Monday 23 December 2019

ৰাজপথৰ সংগ্ৰামঃ কিছু ব্যক্তিগত, কিছু নৈৰ্ব্যক্তিক





ৰাজপথৰ সংগ্ৰাম আমাৰ বাবে  নতুন  কথা নহয়। শৈশৱত কিছুমান  জৰুৰী কথা শুনিবলৈ  পাইছিলোঁ আমাৰ অগ্ৰজসকল মুখত।  তেওঁলোকে পাতিছিল দেশৰ  জৰুৰীকালীন অৱস্থাৰ  কথা।কথাবোৰ বুজি পোৱাটো  আমাৰ বাবে  সহজ নাছিল, কিন্তু  তাত আছিল  দেশৰ শাসক শ্ৰেণীৰ প্ৰতি আমাৰ অগ্ৰজসকলৰ ঘৃণা। ইন্দিৰা  গান্ধীয়ে দেশত গৰিবী হাটাও'নামৰ কিবা এখন আঁচনি লোৱাৰ কথাশুনিবলৈ পাইছিলোঁ। জৰুৰীকালীন অৱস্থাৰ বাবে দেউতাহঁতে ইন্দিৰা গান্ধীক সমালোচনা কৰিছিল। ১৯৭৯ চনত তৃতীয়মানত  থাকোঁতেই আছুৱে  আহ্বান কৰা  পিকেটিঙৰ কাৰ্যসূচী এটালৈ  আমাক লৈ  গৈছিল। আমাৰ ১ নং কমলাবাৰী  নিম্ন  বুনিয়াদী বিদ্যালয়ৰপৰা আমাক সমদল কৰাই কমলাবাৰী ডাকঘৰলৈ লৈ যোৱা হ'ল ।তাতেই আমি কেইঘণ্টামান বহি থাকিলোঁ। পিছত ভিজোৱা বুট আৰু নাৰিকল খাবলৈ দিলে। এয়াই  আছিল  জীৱনৰ প্ৰথমটো আন্দোলন।
স্কুলৰপৰা ওলাই গৈ বুট  আৰু নাৰিকল  খাবলৈ পোৱাৰ আশাতেই এই  কাৰ্যসূচীবোৰ  ভাল লাগিছিল। আন্দোলনৰ বাবে  ক্ৰমে শ্ৰেণীবোৰ ব্যাহত হবলৈ ধৰিছিল। এটা শিক্ষাবৰ্ষ আমি হেৰুৱাইছিলোঁ।  শিক্ষাবৰ্ষ হেৰুওৱাৰ বাবে হোৱা লোকচানৰ কথা ভাবিবলৈ তেতিয়াও বয়স বৰ কম আছিল। পঢ়া-শুনা কৰিবলৈ নোহোৱা হোৱাত ভালেই লাগিছিল।সমদলত ভাগ লোৱাৰ অভিজ্ঞতাবোৰ মজাৰ আছিল। মাজুলীৰ  শিলগুটি দিয়া বাট আৰু  মথাউৰি তল-ওপৰ কৰি  আমি সমদল  কৰিছিলোঁ। ৰঙা টুপী পিন্ধা  আৰক্ষীজনকেই দৈত্যৰ সমান ভয় লাগিছিল। সেয়ে  ডাঙৰ মানুহ গৈ থকা সমদল এটাৰ অলপ পিচফালে সোমাই দিছিলোঁ।  আন্দোলনৰ প্ৰকোপত মইনা পাৰিজাত চ'ৰাবোৰ বন্ধ হৈ গৈছিল। কিন্তু ডাঙৰ ডাঙৰ ল'ৰা-ছোৱালীবোৰে সুৰ বাহিনী গঠন কৰি ট্ৰাক এখনৰ পিচফালে উঠি দেশপ্ৰেমৰ গীত গাই গাই ঘূৰিছিল। আনকি আমাৰ খেলা-ধূলাৰ বাবেও আমি আন্দোলন আন্দোলন' খেল এটা বনাই লৈছিলোঁ, 'ত পুলিচ, নেতা, ভলণ্টিায়াৰ, সমদলকাৰী, পিকেটিং, ধৰ্ণা--এই সকলোবোৰ আছিল।
পঞ্চমমানত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হোষ্টেলত থাকি  পঢ়িবলৈ  আহি আন্দোলনৰ নানা ৰূপ দেখিছিলোঁ। চৰকাৰো কঠোৰ হৈ পৰিছিল। এবাৰ কোনো এটা অসমবন্ধত  স্কুলৰ প্ৰিন্সিপাল বাইদেৱে পুৱাই  গাড়ীত উঠি আহি মনে মনে বিদ্যালয়ত সোমাই থাকিল। দিনত আমি হোষ্টেলৰপৰাই বাইদেউক খোৱা-বস্তুৰ যোগাৰ দিলোঁ। কিন্তু পিচদিনা কথাটো জনা-জনি হৈ গ'ল। ফলত আছুৰ আহ্বানত পিচদিনা সেইগৰাকী প্ৰিন্সিপাল বাইদেউকে ঘেৰাও কৰি শ্ল'গান দিবলৈ ধৰ¿লোঁ -- বৰবাইদেউৰ কথাত আমি দুখ পাইছোঁ, দুখ পাইছোঁ।'  বাইদেৱে বাঁহৰ  স্কেল  এপাত দাঙি  অসহায় হৈ কবলৈ ধৰিলে-- ক্লাছলৈ যোৱা, ক্লাছলৈ যোৱা।' কিন্তু আছুৰ যোৰহাটৰ নেতাসকল আহি গ'ল আৰু  শ্ৰেণীবৰ্জন হ'ল। এখন মিটিঙো হ'ল। এইখন স্কুলৰপৰাও আন্দোলনৰ কাৰ্যসূচীত ভাগ  লৈছিলোঁ যদিও সাধাৰণতে ওপৰৰ  শ্ৰেণীৰ ছাত্ৰীকহে বেছিকৈ যাবলৈ দিছিল। ডাঙৰ মিটিঙতহে সৰু  সৰুবোৰক  যাবলৈ দিয়া হৈছিল।  মাজুলীত  কৰা আন্দোলনবোৰত নেতাসকলক বহূত দূৰৈৰ তাৰকা যেন লাগিছিল। কিন্তু  যোৰহাটত আন্দোলনৰ নেতাবোৰক অলপ কাষৰপৰাই দেখিলোঁ। 
শ্ৰেণীবৰ্জনৰ দৰে কাৰ্যসূচী সঘনাই হোৱাৰ বাবে প্ৰায়েই ঘৰলৈ যাবলগীয়া হৈছিল। বিদ্যালয়, হোষ্টেলবোৰ চি আৰ পি আৰু সেনাবাহিনীৰ লোক  থকাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অসম আৰক্ষীকেই ভয়ানক বস্তু বুলি ভবা আমিবোৰে প্ৰথমে চি আৰ পি বা সেনা দেখিলেই ভয়তে পেপুৱা লাগিছিলোঁ। আমাৰ হ'ষ্টেলতো চি আৰ পিৰ কেম্প  পতা হৈছিল। সিহঁতে হোষ্টেলৰ পিয়ানো এখন, তিনিটাকৈ মেচিন লগতে বহুত খেলাৰ সামগ্ৰী নষ্ট কৰি পেলাইছিল। আমাৰ মাজুলীৰ ঘৰখনৰ সন্মুখৰফালে থকা মাৰ স্কুল আৰু পিচফালে থকা দেউতাৰ কলজেতো কেইবাবাৰো চি আৰ পি, সেনাৰ কেম্প বহুওৱা হৈছিল। সিহঁতে আমাৰ ঘৰৰ কাষৰ গোটেই পথাৰখন মুকলি পায়খানাৰূপে ব্যৱহাৰ  কৰিবলৈ  'লে।  ঘিণতে সেনা-চি আৰ পি বোৰ গুচি যোৱাৰ পিছতো মানুহে  খেতি কৰিবলৈ এৰি দিছিল। ঠাণ্ডাৰ  সময়ত ৰাতি  ৰাতি আমাৰ ভঁৰালৰপৰা ধানৰ নৰাবোৰো লৈ গৈছিল। বিশেষকৈ ছোৱালীবোৰৰ  মুকলিকৈ ওলোৱা- সোমোৱা প্ৰায় বন্ধ  হৈ গৈছিল।  জুয়ে পোৰা তিৰাশীৰ ভয়লগা দিনবোৰত চৈধ্যবছৰীয়া দাদা কাষৰ ডাক্তৰ এজনৰ গেৰেজত আছিল, দেউতাই পামৰ ঘৰলৈ গৈ আত্মগোপন কৰিছিল। সেইখিনি সময়তে তেখেতে বাঁহৰ মুঢ়া বনাবলৈ শিকিলে। মুকলিলৈ আহিবৰ সময়ত  তিনিটা ধুনীয়া মুঢ়া বনাই ঘৰলৈ লৈ আহিছিল।

তাৰ মাজে মাজেই আমি আন্দোলনৰ সমদলবোৰলৈ গুচি গৈছিলোঁ। কোনেও আমাক ৰখাব পৰা নাছিল। গোপনে গোপনে মিটিং হৈছিল। ভৃগু ফুকন, ভৰত নৰহৰ দৰে আন্দোলনৰ নেতাসকলক চাইকেলেৰে ইখন গাৱঁৰপৰা সিখন গাৱঁলৈ  অনা-নিয়া কৰা হৈছিল। কোনোবাটো বাটেৰে তেওঁলোক আহিব বুলি খবৰ পালেই আমি সেইবোৰ  বাটত ৰৈ আছিলোঁগৈ, নেতাসকলক  এবাৰ চোৱাৰ ইমান হেঁপাহ আছিল আমাৰ। মানুহবোৰে কৈ ছিল-- এইবোৰ আমাৰ সিংহ পুৰুষ। আমি কৰিব নোৱাৰা কাম তেওঁলোকে কৰিছে। তেওঁলোকক এবাৰ দেখিবলৈ পোৱাটো ভাগ্যৰ কথা।তিনি চাৰিদিন মানৰ আগৰপৰাই গম পাইছিলোঁ--এই বাটেৰে  আহিব বুলি। এবাৰ চাইকেলৰ ফ্ৰণ্টত বহি অহা  খীণ-মীণ ভৃগু ফুকনক দেখি আচৰিত হৈছিলোঁ, এইজনে কেনেকৈ নেতৃত্ব দিছে বুলি। কেতিয়াবা তেওঁলোকে বাট  সলাবলগীয়া  হৈছিল আৰু আহিব আহিব বুলি বাট চাই আমি হতাশ  হৈ উভতি আহিছিলোঁ। দল বান্ধি চি আৰ পি অহা দেখিলেই  দূৰৈতে বাটৰপৰা পথাৰলৈ নামি বাহঁৰ চোপত লুকাই দিছিলোঁ।

আন্দোলনৰ মাজতে ডাঙৰ হৈছিলোঁ। অবাল-বৃদ্ধ-বণিতা বাটলৈ নামি আহিছিল। কথাবোৰ  নিজে বিশ্লেষণ কৰিব পৰা বোধ এটা হৈছিল। ক্ষোভ হৈছিল। বহু প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ। খবৰ কাগজবোৰে  আচৰিত খবৰ আনিছিল। তেজৰ নৈ আৰু দুখৰ নৈবোৰ একেলগ হৈ পৰিছিল। এদিন আনকি দেউতায়ো চকুপানী টুকিছিল।  কিন্তু মানুহৰ সমদলত ভাগ লোৱাৰ আনন্দৰপৰা আমাক কোনো হকা-বাধা, গালি-শপনিয়ে বাধা দি ৰাখিব পৰা নাছিল।  ইতমধ্যে যোৰহাটৰ স্কুলৰপৰা মাজুলীলৈ  গুচি  গৈছিলোঁ।  ১৯৮৫ চনত যেতিয়া দিল্লীত অসম চুক্তি স্বাক্ষৰ হোৱা বুলি খবৰ ওলাল, তেতিয়া নেতাসকল দিল্লীত থাকোঁতেই আমি পাৰ ভঙা উচাহেৰে বাটলৈ  নামি আহিছিলোঁ।  চুক্তিত কি লিখা হ'ল-- সেই বিষয়ে মানুহবোৰে বৰকৈ উৎসুকতা নেদেখুৱালে যদিও নাচি- বাগি সমদল কৰি আমি বাটে বাটে, মথাউৰিয়ে মথাউৰিয়ে  সমদল কৰি  গাবলৈ ধৰিলোঁ -- ‘‘' সোণ তৰাদৈ, ছাত্ৰসন্থা জিকিলে মৰম লগাকৈ।সেইদিনা কিমান কিলোমিটাৰ যে খোজকাঢ়িলো! অসমে সোণৰ কণী পৰা হাঁহ এজনী পোৱাৰ দৰে লাগিছিল। এনেকৈয়ে  আন্দোলনৰ কথাবোৰ আমাৰ চেতনাৰপৰা এক মুহূৰ্তৰ বাবেও নামি যোৱা নাছিল।

ইয়াৰ পিছৰ সময়চোৱা  আছিল হতাশাৰ যুগ। কটন কলেজত  স্নাতক  প্ৰথম বৰ্ষত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সতে যুক্ত হৈ মাৰ্ক্সবাদ পঢ়াৰ পছতহে জাতীয়তাবাদীসকলে দিব নোৱাৰা বহুত  প্ৰশ্নৰ উত্তৰ  পাবলৈ সক্ষম হৈছিলোঁ। দ্বন্দমূলক বস্তুবাদৰ দৰ্শনেৰে সমাজৰ ঘটনাৱলীৰ বিশ্লেষণ কৰিবলৈ শিকাৰ পিছত কথাবোৰ বিজ্ঞানসন্মতভাৱে চাবলৈ সুবিধা হ'ল। কবলৈ গ'লে মাৰ্কসবাদৰ অধ্যয়নে জীৱনৰ গতি সলাই দিলে, জীৱনৰ দ্বন্দ আৰু সংঘাতবোৰ বাস্তৱসন্মত বিশ্লেষণৰ মাজেৰে ইতিবাচকভাবে গ্ৰহণ কৰিবলৈ শিকালে।

ৰাজপথৰ কত সমদলত আমি যোগ দিলোঁ। ২০১৭ চনৰ ১ মে' আৰু ২০১৯ চনৰ ৮ ডিচেম্বৰত প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে  লেখক-শিল্পী সমাজো ৰাজপথৰ সংগ্ৰামলৈ নামিল।১১ ডিচেম্বৰ তাৰিখে  ৰাজপথতেই  অতি গৌৰৱময় ক্ষণৰ অধিকাৰী হ'লোঁ । কোনো নেতৃত্ব নোহোৱাকৈয়ে  আৰু  জীৱনক কোনোদিনেই আৰক্ষাৰ সন্মুখীন নোহোৱাকৈয়ে  ৰাজপথলৈ নামি অহা গুৱাহাটীৰ ছাত্ৰসমাজক বাৰে বাৰে আৰক্ষীৰ কন্দুৱা গেছ, লাঠিচালনাৰে চেদেলি-ভেদেলি কৰি পোলোৱাৰ পিছতো আকৌ ৰাজপথতেই গোট খাই বুকুত হাত থৈ অ’ মোৰ আপোনাৰ দেশ'  গাই গাই আৰক্ষীক উভতি ধৰিলে অকণো সংযম নেহেৰুৱাকৈ। পূৰ্বৰ প্ৰজন্মৰ সংগ্ৰামৰ সোঁৱৰণি আৰু সেই সোঁৱৰণিৰ উত্তৰাধিকাৰ তেজত বহন নকৰাকৈ মহানগৰীত আলসুৱাকৈ ডাঙৰ-দীঘল হোৱা এই ছাত্ৰসমাজ ইমান সংযমী হব পাৰিলেহেঁতেন জানো!আমাৰ নতুন প্ৰজন্মই সেইদিনা আমাৰ গৌৰৱ অনুভৱ কৰিবলৈ সুযোগ দিলে।  

এতিয়া গোটেই অসমখনেই ৰাজপথত। ৰাজপথত মানুহৰ ঢল । ৰজাঘৰ কঁপাই তোলা অগণিত  মানুহৰ  দুভৰিৰ  ছন্দ আজি ৰাজপথত। মাজে মাজে  মনলৈ আহে  মাজুলীৰ পথে পথে, মথাউৰিয়ে মথাউৰিয়ে  কাৰো হকা-বাধা নামানি  শিলগুটি ওফৰাই, ধূলি উৰুৱাই,  ৰজাঘৰ কঁপাই  তোলা আমাৰ  ৰাজপথৰ সংগ্ৰামৰ সোঁৱৰণি।  হাজাৰ ভুল-ভ্ৰান্তিৰ মাজতো যি আমাৰ প্ৰেৰণাৰ  অনল উৎস।মোৰ বন্ধুৰ তালিকাত থকা মাজুলীৰ বন্ধসকলৰ আপডেটত চকু ফুৰাওঁ, কিজানি থাকেই তেনে এটি খবৰ। মাজুলীৰ আজিৰ প্ৰজন্মই তেজত বহন কৰি আনিছেনে এই সোঁৱৰণিৰ উত্তৰাধিকাৰ!

Thursday 19 December 2019

দীঘে - বাণিয়ে বাঢ়ি অহা অসমীয়া জাতিয়ে নাগৰিকত্ব (সশোধনী) আইনৰ বিৰুদ্ধে যুজিব




সংগ্ৰাম  অসমীয়া জাতিৰ  বাবে  নতুন কথা নহয়। বৰং সংগ্ৰাম  অসমীয়া সত্তাৰ জীৱনৰ এটা প্ৰৱাহ।  অসমীয়া জাতিৰ  প্ৰতিটো  প্ৰজন্মৰ আছে ৰাজপথলৈ নামি  আহি সংগ্ৰাম কৰাৰ ইতিহাসতাৰ সোঁৱৰণি।  আজিৰ অসমীয়াই লাভ কৰা প্ৰতিটো সফলতাৰ আঁৰত আছে একোখনকৈ সংগ্ৰাম।প্ৰতিটো প্ৰজন্মই বহন কৰিছে পূৰ্বৰ সংগ্ৰামৰ সোঁৱৰণিৰ উত্তৰাধিকাৰ। বাৰে বাৰে নতুনদিল্লীৰ গোপন উমনিশালত অসমীয়া জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰছনা কৰা হৈছে আৰু  বাৰে বাৰে  সাধাৰণ  মানুহে সেই  ষড়যন্ত্ৰ মষিমূৰ কৰিছে ।
প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে অসমীয়া মানুহে সৰ্বস্তৰত প্ৰতিবাদ কৰি আহিছিল।  জাতি, মাটি আৰু ভেটিৰ সুৰক্ষা দি কেন্দ্ৰত আৰু ৰাজ্যত ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ বাবে নাগৰিকত্ব (সংশোধনী)বিধেয়ক উত্থাপন কৰাটো অন্যান্য প্ৰতিশ্ৰুতিৰ মাজৰে  এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি  আছিল । জনসাধাৰণৰ  মাত্ৰ  ৩৬ শতাংশ ভোট  লাভ কৰি ক্ষমতালৈ  অহা চৰকাৰে  সকলো জনসাধাৰণে তেওঁলোকক  বিধেয়কখন আইনলৈ পৰিণত কৰিবলৈ  ক্ষমতা প্ৰদান  কৰা বুলি প্ৰচাৰ চলাইছিল।  ভাৰতীয় সংবিধানৰ  মূল আধাৰটোক  কুঠাৰাঘাত কৰি  ধৰ্মৰ ভিত্তিত চুবুৰীয়া  পাকিস্তান, আফগানিস্তান আৰু  বাংলাদেশৰ পৰা অহা হিন্দু,  বৌদ্ধ,  খৃষ্টান,  পাৰ্চি,  জৈন আৰু শিখসকলক  নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা এই বিধেয়কখনৰ বিৰুদ্ধে অসমৰ সকলো অংশৰ জনসাধাৰণে পূৰ্বৰেপৰাই  বিৰোধিতা কৰি আহিছিল।  জনসাধাৰণৰ সকলো প্ৰতিবাদ মষিমূৰ কৰি কেৱল সংখ্যাৰ বলত লোকসভা আৰু ৰাজ্যসভাত অনুমোদন দিয়া আৰু ৰাষ্ট্ৰপতিৰ  স্বাক্ষৰ প্ৰদানৰ মাজেৰে এই বিধেয়ক অৱশেষত আইনলৈ পৰিণত কৰা হ'ল।
চুবুৰীয়া বাংলাদেশৰপৰা অবাধ হাৰত বিদেশীৰ প্ৰব্ৰজনে জনগাঁথনিত ভয়ংকৰ প্ৰভাৱ পোলোৱা  জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে  অসমৰ লগতে সমগ্ৰ উত্তৰ- পূব ভাৰতৰ জনসাধাৰণে বিৰোধিতা কৰি আহিছিল। এই আইনে এতিয়া অসমীয়া মানুহৰ লগতে উত্তৰ-পূব ভাৰতৰ সকলো জাতি-জনগোষ্ঠীৰ  ভাষা-সাহিত্য-সংস্কৃতি  ভীৰ সংকট  কঢ়িয়াই আনিলে। বিধেয়কখন আইনত  পৰিণত কৰিবলৈ ওলোৱাৰ সময়ত অঞ্চলটোৰ জনসাধাৰণক মানসিকভাবে অধিক বিভাজিত কৰাৰ বাবে ইনাৰ  লাইন পাৰ্মিট থকা ৰাজ্যকেইখন লগতে ষষ্ঠ অনুসূচীৰ  এলেকাসমূহত  এই আইন প্ৰযোজ্য নহয় বুলিঘোষণা কৰি কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলাদেশৰপৰা প্ৰব্ৰজিত হবলগীয়া বিদেশীৰ বোজা  জাপি দিয়া হ'ল।  চৰকাৰে ২০১৪ চন পৰ্যন্ত   ইয়ালৈ  অহা লোকসকলক নাগৰিকত্ব  প্ৰদান  কৰা হব বুলি ঘোষণা কৰিলেও কাৰ্যত সকলো সময়তে  অহা বিদেশী লোকেই নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব, কিয়নো এবাৰ আইনত পৰিণত হোৱাৰ পিছত উক্ত সময়সীমা বৃদ্ধি কৰাৰ পথো প্ৰশস্ত হৈ পৰিল।
ইনাৰ লাইন পাৰ্মিট অথবা ষষ্ঠ অনুসুচীৰ এলেকাতো এই  বিদেশী  লোকসকলে ভূমিৰ অধিকাৰৰ বাহিৰে ব্যৱসায়-বাণিজ্য, শিক্ষা, স্বাস্থ্য, ভোটাধিকাৰৰ দৰে সকলো সুবিধাই লাভ কৰিব। গতিকে অনাগত সময়ত এই এলেকাবোৰত দীৰ্ঘসময়ধৰি   বাস কৰাৰ অচিলাৰে ভূমিৰ অধিকাৰো যে লাভ কৰিবলৈ সক্ষম নহব তাৰ কোনো নিশ্চয়তা নাই।  
অসমৰ লগতে দেশৰ সকলো অংশৰ জনসাধাৰণে বিজেপিক ভোট দান কৰিছিল কংগ্ৰেছ চৰকাৰৰ অবাধ দূৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে, লগতে উন্নয়নৰ স্বাৰ্থত।কিন্তু বিমুদ্ৰাকৰণৰ মাজেৰে অৰ্থনীতি ভাঙি পোলোৱা, দলৰ  নিৰ্বাচনী পুঁজি টনকিয়াল কৰাৰ স্বাৰ্থত  অসমৰ  দুয়োটা  কাগজকলকে ধৰি  চলি  থকা ৰাজহুৱা খণ্ডৰ  উদ্যোগবোৰ  পুঁজিপতিৰ হাতত গতাই দিয়া,  সৰ্বকালৰ অভিলেখেৰে দেশৰ অৰ্থনীতি তললৈ  নমাই অনা চৰকাৰখনে নিৰ্বাচনৰ  সময়ত  উত্তৰ-পূব ভাতৰত  জনসাধাৰণক  প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি এক্ট-ইষ্ট পলিচিৰ আধাৰত হবলগীয়া কামবোৰ  ধোঁৱাচাঙত  তুলি  'লেঅৰ্থনৈতিক  সংস্কাৰৰ নামত মেগা-ইভেণ্ট, উৎসৱ  কিছুমান পাতি এচাম দালালৰ হাতত  অৰ্থনীতি তুলি দিয়াৰ ব্যৱস্থা কৰিলে। এচকীয়া চাউলৰ ৰাজনীতিৰে দেশৰ জনসাধাৰণক হিতাধিকাৰীলৈ পৰিণত  কৰা চৰকাৰে অৰ্থীনতিৰ বুনিয়াদ ভাঙি দৰিদ্ৰ পৰিয়ালবোৰৰ পাকঘৰ উদং কৰি পেলালে।

এনে অৱস্থাত জাতিধ্বংসী আইনখনেৰে যেতিয়া উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ মানসিকভাৱে ভাগ ভাগ কৰি কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণৰ ওপৰত বাংলাদেশৰপৰা  আহিবলগীয়া বিদেশীৰ বোজা জাপি  দিয়া হ', তেতিয়া সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণৰ জাঙুৰ খাই উঠিল।  জাতি-মাটি আৰু  ভেটিৰ সুৰক্ষাৰ স্বাৰ্থৰে ক্ষমতালৈ চৰকাৰৰ মুৰব্বী জাতীয় নায়ক'  সৰ্বানন্দ সোণোৱালৰ মুখলৈ  শেষ মূহূৰ্তলৈকে চাই  বিমুখ হৈ পৰা জনসাধাৰণৰ পথৰ সংগ্ৰামলৈ নামি অহাৰ বাহিৰে আন কোনো পথ খোলা হৈ  নাথাকিল।   ইতিমধ্যে  ২০১৬ চনৰপৰা আন্দোলন কৰি  অহা জনসাধাৰণে এইবাৰ মৰণ পণ কৰি বাট লৈ নামি আহিল । বিভিন্ন দল-সংগঠন,  ৰাজনৈতিক  দল, বাওঁ-গণতান্ত্ৰিক   লগতে  নাগৰিক সমাজ, শিল্পী, সাহিত্যিকৰ দৰে সৃষ্টিশীল লোকসকলো মাৰ বান্ধি যুঁজিবলৈ  ৰাজপথৰ সংগ্ৰামলৈ  নামি  আহিল। 
জনসাধাৰণৰ  আন্দোলনৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ছাত্ৰ আন্দোলনবোৰে এক নতুন মাত্ৰা দিলে। এই শিক্ষানুষ্ঠানভিত্তিক ছাত্ৰসকলে নিজকে ছাত্ৰসমাজ বুলি চিনাকি দি পঢ়া-শুনাৰ ক্ষতি হবলৈ  নিদিয়াকৈ আন্দোলনত চামিল হ'ল । তেওঁলোকে কাৰো নেতৃত্বলৈ  বাট নাচাই  নিজৰ উদ্যোগতে  নিজেই আন্দোলনত নামিল।  প্ৰথম অৱস্থাত শিক্ষানুষ্ঠানৰ গণ্ডীতে তেওঁলোকে  পঢ়া--শুনা আৰু পৰীক্ষাৰ সমান্তৰালকৈ  সংগ্ৰাম  আৰম্ভ  কৰিলে।  আন্দালন  ১০ তাৰিখে ছহিদ দিৱসৰ দিনাই  জনসাধাৰণৰ অনুভূতিক  ভ্ৰূকুটি দেখুৱাই  ৰাজ্যসভাত এই বিধেয়ক গৃহীত  কৰোৱা হ'ল। লগে লগে গোটেই অসম জ্বলি উঠিল।গুৱাহাটীৰ জি এচ  পথত  কটন বিশ্ববিদ্যালয়ৰ,  বি বৰুৱা কলেজ, আৰ্য কলেজ, সন্দিকৈ কলজেকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সমবেত হৈ  দিচপুৰলৈ যাত্ৰা  কৰিলে। কোনোদিনেই  ৰাজপথৰ আন্দোলনৰ অভিজ্ঞতা নথকা  ছাত্ৰসমাজে আৰক্ষীৰ কন্দুৱা গেছ, লাঠিচালনাৰ সন্মুখীন  হৈয়ো বাৰে বাৰে ' মোৰ আপোনাৰ দেশ' গাই  গাই  আৰু জয় আই অসম' ধ্বনিৰে পুনৰ সমবেত হৈ আৰক্ষীক ভেটি ধৰাৰ দৃশ্য আছিল অভিনৱ।  অনভিজ্ঞ, মহানগৰীৰ অভিভাৱকৰ   আলসুৱা  ছত্ৰছায়াত লালিত-পালিত এই  ছাত্ৰসমাজে জাতীয় আৱেগেৰে  উদ্বুদ্ধ  হৈ এনেদৰে ৰাজপথলৈ নামি আহি কৰা সংগ্ৰামে   যেন  পূৰ্বৰ আন্দোলনবোৰৰ সকলো পৰিভাষা সলাই  পেলালে  আৰু তেওঁলোকৰ উত্তাল ভৰিবোৰ  ছন্দত  নৃত্যৰত হৈ উঠা  মহানগৰীৰ ৰাজপথত ছাত্ৰ আন্দোলনৰ  এক নতুন বিৱৰণী লিখিলে।  সমগ্ৰ অসমতে একেই  ৰূপ দেখিবলৈ পোৱা গ'ল। যিসকলে  গুৱাহাটীৰ ৰাজপথত সেইদিনাৰ এই মধুৰ অভিজ্ঞতা লাভ কৰিলে, তেওঁলোকৰ প্ৰতিজনেই উপলব্ধি কৰিলে  যে  আজিৰ এই নতুন প্ৰজন্মই তেজত বহন কৰি আনিছে পূৰ্বৰ সকলো সংগ্ৰামৰ সোৱঁৰণি, তাৰ ঐতিহ্যৰ  উত্তৰাধিকাৰ।
ছাত্ৰসমাজক পিচুৱাই দিয়াৰ পিছতে বিভিন্ন অংশৰ ৰাইজ ৰাজপথত নামি পৰিল। ৰাইজৰ গণ অভ্যুত্থান  প্ৰতিৰোধ কৰাত ব্যৰ্থ চৰকাৰ আৰু প্ৰশাসনে  কঠোৰ দমন নীতি ল'লে। সমগ্ৰ ৰাজ্যত ৭২ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা  ব্যাহত কৰি, অনিৰ্দিষ্টকালৰ বাবে সান্ধ্যআইন জাৰি কৰা হ'ল।জনসাধাৰণে সান্ধ্য আইন অমান্য কৰি বাৰে বাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰি আৰক্ষীৰ সকলো প্ৰতিৰোধ ব্যৰ্থ কৰি তুলিলে।  অৱশেষত, চৰকাৰে সেনা আৰক্ষীৰ  ইউনিফাইড কমাণ্ড'  গঠন  কৰি জনসাধাৰণৰ গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰা বাবে কঠোৰ ব্যৱস্থা হাতত ল'লে। আইন- শৃংখলা ৰক্ষা কৰিব নোৱাৰা  চৰকাৰে চাৰিজনকৈ নীৰিহক  বন্দুকৰ গুলীৰে হত্যা কৰি  ভীতি প্ৰদৰ্শনৰ মাজেৰে  ৰাজ্যত  স্বভাৱিক  জীৱন ঘূৰাই আনিবলগীয়া হ'ল। 
সান্ধ্য আইন, আৰক্ষী সেনাৰ নিৰ্বিচাৰ অত্যাচাৰৰ মাজতে   সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম শিল্পীসমাজৰ উদ্যোগত ৪০,০০০ ৰো অধিক লোকে গুৱাহাটীৰ বিভিন্ন ঠাইৰপৰা খোজকাঢ়ি  আহি  লতাশিল খেলপথাৰত  সমবেত  হৈ সান্ধ্যআইন ভংগ কৰাৰ এক বিৰল  ইতিহাস ৰচনা কৰিলে।  সমাবেশত ছাত্ৰসমাজে  যোগ  দিব নোৱাৰাকৈ গুৱাহাটীৰ শিক্ষানুষ্ঠানসমূহৰ গেট বন্ধ কৰি দিয়া হ'ল।  গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰপৰা অহা সমদলকাৰীসকলক গুলীচালনা,  কন্দুৱাগেছ প্ৰয়োগকৰি, লাঠিচালনাৰে  চত্ৰভংগ দিয়াই বিভিন্ন ঠাইত  আৱদ্ধ  কৰি ৰখা হ'ল। তথাপিও  গুৱাহাটীবাসীয়ে সিদিনা জাতিৰ  স্বাৰ্থত  কন্দুৱা গেছ,  লাঠিচালনাৰ ফাঁকেৰে সৰকি  সৰকি, ইফালে-সিফালে লুকাই লুকাই নিজৰ ভৰিবোৰক অভিনৱ শকতি দি লতাশিলত সমবেত হৈ এই বিৰল ইতিহাস সৃষ্টি কৰি  কাললৈ  যুগমীয়া হৈ ৰ'ল। ইয়াৰ পিচদিনাই সদৌ অসম ছাত্ৰসন্থা আৰু শিল্পীসমাজৰ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ খেলপথাৰত অনশন কাৰ্যসূচীত হাজাৰ হাজাৰ  জনতাই অংশ ল'লে । ইয়াতে তেওঁলোকে আগন্তুক দিনৰ কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে। 
আইনলৈ পৰিণত হোৱাৰ পিছত ন্যায়ালৰ দ্বাৰস্থ হোৱাৰ বাহিৰে আন বিকল্প নথকাত কেইবাটাও দল, সংগঠনৰ লগতে ব্যক্তিগত প্ৰচেষ্টাতো বহুতেই  উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কিন্তু ন্যায়ালয়ৰ যুদ্ধ ন্যায়ালয়ৰ মজিয়াত হৈ থাকিব। এই সন্দৰ্ভত ন্যায়ালয়ৰ  ৰায়ো অনিশ্চিত। এনে সময়ত ন্যায়ালয়ৰ  ৰায়লৈ ভাৰসা  কৰি নাথাকি অসমৰ জনসাধাৰণ এক দীৰ্ঘদিনীয়া সংগ্ৰামৰ বাবে সাজু হব লাগিব। লগতে এই আইনখনৰ সন্দৰ্ভত সকলো অংশৰ জনসাধাৰণৰক সচেতন কৰি তোলাৰ দায়িত্ব প্ৰতিজন সচতেন নাগৰিকৰ, কেৱল আন্দোলনত চামিল হোৱাসকলৰেই নহয় -- সকলোৱেই এই দায়িত্ব পালন কৰিব লাগিব। কাৰো নেতৃত্বলৈ অপেক্ষা নকৰি  নিজস্ব উদ্যোগত ৰাজপথলৈ  নামি অহা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰসমাজেও আগন্তুক সময়ত তেওঁলোকে কি কৰিব সেই বিষয়ে সিদ্ধান্ত লব লাগিব।  কোনো সংগঠনৰ সৈতে  যুক্ত হব, নিজস্বভাৱেই প্ৰতিবাদ কৰিব নে সকলোবোৰ শিক্ষানুøষ্ঠানৰ ভিত্তিত সমবেত হৈ বৃহৎ ছাত্ৰশক্তিৰূপে আত্মপ্ৰকাশ কৰি ব -- এই সিদ্ধান্ত জানিবলৈ জনসাধাৰণে অপেক্ষা কৰিব।
ইতিমধ্যেই জনসাধাৰণৰ প্ৰতিবাদ,  জাতৰি হকে মৰণ পণ কৰি ওলাই অহা  গণ অভ্যুত্থানৰ  পুলি-পোখালি উভালি দিবলৈ চৰকাৰে নানা ষড়যন্ত্ৰ ৰচনা কৰিছে। কিছু হিংসাত্মক ঘটনাৰ সন্দৰ্ভত আন্দোলনত তৃতীয় শক্তি সোমাই থকা বুলি প্ৰচাৰ চলোৱা হৈছে। হিংসাত্মক কাম কোনবোৰ শক্তিয়ে কৰিছে  তাক চিনাক্ত কৰি উলিওৱাৰ দায়িত্ব চৰকাৰৰ। প্ৰথম অৱস্থাত চৰকাৰৰ দুজনকৈ মন্ত্ৰীৰ লগতে দলৰ সভাপতিয়ে নিজেই উচতনিমূলক বক্তব্যৰে জনসাধাৰণৰ আৱগেক  উপলুঙা কৰিছিল। এতিয়া তৃতীয় শক্তি বুলি ক'লে সন্দেহৰ জনসাধাৰণৰ সন্দেহৰ আঙুলি এই দায়িত্বহীন মুৰব্বীকেইজনলৈকে  উঠে। ইয়াৰ লগতে বিভিন্ন পক্ষৰ সংগ্ৰামত এচাম ছদ্মবেশী চামিল হৈ  আন্দোলন কলিতে মষিমূৰ  কৰিবলৈ উঠি  পৰি লাগিছে, বিভিন্ন অপপ্ৰচাৰ চলোৱা হৈছে। অসমীয়া-বঙালীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ  অহৰহ  প্ৰচেষ্টা  চলাইছে।  ১৯২১ চনত হবলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই ছদ্মবেশীবোৰৰ তৎপৰতা চকুত লগা হৈ উঠিছে। এই  ছদ্মবেশীবোৰক সঠিক সময়ত চিনাক্ত কৰাৰ দায়িত্ব  দল-সংগঠনৰ নেতৃত্বৰ। অন্যথা এইবোৰেই ৰঘূমলা হৈ বিয়পি জাতিৰ লগতে ভাষা-সাহিত্য ৰক্ষাৰ সংগ্ৰামখন বিপথে পৰিচালিত কৰা সম্ভাৱনা  অধিক।
বহুতেই পূৰ্বৰ অসম আন্দোলনৰ অভিজ্ঞতাক বিকৃত কৰি প্ৰচাৰ  চলাইছে  যে,  উক্ত আন্দোলনে অসমক বহুদূৰ পিচুৱাই নিয়াৰ দৰে এই আন্দোলনেও অসমৰ সৰ্বনাশ কৰিব। মানুহ এই অপপ্ৰচাৰত ভোল যোৱা নাই। অসম আন্দোলন পৰৱৰ্তী সময়ত নতুনদিল্লীৰ ষড়যন্ত্ৰ  গোপন উমনিশালত ৰছনা হোৱা ষড়যন্ত্ৰৰ  পাকচক্ৰত গোষ্ঠী-সংঘাত,  অস্ত্ৰসংঘাতে অসমীয়া জাতিক কোঙা কৰি পোলেৱাৰ  সময়ত  জীৱন-জীৱিকাৰ সন্ধানত  বহুতেই  দেশে-বিদেশে ঢাপলি মেলিছিল। অসমৰ গাওঁবোৰ খালি হৈ পৰিছিল।  কিন্তু  শাপেই বৰ হ'ল। তেওঁলোকে অসীম  কষ্টৰ মাজত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে দেশে-বিদেশে  নিজকে প্ৰতিষ্ঠা কৰি অসমীয়া জাতি দীঘে-বাণিয়ে প্ৰসাৰিত   কৰিলে। দেশে-বিদেশে থকা ছাত্ৰসমাজে নিজৰ মাজত নেটৱৰ্কিং কৰি সংঘবদ্ধ হৈছে, সংগ্ৰামলৈ সহযোগিতা আগবঢ়াইছে। লণ্ডনত থকা  প্ৰথম  প্ৰজন্মৰ  অসমীয়া ছাত্ৰসমাজে  তাত থকা ভাৰতীয়  উচ্চায়ুক্তক সাক্ষাৎ  কৰি নিজৰ উদ্বিগ্নতা জনাইছে,  সৰ্বভাৰতীয় ছাত্ৰসমাজক তাত চামিল কৰিছে। অসমতে পঢ়ি যোৱা বঙালী ছাত্ৰয়ো ইয়াত আগ-ভাগ লৈছে। আজি অসমীয়া জাতি সংখ্যাৰে যিয়েই নহওক কিয়, গোটেই পৃথিৱীতে দীঘে-বাণিয়ে বাঢ়ি  গুণগতমানেৰে এক বিশাল আকাৰ ধাৰণ কৰিছে। এয়াই আমাৰ গৌৰৱ। এই গৌৰৱ আগত  ৰাখিয়েই আমি সংগ্ৰাম কৰি  যাব লাগিব।
- ৰত্না ভৰালী তালুকদাৰ
১৮-১২-২০১১
---------






Tuesday 26 November 2019

সাহিত্যত মূলসুঁতি আৰু প্ৰান্তীয় চেতনাৰ মানুহ


সৃষ্টিশীল মানুহৰ মনৰ স্বাধীনতাক মানি লোৱাটোৱেই আমাৰ কাম্য। সৃষ্টিশীল লোকৰেই থাকে সেই অধিকাৰ বা হাবিয়াস-- যি সমাজৰ স্থবিৰ, -প্ৰগতিশীল  ধ্যান-ধাৰণাৰ প্ৰতি বিদ্ৰোহী হৈ নতুনৰ কথা কয়। ইয়াৰ বাবে সৃষ্টিকৰ্তাক প্ৰয়োজন সাহসৰ, প্ৰশ্ন কৰাৰ সাহস, বিদ্ৰোহ কৰাৰ সাহস। সকলো সৃষ্টিশীল লোকেই কঢ়িয়াই ফুৰে সেই চিৰন্তন  প্ৰশ্ন কলা কলাৰ বাবে, নে কলা জীৱনৰ বাবে?বহুতে কলা কলাৰ বাবেই বুলি বিশ্বাস কৰে। যিসকলে কৰে, তেওঁলোকে মানৱ জীৱনৰ অনন্ত প্ৰৱাহৰ সীমাবদ্ধ ৰূপৰ কথাহে কবলৈ সক্ষম সীমাবদ্ধ জীৱনৰ মণি-মুকুতাৰ সন্ধানতেই তেওঁলোক ব্যস্ত। প্ৰতিবন্ধকতা ওফৰাই  সীমাৰ সিপাৰৰ জীৱনৰ অপৰূপ আৰু অফুৰন্ত সম্ভাৱনীয়তাৰ কথা কবলৈ সৃষ্টিশীল লোক এজন সাহসী হৈ উঠাটোও এক প্ৰত্যাহ্বান, কিয়নো তাৰ বাবে প্ৰচলিত সমাজব্যৱস্থাৰ লগতে শাসনত থকা অতি-ক্ষমাতাবান ৰাজনৈতিক শক্তিক প্ৰশ্ন কৰিবলৈ সাহস থাকিব লাগিব। সাহস নথকাসকলে সীমাবদ্ধ জীৱনতে সৃষ্টিশীলতাৰ ৰহঘৰা বিচাৰে আৰু দিব  খোজে চমক--শব্দৰ মায়াজাল, কাৰিকৰী অভিব্যঞ্জণাৰ চমক। কিছু দূৰলৈকে সফলো হয়। কিন্তু অৱেশষত বুজা যায় সেই চমক  বিদ্ৰোহ নাছিল, তেওঁৰ  প্ৰস্তুতিৰ সীমাবদ্ধতা আছিল আৰু সেইবাবেই প্ৰচলিত ব্যৱস্থাক প্ৰশ্ন কৰিবলৈ সাহস ন’হল।

কোনোৱে সন্ধান কৰে সীমাবদ্ধতাক অতিক্ৰম কৰি জীৱনৰ অপৰূপ সম্ভাৱনাৰ। সীমাবদ্ধ জীৱনৰ দুৱাৰ পাৰ হৈ মহাজীৱনৰ দুৱাৰ স্পৰ্শ কৰিব খোজাজনৰ  শত্ৰু বহুত। কিয়নো তেওঁ হব লগিব আপোচহীন, তেওঁৰ ওপৰত জাপি দিয়া হ’ব আৰোপিত ধাৰণা। তেওঁ প্ৰচলিত ক্ষমতাত আসীনসকলৰ শত্ৰু। সেয়েহে তেওঁৰ বাবে জীৱন  সহজ কথা নহয়।  তেওঁৰ ওপৰতে জাপি দিয়া হ’ব আৰোপিত ধাৰণা।

শাখাতি ৰাভা এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এগৰাকী উল্লেখনীয় মহিলা কিয়নো জনগোষ্ঠীৰ কোনোজনৰ মৃত্যু হলে তেওঁ কান্দি কান্দি মৃতকৰ আত্মা উভতি অহাৰ গীতটো গাব লাগিব, গতিকে সেই জনগোষ্ঠীত  তেওঁৰ এখন মৰ্যদাপূৰ্ণ আসন আছে। ইফালে জীৱন নিৰ্বাহৰ বাবে তেওঁ গাওঁখনৰপৰা গুৱাহাটীৰ পদপথত শাক-পাচলি বিক্ৰীও কৰে। এইগৰাকী মহিলাক লৈ লিখা সাহিত্য ‘প্ৰান্তীয়’ মানুহৰ সাহিত্য, কিয়নো তেওঁ এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ জনগোষ্ঠী মানে প্ৰান্তীয় চেতনা, জনগোষ্ঠীয়ে মূলসুঁতিত বাস নকৰে, প্ৰচলিত বাগধাৰাত জনগোষ্ঠীৰ সেই অধিকাৰ নাই। লেখকেও প্ৰান্তীয় জীৱন গাথা এটা পোহৰলৈ অনা বুলি চাহমেল, সভাৰ টেবুলৰ প্ৰশংসা লৈ থাকিলে তেওঁৰ বাবেই মংগল। কিন্তু যদিহে তেওঁ সাহিত্যত প্ৰশ্ন কৰে এইবুলি যে, শতিকাৰ পিছত শতিকা ধৰি এই ভূমিখণ্ডত বাস কৰা জনগোষ্ঠী এটা সাহিত্যৰ মূলসুঁতিৰ বিৱৰণীলৈ কিয় উঠি অহা নাই-- এই প্ৰশ্ন উত্থাপন কৰা লেখক বিপদত পৰাৰেই সম্ভাৱনা বেছি।  

‘মাজুলী’ বৰ্তমানৰ এটা এতি জনপ্ৰিয় বাগধাৰা। আমি যেতিয়া মাজুলীনামৰ বাগধাৰাটোত ৰোমান্সিত হৈ পৰোঁ, তেতিয়া আমাৰ মনলৈ পোনতে আহিব ইয়াৰ সত্ৰ, মুখা সংস্কৃতি, ৰাস, ভাওনা, পালনাম। আৰোপিত ধাৰণা অনুসৰি এইবোৰ মূলসুঁতিৰ বিৱৰণী। তথাকথিত মূলসুঁতিৰ চেতনাৰ আঁৰত থকা তথাকথিত প্ৰান্তীয়চেতনাবোৰৰ নৰাচিগা বিহু, দেউৰীগাৱঁৰ  চাং আৰু সোণোৱাল কছাৰী গাওঁকেইখন, নদীৰ পাৰে পাৰে থকা কৈৱৰ্তসকলৰ কথনমথন জনপ্ৰিয় বাগধাৰাত প্ৰায় অনুপস্থিত। কেতিয়াবা ঢিপ-ঢিপনি এটাহে শুনিবলৈ পোৱা যায়। সকলো নগৰত থকাৰ দৰেই গুৱাহাটী মহানগৰীতো এখন তথাকথিত প্ৰান্তীয়চেতনাৰ জগত আছে, তাৰ উখল-মাখলবোৰ আছে, আপুনি ৰেল ষ্টেচনৰ কাবাৰীৱালা এটাৰ কাষলৈ গ’লে নৰ্দমাৰ কাষৰ চাহ দোকানখনৰপৰাই আপোনাক একাপ চাহ যাচিব পৰাকৈ বহল একোখন অন্তৰ থকা মানুহ আছে, কিন্তু সৃষ্টিশীলতাৰ বিচাৰত তেওঁলোকৰ বিৱৰণী প্ৰান্তীয়’। চাহ জনগোষ্ঠী, চৰৰ মানুহৰ বিৱৰণী প্ৰান্তীয় বেছি তাত্বিক ভাষতা sub-altern — তেওঁলোকক সাহিত্যৰ মজিয়ালৈ আনিব খোজা লেখকে মানুহৰ কথা কোৱা নাই – বৰং ‘প্ৰান্তীয়’ মানুহৰ কথা কৈছে, sub-alternসকলৰ কথা কৈছে।

তথাপিও লেখকে আশা কৰে সাহিত্যত আৰোপিত ‘মূলসুঁতি’ বা ‘প্ৰান্তীয়’ চেতনাৰ বিৱৰণীৰ বিপৰীতে  সকলোবোৰ বিৱৰণী কেৱল মানুহৰ বিৱৰণী হওক। কিন্তু বিৱৰণী তৈয়াৰ কৰা হয় ক্ষমতাৰ স্বাৰ্থত, মজবুত ভেটি বান্ধি খাৰা কৰাই দিয়া হয় আৰু মানুহৰ মুখে মুখে মুখ বাগৰাই দিয়া হয়। সভাই-সমিতিয়ে চৰ্বিত-চৰ্বণ চলি থাকে। ভেন গঘৰ বিৱৰণীত ঠাই পায় খেয়ালী শিল্পীৰ অদ্ভূত জীৱনশৈলী, সূৰ্যমুখী ফুল আৰু তৰা ফুটা ৰাতিকেঁচা মজিয়াৰ কোঠাবোৰত আলু সিজাই খাই জীয়াই থকা শিপীনিবোৰ, আপচু তাঁতশালবোৰ সেই বিৱৰণীত অনুপস্থিতআপোনাক সেই বিৱৰণী জানিবলৈ দিয়া হোৱা নাই, কোৱা হৈছে যে weavers series শিল্পীৰ অপূৰ্ব সৃষ্টি নহয়, শিল্পীৰ মাষ্টাৰ ষ্ট্ৰক তাত নাই। 

তথাপিও গৈ থাকিব লাগিব। কিয়নো যিসকলক তেওঁলোকে ‘প্ৰান্ত’বাসী বুলি কৈছে, সেইসকলৰ কথা কব পৰাটোও এতিয়া এটা বিদ্ৰোহ।  এই ‘প্ৰান্তবাসী’ৰ কথাবোৰ কোনোবাই কব লাগিব, কোনোবাই তেওঁলোকক  সঁচাকৈয়ে প্ৰতিনিধিত্ব কৰিব লাগিব সাহিত্যত, চিনেমাত, ৰাজনীতিত, কলাত -- কিয়নো তেওঁলোকে নিজৰ কথা কবলৈ অক্ষম। কায়িক শ্ৰমৰ বোজাৰে ভাৰাক্ৰান্ত, দুবেলা দুমুঠি জোগাৰৰ অজুহাতত জীৱনৰ হাতৰ মুঠিৰপৰা সৰকি যায়। কোনোবাই তাকেই সংগ্ৰাম বুলি কয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে, তথাকথিত ‘প্ৰান্তীয়’ জীৱন দেখা পোৱা লোকৰ সংখ্যা আপাতত কমি আহিছে, চুই চাবলৈ সাহস কৰিব পৰা মানুহৰ সংখ্যা তাতোকৈও কমিছে, অথচ প্ৰান্তবাসীৰ সংখ্যা কমি অহা নাই। তেওঁলোক ক্ৰমশঃ এটকীয়া চাউলৰ হিতাধিকাৰীলৈ পৰিণত হৈছে, কাৰোবাৰ ভোটৰ ৰাজনীতিৰ অংশ হৈছে।  তেওঁলোকৰ পাকঘৰবোৰ উদং হৈ আহিছে, গাৱঁৰ গোহালি-গৰু-পথাৰৰ জঞ্জালৰপৰা জনগোষ্ঠীৰ নাৰীবোৰ পদপথৰ পাচলি বেপাৰী হৈছে । তেওঁলোক আপোনাৰ চকুৰ সন্মুখত আছে, মায়াজাল তৰি অদৃশ্য হৈ থকা নাই, আপুনি তেওঁলোকক দেখি আছে। তেওঁলোকৰ এই বিৱৰ্তনত আপোনাক কব পৰাকৈ তেওঁলোকৰ বহুত কথা আছে। কাৰোবাৰ বাবে তেওঁলোক ‘প্ৰান্তীয়’ চেতনা, কিন্তু আপোনাৰ বাবে তেওঁলোক ‘মানুহ’। এই সভ্যতাৰ জবৰদস্ত অংশীদাৰ। আৰু এই কথাবোৰ কবই লাগিব।


Wednesday 13 November 2019

তৃতীয় লিংগঃ উচ্চতম ন্যায়ালয়ৰ ৰায় -- কিছু চিন্তণীয়া দিশ



সমাজত জন্মগ্ৰহণ কৰা  প্ৰতিজন ব্যক্তিৰ বাবে আটাইতকৈ  প্ৰয়োজনীয় মৌলিক  পৰিচিতি  হৈছে  লিংগ পৰিচিতি। কেতিয়াবা এই কথাটো  এটা  সংবেদনশীল বিষয়ো হৈ উঠিব পাৰে। আমাৰ সমাজে ব্যক্তিসত্তাক দুটা পৰচিতিৰেই  সাধাৰণতে স্বীকৃতি দিবলৈ ভাল পায়-- পুৰুষ আৰু নাৰী। কিন্তু পুৰুষ আৰু নাৰীৰ পৰিচিতিৰ আৱৰ্তৰ  বাহিৰত  আৰু এটা সম্প্ৰদায় থাকিব পাৰে-- যিসকলৰ লিংগ পৰিচিতি জন্মগত নহয় আৰু  যিসকলক  মহামান্য উচ্চতম ন্যায়ালয়ে ২০১৪ চনতেইতৃতীয় লিংগ' বুলি এটা বহল অভিধাত অন্তৰ্ভুক্ত কৰিছে, মান্যতা প্ৰদান কৰিছে। অথচ  তেওঁলোকক অধিকাৰ, আৰু  সমতাৰ যুঁজ এখনৰ কথা কবলৈ  যাওতে  এতিয়াও  বিৰূপ পৰিবেশৰ মুখামুখি হ'বলগীয়া হয়।

তৃতীয় লিংগৰ ব্যক্তিসকলে সন্মুখীন হৈ অহা বিপৰ্যয়, দুখ আৰু যন্ত্ৰণাৰ কথা আমাৰ সমাজে খুব  কমেইহে উপলব্ধি কৰে,   তেওঁলোকৰ কথা হৃদয়েৰে অনুভৱ কৰিবলৈ আমি কমেইহে  যত্নপৰ হওঁ, তেওঁলোকৰ মন আৰু শৰীৰে  যে জৈৱিক যৌনতাক অমান্য কৰে আৰু  এই কথাটো আমি সন্মানসহকাৰে বুজিবলৈ চেষ্টা  নকৰোঁ। ৰেলষ্টেচন, বাচ-ষ্টেণ্ড, মল, বিদ্যালয়, আৰু তেওঁলোকে  কাম কৰা ঠাইবোৰত তেওঁলোকক  শাৰীৰীক আৰু মানসিক দিশত  নানা ধৰণে নিৰ্যাতন কৰা হয়, কামত নিযুক্তিৰপৰা বঞ্চিত কৰা হয়, একাষৰীয়াকৈ  ৰখা  হয়। তৃতীয় লিংগৰ পৰিচিতিৰ  বৃহৎ আৱৰ্তটোত থকা সমলিংগ, উভয় লিংগ, হিজৰা আদি বিভিন্ন পৰিচিতিৰ আপাতত ক্ষুদ্ৰ এই সম্প্ৰদায়টোৱে যিধৰণৰ বৈষম্যৰ সন্মুখীন হৈ আহিছে, তাৰ প্ৰতি আমি  প্ৰায়েই  উদাসীন হৈ থাকোঁ।

মানুহ এজন  তৃতীয় লিংগৰ  ব্যক্তি হোৱাটো  অপৰাধ নহয়। এটি  শিশু হয়তো জন্মগতভাৱে পুৰুষ  আছিল, কিন্তু  বিকাশৰ প্ৰক্ৰিয়াত সৰুৰেপৰাই  আচাৰ-ব্যৱহাৰ, মাত- কথা, চাল-চলন হৈ  পৰিল  মহিলাৰ দৰে। এতিয়া শিশুটিক বিদ্যালয়লৈ যোৱাৰ সময়ৰেপৰাই মানসিক নিৰ্যাতনৰ ফালে ঠেলি দিয়া হয়। পুৰুষ আৰু নাৰী-- এই দুটা লিংগভিত্তিক পৰিচিতিৰ আৱৰ্ততে সততে থকা  আমাৰ সমাজখনত এনে এটি  শিশুৰ  সৈতে পাঠগ্ৰহণ কৰাটো  আমাৰ সমাজত বহুতৰে বাবে এটা ভাবিব নোৱাৰা কথা হৈ পৰে।  আনকি বহুত সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলেও তেনে সন্তানৰ পিতৃ- মাতৃক অভিযোগ কৰে তেনে ব্যৱহাৰে আন ল'ৰা-ছোৱালীৰ ব্যৱহাৰ ওপৰত প্ৰভাৱ পেলাব বুলি।  তেনে এটি  শিশুৰ সৈতে নিজৰ সন্তানক বন্ধুত্ব কৰিবলৈ নিদিয়ে ব্যক্তিত্বৰ বিকাশত বাধা আহিব পাৰে বুলি। ছুবুৰীয়া, পৰিয়াল  অথবা  আন আপোন মানুহৰপৰাও  এনে  এটি  শিশুৱে  অহৰহ পায় তিৰ্যক চাৱনি, যিটো কথা মানসিক নিৰ্যাতনৰ নামান্তৰ মাথোন। এইদৰে বিদ্যালয়ৰ পৰ্যায়তে তেওঁ এক ভয়ংকৰ  মানসিক বিপৰ্যয়ৰ মাজেৰে পাৰ হয়।  ডঙৰ হৈ অহাৰ লগে লগে ক্ৰমশঃ সি  গভীৰ ৰূপ লয়গৈ এনে ক্ষেত্ৰত  এইটো অতি সাধাৰণ কথা যে, বিশেষকৈ দুৰ্বল অংশৰ অভভিাৱকসকলৰ সন্তানে আধাতে পঢ়া  সামৰিবলগীয়া হয়।

মহামান্য উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ সম্প্ৰদায়টোৰ  অধিকাৰৰ মান্যতা প্ৰদান কৰি দিয়া ১১৩ জোৰা ৰায়দানটোত শচীন নামৰ এজন তৃতীয় লিংগৰ ব্যক্তিৰ অভিজ্ঞতা এনেদৰে বৰ্ণণা কৰা হৈছে-- ‘‘মোৰ নাম শচীন আৰু মোৰ বয়স ২৩ বছৰ। সৰুৰেপৰাই মইবিভুতি' আৰুকুমকুমে'ৰে নিজকে সজাই-পৰাই ৰাখিবলৈ ভাল পাইছিলোঁ আৰু মোৰ পিতৃ-মাতৃয়ে সদায় মোক এজনী ছোৱালীৰ দৰেই দেখিছিল। মই পুৰুষ, কিন্তু মোৰ মাত্ৰ নাৰীৰ অনুভুতিহে আছে। মই মাক ৰন্ধা, ধোৱা- পখলা, ঘৰ  চফা  কৰাৰ দৰে  কামবোৰত মাক সহায় কৰি দিছিলোঁ। বছৰৰ পিছত বছৰ ধৰি মই ঘৰতে   ঘৰুৱা দায়িত্ববোৰ  পালন  কৰি আহিছোঁ। ছুবুৰীয়াসকলে মোক জোকায়। তেওঁলোকে মোক সোধেঃতই  কিয় বাহিৰলৈ গৈ মতা মানুহৰ দৰে কাম নকৰ?' বাতই কিয় ছোৱালীৰ দৰে ঘৰতে সোমাই আছ?' কিন্তু মোৰ ছোৱালীৰ  দৰে থাকিয়েই ভাল লাগে। বহিৰলৈ গৈ কাম কৰিবলৈ মোৰ লাজ লাগে। আপোন মানুহবোৰে মোক লৈ তামাচা আৰু গালি-গালাজ কৰে। প্ৰতিদিনে মই পানী আনিবলৈ ঘৰৰ বাহিৰলৈ যাও। আৰু পানী লৈ উভতি আহোঁতে  সদায়ে ঠাট্টা-মস্কৰা শুনিবলৈ পাওঁ বৰ  লজ্জা অনুভৱ কৰোঁ এনেকৈ জীয়াই থাকিব পাৰি জানো? মোৰ আনকি আত্মহত্যা কৰিবলৈকো মন গৈছিল। কিন্তু মোৰ পিতৃ-মাতৃয়ে কেতিয়াও প্ৰতিবাদ কৰা নাছিল। তেওঁলোক অসহায় আছিল। 

আনকি  উচ্চতম ন্যায়ালয়ৰ দীঘলীয়া ৰায়দানৰ পিছতো আজিও তেওঁলোকৰ প্ৰতি সমাজৰ অৱহেলাসূচক দৃষ্টিভংগীৰ পৰিবৰ্তন হোৱা নাই। জীৱন আৰু  জীৱিকাৰ সমস্যাৰে তেওঁলোক ভাৰাক্ৰান্ত। তেওঁলোকে ৰেলৰ ষ্টেচন বা বাচত উঠি  সহায়ৰ  বাবে হাত পাতিলে আমি  বিৰক্ত হওঁ। কিন্তু জীৱিকাৰ বাবে  আন উৎসৰ  সন্ধান কৰোঁতে আমি তেওঁলোকৰ প্ৰতি কিমানেই বা সহমৰ্মিতা দেখুৱাব পাৰোঁ। তৃতীয় লিংগৰ ব্যক্তি এজনে জীৱিকাৰ বাবে যদি গেলামালৰ  বা তামোল পাণৰ দোকানো এখন দিয়ে, তেতিয়াও  কেইজন গ্ৰাহকে সই দোকানলৈ গৈ সামগ্ৰী ক্ৰয়  কৰিব, তাত সন্দেহ আছে। ব্যক্তিত্বৰ বিসংগতিৰ অজুহাতত শিক্ষিতসকলক  বিভিন্ন ক্ষেত্ৰত  প্ৰাপ্য চাকৰিৰ পৰা বঞ্চিত কৰা হয়। অসুখ- বিসুখ হলেও চিকিৎসালয়ত ভৰ্তি হবলগীয়া হ'লে তেনে লোকক  কতৃপক্ষই  পুৰুষৰ বাবে নিৰ্ধাৰিত কোঠা দিব, নে মহিলাৰ বাবে নিৰ্ধাৰিত কোঠা দিব  -- যিহেতু তেওঁলোকৰ বাবে নিৰ্ধাৰিক কোঠাৰ ব্যৱস্থাই ৰখা হোৱা নাই। জীৱিকাৰ বাবে  নিজৰ ঘৰৰপৰা চহৰ  এলেকালৈ আহিয়েই তেওঁলোকে  সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ  সমস্যাটো  হৈছে  এটা ভাৰাঘৰ পোৱা,  কিয়নো বেছিভাগ মালিকেই তেওঁলোকক ভাৰাঘৰত থাকিবলৈ দিব নোখোজে। এই জৰুৰী বিষয়বোৰ আমাৰ চকুৰ সন্মুখলৈ  সাধাৰণতে উঠি নাহে।

অথচ ভাৰতবৰ্ষৰ দৰে দেশত অতীততে আৰু আনকি মধ্যযুগতো এই লোকসকলে  সমাজত যথেষ্ট আদৰ-সন্মান  লাভ কৰিছিল। বৃটিছৰ সময়ৰপৰাহে তেওঁলোকক এটাঅপৰাধী জাতি' হিচাপে গণ্য কৰা হ'ল। উচ্চতম ন্যায়ালয়ৰ ৰায়দানত উল্লেখ কৰা হৈছে যে, বৈদিক বা পুৰাণ সাহিত্যত  তৃতীয় প্ৰকৃতি' বানপুংসক' ত হিচাপে তেওঁলোকে সন্মানৰ আসনেই  লাভ কৰিছে। ‘‘ৰামায়ন মহাকাব্যত ভগবান ৰামে  ৰাজ্য ত্যাগ কৰি ১৪ বছৰৰ বাবে  বনবাস খাটিবলৈ  যাওতে পিচে পিচে   অনুগামীসকলো গৈছিল আৰু  ৰামে এইপুৰুষ' আৰুমহিলা'সকলক উভতি যাবলৈ ক'লে। এই নিৰ্দেশে  হিজৰাসকলক সামৰি নোলোৱা বাবে তেওঁলোকে ৰামৰ লগতে থকাৰ সিদ্ধান্ত ল'লে। তেওঁলোকৰ আনুগত্যৰ প্ৰতি কৃতজ্ঞ হৈ  ৰামে তেওঁলোকক  পৰিয়ালত শিশুৰ আগমন,  বিয়া, যিকোনো  মঞ্চত উদ্বোধনী অনুষ্ঠানৰ দৰে  মাংগলিক অনুষ্ঠানবোৰ  হিজৰাসকলৰ আশীৰ্বাদেৰে সুচনা  কৰিবলৈ অধিকাৰ  দিলে, যাৰপৰাই  হিজৰাসকলৰ গীত -নৃত্যৰ মাজৰে  আশীৰ্বাদূচকবধাই'  পৰ্বৰ  সুচনা হ'ল।উচ্চতম ন্যায়ালয়ে ৰায়দানৰ টোকাত এই কথা লিপিবদ্ধ  কৰিছে।

সেইদৰে তামিলসকলৰ মাজত থকা  কিংবদন্তি অনুসৰি  মহাভাৰতৰ অৰ্জুন আৰু নাগকন্যাৰ পুত্ৰ  আৰাবানক  কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ বিজয় উপলক্ষ্যে কালীৰ আগত বলি দিবলৈ থিৰ কৰা হয় -- এইক্ষেত্ৰত তেওঁৰ এটাই চৰ্ত আছিল যে, এটা ৰাতিৰ বাবে তেওঁ বিবাহিত জীৱন উপভোগ কৰিব। এগৰাকী মৰিবলৈ ওলোৱা পৰুষক এটা ৰাতিৰ বাবে পতিৰূপে বৰণ কৰিবলৈ কোনো আগবাঢ়ি নহাত কৃষ্ণই নিজেই মোহিনী ৰূপ লৈ তিৰোতা সাজিলে আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ কৰিলে। তামিলনাডুৰ হিজৰাসকলে এইজনৰপৰাই তেওঁলোকৰ হোৱা বুলি ভাবি আহিছে। -- তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰক সুৰক্ষাৰ লগতে সামাজিৰ নিৰাপত্তা, আৱেগিক দিশবোৰক প্ৰাধান্য দি প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ  ৰায়দানত এই উদাহৰণো অন্তৰ্ভুক্ত কৰা হৈছে।  একেদৰেই জৈন সাহিত্যত ‘‘মনস্তাত্বিক যৌনতা'' ধাৰণাৰে তেওঁলোকৰ বিষয়ে বিশদ বৰ্ণণা থকাৰ বিষয়ে দোহৰা হৈছে। এই উজাহৰণবোৰো উচ্চতম ন্যায়ালয়ৰ ৰায়দানত পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে।

ভাৰতীয় সমাজখনত ঐতিহাসিকভাৱেই  তৃতীয় লিংগৰ ব্যক্তিসকলে এখন উল্লেখীয় আসন লাভ কৰি আহিছিল যদিও, ওঠৰ শতিকাৰপৰা অৰ্থাৎ ঔপনিবেশিক শাসনৰ কালত ছবিখন দ্ৰুতভাৱে সলনি হৈ পৰে। বৃটিছে হিজৰা বা তৃতীয় লিংগৰ  ব্যক্তিসকলৰ কাম- কাজ পৰ্যবেক্ষণ  কৰিবলৈক্ৰিমিনেল ট্ৰাইৱছ এক্ট ,১৮৭১” - শীৰ্ষ  এখন কুখ্যাত  আইন প্ৰণয়ন কৰে, 'ত হিজৰাসকলক অপৰাধী বুলি চিনাক্ত কৰি জামিনবিহীন গোচৰৰ অধীনলৈ অনা হয়। আইনখনৰ অধীনত অপৰাধী জনগোষ্ঠীবোৰৰ পঞ্জীয়ন, নিৰীক্ষণ  আৰু  নিয়ন্ত্ৰণ কৰা হয় আৰু নপুংসকসকল, যিসকলে মহিলাৰ দৰে কাপোৰ আৰু অলংকাৰ পিন্ধি  ৰাজহুৱা ঠাইবোৰত আছিল, লগতে সেই ঠাইবোৰত গীত-নৃত্য কৰিছিল, তেওঁলোকক কোনো কাগজ-পত্ৰনোহাৱাকৈ দুবছৰ পৰ্যন্ত  কাৰাগাৰলৈ নিক্ষেপ কৰা  বা  জৰিমনা ভৰোৱা অথবা দুয়োটা  শাসিত প্ৰদান কৰাৰ দৰে কঠোৰ পদক্ষেপ হাতত লৈছিল। এই আইনৰ অধীনত সথানীয় প্ৰশাসনে নপুংসকসকলৰ  নাম, ঘৰ, স ম্পত্তি পঞ্জীয়ন কৰি ৰাখিব লাগিছিল, তেওঁলোকক সৰু  সৰু ল'ৰা-ছোৱালী অপহৰণ কৰা, যৌন অংগ চেদন কৰা আদি মনে সজা অপৰাধত ভাৰতীয় দণ্ডবধিৰি ৩৭৭ নং ধাৰাৰ অধীনত  বিচাৰ কৰিছিল। 

উচ্চতম ন্যায়ালয়ে কৈছে, “নিজকে  প্ৰদান  কৰা লিংগ  পৰিচিতি  পুৰুষ  বা মহিলা বা ততীয় লিংগ হ'ব পাৰে। হিজৰাসকলক তৃতীয় লিংগৰ মানুহ বুলি পৰিচিতি প্ৰদান কৰা হৈছে, আৰু পুৰুষ বা  মহিলা হিচাপে নহয়। লিংগ পৰিচিতি সন্দৰ্ভত, ইতিমধ্যে ওপৰত দিয়াৰ দৰেই কোনো ব্যক্তিৰ  পুৰুষ, মহিলা বা তৃতীয় লিংগ সন্দৰ্ভত নজিৰ ভিতৰুৱা  অভিমতৰ  প্ৰসংগৰ কথা  কোৱা হৈছে, উদাহৰণসবৰূে প হিজৰাসকলে তেওঁলোকৰ নাৰীৰ যৌনাংগ নাই বাবে, আৰু সন্তান উৎপাদন কৰিব পৰাৰ সক্ষমতা নাই বাবে  নিজকে মহিলা বুলি পৰিচয় নিদিযে। তেওঁলোকৰ নিৰ্দিষ্ট  অভিব্যক্তিয়ে তেওঁলোকক পুৰুষ আৰু মহিলা উভয়ৰেপৰা পৃথক কৰিছে আৰু তেওঁলোকে নিজকে পুৰুষ বা মহিলা বুলি নহয়, কিন্তুতৃতীয় লিংগ' বুলি কয়। হিজৰাসকল সেয়েহে এটা  নিৰ্দিষ্ট  সামাজিক-অৰ্থনৈতিক গোট আৰু সেয়েহে পুৰুষ আৰু মহিলাৰ উপৰিওতৃতীয় লিংগ' হিচাপে স্বীকৃত হ'ব।আদালতে তেওঁলোকক সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে পিচপৰা গোট বুলি গণ্য কৰিবলৈ নিৰ্দশো দিয়ে।

তৃতীয় লিংগৰ আধাৰত থকা কেইবাটাও ত মান্যতা প্ৰদান কৰি  উচ্চতম ন্যায়ালয়ে ২০১৪ চনতেই  এক সুবৃহৎ ৰায় প্ৰদান কৰিলেও সামাজিকভাৱে এই সম্প্ৰদায়টো  এতিয়াও অৱহেলিত আছে  আৰু মানুহৰ মানসিকতাৰ বিশেষ পৰিবৰ্তন হোৱা নাই। দেখা গৈছে যে, এই আপাতত ক্ষুদ্ৰ সম্প্ৰদায়টো সমাজৰ দৃষ্টিত এতিয়াও এঘৰীয়াৰ দৰেই হৈ  আছে  আৰু  বৃহত্তৰ পৰিবেশত এতিয়াও  তেওঁলোকৰ সামাজিক  অন্তৰ্ভুক্তিকৰণৰ বাবে সাজু হৈ নুঠা  আমাৰ  সমাজখনত তেওঁলোকে বিভিন্ন  সমস্যাৰ  সন্মুখীন  হৈছে।  সমাজৰ মানুহৰ  মানসিকতাৰ পৰিবৰ্তন নোহোৱাৰ মূল কাৰণসমূহৰ ভিতৰত অন্যতম  'ল উচ্চতম ন্যায়ালয়ে তেওঁলকেক তৃতীয় লিংগৰ ব্যক্তি বুলি দিয়া  মান্যতা সন্দৰ্ভত  অজ্ঞতা। এই সন্দৰ্ভত আৰু অধিক আলোচনাৰ থল আছে যাতে সমাজত তেওঁলোকৰ অন্তৰ্ভুক্তিকৰণৰ  পথ সুগম হয়।

-ৰত্না ভৰালী তালুকদাৰ
১৪-১১-২০১৯