Wednesday 12 June 2019

একান্ত আৰু ব্যক্তিগত




জীৱনৰ দুটা বছৰ আৰু কেইটামান মাহ  মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। সেই সময়ত মেঘনাদ পায়েং ছাৰক আমি হেড ছাৰ হিচাপে পাইছিলোঁ। ছাৰৰ ঘৰ আছিল কানীয়াজান গাৱঁত। সেই সময়ৰ  মাজুলীৰ চহকী মিছিং গাওঁবোৰৰ এখন, য’ত আছিল পকীখুঁটাৰ চাংঘৰ । এক পাহৰিব নোৱাৰা ব্যক্তিত্ব  আছিল মেঘনাদ পায়েং ছাৰ। তেখেতে ইংৰাজী পঢুৱাইছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পঢ়িবৰ বাবে গুৱাহাটীলৈ আহিলোঁ। মাজুলীৰ ঘৰখনলৈ বন্ধৰ সময়তহে অহা-যোৱা থাকিল। বহুদিন ধৰি ছাৰৰ খবৰ কেৱল আৰ-তাৰ মুখেৰেহে পাই থাকিলোঁ। ইতিমধ্যে পোহাৰদিয়া, হুকোনামুখ, কানীয়াজান, বতিয়ামাৰী আদি গাওঁবোৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰাৰ খবৰবোৰ পাই আছিলোঁ  -- যি গাওঁ আছিল নদীৰ মুখত। ধান, মাহ, সৰিয়হ, নহৰুৰ দৰে শস্যৰে উভৈনদী। চিনাকি মানুহবোৰৰ মুখবোৰ চেৰেং-চেৰেংকৈ মন পৰিছিল।  বান-গৰাখহনীয়াৰ খবৰ বুটলিবলৈ সুশান্ত মাজুলীলৈ গৈছিল। আৰু মথাউৰিৰ ওপৰলৈ উঠি  অহা মেঘনাদ পায়েং ছাৰক লগ পাইছিল। সুশান্তই ছাৰৰ সৈতে বহু পৰ কথা পাতিলে। মথাউৰিৰ ওপৰত ঘৰ সজা ছাৰে সুশান্তক বোলে কৈছিল, “ৰত্না মোৰ বৰ মৰমৰ ছাত্ৰী আছিল, কিন্তু তোমাক আজি মই চাহ একাপো খুৱাব নোৱাৰিম।” — সুশান্তই আহি পাই মোক এই কথা ক’লে।  তেতিয়া মোৰ বুকুৰ ভিতৰতো আন এক বান আৰু গৰাখহনীয়াৰ সৃষ্টি হ’ল। তেখেত আছিল আমাৰ প্ৰিয় ছাৰ মেঘনাদ পায়েং। যি গোটেই জীৱন পিচপৰা ঠাইৰ ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ তাগিদাত এখনি সুচল ঠাইত ঘৰ সাজিব নোৱাৰিলে। এনেকুৱা অনেক শিক্ষক আছিল  আমাৰ  জীৱনত।  অনেক ক্ষণৰ নিস্তব্ধতাৰ পিছত লিখিছিলোঁ সেই গল্প “ঘৰ ঘৰ খেলিবা? আহা”।  নীলাক্ষিয়ে  এই গল্পটো পাঠ কৰাৰ পিছত আজি উপহাৰ দিলে এই কবিতাটি । কবিতাটিয়ে মেঘনাদ পায়েং ছাৰৰ দৰে শিক্ষকৰ বিৱৰণী আকৌ এবাৰ সজীৱ কৰি তোলাৰ লগে লগে বহু পৰ মুক কৰিও তুলিলে। অশেষ ধন্যবাদ নীলাক্ষি শব্দ ভালপোৱা এজন মানুহৰ বাবে জীৱনত ইয়াতকৈ শ্ৰেষ্ঠ উপহাৰ কি হ’ব পাৰে! 

স্পেচ-- নীলাক্ষি গোস্বামী

স্পেচৰ কথা আহিলেই ক্ষণিকৰ বাবে হ'লেও কিছু বিভ্ৰান্তিত পৰোঁ
ভ্ৰমৰ ভিতৰতে এগৰাকী পৰিব্ৰাজকৰ দৰে পিটপিটকৈ নিৰীক্ষণ কৰোঁ
স্পেচৰ অৱস্থিতি

কিছু স্পেচ ৰাখি সজা ঘৰটোত থাকে এটা মিহিকৈ মৰ্য্যদাৰ প্ৰলেপ ,,,কোনেও নেদেখা
নিজানত নিৰলে উচুপি থকাজনেও
বিচাৰি থাকে হেনো
নিজৰ মাজতেই নিজৰ স্পেচ
স্পেচ ক'ত ?
স্পেচ ?
আপাততঃ দেখা স্পেচ
গোপন কুঠৰিৰ স্পেচ(আনতকৈ কিছু পৃথক)
বুকুৰ ঘৰখনৰ স্পেচ একা ?
আপোনজনৰ চকুৰ কোটৰৰ স্পেচৰ কথা
নকলোৱেই যেনিবা
পেটৰ ভিতৰৰ স্পেচ পূৰাবলৈ আকৌ বহিঃজগতৰ স্পেচৰ টনা আজোৰা
কেতিয়াবা অফুৰন্ত স্পেচ থাকিও অভাৱে আবৰি থাকে অৰণ্য এখনৰ দৰে
এই স্পেচৰ জগতখনো যে আৰু !
লিখনিৰ গুৰুত্ব বুজি বাতৰি কাকত ,আলোচনীয়ে দিয়া স্পেচ
বিজ্ঞাপনৰ লোভনীয় অফাৰসমূহে মিতব্যয়ী মগজুত নিজেই উলিয়াই লোৱা স্পেচ
জীৱনৰ বাবে যন্ত্ৰণাই নিগাজিকৈ উলিয়াই লোৱা স্পেচ যিদৰে নৈয়ে বিচাৰি লয় নৈপৰীয়াৰ স্পেচ
মূধচৰ পৰা তৰা গণিব পৰা স্পেচ
ভাতৰ চৰুত স্পেচ
ভোক আৰু শোকৰ বাবে স্পেচেই স্পেচ
শেষযাত্ৰাৰ বাবে অকণমান স্পেচ
যিদৰে বৰষুণৰ বাবে আকাশৰ স্পেচ
চৰাইৰ বাবে গছৰ
শিপাৰ বাবে স্পেচ কেবল মাটিৰ বুকুত
স্পেচৰ বাবেই জীয়াই থাকিও মৃত্যুবৰণ কৰা নতুবা মৃত্যুৰ পিছতো জী থকা কথাটো সম্পূৰ্ণ সুকীয়া আৰু বিপৰীতধৰ্মী
কোনে জানে কাৰ জীৱনত কাৰ বাবে কিমান স্পেচ
আছেনে স্পেচ এৰি দিয়াৰ আহৰি
নোপোৱাৰ খেদ
কিম্বা পাইও হেৰুওৱাৰ দুখ
ভৰে যদি ভৰি পৰক
মনৰ স্পেচবোৰ স্বস্তিৰ সহজ উশাহেৰে
সমবিন্যাসেৰে
পোৱা নোপোৱা
হৰা জিকা
ছাঁ পোহৰৰ খেলখনত স্পেচৰ অপূৰ্ব কাৰুকাৰ্য্য,চালে চকুৰোৱা

Ratna Bharali Talukdar বা আপোনাৰ পৰা মৰমৰ উপহাৰটি পোৱা বাবে খুবেই আনন্দিত হৈছোঁ । 'ঘৰ ঘৰ খেলিবা ? আহা " গল্পটি কবিতাৰ ৰূপ দিবলৈ কৰা আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস । 

No comments:

Post a Comment