ৰাজপথৰ সংগ্ৰাম আমাৰ বাবে নতুন কথা
নহয়। শৈশৱত কিছুমান জৰুৰী কথা
শুনিবলৈ পাইছিলোঁ আমাৰ অগ্ৰজসকল
মুখত। তেওঁলোকে পাতিছিল দেশৰ জৰুৰীকালীন অৱস্থাৰ কথা।কথাবোৰ বুজি পোৱাটো আমাৰ বাবে
সহজ নাছিল, কিন্তু তাত আছিল দেশৰ শাসক শ্ৰেণীৰ প্ৰতি আমাৰ অগ্ৰজসকলৰ ঘৃণা।
ইন্দিৰা গান্ধীয়ে দেশত ‘গৰিবী হাটাও'নামৰ কিবা এখন আঁচনি লোৱাৰ কথাশুনিবলৈ
পাইছিলোঁ। জৰুৰীকালীন অৱস্থাৰ বাবে দেউতাহঁতে ইন্দিৰা গান্ধীক সমালোচনা কৰিছিল।
১৯৭৯ চনত তৃতীয়মানত থাকোঁতেই আছুৱে আহ্বান কৰা
পিকেটিঙৰ কাৰ্যসূচী এটালৈ আমাক
লৈ গৈছিল। আমাৰ ১ নং কমলাবাৰী নিম্ন
বুনিয়াদী বিদ্যালয়ৰপৰা আমাক সমদল কৰাই কমলাবাৰী ডাকঘৰলৈ লৈ যোৱা হ'ল ।তাতেই আমি কেইঘণ্টামান বহি থাকিলোঁ।
পিছত ভিজোৱা বুট আৰু নাৰিকল খাবলৈ দিলে। এয়াই
আছিল জীৱনৰ প্ৰথমটো আন্দোলন।
স্কুলৰপৰা ওলাই গৈ বুট আৰু নাৰিকল
খাবলৈ পোৱাৰ আশাতেই এই
কাৰ্যসূচীবোৰ ভাল লাগিছিল।
আন্দোলনৰ বাবে ক্ৰমে শ্ৰেণীবোৰ ব্যাহত
হবলৈ ধৰিছিল। এটা শিক্ষাবৰ্ষ আমি হেৰুৱাইছিলোঁ।
শিক্ষাবৰ্ষ হেৰুওৱাৰ বাবে হোৱা লোকচানৰ কথা ভাবিবলৈ তেতিয়াও বয়স বৰ কম
আছিল। পঢ়া-শুনা কৰিবলৈ নোহোৱা হোৱাত ভালেই লাগিছিল।সমদলত ভাগ লোৱাৰ অভিজ্ঞতাবোৰ
মজাৰ আছিল। মাজুলীৰ শিলগুটি দিয়া বাট
আৰু মথাউৰি তল-ওপৰ কৰি আমি সমদল
কৰিছিলোঁ। ৰঙা টুপী পিন্ধা
আৰক্ষীজনকেই দৈত্যৰ সমান ভয় লাগিছিল। সেয়ে
ডাঙৰ মানুহ গৈ থকা সমদল এটাৰ অলপ পিচফালে সোমাই দিছিলোঁ। আন্দোলনৰ প্ৰকোপত মইনা পাৰিজাত চ'ৰাবোৰ বন্ধ হৈ গৈছিল। কিন্তু ডাঙৰ ডাঙৰ
ল'ৰা-ছোৱালীবোৰে
সুৰ বাহিনী গঠন কৰি ট্ৰাক এখনৰ পিচফালে উঠি দেশপ্ৰেমৰ গীত গাই গাই ঘূৰিছিল। আনকি
আমাৰ খেলা-ধূলাৰ বাবেও আমি ‘আন্দোলন আন্দোলন' খেল এটা বনাই লৈছিলোঁ, য'ত পুলিচ, নেতা, ভলণ্টিায়াৰ, সমদলকাৰী, পিকেটিং, ধৰ্ণা--এই সকলোবোৰ আছিল।
পঞ্চমমানত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক
বিদ্যালয়ত হোষ্টেলত থাকি পঢ়িবলৈ আহি আন্দোলনৰ নানা ৰূপ দেখিছিলোঁ। চৰকাৰো কঠোৰ
হৈ পৰিছিল। এবাৰ কোনো এটা অসমবন্ধত স্কুলৰ
প্ৰিন্সিপাল বাইদেৱে পুৱাই গাড়ীত উঠি আহি
মনে মনে বিদ্যালয়ত সোমাই থাকিল। দিনত আমি হোষ্টেলৰপৰাই বাইদেউক খোৱা-বস্তুৰ যোগাৰ
দিলোঁ। কিন্তু পিচদিনা কথাটো জনা-জনি হৈ গ'ল। ফলত আছুৰ আহ্বানত পিচদিনা সেইগৰাকী
প্ৰিন্সিপাল বাইদেউকে ঘেৰাও কৰি শ্ল'গান দিবলৈ ধৰ¿লোঁ -- ‘বৰবাইদেউৰ কথাত আমি দুখ পাইছোঁ, দুখ পাইছোঁ।' বাইদেৱে বাঁহৰ স্কেল এপাত দাঙি
অসহায় হৈ কবলৈ ধৰিলে-- ‘ক্লাছলৈ যোৱা, ক্লাছলৈ যোৱা।' কিন্তু আছুৰ যোৰহাটৰ নেতাসকল আহি গ'ল আৰু
শ্ৰেণীবৰ্জন হ'ল। এখন মিটিঙো হ'ল। এইখন স্কুলৰপৰাও আন্দোলনৰ কাৰ্যসূচীত ভাগ লৈছিলোঁ যদিও সাধাৰণতে ওপৰৰ শ্ৰেণীৰ ছাত্ৰীকহে বেছিকৈ যাবলৈ দিছিল। ডাঙৰ
মিটিঙতহে সৰু সৰুবোৰক যাবলৈ দিয়া হৈছিল। মাজুলীত
কৰা আন্দোলনবোৰত নেতাসকলক বহূত দূৰৈৰ তাৰকা যেন লাগিছিল। কিন্তু যোৰহাটত আন্দোলনৰ নেতাবোৰক অলপ কাষৰপৰাই
দেখিলোঁ।
শ্ৰেণীবৰ্জনৰ দৰে কাৰ্যসূচী সঘনাই হোৱাৰ বাবে
প্ৰায়েই ঘৰলৈ যাবলগীয়া হৈছিল। বিদ্যালয়, হোষ্টেলবোৰ চি আৰ পি আৰু সেনাবাহিনীৰ
লোক থকাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অসম
আৰক্ষীকেই ভয়ানক বস্তু বুলি ভবা আমিবোৰে প্ৰথমে চি আৰ পি বা সেনা দেখিলেই ভয়তে
পেপুৱা লাগিছিলোঁ। আমাৰ হ'ষ্টেলতো চি আৰ পিৰ কেম্প পতা
হৈছিল। সিহঁতে হোষ্টেলৰ পিয়ানো এখন, তিনিটাকৈ মেচিন লগতে বহুত খেলাৰ
সামগ্ৰী নষ্ট কৰি পেলাইছিল। আমাৰ মাজুলীৰ ঘৰখনৰ সন্মুখৰফালে থকা মাৰ স্কুল আৰু
পিচফালে থকা দেউতাৰ কলজেতো কেইবাবাৰো চি আৰ পি, সেনাৰ কেম্প বহুওৱা হৈছিল। সিহঁতে আমাৰ
ঘৰৰ কাষৰ গোটেই পথাৰখন মুকলি পায়খানাৰূপে ব্যৱহাৰ
কৰিবলৈ ল'লে।
ঘিণতে সেনা-চি আৰ পি বোৰ গুচি যোৱাৰ পিছতো মানুহে খেতি কৰিবলৈ এৰি দিছিল। ঠাণ্ডাৰ সময়ত ৰাতি
ৰাতি আমাৰ ভঁৰালৰপৰা ধানৰ নৰাবোৰো লৈ গৈছিল। বিশেষকৈ ছোৱালীবোৰৰ মুকলিকৈ ওলোৱা- সোমোৱা প্ৰায় বন্ধ হৈ গৈছিল।
জুয়ে পোৰা তিৰাশীৰ ভয়লগা দিনবোৰত চৈধ্যবছৰীয়া দাদা কাষৰ ডাক্তৰ এজনৰ
গেৰেজত আছিল, দেউতাই
পামৰ ঘৰলৈ গৈ আত্মগোপন কৰিছিল। সেইখিনি সময়তে তেখেতে বাঁহৰ মুঢ়া বনাবলৈ শিকিলে।
মুকলিলৈ আহিবৰ সময়ত তিনিটা ধুনীয়া মুঢ়া
বনাই ঘৰলৈ লৈ আহিছিল।
তাৰ মাজে মাজেই আমি আন্দোলনৰ সমদলবোৰলৈ গুচি
গৈছিলোঁ। কোনেও আমাক ৰখাব পৰা নাছিল। গোপনে গোপনে মিটিং হৈছিল। ভৃগু ফুকন, ভৰত নৰহৰ দৰে আন্দোলনৰ নেতাসকলক
চাইকেলেৰে ইখন গাৱঁৰপৰা সিখন গাৱঁলৈ
অনা-নিয়া কৰা হৈছিল। কোনোবাটো বাটেৰে তেওঁলোক আহিব বুলি খবৰ পালেই আমি
সেইবোৰ বাটত ৰৈ আছিলোঁগৈ, নেতাসকলক এবাৰ চোৱাৰ ইমান হেঁপাহ আছিল আমাৰ। মানুহবোৰে
কৈ ছিল-- “এইবোৰ
আমাৰ সিংহ পুৰুষ। আমি কৰিব নোৱাৰা কাম তেওঁলোকে কৰিছে। তেওঁলোকক এবাৰ দেখিবলৈ
পোৱাটো ভাগ্যৰ কথা।” তিনি চাৰিদিন মানৰ আগৰপৰাই গম পাইছিলোঁ--এই বাটেৰে আহিব বুলি। এবাৰ চাইকেলৰ ফ্ৰণ্টত বহি অহা খীণ-মীণ ভৃগু ফুকনক দেখি আচৰিত হৈছিলোঁ, এইজনে কেনেকৈ নেতৃত্ব দিছে বুলি। কেতিয়াবা
তেওঁলোকে বাট সলাবলগীয়া হৈছিল আৰু আহিব আহিব বুলি বাট চাই আমি
হতাশ হৈ উভতি আহিছিলোঁ। দল বান্ধি চি আৰ
পি অহা দেখিলেই দূৰৈতে বাটৰপৰা পথাৰলৈ
নামি বাহঁৰ চোপত লুকাই দিছিলোঁ।
আন্দোলনৰ মাজতে ডাঙৰ হৈছিলোঁ। অবাল-বৃদ্ধ-বণিতা
বাটলৈ নামি আহিছিল। কথাবোৰ নিজে বিশ্লেষণ
কৰিব পৰা বোধ এটা হৈছিল। ক্ষোভ হৈছিল। বহু প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ। খবৰ
কাগজবোৰে আচৰিত খবৰ আনিছিল। তেজৰ নৈ আৰু
দুখৰ নৈবোৰ একেলগ হৈ পৰিছিল। এদিন আনকি দেউতায়ো চকুপানী টুকিছিল। কিন্তু মানুহৰ সমদলত ভাগ লোৱাৰ আনন্দৰপৰা আমাক
কোনো হকা-বাধা, গালি-শপনিয়ে
বাধা দি ৰাখিব পৰা নাছিল। ইতমধ্যে যোৰহাটৰ
স্কুলৰপৰা মাজুলীলৈ গুচি গৈছিলোঁ।
১৯৮৫ চনত যেতিয়া দিল্লীত অসম চুক্তি স্বাক্ষৰ হোৱা বুলি খবৰ ওলাল, তেতিয়া নেতাসকল দিল্লীত থাকোঁতেই আমি
পাৰ ভঙা উচাহেৰে বাটলৈ নামি
আহিছিলোঁ। চুক্তিত কি লিখা হ'ল-- সেই বিষয়ে মানুহবোৰে বৰকৈ উৎসুকতা
নেদেখুৱালে যদিও নাচি- বাগি সমদল কৰি আমি বাটে বাটে, মথাউৰিয়ে মথাউৰিয়ে সমদল কৰি
গাবলৈ ধৰিলোঁ -- ‘‘অ' সোণ
তৰাদৈ, ছাত্ৰসন্থা
জিকিলে মৰম লগাকৈ।” সেইদিনা কিমান কিলোমিটাৰ যে খোজকাঢ়িলো! অসমে সোণৰ কণী পৰা হাঁহ এজনী
পোৱাৰ দৰে লাগিছিল। এনেকৈয়ে আন্দোলনৰ
কথাবোৰ আমাৰ চেতনাৰপৰা এক মুহূৰ্তৰ বাবেও নামি যোৱা নাছিল।
ইয়াৰ পিছৰ সময়চোৱা আছিল হতাশাৰ যুগ। কটন কলেজত স্নাতক
প্ৰথম বৰ্ষত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সতে যুক্ত হৈ মাৰ্ক্সবাদ পঢ়াৰ পছতহে জাতীয়তাবাদীসকলে দিব নোৱাৰা
বহুত প্ৰশ্নৰ উত্তৰ পাবলৈ সক্ষম হৈছিলোঁ। দ্বন্দমূলক বস্তুবাদৰ দৰ্শনেৰে
সমাজৰ ঘটনাৱলীৰ বিশ্লেষণ কৰিবলৈ শিকাৰ পিছত কথাবোৰ বিজ্ঞানসন্মতভাৱে চাবলৈ সুবিধা
হ'ল। কবলৈ
গ'লে
মাৰ্কসবাদৰ অধ্যয়নে জীৱনৰ গতি সলাই দিলে, জীৱনৰ দ্বন্দ আৰু সংঘাতবোৰ
বাস্তৱসন্মত বিশ্লেষণৰ মাজেৰে ইতিবাচকভাবে গ্ৰহণ কৰিবলৈ শিকালে।
ৰাজপথৰ কত সমদলত আমি যোগ দিলোঁ। ২০১৭ চনৰ ১ মে' আৰু ২০১৯ চনৰ ৮ ডিচেম্বৰত প্ৰস্তাৱিত
নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে
লেখক-শিল্পী সমাজো ৰাজপথৰ সংগ্ৰামলৈ নামিল।১১ ডিচেম্বৰ তাৰিখে ৰাজপথতেই
অতি গৌৰৱময় ক্ষণৰ অধিকাৰী হ'লোঁ । কোনো নেতৃত্ব নোহোৱাকৈয়ে আৰু
জীৱনক কোনোদিনেই আৰক্ষাৰ সন্মুখীন নোহোৱাকৈয়ে ৰাজপথলৈ নামি অহা গুৱাহাটীৰ ছাত্ৰসমাজক বাৰে
বাৰে আৰক্ষীৰ কন্দুৱা গেছ, লাঠিচালনাৰে চেদেলি-ভেদেলি কৰি পোলোৱাৰ পিছতো আকৌ ৰাজপথতেই গোট খাই
বুকুত হাত থৈ “অ’ মোৰ আপোনাৰ দেশ' গাই গাই আৰক্ষীক উভতি ধৰিলে অকণো সংযম নেহেৰুৱাকৈ। পূৰ্বৰ প্ৰজন্মৰ
সংগ্ৰামৰ সোঁৱৰণি আৰু সেই সোঁৱৰণিৰ উত্তৰাধিকাৰ তেজত বহন নকৰাকৈ মহানগৰীত আলসুৱাকৈ
ডাঙৰ-দীঘল হোৱা এই ছাত্ৰসমাজ ইমান সংযমী হব পাৰিলেহেঁতেন জানো!আমাৰ নতুন প্ৰজন্মই সেইদিনা
আমাৰ গৌৰৱ অনুভৱ কৰিবলৈ সুযোগ দিলে।
এতিয়া গোটেই অসমখনেই ৰাজপথত। ৰাজপথত মানুহৰ ঢল
। ৰজাঘৰ কঁপাই তোলা অগণিত মানুহৰ দুভৰিৰ
ছন্দ আজি ৰাজপথত। মাজে মাজে মনলৈ
আহে মাজুলীৰ পথে পথে, মথাউৰিয়ে মথাউৰিয়ে কাৰো হকা-বাধা নামানি শিলগুটি ওফৰাই, ধূলি উৰুৱাই, ৰজাঘৰ কঁপাই তোলা আমাৰ ৰাজপথৰ সংগ্ৰামৰ সোঁৱৰণি। হাজাৰ ভুল-ভ্ৰান্তিৰ মাজতো যি আমাৰ
প্ৰেৰণাৰ অনল উৎস।মোৰ বন্ধুৰ তালিকাত থকা
মাজুলীৰ বন্ধসকলৰ আপডেটত চকু ফুৰাওঁ, কিজানি থাকেই তেনে এটি খবৰ। মাজুলীৰ আজিৰ
প্ৰজন্মই তেজত বহন কৰি আনিছেনে এই সোঁৱৰণিৰ উত্তৰাধিকাৰ!
No comments:
Post a Comment