Wednesday, 13 November 2019

তৃতীয় লিংগঃ উচ্চতম ন্যায়ালয়ৰ ৰায় -- কিছু চিন্তণীয়া দিশ



সমাজত জন্মগ্ৰহণ কৰা  প্ৰতিজন ব্যক্তিৰ বাবে আটাইতকৈ  প্ৰয়োজনীয় মৌলিক  পৰিচিতি  হৈছে  লিংগ পৰিচিতি। কেতিয়াবা এই কথাটো  এটা  সংবেদনশীল বিষয়ো হৈ উঠিব পাৰে। আমাৰ সমাজে ব্যক্তিসত্তাক দুটা পৰচিতিৰেই  সাধাৰণতে স্বীকৃতি দিবলৈ ভাল পায়-- পুৰুষ আৰু নাৰী। কিন্তু পুৰুষ আৰু নাৰীৰ পৰিচিতিৰ আৱৰ্তৰ  বাহিৰত  আৰু এটা সম্প্ৰদায় থাকিব পাৰে-- যিসকলৰ লিংগ পৰিচিতি জন্মগত নহয় আৰু  যিসকলক  মহামান্য উচ্চতম ন্যায়ালয়ে ২০১৪ চনতেইতৃতীয় লিংগ' বুলি এটা বহল অভিধাত অন্তৰ্ভুক্ত কৰিছে, মান্যতা প্ৰদান কৰিছে। অথচ  তেওঁলোকক অধিকাৰ, আৰু  সমতাৰ যুঁজ এখনৰ কথা কবলৈ  যাওতে  এতিয়াও  বিৰূপ পৰিবেশৰ মুখামুখি হ'বলগীয়া হয়।

তৃতীয় লিংগৰ ব্যক্তিসকলে সন্মুখীন হৈ অহা বিপৰ্যয়, দুখ আৰু যন্ত্ৰণাৰ কথা আমাৰ সমাজে খুব  কমেইহে উপলব্ধি কৰে,   তেওঁলোকৰ কথা হৃদয়েৰে অনুভৱ কৰিবলৈ আমি কমেইহে  যত্নপৰ হওঁ, তেওঁলোকৰ মন আৰু শৰীৰে  যে জৈৱিক যৌনতাক অমান্য কৰে আৰু  এই কথাটো আমি সন্মানসহকাৰে বুজিবলৈ চেষ্টা  নকৰোঁ। ৰেলষ্টেচন, বাচ-ষ্টেণ্ড, মল, বিদ্যালয়, আৰু তেওঁলোকে  কাম কৰা ঠাইবোৰত তেওঁলোকক  শাৰীৰীক আৰু মানসিক দিশত  নানা ধৰণে নিৰ্যাতন কৰা হয়, কামত নিযুক্তিৰপৰা বঞ্চিত কৰা হয়, একাষৰীয়াকৈ  ৰখা  হয়। তৃতীয় লিংগৰ পৰিচিতিৰ  বৃহৎ আৱৰ্তটোত থকা সমলিংগ, উভয় লিংগ, হিজৰা আদি বিভিন্ন পৰিচিতিৰ আপাতত ক্ষুদ্ৰ এই সম্প্ৰদায়টোৱে যিধৰণৰ বৈষম্যৰ সন্মুখীন হৈ আহিছে, তাৰ প্ৰতি আমি  প্ৰায়েই  উদাসীন হৈ থাকোঁ।

মানুহ এজন  তৃতীয় লিংগৰ  ব্যক্তি হোৱাটো  অপৰাধ নহয়। এটি  শিশু হয়তো জন্মগতভাৱে পুৰুষ  আছিল, কিন্তু  বিকাশৰ প্ৰক্ৰিয়াত সৰুৰেপৰাই  আচাৰ-ব্যৱহাৰ, মাত- কথা, চাল-চলন হৈ  পৰিল  মহিলাৰ দৰে। এতিয়া শিশুটিক বিদ্যালয়লৈ যোৱাৰ সময়ৰেপৰাই মানসিক নিৰ্যাতনৰ ফালে ঠেলি দিয়া হয়। পুৰুষ আৰু নাৰী-- এই দুটা লিংগভিত্তিক পৰিচিতিৰ আৱৰ্ততে সততে থকা  আমাৰ সমাজখনত এনে এটি  শিশুৰ  সৈতে পাঠগ্ৰহণ কৰাটো  আমাৰ সমাজত বহুতৰে বাবে এটা ভাবিব নোৱাৰা কথা হৈ পৰে।  আনকি বহুত সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলেও তেনে সন্তানৰ পিতৃ- মাতৃক অভিযোগ কৰে তেনে ব্যৱহাৰে আন ল'ৰা-ছোৱালীৰ ব্যৱহাৰ ওপৰত প্ৰভাৱ পেলাব বুলি।  তেনে এটি  শিশুৰ সৈতে নিজৰ সন্তানক বন্ধুত্ব কৰিবলৈ নিদিয়ে ব্যক্তিত্বৰ বিকাশত বাধা আহিব পাৰে বুলি। ছুবুৰীয়া, পৰিয়াল  অথবা  আন আপোন মানুহৰপৰাও  এনে  এটি  শিশুৱে  অহৰহ পায় তিৰ্যক চাৱনি, যিটো কথা মানসিক নিৰ্যাতনৰ নামান্তৰ মাথোন। এইদৰে বিদ্যালয়ৰ পৰ্যায়তে তেওঁ এক ভয়ংকৰ  মানসিক বিপৰ্যয়ৰ মাজেৰে পাৰ হয়।  ডঙৰ হৈ অহাৰ লগে লগে ক্ৰমশঃ সি  গভীৰ ৰূপ লয়গৈ এনে ক্ষেত্ৰত  এইটো অতি সাধাৰণ কথা যে, বিশেষকৈ দুৰ্বল অংশৰ অভভিাৱকসকলৰ সন্তানে আধাতে পঢ়া  সামৰিবলগীয়া হয়।

মহামান্য উচ্চতম ন্যায়ালয়ে তৃতীয় লিংগৰ সম্প্ৰদায়টোৰ  অধিকাৰৰ মান্যতা প্ৰদান কৰি দিয়া ১১৩ জোৰা ৰায়দানটোত শচীন নামৰ এজন তৃতীয় লিংগৰ ব্যক্তিৰ অভিজ্ঞতা এনেদৰে বৰ্ণণা কৰা হৈছে-- ‘‘মোৰ নাম শচীন আৰু মোৰ বয়স ২৩ বছৰ। সৰুৰেপৰাই মইবিভুতি' আৰুকুমকুমে'ৰে নিজকে সজাই-পৰাই ৰাখিবলৈ ভাল পাইছিলোঁ আৰু মোৰ পিতৃ-মাতৃয়ে সদায় মোক এজনী ছোৱালীৰ দৰেই দেখিছিল। মই পুৰুষ, কিন্তু মোৰ মাত্ৰ নাৰীৰ অনুভুতিহে আছে। মই মাক ৰন্ধা, ধোৱা- পখলা, ঘৰ  চফা  কৰাৰ দৰে  কামবোৰত মাক সহায় কৰি দিছিলোঁ। বছৰৰ পিছত বছৰ ধৰি মই ঘৰতে   ঘৰুৱা দায়িত্ববোৰ  পালন  কৰি আহিছোঁ। ছুবুৰীয়াসকলে মোক জোকায়। তেওঁলোকে মোক সোধেঃতই  কিয় বাহিৰলৈ গৈ মতা মানুহৰ দৰে কাম নকৰ?' বাতই কিয় ছোৱালীৰ দৰে ঘৰতে সোমাই আছ?' কিন্তু মোৰ ছোৱালীৰ  দৰে থাকিয়েই ভাল লাগে। বহিৰলৈ গৈ কাম কৰিবলৈ মোৰ লাজ লাগে। আপোন মানুহবোৰে মোক লৈ তামাচা আৰু গালি-গালাজ কৰে। প্ৰতিদিনে মই পানী আনিবলৈ ঘৰৰ বাহিৰলৈ যাও। আৰু পানী লৈ উভতি আহোঁতে  সদায়ে ঠাট্টা-মস্কৰা শুনিবলৈ পাওঁ বৰ  লজ্জা অনুভৱ কৰোঁ এনেকৈ জীয়াই থাকিব পাৰি জানো? মোৰ আনকি আত্মহত্যা কৰিবলৈকো মন গৈছিল। কিন্তু মোৰ পিতৃ-মাতৃয়ে কেতিয়াও প্ৰতিবাদ কৰা নাছিল। তেওঁলোক অসহায় আছিল। 

আনকি  উচ্চতম ন্যায়ালয়ৰ দীঘলীয়া ৰায়দানৰ পিছতো আজিও তেওঁলোকৰ প্ৰতি সমাজৰ অৱহেলাসূচক দৃষ্টিভংগীৰ পৰিবৰ্তন হোৱা নাই। জীৱন আৰু  জীৱিকাৰ সমস্যাৰে তেওঁলোক ভাৰাক্ৰান্ত। তেওঁলোকে ৰেলৰ ষ্টেচন বা বাচত উঠি  সহায়ৰ  বাবে হাত পাতিলে আমি  বিৰক্ত হওঁ। কিন্তু জীৱিকাৰ বাবে  আন উৎসৰ  সন্ধান কৰোঁতে আমি তেওঁলোকৰ প্ৰতি কিমানেই বা সহমৰ্মিতা দেখুৱাব পাৰোঁ। তৃতীয় লিংগৰ ব্যক্তি এজনে জীৱিকাৰ বাবে যদি গেলামালৰ  বা তামোল পাণৰ দোকানো এখন দিয়ে, তেতিয়াও  কেইজন গ্ৰাহকে সই দোকানলৈ গৈ সামগ্ৰী ক্ৰয়  কৰিব, তাত সন্দেহ আছে। ব্যক্তিত্বৰ বিসংগতিৰ অজুহাতত শিক্ষিতসকলক  বিভিন্ন ক্ষেত্ৰত  প্ৰাপ্য চাকৰিৰ পৰা বঞ্চিত কৰা হয়। অসুখ- বিসুখ হলেও চিকিৎসালয়ত ভৰ্তি হবলগীয়া হ'লে তেনে লোকক  কতৃপক্ষই  পুৰুষৰ বাবে নিৰ্ধাৰিত কোঠা দিব, নে মহিলাৰ বাবে নিৰ্ধাৰিত কোঠা দিব  -- যিহেতু তেওঁলোকৰ বাবে নিৰ্ধাৰিক কোঠাৰ ব্যৱস্থাই ৰখা হোৱা নাই। জীৱিকাৰ বাবে  নিজৰ ঘৰৰপৰা চহৰ  এলেকালৈ আহিয়েই তেওঁলোকে  সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ  সমস্যাটো  হৈছে  এটা ভাৰাঘৰ পোৱা,  কিয়নো বেছিভাগ মালিকেই তেওঁলোকক ভাৰাঘৰত থাকিবলৈ দিব নোখোজে। এই জৰুৰী বিষয়বোৰ আমাৰ চকুৰ সন্মুখলৈ  সাধাৰণতে উঠি নাহে।

অথচ ভাৰতবৰ্ষৰ দৰে দেশত অতীততে আৰু আনকি মধ্যযুগতো এই লোকসকলে  সমাজত যথেষ্ট আদৰ-সন্মান  লাভ কৰিছিল। বৃটিছৰ সময়ৰপৰাহে তেওঁলোকক এটাঅপৰাধী জাতি' হিচাপে গণ্য কৰা হ'ল। উচ্চতম ন্যায়ালয়ৰ ৰায়দানত উল্লেখ কৰা হৈছে যে, বৈদিক বা পুৰাণ সাহিত্যত  তৃতীয় প্ৰকৃতি' বানপুংসক' ত হিচাপে তেওঁলোকে সন্মানৰ আসনেই  লাভ কৰিছে। ‘‘ৰামায়ন মহাকাব্যত ভগবান ৰামে  ৰাজ্য ত্যাগ কৰি ১৪ বছৰৰ বাবে  বনবাস খাটিবলৈ  যাওতে পিচে পিচে   অনুগামীসকলো গৈছিল আৰু  ৰামে এইপুৰুষ' আৰুমহিলা'সকলক উভতি যাবলৈ ক'লে। এই নিৰ্দেশে  হিজৰাসকলক সামৰি নোলোৱা বাবে তেওঁলোকে ৰামৰ লগতে থকাৰ সিদ্ধান্ত ল'লে। তেওঁলোকৰ আনুগত্যৰ প্ৰতি কৃতজ্ঞ হৈ  ৰামে তেওঁলোকক  পৰিয়ালত শিশুৰ আগমন,  বিয়া, যিকোনো  মঞ্চত উদ্বোধনী অনুষ্ঠানৰ দৰে  মাংগলিক অনুষ্ঠানবোৰ  হিজৰাসকলৰ আশীৰ্বাদেৰে সুচনা  কৰিবলৈ অধিকাৰ  দিলে, যাৰপৰাই  হিজৰাসকলৰ গীত -নৃত্যৰ মাজৰে  আশীৰ্বাদূচকবধাই'  পৰ্বৰ  সুচনা হ'ল।উচ্চতম ন্যায়ালয়ে ৰায়দানৰ টোকাত এই কথা লিপিবদ্ধ  কৰিছে।

সেইদৰে তামিলসকলৰ মাজত থকা  কিংবদন্তি অনুসৰি  মহাভাৰতৰ অৰ্জুন আৰু নাগকন্যাৰ পুত্ৰ  আৰাবানক  কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ বিজয় উপলক্ষ্যে কালীৰ আগত বলি দিবলৈ থিৰ কৰা হয় -- এইক্ষেত্ৰত তেওঁৰ এটাই চৰ্ত আছিল যে, এটা ৰাতিৰ বাবে তেওঁ বিবাহিত জীৱন উপভোগ কৰিব। এগৰাকী মৰিবলৈ ওলোৱা পৰুষক এটা ৰাতিৰ বাবে পতিৰূপে বৰণ কৰিবলৈ কোনো আগবাঢ়ি নহাত কৃষ্ণই নিজেই মোহিনী ৰূপ লৈ তিৰোতা সাজিলে আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ কৰিলে। তামিলনাডুৰ হিজৰাসকলে এইজনৰপৰাই তেওঁলোকৰ হোৱা বুলি ভাবি আহিছে। -- তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰক সুৰক্ষাৰ লগতে সামাজিৰ নিৰাপত্তা, আৱেগিক দিশবোৰক প্ৰাধান্য দি প্ৰদান কৰা উচ্চতম ন্যায়ালয়ৰ  ৰায়দানত এই উদাহৰণো অন্তৰ্ভুক্ত কৰা হৈছে।  একেদৰেই জৈন সাহিত্যত ‘‘মনস্তাত্বিক যৌনতা'' ধাৰণাৰে তেওঁলোকৰ বিষয়ে বিশদ বৰ্ণণা থকাৰ বিষয়ে দোহৰা হৈছে। এই উজাহৰণবোৰো উচ্চতম ন্যায়ালয়ৰ ৰায়দানত পৃষ্ঠাত লিপিবদ্ধ কৰা হৈছে।

ভাৰতীয় সমাজখনত ঐতিহাসিকভাৱেই  তৃতীয় লিংগৰ ব্যক্তিসকলে এখন উল্লেখীয় আসন লাভ কৰি আহিছিল যদিও, ওঠৰ শতিকাৰপৰা অৰ্থাৎ ঔপনিবেশিক শাসনৰ কালত ছবিখন দ্ৰুতভাৱে সলনি হৈ পৰে। বৃটিছে হিজৰা বা তৃতীয় লিংগৰ  ব্যক্তিসকলৰ কাম- কাজ পৰ্যবেক্ষণ  কৰিবলৈক্ৰিমিনেল ট্ৰাইৱছ এক্ট ,১৮৭১” - শীৰ্ষ  এখন কুখ্যাত  আইন প্ৰণয়ন কৰে, 'ত হিজৰাসকলক অপৰাধী বুলি চিনাক্ত কৰি জামিনবিহীন গোচৰৰ অধীনলৈ অনা হয়। আইনখনৰ অধীনত অপৰাধী জনগোষ্ঠীবোৰৰ পঞ্জীয়ন, নিৰীক্ষণ  আৰু  নিয়ন্ত্ৰণ কৰা হয় আৰু নপুংসকসকল, যিসকলে মহিলাৰ দৰে কাপোৰ আৰু অলংকাৰ পিন্ধি  ৰাজহুৱা ঠাইবোৰত আছিল, লগতে সেই ঠাইবোৰত গীত-নৃত্য কৰিছিল, তেওঁলোকক কোনো কাগজ-পত্ৰনোহাৱাকৈ দুবছৰ পৰ্যন্ত  কাৰাগাৰলৈ নিক্ষেপ কৰা  বা  জৰিমনা ভৰোৱা অথবা দুয়োটা  শাসিত প্ৰদান কৰাৰ দৰে কঠোৰ পদক্ষেপ হাতত লৈছিল। এই আইনৰ অধীনত সথানীয় প্ৰশাসনে নপুংসকসকলৰ  নাম, ঘৰ, স ম্পত্তি পঞ্জীয়ন কৰি ৰাখিব লাগিছিল, তেওঁলোকক সৰু  সৰু ল'ৰা-ছোৱালী অপহৰণ কৰা, যৌন অংগ চেদন কৰা আদি মনে সজা অপৰাধত ভাৰতীয় দণ্ডবধিৰি ৩৭৭ নং ধাৰাৰ অধীনত  বিচাৰ কৰিছিল। 

উচ্চতম ন্যায়ালয়ে কৈছে, “নিজকে  প্ৰদান  কৰা লিংগ  পৰিচিতি  পুৰুষ  বা মহিলা বা ততীয় লিংগ হ'ব পাৰে। হিজৰাসকলক তৃতীয় লিংগৰ মানুহ বুলি পৰিচিতি প্ৰদান কৰা হৈছে, আৰু পুৰুষ বা  মহিলা হিচাপে নহয়। লিংগ পৰিচিতি সন্দৰ্ভত, ইতিমধ্যে ওপৰত দিয়াৰ দৰেই কোনো ব্যক্তিৰ  পুৰুষ, মহিলা বা তৃতীয় লিংগ সন্দৰ্ভত নজিৰ ভিতৰুৱা  অভিমতৰ  প্ৰসংগৰ কথা  কোৱা হৈছে, উদাহৰণসবৰূে প হিজৰাসকলে তেওঁলোকৰ নাৰীৰ যৌনাংগ নাই বাবে, আৰু সন্তান উৎপাদন কৰিব পৰাৰ সক্ষমতা নাই বাবে  নিজকে মহিলা বুলি পৰিচয় নিদিযে। তেওঁলোকৰ নিৰ্দিষ্ট  অভিব্যক্তিয়ে তেওঁলোকক পুৰুষ আৰু মহিলা উভয়ৰেপৰা পৃথক কৰিছে আৰু তেওঁলোকে নিজকে পুৰুষ বা মহিলা বুলি নহয়, কিন্তুতৃতীয় লিংগ' বুলি কয়। হিজৰাসকল সেয়েহে এটা  নিৰ্দিষ্ট  সামাজিক-অৰ্থনৈতিক গোট আৰু সেয়েহে পুৰুষ আৰু মহিলাৰ উপৰিওতৃতীয় লিংগ' হিচাপে স্বীকৃত হ'ব।আদালতে তেওঁলোকক সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে পিচপৰা গোট বুলি গণ্য কৰিবলৈ নিৰ্দশো দিয়ে।

তৃতীয় লিংগৰ আধাৰত থকা কেইবাটাও ত মান্যতা প্ৰদান কৰি  উচ্চতম ন্যায়ালয়ে ২০১৪ চনতেই  এক সুবৃহৎ ৰায় প্ৰদান কৰিলেও সামাজিকভাৱে এই সম্প্ৰদায়টো  এতিয়াও অৱহেলিত আছে  আৰু মানুহৰ মানসিকতাৰ বিশেষ পৰিবৰ্তন হোৱা নাই। দেখা গৈছে যে, এই আপাতত ক্ষুদ্ৰ সম্প্ৰদায়টো সমাজৰ দৃষ্টিত এতিয়াও এঘৰীয়াৰ দৰেই হৈ  আছে  আৰু  বৃহত্তৰ পৰিবেশত এতিয়াও  তেওঁলোকৰ সামাজিক  অন্তৰ্ভুক্তিকৰণৰ বাবে সাজু হৈ নুঠা  আমাৰ  সমাজখনত তেওঁলোকে বিভিন্ন  সমস্যাৰ  সন্মুখীন  হৈছে।  সমাজৰ মানুহৰ  মানসিকতাৰ পৰিবৰ্তন নোহোৱাৰ মূল কাৰণসমূহৰ ভিতৰত অন্যতম  'ল উচ্চতম ন্যায়ালয়ে তেওঁলকেক তৃতীয় লিংগৰ ব্যক্তি বুলি দিয়া  মান্যতা সন্দৰ্ভত  অজ্ঞতা। এই সন্দৰ্ভত আৰু অধিক আলোচনাৰ থল আছে যাতে সমাজত তেওঁলোকৰ অন্তৰ্ভুক্তিকৰণৰ  পথ সুগম হয়।

-ৰত্না ভৰালী তালুকদাৰ
১৪-১১-২০১৯

No comments:

Post a Comment