Thursday 19 December 2019

দীঘে - বাণিয়ে বাঢ়ি অহা অসমীয়া জাতিয়ে নাগৰিকত্ব (সশোধনী) আইনৰ বিৰুদ্ধে যুজিব




সংগ্ৰাম  অসমীয়া জাতিৰ  বাবে  নতুন কথা নহয়। বৰং সংগ্ৰাম  অসমীয়া সত্তাৰ জীৱনৰ এটা প্ৰৱাহ।  অসমীয়া জাতিৰ  প্ৰতিটো  প্ৰজন্মৰ আছে ৰাজপথলৈ নামি  আহি সংগ্ৰাম কৰাৰ ইতিহাসতাৰ সোঁৱৰণি।  আজিৰ অসমীয়াই লাভ কৰা প্ৰতিটো সফলতাৰ আঁৰত আছে একোখনকৈ সংগ্ৰাম।প্ৰতিটো প্ৰজন্মই বহন কৰিছে পূৰ্বৰ সংগ্ৰামৰ সোঁৱৰণিৰ উত্তৰাধিকাৰ। বাৰে বাৰে নতুনদিল্লীৰ গোপন উমনিশালত অসমীয়া জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰছনা কৰা হৈছে আৰু  বাৰে বাৰে  সাধাৰণ  মানুহে সেই  ষড়যন্ত্ৰ মষিমূৰ কৰিছে ।
প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে অসমীয়া মানুহে সৰ্বস্তৰত প্ৰতিবাদ কৰি আহিছিল।  জাতি, মাটি আৰু ভেটিৰ সুৰক্ষা দি কেন্দ্ৰত আৰু ৰাজ্যত ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ বাবে নাগৰিকত্ব (সংশোধনী)বিধেয়ক উত্থাপন কৰাটো অন্যান্য প্ৰতিশ্ৰুতিৰ মাজৰে  এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি  আছিল । জনসাধাৰণৰ  মাত্ৰ  ৩৬ শতাংশ ভোট  লাভ কৰি ক্ষমতালৈ  অহা চৰকাৰে  সকলো জনসাধাৰণে তেওঁলোকক  বিধেয়কখন আইনলৈ পৰিণত কৰিবলৈ  ক্ষমতা প্ৰদান  কৰা বুলি প্ৰচাৰ চলাইছিল।  ভাৰতীয় সংবিধানৰ  মূল আধাৰটোক  কুঠাৰাঘাত কৰি  ধৰ্মৰ ভিত্তিত চুবুৰীয়া  পাকিস্তান, আফগানিস্তান আৰু  বাংলাদেশৰ পৰা অহা হিন্দু,  বৌদ্ধ,  খৃষ্টান,  পাৰ্চি,  জৈন আৰু শিখসকলক  নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা এই বিধেয়কখনৰ বিৰুদ্ধে অসমৰ সকলো অংশৰ জনসাধাৰণে পূৰ্বৰেপৰাই  বিৰোধিতা কৰি আহিছিল।  জনসাধাৰণৰ সকলো প্ৰতিবাদ মষিমূৰ কৰি কেৱল সংখ্যাৰ বলত লোকসভা আৰু ৰাজ্যসভাত অনুমোদন দিয়া আৰু ৰাষ্ট্ৰপতিৰ  স্বাক্ষৰ প্ৰদানৰ মাজেৰে এই বিধেয়ক অৱশেষত আইনলৈ পৰিণত কৰা হ'ল।
চুবুৰীয়া বাংলাদেশৰপৰা অবাধ হাৰত বিদেশীৰ প্ৰব্ৰজনে জনগাঁথনিত ভয়ংকৰ প্ৰভাৱ পোলোৱা  জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে  অসমৰ লগতে সমগ্ৰ উত্তৰ- পূব ভাৰতৰ জনসাধাৰণে বিৰোধিতা কৰি আহিছিল। এই আইনে এতিয়া অসমীয়া মানুহৰ লগতে উত্তৰ-পূব ভাৰতৰ সকলো জাতি-জনগোষ্ঠীৰ  ভাষা-সাহিত্য-সংস্কৃতি  ভীৰ সংকট  কঢ়িয়াই আনিলে। বিধেয়কখন আইনত  পৰিণত কৰিবলৈ ওলোৱাৰ সময়ত অঞ্চলটোৰ জনসাধাৰণক মানসিকভাবে অধিক বিভাজিত কৰাৰ বাবে ইনাৰ  লাইন পাৰ্মিট থকা ৰাজ্যকেইখন লগতে ষষ্ঠ অনুসূচীৰ  এলেকাসমূহত  এই আইন প্ৰযোজ্য নহয় বুলিঘোষণা কৰি কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলাদেশৰপৰা প্ৰব্ৰজিত হবলগীয়া বিদেশীৰ বোজা  জাপি দিয়া হ'ল।  চৰকাৰে ২০১৪ চন পৰ্যন্ত   ইয়ালৈ  অহা লোকসকলক নাগৰিকত্ব  প্ৰদান  কৰা হব বুলি ঘোষণা কৰিলেও কাৰ্যত সকলো সময়তে  অহা বিদেশী লোকেই নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব, কিয়নো এবাৰ আইনত পৰিণত হোৱাৰ পিছত উক্ত সময়সীমা বৃদ্ধি কৰাৰ পথো প্ৰশস্ত হৈ পৰিল।
ইনাৰ লাইন পাৰ্মিট অথবা ষষ্ঠ অনুসুচীৰ এলেকাতো এই  বিদেশী  লোকসকলে ভূমিৰ অধিকাৰৰ বাহিৰে ব্যৱসায়-বাণিজ্য, শিক্ষা, স্বাস্থ্য, ভোটাধিকাৰৰ দৰে সকলো সুবিধাই লাভ কৰিব। গতিকে অনাগত সময়ত এই এলেকাবোৰত দীৰ্ঘসময়ধৰি   বাস কৰাৰ অচিলাৰে ভূমিৰ অধিকাৰো যে লাভ কৰিবলৈ সক্ষম নহব তাৰ কোনো নিশ্চয়তা নাই।  
অসমৰ লগতে দেশৰ সকলো অংশৰ জনসাধাৰণে বিজেপিক ভোট দান কৰিছিল কংগ্ৰেছ চৰকাৰৰ অবাধ দূৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে, লগতে উন্নয়নৰ স্বাৰ্থত।কিন্তু বিমুদ্ৰাকৰণৰ মাজেৰে অৰ্থনীতি ভাঙি পোলোৱা, দলৰ  নিৰ্বাচনী পুঁজি টনকিয়াল কৰাৰ স্বাৰ্থত  অসমৰ  দুয়োটা  কাগজকলকে ধৰি  চলি  থকা ৰাজহুৱা খণ্ডৰ  উদ্যোগবোৰ  পুঁজিপতিৰ হাতত গতাই দিয়া,  সৰ্বকালৰ অভিলেখেৰে দেশৰ অৰ্থনীতি তললৈ  নমাই অনা চৰকাৰখনে নিৰ্বাচনৰ  সময়ত  উত্তৰ-পূব ভাতৰত  জনসাধাৰণক  প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি এক্ট-ইষ্ট পলিচিৰ আধাৰত হবলগীয়া কামবোৰ  ধোঁৱাচাঙত  তুলি  'লেঅৰ্থনৈতিক  সংস্কাৰৰ নামত মেগা-ইভেণ্ট, উৎসৱ  কিছুমান পাতি এচাম দালালৰ হাতত  অৰ্থনীতি তুলি দিয়াৰ ব্যৱস্থা কৰিলে। এচকীয়া চাউলৰ ৰাজনীতিৰে দেশৰ জনসাধাৰণক হিতাধিকাৰীলৈ পৰিণত  কৰা চৰকাৰে অৰ্থীনতিৰ বুনিয়াদ ভাঙি দৰিদ্ৰ পৰিয়ালবোৰৰ পাকঘৰ উদং কৰি পেলালে।

এনে অৱস্থাত জাতিধ্বংসী আইনখনেৰে যেতিয়া উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ মানসিকভাৱে ভাগ ভাগ কৰি কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণৰ ওপৰত বাংলাদেশৰপৰা  আহিবলগীয়া বিদেশীৰ বোজা জাপি  দিয়া হ', তেতিয়া সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণৰ জাঙুৰ খাই উঠিল।  জাতি-মাটি আৰু  ভেটিৰ সুৰক্ষাৰ স্বাৰ্থৰে ক্ষমতালৈ চৰকাৰৰ মুৰব্বী জাতীয় নায়ক'  সৰ্বানন্দ সোণোৱালৰ মুখলৈ  শেষ মূহূৰ্তলৈকে চাই  বিমুখ হৈ পৰা জনসাধাৰণৰ পথৰ সংগ্ৰামলৈ নামি অহাৰ বাহিৰে আন কোনো পথ খোলা হৈ  নাথাকিল।   ইতিমধ্যে  ২০১৬ চনৰপৰা আন্দোলন কৰি  অহা জনসাধাৰণে এইবাৰ মৰণ পণ কৰি বাট লৈ নামি আহিল । বিভিন্ন দল-সংগঠন,  ৰাজনৈতিক  দল, বাওঁ-গণতান্ত্ৰিক   লগতে  নাগৰিক সমাজ, শিল্পী, সাহিত্যিকৰ দৰে সৃষ্টিশীল লোকসকলো মাৰ বান্ধি যুঁজিবলৈ  ৰাজপথৰ সংগ্ৰামলৈ  নামি  আহিল। 
জনসাধাৰণৰ  আন্দোলনৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ছাত্ৰ আন্দোলনবোৰে এক নতুন মাত্ৰা দিলে। এই শিক্ষানুষ্ঠানভিত্তিক ছাত্ৰসকলে নিজকে ছাত্ৰসমাজ বুলি চিনাকি দি পঢ়া-শুনাৰ ক্ষতি হবলৈ  নিদিয়াকৈ আন্দোলনত চামিল হ'ল । তেওঁলোকে কাৰো নেতৃত্বলৈ  বাট নাচাই  নিজৰ উদ্যোগতে  নিজেই আন্দোলনত নামিল।  প্ৰথম অৱস্থাত শিক্ষানুষ্ঠানৰ গণ্ডীতে তেওঁলোকে  পঢ়া--শুনা আৰু পৰীক্ষাৰ সমান্তৰালকৈ  সংগ্ৰাম  আৰম্ভ  কৰিলে।  আন্দালন  ১০ তাৰিখে ছহিদ দিৱসৰ দিনাই  জনসাধাৰণৰ অনুভূতিক  ভ্ৰূকুটি দেখুৱাই  ৰাজ্যসভাত এই বিধেয়ক গৃহীত  কৰোৱা হ'ল। লগে লগে গোটেই অসম জ্বলি উঠিল।গুৱাহাটীৰ জি এচ  পথত  কটন বিশ্ববিদ্যালয়ৰ,  বি বৰুৱা কলেজ, আৰ্য কলেজ, সন্দিকৈ কলজেকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সমবেত হৈ  দিচপুৰলৈ যাত্ৰা  কৰিলে। কোনোদিনেই  ৰাজপথৰ আন্দোলনৰ অভিজ্ঞতা নথকা  ছাত্ৰসমাজে আৰক্ষীৰ কন্দুৱা গেছ, লাঠিচালনাৰ সন্মুখীন  হৈয়ো বাৰে বাৰে ' মোৰ আপোনাৰ দেশ' গাই  গাই  আৰু জয় আই অসম' ধ্বনিৰে পুনৰ সমবেত হৈ আৰক্ষীক ভেটি ধৰাৰ দৃশ্য আছিল অভিনৱ।  অনভিজ্ঞ, মহানগৰীৰ অভিভাৱকৰ   আলসুৱা  ছত্ৰছায়াত লালিত-পালিত এই  ছাত্ৰসমাজে জাতীয় আৱেগেৰে  উদ্বুদ্ধ  হৈ এনেদৰে ৰাজপথলৈ নামি আহি কৰা সংগ্ৰামে   যেন  পূৰ্বৰ আন্দোলনবোৰৰ সকলো পৰিভাষা সলাই  পেলালে  আৰু তেওঁলোকৰ উত্তাল ভৰিবোৰ  ছন্দত  নৃত্যৰত হৈ উঠা  মহানগৰীৰ ৰাজপথত ছাত্ৰ আন্দোলনৰ  এক নতুন বিৱৰণী লিখিলে।  সমগ্ৰ অসমতে একেই  ৰূপ দেখিবলৈ পোৱা গ'ল। যিসকলে  গুৱাহাটীৰ ৰাজপথত সেইদিনাৰ এই মধুৰ অভিজ্ঞতা লাভ কৰিলে, তেওঁলোকৰ প্ৰতিজনেই উপলব্ধি কৰিলে  যে  আজিৰ এই নতুন প্ৰজন্মই তেজত বহন কৰি আনিছে পূৰ্বৰ সকলো সংগ্ৰামৰ সোৱঁৰণি, তাৰ ঐতিহ্যৰ  উত্তৰাধিকাৰ।
ছাত্ৰসমাজক পিচুৱাই দিয়াৰ পিছতে বিভিন্ন অংশৰ ৰাইজ ৰাজপথত নামি পৰিল। ৰাইজৰ গণ অভ্যুত্থান  প্ৰতিৰোধ কৰাত ব্যৰ্থ চৰকাৰ আৰু প্ৰশাসনে  কঠোৰ দমন নীতি ল'লে। সমগ্ৰ ৰাজ্যত ৭২ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা  ব্যাহত কৰি, অনিৰ্দিষ্টকালৰ বাবে সান্ধ্যআইন জাৰি কৰা হ'ল।জনসাধাৰণে সান্ধ্য আইন অমান্য কৰি বাৰে বাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰি আৰক্ষীৰ সকলো প্ৰতিৰোধ ব্যৰ্থ কৰি তুলিলে।  অৱশেষত, চৰকাৰে সেনা আৰক্ষীৰ  ইউনিফাইড কমাণ্ড'  গঠন  কৰি জনসাধাৰণৰ গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰা বাবে কঠোৰ ব্যৱস্থা হাতত ল'লে। আইন- শৃংখলা ৰক্ষা কৰিব নোৱাৰা  চৰকাৰে চাৰিজনকৈ নীৰিহক  বন্দুকৰ গুলীৰে হত্যা কৰি  ভীতি প্ৰদৰ্শনৰ মাজেৰে  ৰাজ্যত  স্বভাৱিক  জীৱন ঘূৰাই আনিবলগীয়া হ'ল। 
সান্ধ্য আইন, আৰক্ষী সেনাৰ নিৰ্বিচাৰ অত্যাচাৰৰ মাজতে   সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসম শিল্পীসমাজৰ উদ্যোগত ৪০,০০০ ৰো অধিক লোকে গুৱাহাটীৰ বিভিন্ন ঠাইৰপৰা খোজকাঢ়ি  আহি  লতাশিল খেলপথাৰত  সমবেত  হৈ সান্ধ্যআইন ভংগ কৰাৰ এক বিৰল  ইতিহাস ৰচনা কৰিলে।  সমাবেশত ছাত্ৰসমাজে  যোগ  দিব নোৱাৰাকৈ গুৱাহাটীৰ শিক্ষানুষ্ঠানসমূহৰ গেট বন্ধ কৰি দিয়া হ'ল।  গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰপৰা অহা সমদলকাৰীসকলক গুলীচালনা,  কন্দুৱাগেছ প্ৰয়োগকৰি, লাঠিচালনাৰে  চত্ৰভংগ দিয়াই বিভিন্ন ঠাইত  আৱদ্ধ  কৰি ৰখা হ'ল। তথাপিও  গুৱাহাটীবাসীয়ে সিদিনা জাতিৰ  স্বাৰ্থত  কন্দুৱা গেছ,  লাঠিচালনাৰ ফাঁকেৰে সৰকি  সৰকি, ইফালে-সিফালে লুকাই লুকাই নিজৰ ভৰিবোৰক অভিনৱ শকতি দি লতাশিলত সমবেত হৈ এই বিৰল ইতিহাস সৃষ্টি কৰি  কাললৈ  যুগমীয়া হৈ ৰ'ল। ইয়াৰ পিচদিনাই সদৌ অসম ছাত্ৰসন্থা আৰু শিল্পীসমাজৰ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ খেলপথাৰত অনশন কাৰ্যসূচীত হাজাৰ হাজাৰ  জনতাই অংশ ল'লে । ইয়াতে তেওঁলোকে আগন্তুক দিনৰ কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে। 
আইনলৈ পৰিণত হোৱাৰ পিছত ন্যায়ালৰ দ্বাৰস্থ হোৱাৰ বাহিৰে আন বিকল্প নথকাত কেইবাটাও দল, সংগঠনৰ লগতে ব্যক্তিগত প্ৰচেষ্টাতো বহুতেই  উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কিন্তু ন্যায়ালয়ৰ যুদ্ধ ন্যায়ালয়ৰ মজিয়াত হৈ থাকিব। এই সন্দৰ্ভত ন্যায়ালয়ৰ  ৰায়ো অনিশ্চিত। এনে সময়ত ন্যায়ালয়ৰ  ৰায়লৈ ভাৰসা  কৰি নাথাকি অসমৰ জনসাধাৰণ এক দীৰ্ঘদিনীয়া সংগ্ৰামৰ বাবে সাজু হব লাগিব। লগতে এই আইনখনৰ সন্দৰ্ভত সকলো অংশৰ জনসাধাৰণৰক সচেতন কৰি তোলাৰ দায়িত্ব প্ৰতিজন সচতেন নাগৰিকৰ, কেৱল আন্দোলনত চামিল হোৱাসকলৰেই নহয় -- সকলোৱেই এই দায়িত্ব পালন কৰিব লাগিব। কাৰো নেতৃত্বলৈ অপেক্ষা নকৰি  নিজস্ব উদ্যোগত ৰাজপথলৈ  নামি অহা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰসমাজেও আগন্তুক সময়ত তেওঁলোকে কি কৰিব সেই বিষয়ে সিদ্ধান্ত লব লাগিব।  কোনো সংগঠনৰ সৈতে  যুক্ত হব, নিজস্বভাৱেই প্ৰতিবাদ কৰিব নে সকলোবোৰ শিক্ষানুøষ্ঠানৰ ভিত্তিত সমবেত হৈ বৃহৎ ছাত্ৰশক্তিৰূপে আত্মপ্ৰকাশ কৰি ব -- এই সিদ্ধান্ত জানিবলৈ জনসাধাৰণে অপেক্ষা কৰিব।
ইতিমধ্যেই জনসাধাৰণৰ প্ৰতিবাদ,  জাতৰি হকে মৰণ পণ কৰি ওলাই অহা  গণ অভ্যুত্থানৰ  পুলি-পোখালি উভালি দিবলৈ চৰকাৰে নানা ষড়যন্ত্ৰ ৰচনা কৰিছে। কিছু হিংসাত্মক ঘটনাৰ সন্দৰ্ভত আন্দোলনত তৃতীয় শক্তি সোমাই থকা বুলি প্ৰচাৰ চলোৱা হৈছে। হিংসাত্মক কাম কোনবোৰ শক্তিয়ে কৰিছে  তাক চিনাক্ত কৰি উলিওৱাৰ দায়িত্ব চৰকাৰৰ। প্ৰথম অৱস্থাত চৰকাৰৰ দুজনকৈ মন্ত্ৰীৰ লগতে দলৰ সভাপতিয়ে নিজেই উচতনিমূলক বক্তব্যৰে জনসাধাৰণৰ আৱগেক  উপলুঙা কৰিছিল। এতিয়া তৃতীয় শক্তি বুলি ক'লে সন্দেহৰ জনসাধাৰণৰ সন্দেহৰ আঙুলি এই দায়িত্বহীন মুৰব্বীকেইজনলৈকে  উঠে। ইয়াৰ লগতে বিভিন্ন পক্ষৰ সংগ্ৰামত এচাম ছদ্মবেশী চামিল হৈ  আন্দোলন কলিতে মষিমূৰ  কৰিবলৈ উঠি  পৰি লাগিছে, বিভিন্ন অপপ্ৰচাৰ চলোৱা হৈছে। অসমীয়া-বঙালীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ  অহৰহ  প্ৰচেষ্টা  চলাইছে।  ১৯২১ চনত হবলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই ছদ্মবেশীবোৰৰ তৎপৰতা চকুত লগা হৈ উঠিছে। এই  ছদ্মবেশীবোৰক সঠিক সময়ত চিনাক্ত কৰাৰ দায়িত্ব  দল-সংগঠনৰ নেতৃত্বৰ। অন্যথা এইবোৰেই ৰঘূমলা হৈ বিয়পি জাতিৰ লগতে ভাষা-সাহিত্য ৰক্ষাৰ সংগ্ৰামখন বিপথে পৰিচালিত কৰা সম্ভাৱনা  অধিক।
বহুতেই পূৰ্বৰ অসম আন্দোলনৰ অভিজ্ঞতাক বিকৃত কৰি প্ৰচাৰ  চলাইছে  যে,  উক্ত আন্দোলনে অসমক বহুদূৰ পিচুৱাই নিয়াৰ দৰে এই আন্দোলনেও অসমৰ সৰ্বনাশ কৰিব। মানুহ এই অপপ্ৰচাৰত ভোল যোৱা নাই। অসম আন্দোলন পৰৱৰ্তী সময়ত নতুনদিল্লীৰ ষড়যন্ত্ৰ  গোপন উমনিশালত ৰছনা হোৱা ষড়যন্ত্ৰৰ  পাকচক্ৰত গোষ্ঠী-সংঘাত,  অস্ত্ৰসংঘাতে অসমীয়া জাতিক কোঙা কৰি পোলেৱাৰ  সময়ত  জীৱন-জীৱিকাৰ সন্ধানত  বহুতেই  দেশে-বিদেশে ঢাপলি মেলিছিল। অসমৰ গাওঁবোৰ খালি হৈ পৰিছিল।  কিন্তু  শাপেই বৰ হ'ল। তেওঁলোকে অসীম  কষ্টৰ মাজত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে দেশে-বিদেশে  নিজকে প্ৰতিষ্ঠা কৰি অসমীয়া জাতি দীঘে-বাণিয়ে প্ৰসাৰিত   কৰিলে। দেশে-বিদেশে থকা ছাত্ৰসমাজে নিজৰ মাজত নেটৱৰ্কিং কৰি সংঘবদ্ধ হৈছে, সংগ্ৰামলৈ সহযোগিতা আগবঢ়াইছে। লণ্ডনত থকা  প্ৰথম  প্ৰজন্মৰ  অসমীয়া ছাত্ৰসমাজে  তাত থকা ভাৰতীয়  উচ্চায়ুক্তক সাক্ষাৎ  কৰি নিজৰ উদ্বিগ্নতা জনাইছে,  সৰ্বভাৰতীয় ছাত্ৰসমাজক তাত চামিল কৰিছে। অসমতে পঢ়ি যোৱা বঙালী ছাত্ৰয়ো ইয়াত আগ-ভাগ লৈছে। আজি অসমীয়া জাতি সংখ্যাৰে যিয়েই নহওক কিয়, গোটেই পৃথিৱীতে দীঘে-বাণিয়ে বাঢ়ি  গুণগতমানেৰে এক বিশাল আকাৰ ধাৰণ কৰিছে। এয়াই আমাৰ গৌৰৱ। এই গৌৰৱ আগত  ৰাখিয়েই আমি সংগ্ৰাম কৰি  যাব লাগিব।
- ৰত্না ভৰালী তালুকদাৰ
১৮-১২-২০১১
---------






No comments:

Post a Comment