Tuesday 5 December 2023

 

মনস্বিনী ৰুণুমী মহন্তৰ  ‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ৰ গল্পবোৰ


সাহিত্যত আৱিস্কাৰৰ বেলিকা নতুন কণ্ঠ আৰু নতুন ধাৰণা—এই দুয়োটাই শিহৰণকাৰী। তাতেই সেই কণ্ঠ যদি নাৰীবাদী ধাৰণাৰ পৃষ্ঠত গঢ় লৈ উঠা এটি সতেজ, গাঢ় আৰু আত্মবিশ্বাসী কণ্ঠ হয়। নাৰীবাদী বুলিলেই যে একধৰণৰ উন্নাসিক সত্তা নহয়, বা ৰন্ধা-বঢ়া, চিলাই-এম্ব্ৰয়ডাৰীৰ দৰে পৰম্পৰাগত আৰু গতানুগতিক কামবোৰ কৰিবলৈ অসন্মত, অথবা বিয়াৰ পানী তোলা গীত, আখৈ তোলা ৰীতিৰ দৰে পৰম্পৰাপ্ৰৱাহৰ প্ৰতি বীতৰাগ মনুষ্যধাৰী নহয়—বৰঞ্চ নাৰীজীৱনৰ পৰম্পৰাগত ভূমিকাবোৰক সন্মান জনোৱাৰ লগতে সেইবোৰক নিজৰ জীৱনত পূৰ্ণ ৰূপে উপভোগ কৰিও নাৰীবাদী ধাৰণাক একধৰণৰ নৱ-উন্মেষেৰে সাহিত্যত স্থাপনা কৰিবলৈ বিয়াকূল লেখক আমাৰ মাজত আছে--বিদ্যায়তানিক অধ্যয়নৰ লগতে চৌপাশৰ চিনাকি সমাজখনৰপৰাই সততে চকুত নপৰা নাৰীবাদৰ নতুন নতুন ‘মেটাফ’ৰ’বোৰেৰে আমাৰ আশ্বৰ্যচকিত কৰিছে—সেই কথা বুজি পাবলৈ মনস্বিনী ৰুণুমী মহন্তৰ দৰে তৰুণ লেখকৰ গল্পবোৰৰ পঠনেই যথেষ্ট। 

‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ৰ গল্পবোৰ পঢ়িলে অনুভৱ হয় তেওঁ যেন আমাৰ সময়ৰ এগৰাকী ‘আশাপূৰ্ণা দেৱী’-যি পুৰুষ বাদেই, আনকি নাৰীৰো চকুত নপৰা নাৰীজীৱনৰ তুচ্ছাতিতুচ্ছ ৰেঙণিবোৰকো নতুন ৰহণেৰে তুলি ধৰি আমাক আহ্লাদিত কৰিবলৈ আগবাঢ়ি আহিছে। এখোজ আগবাঢ়ি তেওঁ  এই  বাগধাৰাক সমৃদ্ধ কৰিছে  লোকজ চেতনাৰ  উপদানেৰে।  মনস্বিনী ৰুণুমী মহন্তৰ গল্প আগবাঢ়ে  লোকজ চেতনাই নাৰীবাদৰ সতে কৰা contest-ৰ মাজেৰে। যি অতিকৈ চিত্তাকৰ্ষক।   প্ৰশ্ন হয়, আশাপূৰ্ণা দেৱীৰ দৰে নাৰীকণ্ঠক  তৎকালীন বঙালী সমালোচক আৰু পাঠকসমাজে যি অনুৰাগেৰে আগবঢ়াই নিলে—অসমীয়া সমালোচক বা পাঠকসকলে মনস্বিনী ৰুণুমী  মহন্তৰ গল্পবোৰ সেই একেই অনুৰাগেৰে আগবঢ়াই নিবনে? সাহিত্যৰ নিৰস, নতুনত্বহীন সমালোচনাবোৰ বাৰু বাদেই  দিলোঁ-- সামাজিক মাধ্যমতো দেখা পাওঁ নাৰীৰ সেন্দূৰ, তোলনি বিয়া, কামাখ্যাৰ অম্বুবাচী মেলাৰ দৰে মুখৰোচক বিষয়বোৰত বিদ্যায়তনিক ব্যাখ্যা আগবঢ়োৱা মানুহৰ অভাৱ নাই। কিন্তি যিধৰণৰ প্ৰচেষ্টাৰ  অভাৱ সেয়া হৈছে মনস্বিনী ৰুণুমী মহন্তৰ গল্পবোৰৰ দৰে  সাহিত্য সমলৰ ওপৰত আকৰ্ষণীয় ব্যাখ্যা আগবঢ়াই লেখকক সাহস দিয়া।

আমি কথাই কথাই নাৰীবাদৰ ব্যাখ্যা আগবঢ়োৱাসকলে প্ৰায়েই নাৰী এগৰাকীৰ পৰম্পৰাগত ভূমিকাবোৰৰ প্ৰতি আওকাণ কৰোঁ। সন্তানে সততে  আমাক মাতৃৰূপেই বিচাৰে। পতিয়ে সততে ঘৰখনৰ কল্যাণকামী নাৰী  হিচাপেই বিচাৰে। সমাজেও  নাৰীক আৰোপ কৰে কিছু দায়িত্ব আৰু ভূমিকা। এইবোৰৰ লগত থাকে কিছু সাংস্কৃতিক কথা-কাণ্ডও।  তাৰবাবেই হয়তো জীৱন ইমান ধুনীয়া। কিন্তু বাস্তৱত দেখিবলৈ পোৱা যায় এই পৰম্পৰাগত ভূমিকাবোৰৰ প্ৰতি বহুতো সৃষ্টিশীল নাৰী সততে বীতশ্ৰদ্ধ। আমাৰ নিজৰো ব্যক্তিগত অভিজ্ঞতা এয়ে যে আমাৰ ঘৰুৱা কাম (ভাত ৰন্ধা-কাপোৰ ধোৱা-ঘৰ সজোৱা)আৰু তাৰ সতে জড়িত হৈ থকা শাৰীৰীক শ্ৰমক বহুতেই উপলুঙাৰ চকুৰে চায়। যেন এইবোৰ দৰিদ্ৰক্লিষ্ট, সমাজৰ তলখাপত বাস কৰা মানুহৰহে কাম ! 

বিপৰীতে, সমাজ আৰোপিত এই পৰম্পৰাগত  ধ্যান-ধাৰণা আৰু  তাৰ সতে জড়িত হৈ থকা সাংস্কৃতিক উপাদানবোৰৰ প্ৰতি মনস্বিনী ৰুণুমী মহন্ত শ্ৰদ্ধাশীল। কিন্তু তেওঁ গোঁৱাৰ নহয়। সাহিত্যত নাৰীবাদৰ কথা কবলৈ যোৱাজন যে এটুকুৰা ৰুক্ষ শাৰীৰীক খণ্ড নহয়, সেই কথা কবলৈ তেওঁ  স্থানিক উপাদানবোৰত আৰু আমাৰ অতূলনীয় সংস্কৃতিক সমলবোৰত অলেখ নতুন নতুন দৃষ্টিকোণ আৱিস্কাৰ কৰি পেলাইছে।লোকসংস্কৃতি আৰু পৰম্পৰাগত জীৱনপ্ৰৱাহৰ সঁফুৰাটিত লুকাই থকা সম্ভাৰটিৰপৰা বচা বচা মুকুতা তুলি আনিছে। ই এক মজাৰ কাণ্ড। তেওঁ assertive হয়, কিন্তু এই  assertion পৰম্পৰাৰ সমলবোৰৰপৰাই ওলাই আহিছে। তত্ব আপাতত ইয়াত অনুপস্থিত, যদিওবা গল্পৰ আধাৰ কিন্তু নাৰীবাদী তত্বই! নাৰীবাদে  পুৰুষৰ আধিপত্যকহে প্ৰশ্ন কৰে আৰু নাৰী-পুৰুষৰ সমানতা বিচাৰে। সেয়েহে ইয়াৰ মূল আধাৰ কল্যাণকামী। গতিকে সমাজ আৰোপিত পৰম্পৰাগত ভূমিকাই যাতে নাৰী এগৰাকীক ‘লগুৱা’লৈ পৰিণত কৰিব নোৱাৰে-- সন্তান, স্বামী আৰু সমাজৰ ‘গোলাম’ কৰি পেলাব নোৱাৰে তাৰ প্ৰতি গল্পকাৰ সচেতন। 

আচলতে সাহিত্যত নাৰীবাদৰ কথা কবলৈ যাওতে তেওঁ মনত কোনোধৰণৰ dogma-ক প্ৰশ্ৰয় দিয়া নাই।নাৰীবাদৰ বিষয়ে  মনস্বিনী ৰুণুমী মহন্তই  স্বাধীনভাৱে চিন্তা কৰিছে-- যি পাঠ্যক্ৰমৰ আওতাৰ বহিৰ্ভূত।

‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ৰ গল্পবোৰৰ মাজেৰে আমি যেন অসমীয়া সাহিত্যত স্নেহ দেৱীৰো এক উত্তৰাধিকাৰ পাইছোঁ--যি পৰিৱৰ্তিত সময়ৰ মাজেৰে পূৰ্বৱৰ্তী গল্পকাৰগৰাকীতকৈও তীক্ষ্ণ, মেজাজী আৰু গভীৰ। ভয়হীন আৰু আপোচহীন। আৰু তেওঁৰ গদ্যভাষা! একে আষাৰে কব পাৰি–অপূৰ্ব!পাগত উঠা!ৰহঢলা পথাৰৰ আঘোণৰ পথাৰৰ দৰেই-নিঁভাজ! শব্দৰ সচেতন প্ৰয়োগ আৰু পাহৰণিৰপৰা তুলি অনা শব্দৰাজিৰ অকস্মাত খকা-খুন্দাই দিয়া প্ৰাপ্তিৰে সুমধুৰ।

 --ৰত্না ভৰালী তালুকদাৰ

 

6 comments:

  1. ভাল লাগিল বাইদেউ

    ReplyDelete
  2. This comment has been removed by the author.

    ReplyDelete
  3. ন লেখিকাৰ বিষয়ে জানিবলৈ পায় ভাল লাগিল। নিশ্চয় সংগ্ৰহ কৰিম।

    ReplyDelete
  4. A very positive response on a new book .

    ReplyDelete