মণিকংকনা বৰবৰা, স্ৰোতস্বিনী তামুলী, সৃঞ্জনা শৰ্মাৰ আৰু আৰণ্যক শইকীয়াৰ গল্প
মণিকংকনা বৰবৰাৰ গল্প
মণিকংকনা বৰবৰা গভীৰ অনুৰাগেৰে মানুহৰ কথা কবলৈ ওলাই অহা এগৰাকীৰ গল্পকাৰ। তেওঁ লিখে গ্ৰাম্য পটভূমিৰ গল্প—য’ত গাওঁবোৰ আৰু গাওঁ হৈ নাথাকে। মণিকংকনাৰ গল্পত ভিতৰুৱা আৰু বাহিৰৰ অজস্ৰ ষড়যন্ত্ৰত গাওঁ হেৰাই যায়। এই ষড়যন্ত্ৰবোৰ তেওঁ দেখিছে। শৰীৰত অথবা মনত বহন কৰিছে তাৰ দাগ। তাৰ দ্বন্দ্ব-সংঘাতে তেওঁক জুৰুলা কৰিছে।গল্পত তাৰ নিকৰুণ প্ৰতিফলন ঘটে।
মণিকংকনা বৰবৰা একেধাৰে এগৰাকী Activist। সৃষ্টিশীল সত্তা যেতিয়া Activist হয়, তেতিয়া তেওঁ আনে নেদেখা, উমান নোপোৱা এখন আচৰিতধৰণৰ virgin জগতলৈ সোমাই যোৱাৰ সুবিধা পায়—য’ত ইতিমধ্যেই বিচৰণ কৰি থাকে অলেখ জীৱন্ত সাধুকথাই। তেওঁ শিহৰিত হয়। তেওঁ সেইবোৰ তুলি আনিবও পাৰে বা নিৰ্মাণ কৰিবও পাৰে—তাত তেওঁৰ স্বাধীনতা থাকে। ইয়াত তেওঁ insider perspective-ৰপৰা কথা কব পাৰে। তেওঁ খুব কম গল্প লিখিছে, য’ত নিৰ্মাণতকৈ কাহিনীকথনত বেছি গুৰুত্ব দিছে।
সৃষ্টিশীল সত্তা যেতিয়া Activist হয়, তেতিয়া তাৰ কিছুমান শংকাও থাকে। নিজৰ আদৰ্শৰ জগতখনৰ বাহিৰৰ ৰূপ-ৰং-ৰসবোৰলৈ, আন্য জগতৰ নিৰ্যাসবোৰলৈ তেওঁ চকু দিবনে? সৃষ্টিশীলতাৰ জীৱন যে আদৰ্শৰ জীৱনতকৈও বহু বৈচিত্ৰময়। আদৰ্শ য’ত এচাকি পোহৰ।
প্ৰচুৰ অধ্যয়নশীলতা, সততা, ক্ষেত্ৰ অধ্যয়নক সাৰথি কৰি যি বাটেৰে তেওঁ আগবাঢ়ি আহিছে, তালৈ শুভকামনা।
স্ৰোতস্বিনী তামুলীৰ গল্প
নতুন প্ৰ্ৰজন্মৰ
গল্পকাৰ স্ৰোতস্বিনী তামুলীয়ে গল্পকথাৰ মাজেৰে theme আৰু আংগিক—উভয়ক্ষেত্ৰতেই
দিব বিচাৰে অভিনৱত্ব। পুনৰাবৃত্তি তেওঁ বেয়া পায়। সৰলৰৈখিক গল্প কবলৈ তেওঁ ৰাজী নহয়।
তেওঁৰ গল্পৰ আছে দুৰন্ত গতি, যি সাৱলীল। তাত আছে একধৰণৰ সুন্দৰতা।
মানুহ তেওঁৰ প্ৰিয় বিষয়। হয়তো জীৱনক ভাল পায় মানুহতকৈও বেছি। গল্প কোৱাৰ হাবিয়াসে গল্প বিচাৰি তেওঁক দূৰ-দূৰণিলৈকে লৈ যায়গৈ। য’লৈ যায়গৈ, তাত হয়তোবা বিচাৰে শ্ৰেণীদ্বন্দ্বৰ মাজেৰে উঠি অহা এটা নিকৰুণ জীৱনৰ গল্প। কেতিয়াবা তেওঁ কয় সমান্তৰাল শৈলীৰ কাহিনী—যি কাহিনীত একেটা গল্পৰ মাজেৰে দুটা কাহিনীয়ে parallel journey কৰে। তেওঁ ক্ষেত্ৰ অধ্যয়নো কৰে।
সৃঞ্জনা শৰ্মাৰ গল্পবোৰে প্ৰজন্মৰ অস্থিৰতা, উদ্বিগ্নতাৰ এক আচৰিত জগতত বাস কৰে।এই গল্পবোৰে পাঠককো একধৰণৰ উদ্বিগ্নতাৰ মাজলৈ লৈ যায়, কিয়নো গল্পৰ
যি protagonist তেওঁ সৃষ্টি কৰে, তাৰ কথন অতিকৈ অনিশ্চিত। অজস্ৰ মানুহৰ ভিৰৰ মাজেৰে
protagonist যায়গৈ, উদ্বিগ্নতাবোৰে যাত্ৰাকাল অস্থিৰ কৰি তোলে—যেন মূৰৰ ওপৰত কিছুমান
অদৃশ্য, আউলী-বাউলী কাঁটা তাৰ। একধৰণৰ fantacyৰ দৰে তেওঁৰ গল্পকথন। যেন এক তীব্ৰ উত্তেজনাপূৰ্ণ video game চলি আছে, game-ৰ
পৰিণতি কি হ’ব তাক আমি নাজানো।
অথচ উৎকণ্ঠাবোৰে আমাক আঁতৰি আহিবলৈ নিদিয়ে। শংকা হয়। কিবা অঘটন ঘটাব নেকি? প্ৰজন্মৰ স্ফলনৰ ইংগিত আহিব নেকি! তেনে নহয়। গল্পৰ লেকাম গল্পকাৰে নিজৰ হাতত ৰাখে।আচৰিত চিত্ৰকল্পবোৰে তাত নিজৰ নিজৰ ভূমিকা পালন কৰি যায়। এইবাবেই তেওঁৰ কথন অভিনৱ। তেওঁ নিজেই সিদ্ধান্ত লব। আৰু সাহসেৰে পাঠকক জনাই দিব।
সৃঞ্জনা শৰ্মাৰ গল্পই কয় প্ৰজন্মৰ কয় একাকীত্বৰ কথা। এই একাকীত্ব স্বাৰ্থপৰ অভিভাৱক অথবা স্বাৰ্থপৰ সমাজে প্ৰজন্মক জাপি দিছে। ই সঁচাকৈয়ে এক বুজাব নোৱাৰা কৰুণ অভিজ্ঞতা। এক উন্নত নাগৰিক চেতনা অথবা বাস্তৱতাৰ ৰূপত তেওঁ তাক গল্পত ধৰি ৰাখিছে। উদ্বিগ্নতা আৰু অস্থিৰতা তাৰ বাহ্যিক প্ৰকাশ। প্ৰজন্মই তাক অকলেই face কৰে।
ইয়াতেই ফুটি উঠে প্ৰজন্মৰ আত্মবিশ্বাস।
তেওঁলৈ শুভকামনা।
আৰণ্যক শইকীয়াৰ
গল্প
একধৰণৰ সমাহিত জীৱনবোধ
আৰু নিজস্ব এক দৰ্শনেৰে সমাজৰ কিছু বাস্তৱতাক নিৰীক্ষণ কৰি গল্প কবলৈ ভালপোৱা নতুন প্ৰজন্মৰ
গল্পকাৰজন আৰণ্যক শইকীয়া। তেওঁৰ গল্পত প্ৰজন্মৰ
দ্ব্ন্দ্ব-সংঘাত-উদ্বিগ্নতা-অনিশ্চয়তাভৰা টলমল জীৱনৰ প্ৰকাশ নাই। সমাজ বাস্তৱতাক কিছু
দূৰৈত ৰৈ চায় তেওঁ। তাৰপৰাই নিৰীক্ষণ কৰে। অৱশেষত ঘটনা এটা নিটোল গল্পৰ ৰূপত কৈ যায়।
মানৱীয়তাই কথনক চালিত কৰে।
গল্পৰ নিৰ্মাণতকৈ বিৱৰণীক তেওঁ প্ৰাধান্য দিয়ে। গল্পভাষা মৃদু। নিৰ্মেদ। উত্তেজনা নাই।
কেতিয়াবা তেওঁ উদ্দাম জীৱন প্ৰৱাহৰ কথা কবলৈ comfort zone বাহিৰলৈ আহিবনে? নে বৰ্তমানৰ দৰেই কিছু নিলগত ৰৈ, তাৰেপৰাই পাঠকৰ চেতনাস্ৰোতক জোকাৰি দিয়াকৈ অভিনৱধৰণে গল্প কবলৈ বিচাৰিব? গল্পকাৰে এইক্ষেত্ৰত নিজৰ স্বাধীনতা লব, নিজৰ মতেই আগবাঢ়িব। পাঠকে মাথো অৱশেষত বিচাৰিব এটা মজাৰ গল্প।
গল্পকাৰলৈ শুভেচ্ছা।
ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment