Thursday 7 December 2023

 

 ‘জোনবিলৰ ভেনাছ’ -- অংকিতা বৰুৱাৰ গল্প 


তৰুণ প্ৰজন্মৰ এগৰাকী গল্পকাৰ অংকিতা বৰুৱাৰ  গল্পবোৰত আকৰ্ষণ পাইছিলোঁ শক্তিশালী ভাষাটোৰ বাবে আৰু কোনোধৰণৰ বিৰক্তিকৰ পৰিবেশ সৃষ্টি নকৰাকৈ লৈ যোৱা গল্পটোৰ
moving চৰিত্ৰৰ বাবে। পৈণত কথনভংগী এটা লৈ তেওঁ গল্পটো পাঠকলৈ আগবঢ়াই দিয়ে। গল্পত তেওঁ পাঠকৰ সতে পোনে পোনে সংযোগ স্থাপন কৰিব বিচাৰে। নাটকীয় ধৰণে। চুটি চুটি বাক্য, খৰকৈ আগবঢ়া গতি।এটা সংবেদনশীল মন লৈ তেওঁ কৈ যায় আধুনিক মানুহৰ বিষণ্ণ মনৰ সাধুকথা। জটিল জীৱন, অপ্ৰাপ্তিৰ বেদনা।  যিটোৰ বিষয়ে লৈ অলপ সন্দিহান হৈ আছিলোঁ, সেয়া আছিল শক্তিশালী ভাষাটোৰ পৃষ্ঠত দিব পৰা গল্পটোৰ আকাৰৰ। আৰু বৈচিত্ৰতাৰ। ভাষা আৰু প্ৰকাশভংগীৰ বলিষ্ঠতাৰ তুলনাত কাহিনীটো যেন চুটি।

‘জোনবিলৰ ভেনাছ’ তেওঁৰ প্ৰথম  গল্প সংকলন। জোনবিল আমাৰ পৰম্পৰাৰ মেলা। গোষ্ঠীচেতনাত গভীৰত আছে তাৰ  শিপামূল। ‘জোনবিলৰ ভেনাছ’ শীৰ্ষক জোনবিলৰ চিত্ৰকল্পক আধুনিক মানুহৰ জীৱনগাথালৈ অনাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট সাৱধানতা অৱলম্বণ কৰিছে--যাতে গোষ্ঠীৰ অনুভূতিৰ বিকৃতকৰণ নহয়। আন কেইবাটাও গল্পত তেওঁ বিভিন্ন ধৰণে নাৰীজীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা কৈছে।অৱদমনৰ কথা কৈছে। সেই অৱদমন অতিক্ৰমি নাৰী জীৱন মহিমামণ্ডিত কৰাৰ বাসনাও তেওঁৰ গল্পত প্ৰবল। আৰু এটা কথা লক্ষ্য কৰোঁ যে, বিষয়বস্তুৰ ভিন্নতাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম যেন বাকী। তেওঁ যিধৰণে গল্প কব বিচাৰে, সেই ধৰণে কৈ যাব লাগিলে গল্পত লাগিব বিষয়বস্তুৰ ভিন্নতা— জীৱন বিচিত্ৰ অভিজ্ঞতা। গভীৰ জীৱনৰৰপৰা তুলি অনা পোহৰ। 

অৱশেষত তেওঁ এই মাহৰ ‘অন্যযুগ’ আলোচনীত যিটো গল্প লিখি উলিয়ালে, সেইটোৱে যেন পূৰ্বৰ গল্পবোৰ বহুদূৰ অতিক্ৰম কৰি গৈছে। এইটোৱেই যেন সেই বিশেষ গল্পটি, য’ৰপৰা গল্পকাৰে উত্তৰণৰ দিশে আৰু এটি খোজ দৃঢ়তাৰে আগবঢ়াই দিব পাৰে। গল্পটিৰ লিংকটি পাঠকলৈ আগবঢ়ালোঁ আৰু অংকিতালৈ শুভেচ্ছা যাচিলোঁ। 

https://www.anyayug.com/p/story-december-2023_21.html

ৰত্না ভৰালী তালুকদাৰ 


No comments:

Post a Comment