Monday, 18 December 2023

 

বিপাশা বৰাৰ গল্প




ৰোমাণ্টিক বিষণ্ণতা (romantic melancholy)আৰু লোকজ চেতনাৰ প্ৰতি থকা সচেতনতাৰে (folk consciousness)এক fusion-ধৰ্মী কথনশৈলী নিৰ্মাণ কৰি লৈ গল্প কবলৈ আৰম্ভ কৰিছিল বিপাশা বৰাই। একধৰণৰ সন্মোহণ (mesmerism)অথবা মায়াজালৰ(illusion)দৰে সেই কথকতা। এই কথন ইমান স্বতঃস্ফুৰ্ত আছিল যে, সি সকলোৰেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পঠনৰপৰা নিজকে এৰুৱাই আনিব নোৱাৰি।

বিপাশা বৰাই জীৱনক গভীৰভাৱে ভালপায়। শূন্যৰপৰাও জীৱনক নতুনকৈ আৰম্ভ কৰাৰ ক্ষমতা তেওঁ ৰাখে। এগৰাকী সৃষ্টিশীল লোকৰ বাবে এনে ক্ষমতা তেনেই সহজ কথা নহয়। সীমাবদ্ধতাৰ সকলো সীমা পাৰ হৈ তেওঁ জীৱনৰ সকলো সম্ভাৱনীয়তাক স্পৰ্শ কৰিবলৈ বিচাৰে। এই অদম্য, ইতিবাচক জীৱনৰ স্পৃহা তেওঁৰ কথনত অতি স্পষ্ট।

ৰোমাণ্টিক বিষণ্ণতাত আৱেশ সানি লোকজ চেতনাৰ উপাদানেৰে জীৱনৰ গভীৰলৈ যোৱাৰ হেঁপাহ গল্পকাৰৰ ইমান তীব্ৰ আছিল যে, আচৰিতধৰণে সেই জীৱনবোধেৰেই তেওঁ নৃ-গোষ্ঠীয় জীৱন আৰু গোষ্ঠী চেতনাৰ শ্ৰেণীদ্বন্দ্বক সফলভাৱে আৰু একেলগে গল্পলৈ তুলি আনি পাঠকক চমৎকাৰ সম্ভাৱনাৰে আচৰিত কৰি পেলাইছিল। ই আছিল অসমীয়া গল্পসাহিত্যৰ এক নতুন বাগধাৰা--যাৰ অৱলোকন গোষ্ঠীচেতনা অথবা শ্ৰেণীদ্বন্দ্ব বাদেই--নাৰীবাদী বাগধাৰাৰেও কৰিব পৰা যায়। অলেখ দ্ব্ন্দ্বৰ মাজেৰে যি গল্প আগবাঢ়ে। পাঠকক মুহুৰ্মুহু চেতনাৰে এনেদৰে জৰ্জৰিত কৰে যে, আগবাঢ়িব খুজিও আগবাঢ়িব নোৱাৰি। পুৰাকথা অথবা মীথ্ (myth) বোৰে তাত আচৰিত চিত্ৰকল্পৰ নিৰ্মাণ কৰি যায়।ভাৱ হয় এনে মীথ্ (myth) সাজিব পৰাৰ দক্ষতা কেৱল তেওঁৰেই আছে। প্ৰায়েই এই মীথ্ (myth)বোৰ উঠি আহে ন-তাত্বিক গোষ্ঠীচেতনাৰ 

তত্বৰ পৰিসীমাৰ বাহিৰত নিজস্ব এক গভীৰ জীৱনবোধৰপৰাই তেওঁ গল্পভাষালৈ সেই কাহিনী মাথোন নহয়, বৰঞ্চ সমগ্ৰ জীৱন তুলি আনিবলৈ সক্ষম হৈছিল। চিনাকি পৃথিৱী হৈ পৰিছিল অচিনাকি। অচিনাকিখন বিস্ময়ক।  

আচৰিত কথা যে, তেওঁৰ এই অনন্য শক্তিশালী বাগধাৰা আৰু গভীৰ জীৱনবোধৰ সেই গল্পভাষাক পৰৱৰ্তী সময়ত ৰোমাণ্টিক বিষণ্ণতা আৰু লোকজ চেতনাৰ উপাদানৰ প্ৰাধান্যৰে যেন ইচ্ছা কৰিয়েই তল পেলাই থোৱা হ’ল। কোনোবাই হয়তো তেওঁক তেনে সীমিত বাগধাৰাৰ গল্পকাৰ বুলিয়েই পতিয়ন নিয়ালে। গল্পকাৰেও হয়তো সেই কথা মানি ল’লে আৰু সাময়িকভাৱে গভীৰ জীৱনবোধ স্পৰ্শ কৰি তুলি আনিবপৰা সেই শক্তিশালী কথকতাক পাহৰি পেলালে। আশ্বৰ্যকৰ মীথ্(myth)বোৰৰ কালিকাও যেন বহু পৰিমাণে কমি আহিল। ফলত পৰৱৰ্তী সময়ৰ কেইবাটাও গল্প সুখপাঠ্য হলেও পূৰ্বৰ সেই অনন্যসুন্দৰ জীৱনবোধৰ শক্তিশালী গল্পভাষাৰ আৱেশৰ কাষলৈ যেন যাবলৈ পৰা নাছিল।

ৰোমাণ্টিক বিষণ্ণতা, লোকজ চেতনা, সোঁৱৰণি অথবা পাহৰণিৰ চিত্ৰকল্পৰে গল্পত অলেখ কথাই কৈ যাব পাৰি-কিন্তু তেওঁ যে গভীৰ জীৱনবোধৰো গল্পকাৰ! কেতিয়ানো পূৰ্বৰ দৰে কথাবোৰ কবলৈ আৰম্ভ কৰি বুলি বাট চাই থকাৰ সময়তে শেহতীয়াকৈ গল্পলৈ তেনে সংবেদী, গভীৰ জীবনৰ অভিজ্ঞতাৰ সোৱাদ গল্পৰ মাজেৰে দিবলৈ যত্ন কৰিছে-যি আমাৰ দৰে পাঠকক আশ্বস্ত কৰিছে। হয়। কেতিয়াবা এৰি থৈ যোৱা সমৃদ্ধ সুঁতিলৈ নৈ উভতি আহে। এয়া আদৰণীয়। আমি আমাৰ শব্দবোৰ ক’ত থৈ যাম! পাঠকৰ হৃদয়ত। কিন্তু সেই কথাষাৰ আমি নিজকে সুধি চা লাগিব। গল্পকথা কবলৈ আৰম্ভ কৰাৰেপৰা শেষলৈকে লেখকৰ এক দায়িত্ব থাকে—পৰিক্ৰমা সফলতাৰে সমাপ্ত কৰাৰ। নিজকে অতিক্রম কৰাটো সৃষ্টিশীল মানুহবাবে কঠিন কাম, কিন্তু সেই কাম কৰিব পাৰে বাবেই তেওঁ সৃষ্টিশীল।

 গল্পকাৰলৈ শুভেচ্ছা

 ৰত্না ভৰালী তালুকদাৰ

No comments:

Post a Comment