গল্পই হওক বা কবিতাই হওক-যেতিয়া সংকলনৰ আকাৰত ওলায়, তেতিয়াই সি অন্য এক মাত্ৰা লাভ কৰে। চিনাকি গল্প, চিনাকি কবিতা অচিনাকি হৈ যায়-পঠনৰ এক সুকীয়া মজা আহে।তাতেই, তৰুণ প্ৰজন্মৰ এজন গল্পকাৰে যেতিয়া তেওঁৰ সংকলনখনৰ নাম ‘আমি’ ৰাখে—তেতিয়া সেই কথাটোৱেই মন-প্ৰাণ একধৰণে উদ্বেলিত নকৰেনে!
নিশ্চয় কৰে। কিয়নো, ‘আমি’ এক inclusive concept-সকলোকে সামৰি লোৱাৰ ধাৰণা। গল্পকাৰে ইয়াত ‘সমূহ’ (collective approach)ৰ কথা কৈছে। সকলোকে সামৰি লোৱাৰ কথা কৈছে-য’ত হয়তো আছে গল্পকাৰ, পাঠক, গল্পৰ চৰিত্ৰ, প্ৰকাশক, আৰু আন সকলো যিসকলে সৃষ্টিশীল প্ৰেক্ষা তৈয়াৰ কৰিবলৈ তেওঁক প্ৰেৰণা দিছে—হয়তোবা ই তাতোকৈও ব্যাপক।
কথাটো উল্লেখনীয়। কিয়নো ব্যক্তিকেন্দ্ৰিকতাৰ হাঁতোৰাত এতিয়া সুকুমাৰ কলাৰ জগতখন ক্ৰমশঃ যেন মোলান পৰি আহিছে।ব্যৰ্থ অভিভাৱক। ব্যৰ্থ সমাজ। পৃষ্ঠপোষকৰ অৱশ্যেই অভাৱ নাই, যদিহে স্বাধীন চিন্তাৰ কথাটো সৃষ্টিশীল সত্তাই আঁতৰাই থয়। সুবিধাবাদীৰ দপদপনিত মানুহৰ কল্যাণৰ হকে নিৰলসভাৱে কাম কৰিব বিচৰা সৃষ্টিশীল সত্তাৰ অৱস্থিতি যেন হেৰাই গৈছে।তেওঁলোক হেৰাই গৈছে অনাদৰত, যথাৰ্থ appreciation-ৰ অভাৱত। হয়। সাহিত্যত এতিয়া যথাৰ্থ appreciation নাই।বহুসময়ত এনে লাগে সাহিত্যও যেন এতিয়া উপভোক্তাৰ বজাৰৰ এবিধ পৰিবেশ্য কলা। সেই পৰিবেশ্য কলাৰেই সকলোতে আদৰ। নহলেনো ‘অসমৰ তৰুণ প্ৰজন্মই গল্প লিখিব পৰা নাই’ কথা এষাৰ বজাৰত শুনিবলৈ পাওনে!কোনে বজাৰত এৰি দিছে এইবোৰ কথা!
এনে অৱস্থাত এজন তৰুণ গল্পকাৰে গল্পৰ বেটুপাততেই যেতিয়া আমাক দিয়ে ‘সমূহ’ৰ ধাৰণা, তেতিয়া তেওঁ প্ৰথমেতেই ব্যক্তিকেন্দ্ৰিকতাক contest কৰি বাজীমাৎ কৰি ল’লে বুলি কব পাৰি। সকলোকে সামৰি লৈ তেওঁ ক’লে-‘আমি।’এয়া যেন এক ব্যতিক্ৰমী আৱাহনী ভংগীমা। সৃষ্টিশীলতাৰ জগতলৈ। তেওঁ পঞ্চানন হাজৰিকা।
হয়।নতুন নতুন কথাবোৰ, দৃষ্টিভংগীবোৰ সাহিত্যলৈ নতুন প্ৰজন্মৰপৰাই আহিব!সেইবাবেই ইমান আকুলতা থাকে, ইমান অপেক্ষা থাকে নতুনৰ পদধ্বনিলৈ।
গল্পৰ মাজেৰে জীৱনক গভীৰ অনুৰাগেৰে চাবলৈ বিচৰা বাবেই পঞ্চানন হাজৰিকাৰ গল্প আমাৰ প্ৰিয়। পাঠকে অপেক্ষা কৰে-পঞ্চাননে লিখিছেনে? আকুলতাৰে কয় তেওঁ কথাবোৰ। প্ৰায়েই স্বগতোক্তিৰ মাধ্যমেৰে। একধৰণে তেওঁ নতুন প্ৰজন্মৰ প্ৰতিনিধিত্বও কৰে। তেওঁলোকৰ আাশাবোৰ, আকাংক্ষাবোৰ, জীৱনক চাব খোজাৰ দৃষ্টি, ৰাজনৈতিক আৰু সামাজিক চলমান কাৰকবোৰলৈ দিয়া অনুসন্ধিৎসাৰ দৃষ্টি, আৰু অনেক কথাৰ বাবে পঞ্চানন হাজৰিকাৰ গল্পবোৰ পঢ়ি থাকিব পাৰি। ইয়াৰপৰাই গভীৰলৈ যায়গৈ। ৰাজনৈতিক অনুসন্ধিৎসাই তেওঁৰ গল্পবোৰক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। অৱশ্যে কেইবাটাও গল্প বিভ্ৰান্তিৰ মাজত শেষ হৈছে। ইয়াক গল্পকাৰৰ বিফলতা বুলি কবলৈ মন নাযায়।প্ৰজন্মৰ বিভ্ৰান্তি বুলিহে কব লাগিব। আচলতে বিশ্বৰ সমকালীন ৰাজনৈতিক, সামাজিক প্ৰেক্ষা ইমানেই জটিল যে— তৰুণ কিয়, বয়সেৰে ভৰুণসকলো আজি বিভ্ৰান্ত। বিবেকত তলা লগোৱাৰ ষড়যন্ত্ৰৰ তলা-নলা জানো সহজে বুজিব পাৰি! নিজস্ব চিন্তাৰে এই কথাবোৰ যিসকলে চিন্তা কৰিব বিচাৰে, তেওঁলোকক কিছু সময় দিয়া উচিত। এতিয়াই মতামত দিয়াৰ সময় নহয়।
কিন্তু যি কথা ভাল লাগে, সেয়া হৈছে গল্পকাৰে মাটিলৈ নামি আহি গল্প কোৱাৰ হাবিয়াস। জীৱনক তেওঁ গভীৰ অনুৰাগেৰে চাইছে আৰু এজাক মানুহক তাৰ সংগী কৰি লৈছে। তেওঁ নিজেও অকলশৰীয়া হবলৈ বিচৰা নাই, আনকো অকলশৰীয়া হবলৈ দিয়া নাই—এয়াযে কিমান আশাৰ কথা! তেওঁ কেৱল ৰাজনৈতিক কথা কিছুমানেই কোৱা নাই, সততে প্ৰেমৰ কথাহে কৈছে। যেতিয়া সামাজিক প্ৰেক্ষাৰ গল্প লিখিব বিচৰা গল্পকাৰৰ প্ৰেমৰ গল্পবোৰলৈ ৰাজনৈতিক বাতাবৰণ সোমাই আহে, তাত আচৰিত হ’বলগীয়াও একো নাই। সেয়ে প্ৰেমৰ মাজেৰেও তেওঁ ‘সমূহ’ৰ ধাৰণা দিছে। বহুসময়ত তেওঁ নিজৰ এক অন্বেষণমূলক অনুভৱেৰে গল্পভাষা তৈয়াৰ কৰিছে, নিৰ্মাণ কৰা নাই।
অৱশ্যে কেতিয়াবা বিৱৰণীৰ পুনৰাবৃত্তিও হৈছে। ইয়াৰ কাৰণ কি? কাৰণ হৈছে-তেওঁ মাটিলৈ নামিছে ঠিক, কিন্তু পাতাললৈ সোমাবলৈ যেন হেহোঁ-নেহোঁ ভাৱ!পাতাললৈ সোমোৱাৰ ক্ষমতা তেওঁৰ আছে। বৌদ্ধিক কৰ্ষণো আছে।কিন্তু শত প্ৰত্যাহ্বান ভেদি ঘোপমৰা অতল এন্ধাৰৰ মাজেৰে পাতালৰ গৰ্ভলৈ গৈ সহস্ৰ বাসুকীৰ ফণালৈ হাত মেলি নাগমণি স্পৰ্শ কৰিব বিচৰাজনৰ হাততেইহে কালাতীত সত্যৰ গল্পই ধৰা দিব!নতুন প্ৰত্যাহ্বানে কথনৰ পুনৰাবৃত্তি আঁতৰাই পেলাব।
তেওঁ কৰ্মক্ষেত্ৰৰ ঠাইখিনিয়েই কবলৈ থাকি যোৱা অলেখ গল্পৰ ৰহঘৰা। ৰহস্যময় পাতালপুৰীৰ মুকুতা। তাতেই আছে জীৱনৰ ন ন চেতনাৰ সন্ধান।
No comments:
Post a Comment