Sunday, 31 December 2023

 

গায়ত্ৰী দলে আৰু মনোৰঞ্জন বড়িৰ গল্প




গায়ত্ৰী দলেৰ গল্প


গভীৰ সামাজিক চেতনাস্ৰোতেৰে গল্প কবলৈ আৰম্ভ কৰে গায়ত্ৰী দলেই। তেওঁ বাস কৰা সমাজখনৰ চাল-চলন, শোকৰ  কাৰকবোৰৰ ইমান গভীৰলৈ যাব পৰা গল্পকাৰ খুব কমেইহে আছে। সমাজবীক্ষণৰ বেলিকা তেওঁৰ নিৰীক্ষণৰত চকুযুৰি অতিকৈ ইৰ্ষণীয়। মানুহ তেওঁ চিনি পায় (পায়নে!)। আৰু চিনি পায় সমাজ।

তেওঁৰ সমাজবীক্ষা আৰু জীৱনবীক্ষাৰ অপূৰ্ব সংশ্লেষণ হৈছে তেওঁৰ অনবদ্য কথনশৈলী। ইয়াৰ কাৰণ হয়তো তেওঁৰ নিৰন্তৰ গণসংযোগ আৰু প্রচণ্ড জীবনমুখীতা। তেওঁ কাহিনী নকয়, বৰঞ্চ গল্পলৈ তুলি আনে জীয়া জীৱন। পাঠকক ধৰি ৰাখিবলৈ তেওঁৰ যেন কাহিনীৰ নিৰ্মাণৰ প্ৰয়োজনেই নহয়।

 আৰু এটা কাৰক আছে যি গায়ত্ৰী দলেৰ গল্পভাষাক নিৰৱধি বৈ থকা নিজৰাৰ দৰে সাৰ-পানীৰ অন্তঃস্ৰোত এটা দি থাকেসি হৈছে গোষ্ঠীচেতনা, যাক ethnic consciousness বুলিও কব পাৰি। এই গোষ্ঠী চেতনাৰ তেওঁ এজন আচৰিতধৰণৰ insiderগোষ্ঠী চেতনাৰ এনে আচৰিত insider হৈ এখন multilayered সমাজৰ কথা কব পৰা শক্তিশালী গল্পকাৰ অসমত সুকীয়া এজন আছেনে নাই তাত সন্দেহ আছে। তেওঁ যোতিয়া গোষ্ঠীচেতনাৰ বাহিৰৰ সমাজ খনৰ কথাও কয়, তেতিয়া কাহিনী linear হলেও, তাত  কিন্তু তাত এটা extra layer থাকিবইযি গল্পকাৰৰ আন এক দৃষ্টি আৰু পৰিচিতিৰ বিষয়ে পাঠকক সোঁৱৰাই থাকিব। এয়া যেন সাহিত্যৰ এক বিশেষ অলংকাৰ। কোনো সন্দেহ নাই যে-গল্পকাৰৰ অধ্যয়ন আছে, পৰ্যবেক্ষণ আছে আৰু আছে জীৱনক ভাল পাব পৰা শকতি।

 আচৰিত লাগে ইমান ইৰ্ষণীয় কথনশৈলী  আৰু  গল্পলৈ একোটা জীৱন তুলি আনিব পৰাৰ ক্ষমতা আহৰণ কৰিও বহুসময়ত গল্প এটাৰ শেষলৈকে লেখকৰ যি সংহতি (solidarity) থাকিব লাগে, কেতিয়াবা তাৰপৰা গল্পকাৰ আঁতৰি আহে। আপুনি ইমান গভীৰ প্ৰেক্ষাৰ গল্প এটা যেতিয়া পাঠকলৈ আগবঢ়াই দিব, তেতিয়া শেষলৈকে সি সংহতি বহন কৰি যোৱাটো আৱশ্যকীয়। বহুসময়ত এজন পাঠকক লেখকৰপৰা সুকীয়া সত্ত্বা বুলি গণ্য কৰিব নোৱাৰি। তেনেহ’লে একোটা গল্পত গল্পকাৰৰ মনঃসংযোগ ব্যাহক হ’লে সি পাঠকৰ সতে একধৰণৰ সংহতি স্থাপন কৰিবনে

একোজন গল্পকাৰে যেতিয়া  গভীৰ সামাজিক চেতনাস্ৰোত, অনবদ্য কথনশৈলী আৰু একোটা জীৱন গল্পৰ মজিয়ালৈ তুনি অনাৰ ক্ষমতা ৰাখে-তেতিয়া সেই প্ৰতিভাক লাহে লাহে বিনীল কৰি দিয়াৰ বাবেও আন এচাম ব্যস্ত হৈ থাকে, সুহৃদৰ বেশতেই আহি গল্পকাৰৰ স্পৰ্শকাতৰ জেগোবাৰ ভাঙি চুৰ্চুমৈ থৈ যায়। এনে সময়ত নিৰন্তৰে মনোযোগ ধৰি ৰখাটোৱেই গল্পকাৰৰ প্ৰধান কাম। তেওঁ গোটেই জীৱনৰ বাবেই নিজৰ মনোযোগ ধৰি ৰাখিব লাগিব, মাত্ৰ এটা গল্পত নহয়।  

গল্পকাৰলৈ শুভেচ্ছা।  

  

মনোৰঞ্জন বড়িৰ গল্প

 

মনোৰঞ্জন বড়ি একেসময়তে যাাদু আৰু বাস্তবৰ কথা কব পৰা গল্পকাৰ। বৃত্তিত সাংবাদিক হোৱাৰ সুবাদতেই তেওঁৰ ভাষা মেদহীন। যাদুৰ জগতখন তেওঁ অতীতত এৰি থৈ আহিছে। তেওঁ এতিয়া য’ত বাস কৰিছে, সি জীৱনক কৰ্কশ কৰি পেলোৱা এখন অহৰহ পোখা মেলি থকা নগৰ। ইয়াত আছে এৰি থৈ অহা জগতৰ সোঁৱৰণি।

কাহিনীৰ আৰম্ভণি হয় ঠিক ইয়াৰপৰাই। কাহিনী কবলৈ তেওঁৰ এটা গল্পভাষাৰ প্ৰয়োজন নহয় --কথনে নিজেই কাহিনীত ধৰা দিয়ে। 

তেওঁ এটা নিটোল কাহিনী কয়। পাতল কুঁৱলীৰ আচ্ছাদনৰ দৰে তেওঁৰ গল্পকথাত থাকে এৰি থৈ অহা সোৱঁৰণিৰ দিনবোৰৰ ৰিণি ৰিণি সুৰ। অলপ বিষাদ। এজন গল্পকাৰৰ অভিজ্ঞতাৰ পৃষ্ঠত যেতিয়া নিৰন্তৰভাৱে হেৰুৱাই থকাৰ সোঁৱৰণিৰ এখন সমাজ থাকে-তেতিয়া তাৰ বেদনা আৰু অভিজ্ঞতাই যি গল্পভাষাৰ সৃষ্টি কৰিব পাৰে মনোৰঞ্জন বড়িৰ গল্পবোৰে তাৰ স্বাক্ষৰ বহন কৰে।

আন বহুতো গল্পকাৰৰ দৰেই মনোৰঞ্জন বড়িয়ে নিৰ্মাণৰ সলনি গল্প  এটা  পৰম্পৰাগতভাৱে পাঠকক কৈ যাবলৈ ভালপায়। যি বিষয়বস্তু তেওঁ বাচি লয়, সেইবোৰে  কিন্তু একেসময়তে আশ্বৰ্যকৰ নিৰ্মাণৰ সম্ভাৱনীয়তাও বহন কৰে। আচলতে পূৰ্ণকালীণ সাংবাদিক এজনে যেতিয়া গল্প বা কবিতা লিখে, তেতিয়া সৃষ্টিশীল কৰ্মত মনোনিবেশ কৰিব পৰাকৈ সময়খিনি উলিওৱাটোৱেই হৈ পৰে এটা প্ৰত্যাহ্বান। সেইবাবেই বহুসময়ত বহুতৰপীয়া জীৱনৰ কথা কব পৰা গল্প এটাও কেতিয়াবা সম্ভাৱনাত ৰৈ যায়।

মনোৰঞ্জন বড়িও একৰাগী প্ৰতিনিধি, তেওঁৰ কথনে একেসময়তে  তেওঁ বাস  কৰা নৃগোষ্ঠীয় সমাজখনৰ প্ৰতিনিধিত্বও (representative)  কৰে। তদুপৰি আছে insider persperctive-ৰপৰা গল্প কোৱাৰ সক্ষমতা।  সেইবাবেই গল্পকাৰৰ থাকে একধৰণৰ দায়িত্ব ।  মধুৰ দায়িত্ব। 

 

কিছু অনুভৱঃ

গায়ত্ৰী দলে বা মনোৰঞ্জন বড়িৰ দৰে গল্পকাৰসকলে লিখা গল্পবোৰৰ পঠন এইবাবেই প্ৰয়োজনীয় যে, তেওঁলোকৰ লেখক পৰিচিতি আন গল্পকাৰসকলৰ পৰিচিতিতকৈ অতিৰিক্তভাৱে সমৃদ্ধ। তেওঁলোকে একেসময়তে একোটা গোষ্ঠীকো প্ৰতিনিধিত্ব কৰে বাবে তেওঁলোকৰ সৃষ্টি হৈ পৰে একেসময়তে প্ৰতিনিধিত্বমূলক(representative)আচৰিত কথা এয়ে যে, যি  গোষ্ঠীক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে সেই গোষ্ঠীৰ আছে কেৱল নিৰন্তৰভাৱে হেৰুৱাই যোৱাৰ ইতিহাস—বান অথবা খহনীয়াৰ প্ৰকোপত নিজৰ ভূমিৰপৰা বাৰে বাৰে উফৰি পৰা ইতিহাস।আছে বঞ্চণাৰ ইতিহাস।

এটা সমৃদ্ধ গোষ্ঠীৰ হাতত যেতিয়া বসবাস কৰিবলৈ এডোখৰ ভূমি নাথাকে, তেতিয়া কিমান কৰুণ হ’ব পাৰে তাৰ গাথা! কৰবাত কৰবাত তেওঁলোকে হেৰুৱাই পেলাইছে আইৰ মুখৰ ভাষাও। এই কৰুণ ইতিহাসৰপৰা আহৰিত যি সংগ্ৰাম আৰু বেদনা, কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ আকুলতা—এই সকলোবোৰেই সৃষ্টিশীল লোকসকলৰ শব্দবোৰত কিবা নহয় কিবাস্বৰূপে কালিকা হৈ ওলমি থাকে। যি সাহিত্যত একেসময়তে এক  সুন্দৰতা প্ৰদান কৰি যায়।  সুক্ষ্ম পঠনৰ মাজেৰেহে এই কালিকাবোৰে আমাৰ চকুত ধৰা দিয়ে।

তেওঁলোকে যি বিষয়বস্তুকেই নিৰ্বাচন নকৰক কিয়,  বেদনাৰ ধাৰবোৰে পাঠকক দহি নিবই। এনে কণ্ঠস্বৰ কাব্যসাহিত্যত সততে  শুনিবলৈ পোৱা  যায়  যদিও,  গল্পসাহিত্যত  কিন্তু অতি কম সংখ্যক গল্পকাৰহে আমি লাভ কৰিছোঁ। 

সেইবাবেই তেওঁলোকৰ কণ্ঠ   আমাৰ বাবে আপুৰুগীয়া।    

গল্পকাৰলৈ শুভেচ্ছা।  

--ৰত্না  ভৰালী তালুকদাৰ

No comments:

Post a Comment