Wednesday 12 June 2019

একান্ত আৰু ব্যক্তিগত




জীৱনৰ দুটা বছৰ আৰু কেইটামান মাহ  মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। সেই সময়ত মেঘনাদ পায়েং ছাৰক আমি হেড ছাৰ হিচাপে পাইছিলোঁ। ছাৰৰ ঘৰ আছিল কানীয়াজান গাৱঁত। সেই সময়ৰ  মাজুলীৰ চহকী মিছিং গাওঁবোৰৰ এখন, য’ত আছিল পকীখুঁটাৰ চাংঘৰ । এক পাহৰিব নোৱাৰা ব্যক্তিত্ব  আছিল মেঘনাদ পায়েং ছাৰ। তেখেতে ইংৰাজী পঢুৱাইছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পঢ়িবৰ বাবে গুৱাহাটীলৈ আহিলোঁ। মাজুলীৰ ঘৰখনলৈ বন্ধৰ সময়তহে অহা-যোৱা থাকিল। বহুদিন ধৰি ছাৰৰ খবৰ কেৱল আৰ-তাৰ মুখেৰেহে পাই থাকিলোঁ। ইতিমধ্যে পোহাৰদিয়া, হুকোনামুখ, কানীয়াজান, বতিয়ামাৰী আদি গাওঁবোৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰাৰ খবৰবোৰ পাই আছিলোঁ  -- যি গাওঁ আছিল নদীৰ মুখত। ধান, মাহ, সৰিয়হ, নহৰুৰ দৰে শস্যৰে উভৈনদী। চিনাকি মানুহবোৰৰ মুখবোৰ চেৰেং-চেৰেংকৈ মন পৰিছিল।  বান-গৰাখহনীয়াৰ খবৰ বুটলিবলৈ সুশান্ত মাজুলীলৈ গৈছিল। আৰু মথাউৰিৰ ওপৰলৈ উঠি  অহা মেঘনাদ পায়েং ছাৰক লগ পাইছিল। সুশান্তই ছাৰৰ সৈতে বহু পৰ কথা পাতিলে। মথাউৰিৰ ওপৰত ঘৰ সজা ছাৰে সুশান্তক বোলে কৈছিল, “ৰত্না মোৰ বৰ মৰমৰ ছাত্ৰী আছিল, কিন্তু তোমাক আজি মই চাহ একাপো খুৱাব নোৱাৰিম।” — সুশান্তই আহি পাই মোক এই কথা ক’লে।  তেতিয়া মোৰ বুকুৰ ভিতৰতো আন এক বান আৰু গৰাখহনীয়াৰ সৃষ্টি হ’ল। তেখেত আছিল আমাৰ প্ৰিয় ছাৰ মেঘনাদ পায়েং। যি গোটেই জীৱন পিচপৰা ঠাইৰ ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ তাগিদাত এখনি সুচল ঠাইত ঘৰ সাজিব নোৱাৰিলে। এনেকুৱা অনেক শিক্ষক আছিল  আমাৰ  জীৱনত।  অনেক ক্ষণৰ নিস্তব্ধতাৰ পিছত লিখিছিলোঁ সেই গল্প “ঘৰ ঘৰ খেলিবা? আহা”।  নীলাক্ষিয়ে  এই গল্পটো পাঠ কৰাৰ পিছত আজি উপহাৰ দিলে এই কবিতাটি । কবিতাটিয়ে মেঘনাদ পায়েং ছাৰৰ দৰে শিক্ষকৰ বিৱৰণী আকৌ এবাৰ সজীৱ কৰি তোলাৰ লগে লগে বহু পৰ মুক কৰিও তুলিলে। অশেষ ধন্যবাদ নীলাক্ষি শব্দ ভালপোৱা এজন মানুহৰ বাবে জীৱনত ইয়াতকৈ শ্ৰেষ্ঠ উপহাৰ কি হ’ব পাৰে! 

স্পেচ-- নীলাক্ষি গোস্বামী

স্পেচৰ কথা আহিলেই ক্ষণিকৰ বাবে হ'লেও কিছু বিভ্ৰান্তিত পৰোঁ
ভ্ৰমৰ ভিতৰতে এগৰাকী পৰিব্ৰাজকৰ দৰে পিটপিটকৈ নিৰীক্ষণ কৰোঁ
স্পেচৰ অৱস্থিতি

কিছু স্পেচ ৰাখি সজা ঘৰটোত থাকে এটা মিহিকৈ মৰ্য্যদাৰ প্ৰলেপ ,,,কোনেও নেদেখা
নিজানত নিৰলে উচুপি থকাজনেও
বিচাৰি থাকে হেনো
নিজৰ মাজতেই নিজৰ স্পেচ
স্পেচ ক'ত ?
স্পেচ ?
আপাততঃ দেখা স্পেচ
গোপন কুঠৰিৰ স্পেচ(আনতকৈ কিছু পৃথক)
বুকুৰ ঘৰখনৰ স্পেচ একা ?
আপোনজনৰ চকুৰ কোটৰৰ স্পেচৰ কথা
নকলোৱেই যেনিবা
পেটৰ ভিতৰৰ স্পেচ পূৰাবলৈ আকৌ বহিঃজগতৰ স্পেচৰ টনা আজোৰা
কেতিয়াবা অফুৰন্ত স্পেচ থাকিও অভাৱে আবৰি থাকে অৰণ্য এখনৰ দৰে
এই স্পেচৰ জগতখনো যে আৰু !
লিখনিৰ গুৰুত্ব বুজি বাতৰি কাকত ,আলোচনীয়ে দিয়া স্পেচ
বিজ্ঞাপনৰ লোভনীয় অফাৰসমূহে মিতব্যয়ী মগজুত নিজেই উলিয়াই লোৱা স্পেচ
জীৱনৰ বাবে যন্ত্ৰণাই নিগাজিকৈ উলিয়াই লোৱা স্পেচ যিদৰে নৈয়ে বিচাৰি লয় নৈপৰীয়াৰ স্পেচ
মূধচৰ পৰা তৰা গণিব পৰা স্পেচ
ভাতৰ চৰুত স্পেচ
ভোক আৰু শোকৰ বাবে স্পেচেই স্পেচ
শেষযাত্ৰাৰ বাবে অকণমান স্পেচ
যিদৰে বৰষুণৰ বাবে আকাশৰ স্পেচ
চৰাইৰ বাবে গছৰ
শিপাৰ বাবে স্পেচ কেবল মাটিৰ বুকুত
স্পেচৰ বাবেই জীয়াই থাকিও মৃত্যুবৰণ কৰা নতুবা মৃত্যুৰ পিছতো জী থকা কথাটো সম্পূৰ্ণ সুকীয়া আৰু বিপৰীতধৰ্মী
কোনে জানে কাৰ জীৱনত কাৰ বাবে কিমান স্পেচ
আছেনে স্পেচ এৰি দিয়াৰ আহৰি
নোপোৱাৰ খেদ
কিম্বা পাইও হেৰুওৱাৰ দুখ
ভৰে যদি ভৰি পৰক
মনৰ স্পেচবোৰ স্বস্তিৰ সহজ উশাহেৰে
সমবিন্যাসেৰে
পোৱা নোপোৱা
হৰা জিকা
ছাঁ পোহৰৰ খেলখনত স্পেচৰ অপূৰ্ব কাৰুকাৰ্য্য,চালে চকুৰোৱা

Ratna Bharali Talukdar বা আপোনাৰ পৰা মৰমৰ উপহাৰটি পোৱা বাবে খুবেই আনন্দিত হৈছোঁ । 'ঘৰ ঘৰ খেলিবা ? আহা " গল্পটি কবিতাৰ ৰূপ দিবলৈ কৰা আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস । 

Tuesday 11 June 2019

বাৰীৰ এলাগী এৰীগছজোপাও হ'ব পাৰে অৰ্থনৈতিক উন্নতিৰ কাৰক





 অসমৰ ৰেচম  শিল্পৰ  এক  সমৃদ্ধ  আৰু  গৌৰৱময়  ধাৰা  আছে ।   এৰী,  মুগা  আৰু  পাট এই তিনিওটাই  অসমৰ পৰম্পৰাগত ৰেচম শিল্প। এই  কথা সঁচা যে   আধুনিকতাৰ কোবাল গতি  আৰু  উদৰীকৰণ  অৰ্থনীতিৰ  ধামখুমিয়াত   পৰম্পৰাগত  ৰেচম  শিল্পই সংকটৰ সন্মুখীন হৈছে । কতৃপক্ষৰ  অমনোযোগিতা এই সংকচৰ প্ৰধান কাৰক।  বিশেষকৈ  বনৰীয়া অৱস্থাতহে হোৱা  মুগাশিল্প  এতিয়া অতিশয়   সংকটৰ   সন্মুখীন জলবায়ুৰ পৰিবৰ্তনৰ লগে লগে  পৰম্পৰাগত চোমনিবোৰ  ভাঙি পোলোৱাৰ বাবে ।  উজনি অসমত  মুগাপালনৰ তুলনাত অধিক উপাৰ্জনক্ষম  অৰ্থনৈতিক  কৰ্ম  হিচাপে  পৰম্পৰাগত চোমনিবোৰ  ভাঙি   ক্ষুদ্ৰ   চাহবাগিছালৈ   পৰণিত কৰা  হ'ল   আৰু  আৰু  নামনি  অসমৰ  বৃহত্তৰ বকো, গোৱালপাৰা  অঞ্চলৰ  চোমনিবোৰৰ প্ৰায়ভাগেই   ৰবৰ বাগানলৈ ৰূপান্তৰিত  কৰা হ'ল।   এনেদৰেই মুগাৰ  উৎপাদনৰ সংকট আহিছে।   আনহাতে,   সামান্য  অংশৰ  নুনীপাটৰ  বাহিৰে  পাটসূতাৰ  উৎপাদন  অসমত  নহয়েই।   অসমৰ লগতে  ভাৰতবøৰ  পাটসূতাৰ চাহিদা  মূলত  চীন বজাৰখনে  পূৰণ কৰে  আৰু   বাংগালোৰৰপৰাই   সি নিয়ন্ত্ৰিত  হয়। 

এই তিনিওবিধ  ৰেচম  শিল্পৰ ভিতৰতে  আটাইতকৈ  অৱহেলিত   ৰেচম  শিল্পটিয়েই হৈছে এৰীপালন । আনহাতে, এৰীৰ দুৰ্দশাৰ বিপৰীতে   মুগাশিল্পই  ৰাজকীয়  প্ৰাধান্য  লাভ  কৰিছে। পাটশিল্পৰ আদৰো কম নহয় ।  আমাৰ  মানসিকতাত  এৰী  শিল্প  এতিয়াও  সাধাৰণ মানুহৰ  শিল্প, আৰু দুখীয়া   মানুহৰ  বস্ত্ৰ  হৈ  ৰোৱা বাবে অতিকৈ সমৃদ্ধ  এই  শিল্পৰ ধাৰাটিয়ে পাবলগীয়া  মৰ্যদা  এতিয়াও  লাভ কৰা নাই।   অথচ  আছে ইয়াৰ স্থায়িত্ব গুণ।   ৰাজ্যখনৰ  বিভিন্ন  অঞ্চলত  প্ৰায় সকলোবোৰ জাতি- জনগোষ্ঠীৰ মাজত  এৰীপলু  পোহাৰ লগতে  এৰীৰ  বস্ত্ৰ বোৱাৰ  এক সমৃদ্ধ  পৰম্পৰা আছে।  যিসকলৰ মাজত এৰীৰ পৰা  উৎপাদিত  বস্ত্ৰৰ বয়নকলাৰ প্ৰচলন নাই, তেওঁলোকে  আননৰ সৈতে লেটা বিনিময় কৰে। অসমৰ পাহাৰ - ভৈয়ামৰ  কেইবাটাও  এলেকা  এৰী শিল্পৰে সমৃদ্ধ এলেকা হিচাপে  স্বীকৃত।  এৰীয়া  চাদৰখন  যিদৰে  আমাৰ  সকলোৰে  অতি আদৰৰ, সেইদৰে  এৰী লেটা বিভিন্ন  জনগোষ্ঠীৰ  বাবে  উচ্চ প্ৰটিনযুক্ত সুমিষ্ট  খাদ্য। আজিকালি গুৱাহাটী মহানগৰীকে   ধৰি    থলুৱা খাদ্য যোগান ধৰা বিভিন্ন ৰেষ্টুৰেণ্টত ইয়াৰ পৰিবেশনো কৰা হয়।  কিন্তু  এক সমৃদ্ধ   পৰম্পৰাৰে  চহকী  হোৱাৰ  পিছতো  কতৃপক্ষৰপৰা  পাবলগীয়া   মনোযোগ নোপোৱাৰ   বাবেই  অসমৰ  জলবায়ু এৰী শিল্পৰ  বাবে  এতিয়াও   যথেষ্ট  পৰিমাণে  উপযোগী হৈ থকা  স্ব¤ত্বেও  এই শিল্পটিয়ে  পাবলগীয়া মৰ্যদা  লাভ  কৰা নাই।

ৰেচম  শিল্প  হিচাপে বিশেষকৈ  মুগাপালনৰ প্ৰক্ৰিয়াৰ সৈতে   এৰীপালনক   তুলনা কৰি চালে দেখা  যায়  যে এৰীপালনৰ   আটাইতকৈ সুবিধাজনক  কথাটো  হৈছে,  একোটা কোঠাৰ ভিতৰতে  এই  পলু  পুহিব  পাৰি  আৰু  খুব বেছি   প্ৰতিপালনৰ থাকিলেই   হয়।    মুগাপলুৰ দৰে   চৌবিশ ঘণ্টাই  পহৰা  দি থাকিব নালাগে।   ইয়াৰ  বিপৰীতে  মুগা  পলু  বনৰীয়া  অৱস্থাত, অৰ্থাৎ  চোমনিতহে  পুহিব   পাৰি  আৰু চৰাই - চিৰিকতিৰ পৰা ৰক্ষা কৰিবলৈ   অনবৰতে ৰখীয়া এজনৰ প্ৰয়োজন হয়।  আকৌ  অতি  স্পৰ্শকাতৰ    মুগা পলুৰ  ক্ষেত্ৰত    সততে দেখা পোৱা  বিভি ন্ন কাৰকৰ বাবে হোৱা  প্ৰদূষণৰ  ফলত,   স মীপৰ ঠাইবোৰৰ খেতি - খোলাত    কীটনাশৰ  দৰৱৰ প্ৰয়োগৰ ফলত  অথবা  অত্যধিক  'ৰষুণৰ ফলত হোৱা ভেঁকুৰৰ সংক্ৰমণ,   অথবা  খৰাং পৰিস্থিতি  বাবে  হোৱা  সমস্যাবোৰ  এৰীপুলৰ ক্ষেত্ৰত  সতকাই দেখা নিদিয়ে, ঘৰৰ ভিতৰতে পালন  কৰিব পৰাৰ ব্যৱস্থা থকাৰ বাবে।
অৱশ্যে  এৰী পলু পোহাৰ পৰম্পৰা  সমগ্ৰ এৰী শিল্পটোৰ সৈতে জড়িত কৰ্ম-কাণ্ডৰ   এটি   অংশহে  মাথো।  এৰীবস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত  সৌ তিনি- চাৰিবছৰমান  আগলৈকে সমৃদ্ধ  হৈ  থকা   অসমৰ এটা  অঞ্চল   হৈছে   দক্ষিণ  কামৰূপৰ  মীৰ্জা,  ছয়গাওঁৰপৰা  বকোলৈকে  থকা  বিস্তৃত  এলেকাটো। সৌ-সিদিনালৈকে  এই এলেকা  এৰীশিল্পৰ বাবে  বিখ্যাত আছিল  আৰু  শিপীনিসকলে দিনটোত  চাৰি- পাঁচঘণ্টাকৈ কাপোৰ বৈ এযোৰ এৰীয়া  চাদৰত পাঁচহাজাৰ পৰ্যন্ত   টকা উপাৰ্জন কৰিছিল।  এই  এৰীশিল্পৰ  মাজেৰেই  সেই অঞ্চলটোৰ জনজাতীয় আৰু অজনজাতীয় মহিলাসকলৰ মাজতো  এক  দীঘলীয়া সম্পৰ্কই গঢ় লৈ উঠিছে।  এৰী  পলু পোহাৰ কামটো সাধাৰণতে  ৰাভা অথবা   গাৰো  জনগোষ্ঠীৰ  লোকসকলে কৰে  আৰু তেওঁলোকৰপৰা  লেটাবোৰ  অসমীয়াভাষী মহিলাসকলে  ক্ৰয় কৰি লৈ টাকুৰীত সূতা কাটি ,  কাপোৰ বৈ বজাৰত  বিক্ৰী কৰে।   জনজাতীয় লোকসকলে  প্ৰটিনৰ উৎস হিচাপে লেটা  গ্ৰহণ  কৰে।   এই  এলেকাৰ বিজয়নগৰ এৰীকাপোৰৰ ক্ৰয় - বিক্ৰয়ৰ বােব বিখ্যাত।  অতি উচ্চমানৰ  এই কাপোৰৰ   বজাৰখন ভাৰতৰ বিভিন্ন  ঠাইৰ লগতে  নেপাল  পৰ্যন্ত  বিয়পি আছে।  আনকি কেইজনমান উদ্যমীৰ যোগেৰে   ইউৰোপলৈও  এই  কাপোৰ পঠিওৱা হয়। এই বিস্তৃত   এলেকাটোত   হাটবাৰ  বহাৰ দিনা লেটা কিনা- বেচা কৰা মহিলাসকলে উখল-মাখল কৰি থকাটো সৌ-সিদিনালৈকে এক চকুত পৰা দৃশ্য আছিল। বৰ্তমানেও তেওঁলোকে এৰী লেটা কিনা-বেচা কৰে যদিও পৰিমাণ একেবাৰেই কমি আহিছে।

এনে এক সমৃদ্ধ   পৰম্পৰাৰ প্ৰতি  লক্ষ্য  ৰাখিয়েই    বেলতলাত থকা  ভাৰতীয় উদ্যোগিক   প্ৰতিষ্ঠানে  কিছুবছৰৰ  আগতে  বকো অঞ্চলৰ  শিপীনিসকলক জড়িত কৰি   ক্লাষ্টাৰ ডেভেলপমেণ্ট'   আঁচনি এটিও লৈছিল।  ভাৰতীয় উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে সংযোজিত হোৱা মহিলা শিপীনিসকলৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি সূতাৰ ৰং দিয়া, চাদৰ -মেখেলা  অথবা  শাৰীৰ বাবে বিভিন্ন চানেকি  ব্যৱহাৰ কৰি কাপোৰ বোৱা আদি বিভিন্ন ক্ষেত্ৰৰ প্ৰশিক্ষণ লৈছে।   
এই  এমুঠি  মহিলাসকলৰ উপৰিও  সমগ্ৰ অঞ্চলটোৰ  মহিলাসকলে  লেটা কিনাৰপৰা  সূতা কাটি, কাপোৰ বৈ  বজাৰলৈ  বিক্ৰীৰ বাবে নিজে লৈ  অনালৈকে সমগ্ৰ  প্ৰক্ৰিয়াটোত নিজেই জড়িত হৈ    থাকে । গতিকে  এৰীপালনৰ   সমগ্ৰ  ব্যৱস্থাটোৰ  সৈতে   মহিলাসকল  পোনপটীয়াকৈ জড়িত।  তেওঁলোক যথেষ্ট পৰিমাণে  আত্মবিশ্বাসীও।  কিন্তু  সৌ সিদিনালৈকে খদমদমাই থকা  অঞ্চলটোৰ   এই  সমৃদ্ধ  এৰীপালনৰ সংস্কতি  বিভিন্ন  কাৰণত  ম্লান  হৈ পৰিছে।   বৰিহাট  এলেকাৰ  শিপীনিসকলে  কয় যে, মাথো তিনি -চাৰি  বছৰমান  আগলৈকে এযোৰ  এৰীয়া  চাদৰ বৈ তেওঁলোকে পাঁচহেজাৰ পৰ্যন্ত    টকা   উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।  বহুতো শিপীনিৰ  তাঁতশালবোৰৰ লগতে   সূতা  কটা  সজুঁলি  আদি  এতিয়া  এলাগী হৈ ঘৰতে পৰি ৰৈছে।  এই শিপীনিসকলে ঘৰুৱা কাম- বনৰ লগতে  খেতি-  বাতি ১ কাম সামৰি আজৰি  হৈ দিনে প্ৰায় চাৰি - পাঁচঘণ্টাকৈ কাপোৰ বয়, আৰু তাৰ মাজেৰে হোৱা উপাৰ্জনৰ বাবে তেওঁলোক সুখী।  কতৃপক্ষৰ অমনোযোগিতাৰ বাবেই  যোৱা কেইটামান বছৰৰ ভিতৰতে  তেওঁলোকৰ  এই  ø  ম্লান  পৰি  আহিছে।  এই সমগ্ৰ এলেকাটোৰ   শিপীনিসকলক  উন্নতমানৰ শালৰ যোগান  ধৰি দক্ষতা  বৃদ্ধিৰ প্ৰশিক্ষণৰ মাজেৰে   ৰাষ্ট্ৰীয়  আৰু আন্তঃৰাষ্ট্ৰীয়  বজাৰত চাহিদা থকা  উন্নতমানৰ  বস্ত্ৰ  বিশেষকৈ শাৰী,  কুশ্বন ক'ভাৰ,  বেডকভাৰ আদিৰ  দৰে  বস্ত্ৰৰ  বয়নকলাৰে সংযোজিত  কৰাৰ  লগতে  যুৱ প্ৰজন্মৰ  শিপীনিসকলক  অনলাইন মাৰ্কেটিং ব্যৱস্থাৰে  সংযোজিত  কৰাৰ   থল আছে  । অসমৰ  বিভিন্ন জনগোষ্ঠীৰ  জনজাতীয় মহিলাসকলৰ বিশেষকৈ  বড়ো,  মিছিং আদি জনগোষ্ঠীৰ শিপীনিসকলৰো  এৰী কাপোৰ বোৱাৰ অপূৰ্ব  দক্ষতা আছে।  দক্ষতা বৃদ্ধিৰ  প্ৰশিক্ষণৰ   মাজেৰে  তেওঁলোকক আধুনিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আত্মবিশ্বাসী কৰি তোলাৰ প্ৰয়োজন।   

অৱশ্যে  সামগ্ৰীকভাৱে  চাবলৈ গ'লে  বয়লকলা এৰীপালনৰ  সমগ্ৰ  প্ৰক্ৰিয়াটোৰপৰা  আহিব পৰা অৰ্থনৈতিক লাভৰ   এটা সামান্য  অংশহে।    ব্যৱসায়ভিত্তিক  এৰী পালনৰ জৰিয়তে  আহিবপৰা সম্ভাৱনীয়তাৰ  আন এক  দিশ   আমি আওকাণ   কৰি আহিছোঁ ।  সেয়া  হৈছে  বজাৰত উপলব্ধ  অতি  দামী  কেষ্ট'ৰ তেলৰ উৎপাদন -- যাক  এৰীগছৰ  গুটি পৰাই   উৎপাদন কৰা  হয়।  আমাৰ এৰীপালকসকলে এৰী লেটাৰ খাদ্য হিচাপেহে এৰীগছ ৰোৱে । কিন্তু এৰী  গুটিৰ বাবে  ব্যৱসায়ভিত্তিত  এৰীগছৰ  উৎপাদনৰ  সমান্তৰালভাৱে  বৱসায়িকভাৱে  কৰা   এৰীপালনে  এই দুয়োটা  দিশৰপৰাই পালকসকলক সমৃদ্ধ  কৰা লগে লগে এক সমৃদ্ধ পৰম্পৰাকো  জীয়াই ৰখাত   সহায়  কৰিব।   এই ক্ষেত্ৰত কেৰালাৰ  ব্যৱসায়ভিত্তিক   এৰীগছৰ উৎপাদনৰ   উদাহৰণ দি  ৰেচম  বিভাগৰ এগৰাকী বিষয়াই কিছুবছৰৰ আগতে  আমাক   কৈছিল যে, এই  খেতিয়কসকলে  এৰীগছৰপাত   এৰীপুলৰ  খাদ্য বুলি জনাৰ পিছত   এতিয়া   এৰীপলু  পোহাৰ  কামো আৰম্ভ কৰিছে। অসমৰ  জলবায়ুৰ  এই গছৰ বাবে  অতিকৈ  উপযোগী বাবে  এই  গছৰ উৎপাদনৰ খৰছো প্ৰায় শূন্য বুলিব পাৰি।

এৰীপালনৰ পৰম্পৰাৰ পৰা আহিব পৰা আন এটি   দিশ হৈছে পৰ্যটনৰ সৈতে এই  শিল্পৰ  সম্পৰ্ক স্থাপন কৰাৰ মাজেৰে আনিব পৰা  অৰ্থনৈতিক সুচলতা। বিশেষ  বিশেষ  পৰ্যটনস্থলীৰ  আশে- পাশে  এৰীপালনৰ পৰম্পৰাৰে সমৃদ্ধ গাওঁসমূহ  গঢ়ি তুলি  পৰ্যটকৰ  বাবে  সেইবোৰ  আকøণীয়  কৰি তুলিব পাৰি।   বিশেষকৈ বিদেশী পৰ্যটকসকলক লক্ষ্য কৰি লৈ এনে গাওঁসমূহ গঢ়ি তুলিলে অথবা তেনে পৰ্যটনস্থলীৰ ওচৰে- পাজৰে আগৰেপৰাই   থকা তেনে  পৰম্পৰাৰে  সমৃদ্ধ  গাওঁবোৰৰ সৈতে  পৰ্যটনৰ সংযোগ ঘটাব পাৰিলে   (উদাহৰণস্বৰূপে  চানডুবি তেনে এক পৰ্যটনস্থলী হ'ব পাৰে , যাৰ কাষে-পাজৰে  এনে গাওঁবোৰ আছে) এই লোকসকলে  অৰ্থনৈতিকভাৱে উপকৃত হোৱাৰ লগে লগে পৰ্যটকসকলেও আমাৰ  এৰীপালন,  হস্ত-তাঁত, টাকুৰীত সূতা কটা আদি  পৰম্পৰাবোৰৰ বিষয়ে জানিব পাৰিব।

ৰত্না ভৰালী তালুকদাৰ 
------