ভাস্কৰ জ্যোতি বৰুৱাৰ গল্পবোৰ
ভাস্কৰ জ্যোতি বৰুৱা প্ৰকৃততে চহৰৰ কথা কোৱা গল্পকাৰ। চহৰৰ জটিল বাস্তৱতাৰ পৃষ্ঠত তেওঁ গল্প নির্মাণ কৰে। কেতিয়াবা
আনে এচমকা খণ্ডিত অভিজ্ঞতা। কেতিয়াবা চহৰৰ ইতিহাস নিৰ্মাণৰ প্ৰক্ৰিয়া। উদঙায় ষড়যন্ত্ৰ।
তেতিয়া ভাব হয়—এই চহৰবোৰ দৰাচলতে কাৰ? চহৰ যেন মানুহৰ নহয়।চহৰত অযথা কৃত্রিমতাত হেৰাই যায় মানুহৰ জীয়াই থকাৰ হেঁপাহ। ভাস্কৰ জ্যোতি বৰুৱাৰ গল্পই কয়—চহৰ আচলতে মানুহে গঢ়ে, ষড়যন্ত্ৰ এই নিৰ্মাণৰ অংশ। তাৰ মাজতেই বাস কৰা মানৱতাৰ অনুভুতিয়ে গল্পৰ পাঠকক চমৎকাৰৰ সোৱাদ দিয়ে।
তেওঁৰ গল্পৰ
যিবোৰ মানুহ এতিয়াৰ চহৰত
আছে, সেই মানুহবোৰে তাহানিতে গাওঁ এৰি আহিছিল। ভাস্কৰ জ্যোতি বৰুৱাৰ গল্পত তাহানিৰ(গাওঁ
এৰাৰ)বিৱৰণী নাই। আছে বৰ্তমানৰ মানুহবোৰৰ গাথা।তেওঁলোকে হয়তো
কেইটামান প্ৰজন্ম চহৰত পাৰ কৰিলে। ইয়াৰ তিক্ততাবোৰ হজম কৰি তেওঁলোক এতিয়া অভিজ্ঞ। অযথা যান জঁট, চিঞৰ-বাখৰেৰে চহৰৰ মানুহ তিতিক্ষু হৈ উঠাৰ অভিজ্ঞতা তেওঁৰ গল্পত নাই। বিপৰীতে চহৰত জাহ যোৱা
মানুহৰ আনে নেদেখা কাহিনী কবলৈ তেওঁ ভাল পায়। এৰা। মানুহ চহৰত
জাহ যায়। হেৰুৱাই পেলায় তাহানিৰ ইতিহাস। এনেধৰণৰ কাহিনী কবলৈ গল্পকাৰৰ নিজা দর্শনৰ লগতে আচলতে একধৰণৰ আত্মবিশ্বাসৰো প্ৰয়োজন হয়। গল্পত তাৰ স্বাক্ষৰ আছে। পঠনৰ ভলা লগা অভিজ্ঞতাখিনি হৈছে যে, চহৰক তেওঁ অন্বেষণকাৰীৰ দৰে চাইছে। কাহিনীৰ শৈলীটো নিজা। ইয়াত গাওঁ এৰা
মানুহবোৰৰ বেদনা নাই। অযথা বিলাপো নাই।
যি কথা কবলৈ বিচাৰে সেই প্রেক্ষা তেওঁ
জানে বাবেই বিচৰণ ক্ষেত্ৰৰ বাহিৰত
গল্প খেপিয়াই নুফুৰে।
চহৰৰ মানুহৰ অভিজ্ঞতা ভয়ংকৰ। অজস্ৰ কুটিল ষড়ন্ত্ৰ, বিচ্ছিন্নতাবোধ, একাকীত্ব, লগ পোৱাহ হেঁপাহৰ দৰে কথনৰ মাজেৰে গল্পকাৰে এচোৱা ইতিহাস ধৰি ৰাখিব বিচাৰে। সময়ৰ পৰিবর্তনত তাহানিৰ এলাগী চহৰৰ এডোখৰ মাটি যেতিয়া মূল্যবান হৈ উঠে, পাৰিবাৰিক কথা-কাণ্ড, ষড়যন্ত্র কাহিনীবোৰে তাত পোখা মেলে—তেতিয়া তেওঁ তালৈ এটা সফল গল্প বিচাৰিবলৈ গুচি যায়গৈ। বিলুপ্তপ্ৰায়, খোলাধাৰী কচ্ছপ হৈ উঠে আচৰিত মেটাফ’ৰ।
গল্পকাৰে নিজাকৈ এটা নিটোল কাহিনী কয়। কাহিনীৰপৰা মনঃসংযোগ বিচ্ছিন্ন হৈ কেতিয়াবা আঁত খেলি-মেলিও হয়। কেতিয়াবা কাহিনী জোৰে-জোখাৰে গোটাই নোলোৱাকৈও কাহিনী কৈছে। কবলৈ গ’লে তেওঁ চহৰৰ অনেক গল্প আমাৰ সফলভাৱে কবলৈ বাকী আছে। পাঠকে উমান নোপোবা অনেক নজনা-নুশুনা কাহিনীৰ সোৱাদ দিবলৈ আছে। আটাইতকৈ ভাল লগা গল্পটো কবলৈতো বাকী আছেই! এনে গল্পকাৰৰ প্ৰয়োজন আমাৰ আছে। চহৰ নিৰ্মাণৰ কাহিনী কোৱা গল্পকাৰ আমাৰ নাই বুলিলেও হয়। এই কাহিনীবোৰ কোৱাৰ বাবে গল্পই উপযুক্ত মাধ্যম। প্লেটফৰ্ম। নিৰ্মাণৰ প্ৰক্ৰিয়াৰ মাজেৰে ধৈৰ্যসহকাৰে গৈ থকা গল্পকাৰে নিজৰ উত্তৰণৰ বাট নিজেই দেখা পায়। আজিৰ পাঠকে গল্পকাৰৰপৰা দাবী কৰে এটা compact, বুদ্ধিদীপ্ত গল্প। কিয়নো আজিৰ পাঠকজনো অতিকৈ ব্যস্ত মানুহ। বিভিন্ন অভিজ্ঞতাৰে পুষ্ট। কামৰ মজতহে পঢ়িব, পঠনৰ বাবে সুকীয়াকৈ আজৰি সময় নাপায়। আজিৰ পাঠকে পঠনৰ সময়ত গল্পটোক দিব লগা সময়খিনিৰো হিচাপ ৰাখিবলগীয়া হয়।
গল্পকাৰে গল্পৰ মজেৰে সাহিত্যত আশ্বৰ্যৰ নিৰ্মাণৰ ইতিহাস ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে। আচলতে সাহিত্য একধৰণে ইতিহাসেই, ই মাথোন কাহিনীকথন নহয়। সাহিত্যৰ মাজেৰে নাগৰিক চেতনাসমৃদ্ধ ইতিহাস কথনৰ বিশেষ ডেগাডোখৰত ৰৈ গল্প কোৱাৰ অপূৰ্ব দক্ষতা ভাস্কৰ জ্যোতি বৰুৱাৰ আছে।
কেতিয়াবা অৱশ্যে কথন শিথিলো হৈছে। বৰ সোনকালেই চিনাকি চহৰ আমাৰ অপৰিচিত হৈ যায়।মিনিটত হেৰাই যায় পুৰণা গছ। তাত বাস কৰা চৰইবোৰ ক’লৈ যায়গৈ! সিহঁতৰ adaptation লক্ষণবোৰ কি? চহৰত কেৱল মানুহেই জানো adaptation কৰে? গল্পকাৰে চহৰত বাস কৰা মানুহৰ বাহিৰে আন জীৱলৈয়ো এটা দৃষ্টি ৰখাৰ বাবেই কথাবোৰ মনলৈ আহে। ক্ষণে ক্ষণে চহৰত সলনি হৈ পৰে দেৱালৰ ভাষা। চকুৰ পচাৰতে গঢ়ি উঠা ফ্লাই অ’ভাৰে বুহ কথন ঢাকি পেলায়। নতুন কথনৰ জন্ম দিয়ে। সাহিত্যত এই সকলোবোৰেই অপৰূপ চিত্ৰকল্প হৈ ধৰা দিয়ৰ ক্ষমতা ৰাখে। আৰু কত বিচিত্ৰ চিত্ৰকল্প থাকে! চহৰত মানুহৰ ইতিহাস নির্মাণৰ আঁৰৰ নিৰ্মম কথকতা তেখেতৰ গল্পত ওলাই আহিছে, কিন্তু নিৰৱচ্ছিন্নভাৱে ওলাই আহিবলৈ এতিয়াও যেন বাকী।
No comments:
Post a Comment