Tuesday, 26 December 2023

 

 

অৰ্চনা বৰঠাকুৰৰ গল্প



এখন নাৰী হৃদয়েৰে একোটা জটিল  সামাজিক প্ৰেক্ষাকো সহজভাৱে  গল্পৰ মাজলৈ লৈ অহা গল্পকাৰগৰাকী হৈছে অৰ্চনা বৰঠাকুৰ।  সাহিত্যত তেওঁ অহৰহ সন্ধান কৰে মানৱীয় প্ৰমূল্যৰ । অৰ্চনা বৰঠাকুৰে নাৰীৰ হৃদয়েৰে  গল্প কয়,  যদিও তাত নাৰীবাদৰ প্ৰসংগ প্ৰায় অনুপস্থিত। আচলতে মানৱিক সম্পৰ্কবোৰৰ প্ৰতি থকা  অনুসন্ধিৎসাৰপৰাই  তেওঁৰ গল্পই যাত্ৰা আৰম্ভ কৰে।  সামাজিক প্ৰেক্ষা অথবা থবা একোটা ব্যক্তিগত অভিজ্ঞতাই  অৰ্চনা বৰঠাকুৰ  গল্পৰ সহজ কথন। 

সহজ, কিন্তু শক্তাশালী  কথন তেওঁৰ গল্পভাষাৰ আটাইতকৈ মূল্যবান অলংকাৰ।  মানৱীয় সম্পৰ্কবোৰৰ অৱলোকনে তাত ৰহণ চৰাই যায়। এটা uncompromising attitude থাকে তেওঁৰ--পাঠকক সন্মুখতে কোৱাৰ দৰে কৈ যায় গল্প। পাঠকৰ সতে স্থাপন কৰে একধৰণৰ face to face connection-কেতিয়াবা স্বগতোক্তিৰ দৰেও কয়। নিৱচ্ছিন্নভাৱে কয়-যেন কাহিনী শেষ নোহোৱালৈকে অনন্তকাললৈকে তেওঁ কৈ যাব। কথনৰ নাটকীয়তাতকৈ নিৰৱধি কৈ যোৱাত বেছি গুৰুত্ব দিয়ে। তেওঁ নিৰ্মাণ (construct) নকৰে, বৰঞ্চ কৈ যায়।    

অৰ্চনা বৰঠাকুৰে গল্পত বৰকৈ পৰীক্ষা-নীৰিক্ষা কৰাৰ পক্ষপাতী নহয়। আংগিকৰ ওপৰতো বিশেষ কাম তেওঁ নকৰে। তথাপিও অৰ্চনা বৰঠাকুৰৰ গল্পই আৰম্ভণিৰপৰা শেষলৈকে পাঠকৰ মনোযোগ ধৰি ৰখাৰ সক্ষমতা বহন কৰে। ইয়াৰ কাৰণ কি? তেওঁ এটা সঠিক plot নিৰ্বাচন কৰে। তাতোকৈও ডাঙৰ কথাটো হৈছে কাহিনীটো তেওঁ বিশ্বাসেৰে আৰু  সততাৰে কৈ যায়। সাহিত্যই যেতিয়া বোকোচাত সততাক বহন কৰি লৈ যায়, তেতিয়া সি একে সময়তে পাঠকৰ হৃদয়লৈও পোনে পোনে বাট লয়—এয়াই সাহিত্যৰ আটাইতকৈ সৰল সত্য। পঠনৰ শেষত পাঠকে গল্পত ঠিক এইখিনয়েই বিচাৰিবগৈ।

এনেকৈয়ে তেওঁ হৈ উঠে প্ৰচলিত সমাজব্যৱস্থাৰ তীক্ষ্ণ পৰ্যবেক্ষক। আৰু সমালোচক। অৱশ্যে,  কবলৈ গ’লে অৰ্চনা বৰঠাকুৰক গল্পসাহিত্যত মানুহ আৰু সমাজৰ এগৰাকী তীক্ষ্ণ পৰ্যবেক্ষকৰ ৰূপতহে বেছিকৈ সাক্ষাপোৱা যায়।

সমাজ বাস্তৱতাৰপৰা আহৰিত অনন্যসুন্দৰ plot নিৰ্বাচন কৰিও অৰ্চনা বৰঠাকুৰে গল্পত কিয় সম্পৰীক্ষা নকৰে, বা  আংগিকৰ বিশেষ পৰীক্ষা-নীৰিক্ষাবোৰ নকৰে—সেই কথা ভাবি কেতিয়াবা আচৰিত লাগে। সম্ভৱতঃ পৃথিৱীত আৰু আমাৰ অসমীয়া ভাষাটো গল্পৰ ক্ষেত্ৰখনতেই বোধহয় আটাইতকৈ বেছি পৰীক্ষা-নীৰিক্ষা হৈছে। চিৰিয়াছ গল্পকাৰে কেনেকৈনো গল্পবোৰ ক’ব, সেই দিশটোত আজিকালি যথেষ্ট সময় দিয়ে। চাবলৈ গ’লে আমাৰ সমাজখনত সাহিত্যত ধৰি ৰাখিবপৰাকৈ ইমানবোৰ উপাদান আছে যে, সেইবোৰ ব্যৱহাৰ কৰি গল্পবোৰ বিভিন্ন ধৰণে কৈ পাঠকক আচৰিত কৰি থাকিব পাৰি। আপুনি যেতিয়া সাহিত্য কৰে, তেতিয়া সেইবোৰ তাত ব্যৱহাৰ কৰাটো এটা দায়িত্বৰ দৰেই  হৈ উঠে। সমাজখনৰ লগতে কেতিয়াবা উপাদানবোৰো মানুহৰ চকুৰ সন্মুখলৈ উঠি আহে।  

আৰু, কবলৈ গ’লে গল্পকাৰৰ কামেই হৈছে সেইটো—সন্মুখৰ জনাৰ পৃথিৱীখনকে নতুন নতুনকৈ কৈ পাঠকক বাৰে বাৰে আশ্বৰ্যচকিত কৰি তোলা। অন্যথা তেওঁ অভিজ্ঞতাৰ ভঁৰালবোৰেৰে non-fiction লিখিবও পাৰিলেহেঁতেন। কিন্তু তেওঁ কবলৈ ভাল পালে একোটা গল্প। সাহিত্যত  নিৰ্মাণৰ (construct)দিশেৰে চাবলৈ হ’লে  গল্প লিখকৰ দায়িত্ব non-fiction লিখকতকৈ অনেক বেছি।

 তেওঁলৈ শুভেচ্ছা ।

ৰত্না ভৰালী তালুকদাৰ 

No comments:

Post a Comment