নৱজিত চেলেঙৰ গল্পবোৰ
গ্ৰাম্যজীৱনৰ পটভূমিৰ সমকালীন সমাজবাস্তৱতাৰ জটিলতা আৰু
নান্দনিকতাক দায়বদ্ধভাৱে কৈ মানৱতাৰ সন্ধান কৰা তৰুণ গল্পকাৰজনৰ নাম নৱজিত চেলেং।গাৱঁত
থাকিও যি গাওঁ হেৰুৱাইছে, অথবা তাৰ সনাতন প্ৰমূল্য, তেওঁ সাহিত্যলৈ আনিছে তাৰ কথকতা-প্ৰতিনিধিত্ব কৰিছে। সামূহিক সংকটৰ পৃষ্ঠত ব্যক্তিসত্ত্বাই সন্মুখীন হোৱা
সংকটৰ কথা কৈছে।
গাৱঁত যেতিয়া খহনীয়া লাগে, যেতিয়া গাও হেৰায়, সংকুচিত ভুমিত মানুহে একেধাৰে জীৱনো হেৰুৱায় আৰু হেৰুৱায় মনৰ সম্পদবোৰ। মাটিৰে সজা ঘট-টেকেলিবোৰৰ দৰে জীৱন ভংগুৰ হৈ পৰে। অতিমাৰীৰ দৰে মহাসংকট যেতিয়া আহে, তাৰ প্ৰভাৱৰপৰা গাওঁ বাচি নায়ায়, কিয়নো গাওঁ এতিয়া গাওঁ হৈ থকা নাই। গাওঁ এতিয়া উদং space-ৰ হুমুনিয়াহ। সূদূৰৰ কোনোবা উদ্যোগস্থলীত পৰি থাকে গাৱঁৰ যৌৱন, কৰ্মৰত শ্ৰমিকৰ বেশত। গাৱঁত থাকে পিতৃ-মাতৃৰ অপেক্ষাৰ চকুপানী।
নৱজিত চেলেঙৰ বহু শব্দই গাওঁবোৰৰ হেৰাই যোৱাৰ কথকতাক ধৰি ৰাখিছে।একধৰণৰ inheritance of loss, হেৰুওৱাৰ উত্তৰাধিকাৰ—য’ত গাৱঁত থাকিয়েই মানুহে গাওঁ হেৰুৱায়। আচলতে হেৰুৱায় সম্পদ। হেৰুৱায় সৰলতা। হেৰুওৱাৰ কথকতা কবলৈও মানুহে নিজকে হেৰুৱাবলৈ জানিব লাগিব। নিজকে হেৰুৱাবলৈ জনাটোও একধৰণৰ কলা। অনাহক প্ৰাপ্তিৰ হিচাপ-নিকাচত এই কলাৰপৰা মানুহ আঁতৰি যায়। সাহিত্য তৰল কৰি তোলে। সুখৰ কথা এয়ে যে, নৱজিত চেলেঙৰ শব্দবোৰে হেৰুওৱাক কলা হিচাপেই সন্ধান কৰিছে।প্ৰাপ্তি-অপ্ৰাপ্তিৰ হিচাপেৰে তাক সংকীৰ্ণ কৰি তোলা নাই। তেওঁৰ গল্প মানৱীয় আবেদনেৰে সিক্ত।
কিন্তু তেওঁ তাতেই ৰৈ থকা নাই। নিজকে সংযত কৰি এক ধৰণৰ পৰিমিতিবোধেৰে তেওঁ কবলৈ ভালপায় মানুহৰ বিশাল জীৱনৰ কথা। জীৱনৰ আৰ্তি আৰু বেদনাক গভীৰতাৰে উপলব্ধি কৰে, এই উপাদানবোৰ থকা ক্ষেত্ৰৰপৰাহে বিষয়বস্তু নিৰ্বাচন কৰে। গল্পকথাত গল্পকাৰে গল্পৰপৰা নিজকে বিচ্ছিন্ন কৰি মেদহীন, নিটোল কথকতা আনিবপৰাটোৱেই বোধহয় নৱজিতৰ কমলৰ আটাইতকৈ শক্তিশালী ধাৰ। তেওঁ নিলগৰপৰা কথা কবলৈ ভালপোৱা গল্পকাৰ। এডোখৰ ঠাইত ৰৈ, নিলগৰপৰা গল্পটো পৰ্যবেক্ষণ কৰে, তাৰপৰাই কয়। ভাৱৰ যিকোনো উচ্ছাসৰপৰা গল্প মুক্ত। একধৰণৰ কাৰুণ্যতা এই কথকতাৰ সাৰ। গল্পত সংঘাত থাকে, কিন্তু গল্পই দ্বন্দ্বৰ মাজৰে আগবাঢ়ি যোৱাৰ বিপৰীতে মানৱীয় উপলব্ধিৰে যায়। গল্পত তেওঁ শৰীৰৰ কথকতাও আনিছে।শৰীৰ দাবী আৰু অনুভুতিবোৰৰ কথা কৈছে। একোটা শৰীৰো গল্পকথাৰ চৰিত্ৰ, য’ত ইংগিত আৰু সংযমৰ ছায়াৰে আগবাঢ়ে গল্প।
কেতিয়াবা কবলৈ মন যায়- প্ৰেক্ষাৰ আৰু অলপ ওচৰলৈ আহি ক’লেনো কি দায় লাগে!তেওঁ যিখন জগতৰ কথা সাহিত্যত কবলৈ বাচি লৈছে, সেইখন জগতত আচলতে নিলগৰপৰা কোৱাতকৈ লগতে থাকি ক’লেহে গল্পবোৰ অধিক প্ৰাণৱন্ত হৈ উঠে। সাহিত্যৰ সমালোচকে সাহিত্যত পৰিমিতিবোধৰ কথা কয় ঠিকেই। বহু পাঠকেও পৰিমিতিবোধ বিচাৰে। কিন্তু এই পৰিমিতিবোধৰ জোখ কি? জোখৰ ফিটা বা স্কেল টানিব পাৰিনে! তাতকৈ মনৰ সঁফুৰা মেলি দিব পৰাকৈ নিজকে কিছু স্বাধীন কৰি দিব পৰ নাযায় নেকি!
মাৰ্কেজৰ দৰে!নেৰুদাৰ দৰে! মৌয়ানৰ দৰে!
আমাৰ জীৱনবোৰত, আমাৰ ঠাইৰ প্ৰকৃতিত ইমানবোৰ ৰঙৰ সমাহাৰ ঘটাৰ পিছতো পৰিমিতিবোধৰ নামত আমি সেইবোৰলৈ নোচোৱাকৈ থকাটো উচিত হ’বনে? অৱশ্যে তেওঁ সেইদৰে কৈছেও। যেতিয়াই লগতে থাকি গল্প কোৱাৰ প্ৰয়াস কৰিছে, সেই গল্পও অধিক সমুজ্জ্বলো হৈ উঠিছে। কিন্তু তেওঁ পুনৰ নিলগলৈ গুচি যায়গৈ। আৰু এটা কথা, নৱজিত চেলেঙ যিখন ঠাইত কৰ্মৰত তাত এতিয়াও অলেখ উপাদান আছে, যিবোৰৰ প্ৰকৃত কৰ্ষণ সাহিত্যত হবলৈ এতিয়াও বাকী।অলেখ কেঁচাসামগ্ৰী তাত পৰি আছে। গল্পৰ কেঁচাসামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা তেওঁৰ নহয়। সেই জগতত সংকীৰ্ণতা আৰু উদাৰতাই একেলগে বাস কৰে। সেই জগতখনেইতো সাহিত্যৰ খদমদমীয়া জগত—য’ৰপৰা উঠি আহিব মহাজীৱনৰ নিপোটল গল্প!
অৱশ্যে এটা কথা ঠিক--গল্প এটা গল্পকাৰে কেনেদৰে কবলৈ ভালপায়, সেয়া তেওঁৰ নিজস্ব দৰ্শনৰ কথা। তথাপি চকুৰ আগতে থকা সমাজখনৰ চি্ত্ৰকল্পবোৰৰ optimum ব্যৱহাৰ হোৱাটো দৰকাৰী কথা, তাৰপৰা সাহিত্যৰ সমল আহৰণ কৰাটো আচলতে গল্পকাৰৰ দায়িত্বও। সি যে কেৱল গল্পভাষাকেই প্ৰোজ্জ্বল কৰি তোলে সেয়া নহয়, সময়কো ধৰি ৰাখে। সমকালীন প্ৰেক্ষাৰ গল্পক ভবিষ্যতৰ আইনাত চাবলৈ হ’লে, সাহিত্যৰ পৰীক্ষা-নীৰিক্ষাৰ সমানে সমানে সময়ক ধৰি ৰখাৰ ক্ষমতা থকাটোও জৰুৰী কথা। সি এক নিৰন্তৰ প্ৰচেষ্টা।
হৃদয়স্পৰ্শী কথকতাৰ সোৱাদ তেওঁ আমাক দিছে, এতিয়া ইয়াৰপৰা সিটো পাৰলৈ নিজকে পাৰি দিয়াৰ সময়। বহুসময়ত আমাৰ গল্পৰ বিষয়ে আনে কি কৈছে, সেয়া ভাবি থকা উচিত নহয়। কিয়নো সুহৃদৰ বেশেৰেও বহু লোকে সৃষ্টিশীল সত্তাৰ আত্মবিশ্বাস ভাঙি চুৰ্চুমৈ কৰি পেলায়। এটা দুটা গল্প বেয়া হ’লে বিশেষ ক্ষতি নহয়--কিন্তু গল্প বেয়া হোৱাৰ ভয়ত জীৱনৰ অপাৰ সম্ভাৱনাবোৰ চুই চাবলৈ ভয় কৰিলে লেখক সম্ভাৱনাতে হেৰাই যাব। তৰুণ প্ৰজন্মৰ বহু লেখক এইখিনিতে বিভ্ৰান্ত হয়।
গল্পকাৰলৈ শুভেচ্ছা
ৰত্না ভৰালী তালুকদাৰ
ধুনীয়া বাইদেউ
ReplyDeleteঅশেষ ধন্যবাদ
Delete