ৰজন্মৰ প্ৰতিনিধিত্বও কৰে। তেওঁলোকৰ আাশাবোৰ, আকাংক্ষাবোৰ, জীৱনক চাব খোজাৰ দৃষ্টি, ৰাজনৈতিক আৰু সামাজিক চলমান কাৰকবোৰলৈ দিয়া অনুসন্ধিৎসাৰ দৃষ্টি, আৰু অনেক কথাৰ বাবে পঞ্চানন হাজৰিকাৰ গল্পবোৰ পঢ়ি থাকিব পাৰি। ইয়াৰপৰাই  গভীৰলৈ যায়গৈ।  ৰাজনৈতিক অনুসন্ধিৎসাই তেওঁৰ গল্পবোৰক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। অৱশ্যে কেইবাটাও গল্প বিভ্ৰান্তিৰ মাজত শেষ হৈছে। ইয়াক গল্পকাৰৰ বিফলতা বুলি কবলৈ মন নাযায়।প্ৰজন্মৰ বিভ্ৰান্তি বুলিহে কব লাগিব। আচলতে বিশ্বৰ সমকালীন ৰাজনৈতিক, সামাজিক প্ৰেক্ষা ইমানেই জটিল যে— তৰুণ কিয়, বয়সেৰে ভৰুণসকলো আজি  বিভ্ৰান্ত। বিবেকত তলা লগোৱাৰ ষড়যন্ত্ৰৰ তলা-নলা জানো সহজে বুজিব পাৰি! নিজস্ব চিন্তাৰে এই কথাবোৰ যিসকলে চিন্তা কৰিব বিচাৰে, তেওঁলোকক কিছু সময় দিয়া উচিত। এতিয়াই মতামত দিয়াৰ সময় নহয়।

কিন্তু যি কথা ভাল লাগে, সেয়া হৈছে গল্পকাৰে মাটিলৈ নামি আহি গল্প কোৱাৰ হাবিয়াস। জীৱনক তেওঁ গভীৰ অনুৰাগেৰে চাইছে আৰু এজাক মানুহক তাৰ সংগী কৰি লৈছে। তেওঁ নিজেও অকলশৰীয়া হবলৈ বিচৰা নাই, আনকো অকলশৰীয়া হবলৈ দিয়া নাই—এয়াযে কিমান আশাৰ কথা! তেওঁ কেৱল ৰাজনৈতিক কথা কিছুমানেই কোৱা নাই, সততে প্ৰেমৰ কথাহে কৈছে। যেতিয়া সামাজিক প্ৰেক্ষাৰ গল্প লিখিব বিচৰা গল্পকাৰৰ প্ৰেমৰ গল্পবোৰলৈ ৰাজনৈতিক বাতাবৰণ সোমাই আহে, তাত আচৰিত হ’বলগীয়াও একো নাই। সেয়ে প্ৰেমৰ মাজেৰেও তেওঁ ‘সমূহ’ৰ ধাৰণা দিছে। বহুসময়ত তেওঁ  নিজৰ এক অন্বেষণমূলক  অনুভৱেৰে  গল্পভাষা  তৈয়াৰ কৰিছে, নিৰ্মাণ কৰা নাই। 

অৱশ্যে কেতিয়াবা বিৱৰণীৰ পুনৰাবৃত্তিও হৈছে। ইয়াৰ কাৰণ কি? কাৰণ হৈছে-তেওঁ মাটিলৈ নামিছে ঠিক, কিন্তু পাতাললৈ সোমাবলৈ যেন হেহোঁ-নেহোঁ ভাৱ!পাতাললৈ সোমোৱাৰ ক্ষমতা তেওঁৰ আছে। বৌদ্ধিক কৰ্ষণো আছে।কিন্তু শত প্ৰত্যাহ্বান ভেদি ঘোপমৰা অতল এন্ধাৰৰ মাজেৰে পাতালৰ গৰ্ভলৈ গৈ সহস্ৰ বাসুকীৰ ফণালৈ হাত মেলি নাগমণি স্পৰ্শ কৰিব বিচৰাজনৰ হাততেইহে কালাতীত সত্যৰ গল্পই ধৰা দিব!নতুন  প্ৰত্যাহ্বানে কথনৰ পুনৰাবৃত্তি আঁতৰাই পেলাব।

তেওঁ কৰ্মক্ষেত্ৰৰ ঠাইখিনিয়েই  কবলৈ থাকি যোৱা অলেখ গল্পৰ ৰহঘৰা। ৰহস্যময় পাতালপুৰীৰ মুকুতা।  তাতেই আছে জীৱনৰ ন ন চেতনাৰ সন্ধান।

 গল্পকাৰলৈ শুভেচ্ছা। 

ৰত্না ভৰালী তালুকদাৰ 

Thursday 14 December 2023

 নৱজিত চেলেঙৰ গল্পবোৰ 




গ্ৰাম্যজীৱনৰ পটভূমিৰ সমকালীন সমাজবাস্তৱতাৰ জটিলতা আৰু নান্দনিকতাক দায়বদ্ধভাৱে কৈ মানৱতাৰ সন্ধান কৰা তৰুণ গল্পকাৰজনৰ নাম নৱজিত চেলেং।গাৱঁত থাকিও যি গাওঁ হেৰুৱাইছে, অথবা তাৰ সনাতন প্ৰমূল্য, তেওঁ সাহিত্যলৈ আনিছে তাৰ কথকতা-প্ৰতিনিধিত্ব কৰিছে। সামূহিক সংকটৰ পৃষ্ঠত ব্যক্তিসত্ত্বাই সন্মুখীন হোৱা  সংকটৰ কথা কৈছে।

গাৱঁত যেতিয়া খহনীয়া লাগে, যেতিয়া গাও হেৰায়, সংকুচিত ভুমিত মানুহে একেধাৰে জীৱনো হেৰুৱায় আৰু হেৰুৱায় মনৰ সম্পদবোৰ। মাটিৰে সজা ঘট-টেকেলিবোৰৰ  দৰে জীৱন ভংগুৰ হৈ পৰে। অতিমাৰীৰ দৰে মহাসংকট যেতিয়া আহে, তাৰ প্ৰভাৱৰপৰা গাওঁ বাচি নায়ায়, কিয়নো গাওঁ এতিয়া গাওঁ হৈ থকা নাই। গাওঁ এতিয়া উদং space-ৰ হুমুনিয়াহ। সূদূৰৰ কোনোবা উদ্যোগস্থলীত পৰি থাকে গাৱঁৰ যৌৱন, কৰ্মৰত শ্ৰমিকৰ বেশত। গাৱঁত থাকে পিতৃ-মাতৃৰ অপেক্ষাৰ চকুপানী।

নৱজিত চেলেঙৰ বহু শব্দই গাওঁবোৰৰ হেৰাই যোৱাৰ কথকতাক ধৰি ৰাখিছে।একধৰণৰ inheritance of loss, হেৰুওৱাৰ উত্তৰাধিকাৰ—য’ত গাৱঁত থাকিয়েই মানুহে গাওঁ হেৰুৱায়। আচলতে হেৰুৱায় সম্পদ। হেৰুৱায় সৰলতা। হেৰুওৱাৰ কথকতা কবলৈও মানুহে নিজকে হেৰুৱাবলৈ জানিব লাগিব। নিজকে হেৰুৱাবলৈ জনাটোও একধৰণৰ কলা। অনাহক প্ৰাপ্তিৰ হিচাপ-নিকাচত এই কলাৰপৰা মানুহ আঁতৰি যায়। সাহিত্য তৰল কৰি তোলে। সুখৰ কথা এয়ে যে, নৱজিত চেলেঙৰ শব্দবোৰে হেৰুওৱাক কলা হিচাপেই সন্ধান কৰিছে।প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপেৰে তাক সংকীৰ্ণ কৰি তোলা নাই। তেওঁৰ গল্প মানৱীয় আবেদনেৰে সিক্ত।  

কিন্তু তেওঁ তাতেই ৰৈ থকা নাই। নিজকে সংযত কৰি এক ধৰণৰ পৰিমিতিবোধেৰে তেওঁ কবলৈ ভালপায় মানুহৰ বিশাল জীৱনৰ কথা। জীৱনৰ আৰ্তি আৰু বেদনাক গভীৰতাৰে উপলব্ধি কৰে, এই উপাদানবোৰ থকা ক্ষেত্ৰৰপৰাহে বিষয়বস্তু নিৰ্বাচন কৰে। গল্পকথাত গল্পকাৰে গল্পৰপৰা নিজকে বিচ্ছিন্ন কৰি মেদহীন, নিটোল কথকতা আনিবপৰাটোৱেই বোধহয় নৱজিতৰ কমলৰ আটাইতকৈ শক্তিশালী ধাৰ। তেওঁ নিলগৰপৰা কথা কবলৈ ভালপোৱা গল্পকাৰ। এডোখৰ ঠাইত ৰৈ, নিলগৰপৰা গল্পটো পৰ্যবেক্ষণ কৰে, তাৰপৰাই কয়। ভাৱৰ যিকোনো উচ্ছাসৰপৰা গল্প মুক্ত। একধৰণৰ কাৰুণ্যতা এই কথকতাৰ সাৰ। গল্পত সংঘাত থাকে, কিন্তু গল্পই দ্বন্দ্বৰ মাজৰে আগবাঢ়ি যোৱাৰ বিপৰীতে মানৱীয় উপলব্ধিৰে যায়। গল্পত তেওঁ শৰীৰৰ কথকতাও আনিছে।শৰীৰ দাবী আৰু অনুভুতিবোৰৰ কথা কৈছে। একোটা শৰীৰো গল্পকথাৰ চৰিত্ৰ, য’ত ইংগিত আৰু সংমৰ ছায়াৰে আগবাঢ়ে গল্প।

কেতিয়াবা কবলৈ মন যায়- প্ৰেক্ষাৰ আৰু অলপ ওচৰলৈ আহি ক’লেনো কি দায় লাগে!তেওঁ যিখন জগতৰ কথা সাহিত্যত কবলৈ বাচি লৈছে, সেইখন জগতত আচলতে নিলগৰপৰা কোৱাতকৈ লগতে থাকি ক’লেহে গল্পবোৰ অধিক প্ৰাণৱন্ত হৈ উঠে। সাহিত্যৰ সমালোচকে সাহিত্যত পৰিমিতিবোধৰ কথা কয় ঠিকেই। বহু পাঠকেও পৰিমিতিবোধ বিচাৰে।  কিন্তু এই পৰিমিতিবোধৰ জোখ কি? জোখৰ ফিটা বা স্কেল টানিব পাৰিনে! তাতকৈ  মনৰ সঁফুৰা মেলি দিব পৰাকৈ নিজকে কিছু স্বাধীন কৰি দিব পৰ নাযায় নেকি!

মাৰ্কেজৰ দৰে!নেৰুদাৰ দৰে! মৌয়ানৰ দৰে!

আমাৰ জীৱনবোৰত, আমাৰ ঠাইৰ প্ৰকৃতিত  ইমানবোৰ ৰঙৰ সমাহাৰ ঘটাৰ পিছতো পৰিমিতিবোধৰ নামত আমি সেইবোৰলৈ নোচোৱাকৈ থকাটো উচিত হ’বনে?  অৱশ্যে তেওঁ সেইদৰে কৈছেও। যেতিয়াই লগতে থাকি গল্প কোৱাৰ প্ৰয়াস কৰিছে, সেই গল্পও অধিক সমুজ্জ্বলো হৈ উঠিছে। কিন্তু তেওঁ পুনৰ নিলগলৈ গুচি যায়গৈ। আৰু এটা কথা, নৱজিত চেলেঙ যিখন ঠাইত কৰ্মৰত তাত এতিয়াও অলেখ উপাদান আছে, যিবোৰৰ প্ৰকৃত কৰ্ষণ সাহিত্যত হবলৈ এতিয়াও বাকী।অলেখ কেঁচাসামগ্ৰী তাত পৰি আছে। গল্পৰ কেঁচাসামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা তেওঁৰ নহয়। সেই জগতত সংকীৰ্ণতা আৰু উদাৰতাই একেলগে বাস কৰে। সেই জগতখনেইতো সাহিত্যৰ খদমদমীয়া জগত—য’ৰপৰা উঠি আহিব মহাজীৱনৰ নিপোটল গল্প!



অৱশ্যে এটা কথা ঠিক--গল্প এটা গল্পকাৰে কেনেদৰে কবলৈ ভালপায়, সেয়া তেওঁৰ নিজস্ব দৰ্শনৰ কথা। তথাপি চকুৰ আগতে থকা সমাজখনৰ চি্ত্ৰকল্পবোৰৰ optimum ব্যৱহাৰ হোৱাটো দৰকাৰী কথা, তাৰপৰা সাহিত্যৰ সমল আহৰণ কৰাটো আচলতে গল্পকাৰৰ দায়িত্বসি যে কেৱল গল্পভাষাকেই প্ৰোজ্জ্বল কৰি তোলে সেয়া নহয়, সময়কো ধৰি ৰাখে। সমকালীন প্ৰেক্ষাৰ গল্পক ভবিষ্যতৰ আইনাত চাবলৈ হ’লে, সাহিত্যৰ পৰীক্ষা-নীৰিক্ষাৰ সমানে সমানে সময়ক ধৰি ৰখাৰ ক্ষমতা থকাটোও জৰুৰী কথাসি এক নিৰন্তৰ প্ৰচেষ্টা। 

হৃদয়স্পৰ্শী কথকতাৰ সোৱাদ তেওঁ আমাক দিছে, এতিয়া ইয়াৰপৰা সিটো পাৰলৈ নিজকে পাৰি দিয়াৰ সময়। বহুসময়ত আমাৰ গল্পৰ বিষয়ে আনে কি কৈছে, সেয়া ভাবি থকা উচিত নহয়।  কিয়নো সুহৃদৰ বেশেৰেও বহু লোকে সৃষ্টিশীল সত্তাৰ আত্মবিশ্বাস ভাঙি চুৰ্চুমৈ কৰি পেলায়। এটা দুটা গল্প বেয়া হ’লে বিশেষ ক্ষতি নহয়--কিন্তু গল্প বেয়া হোৱাৰ ভয়ত  জীৱনৰ অপাৰ সম্ভাৱনাবোৰ  চুই চাবলৈ ভয় কৰিলে লেখক সম্ভাৱনাতে হেৰাই যাব। তৰুণ প্ৰজন্মৰ বহু লেখক এইখিনিতে বিভ্ৰান্ত হয়। 

গল্পকাৰলৈ শুভেচ্ছা

ৰত্না ভৰালী  তালুকদাৰ 

Wednesday 13 December 2023

 

জিন্তু গীতাৰ্থৰ গল্পবোৰ

 

যিমান দূৰ মনত পৰে-একাকীত্ব, বিষণ্ণতা আৰু অকলশৰীয়াৰ অনুভুতিপৰাই জিন্তু গীতাৰ্থৰ গল্পৰ আৰম্ভণি ঘটিছিল।আৰম্ভণিকালত একাকীত্ব, বিষণ্ণতা আৰু অকলশৰীয়াৰ পৃথিৱীত অনুভৱৰ দুৱাৰ খুলি তেওঁ হয়তোবা গল্পকথাৰ মাজেৰে জীৱনৰ গভীৰলৈ যাবলৈ বিচাৰিছিল।এই একাকীত্ব আৰু বিষণ্ণ শব্দবোৰ আছিল প্ৰায়েই non-binary বা queer পৰিচিতিৰ সংবেদী আবেদন আৰু insider perspective-ৰ গভীৰতাৰে গধুৰ।  

এই আবেদনে গল্পবোৰক এক সুকীয়া আৱেশেৰ সিক্ত কৰি তুলিছিল। যদিওবা আগজীৱনৰ সীমিত অভিজ্ঞতাৰে অন্তৰৰ গভীৰৰ ভাৱক প্ৰকাশ্য শব্দৰাজিৰ মাজেৰে কঢ়িয়াই নিওতে গল্পৰ আবেদনৰ কিছু হেৰফেৰ ঘটিছিল। এয়া স্বাভাৱিক। আচলতে queer পৰিচিতিৰ বাগধাৰাত গঢ় লোৱা চিত্ৰকল্পবোৰ আমাৰ বাবে এতিয়াও ইমান অচিনাকি যে সেই বাগধাৰাৰৰ গল্প কবলৈ যোৱাটোৱেই এক প্ৰত্যাহ্বান।পাঠকৰ বাবেও queer ব্যক্তিৰ দুখজৰ্জৰ অভিজ্ঞতাৰ চিত্ৰকল্পবোৰৰ মৰ্মবেদনা বুজি উঠা সহজ কথা নহয়। অতিকৈ সংবেদী মানুহেও সেই বিচিত্ৰ শৰীৰবোৰ, শৰীৰৰ ভিতৰৰ মনৰ জটিল ভাৱনা, তত্ত্বকথাৰ সাৰ,  যৌনতাৰ আৰু তলা-নলা, দুখৰ বোধ, উচুপনিৰ কথকতা সহজে বুজিব নোৱাৰিব। হয়তোবা গল্পৰ তুলনাত কবিতাৰ অন্তঃসলিলা নিজৰাৰে কিছু কথা কবলৈ সহজ। মৌচুমী কন্দলিৰ ‘তৃতীয়ত্বৰ গল্প’ নামৰ গল্পটি এইক্ষেত্ৰত বিশেষভাৱে চৰ্চিত হলেও সি outsider perspective হোৱাৰ বাবে non-binary বা queer পৰিচিতিৰ অকলশৰীয়া যাত্ৰাৰ সহিব নোৱাৰা দুখৰ বোজাৰপৰা আহৰিত চেতনাস্ৰোতৰ তুলনাত পৰিচিতিৰ গ্ৰহণযোগ্যতাৰ দৰে প্ৰশ্নবোৰহে গল্পত অধিক সমুজ্জ্বল। এইক্ষেত্ৰত insider perspective-ৰপৰা সাহিত্যলৈ যি বাগধাৰা জিন্তু গীতাৰ্থৰ দৰে নতুন প্ৰজন্মৰ কেইজনমানে আমাৰ সন্মুখলৈ তুলি আনিবলৈ চেষ্টা কৰি আছে— সময়ত সি হয়তো অসমীয়া সাহিত্যক অন্য এক সমৃদ্ধি দান কৰিব।     

একেসময়তে তেওঁ গল্পত আছে গ্ৰাম্য জীৱনৰ অনুসংগত গঢ়ি উঠা চিত্ৰকল্পবোৰ।তৃতীয় বিশ্বৰ মানুহবোৰৰ এটা সৌভাগ্য যে তেওঁলোকৰ বহুতেই এতিয়াও গাৱঁত বাস কৰাৰ অভিজ্ঞতা পায়। এখন গাওঁ কেৱল ইয়াৰ পদূলিবোৰ, ঋতুৱে ঋতুৱে ৰং সলোৱা পথাৰ, উৰি যোৱা বগলীৰ জাক, বৈ যোৱা নদী বা মানুহৰ অমিয়ামাধুৰী  মাত-কথাবোৰ নহয়। মানুহে গাওঁ পাতে। যুগ যুগ ধৰি মানুহে গাওঁ পাতি আহিছে। সেইবাবেই গাওঁ মানে এক সভ্যতা। সাম্প্ৰতিক সময়ত গাওঁবোৰক আমাৰ ব্যকুলতাৰ  আবেদন বুলিও কব পাৰি। মানুহে যেতিয়া ওপজা গাওঁখন এৰি থৈ আহে, তেতিয়া এক সভ্যতাও পৃষ্ঠত এৰি থৈ আহে, নে অনাবিল সোঁৱৰণিৰ ৰূপকেৰে তাক মনৰ জগতত কঢ়িয়াই আনে! যিখিনি লৈ আহে, সেইখিনি মূল জীৱনটোৰ নিৰ্যাসহে। জীৱনটোতো তাত থাকিয়েই আহিল! গাওঁ এৰাৰ প্ৰাথমিক উচ্ছাস বা নতুন জীৱনৰ পদধ্বনিত হয়তো  বুজাই নাযায় যে, ওলাই অহাজনৰ বাবে গাৱঁলৈ সহজ প্ৰত্যাৱৰ্তন আৰু সম্ভৱ নহয়। কেতিয়াবা প্ৰত্যাৱৰ্তন সম্ভৱ হলেও সেই সত্তা প্ৰথমে ওলাই অহাৰ সময়ৰ সৰল সত্তাৰ সতে একে হৈ নাথাকেগৈ। প্ৰত্যাৱৰ্তন সম্ভৱ নোহোৱাৰ উপলব্ধি আহে লাহে লাহে। মানুহে হেৰুৱায় ওপজা ঘৰ। ওপজা গাওঁ।হেৰুৱাই নিজৰ উপস্থিতি। গাৱঁত নিজৰ গ্ৰহণযোগ্যতা। এইবোৰ উকাই উকাই অহা বেদনালৈ পৰিণত হয়। এয়াই ক্ৰমশঃ মানুহে হেৰুৱাই যোৱাৰ বেদনা-যি আগলৈ বাচি থাকিবগৈ সোঁৱৰণিত। এই উপলব্ধিৰপৰাই মানুহে আন এক পৰিচিতিলৈ নিজাকৈ এক যাত্ৰা আৰম্ভ কৰে। সফল কাহিনী কওতাই তাক সাহিত্যত ধৰি ৰাখিবলৈ সক্ষম হ’লে সেই সাহিত্য কেৱল ওপজা গাওঁখনৰ কাহিনী হোৱাৰ বিপৰীতে হেৰুওৱাৰ উত্তৰাধিকাৰ বা সোঁৱৰণিৰ যথাৰ্থ প্ৰতিনিধি হৈ পৰে।    

এনে অনেক অভিজ্ঞতাৰ ধাৰ পাৰ হৈ তেওঁ এতিয়া সেই গল্প কবলৈ আৰম্ভ কৰিছে, যিবোৰ গল্পৰ গাত অনেক উপকথাই ভেজা দি নতুন সম্ভাৱনাৰ সুচনা কৰে। গল্পৰ পঠনৰ লগে লগে উপকথাবোৰে সুযোগ বুজি পাঠকৰ আগত ভুমুকি মাৰে।ঠিক এইখিনিৰপৰাই গল্পকাৰজনৰ নিজৰো যেন এক সম্প্ৰসাৰণ ঘটে। সুযোগ বা উজ্জ্বল জীৱনৰ সন্ধানত গাৱঁৰপৰা ওলাই অহাজনৰ সতে সৰ্বস্ব হেৰুৱাই জীৱন-জীৱিকাৰ হাহাকাৰত ওলাই অহাজনৰ এটা পাৰ্থক্য থাকে। এইখিনিতে দ্ব্ন্দ্ব আৰু সংঘাতৰ অপৰূপ কথকতাত বহুবৰ্ণী গল্পৰ সৃষ্টি হ’ব পাৰে।নিম্নবৰ্গীয় মূলৰ আন্তঃপ্ৰব্ৰজন, বিশ্বাসহীনতা, উদ্বিগ্নতা, নিষিদ্ধ বাসনাৰ উপকথা অথবা অপকথাবোৰে যেতিয়া কাহিনীকথনৰ আশে-পাশে ভিৰ কৰি থাকেহি, তেতিয়া সি মূল গল্পটোৰ আবেদনকেই বৃদ্ধি কৰি যায়। 

জিন্তু গীতাৰ্থই জীৱনৰ আৰম্ভণিৰ সময়ৰপৰাই গল্প লিখিবলৈ আৰম্ভ কৰিছে। সেইবাবেই জীৱনক পৰীক্ষা-নীৰিক্ষা কৰাৰ লগতে জীৱন বিষয়ক অভিজ্ঞতাবোৰক গল্পত পৰীক্ষা-নীৰিক্ষা কৰিবলৈও সময় লাভ কৰিছে। কিছুমান গল্পকাৰে জীৱনত একেটা গল্পকেই পাঠকক বাৰে বাৰে কৈ থাকে আৰু কিছুমানে পাঠকক বহু কাহিনীকথনৰ সোৱাদ দিয়ে। দুয়োটা ধাৰাৰ গল্পকাৰেই নিজস্ব উদ্ভাৱনী শকতিৰে পাঠকক আশ্বৰ্যচকিত কৰি তোলাৰ ক্ষমতা ৰাখে।

 জিন্তুলৈ শুভেচ্ছা।  

 -ৰত্না ভৰালী তালুকদাৰ

Tuesday 12 December 2023

 

উপাসনা শইকীয়াৰ গল্পবোৰ



উপাসনা শইকীয়াৰ গল্পবোৰৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটোলৈ সোমাই গ’লে এনে লাগে যেন ফুটফুটীয়া ডেউকাৰে এজনী চৰায়ে অকলশৰে আকাশলৈ পাখি মেলি দিছে আৰু সন্মুখৰ আশ্বৰ্যচকিত ব্ৰহ্মাণ্ডখনলৈ পুলকভৰা, গভীৰ অন্তৰ্দৃষ্টিৰ চাৱনিৰে চাই ৰৈছে। অজানাৰ সংশয়, ব্ৰহ্মাণ্ডত বাস কৰা জীৱবোৰে নিজে সৃষ্টি কৰি লোৱা শেষ নোহোৱা সমস্যাবোৰৰ জটিল জালখন দেখি বিভ্ৰান্ত হৈছে। কিন্তু  বিতত নহৈ সেইবোৰ জানি-বুজি লবলৈ হেঁপাহেৰে নিজাকৈ এটা অনুমান কৰি চাইছে, পৰীক্ষা কৰি চাইছে।

ব্ৰহ্মাণ্ডৰ আকাশখনত তাইযে অকলশৰীয়া, সেই ভাৱটোৱে তাইক আমনি কৰা নাই। তাই উৰিবলৈও ভয় কৰা নাই, আৰু মাটিলৈ নামি আহিবলৈও বিচৰা নাই। চোৱাৰ আনন্দত থৌকি-বাথৌ, বিলাই দিয়াৰ আনন্দত মচগুল। সেয়েহে আকাশৰপৰাই অজস্ৰ ফেণ্টাছী আৰু শেষ নোহোৱা চিত্ৰকল্পৰ মাজেৰে দৃশ্যমান সমাজবাস্তৱতাৰ কাহিনী সাজি সাজি বিলাই গৈছে।

একধৰণৰ পুৰণা হৈ পৰা ৰোমান্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ  উপাসনা শইকীয়াৰ গল্পভাষাৰ চমৎকাৰ অলংকাৰ। আচলতে সাহিত্যত ইমানবোৰ কথা কোৱা হৈ গৈছে যে বহু সময়ত মনলৈ ভাৱ আহে—নতুনকৈ কবলৈনো কি আছে? দুখনকৈ মহাকাব্যৰ জগততেই  দেখোন সকলো সাৰকথা কোৱা হৈ গৈছে।  আমাৰনো বাকী আছে কি!  তেনেহ’লে আমি কাহিনী এটা কব  খোজাসকলে কি কৰিব লাগিব? পুৰণি সত্যকেই নতুন নতুন আদৱ-কায়দাৰে ন-কৈ সজাই কৈ থাকিব নালাগিব জানো! আজিৰ প্ৰজন্মৰ সাহিত্যিকে এই কামকেই বাৰে বাৰে কৰে। মানুহৰ মগজুত ঝংকাৰ তুলিবপৰাকৈ  সনাতন প্ৰমূল্যবোৰকেই কাহিনীৰ মাজেৰে সোঁৱৰাই থাকে।  সজাই-পৰাই কবলৈ নতুন নতুন আহিলা লয়। ইয়াৰ বাহিৰে আমাৰ আন উপায় নাই।

যদি সিয়েই সঁচা, তেনেহ’লে কব লাগিব যে উপাসনা শইকীয়াই ৰোমান্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ  আৰু নতুন নতুন চিত্ৰকল্পবোৰেৰে সাজি লোৱা জগতখন সঁচাকৈয়ে ইৰ্ষণীয়।তেওঁ দূৰৈৰপৰা চায়। দূৰৈৰপৰাই কয়। কিন্তু যি কয়, সেয়া সি সমাজবাস্তৱতাত অন্তৰ্লীণ হৈ থাকে। কিয়নো, চাৱনিটোযে পুলকভৰা! অন্তৰ্দৃষ্টি যে গভীৰ!  চকুযুৰি মাছৰোকাৰ। অব্যৰ্থ আৰু সচেতন। সেয়ে তেওঁ কাহিনীটো পৰি যাবলৈও নিদিয়ে, শিথিল হবলৈয়ো নিদিয়ে।  অৱেশষত তেওঁ মানৱতাৰ সন্ধান কৰে। গল্পভাষাত সমাজবাস্তৱতাৰ চিত্ৰ আঁকিবলৈ যাওতে কোনো চিৰাচৰিত ব্যাকৰণ নমনাকৈ ৰোমা্ণ্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ   আৰু বিয়াঘৰৰ  জাকি মাৰি অহা  জাত জাত বিয়ানামৰ দৰে বৰ্ণাঢ্য  চিত্ৰকল্পৰ মাজেৰেও যে সুখপাঠ্যভাৱে কিছু কথা কৈ থাকিব পাৰি, পাঠকৰ বোধৰ জগত আলোড়িত কৰি টোকাৰি এখন বজাই থাকিব পাৰি-সেই কথা বুজি পাবলৈ উপাসনা শইকীয়াৰ গল্পৰ পঠনেই যথেষ্ট।

এইক্ষেত্ৰত তেওঁ নিজা স্বাধীনতা লৈছে। তেওঁহে পাঠকক স্বাধীনভাৱে ক’ব। পাঠকে বিচৰা মতে নাযায়।  তেওঁ যে উৰণীয়া পখী।

তেওঁ গভীৰ চেতনাস্ৰোতৰ গল্পকাৰ। ‘ইজম’ৰ সীমাবদ্ধতা মানিবলৈ ৰাজী নহয় বুলিও গল্পত কৈছে।  কিন্তু এটা কথা। ‘ইজম’ৰ সীমাবদ্ধতা ভাঙিবলৈকো আমি ‘ইজম’বোৰ পঢ়িব লাগিব, জানিব লাগিব। ন’হলে জীৱনৰ দৃষ্টি উপৰুৱা হৈ ৰব। গল্পত স্ব-বিৰোধিতা আহিব। বহুতেই নপঢ়াকৈয়ে ‘ইজম’ ভঙাৰ প্ৰয়াস কৰে, বিফল হয় আৰু হতাশাই আৱৰি ধৰে। অৱশেষত প্ৰেক্ষাপটৰপৰা হেৰাই যায়।

হেমন্তত গছৰ পাত পকি হালধীয়া হৈ সৰি পৰে বাবে কবিয়ে হেমন্তক বিষাদৰ ঋতু বুলি কৈছে। সাংবাদিকতাতো ‘হালধীয়া সাংবাদিকতা’ বুলি বদনামী কথা এষাৰ আছে। কিন্তু হালধীয়া  মাথোন বিষাদৰ বা বদনামৰ নহয়--হালধীয়া উজ্জ্বলতাৰো  ৰং। যাক বহু দূৰৈৰপৰাই দেখা যায়। সেইবাবেই হয়তো পৃথিৱীৰ সকলোবোৰ স্কুল বাচৰ ৰং হালধীয়া। হালধীয়া বাহনখনে শিশুসকলে নিৰাপদে লৈ যায়, তেওঁলোকৰ শিকাৰ আলয়টোলৈ। তেওঁলোক যায় ৰং মনে, শিকিবলৈ। উপাসনা শইকীয়ায়ো এইখিনি হালধীয়াৰ কথা কৈছে। ফেণ্টাছী আৰু চিত্ৰকল্পৰ হাত ধৰি তেওঁ অঁকা জগতখনৰ হালধীয়াখিনি ৰঙিয়াল। পাঠকক নিৰাপত্তা আৰু উম দিব পৰাকৈ বিশ্বাসী।  

উপাসনা শইকীয়াই বৃত্তবোৰ ভঙাৰ কথা কৈছে, নন্-বাইনেৰী পৰিচিতি সত্তাৰ কথা কৈছে। গল্পকথাত নিজকে প্ৰসাৰিত কৰাৰ ক্ষমতা ৰাখিছে। কিন্তু উন্নাসিকতাৰে নহয়। সাহিত্যৰ ইৰ্ষণীয়, বিনম্ৰ কথনেৰেহে। বহু কথা তেওঁৰ কবলৈ বাকী আছে। সেই কথাবোৰ শুনিবলৈ আমাৰ আগ্ৰহ আছে। মাথো এটা কথা--ৰোমা্ণ্টিক ফেণ্টাছীৰ পুনৰনিৰ্মাণ   আৰু আচৰিত চিত্ৰকল্পবোৰেৰে যিখন জগতৰ তেওঁ ক’ব--আমি যাতে সেইবোৰ বিশ্বাস কৰি যাব পাৰোঁ।

 তেওঁলৈ শুভেচ্ছা।

 --ৰত্না ভৰালী তালুকদাৰ

 

Monday 11 December 2023

 

নীলোৎপল  বৰুৱাৰ গল্প



ছিন্নমূল(uprooted) মানুহৰ গাথাৰে গল্পত সমান্তৰাল কাহিনীকথনৰ অপূৰ্ব বাগধাৰা সৃষ্টি কৰা যিজন তৰুণ  অসমীয়া গল্পকাৰ আমি এই সময়ত পাইছোঁ তেওঁৰ নাম নীলোৎপল  বৰুৱা। নীলোৎপলৰ গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ(protagonist) প্ৰায়েই এজন ছিন্নমূল মানুহ। তেওঁ ক’ৰবাৰপৰা উফৰি আহে। হয়তোবা কেতিয়াবা দেশ বিভাজনৰ সোঁৱৰণি বহন কৰি আনেকেতিয়াবা উপনিবেশিক দাসত্বৰ সোঁৱৰণি। অথবা আন্তঃপ্ৰব্ৰজনৰ। গল্পত সেই সোঁৱৰণি, সেই অতীত অপ্ৰাসংগিক-বৰ্তমানৰ জঁকাটোহে সঁচা।

গল্পবোৰ  কবলৈ গল্পকাৰে লয় bottom-up-approach-তলৰপৰা ওপৰলৈ কয়। অতিৰিক্তভাৱে, আৰু এবিধ যাদুৰ (magic)প্ৰয়োগ কৰে। যাদুৰ এই অস্ত্ৰপাতেই গল্পৰ কালিকা। ই হৈছে ছায়া (shadow) আৰু কায়া(being) সমান্তৰাল কাহিনীকথন। তেওঁ কবলৈ ভালপায় ছায়াৰ কথা। সমগ্ৰীকভাৱে গল্পটোক এক সত্তা বুলি ধৰিলে তেওঁ সেই সত্তাৰ ছায়াটোৰ কথাহে ক’ব। ছায়াৰ বৰণ ক’লা। ৰংহীনতাই তাৰ সাৰকথা। এই ৰংহীনতাৰ পৃষ্ঠত তেওঁ সমুজ্জ্বল কৰি তোলে কায়াৰ, অৰ্থাৎ ছায়াৰপৰা বিচ্ছিন্ন কৰিব নোৱাৰা অন্য জীৱনৰ পৰিহাসত অনন্য ৰঙৰ খেলা।ৰঙৰ বিচ্ছুৰিত বৰ্ণচ্ছটাত থাকে সমকালীন ৰাজনীতি আৰু সমাজনীতিৰ বিকৃতি। গল্পত ছায়া জীৱন্তছায়াৰ কাহিনীকথতহে কায়াৰ প্ৰতিফলন ঘটে। থাকে জটিল প্ৰশ্ন। সহজকৈ পাঠকৰ বোধৰ জগতলৈ গতি কৰে। অতি স্বভাৱিক কথা যে পাঠক বাবে গল্পত থাকে ৰাশি ৰাশি বেদনা। যাৰ সৃষ্টি হয় ছিন্নমূল মানুহৰ গাত লিপিট খাই থকা ইতিকিং আৰু টিটকাৰীবোৰত।  

এই ছিন্নমূল মানুহবোৰ আমাৰ মাজতেই থাকে। কিন্তু আপাতত দেখা পোৱা নাযায়। একেটা জীৱনতেই কত জীৱন তেওঁলোকে বহন কৰে!দৃশ্যমান হৈয়ো অদৃশ্য। গল্পকাৰ যায়গৈ সেই অদৃশ্যমান জগতলৈ।যিবোৰ চৰিত্ৰ নিৰ্বাচন কৰে, তেওঁলোকক চিধাকৈ প্ৰান্তীয় (fringe element)বুলি কব নোৱাৰি।এৰি অহাৰ জীৱনত হয়তোবা তেওঁলোক মূলসুঁতিতেই(mainstream)বাস কৰিছিল, যাৰ আভাস গল্পত নাই। ছিন্নমূল মানুহে এৰি থৈ অহা সোঁৱৰণিৰ ভাৰ ববলৈ অস্বীকাৰ কৰে। অতীতলৈ চাবলৈ ভয় খায়। নিজৰ মাজতে পলাই পলাই জীয়াই থাকে। একধৰণৰ পলৰীয়াৰ জীৱন। অতি নিঃস্ব। এৰি থৈ অহা জীৱনৰ সাংস্কৃতিক উত্তৰাধিকাৰহে থাকে, কঠোৰ জীৱনৰ তাগিদাত তাৰ কৰ্ষণৰপৰা তেওঁলোক বিচ্ছিন্ন। কদাচিত ক’ৰবাত বীণা এখনৰ তাঁৰ এডাল জোকাৰি দিয়াৰ দৰে ৰিণি ৰিণি সুৰ এটাহে ভাহি উঠে সোঁৱৰণিত থৈ দিয়া জীৱনৰ। হেৰুওৱাৰ বেদনা,নিজৰ ওপৰত হেৰাই যোৱা বিশ্বাস, তথাকথিত মূলসুঁতিৰ সমাজখনৰ ইতিকিং-টিটকাৰীৰ মাজত জীৱনৰ স্বাৰ্থত গ্ৰহণ কৰে  ভ্ৰূকুটিৰ অদ্ভূত জীৱনশৈলী।

ইমান নিঃস্ব জীৱন এটাতো পৰিহাস আৰু নাটকীয়তাৰ ৰহণ সানি দিব পাৰিলে গল্পৰ কথনে যে তলসুঁতীয়া জীৱনৰ আঁৰৰপৰাদেশ-কালৰ নিৰ্মম সত্য উদঙাই যাব পাৰে, নীলোৎপল বৰুৱাৰ গল্পই সেই কথাকেই বাৰে বাৰে কৈ গৈছে। তেওঁৰ গল্পত সেয়ে পুনৰাবৃত্তি থকিলেও পুনৰাবৃত্তি নাই। তেওঁ ছিন্নমূল জীৱনটোৰহে পুনৰাবৃত্তি কৰে, গল্প কবলৈ তেনে জীৱন এটা  বাচি লয়। কাহিনী কিন্তু সদায় নতুন। গতিকে সমান্তৰাল জীৱনৰ অজস্ৰ কাহিনীয়ে গল্পত ভিৰ কৰেহি।  

অজস্ৰ পৰিহাস তেওঁৰ গল্পত, অজস্ৰ শ্লেষ। ছিন্নমূল জীৱনবোৰে আচলতে কাক উপহাস কৰিছে!মানৱতা বুলি যদি এষাৰ কথা আছে, তেনেহ’লে আপুনি নিজকে এই প্ৰশ্নটো সোধাৰপৰা বিৰত কৰিব নোৱাৰিব।কিয়নো এই কাহিনীবোৰ কবলৈ তেওঁ বহু কষ্ট কৰিছে, আৰু গল্পই সেই কষ্ট ধৰি ৰাখিছে। 

আৰু তেওঁৰ গল্পভাষা! যাৰ কথা ন’কলে নীলোৎপল বৰুৱাৰ গল্পৰ বিষয়ে কোৱা সকলো কথাই হয়তো অসাৰ হৈ পৰিব। তেওঁৰ গল্পভাষাই সাহিত্যৰ প্ৰচলিত ভব্য ভাষাক বহুপৰিমাণে প্ৰত্যাহ্বান জনাইছে। কিন্তু এই গল্পভাষাৰ ব্যাখ্যা বা বিৱৰণী নিদিয়াই ভাল, কিযনো পঠনৰ আমেজেৰেহে তাৰ পূৰ্ণতা উপলব্ধি কৰিব পাৰি। গল্পৰ ছিন্নমূল সত্তাই যেতিয়া জীৱনৰ সকলো স্বভাৱিক ছন্দকেই নাকচ কৰিছে, তেতিয়া  কাহিনীকথনৰ গদ্যভাষা অস্বাভাৱিক নোহোৱাটোহে আচৰিত।   

 গল্পকাৰলৈ শুভকামনা।

ৰত্না ভৰালী তালুকদাৰ