নীলোৎপল
বৰুৱাৰ গল্প
ছিন্নমূল(uprooted) মানুহৰ গাথাৰে গল্পত সমান্তৰাল কাহিনীকথনৰ অপূৰ্ব বাগধাৰা সৃষ্টি কৰা যিজন তৰুণ অসমীয়া গল্পকাৰ আমি এই সময়ত পাইছোঁ তেওঁৰ নাম নীলোৎপল বৰুৱা। নীলোৎপলৰ গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ(protagonist) প্ৰায়েই এজন ছিন্নমূল মানুহ। তেওঁ ক’ৰবাৰপৰা উফৰি আহে। হয়তোবা কেতিয়াবা দেশ বিভাজনৰ সোঁৱৰণি বহন কৰি আনে। কেতিয়াবা উপনিবেশিক দাসত্বৰ সোঁৱৰণি। অথবা আন্তঃপ্ৰব্ৰজনৰ। গল্পত সেই সোঁৱৰণি, সেই অতীত অপ্ৰাসংগিক-বৰ্তমানৰ জঁকাটোহে সঁচা।
গল্পবোৰ কবলৈ গল্পকাৰে লয় bottom-up-approach-তলৰপৰা ওপৰলৈ কয়। অতিৰিক্তভাৱে, আৰু এবিধ যাদুৰ (magic)প্ৰয়োগ কৰে। যাদুৰ এই অস্ত্ৰপাতেই গল্পৰ কালিকা। ই হৈছে ছায়া (shadow) আৰু কায়া(being)ৰ সমান্তৰাল কাহিনীকথন। তেওঁ কবলৈ ভালপায় ছায়াৰ কথা। সমগ্ৰীকভাৱে গল্পটোক এক সত্তা বুলি ধৰিলে তেওঁ সেই সত্তাৰ ছায়াটোৰ কথাহে ক’ব। ছায়াৰ বৰণ ক’লা। ৰংহীনতাই তাৰ সাৰকথা। এই ৰংহীনতাৰ পৃষ্ঠত তেওঁ সমুজ্জ্বল কৰি তোলে কায়াৰ, অৰ্থাৎ ছায়াৰপৰা বিচ্ছিন্ন কৰিব নোৱাৰা অন্য জীৱনৰ পৰিহাসত অনন্য ৰঙৰ খেলা।ৰঙৰ বিচ্ছুৰিত বৰ্ণচ্ছটাত থাকে সমকালীন ৰাজনীতি আৰু সমাজনীতিৰ বিকৃতি। গল্পত ছায়া জীৱন্ত।ছায়াৰ কাহিনীকথতহে কায়াৰ প্ৰতিফলন ঘটে। থাকে জটিল প্ৰশ্ন। সহজকৈ পাঠকৰ বোধৰ জগতলৈ গতি কৰে। অতি স্বভাৱিক কথা যে পাঠক বাবে গল্পত থাকে ৰাশি ৰাশি বেদনা। যাৰ সৃষ্টি হয় ছিন্নমূল মানুহৰ গাত লিপিট খাই থকা ইতিকিং আৰু টিটকাৰীবোৰত।
এই ছিন্নমূল মানুহবোৰ আমাৰ মাজতেই থাকে। কিন্তু আপাতত দেখা পোৱা নাযায়। একেটা জীৱনতেই কত জীৱন তেওঁলোকে বহন কৰে!দৃশ্যমান হৈয়ো অদৃশ্য। গল্পকাৰ যায়গৈ সেই অদৃশ্যমান জগতলৈ।যিবোৰ চৰিত্ৰ নিৰ্বাচন কৰে, তেওঁলোকক চিধাকৈ প্ৰান্তীয় (fringe element)বুলি কব নোৱাৰি।এৰি অহাৰ জীৱনত হয়তোবা তেওঁলোক মূলসুঁতিতেই(mainstream)বাস কৰিছিল, যাৰ আভাস গল্পত নাই। ছিন্নমূল মানুহে এৰি থৈ অহা সোঁৱৰণিৰ ভাৰ ববলৈ অস্বীকাৰ কৰে। অতীতলৈ চাবলৈ ভয় খায়। নিজৰ মাজতে পলাই পলাই জীয়াই থাকে। একধৰণৰ পলৰীয়াৰ জীৱন। অতি নিঃস্ব। এৰি থৈ অহা জীৱনৰ সাংস্কৃতিক উত্তৰাধিকাৰহে থাকে, কঠোৰ জীৱনৰ তাগিদাত তাৰ কৰ্ষণৰপৰা তেওঁলোক বিচ্ছিন্ন। কদাচিত ক’ৰবাত বীণা এখনৰ তাঁৰ এডাল জোকাৰি দিয়াৰ দৰে ৰিণি ৰিণি সুৰ এটাহে ভাহি উঠে সোঁৱৰণিত থৈ দিয়া জীৱনৰ। হেৰুওৱাৰ বেদনা,নিজৰ ওপৰত হেৰাই যোৱা বিশ্বাস, তথাকথিত মূলসুঁতিৰ সমাজখনৰ ইতিকিং-টিটকাৰীৰ মাজত জীৱনৰ স্বাৰ্থত গ্ৰহণ কৰে ভ্ৰূকুটিৰ অদ্ভূত জীৱনশৈলী।
ইমান নিঃস্ব জীৱন এটাতো পৰিহাস আৰু নাটকীয়তাৰ ৰহণ সানি দিব পাৰিলে গল্পৰ কথনে যে তলসুঁতীয়া জীৱনৰ আঁৰৰপৰাই দেশ-কালৰ নিৰ্মম সত্য উদঙাই যাব পাৰে, নীলোৎপল বৰুৱাৰ গল্পই সেই কথাকেই বাৰে বাৰে কৈ গৈছে। তেওঁৰ গল্পত সেয়ে পুনৰাবৃত্তি থকিলেও পুনৰাবৃত্তি নাই। তেওঁ ছিন্নমূল জীৱনটোৰহে পুনৰাবৃত্তি কৰে, গল্প কবলৈ তেনে জীৱন এটা বাচি লয়। কাহিনী কিন্তু সদায় নতুন। গতিকে সমান্তৰাল জীৱনৰ অজস্ৰ কাহিনীয়ে গল্পত ভিৰ কৰেহি।
অজস্ৰ পৰিহাস তেওঁৰ গল্পত, অজস্ৰ শ্লেষ। ছিন্নমূল জীৱনবোৰে আচলতে কাক উপহাস কৰিছে!মানৱতা বুলি যদি এষাৰ কথা আছে, তেনেহ’লে আপুনি নিজকে এই প্ৰশ্নটো সোধাৰপৰা বিৰত কৰিব নোৱাৰিব।কিয়নো এই কাহিনীবোৰ কবলৈ তেওঁ বহু কষ্ট কৰিছে, আৰু গল্পই সেই কষ্ট ধৰি ৰাখিছে।
আৰু তেওঁৰ গল্পভাষা! যাৰ কথা ন’কলে নীলোৎপল বৰুৱাৰ গল্পৰ বিষয়ে কোৱা সকলো কথাই হয়তো অসাৰ হৈ পৰিব। তেওঁৰ গল্পভাষাই সাহিত্যৰ প্ৰচলিত ভব্য ভাষাক বহুপৰিমাণে প্ৰত্যাহ্বান জনাইছে। কিন্তু এই গল্পভাষাৰ ব্যাখ্যা বা বিৱৰণী নিদিয়াই ভাল, কিযনো পঠনৰ আমেজেৰেহে তাৰ পূৰ্ণতা উপলব্ধি কৰিব পাৰি। গল্পৰ ছিন্নমূল সত্তাই যেতিয়া জীৱনৰ সকলো স্বভাৱিক ছন্দকেই নাকচ কৰিছে, তেতিয়া কাহিনীকথনৰ গদ্যভাষা অস্বাভাৱিক নোহোৱাটোহে আচৰিত।
ৰত্না ভৰালী তালুকদাৰ
No comments:
Post a Comment