Copyright- Ratna Bharali Talukdar. No part of any item may be reproduced, or utilized in any forms or by any means, electronic or mechanical, including photocopying, recording, or by any information storage and revival system, without prior permission of the blogger. Contact 94351-05414 e-mail ratnabharalitalukdar@gmail.com. The blogger has decided to donate body after death for the benefit of life saving medical research.
Tuesday, 26 November 2019
সাহিত্যত মূলসুঁতি আৰু প্ৰান্তীয় চেতনাৰ মানুহ
কোনোৱে সন্ধান কৰে সীমাবদ্ধতাক অতিক্ৰম কৰি জীৱনৰ অপৰূপ সম্ভাৱনাৰ।
সীমাবদ্ধ জীৱনৰ দুৱাৰ পাৰ হৈ মহাজীৱনৰ দুৱাৰ স্পৰ্শ কৰিব খোজাজনৰ শত্ৰু বহুত। কিয়নো তেওঁ হব লগিব আপোচহীন, তেওঁৰ ওপৰত
জাপি দিয়া হ’ব আৰোপিত ধাৰণা। তেওঁ প্ৰচলিত ক্ষমতাত আসীনসকলৰ শত্ৰু। সেয়েহে তেওঁৰ
বাবে জীৱন সহজ কথা নহয়। তেওঁৰ ওপৰতে জাপি দিয়া হ’ব আৰোপিত ধাৰণা।
শাখাতি ৰাভা এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এগৰাকী উল্লেখনীয় মহিলা কিয়নো
জনগোষ্ঠীৰ কোনোজনৰ মৃত্যু হ’লে তেওঁ কান্দি কান্দি মৃতকৰ আত্মা উভতি অহাৰ গীতটো গাব
লাগিব, গতিকে সেই জনগোষ্ঠীত
তেওঁৰ এখন মৰ্যদাপূৰ্ণ আসন আছে। ইফালে জীৱন নিৰ্বাহৰ বাবে তেওঁ গাওঁখনৰপৰা
গুৱাহাটীৰ পদপথত শাক-পাচলি বিক্ৰীও কৰে। এইগৰাকী মহিলাক লৈ লিখা সাহিত্য ‘প্ৰান্তীয়’
মানুহৰ সাহিত্য, কিয়নো তেওঁ এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, অৰ্থাৎ জনগোষ্ঠী
মানে প্ৰান্তীয় চেতনা, জনগোষ্ঠীয়ে মূলসুঁতিত বাস নকৰে, প্ৰচলিত বাগধাৰাত জনগোষ্ঠীৰ
সেই অধিকাৰ নাই। লেখকেও প্ৰান্তীয় জীৱন গাথা এটা পোহৰলৈ অনা বুলি চাহমেল, সভাৰ টেবুলৰ
প্ৰশংসা লৈ থাকিলে তেওঁৰ বাবেই মংগল। কিন্তু যদিহে তেওঁ সাহিত্যত প্ৰশ্ন কৰে এইবুলি
যে, শতিকাৰ পিছত শতিকা ধৰি এই ভূমিখণ্ডত বাস কৰা জনগোষ্ঠী এটা সাহিত্যৰ মূলসুঁতিৰ
বিৱৰণীলৈ কিয় উঠি অহা নাই-- এই প্ৰশ্ন উত্থাপন কৰা লেখক বিপদত পৰাৰেই সম্ভাৱনা
বেছি।
‘মাজুলী’ বৰ্তমানৰ এটা এতি জনপ্ৰিয় বাগধাৰা। আমি যেতিয়া ‘মাজুলী’
নামৰ বাগধাৰাটোত ৰোমান্সিত হৈ পৰোঁ, তেতিয়া আমাৰ মনলৈ পোনতে আহিব ইয়াৰ সত্ৰ, মুখা সংস্কৃতি, ৰাস, ভাওনা,
পালনাম। আৰোপিত ধাৰণা অনুসৰি এইবোৰ
মূলসুঁতিৰ বিৱৰণী। তথাকথিত মূলসুঁতিৰ চেতনাৰ আঁৰত থকা তথাকথিত ‘প্ৰান্তীয়’ চেতনাবোৰৰ নৰাচিগা বিহু, দেউৰীগাৱঁৰ চাং
আৰু সোণোৱাল কছাৰী গাওঁকেইখন,
নদীৰ পাৰে পাৰে থকা কৈৱৰ্তসকলৰ কথন–মথন জনপ্ৰিয় বাগধাৰাত প্ৰায় অনুপস্থিত। কেতিয়াবা ঢিপ-ঢিপনি
এটাহে শুনিবলৈ পোৱা যায়। সকলো নগৰত থকাৰ দৰেই গুৱাহাটী মহানগৰীতো এখন তথাকথিত ‘প্ৰান্তীয়’ চেতনাৰ জগত আছে, তাৰ উখল-মাখলবোৰ আছে, আপুনি ৰেল ষ্টেচনৰ কাবাৰীৱালা এটাৰ
কাষলৈ গ’লে নৰ্দমাৰ কাষৰ চাহ দোকানখনৰপৰাই
আপোনাক একাপ চাহ যাচিব পৰাকৈ বহল একোখন অন্তৰ থকা মানুহ আছে, কিন্তু
সৃষ্টিশীলতাৰ বিচাৰত তেওঁলোকৰ
বিৱৰণী ‘প্ৰান্তীয়’।
চাহ জনগোষ্ঠী, চৰৰ মানুহৰ বিৱৰণী প্ৰান্তীয় বেছি তাত্বিক ভাষতা sub-altern — তেওঁলোকক সাহিত্যৰ মজিয়ালৈ আনিব খোজা লেখকে মানুহৰ কথা কোৱা নাই – বৰং ‘প্ৰান্তীয়’ মানুহৰ কথা কৈছে, sub-alternসকলৰ কথা কৈছে।
তথাপিও গৈ থাকিব লাগিব। কিয়নো যিসকলক তেওঁলোকে ‘প্ৰান্ত’বাসী বুলি কৈছে, সেইসকলৰ
কথা কব পৰাটোও এতিয়া এটা বিদ্ৰোহ। এই ‘প্ৰান্তবাসী’ৰ কথাবোৰ কোনোবাই কব লাগিব, কোনোবাই তেওঁলোকক সঁচাকৈয়ে প্ৰতিনিধিত্ব কৰিব লাগিব সাহিত্যত, চিনেমাত, ৰাজনীতিত, কলাত -- কিয়নো তেওঁলোকে নিজৰ কথা কবলৈ অক্ষম। কায়িক শ্ৰমৰ বোজাৰে ভাৰাক্ৰান্ত, দুবেলা দুমুঠি জোগাৰৰ অজুহাতত জীৱনৰ হাতৰ মুঠিৰপৰা সৰকি যায়। কোনোবাই তাকেই সংগ্ৰাম বুলি কয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে, তথাকথিত ‘প্ৰান্তীয়’ জীৱন দেখা পোৱা লোকৰ সংখ্যা
আপাতত কমি আহিছে, চুই চাবলৈ সাহস কৰিব পৰা মানুহৰ সংখ্যা তাতোকৈও কমিছে, অথচ ‘প্ৰান্তবাসী’ৰ সংখ্যা কমি অহা নাই। তেওঁলোক ক্ৰমশঃ
এটকীয়া চাউলৰ হিতাধিকাৰীলৈ পৰিণত হৈছে, কাৰোবাৰ ভোটৰ ৰাজনীতিৰ অংশ হৈছে। তেওঁলোকৰ পাকঘৰবোৰ উদং হৈ আহিছে,
গাৱঁৰ গোহালি-গৰু-পথাৰৰ জঞ্জালৰপৰা জনগোষ্ঠীৰ নাৰীবোৰ পদপথৰ পাচলি বেপাৰী হৈছে । তেওঁলোক আপোনাৰ চকুৰ সন্মুখত আছে, মায়াজাল তৰি অদৃশ্য হৈ থকা নাই, আপুনি তেওঁলোকক দেখি আছে। তেওঁলোকৰ এই বিৱৰ্তনত আপোনাক কব পৰাকৈ তেওঁলোকৰ বহুত
কথা আছে। কাৰোবাৰ বাবে তেওঁলোক ‘প্ৰান্তীয়’ চেতনা, কিন্তু আপোনাৰ বাবে তেওঁলোক ‘মানুহ’। এই সভ্যতাৰ জবৰদস্ত অংশীদাৰ। আৰু এই কথাবোৰ কবই লাগিব।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment